
চৰিত্ৰ পৰিচয়
জামাল, লতিফ আৰু কামাল – ডেকা ল’ৰা । প্রহ্লাদ- এজন মধ্য বয়সীয়া মানুহ । সঞ্জীৱ বাছফোৰ- এজন মদপী।
– ভূত
(অষ্টমীৰ জোনটো পাটত বহিবলৈ আৰম্ভ কৰিছিল। এনেতে কথা পাতি পাতি জামাল, লতিফ আৰু কামালৰ প্ৰৱেশ)
জামাল- খৰধৰ কৰ, জোনটো পাটত বহিলেই। জোন অস্ত গ’লে আন্ধাৰৰ মাজত যোৱাটো বৰ অসুবিধা হ’ব । লতিফ- আগৰ সেই ঠাই ডোখৰো ভাল নহয়। তাত হেনো ভূত আছে।
কামাল-ঐ সেইবোৰৰ নাম নল’বি। নাম শুনিলেই মোৰ গাৰ নোম ডাল ডালকৈ শিৱঁৰি উঠে। এয়া চা, নোমবোৰ কেনেকৈ শিয়ঁৰি উঠিছে।
জামাল- তহঁতৰ দৰে ভীৰুবোৰৰ উঠিবই। ভূত হ’ল মনৰ ভ্ৰম, বাস্তৱত ইয়াৰ কোনো অস্তিত্ব নাই ।
কামাল- (জামালৰ মুখত হাতেৰে সোপা দি) তই সেইবৰোৰৰ নাম নল’বিচোন। দেউতাৰ মুখত শুনিছো, সন্মুখৰ ডোঙটোত হেনো দেৱতা আছে। এই ৰাস্তাটো বন্ধাৰ সময়ত হেনো কুলি এজন মৰিছিল। কুলিজন মৰি দেৱতা হৈ বৰ্তমান ডোঙটোত বাস কৰি আছে।
জামাল- দেৱতা! তই মোক হঁহুৱালি ৷ মানুহ মৰিলে পুনৰ জীয়াই উঠিব পাৰে নেকি? মানুহ মৰিলে দেৱতা হয় ! গছত গৰু উঠা কথা।
লতিফ- পাৰে। মানুহ হৈতো জীয়াই নুঠে। দেৱতা হৈ জীয়াই উঠে । মানুহ, হাতী, ঘোঁড়া, মেকুৰী আদিৰ ৰূপ ধাৰণ কৰি ৰাতি ঘূৰি ফুৰে ।
জামাল- তই দেখিছ নেকি তেনেকৈ ঘূৰি ফুৰা ?
লতিফ- মই দেখা নাই। মানুহে কোৱা শুনিছো ।
জামাল- কেন্সাৰ হ’লেও ওজাৰ ওচৰলৈ যোৱাবোৰে ক’বই। বহুতে আকৌ হিষ্টিৰিয়া হ’লেও ভূতে লম্ভা বুলি ডাক্তৰৰ ওচৰলৈ নগৈ ফকীৰৰ বৈঠক বহোৱায়। আজি-কালি কোনো কোনো ঠাইত আকৌ ডাইনী সন্দেহত বহুতকে হত্যা কৰি আছে। এইবোৰ একেবাৰে গো-কাট মিছা কথা- কু-সংস্কাৰ।
কামাল- মোৰ বৰ পেচাৱ লাগিছে। তহঁত অকণমান থিয় দে, মই পেচাৱ কৰি আহো।
জামাল- ভয়ত ইয়াৰ পেচাৱ লাগিলেই। ভয়াতুৰ ক’ৰবাৰ। তহঁতক লৈ ৰাতি পুনৰ ক’লৈকো নাযাও। যা, সোনকালে যা, নহ’লে আকৌ কাপোৰ নষ্ট হ’ব।
(কামাল ওলাই যাবলৈ উদ্যত হ’ল।)
লতিফ- ঐ দূৰলৈ নাযাবি। ওচৰতে বহ।
কামাল- হ’ব । তহঁত কিন্তু নাযাবি। ইয়াতে ৰৈ থাক ।
প্ৰস্থান
জামাল-নাযাও। তই সোনকালে যা, কাপোৰ নষ্ট নকৰিবি।
লতিফ- আচলতে ৰাতি থিয়েটাৰ চোৱাটোৱে ভুল হৈছে।
জামাল- আমি ইচ্ছা কৰি ৰাতি কৰিছো নেকি? ইভেনিং শ্বোৰ টিকট নোপোৱা কাৰণেহে ৰাতিৰ শ্বো চাব লগা হ’ল । লতিফ- আজি ভাত নাপামেই কিজানি। মা আজি ঘৰত নাই।
লতিফ- কিয়, নবৌ নাই নেকি?
