
চৰিত্ৰ পৰিচয়
হৰিপ্ৰসাদ খাটনিয়াৰ- মহাজন (বয়স- ৬০-৬৫)
ৰামধন- ঐ লগুৱা (বয়স-৪০-৪৫)
গোবিন্দ- দুখীয়া কাটমিস্ত্রী (বয়স- ৪০-৪২)
হৰেণ- ঐ ল’ৰা (বয়স- ২০-২১)
নবীন- নিৱনুৱা যুৱক (বয়স- ২৮-২৯)
অ’চি আৰু চিপাহী-
হেঙাৰ(একাংকিকা)
মঞ্চত এখন ৰেক(Rack)ত সাৰ আৰু কীট নাশক দ্ৰব্য সজোৱা থাকিব। ৰেকৰ সন্মুখত এখন মেজ আৰু মেজৰ ওপৰত কেচ বাকচ থাকিব। তুলাচনী এখন ওলমোৱা অৱস্থাত থাকিব ৷ দোকান এখনৰ কাৰণে প্ৰয়োজনীয় অন্যান্য বিভিন্ন প্রয়োজনীয় সামগ্রী থাকিলে ভাল ।
(ৰামধন, ঐ ৰামধন বুলি মাতি মাতি হৰিপ্ৰসাদ খাটনিয়াৰৰ প্ৰবেশ)
হৰি- ৰামধন……..ঐ ৰামধন……ৰামধন…..ঐ ৰামধন। কোনো নাই দেখোন! দোকান এইদৰে উদং পেলাই থৈ ক’তনো মৰিবলৈ গৈছে অলগৰ্ধটো। ৰামধন…. ঐ ৰামধন….
মঞ্চৰ বাহিৰৰ পৰা ৰামধন– গৈছোঁ দেউতা ।
হৰি- আহ আহ, বেগতে আহ৷
ৰামধনৰ প্ৰবেশ
ৰামধন- দেউতা……
হৰি- দোকান এইদৰে উদং পেলাই থৈ কলৈনো মৰিবলৈ গৈছিলি ?
ৰামধন- লেবেল লগাই আছিলো, দেউতা।
হৰি- লেবেল! কিহৰ লেবেল।
ৰামধন- এক্সপেয়েৰি ডেট পাৰ হোৱা কীট নাশক আৰু অধিক ফলন দিয়া ভিটামিন দৰৱত লেবেল লগাই আছিলোঁ।
হৰি- হয় নেকি? অ’ ভালেই কৰিছ। পিছে, লগোৱা হ’ল নেকি?
ৰামধন- হৈছে দেউতা। এচ, চি কোঠাৰ অলপ মালৰহে বাকী আছে। আজি লগোৱা হৈ যাব। পিছে লেবেল অলপ কম পৰে নেকি, দেউতা?
হৰি- লেবেল প্ৰেছত ছপা হৈ আছে। আনি লগাই ল’বি। পিছে ৰামধন, মই এষাৰ কথা ভাবিছোঁহে।
ৰামধন- কি কথা, দেউতা?
হৰি- তইতো আমাৰ নিজেৰে মানুহ, নে কি কোৱা ?
ৰামধন- হেঃ হেঃ হেঃ, দেউতাক জানো কেতিয়াবা পৰ বুলি ভাবিছোঁ।
হৰি- নাই ভবা, সেয়া মই জানো। সেই কাৰণেই কৈছোঁ । বাৰু ৰামধন, ইউৰিয়াত বৰ্তমান কেই কিলোকৈ নিমখ মিহলাই আছা ?
ৰামধন- পাঁচ কিলোকৈ দেউতা। ডি, এ, পিত পাঁচ কিলোকৈ পোৰা মাটি আৰু ছুপাৰত চূণ আৰু মাটি সম পৰিমানে পাঁচ কিলোকৈ মিহলাই আছোঁ।
হৰি- এতিয়াৰ পৰা দুই কিলোকৈ বঢ়াই দিবি।
ৰামধন-পাঁচ কিলোতে বহু কমপ্লেন আহে, দেউতা । আমাৰ পৰা সাৰ ল’লে বোলে খেতি ভাল নহয়…… দৰৱেও বোলে কীট নমৰে৷
হৰি- লোকৰ চিন্তা এৰি নিজৰ চিন্তা কৰা। কাৰ খেতি ভাল হ’ল, কাৰ বেয়া হ’ল….সেয়া আমাৰ চিন্তাৰ বিষয় নহয়, নহয়। আমাৰ চিন্তা কৰিব লাগিব, কিমান বস্তাত কিমান লাভ হ’ল। মই যি ক’লো, আজিৰ পৰা সেইমতে কাম কৰিবি। অতিৰিক্ত যি দুই কিলো বেছিকৈ মিহলোৱা হ’ব, এতিয়াৰে পৰা তাৰে পঞ্চাছ গ্ৰামৰ লাভাংশ তোক দিয়া হ’ব।
ৰামধন- হ’ব দেউতা৷ আপোনাৰ পৰামৰ্শ মতেই কাম কৰা হ’ব। পিছে, দেউতা খবৰ এটা পালো নহয়…..
হৰি- কি খবৰ পালি ?
ৰামধন- আমাৰ ৰেশ্বনৰ দোকানৰ বিৰুদ্ধে বোলে টিপচহী তুলি আছে।
হৰি- টিপচহী তুলিছে! কোনে তুলিছে?
