
চৰিত্ৰ পৰিচয়
ফুলবানু- বিধবা (বয়স- ৫০-৫৫ বছৰ)
জেচমিনা- ঐ ছোৱালী (বয়স- ১৭-১৮ বছৰ)
জৰিণা- ঐ বোৱাৰী (বয়স- ২৪-২৫ বছৰ)
ফৰিদা- জেচমিনাৰ বৰদেউতাৰ ছোৱালী (বয়স- ১৮-১৯ বছৰ)
প্ৰতিশোধ (একাংকিকা)
(মঞ্চত এখন পালেঙ আৰু এখন মেজৰ সৈতে এখন চকী থাকিব)
হাতত কেইখনমান কাপোৰ লৈ জেচমিনাই নবৌ নবৌ বুলি মাতি মঞ্চত প্ৰৱেশ কৰিব–
জেচমিনা- নবৌ, অ’ নবৌ…. ফৰিদা ঐ ফৰিদা। নাই, মাতি মাতি মৰিলেও কাৰো সঁহাৰি পাবলৈ নাই। এইখন ঘৰ, নে বাঁহতল। এই দিন দুপৰতে ক’ত যে মৰে এইহঁতে! নবৌ, অ’ নবৌ……..
(জৰিণাৰ প্ৰবেশ)
জৰিণা- কি হ’ল? এইদৰে হুলস্থুলখন লগাইছা কিয় ?
জেচমিনা- হুলস্থূল মানে? এই দুপৰ বেলা ক’ত মৰিবলৈ গৈছিলা ?
জৰিণা- এনেয়ে যোৱা নছিলো নহয় ! শাকনিবাৰীত ছাগলী এজনী সোমাইছিল। খেদি দি আহিলো? জেচমিনা- ফৰিদা ক’ত? তাইক এই কাপোৰখিনি ইস্ত্ৰি কৰি দিবলৈ কোৱা।
জৰিণা- তাই এসোপা কাপোৰ ধুই আহি এইমাত্র পঢ়িবলৈ বহিছে। সন্মুখত পৰীক্ষা। আবেলিলৈকে ময়ে ইস্ত্ৰি কৰি দিম বাৰু ৷
জেচমিনা– আবেলিলৈকে মানে ? মই বাৰ বজাত ওলাবই লাগিব।(ঘড়ী চাই) এয়া চোৱা, এঘাৰ বাজিলেই।
জৰিণা- ক’লৈ যাবা ?
জেচমিনা- আকলিমাহঁতৰ স্কুল আজি ফাংচন। তাই একাংকিকাত পাৰ্ট লৈছে। ময়ে তাইক সজাই-পৰাই দিব লাগিব।
জৰিণা- পৰহিলৈ তোমাৰ পৰীক্ষা । এতিয়া ফাংচনলৈ গ’লে, ককায়েৰাই জানিলে জানো খং নকৰিব ? জেচমিনা- কিন্তু মই নগ’লে আকলিমাই বৰ বেয়া পাব ।
জৰিণা- আকলিমাই বেয়া পালে তোমার কি ক্ষতি হ’ব? এয়া তোমাৰ কেৰিয়াৰৰ প্ৰশ্ন- তোমাৰ কেৰিয়ার ধ্বংস হলে আকলিমাই জানো তোমাৰ দায়িত্ব ল’ব?
জেচমিনা- ছোৱালী মানুহৰ আকৌ কেৰিয়াৰ! ছোৱালীৰ কেৰিয়াৰ বিবাহ পর্যন্তহে। ভাগ্য ভাল হলে ফেল কৰিও ভাল দৰা পাই যাব পাৰো, আকৌ বেয়া হলে লেটাৰ মাৰ্ক লৈ পাছ কৰিও ভাল দৰা নাপাব পাৰোঁ । বিয়া মানেই তো পৰাধীন । গতিকে বিয়াৰ আগতেই মই জীৱনটো উপভোগ কৰি ল’ব খুজোঁ । লিখা-পঢ়া, নিশা জাগি জাগি পঢ়া, এইবোৰ মোৰ ভাল নালাগে।
জৰিণা- সোণৰ খনি খান্দিলেহে সোণ পাবা, কয়লাৰ খনি খান্দি সোণ আশা কৰা বৃথা। দুখ নকৰিলে কেতিয়াও মুখ নভৰে, বুজিলা ?