লতিফ-নবৌক মাতিলে ককাইদেৱে সাৰ পাই যাব। ককাইদেৱে থিয়েটাৰ চোৱাটো মুঠেই পছন্দ নকৰে। থিয়েটাৰ চালে বোলে লিখা-পঢ়া ক্ষতি হয় ৷
লতিফ- মোৰ নবৌ কিন্তু বৰ চালাক। থিয়েটাৰ চাবলৈ আহিলে মোৰ কাৰণে ৰুমত ভাত যতনাই থৈ দিয়ে ।গতিকে মোৰ কোনো প্রব্লেম নাই।
কামাল- আই ঐ, ভূত।
জামাল আৰু লতিফ- ভূত ! ক’ত?
(উর্দ্ধশ্বাসে দৌৰি কামালৰ প্ৰবেশ।)
কামাল- সৌৱা, সৌ ডোঙটোত জঁপিয়াই পৰিল। গাত কাপোৰ নাই। নাঙঠ।
জামাল- ভূত, নে আন কিবা ?
কামাল- আন কিবা নহয়, ভূত। মই নিজ চকুৰে দেখিছো। লা ইলাহা ইল্লা আন্তা……কি কুক্ষণত যে ঘৰৰপৰা ওলাই আহিছো। মাই মানা কৰিছিল। নামনিলো। মাৰ হাক-বচন নুশুনাৰ ফল হাতে হাতে পালো।
লতিফ- সেই ডোঙটোৰ কাষেদিয়ে যাব লাগিব দেখোন। এতিয়া উপায় ?
জামাল- উপায় আৰু কি? সেই ডোঙটোৰ কাষেদিয়ে যাম।
কামাল- মই মৰি গ’লেও ডোঙটোৰ কাষেদি যাব নোৱাৰিম। লাই ইলাহা ইল্লা আন্তা.
লতিফ- ব’ল, ৰাতিটো নহ’লে কোনোবা দোকানৰ বাৰাণ্ডাতে শুই থাকোগৈ।
জামাল- কথা ক’লৈ আহিছ? চহৰৰ ম’হৰ খবৰ জান? ইমান ডাঙৰ ডাঙৰ। তোৰ মোৰ নিচিনা গোট মানুহ দুই তিনিজন টানি নিব পাৰিব। টেঙাৰ ভয়ত তেঁতেলি তলত বাস কৰিব খুজিছ নেকি? ব’ল।
কামাল- মই মৰি গ’লেও সেই ফালেদি যাব নোৱাৰিম ।
জামাল- যাব নোৱাৰ মানে? ৰাতি ইয়াতে থিয়ৈ থিয়ৈ কটাব খুজিছ নেকি ?
লতিফ-ই যদি যাবলৈ ভয় কৰিছে, ব’ল, সেইখন ঘৰৰপৰা জুই লৈ আহোগৈ ?
জামাল- জুইৰে আকৌ কি কৰিবি? ভূটোক পুৰি মাৰিব খুজিছ নেকি? লতিফ- নাই নাই, পুৰি নামাৰো । শুনিছো, ভূতে হেনো জুই দেখি ভয় কৰে। কামাল- হয়, কথাটো ময়ো শুনিছো।
জামাল- তহঁত যে ইমান ভয়াতুৰ আগতে জানিলে কেতিয়াও তহঁতৰ লগত চিনেমা চাবলৈ নাহিলোহেঁতেন। আচলতে ভূত বোলা কোনো বস্তু নাই। ভূত হ’ল মনৰ ভ্ৰম।
লতিফ- কিন্তু মানুহে যে ভূতৰ কথা কয় সেয়া মিছা নেকি?