ৰামধন- গোবিন্দ খুৰাৰ ল’ৰা হৰেণে। সি হেনো নবীনৰ লগত লাগি কামটো কৰি আছে।
হৰেণে নবীনৰ লগত লগ লাগিছে! নবীনতো এজন অসামাজিক উদণ্ড ল’ৰা। সদায় আনৰ দোষ খুচৰি ফুৰে। হৰেণতো এজন জনা-বুজা ল’ৰা ! ডাক্তৰী পঢ়ি আছে। নবীন অলগৰ্ধটোৰ লগত সি লগ লাগিল কেনেকৈ?
ৰামধন- নাজানো দেউতা। হৰেণ হেনো পূজাৰ ছুটীত ঘৰলৈ আহিছে। ঘৰলৈ আহিয়ে সি এই কাম আৰম্ভ কৰিছে। নবীনৰ ফুচুলনিতে হ’ব কিজানি!
হৰি- চিন্তা নকৰিবি । সিহঁতৰ কথা কোনেও নুশুনে ৷
ৰামধন- নবীন হলে অবশ্যে চিন্তা নাছিল। কিন্তু দেউতা, হৰেণৰ কথা আটায়ে শুনিব। ডাক্তৰীত ছিট পোৱাৰ পাছৰ পৰা আটায়ে তাক দেবতা হেন জ্ঞান কৰা হৈছে। এই মাহৰ কেৰাচিন নিদিয়াৰ কাৰণে হেনো আটায়ে তাক কথাটো লগাইছে আৰু সি নবীনৰ হতুৱাই টিপচহী তুলি আছে।
হৰি- মোৰ বিৰুদ্ধে পিটিচন দি সিহঁতে মোৰ নোম এডালো লৰাব নোৱাৰে। কাৰণ মই ছাপ্লাইৰ পাওনা ঠিকমতেই দি আছো নহয় ।….. পিছে ৰামধন, হৰেণৰ নামটো শুনি মোৰ মনত এষাৰ কথা খেলাইছেহে…
ৰামধন- কি কথা, দেউতা?
হৰি- বিয়াৰ কথা৷ আগৰ চাৰিজনী ছোৱালী বিয়া দি উলিয়াই দিছো ঠিকেই, কিন্তু মোৰ মনৰ জোখৰ দৰা এজনো হোৱা নাই। এজনী দিছো ড্ৰাইভাৰৰ লগত, দুজনী দিছোঁ দোকানীৰ লগত আৰু এটা দিছো মদপীৰ লগত….
ৰামধন– হেঃ হেঃ হেঃ! সেই কাৰণেইতো ইমান কম খৰচত উলিয়াই দিব পাৰিছে। আজি-কালি ভাল দৰা ধৰিবলৈ গ’লে দেখোন এগাল ধনৰ দৰ্কাৰ হয় ৷
হৰি- এৰা, তুমি ঠিকেই ধৰিব পাৰিছা। টকাৰ কথা চিন্তা কৰিয়ে যধে-মধে উলিয়াই দি পিতৃঋণ শোধ কৰিছোঁ। পিছে ৰামধন, সৰুজনী ছোৱালীক নহ’লে হৰেণলৈকে দিওঁ, নে কি কোৱা?
ৰামধন- সেয়া আকৌ ক’ব লাগিছেনে, দেউতা। দিব পাৰিলেতো খুবেই ভাল হ’ব। ডাক্তৰ জোঁৱাই হ’লে সন্মানো বাঢ়িব। আপোনাৰ বিৰুদ্ধে টিপচহী তোলা মানুহো নোহোৱা হ’ব। পিছে, হৰেণে জানো মত দিব? তাক দেখোন এতিয়া এমেলে মিনিস্টাৰে ছোৱালী যাচিব।
হৰি- তই যাচোন, যা । আগতে গোবিন্দক মাতি লৈ আহগৈ ৷ মই মাতিছোঁ বুলি ক’বি। গোবিন্দই মোৰ কথা পেলাব নোৱাৰে। তাৰ জীউটোতো মোৰ হাততে আছে।
ৰামধন- এতিয়াই যাম নেকি, দেউতা?
হৰি- অ’ এতিয়াই যা। একেবাৰে লগত লৈ আহিবি।
ৰামধন- ভাল দেউতা। মই যাওঁ তেনেহ’লে। গ্রাহক আহিলে বিজুক মাতি জোখ-মাখ কৰাব।
(প্রস্থান)
হৰি- অ’ কৰাম, যা। হৰেণৰ নিচিনা এজন জোঁৱাই পালে বেয়া নহ’ব। তাক হাতত ৰখাটোও প্ৰয়োজন। ডাক্তৰীত ছিট পাইয়ে সি যিখন আৰম্ভ কৰিছে, ডাক্তৰ হলে বা আকৌ কি কৰে! তাতকৈ জোঁৱাই কৰি লোৱাই বুদ্ধিমানৰ কাম হ’ব। সন্ধিৰ বাঁহ বুদ্ধিৰে কাটিব লাগিব ।
গোবিন্দৰ প্ৰৱেশ
গোবিন্দ- মোক মাতিছিল, মহাজন দেউতা?
