মাদক সমাজৰ বাবে অভিশাপ(একাংকিকা)

 মাদক সমাজৰ বাবে অভিশাপ

এখন সামাজিক সচেতনতামূলক একাংকিকা |

আনুমানিক মঞ্চায়নৰ সময়: ২০ মিনিট

চৰিত্ৰসমূহ

১. ওছমান — সাফিউৰৰ দেউতাক; এগৰাকী টিউচন শিক্ষক আৰু খেতিয়ক।

২. আমিনা — সাফিউৰৰ মাক; এগৰাকী অংগনৱাড়ী কৰ্মী।

৩. সাফিউৰ — দশম শ্ৰেণীৰ ছাত্ৰ।

৪. প্ৰিন্সিপাল — বিদ্যালয়ৰ অধ্যক্ষ।

৫. ছফিকুল — ছাত্ৰাৱাসৰ ৱাৰ্ডেন।

৬. পুলিচ এছ. আই. — আৰক্ষী বিষয়া।

৭. কনিষ্টবল — আৰক্ষীৰ জোৱান।

প্ৰথম দৃশ্য

সময়: সন্ধিয়া। স্থান: ওছমানৰ ঘৰৰ চোতাল।

(মঞ্চত এটা চকী আৰু এখন সৰু টেবুল। আমিনা হাতত মোবাইল লৈ ব্যস্ত হৈ আছে। সাফিউৰে খঙেৰে মাকৰ হাতৰ পৰা মোবাইলটো কাঢ়ি নিবলৈ চেষ্টা কৰে।)

আমিনা: ৰ, ৰ! মোবাইলটো লৈ নাযাবি। অফিচৰ পৰা জৰুৰী মেছেজ আহিছে। সময়মতে উত্তৰ নিদিলে মোৰ চাকৰিটোলৈ টনাটনি লাগি যাব।

সাফিউৰ: তোমাৰ চাকৰিৰ কথা সদায় আগত! নিজৰ ল’ৰাটোৰ কথা এবাৰো নাভাবা। মোৰ এটা মোবাইল নাই। ক্লাছৰ সকলোৰে মোবাইল আছে, কেৱল মোৰহে নাই।

আমিনা: তোৰ পৰীক্ষা আহি আছে। এতিয়া মোবাইল কিনি দিলে পঢ়া-শুনা কৰিবি নে দিনটো মোবাইলতে লাগি থাকিবি?

সাফিউৰ: মই সেইবোৰ নাজানো। মোক মোবাইল লাগিবই।

আমিনা: তোৰ দেউতাৰাই কৈছে নহয়, মেট্ৰিক পাছ কৰিলে মোবাইল কিনি দিব বুলি।

সাফিউৰ: মেট্ৰিক পাছ কৰাৰ পাছত কিয়? মোক এতিয়াই লাগে। তোমাৰ পাঁচ হাজাৰ টকীয়া চাকৰিৰে যদি ল’ৰাৰ এটা মোবাইল কিনি দিব নোৱাৰা, তেনেহ’লে সেই চাকৰি কৰি লাভ কি?

আমিনা: (দুখ মনেৰে) এই পাঁচ হাজাৰ টকাৰ চাকৰিটোৰে ঘৰখনৰ কিমান প্ৰয়োজন পূৰণ কৰোঁ, সেইটো তই নুবুজিবি। তোৰ পঢ়া-শুনাৰ খৰচ, ঘৰৰ খৰচ—সকলো এই পাঁচ হাজাৰ টকীয়া চাকৰিৰ ওপৰতে নিৰ্ভৰ কৰি চলি আছে।

সাফিউৰ: মোক সেইবোৰ শুনাব নালাগে। মোবাইল নিদিলে মই পঢ়া-শুনা বাদ দিম। কেৰালালৈ গৈ হাজিৰা কৰিম।

আমিনা: কি কৈছ তই! ইমান কষ্ট কৰি তোক পঢ়ুৱাইছোঁ, আৰু তই পঢ়া-শুনা বাদ দি কেৰালালৈ যাবি?