জামাল-অ’ মিছাতো। একেবাৰে গো-কাট মিছা। ভূতৰ কাহিনী শুন তেনেহ’লে। আমাৰ বেতবাৰীৰ ভিনদেউৰ কথাতো তই জানই। এদিন তেওঁ বৰপেটাৰপৰা ওভঙ্গোতে ৰাতি হৈছিল। অকলে গৈ আছিল। বাটত এখন এৰাবাৰী। এৰাবাৰীখনত ভূত আছে বুলি জনশ্রুতি আছে। তদুপৰি কেইদিনমান আগতে শাহু-ননদেকৰ অত্যাচাৰ সহিব নোৱাৰি সেইখন বাৰীতে বোৱাৰী এজনীয়ে চিপলৈ আত্মহত্যা কৰিছিল।
লতিফ- বৰ মৰ্মান্তিক ঘটনা অ’। কথাটো মটো শুনিছিলো। যৌতুক দিব নোৱাৰা কাৰণে হেনো শাহু-ননদেকে লো পুৰি গাত সেক দিছিল।
জামাল- এৰা, আজি-কালি এইবোৰ ঘটনা অহৰহ ঘটিয়ে আছে। বাতৰি কাকতৰ পাতে পাতে এইবোৰ খবৰ। পাছত কি হ’ল জান, এফালে ভিনদেউৰ ঘৰলৈ নাহিলেও নহয়, সিফালে ভূতৰো ভয়। সৃষ্টিকৰ্তাৰ নাম স্মৰণ কৰি মৰোঁ-জীউ-সোআধিকৈ ঘৰলৈ বুলি খোজ ল’লে। এৰাবাৰীখন পোৱাৰ আগতে সোনকালে যোৱাৰ কাৰণে তেওঁ বাট এৰি অবাটেদি খোজ ল’লে আৰু তেতিয়াই আৰম্ভ হ’ল ঘটনাটো-
কামাল- ঘটনা মানে? কি ঘটনা?
জামাল- কোনোবাই ভিনদেউৰ পিঠিত মাটিৰ চপৰাৰে দলিয়াবলৈ ধৰিলে। ভিনদেৱে ভয়ত যিমান বেগাই দৌৰে মাটিৰ চপৰাও সিমানে ঘন ঘনকৈ তেওঁৰ পিঠিত পৰে। ভিনদেৱে ভয়ত উৰ্দ্ধশ্বাসে দৌৰি গৈ ওচৰৰ এঘৰ মানুহৰ চোতালত অজ্ঞান হৈ ঢলি পৰিল।
কামাল- আই ঐ দেহি! মৰিল, নে বাচিল?
জামাল- বাচিল আৰু তেতিয়াই ওলাই পৰিল আচল ৰহস্য।
লতিফ আৰু কামাল– ৰহস্য! কি ৰহস্য?
জামাল- ভিনদেউৰ ভৰিত হাৱাই চপ্পল আছিল। তেওঁ বাটৰ পৰিৱৰ্তে এখন হালবাই থোৱা খেতিৰ মাজেৰে গৈ আছিল ৷হালবাই থোৱা খেতিৰ সৰু সৰু মাটিৰ চপৰা চপ্পলত লাগি তেওঁৰ পিঠিত আহি লাগি আছিল।
লতিফ- ভাল বাচিল দে!
কামাল- সেয়া মনেসজা গল্পওতো হ’ব পাৰে? তাতকৈ সেইখন ঘৰৰপৰা জুই আনি জুই ধৰি যাওঁগৈ ব’ল । লতিফ- কথাটো বেয়া নহ’ব। ব’ল তেনেহ’লে।
জামাল- তহঁত যা। মই ইয়াতে থিয় হৈ ভূতটোক পহৰা দি থাকোঁ ।
লতিফ- বাৰু, কোনেও যাব নালাগে। ঘৰখন ওচৰতে। ৰিঙিয়াই মাতিলেই হয় দেখোন।
জামাল- মাত তেনেহ’লে।
লতিফ- (মঞ্চৰ এটা কোণলৈ আহি) হেৰি, অকনমান মাত দিবচোন, হেৰি……..
কামাল- শুনা নাই নেকি ! আৰু জোৰে জোৰে মাত ৷
লতিফ- হেৰি, আপোনালোক সাৰে আছে নেকি? হেৰি……..
প্ৰহ্লাদ- (মঞ্চৰ বাহিৰৰ পৰা) কোন? কোন তাত ?
কামাল- আমিহে, অনুগ্ৰহ কৰি অকনমান ওলাই আহক। আমি বৰ বিপদত পৰিছো। আপুনি আমাক অকনমান জুই দি সহায় কৰিব লাগিব ।
প্ৰহ্লাদ-(মঞ্চৰ বাহিৰৰ পৰা) ৰ’বা গৈ আছো ৷
জামাল- তহঁতৰ দৰে ভয়াতুৰ নহ’লেই নহ’ল আৰু…..
লেমলৈ প্ৰহ্লাদৰ প্ৰবেশ
প্রহ্লাদ- কোন তোমালোক? এই ৰতিখন ইয়াত কি কৰিছা? ক’লৈ গৈছিলা ?