হৰি- এৰা, মাতিছো। বহাচোন বহা। বহি কথা পাতোঁ ।
গোবিন্দ- হ’ব মহাজন, দেউতা। (টুল এখনত বহি) কওঁক, কি ক’ব খুজিছে?
হৰি- মই কথা এষাৰ ভাবিছোঁহে, গোবিন্দ। এফালে তোমাৰ অভাবৰ সংসাৰ; সিফালে হৰেণে ডাক্তৰীত ছিট পালে। তাৰোতো খৰচ আছে। কাঠমিস্ত্রী কাম কৰি সংসাৰ সংসাৰখন চলাই হৰেণৰ খৰচ চলোৱাটো তোমাৰ কাৰণে খুবেই টান হ’ব। ইফালে তুমিও আমাৰ নিজৰে মানুহ…… তোমাৰ কষ্ট দেখিলে মোৰো বেয়া লাগে দিয়াচোন। তোমাক পৰ বুলি ভাবি জানো কেতিয়াবা সহায় নকৰাকৈ আছোঁ ?
গোবিন্দ- সেয়া আকৌ ক’ব লাগিছেনে……..টানে-আপদে আপুনিয়ে তো আমাৰ সহায় সাৰথি।
হৰি- তোমালোকক টকা ধাৰে দি দুই চাৰি টকা লাভ অবশ্যে লওঁ। সেয়া ব্যৱসায়ৰ খাতিৰতে ল’ব লগা হয় দিয়াচোন ৷ আমাৰতো সংসাৰ আছে। তোমাৰ ভেটি-মাটিও তো মোৰ ওচৰত বন্ধকত আছে…..দলিলটো তোমাক ঘূৰাই দিয়াৰ কথা ভাবিছোঁ ।
গোবিন্দ- তেনেহ’লে তো মই বাচিয়ে যাওঁ, মহাজন। খুব কষ্ট কৰি সুদৰ টকা যোগাৰ কৰি আছোঁ। হৰেণে ডাক্তৰীত ছিট পোৱাৰ পাছৰ পৰা ক’বলৈ গলে সংসাৰ একেবাৰে নচলাই হৈছে। ভোকে-লঘোণে কোনোমতে চলি আছোঁ ৷
হৰি- সেই কাৰণেই তোমাক এই কষ্টৰ পৰা সকাহ দিব খুজিছোঁ।
গোবিন্দ- আপোনাৰ উদাৰতাৰ তুলনা নহয় ৷ মই চিৰদিন আপোনাৰ নিকিনা গোলাম হৈ থাকিম।
হৰি- এয়া উদাৰতাৰ কথা নহয়….আত্মীয়তাৰহে কথা ৷
গোবিন্দ- আত্মীয়তা মানে ?
হৰি- মোৰ সৰুজনী ছোৱালী শেৱালিক হৰেণলৈ দিব খুজিছোঁ। এই বিষয়ে তোমাৰ বা আকৌ কি মত ?
গোবিন্দ- শেৱালিক হৰেণ লৈ দিব খুজিছে নেকি?
হৰি- এৰা, তাইৰ ৰংটোহে অলপ ক’লা। কাম-কাজত তেনেই লখিমী। তাইক নিলে তোমাৰ সংসাৰখন জয়জয়-ময়ময় হৈ উঠিব।
গোবিন্দ- মই ভাবিছোঁ, এই বিষয়ে হৰেণে বা আকৌ কি কয়? আজি-কালিৰ ল’ৰা। তদুপৰি চহৰত আছেহি। তাৰতো মতামতৰ কথা আছে!
হৰি- অ’ আছে— নিশ্চয় আছে। তুমি বুজাই ক’লেই সি মত হ’ব।
গোবিন্দ- বাৰু, মই আগতে তাক কথাটো বুজাই কওঁ। সি মত দিলে আমাৰ ফালৰ পৰা কোনো আপত্তি নাই।
হৰি- বাৰু, শুনি বৰ সন্তোষ পালোঁ। তুমি বহা, মই কথাটো শেৱালিৰ মাকক জনাই আহোঁগৈ। হেৰা..হেৰা, শুনিছানে শেৱালিৰ মাক…. হেৰা……..
(মাতি মাতি প্ৰস্থান)
গোবিন্দ– প্ৰস্তাৱটো অবশ্যে বেয়া নহয়, কিন্তু হৰেণে জানো মত দিব !
ৰামধনৰ প্ৰৱেশ
ৰামধন- দেউতাৰ লগত কথা পাতিলা নেকি?
গোবিন্দ- অ’ পাতিলো…
ৰামধন- এতিয়া কি কৰিবা বুলি ভাবিছা ?
গোবিন্দ- হৰেণৰ লগত আলোচনা কৰি জনাম বুলি ক’লোঁ ।
ৰামধন- মোৰ মতে সম্পৰ্কটো পাতিলে বেয়া নহ’ব। মুঠ কথা ক’বলৈ গ’লে ভালেই হ’ব। অৱশ্যে ছোৱালীজনী ক’লি। একো নহয় দিয়াচোন। কলীয়া কৃষ্ণক দেখিয়েতো গোপীনিসকল ভোল গৈছিল !
