
তেতিয়া আৰু এতিয়া
সূচীপত্ৰ
প্ৰস্তাৱনা-যাতায়াত ব্যৱস্থা
নানাহঁতৰ ঘৰৰ পৰা আলীৰপাম বজাৰলৈ
তাহানি বাঘবৰ অঞ্চলৰ পৰা বৰপেটালৈ যাতায়াত ব্যৱস্থা-
জাহানাৰপাৰৰ পৰা বৰপেটালৈ যাতায়াত
মথাউৰিৰ পৰিৱৰ্তনৰ ইতিহাস
কাদং হৈ বৰপেটালৈ যাতায়াত
সাওঁৰাচৰা অঞ্চলৰ উন্নয়নত খান পৰিয়ালৰ ভূমিকা
মোৰ জীৱনৰ প্ৰথম বাছ যাত্ৰা
পূৰ্বৰ বৰপেটাৰ কিছু কথা
সত্তৰ-আশীৰ দশকৰ বৰপেটাৰ কিছু পথ
পূৰ্বৰ বৰপেটাৰ কিছু কাৰ্যালয়ৰ অৱস্থান
পূৰ্বৰ আমোদ-প্ৰমোদৰ মাধ্যম
বাঘবৰ অঞ্চলত নাটক, গীতিনাট্য আৰু পুতলা নাচ
আগতে ল’ৰা-ছোৱালীয়ে কেনেকৈ লিখা-পঢ়া শিকিছিল
হাইস্কুল শিক্ষান্ত পৰীক্ষা : তেতিয়া আৰু এতিয়া
ষাঠি আৰু সত্তৰৰ দশকৰ বংগীয়মূলৰ মুছলমান সমাজ: এটি তুলনামূলক বিবৰণ
উপসংহাৰ
প্ৰস্তাৱনা—যাতায়াত ব্যৱস্থা
মোৰ জন্ম ১৯৫১ চনৰ ১২ নৱেম্বৰত। জন্ম হৈছিল বাঘবৰ অঞ্চলৰ আলীগাঁৱত, আমাৰ নানা ধনাই হাজীৰ ঘৰত। মই প্ৰাথমিক বিদ্যালয় আৰু এম. ই. স্কুললৈকে আলীগাঁৱত নানাহঁতৰ ঘৰত থাকিয়েই পঢ়া-শুনা কৰিছিলোঁ। আমাৰ ঘৰ আছিল বাঘবৰৰ পশ্চিমফালে অৱস্থিত জাহানাৰপাৰত। ১৯৮০ চনত আমাৰ ঘৰখন ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ কবলত পৰি নদীৰ বুকুত বিলীন হৈ গৈছিল। তাৰ পিছত বহুদিনলৈ আমাৰ গাঁওখন ব্ৰহ্মপুত্ৰৰ গৰ্ভতে আছিল। কেইবছৰমান আগতে তাত পুনৰ চৰ উঠিছে।
আমি সঁচাকৈয়ে বৰ দুৰ্ভগীয়া। আমাৰ জন্মস্থান, শৈশৱত যিবোৰ ঠাইত ঘূৰি-ফুৰি ডাঙৰ-দীঘল হৈছিলোঁ, সেই সকলোবোৰ ঠাই এতিয়া নদীৰ বুকুত। সৰুতে যিসকলৰ সৈতে একেলগে ডাঙৰ-দীঘল হৈছিলোঁ, তেওঁলোকৰ বেছিভাগৰ সৈতে এতিয়া কোনো যোগাযোগ নাই। তেওঁলোকৰ কোনজন জীয়াই আছে আৰু কোনজন মৃত্যুবৰণ কৰিছে—দুই-এজনৰ বাহিৰে অধিকাংশৰ বিষয়েই এতিয়া মই একো ক’ব নোৱাৰোঁ। সৰুতে যিসকলৰ সৈতে খেল-ধেমালি কৰি ডাঙৰ হৈছিলোঁ, তেওঁলোকৰ কোনে কেতিয়া মৃত্যুবৰণ কৰিলে, মোবাইল ফোনৰ প্ৰচলন হোৱাৰ আগলৈকে সেই খবৰ পোৱাটোও সম্ভৱ নাছিল।
অৱশ্যে মোবাইল ফোনৰ প্ৰচলন হোৱাৰ পিছত অলপ পলমকৈ হ’লেও এতিয়া সেইবোৰ মৃত্যুৰ খবৰ পোৱা সম্ভৱ হৈছে। এই সিদিনাখনেই মৃত্যু হ’ল ৱাজুদ্দিন তাৱৈৰ পুতেক মহিৰ উদ্দিনৰ। মহিৰ উদ্দিনৰ ডাকনাম আছিল মহু। বয়সত মোৰ তুলনাত তেওঁ ছয়-সাত বছৰৰ সৰু আছিল। নদীভাঙনৰ পিছত তেওঁ কৃষ্ণাইত মাটি কিনি তাত ঘৰ সাজি বসবাস কৰি আছিল। মহিৰ উদ্দিন আমাৰ সৰু ভাই হুছেইন আলিৰ ঘৈণীৰ ককায়েক আছিল। সেই সূত্ৰে তেওঁ সম্পৰ্কত মোৰ বিয়াই আছিল আৰু মোৰ সৈতে তেওঁৰ যথেষ্ট সদ্ভাৱ আছিল।
নদীভাঙনৰ পিছত মই বৰপেটাৰ যতিগাঁৱলৈ উঠি আহিছোঁ। যতিগাঁৱত মহিৰ উদ্দিনৰো আত্মীয়-স্বজন আছে। সেয়ে যতিগাঁৱৰ আত্মীয়ৰ ঘৰলৈ আহিলে তেওঁ মোৰ লগত দেখা নকৰাকৈ নগৈছিল। তেওঁৰ মৃত্যুৰ খবৰটো মই ফেচবুকৰ জৰিয়তে পাইছিলোঁ। খবৰটো শুনি মই বৰ মৰ্মাহত হৈ পৰিছিলোঁ।
মহিৰ উদ্দিন এগৰাকী পুত্ৰ আৰু তিনিগৰাকী কন্যা সন্তানৰ পিতৃ। তেওঁৰ পুত্ৰৰ জন্মৰ সৈতে মোৰ এটা স্মৃতি জড়িত হৈ আছে। আশীৰ দশকৰ শেষৰফালৰ কথা হ’ব। অৱশ্যে সঠিক তাৰিখটো এতিয়া মনত নাই। ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ পাছত আমাৰ আলীগাঁও প্ৰাথমিক বিদ্যালয়গৃহটো মহিৰ উদ্দিনহঁতৰ ঘৰৰ কাষতে স্থাপন কৰা হৈছিল। বিদ্যালয়গৃহটো আছিল গো-হালটৰ দক্ষিণফালে আৰু মহিৰ উদ্দিনহঁতৰ ঘৰ আছিল গোহালটৰ উত্তৰফালে। বিদ্যালয়ঘৰ আৰু তেওঁলোকৰ ঘৰৰ মাজত আনুমানিক বিশ-পঁচিশ হাতমানৰ দূৰত্ব আছিল।
সিদিনাখন মই স্কুলতে আছিলোঁ। মহিৰ উদ্দিনহঁতৰ ঘৰৰ পৰা এগৰাকী মহিলাৰ চিঞৰ-বাখৰৰ লগতে বহু মহিলাৰ কোলাহলৰ শব্দ ভাহি আহি মোৰ কাণত পৰিছিল। কিহৰ বাবে ইমান কোলাহল হৈছে জানিবলৈ মোৰ কৌতূহল উপজিল। সেইবাবে তেওঁলোকৰ ঘৰৰ ফালে আগবাঢ়ি গ’লোঁ। মহিৰ উদ্দিন ঘৰৰ চোতালতে থিয় দি আছিল।
মই তেওঁক কোলাহলৰ কাৰণ সুধিলোঁ—বিয়াই, কি হৈছে? বহু সময় ধৰি চিঞৰ-বাখৰ আৰু কোলাহলৰ শব্দ শুনি আছোঁ। কথাটো কি?
তেতিয়া মহিৰ উদ্দিনে ক’লে— আপোনাৰ বিয়ানীৰ প্ৰসৱ বেদনা উঠিছে। যোৱা নিশাৰ পৰাই বিষ উঠিছে। কিন্তু সন্তান প্ৰসৱ হোৱা নাই। সেইবাবে বৰ চিন্তাত আছোঁ। কি কৰিম, ভাবি একো উপায় উলিয়াব পৰা নাই। প্ৰায় তিনি-চাৰিগৰাকী চাওনী(গ্ৰাম্য ধাই) একেলগে লাগিও সন্তানটো প্ৰসৱ কৰাব পৰা নাই।
তেতিয়াও আমাৰ গাঁও অঞ্চলত চিকিৎসালয়ত সন্তান প্ৰসৱ কৰোৱাৰ নিয়ম প্ৰচলন হোৱা নাছিল। গাঁৱৰ ধাইসকলেই সাধাৰণতে সন্তান প্ৰসৱ কৰাইছিল। সেই ধাইসকলক ‘চাওনী’ বুলি কোৱা হৈছিল। তিনি-চাৰিগৰাকী চাওনী লগলাগিও যেতিয়া সন্তান প্ৰসৱ কৰাব পৰা নাই, তেতিয়া পৰিস্থিতি নিশ্চয় খুবেই সংকটজনক। এনেকোৱা পৰিস্থিতিত গাঁও অঞ্চলত তেতিয়া বহু প্ৰসূতিৰ মৃত্যুও হৈছিল।
মই কোনো ডাক্তৰ বা কবিৰাজ নহয়। মাথোন এজন সাধাৰণ স্কুল শিক্ষক। সন্তান প্ৰসৱৰ বিষয়তো মোৰ বিশেষ কোনো অভিজ্ঞতা নাছিল। কিন্তু আমাৰ সমাজত ইংৰাজীত এষাৰ কথা প্ৰচলিত আছে—“অল ইণ্ডিয়ানছ আৰ ডক্টৰছ।” সকলো ভাৰতীয়ই ডাক্তৰ।অৰ্থাৎ কোনোবাই কাৰোবাৰ বেমাৰৰ কথা শুনিলে, সচাৰচৰ নিজৰ ফালৰ পৰা কিবা নহয় কিবা এটা বিধান দিয়েই আমাৰ ভাৰতীয় মানুহে। ময়ো সেই সমাজৰে এজন মানুহ। সেয়ে বিপদৰ কথা শুনি মোৰ কোৰআনৰ এটা আয়াতৰ কথা মনত পৰিল।
কোনো বিপদ-আপদৰ সময়ত সেই আয়াতটো পাঠ কৰিলে বিপদৰ পৰা উদ্ধাৰ পাব পাৰি—এনেকোৱা এক বিশ্বাস বা প্ৰবাদ আমাৰ মাজত প্ৰচলিত আছিল। আয়াতটো হজৰত ইব্ৰাহীম (আঃ)-ৰ সৈতে জড়িত। নমৰূদে যেতিয়া হজৰত ইব্ৰাহীম (আঃ)-ক জুইৰ মাজত নিক্ষেপ কৰিছিল, তেতিয়া তেওঁ এই আয়াতটো পাঠ কৰি জুইৰ পৰা ৰক্ষা পাইছিল।
কেইদিনমান আগতেই মই কোনো এটা উৎসৰ পৰা আয়াতটো শিকিছিলোঁ। সেয়ে মই ভাবিলোঁ—চাওঁ, এই আয়াতটো প্ৰয়োগ কৰি যদি কিবা কাম হয়। কাম হ’লে ভাল, আৰু কাম নহ’লেও দেখোন কোনো ক্ষতি নাই।
এইদৰে ভাবি মই ক’লোঁ—“বিয়াই, কাঁচৰ গিলাচত এগিলাচ পানী লৈ আহক।”
মহিৰ উদ্দিনে কোনো ধৰণৰ প্ৰশ্ন নকৰাকৈ কাঁচৰ গিলাচত পানী লৈ আহিল। মই আয়াতটো পঢ়ি পানীত ফুঁ দি ক’লোঁ—“যাওক, পানীখিনি বিয়ানীক খুৱাই দিয়কগৈ।”
মহিৰ উদ্দিনে তৎক্ষণাৎ গৈ বিয়ানীক পানী খুৱাই দিলে। পানী খোৱাৰ অলপ পাছতেই এটি পুত্ৰ সন্তান ভূমিষ্ট হ’ল। লগে লগেই মহিৰ উদ্দিন আহি মোক খবৰটো দিলে। তেওঁলোকৰ বিশ্বাস আছিল যে মোৰ পানী-পঢ়া খোৱাৰ বাবেই সন্তানটো জন্ম হৈছে। মৃত্যুৰ আগলৈকে মহিৰ উদ্দিনৰ মনত এই বিশ্বাস অটুট আছিল।
মই তেতিয়াৰ কথা ক’বলৈ গৈ এতিয়াৰো কিছু কথা কৈ পেলালোঁ। তাৰ বাবে পাঠকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। তেতিয়াৰ কথা ক’বলৈ হ’লে প্ৰথমতে সেই সময়ৰ যাতায়াত ব্যৱস্থা, মানুহৰ সামাজিক অৱস্থা আৰু জীৱন-যাপনৰ বিষয়ে ক’ব লাগিব। প্ৰথমে মই তেতিয়াৰ দিনৰ ৰাস্তা-ঘাটৰ কথা কোৱাটোৱে উচিত হ’ব। কাৰণ উন্নয়নৰ পূৰ্ব চৰ্তই হৈছে ৰাস্তা-ঘাট।ৰাস্তা-ঘাট উন্নত হ’লে মানুহৰ জীৱন ধাৰণৰ মান আপোনা-আপুনি উন্নত হয়। প্ৰথমে আমাৰ গাঁওখনৰ ৰাস্তাৰ পৰাই আৰম্ভ কৰোঁ আহক।
আমাৰ গাঁওখন একেবাৰে অনুন্নত অঞ্চলত অৱস্থিত আছিল আৰু মোৰ শৈশৱৰ যাতায়াতো এটা অতি সীমিত পৰিসৰৰ মাজতে আৱদ্ধ হৈ আছিল। আমাৰ ঘৰৰ পৰা আলীগাঁৱৰ নানাহঁতৰ ঘৰ, নানাহঁতৰ ঘৰৰ পৰা গড়লা-চাচৰা এম, ই, মাদ্ৰাছা— এইখিনিয়েই আছিল তেতিয়া মোৰ পৃথিৱী।
আমাৰ ঘৰৰ পৰা কেনেকৈ আলীগাঁৱৰ নানাহঁতৰ ঘৰলৈ গৈছিলোঁ, সেই কথাই প্ৰথমে কওঁ। সৰুতে মই বিশেষকৈ আইতাৰ লগত নানাহঁতৰ ঘৰলৈ গৈছিলোঁ। মাৰ লগতো গৈছিলোঁ যদিও সেই কথা এতিয়া মোৰ মনত নাই।
আমাৰ পাৰাটোৰ সন্মুখেৰে পূবা-পশ্চিমাকৈ এটা গোহালট আছিল। গোহালটটো আমাৰ ঘৰৰ পৰা প্ৰায় দুই ৰছীমান দক্ষিণ দিশত অবস্থিত আছিল। আমাৰ পাৰাটোৰ সন্মুখেৰে আন এটা খোজকঢ়া পথ আছিল। আমি গোহালটটোৰে বৰ বেছি অহা-যোৱা কৰা নাছিলোঁ। পাৰাৰ সন্মুখেৰে যোৱা খোজকঢ়া পথটোৰেই বেছিকৈ অহা-যোৱা কৰিছিলোঁ।
