
পিতৃ-মাতৃৰ সেৱা দয়া নহয়(একাংকিকা:)
বিষয়: পিতৃ-মাতৃৰ প্ৰতি সন্তানৰ কৰ্তব্য, বৃদ্ধাৱস্থাৰ অৱহেলা, কন্যাৰ মৰম আৰু মানৱীয় মূল্যবোধ
সময়: প্ৰায় ২০ মিনিট
ভাষা: অসমীয়া
চৰিত্ৰ: ৭টা
চৰিত্ৰসমূহ
- হৰেন — এজন পৰিশ্ৰমী কৃষক, তিনিজন পুত্ৰ আৰু দুগৰাকী কন্যাৰ পিতৃ।
- মালতী — হৰেনৰ পত্নী, দীৰ্ঘদিনীয়া ৰোগত আক্ৰান্ত।
- বিজয় — বৰপুত্ৰ, এজন শিক্ষক।
- ৰঞ্জিত — মাজু পুত্ৰ, এজন শিক্ষক।
- দীপক — সৰু পুত্ৰ, গেলামালৰ দোকানী।
- ৰীণা — ডাঙৰ ছোৱালী, বিবাহিত আৰু স্বামীৰ সৈতে সুখে-শান্তিৰে থকা এগৰাকী মহিলা।
- মীনা — সৰু ছোৱালী, বিবাহিতা আৰু গৃহিণী।
প্ৰথম দৃশ্য
স্থান: হৰেনৰ ঘৰৰ চোতাল
((মঞ্চত এখন গাঁৱলীয়া ঘৰৰ দৃশ্য। এফালে নাঙল, কোৰ, খেতিৰ সঁজুলি। আনফালে এখন পুৰণি চকী আৰু বিছনা। মালতী বিছনাত শুই আছে। হৰেনে পথাৰৰ পৰা আহি গামোচাৰে মুখৰ ঘাম মচে।)
হৰেন: মালতী, আজি পথাৰত ধানখিনি চাই আহিলোঁ। এইবাৰ উৎপাদন ভাল হ’ব যেন লাগিছে। আমাৰ ল’ৰা-ছোৱালীকেইটাৰ ভৱিষ্যৎটো ভাল হ’লেই মোৰ জীৱনৰ সকলো কষ্ট সাৰ্থক হ’ব।
মালতী: (মৃদু হাঁহিৰে) তুমি জীৱনটো কেৱল ল’ৰা-ছোৱালীৰ বাবেই কটালা। নিজৰ সুখৰ কথা কেতিয়াও নাভাবিলা।
হৰেন: সিহঁতেই আমাৰ ভৱিষ্যৎ। মই কৃষক মানুহ। নিজে পঢ়িব নোৱাৰিলোঁ, কিন্তু মোৰ সন্তানকেইটাই পঢ়ি-শুনি মানুহ হওঁক, এইটোৱেই মোৰ সপোন।
মালতী: ভগৱানে তোমাৰ সপোন পূৰণ কৰক। কিন্তু মোৰ এটা চিন্তা আছে।
হৰেন: কি চিন্তা?
মালতী: আমাৰ সন্তানকেইটাই ডাঙৰ হৈ নিজৰ নিজৰ সংসাৰত ব্যস্ত হৈ পৰিলে আমাক পাহৰি নাযায়তো?