জেচমিনা- তুমি এইবোৰ উপদেশ ফৰিদাক দিবা, নবৌ। মোক দিব নালাগে ।
জৰিণা- বাৰু, তুমি কৈছা যেতিয়া নিদিও বাৰু। কিন্তু তোমাৰ কৃতিত্বত এইখন ঘৰৰ গৌৰৱ আৰু এইখন ঘৰৰ বোৱাৰী হিচাপে মোৰো গৌৰৱ। সেই বাবেহে কৈছোঁ।
(বোৱাৰী বুলি মাতি মাতি ফুলবানুৰ প্ৰৱেশ)
ফুলবানু- বোৱাৰী, অ’ বোৱাৰী। অ’ জেচমিনাও দেখোন। বাৰু, বোৱাৰী, তুমি মোক পানী তপতাই দিয়াচোন। ঠাণ্ডা লাগি অলপ চৰ্দিৰ ভাব হৈছে, ঠাণ্ডা পানীৰে গা ধুলে বেছি হ’ব পাৰে। সেয়ে আজি গৰম পানীৰে গা ধোয়াৰ কথা ভাবিছোঁ।
জেচমিনা- বাৰু নবৌ, তুমি মাক পানী তপতাই দিয়াগৈ। মই ফৰিদাৰ হতুৱাই ইস্ত্ৰি কৰাই ল’মহি।
জৰিণা- তাইক এতিয়া দিগদাৰি কৰিব নালাগে। তাই এইমাত্র পঢ়িবলৈ বহিছে। পানী তপতাই ময়ে ইস্ত্রি কৰি দিব বাৰু।
ফুলবানু-কাম-বন এৰি পঢ়ি থাকিলে সংসাৰ নচলে, বুজিলা । পঢ়া ! মাক-বাপেক খাঁইতীয়ে পঢ়ি ৰাজ্য জয় কৰিব ! এইবাৰ পৰীক্ষাৰ পাছতে তাইৰ পঢ়া-শুনা বন্ধ ৷ এগাল ধন খৰচ কৰি পৰৰ ছোৱালীক পঢ়ুৱালে কিডাল লাভ হ’ব? মিছাতে এগাল ধনহে পানীত পৰিব। যোৱা, পানী তপতোৱাগৈ। এতিয়া কথাৰ মহৰা মাৰি থাকিব নালাগে।
জৰিণা- গুণীৰ গুণৰ মোল বুজিবলৈ মন লাগে, আই। চাব, ফৰিদাই এদিন এইখন ঘৰৰ মুখ উজ্জ্বল কৰিব।
(প্রস্থান)
ফুলবানু- মুখ উজ্জ্বল কৰিব! যিমান ডাঙৰ মুখ নহয়, তাতোকৈ ডাঙৰ কথা । লোকৰ চাকৰি থকা পুতেকৰ লগত বিয়া সোমাই বেটীৰ ভেম বাঢ়ি গৈছে! পুতেকো যি পুতেক, একেবাৰে তিৰোতা সেৰুৱা ৷ কিনো আৰু ক’ম? যা, ফৰিদাৰ হতুৱাই কাপোৰখিনি ইস্ত্ৰি কৰোৱাই ল গৈ। তাইক পঢ়াৰ সুযোগে নিদিবি। বেটীয়ে এইবাৰ যাতে ফাচ(ফাৰ্ষ্ট) হ’ব নোৱাৰে। সদায় ইটো-সিটো কামত ব্যস্ত ৰাখিবি, বুজিলি !
জেচমিনা- আচলতে তাইৰ মাথাই ভাল। অলপ পঢ়িলেই মুখস্থ হৈ যায়।
ফুলবানু- অলপো পঢ়ার সুযোগ নিদিবি।
জেচমিনা- ককাইদেৱে জানিলে খং কৰিব। ফৰিদাক লৈ ককাইদেৱৰ যিহে গৌৰৱ ! প্ৰশংসাত একেবাৰে পঞ্চমুখ।
ফুলবানু- তাক লৈয়ে হৈছে লেঠা। নিজর ভনীয়েকক চকু পাৰি দেখিব নোৱাৰে আৰু পৰৰ ছোৱালীক মূৰত লৈ নাচে।
জেচমিনা- লেটাৰ লৈ পাছ কৰিলে বোলে চহৰৰ কলেজত নাম লগাই দিব। হোষ্টেলত থৈ পঢ়ুৱাব। তাইক হেনো ডাক্তৰণী বনাব।
ফুলবানু- ডাক্তৰণী বনাব! চেলিমক মিছাতে লিখা-পঢ়া শিকাইছোঁ । তাৰ লিখা-পঢ়াৰ কোনো দামেই নাই। আপোন পৰ নুবুজে । পৰৰ ছোৱালীক ডাক্তৰণী বনালে তাৰ কিডাল লাভ হব?