আমাৰ ঘৰৰ পৰা প্ৰায় এক মাইল পূবে আছিল বাঘবৰ পাহাৰ। বাঘবৰ পাহাৰৰ পৰা তিনি চাৰিমাইলমান পূবদিশত আলীগাঁও নামৰ গাঁওখন অৱস্থিত। আলিগাঁৱতে আছিল আমাৰ নানা ধনাই হাজিহঁতৰ ঘৰ। আমাৰ পাৰাটোৰ পশ্চিম ফালে আছিল সেউৰাৰভিঠা নামৰ গাঁওখন। সেউৰাৰভিঠাৰ পশ্চিমে আছিল বেকী নদী। সেউৰাৰভিঠাৰ সৈতে আমাৰ বিশেষ কোনো সম্পৰ্ক নাছিল। সেয়েহে আমি পূব দিশলৈহে বেছিকৈ অহা-যোৱা কৰিছিলোঁ। বিশেষ প্ৰয়োজন নহ’লে পশ্চিম ফালে প্ৰায় যোৱা নহৈছিলে।
পূবফালে আহোঁতে ঘৰৰ পৰা ওলাই প্ৰথমে ঘৰৰ সন্মুখৰ খোজকঢ়া বাটটোৰে পণ্ডিত তাৱৈৰ ঘৰলৈকে আহিছিলোঁ। তাৰ পৰা এক ৰছীমান দক্ষিণ ফালে আহি গোহালটত উঠি বাঘবৰ পাহাৰৰ মাজ বৰাবৰ লক্ষ্য কৰি পোনে পোনে আহি বাঘবৰৰ পশ্চিম প্ৰান্তত থকা গোহালটত উঠিছিলোঁ। গোহালটটো বাঘবৰৰ পৰা উত্তৰ দিশে থকা মৰাভাজলৈকে প্ৰসাৰিত আছিল। সেই গোহালটটোৰে আমি উত্তৰ দিশে নগৈ দক্ষিণ-পূব দিশলৈ আহি বাঘবৰ থানাত উপস্থিত হৈছিলোঁ। তাৰ পাছত বাঘবৰ থানাৰ সন্মুখেৰে আহি বাঘবৰ পৰা দিঘীৰপাম হৈ মন্দিয়ালৈকে প্ৰসাৰিত পি.ডব্লিউ.ডি. ৰাস্তাত উঠিছিলোঁ।
বাঘবৰৰ পৰা সুঁতিৰ পাৰলৈকে আহোঁতে পি.ডব্লিউ.ডি. ৰাস্তাত দুই ঠাইত দুটা দ খাল আছিল। খৰালি কালত সেই খাল দুটাৰ কাষেৰে খোজকাঢ়ি পাৰ হৈ আহিছিলোঁ। আৰু বাৰিষাৰ সময়ত খাল দুটা পাৰ হোৱাৰ কাৰণে নাওৰ ব্যৱস্থা আছিল। নাওত কোনো ধৰণৰ পইচা লোৱা নাছিল। নাও দুটা চৰকাৰৰ ফালৰ পৰা দিয়া হৈছিল।
খাল দুটা পাৰ হৈ পি.ডব্লিউ.ডি. ৰাস্তাৰে আলীগাঁৱৰ নায়েব আলী নানাৰ ঘৰলৈকে আহিছিলোঁ। তাৰ পৰা এটা গোহালট আছিল। সেই গোহালটটোৰে কিছুদূৰ অহাৰ পাছত এটা খাল পোৱা গৈছিল। খালটো পাৰ হৈ খোজকঢ়া পথেৰে ছয়-সাত ৰছীমান আহিলে নানাহঁতৰ ঘৰ পোৱা গৈছিল।
নানাহঁতৰ ঘৰৰ দক্ষিণ-পশ্চিম কোণত এটা মছজিদগৃহ আছিল। খোজকঢ়া পথটো মছজিদগৃহৰ উত্তৰ ফালেৰে গৈ নানাহঁতৰ বাহিৰ ফালৰ চোতালত উঠিছিল। তাৰ পাছত সেই চোতালৰ ওপৰেৰে দক্ষিণ-পূব দিশত কিছুদূৰ আহিলে ৩৭১ নম্বৰ আলিগাঁও প্ৰাথমিক বিদ্যালয়খন পোৱা গৈছিল।
বিদ্যালয়খনৰ পৰা প্ৰায় এক ৰছী দক্ষিণে পশ্চিমৰ পৰা পূবলৈ প্ৰসাৰিত এটা গোহালট আছিল। খোজকঢ়া বাটটো গৈ সেই গোহালটটোত মিলিত হৈছিল। উত্তৰ অঞ্চলৰ—অৰ্থাৎ সুঁতিৰ পাৰ, বৰলি, পালাৰপাম আদি গাঁৱৰ ছাত্ৰ-ছাত্ৰীসকলে ৩৭১ নং আলিগাঁও প্ৰাথমিক বিদ্যালয়লৈ অহাৰ কাৰণে আৰু আন লোকসকলে আলীৰপাম বজাৰলৈ যোৱাৰ কাৰণে এই বাটটোৱেই ব্যৱহাৰ কৰিছিল।
বাৰিষাৰ বতৰতো খালটো প্ৰায়ে খোজকাঢ়ি পাৰ হ’ব পৰা গৈছিল। অৱশ্যে প্ৰবল বানপানী হ’লে খালটোৰ পাৰে পাৰে পশ্চিম ফালে কিছুদূৰ ভটিয়াই গৈ তমছেৰ ভাইহঁতৰ ঘৰ বৰাবৰ কাপোৰ বচাই খালটো খোজকাঢ়ি পাৰ হ’ব পৰা গৈছিল।
নানাহঁতৰ ঘৰৰ পৰা আলীৰপাম বজাৰলৈ
নানাহঁতৰ ঘৰৰ পৰা আলীৰপাম হাটলৈ যাবলৈ হ’লে পালাৰ পাম, সুতিৰপাৰ, বৰলি প্ৰভৃতি গাঁৱৰ লোকসকলে আলিগাঁও প্ৰাথমিক বিদ্যালয়খনৰ দক্ষিণ ফালেৰে পূবা-পশ্চিমাকৈ প্ৰসাৰিত গো-হালটটো ব্যৱহাৰ কৰিছিল। আলিৰপাম বজাৰলৈ যাবলৈ হ’লে আমিও নানাহঁতৰ ঘৰৰ পৰা ওলাই আলিগাঁও প্ৰাথমিক বিদ্যালয়ৰ পশ্চিম কাষেৰে গৈ সেই গোহালটটোত উঠিছিলোঁ। তাৰ পাছত পূব দিশে প্ৰায় এক মাইলমান যোৱাৰ পাছত লখিমপুৰ জিলাৰ তদানীন্তন ধেমাজি মহকুমাৰ শিচিকলঘৰ-টেকেলিফুটাৰ পৰা বাঘবৰৰ পৰা প্ৰায় তিনি কিলোমিটাৰ দক্ষিণে অৱস্থিত দলাগাঁওলৈকে বিস্তৃত মথাউৰিটোত উঠিছিলোঁ। মথাউৰিটোৰে প্ৰায় পঞ্চাশ-ষাঠি মিটাৰমান যোৱাৰ পিছত মাথাউৰিৰ পৰা নামি খোজকাঢ়ি প্ৰায় আধা মাইল যোৱাৰ পাছতেই আলিৰপাম বজাৰ পোৱা গৈছিল।
আলিৰপামত দৈনিক বজাৰৰ লগতে প্ৰতি শুকুৰবাৰে সাপ্তাহিক হাটো বহিছিল। ব্ৰহ্মপুত্ৰ নদখন বজাৰখনৰ পৰা আনুমানিক প্ৰায় এক কিলোমিটাৰমান দক্ষিণে অৱস্থিত আছিল। বজাৰৰ পূবফালেদি বৈ যোৱা এটা সুঁতি ব্ৰহ্মপুত্ৰ নদত মিলিত হৈছিল। সুঁতিটো খৰালি কালি প্ৰায় শুকাই গৈছিল আৰু বাৰিষাকালি ফেনে-ফুটুকাৰে ওফন্দি উঠিছিল।
আলিৰপাম বজাৰত বহুতো হিন্দু ব্যৱসায়ীৰ বিভিন্ন ধৰণৰ দোকান আছিল। সেই দোকানীসকলৰ ভিতৰত নিত্যানন্দ সাহা, গৌড় সাহা, তাৰাপদ সাহা, সূৰ্য সাহা, নাৰায়ণ বসাক আৰু মুস্তি বেপাৰীৰ নাম বিশেষভাৱে উল্লেখযোগ্য। বজাৰখনত ৰাখাল সূত্ৰধৰ নামৰ এজন হাতুড়ে চিকিৎসকো আছিল। হাতুড়ে চিকিৎসক হ’লেও সেই সময়ত তেওঁৰ যথেষ্ট নাম-ডাক আছিল অঞ্চলটোত।
তাহানি বাঘবৰ অঞ্চলৰ পৰা বৰপেটালৈ যাতায়াত ব্যৱস্থা-
তেতিয়া বৰপেটাৰ পৰা মন্দিয়া, দীঘিৰপাম হৈ বাঘবৰলৈকে প্ৰসাৰিত পি.ডব্লিউ.ডি. ৰাস্তাটোৰ বাহিৰে বৰপেটাৰ দক্ষিণ অঞ্চলত প্ৰায় কোনো পকী বা তেনে কোনো নিৰ্দিষ্ট পথ নাছিল। অৱশ্যে যথেষ্ট গো-হালট আছিল। তেতিয়া সেই একমাত্ৰ পি.ডব্লিউ.ডি. পথটোৰে খোজকাঢ়ি দীঘিৰপাম হৈ বৰপেটা বা মন্দিয়ালৈ অহা-যোৱা কৰিব লাগিছিল। কাৰণ তেতিয়া গাড়ী-মটৰৰ কথাতো বাদেই, আমাৰ অঞ্চলত চাইকেলো প্ৰায় নাছিলেই।
তেতিয়া আলীগাঁও অঞ্চলত মাত্ৰ তিনিখন চাইকেল আছিল। এখন আছিল আলীগাঁৱৰ আমাৰ নানা ধনাই হাজীৰ, এখন দানেশ মুন্সীৰ আৰু আনখন সাৰগাঁৱৰ মাগন বেপাৰীৰ। শুনিবলৈ পোৱা মতে, মাগন বেপাৰীৰ সেই চাইকেলখন হেনো এতিয়াও আছে। এইবোৰ ষাঠিৰ দশকৰ প্ৰথম ভাগৰ কথা।
গড়ল-চাচৰা এম.ই. মাদ্ৰাছাত পঢ়ি থকা সময়ত মই কে’বাবাৰো আলীগাঁৱৰ পৰা সেই পি.ডব্লিউ.ডি. ৰাস্তাটোৰে দীঘিৰপাম হৈ খোজকাঢ়ি মন্দিয়া আৰু বৰপেটালৈ যাতায়াত কৰিছোঁ। মন্দিয়ালৈ অহাৰ পাছতো আন এক বিড়ম্বনা আছিল। তেতিয়া মন্দিয়াৰ পৰা খেয়াৰে ভেলেঙী নদী পাৰ পাৰ হব লগা হৈছিল। খেয়াৰে ভেলেঙী পাৰ হোৱাৰ পাছত বাছগাড়ী থাকিলে বাছেৰে আৰু বাছ নাথাকিলে খোজকাঢ়ি বৰপেটালৈ যাব লাগিছিল। অৱশ্যে বাছ খুব কমেই পোৱা গৈছিল। বেছিৰ ভাগ সময় খোজকাঢ়িয়ে যাব লগা হৈছিল।
সেই সময়ত বাছৰ ভাড়া দুই প্ৰকাৰৰ আছিল। আগফাল আৰু পিছফাল হিচাপে বহা আসন ভাগ কৰা আছিল। আগফালৰ আসনৰ ভাড়া পঞ্চাশ পইচা আৰু পিছফালৰ আসনৰ ভাড়া চল্লিশ পইচা আছিল। বাছখনৰ আগফালত পথালিকৈ তক্তাৰে বেৰা দি বাছখন দুটা ভাগত ভাগ কৰা হৈছিল। আগফালে পথালিকৈ আৰু পিছফালে দীঘলীয়াকৈ তক্তাৰে বেঞ্চ সাজি দিয়া হৈছিল। শেষৰ পৰ্যায়ত কোনো কোনো বাছত নাৰিকলৰ বাকলিৰ আঁহ আৰু প্লাষ্টিকেৰে গাদী সাজি তক্তাৰ ওপৰত পাৰি দিয়া হৈছিল।
মন্দিয়াৰ পৰা বৰপেটালৈ যোৱা বাছৰ কোনো নিশ্চয়তা নাছিল। সেয়েহে বহুতে খেয়াৰে ভেলেঙী নদী পাৰ হৈ সিপাৰে বাছ নাথাকিলে বাছৰ বাবে অপেক্ষা নকৰি খোজকাঢ়িয়েই বৰপেটালৈ গৈছিল। ময়ো কে’বাদিনো ভেলেঙী নদী পাৰ হৈ খোজকাঢ়ি বৰপেটালৈ যাতাযাত কৰিছোঁ।
১৯৭১ চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত মোক এখন চাইকেল কিনি দিয়া হৈছিল। চাইকেলখন পোৱাৰ পিছত অৱশ্যে মই চাইকেল লৈ মন্দিয়া-বৰপেটালৈ অহা-যোৱা কৰিছোঁ। বাহুল্য হ’লেও উল্লেখ কৰিবই লাগিব যে, তেতিয়া মোক সত্তৰ টকাৰে এখন ৰবাৰ চাইকেল কিনি দিয়া হৈছিল। চাইকেলখন গোৱালপাৰাৰ পৰা আমাৰ উত্তৰ পাৰাৰ চোবাহান বেপাৰীয়ে কিনি আনি দিছিল।
চোবাহান বেপাৰীৰ পুত্ৰ গোলাপ হুছেইন মোৰ বন্ধু আছিল। সেই সুবাদতে চোবাহান বেপাৰীয়ে মোক বৰ মৰম কৰিছিল। কেৱল চোবাহান বেপাৰীই নহয়, মই পঢ়া-শুনা কৰি থকা কাৰণে তেতিয়া বহুতেই মোক মৰম-স্নেহ কৰিছিল। সেই সময়ত একেখন পাৰাৰ ল’ৰা-ছোৱালীক বহুতে নিজৰ সন্তানৰ দৰে মৰম-চেনেহ আৰু আদৰ-যত্ন কৰিছিল। এতিয়া সেইবোৰ কথা ভাবিলেও আচৰিত লাগে।
জাহানাৰপাৰৰ পৰা বৰপেটালৈ যাতায়াত
গড়লাৰ শ্লুইচ গেটৰ পৰা আলিগাঁও পাথাৰ, আলিগাঁও, পালাৰপাম, সুতিৰপাৰ আৰু বাঘবৰলৈকে নিৰ্মিত মথাউৰিটো ১৯৬৪ চনত পুনৰ গৰাখহনীয়াৰ কবলত পৰাত গড়াল-চাচৰা এম, ই মাদ্ৰাছাৰ পূৱ ফালে থকা পুৰণি মাথাউৰিৰ লগত সংযোগ কৰি চাচৰা, মাণিকপুৰ, শিলুশি, পালাৰপামৰ মাজেৰে সুতিৰপাৰলৈকে নতুন মথাউৰি নিৰ্মাণ কৰি সুতিৰপাৰৰ পশ্চিম দিশত অৱস্থিত বাঘবৰলৈকে প্ৰসাৰিত পুৰণি মথাউৰিৰ লগত সংযোগ কৰা হয়। এই নতুন মথাউৰি নিৰ্মাণ হোৱাৰ পাছত দীঘিৰপাৰ হৈ আমাৰ বৰপেটালৈ যাতায়াত বন্ধ হৈ যায়। তেতিয়া জাহানাৰপাৰৰ পৰা বৰপেটালৈ আহিবলৈ হ’লে বাঘবৰ থানাৰ ওচৰৰ পৰা মথাউৰিত উঠি মথাউৰিৰে সুঁতিৰ পাৰ, শিলুশী গাঁও হৈ খোজকাঢ়ি মাণিকপুৰলৈ আহিব লাগিছিল। মাণিকপুৰৰ পৰা আকৌ কলিমুদ্দিনৰ খেয়াৰে এটা সৰু খাল পাৰ হৈ মন্দিয়াৰ পৰা শিলুশিলৈকে বিস্তৃত পিডব্লিউডি ৰাস্তাত উঠি সত্ৰ কনৰা হৈ মন্দিয়ালৈ আহি বৰপেটালৈ আহিব লগা হৈছিল।