সাফিউৰ: পঢ়া-শুনা কৰি কি হ’ব? দেউতা বি.এ. পাছ কৰি টিউচনী কৰে। তুমি বি.এ. পাছ কৰি অংগনৱাড়ীত চাকৰি কৰা। ময়ো পঢ়ি-শুনি শেষত গৈ হাজিৰাই কৰিব লাগিব।

(তেনেতে সময়তে ওছমানৰ প্ৰৱেশ।)

ওছমান: কি হৈছে? মাক-পুতেকে ইমান চিঞৰ-বাখৰ কৰিছা কিয়?

আমিনা: আপোনাৰ গুণধৰ পুত্ৰৰ মোবাইল লাগে। মোবাইল নিদিলে পঢ়া-শুনা বাদ দি হেনো কেৰালালৈ যাবগৈ!

ওছমান: (সাফিউৰক) বোপাই, কথাবোৰ অলপ ভাবি-চিন্তি ক’ব লাগে। তোৰ ভালৰ কাৰণেই আমি মোবাইলটো এতিয়া কিনি দিয়া নাই। মেট্ৰিক পাছ কৰ, তাৰ পাছত নিশ্চয় কিনি দিম।

সাফিউৰ: নাই, নাই, মোক এতিয়াই লাগে। মোৰ বন্ধুবোৰে মোবাইল ব্যৱহাৰ কৰে। একমাত্ৰ মোৰহে মোবাইল নাই।

ওছমান: সকলোৰে হাতত কিবা এটা থাকিলেই যে সেইটো তোৰো থাকিব লাগিব, তেনে কথা নাই নহয়। নিজৰ সামৰ্থ্য আৰু প্ৰয়োজন বুজিব লাগিব।

সাফিউৰ: মোক উপদেশ দিব নালাগে। টকা দিয়ক। মই এতিয়াই হোষ্টেললৈ যামহি।

ওছমান: হোষ্টেললৈ? এই ৰাতিখন?

সাফিউৰ: ৱাৰ্ডেনক কথা দি আহিছোঁ। গতিকে যাব লাগিব। টকা দিয়ক।

ওছমান: তিনিদিন আগতে পাঁচশ টকা দিছিলোঁ। আকৌ কিহৰ টকা লাগে?

সাফিউৰ: পায়জামা-পাঞ্জাবী চিলাব লাগে। শুকুৰবাৰে মছজিদলৈ যাম।

ওছমান: (অসহায়ভাৱে) মোৰ হাতত এতিয়া এটকাও নাই। কাইলৈ যোগাৰ কৰি মই নিজে গৈ দি আহিমহি।

সাফিউৰ: মোক আজিয়েই লাগিব।

ওছমান: আমিনা, তোমাৰ হাতত টকা আছে নেকি?

আমিনা: আছে, কিন্তু সেইখিনি ল’ৰা-ছোৱালীক কণী কিনি খুৱাবলৈ থৈছোঁ।

ওছমান: (কিছু সময় চিন্তা কৰি) বাৰু, দিয়াচোন। কাইলৈ মই তোমাক ঘূৰাই দিমহি।

  (আমিনাই অনিচ্ছাসত্ত্বেও টকা উলিয়াই দিয়ে। সাফিউৰে টকা লৈ ওলাই যাবলৈ ধৰে।)

আমিনা: শুন, টকাখিনি সাৱধানে খৰচ কৰিবি। বেয়া ল’ৰাৰ লগত নুঘূৰিবি। সময়মতে পঢ়া-শুনা কৰিবি।

সাফিউৰ: হ’ব, হ’ব! মোক ইমান উপদেশ দিব নালাগে।

(সাফিউৰৰ প্ৰস্থান।)

আমিনা: (দীঘলকৈ হুমুনিয়াহ কাঢ়ি) আমাৰ ল’ৰাটো দিনক দিনে কেনেকুৱা হৈ গৈছে! আগতে পঢ়া-শুনাৰ বাহিৰে একো নাজানিছিল। আৰু এতিয়া

