
সম্পাদনা সমিতি
উপদেষ্টা- আবুল হুছেইন, সভাপতি,
প্রগতিশীল সাহিত্য পৰিষদ, অসম
সভাপতি-নুৰুল ইছলাম তালুকদাৰ
সম্পাদক-নূৰ হুছেইন
সহঃ সম্পাদক- ওমৰ ফাৰুক কিৱৰিয়া
পদেন সদস্য- নুৰুল হক, সম্পাদক,
প্ৰগতিশীল সাহিত্য পৰিষদ, অসম
আইনী উপদেষ্টাঃ জামাল উদ্দিন আহমেদ,
প্রগতিশীল সাহিত্য পৰিষদ, অসম
সদস্যঃ এ, এ, হাচিমী ৰূফছান জানী,
প্রগতিশীল সাহিত্য পৰিষদ, অসম
বাট চ’ৰাত দু-আষাৰ
প্রগতিশীল সাহিত্য পৰিষদ, অসমৰ জন্ম সৌসিদিনা ২০১৭ বৰ্ষৰ ২ জুলাইত বৰপেটাৰ যতিগাঁৱত। অসমীয়া ভাষাক বিভিন্ন ভাষাৰ সংস্পৰ্শলৈ আনি ইয়াক সমৃদ্ধ কৰি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লগতে সাহিত্যক সমাজ পৰিৱৰ্ত্তনৰ আহিলা হিচাপে প্ৰতিষ্ঠা কৰি সমাজ পৰিৱৰ্ত্তনত সাহিত্যৰ ভূমিকা সুনিশ্চিত তথা ন-পুৰণি প্ৰগতিশীল লেখক-লেখিকাৰ সমাৱেশ ঘটোৱাই সুস্থ, ৰুচিশীল আৰু মননশীল সাহিত্য সৃষ্টি কৰাই হ’ল প্রগতিশীল সাহিত্য পৰিষদ, অসমৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য।
আমাৰ দেশৰ ৰাজ্যসমূহত ভাষা আৰু ধৰ্মৰ ভিন্নতা থাকিলেও আমি অনৈক্যৰ মাজত ঐক্যৰ সেতু গঢ়াৰ কাৰণে অহৰহ প্ৰয়াস কৰি আছো ৷ এই প্ৰয়াসৰ অন্যতম আহিলা হৈছে সাহিত্য-কলা-সংস্কৃতি । সমাজতান্ত্রিক চিন্তা ধাৰাও শ্রমিক, কৃষক আৰু সৰ্বসাধাৰণ শ্ৰমজীৱী মানুহৰ মাজত ক্ৰমে আগবাঢ়ি গৈ আছে। সাহিত্যত তাৰ প্ৰতিফলন ঘটোৱাও প্ৰগতিশীল সাহিত্য পৰিষদ, অসমৰ অন্যতম লক্ষ্য।
ন-পুৰণি লেখক-লেখিকাসকলক সাহিত্য সৃষ্টিৰ প্ৰতি উদ্বুদ্ধ কৰিবলৈ প্ৰগতিশীল সাহিত্য পৰিষদৰ তৰফৰ পৰা ইতিমধ্যে প্ৰয়াস, প্ৰগতি নামকৰণেৰে দুখন কবিতা পুথি আৰু আমাৰ সমাজত শিক্ষা বিস্তাৰৰ কাৰণে অহোপুৰুষাৰ্থ কৰা নমস্য ব্যক্তিসকলৰ জীৱনী গ্ৰন্থ ‘পূৰ্বসূৰী’ প্ৰকাশ কৰা হৈছে। এই বেলি আমাৰ নতুন চাম লেখক-লেখিকাক গল্প লেখাৰ প্ৰতি উদ্বুদ্ধ কৰিবলৈ গল্প সংকলন ‘প্রত্যুষ’প্ৰকাশৰ বাবে সিদ্ধান্ত লোৱা হৈছে। সংকলনটোত দুই চাৰিজন প্রতিষ্ঠিত লেখক-লেখিকাৰ গল্প প্ৰকাশ কৰা হৈছে যদিও নতুন লেখকৰ গল্পৰ প্ৰতি বিশেষভাবে গুৰুত্ব দিয়া হৈছে। এই ক্ষেত্ৰত আমি কিমানদূৰ সফল হৈছো সেই বিচাৰৰ ভাৰ সাহিত্যপ্ৰেমীৰ ওপৰত ন্যস্ত কৰিলোঁ। সদৌ শেষত চালুকীয়া অনুষ্ঠান হিচাপে সকলো দোষ-ত্রুটি মার্জনা কৰি আমাক উৎসাহিত কৰিবলৈ আটায়েৰে প্ৰতি বিনম্ৰ অনুৰোধ থাকিল ।◆
আবুল হুছেইন সভাপতি,
প্রগতিশীল সাহিত্য পৰিষদ, অসম।
সম্পাদকীয়
প্রগতিশীল সাহিত্য পৰিষদ, অসমৰ এটি প্রধান উদ্দেশ্য হৈছে নতুন লেখক সৃষ্টিত অৰিহণা যোগোৱাৰ লগতে পাঠকৰ সংখ্যা বৃদ্ধি কৰি সমাজ পৰিৱৰ্তনত তেওঁলোকৰ ভূমিকা নিশ্চিত কৰা। এনে উদ্দেশ্য আগত ৰাখিয়েই পৰিষদে জন্মলগ্নৰে পৰাই বিভিন্ন ধৰণৰ গ্ৰন্থ প্ৰকাশ কৰি আহিছে। এইবাৰো সৃষ্টিশীল নতুন লেখকসকলক উৎসাহিত কৰাৰ বাবে ‘প্রত্যুষ’ নামেৰে এটি গল্প সংকলন প্রকাশ কৰিবলৈ পৰিষদে সিদ্ধান্ত গ্ৰহণ কৰিছে। মন কৰিব লগীয়া যে, ‘প্রত্যুষ’ৰ পাতত যিসকলে গল্প লিখিছে, তাৰ বেছিভাগেই নতুন লেখক অথবা তেওঁৰ জীৱনত ৰচিত প্ৰথমটো গল্প। গল্পৰ যোগেদি সমাজ এখনৰ প্ৰতিচ্ছবি সুন্দৰকৈ প্ৰতিফলিত হয় ৷ প্রত্যুষৰ পাতত লিখা গল্পবোৰো তাৰ ব্যতিক্ৰম নহয়। ইয়াৰ জৰিয়তে সমাজৰ অসাধু লোকৰ কৰ্ম-কাণ্ডৰ লগতে লাঞ্ছিত, বঞ্চিত তথা দুখীয়া শ্ৰেণীৰ সংগ্ৰাম, হাড়ভঙা পৰিশ্ৰম আৰু মনোবেদনা প্রকাশ পাইছে।
এইখিনিতে উল্লেখ্য যে, প্রত্যুষৰ কাম-কাজৰ দায়িত্ব সুচাৰুৰূপে চলাই নিয়াত মোৰ লগত ছাঁৰ দৰে লাগি থাকি সহায়-সহযোগিতা আগবঢ়োৱা সম্পাদনা সমিতিলৈ হিয়াভৰা শলাগ যাচিলো। ইয়াৰোপৰি, প্রগতিশীল সাহিত্য পৰিষদ, অসমৰ সভাপতি, সম্পাদক তথা উপদেষ্টা মণ্ডলীকে আদি কৰি সমূহ বিষয়- ববীয়ালৈ কৃতজ্ঞতা জ্ঞাপন কৰিলো । তদুপৰি যিসকল লেখক-লেখিকাই সময়মতে গল্পবোৰ পঠিয়াই প্রত্যুষ খনক সু-সমৃদ্ধ কৰি তুলিলে তেওঁলোক সকলোলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিলো । লগতে অক্ষৰ বিন্যাসত সহায় কৰা আবু আয়ুব মহাশয়লৈ ধন্যবাদ জ্ঞাপন কৰিলো ৷
প্রত্যুষখন খৰখেদাকৈ প্ৰকাশ কৰিব লগা হোৱাত অনিশ্চাকৃত ভুল-এটি ৰৈ যোৱাটো স্বাভাৱিক, পাঠক সমাজে সেইবোৰ আঙুলিয়াই দিলে কৃতাৰ্থ হ’ম।◆
নূৰ হুছেইন,
সম্পাদক, ‘প্রত্যুষ’ সম্পাদনা সমিতি
সূচীপত্র
তিল্লুকী পেহী-
দুৰ্ভগীয়া ল’ৰাজন-
এগৰাকী পথিক-
বিহু সন্মিলন –
প্রতীক্ষা-
এলাহি ভৰসা-
চিলনীৰ জীয়েকৰ সাধু
গল্পৰ দৰে-
মৰীচিকা
তালাক-
অপৰাধী-
টকাক নমস্কাৰ-
আইৰ পূজাৰ বেদীত-
অস্তমিত সূৰুযৰ আভা-
তিল্লুকী বাই
আবুল হুছেইন, যতিগাঁও
আৱৰ্ত ভৱনৰ সন্মুখত লোকে লোকাৰণ্য। বিৰ দি বাট নোপোৱা অৱস্থা। লোকাৰণ্য নহ’বই বা কিয়? এজন নহয়, দুজন নহয় চৰকাৰৰ চাৰি বছৰীয়া বর্ষপূর্তি উপলক্ষ্যে অনুষ্ঠিত অনুষ্ঠানত যোগদানৰ বাবে আজি পাঁচজনকৈ মন্ত্ৰী বিধায়কৰ শুভাগমন হৈছে আৱৰ্ত ভৱনত। দূৰৰ গংগা ওচৰতে পাই মানুহবিলাকে নানান জনে নানানটা আৰ্জি লৈ আহিছে মন্ত্ৰী বিধায়কসকলৰ ওচৰত। কোনোবাই আহিছে ৰাস্তাৰ বাবে, কোনোবাই আহিছে চৰকাৰী বিষয়া, ঠিকাদাৰৰ বিৰুদ্ধে অভিযোগ দিয়াৰ বাবে। অমুক ৰাস্তাত এচপৰা মাটি নেপেলোৱাকৈয়ে চৰকাৰী বিষয়াক মেনেজ কৰি ঠিকাদাৰে টকা মোকলাই নিছে, প্রধান মন্ত্ৰী আৱাস যোজনাৰ ঘৰ নাপাব লগা জনে পাইছে। এনেকুৱা নানানটা অভিযোগ। দুই চাৰিজনে আহিছে চাকৰি বিচাৰি।বহুতে আকৌ কৌতূহলবশতঃ শেন মেলি ৰং চোৱাৰ উদ্দেশ্যে আহি ভিৰ কৰিছে আৰু মানুহবিলাকৰ ব্যস্ততা দেখি মনে মনে হাঁহিছে।
সেই ভিৰৰ মাজত মকিবো আছিল। সি চাকৰি প্রত্যাশী। সি বি, এ পাছ কৰিবৰ পোন্ধৰ বছৰ হ’ল। চাকৰিৰ বয়স পাৰ হওঁ হওঁ অৱস্থা। যোৱাটো নিৰ্বাচনত সি বিধায়ক মহোদয়ৰ হৈ খুউব খাটিছে। বিধায়ক মহোদয়ে তাক চাকৰি এটা দিব বুলি কথাও দিছিল; কিন্তু চাৰি বছৰ পাৰ হোৱাৰ পাছতো তাৰ চাকৰি হোৱা নাই। সেয়ে সি এইবাৰ শেষ চেষ্টা কৰি চোৱাৰ কাৰণে আহিছে।
ভিৰ বেছি হৈ অহাৰ লগে লগে ঠেলা-হেঁচা বাঢ়িল। আৰক্ষী, চি আৰ পি এফৰ জোৱানকেইজন সক্ৰিয় হৈ উঠিল। এটা সময়ত ঠেলা-হেঁচা চৰম পৰ্যায় পালেহি। ফলত চি আৰ পি এফৰ দুজনমান জোৱান লাঠি দাঙি আগবাঢ়ি আহিল। লাঠিৰ কোবৰ পৰা ৰক্ষা পোৱাৰ কাৰণে মানুহবিলাকে যিয়ে যেনেকৈ পাৰে পিছহোঁহকি যাবলৈ ধৰিলে। ভিৰৰ মাজৰপৰা হঠাৎ এজনী তিৰোতা মানুহৰ আৰ্ত চিঞৰ শুনা গ’ল- আই ঐ, মৰিলো ঐ !
চি আৰ পি এফ জোৱানৰ খেদা খাই মকিবো পিছুৱাই গৈ আছিল। চিঞৰটো আহিছিল তাৰ পিছফালৰ পৰা। কৌতূহলবশতঃ সি পিছফালে ঘুৰি চাই দেখিলে, তাৰ ঠিক পিছফালে এগৰাকী বৃদ্ধা মাটিত লেপেটা কাঢ়ি বহি আছে আৰু এজন মানুহে তাইৰ এটা ভৰিত গচকি থিয় দি আছে। মানুহজনৰ ভৰিত জোতা। হয়তো মানুহজনে পিছুৱাবলৈ গৈ নেদেখাকৈ তেনেকৈ বৃদ্ধাগৰাকীৰ ভৰিত গচক মাৰিছে। মানুহজনক ভালদৰে ঠাৱৰ কৰাৰ আগতেই মানুহজন ভিৰৰ চাপত আঁতৰি গ’ল। অর্থাৎ ভিৰে তাক ঠেলি লৈ গ’ল।
মকিবে হাওলি বৃদ্ধাগৰাকীক মাটিৰপৰা টানি তুলিলে। বৃদ্ধাৰ হাতত লাখুঁটি। অলৰ-অথৰ্ব। মকিবে তাইৰ হাতত ধৰি ভিৰ ঠেলি এডোখৰ মুকলি ঠাইলৈ লৈ আহিল।
দুখ পাইছা নেকি, আইতা? বয়সলৈ চাই মকিবে বৃদ্ধাগৰাকীক আইতা বুলি সম্বোধন কৰিলে।
অ’ বোপা, বৰ দুখ পাইছো। উঃ.. উঃ! বৃদ্ধাগৰাকীয়ে সোঁ-ভৰিৰ এডোখৰ ঠাইত হাত বুলাই ক’লে- ইয়াতে গচকটো মাৰিছিল।
কিছু নিলগৰপৰা মানুহ এজনে মন্তব্য কৰা শুনা গ’ল- ভালেই হৈছে! এই বয়সত কি প্ৰয়োজনত ইয়ালৈ মৰিবলৈ আহিছে! এটা ভৰি দেখোন গাঁতত সোমাই আছে।
আহিছে কিবা কাৰণত। আন এজনে মন্তব্য কৰিলে- কোনো দালালে নিৰ্বাচনৰ সময়ত কিবা দিয়াৰ আশ্বাস দিছিল হয়তো! আইতা তোমাৰ ঘৰ ক’ত? মকিবে সুধিলে।
বহু দূৰত। চৰত। মটৰেৰে গৈ ভুটভূটিত যাব লাগে। বৃদ্ধাগৰাকীয়ে ক’লে- এমেলেক লগ ধৰাৰ কাৰণে বহুদিনৰ পৰা বাট চাই আছোঁ। ভোটৰ সময়ত এমেলেই নিজে কথা দিছিল, ভোটত জিকিলে সি মোৰ লগত দেখা কৰিবলৈ যাব বুলি । কিন্তু এই চাৰি বছৰতো নগ’ল। আমাৰ গাঁৱৰ বৰকতে ক’লে, আজি মই ভোট দিয়া এমেলেজন হেনো ইয়ালৈ আহিব। গতিকে দেখা কৰি কথাটো মনত পেলাই দিবলৈ আহিছো।
কিবা দিয়াৰ আশ্বাস দিছিল নেকি, আইতা?
মোক ঘৰ এটা দিব বুলি কৈছিল।
ঘৰ! কিহৰ ঘৰ?
সেই যে কিবা ঘৰ দুখীয়াক দিয়ে !
ইন্দিৰা আৱাস যোজনাৰ কথা কৈছে বুলি মকিবে বুজিব পাৰিলে৷
বিধায়কে ঘৰ দিব বুলি নিজেই কৈছিল নেকি, আইতা? মকিবে সুধিলে।
হয়, নিজেইতো কৈছিল। সি ভোটৰ সময়ত আমাৰ গাঁৱলৈ গৈছিল। মই মোৰ ঘৰৰ সন্মুখত ৰাস্তাৰ দাঁতিত বহি আছিলো। এজাক মানুহ আহি মোৰ সন্মুখত ৰৈ গ’ল। সেই মানুহজাকৰ মাজৰপৰা এজন মানুহ মোৰ ওচৰলৈ আহি ভৰিত ধৰি সেৱা জনাই ক’লে- আইতা, আশীর্বাদ কৰিবা। মই ভোটত উঠিছোঁ। মোৰ প্ৰতীক চিহ্ন নাঙল।
আমাৰ গাঁৱৰ বৰকতো আছিল সিহঁতৰ লগত। বৰকতে ক’লে- বৰ দুখীয়া, ছাৰ। বহু আছিল যদিও বর্তমান একো নাই। ব্ৰহ্মপুত্ৰৰ খহনীয়াত সর্বস্বান্ত হৈছে। সৌযে বাঁহজোপাৰ তলত জুপুৰীটো দেখিছে, সৌটোৱে আইতাৰ ঘৰ। আগতে ভিক্ষা মাগি খাইছিল; কিন্তু এতিয়া ভিক্ষা মাগিবলৈও যাব নোৱাৰে। পাৰে যদি এওঁক ইন্দিৰা আৱাস যোজনাৰ ঘৰ এটা দিব, ছাৰ।
ভোটপ্ৰাৰ্থী আহমেদ ছাৰে বাঁহজোপাৰ ফালে চাই পঠিয়ালে। বাঁহজোপাৰ তলতে হাঁহৰ গঁৰালৰ দৰে খেৰৰ জুপুৰী। ছাউনী, বেৰ নাই। কঁহুৱাৰ মুঠা থিয় কৰাই বেৰৰ কাম চলাইছে।
বৃদ্ধগৰাকীৰ দৈন্যতা দেখি ভোটপ্রার্থী আহমেদ ছাৰে আশ্বাস দিলে- বাৰু আইতা! মোৰ ছবি নাঙলত ভোট দিবা। ভোটত জিকিলে মই নিজে আহি তোমাৰ ঘৰৰ ব্যৱস্থা কৰি দি যামহি।
ভোটপ্রার্থী আহমেদ ছাৰৰ আশ্বাসত সিদিনা তিল্লুকী বাইৰ গা সাতখন আঠখন হৈ নাচি উঠিছিল। কিন্তু ভোটদানৰ চাৰি বছৰ পাছতো ঘৰটো নোহোৱাত তাই আজি নিজেই আহিছে শেষ চেষ্টা কৰি চোৱাৰ কাৰণে।
বৃদ্ধাৰ জীৱন-কাহিনী বৰ কৰুণ !
বৃদ্ধাৰ প্ৰকৃত নাম কোনেও নাজানে। তাইৰ সোঁগালত এটা ডাঙৰ তিল চিহ্ন আছে। সেয়ে তাইক আটায়ে তিল্লুকী বাই বুলি মাতে।
এটা সময়ত তিল্লুকী বাইৰ সমাদৰো আছিল গাঁওখনত। জীয়াৰী-বোৱাৰীৰ টানে-আপদে সকলোৰে আগত গৈ থিয় দিছিল তাই। মানুহৰ সুখ-দুখৰ বুজ লৈ ইঘৰ সিঘৰ কৰি ঘূৰি ফুৰিছিল। জীয়াৰী-বোৱাৰীৰ হাতৰ কাম কাঢ়ি নি কৰিছিল। কোনোবাই হয়তো চাউল কাঁৰী আছে- তিল্লুকী বাই তাত উপস্থিত হৈ কৈছিল- দিয়াচোন বোৱাৰী, মই কাঁৰী দিছো। তুমি পোনাকণক পিয়াহ খোৱাই শাঁত কৰাগৈ। কোনোবাই জ্বৰ হৈ বিছনাত পৰি ছট্ফটাই আছে-তিল্লুকী বায়ে গাঁও চলাথ কৰি হ’লেও ডাব এটা বিচাৰি আনি ৰোগীক খুওৱাৰ ব্যৱস্থা কৰিব। মূৰত জলপটী দিব। তিৰোতা মানুহৰ অসুখ-বিসুখত সকলোৰে আগত গৈ থিয় দিছিল তিল্লুকী বায়ে। তিল্লুকী বায়ে হাত দাঙি দিয়াৰ আগতে কোনেও বেজ-কবিৰাজৰ ওচৰলৈ যোৱাৰ কথা ভবা নাছিল। এইদৰে নানানটা বিষয়ত তিল্লুকী বায়ে উপযাচিয়ে সহায়-সাৰথি কৰিছিল গাঁৱৰ জীয়ৰী-বোৱাৰীক।
তিল্লুকী বাইৰ সংসাৰখন নদন-বদন নহ’লেও এটা সময়ত চলিব পৰা বিধৰ আছিল। গিৰিয়েক কছিমুদ্দিন এজন দক্ষ খেতিয়ক আছিল। মাটিও আছিল সাত-আঠ বিঘামান। কছিমুদ্দিনে নিজে হাল-কোৰ মাৰি মাটি চহাইছিল। তিল্লুকী বায়ে উক্ত কামত তাক পামোনে সহায় সহযোগিতা কৰিছিল। ফলত যি পৰিমাণৰ শস্য ভড়াল লৈ আহিছিল, তাৰে দুটা প্ৰাণী ভালদৰেই খাই-বৈ জীয়াই আছিল।
তিল্লুকী দম্পতী নিঃসন্তান আছিল। বিয়াৰ ত্ৰিছ বছৰ পাৰ হোৱাৰ পাছতো সিহঁতৰ সন্তানৰ মুখ দেখাৰ সৌভাগ্য নহ’ল। চিকিৎসাপাতিও কৰাইছিল। পানী কটা, জৰা-ফুকা, মাদুলি, ঔষধ-পথ্য যিয়ে যি কৈছিল তাকেই কৰিছিল। কিন্তু চিকিৎসাই ফল নিদিলে। অর্থাৎ বিধাতাই মুখ তুলি নাচালে। তিল্লুকী বাইৰ মাতৃ হোৱাৰ সপোন পূৰ্ণ নহ’ল। কিন্তু এটা লাভ হ’ল। নিজৰ চিকিৎসা কৰোৱাবলৈ গৈ এটা সময়ত তাই নিজেই ভাল চিকিৎসক হৈ উঠিল। বহুতো নিঃসন্তান দম্পত্তিয়ে তাইৰ ঔষধ-পথ্য খাই সন্তান লাভ কৰিলে; কিন্তু তাই নিঃসন্তান হৈয়ে থাকিল।
এদিন তিল্লুকী বায়ে গিৰিয়েক কছিমুদ্দিনক ক’লে- আমাৰতো আৰু সন্তান লাভৰ আশা নাই। বৃদ্ধ বয়সত আমাক চোৱা- চিতা কৰাৰ লগতে মৰিলে কবৰত মাটি এচপৰা দিয়াৰ কাৰণে মানুহ এজনৰ খুবেই প্রয়োজন। গতিকে তোলনীয়া সন্তানৰ ব্যৱস্থা কৰিলে কেনে হয়?
কছিমুদ্দিন এজন সৰল-সহজ মানুহ। তিল্লুকী বাইৰ কথাৰ ওপৰত কোনো দিনে মাত নামাতে। লগতে সন্তান নোহোৱাৰ কাৰণে সি তিল্লুকী বাইক দোষী নাভাবে। সি নিজকে দোষী বুলি ভাবে। তাৰ ধাৰণা, তাৰ অক্ষমতাৰ কাৰণেই হয়তো তাই সন্তান জন্ম দিব পৰা নাই। সেয়ে তিল্লুকী বাইৰ মুখৰ ফালে চালে তাৰ বুকুখন হম্হমাই উঠে। গতিকে তোলনীয়া লোৱাৰ কথা সি নিজেও বহুদিনৰপৰা ভাবি আছিল; কিন্তু তিল্লুকী বাইক সি কথাটো ক’বলৈ ভৰসা পোৱা নাই। জানোচা তাই বেয়াই পায়!
গতিকে তিল্লুকী বাইৰ পৰা প্ৰস্তাৱটো পাই কছিমুদ্দিন উৎসাহিত হৈ উঠিল। ক’লে- ময়ো কথাটো বহুদিনৰপৰা ভাবি আছোঁ। ক’বলৈহে ভৰসা পোৱা নাই। তুমি বা আকৌ কেনে ধৰণে লোৱা কথাটো!
তিল্লুকী বায়ে অতীত ৰোমন্থন কৰি ক’লে- আমাৰ বিয়া হ’বৰ ত্ৰিছ বছৰ পাৰ হ’ল। যিটো বছৰ ডাঙৰ বানপানী হৈছিল, ঘোলা পানীৰ লগত কাঠ ভাহি আহিছিল ভূটানৰ পৰা। সেই বছৰতে আমাৰ বিয়া হোৱা নাছিল জানো?
কছিমুদ্দিন নিজেও ভাবুক হৈ উঠিল। ক’লে- সেয়া আৰু মনত নথকাৰ কথা নেকি! মই দিনৰ দিনটো নাও লৈ গৈ কাঠ ধৰি আনো আৰু তুমি মাৰ লগত লাগি-মেলি কাঠবোৰ নাওঁৰ পৰা নমোৱা। তেনেকৈ কাঠ নমাওতে এদিন তোমাৰ ভৰিত জোক এটা লাগিছিল ! সেয়া কিযে তোমাৰ চিঞৰ আৰু লাফ-জাঁপ। মই লৰি গৈ ভৰিৰ পৰা জোক এৰুৱাৰ পাছতহে তুমি জঁপিয়াবলৈ এৰিছিলা। মা কাষতে আছিল। সেয়ে জোকটো এৰুৱাৰ পাছত তুমি লাজত একেবাৰে ৰঙা-চিঙা পৰি গৈছিলা, সেয়া তোমাৰ মনত নাই জানো?
সেইবোৰ আৰু পাহৰিব পৰা কথা নেকি? যেন সিদিনাৰ কথাহে। শিলিগুৰিত বোলে সিবাৰ সেই বানত বহু মানুহ মৰিছিল । মাণিক গাঁওবুঢ়াৰ ৰেডিওত খবৰ আহিছিল। তুমি দিনৌ সন্ধিয়া গৈ ৰেডিওত খবৰ শুনিছিলা। তেতিয়া মাণিক গাঁওবুঢ়াৰ বাহিৰে কাৰো ঘৰত ৰেডিও নাছিল। এতিয়াতো ঘৰে ঘৰে টিভি। এইদৰে কৈ তিল্লুকী বায়ে হুমুনিয়াহ কাঢ়ি ক’লে- সেইবোৰ এতিয়া অতীত হৈ গ’ল। ধৰাচোন, আমাৰ সন্তান হ’লে এতিয়া নাতি-পুতিৰ মুখকে দেখিলোহেঁতেন! মফিজৰ মাকৰ বিয়া আমাৰ বিয়াৰ দুই বছৰ পাছত হোৱা নাছিল জানো? এতিয়া দেখোন মফিজৰ মাকৰ দুহাল নাতি-নাতিনী! সিদিনা মফিজৰ মাকে মোৰ ওচৰলৈ বোৱাৰীয়েকৰ কাৰণে ঔষধ বিচাৰি আহিছিল। আকৌ বোলে গা ভাঁৰী হৈছে। গর্ভপাত কৰোৱাব খোজে। বোৱাৰীয়েকৰ স্বাস্থ্য একেবাৰে ভাগি পৰিছে। অধিক সন্তান হ’লে স্বাস্থ্য নাভাঙি কি হ’ব!
কোনোবাই মৰে হাড়ে হাড়ে, কোনোবাই মৰে মঙহৰ ভাৰে। কোনোবাই বিচাৰিও নাপায়,কোনোবাই আকৌ অযাচিতভাবে পায়। কছিমুদ্দিনে আক্ষেপৰ সুৰত কথাকেইটা কৈ হঠাৎ মনত পৰাৰ দৰে ক’লে- আজি-কালি হেনো ডাক্তৰী চিকিৎসা কৰাইও বহুতে সন্তান লাভ কৰি আছে। আমি ডাক্তৰৰ তালৈ গ’লে কেনে হয়?
কোনো লাভ নহ’ব। তিল্লুকী বায়ে কথাটোত আপত্তি জনাই ক’লে- তদুপৰি এই বয়সত সন্তান পেটত লৈ ফুৰিব নোৱাৰিম। তাতকৈ তোনলীয়া সন্তানৰে ব্যৱস্থা কৰা। ল’ৰা সন্তান হ’লৈ ভাল হয়। আমাৰ মৃত্যুৰ পাছত যাতে সম্পত্তি ভোগ-দখল কৰি খাব পাৰে। তোলনীয়া সন্তান হ’লেও ধৰাচোন মা-দেউতা বুলিতো মাতিব! কোনোবাই দেউতাকৰ নাম সুধিলে তোমাৰ নামকে ক’ব। তোলনীয়া সন্তান নোলোৱাকৈ মৰিলে আত্মীয়-স্বজনে সম্পত্তি ভাগা-ভাগি কৰি খাব ঠিকেই, ভুলতো তোমাৰ নাম নল’ব।
ভবামতেই কাম ৷ এমাহমান পাছতে সিহঁতে তোলনীয়া ল’লে। এবছৰৰ কেঁচুৱা। ল’ৰা সন্তান। মাক মেলেৰীয়াত ঢুকাইছিল । বাপেকৰ অৱস্থা-পাতি ভাল নাছিল। গতিকে কেঁচুৱা সন্তানটো লালন-পালন কৰাটো তাৰ কাৰণে দুৰূহ হৈ পৰিছিল। সন্তানটো ঘৰলৈ আনি তিল্লুকী বাইৰ নামৰ অদ্যাক্ষৰ ‘ত’ৰ লগত মিলাই নাম ৰাখিছিল তছি– তছি উদ্দিন। তিল্লুকী বায়ে বুকুৰ উমেৰে কেঁচুৱাটোক তুলি-তালি ডাঙৰ-দীঘল কৰিলে।
কছিমুদ্দিনৰ আগৰে পৰাই শিক্ষাৰ প্ৰতি আগ্ৰহ এটা আছিল। ওচৰে-পাঁজৰে বিদ্যালয় নথকাৰ কাৰণে সি নিজে লিখা-পঢ়া শিকিব পৰা নাছিল । গতিকে সন্তান হ’লে সি তাক লিখা-পঢ়া শিকাব বুলি আগৰে পৰাই মনত পাঙি আছিল। কিন্তু কণা বিধাতাই মুখ তুলি নাচালে । ত্ৰিছ বছৰীয়া দাম্পত্য জীৱনত সন্তানৰ মুখ দেখাৰ সৌভাগ্য নহ’ল। গতিকে দৈৰ সোৱাদ ঘোলেৰে মিটোৱাৰ কাৰণে সি সন্তানটো তোলনীয়া লোৱাৰ পাছৰেপৰা লিখা-পঢ়া শিকোৱাৰ কথা ভাবি আছিল। ভবামতেই ছয় বছৰ বয়সত ভৰি দিয়াৰ লগে লগে সি তছিৰ উদ্দিনক স্থানীয় বিদ্যালয়ত নাম লগাই দিছিল।
কিন্তু সিহঁতৰ সন্তান ভাগ্য মুঠেই ভাল নাছিল। সাত বছৰ বয়সত তোলনীয়া সন্তানটো মেলেৰিয়া হৈ ঢুকাল। শিশু সন্তানটো ঢুকোৱাৰ দুবছৰ পাছত সিহঁত আন এক বিপৰ্যয়ৰ সন্মুখীন হ’ল। সিহঁতৰ গাঁৱত গৰাখহনীয়াৰ তাণ্ডৱ আৰম্ভ হ’ল। সেই গৰাখহনীয়াত সিহঁতৰ সকলো মাটি-সম্পত্তি নদীৰ বুকুত জাহ গ’ল। মাটি-সম্পত্তি হেৰুৱাই সিহঁতে গাঁৱৰ অন্যান্য মানুহৰ লগত মথাউৰিত আশ্রয় ল’লে।
মাটিয়ে কৃষকৰ সম্বল। উপাৰ্জনৰ উৎস। মাটি নৈৰ বুকুত জাহ যোৱাৰ ফলত কছিমুদ্দিনৰ আয়ৰ উৎস নোহোৱা হ’ল। কিন্তু ভোকে আচাৰ নামানে। যুৱা-বৃদ্ধৰ বাচ-বিচাৰ নকৰে। দুবেলা দুমুঠি পেটত নিদিলে হাড়-মঙহ খুলি খুলি খায়। সেয়ে আয়ৰ উৎস নোহোৱা হোৱাত বৃদ্ধ বয়সত কছিমুদ্দিনে গাঁৱৰ আন দুজন মানুহৰ লগত কয়লাৰ খনিত কাম কৰিবলৈ গ’ল। তাত নিউমোনিয়া হৈ কছিমুদ্দিন ঢুকাই থাকিল আৰু তিল্লুকী বাই অকলশৰীয়া হৈ পৰিল। তিনি বছৰ আগতে তাই সত্তৰৰ দেওনা পাৰ কৰিছে।
চৰকাৰৰ পৰা তোমাৰ দৰে দুখীয়া মানুহক ইন্দিৰা আৱাস যোজনাৰ ঘৰ দিয়াৰ ব্যৱস্থা আছে। তুমি পোৱা নাই নেকি, আইতা? মকিবে সুধিলে।
নাই পোৱা। তিল্লুকী বায়ে ক’লে- প্রত্যেক বছৰে চৰকাৰী ঘৰ আহে বুলি শুনো। মোৰ ঘৰ হ’ব বুলি আশা পালি থাকো; কিন্তু মোৰ ঘৰ নহয়। যোৱা বছৰ মোৰ নামত হেনো ঘৰ এটা আহিছিল। আমাৰ মেম্বৰে হেনো মোৰ নাম দিছিল। কিন্তু মোৰ নাম কাটি ঘৰটো নিলে মাণিক গাঁওবুঢ়াৰ পুতেকে। মাণিক গাঁওবুঢ়া চাৰি বছৰ আগত ঢুকাইছে। তাৰ বিধৱা পত্নীৰ নামত বোলে মোৰ নামৰ ঘৰটো কাটি নিছে। ঘৰটো মই সিদিনা গৈ চাই আহিছো। এনেয়ে পৰি আছে। মানুহ নাথাকে। কুকুৰ আৰু ছাগলীকেইটাহে থাকে। ইফালে মই চাল বেৰ নথকা ঘৰত বৰষুণৰ পানী খাই জাৰত ঠক্ঠক্কৈ কঁপি থাকো। সেয়ে এইবাৰ ভাবিছোঁ, এমেলেৰ কাৰণে আৰু বাট চাই নাথাকো। সি হয়তো কামৰ হেঁচাত মোৰ কথা পাহৰিয়ে গৈছে! সেয়ে আজি কথাটো মনত পেলাই দিয়াৰ কাৰণে আহিছো।
এতিয়া এম এল এ চাহাবে জানো তোমাক চিনি পাব? মকিবে সন্দেহ প্রকাশ কৰিলে।
নাপাব কিয়? আমি তাৰ কথা মতেই নাঙলৰ ছবিত ভোট দিছো। এতিয়া চিনি নাপালে কেনেকৈ হ’ব! ভোটৰ সময়ত চিনি পাইছিল যেতিয়া এতিয়াও নিশ্চয় পাব।
মকিবে ক’লে- তেতিয়া ভোটৰ প্ৰয়োজন আছিল, গতিকে চিনি পাইছিল। এতিয়াতো আৰু ভোটৰ প্ৰয়োজন নাই। তুমি সহজ-সৰল মানুহ গতিকে তুমি এইবোৰ কথা গম নোপোৱা। এইবোৰ ৰাজনীতিৰ কথা! তুমি নুবুজিবা। মোৰ বিশ্বাস, এতিয়া তোমাক চিনি নাপাব। চিনি পালেও কাম নহ’ব। কাৰণ ঘৰ পাবলৈ হ’লে মেম্বৰ প্ৰেচিডেণ্টক টকা দিব লাগে। তুমি টকা দিব পাৰিবা জানো?