শিলুশি, সুতিৰপাৰৰ মাজেৰে অহা মথাউৰিটো ১৯৮০ চনত ব্ৰহ্মপুত্ৰ নদৰ খহনীয়াৰ কবলত পৰাৰ পাছত মাণিকপুৰ গাঁৱৰ উত্তৰফালে থকা পুৰণা মথাউৰিৰ সৈতে সংযোগ কৰি শিলুশী আৰু বৰলি গাঁৱৰ মাজেৰে বাঘবৰ পাহাৰলৈকে পুনৰ মথাউৰি নিৰ্মাণ কৰা হয়।
তেতিয়া আমাৰ জাহানাৰপাৰৰ পৰা বৰপেটালৈ আহিবলৈ হ’লে খৰালি কালত বাঘবৰ থানাৰ সন্মুখেৰে আহি নতুনকৈ নিৰ্মিত মথাউৰিত উঠি সত্ৰকনৰাহৈ মন্দিয়ালৈ আহি বৰপেটালৈ আহিব লগা হৈছিল। কিছুদিন পাছতে নতুনকৈ নিৰ্মিত মথাউৰিটো খহনীয়াৰ ভাবুকিৰ সন্মুখীন হোৱাত বৰলিৰ পৰা পুনৰ বাঘবৰ পাহাৰৰ উত্তৰ দিশত অৱস্থিত বাঘবৰৰ আৰিমত্ত থান তথা বাঘবৰ হাইস্কুললৈকে নিৰ্মাণ কৰা হয়। তেতিয়া আমি জাহানাৰপাৰৰ পৰা বৰপেটালৈ আহিবলৈ হ’লে বাঘবৰ পাহাৰৰ উত্তৰ ফালেৰে আহি বাঘবৰ হাইস্কুলৰ কাষত থকা মথাউৰিত উঠি খোজকাঢ়ি সত্ৰ কনৰা হৈ মন্দিয়ালৈ আহিব লাগিছিল। তাৰ পাছত মন্দিয়াত খেয়াৰে ভেলেঙী নদী পাৰ হৈ পি.ডব্লিউ.ডি. ৰাস্তাত উঠি বাছ থাকিলে বাছেৰে আৰু বাছ নাথাকিলে খোজকাঢ়িয়ে বৰপেটালৈ আহিব লাগিছিল। আনহাতে, বাৰিষা কালি বহু সময়ত নাৱেৰে কাদংলৈ আহি, কাদঙৰ পৰা বাছেৰে বৰপেটালৈ আহিব লগা হৈছিল।
মথাউৰিৰ পৰিৱৰ্তনৰ ইতিহাস

ব্ৰহ্মপুত্ৰ নদৰ খহনীয়াৰ কবলত পৰাৰ ফলত বামুন দংৰাৰ পশ্চিম ফালে পুৰণি মথাউৰিৰ লগত সংযোগ কৰি কে’বাবাৰো নতুনকৈ মথাউৰি নিৰ্মাণ কৰিব লগা হৈছে। লখিমপুৰৰ পৰা বাঘবৰৰ দক্ষিণ দিশত অৱস্থিত দলাগাঁওলৈকে বিস্তৃত মথাউৰিটো ১৯৬১ চনত ব্ৰহ্মপুত্ৰ নদৰ গৰাখহনীয়াৰ কবলত পৰে। ফলত গড়লাৰ শ্লুইচ গেট বজাৰৰ দক্ষিণফালে থকা পুৰণি মথাউৰিৰ সৈতে সংযোগ কৰি আলীগাঁও পথাৰ, আলীগাঁও, পালাৰপাম, সুঁতিৰপাৰ আদি গাঁৱৰ মাজেৰে বাঘবৰলৈকে পুনৰ নতুনকৈ মথাউৰি নিৰ্মাণ কৰা হয়।
গড়লাৰ শ্লুইচ গেটৰ পৰা আলিগাঁও পাথাৰ, আলিগাঁও, পালাৰপাম, সুতিৰপাৰ আৰু বাঘবৰলৈকে নিৰ্মিত মথাউৰিটো ১৯৬৪ চনত পুনৰ গৰাখহনীয়াৰ কবলত পৰাত গড়াল-চাচৰা এম, ই মাদ্ৰাছাৰ পূৱ ফালে থকা পুৰণি মাথাউৰিৰ লগত সংযোগ কৰি চাচৰা, মাণিকপুৰ, শিলুশি, পালাৰপামৰ মাজেৰে সুতিৰপাৰলৈকে নতুন মথাউৰি নিৰ্মাণ কৰি সুতিৰপাৰৰ পশ্চিম দিশত অৱস্থিত বাঘবৰলৈকে প্ৰসাৰিত পুৰণি মথাউৰিৰ লগত সংযোগ কৰা হয়।
কিন্তু এই মথাউৰিটোও ১৯৮০ চনত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কবলত পৰে। তাৰ পিছত মাণিকপুৰ গাঁৱৰ উত্তৰফালে থকা পুৰণা মথাউৰিৰ সৈতে সংযোগ কৰি শিলুশী আৰু বৰলি গাঁৱৰ মাজেৰে বাঘবৰ পাহাৰলৈকে মথাউৰিটো পুনৰ নিৰ্মাণ কৰা হয়। কিছুদিন পাছতে নতুনকৈ নিৰ্মিত মথাউৰিটো খহনীয়াৰ ভাবুকিৰ সন্মুখীন হোৱাত বৰলিৰ পৰা পুনৰ বাঘবৰ পাহাৰৰ উত্তৰ দিশত অৱস্থিত বাঘবৰৰ আৰিমত্ত থান তথা বাঘবৰ হাইস্কুললৈকে মথাউৰি নিৰ্মাণ কৰা হয়।
সেই একেটা বছৰতে চাচৰা আৰু দীঘিৰপাম অঞ্চল ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কবলত পৰে। ফলত বামুণদংৰা হাইস্কুলৰ পশ্চিমফালে থকা পুৰণি মথাউৰিৰ সৈতে সংযোগ কৰি দীঘিৰপাম আৰু চাচৰাৰ মাজেৰে মথাউৰিটো বঢ়াই আনি মাণিকপুৰৰ পুৰণি মথাউৰিৰ সৈতে সংযোগ কৰা হয়।
ইয়াৰ পাছত চাচৰা আৰু মাণিকপুৰৰ উত্তৰ অংশ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কবলত পৰে। ফলত চাচৰা আৰু মাণিকপুৰলৈকে বিস্তৃত মথাউৰিৰ এক বৃহৎ অংশ নদীৰ বুকুত বিলীন হৈ যায়। ফলত দীঘিৰপামৰ পুৰণি মথাউৰিৰ সৈতে সংযোগ কৰি চাচৰাৰ মাজেৰে প্ৰসাৰিত কৰি সত্ৰ কনৰা বজাৰৰ পশ্চিম ফালেদি বৰলি গাঁৱৰ মাজেৰে আগবঢ়াই আনি বাঘবৰ হাইস্কুললৈকে পুনৰ মথাউৰি নিৰ্মাণ কৰা হয়।
সেই মথাউৰিটো বৰ্তমানেও অক্ষত অৱস্থাত আছে যদিও বৰলিৰ পশ্চিম প্ৰান্তত থকা মথাউৰিটো এতিয়া একেবাৰে নদীৰ পাৰত পৰিছে। কেতিয়া কি হয়, সেয়া কোনেও ক’ব নোৱাৰে। ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্বভাৱেই এনেকুৱা—কেতিয়া কোনটো অঞ্চল, কোনটো ৰাস্তা বা মথাউৰি নদীৰ বুকুত বিলীন হৈ যায়, তাৰ কোনো নিশ্চয়তা নাই।
কাদং হৈ বৰপেটালৈ যাতায়াত
কাদং হৈ বৰপেটালৈ যাবলৈ হ’লে প্ৰথমে খোজকাঢ়ি মৰাভাজলৈ যাব লাগিছিল আৰু মৰাভাজৰ পৰা ভাড়া নাওত উঠি কাদংলৈ আহিব লাগিছিল। তাৰ পিছত কাদঙৰ পৰা বাছত উঠি বৰপেটালৈ আহিব লাগিছিল। বাছ নিয়মীয়া নাছিল। সেয়ে কেতিয়াবা খোজকাঢ়িও জনীয়াৰ হৈ বৰপেটালৈ আহিব লগা হৈছিল।
ভাড়াৰ নাওৰ কথা যেতিয়া উঠিলেই, এটা কাহিনী কওঁ শুনক। সেই সময়ত সাওঁৰাচৰা গাঁৱৰ বাদল খানৰ যথেষ্ট নাম-ডাক আছিল। তেওঁ ক’ৰবালৈ গ’লে তেওঁৰ লগত কমেও দহ-বাৰজন মানুহ থাকিছিল। সাওঁৰাচৰা গাঁওখন বেঁকী নদীৰ উত্তৰ পাৰে অৱস্থিত। সাওঁৰাচৰাৰ পৰা বৰপেটালৈ আহিবলৈ হ’লে বালিকুৰি হৈ কলগাছিয়ালৈ চাইকেলেৰে আহি, তাৰ পাছত কলগাছিয়াৰ পৰা বাছত উঠি বৰপেটালৈ আহিব লাগিছিল। নতুবা কৰাৰকুৰত খেয়াত বেঁকী নদী পাৰ হৈ চাইকেলেৰে অথবা বাছ চলি থাকিলে বাছত উঠি বৰপেটালৈ আহিব লাগিছিল। কাৰণ কৰাৰকুৰৰ পৰা বৰপেটালৈ সেই সময়ত বাছ চলাচল কৰিছিল। অৱশ্যে বাছ নিয়মীয়া নাছিল।
সেয়ে বাদল খানে বহু সময়ত ভাড়াৰ নাওতো উঠিও বৰপেটালৈ আহিছিল। এদিন মই কাদংলৈ আহিবলৈ মৰাভাজৰ ফেৰীঘাটত বহি ভাড়াৰ নাওৰ বাবে অপেক্ষা কৰি আছিলোঁ। এনেতে এখন নাও আহি ঘাটত ভিৰিল। নাওখনত উঠি দেখিলোঁ, বাদল খান চাহাব নাওখনত বহি আছে। আমি আটায়ে সেইখন নাওত উঠি কাদং আহিলোঁ।
কাদঙলৈ অহাৰ পাছত বাদল খান চাহাবে ক’লে— “কোনেও নাওৰ ভাড়া দিব নালাগে। নাওৰ ভাড়া মই দিম।” এইদৰে কৈ তেওঁ পুনৰ ক’লে— “বাছ নাই। সেয়ে সকলোৱে চাহৰ দোকানলৈ গৈ চাহ খাওক। কোনেও চাহৰ পইচা নিদিব, চাহৰ পইচা মই দিম। আৰু যিসকলে বৰপেটালৈ যাব, তেওঁলোকৰ বাছভাড়াও দিব নালাগে।”
আমি আটায়ে চাহ খালোঁ। সিদিনাখন চাহৰ পইচা আৰু বাছভাড়া বাদল খান চাহাবেই দিছিল। কেৱল সিদিনাই নহয়, শুনিবলৈ পাইছিলোঁ যে, তেওঁ ভাড়াৰ নাওত উঠি কাদংলৈ আহিলে প্ৰায় সদায়েই এনেদৰে নাওৰ ভাড়া দিছিল। চনটো ১৯৭৭ হ’ব যেন লাগে। বাদল খানৰ গাৰ বৰণ শ্যামবৰ্ণ আছিল আৰু তেওঁ দেখিবলৈ সুপুৰুষ আছিল।
সিদিনাই ভাড়াৰ নাৱত উঠি আহোঁতে এটা ঘটনা ঘটিছিল। মোৰ ডিঙিত মাছৰ কাঁইট এটা লাগি আছিল। সেইবাবে ডিঙি সুৰসুৰাই থকাত মই অলপ অলপকৈ কাহি আছিলোঁ। মই তেনেকৈ কাহি থকা দেখি খান চাহাবে সুধিলে—“কি হৈছে? এনেকৈ কাহিছে কিয়?”
মই ক’লোঁ— “ডিঙিত মাছৰ কাঁইট লাগিছে। নামি যোৱা নাই।”
তেওঁ তেতিয়াই একো নক’লে। কিছু সময়ৰ পাছত ক’লে— “চাওঁকচোন, কাঁইটটো এতিয়াও আছে নেকি?”
মই দেখিলোঁ, ডিঙিত কাঁইট নাই। মই ক’লোঁ— “কাঁইটটো নাই দেখোন।ক’লৈ গ’ল?”
তেতিয়া বাদল খান চাহাবে ক’লে— “মই জাৰি দিছোঁ, সেইবাবে কাঁইটটো নামি গৈছে।”
বাদল খানৰ কথাই যেতিয়া উঠিছে, তেতিয়া আন এটা দিনৰ কাহিনীও কওঁ শুনক। চনটো ২০১১ হ’ব যেন লাগে। বাৰটো আছিল দেওবাৰ। সেইদিনা পুৱা প্ৰায় সাত বজাত বাদল খান চাহাবৰ সুযোগ্য সন্তান ছাদুল্লা খান চাৰে মোক ফোন কৰি ক’লে— “আবুল চাহাব, ক’ত আছে?”
ছাদুল্লা খান তেতিয়া বঙাইগাঁৱৰ সহকাৰী আই এছ আছিল আৰু বৰপেটা জিলাৰ সৰ্বশিক্ষাৰ সহকাৰী জিলা সমন্বয়ক হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছিল। সেই সূত্ৰে তেওঁৰ সৈতে মোৰ পৰিচয় আছিল। মই ২০০৮ চনত ‘দিগ্বিজয়ী বাবৰ’ নামৰ ঐতিহাসিক উপন্যাসখন প্ৰকাশ কৰিছিলোঁ। তেওঁ উপন্যাসখনৰ ‘দিগ্বিজয়ী বাবৰ’ নামেৰে এটা টোকা লিখি দিছিল। সেই সূত্ৰে মোৰ সৈতে তেওঁৰ ভালেই পৰিচয় আছিল বুলি ক’ব পাৰি।
ফোন ৰিচিভ কৰি মই ক’লোঁ— “কওক ছাৰ, ইমান পুৱাই পুৱাই কিয় ফোন কৰিলে?”
ছাদুল্লা চাহাবে ক’লে— “এঠাইলৈ যাম। আপোনাকো লগত লৈ যোৱাৰ কথা ভাবিছোঁ।”
মই সুধিলোঁ— “ক’লৈ?”