হৰেন: (আত্মবিশ্বাসেৰে) কিয় পাহৰিব যাব? নিজৰ তেজ, নিজৰ সন্তান,! মই সিহঁতৰ ভৱিষ্যতৰ বাবে মাটি বন্ধকত ৰাখিছোঁ, দিন-ৰাতি খাটিছোঁ। সিহঁতে আমাক কেতিয়াও এৰি নাযায়।
মালতী: (দীৰ্ঘ নিশ্বাস) ঈশ্বৰে তোমাৰ কথাষাৰ সঁচা কৰক।
(পোহৰ অলপ ম্লান পৰে।)
বৰ্ণনাকাৰী: হৰেন এজন সাধাৰণ কৃষক। কিন্তু তেওঁৰ সপোন আছিল অসাধাৰণ। নিজৰ সুখ-সুবিধা ত্যাগ কৰি তেওঁ তিনিজন পুত্ৰ আৰু দুগৰাকী কন্যাক শিক্ষা দি উপযুক্ত কৰি তুলিলে। পুত্ৰ দুজনে শিক্ষকতা কৰে, সৰু পুত্ৰই গেলামালৰ দোকান চলায়। দুগৰাকী কন্যাকো তেওঁ ভাল পৰিয়ালত বিয়া দি উলিয়াই দিছে। কিন্তু সময়ৰ চকৰি ঘূৰাৰ লগে লগে পিতৃ-মাতৃৰ জীৱনলৈ এক গভীৰ অন্ধকাৰ নামি আহিল।
(পোহৰ নুমাই যায়।)
দ্বিতীয় দৃশ্য
স্থান:হৰেনৰঘৰ
(মালতী বিছনাত বহি কাহি আছে আৰু হৰেনে এখন ঔষধৰ প্ৰেছক্ৰিপচন হাতত লৈ তাইৰ কাষত চিন্তিতভাৱে বহি আছে।)
মালতী: শুনিছানে, মোৰ ঔষধ শেষ হ’ল। আজি চিকিৎসকে নতুন ঔষধ লিখি দিছে। কাইলৈৰ পৰা ঔষধ নাখালে বৰ কষ্ট হ’ব।
হৰেন: জানো মালতী। এইবাৰ ধানখিনি বিক্ৰী কৰি যিখিনি টকা পাইছিলোঁ, সেইখিনি সাৰ, বীজ আৰু পথাৰৰ খৰচতে শেষ হ’ল। তথাপি মই বিজয়ক এবাৰ ফোন কৰি চাওঁ।
(হৰেনে ফোন কৰে।)
হৰেন: হেল্ল’ বিজয়, বাবা, কেনে আছ?
বিজয়: ভালেই আছোঁ দেউতা। কওঁক, কি ক’ব।
হৰেন: তোমাৰ মাৰৰ ঔষধৰ বাবে অলপ টকা লাগে। বহুদিন ধৰি অসুখত ভুগি আছে। এই মাহত খেতিৰ পৰা বেছি লাভ নহ’ল। পাৰিলে অলপ টকা পঠিয়াই দিবা।
বিজয়: দেউতা, এই মাহত বহুত খৰচ হৈছে। ল’ৰা-ছোৱালীৰ স্কুলৰ মাচুল, ঘৰৰ কিস্তি, বজাৰ-সমাৰ—সকলো মিলি হাতত টকা একেবাৰে নায়ে। এই মাহটো কেনেবাকৈ চলাই নিয়ক। মই অহা মাহত চাম বাৰু।
হৰেন: (নিৰাশ হৈ) বাৰু বাবা, যি ভাল দেখা।
(ফোন ৰাখে।কিছু সময় নীৰৱতা।তাৰ পিছতৰঞ্জিতক ফোন কৰে।)
ৰঞ্জিত: হেল্ল’ দেউতা!
হৰেন: বাবা, তোমাৰ মাৰৰ ঔষধৰ কাৰণে টকা অলপ লাগে। মোৰ হাতত টকা নাই। সেইবাবে তোমাক ক’লোঁ।
ৰঞ্জিত: দেউতা, মই এতিয়া অলপ অসুবিধাত আছোঁ। মোৰো বহু খৰচ। এই মাহত সম্ভৱ নহ’ব। পাছত দিম।
হৰেন: (কণ্ঠ কঁপি উঠে) বাৰু বাবা।
(ফোন ৰাখি মালতীৰ ওচৰত বহে।)
মালতী: কি ক’লে সিহঁতে?
হৰেন: বিজয়ে ক’লে টকা নাই। ৰঞ্জিতেও পাছত দিব বুলি ক’লে।
মালতী: (চকুলো টুকি) যিসকলৰ মুখত ভাত তুলি দিবলৈ আমি নিজৰ মুখৰ ভাত কাঢ়ি দিছিলোঁ, আজি তেওঁলোকৰ পৰা ঔষধৰ কাৰণে কেইটামান টকা খুজিও নিৰাশ হ’ব লগা হ’ল।
হৰেন: নাকান্দিবা মালতী। আমাৰ আৰু এটা ল’ৰা আছে। দীপকে হয়তো কিবা এটা কৰিব পাৰিব।
মালতী: সি বা তাৰ নিজৰ দোকানখন কেনেকৈ চলাইছে! সিও যদি…,
হৰেন: (দৃঢ়তাৰে) তুমি নিৰাশ নহ’বাচোন। সি আমাৰ সন্তান। সি নিশ্চয় কিবা এটা কৰিব।
(হৰেনওলাইযায়।মালতীয়ে মুখতকাপোৰদিকাহিবলৈধৰে।পোহৰ কমি আহে)
তৃতীয় দৃশ্য:
স্থান: দীপকৰ দোকান।
(মঞ্চৰ এফালে দীপকৰ দোকান। দীপকে হিচাপৰ বহী চাই আছে। হৰেন সোমাই আহে।)
হৰেন: দীপক, বাবা, দোকান কেনে চলিছে?
