
মৰমেহে জীৱন সুন্দৰ(একাংকিকা নাটক)
ধৰণ: সামাজিক-শিক্ষামূলক
সময়: প্ৰায় ২০ মিনিট
পটভূমি: অৱসৰপ্ৰাপ্ত শিক্ষক এজনৰ ঘৰ
চৰিত্ৰ:
১. দীননাথ বৰুৱা — ৭০ বছৰীয়া অৱসৰপ্ৰাপ্ত শিক্ষক
২. সৰলা — তেওঁৰ পত্নী
৩. অমল — ডাঙৰ ল’ৰা, ব্যৱসায়ী
৪. বিমল — দ্বিতীয় ল’ৰা, চাকৰিয়াল
৫. কমল — তৃতীয় ল’ৰা, বাহিৰত চাকৰি কৰে
৬. নিমল — সৰু ল’ৰা, পিতৃ-মাতৃৰ ওচৰত থাকে
৭. হৰেন — দীননাথৰ পুৰণি বন্ধু/সহকৰ্মী
দৃশ্য–১
[মঞ্চত এখন সাধাৰণ ঘৰ। এফালে চকী-মেজ। মেজত কেইখনমান পুৰণি কিতাপ, চশমা আৰু বাতৰি কাকত। দীননাথ চকীত বহি বাতৰি কাকত পঢ়ি আছে। সৰলা কাষত বহি কাপোৰ ভাঁজ কৰি আছে।]
সৰলা: শুনিছানে?
দীননাথ: কি?
সৰলা–: আমাৰ চাৰিওটা ল’ৰা এতিয়া নিজৰ নিজৰ সংসাৰত ব্যস্ত। আগতে ঘৰত কিমান হাই-উৰুমি আছিল! ঘৰখনত মুখৰ আছিল। এতিয়া ঘৰখন বৰ নীৰৱ লাগে। কিবা যেন ‘নাই নাই’ ভাব এটা সদায় মনত ক্ৰিয়া কৰি থাকে।
দীননাথ:– সময় সলনি হৈছে, সৰলা। ল’ৰা-ছোৱালীবোৰ ডাঙৰ হ’লে নিজৰ সংসাৰ পাতিবই।
সৰলা:– সংসাৰ পাতক, আপত্তি নাই। কিন্তু মাজে মাজে মাক-দেউতাকৰ খবৰ ল’ব নোৱাৰেনে?
দীননাথ:– ল’ব পাৰে। নিশ্চয় ল’ব পাৰে।কামৰ হেঁচাত হয়তো ল’ব পৰা নাই।
সৰলা: আপুনি বৰ সহজে বিশ্বাস কৰা মানুহ।
দীননাথ: শিক্ষক আছিলোঁ নহয়! মানুহৰ ওপৰত বিশ্বাস নাথাকিলে শিক্ষকতা কৰিব পাৰিমনে?
[দুয়ো অলপ হাঁহে।]
সৰলা:– অৱসৰৰ পিছত বেংকৰ টকাখিনি লৈ তুমি কি ভাবিছা?
দীননাথ:– কিয়?
সৰলা:– ল’ৰাবোৰে জানেনে যে বেংকত তোমাৰ প্ৰায় বিছ লাখ টকা আছে?
দীননাথ:– জানে। কিন্তু সেই টকা সিহঁতৰ বাবে নহয়।
সৰলা:– তেন্তে?
দীননাথ:– সেই টকা আমাৰ বৃদ্ধ বয়সৰ ভৰসা। আৰু যদি আমাৰ মৰাৰ পাছত কিবা ৰৈ থাকে, তেতিয়া সেই টকা সিহঁতে পাব।
সৰলা:– কিন্তু কোনজন ল’ৰাই আমাক সঁচাকৈ ভাল পায়, সেইটো আপুনি জানানে?