“আহক। গ’লেই জানিব পাৰিব,” ছাদুল্লা চাৰে ক’লে। “আমাৰ ঘৰলৈ চাইকেলখন লৈ আহক। ইয়াৰ পৰা আমি চাৰিচকীয়া লৈ যামহি।”
সিদিনা ছাদুল্লা চাৰে মোক তেওঁলোকৰ সাওঁৰাচৰাৰ ঘৰলৈ লৈ গৈছিল। সৌভাগ্যবশতঃ বাদল খান চাহাব সিদিনা ঘৰতে আছিল আৰু তেওঁ নিজ হাতে আমাক খাদ্য পৰিৱেশন কৰিছিল।
কেৱল সাওঁৰাচৰা অঞ্চলতেই নহয়, পশ্চিম বৰপেটা অঞ্চলৰ উন্নয়নতো বাদল খান চাহাবৰ এক বলিষ্ঠ ভূমিকা আছিল। এই বিষয়ে বৰপেটাৰ বোৱাৰী জুমিত্ৰা দাসে ‘সাওঁৰাচৰা অঞ্চলৰ উন্নয়নত খান পৰিয়ালৰ ভূমিকা’ শীৰ্ষক বাদল খান চাহাবৰ কৰ্মজীৱনৰ ওপৰত ‘সম্প্ৰীতি বাৰ্তা’ নামৰ আলোচনীত ২০১৭ চনত এটি তথ্যগধুৰ প্ৰবন্ধ লিখিছিল। প্ৰবন্ধটোত তেওঁৰ এন্তেকালৰ পাছৰ কিছু তথ্য সংযোজন কৰি ইয়াত সন্নিৱিষ্ট কৰা হ’ল।
সাওঁৰাচৰা অঞ্চলৰ উন্নয়নত খান পৰিয়ালৰ ভূমিকা
বৰপেটা চহৰ সংলগ্ন গণক কুচি গাঁওৰ মাননীয় ৰামতন দাস চাহাৱৰ ঘৰৰ বোৱাৰি হৈ অহাৰ পৰাই লক্ষ্য কৰিছিলো যে কুর্তা পায়জামা পৰিহিত নেতা যেন লগা এগৰাকী মুছলমান মানুহ এইখন ঘৰলৈ সঘনে অহা যোৱা কৰে। ৰক্ষণশীল ঘৰৰ জিয়ৰী হিচাপে প্ৰথমাৱস্থাত মই অলপ সংকোচ বোধ কৰিছিলো যদিও তেখেতৰ কথা জানিব পাৰি শ্ৰদ্ধাত মূৰ দো খাই গৈছিল। তেখেত আছিল মোৰ শশুৰৰ একান্ত বন্ধু মাননীয় বাদল খান চাহাব। মোৰ শশুৰ ৰামতন দাস ডাঙৰীয়া চৰকাৰী কৰ্তব্যৰ খাতিৰত বহুদিন তেখেতৰ ঘৰত অৱস্থান কৰিব লগা হৈছিল। সেই সূত্ৰে দুয়োৰে সম্পৰ্ক আছিল ভ্ৰাতৃ প্ৰতীম। কৌতুহলবশতঃ এই মানুহজনৰ বিষয়ে জানিবলৈ শশুৰ দেৱক খাটনি ধৰিছিলো। তেখেতেও সময় বুজি বাদল খান চাহাৱ আৰু তেখেতৰ পৰিয়ালৰ বিষয়ে আতিগুৰি লগাই বর্ণনা কৰি গৈছিল। শশুৰ দেউতাৰ মুখত শুনা সাধুকথাৰ নায়ক যেন লগা খান চাহাব আৰু তেখেতৰ পৰিয়ালৰ বিষয়ে দু-আষাৰ মান লিখাৰ লোভ সামৰিব নোৱাৰিলো।
আধুনিক বিশ্বৰ সংস্পৰ্শলৈ অহা বৰপেটা চহৰৰ পশ্চিম দিশত অৱস্থিত সাওঁৰাচৰা গাঁওখনৰ অতীত ৰোমন্থন কৰিবলৈ গ’লে এই অঞ্চলৰ বিশিষ্ট ব্যক্তি মহঃ বাদল খান চাহাবৰ কথা অপৰিহাৰ্য্য হৈ পৰে। তেখেতৰ পিতৃ মৰহুম মফিজ খান চাহাব এই গাঁওখনলৈ আহিছিল ১৯৪৬ চনত। খান চাহাৱৰ আতা ছাবেদ খান আছিল অবিভক্ত বঙ্গদেশৰ ময়মনসিং জিলাৰ অন্তৰ্গত নিলজা গাওঁৰ এজন প্ৰতিষ্ঠিত ব্যক্তি। ছাবেদ খানৰ বৰপুত্ৰ জনাব খানে বঙ্গৰ স্থানীয় জমিদাৰ চানমিঞা চাহাবৰ কাছাৰীত চিৰস্তাদাৰৰ চাকৰি কৰিছিল। এবাৰ কিবা কথাত জমিদাৰৰ টেকেলাৰ লগত হোৱা মতানৈক্যৰ ফলত তেখেতে চাকৰি এৰিব লগা হৈছিল। কিছুদিন পিছত তেখেতৰ অন্য তিনিজন ভাই ক্রমে মফিজ খান, বুদ্ধু খান আৰু কুৰপান খানৰ লগত মিলি অসমৰ তেজপুৰ চহৰত অৱস্থিত মিলিটাৰী কেম্পত হাঁহ-কুকুৰা যোগান ধৰা ব্যৱসায় আৰম্ভ কৰিছিল। ১৯৩৫ চনৰ পৰা ১৯৩৮ চনলৈ তেওঁলোক এই লাভজনক ব্যৱসায়ৰ লগত জড়িত আছিল। কিন্তু সেই সময়ৰ ৰাজনৈতিক ধামখুমীয়াৰ পাকচক্ৰত পৰি এই ব্যৱসায় বন্ধ হৈ যায়। এনে এক পৰিস্থিতিত তেওঁলোক অসমৰ সাৰুৱা মাটিত কৃষিকাৰ্য কৰি জীৱিকা নিৰ্বাহ কৰিবলৈ মন মেলে। ইতিমধ্যে তেওঁলোকৰ কিছু নিকটাত্মীয়ই কলগাছিয়াৰ সমীপৱৰ্তী বালাৰপথাৰ গাঁওত বসতি স্থাপন কৰা সূত্ৰে ১৯৩৯ চনত তেঁওলোক বঙ্গদেশৰ নিজ গাঁওৰ পৰা নাৱেৰে উজাই আহি এইখন গাওঁৰ দক্ষিণ প্ৰান্তত মাটি কিনি বসবাস আৰম্ভ কৰে। পৰিয়ালত সদস্যৰ সংখ্যাধিক্যলৈ চাই মাটি কম হোৱা বাবে ১৯৪৬ চনত আটাইকেইজন ভাই ককাই সাওঁৰাচৰালৈ উঠি আহি কুজৰত মুন্সী নামৰ মানুহজনৰ পৰা চল্লিশ বিধা মাটি কিনি স্থায়ীভাবে বসতি স্থাপন কৰে।
সেই সময়ত সাওঁৰাচৰা গাওঁৰ পুৰণি বাসিন্দা আছিল পাশান আকন্দ, আশকৰ আলী মণ্ডল, চান্দ আলী, ছৈয়দ আলী আকন্দ, বদৰ আলী, তালেব শেখ, ছাদেক আলী (পশ্চিম পাৰা), মাণিক দেৱানী, ৰেফাজ শেখ, আব্দুছ ৰশিদ মৌলৱী, মাতাব খাঁ, কুৰান শেখ, চাদেক আলী, মাতাব মুন্সী(পূৱ পাৰা), জুৰান আলী দেৱানী, আব্দুছ ছোবাহান, আব্দুৰ ৰহমান, ইজ্জত আলী মুন্সী, দাৰোগালী, সৰিয়তুল্লা মুন্সী, ছত্তৰ খাঁ, গান্ধু হাজী(দক্ষিন পাৰা) আদি। সেই সময়ত সাওঁৰাচৰা গাঁওখন আজিৰ দৰে ভাগ হোৱা নাছিল যদিও কেইবাটাও চুবা (পাৰা)হিচাপে চিহ্নিত কৰা হৈছিল।
নতুনকৈ আহি বসতি স্থাপন কৰা মফিজ খান চাহাব এজন সৰবৰাহী প্ৰভাৱশালী ব্যক্তি আছিল। প্ৰভাৱশালী ব্যক্তিত্বৰ বাবে ১৯৫০ চনত প্রথম বাৰৰ বাবে তেখেতক সাওঁৰাচৰা গাওঁৰ চৰকাৰী গাওঁবুঢ়া হিচাপে নিযুক্তি দিয়া হৈছিল। তেতিয়ালৈকে গাঁওখনত কোনো আনুষ্ঠানিক শিক্ষা প্রতিষ্ঠান নাছিল। কিন্তু স্থানীয় ৰাইজে মছজিদক কেন্দ্ৰ কৰি দুই এখন মক্তৱ প্ৰতিষ্ঠাৰ জৰিয়তে প্রাথমিকভাৱে আৰৱী শিক্ষাৰ প্ৰচলন পূৰ্বৰ পৰাই কৰিছিল। ১৯৫২ চনত মফিজ গাওঁবুঢ়াৰ নেতৃত্বত গাওঁখনৰ পশ্চিম প্ৰান্তত অৱস্থিত জুব্বাৰ আলী চাহাৱৰ চুবুৰীত এখন প্ৰাইমাৰী বিদ্যালয় প্রতিষ্ঠা কৰে। সেই সময়ত এই অঞ্চলত শিক্ষক হ’ব পৰা কোনো উপযুক্ত ব্যক্তি নথকাৰ বাবে বেতবাৰী নিবাসী চেৰাগ আলী চাহাৱক শিক্ষকৰ দ্বায়িত্ব অৰ্পণ কৰা হৈছিল। সেইখন স্কুল
পিছলৈ ৮৬২ নং সাওঁৰাচৰা নিম্ন বুনিয়াদী প্রাথমিক বিদ্যালয় নামেৰে চৰকাৰীকৰণ হয়। গাওঁখনত পৰ্যায়ক্রমে জনসংখ্যা বৃদ্ধিৰ লগে লগে শিক্ষানুষ্ঠানৰ চাহিদাও বাঢ়ি যায়। তেনে এক পৰিস্থিতিত ১৯৫৯ চনত গাঁওবুঢ়া চাহাবৰ পৃষ্ঠপোষকতাত গাঁওখনত আন এখন বিদ্যালয় স্থাপন কৰা হয়। এইখন বিদ্যালয় পিছলৈ ৯৩৩ নং সাওঁৰাচৰা মাজৰগাওঁ বুনিয়াদী বিদ্যালয় নামেৰে চৰকাৰীকৰণ হয় । এইখিনিতে উল্লেখ কৰিব পাৰি যে সেই সময়ত সাওঁৰাচৰা গাঁৱখন আজিৰ দৰে গাওঁ, ৰিজাৰ্ভ আৰু পথাৰ হিচাপে ভাগ কৰা হোৱা নাছিল। ঠিক তেনেকৈ ১৯৬২ চনত মফিজ খান গাওঁবুঢ়াৰ পৰামৰ্শ মতে দক্ষিণ চুবাৰ জুৰান আলী চাহাৱৰ নেতৃত্বত আন এখন প্রাথমিক বিদ্যালয় স্থাপন কৰা হৈছিল। সেইখন বর্তমান ১০৯৫ নম্বৰ সাওঁৰাচৰা জনপ্ৰিয় প্রাথমিক বিদ্যালয় নামেৰে চৰকাৰী নথিভূক্ত হৈ আছে। শিক্ষা প্ৰতিষ্ঠানৰ উপৰিও গাঁওবুঢ়া চাহাবে স্থানীয় মুৰব্বীসকলৰ সহযোগত প্ৰতিষ্ঠা কৰা অন্যান্য প্রতিষ্ঠান সমূহৰ ভিতৰত সাওঁৰাচৰা মধ্যপাৰা মছজিদ(১৯৫৫), সাওঁৰাচৰা মাজৰগাওঁ ঈদগাহ (১৯৫৯), সাওঁৰাচৰা বজাৰ (১৯৬২) আদি উল্লেখযোগ্য। তেখেতৰ শিক্ষা বিস্তাৰৰ প্ৰতি থকা প্ৰৱল ধাউতি কেৱল নিজ গাওঁখনতে সীমাৱদ্ধ নাছিল। সেই সময়ত পশ্চিম বৰপেটা অঞ্চলত স্থাপন কৰা কেইবাটাও অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত তেখেত ওতঃপ্রোতভাৱে জড়িত আছিল। তেখেত ১৯৫৮ চনত প্ৰতিষ্ঠা কৰা কাদং হাইস্কুলৰ প্ৰতিষ্ঠাপক মেনেজিং কমিটিৰ এজন সদস্য হিচাপে মনোনীত হৈছিল। ১৯৬২ চনত তেখেতৰ নেতৃত্বত প্ৰতিষ্ঠিত ৰামপুৰ জনকল্যাণ এম. ই মাদ্ৰাছাৰ তেখেত প্ৰতিষ্ঠাপক সভাপতি আছিল।
ইয়াৰোপৰিও বাঘবৰ থানাৰ অন্তৰ্গত এই অঞ্চলৰ বাবে গঠিত ভি ডি পি দলৰ তেখেত প্ৰতিষ্ঠাৰক সম্পাদক আছিল। সেই সময়ত বাঘবৰ থানা ভিত্তিক অনুষ্ঠিত খেল-ধেমালি প্রতিযোগিতাত ওজন দলিওৱা (ওয়েট থ্রো) খেলত তেখেতে প্ৰথম পুৰস্কাৰ লাভ কৰিছিল। সামাজিক কাম-কাজত ঘুৰি ফুৰাৰ কাৰণে বেগী বাহন হিচাপে তেখেতে তিনিটাকৈ তেজী ঘোঁৰা ব্যৱহাৰ কৰিছিল। অঞ্চলটোৰ এগৰাকী প্রভাৱশালী ব্যক্তি হিচাপে তেতিয়াৰ বিধায়ক এডভোকেট আব্দুৰ ৰৌফ, ফখৰ উদ্দিন আলী আহমেদ, বৰপেটাৰ মুন্সীফ আদালতৰ জেষ্ঠ্য অধিবক্তা অধৰ বাবুকে আদি কৰি গণ্যমানা ব্যক্তিসকলৰ লগত তেখেতৰ সু-সম্পৰ্ক আছিল। ১৯৫৭ চনত ফখৰ উদ্দিন আলী আহমেদ ডাঙৰীয়াই তেখেতৰ ঘৰত অৱস্থান কৰি নিৰ্বাচনী প্ৰচাৰ চলাইছিল। সেই সময়ত গাওঁখনত প্রচলিত দুৰ্নীতিৰ বিৰূদ্ধে জেহাদ ঘোষণা কৰি অঞ্চলটোৰ সৰ্ব্বাঙ্গীন উন্নতিৰ বাবে আগ-ভাগ লোৱাত এচাম দুস্কৃতিকাৰীৰ তেখেত চকুৰ কুটা দাঁতৰ শাল হৈ পৰিছিল। এই শত্ৰুতাই শেষত চৰম পর্যায় পাইছিলগৈ। ১৯৬৪ চনৰ ভৰ-বাৰিষা জুন মাহৰ শেষৰ ফালে কোনোবা এটা মেঘাছন্ন আবেলি ভি ডি পি দলৰ সম্পাদক হিচাপে বাঘবৰ থানাত কৰ্তব্য পালন কৰি নাওযোগে ঘৰলৈ উভতি অহাৰ বাটত এদল দুস্কৃতিকাৰীয়ে ছলনাৰে অপহৰণ কৰি তেওঁক নিৰ্মমভাৱে হত্যা কৰিছিল। (ইন্না লিল্লাহি ওৱা ইন্না ইলায়হি ৰাজিউন)।
বাদল খান চাহাবৰসামাজিক আৰু শিক্ষাৰ ক্ষেত্ৰত অৱদান
মৰহুম মফিজ খান গাওঁবুঢ়াৰ মাজু পুত্ৰ বাদল খান চাহাবৰ তেতিয়া বয়স হৈছিল ৩০ বছৰ। শোকাকুল পুত্ৰ হিচাপে পিতৃ হত্যাৰ নির্মম হত্যাৰ কথা শুনি প্রথম অৱস্থাত বিচলিত হৈ পৰিছিল। স্বাভাৱিকভাৱেই পুত্ৰ হিচাপে এই হত্যাৰ প্ৰতিশোধকল্পে তেখেতে কিছু কঠোৰ সিদ্ধান্ত ল’ব লগা হৈছিল। পিছলৈ পিতৃৰ পিতাকৰ পদাঙ্ক অনুসৰণ কৰি বাদল খান চাহাবো বৃহত্তৰ বৰপেটা অঞ্চলৰ বিভিন্ন সামাজিক কাম-কাজ আৰু শিক্ষা প্রতিষ্ঠান স্থাপনৰ লগত জড়িত হৈ পৰিছিল। তেখেতৰ নেতৃত্বত ১৯৬৪ চনত সাওঁৰাচৰা ৰিজাৰ্ভত আন এখন প্ৰাথমিক বিদ্যালয় প্রতিষ্ঠা কৰা হয়। পাছলৈ এইখন বিদ্যালয়ক ১৩০৪ নং সাওঁৰাচৰা ৰিজাৰ্ভ প্ৰাথমিক বিদ্যালয় নামেৰে চৰকাৰীকৰণ কৰা হয়। তেখেত ১৯৬৪-৬৫ চনত বালিকুৰি এম ই মাদ্ৰাছাৰ পৰিচালনা সমিতিৰ দাতা সদস্য হিচাপে মনোনীত হৈছিল। বর্ধিত জনসংখ্যাৰ চাহিদা অনুসাৰি তেখেতৰ পৃষ্ঠপোষকতাত ১৯৭৬ আৰু ১৯৭৭ চনত সাওঁৰাচৰা গাওঁৰ মৰা বেঁকীৰ উত্তৰ আৰু দক্ষিণ পাৰে যথাক্ৰমে ১৬৫৭ নং আৰু ১৭৫৭ নং সাওঁৰাচৰা গাঁও আৰু পাথাৰ প্ৰাথমিক বিদ্যালয় স্থাপন কৰা হয় । সেই সময়ত বৃহত্তৰ এই অঞ্চলত উচ্চশিক্ষাৰ কোনো প্রতিষ্ঠান নথকাত প্রায় বিলাক ছাত্র-ছাত্রীয়ে প্ৰাথমিক শিক্ষা সমাপ্ত কৰি শিক্ষা জীৱনৰ অন্ত পেলাবলগীয়া হৈছিল। তেনে এক পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে তেখেতে স্থানীয় মুৰব্বীসকলৰ সহযোগত ১৯৭৭ চনত তেখেতৰ পিতৃৰ নামেৰে নামকৰণ কৰি মফিজ খান এম. ই. মাদ্রাছা স্থাপন কৰে। তাৰ ঠিক পিছৰ বছৰত একে স্থানত এখন হাইস্কুলো প্রতিষ্ঠা কৰে। ১৯৯৪ চনত তেখেতৰ একান্ত প্রচেষ্টাত হাইস্কুলখন উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত হয়। নাৰী শিক্ষাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি পৰৱৰ্তী সময়ত তেখেতে সাওঁৰাচৰা মাজৰ গাওঁত এখন ছোৱালী এম, ই মাদ্ৰাছা স্থাপন কৰে। ইয়াৰোপৰি এই বৃহত্তৰ অঞ্চলৰ অন্তৰ্গত শোলমাৰী গাওঁত ১৯৭৯ চনত স্থাপন হোৱা মাদ্ৰাছা (পাছত উচ্চতৰ মাধ্যমিক পৰ্য্যায়লৈ উন্নীত) আৰু ২০০০ চনত জনতা বজাৰত স্থাপিত বেঁকী ভেলী কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক সভাপতি, লাংলা বি বি মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ কাৰ্য্যকৰী সদস্য, বামুনটাৰী আতাউৰ ৰহমান কলেজ অফ এডুকেশনৰ পৰিচালনা সমিতিৰ প্ৰতিষ্ঠাপক কাৰ্য্যকৰী সদস্য, চান্দমামা হাইস্কুল আৰু খাতাৰটাৰী খাৰেজীয়া মাদ্ৰাছাৰ পৰিচালনা সমিতিৰ সভাপতিকে ধৰি তেখেত বহুতো শিক্ষানুষ্ঠানৰ লগত প্রত্যক্ষ ও পৰোক্ষভাৱে জড়িত হৈ আছিল। তেওঁ কলগাছিয়াৰ নৱজ্যোতি মহাবিদ্যালয়ৰো পৰিচালনা সমিতিৰ কাৰ্যকৰী সদস্য আছিল।