টকা ! তিল্লুকী বায়ে হতাশাৰ সুৰত ক’লে- এটা মাত্ৰ বাঁহৰ জোপা। বৰ্তমান সেই বাঁহ বিক্ৰী কৰি কোনোমতে চলি আছো। মই টকা দিম ক’ৰপৰা?
মকিবৰ বেয়া লাগিল বৃদ্ধাৰ অৱস্থা দেখি! বেচেৰীক চাৰি বছৰ আগত বিধায়কে ঘৰ দিয়াৰ আশ্বাস দিছিল আৰু বৃদ্ধাই সেই আশ্বাসকে সৰল বিশ্বাসত লৈ ঘৰ এটা হ’ব বুলি আশা পালি ৰৈ আছে। তাৰ ক’বলৈ মন গৈছিল, বিধায়কে এতিয়া তোমাক চিনি নাপাব, আইতা। ভোটৰ সময়ত তেনেকৈ কিমানজনক আশ্বাস দিছিল সেয়া হয়তো তেওঁ মনতে পেলাব নোৱাৰিব। তুমি ঘৰলৈ গৈ তোমালোকৰ স্থানীয় মেম্বৰক লগ ধৰি ঘৰৰ কাৰণে চেষ্টা কৰাগৈ। কিন্তু নক’লৈ। মাথোন ক’লে- বাৰু, ইমান কষ্ট কৰি আহিছা যেতিয়া এম এল এক কৈ চোৱা। তেওঁৰ দয়া হ’লে হ’বও পাৰে!
তিল্লুকী বায়ে অনুনয়ৰ সুৰত ক’লে- বোপা, এমেলে ক’ত বহিছে মোক তালৈ লৈ ব’লা।
মকিব বিমোৰত পৰিল। আগবাঢ়ি গ’লে চি আৰ পি এফ জোৱানৰ লাঠিৰ কোবৰ ভয় আৰু নগ’লেও বৃদ্ধা হতাশ হ’ব! এইদৰে মনতে গুণাগঁথা কৰি শেষমুহূৰ্তত সি বৃদ্ধাৰ হাতত ধৰি আগুৱাই যাবলৈ ধৰিলে। মন্ত্ৰী-বিধায়ক বহা কোঠালিৰ সন্মুখলৈ গৈ সি ক’লে- এয়া এইখন কোঠালিতে মন্ত্রীসকল বহিছে। এম এল এও কিজানি তাতেই আছে। মই আৰু যাব নোৱাৰিম। গ’লে, পুলিচে মাৰিব।
তিল্লুকী বায়ে লাখুঁটিত ভৰ দি হেলাই-হেপাই আগুৱাই গ’ল। চি আৰ পি এফৰ জোৱান এজনে তাইক আগভেটি ধৰি সুধিলে- ঐ বুঢ়ী, ক’লৈ যাৱ?
তিল্লুকী বায়ে কোনো ধৰণৰ লুক-ঢাক নকৰাকৈ পোনপটীয়াভাবে ক’লে- আমাৰ এমেলৰ লগত দেখা কৰিবলৈ যাম। মোক ঘৰ দিয়াৰ কথা আছে।
চি আৰ পি এফৰ জোৱানজনে তিল্লুকী বাইক ভৰিৰ পৰা মূৰলৈ লক্ষ্য কৰিলে। তাৰ পাছত মন্ত্রী, বিধায়কসকল বহি থকা কোঠালিৰ ফালে চাই ক’লে- তুমি তোমালোকৰ এম এল এক চিনি পোৱা নেকি?
পাওঁ। এমেলেই চাৰি বছৰ আগত মোক ঘৰ এটা দিব বুলি কথা দি আহিছিল। আমাৰ এমেলে কোনটো কোঠালিত আছে মোক দেখুৱাই দিয়াচোন। বাপৰে, ইমান মানুহ! মই একো উমগামে ধৰিব পৰা নাই।
চি আৰ পি এফৰ জোৱানজন বিমোৰত পৰিল। ভিতৰত মিটিং চলি আছে। ইফালে অলৰ বৃদ্ধা ! যাবলৈ দিলে বা কেনে হয় আৰু নিদিলেই বা কেনে হয় ! এইদৰে ভাবি থাকোঁতেই মন্ত্ৰী আৰু বিধায়ককেইজন বাহিৰলৈ ওলাই আহিল। জোৱানজনে ক’লে- সৌৱা তেওঁলোক ওলাই আহিছে। ইয়াৰ মাজত কোনজন তোমালোকৰ বিধায়ক? ধৰিব পাৰিছা নেকি?
তিল্লুকী বায়ে কপাললৈকে হাত তুলি পোন হৈ থিয় হোৱাৰ কাৰণে ব্যৰ্থ প্ৰয়াস কৰি ক’লে- হয়, ধৰিব পাৰিছো। সৌৱা, সৌজনেই মোক নাঙলৰ ছবিত ভোট দিবলৈ কৈছিল। আজি পাইছো যেতিয়া চিন্তা নাই। উৰুখা পঁজাত আৰু পানী খাব নালাগে।
এইদৰে কৈ তিল্লুকী বাই সিহঁতৰ বিধায়কজনৰ ফালে আগবাঢ়িল। আৰক্ষী দুজনমান লৰি আহি বৃদ্ধাৰ বাটভেটি থিয় দি ক’লে- ঐ বুঢ়ী ক’লৈ যাৱ। ছাৰে এতিয়া দেখা নকৰে। বেলেগ ঠাইত মিটিং আছে। তালৈ গৈ আছে।
বিধায়কজন তিল্লুকী বাইৰ কাষেদিয়ে পাৰ হৈ গ’ল। তাই পিছফালৰপৰা মাতি ক’লে- অ’ বোপা, মোক চিনিব পৰা নাই! মই তিল্লুকী বাই। ভোটত জিকিলে তুমি মোক ঘৰ এটা দিবা বুলি কথা দিছিলা। চাৰি বছৰ পাৰ হ’ল, কিন্তু ঘৰ নিদিলা। উৰুখা পঁজা। বৰষুণ দিলেই পানী সৰে। বৰ কষ্ট বোপা! বৰ কষ্ট! মোক ঘৰ এটা দিয়া বোপ.….………
তিল্লুকী বাইৰ কাতৰ অনুৰোধ শুনিও নুশুনাৰ ভাওজুৰি বিধায়কজন গৈ গাড়ীত উঠি বহিল।
হতাশভাবে তিল্লুকী বাই গাড়ীৰ ফালে চাই থাকিল। আশাহত হোৱাৰ বেদনাত হঠাৎ তাইৰ বুকু ভেদ কৰি এবুকু হুমুনিয়াহ ওলাই আহিল। ◆
দুৰ্ভগীয়া ল’ৰাজন
নুৰুল ইছলাম (তালুকদাৰ)
মছজিদৰ বাহিৰত এক হুলস্থূলীয়া পৰিবেশ। দুজনমান যুৱকে ৮/৯ বছৰীয়া ল’ৰা এজনক মাৰি আছে। ৫০/৬০ জনীয়া এদল মানুহে ল’ৰাজনক ঘেৰি ধৰিছে। ল’ৰাজনে “অ’মা-গো, অ’ বাবা-গো”- বুলি চিঞৰি চিঞৰি কান্দি আছে। ল’ৰাজনৰ কাতৰ চিঞৰত বৰকত মুন্সিয়ে (মুন্সিজনৰ নাম বৰকত উল্লাহ) ‘কি ঐছে, কি ঐছে’- বুলি কৈ খৰখেদাকৈ মছজিদৰ বাহিৰলৈ ওলাই আহিল। এজন ল’ৰাক দুজনমান যুৱকে মাৰি মাৰি থকা তেওঁৰ চকুত পৰিল।
“ঐ ৰ’- ছেলেটাকে আৰ মাৰিস না, আসলে কি ঐছে আগে জাইনা লই”- বৰকত মুন্সিয়ে ল’ৰা দুজনক এইদৰে আহ্বান জনাই ভুক্তভোগী ল’ৰাজনক উদ্দেশ্য কৰি ক’লে-“ঐ চেংৰা, তৰ বাড়ি কনে, তৰ বাপেৰ নাম কি? তুই কি কচস্, কছেন আমাৰ কাছে’- মুন্সিয়ে ল’ৰাজনক এইদৰে কেইবাটাও প্ৰশ্ন কৰিলে ৷
“কি আৰ কৰবো, উ, মছজিদে দেওঁৱা ইফ্তাৰেৰ বস্তু চুৰি কৰছে।” — ৰাইজৰ মাজৰ পৰা এজনে ক’লে।
“না-জেঠা না, আমি চোৰ না, আমি চোৰ না, আমি কোনো দিন চুৰি কৰি নাই। আমাৰ নাম উচমান (উচমান গণি) । আমাৰ বাবাৰ নাম জমিৰ আলী, আমাগো বাড়ী ভাত্না পাইতি চৰে।”-কান্দি কান্দি ল’ৰাজনে বৰকত মুন্সিৰ আগত ক’বলৈ ধৰিলে।
“তাইলে তুই কি কচস, তৰে ওৰা মাছে কেন?” বৰকত মুন্সিৰ প্ৰশ্ন।
“আমি দুইটা আপেল আৰ অল্প আংগুৰ নিছিলাম তাই ওৰা আমাৰে এত মাৰছে। এই দেহেন আমাৰ দাত দিয়া ৰক্ত বাইৰাছে, এত জোৰে জোৰে থাপ্ৰাইছে।” গদ্-গদ্ সুৰে কান্দিবলৈ ধৰিলে ।
ল’ৰাজনৰ ঘৰ বৰপেটা জিলাৰ ভাত্নাপাইতি চৰত। তাৰ নাম উমান গণি। বয়স ৯ বছৰ। স্থানীয় প্ৰাইমাৰী বিদ্যালয় এখনত ৪র্থ শ্ৰেণীত পঢ়ে। পঢ়া-শুনাত সি ভালেই। মাক-দেউতাকৰ সাতজনীয়া পৰিয়ালৰ সি চতুর্থজন সন্তান। তাৰ ডাঙৰ ককায়েক তিনিজন। তাৰ তলৰ দুজনী ভণ্টী। তিনিওজন ককায়েকই বিয়া বাৰু কৰাই কৰ্ম-সূত্ৰে বাহিৰত থাকে। মাক-বাপেকৰ ভৰণ-পোষণ নিদিয়ে। মাকজনী যক্ষ্মাৰোগী। দেউতাকে ৰাজমিস্ত্ৰিৰ কাম কৰি কোনো মতে পৰিয়ালটো চলাই আছে। কিন্তু কিছুদিন আগতে কাম কৰি থকা অৱস্থাত ভৰি পিচল খাই পৰি কঁকালত বেয়াকৈ আঘাত পায়। সাধ্যানুসাৰে চিকিৎসা ল’লে যদিও সম্পূর্ন আৰোগ্য নহ’ল । এটা অস্ত্ৰোপচাৰৰ অতিকৈ প্ৰয়োজন হৈছিল। কিন্তু আৰ্থিক দৈন্যতাৰ কাৰণে অস্ত্ৰোপচাৰটো সম্ভৱ হৈ নুঠিল। দিনে দিনে মানুহজন দুৰ্বল হৈ পৰিল। কিছুদিন পিচত তেওঁ মৃত্যু মুখত পৰিল। দেউতাকৰ মৃত্যুৰ পিচত বেমাৰী মাকে তিনিটা সন্তানক লৈ বৰকৈ বিমোৰত পৰিল। ইয়াৰ আগতে লোকৰ ঘৰত কাম-বন কৰি দুবেলা-দুমুঠি খাই পৰিয়ালটো কোনো ৰকমে চলাই আছিল যদিও পুনৰ যকৃত ৰোগত আক্ৰান্ত হৈ বিছনাত পৰিবলগীয়া হয়। মাক শয্যাগত হোৱাৰ পিছত ন বছৰীয়া ওচমানৰ মূৰত পৰিয়ালৰ ভৰণ-পোষণৰ গধূৰ বোজা পৰিল। চাৰিবাৰকৈ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ কবলত পৰি ওচমানহঁতৰ পৰিয়াল গৃহহীন হৈ পৰিছিল। পিছত ডাঙৰ মোমায়েকৰ একঠা চৰ মাটিত খেৰ-বিৰিণাৰে ঘৰ সাজি গৰু-ছাগলী আৰু হাঁহ-কুকুৰা পুহি যি উপাৰ্জন হৈছিল তাৰেই ওচমানহতৰ পৰিয়ালটো চলি আছিল। কিন্তু মাকৰ অসুখত বৰ্তমান সকলোখিনি বিক্ৰি কৰি ওচমান সৰ্ব্বস্বান্ত হৈ পৰিল। উপায়হীন হৈ লোকৰ ঘৰত ইটো-সিটো কাম-বন কৰি যি দু-পইচা পাইছিল তাৰে মাক আৰু ভন্টী দুজনীক এসাজ খোৱাই এসাজ নোখোৱাই দিন অতিবাহিত কৰি আছিল। ইতিমধ্যে সি লিখা-পঢ়াও এৰিব লগীয়া হৈছিল। ইফালে দেশৰ প্ৰচলিত আইন মতে শিশু শ্ৰমিক হিচাপে তাক কামত লগাবলৈ বহুতেই অস্বীকাৰ কৰিলে । যাৰ বাবে সি মহা সংকটত পৰিলে । বেমাৰী মাকজনী আৰু ভণ্টী দুজনীক দুবেলা-দুসাজ খাবলৈ দিয়াত সি ব্যৰ্থ হ’ল। এনে এক পৰিস্থিতিৰ মাজতে মাকৰ অসুখটো ক্রমান্বয়ে বৃদ্ধি পাব ধৰিলে। বিছনাৰ পৰা অকলে উঠিব নোৱাৰা হ’ল । আনকি ভাত-পানীওঁ খাব নোৱাৰা অৱস্থা হ’ল। এনে অৱস্থাত সি তাৰ মাকক কিবা বস্তু খাবলৈ মন যায় নেকি সোধাত মাকে আপেল, আঙুৰ আৰু মালভোগ কল খাবলৈ মন যোৱাৰ কথা কলে ৷ মাকৰ কথাত সি বিবুদ্ধিত পৰিল। সি মনে মনে থিৰাং কৰিলে যেনেকৈ হওঁক তাৰ বেমাৰী মাকৰ মনৰ আশা পূৰণ কৰিবই লাগিব। এই উদ্দেশ্য আগত ৰাখি সি দুই-এঘৰ মানুহৰ ওচৰত কাম বিচাৰি গ’ল। কিন্তু কম বয়সীয়া ল’ৰাৰ হতুৱাই কোনেও কাম কৰাবলৈ মান্তি নোহোৱাত সি হতাশ হৈ পৰিল। সি সদায় চিন্তা কৰিব ধৰিলে কেনেকৈ তাৰ মাকৰ ইচ্ছা পূৰণ কৰে ।
ৰমজান মাহ মুছলমান সকলৰ এটি পৱিত্ৰ মাহ। এই মাহত প্ৰতিজন ধর্ম প্রাণ ব্যক্তিয়ে ৰোজা ৰাখে । সন্ধিয়া বেলিটো অস্ত যোৱাৰ লগে লগে ইফ্তাৰ কৰে। ঘৰতে পৰিয়ালৰ ৰোজাদাৰসকলে একত্ৰিত হৈ ইতাৰ কৰে। অন্য হাতে গাওঁ বা চহৰৰ মছজিদ বিলাকতো উমেহতীয়া ভাৱে ইতাৰ পাৰ্টীৰ আয়োজন কৰা দেখা যায় । তাত বিভিন্ন জনে বিভিন্ন খাদ্য সম্ভাৰৰ যোগান ধৰে। ইস্তাৰৰ বাবে বিশেষকৈ বিভিন্ন ফল-মূল, নেমুৰ চৰবত আদিকে বেছি প্রাধান্য দিয়া দেখা যায়। ইয়াৰ উপৰিও পায়স, খিচিৰি ইত্যাদি খোৱা বস্তুও ইতাৰত ব্যৱহাৰ কৰা দেখা যায় ৷
কিশোৰ ওচমানে নানা ধৰণৰ চিন্তা-ভাৱনা কৰি নিজৰ গাৱৰ মছজিদত যোৱাৰ সিদ্ধান্ত ললে। উদ্দেশ্য নামাজপঢ়া নহয়, মাকৰ কাৰণে ফল-মূল যোগাৰ কৰাহে। এদিনাখন আবেলি ২ বজাত মছজিদৰ ফালে এপাক মাৰিলে। দুই-চাৰিজন ব্যক্তিয়ে মছজিদৰ ভিতৰত বহি ধৰ্মীয় আলোচনাত ব্যস্ত থকা দেখা পালে । সি হতাশ হ’ল। মনে মনে ভাৱিলে ইয়াত দেখোন খোৱা-লোৱাৰ কোনো আলোচনা অথৱা ব্যৱস্থা চকুত পৰা নাই। সি মছজিদৰ নিচেই ওচৰ পালে। এনেতে এজন মানুহে মূৰত এখন পাচি আৰু আন এজনে হাতত মোনা এখন লৈ মছজিদৰ বাৰান্দাত থোৱা দেখা পালে। তাৰ কৌতুহল বাঢ়িল । কিনো আছে পাচি আৰু মোনাটোত ৷ এনেতে আৰু কেইবাজনো মানুহে হাতত কিবা-কিবি বস্তু লৈ মছজিদত সোমাল। সি আৰু দুখোজ মান আগুৱাই গৈ মছজিদৰ এটা কোণত কোনেও নেদেখাকৈ তৰাই বাঁহৰ বেৰৰ ফুটাৰে জুমি জুমি চাব ধৰিলে ৷ চাই সি যি দেখিলে তাৰ মন-প্ৰাণ আনন্দত নাচি উঠিল ৷ সি বিচৰা বস্তু বিলাকেই তাত আছে। সি ততাতৈয়াকৈ আগবাঢ়ি আহি মানুহ কেইজনৰ ওচৰ পালে। লগে লগে এজন মানুহে সুধিলে-“ঐ গেদা। তৰ কি লাগে ? মানুহজনে এক প্ৰকাৰ ধমকেই দিলে।
‘কিছুই না….এমনেই আইছি”- সি ভয়ে ভয়ে কলে ।
ৰোজা ৰাছ?”- মানুহজনে আকৌ সুধিলে।
‘না ৰাখি নাই ”- ল’ৰাজনে লাহেকৈ উত্তৰ দিলে ।
— তাইলে যা-যা, এনথিকা যা। এই গুলো ৰোজাদাৰেৰ জন্য, তোমাগো নিগা না।” মানুহজনে খঙেৰে কলে ৷ হতাশ মনেৰে ল’ৰাজন ঘৰমুৱা হওঁতেই আন এগৰাকী ব্যক্তিয়ে মাত দিলে- “ ঐ গেদা, এই দিগে আয়, শুন, তুই সন্ধা সময় আহিস্ বুছত ।”
মানুহজনৰ কথাত ল’ৰাজন অলপ আশাৰ ৰেঙণি দেখা পালে। সি লগে লগে ঘৰলৈ দৌৰ মাৰিলে। সময় নাযায় হে নাযায়, সি অলপ পিছে পিছে বেলিটোৰ পিনে চায়। কিন্তু বেলিটো দেখোন আজি একে ঠাইতে ৰৈ থকা যেন লাগে, কেতিয়া ডুবিব, কেতিয়া সন্ধ্যা হ’ব! ভাবি থাকোতে সময় হ’লেই।
হয়! সময় প্রায় হ’লেই। বেলিটো ডুবু ডুবু অৱস্থা, সন্ধ্যা হ’ব ধৰিছে। ওমানে মুখ-হাত ধুই তাৰ ফটা- চিঙা হাফ-পেন্ট আৰু একমাত্ৰ গেঞ্জিটো পিন্ধি মছজিদৰ পিনে খোজ দিলে। মছজিদ নাপাওঁতেই দূৰৈৰ পৰা সি দেখা পালে যে মছজিদৰ বাহিৰত বহুত মানুহে অজু কৰি আছে। সি ভয়ে ভয়ে আহি মছজিদ পালে। কিন্তু তাৰ ভয় আৰু বাঢ়িল। যদি কোনোবাই তাক আকৌ ধমক দি খেদি দিয়ে। ‘যা- যা-তৰ কি লাগে’ বুলি। এনেতে তাৰ চকুত পৰিল মছজিদৰ বাৰান্দাত ইফ্তাৰৰ নানা ধৰণৰ ফল-মূল, চৰবত,পায়স ইত্যাদি সৰু সৰু কাগজৰ প্লেটত শাৰী শাৰীকৈ সজাই থোৱা হৈছে। ওচমানে অতি আগ্ৰহেৰে বাট চাই আছে ইক্তাৰৰ সময় হোৱালৈকে।
এটা সময়ত ইস্তাৰৰ সময় হ’ল। সকলোৱে ইফ্তাৰ কৰাত ব্যস্ত। মোৱাৰ্জ্জিনে আজান দিলে-আল্লহু আকবাৰ….। এইবাৰ ওচমানে মছজিদৰ বাৰান্দাৰ একেবাৰে ওচৰ পালে। এনেতে ইতাৰ কৰা লোকসকলৰ মাজৰ পৰা এজনে মাত দিলে-“ঐ গেদা, ধৰ এইটা নি ”- মানুহজনে ইফ্তাৰৰ সামগ্ৰীৰে পৰিপূৰ্ণ এখন প্লেট ল’ৰাজনৰ হাতত দিলে। যত আছিল, দুই টুকুৰা আপেল, কেইটামান আঙুৰ, এটা মালভোগ কল, দুই টুকুৰা তিয়হ, এটুকুৰা তৰমুজ,অলপ পায়স ইত্যাদি ইত্যাদি। প্লেটখন হাতত লৈ আনন্দত তাৰ চকু চলচলীয়া হ’ল। কাৰণ যাৰ বাবে সি আবেলি ২ বজাৰ পৰাই অপেক্ষা কৰি আছিল। প্লেটখন সি হাতত লৈ তাৰ হাফ-পেন্টৰ পকেটৰ পৰা পলিথিনৰ মোনা এখন উলিয়াই লৈ প্লেটৰ বস্তুখিনি নিজে নাখাই মোনাটোত ভৰাই ল’লে ৷ তাৰ মাথোন এটাই চিন্তা তাৰ মাকে খাব বিচৰা ফল-মূল তাত আছে। কিন্তু আনন্দৰ মাজেতে অলপ চিন্তাতো পৰিল। কিয়নো বস্তু যে একেবাৰে কম। এইখিনি বস্তু তাৰ মাকক দিলে বাৰু, কিন্তু ভণ্টী দুজনীক কি দিব? সিঁহত দুটাকো অলপ দিব লাগিব। সি আৰু এক পেকেট খুজিব নেকি? যদি নিদিয়ে, আকৌ দিয়া খিনি যদি ধমক দি লৈ যায় ইত্যাদি কথা তাৰ মনত খেলিবলৈ ধৰিলে।
ইফ্তাৰৰ কিছু বস্তু ৰাহি হ’ল। ৰাহি হোৱা বস্তুখিনি এখন ডাঙৰ কাহী এখনত ঢাকি মছজিদৰ বাৰান্দাৰ এচকুত থৈ দিয়া সি প্রত্যক্ষ কৰিলে। সি লগে লগে উপায় এটা উলিয়ালে। মানুহ বিলাকে যেতিয়া নামাজ পঢ়িব আৰম্ভ কৰিব তেতিয়া সি তাৰ পৰা এক প্লেট ইফ্তাৰৰ বস্তু মনে মনে আনিব । ভবামতেই কাম । সকলোৱে নামাজ পঢ়িবলৈ ধৰিলে। এনেতে সি মছজিদৰ বাৰান্দাত থৈ দিয়া ফলমূলৰ এটা প্লেট আনি তাৰ মোনা খনত ভাব ধৰোতেই এজন লোকে দেখা পাই তাক হাতে-লোটে ধৰি পেলালে আৰু তাৰ গালত ঠাচ্ ঠাচ্ কৈ চৰ দুটামান শোধালে । সি চৰ খাই কান্দি দিলে। ইতিমধ্যে প্রায় সকলোৰে নামাজ পঢ়া শেষ হ’ল। তাৰ মাজৰ পৰা কেইজনমান যুৱকে তাক ধৰি চৰ-ঘোচা মাৰিলে ইফ্তাৰৰ বস্তু চুৰ কৰা বাবে। ইমানতে ক্ষান্ত নাথাকি এজন যুৱকে তাক ৰচি এডালেৰে পিচমুৱাকৈ হাত দুখন বান্ধিলে আৰু চুৰি কৰাৰ অপৰাধত তাক সকলোৱে গালি- গালাজৰ উপৰি চৰ-ঘোচা মাৰিবলৈ ধৰিলে। সি “ অ’ মাগো, অ’ মাগো”- কাতৰ কন্ঠত কান্দিবলৈ ধৰিলে আৰু “ আমি চুৰ না, আমি চুৰ না”- এই বুলি চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে।
মছজিদৰ ভিতৰৰ পৰাই ল’ৰাজনৰ চিঞৰ-বাখৰ আৰু কান্দোন শুনি মছজিদৰ ইমাম বৰকত মুন্সি খৰ- খেদাকৈ মছজিদৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহিল। আহিয়ে ল’ৰাজনৰ অৱস্থা চাই উপস্থিত ৰাইজক উদ্দেশ্যি হাতযোৰ কৰি তাক নামাৰিবলৈ অনুৰোধ জনালে। ইমামজনৰ অনুৰোধত ল’ৰাজনে সকাহ পালে যদিও দুই-এজনে ডাবি-ধমকি দিবলৈ ধৰিলে। ইমাম জনে আচল সত্য উদ্ঘাটনৰ বাবে ল’ৰাজনক লগতলৈ তাৰ ঘৰৰ পিনে খোজ দিলে । মছজিদৰ পৰা তাৰ ঘৰ বেছি দূৰ নহয় কাৰণে ১০/১৫ মিনিটতে আহি তাৰ ঘৰ পালেহি। হয়, ইমামজন আহি ল’ৰাজনৰ ঘৰ পালেহি। কিন্তু চকুৰে নেদেখিলে হয়তো কোনোবাৰ বিশ্বাসেই নহ’ব, যে বিশ্বয়ানৰ যুগত সেইটো মানুহে বসবাস কৰা এটি ঘৰ। চৰকাৰে চৰ-চাপৰিৰ দৰিদ্ৰ জনসাধাৰণৰ নামত ‘ইন্দিৰা আৱাস যোজনা’ ৰ পৰা আৰম্ভ কৰি বিয়াগোম বিয়াগোম আঁচনি লৈছে যদিও এতিয়াওঁ চৰ- চাপৰিৰ দুৰ্গম ঠাইলৈ সেইসমূহ আঁচনি ঢুকিয়ে পোৱা নাই। তাৰ উদাহৰণ- ওচমানহঁতৰ ঘৰ। ঘৰখনক ঘৰ বুলি ক’লে ঘৰৰ চালিখন খেৰৰ । খেৰ বুলিলেও ভুল কোৱা হ’ব। আচলতে বিৰিণা পাত। চাৰিওফালৰ বেৰ হৈছে কহুৱা বনৰ। ঘৰখনৰ ভিতৰৰ এচুকত পাৰি থোৱা আছে বাঁহৰ ঢাৰীৰ এখন বিছনা। তাত শুই আছে পঞ্চাছোৰ্দ্ধৰ এগৰাকী মহিলা (ওচমানৰ মাক)। তাতে সৰু ছোৱালী দুজনী থাকে মাকৰ লগত । ওচৰতে আন এখন বিচনা। তাত ওচমান থাকে। বিছনাখনত ফটা-ছিঙা এখন চাগৰ (ঠিক চাগৰ নহয়, কেথাহে । গাৰুখন ফাটি-ছিঙি গৈছে। দুয়োখন মাটিৰ বিচনাখনতে জোৰা-টাপলি মৰা দুখন আঠুৱা আছে। ঘৰখনৰ আন এটা চুকত ৰন্ধা-বঢ়া কৰা এখন মাটিৰ চৌকা, বাচন-বৰ্তন ইত্যাদি অসংযত অৱস্থাত পৰি আছে।
“অ’ মা, দেখো, কেৰা আইছে, উঠো ইটু উইঠে বহো।”- ঘৰ পাই ওচমানে মাকক মাত দিলে ।
“কেৰা আইছে, বইবাৰ দে”- মাকে অতি দুৰ্বল মাতেৰে কেকাই কেকাইক’লে। “আমি আইছি, মছজিদে ইমাম। আপনেৰ ছেলেৰে নিয়া আইছি।” – ইমামজনে কলে। “মছজিদে ইমাম ?” আচৰিত হৈ- “বালো অইছে, আহেন, আহেন, গৰীবেৰ গৰে….আত্তিৰ পাৰা। তবে ক্যা, কি অইছে? আমাৰ গেদায় কি কৰছে। এক প্ৰকাৰ আতংকিত হৈ মাকে সুধিলে।
“কি আৰ কৰবো, আপনেৰ গেদায় মছজিদৰ ইফ্তাৰে বস্তু চুৰি কৰছাল। তাৰ জন্ন লোক জনেৰা অ’ৰে মাইৰ-ধোৰ কৰছে। আমি বাচাইয়া নিয়া আইছি। আৰ…।” “অ’মা-গো ! আমি কি শুনলাম গো” হতভম্ব হৈ মাকে চিঞৰিব ধৰিলে। “কানবেন্না আমি অৰে….।”
“না-না-না, আমাৰ গেদা চুৰ না। উ’ চুৰি কৰতেই পাবেনা। আপনে কি কতা কইবাৰ আইছেন, ঐ গেদা, তুই….? তৰে কেৰা মাৰছে……?”