ওছমান: ম’বাইলৰ বাবে সি এনেকৈ জেদ ধৰিছে যে কেতিয়াবা ভয়েই লাগে। তাৰ টকাৰ চাহিদাও দিনক দিনে বাঢ়ি গৈ আছে।

আমিনা: আপুনি স্কুললৈ গৈ তাৰ খবৰ এটা লওক। হোষ্টেলত সি কি কৰিছে, কাৰ লগত মিতিৰালি পাতিছে—সেইবোৰ জনাটো দৰকাৰ।

ওছমান: ঠিকেই কৈছা তুমি। কাইলৈয়ে মই স্কুললৈ যাম। সময় থাকোঁতেই তাক বুজাব লাগিব।

                          (দুয়ো চিন্তিত হৈ বহি থাকে। আঁৰ কাপোৰ পৰে।)

দ্বিতীয় দৃশ্য

স্থান: বিদ্যালয়ৰ অধ্যক্ষৰ কোঠা।

(প্ৰিন্সিপাল এখন টেবুলত বহি কাগজ-পত্ৰ চাই থাকে। ওছমানৰ প্ৰৱেশ।)

ওছমান: নমস্কাৰ, ছাৰ।

প্ৰিন্সিপাল: নমস্কাৰ। আহক, বহক। বহুদিনৰ মূৰত আহিল দেখোন। কিবা বিশেষ কথা আছে নেকি?

ওছমান: হয় ছাৰ। সাফিউৰৰ খবৰ ল’বলৈ আহিছোঁ।

প্ৰিন্সিপাল: সাফিউৰৰ বিষয়ে আপোনাক এটা কথা ক’বলগীয়া আছে। আগতে সি নিয়মীয়াকৈ ক্লাছ কৰিছিল। কিন্তু আজিকালি নানা অজুহাত দেখুৱাই ক্লাছ ক্ষতি কৰি আছে। কেতিয়াবা মূৰৰ বিষ, কেতিয়াবা পেটৰ অসুখ। নানা অজুহাত দেখুৱাই হোষ্টেলতে শুই থাকে।

ওছমান: (আচৰিত হৈ) সি এই বিষয়ে আমাক একো কোৱা নাই, ছাৰ। কিমান দিনৰ পৰা এনেকুৱা হৈছে?

প্ৰিন্সিপাল: প্ৰায় এমাহমান হ’ব। আন এটা কথাও আছে। হোষ্টেলত ছাত্ৰই লুকাই-চুৰকৈ মোবাইল ব্যৱহাৰ কৰা বুলি শুনি আছোঁ।

ওছমান: সি মোবাইলৰ কাৰণে মোৰ লগত কাজিয়া কৰি ঘৰ এৰি আহিছে, ছাৰ। মোবাইল কিনি নিদিলে সি ঘৰলৈ নাযায় বুলি কৈ আহিছে।

প্ৰিন্সিপাল: বুজিলোঁ। কিন্তু হোষ্টেলত মোবাইল ব্যৱহাৰ নিষিদ্ধ। ছাত্ৰাৱস্থাত মোবাইলৰ অপব্যৱহাৰে পঢ়া-শুনাৰ ক্ষতি কৰিব পাৰে। ইয়াৰ আঁৰত আন কিবা কাৰণো থাকিব পাৰে।

(প্ৰিন্সিপালে পিয়নক মাতিবলৈ হাত দাঙে।)

প্ৰিন্সিপাল: হাছমত! ৱাৰ্ডেন ছফিকুলক এবাৰ মাতি দিয়াচোন। হাছমত আহিলে আচল কথা গম পোৱা যাব।

(ছফিকুলৰ প্ৰৱেশ।)

ছফিকুল: মোক মাতিছিল, ছাৰ?