গোবিন্দ- কিন্তু মহাজনৰ প্ৰতি হৰেণৰ মুঠেই ভাল ধাৰণা নাই। মহাজনে এদিন তাক লিখা-পঢ়া এৰি চাকৰ থাকিবলৈ কৈছিল। তেতিয়াৰ পৰাই সি মহাজনৰ প্ৰতি বিৰূপ হৈ আছে।
ৰামধন- যোৱা কথা গ’ল, সিতো আৰু চাকৰ থকা নাই? মহাজনে ঠিকেইতো কৈছিল ! আজি-কালি লিখা- পঢ়া শিকি কেইজন ল’ৰাইনো মাক-দেউতাকক সুখ দিব পাৰিছে? বি, এ-এম, এ পাছ কৰি মাক-বাপেকৰ মূৰৰ বোজাহে হৈছে।
গোবিন্দ- হৰেণৰতো মতামতৰ প্ৰয়োজন আছে।
ৰামধন- তুমি চৰুক সুধি চাউল বহাবা নেকি?
গোবিন্দ- আজি-কালি কেইজন ল’ৰাইনো মাক-দেউতাকৰ পছন্দ মতে বিয়া কৰায়? আটায়ে দেখোন নিজৰ কইনা নিজেই চায়। বাৰু, মই এতিয়া যাওঁ। হৰেণৰ লগত আলোচনা কৰি আবেলি মানতে আমাৰ মতামতৰ কথা জনাই যামহি।
(প্রস্থান)
ৰামধন- মহাজনৰ মন গৈছে যেতিয়া সম্পৰ্ক নপতাকৈ ক’ত সাৰিবা! মহাজন নহয়… কেন্সাৰহে। যাক ধৰিব তাক একেবাৰে পাম্পচাৰ কৰিহে এৰিব !
হৰেণ আৰু নবীনৰ প্ৰৱেশ
হৰেণ- মহাজন আছে নেকি, ৰামধন কাই?
ৰামধন- কোন? অ’ হৰেণ? আৰে, নবীনো দেখোন? মহাজন দেউতা আছে । আহা, বহা ৷ মই মহাজনক মাতি দিছোঁ। দেউতা…..অ’ দেউতা……(মাতি মাতি ৰামধনৰ প্ৰস্থান )
নবীন- এই ৰামধনকো এসেকা দিব লাগিব। ই ম’হতকৈ শিং চৰা বিধৰ হৈ উঠিছে।
হৰিপ্ৰসাদৰ প্ৰৱেশ
হৰি- অ’ তোমালোক! পিছে হৰেণ বোপা, কি সকামতনো আহিলা? বহাচোন, বহা। থিয় দিয়ে আছা দেখোন।
নবীন- নাই নাই, আমি বহিবলৈ অহা নাই ।
হৰি- তোমাক কোনে বহিবলৈ কৈছেহে? মই হৰেণ বোপাকহে বহিবলৈ কৈছোঁ।
হৰেণ- ময়ো আজি বহিবলৈ অহা নাই। আপোনাৰ লগত ভূমিকা কৰি লাভ নাই। পোনপটীয়াভাবে সুধিছোঁ, আপুনি বোলে সাৰত ভেজাল দিয়ে?
হৰি- সাৰত ভেজাল? তুমি কি কোৱাহে? কোনে ক’লে তোমাক এইবোৰ কথা ?
হৰেণ- গাঁৱখনৰ আটায়ে কৈছে। মাথোন সাৰতে ভেজাল নহয়, আপুনি এক্সপেয়েৰি ডেট পাৰ হোৱা ঔষধত নতুনকৈ লেবেল লগাইও হেনো বিক্ৰী কৰে?
নবীন- ৰেশ্বনৰ মালো ঠিক মতে নিদিয়ে। এই মাহৰ এক লিটাৰ কেৰাচিনো দিয়া নাই।
হৰি- এইবোৰ সকলো মিছা কথা। সাৰ, কীট নাশক দৰৱত ভেজাল দি মই কৃষকৰ সৰ্বনাশ কৰিছোঁ, এইবোৰ কথা তোমালোকক কোনে ক’লে? হে হৰি…..কৃষ্ণ কৃষ্ণ…….এইবোৰ কথা শুনাৰ আগতে মই মৰি নগ’লো কিয়? তোমালোকে চাব খুজিলে মই ৰেশ্বনৰ দোকানৰ বিতৰণৰ বহী দেখুৱাব পাৰিম ৷
হৰেণ– বহী চাই কি কৰিম? জাল চহীৰে বহী ঠিক কৰি ৰাখিছে বুলি আমি জানো। সেই জাল চহী ধৰিবলৈয়ে আমি ব্যৱস্থা গ্ৰহণ কৰিম ৷
হৰি- চোৱা হৰেণ বোপা, তোমাৰ লগত মই আত্মীয়তা কৰাৰ কথা ভাবিছোঁ ।
নবীন– আত্মীয়তা ! কিহৰ আত্মীয়তা কৰাৰ কথা কৈছে আপুনি?
হৰি- সেইবোৰ তোমাক কিয় লাগেহে? হৰেণ বোপা, তুমি এজন শিক্ষিত ল’ৰা। তুমি আমাৰ সমাজৰ গৌৰৱ৷ তুমি এই অর্ধ শিক্ষিত, কলহ প্রিয় নবীনৰ লগত কিয় লগ লাগিছা?