উল্লেখিত শিক্ষানুষ্ঠান সমূহ প্ৰতিষ্ঠাৰ জৰিয়তে বৃহত্তৰ এই অঞ্চলৰ শৈক্ষিক পৰিৱেশ উন্নতি কৰাৰ লগতে সংশ্লিষ্ট অঞ্চলসমূহত নিৱনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত এইসমূহ প্ৰচেষ্টা এক যুগান্তকাৰী পদক্ষেপ আছিল। প্রসঙ্গক্রমে উল্লেখ কৰিব পাৰি যে, সামাজিক দায়বদ্ধতা থকা ব্যক্তি হিচাপে অবিভক্ত গোৱালপাৰা জিলাৰ আৰক্ষী অধীক্ষক জীৱেশ্বৰ হাজৰিকাই তেখেতৰ চুপাৰিচ মৰ্মে কুৰিজনৰো অধিক যুৱকক আৰক্ষী কনিষ্টবল হিচাপে নিযুক্তি দিছিল।
বাদল খান চাহাবৰ ৰাজনৈতিক আৰু সামাজিক কর্মক্ষেত্ৰখনো বৰকৈ মন কৰিবলগীয়া। পিতৃ বিয়োগৰ পূৰ্বেই অর্থ্যাৎ ১৯৬২ চনতেই তেখেত সাওঁৰাচৰা গাওঁ পঞ্চায়তৰ সভাপতি পদত নিৰ্বাচিত হৈছিল। এই পদত তেখেতে ১৯৬৮ চনলৈ একেৰাহে দুটা কাৰ্যকাল সম্পন্ন কৰিছিল। তেতিয়া পঞ্চায়ত সভাপতিৰ কাৰ্যকাল তিনি বছৰীয়া আছিল। পাছৰ পৰ্যায়ত পুনৰ গঠিত চিকণী গাওঁ পঞ্চায়তৰ সভাপতি হিচাপে তেখেত পুনৰ নিৰ্বাচিত হৈছিল। ১৯৭২ চনত পুনৰ গঠিত হোৱা বৃহৎ দক্ষিণ তিতাপানী গাওঁ পঞ্চায়তৰ তেখেত সভাপতি নিৰ্বাচিত হৈছিল। তাৰ পাছৰটো কাৰ্য্যকালত তেখেত এই পঞ্চায়তৰ পৰা কাউন্সিলাৰ (আঞ্চলিক পঞ্চায়তৰ সদস্য) হিচাপে পুনৰ নির্বাচিত হৈছিল। পৰৱৰ্তী সময়ত তেখেত দক্ষিণ তিতাপানী সমবায় সমিতিৰ সভাপতি হিচাপেও নিৰ্বাচিত হৈছিল। ১৯৯৭ চনত পুনৰ গঠিত চিকলী গাওঁ পঞ্চায়তৰ সভাপতি হিচাপে তেখেত পুনৰ নিৰ্বাচিত হৈছিল।২০০২ চনত বৰপেটা জিলা পৰিষদৰ অন্তৰ্গত বৰভিটা জিলা পৰিষদ সমষ্টিৰ পৰা নিৰ্দলীয় প্রার্থী হিচাপে তেখেত বিপুল ভোটত জয়লাভ কৰিছিল। তেখেতৰ এই সুদীৰ্ঘ ৰাজনৈতিক জীৱনত জনীয়া সমষ্টিৰ বিধায়ক পদতো দুবাৰমান প্রতিদ্বন্দিতা কৰিছিল যদিও কৃতকার্য হ’ব পৰা নাছিল। ইয়াৰোপৰি তেখেত জনীয়া সমষ্টীৰ প্ৰাক্তন বিধায়ক তথা অসমৰ তদানীন্তন কৃষি মন্ত্রী আতাউৰ ৰহমান চাহাবৰ অতি ঘনিষ্ঠ আছিল। সেই সূত্ৰে অসমৰ তদানীন্তন ৰাজহমন্ত্ৰী মহেন্দ্ৰ মোহন চৌধুৰীৰ লগত গঢ়ি উঠা সু-সম্পৰ্কৰ বাবইে ১৯৬৯ চনত তেখেতৰ নেতৃত্বত গোবিন্দপুৰ ৰিজাৰ্ভৰ অন্তৰ্গত সত্ৰকণৰাত ৫২৪ ঘৰ ভূমিহীন মানুহক ভূমি আৱণ্টন দিছিল। সেই সময়ত তাত প্ৰতিষ্ঠা হোৱা নৱনুৰ এল পি স্কুল, দুটা মছজিদ আৰু এটা কবৰস্থান প্রতিষ্ঠা কৰাত তেখেতে আগভাগ লৈছিল। ১৯৭৯ চনত আৰম্ভ হোৱা অসম আন্দোলনৰ প্ৰাক মুহুৰ্তত গোবিন্দপুৰ ৰিজাৰ্ভত চলোৱা উচ্ছেদ অভিযান কালত তেখেতৰ তৎপৰতাত ব্যাপক ধন-জন হানিৰ পৰা ৰাইজ ৰক্ষা পৰিছিল৷
এই অঞ্চলৰ ৰাস্তা ঘাট উন্নয়নৰ দিশতো বাদল খান চাহাৱৰ অৱদান অপৰিসীম। তেখেতৰ আন্তৰিক প্ৰচেষ্টাৰ ফলত ১৯৬৯ চনত চৰকাৰীভাৱে কাদং-হাতছাৰা ৰাস্তা নিৰ্মাণ কৰা হয়। ইয়াৰোপৰি সাওঁৰাচৰা (বৰৈতলী) বজাৰৰ পৰা বেঁকী নদীৰ ঘাট, ৰামপুৰ বজাৰৰ পৰা সাওঁৰাচৰ বজাৰ (মাজৰ কাঠৰ দলং লৈ), সাওঁৰাচৰা বজাৰৰ পৰা খাতাৰটাৰী মাদ্ৰাছা, সাওঁৰাচৰা বজাৰৰ পৰা বালিকুৰী এন ছি (মৰা বেঁকীৰ পাৰে পাৰে)লৈ ৰাস্তা, সাওঁৰাচৰা শান্তি বজাৰ আৰু সংযোগী কাঠৰ দলং আদি তেখেতৰ একান্ত প্রচেষ্টাত নির্মাণ হয়। এই অঞ্চলৰ মাটি জৰীপ কাৰ্যতো তেখেত পৰোক্ষভাৱে বিশেষ ভূমিকা পালন কৰিছিল। এই কামত নিয়োজিত মণ্ডল কাননগো যথাক্রমে অমূল্য দাস (পাটবাউসী) আৰু ৰামৰতন মণ্ডল সুদীর্ঘ কাল তেখেতৰ ঘৰত বাহৰ পাতি আছিল। বৰপেটাৰ সু-সাহিত্যিক শিক্ষাবিদ কৰুণা দত্ত ডাঙৰীয়া কর্মসূত্ৰে তেখেতৰ ঘৰত আশ্ৰয় লৈছিল। তেখেতৰ সুদীৰ্ঘ ৰাজহুৱা জীৱনত ঘনিষ্ঠ সম্পর্ক ৰক্ষা কৰা অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত মন্ত্রী ডাঃ ভূমিধৰ বৰ্মন, জেহেৰুল ইছলাম, অকণ ৰাভা, ওৱাজেদ আলী চৌধুৰী, শুকুৰ আলী, অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ডাঃ তাৰাপ্ৰসাদ দাস, লোকসেৱা আয়োগৰ সদস্য এম মোজাম্মেল হুচেইন, বিধায়ক আব্দুছ ছোৱাহান, এ এফ গোলাম এচমানি, আব্দুল খালেক, চন্দন কুমাৰ সৰকাৰ, সাংসদ ইছমাইল হুছেইন-১, ইছমাইন হুছেইন-২, আঞ্চলিক সভাপতি কাদেৰ বাবু, মোছলেম উদ্দিন মাষ্টাৰ, কলগাছিয়াৰ সামগ্রিক উন্নয়নৰ হোতা কদ্দুছ দেৱানী, মোজাফৰ আলী ভূঞা, ঈমান মাষ্টাৰ, বৰপেটাৰ বিশিষ্ট ব্যক্তি ঘনকান্ত দাস, নাৰায়ন তালুকদাৰ আদিৰ লগত তেখেতৰ সুসম্পৰ্ক আছিল।
তেখেতৰ ব্যক্তিত্ব আৰু বৰ্ণময় ৰাজহুৱা জীৱনৰ স্বীকৃতি হিচাপে বৰপেটা জিলা সংখ্যালঘু উন্নয়ন নিগমৰ (মাইনৰিটি ডেভেলপমেন্ট বোর্ড) উপসভাপতি (২০০৪), কলগাছিয়া শিশুকল্যাণ আঁচনিৰ (আই ছি ডি এচ) বাছনি কমিটিৰ সদস্যৰ (২০০২) দৰে সন্মানীয় পদত চৰকাৰীভাৱে মনোনীত কৰা হৈছিল। তেখেত বৰপেটা জিলা কংগ্ৰেছ কমিটিৰ উপ সভাপতি পদতো সুখ্যাতিৰে কাৰ্য্যনিৰ্বাহ কৰিছিল। বৰ্তমান বাদল খান চাহাবৰ বয়স চাৰি কুৰিৰো অধিক বছৰ অতিক্ৰম কৰিছে যদিও সামাজিক কাম-কাজত এতিয়াও তৰুণ হৈ আছে। অতিসম্প্রতি তেখেতৰ একক প্রচেষ্টাত সাওঁৰাচৰা গাওঁত শান্তি বজাৰ নামেৰে এখন দৈনিক বজাৰ প্ৰতিষ্ঠা কৰি স্থানীয় বহুলোকক ব্যৱসায়ৰ নামত কৰ্ম সংস্থাপনৰ বাট মুকলি কৰি দিছে।
এন্তেকালৰ পাছত সংযোজন
২০১৭ চনৰ ১৯ ফেব্ৰুৱাৰী, সোমবাৰে নিশা আনুমানিক ৯ বজাত এশ্বাৰ নামাজ আদায় কৰাৰ পাছত নিজ বাসগৃহতে আকস্মিকভাৱে তেওঁৰ ইন্তেকাল হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৪ বছৰ। তেওঁৰ মৃত্যু পশ্চিম বৰপেটা অঞ্চলৰ বাবে এক অপূৰণীয় ক্ষতি হিচাপে বিবেচিত হৈছিল।
মৃত্যুৰ সময়ত তেওঁ এগৰাকী সৰু ভাতৃ, চাৰিগৰাকী ভগ্নী, দুগৰাকী সহধৰ্মিণী, আঠজন পুত্ৰ, তিনিগৰাকী কন্যা আৰু ২৮জন নাতি-নাতিনীসহ বহু আত্মীয়-স্বজন ইহসংসাৰত এৰি যায়। তেওঁৰ ইন্তেকালৰ পাছত তেওঁৰ ৰূহৰ মাগফিৰাত কামনা কৰি সমাজবাসী, গাঁওবাসী, অঞ্চলবাসী আৰু গুণমুগ্ধ হাজাৰ হাজাৰ লোক একত্ৰিত হৈ নিজ নিজ গাঁঠিৰ ধন খৰচ কৰি তিনি-চাৰি ঠাইত সাতদিনীয়া আৰু চল্লিশদিনীয়া দোৱা মাহফিলৰ আয়োজন কৰিছিল। এই ঘটনাই তেওঁৰ জনপ্ৰিয়তা আৰু জনসাধাৰণৰ মাজত থকা গভীৰ গ্ৰহণযোগ্যতাৰ কথাই প্ৰমাণ কৰে।
(লেখিকা, বৰপেটাৰ শংকৰ-মাধৱ মহাবিদ্যালয়ৰ প্ৰভাষক)
মোৰ জীৱনৰ প্ৰথম বাছ ভ্ৰমণ

১৯৬৩ চন। তেতিয়া মই আলিগাঁৱত নানাহঁতৰ ঘৰত থাকি ৩৭১ নম্বৰ আলিগাঁও প্ৰাথমিক বিদ্যালয়ত দ্বিতীয় শ্ৰেণীত অধ্যয়ন কৰি আছিলোঁ। তেতিয়া সচৰাচৰ ছয় মাহিলী পৰীক্ষাৰ পাছত জুন মাহৰ ২০/২২ তাৰিখৰ ভিতৰত গৰমৰ বন্ধ দিয়া হৈছিল। তেতিয়া গৰমৰ বন্ধ চলিছিল। সেয়ে গৰমৰ বন্ধত মই ঘৰতে আছিলোঁ। আমাৰ দেউতা আৰু মোৰ উকীল জোঁৱাই হায়েত আলীয়ে ফেঙুৱালৈ যোৱাৰ সিদ্ধান্ত লৈছিল। দেউতাই মোকো লগত লৈ যোৱাৰ কথা ক’লে। মই একেষাৰতে যাবলৈ মান্তি হৈ গ’লোঁ।
আমি কোনোবা এটা শনিবাৰে এখন নাৱত উঠি প্ৰথমে কাদংলৈ আহিলোঁ। কাদঙৰ পৰা পিছত মহম্মদপুৰত থকা আমাৰ দুখী জেঠাহঁতৰ ঘৰলৈ আহিলো। দুখী জেঠা দেউতাৰ ফুফাত ভায়েক আছিল। তেওঁ দেউতাতকৈ বয়সত যথেষ্ট ডাঙৰ আছিল।
আমি কাদং বজাৰৰ পৰা সন্ধিয়া সময়ত দুখী জেঠাহঁতৰ ঘৰলৈ গৈছিলোঁ। সেইদিনা ৰাতি জেঠাহঁতৰ ঘৰতে আছিলোঁ। জেঠাহঁতৰ ঘৰৰ সন্মুখতে টাপাজুলি নামৰ প্ৰাথমিক বিদ্যালয়খন আছিল। দুখী জেঠাৰ পিতৃ ইলিমুদ্দিন দেৱানীয়ে সেই সময়ৰ আন কেইগৰাকীমান গণ্যমান্য ব্যক্তিৰ সহযোগত, কি কাৰণত নাজানো, টাপাজুলি গাঁৱৰ পৰা বিদ্যালয়খন মহম্মদপুৰ গাঁৱলৈ স্থানান্তৰ কৰিছিল। স্থান পৰিৱৰ্তন কৰাৰ পিছতো বিদ্যালয়খনৰ নাম টাপাজুলি প্ৰাথমিক বিদ্যালয়েই হৈ আছিল। সেইসূত্ৰে বহুতে জেঠাহঁতৰ গাঁৱৰ নাম টাপাজুলি বুলিও উল্লেখ কৰিছিল। বিদ্যালয়খন এতিয়াও আছে; কিন্তু যিসকলৰ প্ৰচেষ্টাত বিদ্যালয়গৃহটো স্থানান্তৰ কৰা হৈছিল, তেওঁলোকৰ কোনোৱে এতিয়া জীৱিত নাই।
যি কি নহওক, পিছদিনা ৰাতিপুৱা মই বিদ্যালয়গৃহৰ ওচৰলৈ গ’লোঁ। বিদ্যালয়খনৰ সন্মুখত এখন সৰু খেলপথাৰ আছিল। পথাৰখন চোৰকাঁটা বনেৰে ভৰি আছিল। চোৰকাঁটা বনক আমি স্থানীয় ভাষাত ‘নিলাজী বন’ বুলি কওঁ।
দুখী জেঠাৰ সৰুজন পুতেকৰ নাম কফিল উদ্দিন আছিল। তেওঁ বয়সত মোতকৈ তিনি-চাৰি বছৰৰ ডাঙৰ আছিল। সিদিনা মই লুঙী পিন্ধি আছিলোঁ। কফিল ভায়ে ধেমালিতে মোক ক’লে— “যা, পথাৰত অলপ দৌৰি আহ।”
নিলাজী বনৰ সৰু সৰু ফুলবোৰ যে কাপোৰত লাগি ধৰে, সেই বিষয়ে মোৰ অলপ-অচৰপ জ্ঞান আছিল যদিও সেই বিষয়ে মই বিশেষ গুৰুত্ব দিয়া নাছিলোঁ। কাৰণ আমাৰ ঘৰখন আছিল নিম্ন জলাশয় অঞ্চলত। আমাৰ গাঁওখন বছৰৰ প্ৰায় পাঁচ-ছয় মাহ পানীৰ তলত ডুব গৈ থাকিছিল। সেইবাবে আমাৰ অঞ্চলত নিলাজী বন গজা নাছিল। কাৰণ নিলাজী বন ওখ ঠাইবোৰতহে বিশেষভাবে গজে।
মই সাত-আঠ বছৰ বয়সৰ পৰাই আলিগাঁৱত নানাহঁতৰ ঘৰত থাকি লিখা-পঢ়া শিকিছিলোঁ। আলিগাঁও অঞ্চলটো তুলনামূলকভাৱে ওখ ঠাইত আছিল। সেয়ে আলিগাঁৱতো কোনো কোনো ঠাইত নিলাজী বন গজিছিল, অৱশ্যে খুব কম পৰিমাণে কোনো কোনো ঠাইত। সেয়ে নিলাজী বন কাপোৰত লাগি ধৰে বুলি মোৰ কিছু ধাৰণা আছিল। সেইবাবে মই লুঙীখন গোটাই লৈ পথাৰত নামিলোঁ।
তেতিয়া কফিল ভায়ে মোক ধেমালি কৰি ক’লে— “কাপোৰ গোটাই লৈছ কিয়? কাপোৰ এৰি দি যা।”
নিলাজী বন কাপোৰত লাগি ধৰিব বুলি জানিও মই কফিল ভায়ে কোৱাৰ দৰে লুঙীখন এৰি দি নিলাজী বনেৰে ভৰি থকা পথাৰখনত ইচ্ছামতে দৌৰা-দৌৰি কৰিলোঁ। ফলত মোৰ লুঙীখনত ইচ্ছামতে নিলাজী বন লাগি ধৰিলে। বহু সময় দৌৰা-দৌৰি কৰাৰ পাছত যেতিয়া মই ঘৰলৈ উভতি আহিলোঁ, তেতিয়া ঘৰৰ ডাঙৰসকলে মোক দেখি ক’লে— “আৰে, এয়া তুমি কি কৰিছা! লুঙীখনৰ দেখোন বাৰটা বজাই আনিছা। এতিয়া এইবোৰ এৰুৱাবলৈ গ’লে দেখোন এপৰ লাগিব।”
জেঠীয়ে ক’লে— “এইবোৰ যে কাপোৰত গাঁথি ধৰে, সেইটো তুমি নাজানা নেকি?”