জামাল- থিয়েটাৰ চাবলৈ গৈছিলো।
প্ৰহ্লাদ-থিয়েটাৰ চাবলৈ গৈছিলা? মোক এইদৰে মাতিছা কিয় ?
কামাল- ভূত! সৌ ডোঙটোত ভূত এটা জঁপিয়াই পৰিছে।
প্ৰহ্লাদ- ভূত? ৰাম ৰাম- কৃষ্ণ কৃষ্ণ… ভূত! সৌ ডোঙটোৰ? বৰ সাংঘাতিক…..বাপৰে বাপ্। মোক মাতিছা কিয়? মই যাও…..(যাবলৈ উদ্যত হয়)
জামাল- ৰ’বচোন অকণমান ৷ আপুনি আমাক জুই দিব লাগিব । আমি জুই ধৰি ঠাইডোখৰ পাৰ হৈ যোৱাৰ কথা ভবিছো। প্ৰহ্লাদ- সেইটোৱে জুই দেখি ভয় নকৰে নহয়। বৰ সাংঘাতিক। ময়ো কেইদিনমান ৰাস্থাৰ মাজত থিয় দি থকা দেখিছোঁ। ৰাম ৰাম- কৃষ্ণ কৃষ্ণ……..
জামাল- আপুনি দেখিছো ইহঁতৰ দৰেই ভয়াতুৰ……..
প্রহ্লাদ- কি ক’লাহে? মই ভয়াতুৰ? মোক তুমি ভয়াতুৰ বুলি কৈছা? মোক তুমি নাজানা কাৰণেহে তেনেকৈ ক’ব পাৰিছা ? মোৰ আতাই তৰুণ ৰাম ফুকনৰ লগত বাঘ চিকাৰ কৰিছিল। মোক তুমি ভয়াতুৰ বুলি কৈছা?
জামাল- ফলেহে বৃক্ষৰ পৰিচয় দিয়ে। আপোনাৰ দৰে মানুহে বাঘ চিকাৰতো দূৰৰে কথা, সাধাৰণ মাখি এটাও চিকাৰ কৰিব নোৱাৰিব। বাৰু, মানিলো আপুনি বৰ সাহসী। আপোনাৰ লেমটো দিয়ক মই ভূতটো চাই আহোগৈ ।
প্ৰহ্লাদ- কি কৈছাহে? তুমি ভূত চাবলৈ যাবা! বেছি সাহস দেখুৱাবলৈ নাযাবা। বৰ সাংঘাতিক ভূত। এইটো সৰু-সুৰা ভূত নহয়। দেৱতা। দেৱতাৰো দেৱতা। ৰাম ৰাম- কৃষ্ণ কৃষ্ণ…….
জামাল- লেমটো দিয়কচোন । সৰু নে ডাঙৰ এতিয়াই ওলাই পৰিব।
প্ৰহ্লাদ- বাৰু লোৱা। কিবা হ’লে মোক কিন্তু দুষিব নোৱাৰিবা। (লেম দিয়ে)
জামাল- আপোনালোক ইয়াত দি থাকক। মই ভূতটো চাই আহোঁগৈ।
কামাল- তই অকলে যাব নালাগে। ময়ো যাম তোৰ লগত।
জামাল- (ঠাট্টাৰ সুৰত) তই যাব নালাগে। ভয়ত মূৰ্চ্ছা যাবি। মই অকলেই যাও..
লতিফ- নাই নাই, ময়ো যাম ।
জামাল- বাৰু, যাব খুজিছ যেতিয়া ব’ল। সাৱধান. ভয়ত আকৌ কাপোৰ নষ্ট নকৰিবি৷
(তিনিও আগবাঢ়ি মঞ্চৰ এটা কোণলৈ যায় । )
প্ৰহ্লাদ- ৰাম ৰাম- কৃষ্ণ কৃষ্ণ…..প্ৰভুহে ৰক্ষা কৰা প্রভু। মোৰ কোনো দায়-দোষ নধৰিবা। ৰাম ৰাম- কৃষ্ণ কৃষ্ণ…… মই অকলে ইয়াত থিয় দি থাকিম নেকি? ময়ো যাম তোমালোকৰ লগত। তোমালোকে আকৌ মই ভয়ত তোমালোকৰ লগত যোৱা বুলি নাভাবিবা। তোমালোকে ভয় খাবা বুলিহে যাব খুজিছো৷
(প্ৰহ্লাদো সিহঁতৰ লগত মঞ্চৰ কোণলৈ যায় ।)
জামাল- সেয়া আপুনি নক’লেও মই বুজিব পাৰিছোঁ। (মঞ্চৰ এটা কোণলৈ গৈ লেম দাঙি ধৰি) সৌৱা কিবা এটা ঘূৰণীয়া বস্তু পানীৰ মাজত ওপঙি আছে। সেইটোৱে হ’ব ভূতটো। (ডাবি মাৰি) পানীৰ মাজত কোন তেনেকৈ ৰৈ আছা । উঠি আহ পাৰলৈ। আহ বুলি কৈছো। আহ আহ, সোনকালে আহ। মই পানীত নামিব লাগিলে জোলোকে জোলোকে পানী খুৱাই এৰিম বাপেকে………আহ, সোনকালে আহ….