হৰেণ- আমাৰ গাঁৱৰ এজন মানুহৰ ক্ষতি মানে গোটেই গাঁৱখনৰে ক্ষতি। গতিকে আমি সংঘবদ্ধ হৈ অন্যায়ৰ বিৰুদ্ধে প্রতিবাদ কৰিব খুজিছোঁ।
গোবিন্দৰ প্ৰৱেশ
গোবিন্দ- হৰেণ, তই ইয়ালৈ কিয় আহিছ? মহাজনৰ লগত আমাৰ কোনো ধৰণৰ শত্ৰুতা নাই, নহয় ৷
নবীন- শত্ৰুতা নাই! আপোনাৰ মুখত এই কথা শোভা নাপায়, গোবিন্দ খুড়া। আপুনিয়ে দেখোন কৈ থাকে, এই মহাজনে আপোনাৰ দেউতাকক হত্যা কৰি সকলো মাটি-সম্পত্তি কাঢ়ি নিছে।
হৰি- কি ক’লা? মই গোবিন্দৰ দেউতাকক হত্যা কৰি সম্পত্তি কাঢ়ি নিছোঁ? কোনে ক’লে তোমাক এইবোৰ কথা?
নবীন- কথাটো গাঁৱখনৰ আটায়ে জানে; কিন্তু আপোনাৰ প্ৰতিপত্তিলৈ ভয় কৰি কোনেও ক’বলৈ সাহ কৰা নাই। কিন্তু এতিয়া মানুহৰ চকু মুকলি হৈছে—আপোনাৰ অন্যায় কৰ্মৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ মানুহ সংঘবদ্ধ হৈছে। ব’ল, হৰেণ আমি এতিয়াই থানালৈ গৈ পুলিচ মাতি আনোঁগৈ৷
গোবিন্দ- নাই নাই, হৰেণ তই যাব নালাগে। কোন কাহানিবা কি কৰিছিল সেইবোৰ এতিয়া আমি পাহৰি গৈছোঁ।
হৰেণ- তোমালোকৰ এই দুৰ্বলতাৰ কাৰণেই মহাজনৰ দৰে মানুহবোৰে শাসন-শোষণ চলাবলৈ সুবিধা পাইছে।
গোবিন্দ- মহাজনৰ ছোৱালীক তোলৈ বিয়া দিব খুজিছে।
হৰেণ- অসম্ভৱ। এই তেজৰ লগত আমাৰ তেজৰ সংমিশ্ৰণ কৰি স্বৰ্গগত আতাৰ পবিত্র আত্মাক মই কুলষিত কৰিব নুখুজো। তুমি মোক ক্ষমা কৰিবা, দেউতা। নবীন, ব’ল….
হৰি- নাই নাই, তোমালোক যাব নোৱাৰা। মই তোমালোকক ডকাইতি কেচত পুলিচত দিম।
নবীন- সাহস আছে যদি মোৰ সন্মুখত থিয় হৈ বাধা দিয়ক ।
হৰি– কি কৰিবা তুমি সন্মুখত গৈ থিয় দি বাধা দিলে? এয়া মই তোমাৰ সন্মুখত থিয় দিছো. চাওঁ তুমি কি কৰা? (নবীনৰ সন্মুখত হাত প্ৰসাৰিত কৰি থিয় দিয়ে)
নবীন- বাট এৰি দিয়ক। নহ’লে আপোনাৰ সন্মান মই ৰক্ষা কৰিব নোৱাৰিম ।
হৰি- নিদিওঁ । এতিয়াই ৰামধনক পঠাই পুলিচ মাতি আনিম ৷
নবীন- আপুনি পুলিচ মাতিব নালাগে। আমি নিজেই যাম পুলিচ মাতিবলৈ যাম।
হৰি- নাই নাই, তোমালোক যাব নোৱাৰা। মোৰ ঘৰত আহি মোক ৰঙা চকু দেখুৱাই যাবা, এয়া মই সহ্য কৰিব নোৱাৰোঁ।
নবীন- বাট এৰি দিয়ক…….
হৰি- নিদিওঁ….
নবীন- নিদিয়ে। চাওঁ, আপুনি আমাক কেনেকৈ বাধা দি ৰাখে ৷
হৰি- (নবীনৰ সন্মুখত দুই হাত প্ৰসাৰিত কৰি থিয় দিয়ে)চাওঁ, তুমি কেনেকৈ যোৱা। ৰামধন ……. ঐ ৰামধন। যা, থানালৈ গৈ পুলিচ মাতি আনগৈ……
নবীন- ৰামধনে পুলিচ আপুনি মাতি আনিব নালাগে। আমি এতিয়াই থানালৈ গৈ পুলিচ মাতি আনিম। হৰেণ ব’ল……. (নবীনে হৰিপ্ৰসাদক ঠেলা মৰি পেলাই দিয়ে)
হৰেণ- ব’ল…
(উভয়ৰ প্ৰস্থান)
হৰি- সিহঁতে কিন্তু কামটো ভাল নকৰিলে ৷ তুমিতো সকলো দেখিলা? মই এজন বয়োবৃদ্ধ মানুহ……
গোবিন্দ- দুখ পালে নেকি, মহাজন দেউতা? (হৰিপ্ৰসাদক টানি তোলে)
হৰি- মোৰ ঘৰলৈ আহি মোক এইদৰে অপমান? মই ইয়াৰ সমুচিত ব্যৱস্থা গ্ৰহণ কৰিম৷ আটাই কেইটাক মই জে’লৰ ভাত খুৱাম। গোবিন্দ, তুমিতো সকলো দেখিলা? তুমি সাক্ষী দিব লাগিব৷
গোবিন্দ- আপুনি চিন্তা নকৰিব। সিহঁতে কেচ দিয়াৰ আগতেই মই সিহঁতক ওভতাই আমি । হৰেণ….. হৰেণ বোপা…..থানলৈ নাযাবি…উভতি আহ….