প্ৰিন্সিপাল: হয়। হোষ্টেলৰ শৃংখলাৰ খবৰ ৰাখিছেনে? ছাত্ৰই লুকাই মোবাইল ব্যৱহাৰ কৰে বুলি শুনিছোঁ।

ছফিকুল: হয় ছাৰ, কথাটো ময়ো শুনিছোঁ। নিশা কম্বলৰ তলত মোবাইল চাই বুলি অভিযোগ পাইছোঁ। কিন্তু এতিয়ালৈকে হাতে-লোটে ধৰিব পৰা নাই।

প্ৰিন্সিপাল: সাফিউৰৰ আচৰণ কেনেকুৱা?

ছফিকুল: আগতে সি বৰ পঢ়া-শুনাত মন দিয়া ল’ৰা আছিল। আজিকালি অকলে অকলে থাকে, পঢ়া-শুনাত মন নিদিয়ে। কেতিয়াবা কিছুমান সন্দেহজনক ল’ৰাৰ লগতো ঘূৰি ফুৰা দেখিছোঁ।

ওছমান: তাৰ টকাৰ চাহিদাও আগতকৈ বহুত বাঢ়িছে। আগতে মাহেকত পঞ্চাছ-এশ টকা দিলেই হৈছিল। এতিয়া কেইদিনমানৰ মূৰে মূৰে পাঁচশ টকাকৈ বিচাৰে।

প্ৰিন্সিপাল: পাঁচশ টকা! হোষ্টেলত থকা ছাত্ৰ এজনৰ ইমান টকা কিয় লাগে? বহী-কিতাপৰ নামত টকা বিচাৰিলে আপোনালোকে সম্ভৱ হ’লে নিজে কিনি দিব। ছাত্ৰৰ হাতত প্ৰয়োজনতকৈ অধিক টকা দিয়াটো উচিত নহয়। প্ৰয়োজন অতিৰিক্ত টকাই ছাত্ৰৰ পঢ়া-শুনাৰ ক্ষতি কৰে।

ছফিকুল: কথাটো সঁচা, ছাৰ। মইও লক্ষ্য কৰিছোঁ, সি আজিকালি আগৰ দৰে নাই।

প্ৰিন্সিপাল: (গম্ভীৰভাৱে) ছফিকুল, আজিৰ পৰা সাফিউৰৰ ওপৰত বিশেষভাবে নজৰ ৰাখিব। কিন্তু কেৱল তাৰ ওপৰতে নহয়, হোষ্টেলৰ আন আন ছাত্ৰৰ আচৰণৰ প্ৰতিও লক্ষ্য ৰাখিব। কোনো ছাত্ৰ বেয়া সংগত পৰিছে বুলি সন্দেহ হ’লে মোক জনাব।

ছফিকুল: নিশ্চয়, ছাৰ।

ওছমান: ছাৰ, সাফিউৰ আমাৰ একমাত্ৰ সন্তান। আমি নিজে কষ্ট কৰিও তাৰ সকলো প্ৰয়োজন পূৰণ কৰিবলৈ চেষ্টা কৰোঁ। সি যদি বেয়া সংগত পৰি জীৱনটো নষ্ট কৰে, আমি কেনেকৈ সহ্য কৰিম?

প্ৰিন্সিপাল: আপোনালোকে চিন্তা নকৰিব। সন্তানক মৰম দিব লাগিব, কিন্তু মৰমৰ লগতে শাসন আৰু সঠিক পথ-নিৰ্দেশনাও দিব লাগিব। কেৱল টকা আৰু সুবিধা দিলেই সন্তানৰ ভৱিষ্যৎ গঢ়ি নুঠে।

ছফিকুল: মই সাৱধান হৈ থাকিম। কোনো সন্দেহজনক ঘটনা দেখিলে লগে লগে আপোনাক জনাম।

প্ৰিন্সিপাল: ভাল। আমি আটায়ে মিলি সাফিউৰক সঠিক পথলৈ ঘূৰাই আনিবলৈ চেষ্টা কৰিব লাগিব।

(ওছমানে অধ্যক্ষক নমস্কাৰ জনাই ওলাই যায়। ছফিকুল আৰু প্ৰিন্সিপাল চিন্তিত মুখেৰে বহি থাকে। আঁৰ কাপোৰ পৰে।)