লতিফ- সৌৱা, আহি আছে….(লা ইলাহা ইল্লা আন্তা….. বুলি পিচুৱাই থাকে। কামাল আৰু প্ৰহ্লাদে ইজনে সিজনক সাৱটি ধৰি প্ৰহ্লাদে ৰাম ৰাম- কৃষ্ণ কৃষ্ণ…… আৰু কামালে লা ইলাহা ইল্লা আন্তা…. বুলি জোৰে জোৰে চিঞৰি থাকিব।)
জামাল- আহ আহ, বেগতে আহ। লাহে লাহে আহিছ কিয়? সোনকাল কৰ। অ’ অ’, আহি থাক।
(কিছু সময় পাছত আণ্ডাৰ ওৱেৰ পিন্ধা এজন মধ্য বয়সীয়া মানুহ ঢলং ঢপংকৈ মঞ্চলৈ সোমাই আহিব। প্ৰহ্লাদ, লতিফ আৰু কামালে ইজনে সিজনক সাৱটি ধৰি যাৰ যাৰ ইষ্ট নাম জপি থাকিব । )
জামাল- কোন তই?
সঞ্জীৱ- সঞ্জীৱ বাছফোৰ, বাবুজী ।
জামাল- সঞ্জীৱ বাছফোৰ ! তই ভূত, নে মানুহ ?
সঞ্জীৱ- মানুহ, বাবুজী।
প্ৰহ্লাদ- অ’ তইহে। ঐ পানীৰ মাজত তই কি কৰি আছিলি ? তই তালৈ গ’লি কেনেকৈ?
সঞ্জীৱ- ভয়ত জাঁপ মাৰিছিলো, বাবুজী।
প্রহ্লাদ-কি দেখি? ভূত দেখি নেকি?
সঞ্জীৱ-নাই নাই, ভূত দেখি নহয়, পুলিচৰ মানুহ দেখি 1
লতিফ- পুলিচৰ মানুহ! ক’ত দেখিলি পুলিচৰ মানুহ?
সঞ্জীৱ- সৌৱা তাত ।
কামাল- তাত! তাত দেখোন মই পেচাৱ কৰিবলৈ গৈছিলো।
সঞ্জীৱ- হ’ব পাৰে। মই পুলিচৰ মানুহ বুলি ভাবিছিলো।
প্রহ্লাদ- তই তাত কি কৰি আছিলি এই ৰাতিখন ?
সঞ্জীৱ- আজি অলপ সৰহকৈ খালোতো………..
প্ৰহ্লাদ- সৰহকৈ খালি মানে? কি সৰহকৈ খালি ?
সঞ্জীৱ- মদ, বাবুজী।
প্রহ্লাদ- ডাক্তৰে দেখোন তোক মদ খাবলৈ নিষেধ কৰিছে। তথাপি খাইছ? সেই বিধ বিহ খোৱা এৰিব নোৱাৰ নেকি? লিভাৰ পচি মৰিবি।
সঞ্জীৱ- বহু দিনৰ মূৰত অলপ খাইছো ।
জামাল- মদ খাই ৰাস্তাত কি কৰি আছিলি ?
সঞ্জীৱ- বহুদিনৰ মূৰত অলপ সৰহকৈ খালোতো। নিচা হৈ বিছনাত বমি কৰিছিলো। ঘৰৰ জনীয়ে ঘৰৰ পৰা উলিয়াই দিলে। সেয়ে মনৰ দুখত ৰাস্তাৰ মাজত শুই আছিলো। সৌৱা তাত পলিচৰ মানুহ দেখি……..
জামাল- ডোঙটোত জঁপিয়াই পৰি ভূত হ’লি। হাঃ হাঃ হাঃ………