(প্রস্থান)
হৰি- দুই চাৰিটা আখৰ শিকিয়ে বেটাহঁতে গুৰু-গোসাঁই নমনা হৈছে। ময়ো হৰিপ্ৰসাদ খাটনিয়াৰ। কাক কেনেকৈ শাসন কৰিব লাগে সেয়া মই ভালদৰে জানো । ৰামধন…… ঐ ৰামধন…..
দৌৰি ৰামধনৰ প্ৰৱেশ
ৰামধন- দেউতা…..
হৰি- এতিয়াহে আহিছ? ইমান সময় ক’ত মূৰ পোলোকা মাৰি আছিলি ?
ৰামধন- আপোনাক ঠেলা মাৰি পেলাই দিয়া দেখি ভয়ত সৌ চুকটোত লুকাই আছিলোঁ।
হৰি- লুকাই লুকাই মজা লৈ আছিলি হ’বলা? যা, এতিয়াই থানালৈ গৈ পুলিচ মাতি আনগৈ৷ ৰামধন- ঠিক আছে দেউতা… এতিয়াই মই থানালৈ গৈ পুলিচ মাতি আনিম ।
(প্রস্থানোদ্যত)
হৰি- ৰ’, খালী হাতে যাব নালাগে। নাৰী, শিশু আৰু ৰাজকৰ্মচাৰীৰ ওচৰত খালী হাতে যাব নাপায় ৷ (পকেটৰ পৰা টকা উলিয়াই)। যা, এই দুশ টকা লৈ যা। অ’চিক দিবি আৰু এতিয়াই আহিবলৈ ক’বি। টকাখিনি তেল খৰচৰ কাৰণে দিছোঁ বুলি ক’বি
ৰামধন- ভাল দেউতা……
হৰি-যা, বেগতে যা। (ৰামধন যাব খুজে) শুন্, চাইকেল লৈ যা। সেই বদমাচ দুটাও থানাৰ ফালে গৈছে। সিহঁত গৈ পোৱাৰ আগতেই তই গৈ থানা পাব লাগিব ৷
ৰামধন- আপুনি নিশ্চিন্তে থাকক দেউতা। সিহঁত গৈ পোৱাৰ আগতেই মই থানা পামহি। বেটাহঁতে বাঘৰ নেগুৰেৰে কাণ খজুৱাবলৈ আহিছে। এতিয়া পাবি নহয় মজাপালি !
(প্রস্থান)
হৰি- চাওঁ, বেটাহঁতে এতিয়া কেনেকৈ সাৰে? আটাই কেইটাক মই জে’লত ভৰাম————হাজোতৰ ভাত খুৱাম। সঁচা কথাত কেচটো ঢিলা হ’ব। দুদিন পাছতে জামিনত ওলাই আহিব। ডকাইতি কেচ দিলে তিনি মাহৰ আগত ওলাব নোৱাৰে। দুটা আখৰ শিকি বেটাহঁতৰ তেজ গৰম হৈছে। তিনি মাহ জে’লৰ ভাত খাই আহিলে গৰম তেজ চেঁচা পৰি যাব। সিহঁতৰ ওপৰত ডকাইতি কেচে দিব লাগিব ৷ ডকাইতি কেচ……..ডকাইতি কেচ? অ’ বুদ্ধি পাইছোঁ। (কেচ বাকচৰ তলা ভাঙে)বচ, এতিয়া চকীখন ওলোটাই থওঁ (চকী ওলোটায়), এতিয়া মেজখন বগৰাই থওঁ, (মেজ বগৰায়), বচ, হৈ গ’ল বেটাহঁতক জে’ললৈ পঠোৱাৰ খচৰা। এতিয়া লুটি নিয়া মালৰ তালিকাখন কৰি লওঁ। (কাগজ-কলম লৈ লিখিব ধৰে), নগদ টকা পঞ্চাছ হাজাৰ, সোণ সাত তোলা, ৰূপ আশী তোলা……..
অ’ চি,ৰ লগত হৰেণ আৰু নবীনৰ প্ৰৱেশ
নবীন- এয়া ছাৰ, মহাজন আছেই।
অ’চি- আপুনিয়ে হৰি প্ৰসাদ খাটনিয়াৰ নেকি ?
হৰি- হয় ছাৰ, ইহঁতে মোৰ সৰ্বনাশ কৰিছে, ছাৰ।
অ’চি- সৰ্বনাশ কৰিছে? কি সর্বনাশ কৰিছে ?
হৰি- অলপ আগতে ইহঁতে মোৰ ঘৰত ডকাইতি সংঘটিত কৰিছে, ছাৰ। এই নবীনে মোৰ বুকুত পিস্তল ধৰি আছিল আৰু হৰেণে…
নবীন- মই আপোনাৰ বুকুত পিস্তল ধৰি আছিলোঁ ?