মই তলমূৰ কৰি ভয়ে ভয়ে ক’লোঁ— “জানো।”
জেঠীয়ে তেতিয়া ক’লে— “যদি জানাই, তেন্তে এনেকৈ কাপোৰ এৰি দি নিলাজী বনত কিয় সোমাইছিলা?”
মই ক’লো-কফিল ভায়ে কাপোৰ এৰি দি যাবলৈ কৈছিল।”
এইদৰে কোৱাৰ পাছত আটায়ে কফিল ভায়েক কম-বেছি পৰিমাণে গালি-গালাজ কৰিবলৈ ধৰিলে। পাছত জেঠীয়ে বহু সময় ধৰি কাঁচিৰে চাঁচি চাঁচি লুঙীত লাগি ধৰা নিলাজী বনবোৰ এৰুৱাই দিছিল।
সেইদিনা ৰাতিও আমি জেঠাহঁতৰ ঘৰতে থাকিলোঁ। পাছদিনা ৰাতিপুৱা আমি খোজকাঢ়ি বাংলীপাৰাত থকা কফিল উদ্দিন তাৱৈহঁতৰ ঘৰলৈ আহিলোঁ। কফিল উদ্দিন তাৱৈ দেউতাৰ সৰু কালৰ বন্ধু আছিল আৰু দুয়োৰে সেই বন্ধুত্ব আজীৱন অটুট আছিল।
ক’বলৈ গ’লে, সেই সময়ত এতিয়াৰ দৰে ই-ৰিক্সা থকাটো দূৰৰ কথা, চাইকেলো বৰ বেছি নাছিল। অতি ধনী দুই-চাৰিজন মানুহেহে তেতিয়া চাইকেল ব্যৱহাৰ কৰিছিল। বাকী সকলোৱে খোজকাঢ়িয়েই এঠাইৰ পৰা আন ঠাইলৈ অহা-যোৱা কৰিছিল। মহম্মদপুৰৰ পৰা বাংলীপাৰাৰ দূৰত্ব আনুমান চাৰি-পাঁচ কিলোমিটাৰমান আছিল।
মোৰ জন্ম ১৯৫১ চনৰ ১২ নৱেম্বৰত। সেই হিচাপত তেতিয়া মোৰ বয়স আছিল প্ৰায় বাৰ বছৰ। নাজানো কিয়, সেই চাৰি-পাঁচ কিলোমিটাৰ খোজকাঢ়ি যোৱাৰ পাছত মোৰ ভৰি বিষাবলৈ ধৰিলে আৰু শৰীৰত তীৰকঁপে জ্বৰ উঠিল। জ্বৰৰ কোবত মই গৰমৰ দিনতো এখন চাদৰ গাত জাপি লৈ শুই পৰিলোঁ।
শোৱাৰ পাছতে মোৰ টোপনি আহিল আৰু একেবাৰে সন্ধিয়াৰ চাকি জ্বলোৱাৰ অলপ আগতে মই সাৰ পালোঁ। কিন্তু মই ভাবিলোঁ, সন্ধিয়া নহয়, ৰাতিপুৱাহে। মই মনে মনে ভাবিলোঁ— “কেনেকুৱা ঘৰত আহিছো! মই সাৰ পোৱা নাই বুলি এওঁলোকে মোক মাতি জগাই ৰাতিৰ সাজো ভাত খাবলৈ দিয়া নাই। কি মানুহ এওঁলোক! নোখোৱাকৈয়ে ৰাতিটো পাৰ কৰিলো!”
এইদৰে মনে মনে ভাবি থাকোঁতেই আমাৰ মাৱৈয়ে কোঠাত সন্ধিয়াৰ চাকি জ্বলাই দিলে। তেতিয়াহে মই বুজিলোঁ যে, পুৱা হোৱা নাই, সন্ধিয়াহে হৈছে।
তেতিয়া মই মনে মনে বৰ লাজ পালোঁ। ভাগ্য ভাল যে কথাটো মুখেৰে প্ৰকাশ কৰা নাছিলোঁ। প্ৰকাশ কৰিলে সেই সময়ত লাজতে মুখ দেখুওৱাৰ উপায় নাথাকিলহেঁতেন।.
যি কি নহওঁক, পাছদিনা ৰাতিপুৱা তাৱৈৰ সৈতে আমি বাংলীপাৰাৰ পৰা খোজকাঢ়ি বৰপেটালৈ আহিলোঁ। তেতিয়া কোনো পকী ৰাস্তা বা যান-বাহন চলাচল কৰিব পৰা পথ নাছিল; কেৱল খোজকাঢ়ি যাব পৰা বাট আছিল। মানে গো-হালট আছিল।
তাৱৈহঁতৰ ঘৰৰ পৰা ওলাইয়ে প্ৰথমে এটা সৰু খাল পাৰ হ’বলগীয়া হৈছিল। খালটো তাৱৈহঁতৰ ঘৰৰ পিছফালে আছিল। তেতিয়া বাৰিষাৰ বতৰ আছিল। সেয়েহে খালটোত যথেষ্ট পানী আছিল। অৱশ্যে খালটো পাৰ হোৱাৰ কাৰণে বাঁহৰ সাঁকো আছিল। সাঁকোডাল পাৰ হৈ কিছুদূৰ খোজকাঢ়ি অহাৰ পাছত আকৌ এটা খাল পালোঁ। সেই খালটোতো বাঁহৰ সাঁকো আছিল।
সেই খালটো পাৰ হৈ শনকুছি ৰিজাৰ্ভৰ মাজেৰে খোজকাঢ়ি আহি আমি চাউলখোৱা নদী পালোঁ। খেয়া নাৱেৰে চাউলখোৱা নদী পাৰ হৈ পোনে পোনে বৰ্তমানৰ য’ত মাছ বজাৰ আছে, সেই ঠাইত আহি উপস্থিত হ’লোঁ।
বৰ্তমানৰ মাছ বজাৰৰ দক্ষিণ কানত বাছ আস্থান আছিল। বাছ আস্থানৰ দক্ষিণ দিশত এজোপা বটগছ আছিল। সেই বটগছজোপাৰ তলতে এটা বাছ ৰৈ আছিল। নাক থকা বাছ। তাৰ পৰাই আমি বাছত উঠিলোঁ। বাছখন হাউলি, ধুমাৰকুৰ হৈ গৈ আমাক চাপাৰবড়িত নমাই দিলে। তাৰ পৰা আমি খোজকাঢ়ি ফেঙুৱাত থকা সাধু মিয়াহঁতৰ ঘৰলৈ গ’লোঁ। তেতিয়া দুপৰীয়া প্ৰায় দুই বাজিছিল।
সাধু মিয়াহঁতৰ ঘৰত আমি তিনি-চাৰি দিন আছিলো। তেওঁলোকে অতি মৰম-চেনেহ আৰু আদৰ-যত্নেৰে আমাক আপ্যায়ন কৰিছিল। তেওঁলোকৰ ঘৰ চাপাৰবড়িৰ পৰা ভক্তৰডোবালৈ যোৱা ৰাস্তাৰ পশ্চিম ফালে ৰাস্তাৰ কাষতে অবস্থিত আছিল। তেওঁলোকৰ চোতালখন বহুত ডাঙৰ আছিল আৰু গৰমৰ দিন আছিল বাবে সন্ধিয়া চোতালত বিছনা পাৰি ডাঙৰসকলে বহি গল্প-গুজব কৰিছিল। গৰমৰ কাৰণে তেওঁলোকৰ কোনো কোনোৱে বিচনীৰে বিচিছিল আৰু আমি ল’ৰা-ছোৱালীবোৰে তেওঁলোকৰ কাষতে শুই টোপনি গৈছিলোঁ।
সাধু মিয়াহঁতৰ লগত আমাৰ কোনো তেজৰ সম্পৰ্ক নাছিল। এসময়ত সাধু মিয়াসকল আমাৰ জাহানাৰপাৰতে বাস কৰিছিল। তেতিয়া তেওঁলোক আমাৰ চুবুৰীয়া আছিল। সেইবাবেই আমাৰ পৰিয়ালৰ সৈতে তেওঁলোকৰ সুসম্পৰ্ক আছিল। ১৯৫৯ চনত তেওঁলোকে আমাৰ ওচৰত তেওঁলোকৰ মাটিখিনি বিক্ৰী কৰি ফেঙুৱালৈ গুচি গৈছিল। সেই মাটিৰ দলিলখন এতিয়াও আমাৰ ওচৰত সংৰক্ষিত আছে।
সাধু মিয়াহঁত তিনিজন ভায়েক-ককায়েক আছিল—আলিমুদ্দিন, সাধু মিয়া আৰু নায়েব আলী। তেওঁলোকৰ কোনো এজনেই এতিয়া জীয়াই নাই। তেওঁলোক সকলোৱেই ২০০০ চনৰ পূৰ্বেই ইন্তেকাল কৰিছিল। আলিমুদ্দিনৰ পুতেক ইন্তাজ আলি ২০১৯ চনত মৃত্যুবৰণ কৰিছে। ইন্তাজ আলি মোতকৈ দহ বাৰ বছৰৰ ডাঙৰ আছিল।
১৯৫৯ চনত সাধু মিয়া যেতিয়া আমাৰ গাঁও এৰি গুচি গৈছিল, তেতিয়া তেওঁৰ এটি কন্যা সন্তান আৰু এটি পুত্ৰ সন্তান আছিল। কন্যাগৰাকীৰ নাম আছিল উজালা খাতুন আৰু পুতেকজনৰ নাম আছিল সমেজ উদ্দিন। নায়েব আলীৰ তেতিয়া এটি কন্যা সন্তান আছিল। তাইৰ নাম আছিল আউসী খাতুন। উজালা বয়সত মোতকৈ কিছু ডাঙৰ আছিল আৰু আউসী মোৰ সমবয়সীয়া আছিল। সমেজ উদ্দিন বয়সত মোতকৈ কিছু সৰু আছিল।
১৯৫৯ চনত তেওঁলোকে আমাৰ গাঁও এৰি যোৱাৰ সময়ত উজালাৰ বয়স আনুমানিক ১১ বছৰ, আউসীৰ ৯ বছৰ আৰু সমেজ উদ্দিনৰ ৭ বছৰমান আছিল।
২০১৯ চনত পুনৰ এদিন মই তেওঁলোকৰ ঘৰলৈ গৈছিলোঁ। তেতিয়া সমেজ উদ্দিন আৰু উজালা খাতুনৰ লগত মোৰ সাক্ষাৎ হৈছিল। আউসীৰ আন ঠাইত বিয়া হৈ গৈছিল। সেয়ে তাইৰ লগত মোৰ সাক্ষাৎ হোৱা নাছিল। উজালা খাতুনৰো বিয়া হৈ গৈছিল যদিও কিবা কাৰণত তাই সিদিনা বাপেকৰ ঘৰতে আছিল। সেয়ে ভাগ্যক্ৰমে তাইৰ লগত মোৰ সাক্ষাৎ হৈছিল।
কিন্তু উজালা খাতুন বা সমেজ উদ্দিনৰ কোনেও মোক চিনিব পৰা নাছিল। চিনিব পৰাটো সম্ভৱো নাছিল। তেওঁলোকৰ সৈতে মোৰ শেষবাৰৰ বাবে দেখা হৈছিল ১৯৬৩ চনৰ জুন মাহৰ শেষৰফালে, তেওঁলোকৰ ঘৰলৈ ফুৰিবলৈ যোৱাৰ সময়ত। সেয়ে ছাপ্পন্ন-সাতাৱন বছৰ পাছত হঠাতে দেখা হ’লে ইজনে সিজনক চিনিব নোৱাৰাটো স্বাভাৱিক। ক’বলৈ গ’লে, আমিও তেওঁলোকক চিনি পোৱা নাছিলোঁ। মাথোন তেওঁলোকৰ নামকেইটাহে মোৰ মনত আছিল— এইখিনিয়েই।
উজালা খাতুন প্ৰায় বৃদ্ধা হৈ গৈছিল। সমেজ উদ্দিনৰ অৱস্থাও প্ৰায় একেই। অৱশ্যে উজালাই স্বীকাৰ কৰিছিল—“হয়, নামটো ৰিণিকি ৰিণিকি মনত পৰিছে; কিন্তু সঠিকভাৱে মনত পেলাব পৰা নাই। বহুদিন আগৰ কথাতো।”
সমেজ উদ্দিনৰ একোৱেই মনত নাছিল। অৱশ্যে তেৱোঁ কৈছিল—“হয়, নামটো যেন শুনা শুনা লাগিছে।”
চোতালখন আগৰ দৰে অক্ষত অৱস্থাত নাথাকিলেও মূল অংশটো প্ৰায় আগৰ দৰেই আছিল। অৱশ্যে ঘৰ-দুৱাৰবোৰ আগৰ দৰে নাই। বহু পৰিৱৰ্তন হৈছে। চোতালখন দেখি মই নষ্টালজিক হৈ পৰিছিলোঁ। চোতালৰ যিটো ঠাইত সেইসময়ত বিছনা পাৰি শুইছিলোঁ, সেই ঠাইডোখৰ মোটামুটিভাৱে অনুমান কৰি তাত কিছুসময় থিয় হৈ মাথোন দীঘল এটি হুমুনিয়াহ কাঢ়ি উভতি আহিছিলোঁ। অৱশ্যে ক’বলৈ গ’লে, সুখৰেই হওঁক বা দুখৰেই হওঁক— প্ৰায় সকলো স্মৃতিয়েই বহু যুগ পাছত ৰোমন্থন কৰি ভাল লাগে।
পূৰ্বৰ বৰপেটাৰ কিছু কথা
বাছ আস্থানৰ পৰাই যেতিয়া বৰপেটাৰ কথা আৰম্ভ কৰিছোঁ, তেতিয়া আগতে বৰপেটাৰ কোন কোন ঠাইত বাছ আস্থান আছিল, সেই বিষয়ে কিছু কথা কোৱাটো নিশ্চয় প্ৰাসঙ্গিক হ’ব।