জেচমিনা- ককাইদেৱে কি কয় জানা? কয় বোলে- বৰদেউতাৰ ছোৱালী মানেতো নিজৰে ভনী। বংশৰ তেজ । তাইৰ কাৰণে বোলে আমাৰ সংসাৰৰ পৰা এপইচাও খৰচ কৰা নাই। বৰদেউতাৰ সম্পত্তিৰ অংশৰ পৰা হেনো খৰচ কৰিছে।
ফুলবানু- সম্পত্তি! সিহঁতৰ সম্পত্তি আছে নেকি? মাৰ-দেউতাৰৰ অসুখৰ সময়ত চিকিৎসাৰ বাবদ যে এগাল ধন খৰচ কৰিলো সেই টকা আহিল ক’ৰ পৰা ? আকাশৰ পৰা নেকি? যা, এতিয়াই ইস্ত্ৰি কৰিবলৈ লগাই দেগৈ ।
জেচমিনা- ফৰিদা, ঐ ফৰিদা…….
(মাতি মাতি জেচমিনাৰ প্রস্থান)
ফুলবানু- মোৰেই কপাল বেয়া! নহ’লে লোকৰ ছোৱালী ফাচ আৰু মোৰ ছোৱালী কনছিডাৰ পাছ হয় নেকি? চাও, এইবাৰ বেটী কেনেকৈ ফাচ হয়।
(হাতত গাখীৰৰ গিলাচ লৈ জেচমিনাৰ প্ৰবেশ
জেচমিনা- দেখিছনে মা ফৰিদাৰ কাণ্ড ! তাই লুকাই চুৰকৈ গাখীৰ খাবলৈ আৰম্ভ কৰিছে।
ফুলবানু-কি ক’লি? বেটীয়ে চুৰ কৰি গাখীৰ খাবলৈ আৰম্ভ কৰিছে? সেই কাৰণেই তো ফাচ হয়। আজিহে গম পালো কথাটো। বাৰু, তাইক আজি দিম মজাপালি। জীৱনত যাতে কোনোদিন গাখীৰ চুৰ কৰি খাবলৈ সাহ নকৰে ৷
ফৰিদাৰ প্ৰৱেশ
ফৰিদা- মোক বিশ্বাস কৰক, খুৰী। মই গাখীৰ চুৰ কৰি খোৱা নাই। নবৌয়ে মোক খাবলৈ দিছিল।
জেচমিনা- গাখীৰ অনা হয় মা আৰু ককাইদেৱৰ কাৰণে, নবৌয়ে গাখীৰ ক’ত পাব?
ফৰিদা- তই বিশ্বাস কৰ, জেচমিনা। নবৌয়ে নিজেই মোক খাবলৈ দিছিল।
ফুলবানু- বোৱাৰীয়ে নাজানে নেকি? গাখীৰ অনা হয় চেলিম আৰু মোৰ কাৰণে। তাই তোক কেনেকৈ খাবলৈ দিলে?