“তুই কিয়েৰে মছজিদে গেছিলি বাবা।”- হুক্ হুকাই কান্দিবলৈ ধৰিলে।
“না-না, আমি চুৰি কৰি নাই। তুমিযে আমাৰ কাছে আপেল-আঙুৰ-কলা খাইবাৰ চাই ছিলা কত কষ্ট কইৰাওঁ টেহা যুগাৰ কৰবাৰ নাপাইৰা আমি মছজিদে গেছিলাম। ওহানে ইফতাৰেৰ সময় ‘আপেল-আঙুৰ-কলা’ আৰ অনেক কিছু মাইনসে খায়। উনাৰা আমাৰে অল্প দিছাল, তা আমি নাখাইয়া তোমাৰ নিগে নিয়া আহাৰ সময় ছুট বোইন দুইটাৰ নিগে আৰো অল্প কিছু আনবাৰ গেছিলাম। তাই অৰা আমাৰে ধইৰা ফালাইলো, আৰ আমাৰে চোৰ বুইলা মাৰছে গো মা । আমাৰে খুউব মাছে। মা-গো আমি তোমাৰ আশা পূৰাইতে পালাম না, আমাৰে মাফ কইৰা দিয়ো।”- মাকক সাৱটি ধৰি কান্দিবলৈ ধৰিলে।
“অ’ বাবা, তুই কেন আমাৰ কাছে কইয়া গেলি না ৷ আমাৰ নিগে তৰে মাইনসে মাৰলো । চুৰ বুইলা বদনাম দিলো।” মাকেওঁ পুতেকক সাৱটি ধৰি হুক-হুকাই কান্দিব ধৰিলে। মাকে আৰু ককায়েকৰ কান্দোন শুনি ওচমানৰ ভন্টী দুজনীয়েও চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। ঘৰখনত যেন এক অবর্ণনীয় পৰিৱেশৰ সৃষ্টি হ’ল।
ঘটনাটোৰ বিশদ বিৱৰণ শুনি বৰকত মুন্সি অতি মর্মাহত হ’ল। ওচমান হঁতক বুজনি দিয়াৰ কোনো ভাষাই বিচাৰি নাপালে তেওঁ। মাথো অবাক হৈ স্থিৰ দৃষ্টিৰে সিঁহতৰ পিনে চাই থাকিল।◆
এগৰাকী পথিক
নূৰ হুছেইন (বাহঁ মূৰা)
(১)
নৈৰ বুকুত উদ্ভৱ হোৱা ঢৌসমূহ এটাই আনটোৰ গাত ঠেকা খাই উত্তাল তৰংগমালাৰ সৃষ্টি কৰিছে। মথাউৰি সদৃশ ওখ আলি এটা নদীৰ পাৰে পাৰে পূবফালে ওলাই গৈছে। মাজে মাজে কঁহুৱা,বিৰিনা,বাঁহ আদিৰে তৈয়াৰী নিয়তিয়ে পিছনেৰা মানুহৰ ভগা-ছিগা পঁজা ঘৰবোৰ। অশান্ত ঢৌৰ বাহিৰে সকলো স্তব্ধ হৈ গৈছে। ঠাইখন মোৰ সম্পূৰ্ণ অচিনাকী। মাথো নৈখনে আধা খহাই নিয়া আলিটোৰ পূৱফালে গৈ আছো। ইফালে দিবামনি পশ্চিম দিগন্তত ডুব যাওঁ ! যাও ! আলিটোৰে সোঁফালে চাই মূৰ ঘূৰাবলৈ ধৰিলে- বিশফুটমান থিয় দ গৰা, নৈৰ পানীবোৰ তীব্র বেগে বৈ গৈছে, ভৰি পিছলি গ’লে ৰক্ষা নাই। ৰুদ্ৰমূৰ্তি ধাৰণ কৰা নীলা জলৰাশিৰ তৰংগ মালাত আন্দোলিত হৈছে এক বিষাদৰ লয়। মোৰ বিদ্ৰোহী মনটো হাহাকাৰ কৰি উঠিল । “ৰকি, অ’ ৰকি…… খুড়ীয়ে ভাত ৰান্ধিলেনে? – এটি অচিনাকি কন্ঠস্বৰ; প্ৰত্যুত্তৰত ভাহি আহিল এটি শিশুৰ মাত–
“ৰান্ধিছে, ৰান্ধিছে, মাই আজি ৰান্ধিছে।”
এগৰাকী কোমল বয়সীয়া ছোৱালী। মুখত লৱলেশ চিন্তাৰেঙনি যদিও নিত্যশ্রী অঞ্জুময়, পূর্ণ বিকশিত শতদল নহয় যদিও বিকাশোন্মুখ গোলাপ অনুৰঞ্জনা। তাই মদিৰাক্ষী নহয় যদিও মঞ্জু নয়না। শান্ত, সৌম্যতা, ধীৰ দৃষ্টিৰে দুয়ো দুয়োকে লক্ষ্য কৰিলো ৷
“হেৰা ভন্টি তোমাৰ ঘৰ কোনখন?
“সৌ সম্মুখত।” (পূৱফালে আঙুলিয়াই দিলে)
“এইঘৰৰ মানুহবোৰৰ তোমাৰ কি হয় ?” “একো নহয়, চুবুৰীয়া। তথাপি খবৰ লওঁ।”
“পিছে, খবৰ কিহৰ?”
“আজি ভাত ৰান্ধিলেনে নাই ।” “তাৰ মানে? আজি সিহঁতৰ…….।” “আজি সিহঁতৰ একো হোৱা নাই ।”
“তেনেহলে?”
“ৰব। নহ’লে, ….আপুনি দোকানখন পাৰ হওঁক।”…. তাই সন্মুখৰ দোকানখনলৈ গুচি গ’ল। তাৰে পৰা কিবা কিনিলে ।
“মই দোকানখন অতিক্ৰম কৰিলো । সন্ধিয়াৰ ধীৰ মলয়া সমীৰণে গাটো জুৰাই পেলালে। হঠাৎ পিছফালৰ পৰা কোনোবাই থাপ্মাৰি বাওঁহাতখন ধৰি পেলালে–
“সাৱধান ! এইফালেদি আহক।”-মোৰ বুকুখন কঁপি উঠিল। এটা মাত্র খোজ দিলেই তলৰ পানীত পৰি গলোহেঁতেন। ছোৱালীজনীয়ে প্ৰাণ ৰক্ষা কৰিলে ।
“তুমি নধৰিলে এই গভীৰ জলৰাশিত মোৰ সপোন বিলীন হৈ গ’লহেঁতেন, আশা ভংগ হৈ অৱশেষত প্রবল সোঁতত বৈ থাকিলেহেঁতেন হৃদয়ৰ অনন্ত ব্যথা।”- কথাখিনি কওঁতে মই অলপ আবেগিক হৈ পৰাত ছোৱালীজনীয়ে সুধিলে –
…..
“সপোন ? . আপোনাৰ সপোন ?” – দুয়ো লাহে লাহে খোজকাঢ়ি গৈ আছো। মই কোনো প্ৰত্যুত্তৰ নিদি মনে মনে থাকিলো। ওলোটা তাইকহে সুধিলো –
“পিছে তোমাৰ উত্তৰটো নাপালো যে….
“সিহঁতৰ কথা, মানে সেই ঘৰখনৰ কথা। সিহঁতৰ খেতিবাতি আছিল এঘাৰ বিঘা কিন্তু নদীয়ে এটা বছৰতেই সর্বনাশ কৰিলে । কেতিয়াবা এসাজ খায়, আন সাজ নাপায়। সেইঘৰৰ সৰু ল’ৰাটো মোৰ ভাইটিৰ সমবয়সীয়া। যোৱাকালি সিহঁত আটাইয়ে বোলে লঘোণে আছিল। বেচেৰাহঁতৰ কথা ভাবিলে খুব বেয়া লাগে। সেয়ে আজি খবৰ ল’লো।”
মই নীৰৱে তাইৰ কথাবোৰ শুনি থাকিলো । তাই পুনৰ আৰম্ভ কৰিলে- “আপোনাক দোকানখন পাৰ হ’বলৈ কোৱাত বেয়া পালে নেকি?”
“বেয়া পোৱা নাই। কিন্তু ঘটনাটো বুজি নাপালো।”
“শুনক তেন্তে। এই একবিংশ শতিকাতো আমাৰ মানুহবোৰ খুব সংকীর্ণ মন লৈ জীয়াই আছে। আপোনাৰ লগত যদি মোক দোকানীজনে এই মুহুৰ্তত দেখা পালেহেঁতেন, কি যে ভাবিলেহেঁতেন……তাৰ ইয়ত্তা নাই। সি হয়তো আজি ৰাতিটোৰ ভিতৰতেই চুবুৰীৰ প্ৰতি ঘৰে ঘৰে গৈ কৈ ফুৰিলেহেঁতেন……. আজি কালিৰ ছোৱালীবোৰৰ কথা কিনো ক’বা ভাই? তোমাৰ ভাগ্য ভাল, তুমি নিজ চকুৰে নেদেখাকৈ আছা; আমাৰ অমুকৰ ছোৱালীজনী…..।”
মই হাঁহি এটা মাৰি কলোঁ, “হয়। একদম ঠিক কথাটোকে কৈছা ।”
তাইয়ো অলপ হাঁহিলে। ক’লে –“আপুনি যদি নিঃস্বার্থভাবে কাৰোবাক উপকাৰ কৰে, তেতিয়াও মানুহে আপোনাক কি-যে সুধিব….আপোনাৰ স্বাৰ্থটোনো কি আছিল ? আপুনি কিমান লাভৱান হ’ল?”
হঠাৎ তাই খোজ কাঢ়িবলৈ এৰি ৰৈ গ’ল। ময়ো ৰৈ গ’লো ।
“আপুনি হাকিম মুন্সীৰ ঘৰলৈ যাব, নহয় নে? যাওঁক তেন্তে; এইখনেই আমাৰ ঘৰ।”— তাই আঙুলিৰ নির্দেশেৰে ঘৰখন দেখুৱালে।
মই ক’লৈ গৈ আছো- নাজানো। মাথো বুজিব পাৰিছো- মই ৰাস্তা ভুল কৰিছো।”
“সেইফালে মুন্সীৰ ঘৰৰ পূৱফালৰ পৰা ৰাস্তা নাই, নদীয়ে ভাঙিলে।”
অথাই সাগৰত পৰি গ’লো। কি কৰা যায় এতিয়া! মই মনে মনে ভাবিবলৈ ধৰিলো।
(২)
সৌ সিদিনা তাচনিয়াই তাইৰ ঘৰলৈ মোক লৈ আহিছিল। মই তাইৰ মাক-দেউতাকক অনুৰোধ কৰিছিলো- মাথো ৰাতিটোৰ অলপ আশ্ৰয়ৰ বাবে। কিন্তু আজি বহুদিন হ’ল- মই সিহঁতৰ পৰিয়ালৰে এজন হৈ পৰিছো। তাইৰ দেউতাকৰ লগত নিতৌ পথাৰলৈ যাওঁ। মোৰ বেছিভাগ সময় খেতি-পথাৰতেই পাৰ হয়। বাদামখিনি ময়েই সিঁচিছিলো- চাওঁতে চাওঁতে লহপহকৈ বাঢ়ি উঠিল। ঘৰত এহাল গাই গৰু। সিহঁতৰ বাবে ঘাঁহ বিচাৰি ফুৰো। দুপৰীয়া তাইৰ মাকে গাখীৰ খীৰায় আৰু দেউতাকে বজাৰলৈ লৈ যায়। অৱশ্যে সন্ধিয়া কেতিয়াবা তাচনিয়াৰ ভাইটিক সাধু কথা শুনাওঁ। তাচনিয়ায়ো মোৰ লগত ‘আপুনি’ এৰি ‘তুমি’ বুলি সম্বোধন কৰে । মুঠতে, দিনবোৰ সুখেৰে পাৰ হৈছে।
এসপ্তাহ ধৰি মাছ ধৰা হোৱা নাই। গতিকে বিলৰপৰা মাছকেইটামান ধৰি আনিব লাগে- কৃষক পত্নীয়ে মোক জনালে। অৱশ্যে বিলৰপৰা মই এতিয়ালৈকে মাছ ধৰি পোৱা নাই। গতিকে ভাইটিক লগত যাবলৈ অনুৰোধ কৰিলো। কিন্তু তাচনিয়াই বাধা দিলে–
“দুপৰীয়া ৰ’দত সি যাব নালাগে, মইয়ে যাওঁ ব’লা।’- আমি মাছলৈ ওলাই গ’লো ।
সূৰ্যৰ ৰক্তিমা ৰশ্মি সমগ্ৰ জীৱ-জগতত ছিটিকি পৰিছে। দিবামনিৰ অনুৰাজ কিৰণত প্ৰতিটো প্ৰাণেই পুলকিত; সকলো প্ৰাণেই মহা সুখ সমুদ্ৰত নিমজ্জিত। বিলৰ কাষৰ বগৰী গছ জোপাত এহাল কপৌ-দম্পতীয়ে ভাব- বিহ্বল হৈ বহি আছে। দুপৰীয়াৰ সূৰ্যৰ সকলো তাপ সিহঁতৰ অগ্ৰাহ্যবোধ হৈছে। জনশূন্য নির্জন এই বিলৰ প্ৰান্তত থিয় হৈ, প্ৰকৃতিৰ বিতোপন সৌন্দৰ্য্যত নিজকে নতুনকৈ আৱিষ্কাৰ কৰিলো ৷
তানিয়া, তাইৰ মুখত কোনো শব্দ নাই। তাইৰ প্ৰাণতো সহস্ৰভাৱৰ উন্মেষ হৈছে। কিন্তু লাজে তাইৰ ভাৱনাক-চেপি ধৰিছে, মুখ ফুটাই একো ক’ব পৰা নাই। ললিত ৰবিজিতা সব্ৰীড় তাচনিয়াৰ বদনে এক অপূর্ব ৰূপ ধাৰণ কৰিছে। তাইৰ বেহেস্তী মুখশ্রী গাঢ় ৰক্তিম বৰ্ণ হৈ পৰিল । বিল প্ৰান্তৰ শীতল বতাহত তাইৰ দেহ থৰ্থকৈ কঁপি উঠিল। তাইৰ ৰাগতপ্ত লাবণ্যময়দেশ সপ্তসুৰৰ ঢৌ তুলি নাচি উঠিল। কিন্তু এনেকুৱা হ’ল কিয় ? তাইৰ সৰ্বাংগব্যাপী বিদ্যুত চমকে ঢৌ খেলিলে কিয় ?
প্ৰেম, মোৰ বুকুৰ পৰা ইমানদিনে ক’ত লুকাই আছিল ? সঁচাকৈয়ে মই ইয়াক হেৰুৱাইছিলো। কিন্তু আজি, মোৰ কলিজাৰ প্ৰতিটো দপদপনিত আন্দোলিত হৈছে তাচনিয়াক পোৱাৰ হাবিয়াস। হৃদয়ৰ গভীৰ গৰ্ভৰ পৰা ওলাই আহিল স্বতঃস্ফূর্তভাৱে–
“তুমি কি ধুনীয়া । কিমান সুন্দৰ! তোমাক মোৰ বহুত ভাল লাগে…।”
কিন্তু তাইৰ কোনো প্ৰত্যুত্তৰ নাই, কোনো শব্দ নাই। মুখমণ্ডলৰ পৰা কেৱল অনুৰাগ কান্তিহে নিঃসৰিত হৈছে। মই তাইৰ কোমল হাত দুখন ধৰিলো। পুনৰ ক’লো –
“মই তোমাক ভাল পাঁও, তানিয়া।” এইবাৰ বুকুত সাৱটি ল’লো । তাইৰ ব্যগ্র দুই বাহুৱে মোক সৰ্বাংগে গ্ৰহণ কৰিলে । তাইক চুম্বন কৰিলো। মই উপৰ্যুপৰি মুখ চুম্বন কৰি তাইক অতিষ্ঠ কৰি তুলিলো, পৰিণামত তাইয়ো মোক তাকেই কৰিলে।
“তাৰিক, মই তোমাক প্ৰথমদিনৰ পৰাই গভীৰভাৱে ভাল পাই আহিছো। কিন্তু…।”–তাইৰ দুগালেদি অশ্রু বৈ আহিল।
নিথৰ চাৱনিৰে চাইছো- এই দেৱী প্ৰতিমা ৷ কাৰো মুখত ভাষা নাই, শব্দ নাই। আছে মাথো হিয়াভৰা প্ৰেম । দুয়োৰে চকুত তিৰবিৰাইছে সপোনৰ জোনাক । এয়া কি যে মধুতম মুহূর্ত। সচাঁকৈয়ে সেইজন হতভগা, যাৰ হৃদয় কোনোদিনেই কাৰো প্ৰেমত গলি যোৱা নাই!!
(৩)
দুদিনমান ধাৰাষাৰ বৰষুণ দিলে। বাঢ়নি নৈৰ পানীয়ে খেতি-পথাৰ ৰৌ ৰৌ চৌ চৌ কৰি তুলিলে। আজিৰ আকাশখনো মেঘাচ্ছন্ন। সন্ধিয়া দিগন্তৰ এই ক’লা মেঘবোৰে ৰণচণ্ডী মূৰ্তি ধাৰণ কৰিলে; মুহুর্ততে পৃথিৱীখনক এক নৰক গহ্বৰৰ অন্ধকাৰে ছানি ধৰিলে৷ লাহে লাহে ঘন ঘন বিদ্যুৎ-বিজুলি ঢেৰেকণিয়ে হুৱা- দুৱা লগালে । প্ৰচণ্ড ধুমুহাৰ কোবত সকলো আতংকিত আৰু কম্পিত হৈ উঠিল। নদীত উত্তাল তৰংমালাৰ সৃষ্টি হ’ল, বতাহ আৰু তৰংগৰ ঘাত-প্রতিঘাতত অসংখ্য গছ-গছনি, ঘৰ-দুৱাৰ বিধ্বস্ত হ’ল। পথ-ঘাট,পঁজাঘৰবোৰ নৈয়ে পাৰভাঙি আহি গ্ৰাস কৰিলে, পানীত উটি গ’ল কিছু পৰিয়াল, বতাহত বিলীন হৈ গ’ল বিপদ গ্রস্ত মানুহবোৰৰ আৰ্তনাদ; নিষ্কৰুণ পৃথিৱী! নির্দয় ঈশ্বৰ !
পিছদিনা, মোৰ তন্দ্ৰা ভাঙিল। বেলিটো মূৰৰ ওপৰত উঠিছে। মোৰ ভৰি দুখন নৈৰ পানীত, মূৰটো মাটিত। সম্মুখৰফালে মানুহৰ বসতিহীন এটি চাপৰি।পশ্চিমফালে এখন অৰণ্য । মই গাত্রোত্থান কৰি বোকা- পানীৰে ভৰপুৰ এটি ঠেক পথেৰে অৰণ্যৰ মাজত সোমাই গ’লো। অৰণ্যৰ দক্ষিণ ফালে নৈৰ অশান্ত ঢৌৰ গৰ্জন কাণত পৰিল; মোৰ গাৰ নোম শিয়ৰি উঠিল। তাচনিয়ালৈ মোৰ মনত পৰিল, সিহঁতৰ পৰিয়ালৰ কথা মনত পৰিল, মনত পৰিল যোৱানিশাৰ বিভীষাময় দৃশ্য। কেনেকৈ বিলীন হৈ গ’ল- এটি পৰিয়াল আৰু সিহঁতৰ সুখৰ সংসাৰ। মই অস্থিৰ হৈ পৰিলো। ঘর্মাক্ত দেহেৰে গছ এজোপাৰ তলত বহিলো। তথাপি অসহ্য ভাগৰ, দীঘলদি শুই পৰিলো ।
আধাঘণ্টা পিছত, পুনৰ গাত্রোত্থান কৰিলো। সম্মুখৰ পৰা আহি থকা ছোৱালীজনীৰ লগত মুখামুখি হ’লো। তাইৰ বয়স আঠ- ন বছৰমান হ’ব। গাটো কৃষ্ণ বৰণৰ, মুখখনৰ সোঁগালত দুটা আৰু থুতুৰিত এটা তিল।
“আপুনি সেইফালে নাযাব, ৰাস্তা নাই।”
“তেন্তে ?”
“সেইফালে অৰণ্যৰ নিচেই কাষেদি নৈ খন দক্ষিণ-পশ্চিমুৱা হৈ বৈ গৈছে।”
“উত্তৰ ফালেদি….?”
“ওহো। পথবোৰ পানীৰে উপচিল । আপুনি অলপ উভতি গৈ দক্ষিণফালে যাব লাগিব।”
“দক্ষিণ ফালে নদী……।”
“হয়। পাৰ হ’ব পাৰিব। ব’লক, দেখুৱাই দিছো।”
অলপ উভতি গৈ দুয়োকাষে আগুৰি থকা কাঁইটীয়া লতাজাতীয় গছকেইজোপাৰ মাজেৰে সৰু এটি পথেৰে কিছুদূৰ আগবাঢ়ি গ’লো। নৈয়ে খহাই নিয়া পূৰণা আলি এটাৰ ধ্বংসাৱশেষ। তাতে বহি আছে এগৰাকী ক্ষীণ-মীণ আলৰ বুঢ়া; দাড়ি-চুলি পকা। মই কিবা সুধিব খুজোতেই তেওঁ আঙুলিৰ নিৰ্দেশনাৰে ক’লে, “সেইফালে নাওঁখন আছে।”
মই ঘূৰি চাই দেখিলো- সঁচাকৈ যন্ত্রচালিত নাওঁ এখন ইটোপাৰে ৰৈ আছে। মই তৎক্ষণাৎ নাৱত উঠিলো। ক্ষন্তেক সময় পৰত, নাওঁখন এৰি দিলে ।
হঠাৎ মোৰ চকু পৰিল ওচৰৰ বলুকা স্তুপত কাপোৰ ধুই থকা তিৰোতা দুজনীৰ ওপৰত; দুয়োৰে লগত কেঁচুৱা। সিহঁত বালিৰে খেলি আছে। লগে লগে মই চিঞৰিলো-
“আপোনালোক নাৱত উঠক। বলুকা স্তুপ ভাঙি যাব;সোনকালে উঠক।”মোৰ কথালৈ কোনেও কেৰেপ নকৰিলে; সকলোৱে হাঁহিব ধৰিলে। তাৰ পিছত, নাৱৰীয়াজনক বুঢ়া মানুহটোৰ বিষয়ে সুধিলে। তেওঁ ক’লে, “অ” সেই বুঢ়াটোৰ ঘৰ ইয়াতেই আছিল; যোৱাবাৰৰ ফ্লাডে ভাঙিলে। পিছত বুঢ়াৰ ডাঙৰ পুতেকটো আপাৰ আছামলৈ কামৰ সন্ধানত গ’ল। কিন্তু কিবা সংগঠন এটাই হেনো তাক ‘বাংলাদেশী’ সন্দেহ কৰি পুলিচক গতাই দিলে। পুলিচে এৰি দিলে যদিও আজি দহ বছৰেও সি ঘৰলৈ উভতি নাহিল। কিন্তু, বুঢ়াটোৱে পুতেকৰ অপেক্ষাত নিতৌ ইয়াতে আহি বহি থাকে।”
নাওঁখন সিটো পাৰ পোৱাত নামিলো। তেতিয়া বেলি অপৰাহ্ন। ভোকে-পিয়াহে জৰ্জৰিত ক্লান্তিময় দেহেৰে আগবাঢ়ি গৈ আছো। প্রায় ছয় কিলোমিটাৰ যোৱাৰ পিছত পকী আলি এটা পালো । আলিটোৰ যান- জ’টত অলপ থমকি ৰওঁ, পুনৰ খোজকাঢ়ো। লাহে লাহে সন্ধিয়া নামি আহিল । তাৰ পিছত ৰাতিৰ অন্ধকাৰ, ৰাতি গভীৰৰ পৰা গভীৰতৰ হ’ব ধৰিলে। মই গৈ আছো, ৰুদ্ধ হোৱা নাই মোৰ গতি ।◆
বিহু সন্মিলন
বিশ্বজিত সূত
ধেমাজি
সিদিনা আছিল ব’হাগ মাহৰ ১৩ তাৰিখ। বুদ্ধ পূর্ণিমা। ৰাতিলৈ বৰ বাকৰি তলিত বিহুৰ ‘ফাংচন।’ পুৱাৰে পৰা বলি,বেতনীঝাৰ,সোণবৰ চুক,বড়ি গাওঁ আদি সাতখন গাঁৱৰ ডেকা-গাভৰুৰ গাত তত্ নাই। সাত খেলিয়া ৰঙালী উৎসৱ।সোণবৰৰ ৰমেন মাষ্টৰ বিহু কমিটিৰ সম্পাদক, ডেকা ল’ৰা। ২৮ টি বসন্ত পাৰ কৰা এটি পাহোৱাল ডেকা। সৎ চৰিত্ৰবান। তেওঁ সমাজৰ সকলো দিশৰ লগতে জড়িত। আটাইয়ে তেওঁক সমীহ কৰি চলে। সৰুৰ পৰা আলৰ বুঢ়া-মেথালৈকে সকলোৰে তেওঁ অতি মৰমৰ, অতি আদৰৰ ৷ অশেষ কষ্ট কৰিছে, যাতে প্ৰতিটো কাৰ্যসূচীয়েই আকর্ষণীয় হয়। ভাল ভাল চাই বিহুৱা দল, নৃত্যৰ দল কেইটামানো গোটাইছে। ভাগে ভাগে দায়িত্ববোৰ ভাগ কৰি দিছে। যাতে সময়মতে সকলোবোৰ কাম নিয়াৰিকৈ হয়। স্থানীয় বিধায়ক “সাংস্কৃতিক সন্ধ্যা” উদ্বোধনৰ বাবে আহিব । সোণতলি আৰু বেতনীঝাৰ তিনিআলিৰ মূৰত তেখেতৰ সন্মানার্থে এখন টোৰণ দিবলৈ দুখন গাঁৱৰ “আত্ম সহায়ক গোট” ৰ সদস্যসকলে নিজে দায়িত্ব লৈছে। যুৱতীসকলে অতিথি আপ্যায়ণকে ধৰি আমন্ত্ৰিত সকলৰ সেৱা-শুশ্রূষাৰ দায়িত্ব লৈছে। চাহ-তামোল যোগান ধৰাৰ পৰা পানী দিয়ালৈকে সকলোবোৰ ভাগে-ভাগে লিষ্ট কৰি দিছে। গাঁৱৰ গাঁওবুঢ়াৰ পুতেক সৰুকণ হাজৰিকাক সভাপতি মাতিছে। বয়স ৪০ বছৰৰ দেওনা পাৰ হোৱা উদ্যমী পুৰুষ। সৎ চৰিত্ৰৱান আৰু দয়ালু ব্যক্তি। সকলো দিশত আসন দখল কৰিব পৰা গুণসম্পন্ন এজন আগশাৰীৰ ব্যক্তি। গাওঁৰ পৰা বাহিৰত থাকিয়েই গাওঁখনৰ উন্নতিৰ হকে পুথিভঁৰালৰ পৰা নামঘৰ, ৰঙ্গমঞ্চ আদিলৈকে গাঁৱত হোৱাৰ ক্ষেত্ৰত তেখেতৰ বৰঙণি অসীম। সমাজ কল্যাণ বিভাগত চাকৰি কৰে। চহৰত থাকে। চাকৰিৰ দায়িত্বৰ মাজতে চৰ্চা, বিভিন্ন অনুষ্ঠানৰ কাম-কাজো চলাই গৈছে। একালত গাঁৱত থাকোতেই “মইনা পাৰিজাত” “দেওবৰীয়া বুলনি” আদি নামেৰে কেইবাখনো গাঁৱৰ ল’ৰা-ছোৱালীক লৈ অনুষ্ঠান পাতিছিল। সেই লৈয়েই গাঁৱৰ আগৰণুৱাসকলে দান-বৰঙণিও আগবঢ়াইছিল।
এদিনৰ কথা। “দেওবৰীয়া বুলনি” বেতনীৰ গাঁৱৰ আমন্ত্ৰণক্ৰমে সেই গাঁৱৰ নামঘৰত আয়োজিত হ’ল। গাঁৱৰ ডেকা-বুঢ়া আদি সকলোৱে যোগ দিলে। অনুষ্ঠানটি সঁচাই বাচকবনীয়া হ’ল। গণিৰাম দাইটিয়ে সাংবাদিক জোৱায়েক তপনক মনে মনে মতাই আনিলে । ফটোসহ বাতৰি কাকতত ছপা হ’ল । সকলোৰে কি যে আনন্দ ! গাঁৱত উখল-মাখল লাগিল । জিলা মইনা পাৰিজাতলৈ নিমন্ত্ৰণ পালে। সৰুকণৰ উদ্যোগত জিলাতো স্থান দখল কৰিলে। তেতিয়াৰ পৰাই সৰুকণ সাতগাঁৱৰ চকুৰ মণি। সেয়ে এইবাৰো তেখেতক সভাপতিৰ আসন অলংকৃত কৰিবলৈ সাত খেলিয়াই তেওঁক বিচাৰিছে ।
যথাসময় আহি পালে। সকলোৰে গাত তৰণি নাই। জিলাখনৰ ভিতৰতে প্ৰায় জাকত-জিলিকা বিহু উৎসৱ হয় সেই ঠাইত। পদাতিৰ পৰা আৰম্ভ কৰি চাৰিচকীয়ালৈকে বহু ঠাইৰ মানুহ আহে চাবলৈ । দূৰ- দূৰণিৰ ভাল নাচ-গীত আদিৰ পৰা থলুৱা গীত-নাচ দিব পৰা জনলৈকে সকলোৱে সমান ঠাই দখল কৰে ৷ বাৰে-ৰহণীয়া কৃষ্টিৰ বাবে ই জিলাৰ ভিতৰতে প্ৰথম। সেয়ে মানুহৰ সোঁত বেছিকৈ বয় । তাৰ লগতে আমন্ত্রিত অতিথিসকলৰ যি ভাষণ সেয়াও বহু উচ্চ মানৰ হয়। তাক শুনিবৰ বাবেও এচাম আহে এই বিহু উৎসৱলৈ। মুঠৰ ওপৰত বাৰিষাৰ বানৰ দৰেই সোঁত- অন্তহীন অন্তহীন স্ফূর্তি।
যথাসময়ত কৰ্মীসকলে তালিকা মতে কাম কৰি অঁতালে। কাকো কোনো ধৰণৰ অৱহেলা কৰা দেখা নগ’ল। জীয়াৰী বোৱাৰীৰ পৰা আলৰ বৃদ্ধালৈ সকলোৱে দায়িত্বশীল ভাবেই কামত অগ্ৰসৰ হ’ল। “গেৰুকাপাম” আৰু “পুখুৰীয়া” গাঁৱৰ কেইবাটাও আত্মসহায়ক গোটে এইবাৰ প্ৰথমবাৰৰ বাবে এটি নতুন কাৰ্যসূচীৰে ঠাইখন আৰু অধিক সুন্দৰ কৰি তুলিছে। “প্ৰদৰ্শনী”এখন পাতিছে স্থানীয় হস্তনির্মিত বস্তুৰ লগতে গাঁৱৰ মহিলাসকলে তাঁতশালত তৈয়াৰ কৰা বিভিন্ন ৰকমৰ কাপোৰ, বিভিন্ন খাদ্যবস্তু আদি। গোঁঠা, বোৱা-কটা, সজা আদি বস্তুৰ পৰা বাৰীৰ শাক, ফল-মূললৈকে নানা তৰহৰ দ্ৰব্য। সঁচাই অতি আকর্ষণীয় হৈছে। দ্বাৰ মুকলি কৰিবৰ বাবে সাতগাঁও উচ্চমাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মাননীয় শ্রীযুত জ্যোতিময় কাকতি দেৱক মাতিছে। নামে মানুহে একেবাৰে ৰজিতা খোৱা । জ্যোতি মানে চন্দ্ৰ বদন ৷ ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত কৃতি শিক্ষক ৷ কৰ্মৰাজিয়ে এনেহে প্ৰমাণ কৰে যেন, তেখেত এই কৰ্মৰ বাবে জন্মিছে। বিদ্যালয়ৰ সমূহ কৰ্মচাৰী আৰু ছাত্ৰই বেয়া নাপায়। মানে বেয়া পোৱাৰ তিলমানো খুঁত নাই ।
এবাৰৰ কথা, বিদ্যালয়ত নতুনকৈ নিযুক্তি পাইছে এজন ডেকা ল’ৰাই। কিছুদিন অধ্যয়নৰ পাছত গম পালে তেওঁৰ স্বভাৱৰ অলপ খুঁত আছে। দিন বাগৰি গৈ আছে। দশম মানৰ চকুত লগা এজনী ছোৱালীৰ ওপৰত তেওঁৰ চকু পৰিল । ক্ৰমে প্ৰেমৰ বিনিময় হ’ল । বহুদূৰ আগবাঢ়িল । কথাটো প্রধান শিক্ষক কাকতি চাৰে গম পালে আৰু ইমান কৌশলগত আৰু সুন্দৰভাৱে সমস্যাটো সমাধন কৰিলে যে দুয়োপক্ষৰ লগতে তৃতীয় পক্ষয়ো অসন্তোষ প্রকাশ কৰিব লগা
নহ’ল ।
সভাপতিৰ লগতে নিমন্ত্ৰত সকলো অতিথি আহি স্থানীয় কাৰ্যালয়ত উপস্থিত হ’ল। চাহ-তামোলৰ আপ্যায়নৰ পাছত গায়ন-বায়ন,ঢোল-দগৰে, নাচনীৰ নাচেৰে নিৰ্দিষ্ট ঠাইলৈ আদৰি আনিলে৷ চাৰে এখন ফুলাম গামোচাৰ আদৰণিৰ পাছত শুৱলা,ৰসাল আৰু তত্ত্বগধুৰ ভাষণেৰে প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰিলে। দুৱাৰ খোলাৰ লগে লগে ভেটা ভাঙি পানী সোমোৱাৰ দৰে মানুহবোৰ হুৱাদুৱাকৈ সোমাল। টিকট নোপোৱা সকলে টিকটঘৰত তোলপাৰ লগালে। খুব কম হাৰত টিকট দিয়াত মানুহৰ হেঁচা দুগুণে চৰিল। সকলোৰে মুখত প্ৰদৰ্শনীৰ বৰ্ণনাতীত আলোচনা। আমন্ত্রিত অতিথি সকলেও উদ্যেক্তাসকলৰ শলাগ ল’লে ।
সময় বাগৰি গ’ল। সন্ধ্যা হোৱাৰ লগে লগে ৰে’লৰ ডবাৰ দৰে বিধায়কৰ গাড়ীৰ লাইন লাগিল। স্থানীয় বিধায়ক মাননীয় শ্ৰীযুত তাপস কুমাৰ তামুলী আহি সভাগৃহত উপস্থিত হ’ল। মানুহৰ উদুলি-মুদুলি লাগিল। বৰ গহীন-গম্ভীৰ, চতুৰ ৰাজনীতিজ্ঞ, সমাজ সেৱক। সকলোৱে তেখেতক ভাল পায়। সকলোৰে প্ৰতি তেখেতৰ শ্ৰদ্ধা-ভক্তি, আচাৰ-ব্যৱহাৰ সমান। কেইবাগৰাকীও গাঁৱলীয়া হোজা আইতাই তেখেতৰ ভৰিত ধৰি সেৱাকে কৰিলে। বিধায়ক তামুলী হতভম্ব হ’ল। আইতা কেইগৰাকীক তুলি ধৰি তেনে কৰাৰ বাবে তেখেতে ভুল স্বীকাৰ কৰিলে । সময়ৰ প্ৰতি লক্ষ্য ৰাখি যথা সময়ত “সাংস্কৃতিক সন্ধ্যা” উদ্ধোধন কৰি এটি শুৱলা গীতো গালে । বিহুৰ লগত সংগতি ৰাখি অকণ মান ভাষণ প্রদান কৰিলে আৰু অঞ্চলটোৰ উন্নয়ন কৰাৰ কথাও ঘোষণা কৰিলে । তাৰ অন্তত আপ্যায়ণেৰে আপ্যায়িত হৈ পুনৰ ভটিয়নী পথ ল’লে৷ গোটেই নিশাধৰি বিভিন্ন ঠাইৰ পৰা অহা শিল্পীসকলৰ গীত-মাত, নাচ-বাগ, কৌতুক আদি উপভোগ কৰি দৰ্শকসকলেও সময় অতিবাহিত কৰিলে ।