দীপক: চলিছে যেনিবা কেনেবাকৈ। কিন্তু বিক্ৰী-বাট্টা একেবাৰে কমি গৈছে। মানুহে বাকী নিয়ে, কিন্তু ধাৰৰ টকা খুজিলে দোকানলৈ আহিবলৈয়ে এৰি দিয়ে।
হৰেন: মই জানো, বাবা। তোমাৰো অসুবিধা আছে। কিন্তু তোমাৰ মাৰৰ ঔষধৰ বাবে মাহে কিছু টকা লাগে। মই অকলে আৰু কিমান দিন চলাম? মোৰ খেতি-বাতিও আগৰ দৰে নহয়। সাৰ-কীট নাশকৰ দামো আগতকৈ যথেষ্ট বাঢ়িছে। যদি তুমি কিছু টকা দিলাহেঁতেন….
দীপক: দেউতা, মই এতিয়া টকা দিব নোৱাৰোঁ। মোৰ দোকানখনৰ মূলধন কমি গৈছে। তাৰ উপৰি মোৰ নিজৰো সংসাৰ আছে।
হৰেন: তোমাৰ নিজৰ সংসাৰ আছে, সেই কথা মই বুজোঁ। কিন্তু তুমি যিখন ঘৰত জন্ম লৈছিলা, সেইখন ঘৰতো তোমাৰেই।
দীপক: দেউতা, মই সদায় এনেকৈ চলিব নোৱাৰোঁ। আপোনালোকে যদি মোৰ পৰা টকা বিচাৰি থাকে, তেন্তে মই পৃথক হোৱাটোৱেই ভাল হ’ব বুলি ভাবিছোঁ।
হৰেন: (স্তম্ভিত হৈ) কি ক’লি? পৃথক হ’বি?
দীপক: হয়। মোৰ নিজৰ সংসাৰ মই নিজে চলাম। আপোনালোকৰ খৰচ মই বহন কৰিব নোৱাৰোঁ।
হৰেন: (দুখেৰে) বাৰু বাবা, তুমি যি ভাল দেখা।
(হৰেন লাহে লাহে ওলাই যায়।পোহৰ লাহে লাহে কমি আহে।)
চতুৰ্থ দৃশ্য
(তিনিওজন পুত্ৰ বহি আছে।)
বিজয়: আমি পৃথককৈ থকাটোৱে ভাল হ’ব। তেতিয়া নিজৰ নিজৰ খৰচ নিজে চলাব পাৰিম।
ৰঞ্জিত: মইও তাকেই ভাবিছোঁ। একেলগে থাকিলে সদায় টকা-পইচাৰ কথা লৈ অশান্তি হয়।
দীপক: তেন্তে ঠিক হ’ল। আমি তিনিও পৃথক হ’ম।
হৰেন: (প্ৰৱেশ কৰি) পৃথক হোৱাত মোৰ আপত্তি নাই, বাবা। সংসাৰ বেলেগ হ’ব পাৰে, কিন্তু তেজৰ সম্পৰ্ক জানো বেলেগ হয়? এষাৰ কথা মনত ৰাখিবা—তোমালোকৰ মাক এতিয়াও অসুস্থ। তাইৰ ঔষধৰ দায়িত্ব কোনে ল’ব?