ফৰিদা- মইয়ো মানা কৰিছিলো । তেতিয়া নবৌয়ে ক’লে বোলে, ককাইদেৱে নিজে নাখাই মোৰ কাৰণে থৈ দিছিল।
ফুলবানু-চুৰুণী কথা কবলৈ আহিছ?(চুলিত ধৰি)ক’, সঁচা কথা ক’। নহ’লে আজি তোক পুলিচত দিম । ফৰিদা- সঁচাই কৈছো, খুৰী। নবৌয়ে মোক খাবলৈ দিছিল।
ফুলবানু- নবৌয়ে খাবলৈ দিছিল! চুৰণী……. ( মাৰে,)
ফৰিদা- মোক মিছাতে নামাৰিব, খুৰী। মই বিদ্যাৰ শপত খাই কৈছো, মই গাখীৰ চুৰ কৰা নাই ।
ফুলবানু- চোৰৰ শপতত মই বিশ্বাস নকৰোঁ। এই ফুলবানুই ঢেৰ দেখিছে, ঢেৰ শিকিছে। ক’, সঁচা কথা ক’ । নহ’লে আজি মাৰি মাৰি তোৰ হাড়মাংস একাকাৰ কৰিম। (পুনৰ মাৰে)
(জৰিণাৰ প্ৰৱেশ)
জৰিণা- এওঁক মাৰিছে কিয়? চাওঁ, এৰি দিয়ক ।
ফুলবানু- চোৰৰ উকালতি কৰিবলৈ নাহিবা, বোৱাৰী। এই গাখীৰ চুৰুণীক আজি এসেকা দিহে এৰিম ৷ জৰিণা- এওঁ গাখীৰ চুৰ কৰি কোৱা নাই, নহয়। আপোনাৰ পুতেকক খাবলৈ দিয়া গাখীৰ তেওঁ নিজে নাখাই ফৰিদাৰ কাৰণে থৈ দিছিল। তাকেহে খাবলৈ দিছিলোঁ।
জেচমিনা- এতিয়া একো কৰিব নালাগে, আই। ককাইদেউ ঘৰলৈ আহিলে সঁচা মিছা সকলো ওলাই পৰিব ৷
ফুলবানু- বাৰু, তই কৈছ যেতিয়া এৰিলোঁ। চেলিম ঘৰলৈ আহিলে সঁচা মিছাৰ বুজ লৈ এইৰ বিচাৰ কৰিব লাগিব। মোৰ পুতেককো যি পুতেক! তাৰ ওচৰত সুবিচাৰ আশা কৰা আৰু পৰ্বতত কাছকণী বিচৰা একেই কথা ।
(প্রস্থান)
জৰিণা- মোৰ কাৰণেই তোমাৰ আজি এইদৰে দুৰ্দশা হ’ল।
ফৰিদা- দোষ তোমাৰ নহয়, নবৌ। দোষ মোৰ কপালৰ। নহ’লে মই মা-দেউতাৰ লগত নমৰি জীয়াই থাকিম কিয় ?
জেচমিনা- এতিয়া পেন্পেননি বন্ধ কৰি মোৰ কাপোৰখিনি ইস্ত্ৰি কৰি দিয়াগৈ। মই কিন্তু বাৰ বজাতে ওলাব লাগিব। এই কথা মনত থাকে যেন।
(প্রস্থান)
জৰিণা- আচলতে তোমাৰ ভাল ৰিজাল্টেই তোমাৰ কাল হৈছে। জেচমিনাই দুই তিনিটা টিউচন ৰাখি ও সদায় লেঙেৰাই-খোৰাই শ্ৰেণীৰ দেওনাবোৰ পাৰ হয় আৰু তুমি টিউচন নপঢ়াকৈয়ে শ্ৰেণীত সদায় প্ৰথম হৈ উত্তীৰ্ণ হোৱা।
ফৰিদা- জেচমিনাই যেনেকৈ পঢ়ি আছে, তাই পাছ কৰিব কেনেকৈ তাকেহে ভাবিছোঁ। ক্লাচ ক্ষতি কৰি সদায় চিনেমা চায়।
জৰিণা- তাই যি কৰে কৰি থাকক । তাইৰ কথা তুমি ভাবিব নালাগে । জানাই তো তাইক উপদেশ দিবলৈ গ’লেও বিপদ। নানা কথা শুনায় ৷ ককায়েৰাই তো তাইৰ চিন্তা বাদে দিছে। তোমাৰ ওপৰতে তেওঁ আশা পালি আছে।
ফৰিদা-ককাইদেৱৰ সন্মান ৰাখিবলৈ মই চেষ্টাৰ ত্ৰুটি নকৰোঁ, নবৌ। কাৰণ ককাইদেৱৰ মৰমৰ কাৰণেই মই এইখন ঘৰত তিষ্ঠি থাকিব পাৰিছোঁ।
জৰিণা- যোৱা, পঢ়িবলৈ বহাগৈ। পরীক্ষাৰ সময়ত মন বেয়া কৰি নাথাকিবা ৷
ফৰিদা- নাই নাই, মন বেয়া নকৰোঁ। তুমি এইখন ঘৰলৈ বোৱাৰী হৈ অহাৰ আগতে ইয়াতকৈও বেছি অত্যাচাৰ সহ্য কৰিছোঁ।
জৰিণা- ব’লা, তোমাৰ ৰুমতে ইস্ত্ৰি কৰি দিওগৈ ।
(উভয়ৰ প্ৰস্থান)
দ্বিতীয় দৃশ্য ফুলবানুৰ প্ৰৱেশ
ফুলবানু- নাই নাই, পুতেকে যদি মৰিল, বোৱাৰী পুহি লাভ নাই! ভৰ যৌৱনা। দিনকাল বেয়া, ক’ত কি কলংক কৰি বহে একো ঠিক নাই। কিবা হলে লোকৰ আগত মুখ উলিয়াব নোৱাৰিম। ফৰিদাক বিদায় দিছো, এতিয়া বোৱাৰীক বিদায় কৰিব পাৰিলেই শান্তিৰে উশাহ ল’ব পাৰোঁ।
জেচমিনাৰ প্ৰৱেশ
জেচমিনা- কি শান্তিৰ কথা কৈছা, আই?