ক্ৰমে পূৱফালে ঢল ফাঁট দিলে।ফেঁচু চৰায়ে ঘেহ-টিও-টিও বুলি ৰাতি পুৱাৰ বাতৰি ৰাইজক দিলে। প্ৰায়বোৰ মানুহ ঘৰাঘৰি গৈছে। ঘৰত গৈ শুইছেগৈ। দায়িত্বত থকা সকলৰ কিছুসংখ্যকহে আছে। চাৰিওফালে ভালেখিনি পোহৰ হ’ল। ঠিক সেই সময়ত হঠাৎ ক্রিং ক্রিং কৈ সম্পাদক ৰমেন মাষ্টৰৰ ফোন বাজি উঠিল। এটি মর্মাহত খবৰ৷ সভাপতিৰ দায়িত্ব সামৰি চহৰলৈ ঘূৰি যোৱা পথত সৰুকণ হাজৰিকাৰ গাড়ী এক্সিডেণ্ট হৈছে। অলপ গুৰুতৰভাৱেই জখম হৈছে। খবৰটো শুনি তাত থকা সকলোৱে আঠুকাঢ়ি ঈশ্বৰক কাকুতি জনাই প্ৰাৰ্থনা কৰিলে যাতে ঈশ্বৰে তেখেতক সোনকালে আৰোগ্য কৰে। ইতিমধ্যে দুদিনৰ পাছত খবৰ আহিল গুৱাহাটীৰ এখন আগশাৰীৰ নাৰ্চিংহ মত ভৰ্ত্তি হৈ আছে। এতিয়া অলপ ভাল পাইছে। গাঁৱৰ ডেকা- গাভৰুৰ পৰা বুঢ়া-মেথালৈকে সকলোৱে তেওঁক চাবলৈ চহৰলৈ ঢাপলি মেলিলে।◆
প্রতীক্ষা
ৰুণীয়া খাতুন
শীতৰ সেমেকা বতাহ। সামান্যভাবে খোল খাই থকা খিৰিকীৰে সোমাই অহা বতাহজাকে দেহত আনিলে শীতল অনুভৱ। জোৰেৰে সোমাই বতাহ জাকে তাইৰ গালে মুখে একোঁচামান দীঘল চুলিৰে কোবাই দিয়াৰ দৰে অনুভৱ হোৱাত তাই সাৰ পালে । তেতিয়া বেৰৰ সূৰ্য্যৰ ৰাঙলী পোহৰে মুখখন ৰঙা পৰিছে। লাহে লাহে সূৰ্য্যৰ ৰাঙলী কিৰণে কুঁৱলীৰ মিঠা আৱৰণখনি আতৰাই গছ বিৰিখৰ সেউজ সজীৱ দৃশ্যবোৰ প্রোজ্জ্বল কৰি তুলিছে। তাই বিছনাৰ পৰা নামিল ৷ প্ৰত্যেক দিনৰ দৰে গা-পা ধুই কলেজলৈ যোৱাৰ কাৰণে ওলাল। ঘৰৰ পৰা ১৫ কি.মি দূৰত তাইৰ কলেজ । তাইৰ নাম পূজ। মাকে মাতি আছে। বাপ্পি গাড়ীখন লৈ পূজাৰ কাৰণে অপেক্ষা কৰি আছে। মাক আৰু বাপ্পিৰ একমাত্ৰ আলাসৰ লাডু পূজা।
পূজা যেন কল্পনা আৰু বাস্তৱ জগতৰ মাজত ৰৈ থকা এক অলীক সপোন । পূজা যেন এক পুৰণি প্ৰেমিকা । তাইৰ প্ৰেমিক গান আৰু কবিতা। গানৰ ক্ষেত্ৰত কথাটো ভিন্ন। বহুবাৰ শুনিলেও আমনি নালাগে বৰঞ্চ নতুন ৰূপত ধৰা দিয়ে। মন মাজুলি উদ্ভাসিত হয়। আকৌ কবিতাই আনি দিয়ে বিষণ্ণতাৰ পৰা মুক্তি। প্ৰেৰণা যোগায় জীৱনত সুখী হ’বলৈ। জীৱনৰ অৰ্থ বুজিব নোৱাৰা সময়ৰ পৰাই দুঃখ,কষ্ট, যন্ত্ৰণা আৰু লাঞ্চনা আৰু বিষাদ ৷ জীৱনৰ সংগী হৈ পৰিছিল কবিতা। ঠিক সেইদৰে বাপ্পিৰ জীৱনটো গান চৰ্চা কৰি নিজৰ কষ্ট নাভাবি সমাজত শান্তি দিব বিচাৰিছিল। কিন্তু ভাগ্যই যেন নেৰিলে। জেতুকা পাতৰ দৰে ক্ষত-বিক্ষত যন্ত্ৰনা আঘাতেৰে জীৱনটো পৰিপূৰ্ণ হৈ পৰিছিল। শৈশৱৰ পৰাই আতৰত আছিল মাতৃ । এবেলা খাই নাখাই পাৰ কৰিছিল সময়। কেতিয়াবা ৰাতি মাকৰ লগত শুই থাকোতে অকলে অকলে খিৰিকীৰ ফাঁকেৰে আকাশৰ তৰাবোৰ আপোন মনেৰে চাইছিল আৰু মাকক সুধিছিল-“বাপেকৰ কথাটোহে ভাবি আছেনে আই?” মাজ নিশাৰ গীৰ্জাৰ ঘন্টা ধ্বনিৰ দৰে বাজি উঠিছিল আইৰ কানত এই কথা । কেতিয়াবা ৰাতিও যেন গভীৰ হৈ পৰিছিল আৰু সময়বোৰো যেন বিষাদ পূৰ্ণ হৈ পৰিছিল । জীৱন নামৰ আগোচৰে ৰৈ থকা যাযাাবৰি ছবি আঁকি যায় নিতৌ । ইমান ভাৱনা আৰু অস্থিৰতাৰ মাজতো যেন তাই সুখী। কিয়নো তাইৰ সুখৰ একমাত্ৰ মূল চাবি- কাঠি খন তাইৰ বাপ্পি । সূৰ্যৰ দৰে। যাৰ অবিহনে পৃথিবী অন্ধকাৰ আৰু পূজাৰ পৃথিৱীৰ সূৰ্য যেন তাইৰ বাপ্পি। যি পোহৰে প্ৰতিটো পুৱাই জীয়াই থকাৰ প্ৰেৰণা যোগায়। সাগৰৰ তলীৰ মায়াময় সভ্যতাৰ পৰা আকাশত দেখা দিয়া উজ্জ্বল পোহৰটোয়ে আছিল বাপ্পি।
কেতিয়াবা নিসংগতাৰ মাজতো অস্থিৰতা অথচ তাই পাহৰি যোৱা নাই অতীত ৷ কিয়নো বাপ্পিয়ে আছিল নিসংগতাৰ বন্ধু। তেঁও আছিল জীৱন সংগ্ৰামত জয়ী হোৱা আত্মবল, বিশ্বাসেৰে গঢ়া অবিনাশী দূৰন্ত শক্তি, প্ৰেমৰ নিজৰা, নিৰাপত্তা আৰু আশ্ৰয়ৰ স্থল ৷
পূজা দিনটোত বেছি সময়ে ব্যস্ত। কলেজৰ বাহিৰেও তাইৰ বহুত কাম। বহু মানুহৰ সৈতে তাইৰ সুসম্পর্ক। তথাপিও জীৱনে নিৰৱচ্ছিন্ন ভাবে আনন্দ দি যায়। আকৌ কেতিয়াবা কেতিয়াবা জীৱন নামৰ অৰ্থ তাই বুজিয়ে নাপায় । ইমান কামৰ মাজতো যেন অনুভৱ কৰে তাই ব্যস্ত নহয় । কিয়নো অতিমাত্রা ব্যস্ততাই মানুহৰ পৰা কাঢ়ি নিয়ে বহু মানৱীয় শিষ্টাচাৰ।
পূজা যেন এক অদ্ভুত নাৰী । মনত সীমাহীন অশান্তি আৰু দুঃখ যন্ত্ৰনাৰ মাজতো তাই বন্ধু-বান্ধৱীৰ মৰমৰ এনাজৰীডাল ছিঙিৱ নিদিয়ে। তাইৰ বিশাল হৃদয়ৰ মাজতে হৃদয়ৰ আচলেৰে বান্ধি ৰাখে মৰমৰ এনাজৰী আৰু মধুৰ সম্পৰ্ক। এনেতে পূজাই মাত লগালে– “বাপ্পি ৰ’বাচোন,কলেজ পালোহি। তুমি ঘৰত যোৱা। সময় হ’লে ফোন এটা কৰি দিম। মোৰ কাৰণে চিন্তা কৰিব নালাগে।” তাই কলেজ পালেগৈ।
ৰীতা তাইৰ অন্তৰংগ বান্ধবী। তাই সকলো কথা মুকলিকৈ ৰীতাৰ লগত আলোচনা কৰে। ৰীতা আৰু পূজা কলেজৰ দুয়ো খেল-পথাৰ খনৰ সন্মুখত আম-গছৰ তলত বহি কথা পাতি থকাৰ সময়ত পূজাৰ ফোনটো বাজি উঠিল। তাই ফোনটো হাতত লৈ দেখিলে ৰাকেশ । ৰাকেশ পূজাৰ বন্ধু । তেওঁ ডাক্তৰ । গুৱাহাটী মেডিকেল কলেজত কাম কৰি আছে। পূজাই ফোনটো ৰিচিপ কৰিলে –
ঃহেল্ল’….হেল্ল’….
:হেল্ল’। পূজা, কি খবৰ তোমাৰ? ক’ত আছা?
:মোৰ ভাল, মই কলেজত আছো, তুমি ক’ত আছা ?
: মই ইফালে গৈ থাকোতে তোমাক মনত পৰিল, মই তোমাৰ কলেজৰ সন্মুখত আছো।
ঃ ৰ’বা মই গৈ আছো ৷ ৰীতা ব্যস্ত থকাৰ কাৰণে পূজা অকলেই ৰীতাক কৈ বাহিৰলৈ ওলাই গ’ল।
পূজা ওলাই আহি দেখা পালে যে ওচৰৰ দোকান খনৰ সন্মুখত ৰৈ আছে ৰাকেশ । পূজা ৰাকেশৰ ওচৰত পালেগৈ। হঠাৎ চকুত পৰিল ৰাকেশৰ কাষত থকা তেওঁৰ বন্ধুলৈ । তেওঁক দেখা পাইপূজাৰ অজানিতে কিবা এটা অনুভৱ হ’ল। লগে লগে ৰাকেশে কলে, “ই .মোৰ বন্ধু”। পূজাই একো নক’লে। ৰাকেশক ক’লে, “ব’লা, ওচৰৰ ৰেষ্টুৰেণ্টত চাহ একাপ খাই আহো।” তিনিও ৰেষ্টুৰেণ্টত সোমাল । ৰাকেশ আৰু পূজা কথা কোৱাৰ সময়তে হঠাৎ পূজাৰ চশ্মাৰ ফাঁকেৰে তেওঁৰ চকুত চকু পৰিল । পূজাই সুধিব বিচাৰিছিল তেওঁৰ নাম আৰু কথাও পাতিব বিচাৰিছিল তেওঁৰ লগত। কিন্তু পূজা নিজকে সংযম কৰি একো নক’লে । ৰাকেশে দুয়োকো চিনাকি কৰাই দিলে। তেতিয়া দুয়ো কথা পাতিলে। তেওঁৰ নাম ৰাজ। দুয়ো দুয়োজনক পছন্দ কৰিলে। কিন্তু কোনেও কাকো নোকোৱাকৈ থাকিল। কথা কোৱাৰ আগতেই চকুৰ ভাষাত বুজি পালে দুয়োজনে। চকুৰ ভাষাতেই যেন পৰিচিত হ’ল।
যুগ-যুগান্তৰ, জন্ম-জন্মান্তৰৰ চিৰ পৰিচিত হৈ পৰিল দুয়োজন। পূজা আজি ভীষন আনন্দিত। মনতে ভাবিলে- ৰাজ তাইৰ জীৱনৰ সৰ্বস্ব। পূজাই ৰাজক পাই পূজাৰ হৃদয়ত যি প্রেম ভাৱনাৰ ৰিক্ত স্থান আছিল সেয়া আজি পূৰ্ণ হ’ল। ৰাজৰ পৱিত্ৰ আৰু নিঃস্বার্থ ভাল পোৱাৰ বান্ধোনত পূজা বান্ধ খাই পৰিল ।
পূজাই মনে মনে ভাবিলে- ‘ৰাজ তুমি কোন? তুমি কাৰ? কি তোমাৰ লক্ষ্য এইবোৰ মোৰ ওচৰত কোনো গুৰুত্ব নাই। গুৰুত্ব আছে কেৱল তুমি সুন্দৰ হৃদয়ৰ অনবদ্য আকর্ষণ যাৰ ওচৰত মই আজি বন্দি হৈ পৰিছো, ৰাজ। মোৰ দৃঢ় বিশ্বাস আমাৰ এই পবিত্ৰ সম্বন্ধ কেৱল এই জীৱনৰ কাৰনে নহয় মৃত্যুৰ পিছতো এই সম্বন্ধ অটুত থাকিব আৰু ভৱিষ্যতে যিমান বাৰ জন্ম গ্ৰহণ কৰিম তোমাৰ হৈ জন্ম গ্ৰহণ কৰিম ।
ৰাজৰ ওচৰত পূজা জীৱন্ত হৈ সুমধুৰ স্বপ্নৰ দৰে হৈ পৰিল। এনেকৈ দুয়োৰ মাজতে মাজে মাজে কথা- বতৰা হয়। দুয়ো দুয়োজনক ভাল পায় ৷ ৰাজ এম.বি.বি.এছ পঢ়ি আছে। তেওঁ বহুত সহজ-সৰল মনৰ অধিকাৰী । তেওঁ পূজাক ভাল পায় যদিও মাজে মাজে খং অভিমান নকৰাও নহয় ।
পূজাৰো বহুত ইচ্ছা তাই পঢ়া শেষ কৰি চাকৰি এটা কৰিব। ইয়াৰ উপৰিও তাই এজনী লেখিকা। কেতিয়াবা কেতিয়াবা তাইৰ বন্ধু-বান্ধৱীয়ে ঠাট্টাৰ সুৰত কৈছিল- “আজেবাজে লিখি কিতাপ আকাৰে উলিয়াই তুমি লেখিকা হ’ব পাৰিবা জানো।” পূজাও সহজ সৰল মনৰ অধিকাৰী। পূজাই জানে আচলতে যিসকলে আজি সফলতাৰ উচ্চ শিখৰত আৰোহন কৰিছে তেওঁলোকে এদিন সবাতোকৈ কঠিন বাধা বিপত্তি আৰু সমস্যাৰ সন্মুখিন হৈছিল ৷ পূজা কাৰো কথাতে কান হাৰ নকৰে ৷ তাইক বাপ্পিৰ বাহিৰে কোনেও লিখা মেলাত ছাপোৰ্ট কৰা নাছিল যদিও তাই ৰৈ থকা নাই। পূজাই ভাবে- ‘মই নতুন প্ৰজন্মক আগুৱাই লৈ যাম । গতিকে মই ভাঙি পৰিলে নহ’ব।নতুন প্ৰজন্মক মোৰ লিখা মেলাৰ মাজেৰে আগুৱাই লৈ যাম। মোৰ লিখনিৰ জৰিয়তে পয়ালগা সমাজ ব্যৱস্থাৰ পৰিৱৰ্তন আনিম ।
কিতাপ এখন কেৱল কেইটামান শব্দ বা বাক্যৰ সমষ্টিয়েই নহয় । কিতাপৰ জৰিয়তে জ্ঞানৰ বিকাশ হয় ৷ এখন ভাল কিতাপ সমাজ এখনৰ দাপোন স্বৰূপ। একোখন কিতাপ জাতিটোৰ সভ্যতাৰ মাপকাঠি। কিতাপ কোনে লিখিছে সেইটো ডাঙৰ কথা নহয়, কিতাপখনে সমাজখনক কি দিব পাৰিছে সেইটোৱে ডাঙৰ কথা ৷
পূজাৰ সাহস, আত্মবিশ্বাস আৰু পূজাৰ পথ প্ৰদৰ্শক তাইৰ বাপ্পিৰ জৰিয়তে হাজাৰ সমস্যা, কষ্ট, বাধা বিপত্তি পাৰ কৰি সময়ৰ ফাকেৰে নিজকে গঢ়ি তোলা পূজা আজি বিখ্যাত লেখিকা। সেয়ে জীৱন এক যুদ্ধক্ষেত্র। Life is a battle field. যুদ্ধত জয়-পৰাজয় থাকিবই। সেই বুলি ৰৈ থাকিব নালাগে। আগুৱাই যাবই লাগিব ।
মনবোৰ আকৌ কেতিয়াবা উকা উকা লাগে। জীৱনটো ফুলনিৰ ফুলৰ দৰে। ফুল যেনেকৈ মৰহি যায় ৷ ঠিক জীৱনো সেইদৰে উৱলি যায়। সমাধিৰ শেষ, সকলো শেষ। তথাপিওতো জীৱনে সজীৱতা পায় অনুভৱৰ দলিচাত। সেইবাবে পূজা অনুভৱৰ পিয়াসী, অনুভৱৰ আজন্ম প্রেমিকা।
পূজা ৰৈ আছে এবুকু সপোন লৈ। সি এদিন তাইৰ কাষ চাপিব বুলি সাজিছে অহনির্শে সাতো ৰঙীন এজাক মেঘালী সপোন। ৰাজ আহিব এদিন দুখৰ ডাৱৰ ফালি আৰু আনিব সুখৰ এজাক বৰষুণ। ◆
এলাহি ভৰসা
মূল-বংলা-আছাদুল ইছলাম
অনুবাদ- তাজমিনা নাছৰিণ
‘মিনহা খালাক না কুম’—তোমাক মাটিৰ পৰা সৃষ্টি কৰা হৈছে।
‘অফিহা নুয়ি দুকুম’—- মাটিতেই প্রোথিত কৰা হ’ল ।
‘অ’মিনহা নুখুৰিজুকুম তাহাৰাতান উখৰা-তোমাক মাটিৰ পৰা পুনৰাই উত্থিত কৰা হ’ব।
ৰফিচাচাৰ বুকুত মাটি দিয়াৰ বাবে তিনি চপৰা মাটি হাতত লৈ থিয় হৈ মাটি দিয়াৰ দোৱা আওৰাইছিল ৰাশিদুলে। সিঁহতে বাংলা ভাষাত কথা কয়, গালি-গালাজ দিয়ে….লিখা-পঢ়া কৰে। লিখা-পঢ়াৰ বেছি ভাগেই বাংলাত৷ অৱশ্যে কিছু পৰিমাণে ইংৰাজী আৰু সংস্কৃতো শিকিছে। ৰাশিদুলে এতিয়া ভাবে আৰবীও অলপ শিকিলে ভাল হ’লহেঁতেন। বিশেষ বিশেষ জাগাত কামত আহিলেহেঁতেন৷ কোনোবাই মৰিলে, নামাজ ৰোজাত বা ওৱাজ-মেহফিলৰ সময়ত নামাজ শিক্ষাৰ বাংলা উচ্চাৰণ চাই দোৱা-দৰুদ মুখস্থ কৰিব নালাগিলেহেঁতেন। এনেই পঢ়াৰ প্ৰতি আগ্ৰহ নাই। তাতে আৰু আৰবী ভাষাটো যেনে কঠিন, চালা একোৱেই মনত নাথাকে। নাউজুবিল্লাহ তওবা আছতাক ফেল্লাহ- এইবোৰ মনত থাকে। কম বয়সত ৰাছিদুলে ভাবিছিল– টুপী-টাপ্পা দিয়েই চলি যাব ৷ এতিয়া মাটি দিব আহি, মৃত্যুক নিচেই ওচৰৰ পৰা চাই, ৰাশিদুলে খুব ভয় পাইছে। মনে মনে ভাবিছে-সৱ জেগাতেই টুপি-টাপ্পা নচলে। কষ্ট হলেও আৰবীতেই মাটি দিয়াৰ দোৱাটো মনত কৰাৰ চেষ্টা কৰিছে আৰু ভাবিছে ৰফি চাচা এই সুন্দৰ পৃথিৱী এৰি গুচি গ’ল, দুনাই নাহে। অকলেই মাটিৰ তলত পৰি থাকিব। সেই দুনিয়াত কি হ’ব-কোনে জানে! অৱশ্যে ৰফি চাচাৰ বেহেস্তত যোৱাৰ চান্স কম। এই দুদিন মানহে হ’ল নামাজ-ৰোজা ধৰিছিল, দাড়িও ৰাখিছিল কিছুদিন ধৰি। ৰফি চাচাৰ বংশৰ কোনেও ফ’ৰ পাছ কৰা নাই, খুড়াসকলে গেবাৰী খাটিছিল, গৰু -ছাগলী পুহিছিল । ৰফি চাচাই ৰেকৰ্ড ভাঙিছিল। ফ’ৰ পাছ কৰাৰ পিছত যেতিয়া গম পালে যে পঢ়া আৰু নহ’ব তেতিয়াই পলাই ক’লকাতা পাইছিলগৈ । তাৰ গেৰেজৰ কাম শিকিছিল, শিকিছিল মদ আৰু নাৰীৰ নিচা কৰিবলৈ। মুঠতে গেৰেজৰ নিচিনা জেগাত যি যি শিকিব পৰা যায়- এটি দুটি কৈসৱ শিকিছিল। মাথো শিকিব পৰা নাছিল- সুস্থ জীৱন যাপনৰ একোকে । শিকাৰ সুযোগো নাছিল । ল’ৰাটো বেয়া হৈ গৈছে শুনি ছবুৰ মিঞাই ল’ৰাটোক বিয়া কৰাই দিছিল। তথাপি ভাল নহ’ল। ঘৰলৈ কম আহিছিল। ৰফি চাচাৰ ল’ৰা-ছোৱালী কেইটা ক’বলৈ গ’লে নিজৰ মতেই ডাঙৰ দীঘল হৈছে। এতিয়া ৰফি চাচাৰ ল’ৰাবোৰেও হাতৰ কাম কৰে। কোনেৱে সূতাৰ কাপোৰ বোৱা, কোনোৱে টেইলাৰিং আৰু কোনেবাই ৰুটীৰ দোকানত।দেউতাক ঢুকুৱাত সিহঁত সিকলোৱেই আহিছে। এতিয়া সিহঁতো একো একোটা ৰফি চাচা ৷
ইতিমধ্যে কবৰত মৃতদেহ শোৱাই দি ওপৰত বাঁহ পাৰি দিয়া কাম হৈ গৈছে। তাৰ ওপৰত পাতলকৈ ঢাৰি পাৰি মাটি দিয়া আৰম্ভ হ’ব। কবৰ খন্দাৰ সময়ত প্ৰথমতে কোৰেৰে তিনি কোব দি তিনি চপৰা মাটি তুলি ৰখা হয় । এই তিনি চপৰা মাটি ডাঙৰ ল’ৰাই দিয়াৰ পিছত সকলোৱে মাটি দিবলৈ আৰম্ভ কৰে । ৰফি চাচাৰ ডাঙৰ ল’ৰা আবুৰ হাতত সেই মাটি। মৌলবী চাহাবে তেওঁক দোৱা শিকাই দিলে। মূৰৰ ফালে তিনি চপৰা মাটি ৰখাৰ লগে লগে ৰাশিদুলহতে মাটি দিবলৈ ধৰিলে। এটা সময়ত মাটি দিয়া হ’ল। সকলোৱে মনে মনে ঘৰলৈ উভতিছে। এটা গম্ভীৰ পৰিবেশ। শোকাতুৰ সকলোৰে চকু-মুখ। কোনেও যেন এই মৃত্যুক আশা কৰা নাই। এইটো সঁচা কথা,কোনেও কাৰো মৃত্যু নিবিচাৰে। কিন্তু মৃত্যু বিচাৰিছিল এজন ল’ৰাই। কেইবাদিন ধৰি বিচাৰিছিল কোনোবাই মৰক। অৱশেষত ৰফি চাচাৰ মাধ্যমেৰেই কামটো কৰিব লগা হ’ল তাৰ। ৰফি চাচা নিজেই মৰিছে। সিতো মাৰা নাই। আজিকালি বাৰু আনৰ উপকাৰ কৰিবলৈ কোনে নিজৰ জীৱন দিয়ে। ৰফি চাচায়ো সেইটো কৰা নাই। তেওঁ মৰিছে বুলি ল’ৰাটোৰ অলপ উপকাৰ হ’ব। যিয়েই নহওঁক, চুবুৰীয়া হৈয়ো সামান্য উপকাৰ কৰিব নোৱাৰিব নে? হাজাৰ হওঁক সি একে গাঁৱৰেইতো ল’ৰা।
ল’ৰাটোৰ গাঁও অৰ্থাৎ ৰফি চাচাই পৃথিৱীত কালিলৈকে যিটো গাঁওত বাস কৰিছিল, সেয়া কলিকতা চহৰৰ পৰা এশ কিলোমিটাৰ দূৰৈত। অজ পাৰা গাঁও। সিহঁতৰ গাঁওত এতিয়াও বিদ্যুৎ নাই। অৱশ্যে ওচৰ- পাজৰৰ আন গাঁওত আছে। মাষ্টাৰ কাম পাৰ্টী নেতা সুশীল ভট্টাচাৰ্যসকলৰ ঘৰ সেইবোৰ এলেকাত ৷ ভট্টাচার্য চুবাৰ পৰা হুকিংলৈ বিদ্যুৎ গৈছে হাজাৰা চুবালৈ। গণেশ হাজৰাই টানিছে। এল. ছি. এম সুশীল ভট্রাচার্যই গণেশক পাৰমিচন্ দিছে। গণেশ সুশীলৰ শিষ্য। সুশীলৰ লগত মটৰ চাইকেলৰ পিছত বহি য’তে-ত’তে যায়। যেতিয়া দ’ গাত থকা বিপদ-সংকুল পথত গাড়ী চলায়, তেতিয়া গণেশে পিছফালৰ পৰা ঠেলি দিয়ে। সুশীল আগুৱাই যায়। গণেশ নাথাকিলে সুশীল কোনোবা এদিন ওলটি পৰি যাব, নিয়ন্ত্ৰণ ৰক্ষা কৰিব নোৱাৰিব- সেয়া গণেশে বুজি নাপায় । গণেশে মাথো পিছত বহি থাকে আৰু ভাবে সুশীলদাৰ মনটো কিমান ডাঙৰ, তাক গাড়ীত উঠোৱায়। ব’ল্ডাৰ পেলোৱা ৰাস্তাত মাজে মাজে গাড়ী ষ্টাৰ্ট নহ’লে ঠেলি দিব লগা হয়। গণেশে সেইবোৰ একো নাভাবে। সুশীলৰ পিছে পিছে ঘুৰি গণেশে এটা কথা বুজিব পাৰিছে কিবা পাবলৈ হ’লে কিবা দিবও লাগে। ল’ৰাটোৰ অৰ্থাৎ ৰফি চাচাৰ গাঁৱৰ মানুহেও কিবা দিছিল-পঞ্চায়ত ভোট। ভোটৰ আগত ভাবুকি । ভাবুকি দিয়া হৈছিল মুক্তাৰ, জব্বাৰৰ জৰিয়তে । মুক্তাৰ-জব্বাৰসকল ল’ৰাটোৰ অঞ্চলৰ যুৱ নেতা। সিঁহতেই ঠিক কৰে যুৱ, মহিলা সমিতি, কৃষক সভাৰ কুপন কাক, কোনটো দিব লাগিব, কলিকতা ব্রিগেডৰ মিটিঙত যোৱাৰ বাছ ভাৰা কিমান দিব লাগিব। যাব নোৱাৰিলে মানুহ ভাৰা কৰি দিব লগা হয় । মানুহ নাপালে এদিনৰ মজুৰি ভাৰা হিচাপে পঠিয়াব লগা হয়। মালিক পাৰাৰ পৰা সিঁহতে মানুহ ভাৰা কৰে। অৱশ্যে ল’ৰাটোৰ ঘৰত তেনে কোনো জোৰজবস্তি নকৰে,সকলো ভাই-ভনীয়েই লিখা-পঢ়া কৰে আৰু সিহঁতৰ দেউতাক কলিকতাত থাকে। অৱশ্যে অলপ কম-বেছিকৈ হলেও চান্দাটো দিবলগা হয়। নহলে মুক্তাৰ,আব্বাছ মদ খাই আহি ককৰ্থনা কৰে। চুবুৰীৰ কোনেও একো নকয়, খং দমন কৰি ৰাখে, কষ্ট হলেও নীৰৱে সকলো হজম কৰিব লাগে। সুশীলদা এই সকলক খুব চেনেহ কৰে। চেনেহ কৰে পাৰ্টীয়েও। কেৱল চুবুৰী নহয়, গাঁওৰ সৰ্বত্ৰ এওঁলোকে ‘পাৰ্টীৰ কাম’ কৰে। পাৰ্টীৰ কাম লড়াই কৰা । যিসকলে লড়াই কৰে, সিহতক বহুতেই গুণ্ডাবাহিনী বোলে।
ল’ৰাটোৰ গাঁওত লক্ষ্মীপূজা উপলক্ষে মেলা বহে। মেলাৰ শেষত গাঁৱৰ ল’ৰাবোৰে ‘যাত্ৰা’ কৰে।‘যাত্ৰা’ৰ কাৰণে চান্দা তুলিব আহিছে বহুতেই। সেইসকলৰ ভিতৰত গণেশ, মন্টু, মুক্তাৰ, জব্বাৰো আছে। ল’ৰাটোৰ দেউতাকে কলিকতাত জৰীৰ কাম কৰে। এতিয়া বেয়া চলিছে। সেয়ে আজিয়েই কলিকতাৰ পৰা উভতিছে। সিঁহতে পইচা দিব পৰা নাই কাৰণে এক কিলো চাউল লৈ গ’ল। তেতিয়া আবেলি চাৰে চাৰিটা-পাঁচটা মান হ’ব। দেউতা দুপৰীয়াই উভতি অহা কাৰণে কোনেও কাৰো লগত বিশেষ কথা কোৱা নাই। সৱ চুপ-চাপ, সৱ বুলোতে সিঁহত দুই ভাই, দুই ভনী আৰু মা-দেউতা। তাৰ দাদা সবাতোকৈ ডাঙৰ। গ্ৰেজুৱেচন কৰিছে, অনাচ আছে। তেনে এটা হাই-ফাই ষ্টুডেন্ট নহয়। তেনে নম্বৰলৈ চাকৰি বাকৰি হোৱাৰ চান্স কম। এতিয়া বিকল্প কামৰ সন্ধান কৰিছে। মাজতে এবাৰ কলিকতাত গৈছিল। তেনে কোনো সুবিধা কৰিব পৰা নাই। কোনো হাতৰ কামো শিকিব পৰা নাই। বৰ কদৰ্য পৰিৱেশ। চুবুৰীৰ হাতৰ কাম শিকা সমনীয়া ল’ৰাবোৰে দুৰ্বলতাৰ সুযোগ লৈ ইতিকিং কৰে । লিখা- পঢ়াক লৈ কুৰুচিকৰ মন্তব্য কৰে। ল’ৰাটোৰ দাদাই শুনিও নুশুনে, তেনে বন্ধুবোৰক এৰাই চলে। ডাঙৰ বাইদেউ ক্লাচ ইলেভেনত, সৰুটো নাইনত। ল’ৰাটো নিজে ক্লাচ ফাইভত পঢ়ে। লিখা- পঢ়াত বহু খৰচ। ছয়জনৰ খোৱা-বোৱাৰ খৰচো কম নহয়। মাটি-সম্পত্তিও সামান্য। দুমাহ মানৰ খোৰাক চলে। তাৰ পিছত, দেউতাই একমাত্ৰ ভৰসা। দেউতাক কেইমাহ ধৰি ঘৰত বহা। উপায় নোহোৱা হোৱাত পৰহি কলিকতালৈ গৈছিল, আজি ঘূৰি আহিল। ইৰাক নে ক’ৰবাত যুদ্ধ লাগিছে। জৰীৰ কাপোৰৰ পোছাক সেইবোৰ দেশতেহ বেছি যায়। যুদ্ধৰ কাৰণে মাল পঠিয়াব পৰা নাই। সেয়ে দিন বেয়া চলিছে এতিয়া । তাৰ দেউতা উভতি অহাত সকলো চুপচাপ হৈ গৈছে। কাৰো মুখত কোনো কথা নাই। মুখ-মুণ্ডল অন্ধকাৰ। এনে দৃশ্য চাই তাৰ মনটো বেয়া হৈ গ’ল। মাকেও একদম নিৰুপায় । এতিয়া কোনো কাৰণত চাউল পৰি গলে চুমা খাই তুলি লয়। তথাপি মাকে যেতিয়া সিহঁতক চাউল দিলে, তেতিয়া পুৱাৰ পৰা আশা কৰিও মাকৰ পৰা মেলা চাবৰ কাৰণে পইচা খুজিব নোৱাৰিলে। ল’ৰাটোৱ সন্ধিয়া পঢ়িবলৈ বহি পেনটো বিচাৰি নাপাই মাকক সুধিলে, “মা, পেনটো কোনে ল’লে, কোৱা না ? ”
তাৰ মাকে সন্মুখত, পিছফালে ঘূৰি বহি আছে। কথা কোৱা নাই। তাকে চাই তাৰ বৰকৈ কান্দোন আহি গ’ল। বুকুৰ মাজত কিবা যেন অস্থিৰতা আৰম্ভ হ’ল। সি ঘৰৰ পৰা চোতালত ওলাই আহিল। কোনোবাই মাৰিলে মাকৰ ওচৰত অভিযোগ দি যিদৰে কান্দে, ঠিক তেনেকৈয়ে কাৰোবাৰ ওচৰত ওঁঠ ফুলাই তাৰ কান্দিব ইচ্ছা গ’ল ৷ আইৰ বাদে আৰু কাৰ ওচৰত যাব! আইৰ পিছতেই দাদাই তাক বেছি মৰম কৰে। আজিকালি সিও কিবা যেন হৈ গৈছে । অলপ কথাতেই খং উঠে। দাদা আৰু আগৰ নিচিনা নাই, সেয়া বুজিব পাৰে সি । সেয়ে আৰু দাদাৰ ওচৰতো নাযায়। এই মূহুৰ্তত তাৰ কোনো নাই যাক ক’ব-তাৰ বুকুত লাগিছে, সত্য কৈছো- আল্লাহ কচম, খুব কষ্ট হৈছে। ভীষণ মন খাৰাপৰ মাজতো আল্লাহ উচ্চাৰণৰ লগে লগে তাৰ এটা কথা মনত পৰি গ’ল- যাৰ কোনো নাই, তাৰ আল্লাহ আছে। কথাটো মাকে সদায় কৈ থাকে। সি নিজকে সান্ত্বনা দিয়াৰ দৰে মনে মনে ক’লে- কোনেও নাথাকক, নামাতকআল্লাহতো আছে। মাকৰ পৰা শুনিছে-আল্লাহ সর্বশক্তিমান, সৱ পাৰে। ল’ৰাটোৱে ঠিক কৰিলে, যি ক’ব লাগে আল্লাহকেই ক’ব। পৰম কৰুণাময়ক সকলো জনোৱা দৰকাৰ, তাৰ দুঃখবোৰ জনাবই লাগিব। কিন্তু সেয়া জনাব কেনেকৈ? ঠিক কৰিলে চিঠি লিখিব। আজি ৰাতিয়েই চিঠিখন লিখিব লাগিব ।