(তিনিওজন নীৰৱ হৈ থাকে।)
বিজয়: দেউতা, মই মাহে মাহে দি থাকিব নোৱাৰিম।
ৰঞ্জিত: মোৰো এতিয়া বহু খৰচ।
দীপক: মোৰ দোকানৰ অৱস্থাতো আপোনালোকে জানেই।
হৰেন: (কাতৰভাৱে) মই নিজৰ বিলাসিতাৰ বাবে টকা খোজা নাই। তোমালোকৰ মাৰাৰ জীয়াই থাকিবলৈ ঔষধৰ প্ৰয়োজন।সেই ঔষধ কিনাৰ কাৰণেহে টকা খুজিছোঁ। ইমান দিনে তো ময়ে খেতিৰ উপাৰ্জনেৰে তোমালোকক খুৱাই আছিলোঁ। এতিয়া পৰিয়ালৰ সদস্য সংখ্যা বাঢ়িছে। ফলত সংসাৰৰ খৰচো বাঢ়িছে। সেয়ে একমাত্ৰ খেতিৰ উপাৰ্জনৰ টকাৰে বৰ্তমান সংসাৰ নচলা হৈছে। তোমালোক আটায়ে এতিয়া উপাৰ্জন কৰিবলৈ শিকিছা। সংসাৰৰ প্ৰতিতো তোমালোকৰো দায়িত্ব আছে।
বিজয়: দেউতা, পাছত কথা পাতিম।
(বিজয় ওলাই যায়। তেওঁৰ পিছে পিছে বেলেগ দুজন পুত্ৰও চুচুক-চামাককৈ ওলাই যায়। হৰেন মঞ্চৰ মাজত অকলে ৰৈ যায়।)
হৰেন: (আকাশলৈ চাই) হে ভগৱান! মই ক’ত ভুল কৰিলোঁ? সন্তানক মানুহ কৰিবলৈ সকলো দিলোঁ। কিন্তু আজি বৃদ্ধ বয়সত সিহঁতৰ ওচৰত মোৰ স্থান নাই কিয়?
(ভিতৰৰ পৰা মালতীৰ কাহৰ শব্দ শুনা যায়। হৰেন ততাতৈয়াকৈ ওলাই যায়।)
পঞ্চম দৃশ্য:
স্থান:হৰেনৰ ঘৰ
(মালতী বিছনাত শুই আছে। হৰেন কাষত বহি আছে। ৰীণা আৰু মীনা স্বামীসহ মঞ্চলৈ সোমাই আহে।)
ৰীণা: মা! তোমাৰ এই অৱস্থা কিয়? দেউতা, আমাক আগতে কিয় খবৰ নিদিলা?
মালতী: (ম্লান হাঁহিৰে) তোমালোকৰ নিজৰ সংসাৰ আছে। সেইবাবে আমনি দিবলৈ মন নগ’ল।
মীনা: মা, আমি তোমাৰ সন্তান নহয় নেকি? আমাৰ সংসাৰ আছে বুলিয়েই তোমালোকক পাহৰি যামনে?
হৰেন: (চকুলো টুকি) তোমালোকৰ তিনিজন ককাই-ভায়ে নিজৰ নিজৰ সংসাৰ লৈ ব্যস্ত। মই কাকো দোষ দিব নিবিচাৰোঁ। কিন্তু তোমাৰ মাৰাৰ ঔষধৰ বাবে আজি মোৰ হাতত টকা নাই।
ৰীণা: দেউতা, এই কথা আমাক কিয় আগতে নক’লা?