ফুলবানু- বোৱাৰীৰ কথা কৈছোঁ। চেলিম মৰিল যেতিয়া এতিয়া আৰু তাইক পুহি কি লাভ? মাজতে সম্পত্তি আৰু পেনচনৰ টকাৰ ভাগ দিব লাগিব। তাতকৈ সময় থাকোঁতে বিদায় কৰাই উত্তম হ’ব, নে কি কোৱা ?
জেচমিনা- মইনো আৰু কি ক’ম! তুমি যি ভাল দেখা তাকে কৰা। মোক এই বিষয়ে নুসুধিবা ৷
ফুলবানু- মোৰনো কি? দুই এদিন পাছতে মৰি থাকিম। তোৰ কথা ভাবিহে কথাটো কৈছোঁ ।
জেচমিনা- সেইবুলি ঘৰৰ বোৱাৰীক জুৰ-জুলুম কৰিখেদি পঠিয়াবা নেকি? তাইৰ পেটত দেখোন আমাৰ বংশৰ সন্তান চন্দ্ৰকলাৰ দৰে বাঢ়ি আছে।
ফুলবানু- বংশৰ সন্তান! তই দেখিছোঁ সকলো পাহৰিলি! সেই যে গাখীৰ চুৰিৰ ঘটনাটো তই এতিয়াই পাহৰিলি নেকি? মই পাহৰা নাই। সিদিনা চেলিমে মোক কিলাইহে মাৰা নাছিল। মাক-বাপেকক অপমান কৰিলে তাৰ অপমৃত্যু হ’বই।
জেচমিনা- তোমাৰ হৃদয়ত দয়া-মমতা নাই নেকি, আই? ককাই দেৱৰ মৃত্যুত তুমি সুখ অনুভৱ কৰিছা কেনেকৈ?
ফুলবানু- তই তাৰ কি বুজিবি? তোৰ দেহত তেজ-মঙহ থাকিলেহে বুজিবি !
জেচমিনা- বাৰু বাৰু, তোমাৰ দৰে তেজ-মঙহ যেন মোৰ দেহত কেতিয়াও নহয়।
ফুলবানু- ইয়াকে কয়, পেটৰ শতৰু। যাৰ কাৰণে কান্দি মৰোঁ, সিয়ে টোঁৱায় মোলৈ লৰু। সিজনীয়ে চোৱাপাত চেলেকি ডাক্তৰীত ছিট পালে আৰু ইজনীয়ে ঘিউ-মউ খাই তিনিবাৰ মেট্ৰিকত মুখ থেকেচা খালে ।
জেচমিনা- সকলো তোমাৰ কাৰণে। লোকৰ ভাল যিজনে দেখিব নোৱাৰে তাৰ ভাল কেতিয়াও নহয়, মা…..কেতিয়াও নহয় ৷
(প্রস্থান)
ফুলবানু- বাৰু বাৰু, তই মোক উপদেশ দিব নালাগে। তোৰ কামত তই যা। মোক উপদেশ দিয়াৰ দৰ্কাৰ নাই।। কোনটো ভাল, কোনটো বেয়া মই সেয়া বুজি পাওঁ। আজি মই কিবা এটা হেস্ত-নেস্ত কৰিহে এৰিম ৷ বোৱাৰী…অ’ বোৱাৰী……
জৰিণাৰ প্ৰৱেশ
জৰিণা- মোক মাতিছিল, আই?
ফুলবানু- অ’ মাতিছোঁ. তোমাক কথা এষাৰ কওঁ বুলি ভাবিছোঁ।
জৰিণা- কি কথা, , আই?