দীননাথ: মোৰ ধাৰণা, মই নিশ্চয় জানো।
সৰলা: ধাৰণা আৰু জনা একে কথা নহয়।
[দীননাথ অলপ চিন্তাত পৰে।]
দীননাথ–: তুমি ঠিকেই কৈছা। মানুহৰ মন চিনাটো সহজ নহয়।
সৰলা:– তেন্তে কথাটো পৰীক্ষা কৰি চোৱা।
দীননাথ:– পৰীক্ষা?
সৰলা:– হয় পৰীক্ষ- সন্তানৰ মৰমৰ পৰীক্ষা।
[পোহৰ অলপ ম্লান।]
দৃশ্য–২
(পাছদিনা দীননাথ বাৰান্দাত বহি থাকে। তেওঁৰপুৰণি বন্ধু হৰেনৰ প্ৰৱেশ)
হৰেন:– দীননাথ, কেনে আছা?
দীননাথ:– আহা হৰেন! বহা।
হৰেন:– শুনিছোঁ, তোমাৰ ল’ৰাবোৰে বোলে ভালেই কৰিছে।
দীননাথ:– বাহিৰৰ পৰা সকলো ভালেই দেখা যায়।ভিতৰত সোমালেহে আচল কথা গম পাই।
হৰেন:– ভিতৰৰ খবৰ, মানে?
দীননাথ:– সেইটোহে জানিবলৈ চেষ্টা কৰিছোঁ।
হৰেন:– কিবা সমস্যা?
দীননাথ:– এটা পৰীক্ষা লোৱাৰ কথা ভাবিছোঁ।
হৰেন:– পৰীক্ষা ? কাৰ, ল’ৰাবোৰৰ?
দীননাথ:– এৰা, ল’ৰাবোৰৰ।
হৰেন:– কি পৰীক্ষা?
দীননাথ:– বেংকৰ বিছ লাখ টকাৰ পৰীক্ষা।
হৰেন: (হাঁহি) টকাৰে ল’ৰাবোৰৰ মন পৰীক্ষা কৰিব খুজিছা নেকি?
দীননাথ: এৰা, কেতিয়াবা টকাই মানুহৰ প্ৰকৃত ৰূপটো বাহিৰলৈ উলিয়াই আনে।
হৰেন:– কিন্তু সাৱধান। পৰীক্ষাৰ ফল তোমাৰ মনৰ আশা অনুসৰি নহ’বও পাৰে।
দীননাথ:– সেইটো জানো। কিন্তু মই সত্যটো জানিব বিচাৰোঁ।
হৰেন:– তেন্তে মই তোমাৰ লগত আছোঁ।
দৃশ্য–৩
[দীননাথে ফোন কৰে। প্ৰথমে ডাঙৰ ল’ৰা অমল আহে।]
অমল:– দেউতা, মোক মাতিছিলা?
দীননাথ:– এৰা মাতিছোঁ। অমল, বহ। তোমাক এটা কথা ক’বলৈ আছে।
অমল:– কওঁক।কি ক’ব খুজিছে?
দীননাথ:– মোৰ বেংকত থকা বিছ লাখ টকাৰ কথা জানাই নহয় তুমি?
অমল–: হয়, জানো।
দীননাথ: ভাবিছোঁ টকাখিনি তোমালোকৰ মাজত ভাগ কৰি দিওঁ।
অমল: (উৎসাহিত)সঁচা?
দীননাথ:– এৰা সঁচা।
অমল:– তেন্তে… মোৰ ভাগটো অলপ বেছি হ’লে ভাল হয় দেউতা। ব্যৱসায়ত অলপ সমস্যাত আছোঁ।
দীননাথ:– কিমান লাগে তোমাক?
অমল:– যদি… আঠ লাখমান পোৱা যায়!
দীননাথ:– আঠ লাখ?