এতিয়া ৰাতি ন বাজিছে, মাকে টোপনি গৈছে, দেউতাকেও। বাইদেউ সকলে কাষৰ কোঠাত পঢ়িছে। দাদাই ক’ৰবাত গৈছে এতিয়াও অহা নাই, বহু ৰাতিহে উভতিব। ল’ৰাটোৱে কিতাপ মেলি বহিছিলহে মাত্ৰ ৷ কেইমাহমান পিছততেই ফাইনেল পৰীক্ষা। তাৰ পিছত সকলোৱে কিতাপ কিনিব লাগিব। ওপৰৰ ক্লাচৰ কিতাপৰ বহু দাম। দাদাই কৈছিল স্কুলৰ শিক্ষকসকলে কিতাপৰ গৰাকীৰ পৰা টকা ঘোচ লৈ বছৰে বছৰে কিতাপ সলনি কৰে। ছিলোবাছ একেই।সেয়ে দুই এবছৰৰ পুৰণি কিতাপতো অসুবিধা নহয় । পুৰণি কিতাপৰ পৃষ্ঠাবোৰ অলপ-চলপ চিঙা থাকে। সেয়া কোনো ফেক্টৰ নহয়। চিঙা পাতৰ পঢ়াবিলাক আনৰ কিতাপ চাই লিখি ল’ব লাগে। ল’ৰাটোৱে তাকেই কৰে। এইবোৰ কথা ভাবি থাকোতে মনত পৰি গ’ল পলম হৈ আছে। হাৰিকেনটো অলপ ওচৰত নি বহি থকা তালপাতৰ পাটিৰ ওপৰত বহী খন ৰাখি, কি লিখিব ভাবি থাকোতেই দাদাৰ মুখখন তাৰ চকুত ভাহি উঠিল। দাদাই তাক চিঠি লিখা শিকাইছিল। হাৰিকেনৰ পোহৰৰ পিনে সি একেথৰে চাই আছে। চকু মুখ উদাস,কেনে ৰুগীয়া হৈ গৈছে তাৰ দাদা! দাদাৰ মুখখন চাই ভীষণ মায়া উপজিল তাৰ। সি আৰু দেৰি কৰিব নুখুজিলে, অস্থিৰ হৈ উঠিল। যেনিবা চিঠিখন লিখা আৰু পঠিওৱাৰ অপেক্ষাহে মাত্র । সি নিশ্চিত, এইখিনি হ’লেই সি দাদাৰ মুখত হাঁহি চাব পাৰিব। হাঁহি চাবলৈ কলম চলালে-
প্রিয় দয়াময় আল্লাহ,
মোৰ ছালাম ল’বা। আশা কৰিছো তুমি ভালেই আছা। কিন্তু মই ভালে থকা নাই। ভীষণ কষ্টত আছো। আব্বা সেই যে কিমান দিনৰ পৰা ঘৰত বহি আছে, কাম-বন নাই। কত লোকে কাম পাইছে, কিন্তু আব্বাই পোৱা নাই। তুমিতো সৱ জানা। আব্বাক কিবা এটা ব্যৱস্থা কৰি দিব। আব্বা এতিয়া খুব পেন পেনাই থাকে । সৰু-সুৰা কথালৈ মাৰ লগত খং কৰে। এইবোৰ একদম ভাল নালাগে। সকলোৱে কৈ আছে ডাঙৰ বাইদেউক বিয়া দিব লাগে। এজন ভাল ল’ৰাৰ লগত দেখা-শুনা হৈছিল। বাইদেউক সিহঁতৰ পছন্দ। কিন্তু টকা খুজিছে বহুত । তুমিয়েই কোৱা-আমি ইমান টকা কত পাম? বাইদেউ বহুত কান্দিছিল । মোৰো বৰকৈ কান্দোন আহিছিল। আমি আৰু কি কম, মাই বহুত কষ্টৰে কিছু গহনা আৰু টকা সঞ্চয় কৰিছিল- সৱ পুৰি গ’ল। যিসকলে মুক্তাৰ,জব্বাৰসকলক গুণ্ডাবাহিনী বুলি কৈছিল সিঁহতক তেওঁলোকে ‘কেচ্’ পোৰাৰ সময়ত পুৰি দিছিল৷ তুমি শাস্তি দিলা ক’ত? মুক্তাৰ চাচা, জব্বাৰ চাচাহঁত ভাল মানুহ নহয়। সিহঁতৰ অত্যাচাৰৰ বাবেই এইবোৰ হ’ব পালে। তুমি সিহঁতক একোৱেই নকৰিলা। সিহঁতে তোমাক এতিয়া ভয় নকৰে, দাদাই কৈছিল সৱ জেগাতেই হেনো এনেকুৱা হৈছে। গুজৰাট, আফগানিস্থান, ইৰাকত অনেক লোকক হত্যা কৰা হৈছে। এই কথাবোৰ কি সত্য? যদি সত্য হয় তেন্তে সৱ জানি-বুজি তুমি নীৰৱ কিয়? এইটো তুমি ঠিক কৰা নাই। সিহঁতক অতিশীঘ্ৰে শাস্তি দিবা। নহ’লে তুমি আল্লাহ কিয় হৈছা? যদি নামাজ পঢ়াৰ কথা কোৱা তেন্তে মায়ে দেখোন নিয়মিত নামাজ পঢ়ে, কোৰান শ্বৰীফ পঢ়ে, তথাপি আইক কন্দোৱা কিয়? দাদাইয়ো নামাজ শিক্ষা পঢ়ি নামাজ পঢ়া শিকিছিল। ঘৰ পোৰাৰ পিছত এদিনাখন মাই যেতিয়া কান্দিছিল আৰু কৈছিল মোৰ কপালটোৱেই বেয়া,তেতিয়া দাদাই কৈছিল-নামাজ-চামাজ বেকাৰ । সেই কথাত মাই দাদাক মাৰিছিল । তথাপি তুমি আমাৰ ঘৰটো ৰক্ষা নকৰিলা ! আমি আশাত আছো- নিশ্চয় তুমি কিবা এটা কৰি দিবা। দাদাৰ ওপৰত আমি আশা কৰিছিলো, সিতো বেকাৰ। তুমিচোন জানাই কিমান কষ্ট কৰি দাদাই পঢ়িছে। ইয়াত সকলোৱে কৌশল কৰিয়েই আমাক চাকৰি দিয়া নাই। ভোলা পোড়েল, সুকুমাৰ মালিক- সিহঁতে তিনি-চাৰিবাৰকৈ ফেইল কৰি পঢ়িলে, সিহঁতৰো চাকৰি হ’ল। কিন্তু দাদাই এবাৰো ফেইল কৰা নাই। দাস পাৰাৰ শীতল দাসহঁতে তিনিজন দাদা-ভাইয়েই এতিয়া চাকৰি কৰে, ডাঙৰ মানুহ। ডাঙৰ মানুহ কিয় চিডিউল কাষ্ট হ’ব? জানা, মোৰ ধাৰণা দাদা দিনে দিনে বেয়া হৈ আছে। তুমি সোনকালেই এটা কামৰ ব্যৱস্থা কৰি দিবা ৷ মোৰ হয়তো পঢ়া-শুনা আৰু নহ’ব চাগে । হাতৰ কাম শিকা লৈ ঘৰত এদিন আলোচনা হৈছিল। নাজানো কি হ’ব। মাজে মাজে মনটো বৰ বেয়া হৈ যায়, তিনি-চাৰিদিন পঢ়িব নোৱাৰো; ভাবো- মই কেতিয়াও আৰু প্ৰথম হ’ব নোৱাৰিম। মায়ে আমাৰ সকলোকে লৈ ভীষণ চিন্তা কৰে,কান্দেও মাজে মাজে। মাই কান্দিলে খুব বেয়া লাগে। সত্য কৈছো, ভীষণ কষ্ট হয়। কওঁ-নাকান্দিবা, মোৰ কথা শুনিবই নুখোজে। একোৱেই নিলিখো আৰু। মোৰ ছালাম ল’বা। অতি সোনকালে উত্তৰ দিবা কিন্তু। তোমাৰ চিঠিৰ আশাত থাকিলো। ইতি-
লিখাৰ পিছৰে পৰা হাফপেন্টৰ পকেটত, কিতাপৰ বেগত বহুদিন ঘুৰিলে চিঠিখন। কেনেকৈ আল্লাহৰ ওচৰলৈ পঠিয়াব পৰা যায়–ভাবি উলিয়াব পৰা নাই। ডাকতো কোনো দিন চিঠি দিয়া নাই। ডাকত দিলে আল্লাহৰ হাতত যাব নে নাই-জানে কোনে। আল্লাহৰ ঠিকনাটো সি নাজানে। জানে ওপৰত থাকে। কলিকতাত থাকিলে মাকে চুবুৰীয়াৰ হাতত তাৰ আব্বালৈ চিঠি পঠিয়ায়, সেয়া সি দেখিছে। কাৰোবাৰ হাতত চিঠি পঠিয়ালে আল্লাই পাবনে ? ৰাতি শুবলৈ গৈ ভাবি থাকোতে মনত পঢ়িল- সি যেতিয়া নিচেই সৰু, ওৱান-টুত পঢ়ে, তেতিয়া ফাতিমাৰ মা ঢুকাইছিল। কবৰস্থানলৈ লৈ যোৱাৰ উদ্দেশ্যে খাটটো কান্ধত লওঁতেই সকলোৱে জোৰকৈ কান্দিছিল। খাটটো লৈ যোৱা দেখি সি তাৰ মাকক সুধিছিল- মা, আণ্টি ক’লৈ গৈ আছে? মায়ে কৈছিল- আল্লাহৰ ওচৰলৈ বাবা। কোনোবাই মৰিলে তেন্তে আল্লাহৰ ওচৰলৈ যায়। অৱশেষত, ল’ৰাটোৱে চিঠি পঠিওৱাৰ উপায় বিচাৰি পালে।
সিদিনাৰ পৰাই সি কামনা কৰিছিল- কোনোবাই মৰক। চিঠিখন তেওঁৰেই হাতত পঠিয়াব। সপ্তাহ আঢ়ৈ পিছত ৰফি চাচা মৰিল ।
ৰাশিদুলে মাটি দিয়াৰ দোৱাটো ভালদৰে মুখস্থ কৰি লৈছে। মাটি দিয়া আৰম্ভ হৈছে। সূৰ্য এতিয়াও ৰঙা হোৱা নাই । সন্ধ্যা নামিবলৈ বহু দেৰি । ৰাশিদুলে দেখিলে- কবৰৰ ওপৰত মাটি ধৰি ৰাখিবলৈ পাৰি দিয়া বাহঁৰ মাজত সামান্য ছিদ্র । ৰাশিদুলে হাতৰ তৃতীয় চপৰাটোৰে সেইখিনি পূৰ কৰিব ধৰিলে আৰু দোৱাটো পঢ়িলে–‘অমিনহা নুখৰিজুকুম তাহাৰাতান উখৰা’ (তোমাক মাটিৰ পৰা পুনৰাই উত্থিত কৰা হ’ব)। হঠাৎ থমকি গ’ল । এটা ময়লা কাগজ সোমাই যাব কবৰত। চাবোনেৰে গা-ধুৱাই, গোলাপ পানী ছটিয়াই মৃতদেহক পৱিত্ৰ কৰি দিয়া হৈছে । তাত লেতেৰা কাগজখন সোমাব দিয়াটো ঠিক নহব। ৰাশিদুলে উঠাই ল’লে কাগজখন ৷ উত্থিত কৰিলে আৰু এটি মৃতদেহ-মলিন,ভাঁজখোৱা চিঠিখন। ভাবিলে-কাৰোবাৰ প্ৰয়োজনীয় কাগজ পত্র হ’ব।
কাগজখন খুলি চোৱাৰ মানসিকতা নাছিল । ৰাতি শুৱলৈ যোৱাৰ সময়ত চোলাটো খুলিব যাঁওতে কাগজখন মজিয়াত পৰি গ’ল । বিছনাত শুই চিঠিখন পঢ়িলে। গাৰুত মূৰটো ৰাখি ভাবিব ধৰিলে- চিঠিখন কোনে লিখিব পাৰে? ‘ল’ৰাটো’ কোন? ল’ৰাটোৰ মুখখন এবাৰ চাবলৈ বৰ ইচ্ছা হ’ল ৰাশিদুলৰ। ল’ৰাটোৰ কথা ভাবি ভাবিয়েই এটা সময়ত সি টোপনি গ’ল।
সেই নিশাটোতেই এটি সপোন দেখিলে- আল্লাই ৰফি চাচাক উত্থিত কৰিছে। তাত ‘লৰাটো’ও আছে, আছে ৰাশিদুলো। সিঁহতে কোনেও কাকো চিনিব পৰা নাই। তিনিওজন দেখাত একে ধৰণৰ হৈ গৈছে। প্রত্যেকেই ৰফি চাচা। আল্লাই চিঠিখন ক’ৰ পৰা আহিছে, চাইছে। তাৰ পিছত ল’ৰাটোৰ সংক্ষিপ্ত ঠিকনাটো চিঠিখনৰ পৰা জানি ল’লে, গাওঁ- গৌৰহাটী, জিলা- হুগলী, ৰাজ্য- পশ্চিমবংগ, দেশ- ভাৰত, গ্রহ- পৃথিৱী, ধৰ্ম- ইচলাম, সম্প্রদায়- পিছপৰা। আল্লাহপাকে সিঁহতৰ মুখৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিলে। হিন্দু, মুছলমান, খ্ৰীষ্টান- পৃথিবীৰ সমস্ত শোষিত শ্ৰেণীৰ ছবি সিঁহতৰ মুখত। আল্লাই অবাক হৈ সুধিলে- তোমালোক কিহৰ বলত আদি কালৰ পৰা বৰ্তি আছা ? ‘কিহৰ ভৰসাত?’ সেই ল’ৰাটোৱে উত্তৰ দিলে- আল্লাৰ ভৰসাত।◆
চিলনীৰ জীয়েকৰ সাধু
ছাইফুল ইছলাম, ইটাৰ ভিটা (হাউলী)
(১)
তিলফুলৰ পথাৰৰ দাঁতিত এজোপা লঠঙা শিমলু। পুৱাৰ কপাহী ৰ’দ জাক তাই ল’ব নোৱাৰে। অনেক ব্যস্ততা তাইৰ। নদীমনে মেৰাই আছে শিমলু জোপা। তাইৰ অভাৱৰ সংসাৰ। ফনি আৰ্চি, তেলৰ টেমা যি পাৰে আনি দিয়ে জীয়েকক।
ছোৱালী জনীও লাহে লাহে গাভৰু হ’ল । ৰূপহী গাভৰু ছোৱালীক লৈ মাকৰ চিন্তাৰ শেষ নাই । কাম নকৰিলেতো পেটত ভাত নাযায়। কাম যে কৰিবই লাগিব ৷
(২)
মাক সাৰে থাকে। জীয়েকে মূৰ আঁচুৰিছে। সাত হাত দীঘল চুলি কাটি বব কাট দিছে যাতে গুড়ি পৰুৱা নবগায়। বগালে। ওচৰৰে হৰেণৰ সৰু পুতেকটো। মাকে চাল পীৰাত বহি আকাশ-পাতল ভাৱে ৷
বাপেকহীন জীয়েক জনী কাৰোবাক গতাব পাৰিলে ৰক্ষা। কিন্তু জীয়েকৰ সুখৰ কথা এটাও আছে। বাপেক নথকা জীয়েক জনীকলৈ তাই অনেক কথা ভাবিব লাগে।
(৩)
নাই! ক’তো নাই। মাক নোহোৱাকৈ তাই কোনো দিন ক’তো থাকি পোৱা নাই। মাকে অনেক বিচাৰিলে ৷ নাপালে। পিছে হৰেণৰ পুতেকটোও নাই। আচৰিত কাৰবাৰ। তেন্তে দুয়োটা কি পলাল !
সি সাউদো নাছিল ৷ বনিজো নাছিল; সি মস্ত এটা প্ৰতাৰক আছিল। অভাৱ এটি দুৱাৰেদি সোমাল, প্ৰেম পলাই গ’ল আনটো দুৱাৰেদি। জীয়েকে ইনাই বিনাই কান্দে…..
আগলি কলপাত লৰে কি চৰে
চিলনী আই মোৰ আগতে পৰে……
অচিন-অজানা ঠাইত মাকো নাহে। তাইৰ দুখৰ কথাও নাজানে।
(8)
চৰু ভৰাই ভাত ৰান্ধি মাকে আজিও আকুল নয়নেৰে বাটলৈ চায়। কি জানিবা জীয়েকজনী হঠাৎ ফিৰি আহে। নাহে। চকুৰ-পানী নাকৰ পানীত তিতি তিতি দিন যায়, মাহ যায়, বছৰ যায়।
জীয়েকে এটি ঠিকনা বিচাৰি পাইছে। য’লৈ আহিব পাৰি। ওলাই যাব নোৱাৰি। মাজৰাতি সপোনত তাই ঘুৰি আহে তিলফুলৰ পথাৰৰ দাঁতিত। তাই আহিব খুজে। নোৱাৰে। পুতি গন্ধময় এই নৰক এৰি গুচি আহিব খুজিলেও তাই যে আহিব নোৱাৰে। তাই জানে ৷
(৫)
চকুত কাজল, কপালত ৰঙা ফুট। যৌৱন ভাঙি আহিলেও জীৱন যে নহয় ক্ষয়। নৰকৰ কীটবোৰে কুটি কুটি খাব ধৰিছে তাইক। তাই নিৰুপায়।
তিলফুলৰ পথাৰৰ দাঁতিত মাক ৰখীয়া । জীয়েক জনী আহিব বুলি প্ৰতিদিন চৰু ভৰাই ভাত ৰান্ধে ৷ জীৰ হৈ তালৈ আহিবলৈ সময় আৰু ইচ্ছা নাই ।◆
গল্পৰ দৰে
জ্যোতিৰঞ্জনা চৌধুৰী
পুহ মাহ। গছৰ পাত লেৰেলি গৈছে। গৰখীয়াই গৰুবোৰৰ গাত কাপোৰ মেৰিয়াই দিছে। বতাহ বলিছে। পৰিবেশ শুকান। নিহালি এখন আনিব লাগিব। বজাৰলৈ ৰওনা হ’লো। যোৱা বছৰ দুটা আনিছিলো ৷ পুৰণা হৈছে। ভাবিছোঁ এইবাৰ তিনিটা আনিম ।
আধা বাটমান গৈছোঁ। ৰাস্তাৰ কাষত দুজন ল’ৰা-ছোৱালী, ভাই-ভনী। লেতেৰা-পেতেৰা হৈ কিবাকিবি বুটলি আছে । ল’ৰাজনৰ গাত আঁঠুলৈকে বৈ পৰা এটা ফটা জেকেট। মোক দেখি হাতৰ বস্তাটো থৈ নমস্কাৰ জনালে। ‘বাইদেউ’ বুলি সম্বোধন কৰি ক’ত গৈ আছোঁ সুধিলে।
ল’ৰাজনৰ নাম মাতাছাবিল। তেওঁ মোক এটা গল্প শুনালে। তেওঁৰ জীৱনৰ গল্প। “মনক বুজাবলৈ চেষ্টা কৰিছোঁ বাৰে বাৰে পৰা নাই। মন উৰি গৈছে, সেই সুবাসৰ পাছে, এতিয়াও সেই সুবাস মোৰ নাকত লাগি আছে।
লংপেট পিন্ধা নাছিলো কোনোদিন। হাফপেন্টৰো প্ৰেমত পৰা নাই। কান্দিছোঁ, বহুত কান্দিছো। তেওঁলোকে মোৰ সম্মুখত কত কি যে খাইছে। মই কেৱল দেখিছোঁ। কিনিব পৰা নাই। তেওঁলোকে মোক দিয়া নাই। এফিমেনো দিয়া নাই। মনক বুজাব গৈয়ো ব্যৰ্থ হৈছোঁ।
সময়ত এটা কলম কিনি দিব পৰা নাই। এদিন অংকৰ পৰীক্ষা আহিল। কিন্তু কলমত এটুপি চিয়াঁহীও নাছিল । সিদিনা কান্দিছোঁ নীৰৱে ৷
কিমান ৰাতি কান্দিছোঁ। নাই, নাই, কোনেও দেখা নাই।
ল’ৰালিৰেপৰা মোৰ ভয়টো খুউব বেছি আছিল। মা-দেউতাকক খুব ভয় পাইছোঁ। দেউতাৰ কিবা-কিবি দিয়াৰ সামৰ্থ নাছিল । মাৰিব বুলি এবাৰ কি দুবাৰৰ বেছি একো খোজা নাই। কিতাপ অথবা অভিধান একো কিনিব পৰা নাই। দুখীয়াৰ ল’ৰা, মৰম কৰে কোনে! এইবোৰ কাকো কোৱা নাই। কেৱল নিৰলে চকুলো টুকিছো।
মোক সকলোৱে পাগল বুলি ভাবিছে। মাতিছেও। সচাঁইতো যিয়ে কবিতা ৰচে, সি পগলাই হয়। তেতিয়া বুজা নাই। বুজিমেই বা কিয়, তেতিয়াতো কবিতা ৰচা নাই। সিদিনা ঘৰৰ পৰা গুচি আহোঁ। চিৰদিনৰ বাবে। মই গৈ আছো, বহুদুৰলৈ। নাজানো ক’ত মোৰ লক্ষ্য স্থান। সেই ঠাইত আছে এক উজ্জ্বল হেঙুলি আভা। দুর্গম পথ,অৰণ্য,পাহাৰপৰ্বত, নদ-নিজৰা পাৰ হৈ আগবাঢ়িছো। সম্মুখত এক জুহাল । তাৰ পিছত বিশাল জলৰাশি । ক্রমশঃ জুইখিনিয়ে মোক আগুৰি ধৰিলে। কাষৰ বিশাল জলৰাশি থকা সত্বেও জুই নুমুৱাৱ পৰা কোনো পথ নাই। এতিয়া মই কি কৰোঁ?” এইখিনি কৈ তেওঁ মোলৈ অশ্রুসিক্ত নয়নেৰে চালে ।
মই আজি দুটি সত্বাৰ পৰিচয় পালোঁ।◆
মৰীচিকা
পূৰবী গোস্বামী, বৰপেটা
অক্টোবৰ মাহৰ এটি সুন্দৰ আবেলি। এজাক বৰষুণ আহি যোৱাৰ পিছত বেলিটোৰ হেঙুলীয়া আভাই পশ্চিম আকাশখন চালে চকুৰোৱা কৰি তুলিছে। ৰিব্ ৰিকৈ প্ৰৱাহিত হোৱা মলয়া বতাহ জাকেও যেন ঋষিতা বৰুৱাৰ পদুলি মুখত থকা ফুলবোৰক নচুৱাই তুলিছে। হাচনাহানা আৰু ৰজনীগন্ধা ফুলৰ সুবাসে চৌপাশৰ পৰিবেশটো সৌৰভময় কৰি তুলিছে। এনে এক মধুৰ পৰিবেশত সন্ধিয়াৰ সময়খিনি ঋষিতাই অতিবাহিত কৰে কেৱল বাগিছাখনৰ প্ৰতিজোপা ফুল লতিকাৰ মাজতহে। তেওঁৰ বাবে এই ফুলনিখনেই নৈসর্গিক সৌন্দৰ্যৰ আঁকাৰ তথা জিৰণীৰ মাজুলী।
চাওতে চাওতে পূজাৰ দিন ওচৰ পালেহি। ব্যস্ত যোৰহাট চহৰৰ বজাৰত বস্তুৰ জুই ছাই দাম, ৰাস্তাতো বিৰ দি বাট নোপোৱা অৱস্থা। এইক্ষেত্ৰত জে. বি. কলেজৰ ইংৰাজী বিষয়ৰ অধ্যাপিকা ঋষিতা বৰুৱাক সিমান উৎসাহী যেন দেখা নগ’ল। তেওঁ এইবেলি পূজাত কোনো এপদ বস্তুৱেই নিজৰ বাবে নিকিনে; কেৱল পাহিৰ বাবে নতুন কাপোৰ এযোৰ কিনিব বুলি এক প্ৰকাৰ সিদ্ধান্ত লৈছে। হাই-উৰুমি তথা মানুহৰ কথা বতৰাই কেইদিন মানৰ পৰা ঋষিতাৰ মনত এক প্ৰকাৰ আমনি কৰি আছে। তাই যেন ৰক্তিমাৰ অন্তিম সৎকাৰত জ্বলোৱা চিতাৰ জুইখিনি জ্বলি উঠা আকৌ এবাৰ দেখা পালে। কলেজৰ পৰা উভতি আহি সেইদিনা পুৰণি ডায়েৰি এখন লৈ কলেজীয়া দিনবোৰৰ স্মৃতি ৰোমন্থন কৰিছে। ঠিক সেই সময়তে তেওঁৰ ঘৰৰ সম্মুখেদি পাৰ হৈ যোৱা এজাক স্কুল কলেজৰ ল’ৰা-ছোৱালীক দেখি মনটো উৰা মাৰিলে শৈশৱলৈ। ঋষিতা আছিল গুৱাহাটীৰ জুৰোড নিবাসী বিশিষ্ট ব্যৱসায়ী প্ৰশান্ত বৰুৱাৰ একমাত্ৰ জীয়ৰী। পঢ়া-শুনাতো অত্যন্ত চোকা, দেখিবলৈও বেচ মৰম লগা। কটন কলেজত পঢ়ি থাকোতে ঋষিতাৰ অৰুণাভ চৌধুৰীৰ লগত পৰিচয় হল । তেওঁলোকৰ চিনাকি হৈছিল কটন কলেজৰ নৱাগতা আদৰণি সভাৰ সাংস্কৃতিক সন্ধিয়াৰ অন্তত এটি বিশেষ মুহুৰ্তত। ঋষিতা আছিল তেতিয়া উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰী আৰু অৰুণাভে স্নাতক দ্বিতীয় বৰ্ষত পঢ়ি আছিল। সাংস্কৃতিক সন্ধিয়াত অৰুণাভে পৰিৱেশন কৰা এটি গীতে ঋষিতাৰ অন্তৰ বাৰুকৈয়ে ঝংকাৰিত হৈছিল। লাহে লাহে তেওঁলোকৰ সান্নিধ্য বেছি গাঢ় হৈ পৰিছিল। এদিন ঋষিতাই অৰুণাভক নিজৰ ঘৰলৈ আনি মাক-দেউতাকৰ লগত চিনাকি কৰাইয়ো দিছিল। ইয়াৰ পিছৰে পৰা অৰুণাভে সময় উলিয়াই মাজে সময়ে ঋষিতাহঁতৰ ঘৰলৈ আহিবলৈ লৈছিল। অৰুনাভে ঋষিতাক মৰমত ৰিচা বুলি মতাৰ অধিকাৰ কনো নেৰিলে । ৰিচাই সৰু কথাতে অভিমান কৰা আৰু পলকতে শান্ত হোৱা স্বভাৱটো অৰুণাভৰ বৰ ভাল লাগিছিল ৷ তেওঁৰ মনত ৰিচা যেন এজনী কণমানি অবুজ ছোৱালী।
সময়ৰ সোঁতত দুটি বছৰ কেনেকৈ পাৰ হ’ল তেওঁলোকে গমেই নাপালে। ইতি মধ্যে অৰুণাভৰ স্নাতক পৰীক্ষাৰ ৰিজাল্ট ওলাল। অর্থনীতি বিষয়ত প্রথম শ্রেণীত উত্তীৰ্ণ হৈ অৰুণাভ দিল্লী বিশ্ববিদ্যালয়লৈ ‘ Journalism and Mass Communication’ ৰ পাঠ্যক্ৰম পঢ়িবলৈ গ’ল। শিক্ষা সমাপ্ত কৰি তেওঁ সাংবাদিকতাক জীৱন নিৰ্বাহৰ আহিলা হিচাপে গ্ৰহণ কৰিলে।
এই সময়ছোৱাত তেওঁলোকৰ জীৱনলৈ বহুতো পৰিৱৰ্তন আহিল। ইতিমধ্যে ৰিচাই সুখ্যাতিৰে স্নাতকোত্তৰ পৰীক্ষাত উত্তীৰ্ণ হ’ল। তাইৰ অনিচ্ছা সত্বেও মাক-দেউতাকে যোৰহাটৰ অভিযন্তা ৰক্তিম দুৱাৰৰ লগত ৰিচাৰ বিয়াৰ বন্দোৱস্ত কৰিলে। ৰক্তিম আৰু ৰিচাৰ বিয়া ধুম ধামেৰে হৈ গ’ল৷ ৰিচাৰ এই সিদ্ধান্তত অৰুণাভে মনত বৰ আঘাত পালে। নিজৰ মনক প্রবোধ দিবলৈ তেওঁ দিল্লীতেই কাকত প্রতিষ্ঠান এটিত নিগাজীকৈ কাম কৰিবলৈ আৰম্ভ কৰিলে। ইপিনে অৰুণাভক লৈ কৰা ৰঙীন কল্পনাবোৰ অদৃষ্টৰ পাক চক্ৰ আৰু বাপেকৰ চতুৰ্তাত চুৰমাৰ হোৱা যেন ৰিচাই অনুভৱ কৰিলে।
কৰ্তব্য পৰায়ণ আৰু মৰমীয়াল ৰক্তিমক ৰিচাই অতি সোনকালে আপোন কৰি ল’ব পাৰিলে। ইতিমধ্যে ৰিচাই জে.বি কলেজত ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপিকা হিচাপে নিযুক্তি পালে। তেওঁলোকৰ জীৱনলৈ পাহিৰ আগমনে সংসাৰখন সুখময় কৰি তুলিলে। ইতিমধ্যে কেইবা বছৰো দিল্লীত থকাৰ পিছত অৰুণাভ চৌধুৰী আকৌ গুৱাহাটীলৈ আহিছে। ইয়াৰে বাতৰি কাকত প্রতিষ্ঠান এটিত কাকত এখনৰ সহকাৰী সম্পাদক হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে। গুৱাহাটীলৈ অহাৰ পিছতেই এবাৰ শিশু মহোৎসৱত বিশিষ্ট সাংবাদিক অৰুণাভ চৌধুৰীক যোৰহাটলৈ অতিথি হিচাপে নিমন্ত্ৰণ জনোৱাত তেওঁ তালৈ গ’ল।সেই মহোৎসৱত এজনী কণমানি ছোৱালীয়ে আবৃতি কৰা এটি কবিতাই অৰুণাভক বিচলিত কৰি তুলিলে-
“মোক পোহৰ লাগে
ঠিক নীল আকাশৰ তৰাবোৰৰ
দৰে ভাস্কৰ আৰু লাগে
****
*****
*****
এখন পৃথিৱী য’ত
থাকিব কেৱল শান্তি, নীৰৱতা
তথা নতুন সৃষ্টিৰ প্ৰয়াস।”
এই কবিতাটি অৰুণাভৰ তেনেই চিনাকি । ৰিচাই নিজে ৰচনা আৰু আবৃত্তি কৰি এবাৰ কলেজত পুৰস্কাৰো পাইছিল। অৰুণাভে ছোৱালী জনীৰ পৰিচয় সুধিছিল। খন্তেক পিছতে তেওঁ অকণমান সময়ৰ বাবে ঋষিতা আৰু ৰক্তিমক লগ পাইছিল ৷ অৰুণাভে ৰিচাই ৰক্তিমৰ লগত সুখী হোৱা বুলি অনুভৱ কৰিব পাৰিলে। সেই দিনা নিশা অৰুণাভৰ মনত অনুৰণিত হৈ থাকিল ঋষিতা আৰু ৰক্তিমৰ হাঁহিৰে ভৰি থকা মুখ দুখনি আৰু কবিতা কেইশাৰী। ঋষিতা আৰু ৰক্তিমৰ সুখৰ সংসাৰ দেখি নিয়তিয়ে কিন্তু ক্ৰুৰ হাঁহি মাৰিলে। বিয়াৰ আঠ বছৰ পিছত এদিন অফিচৰ পৰা আহি ঘৰ পোৱাৰ কিছু সময় পাছত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ এক মিনিটতে ৰক্তিমে এই সংসাৰৰ পৰা বিদায় মাগিলে। ৰক্তিমৰ অকাল বিয়োগত ঋষিতাৰ জীৱনলৈ যেন মহা প্রলয়ৰহে আগমন হ’ল। ৰক্তিমৰ স্মৃতিয়ে তেওঁক যেন সকলোৰে পৰাই আঁতৰাই আনিলে। কিছুদিন পিছত একমাত্র পাহিৰ কথা ভাবিয়েই তেওঁ জীয়াই থকাৰ সংকল্প ললে।
এনেদৰে তিনি বছৰ পাৰ হৈ গ’ল। অৰুণাভে ভাবিলে ঋষিতা তেওঁৰ জীৱনলৈ দুঃস্বপ্ন হৈ আহিছিল আৰু সেয়েহে আঁতৰি গ’ল। কৰ্ম ব্যস্ততাৰ অন্তত কেতিয়াবা সন্ধিয়া সময় ক্ষণ তেওঁ সংগীত সাধনাত অতিবাহিত কৰে। মাকৰ মৃত্যুৰ পিছত একমাত্ৰ লগুৱা ল’ৰাজনৰ বাহিৰে অৰুণাভৰ এই সংসাৰত আপোন বুলিবলৈ কোনোৱেই নাই।
এদিন দৈৱৰ দুর্বিপাকত অৰুণাভে পল্টন বজাৰ বাছ আস্থানত ঋষিতাক লগ পালে। ঋষিতাই অৰুণাভক দেখি হুক হুকাই কান্দি পেলালে। অলপ পিছতহে তেওঁ প্ৰকৃতিস্থ হৈ জীৱনৰ ওপৰেদি পাৰ হৈ যোৱা ধুমুহা জাকৰ বতৰা দিলে। ৰিচাৰ বিবর্ণা মুখখনে অৰুণাভক বাৰুকৈয়ে আমনি কৰিলে। এনেদৰে কেইটিমান মুহুর্ত পাৰ হোৱাৰ পিছত ঋষিতাই বাছ এখনত উঠি আকৌ যোৰহাট অভিমুখে ৰাওনা হ’ল। পিছত এই দুখৰ ঘটনাটোৱে অৰুণাভক বাৰুকৈয়ে মর্মাহত কৰি তুলিলে। কোনো দিনে কোনো কথাতে হাৰ নমনা ৰিচাজনীৰ কান্দোনে অৰুণাভক অশেষ কষ্ট দিবলৈ ধৰিলে। মৰুভূমিত বালিৰ চমকনি দেখি মৰীচিকা বুলি ভুল কৰাৰ দৰে ৰিচা ও অৰুণাভৰ বাবে যেন এটি মৰীচিকাহে। এটি প্রহেলিকা- এই সকলোবোৰ অৰুণাভ চৌধুৰীৰ জীৱনৰ কিছুমান নুবুজা সাঁথৰ স্বৰূপ।◆
তালাক
আব্দুছ ছোবাহান
– সাৱধান। আপুনি মোক নুছুৱ। মোৰ গাত হাত নিদিব…..।
এইবোৰ তুমি কি কৈছা সোণজনী। আজিয়ে আমাৰ নিকাহৰ প্ৰথম ৰজনী। অর্থাৎ ফুল শয্যা। সেইটো তুমি পাহৰিলাই নেকি ?