ফুলবানু- কথাটো তোমাৰ ভালৰ কাৰণেই ভাবিছো। চেলিম ঢুকাবৰ ছমাহেই হ’ল। তোমাৰ বয়সো কম, মানে এতিয়াও যুৱতী হৈয়েই আছা । এনেকৈ আৰু কিমান দিন থাকিবা। তোমাৰতো স্বাদ-আহ্লাদ আছে, নে কি কোৱা ? তুমি নহ’লে নিকাহ সোমাই লোৱা। আমিয়ে সকলো ব্যবস্থা কৰি দিব বাৰু।
জৰিণা- এয়া আপুনি কি কৈছে, আই? চেলিমৰ স্মৃতি মোৰ পেটত চন্দ্ৰকলাৰ দৰে বাঢ়ি আছে। আপুনি কথাটো জানি-শুনিয়ো মোক এইদৰে উপদেশ দিয়াটো জানো উচিত হৈছে?
ফুলবানু-তুমি কথাটো বেলেগ ধৰণে লৈছা, বোৱাৰী । আচলতে কথাটো তোমাৰ ভালৰ কাৰণেহে কৈছিলো। বাৰু, তুমি যদি বেয়া পাইছা, তোমাৰ যি মন যায় তাকে কৰি থাকা। কিন্তু এষাৰ কথা জানি ৰাখা, আজিৰ পৰা এইখন ঘৰত তোমাৰ ৰেশ্বন-পানী বন্ধ। পুতেকৰ মূৰ খাঁইতীক মই ভাত-পানী খোৱাই পুহি ৰাখিব নোৱাৰোঁ। আজিয়ে তুমি এইখন ঘৰৰ পৰা ওলাই যোৱা।
জৰিণা- কিন্তু আই, মই যাম ক’লৈ ? আপুনি মাৰিলেওঁ মাৰক, কাটিলেওঁ কাটক, কিন্তু মোক এইখন ঘৰৰ পৰা খেদি নপঠিয়াব। মই আপোনাৰ ভৰিত ধৰি কাবৌ কৰিছোঁ।(ভৰিত ধৰে ।
ফুলবানু- চাওঁ, ভৰি এৰি দিয়া। পুতেকৰ মূৰ খাঁইতীৰ প্ৰতি মোৰ কোনো দয়া-মমতা নাই। মই মছজিদত মমবাতি দিবলৈ গৈ আছো ৷ মছজিদৰ পৰা আহি যাতে তোমাক মই এইখন ঘৰত দেখা নাপাওঁ ।
(প্রস্থান)
জৰিণা- এতিয়া মই ক’লৈ যাওঁ, খোদা! ইহঁত যি মানুহ! খেদিব খুজিছে যেতিয়া খেদিবই। জেচমিনাক খেদিছে, এতিয়া মোৰ পাছত লাগিছে! কিন্তু মই যাম ক’লৈ? মা নাই, দেউতা নাই। ভায়েকজন আছে যদিও সিও নিৰুদ্দেশ হৈ আছে। এতিয়া চহৰলৈ গৈ লোকৰ ঘৰত হাজিৰা কৰি খোৱাৰ বাহিৰে মোৰ বেলেগ উপায় নাই। কিন্তু চহৰতো কাকো চিনি নাপাওঁ। তুমি মোক বাট দেখুৱাই দিয় খোদা- মোক বাট দেখুৱাই দিয়া ।
(প্রস্থান)
তৃতীয় দৃশ্য
ফৰিদাৰ পিন্ধোনত ডাক্তৰণীৰ পোচাক । কান্ধত বেগ। ডিঙিত স্টেটোস্কোপ ওলোমাই লৈ মঞ্চত প্ৰৱেশ। কান্ধত ওলোমাই অনা বেগটো মেজৰ ওপৰত নমাই থৈ কপালৰ ঘাম মচিব।)
ফৰিদা- উস্! ইমান গৰম পৰিছে আজি! বতৰো একেবাৰে গোমা হৈ আছে। নবৌ, অ’ নবৌ। ৰোগী আছে যদি পঠিয়াই দিয়া ।
পেটৰ বিষত কেঁকাই-গেঁথাই ফুলবানৰ প্ৰৱেশ
ফুলবানু- উস্! মই মৰিলোঁ ডাক্তৰ- মই মৰিলোঁ। পেটৰ বিষত একেবাৰে তত্ নোপোৱা হৈছোঁ। মোক বচোৱা ডাক্তৰ– মোক বচোৱা…….
ফৰিদা- কোন? অ’ খুৰী দেখোন? আপোনাৰ এই অৱস্থা কেনেকৈ হ’ল, খুৰী ?