অমল:– হয় দেউতা, টকাকেইটা পালে মই ব্যৱসায়টো ডাঙৰ কৰিম। তেতিয়া আপোনালোকৰ নামো উজ্জ্বল কৰিব পাৰিম।
দীননাথ:– (শান্তভাৱে) ঠিক আছে। তুমি এতিয়া যাব পাৰা।
[অমল ওলাই যায়। দীননাথ কিছু সময় নিৰৱে থাকে। পাছত বিমল প্ৰৱেশ কৰে।]
বিমল:– দেউতা, মাতিছিলা?
দীননাথ:– বহা।
বিমল–: কিবা অসুবিধা হৈছে নেকি, দেউতা?
দীননাথ:– নাই। কোনো অসুবিধা পোৱা নাই। বেংকৰ বিছ লাখ টকাৰ কথা ভাবিছোঁ। টকাকেইটা তোমালোকৰ মাজত ভাগ কৰি দিয়াৰ সিদ্ধান্ত লৈছোঁ।
বিমল:– ভাল কথা। মোৰ অলপ ঋণ আছে। যদি ছয় লাখ পাওঁ, ঋণটো পৰিশোধ কৰিব পাৰিম।
দীননাথ:– কিন্তু আমাক কিমান দিম বুলি ভাবিছা ?
বিমল:– সেইটো…মানে আপুনি আৰু মা তো পেঞ্চন পাইয়ে আছে। পেঞ্চনৰ টকাৰেই চলি যাব আপানালোকৰ।
দীননাথ: ঠিক আছে। তুমি যোৱা।
[বিমল ওলাই যায়আৰু কমল প্ৰৱেশ কৰে।]
কমল:– দেউতা, মোক মাতিছিলা?
দীননাথ:– এৰা। বহা।
কমল: কিবা ক’বা?
দীননাথ:–এৰা, বেংকৰ বিছ লাখ টকা তোমালোকৰ মাজত ভাগ কৰি দিয়াৰ কথা ভাবিছোঁ।
কমল:– এতিয়াই কিয়?
দীননাথ:– মোৰ বয়স হৈছে। মই নো এতিয়া ইমান সোপা টকাৰে কি কৰিম? টকাখিনি তোমালোকৰ কামত আহিব।
কমল:– মোৰ এতিয়া বিশেষ প্ৰয়োজন নাই দেউতা। আপোনাৰ আৰু মাৰ প্ৰয়োজন হ’লে ৰাখক।
দীননাথ:– তুমি কিমান ল’বা?
কমল:– যিমান আপুনি মৰমেৰে দিয়ে, সিমানেই।
দীননাথ:– যদি একো নিদিওঁ?
কমল:– তাতো মোৰ আপত্তি নাই।
দীননাথ:– তাৰ মানে তুমি টকা নল’বা?
কমল:– দেউতা, আপুনি টকা খৰচ কৰি মোক ডাঙৰ কৰা নাছিল জানো। আপোনাৰ কষ্ট আৰু শিক্ষাৰে মোক ডাঙৰ কৰিছিল। এতিয়া মই আপোনাৰ পৰা টকা লৈ আপোনাৰ মৰমৰ মূল্য নিৰ্ধাৰণ কৰিব নোৱাৰোঁ।
[দীননাথৰ চকু সেমেকি উঠে।]
দীননাথ: তুমি যাব পাৰা।
কমল: দেউতা, আপুনি ভালকৈ থাকিব। মাৰ যত্ন ল’বলৈ নাপাহৰিব।
[কমল ওলাই যায় আৰু সৰু ল’ৰা নিমল সোমাই আহে।]
নিমল:– দেউতা, মোক মাতিছিলা?
দীননাথ:– এৰা। বহা।
নিমল:– কি হ’ল, দেউতা?
দীননাথ:– বেংকত মোৰ বিছ লাখ টকা আছে। ভাবিছোঁ, টকাখিনি তোমালোকৰ মাজত ভাগ কৰি দিওঁ।
নিমল:– এতিয়াই কিয়, দেউতা?