হৰি- মাথোন পিস্তলেই নহয়, ছাৰ। ই মোক গতা মাৰি মাটিত বগৰাই পেলাই দিছিল। উ হু হু…মোৰ হাতখন ভাঙি গৈছে, ছাৰ ।
নবীন- গতামাৰি পেলাই দিয়াটো সঁচা ছাৰ। সেইবুলি পিস্তল……..
হৰি- তোমালোকৰ ওচৰত নাছিল বুলি ক’ব খুজিছা নেকি? এয়া চাওঁক ছাৰ, কেচৰ তলা ভাঙিছে, বস্তু- বাহানি লণ্ডভণ্ড কৰিছে।
হৰেণ- আমি ইয়াৰ পৰা যোৱাৰ সময়ত সকলো ঠিকেই আছিল, ছাৰ ।
হৰি- মোৰ সাক্ষী আছে, ছাৰ ৷
অ’চি- কোন আপোনাৰ সাক্ষী? তাক মাতক ।
হৰি- ৰামধন মোৰ সাক্ষী, ছাৰ৷ আপোনাক মাতিবলৈ তাক থানালৈ পঠাইছোঁ, ছাৰ ।
কিল-ভুকু শোধাই শোধাই ৰামধনক লৈ চিপাহীৰ প্ৰৱেশ
চিপাহী- ক’ বেটা সঁচা কথা ক’। (মাৰে। ৰামধনে আৰ্তনাদ কৰে।) নহ’লে আজি তোৰ হাড়-মঙহ একাকাৰ কৰিম। যা বেটা, ছাৰক সঁচা কথা কৈ দে। (ঠেলা মাৰি দিয়ে। ৰামধন অ’চিৰ ভৰিত উবুৰি খাই পৰে)
ৰামধন- মোক নামাৰিব, ছাৰ। মোৰ গাত কোনো দোষ নাই।
অ’চি- তোমাৰ নাম কি?
ৰামধন- ৰামধন, ছাৰ ৷
অ’চি- দোষ নাই মানে? তেনেহ’লে পলাব খুজিছিলা কিয় ?
ৰামধন- (পুলিচলৈ আঙুলিয়াই) এওঁক দেখি, ছাৰ
অ’চি- অলপ আগতে ইয়াত ডকাইতি হোৱাটো সঁচা নেকি?
ৰামধন– (হৰিপ্ৰসাদৰ ফালে চাই) কি ক’ম দেউতা?
হৰি- কি ক’বি, মই কৈ দিম নেকি? সঁচা বুলি কৈ দে।
ৰামধন- ডকাইতি হোৱাটো সঁচা, ছাৰ ৷
অ’চি- (চৰ মাৰি) সঁচা কথা ক’। নহ’লে বিপদ হ’ব।
ৰামধন- সঁচাই কৈছোঁ, ছাৰ।
চিপাহী- সঁচাই কৈছ? বেটা মিছলীয়া।
মাৰিবলৈ উদ্যত হয়)
নবীন- ৰ’বচোন, ৰ’ব। আগতেই মাৰিব নালাগে। মই আগতে এওঁৰ লগত কথা পাতি লওঁ। ৰামধন কাই, তুমি মহাজনৰ লগত মৰিবলৈ যোৱা কিয়? সঁচা কথা কৈ দিয়া৷
ৰামধন- সঁচা কথা। মই সঁচা কথাইতো কৈছোঁ।
অ’চি- তুমি এইখন ঘৰত কিমান দিনৰ পৰা আছা?
ৰামধন- সৰুৰে পৰা, ছাৰ। মই তেতিয়া প্ৰাইমাৰীত পঢ়ি আছিলোঁ। আইৰ অসুখত দেউতাই এই মহাজনৰ পৰা টকা ধাৰ লৈ আইৰ চিকিৎসা কৰাইছিল। মহাজনৰ ধাৰ পৰিশোধ কৰিব নোৱাৰি দেউতাই তেতিয়া মোক মহাজনৰ ইয়াত চাকৰ থৈছিল– তেতিয়াৰ পৰাই আছোঁ, ছাৰ ৷
নবীন- সঁচা কথা ক’লে আজিয়ে মহাজনৰ কবলৰ পৰা মুক্ত হ’ব পাৰিবা ৷
ৰামধন- তেতিয়া মই কি কৰি খাম?
হৰেণ- হাত দুখন আছে যদি নিশ্চয় কিবা এটা কৰি খাব পাৰিবা। মহাজনেতো তোমাক এনেয়ে বহুৱাই খুওৱা নাই ?
অ’চি-সাৰ আৰু কীটনাশক দৰৱত ভেজাল দিয়াটো সঁচা নেকি ?
ৰামধন- সঁচা, ছাৰ। গোদামত এই মাহৰ কেৰাচিন তেলো মজুত আছে। এই মাহত এক লিটাৰ কেৰাচিনো বিতৰণ কৰা নাই। ব’লক, মই এতিয়াই দেখুৱাই দিমহি ।
অ’চি- চিপাহী, আপুনি নবীন আৰু ৰামধনক লৈ গোদামলৈ যাওঁক। চাওঁকগৈ ৰামধনে কোৱা কথা সঁচা নেকি?