তৃতীয় দৃশ্য

সময়: সন্ধিয়া। স্থান: ওছমানৰ ঘৰ।

(আমিনা ঘৰৰ কামত ব্যস্ত। সাফিউৰৰ প্ৰৱেশ। সি অস্থিৰভাৱে মাকৰ ওচৰলৈ আহে।)

সাফিউৰ: মা, পাঁচশ টকা দিয়া।

আমিনা: আকৌ পাঁচশ টকা! দুদিন আগতে টকা দিছিলোঁ দেখোন। আজি আকৌ কিহৰ টকা লাগে?

সাফিউৰ: আমাৰ ক্লাছৰ ল’ৰাবোৰে গোৱালপাৰালৈ পিকনিক খাবলৈ যাব। ময়ো সিহঁতৰ লগত যাম।

আমিনা: মোৰ হাতত এতিয়া এটকাও নাই। পিকনিকৰ বাবে ইমান টকা ক’ৰ পৰা পাম?

সাফিউৰ: সেইবোৰ তোমালোকৰ কথা। মোক টকা লাগিবই। প্ৰয়োজন হ’লে শ্ব’কেছত থকা সোণৰ দুলযোৰ বিক্ৰী কৰি দিয়া।

আমিনা: (খঙেৰে) কি! মোৰ মাৰাই বিয়াৰ সময়ত দিয়া দুলযোৰ বিক্ৰী কৰি তই পিকনিক খাবি? সেই দুলযোৰ মোৰ স্মৃতি। মই মৰি গ’লেও দুলযোৰ বিক্ৰী নকৰোঁ।

সাফিউৰ: তেনেহ’লে টকা ক’ৰ পৰা দিবা?

আমিনা: (কিছু সময় নীৰৱে থাকি) সাফিউৰ, তোক এষাৰ কথা সুধিবলগীয়া আছে। এসপ্তাহমান আগতে তই ঘৰলৈ আহোঁতে তোৰ দেউতাৰৰ পকেটৰ পৰা টকা হেৰাইছিল। তই লৈছিলি নেকি?

সাফিউৰ: (চমকি উঠি) মই? নিজৰ দেউতাৰ পকেটৰ পৰা টকা চুৰ কৰিম নেকি?

আমিনা: তোৰ আচৰণ দেখি মোৰ সন্দেহ হৈছে। মিছা নক’বি। মই তোৰ মাক। সত্যটো ক’।

 (সাফিউৰ মূৰ তল কৰে।)

আমিনা: কিয় মনে মনে আছ? টকা লৈছিলি নেকি?

সাফিউৰ: (লাহেকৈ) লৈছিলোঁ।

আমিনা: (স্তম্ভিত হৈ) কি কৈছ তই! নিজৰ দেউতাকৰ পকেটৰ পৰা চুৰি কৰিছ? কেৱল সেইখিনিয়েই নে? আন কাৰোবাৰ পৰাও মনে মনে টকা লৈছ নেকি?

সাফিউৰ: (মূৰ তল কৰি) পেহীৰ ঘৰৰ পৰাও লৈছিলোঁ। মামাৰ পকেটৰ পৰাও এদিন এহেজাৰ টকা লৈছিলোঁ।

আমিনা: সেই টকাবোৰ ক’ত খৰচ কৰিলি?

সাফিউৰ: (ইতস্তত কৰি) শিখৰ কিনিছিলোঁ।

আমিনা: কিমান দিনৰ পৰা শিখৰ খাইছ?

সাফিউৰ: প্ৰায় ছমাহ।

(আমিনা মূৰত হাত দি বহি পৰে।)

আমিনা: ছমাহ! তই ছমাহ ধৰি নিচা কৰি আছ, আৰু আমি একো গমেই নাপালোঁ! তোৰ পঢ়া-শুনা, তোৰ ভৱিষ্যৎ—সকলো শেষ কৰি পেলাবি নেকি?