দীননাথ: মই বুঢ়া হৈছোঁ।
নিমল:– আপুনি বুঢ়া হৈছে বাবেই টকা ভাগ কৰিব নেকি?
দীননাথ:– এৰা, বুঢ়া হৈছোঁ বাবেই ভাগ কৰাৰ কথা ভাবিছোঁ। কেতিয়া সিপাৰৰ চমন আহে, ঠিক নাই। সেয়ে মই জীয়াই থাকোঁতে টকাকেইটা ভগাই দিয়াৰ কথা ভাবিছোঁ।
নিমল:– দেউতা, মোৰ কিবা প্ৰয়োজন হ’লে মই কাম কৰি উপাৰ্জন কৰিম। কিন্তু আপোনাক আৰু মাক এৰি মই টকা লৈ সুখী হ’ব নোৱাৰিম।
দীননাথ:– যদি মই কওঁ, তোমাক পাঁচ লাখ দিম?
নিমল:– নলওঁ।
দীননাথ:– দশ লাখ?
নিমল:– দশ লাখো নলওঁ।
দীননাথ:– কিয় নুলোৱা?
নিমল:-কাৰণ আপোনাৰ জীৱনৰ সঞ্চয় আপোনাৰ। মই আপোনাৰ ল’ৰা। আপোনাৰ সম্পত্তিৰ উত্তৰাধিকাৰী হোৱাৰ আগতে মই আপোনালোকৰ দায়িত্ব লোৱাৰ অধিকাৰী হ’ব বিচাৰোঁ।
[দীননাথে নিমলক বুকুত সাৱটি ধৰে।]
দীননাথ: নিমল!
নিমল: দেউতা!
[দুয়ো কিছু সময় নিৰৱে থাকে।]
(আঁৰ কাপোৰ পৰে)
দৃশ্য–৪
[চাৰিওজন ল‘ৰা আৰু সৰলা মঞ্চত উপস্থিত। দীননাথৰ মুখ গম্ভীৰ।]
অমল:– দেউতা, আপুনি সকলোকে কিয় মাতিছে?
বিমল:– কিবা ডাঙৰ কথা নেকি, দেউতা?
কমল:– দেউতা, আপোনাৰ মুখখন বৰ গম্ভীৰ দেখিছোঁ আজি।
নিমল:– কি হৈছে, দেউতা?
দীননাথ:– আজি তোমালোকক এষাৰ কথা ক’ম। মই বেংকৰ টকা তোমালোকৰ মাজত ভাগ কৰি দিয়াৰ কথা কৈছিলোঁ।
অমল:-হয়, কৈছিল।
দীননাথ:– কিন্তু মই সঁচাকৈ টকাকেইটা ভাগ কৰিব খোজা নাছিলোঁ।
অমল:– (আচৰিত) তেন্তে?
দীননাথ:– সেইটো আছিল এটা পৰীক্ষা।
[সকলোৱে আচৰিত।]
বিমল:– পৰীক্ষা? কি পৰীক্ষা?