চিপাহী-ঠিক আছে, ছাৰ। ব’লা…..
(ৰামধন, নবীনকলৈ চিপাহীৰ প্ৰস্থান)
হৰি- ইহঁতৰ পৰা আপুনি কি লাভ পাব, অফিচাৰ ?
অ’চি- সকলো কাম লাভ-লোকচানৰ হিচাবত নহয়, মহাজন। কোনো লাভ নহ’লেও এওঁলোকৰ পৰা ভালপোৱাখিনিতো পাম।
হৰি- ভালপোৱাৰে মন ভৰে, অফিচাৰ, পেট নভৰে৷ মোৰ লগত সহযোগ কৰিলে আপোনাৰ পেট ভৰিব আৰু যদি সহযোগ নকৰে আজিয়ে ইয়াৰ পৰা টোপোলা বান্ধি গুচি যাব লাগিব৷
অ’চি- চাকৰিতো থাকিব? মই ক’তো ছমাহৰ ওপৰত থাকিব নোৱাৰোঁ, ইয়াৰ পৰা নহ’লে এমাহতে যামহি। মোৰ চাকৰিতো নাযায় ?
হৰেণ- এওঁলোকেই ভাল অফিচাৰ সকলক অসৎ হ’বলৈ বাধ্য কৰে, ছাৰ।
(ৰামধন, নবীন আৰু চিপাহীৰ প্ৰৱেশ। নবীন আৰু ৰামধনৰ হাতত কেৰাচিনৰ টিন আৰু চিপাহীৰ হাতত কীট নাশক দৰৱৰ লেবেল)
নবীন- এয়া ছাৰ কেৰাচিনৰ টিন। এনেকুৱা আৰু বহু টিন গোদামত মজুত আছে, ছাৰ।
চিপাহী- এয়া ছাৰ, দৰৱৰ লেৱেলো পোৱা গৈছে।
অ’চি- মহাজন এতিয়াও ক’ব নেকি আপুনি অন্যায় কৰা নাই?
হৰি- এইবোৰ ষড়যন্ত্ৰ, ছাৰ।
অ’চি- থানালৈ গ’লে সকলো ওলাই পৰিব। চিপাহী, এওঁক গ্ৰেপ্তাৰ কৰক ৷
(চিপাহীয়ে হৰিপ্ৰসাদক গ্ৰেপ্তাৰ কৰে)।
হৰি- ইয়াৰ ফল আপুনি ভোগ কৰিব লাগিব, অফিচাৰ ৷
অ’চি- সেয়া পাছত দেখা যাব। ৰামধন, তুমি ৰাজসাক্ষী হোৱাত কিবা আপত্তি আছে নেকি? চিন্তা কৰি ক’বা। নহ’লে তোমাকো মহাজনৰ লগত গ্ৰেপ্তাৰ কৰি লৈ যাম ।
ৰামধন- মোক গ্ৰেপ্তাৰ নকৰিব, ছাৰ। মই ৰাজসাক্ষী হোৱাত কোনো আপত্তি নাই। মই মহাজনৰ সকলো কু-কীৰ্তিৰ কথা কৈ দিম। মহাজনৰ তিনিটা মদৰ ভাটিও আছে, ছাৰ।
অ’চি- সেই ভাটিবোৰতো এতিয়াই ‘ৰেইড’ কৰা হ’ব ৷
হৰি- ৰামধন, তই মোৰ নিমখ খাই মোৰ লগত বেইমানী কৰিলি?
ৰামধন- ইমান দিনে আপোনাৰ লগত থাকি জনসাধাৰণৰ লগত বেইমানী কৰিছিলো, আজি সঁচা কথা কৈ সেই বেইমানীৰ প্ৰায়শ্চিত্তহে কৰিলোঁ।
হৰি- জামিনৰ পৰা আহি মই ইয়াৰ সমুচিত শাস্তি দিম ।
নবীন- সেই সুযোগ আৰু নাপাব, মহাজন। আজি ৰামধন গ’ল…হাজোতৰ পৰা ওলাই আহি আপোনাৰ পক্ষত এজনো মানুহ নাপাব ৷
অ’চি- সকলো মানুহ একগোট হ’লে এই সমাজ বিৰোধী শক্তিবোৰে জনসাধাৰণৰ একো ক্ষতি কৰিব নোৱাৰে। এই সমাজ বিৰোধী শক্তিবোৰেই সমাজৰ উন্নতিৰ বাটত হেঙাৰ হৈ থিয় দি আছে।
হৰেণ- আহক ৰাইজ, আমি একগোট হৈ সমাজৰ এই হেঙাৰবোৰ আঁতৰাই পঠাওঁ ।
অ’চি- চিপাহী, এওঁক লৈ ব’লক।
ৰামধন- ৰ’ব ছাৰ, (কেৰাচিনৰ টিন এটা হাতত লৈ) এই টিনটো মহাজনৰ ডিঙিত আঁৰি দিলে বৰ শুৱাব, ছাৰ। (ৰামধনে হৰিপ্ৰসাদৰ ডিঙিত টিন আঁৰি দি চাপৰ মাৰি মাৰি সুৰ লগাই গাব) তাধিনাধিন… ঢোল বায়। ক’লৈ যায়? …মহাজন ৰঙাঘৰলৈ যায়৷