সাফিউৰ: মা, মই শিখৰহে খাওঁ। ডাঙৰ কিবা নিচা কৰা নাই।

আমিনা: নিচা সৰু বা ডাঙৰ বুলি একো কথা নাই। যিটোৱে তোৰ শৰীৰ, মন আৰু জীৱন ধ্বংস কৰে, সেইটোৱেই বিপদজনক।

 (আমিনাই সাফিউৰৰ হাত দুখন ধৰে।)

আমিনা: বোপাই, মোক সঁচা কথা ক। তই ড্ৰাগছো খাৱ নেকি?শিখৰ খাবলৈতো ইমান টকা নালাগে!

সাফিউৰ: (মনে মনে থাকে।)

আমিনা: মনে মনে আছ কিয়? তোৰ হোষ্টেলৰ কেইজনমান ল’ৰাই ড্ৰাগছ খায় বুলি শুনিছোঁ।সিহঁতৰ লগত তয়ো আছ নেকি?

সাফিউৰ: (লাহেকৈ) প্ৰথমে মই মানা কৰিছিলোঁ। পাছত বন্ধুৰ কথাত এবাৰ খাইছিলোঁ।

আমিনা: (কান্দি কান্দি) হায় আল্লাহ! তই এইবোৰ কি কৰিলি, বোপাই? আমি তোক মানুহ কৰাৰ সপোন দেখিছিলোঁ। তই আমাৰ সেই সপোনবোৰ ভাঙি পেলালি!

সাফিউৰ: মা, মোক ক্ষমা কৰি দিয়া। মই আৰু নাখাওঁ।

আমিনা: তই সঁচাকৈ এৰিব পাৰিবি নে? কেৱল মুখেৰে ক’লেই নহ’ব। তোক চিকিৎসা আৰু সহায়ৰ প্ৰয়োজন হ’ব পাৰে। আমি তোক এৰি নিদিওঁ, বোপাই। তই মাথোঁ সঁচা কথা ক’বি।

(এই সময়তে ওছমান, প্ৰিন্সিপাল, আৰক্ষীৰ এছ. আই. আৰু কনিষ্টবলৰ প্ৰৱেশ।)

ওছমান: (গম্ভীৰভাৱে) সাফিউৰ কেতিয়া ঘৰলৈ আহিছে?

আমিনা: (চকুপানী মচি) অলপ আগতে আহিছে। কিন্তু আমাৰ ল’ৰাটো… আমাৰ ল’ৰাটো ড্ৰাগছৰ নিচাত পৰিছে।

ওছমান: (সাফিউৰৰ ফালে চাই) সাফিউৰ! মাৰাই কোৱা কথা সঁচা নেকি?

 (সাফিউৰে মূৰ তল কৰে।)

পুলিচ এছ. আই.: সাফিউৰ, তোমাৰ বিৰুদ্ধে এটা গুৰুতৰ অভিযোগ আছে। তোমাৰ দুজন বন্ধুৰ সৈতে মিলি এজন মানুহক বাটত আগচি ধৰি পাঁচ হাজাৰ টকা কাঢ়ি নিয়াৰ অভিযোগ আছে তোমাৰ বিৰুদ্ধে। মিছা মাতিলে লাভ নহ’ব। কাৰণ তোমাৰ বন্ধুকেইজনক ইতিমধ্যে আটক কৰা হৈছে। সিহঁতে তোমাৰ নামো কৈছে।

আমিনা: (আতংকিত হৈ) ডকাইতি! মোৰ ল’ৰাই ডকাইতি কৰিছে?