-আপুনি যে মোক বুকুত হাত থৈ আল্লাহৰ নামত শপত খাই কৈছিল আপুনি মোক নুছুৱে কেৱল অভিনয় কৰি যাব,সেইবোৰ প্ৰতি শ্ৰুতিৰ কথা পাহৰিলে নেকি?
– সোণজনী। তেনেকৈ কিয় কৈছা….সোণজনী। মইতো তোমাক জৱদস্তি কৰি ধৰি বান্ধি আনি; অপহৰণ কৰি আনি; জোৰ কৰি তোমাক পত্নী হিচাপে গ্ৰহণ কৰা নাই । সম্পূৰ্ণ সুস্থ শৰীৰে স্বজ্ঞাতে বিনা প্ৰৰোচনাত আৰু সমাজ বিদ্যমান; সম্পূর্ণ ধৰ্মীয় ৰীতি-নীতি অনুসাৰেই তুমি মোক স্বামী হিচাপে কবুল কৰি লৈছা। এতিয়া তুমি ধৰ্মীয় আৰু সামাজিক নীতি নিয়ম মতেই তুমি মোৰ বিবাহিতা পত্নী। কাজী চাহেবৰপৰা সমাজৰ মূৰব্বীলৈকে সকলো সাক্ষী হৈ আছে আমাৰ এই বৈবাহিক সম্পৰ্কৰ …. এতেকে তুমি এইবোৰ পাহৰিলে নহ’ব সোণজনী।
– কিন্তু আপুনি যে আল্লাহ তায়ালাৰ শপত খাই কৈছিলে- আপুনি মোক স্পৰ্শ নকৰিব আৰু মোৰ মান- সন্মানৰ ওপৰত কোনো প্ৰকাৰ (আক্ৰমণ) হস্তক্ষেপ নকৰিব।
– সেই সময়ত তুমি আছিলা পৰস্ত্ৰী আৰু এতিয়া তুমি; মোৰ সম্পূৰ্ণ বিধি সন্মত বিবাহিতা স্ত্রী। স্বামী হিচাপে তোমাৰ ওপৰত এইটো মোৰ বৈধ অধিকাৰ ।
– এইবোৰ আপুনি কি কৈছে মৌলৱী চাহাব। এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰ আল্লাহৰ নামত শপত খাই কৈছিল….আপুনি মোক স্পৰ্শ নকৰে, মোৰ লগত আপুনি কেৱল, স্বামী-স্ত্ৰীৰ, লোকক দেখুৱা অভিনয়হে কৰিব। মোৰ মান-সন্মান, অক্ষুন্ন থাকিব।
– এশবাৰ, হাজাৰবাৰ তোমাৰ মান-সন্মান অক্ষুন্ন থাকিব। কাৰণ তোমাৰ কাৰণে মই এতিয়া আৰু কোনো পৰপুৰুষ নহয় সোণটি। তাতোকি ডাঙৰ কথা হৈছে তুমিও দেখুন মোক সমাজ বিদ্যমানে স্বামী হিচাপে গ্ৰহণ কৰিছিলা….।
– তাৰ মানে আপুনি আপোনাৰ সকলো অংগীকাৰৰ কথা পাহৰিলে ?
– কিয় পাহৰিম ? মই যদি শ্বৰিয়া আইন মতে; মোৰ সম্পূৰ্ণ বৈধ স্ত্ৰীক তোমাৰ বাবে হাঁহিমুখে ত্যাগ কৰিব পাৰো, তুমি তোমাৰ অবৈধ (পূৰ্বৰ বিচ্ছেদিত অবৈধ) স্বামীক ক্ষন্তেকৰ বাবে পাহৰি যাব নোৱাৰা…. ?
– মৌলবী চাহেব, মই কেতিয়াও আপোনাক মনে-প্রাণে স্বামী হিচাপে গ্ৰহণ কৰা নাই।
– তেতিয়াহ’লে কবুল কৈছিলা কিয় ?
– আপুনি যে অংগীকাৰ কৰিছিল, আপুনি মাত্ৰ বিবাহৰ অভিনয়হে কৰিব…
– মই যদি মৌলবী মানুহ হৈ তোমাৰ বাবে চুড়ান্ত ত্যাগ কৰি সমাজৰ আগত গোকাট মিছা মাতিব পাৰো, তুমি মোৰ বাবে অলপো ত্যাগ কৰিব নোৱাৰা…?
– আৰু শুনা এই ক্ষেত্ৰত তোমাৰ ইমানেই সৌভাগ্য যে মইহে গোকাট মিছা মাতি সঁচাৰ অভিনয় কৰি যাব পাৰো।
– কিন্তু তোমাৰ সৌভাগ্য ইমানেই যে তুমি মিছা মাতি সঁচাৰ অভিনয় কৰিব নালাগে। মাত্ৰ সঁচাটোকে নীৰৱে স্বীকৃতি দিলেই বচ্ খেলা খতম।
-কাৰণ মইতো অভিনয় কৰিমেই কিন্তু অকলে জানো অভিনয় কৰিব পৰা যায় ৷
– মৌলবী চাহেব! আপোনাৰ এই চুড়ান্ত বেইমানি আৰু বিশ্বাস-ঘাতকতাৰ কথা আগতে বুজিব পৰা হলে…।- হুক হুকাই কান্দি পেলালে।
– বিশ্বাসঘাতকতা কিয় কৈছা…তুমি দেখুন জানাই এতিয়া যদি আমাৰ শাৰীৰিক সম্পৰ্ক নহয়, তেতিয়াহ’লে মইতো তোমাক তালাক দিব নোৱাৰিম আৰু তালাক দিলেও সি শ্বৰিয়া আইন মতে গ্রহণ যোগ্য নহ’ব…।
– মাত্ৰ এইটো কাৰণতেই আপোনাৰ লগত আমাৰ চল্লিশ হাজাৰ টকাৰ চুক্তি হৈছিল। লাগিলে মই ব্যক্তিগতভাবে আপোনাক আৰু দহ হাজাৰ বঢ়াই দিম, আপুনি মাত্ৰ আপোনাৰ প্ৰতিশ্ৰুতি পালন কৰিলেই হ’ল।
– তাতকৈ ডাঙৰ কথা কি জানা। তেন্তে শুনা, মানুহে গঢ়া আইন যদি লংঘন কৰি কোনো অবৈধ কাম কৰো, মানুহে গঢ়া আদালতত তাৰ বাবে শাস্তিৰ ব্যৱস্থা আছে অথচ এই বৈবাহিক সম্পৰ্কটো কাৰ লগত কাৰ বিবাহ হব সেইটো জন্মৰ লগে লগেই স্বয়ং সর্বশক্তিমান আল্লাহ তায়ালাই নিজে জোৰা বান্দি থৈ দিয়ে অথচ আমি সামান্য মানুহে ক্ৰোধৰ বশৱৰ্তী হৈ আল্লাহ তায়ালাৰ বান্ধি দিয়া জোৰা সামান্য অজুহাততেভাঙি দিও। ই জানো গুৰুতৰ অপৰাধ নহয়? সেয়েহে ইয়াৰ বাবে শাস্তি আল্লাহ তায়ালাই নিজে নিৰ্ধাৰণ কৰি দিছে।
– কিন্তু অপৰাধতো মই কৰা নাছিলো। পুৰুষে কৰা অপৰাধত নাৰীয়ে কিয় নিৰ্মম প্রায়চিত্ত কৰিব লাগে ৷
– আচলতে কাৰণটো কি জানা; আমাৰ দৃষ্টিভঙ্গিৰ পাৰ্থক্যৰ কাৰণেই আৰ্শীবাদটোকে আমি অভিশাপ বুলি ভাবিছো….বচ্ ইমানেই। তাৰোপৰি তোমাৰ জীৱনত ই এক ৰোমাঞ্চকৰ বাস্তব অভিজ্ঞতা আৰু এক অনাকাংক্ষিত ওপৰেঞ্চি পাওঁনা। যিটো আমাৰ সমস্ত বিবাহিতা মুছলিম মহিলা সকলে জীৱনত এবাৰো কল্পনা কৰিব নোৱাৰে…..।
– চুপ্! চুপ্! মৌলবী চাহাব চুপ!! আপুনি দ্বিতীয় বাৰ এইবোৰ কথা উচ্চাৰণ নকৰিব। মই জানি বুজি, মনে মনে নিজে অপৰাধ কৰি মই জীৱনত কেতিয়াও নিজকে ক্ষমা কৰিব নোৱাৰিম। পৰৰ অনাকাংক্ষিত কৃতকৰ্মৰ বাবে ক্ষমা কৰি দিয়া যিমান সহজ, স্বজ্ঞানে সপ্ৰৰোচিতভাবে কৃতকর্মৰ বাবে নিজকে ক্ষমা কৰা সিমান টান… । মই অন্তত জীৱনত কেতিয়াও নিজকে ক্ষমা কৰিব নোৱাৰিম।
–
– ধন্য! ধন্য!! তুমি আধুনিক যুগৰ সতী-সাৱিত্ৰী। তোমাক ধন্যবাদ আৰু আৰ্শীৰ্বাদ দিবলৈ মোৰ ভাষা নাই। আচলতেইমান পৰে তোমাক মই পৰীক্ষাহে কৰিছিলো- তোমাৰ সততা কিমান; তোমাৰ নৈতিক চৰিত্ৰ কিমান উন্নত, কেনে তোমাৰ ব্যক্তিত্ব ! কিন্তু মই আচৰিত হৈ লক্ষ্য কৰিছো যে, তুমি প্ৰতিটো বিষয়তে যাক বোলে একেবাৰে ফাৰ্ষ্ট ক্লাচ্ ফাৰ্ষ্ট ।
– তোমাৰ নিচিনা নাৰী যাৰ জীৱন-সংগীনী হ’ব, তাৰ জীৱন ধন্য হ’ব। মই আচৰিত হৈছো এই ভাবি যে, মোৰ দ্বাৰা যে তোমাৰ কিবা ক্ষতি হ’ব পাৰে এয়া তুমি কেনেকৈ ভাবিব পাৰিলা, তাকে ভাবিহে। ইমানপৰে তুমি যি শুনিলা-সেয়া মোৰ সম্পূৰ্ণ সজোৱা নাটকহে আছিল । তুমি নিশ্চিন্তে ইয়াতে শুই থাকা। চিন্তাৰ কোনো কাৰণ নাই ।
কিন্তু তাৰ পৰা আনফালে মুখ ঘূৰাই লৈ তাই লাহেকৈ চকু টিপ মাৰি সি নুশুনাকৈ মুখৰ ভিতৰতে লাহেকৈ ক’লে- অ’ তেন্তে সন্ধিৰ বাঁহ বুদ্ধিৰে কাটিব লাগিব । এটা ৰহস্যময় হাঁহি তেওঁৰ ওঁঠৰ কোণত বিৰিঙি উঠিল।
ইফালে তাইও কম বাঘৰ কলিজা খোৱা বিধৰ ছোৱালী নহয়। তাইও জানে, দুষ্টৰ ছলনাৰ অন্ত নাই। তাই আৰু জানে, দুষ্টৰ লট্ পট্ শান্তৰ মৰণ……।
তালাক ! তালাক ! ! তালাক !!! মই তোমাক তালাক দিলো ওলাই যোৱা । এই মূহুৰ্ততে তুমি মোৰ ঘৰৰ পৰা ওলাই যোৱা ৷ খং আৰু উত্তেজনাত সি যেন ঠক্ ঠক্কৈ কপি আছিল আৰু আবেগ উত্তেজনাত তাৰ চকু মুখ ৰঙা পৰি গৈছিল। মুহুৰ্তৰ কাৰণেও তাইক মাতবোল কৰিবলৈ সুযোগ নিদি দ্বিগুণ উত্তেজনাৰে পুনৰ কলে- তোমাৰ লগত মোৰ সকলো সম্পর্ক ছিন্ন হৈ গৈছে। গতিকে এক মুহুর্ত পলম নকৰি এতিয়াই তুমি মোৰ ঘৰ পৰিত্যাগ কৰা। দ্বিতীয়বাৰ যাতে তোমাৰ মুখ মই দৰ্শন কৰিব লগা নহয় আৰু এইটোৱে মোৰ শেষ সকিয়নী বুলি ভাবিবা।– তাইক মুখ মেলিবলৈ কোনো প্ৰকাৰ সুযোগ নিদি উশাহ নোলোৱাকৈ ৰুদ্ধস্বাসে একে বাৰতে কথাখিনি কৈ তীব্র উত্তেজনাত ফোঁপাবলৈ ধৰিলে।
কি কৰিছা। কি কৰিছা । ৰবা । ৰবা। ক্ষনিকৰ আবেগ উত্তেজনাত অন্ধহৈ তুমি এইবোৰ কি কৰিছা। ভূমিষ্ট হোৱাৰ পূৰ্বেই হেনো আল্লাহ তায়ালাই মানুহৰ মাজত এই বৈবাহিক সম্পৰ্কৰ পৱিত্ৰ জোৰা বান্ধি থৈ দিছে। ক্ষণিকৰ আবেগ উত্তেজনাই এইবোৰ সম্পৰ্ক ধুই মুছি পেলাব নালাগে। কিন্তু কাৰ কথা কোনে শুনে, তাইক মুখ মেলিবলৈকো কোনো সুযোগ নিদি একপক্ষীয় ভাবেই সি তাৰ চুড়ান্ত সিদ্ধান্তৰ কথাবোৰ শুনাই দিলে আৰু লগে লগে সি কোঠাটোৰ পৰা ওলাই গ’ল।
শিল পৰা কপৌৰ দৰে তাই তাতে থিয় হৈ ৰ’ল। জন্ম-জন্মান্তৰৰ এই পৱিত্ৰ সম্পৰ্ক মুহুৰ্তৰ আবেগ উত্তেজনাতে ছিঙি পেলাব নোৱাৰি; ছিঙি পেলোৱা সম্ভৱ নহয়। তাৰোপৰি তাই আৰু জানিছিল যে গাওঁৰ মূৰব্বী; দুয়োপক্ষৰ মুৰব্বী, সমাজখনৰ মুৰব্বী এইসকলৰ অনুপস্থিতিত একপক্ষীয় ভাবে যিমানেই তালাক বুলি চিঞৰি থাকিলেও প্রকৃত ধর্মীয় দৃষ্টি জড়িত কৰিছিল বুলি সঠিক ভাবেই জানিছিল তাই। অৱশ্যে আমাৰ এই পুৰুষ প্ৰধান সমাজখনৰ কথা কিছু বেলেগ। ইয়াত পুৰুষৰ ক্ষমতা ইমানেই বেছি যে পুৰুষৰ একপক্ষীয় সিদ্ধান্তই শীলৰ ৰেখা হিচাপে চলি আহিছে বহু পূৰ্বৰে পৰাই। এটাত সময়ত বাধ্য হৈ অসহায় ভাবে হাতত সাৰে ভৰিত সাৰে, স্বামী গৃহৰ পৰা ওলাই আহিছিল তাই, নিৰৱে চকুলো টুকি টুকি। প্রায় এবছৰ মান পাছৰ কথা। ওপৰে ওপৰে বহুত স্বাভাৱিক যেন লাগিলেও বৈবাহিক সম্পৰ্কৰ নিচিনা এটা পৱিত্ৰ সম্পর্ক ধূলি- ধেমালি ভাবি তৎক্ষণাত ভাঙি দিয়াৰ কি যে মর্মান্তিক শাস্তি- এতিয়াহে যেন সি মর্মে মর্মে উপলব্ধি কৰিব পাৰিছে। অনুতাপৰ তীব্ৰ দাৱালত দগ্ধ হৈ সি উপলব্ধি কৰিব পাৰিছে যে আচলতে সি কি জঘন্য অপৰাধ কৰিছে তাইৰ ওচৰত। তীব্র মানসিক সংঘাতত আচলতে সি যেন এক প্ৰকাৰ দৌৰি গৈ তাইৰ ভৰিত পৰি চিঞৰি চিঞৰি সকলোৱে শুনাকৈ ক’ব- যি জঘন্য অপৰাধ তোমাৰ ওচৰত মই কৰিলো তাৰ কোনো ক্ষমা নাই। তোমাৰ যি খুচি সেই শাস্তিকে দিয়া। অনুতাপৰ দাবাল তুষানলত উমি উমি জ্বলি পুৰি তাৰ মানসিক জগত্খন যেন জ্বলি পুৰি ছাই হৈ গৈছে। এতিয়াহে যেন সি ক্রমে ক্রমে উপলব্ধি কৰিব পাৰিছে- এনেধৰণৰ অপৰাধৰ একমাত্ৰ উপযুক্ত শাস্তি হৈছে অনুতাপৰ দাবানল। একমাত্র অনুতাপৰ দাবানলেই পাৰে মানুহৰ সকলো কলশ কলিকা ডেইপুৰি ছাই কৰি দিব । এছিড আৰু অগ্নিশিখাৰ তীব্ৰ দহনে সোণক যেনেকৈ একেবাৰে খাটী কৰি দিয়ে, মানুহৰ ক্ষেত্ৰত একমাত্ৰ তীব্ৰ অনুতাপৰ দাবদাহেই পাৰে মানুহক কলুষমুক্ত কৰিব। এতিয়া তাৰ তীব্ৰ অংগীকাৰ যিকোনো মূল্যৰ বিনিময়ত হলেও সি তাইক আকৌ এবাৰ ঘূৰাই আনিব। তাৰ বিশ্বাস- তাইয়ো তাক আকৌ এবাৰ ক্ষমা সুন্দৰ দৃষ্টিৰে আকোৱালি বুকুত সাৱটি লব। তাই বিচাৰিলে সি আকৌ এবাৰ নতুনকৈ ঘৰ বান্ধিব। কিন্তু কেনেকৈ …… ?
– ‘তুমি’ তোমাক তুমি বুলিয়ে কৈছো দেই,বেয়া নাপাবা আকৌ…।
– নাই নাই বেয়া কিয় পাম? আপুনি আমাৰ গুৰুজন সদৃশ….। গতিকে বেয়া পোৱাৰ প্ৰশ্নই নুঠে।
– ঠিক আছে বাৰু তেন্তে শুনা, মোৰ প্ৰতি তোমাৰ বিশ্বাস আস্থা যদিহে ঠিক আছে তেন্তে বিষয়টো সম্পূৰ্ণ মোৰ ওপৰত এৰি দিয়া।
– নহয় মানে মই যি ভাবিছো তাই জানো এই ধৰণৰ প্ৰস্তাব সন্মতহ’ব?
-‘হ’ব’ মানে হয় নহয় সেইটো সম্পূৰ্ণ মোৰ হাতত এৰি দিয়া আৰু শুনা, সন্মতি যদি নিদিয়েই তেন্তে মাননীৰ কথাটো কৈছিল কিয়?
-ঠিক আছে। এইবোৰ মই আপোনাৰ ওচৰতে এৰিলো। মুঠতে কাৰ্য্যটো সম্পাদন হলেই হ’ল।
-আচলতে কামটো যিমান সহজ বুলি ভাবিছা সিমান সহজ নহয় কিন্তু?
– নহ’লে তোমালোকৰ পৰা মাননী লোৱাৰ প্ৰশ্নই নাহে…আমি কামটো আৰম্ভ কৰি দিলো৷ মাজত যদি কোনোবাই পিছলা মাৰি দিয়ে আমাৰ নাক-ইজ্জত সকলো যাব। সেয়েহে এটা বান্ধোন থকাৰ প্ৰয়োজন আছে। এই বান্ধোনটোৱে দুয়োপক্ষকে কামটোৰ প্ৰতি দায়িত্বশীল আৰু দায়বদ্ধ কৰি তুলিব। তাত আৰু পিছল খোৱাৰ সম্ভাৱনা কম থাকিব ।
– আপোনাৰ কথাত অৱশ্যে যুক্তি আছে।
– কিন্তু শুনা,যেতিয়ালৈকে কাৰ্য্য সম্পাদন কৰি তাইক তোমাৰ হাতত আনি গতাই দিব নোৱাৰিম তেতিয়ালৈকে ফুটাকড়ি এটাও আগতীয়াকৈ মই তোমালোলোকৰপৰা নলওঁ। কাম শেষ, সব লেনদেন শেষ বুজিছা ।
ইয়াৰ পিছৰ পৰ্ব খুবেই সংক্ষিপ্ত। এটা দিন তাৰিখ ঠিক কৰি কাজী চাহেব আৰু মৌলবী চাহেৱক নিমন্ত্ৰণ কৰি আনি নতুন শাৰী ব্লাউজ, নতুন জোতা-মোজা, ধুনীয়াকৈ কইনাজনীক সজাই পৰাই সমাজ বিদ্যমান সামাজিক প্ৰথা আৰু ৰীতি-নীতি অনুসৰি কইনা নিকাহ সম্পন্ন হৈ গ’ল। অনুষ্টুপীয়াকৈ হ’লেও আমন্ত্রিত অতিথি,নিমন্ত্রিত মেহমানক মেহেমান দাৰি কৰিলে; সম্পূর্ণ নাটকখনত এটা অংক যেন সুকলমেই সম্পন্ন হৈ গ’ল।
সামাজিক ৰীতি-নীতি অনুসৰিয়েই ফুল শয্যাৰো ব্যৱস্থা কৰা হ’ল । প্ৰিয় পাঠক, আপোনালোকে ফুলশয্যাৰো সিংহ ভাগ অর্থাৎ প্রথমাংশ ইতিমধ্যেই অৱগত হৈছেহি। এতিয়া বাকী মাত্র শেষ দৃশ্যহে…। আমি আমাৰ অনুসন্ধান অন্তিম পর্যায়লৈকে লৈ যাওঁ আহক ।
দুষ্টৰ লট্ পট্ শান্তৰ মৰণ হয় । অন্তিম পৰ্যায়ত যি হ’ব লগা আছিল সেইটোৱে হ’ল। ৰাতিৰ শেষৰ ফালে কইনাজনীৰ নাকৰ ওচৰত নিচা জাতীয় ঔষধ মিহলোৱা ৰুমাল থৈ দিলে আৰু গভীৰ টোপনীত অচেতন হৈ পৰি থাকিল আৰু ইয়ে যেন বেইজ্জত বেইমান, নামধাৰী মৌলৱীজনক এটা সুবর্ণ সুযোগ আনি দিলে আৰু তাক পায় কোনে…।
ৰাতিপুৱা নকইনাজনী টোপনিৰপৰা নুঠেহে নুঠে…কথা বুলিলে বতাহ। অৱশেষত পৰিয়ালৰ সকলোৱে দেখিলে আৰু কথাটো বুজিবলৈ বাকী নাথাকিল। যিয়ে শুনিলে, সিয়ে হায় ! হায়! কৰিবলৈ ধৰিলে । তাইৰ যে সর্বনাশ কৰিলে পাষণ্ডটোৱে,সেয়া কাৰো বুজিবলৈ বাকী নাথাকিল ।
সম্বিত ঘূৰাই পাই তাইৰ আৰু একো বুজিবলৈ বাকী নাথাকিল লম্পটটোৱে যে ইতিমধ্যেই তাইৰ সৰ্বনাশ কৰিলে। লগে লগেই আহত ক্ষীপ্ত বাঘিনীৰ নিচিনা ভিতৰি ভিতৰি গুজৰি-গুমৰি মৰিবলৈ ধৰিলে।
লম্পট সদায় লম্পটেই। লম্পটৰ সৰু-বৰ নাই। লম্পটৰ কোনো জাতি-ধর্ম নাই। সি সদায় সুযোগৰ অপেক্ষাত চোপ লৈ থাকে।
উদগীৰণোন্মুখ জীৱন্ত আগ্নেয়গিৰিৰ দৰে প্ৰজ্বলিত অগ্নিকুণ্ডৰ দাৱ দাহে তাইৰ ভিতৰখন যেন জুইপুৰি ছাই কৰি দিলে। আহত বাঘিনীৰ দৰে মাজে সময়ে ক্ষীপ্ত আৰু উন্মাদ আচৰণ কৰিবলৈ ধৰিলে। কেতিয়াবা আকৌ ভীষণভাবে মৌন, আনমনা আৰু নিশ্চল হৈ পৰে। কেতিয়াবা তাইৰ ধাৰণা হয় আহাৰৰ লগত বিহ মিহলাই তাকো হত্যা কৰি কাটি নিমখ ছটিয়াই বস্তাত ভৰাই নদীত দলিয়াই দি তাৰ ওপৰত ভীষণ প্রতিশোধ ল’ব। আকৌ ভাৱে, তাই যি হেৰুৱালে সেইয়াতো পুনৰুদ্ধাৰ কৰাটো কোনোমতেই সম্ভৱ নহয়। হঠাৎ তাই যেন এটা জীয়া মৃতদেহলৈ পৰিণত হ’ল। হাহি-তামচা, ৰংধেমালিতো দূৰৰ কথা, ভাৱলেশহীন শিলৰ মূৰ্ত্তিৰ দৰে নিশ্চল নিশ্চুপ হৈ পৰিল ৷
‘ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি।’ তাইৰো যেন সেইটোৱেই হ’ল। এদিন দুদিন কৰি সময় বাগৰিবলৈ ধৰিলে। ইফালে যিয়ে যিমানেই লম্পটক বুজাবলৈ চেষ্টা কৰিলে, তাৰ স্পষ্ট উত্তৰ- মই কোনো অবৈধ কাম কৰা নাই। মই কোনো জোৰ জৱদস্তি বা অপহৰণ কৰি কোনো অবৈধ কাম কৰা নাই। যি কৰিছো সম্পূর্ণ ধৰ্মীয় ৰীতি নীতি মতে আৰু সমাজ বিদ্যমান সামাজিক ৰীতি নীতি মতেই কৰিছো। ইয়াত কোনো অবৈধতা কৰা নাই; গোটেই বিশ্বৰ সকলো মুছলমানে জানে যে এজল স্বচ্ছল আৰু সমৰ্থৱান মুছলমানে চাৰিজনীলৈকে ছোৱালী,পত্নীক বিয়া কৰাব পাৰে । ইয়াত কোনো অবৈধতা নাই। ইয়াৰ পিছত আৰু কোনেও তাক উত্তপ্ত কৰিব নুখুজিলে। ইফালে এদিন দুদিনকৈ দিন বাগৰি গৈ এটা সময়ত লম্পটটোৱে আশা কৰা ধৰণে তাই নিজেই অন্তঃসত্বা বুলি অনুভৱ কৰিলে । তাইৰ ভাগ্যৰ বিড়ম্বনা ইমানেই যে সেই অনাকাংক্ষিত সন্তানৰ মাতৃত্বৰবোজা এতিয়া তাইৰ ওপৰত। ঘটনাৰ আকস্মিকতাত তাই যেন কিংকর্তব্য বিমূড় আৰু হতভম্ব হৈ পৰিল। তাইৰ সপোনবোৰ আজীৱন সপোন হৈ থাকিল ।
এয়া আছিল আজিৰ পৰা প্ৰায় কুৰি বছৰ পূৰ্বৰ এক বাস্তৱ ঘটনা। এতিয়া তাই তিনিটা লৰা-ছোৱালীৰ মাতৃ ৷ তাইৰ সন্তানবোৰ প্ৰকৃততে বৈধ নে অবৈধ সেইটো তাই নাজানে। কিন্তু আজিও এটা যন্ত্ৰ মানৱৰ দৰে তাই নিজৰ দায়িত্ব আৰু কৰ্তব্যবোৰ কৰি গৈছে নিয়াৰিকৈ। কিন্তু সেই কুৰি বছৰ পূৰ্বৰ সেই সপোন সপোন যেন লগা দিনবোৰৰ কথা ভাবি আজিও তাই আনমনা হৈ পৰে সকলোৰে অলক্ষিতে।◆
অপৰাধী
আবুল হুছেইন (৮ ম শ্রেণী, জাহোৰপাম হাইস্কুল)
২০১২ চনৰ ঘটনা। বহু আনন্দ উলাহেৰে দিন অতিবাহিত হৈ আছে। হঠাতে মোৰ বন্ধু শান্তনুক পুলিচে গ্ৰেপ্তাৰ কৰিলে। একো বেয়াকাম নকৰাকৈ শান্তনু কাৰাগাৰত থাকিব লগা হ’ল। দুমাহ পিছত ইয়াৰ ন্যায়- অন্যায় বিচাৰ হ’ল। বিচাৰ কৰাৰ পিছত শান্তনু দোষী বুলি প্ৰমাণিত হ’ল । বিচাৰকে শান্তনুক ফাঁচিৰ ৰায় দিলে। যিহেতু শান্তনু ভাল আৰু সৎ প্ৰকৃতিৰ ল’ৰা। সেয়ে তেওঁৰ ভায়েক অভিজিতে এইটো সঁচা বুলি কোনোপধ্যে মানি ল’ব নোৱাৰিলে। তেওঁ মনে মনে গৈ এদিন ৰাতি শান্তনুক সুধিলে-
ঃ শান্তনু, ককাই তুমি সচাঁকৈয়ে এই কামটো কৰিছানে ?