ফুলবানু- নক’বা ডাক্তৰ। পেটৰ বিষ। পেটৰ বিষত একেবাৰে তত নোপোৱা হৈছোঁ।
জৰিণাৰ প্ৰৱেশ
জৰিণা- আই, আপুনি ? আপুনি ক’ৰ পৰা আহিল, আই। (প্রণাম কৰে)
ফুলবানু- আই…খুৰী? তাৰ মানে…….
ফৰিদা- মোক চিনিব পৰা নাই. খুৰী। মই ফৰিদা আৰু এওঁ নবৌ।
ফুলবানু- ফৰিদা ! (খন্তেক ভাবি)অ’ ফৰিদা? তাৰমানে তই ডাক্তৰণী হৈছ? বৰ ভাল পালো, আই – বৰ ভাল পালো। কিন্তু বোৱাৰী তোৰ ইয়ালৈ আহিল কেনেকৈ?
ফৰিদা-নবৌ যিদিনা ঘৰৰ পৰা ওলাই আহিছিল, সিদিনাই বাচস্টেণ্ডত লগ পাই মই ইয়ালৈ লৈ আহিছিলোঁ। তাৰ পাছত আমি দুয়ো দুবেলা টিউচন পঢ়ুৱাই কোনোমতে পেটে-ভাতে খাই যোৱা বছৰ মই ডাক্তৰী পাচ কৰিছোঁ ।
ফুলবানু- শুনি বৰ সুখী হলো, আই। মোক চা আই। পেটৰ বিষত একেবাৰে তত নোপোৱা হৈছোঁ। উস্! আই, মই মৰিলোঁ।
ফৰিদা- আপুনি জানো চিকিৎসা কৰোৱা নাই, খুৰী ?
ফুলবানু- টকা-পইচা থাকিলেহে চিকিৎসা কৰাম
ফৰিদা- কিয়, আপোনাৰ মাটি-সম্পত্তি কি হ’ল ?
ফুলবানু- জেচমিনাৰ গিৰিয়েকে সকলো মাটি-সম্পত্তি বিক্ৰী কৰি দিছে। তাই পলাই গৈ বিয়া সোমাইছিল এটা মদপীৰ লগত ৷ সি পাপীয়ে মদ খাই—-জুৱা খেলি সকলো শেষ কৰিলে। জেচমিনাৰ অৱস্থাও কাহিল। গিৰিয়েকে মদ খাই সদায় মাৰপিট কৰে। উস্, আই! মই মৰিলোঁ। মোক চা আই।
ফৰিদা- বাৰু, আপুনি বেডখনত শুই পৰক। আগতে আপোনাক চাই লওঁ। পাছত কথা হ’ম।
ফুলবানু- চা আই। ভালকৈ চাবি। মোক এই নৰক যন্ত্ৰণাৰ পৰা উদ্ধাৰ কৰ, আই।
(ফুলবানু বেডত শয়ন কৰিলে। জৰিণাই শয়ন কৰাত সহায় কৰিলে।)
ফৰিদা– (পেটত, বুকুত স্টেটোস্কোপ লগাই চাই )চাওঁ, মুখখন অকনমান মেলি দিয়ক। বাৰু, হ’ব হ’ব। উঠক এতিয়া । (ফুলবানু উঠি বহে )
ফুলবানু- কি দেখিলি, আই?
ফৰিদা- যি দেখিলো ঔষধে এই ৰোগ ভাল কৰিব নোৱাৰে। অপাৰেশ্বন কৰাব লাগিব।
ফুলবানু- অপাৰেশ্বন ! তাৰমানে কটা-চিঙা?