প্ৰিন্সিপাল: হয়, ডকাইতি কৰিছে। আমি কথাটো জানিব পাৰি বৰ দুখ পাইছোঁ। সাফিউৰ আগতে মেধাৱী ছাত্ৰ আছিল। কিন্তু বেয়া সংগত পৰি তাৰ আচৰণ সলনি হৈ গৈছে। মোবাইলৰ জেদ, টকাৰ অত্যধিক চাহিদা, ক্লাছ ক্ষতি—এইবোৰক আমি সময়মতে গুৰুত্ব দিব লাগিছিল।

ওছমান: (সাফিউৰৰ ওচৰলৈ গৈ) বোপাই, আমি তোৰ কি অভাৱ ৰাখিছিলোঁ? নিজৰ পেটত গামোছা বান্ধি তোক পঢ়ুৱাইছিলোঁ। তই টকা বিচাৰিলে যিমান পাৰোঁ দিছিলোঁ। তই আমাক তাৰ এই প্ৰতিদান দিলি?

সাফিউৰ: (কান্দি কান্দি) দেউতা, মোৰ ভুল হৈছে। মই বেয়া বন্ধুৰ সঙ্গত পৰিছিলোঁ। প্ৰথমে সিহঁতে মোক নিচা কৰিবলৈ শিকালে। তাৰ পিছত টকাৰ প্ৰয়োজন হ’ল। মই চুৰি কৰিবলৈ আৰম্ভ কৰিলোঁ। পাছত সিহঁতৰ পাল্লাত পৰি মই ডকাইতিও কৰিলোঁ।

আমিনা: তই এবাৰো আমাৰ কথা নাভাবিলি, বোপাই? তোৰ কিবা সমস্যা হ’লে আমাক ক’ব পাৰিলিহেঁতেন?

সাফিউৰ: মা, মই লাজ কৰিছিলোঁ। প্ৰথমে ভাবিছিলোঁ, যিকোনো সময়তে এৰি দিব পাৰিম। কিন্তু পাছত নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰা হ’লোঁ।

প্ৰিন্সিপাল: এইটোৱেই নিচাৰ ভয়ংকৰ দিশ। বহুতে প্ৰথমে কৌতূহল বা বন্ধুৰ হেঁচাত আৰম্ভ কৰে। পাছত নিচাৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে। তেতিয়া মিছা কথা, চুৰি, পঢ়া-শুনাৰ অৱনতি আৰু আন অপৰাধৰ লগত জড়িত হৈ পৰে।

পুলিচ এছ. আই.: সাফিউৰ, তোমাৰ বয়স কম হ’লেও অভিযোগটো গুৰুতৰ। তোমাৰ বয়স আৰু ঘটনাৰ সকলো দিশ বিবেচনা কৰি আইন অনুসৰি ব্যৱস্থা লোৱা হ’ব। তোমাক উপযুক্ত শিশু ন্যায় ব্যৱস্থাপক কৰ্তৃপক্ষৰ ওচৰলৈ নিয়া হ’ব পাৰে। নিচাৰ সমস্যাৰ বাবে চিকিৎসা আৰু পুনৰ্বাসনৰ ব্যৱস্থাও কৰিব লগা হ’ব পাৰে।

আমিনা: ছাৰ, মোৰ ল’ৰাটোক লৈ নাযাব। সি ভুল কৰিছে। এইবাৰৰ কাৰণে ক্ষমা কৰি দিয়ক। আমি তাক বুজাম, চিকিৎসা কৰাম।

পুলিচ এছ. আই.: মই আপোনাৰ দুখ বুজিছোঁ। কিন্তু কেৱল ক্ষমা খুজিলেই অভিযোগৰ পৰা ৰেহাই দিব নোৱাৰি। আইনৰ প্ৰক্ৰিয়া মানি চলিব লাগিব। আপোনালোকে তাক চিকিৎসা আৰু পুনৰ্বাসনৰ ক্ষেত্ৰত সহায় কৰিব পাৰিব।

ওছমান: (চকুপানী মচি) ছাৰ, আমি সহযোগ কৰিম। মাথোঁ মোৰ ল’ৰাটোৱে যাতে জীৱনটো পুনৰ গঢ়ি তুলিব পাৰে, আপুনি সেই ব্যৱস্থা কৰি দিব লাগিব, ছাৰ।