: নহয় । মই এই সম্পর্কে একোৱেই নাজানো ।
বহু কথা-বতৰাৰ পাছত শান্তনুৰ সৰু ভায়েক অভিজিত ঘৰলৈ উভতিল। দিন চেৰেক পাছত পুলিচে শান্তনু থকা কাৰাগাৰলৈ গৈ সুধিলে- তিনি দিন পাছত অর্থাৎ চৈধ্য তাৰিখে তোমাক ফাঁচি দিয়া হ’ব, তোমাৰ কিবা শেষ ইচ্ছা আছে যদি ক’ব পাৰা।
: আছে। মোৰ ওপৰত থকা অভিযোগটো আৰু এবাৰ ভাবি চাওক ।
: ক্ষমা কৰিবা, সেইটো আৰু ভাবি চোৱা নহয়, বেলেগ কিবা ইচ্ছা থাকিলে কোৱা।
ঃ ইয়াৰ বাদে মোৰ অইনকোনো ইচ্ছা নাই।
পুলিচ গুচি গ’ল। শান্তনুৰ সৰু ভায়েক অভিজিত আহিল ।
: ককাই, অ’ ককাই, অভিজিতে মাতিলে।
: চৈধ্য তাৰিখে মোক ফাঁচি দিয়া হ’ব।
ঃ সেইটো কোনোপধ্যেই হ’ব নোৱাৰে।
: আমি এতিয়া কি কৰিম অভিজিত? অভিজিতে শান্তনুক হাতত লোৰ মাৰি এডাল দি কলে – ঃযেতিয়া ৰাতি মানুহবোৰ টোপনি যাব, তেতিয়া তুমি এই মাৰি ডালেৰে তলাটো ভাঙি বাহিৰলৈ ওলাই যাবা । মই বাহিৰত ৰৈ থাকিম। ৰাতি হ’ল, সকলোৱে টোপনি গ’ল ৷
শান্তনুই লাহে লাহে তাৰ পকেটৰ পৰা মাৰিডাল উলিয়াই তলাটো ভাঙিবলৈ ধৰিলে। তেতিয়া ৰাতি প্ৰায় এঘাৰটা মান বাজিছে। তলাটো ভঙাৰ পিছত শান্তনুই দুৱাৰখন লাহে লাহে খুলি বাহিৰলৈ ওলাই আহিল। শান্তনুই কাৰাগাৰৰ পৰা ওলাই বাহিৰলৈ আহিব ধৰিলে। ইতিমধ্যে পহৰাদাৰ জনৰ টোপনি ভাঙিল। তেওঁ ডাঙৰ ডাঙৰ কৈ চিঞৰিবলৈ ধৰিলে। পুলিচজনে আহি দেখিলে যে মানুহ দুজনে দৌৰি পলাই আছে। তেওঁ বন্ধুকটো উলিয়াই গুলি কৰিলে ৷ প্ৰথম গুলিটো অভিজিতৰ লাগিল আৰু দ্বিতীয়টো শান্তনুৰ। দুয়োজনৰ মৃত্যু হ’ল। পাছদিনা তেওঁলোকৰ সৎকাৰ কৰা হ’ল। কেইদিনমান পিছত সিহঁত দুয়ো ভূত হৈ আৱিৰ্ভাব হ’ল। সিহঁতে য’ত যাক পায় মাৰিব ধৰিলে। চাৰিওফালে হুৱা-দুৱা লাগিল। বাতৰি কাকতৰ শিৰোনামত নিতৌ আহি আছে তিনি চাৰিজনৰ মৃত্যু। এদিনাখন এগৰাকী মানুহে নিজৰ ঘৰলৈ গৈ দেখিলে যে শান্তনু আৰু অভিজিতে তাৰ পৰিয়ালৰ সকলোকে মাৰি ওচৰত থিয় হৈ আছে। লগে লগে তেওঁৰ চিনাকি মানুহ এজনক ফোন কৰি এই কথা কলে। মানুহজনে আহি দেখিলে সচাঁকৈয়ে শান্তনু আৰু অভিজিত থিয় হৈ আছে। ইতিমধ্যে ওচৰ-চুবৰীয়াৰ মানুহবোৰ আহি গোট খালে। লগে লগে দুয়ো অদৃশ্য হৈ পৰিল। মানুহবোৰে ভয় খাই দূৰলৈ গুচি গ’ল। কেইদিনমান পিছত পুনৰ শান্তনু আৰু অভিজিতে আন এটা ঘৰৰ মানুহক আক্রমণ কৰিলে। কোনোবাই পুলিচক মাতিলে। সিঁহত দুয়োটাই পুলিচক মাতি অনা মানুহজনকেই মাৰিব ধৰোতে মানুহজনে ভয় খাই কলে যে প্রকৃততে তেৱেই অপৰাধী। তেৱেই শান্তনুৰ ওপৰত মিছা দোষ জাপি দিছিল। পুলিচে এই কথা জানিব পাৰি তেওঁক গ্ৰেপ্তাৰ কৰিলে। কিছুদিন পিছত মানুহ জনক ফাঁচি দিয়া হ’ল ৷ লাহে লাহে গাঁৱখনৰ পৰা মৃত্যুৰ সংখ্যাও কমি আহিল ।◆
টকাক নমস্কাৰ
মহঃ মুস্তাফিজুৰ ৰহনান
বিজ্ঞান শিক্ষক, সোনাবাৰী উঃ মাঃ বিঃ
এখন গাঁওত এজন ফকীৰ আৰু এজন জমিদাৰ আছিল। ফকীৰজনৰ দুজন ল’ৰা আছিল ৷ ডাঙৰ জনৰ নাম আছিল ৰাজু আৰু সৰু জনৰ নাম আছিল মুন। জমিদাৰ্জনৰ দুজনী ছোৱালী আছিল ৷ ডাঙৰ জনীৰ নাম বিউটী আৰু সৰু জনীৰ নাম বেবী আছিল। ফকীৰ্জনৰ নাম আছিল পিংকু আৰু জমিদাৰ্জনৰ নাম আছিল টিংকু।
ফকীৰ্জনৰ ল’ৰা দুজন আৰু জমিদাৰজনৰ ছোৱালী দুজনী গাওঁত থকা একেখন হাইস্কুলত নৱম শ্ৰেণীত পঢ়ে। নৱম শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষাত ৰাজুয়ে প্রথম স্থান পালে আৰু মুনে দ্বিতীয় স্থান পালে। বেবীয়ে পালে পঞ্চম স্থান আৰু বিউটিয়ে পালে নৱম স্থান।
ফকীৰৰ ল’ৰা দুজনে নৱম শ্ৰেণী পাছ কৰি দশম শ্ৰেণীত ভৰি দিলে। ইপিনে ফকীৰৰ ঘৰতো নানা দুৰ্যোগ আৰম্ভ হ’ব ধৰিলে। প্ৰায় সকলো সময়ত ফকীৰৰ অসুখ থাকে। এটা সময়ত দশম শ্ৰেণীৰ Test Examination ওচৰ চাপি আহিল। নানা অসুবিধাৰ মাজত থাকি ফকীৰৰ ল’ৰা দুজনে টেষ্ট পৰীক্ষা দিলে । পৰীক্ষাৰ পিছত ৰিজাল্ট দিলে। ৰাজুয়ে শতকৰা ৮৫ নম্বৰ পাই প্ৰথম স্থান পালে মুনে শতকৰা ৮৪.৫ নম্বৰ পাই দ্বিতীয় স্থান পালে।
ফলাফল শুনি সকলো ছাত্ৰ-ছাত্ৰীয়ে ঘৰলৈ গ’ল । ৰাজু আৰু মুনে লাহে লাহে ঘৰলৈ গৈ আছিল পিছফালৰ পৰা বিউটীয়ে মাত লগালে- ৰাজু ভাই, মই আপোনাক এটা কথা কম। ৰাজুয়ে পিছ পিনে ঘূৰি দেখিলে যে বিউটী আৰু বেবী। ৰাজুয়ে বিউটীক ক’লে কি কথা কোৱা? বিউটীয়ে ক’লে- কথাটো হ’ল মই আপোনাক তিনি বছৰ আগৰ পৰাই মনে মনে ভাল পাই আছো কিন্তু ক’ব পৰা নাই। আজি মোৰ ধৈৰ্যৰ সীমা নাইকীয়া হৈছে সেইবাবে আপোনাক মুকলিকৈ ক’লো। ইয়াত আপোনাৰ মতামত কি? কওঁক। ৰাজুয়ে ক’লে- ঘৰত বর্তমান বৰ অশান্তিত আছো। এই মুহুৰ্ত্তত ইয়াৰ উত্তৰ দিব নোৱাৰিলো। সকলোৱে ঘৰলৈ গ’ল।
ঘৰত তেওঁলোকে ৰিজাল্টৰ খবৰ মাক-দেউতাকক দিলে। ৰিজাল্টৰ খবৰ শুনি মাক-দেউতাকে সন্তুষ্ট হ’ল। দহ দিন পিছত যে H.S.L.C. ফাইনেল পৰীক্ষাৰ বাবে প্ৰ-পত্ৰ জমা দিব লাগিব এই কথাটোও ৰাজু আৰু মুনে মাক-বাপেকক কলে । ফকীৰে ৰাজুক ক’লে টকা কিমান লাগিব? ৰাজুয়ে ক’লে- পাঁচশ টকা লাগিব ৷ এই কথা শুনি পিংকু ফকীৰে বৰ চিন্তাত পৰিল। সেই সময়ত ফকীৰৰ বৰ অসুখ আছিল ।
ইফালে জমিদাৰৰ ছোৱালী দুজনীয়ে ঘৰত গৈ Test Examination ৰ ৰিজাল্টৰ কথা মাক-বাপেকক ক’লে। জমিদাৰৰ ডাঙৰ ছোৱালী বিউটীয়ে পিংকু ফকীৰৰ ল’ৰা দুজনৰ ৰিজাল্টৰ কথা মাকক কলে, মাকে শুনি ভাল পালে ।
নিদিষ্ট তাৰিখত টকা যোগাৰ নোহোৱাত ৰাজু আৰু মুনে স্কুলত গৈ প্ৰধান শিক্ষকক ঘৰৰ অৱস্থাৰ বিষয়ে ক’লে। বাকী প্ৰ-পত্ৰ পূৰণ কৰি দিবলৈ প্ৰধান শিক্ষক অনুৰোধ জনালে। কিন্তু প্রধান শিক্ষকে ক’লে- টকা নোহোৱাকৈ প্ৰ-পত্ৰ পূৰণ কৰিব নোৱাৰিবা। প্রধান শিক্ষকে আৰু ক’লে- অহাকালি ৰাতিপুৱা টকা লৈ আহিবা নহ’লে পৰীক্ষা দিবনোৱাৰিবা। ৰাজু আৰু মুনে কান্দি কান্দি ঘৰলৈ গ’ল আৰু সকলো কথা দেউতাকক ক’লে। দেউতাকে লৰা দুজনক ক’লে- চিন্তা নকৰিবা। মই টকা যোগাৰ কৰি দিম।
নিদিষ্ট তাৰিখত সকলো ছাত্ৰ-ছাত্ৰীয়ে H.S.L.C. ফাইনেল পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণ কৰি ঘৰলৈ গ’ল । কিন্তু জমিদাৰৰ ছোৱালী দুজনীয়ে প্ৰ-পত্ৰ পূৰণ কৰি ঘৰলৈ নগৈ ৰাজু আৰু মুনৰ বাবে অপেক্ষা কৰি থাকিল।
আবেলি তিনি বজালৈ স্কুলত অপেক্ষা কৰি ৰাজু আৰু মুনক নেদেখি ঘৰলৈ গুচি গ’ল। ঘৰত গৈ বিউটীয়ে বৰ চিন্তা কৰি আছিল৷
পিংকু ফকীৰে গাঁওৰ সকলো মানুহৰ ওচৰত টকাৰ কথা কৈয়ো টকা নাপালে। অৱশেষত ফকীৰে জমীদাৰৰ ঘৰত যোৱাৰ সিদ্ধান্ত ল’লে। কিছুসময় পিছত অলপ চিন্তা কৰি পিংকু ফকীৰে জমিদাৰৰ ঘৰত গৈ জমিদাৰক মাত লগালে। জমিদাৰে বাহিৰত ওলাই অহাৰ লগে ফকীৰে নমস্কাৰ জনালে । নমস্কাৰ জনাই ফকীৰে ক’লে- মোৰ ল’ৰা দুজনৰ H.S. L.C. ফাইনেল পৰীক্ষাৰ ফৰ্ম ফিলাপৰ আজি শেষ তাৰিখ ৷ পাঁচশ টকা লাগিব। আপুনি মোক দয়া কৰি পাঁচশ টকা ধাৰে দিয়ক। জমিদাৰে কলে মোৰ ওচৰত টকা নাই। মই টকা দিব নোৱাৰিম। শেষত ফকীৰে কান্দি কান্দি জমিদাৰৰ ভৰিত ধৰি কলে। কিন্তু জমিদাৰে টকা নিদি লাথি মাৰি পেলাই দিলে। মনৰ দুখত ফকীৰে জোৰকৈ কান্দিলে। এই দৃশ্য জমিদাৰৰ ডাঙৰ ছোৱালী বিউটীয়ে খিৰিকিৰ পৰ্দাৰ ফাকেৰে চাই আছিল । জমিদাৰে ফকীৰৰ চুলিত ধৰি চোঁচৰাই নি গেটৰ বাহিৰত থৈ আহিলে। ইপিনে এই ঘটনাটোৰ কথা বিউটিয়ে মাকক ক’লে আৰু পাঁচশ টকা খুজিলে। মাকে টকা পাঁচশ বিউটিক দিলে। বিউটীয়ে টকা পাঁচশ লৈ গেটৰ বাহিৰলৈ ওলাই আহিল ।
দুঃখ-বেদনাত ফকীৰে অচেতন হৈ পৰি আছিল। পিংকু ফকীৰৰ অৱস্থা দেখি বিউটীৰ দেউতাকৰ প্ৰতি ঘৃণা উপজিল। বিউটীয়ে ফকীৰৰ হাতত ধৰি ক’লে- খুড়া, আপুনি উঠক। হঠাৎ ফকীৰে চমকি উঠিল আৰু ক’লে- তুমি কোন? মোক খুড়া বুলি মাতিছা । তেতিয়া বিউটীয়ে ক’লে- মই জমিদাৰৰ ডাঙৰ ছোৱালী। মোৰ নাম বিউটী। খুড়া, এই লওঁক পাঁচশ টকা। কিন্তু এটা কথা খুড়া, এই টকা মই দিয়া বুলি ৰাজু আৰু মুনক নক’ব। মোৰ মূৰৰ ওপৰত হাত থৈ এইটো প্ৰতিজ্ঞা কৰক। টকা পোৱাৰ আনন্দত ফকীৰে নক’ ম বুলি মান্তি হ’ল। বিউটিক ফকীৰে কি বুলি আৰ্শীৰ্বাদ দিব ভাবি নাপাই মাথোন ক’লে-মা, তোমাৰ ভৱিষ্যত জীৱন উজ্জ্বল হওঁক । এই কথাখিনি কৈ বেমাৰী পিংকু ফকীৰে লাহে লাহে ঘৰলৈ আহিল। ঘৰত গৈ টকাখিনি ডাঙৰ ল’ৰা ৰাজুৰ হাতত দিলে । টকা পাই ৰাজু আৰু মুন খুব আনন্দিত হ’ল ।
পিছদিনা ৰাতি পুৱা ৰাজু আৰু মুনে স্কুলত প্ৰ-পত্ৰ পূৰণ কৰিবলৈ গ’ল। প্ৰধান শিক্ষকে ঠিকনা জানি বিচৰাত মুনে ক’লে- গাঁওৰ নাম ছিকাটাৰী পাথাৰ, ডাকঘৰ- তাৰাকান্দি, জিলা- বৰপেটা, পিন- ৭৮১৩২১। প্ৰ-পত্ৰ পূৰ্ণ হ’ল। দুয়োজনে স্কুলৰ পৰা ঘৰলৈ আহিল। ঘৰত আহিয়েই মাকক ক’লে- অহাকালি আমি গুৱাহাটীলৈ যাম। পিছদিনা ৰাতিপুৱা দুয়োজনে গুৱাহাটীলৈ গ’ল। দুয়োজনে এমাহ কাম কৰি তিনি হাজাৰ টকালৈ ঘৰলৈ উভতিল। ঘৰত আহি ৰাজুয়ে দেউতাকক ক’লে- ফৰ্ম ফিলাপৰ সময়ত পাঁচশ টকা কাৰ পৰা আনিছিলা কোৱা, টকাখিনি মই দি আহিম। দেউতাকে পুতেকক ক’লে- টকাখিনি কোনে দিছে মই ক’ব নোৱাৰিম। কিন্তু টকাখিনি দিব নালাগিব বুলি কৈ দিছে। ঘৰত আহি খবৰ পালে যে অহাকালি স্কুলত বিদায়ী সভা ৷
পিছদিনা ৰাতিপুৱা ১১:০০ বজাত ৰাজু আৰু মুনে বিদায় লোৱাৰ বাবে স্কুললৈ গ’ল। স্কুলত যোৱাৰ লগে লগে জমিদাৰৰ ছোৱালী বিউটিয়ে দৌৰি আহি ৰাজুৰ হাতত ধৰি এটা কোঠাৰ ভিতৰলৈ লৈ গ’ল। বিউটিয়ে বিদায়ী সভাত দিবলৈ ঘৰৰ পৰা দুটা মানপত্ৰ লৈ গৈছিল, তাৰে এটা ৰাজুক দিলে আৰু আনটো বিউটীয়ে নিজে ৰাখিলে। দুয়োজনৰ মনৰ কথা খুলি প্ৰায় এঘন্টামান গল্প কৰিলে। বিউটীয়ে মুনৰ বিষয়ে বেবীক কোৱাত সিদিনা বেবীয়ে মুনৰ লগত গল্প কৰিবলৈ ওচৰত বহিল। বিদায়ী সভা আৰম্ভ হ’ল। সভাত ৰাজুয়ে প্রথমে মানপত্র পাঠ কৰিলে আৰু প্ৰধান শিক্ষকৰ হাতত দি এটা বেঞ্চত বহিল । তাৰ পিছত বিউটীয়ে মানপত্র পাঠ কৰিলে আৰু শিক্ষকৰ হাতত দি ৰাজুয়ে বহা বেঞ্চত বহিল। সভা শেষ হোৱাৰ পিছত সকলোৱে মিঠাই খাই ঘৰলৈ গুচি গ’ল। ঘৰলৈ অহাৰ সময়ত বিউটীয়ে ৰাজুৰ হাতত ধৰি আৰু বেবীয়ে মুনৰ হাতত ধৰি এটা ভুলৰ বাবে ক্ষমা খুজিলে। ৰাজুয়ে ভুলটো জানিব বিচৰাত বিউটীয়ে একো নকলে। চাৰিওজনে পৰস্পৰৰ পৰা বিদায় লৈ নিজৰ নিজৰ ঘৰলৈ গ’ল।
দুই মাহ পিছত H.S.L.C পৰীক্ষা আৰম্ভ হ’ল। সিহঁতে পৰীক্ষা দিলে। তিনিমাহ পিছত ৰিজাল্ট দিলে। ৰাজুয়ে শতকৰা ৯০ নম্বৰ পাই প্রথম স্থান পালে আৰু মুনে শতকৰা ৮৮ নম্বৰ পাই দ্বিতীয় স্থান পালে। বিউটীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হ’ল আৰু বেবীয়ে ফেইল কৰিলে।
ৰাজু আৰু মুনৰ গাঁওৰ সকলো মানুহে গৌৰৱবোধ কৰিলে। দুয়ো জনে কলেজত গৈ বিজ্ঞান শাখাত নাম ভৰ্তি কৰিলে ৷ দুই বছৰ পিছত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত দুয়োজনে ক্ৰমে- প্ৰথম ষ্টাণ্ড আৰু দ্বিতীয় ষ্টাণ্ড পালে৷ ৰাজু আৰু মুনে মেডিকেল কলেজত চৰকাৰী খৰছেৰে নামভৰ্ত্তি কৰিলে। ৰাজুয়ে ছাৰজিকেল বিভাগত আৰু মুনে এম, ডি বিভাগত সুখ্যাতিৰে M.B.B.S পাছ কৰিলে । অলপ দিনৰ ভিতৰত ৰাজু আৰু মুনে বহু টকা উপাৰ্জন কৰিলে। এবছৰ পিছত চহৰত মাটি কিনি ঘৰ বনালে। মুনে গাঁওৰ ঘৰত থাকে আৰু ৰাজুয়ে চহৰৰ ঘৰত থাকে। প্রায় ছমাহ পিছত ৰাজুয়ে ঘৰত আহি দেউতাকক চহৰৰ ঘৰলৈ লৈ গ’ল। দেউতাকে গৈ দেখে যে পুতেকে সজোৱা তিনিমহলীয়া আৰ.চি.চি. বিল্ডিংৰ ওপৰত লিখা আছে “পিংকুভৱন”।দেউতাকে আনন্দত আত্মাহাৰা হৈ পৰিল ।
ইপিনে জমিদাৰৰ ডাঙৰ ছোৱালীজনীয়ে চিন্তা কৰি শুকাই ক্ষীণাই গ’ল৷ এদিন বিউটীয়ে বেবীক লগত লৈ মুন ডাক্টৰৰ ওচৰলৈ গ’ল। বিউটীয়ে অসুখৰ বিষয়ে ডাক্টৰ মুনক ক’লে। মুনে পৰীক্ষা কৰি ক’লে-এপেণ্ডিক্স বাঢ়ি গৈছে। অপাৰেচন কৰিব লাগিব। পিছত বিউটীয়ে নিজৰ সৰু ভণ্টি বেবীক লগত লৈ ডাক্টৰ ৰাজুৰ ওচৰত গ’ল। অসুখৰ বিষয়ে বিৱৰি কোৱাত অপাৰেচন কৰিব লাগিব বুলি ক’লে।
এনেতে দেউতাকে গাঁওৰ ঘৰলৈ আহিব ক’বলৈ পুতেক ৰাজুৰ ওচৰলৈ গ’ল। ৰাজুৰ ওচৰত গৈ দেউতাকে জমিদাৰৰ ছোৱালীক দেখি আচৰিত হৈ পৰিল আৰু ৰাজুক ক’লে-বাবা,আজি মই তোমাক এটা গোপন কথা ক’বলৈ সুযোগ পাইছো। বিউটীয়ে কথাটো বুজি পাই ক’লে- খুড়া আপুনি যদি কথাটো কয় তেন্তে মই মৰি যাম। তেতিয়া ৰাজুৰ দেউতাকে বিউটিক ‘মা’ বুলি সম্বোধন কৰিলে। বিউটীয়ে ৰাজুৰ দেউতাকৰ ওচৰত ক্ষমা খুজিলে।
ইয়াৰ পিছত ৰাজুৰ দেউতাকে, ৰাজু, বিউটী আৰু বেবীয়ে একেলগে বহি ভাত-পানী খাই ললে । ভাত খোৱাৰ পিছত ৰাজুয়ে বিউটীক নানা ধৰণৰ ঔষধপাতি দি ক’লে এমাহ পিছত অপাৰেচন কৰিব লাগিব । তোমাৰ দেউতাকক লগত লৈ আহিবা। বিউটীয়ে ঔষধৰ দাম এহাজাৰ টকা দিব খুজোতেই ৰাজুৰ দেউতাকে বিউটীক ক’লে- তুমি টকা দিলে মই তোমাক ‘মা’ বুলি নামাতো। ৰাজুৰ বুজিবলৈ বাকী নাথাকিল যেকোনে তাক H.S. L.C পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ বাবে টকা দিছিল । ৰাজুয়ে দেউতাকক ক’লে-মোৰ ঋণ মই কেতিয়া পৰিশোধ কৰিব পাৰিম । দেউতাকে ক’লে- তোমাৰ যেতিয়া ইচ্ছা হয় তেতিয়াই পৰিশোধ কৰিব পাৰিবা। তাৰ পিছত ৰাজুয়ে অট’ৰিক্সা এখন মাতি আনি তিনিওজনক গাঁওলৈ পঠিয়াই দিলে।
আবেলি তিনি বজাত সিঁহতে আহি গাঁও পালে। তিনিওজনে বিদায় লৈ নিজৰ নিজৰ ঘৰলৈ গ’ল। সন্ধিয়া ৰাজুৰ দেউতাকে বজাৰলৈ যোৱাৰ সময়ত জমিদাৰৰ লগত দেখা হ’ল। দেখা হোৱাৰ লগে লগে জমিদাৰে ৰাজুৰ দেউতাকক নমস্কাৰ জনালে । তেতিয়া ৰাজুৰ দেউতাকে জমিদাৰৰ ওচৰত গৈ গালত দুটা চৰ মাৰিলে । জমিদাৰে দেৱানীৰ ওচৰত বিচাৰ (গোচৰ) দিলে। দেৱানীয়ে পিছদিনা ৰাতিপূৱা দহ বজাত বিচাৰৰ সময় দিলে।
পিছদিনা দহ বজাত বিচাৰ আৰম্ভ হ’ল। দেৱানীয়ে জমিদাৰক ক’লে- আপুনি কিয় বিচাৰ দিলে ? সেই কথাখিনি ৰাইজৰ আগত কওঁক। জমিদাৰক যে পিংকু ফকীৰে চৰ মাৰিছে এই কথাখিনি জমিদাৰে ৰাইজৰ আগত বহলাই ক’লে।দেৱানীয়ে জমিদাৰৰ কথাখিনি শুনি পিংকু ফকীৰক ক’লে- ভাই, জমিদাৰে কোৱা কথা খিনি সঁচা নে? পিংকু ফকীৰে ক’লে- সঁচা । ৰাইজে প্ৰশ্ন কৰিলে পিংকুক- তেনেহ’লে কিয় আপুনি জমিদাৰক মাৰিলে? তেতিয়া পিংকু ফকীৰে ক’লে- মোৰ ল’ৰাৰ H.S.L.C. পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰ্ণৰ সময়ত পাঁচশ টকাৰ বাবে জমিদাৰৰ ঘৰত গৈছিলো। জমিদাৰে মোক টকা নিদি লাথি মাৰিছিল আৰু চুলিত ধৰি চোঁচৰাই নি গেটৰ বাহিৰত পেলাই দিছিল। তেতিয়া মই দুখীয়া বেমাৰী মানুহ আছিলো ৷ এই ঘটনাৰ সাক্ষী হ’ল- জমিদাৰৰ ডাঙৰ ছোৱালী বিউটী। ফকীৰে শেষত ক’লে- জমিদাৰে মোক নমস্কাৰ দিয়া নাই। নমস্কাৰ দিছে মোৰ টকাক। সেই কাৰণে মই জমিদাৰৰ গালত চৰ মাৰিছো ৷
সদৌ শেষত ৰাইজ আৰু দেৱানীয়ে বিউটীক সুধিলে- পিংকু ফকীৰে কোৱা কথাটো সঁচানে? তেতিয়া বিউটীয়ে ক’লে- সঁচা। বিউটীয়ে ঘটনাটো ৰাইজৰ সন্মুখত বহলাই কৈ ৰাইজক অৱগত কৰালে। বিচাৰত পিংকু ফকীৰৰ পক্ষত ৰায় প্ৰদান কৰিলে। ৰাইজে একমুখে জমিদাৰক ধিক্কাৰ দিলে আৰু ক’লে- যেনে কর্ম তেনে ফল । পিংকু ফকীৰ গাঁওৰ এজন সন্মানৰ পাত্ৰ হৈ পৰিল।◆
আইৰ পূজাৰ বেদীত
নুরুল হক, যতিগাঁও
নৰেন হালদাৰে সাহিত্য অকাডেমিৰ বঁটাটো লৈ ঘৰলৈ আহিয়েই মাকক বিচাৰি মাকে থকা কোঠালৈ গৈ মাকক দেখা নাপাই ঘৈণীয়েকক সুধিলে- “অঞ্জু, মা কলৈ গ’ল?” নৰেনৰ হাতত ৰঙীন কাগজেৰে মেৰিওয়া উপহাৰটো দেখা পাই অঞ্জুৱে গিৰিয়েকৰ হাতৰ উপহাৰটো খুলি চাওঁ বুলি নৰেনক কোৱাত নৰেনে ক’লে-“এইটো মাক প্ৰথমতে দেখুৱাম। কাৰণ মই যি বঁটা পালো তাৰ সম্পূৰ্ণ কৃতিত্ব মোৰ মাৰ । দেউতা নাই ৷ গতিকে মাকক প্ৰথমতে উপহাৰটো খুলি দেখুৱাম।” অঞ্জু মালাকাৰ ওৰফে অঞ্জু হালদাৰে গিৰীয়েকৰ কথাত যেন বেয়া পালে। তাইৰ মুখাবয়ৱত তাৰ প্ৰকাশ ঘটিল। তেনেতে মাকে ওচৰৰ ঘৰৰ পৰা আহি নৰেনক সুধিলে, “তোমালোকে কি কথা পাতিছা, নৰেন?” নৰেনে সাহিত্য অকাডেমীৰ বঁটাটো মাকৰ হাতত তুলি দি মাকক খুলিবলৈ দিলে। মাকে বঁটাটো খুলি বোৱাৰীৰ হাতত দিবলৈ আগবাঢ়ি যাওঁতেই তাই কোঠাটোৰ পৰা ওলাই গ’ল। নৰেনে বুজি নাপায় মাকক বেছি গুৰুত্ব দিয়াত তাই কিয় বেয়া পালে? অঞ্জুৰ মাকৰ হাতত বঁটাটো দিলে তাই বেয়া পালেহেঁতেননে? তাইৰ মাক আৰু তেওঁৰ মাকৰ মাজতনো কি পার্থক্য থাকিব পাৰে? নৰেনে প্ৰায়েই লক্ষ্য কৰে অঞ্জুৰ ঘৰৰ কোনোবা আহিলে তেওঁলোকৰ প্ৰতি যি আদৰ সাদৰ দেখুৱায় নৰেনৰ অঙহী বঙহী কোনোবা আহিলে আদৰ আপ্পায়ণ তেনেকৈ কৰা দেখা নাযায়। এই পার্থক্য আন বহুতো পৰিয়ালত সততেদেখা যায়। ইয়ে ঘৈণীয়েকৰ অঙহী বঙহীক বেছি বেছি লাগী আৰু গিৰিয়েকৰ ফালৰ মানুহক বেছি বেছি এলাগী কৰি তোলে। সময়ত এই পার্থক্য বেছিকৈ প্রকট হলে গিৰিয়েক ঘৈণীয়েকৰ মাজত মনোমালিন্য হয়। কেতিয়াবা এই মনোমালিন্যই চুড়ান্ত ৰূপ পৰিগ্ৰহ কৰিলে বিবাহ বিচ্ছেদ হয়, নহলে ঘৈণীয়েকৰ ওচৰত আত্ম সমৰ্পন কৰি, এনেকি মাকবাপেকক ঘৰৰ পৰা উলিয়াই দিবলৈও কুণ্ঠাবোধ নকৰে। বাপেকক বস্তাত ভৰাই নদীত দলিয়াই দিয়ে। অভাগিনী মাতৃক হাত ভৰি বান্ধি ৰাজপথত পেলাই দিয়ে। এইবোৰ ঘটনাই নৰেনক বৰকৈ আঘাত দিয়ে। নৰেন যেতিয়া স্কুলীয়া ল’ৰা তেতিয়া অভাৱৰ তাড়নাত এসাজ খাই এসাজ নাখাই দিনবোৰ পাৰ হৈছিল । মাকে অশেষ কষ্ট কৰি সেই অভাৱৰ দিনতো নৰেনৰ পঢ়া-শুনা ঠিক ৰাখিছিল। নৰেনে পঢ়া-শুনা কৰি আজি সাহিত্য সাধনাত ব্ৰতী হৈছে একমাত্ৰ মাকৰ যহতে। সেয়েহে নৰেনৰ জীৱনৰ সাধনা হৈছে তেওঁৰ মা । মাকৰ সুখ শান্তিৰ বাবে তেওঁৰ যথা সৰ্বস্ব ত্যাগ কৰিবলৈ প্ৰস্তুত আছে নৰেন ৷