ফৰিদা- আপোনাৰ পেটত স্টোন হৈছে। অপাৰেশ্বন কৰি উলিয়াব লাগিব ।
ফুলবানু- মোৰ দৰে পাপীৰ কাৰণে এয়াই উপযুক্ত শাস্তি । কিন্তু অপাৰেশ্বন কৰাবলৈ হ’লে দেখোন এগাল টকা লাগিব! ইমান টকা ক’ত পাম।
ফৰিদা-টকাৰ কাৰণে আপুনি চিন্তা কৰিব নালাগে। টকা মই দিম। কিন্তু আই, অপাৰেশ্বনৰ কাৰণে কিছুদিন বাট চাব লাগিব। আপোনাৰ শৰীৰ দুৰ্বল। তেজৰ প্ৰয়োজন হ’ব। তেজ যোগাৰ হলেহে অপাৰেশ্বন কৰিব পৰা যাব ।
জৰিণা- তেজ মই দিম। মোৰ তেজেৰে যদি আইৰ অসুখ নিৰাময় কৰিব পাৰোঁ, মই নিজকে ধন্য মানিম ৷
ফুলবানু- তুমি মোক তেজ দিবা বোৱাৰী ? মই নিজৰ স্বাৰ্থৰ কাৰণে তোমাক ঘৰৰ পৰা খেদি পঠিয়াইছিলো আৰু তুমি মোক তেজ দিবা? তোমালোকে মোক ঘৃণা নকৰি ক্ষমা কৰি দি ভাল প্রতিশোধ ল’লা । ফৰিদা তই মোক ক্ষমা কৰি দে আই। (ফৰিদাৰ ভৰিত ধৰিব খুজে)
ফৰিদা- এয়া আপুনি কি কৰিছে, খুৰী? (তুলি ধৰে) কু-সন্তান বহু হ’ব পাৰে, সেইবুলি কু-মাতা কেতিয়াও হ’ব নোৱাৰে। ব’লা, খুৰী, চেলিম ককাইদেৱৰ ল’ৰাক চাবাহি।
ফুলবানু- চেলিম, চেলিমৰ ল’ৰা, তাৰমানে মোৰ নাতি?
ফৰিদা- হয় খুৰী, নবৌ ইয়ালৈ অহাৰ চাৰি মাহ পাছতে এটি ল’ৰা সন্তান জন্ম হৈছিল। নাম ৰাখা হৈছে ফৰিদ। আপোনাৰ নামৰ আদ্যাক্ষৰৰ লগত মিলাই।
ফুলবানু- চেলিমৰ সন্তান–মোৰ নাতি! আঃ, কি আনন্দ–কি আনন্দ! (বুকুত খামুচি ধৰে) চেলিমক হেৰাইছোঁ, নাতি পাইছোঁ——মই আনন্দ কৰিম, আনন্দ কৰিম। (বলিয়াৰ দৰে জঁপিয়াবলৈ ধৰে।)
জৰিণা- আপুনি এনেকুৱা কৰিছে কিয়, আই? বলক, ভিতৰলৈ ব’লক। ফৰিদক চাবহি ।
ফুলবানু- আই, কোন আই? কোন তুমি? মই কাৰো আই নহওঁ। মই একমাত্ৰ চেলিমৰ আই…….. চেলিমৰ আই। (কান্দে ৷ আকৌ খন্তেক পাছতে কান্দিবলৈ এৰি) চেলিমক যিসকলে মোৰ বুকুৰ পৰা কাঢ়ি নিছে, মই সিহঁতৰ ওপৰত প্ৰতিশোধ ল’ম….প্রতিশোধ ল’ম। প্রতিশোধ….প্রতিশোধ……প্রতিশোধ …. (বলিয়াৰ দৰে দৌৰি প্ৰস্থান )
ফৰিদা- খুৰী বলিয়া হৈ গ’ল, নবৌ।
জৰিণা- বলিয়া ! কিন্তু কিয় ?
ফৰিদা- আনন্দৰ আতিশয্যত কেতিয়াবা এনেকুৱা হৈ যায়, নবৌ। বাহিৰত গাড়ী মটৰৰ ভিৰ। হঠাৎ এক্সিডেণ্ট হ’ব পাৰে। (ফুলবানুক উদ্দেশ্য কৰি ৰিঙিয়াই মাতে) খুৰী, ৰাস্তাৰ মাজলৈ নাযাব ।
মঞ্চৰ বাহিৰত ফুলবানুৰ আৰ্তনাদ-আঃ…….
মঞ্চৰ বাহিৰত সমবেত কণ্ঠৰ কোলাহল- বৃদ্ধাজনীক গাড়ীয়ে খুন্দিয়াই থৈ গ’ল। ধৰা, ধৰা, গাড়ী ধৰা ৷ গাড়ীৰ নম্বৰ লিখি ৰাখা…….ইত্যাদি ইত্যাদি…….
জৰিণা- (মঞ্চৰ পৰা বাহিৰলৈ জুমি চাই) আইক গাড়ীয়ে খুন্দিয়াই গ’ল ।
ফৰিদা– এৰা, মূৰটো একেবাৰে থেতেলি গৈছে। ব’লা, সোনকালে হাস্পতাললৈ নিব লাগিব।
জৰিণা- ব’লা।