মীনা: মা, তোমাৰ ঔষধৰ বাবে টকা লাগিলে আমাক ক’বা। আমি তোমাৰ চিকিৎসা বন্ধ হ’বলৈ নিদিওঁ।
ৰীণা: দেউতা, তুমি চিন্তা নকৰিবা। মাৰ চিকিৎসাৰ দায়িত্ব যিমানদূৰ সম্ভৱ আমি বহন ৰিম।
মীনা: হয় দেউতা। টকা-পইচা জীৱনত আহে আৰু যায়। কিন্তু পিতৃ-মাতৃৰ সেৱা কৰাৰ সুযোগ বাৰে বাৰে নাহে।
হৰেন: (আৱেগেৰে) তোমালোকৰ নিজৰো খৰচ আছে। আমাৰ বাবে তোমালোকৰ ওপৰত বোজা জাপি দিবলৈ মোৰ মন নাযায়।
ৰীণা: দেউতা, পিতৃ-মাতৃ কেতিয়াও সন্তানৰ বোজা হ’ব নোৱাৰে। সৰুতে তোমালোকে আমাক খুৱাইছিলা, পিন্ধাইছিলা, পঢ়াইছিলা। আজি তোমালোকক অলপ সহায় কৰাটো আমাৰ কৰ্তব্য।
মীনা: মা, মই তোমাক চিকিৎসকৰ ওচৰলৈ লৈ যাম। ঔষধো কিনি আনিম। তুমি আৰু চিন্তা নকৰিবা।
মালতী: (কন্যা দুগৰাকীক বুকুত সাৱটি) তোমালোকক আনৰ ঘৰলৈ উলিয়াই দিওঁতে ভাবিছিলোঁ, তোমালোকৰ দায়িত্ব শেষ হ’ল। আজি বুজিলোঁ, জীয়ৰী আনৰ ঘৰলৈ যায় ঠিকেই, কিন্তু মাকৰ বুকুৰ পৰা কেতিয়াও আঁতৰি নাযায়।
হৰেন: (কান্দি কান্দি) মই ভাবিছিলোঁ, ল’ৰাবোৰেই মোৰ বৃদ্ধ বয়সৰ লাখুটি হ’ব। কিন্তু লৰাই নহয়, আজি মোৰ ছোৱালী দুজনীয়ে সেই লাখুটি হৈ থিয় দিছে।
ৰীণা: দেউতা, ল’ৰাই হওক বা ছোৱালীয়ে হওঁক—সন্তানৰ পৰিচয় কৰ্তব্যত। জন্মৰ সম্পৰ্কই মানুহক সন্তান কৰে, কিন্তু দায়িত্ব আৰু মৰমেহে প্ৰকৃত সন্তানৰ পৰিচয় দিয়ে।
মীনা: সন্তান হিচাপে এতিয়া আপোনালোকৰ কাষত থিয় দিয়াটো আমাৰো দায়িত্ব।
(সকলোৱেমালতীৰকাষতবহে।কিছুসময়আৱেগিকনীৰৱতা।)
ষষ্ঠ দৃশ্য:
স্থান:হৰেনৰ ঘৰৰ চোতাল
(কেইদিনমান পাছৰ দৃশ্য। মালতী ঔষধ খাই অলপ সুস্থ হৈ বহি আছে। হৰেনে কিছু পুৰণি দলিল আৰু কাগজ লৈ বহি আছে। ৰীণা আৰু মীনা মঞ্চত উপস্থিত।)
মালতী: পুৰণি কাগজপাতি লৈ এনেকৈ বহি আছা কিয়?
হৰেন: আমাৰ মাটি-বাৰীৰ কথা ভাবিছোঁ। জীৱনৰ সকলো উপাৰ্জন এই মাটিতে লগাইছিলোঁ। সন্তানকেইটাক মানুহ কৰিবলৈ এই মাটিৰ ধান বিক্ৰী কৰিয়েই পঢ়ুৱাইছিলোঁ।
মালতী: এতিয়া আকৌ মাটিৰ কথা কিয়?
হৰেন: মই সিদ্ধান্ত লৈছোঁ, আমাৰ মাটি-সম্পত্তি ৰীণা আৰু মীনাৰ নামত লিখি দিম।
মালতী: (আচৰিত হৈ) কি কোৱা? তিনিজন ল’ৰা থকা সত্ত্বেও সকলো সম্পত্তি ছোৱালী দুজনীৰ নামত লিখি দিবা?