আগতেই কৈছোঁ, বৰ্তমান যি ঠাইত বৰপেটা চহৰৰ মুখ্য বজাৰ অৱস্থিত, সেই ঠাইতেই বৰপেটা চহৰৰ প্ৰথম বাছ আস্থান আছিল। তাৰ পাছত বৰপেটা মটৰ শ্ৰমিক সন্থাৰ বৰ্তমানৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ দাসে জনোৱা মতে, ১৯৬৮ চনত বজাৰৰ ওচৰৰ পৰা বাছ আস্থানটো বৰ্তমান য’ত জিলা সাহিত্য সভা ভৱন, ছহিদ ভৱন আৰু মটৰ শ্ৰমিক সন্থাৰ কাৰ্যালয় অৱস্থিত তালৈ স্থানান্তৰ কৰা হৈছিল।
এইটো বাছ আস্থানত বিশ্বকৰ্মা পূজাৰ দিনা বাছ মালিক সন্থা আৰু মটৰ শ্ৰমিক সন্থাৰ তৰফৰ পৰা নাটক মঞ্চস্থ কৰা হৈছিল। মই নিজেও এই বাছ আস্থানটোত কে’বাবাৰো নাটক উপভোগ কৰিছোঁ।
জিলা পুথিভঁৰাল প্ৰতিষ্ঠা হোৱাৰ পূৰ্বে বৰ্তমানৰ সাহিত্য সভা ভৱনটো মহকুমা পুথিভঁৰাল হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল। এই মহকুমা পুথিভঁৰালটো অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী স্বৰ্গীয় মহেন্দ্ৰ মোহন চৌধুৰীয়ে ১৯৭০ চনত উদ্বোধন কৰিছিল। মই সেই উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিলোঁ।
বাছ আস্থানৰ অকনমান উত্তৰফালে, একেবাৰে ৰাস্তাৰ কাষতে লাচ-কটা ঘৰটো আছিল। নব্বৈৰ দশকত লাচ-কটা ঘৰটো বৰপেটা চহৰৰ মেটুৱাকুছিৰ উত্তৰ-পশ্চিম কোণত অৱস্থিত বাঘবৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক জালাল উদ্দিন চাহাবৰ ঘৰৰ পশ্চিম দিশত একেবাৰে চাউলখোৱা নদীৰ পাৰলৈ স্থানান্তৰ কৰা হৈছিল। বৰ্তমান যি ঠাইত শ্মশানৰ চিতা-ভাটি স্থাপন কৰা হৈছে, তাৰ বিপৰীত ফালে মথাউৰিৰ দক্ষিণ দিশত লাচ-কটা ঘৰটো আছিল।ঘৰটো বৰ্তমানেও জহি-খহি যোৱা অৱস্থাত ৰৈ আছে।
নব্বৈৰ দশকৰ শেষৰফালে বৰ্তমান যি ঠাইত ছিণ্ডিকেট বেংক আৰু বৰপেটা এথলেটিক ক্লাবৰ ভৱন অৱস্থিত, সেই ঠাইলৈ কিছুদিনৰ বাবে বৰপেটা-বাঘবৰ পথৰ বাছ আস্থানটো স্থানান্তৰ কৰা হৈছিল। অৱশ্যে এই বাছ আস্থানটো অতি কম সময়ৰ বাবেহে কাৰ্যক্ষম হৈ আছিল।
বৰপেটা চহৰৰ মুখ্য বাছ আস্থানটো আনুমান ১৯৮৪ চনত গান্ধীনগৰলৈ স্থানান্তৰ কৰা হৈছে। মই ১৯৮৫ চনত এই বাছ আস্থানৰ পৰা কায়াকুছিলৈ বাছত যাত্ৰা কৰা কথাটো মোৰ স্পষ্টভাৱে মনত আছে।
সত্তৰ-আশীৰ দশকৰ বৰপেটাৰ কিছু পথ
এইবাৰ সত্তৰ আৰু আশীৰ দশকত বৰপেটাৰ কিছু পথ আৰু চৰকাৰী কাৰ্যালয়ৰ বিষয়ে কওঁ আহক।
মই ১৯৭১ চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ। বৰপেটাৰ মাধৱ চৌধুৰী কলেজত নামভৰ্তি কৰাৰ পাছত প্ৰথম অৱস্থাত মই ভেৰাগাঁৱৰ আমাৰ মামা ৰায়চান আলীৰ ঘৰৰ পৰা কিছুদিন কলেজলৈ অহা-যোৱা কৰিছিলোঁ। আনকি মেট্ৰিক পৰীক্ষাও মই মামাহঁতৰ ঘৰৰ পৰা খোজকাঢ়ি বৰপেটালৈ আহি বৰপেটা বিদ্যাপীঠ হাইস্কুলত দিছিলোঁ। বিদ্যাপীঠ হাইস্কুলখন বৰ্তমান উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত হৈছে। মই পৰীক্ষা দিয়া কোঠালীটো এতিয়াও অক্ষত অৱস্থাত আছে। বোধকৰোঁ কোঠালীটো কিছুদিন শিক্ষকসকলৰ কমন ৰুম হিচাপেও ব্যৱহাৰ কৰা হৈছিল।আমাৰ মাজুটো ল’ৰা ছোলেমান কবীৰ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰাই ২০০৪ চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছে। তেওঁৰ পৰীক্ষাৰ বিষয়ে কিবা এষাৰ কথা জানিবলৈ মই এদিন বিদ্যালয়খনলৈ গৈছিলোঁ। তেতিয়া মই স্বনামধন্য সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰ ছাৰক মই পৰীক্ষা দিয়া কোঠালীটোতে লগ পাইছিলোঁ।
মামাহঁতৰ ঘৰৰ পৰা কলেজলৈ আহোঁতে ভেৰাগাঁৱৰ পৰা খোজকাঢ়ি আহি বৰ্তমান যি ঠাইত এল.আই.চি. কাৰ্যালয় আছে, সেই ঠাইৰ পৰা কেঁচা খোজকঢ়া পথেৰে কলেজলৈ আহিছিলোঁ। তেতিয়া বৰ্তমানৰ এল.আই.চি. কাৰ্যালয়ৰ পূবফালে বৰপেটা-জনীয়া পথৰ কাষত দুই-তিনিখন ঘৰ আৰু এল.আই.চি. কাৰ্যালয়ৰ পশ্চিমফালে ঢুলীসকলৰ কেইখনমান ঘৰ আছিল।
বৰ্তমানৰ এল.আই.চি. কাৰ্যালয়ৰ উত্তৰ ফালে কলেজলৈকে তেতিয়া কোনো ঘৰ-দুৱাৰ নাছিল। সমগ্ৰ ঠাইখন মুকলি পথাৰ আছিল আৰু পথাৰখন বিৰিণা বনে ভৰা আছিল। বিৰিণা বনৰ মাজে মাজে সৰু সৰু খোজকঢ়া পথ আছিল। সেই পথেৰেই আমি কলেজলৈ অহা-যোৱা কৰিছিলোঁ।
কলেজখনৰ সন্মুখৰ পথৰ দক্ষিণফালে বৰ্তমান বহুতো ঘৰ-দুৱাৰ আৰু দোকান-পোহাৰ গঢ় লৈ উঠিছে। কিন্তু তেতিয়া কলেজৰ সন্মুখৰ ঠাইখন একেবাৰে মুকলি আছিল।কোনো ধৰণৰ ঘৰ-দুৱাৰ নাছিল।
কলেজখনৰ পূবফালে বৰ্তমান যি ঠাইত জিলা গ্ৰন্থাগাৰ আৰু প্ৰেক্ষাগৃহ অৱস্থিত, সেই ঠাইত ১৯৭১ চনলৈকে হৰিজন কলনী আছিল। ১৯৭১ চনতো তাত দুই-তিনিটা পৰিয়াল আছিল। আমি কলেজলৈ অহা-যোৱা কৰাৰ সময়ত সেই পৰিয়ালকেইটাক নিজ চকুৰে দেখিছিলোঁ। ১৯৭১ চনতে কিছুদিন পাছত অৱশ্যে সেই পৰিয়ালকেইটা বৰ্তমান যি ঠাইত হৰিজন কলনী অৱস্থিত, সেই ঠাইলৈ উঠি গৈছিল।
তেতিয়া কলেজখনৰ পশ্চিম দিশত বৰ বেছি ঘৰ-দুৱাৰ নাছিল। সঠিক তাৰিখটো ক’ব নোৱাৰিম, অৱশ্যে মোৰ ধাৰণা, ১৯৭২ চনত মাধৱ চৌধুৰী কলেজৰ পশ্চিম দিশত অৱস্থিত গান্ধীনগৰত জনসাধাৰণক আধা বিঘাকৈ মাটি আবণ্টন দিয়া হৈছিল। এইদৰে মাটি আবণ্টন দিয়াৰ পাছৰে পৰা ক্ৰমে ক্ৰমে এই অঞ্চলত ঘৰ-দুৱাৰ নিৰ্মাণ হ’বলৈ আৰম্ভ কৰে। বৰ্তমান এই অঞ্চলত অসংখ্য ঘৰ-দুৱাৰ গঢ়ি উঠিছে। ক’বলৈ গ’লে, এতিয়া ভৰি থ’বলৈও ঠাই নোহোৱা হৈছে অঞ্চলটোত।
মোৰ ধাৰণা, বাঘবৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক জালাল উদ্দিন চাহাবেই গান্ধীনগৰৰ উত্তৰ-পশ্চিম কোণত প্ৰথমে ঘৰ নিৰ্মাণ কৰিছিল। জালাল উদ্দিন চাহাবে যেতিয়া ঘৰটো নিৰ্মাণ কৰিছিল, তেতিয়া তেওঁৰ ঘৰৰ চাৰিওফাল বিৰিণা বনেৰে পৰিপূৰ্ণ আছিল আৰু দিনৰ ভাগতো শিয়ালৰ মাত শুনিবলৈ পোৱা গৈছিল। অৱশ্যে জালাল উদ্দিন চাহাবৰ আগতে আন কোনোবাই ঘৰ নিৰ্মাণ কৰিছিল নেকি, সেই বিষয়ে মই জ্ঞাত নহয়। বোধকৰোঁ, জালাল উদ্দিন চাহাবৰ ঘৰৰ পৰা দক্ষিণ দিশত কিছু ঘৰ নিৰ্মাণ কৰা হৈছিল।
বৰ্তমান যি ঠাইত ব্যক্তিগত খণ্ডৰ ব্ৰকলিন হাইস্কুলখন আছে, তাত এসময়ত ছাত্ৰসকলৰ বাবে এটা মেছ ঘৰ আছিল। আমাৰ দক্ষিণ অঞ্চলৰ বহু ছাত্ৰ সেই মেছত থাকি মাধৱ চৌধুৰী কলেজত অধ্যয়ন কৰিছিল। ময়ো ১৯৭৪ চনত সেইখন মেছত এৰাতি অতিথি হিচাপে কটাইছিলোঁ। মেছটোত এহাল বৃদ্ধ দম্পতী বাস কৰিছিল। বৃদ্ধজন ইন্দ্ৰপুৰী চিনেমা হলৰ অপাৰেটৰ আছিল।
বৰ্তমান যি ঠাইত সঞ্জীৱনী হাস্পতালখন আছে, তাত এসময়ত মূল ৰাস্তাৰ পৰা কিছু ভিতৰ ফালে তিনি-চাৰিটা সাধাৰণ পকী ঘৰ আছিল। সেই ঘৰকেইটাত কলেজৰ অধ্যাপকসকলে ভাড়াত থাকিছিল। অধ্যাপকসকলৰ ভিতৰত গণেশ ঠাকুৰীয়া, এবট শ্ৰীবাস্তৱ আৰু হৰি সিং তাত ভাড়াত আছিল। গণেশ ঠাকুৰীয়া পদাৰ্থবিজ্ঞানৰ, এবট ছাৰ ইংৰাজীৰ আৰু হৰি সিং প্ৰাণীবিজ্ঞানৰ অধ্যাপক আছিল।
আমি কেইজনমান ছাত্ৰই পদাৰ্থবিজ্ঞানৰ অধ্যাপক গণেশ ঠাকুৰীয়া ছাৰৰ ওচৰত কিছুদিন টিউচন পঢ়িছিলোঁ। সেই টিউচন পঢ়া ছাত্ৰসকলৰ ভিতৰত সুতিৰপাৰৰ আব্দুৰ ৰেজ্জাক, সাঁওৰাচৰাৰ আকবৰ খান, শিতুলীৰ শেৰমান আলী আৰু ছাপৰাৰ অদুদ ভাইৰ কথা মোৰ মনত আছে।
মই কোনো এটা কাৰণত এদিন কাদঙলৈ গৈছিলোঁ। আবেলি চাইকেলৰে কাদঙৰ পৰা বৰপেটালৈ উভতি অহাৰ বাটত অদুদ ভাইহঁতৰ ঘৰত উঠিছিলোঁ। অদুদ ভাইহঁতৰ ঘৰ জনীয়া-বৰপেটা পথৰ উত্তৰফালে, পথৰ একেবাৰে দাঁতিতে আছিল। সিবাৰ অদুদ ভাইহঁতৰ ঘৰত যথেষ্ট পাতাকবি হৈছিল। সময়টো, মোৰ ধাৰণামতে, চ’ত মাহৰ শেষৰ ফালে আছিল। সেই সময়ত পাতাকবিৰ বৰ এটা আদৰ নাছিল।অদুদ ভাইহঁতৰ চোতালত পাতাকবি দ’ম কৰি থোৱা আছিল।
চোতালত পাতাকবিৰ দ’ম দেখি মই কৈছিলোঁ—“ইমান পাতাকবি তুলিছে! বিক্ৰী কৰিবলৈ নিব নেকি?”