পুলিচ এছ. আই.: নিশ্চয়। সঠিক চিকিৎসা, পৰিয়ালৰ সহায় আৰু নিজৰ দৃঢ় ইচ্ছাই তাক পুনৰ সুস্থ জীৱনলৈ ঘূৰি আহিবলৈ সহায় কৰিব।

(কনিষ্টবল সাফিউৰৰ ওচৰলৈ আগবাঢ়ে। সাফিউৰে মাক-দেউতাকৰ ফালে চায়।)

সাফিউৰ: মা! দেউতা! মোক ক্ষমা কৰি দিবা। মই তোমালোকৰ বিশ্বাস ভাঙিলোঁ। মই আকৌ পঢ়া-শুনা কৰিব বিচাৰোঁ। মই ভাল মানুহ হ’ব বিচাৰোঁ।

আমিনা: (সাফিউৰক সাৱটি ধৰিবলৈ আগবাঢ়ি) বোপাই! তই এতিয়া যা। চিন্তা নকৰিবি। আমি সোনকালেই তোক আমাৰ মাজলৈ ঘূৰাই আনিম।

   (পুলিচ এছ. আই. আৰু কনিষ্টবলে সাফিউৰক লৈ যাবলৈ আগবাঢ়ে। আমিনা কান্দি উঠে।)

ওছমান: (দৰ্শকৰ ফালে চাই) সন্তানক কেৱল মৰম দিলেই নহ’ব। সিহঁতৰ বন্ধুবৰ্গ, আচৰণ, খৰচ আৰু মানসিক অৱস্থাৰ খবৰো ৰাখিব লাগিব। সন্তানৰ সমস্যাবোৰ সময়মতে বুজি পালে বহু বিপদৰ পৰা হাতসাৰি থাকিব পাৰি।

প্ৰিন্সিপাল: অভিভাৱকসকল, সন্তানক স্কুললৈ পঠাই হাত সাৱটি বহি নাথাকিব। সিহঁতৰ প্ৰতি চকু ৰাখিব, সিহঁতৰ সমস্যা বুজিবলৈ চেষ্টা কৰিব। বিদ্যালয়, পৰিয়াল আৰু সমাজ একেলগে আগবাঢ়িলেহে আমি নিচাৰ বিৰুদ্ধে যুঁজিব পাৰিম।

পুলিচ এছ. আই.: ড্ৰাগছ কেৱল এজন ব্যক্তিৰ সমস্যা নহয়; ই পৰিয়াল আৰু সমাজৰো সমস্যা। নিচাৰ বিৰুদ্ধে সজাগ হওক। নিচাত আক্ৰান্ত লোকক ঘৃণা নকৰি চিকিৎসা আৰু পুনৰ্বাসনৰ পথ দেখুৱাওক।

সাফিউৰ: (ওলাই যোৱাৰ আগতে দৰ্শকৰ ফালে চাই) মোৰ দৰে ভুল তোমালোকে নকৰিবা। বন্ধুৰ হেঁচাত নিচা নকৰিবা। মোবাইল, টকা আৰু ক্ষণিকৰ আনন্দৰ বাবে নিজৰ জীৱন ধ্বংস নকৰিবা। মোৰ ভুলৰ পৰা তোমালোকে শিক্ষা লোৱা!

(পুলিচে সাফিউৰক লৈ প্ৰস্থান কৰে। আমিনা কান্দি কান্দি  মঞ্চত বহি পৰে। ওছমানে তেওঁক ধৰি তোলে। প্ৰিন্সিপালে দুয়োকে সান্ত্বনা দিয়ে।)

সকলোৱে একেলগে দৰ্শকৰ ফালে চাই:

“নিচাৰ পৰা আঁতৰি থাকক, সুস্থ জীৱন গঢ়ক।

সন্তানক সময় দিয়ক, সঠিক পথ দেখুৱাওক।

ড্ৰাগছমুক্ত সমাজ গঢ়িবলৈ সকলোৱে আগবাঢ়ি আহক।”

(পোহৰ ক্ৰমে ম্লান হয়। আঁৰ কাপোৰ পৰে।)

যৱনিকা                      

Scroll to Top