হৰেন: (শান্তভাৱে) হয়, ছোৱালী দুজনীৰ নাম লিখি দিম। এই সিদ্ধান্ত মই খঙত লোৱা নাই। মই ভালদৰে ভাবি-চিন্তিয়ে লৈছোঁ। যিসকলে আমাৰ দুখৰ সময়ত কাষত থিয় দিলে, আমাৰ অসুখত খবৰ ল’লে, ঔষধৰ ব্যৱস্থা কৰিলে, তেওঁলোকেই আমাৰ বৃদ্ধ বয়সৰ প্ৰকৃত আশ্ৰয়।
মীনা: দেউতা, আমি সম্পত্তিৰ আশাত আপোনালোকৰ সেৱা কৰা নাই। আপোনালোক আমাৰ পিতৃ-মাতৃ। আপোনালোকৰ আশীৰ্বাদেই আমাৰ বাবে আটাইতকৈ ডাঙৰ সম্পদ।
ৰীণা: হয় দেউতা। সম্পত্তি আমাৰ নামত দিয়ক বা নিদিয়ক, আমি আপোনালোকৰ দায়িত্ব কেতিয়াও এৰি নিদিওঁ।
হৰেন: মই জানো। সেইবাবেই তোমালোকৰ ওপৰত মোৰ বিশ্বাস আছে। কিন্তু মই আৰু এটা কথাও বুজাব বিচাৰিছোঁ—সম্পত্তিৰ অধিকাৰ কেৱল জন্মৰ ভিত্তিত নহয়, মানুহৰ কৰ্ম আৰু দায়িত্ববোধৰ কথাও বিবেচনা কৰি নিৰ্ধাৰণ কৰিব লাগে।
মীনা: দেউতা, আপোনাৰ সিদ্ধান্তৰ প্ৰতি আমাৰ সন্মান আছে। কিন্তু সম্পত্তি লিখি দিয়াৰ আগতে সকলো আইনী দিশ ভালদৰে বুজি ল’ব। আপোনাৰ আৰু মাৰ জীৱনজোৰা নিৰাপত্তা যাতে অটুট থাকে, সেইটোও নিশ্চিত কৰিব লাগিব।
ৰীণা: হয়। আপোনালোকৰ চিকিৎসা, খাদ্য আৰু বাসস্থানৰ ব্যৱস্থা আগত। সম্পত্তিৰ কথা তাৰ পাছত।
মালতী: (হৰেনৰ হাতত ধৰি) মই তোমাৰ সিদ্ধান্তৰ কাৰণ বুজিছোঁ। কিন্তু মনত ৰাখিবা, সন্তানৰ প্ৰতি আমাৰ মৰম যাতে সম্পত্তিৰ জোখত ভাগ নহয়।
হৰেন: ঠিকে কৈছা, মালতী। মই ল’ৰা তিনিজনক ঘৃণা নকৰোঁ। সিহঁত আমাৰ সন্তান। সিহঁতৰ বাবেও মোৰ মৰম আছে। কিন্তু সিহঁতে নিজৰ কৰ্তব্যৰ কথা পাহৰি গৈছে। মই বিচাৰোঁ, এদিন সিহঁতে নিজৰ ভুল বুজি পাওক।
(সম্পত্তি ছোৱালী দুজনীৰ নামত লিখি দিয়াৰ কথা শুনি তিনিওজন পুত্ৰ মঞ্চলৈ সোমাই আহে।)
বিজয়: দেউতা, আমি শুনিছোঁ আপুনি মাটি-সম্পত্তি ভনীয়েকহঁতৰ নামত লিখি দিব বিচাৰিছে। এইটো কেনেকৈ সম্ভৱ?
ৰঞ্জিত: আমিও আপোনাৰ সন্তান। আমাক একো নিদিকৈ সকলো ছোৱালী দুজনীক দি দিব?
দীপক: দেউতা, দোকানখনৰ অৱস্থা বেয়া বুলি মই টকা দিব পৰা নাছিলোঁ। কিন্তু তাৰ বাবে আমাৰ অধিকাৰ একেবাৰে নোহোৱা হৈ যাবনে?
হৰেন: (গম্ভীৰভাৱে) তোমালোকৰ অধিকাৰ আৰু কৰ্তব্য দুয়োটাৰ কথা ভাবিছোঁ, বাবা। তোমালোকক পঢ়ুৱাবলৈ মই পথাৰত ঘাম সৰাইছিলোঁ। তেতিয়া টকা হিচাপ কৰা নাছিলোঁ। কিন্তু আজি তোমালোকে তোমালোকৰ মাকৰ ঔষধৰ টকাৰ হিচাপ কৰিলা।
বিজয়: দেউতা, মোৰো সংসাৰৰ দায়িত্ব আছে।
হৰেন: সংসাৰৰ দায়িত্ব আছে বুলি নিজৰ মাকৰ দায়িত্ব নাই নেকি? তুমি শিক্ষক। ছাত্ৰ-ছাত্ৰীক নৈতিক শিক্ষা দিয়া। কিন্তু নিজৰ জীৱনত সেই শিক্ষা প্ৰয়োগ কৰিছানে?
বিজয়: (মূৰ নত কৰি) দেউতা…
হৰেন: ৰঞ্জিত, তুমি আগতে ঔষধৰ টকা দিছিলা। পাছত কিয় বন্ধ কৰিলা?