দীননাথ:– হয়। মই জানিব বিচাৰিছিলোঁ—মোৰ সন্তানসকলৰ বাবে মই কিমান মূল্যৱান, আৰু মোৰ টকাৰ মূল্য কিমান।
অমল– দেউতা…
দীননাথ:– অমল, তুমি আঠ লাখ বিচাৰিলা। আৰু বিমল, তুমি বিছাৰিছিলা ছয় লাখ। কমল, তুমি ক’লা—“মোৰ প্ৰয়োজন নাই।“ আৰু নিমল… তুমি ক’লা—“আপোনালোকেই মোৰ সম্পদ।”
[সকলোৰে মুখত লাজভাৱ।]
অমল:-দেউতা, মোক ক্ষমা কৰা।
বিমল:– মইও ভুল কৰিছিলোঁ।
দীননাথ:– মই তোমালোকক অপমান কৰিবলৈ এই পৰীক্ষা লোৱা নাছিলোঁ।মই কেৱল এটা কথা বুজাব বিচাৰিছিলোঁ—সম্পত্তি ভাগ কৰাটো সহজ, কিন্তু পিতৃ-মাতৃৰ মৰম ভাগ কৰাটো সহজ নহয়।পিতৃ-মাতৃৰ মৰমৰ মূল্য টকাৰে জুখিব নোৱাৰি।
সৰলা:– সন্তানক ডাঙৰ কৰিবলৈ মাক-দেউতাকে কেতিয়াও হিচাপ কৰা নাছিল—কিমান টকা খৰচ হ’ল। কিন্তু সন্তান ডাঙৰ হোৱাৰ পাছত মাক-দেউতাকৰ যত্নৰ হিচাপ কৰিবলগীয়া হোৱাটো বৰ দুখৰ কথা।
অমল:– মা, আমি ভুল কৰিছোঁ।
বিমল:– দেউতা, আপোনাৰ টকা আমাক নালাগে।
কমল:– আমি চাৰিওজনে মিলি আপোনালোকৰ যত্ন ল’ম।
দীননাথ:– কথাৰে নহয়, কামেৰে প্ৰমাণ কৰিব লাগিব এই কথা।
নিমল: নিশ্চয় দেউতা।
দৃশ্য–৫
শেষ দৃশ্য
[হৰেনৰ প্ৰৱেশ।]
হৰেন:– কি হ’ল দীননাথ? পৰীক্ষাৰ ফল কেনে হ’ল?
দীননাথ:– ফল ভালেই হ’ল হৰেন। কিছু ল’ৰাই টকাৰ মূল্য বুজিলে, আৰু কিছু ল’ৰাই পিতৃ-মাতৃৰ মূল্য বুজিলে।
হৰেন:– তেন্তে বিছ লাখ টকাৰ কি হ’ব?
দীননাথ:– (হাঁহি) সেই টকা এতিয়া বেংকতে থাকিব।
হৰেন:– কিয়?
দীননাথ:– কাৰণ বৃদ্ধ পিতৃ-মাতৃৰ বাবে সন্তানৰ টকা নহয়, সন্তানৰ সময়, মৰম আৰু যত্নহে আটাইতকৈ ডাঙৰ সম্পদ।
অমল:– দেউতা, আজিৰ পৰা আমি টকাৰ পাছত নহয়, আপোনালোকৰ পাছত থাকিম।
বিমল:– এতিয়া আপোনালোকক সুখী কৰি ৰখাটোৱে হ’ব আমাৰ প্ৰধান দায়িত্ব।
কমল:– আপোনালোকৰ আশীৰ্বাদেই আমাৰ আটাইতকৈ ডাঙৰ সম্পদ।
নিমল:– আৰু বিছ লাখ টকা?
দীননাথ:– (হাঁহি) সেইটো থাকক “বিছ লাখৰ পৰীক্ষাৰ স্মৃতি” হৈ!
সকলোৱে হাঁহে।
সৰলা:-টকাই মানুহৰ জীৱন স্বচ্ছন্দ কৰিব পাৰে, কিন্তু মৰমেহে জীৱনটো সুন্দৰ কৰি তোলে।
দীননাথ:– মনত ৰাখিবা—“সম্পত্তি সন্তানক দিব পাৰি, কিন্তু পিতৃ-মাতৃৰ প্ৰতি থকা দায়িত্ব কোনো সম্পত্তিৰে কিনিব নোৱাৰি।”
[সকলোৱে একেলগে দীননাথ আৰু সৰলাৰ ভৰি চুই আশীৰ্বাদ লয়। পটভূমিত মৃদু সংগীত। আলো ধীৰে ধীৰে ম্লান হয়।]
—সমাপ্ত—