আহিন মাহ। দুৰ্গা পূজাৰ বতৰ। কেন্দুকোনা চ’কত ২০ ফুট ওখ দুর্গা মূৰ্ত্তি সাজি পূজাৰ উখল মাখলত সকলো ব্যস্ত। দুৰ্গাদেৱীৰ বাবে দামী দামী সোণৰ গহনা, মখমলৰ শাড়ী আৰু কত যে কি এইবোৰে নৰেনক পীড়া দিয়ে। নিজৰ জন্মদাত্রী মাতৃক ঠেটুৱে লগা জাৰত বস্তাৰে মেৰিয়াই পৰিত্যক্ত ঘৰত পেলাই থোৱা দূৰ্গা মা ভক্ত সকলে বুজি নাপায় তেজ মঙহৰ মাতৃতকৈ দূর্গা মা কোনো গুণেই ডাঙৰ হ’ব নোৱাৰে। এইবোৰ ভাবি থাকোতেই অঞ্জুৱে গিৰিয়েকক মাত লগালে, “শুনিছেনে মোৰ বাবে এটা নতুন শাড়ী আৰু শাড়ীৰ ৰঙৰ সৈতে মিলাই ব্লাউজ এটাও আনিব।দেওবাৰে ষষ্ঠী। ষষ্ঠীৰে পৰা বিসৰ্জনলৈ পূজা কেইদিন মাতৃ পূজাত ব্যস্ত থাকিব
37লাগিব। ভাল দামী শাড়ী এটা নহ’লেই নহ’ব।” নৰেনে কথাবোৰ শুনিছেহে। কোনো প্রতিক্রিয়া নেদেখুৱাত অঞ্জুৱে তাইৰ কথাত গিৰিয়েকে গুৰুত্ব নিদিয়ে বুলি কৈ কোঠালিৰ পৰা ওলাই গ’ল। নৰেনে মনে মনে ভাবিলে মাটিৰ মাক পূজা দিয়াত ইমান গুৰুত্ব, তেজ মঙহৰ মাকৰ প্ৰতি অৱহেলা কিয় ? নৰেনে ঘৈণীয়েকক যথেষ্ট মৰম কৰে। বজাৰৰ পৰা শাড়ী এটা লগতে ব্লাউজ এটাও আনি অঞ্জুৰ হাতত দি পূজাত পিন্ধিবলৈ কলে ৷ মাকৰ বাবে অনা শাড়ীটো তাইৰ নিজৰ হাতেৰেই মাকক দিয়াৰ কাৰণে অঞ্জুৰ হাতত দিলে । নৰেনে নিজৰ বাবে কোনো নতুন কাপোৰ নানিলেই। জীৱনৰ বাবে কলাৰ সাধক নৰেনে মানুহৰ ওপৰত একোৱেই নহয় বুলি ভাবে। পূজা পাটল, ৰং ৰহইচত মন নাই। তেওঁৰ কবিতা, প্রবন্ধ গল্প আদিত খাটি খোৱা মানুহৰ জীৱনৰ ছাপ পৰিছে। মেহনতী মানুহৰ মুক্তিই তেওৰ জীৱনৰ একমাত্ৰ ব্ৰত ৷ কথাবোৰ অঞ্জুৱে বুজিবলৈ যত্ন নকৰা দেখি নৰেনৰ দুখ । তেওঁৰ আদৰ্শ অঞ্জুহঁতক বুজাব নোৱাৰাটো তেওঁৰেই ব্যৰ্থতা বুলি নৰেনে বুজি পায় ।
এসময়ত অভাৱৰ তাড়নাই নৰেনক সংগ্ৰামী কৰি তুলিছিল। পেটৰ ভাত মুঠিয়েই যেতিয়া সমস্যা তেতিয়া কলেজীয়া ছাত্ৰ নৰেনে দৰিদ্ৰতাৰ সৈতে সংগ্ৰাম কৰি পঢ়া-শুনা ঠিক ৰাখিছিল। পথাৰত হাড় ভঙা পৰিশ্ৰম, চাৰি-পাঁচ গ্ৰুপ টিউচন কৰিও মাক-বাপেক আৰু ভাই-ভনীকেইটাক পোহপাল দিছিল। দহজনীয়া পৰিয়ালটোৰ বাবে লগাৰ জোখৰে চাউল, আটা আনিব নোৱাৰাত কেতিয়াবা গৰম ভাতত পানী ঢালি “থোৰ পান্তা” ভাত খাইছিল। আটাৰ ফেন খাইছিল। কিন্তু লক্ষ্যৰ পৰা বিচলিত নোহোৱা নৰেনে সময়ত সৰ্বোচ্চ ডিগ্রী স্নাতকোত্তৰৰ দেওনা পাৰ হৈছিল। সেয়েহে নৰেনে বুজি পায় দাৰিদ্ৰৰ যন্ত্ৰণা কিমান নিদাৰুণ ! ডাল দৰিদ্ৰ মানুহৰ মুক্তিৰ সংগ্ৰামত নৰেনে সেয়ে আগৰণুৱা । তেওঁৰ কবিতাতো তাৰ প্ৰতিফলন ঘটিছে।
নৰেনৰ আদৰ্শ মা, মাটি আৰু মানুহ। নিজ মাতৃৰ সেৱা, দেশমাতৃৰ সেৱা আৰু মানৱ সেৱাৰ মাজত কোনো পার্থক্য বিচাৰি নাপায় নৰেনে। এটা আনটোৰ পৰিপূৰক। সেয়েহে মেহনতি মানুহৰ মুক্তিৰ সংগ্ৰাম আৰু মাতৃপূজা নৰেনৰ মনত সমার্থক । দেশ মাতৃৰ দুৰ্দশা আৰু নিজ মাতৃৰ চকুলোৰ মাজত কোনো পার্থক্য দেখা নাপায় নৰেনে। স্বাধীনতাৰ সত্তৰটা বছৰে যিসকলে দেশখন শাসন কৰিলে তেওঁলোকে দেশখনক শোষণো কৰিলে। নির্বাচিত প্রতিনিধি সকলে ৰাজকোষৰ ধন কোৰোনাৰে চপাই নিজৰ সম্পত্তিৰ পাহাৰ গঢ়িলে। দেশৰ জমিদাৰ, পূঁজিপতি সকলক শোষণৰ বাট মোকলাই দিলে। দেশৰ সম্পদ লুটি মালিয়াহঁতক দেশ এৰি পলাই যোৱাত সহায় কৰিলে। এইবোৰে নৰেনক আঘাত দিয়ে। যিসকলে দেশখনক লুটি লুটি খালে তেওঁলোকেই সমস্বৰে গায় ‘ছাৰে জাহা ছে অচ্ছা হিন্দুস্তা হমাৰা ৷’
দশমীৰ দিনা সকলোৱে দূৰ্গা মাক বিসৰ্জ্জনত ব্যস্ত। অঞ্জুৱেও দামী শাড়ী পিন্ধি সাজি-কাচি আহি গিৰিয়েকক কলে, “এইকেইদিন মোৰ সৈতে পূজা চাবলৈ নগ’ল যদিও আজি বিসৰ্জনৰ দিনা যাবই লাগিব৷” নৰেনে হা- না একো নকৈ মনে মনে থকা দেখি অঞ্জুৱে কণমানি ল’ৰাটোৰ হাতত ধৰি বিসৰ্জন চাবলৈ ওলাই গ’ল। নৰেনেও আইৰ পূজাৰ বেদীত আৰু এবাৰ নিজকে সমৰ্পিত কৰিলে।◆
অস্তমিত সূৰুযৰ আভা
ছাবেদুৰ ৰহমান, জাহোৰপাম
নাম তেওঁৰ সোহেল। সোহেল আক্তা। মানুহজনৰ বয়স ৫২ বছৰৰ ওচৰা-ওচৰি। সুন্দৰ চেহেৰাৰ, সুঠাম দেহৰ মানুহজনৰ জীৱনৰ ৫০ টা বসন্ত অতিবাহিত কৰি ঢাপলি মেলিছে গুৱাহাটীলৈ। জীৱনৰ সকলো আশা-আকাংক্ষা কৱৰস্থ কৰি তেওঁ এতিয়া বাস কৰে হাতীগাঁৱৰ এখন জুপৰি সদৃশ ভাৰাঘৰত। মানুহজন এতিয়া পৰিবেশ পৰিস্থিতিৰ দাস। পেটৰ তাড়নাত আজিকালি তেওঁ গুৱাহাটীৰ অলি-গলিয়ে ৰিক্সা চলায়। দিনৰ দিনটো ৰিক্সা চলোৱাৰ সময়ত ৰ’দৰ তাপত তেওঁৰ মুখমণ্ডল ৰঙা হৈ পৰে, দেহটো তেওঁৰ ক্লান্ত হৈ পৰে ৷ জীৱনলৈ অৱসাদ নামে। অস্থিৰ মন, পৰিশ্ৰান্ত দেহেৰে তেওঁ আগবাঢ়ে জীৱনৰ বাটত ভোক নিবাৰণৰ স্বাৰ্থত। তেওঁৰ আগৰ উৎসাহ-উদ্দীপনাৰ এতিয়া অৱসান ঘটিল। জীৱনলৈ বিষাদৰ বন্যা নামি আহিল।
মানুহজনৰ ভাড়াঘৰত থকাৰ আজি প্ৰায় দুটা বছৰেই অতিবাহিত হ’ল। এই দুটা বছৰত তেওঁ বহুত ধুমুহা অতিক্ৰম কৰিবলগা হ’ল। চহৰীয়া মানুহৰ কৃত্ৰিম জীৱন শৈলীয়ে তেওঁক বহু কথাই শিকালে । বহু অভিজ্ঞতাই তেওঁ লাভ কৰিলে, তিক্ততাও কম পোৱা নাই। জীৱনৰ এনে এটি ভয়ানক চাক-নৈয়াৰ মাজত পৰি তেওঁৰ মনটো বিষন্নহৈ পৰে আৰু জীৱনটো, জীৱনটো তেওঁৰ হৈ পৰে ভাৰাক্ৰান্ত। দুখ-যন্ত্ৰণাৰ চাপত তেওঁ কেতিয়াবা আত্মহননৰ পথটোকেই যেন বাছি ল’ব। আজিকালি তেওঁ লগৰ ভাৰাতীয়াসকলৰ লগতো বেছি কথা-বতৰা নাপাতে। কামৰ পিছত দিনান্তত ৰাতিৰ আহাৰ গ্ৰহণ কৰি বিছনালৈ যায়, যেতিয়া বাকী ভাড়াটিয়াসকলে গল্প গুজৱ কৰি টোপনিত লাল কাল দিয়ে। তেওঁ তেতিয়া সাৰে থাকে। জয়াল নিশা। টোপনি নাই তেওঁৰ দুচকুত । ঘাত-প্রতিঘাত পূৰ্ণ জীৱনৰ বহু কথাই তেওঁৰ মনলৈ ভাহি আহে। মনটো দূৰন্ত গতিৰে অগ্রগামী হয় অতীতলৈ। শৈশৱ-যৌৱনৰ সকলো স্মৃতিয়ে তেওঁৰ মনটোক নীৰৱে হাত বাউলি মাতে। শৈশৱ-যৌৱনৰ সৰৱ উচ্ছল স্মৃতিয়ে তেওঁৰ মনটোক ফৰকাল কৰে ৷
দৰাচলতে তেওঁলোকৰ কি নাছিল। তেওঁৰ দেউতাকৰ কম মাটি সম্পত্তি নাছিল। তেওঁৰ দেউতাক আব্দুৰ ৰহমান প্রায় ৪০ বিঘা মাটিৰ গৃহস্থ আছিল। নৈপৰীয়া এখন অখ্যাত পশ্চাদ্পদ গাৱত তেওঁৰ শৈশৱ- যৌৱনকাল পাৰ কৰিছিল। বাৰীত আছিল অনেক ধৰণৰ গছ-বিৰিখ। আম, লিচু, জামু, বগৰি আদি গছেৰে ভৰপূৰ হৈ আছিল তেওঁলোকৰ বাৰীখন। পুখুৰীত ভেজালহীন মাছ। গাৱৰ সৰু সৰু ল’ৰা-ছোৱালীয়ে বাৰীত প্ৰৱেশ কৰি আম, বগৰী খাইছিল যদিও সোহেলৰ সহজ-সৰল মাতৃয়ে কদাপিও তেওঁলোকক আজিকালিৰ দৰে খেদি পঠিওৱা নাছিল। গাঁৱৰ মানুহৰ আহ-যাহৰ ফলত ঘৰ- খনত এক উৎসৱ মুখৰ পৰিৱেশ বিৰাজ কৰিছিল । সোহেলৰ সহপাঠী সকলে প্ৰায়ে তেওঁলোকৰ ঘৰলৈ ফুৰিবলৈ আহিছিল। কেতিয়াও তেওঁলোকে নোখোৱাকৈ যাব নোৱাৰিছিল। লগৰীয়াৰ সৈতে পুহমহীয়া জাৰত মাগন গীত গাৱলৈ ইটো গাৱৰ পৰা সিটো গাঁৱলৈ ঢাপলি মেলিছিল। মাঘৰ সময়ত তেওঁলোকে ওচৰে-পাজৰে অনুষ্ঠিত যাত্রা গানো শুনিবলৈ গৈছিল ৷
সোহেলহঁতৰ সাতজনীয়া পৰিয়াল । আব্দুৰ ৰহমান আছিল মাটিৰ মানুহ। কোনোদিনেই দেউতাকে কাৰো সেতে জীৱনত কেতিয়াও কাজিয়া কৰা বিধৰ মানুহ নাছিল। হাল বাই পথাৰবোৰ শস্যৰে নদন-বদন কৰি তোলাই যেন তেওঁৰ একমাত্ৰ কাম আছিল। মাজে-সময়ে উজনি অসমৰ পৰা নাৱেৰে ধান পৰিবহন কৰি ওচৰৰ বজাৰত বিক্ৰী কৰি পৰিয়ালটো কোনো ৰকমে লালন-পালন কৰিছিল। সোহেলেও আন দুজন ভায়েকৰ সৈতে পথাৰলৈ গৈ হাল বাইছিল, শস্য চপাই দেউতাকক সহায় কৰিছিল যদিও সোহেল ছাত্ৰ হিচাপে নিজৰ অধ্যয়নৰ কামটো কেতিয়াও অৱহেলা কৰা নাছিল ৷
কেতিয়াবা মাকে তেওঁক কৈছিল, “দেউতাকে পথাৰত হাড় ভঙা পৰিশ্ৰম কৰি তহঁতক পঢ়ুৱাই আছে। তহঁতে কিন্তু বৃদ্ধ বয়সত দেউতাকক নেপেলাবি।” সোহেলে কৈছিল, “মা, তুমি যে কি কোৱা । আমি পঢ়ি শুনি যেতিয়া ডাঙৰ মানুহ হ’ম,তেতিয়া আৰু তোমালোকৰ কোনো ধৰণৰ দুঃচিন্তাই থাকিব নোৱাৰে। তোমালোকে বিচৰা সকলো খিনিয়েই তোমালোকক দিয়াৰ কাৰণে যত্ন কৰিম। মুঠতে তোমালোকক সুখ- শান্তিৰে জীয়াই ৰখাৰ ক্ষেত্ৰত কোনো ধৰণৰ ত্ৰুটি নকৰো।”
সময় পাখি লগা কাড়ৰ দৰে উৰি গৈছিল। সোহেলে মহাবিদ্যালয়ৰ দেওনা পাৰ হৈছিল। স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি ককায়েকৰ পৰামৰ্শ মতে প্রায় ১৪ কিমি. নিলগৰ এখন মহাবিদ্যালয়ৰ প্ৰৱক্তা হিচাপে নিযুক্তি লাভ কৰিছিল । কলেজৰ পৰা চাইকেলেৰে যেতিয়া মাকে সোহেলক ওচৰলৈ মাতি আনি কৈছিল, “সোহেল, তোৰ কলেজখন যেতিয়া চৰকাৰে গ্ৰহণ কৰিব, তেতিয়া তই এই সৰু পুখুৰীটো খান্দি এটা ডাঙৰ পুখুৰীলৈ ৰূপান্তৰ কৰিবি। মই পুখুৰীৰ পাৰত মূঢ়াত বহি আবেলিৰ লগনত মাছ ধৰি থাকিম।” সোহেল তেতিয়া মাকৰ কথাত সহমত পোষণ কৰি কৈছিল, “মা তোমালোকে মোক মূৰ ঘাম মাটিত পেলাই ডাঙৰ দীঘল কৰিছা ৷ তোমালোকৰ কথা জানো মই অমান্য কৰিব পাৰিম। ” কলেজৰ বাহিৰে সোহেলে আজৰি সময়ত স্কুল- কলেজৰ ল’ৰা-ছোৱালীক ইংৰাজী শিকায়। কেতিয়াৱা আন পাঠো শিকায়। টিউচন কৰি যিখিনি টকা পায় সেইখিনিৰে কলেজলৈ যোৱাৰ খৰচ খিনি চলি যায়। লাহ বিলাসিতাই কোনো দিনেই আকৰ্ষিত কৰিব নোৱাৰা সোহেলে ভাবিবলৈ ভাল পায়, গভীৰ চিন্তাত মগ্ন হয়। তেওঁ দৰিদ্ৰজনক সহায়-সহযোগিতা কৰিব বিচাৰে। লেখনিৰে তেওঁ সৃষ্টি কৰিব বিচাৰে প্ৰগতিশীল আৰু বৈষম্যহীন এক চিৰসেউজ নতুন পৃথিৱী, এখন সমাজ য’ত সকলোৱে ভেদাভেদ, অশ্লীলতা, নিপীড়ন উৎপীড়নৰ দৰে যন্ত্ৰনাময় উপসৰ্গসমুহ নাথাকিব, যত থাকিব কেৱল প্ৰেম,ভালপোৱা, সৎচিন্তা, সদাচৰণ যিবোৰে পৃথিৱীখনক সুন্দৰৰ পৰা সুন্দৰতম পৃথিৱীলৈ ৰূপান্তৰিত কৰিব।
হাতীগাঁও লৈ আহিলে প্রায়ে তেওঁৰ লগত মোৰ সাক্ষাৎ হৈছিল। এদিন মোক নিমন্ত্ৰণ কৰিবলৈ মই থকা পাঞ্জাবাৰীৰ এটা ভাড়াঘৰলৈ আহিছিল। তেওঁৰ নিমন্ত্ৰণ ৰক্ষা কৰি হাতীগাওঁলৈ গৈছিলো। মই তেওঁৰ ঘৰত উপস্থিত হোৱাত তেওঁ মোক আদৰ-সাদৰ কৰি ঘৰৰ ভিতৰলৈ লৈ গৈছিল। তেওঁ সেইদিনা মোক এটি আছুতীয়া কোঠালৈ মাতি নি বহিব দিছিল। খোৱা-বোৱা শেষ হোৱাৰ পিছত মই সুযোগ বুজি তেওঁৰ জীৱনৰ বহু কথাই সুধিছিলো। তেওঁৱো যিমানখিনি মনত পৰে উত্তৰ দিবলৈ প্ৰয়াস কৰিছিল। সোহেলে মোক গদ গদ সুৰেৰে ক’বলৈ আৰম্ভ কৰিছিল,“সেইদিনা আছিল শনিবাৰ। মই কলেজৰ পৰা চাইকেল মাৰি ঘৰমুৱা হৈছিলো । সেইদিনা ঘৰলৈ আহোতে পলম হৈ গৈছিল। মই যেতিয়া ঘৰ পাইছিলা,দেউতাকে বাৰান্দাত পাৰি থোৱা টোলত বহি আছিল ৷ মই কাপোৰ-কানি সলাই হাত-মুখ ধুই যেতিয়া মোৰ কোঠাটোত সোমাবলৈ ধৰিছিলো তেতিয়া দেউতাকে পিছফালৰ পৰা মোক মাত দিছিল, “হেৰা সোহেল, তোৰ কলেজৰ খবৰ কি ? কলেজখন এইবাৰ চৰকাৰে গ্ৰহণ কৰিবনে? দেউতাৰ বয়স তেতিয়া নব্বৈৰ উৰ্দ্ধত। দেউতাৰ সৰ্বশৰীৰৰ ছালত ভাঁজ পৰিছে আৰু মুখমণ্ডলত একা-বেঁকা আঁচ। কোনোমতে ইফালে-সিফালে লৰচৰ কৰিব পাৰে ৷ মই দেউতাক কৈছিলো, এইবাৰ পোন্ধৰ আগষ্টৰ আগে আগে চৰকাৰে ৰাজ্যৰ ভেঞ্চাৰ স্কুল-কলেজ সন্দৰ্ভত কিবা ভাল ঘোষণা এটা কৰিব। দেখা যাওক কি হয়।” মই মা-দেউতাকক প্ৰতিটো বছৰৰ পোন্ধৰ আগষ্ট, ছাব্বিশ জানুৱাৰী, নিৰ্ব্বাচনৰ বতৰৰ সময়ত তেওঁলোকক ইতিবাচক উত্তৰ দি আহিছিলোঁ। মই জানিছিলো এই বৃদ্ধ বয়সত নেতিবাচক শব্দবোৰে তেওঁলোকৰ মনত বৰকৈ আঘাত দিব, তেওঁলোকে এইবোৰ সহ্য কৰিব নোৱাৰিব।” মই লক্ষ্য কৰিছিলোঁ যে তেতিয়া সোহেলৰ দুচকৰ পৰা দুধাৰি চকুলো সৰি পৰিছিল ৷
মই তেওঁক কৈছিলো যে এইবোৰ হৈছে ভাগ্যলিপি যাক কোনেও নাইকীয়া কৰিব নোৱাৰে ৷ মই তেতিয়া উপলব্ধি কৰিব পাৰিছিলো কিয় তেওঁ মৰমৰ মা-দেউতা, ভাই-ভনী, ককায়েক আৰু আপোন গাওঁখন এৰি চহৰলৈ আহিছিল।
সোহেলে কেতিয়াবা ৰিক্সা চলোৱা কাম এৰি ঘৰে ঘৰে চাইকেল চলাই টিউচন কৰিছিল। টিউচনৰ পৰা উভতি অহাৰ সময়ত তেওঁ ভাই-ভনীৰ বয়সৰ ল’ৰা ছোৱালীক দেখাৰ লগে লগে তেওঁৰ মানসপটত বহুত কথাই ভূমুকি মাৰিছিল। মনত পৰিছিল অতীতৰ বহু কথা । সেইদিনা ঘৰলৈ আহি সোহেলে বুকুত বিষ অনুভৱ কৰিছিল। মনত উদ্ৰেক হোৱা দুখ-যন্ত্ৰণাৰ ফলত তেওঁ সেইদিনা ৰাতি বহুপৰলৈ উজাগৰে কটাইছিল। সোহেলৰ পিতৃ-মাতৃয়ে ভাই-ভনী হালক ঠিক মতে পঢ়াৰ খৰচ দিব পৰা নাছিল। কিতাপ দিব পাৰিলে বহী কলমৰ টকা দিব নোৱৰা পিতৃ-মাতৃয়ে তাৰ কাৰণে মানুহৰ ওচৰত হাতো পতা নাছিল যদিও মনৰ সমস্ত দুঃখ মনৰ মাজতে নিৰ্বাপিত কৰিছিল। লুইতপৰীয়া গাওঁখনত থকাৰ সময়ত এদিনাখন ভণ্টি নাগিচে সোহেলক কৈছিল, “দাদা তুমি কোৱাচোন, মই মৰিলে আকাশৰ কোনটো তৰা হৈ জ্বলি থাকিম?” সোহেলে তেতিয়া তাইক কৈছিল, “ নাগিচ, তুমি কিয় মৰিবা। ”
নাৰগিচে পুনৰাই সুধিছিল, “ধৰা, যদি মই মৰো তেতিয়া আকাশৰ কোনটো তৰা হৈ জ্বলি থাকিম?” নাৰগিচ নাছোৰ বান্দা হৈ, ককায়েকক বাৰে বাৰে একেটা প্রশ্ন সোধাত অৱশেষত উপায়হীন হৈ জবাব দিছিল তেওঁ, “তুমি যদি সঁচাকৈয়ে মৰা তেন্তে তুমি আকাশৰ অতি উজ্জ্বল তৰা হৈ জিলিকি থাকিবা। ” সেই নিশা সোহেলে শুব পৰা নাছিল । ঘৰখনৰ কথা সেইনিশা ইমানেই মনত পৰিছিল যে তেওঁ পিছদিনা দোকমোকালিতে গা-পা ধুই ৰাতিপুৱাতে ঘৰলৈ যাত্ৰা কৰিছিল। বাছৰ পৰা নামি তেওঁ মথাউৰিৰে কিছুদূৰ আহি লুইতৰ পাৰে পাৰে আহিবলৈ ধৰিলে। আহোঁতে তেওঁ বৃদ্ধ মাতৃৰ আৰু ভাই-ভনীৰ কাৰণে আপেলৰ টোপোলা লৈ আহিছিল ৷ তেতিয়াও সূৰ্যটো মাৰ যোৱা নাই। ডুবু ডুবু অৱস্থা। তেওঁ যেতিয়া ঘৰ পাইছিল তেতিয়া আবেলিৰ সূৰ্যৰ হালধীয়া কিৰণত তেওঁ ইমান দিনে এৰি থৈ যোৱা ঘৰ খন উদ্ভাসিত হৈ পৰিছিল। তেওঁ চোতালত ভৰি ৰাখিয়েই মাকক মাতিছে। দেউতাকক হেৰুৱাৰ পাঁচ বছৰমান হ’ল। কিন্তু তেও আজি ঘৰখন কোনো মানুহেৰে মাতবোলৰ শব্দ শুনা নাই। ঘৰখনত এক নিমাও মাও অৱস্থা। এক জয়াল পৰিবেশ। সোহেলে এইবাৰ আৰু অধিক শব্দৰে যেতিয়া মাত দিছিল তেতিয়া বৰঘৰৰ বিছনাত পৰি থকা তেওঁৰ মাকে কৈছিল, “কোন অ’?” সোহেলে মাকক তেতিয়া কৈছিল, “মা, মই সোহেল। মা, আপুনি হবলা মোক চিনিবকে পৰা নাই। মই আপোনাৰ মাজু পুত্র সোহেল।” সোহেলে লগত লৈ যোৱা আপেলৰ টোপোলাটো মাকৰ হাতত দিছিল। সোহেলে তেতিয়া ভাইটি ৰাজীৱ আৰু ভনীয়েক নাগিচৰ কথা সুধিছিল। মাকে সোহেলৰ মুখ মণ্ডল স্পষ্টকৈ দেখিবলৈ পোৱা নাছিল ৷ বয়স হৈছে, দৃষ্টি শক্তি মাকৰ কমি গৈছিল। সোহেলৰ কথা শুনি মাকৰ যেন তত্ নাইকিয়া হৈছিল। মাকে কৈছিল, “সোহেল, বাঁচা মোৰ। বহু বছৰ হ’ল ৰাজীৱে ঘৰৰ পৰা সেই যে ওলাই গ’ল আৰু উভতি নাহিল। নেজানো তেওঁ এই পৃথিবীত আছেনে নে নাই ।” কথাষাৰ কৈ মাকে এক দীঘল হুমুনিয়াই কাঢ়িলে যেন পৃথিৱীৰ সমস্ত যন্ত্ৰণাৰে পূৰ্ণ হৈ আছে তাইৰ ভংগুৰ দেহৰ অতৃপ্ত বেদনাহত হৃদয়ত । মাকক সান্ত্বনা দি পিছ মুহুৰ্তত আকৌ নাৰগিচৰ কথা সুধিলত মাকে মুখেৰে কোনো উত্তৰ নিদি কঁপি থকা হাতখনেৰে শোৱা পাটিৰ তলৰ পৰা এখন চিঠি উলিয়াই দিছিল। সোহেলে চিঠিখন পঢ়িবলৈ আৰম্ভ কৰিছিল । ককাই সোহেললৈ লিখি থৈ যোৱা চিঠিখন আছিল মৰ্মান্তিক ।
“ছালাম গ্ৰহণ কৰিবা ৷ ভাইজান, তুমি যেতিয়া মোৰ চিঠিখন পাবা তেতিয়া মই তোমাৰ পৰা বহু নিলগত ৷ ভাইজান, মই আজি তোমাৰ ওচৰত গুপ্ত কথা ব্যক্ত কৰিবলৈ ওলাইছো। আমাৰ গাঁৱৰ আব্দুল মহাজনৰ পুতেকে মাকে ঘৰত নথকাৰ ছেগলৈ মোৰ সৰ্ব- নাশ কৰিলে। ঘৰখনৰ সন্মানৰ কথা ভাবি মই এই কথা কোনো দিনেই মাকৰ ওচৰত প্ৰকাশ কৰা নাছিলোঁ। ভাবিছিলো কলংকময় জীৱনতকৈ মৃত্যু শ্রেয় ।
অৱশেষত মই সেই পথকেই বাছি ল’লো। তুমি মোক ভুল নুবুজিবা আৰু মাকক বুজাবা। পাৰিলে, আব্দুল মহাজনৰ পুতেকৰ দৰে মানুহৰ ওপৰত প্ৰতিশোধ লোৱাৰবাবে ৰাজহুৱাভাৱে আগবাঢ়ি যাবা তেতিয়াহলে নিশ্চয় আমাৰ দৰে দৰিদ্ৰ পৰিয়ালৰ মোৰ দৰে শত শত নাৰগিচে মানবীয় মৰ্যদা সহকাৰে এই পৃথিৱীত শান্তিৰে জীয়াই থাকিব পাৰিব।”
নাগিচৰ চিঠিখন পঢ়ি সোহেলে বৰ অকলশৰীয়া অনুভৱ কৰিবলৈ ধৰিলে। এনেকি দেউতাকৰ মৃত্যুতো তেওঁ ইমান দুঃখ পোৱা নাছিল। সোহেলৰ দুচকৰে বৈ অহা অশ্ৰু সৰি নাৰগিচৰ চিঠিৰ আখৰবোৰ অস্পষ্ট কৰি তুলিলে। ‘মা’ বুলি মাত দি সোহেল বাদ্ধ হৈ পৰিল।◆