ৰঞ্জিত: মোৰ খৰচ বাঢ়িছিল, দেউতা।
হৰেন: খৰচ সকলোৰে বাঢ়ে। কিন্তু পিতৃ-মাতৃৰ দায়িত্ব পিছলৈ ঠেলি থ’লে সেই দায়িত্ব কোনে পালন কৰিব? আৰু দীপক, দোকানত বিক্ৰী কম হ’ব পাৰে। কিন্তু তোমাৰ মাকৰ অসুখৰ সময়ত তুমি পৃথক সংসাৰৰ কথা ক’লা। তোমাক দোকান চলাবলৈ শিকোৱা হাত দুখন আজি ঔষধৰ বাবে কাকূতি কৰিবলগীয়া হ’ল।
(তিনিওজন পুত্ৰ নীৰৱ হৈ থাকে।)
মালতী: (চকুলো টুকি) তোমালোকৰ ওপৰত আমাৰ কোনো খং নাই। আমি কেৱল বিচাৰিছিলোঁ, তোমালোকে মাজে মাজে আমাৰ খবৰ ল’বা। আমি বৃদ্ধ হৈছোঁ। আগৰ দৰে কাম কৰিব নোৱাৰোঁ। আমাৰ কিবা প্ৰয়োজন হ’লে তোমালোকে কাষত থাকিবা—ইমানখিনিয়েই আশা কৰিছিলোঁ।
ৰীণা: ককাইদেউহঁত, দেউতাই সম্পত্তি দিয়ক বা নিদিয়ক, সেইটো পাছৰ কথা। প্ৰথমে ভাবা, মা-দেউতাৰ প্ৰতি আমাৰ কৰ্তব্য কি?
মীনা: আমি সকলোৱে একেটা ঘৰত ডাঙৰ হৈছোঁ। মা-দেউতাই কেতিয়াও ল’ৰা-ছোৱালীৰ মাজত পাৰ্থক্য কৰা নাছিল। তেন্তে আজি আমি কিয় পাৰ্থক্য কৰিম? এটা সময়ত আপোনালোকো বৃদ্ধ হ’ব। আপোনালোকৰ সন্তানেও যদি আপোনালোকৰ লগত এনেকোৱা আচৰণ শিকে। তেতিয়া কি হ’ব!
(তিনিওজন পুত্ৰৰ মুখত অনুশোচনাৰ ভাব দেখা যায়।)
বিজয়: (কান্দি কান্দি) দেউতা, মোক ক্ষমা কৰিব। মই শিক্ষিত হ’লোঁ, কিন্তু শিক্ষাৰ প্ৰকৃত অৰ্থ বুজি নাপালোঁ। চাকৰি, টকা-পইচা আৰু নিজৰ সংসাৰৰ মাজত আপোনালোকক পাহৰি গৈছিলোঁ।
ৰঞ্জিত: দেউতা, মই আগতে সহায় কৰিছিলোঁ, কিন্তু শেষত সংসাৰৰ খৰচৰ কথা ভাবি মা-দেউতাৰ দায়িত্বৰ পৰা ফালৰি কাটিব খুজিছিলোঁ। মই ভুল কৰিলোঁ, দেউতা।
দীপক: মা, দেউতা, মই দোকানৰ লোকচানৰ কথা ভাবি আপোনালোকৰ প্ৰয়োজনৰ কথা পাহৰি গৈছিলোঁ। মোক ক্ষমা কৰিব, মা।
(তিনিওজন পুতেক মাক-দেউতাকৰ সন্মুখত আঁঠুকাঢ়ি বহে।)
মালতী: (তিনিওজনৰ মূৰত হাত থৈ) তোমালোক মোৰ সন্তান। মাকৰ বুকুত সন্তানৰ বাবে খং থাকিব পাৰে, কিন্তু সন্তানৰ দুখত মাকৰ বুকু সদায় কান্দে। তোমালোকে ভুল বুজি পোৱাটোৱেই মোৰ বাবে ডাঙৰ কথা।
হৰেন: মই তোমালোকক ক্ষমা কৰিছোঁ। কিন্তু এটা কথা মনত ৰাখিবা—মুখেৰে ক্ষমা বিচৰাটো সহজ, কৰ্মেৰে সেই ভুল শুধৰোৱাটোহে কঠিন।
মীনা: দেউতা, আজিৰ পৰা মাৰ চিকিৎসাৰ খৰচ আমি তিনিওজনে মিলি বহন কৰিম।
ৰঞ্জিত: আৰু মাক চিকিৎসকৰ ওচৰলৈ নিয়াৰ দায়িত্বও আমি ভাগ কৰি ল’ম।
দীপক: মই দোকানৰ পৰা যিমান পাৰোঁ নিয়মীয়াকৈ টকা দি থাকিম। নিজৰ সন্তানৰ দৰে মই আপোনালোকৰ যত্ন ল’ম।
হৰেন: (কিছু সময় চিন্তা কৰি) মই সম্পত্তিৰ বিষয়ে যি সিদ্ধান্ত লৈছোঁ, সেইটো খৰখেদাকৈ সলনি নকৰোঁ। তোমালোকে প্ৰথমে নিজৰ কৰ্মেৰে প্ৰমাণ কৰা যে তোমালোক সঁচাকৈয়ে মা-দেউতাৰ প্ৰতি দায়িত্বশীল সন্তান।
(তিনিওজনপুত্ৰইমাক-দেউতাকৰভৰিচুইসেৱাকৰে।)
মালতী: তোমালোক উঠা। মোৰ আশীৰ্বাদ সদায় তোমালোকৰ লগত থাকিব।
(সকলোৱে একেলগে থিয় হয়।)
সামৰণি
(সকলো চৰিত্ৰ মঞ্চত একেলগে থিয় হয়।হৰেন দৰ্শকৰ ফালে মুখ কৰি কথা কয়।)
হৰেন: মই এজন সাধাৰণ কৃষক। মোৰ হাতত ধন-সম্পত্তি বেছি নাছিল। আছিল কেৱল কেইডৰা মাটি আৰু সন্তানক মানুহ কৰাৰ সপোন। সেই সপোন পূৰণ কৰিবলৈ মই জীৱনজোৰা পৰিশ্ৰম কৰিলোঁ। কিন্তু বৃদ্ধ বয়সত এটা শিক্ষা পালোঁ—সন্তানক ডাঙৰ কৰাটো পিতৃ-মাতৃৰ কৰ্তব্য, আৰু সেইদৰে পিতৃ-মাতৃৰ যত্ন লোৱাটোও সন্তানৰ নৈতিক দায়িত্ব।
ৰীণা: পিতৃ-মাতৃৰ মৰমৰ মূল্য টকা-পইচাৰে জুখিব নোৱাৰি।
মীনা: ছোৱালী আনৰ ঘৰলৈ বিয়া হৈ যায়, কিন্তু পিতৃ-মাতৃৰ প্ৰতি সিহঁতৰ মৰম আৰু দায়িত্ব কেতিয়াও শেষ নহয়।
অমল: শিক্ষা কেৱল ডিগ্ৰী লাভ কৰাত সীমাবদ্ধ থকা উচিত নহয়। প্ৰকৃত শিক্ষা হ’ল মানুহৰ প্ৰতি দায়িত্ব পালন কৰা।
ৰঞ্জিত: নিজৰ সুবিধাৰ বাবে পিতৃ-মাতৃৰ দুখক উপেক্ষা কৰাটো শিক্ষাৰ পৰাজয়।
দীপক: পিতৃ-মাতৃৰ সেৱা দয়া নহয়, ই সন্তানৰ কৰ্তব্য।
অমল: সম্পত্তিয়ে মানুহৰ জীৱন সহজ কৰিব পাৰে, কিন্তু মৰম কিনিব নোৱাৰে।
হৰেন: (শেষ সংলাপ) মাটি-বাৰী এদিন আনৰ হাতলৈ যাব, ধন-সম্পত্তি এদিন শেষ হ’ব; কিন্তু পিতৃ-মাতৃৰ চকুপানী আৰু সন্তানৰ কৰ্মৰ স্মৃতি ইতিহাসত ৰৈ থাকিব। মনত ৰাখিবা—প্ৰকৃত উত্তৰাধিকাৰী সেইজন নহয়, যিয়ে সম্পত্তিৰ ভাগ পায়; সম্পত্তিৰ প্ৰকৃত উত্তৰাধিকাৰী সেইজন, যিয়ে পিতৃ-মাতৃৰ দুখৰ সময়ত হাতখন আগবঢ়ায়।পিতৃ-মাতৃৰ সেৱা দয়া নহয়, সন্তানৰ কৰ্তব্য।