“বিক্ৰী কৰিবলৈয়ে তুলিছে যেন লাগিছে”—এইদৰে কৈ অদুদ ভাইয়ে ক’লে, “আহা, এটা কাম কৰোঁ, ঠাকুৰীয়া ছাৰৰ বাবে কেইটামান কবি লৈ যাওঁহি।”
মই ক’লোঁ—“বেয়া নহ’ব। আজি টিউচন ক্লাছলৈ যোৱাৰ সময়ত দিলেই হ’ব। পাতাকবি পালে ছাৰে হয়তো ভালেই পাব।”
সিদ্ধান্তমতে আমি ছাপৰাৰ পৰা কেইটামান কবি লৈ আহি গণেশ ছাৰক দিছিলোঁ। কথাটো অদুদ ভাইৰো মনত আছে। তেওঁৰ সৈতে ফোনযোগে কথা পাতি মই এই বিষয়ে নিশ্চিত হৈছোঁ।
হয়তো কোৱা বাহুল্য হ’ব, তথাপিও কওঁ— জনীয়াৰ পৰা বৰপেটালৈ অহা পথৰ উত্তৰফালে তেতিয়া অদুদ ভাইহঁতৰ ঘৰটোৰ বাহিৰে আন কোনো পকী ঘৰ নাছিল। ৰাস্তাৰ দক্ষিণ ফালে ৰুস্তম হাজী চাহাবৰ বনৰ বেৰত চিমেণ্ট, বালি, চূণ আৰু নীলা ৰঙেৰে লেপা তিনিটা অতি সুন্দৰ ঘৰ আছিল। ঘৰকেইটা উত্তৰ, পশ্চিম আৰু দক্ষিণ ভেটিত আছিল। পূবৰ ভেটিত টিনপাতৰ চাল আৰু টিনপাতৰ বেৰৰ এটা ধুনীয়া ঘৰ আছিল।
তেতিয়া জনবসতি কম আছিল আৰু ঘৰ-বাৰীবোৰো যথেষ্ট আঁতৰে আঁতৰে আছি্ল, অৰ্থাৎ পাতল পাতলকৈ সিঁচৰতি হৈ আছিল। সেয়ে ব্যতিক্ৰমী ঘৰবোৰ সাধাৰণতে সহজেই মানুহৰ চকুত পৰিছিল। তেতিয়া আমাৰ বংগীয় মূলৰ মুছলমানসকলৰ প্ৰায় সকলোৰে খেৰৰ ঘৰ আছিল আৰু সেই খেৰৰ ঘৰবোৰৰ বেৰবোৰ সাধাৰণতে পাটখৰি অথবা কঁহুৱা বনেৰে দিয়া হৈছিল। যিসকলৰ টিনপাতৰ ঘৰ আছিল, তেওঁলোকক ধনী মানুহ বুলি গণ্য কৰা হৈছিল। অৱশ্যে টিনপাতৰ ঘৰবোৰৰ বেৰো পাটখৰিৰেই আছিল। সেয়েহে তেতিয়া এযাৰ কথা প্ৰচলিত আছিল—
“টিনৰ ঘৰত পাটখৰিৰ বেৰা, সেইটোৱে হ’ল শ্বেখপাৰা।”
তেতিয়া ঘৰ-বাৰী কিমান সেৰেঙা আছিল, সেই বিষয়ে এটা উদাহৰণ দিওঁ।
১৯৬৭ চনৰ কথা। মই ৰূপাকুছিৰ আব্দুল ভাইহঁতৰ ঘৰত থাকি কাদং হাইস্কুলত অধ্যয়ন কৰিছিলোঁ। আব্দুল ভাই আমাৰ পেহীৰ ছোৱালীৰ গিৰিয়েক আছিল। আব্দুল ভাইহঁতৰ ঘৰত লজিং থকাৰ আগতে কেইদিনমান মই ৰূপাকুছিৰ মুস্তি মিয়াৰ ঘৰত লজিং আছিলোঁ।
সেই বছৰ বৰপেটালৈ ৰিজেণ্ট চাৰ্কাছ আহিছিল। এদিন নিশা অনুমান প্ৰায় দহ-এঘাৰমান বজাত প্ৰস্ৰাৱ কৰিবলৈ বুলি বাহিৰলৈ ওলাই আহিছিলোঁ। তেনেতে হঠাতে এটা তীব্ৰ পোহৰ আহি মোৰ শৰীৰত পৰিল। মই ভয় খাই দৌৰি গৈ ঘৰৰ ভিতৰত সোমালোঁ। পিছদিনা খবৰ লৈ সেই পোহৰৰ উৎসৰ বিষয়ে জানিব পাৰিলোঁ। সেই পোহৰৰ উৎস আছিল বৰপেটালৈ অহা ৰিজেণ্ট চাৰ্কাছ।
ৰিজেণ্ট চাৰ্কাছত টৰ্চ লাইটৰ দৰে এটা বৰ ডাঙৰ লাইট আছিল। লাইটটোৰ আকৃতি প্ৰায় এটা ডাঙৰ ঢোলৰ সমান আছিল। তাৰ পৰা অতি তীব্ৰ পোহৰ ওলাইছিল। শুনিছিলোঁ, সেই পোহৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত শুকোৱাৰঝাৰ চৰলৈকে দেখা গৈছিল। বৰপেটাৰ পৰা শুকোৱাৰঝাৰ চৰৰ দূৰত্ব কমেও ২৫ কিলোমিটাৰ হ’ব। আৰু ৰূপাকুছি বৰপেটাৰ পৰা মাত্ৰ পাঁচ-ছয় কিলোমিটাৰ দূৰত আছিল। তেতিয়া ঘৰ-বাৰীও কম আছিল। সেয়ে কোনো বাধা নোপোৱাকৈ সেই পোহৰ বহু দূৰলৈকে বিয়পি পৰিছিল।
তেতিয়া ঘৰ-বাৰী কিমান সেৰেঙা আছিল, তাৰ আন এটা উদাহৰণ দিলে কথাটো অধিক স্পষ্ট হ’ব।
তেতিয়া আমি ৰূপাকুছি বা কাদঙৰ পৰা বৰপেটালৈ দুটা পথেৰে যাতায়াত কৰিছিলোঁ- পথ দুটা আছিল জনীয়া জাহোৰপাম হৈ আৰু গাগলমাৰী ভেৰাগাঁও হৈ। তেতিয়া কৰাৰকুৰ পৰা বৰপেটালৈ বাছ চলাচল কৰিছিল। কিন্তু বাছ একেবাৰে অনিয়মীয়া আছিল। সেয়ে বেছিৰ ভাগ সময় আমি চাইকেল নথকাসকলে গাগলমাৰী ভেৰাগাঁৱৰ মাজেৰেই খোজকাঢ়ি বৰপেটালৈ যাতায়াত কৰিছিলো। চাইকেল থকাসকলৰ কথা অৱশ্যে সুকীয়া আছিল। তেওঁলোকে দুয়োটা বাটেৰেই যাতায়াত কৰিছিল। বাছ পোৱাৰ সম্ভাৱনা থাকিলেহে আমি জনীয়া জাহোৰপাম হৈ বৰপেটালৈ যাতায়াত কৰিছিলোঁ।
কৰাকুৰৰ পৰা বৰপেটালৈ বাছ কেনেকোৱা অনিয়মীয়া আছিল এই সন্দৰ্ভত এদিনৰ এটা উদাহৰণ দিওঁ বাৰু। ১৯৭০ চনৰ কথা। বৰপেটাত সিবাৰ আন্তঃজিলা ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল।আমি ৰূপাকুছিৰ পৰা খোজকাঢ়ি গৈয়ে বহুকেইটা খেলা উপভোগ কৰিছিলো। সিবাৰ ফাইনেল খেল অনুষ্ঠিত হৈছিল নগাঁও জিলা আৰু মণিপুৰৰ মাজত। আমি খোজকাঢ়িয়ে খেল চাবলৈ যোৱাৰ কথা আছিল। কিন্তু কোনোবা এজনে ক’লে যে, জনীয়াৰ পৰা আজি খেল চোৱাৰ কাৰণে বাছ দিব। সেয়ে আমি গাগলমাৰী হৈ খোজকাঢ়ি যোৱাৰ পৰিৱৰ্তে জনীয়ালৈ আহি বাছৰ কাৰণে ৰৈ থাকিলোঁ। কিন্তু বাছ অহা নাছিল, সেয়ে আমাৰ খেল চোৱা হোৱাও নাছিল।
ৰূপাকুছিৰ পৰা বৰপেটালৈ অহাৰ কাৰণেও দুটা পথ আছিল। এটা পথ আছিল—ৰূপাকুছি মছজিদ গৃহৰ দক্ষিণ ফালে অৱস্থিত চাউলখোয়া নদীখন পাৰ হৈ গজিয়াৰ পৰা কাদংলৈকে প্ৰসাৰিত পিডব্লিউডি ৰাস্তাৰে গাগলমাৰী হৈ আৰু আনটো পথ আছিল ৰূপাকুছিৰ পৰা চাউলখোৱা নদীৰ পাৰে পাৰে পূবফালে আহি তমেজ উদ্দিন গাঁওবুঢ়াৰ ঘৰৰ ওচৰত খেয়া নাৱেৰে নদী পাৰ হৈ।
প্ৰথমটো ৰাস্তা- গজিয়া-কাদং পিডব্লিউডি ৰাস্তাৰে গাগলমাৰীলৈকে অহাৰ পাছত গজিয়া-কাদং পথৰ দাঁতিত ৰাস্তাৰ উত্তৰ ফালে গাগলমাৰী প্ৰাথমিক বিদ্যালয়খন পোৱা গৈছিল। বিদ্যালয়খনৰ পূবফালে এটা মাথাউৰি আছিল। সেই মাথাউৰিটো চাউলখোৱাৰ পাৰে পাৰে আহি বৰপেটা জনীয়া ৰোড়ত মিলিত হৈছিল। সেইটো মথাউৰিৰে ভেৰাগাঁৱৈকে অহাৰ পাছত বৰপেটা জনীয়া ৰোডেৰে বৰপেটালৈ আহিব পৰা গৈছিল।
দ্বিতীয়াটো ৰাস্তা- তমেজ উদ্দিন গাঁওবুঢ়াৰ ঘৰৰ কাষত নাৱেৰে খেয়া নদী পাৰ হৈ বন্দে আলী আৰু ৰাসু দেওৱানীহঁতৰ ঘৰৰ সন্মুখেৰে পূবফালে আহি পুনৰ চাউলখোৱা নদী পোৱা গৈছিল।(চাউলখোৱা নদীখন ইমানেই ভাঁজ থকা যে, প্ৰথমে এখন ঘৰৰ সন্মুখৰ পৰা গ’লে পুনৰ সেইখন ঘৰৰে পাছফালে আহিব পৰা গৈছিল। অৰ্থাৎ একেখন নদীয়ে ঘৰৰ সন্মুখ ফালে আৰু পিছফালেও আছিল।ইমানেই ভাঁজ আছিল চাউলখোয়া নদীত) সেই চাউলখোৱা নদীখনৰ পাৰে পাৰে কিছুদূৰ দক্ষিণলৈ অহাৰ পাছত গাগলমাৰী প্ৰাথমিক বিদ্যালয়খন পোৱা গৈছিল। বিদ্যালয়খনৰ পূৱ ফালে থকা মথাউৰিৰে আগৰ দৰেই বৰপেটা জনীয়া ৰোডৰে বৰপেটালৈ আহিব পৰা গৈছিল। আমি গজিয়াৰ পথেৰে নগৈ সেই মাথাউৰিত উঠি ভেৰাগাঁৱৰ মাজেৰে বৰপেটালৈ আহিছিলোঁ।
গাগলমাৰী পোৱাৰ লগে লগে আমি বৰপেটা ডাকঘৰৰ টেলিগ্ৰাম টাৱাৰটো দেখা পাইছিলোঁ। এতিয়া সেই টাৱাৰটো দেখাতো দূৰৰ কথা, সেই টাৱাৰতকৈও ওখ ১২ মিটাৰ উচ্চতাৰ মোবাইল টাৱাৰো এতিয়া দেখা নাযায়। টেলিগ্ৰাম টাৱাৰটোৰ উচ্চতা মোৰ ধাৰণা, সম্ভৱতঃ দহ মিটাৰতকৈ বেছি নাছিল। ঘৰ-বাৰী, গছ-গছনি আদি সেৰেঙা থকাৰ বাবেই তেতিয়া গাগলমাৰীৰ পৰাই বৰপেটা ডাকঘৰৰ টেলিগ্ৰাম টাৱাৰটো স্পষ্টকৈ দেখা পোৱা গৈছিল। কিন্তু এতিয়া বৰপেটালৈ আহিলেও টাওয়াৰটো চকুত নপৰে।
পূৰ্বৰ বৰপেটাৰ কিছু কাৰ্যালয়ৰ অৱস্থান
বৰপেটাৰ ট্ৰেজাৰী(কোষাগার)অফিচটো সত্তৰ-আশীৰ দশকত বৰ্তমান যি ঠাইত জজক’ৰ্ট আছে, সেই ঠাইতে আছিল। সেই সময়ত ষ্টেট বেংকটো উপায়ুক্তৰ কাৰ্যালয়ৰ পূবফালে অৱস্থিত এটা দুমহলীয়া গৃহটোত আছিল। গৃহটো এতিয়াও আছে যদিও বহু সংস্কাৰ কৰা হৈছে। পাছত ষ্টেট বেংকটো চাউলখোৱা নদীৰ উত্তৰপাৰে বৰ্তমানৰ স্থানলৈ স্থানান্তৰ কৰা হয় আৰু ট্ৰেজাৰী অফিচটো ষ্টেট বেংকৰ পূৰ্বৰ স্থানলৈ স্থানান্তৰ কৰা হয়। ষ্টেট বেংকটো এতিয়াও সেই স্থানান্তর কৰা স্থানতে আছে। অৱশ্যে ট্ৰেজাৰী অফিচৰ বাবে নতুন ভৱন নিৰ্মাণ কৰি অনুমান ২০১৩-১৪ বৰ্ষত তালৈ স্থানান্তৰ কৰা হৈছে।
ষাঠিৰ দশকত বৰপেটাত প্ৰতি বছৰে স্বাধীনতা দিৱসৰ দিনা থানাৰ সন্মুখত চাউলখোৱা নদীত নৌকা বাইচ অনুষ্ঠিত হৈছিল। মই জীৱনত প্ৰথমবাৰৰ বাবে ১৯৬৬ চনত অকলেই আলীগাঁৱৰ পৰা বৰপেটালৈ আহি সেই নৌকা বাইচ উপভোগ কৰিছিলোঁ। অৱশ্যে সেই নৌকা বাইচৰ স্মৃতি মোৰ বাবে বৰ সুখকৰ নহয়। কথাটো অলপ বুজাই কোৱা যাওঁক-
সৰুতে মই টোপনিত সপোন দেখি কেতিয়াবা ঘৰৰ দুৱাৰ খুলি টোপনিৰ জালতে ঘৰৰ পৰা ওলাই গৈছিলোঁ। সেইবাবে নাড়াৰ ভিটাৰ এগৰাকী সুফী সাধক আব্দুল হামিদ চাহাবে মই পঞ্চম শ্ৰেণীত পঢ়ি সময়ত মোৰ চিকিৎসা কৰিছিল। তেওঁ প্ৰায় আধা গজমান দীঘল কাপোৰ এডোখৰ মোৰ ডিঙিত বান্ধি দিছিল। সেই কাপোৰডোখৰ মই প্ৰায় ছমাহ ডিঙিত বান্ধি ৰাখিছিলোঁ। ৰোগৰ পৰা পৰা মুক্ত হ’লে মোক লৈ গৈ হাজোৰ মছজিদত বাতাছা আগবঢ়োৱাৰ কথা আছিল।
মই ষষ্ঠ শ্ৰেণীত উঠাৰ পাছত মাঘী পূৰ্ণিমাৰ আগে আগে আহি এদিন দেউতাই মোক ক’লে— “এইবাৰ মাঘী পূৰ্ণিমাত তোক লৈ হাজোলৈ যামহি। হাজোৰ মছজিদত বাতাচা আগবঢ়াব লাগিব।”
কথাটো শুনি মই বৰ আনন্দিত হ’লোঁ। কিন্তু দৌল পূৰ্ণিমাৰ আবিৰৰ অজুহাত দেখুৱাই দেউতাই সিবাৰ মোক হাজোলৈ লৈ নগ’ল। ফলত স্বাভাৱিকতে মই অলপ হতাশ হ’লো।। মোক হতাশ হোৱা দেখি তেতিয়া ছিৰাজ মামাই মোক ক’লে— “মন বেয়া নকৰিবা। এইবাৰ স্বাধীনতা দিৱসত তোমাক বৰপেটালৈ লৈ যাম। স্বাধীনতা দিৱসৰ দিনা বৰপেটাত নৌকা বাইচ হয়। তেতিয়া নৌকা বাইচৰ লগতে বহু কিবা-কিবি চাব পাৰিবা।”
কেৱল বৰপেটাতে নহয়, তেতিয়া দেশৰ সৰ্বত্ৰ মহাসমাৰোহেৰে স্বাধীনতা দিৱস পালন কৰা হৈছিল। দেশখন তেতিয়া মাথোন কেই বছৰমান আগতহে স্বাধীন হৈছিল। ফলত তেতিয়া স্বাধীনতা দিৱসৰ দিনা সকলোৱে আনন্দ-উল্লাস কৰিছিল। আমি ছাত্ৰ-ছাত্ৰীসকলে স্বাধীনতা দিৱসৰ দিনা পুৱা ন বজাত হাতে হাতে বিভিন্ন শ্লোগান লিখা প্লেকাৰ্ড লৈ শিক্ষকসকলৰ নেতৃত্বত শোভাযাত্ৰা উলিয়াইছিলোঁ। “জৱাহৰলাল নেহৰু কি- জিন্দাবাদ”, “মহাত্মা গান্ধী কি- জয়”, “ভাৰত মাতা কি- জয়”, “ঘৰে ঘৰে- যত্নৰ ঘূৰে”, ইনক্লাৱ-জিন্দাবাদ প্ৰভৃতি শ্লোগান দি শোভাযাত্ৰা কৰি আমি ছাত্ৰ-ছাত্ৰীসকল আলিৰপাম বজাৰত সমবেত হৈছিলোঁ। বজাৰত প্ৰতিযোগিতামূলক বিভিন্ন খেল-ধেমালি অনুষ্ঠিত হৈছিল। ল’ৰাৰ দৌৰ, হাই জাম্প, লং জাম্প, ছোৱালীৰ মেজিক চিয়াৰ, চামুচত মাৰ্বল লৈ দৌৰ, বিস্কুট খোৱা আদি খেল অনুষ্ঠিত হৈছিল।
সেইবাবেই ছিৰাজ মামাই মোক বৰপেটালৈ লৈ যোৱাৰ কথা কোৱাত মই হাজোৰ কথা পাহৰি বৰপেটালৈ যোৱাৰ আনন্দত মতলীয়া হৈ পৰিছিলোঁ। পাঠ্যপুথি আদি ৰাখিবলৈ মোৰ কোনো ট্ৰাংক নাছিল। সেয়ে বৰপেটালৈ গ’লে এটা ট্ৰাংক কিনিম বুলি ভাবি অলপ অলপকৈ টকা সাঁচিবলৈ ধৰিলোঁ। স্বাধীনতা দিৱসৰ দুদিন আগতে কাপোৰ-কানি ধুই ইস্ত্ৰি কৰিবলৈ গাৰুৰ তলত থৈ দিলোঁ।
স্বাধীনতা দিৱসৰ আগদিনা মই মামাক সুধিলোঁ—মামা, অহাকালি কেতিয়া যাব?
ছিৰাজ মামাই ক’লে— “ক’লৈ?”
মই ক’লোঁ— “বৰপেটালৈ। আপুনিয়েইচোন কৈছিল স্বাধীনতা দিৱসৰ দিনা মোক বৰপেটালৈ লৈ যাব বুলি!”
ছিৰাজ মামাই ক’লে— “অ’, সেই কথা? এইবাৰ যোৱা সম্ভৱ নহ’ব। মোৰ কিছুমান জৰুৰী কাম আছে। অহা বছৰ যামহি। এইবাৰ তোমালোকৰ স্কুলতে খেল-ধেমালি হ’ব। তুমি নেখেলা নেকি?”
মই একো নক’লোঁ। মামাই যে মোক বৰপেটালৈ লৈ নাযাব, তেওঁৰ কথাৰ পৰাই কথাটো স্পষ্ট হৈ পৰিল। সেয়ে মই মনে মনে তাৰ পৰা আঁতৰি আহি চূড়ান্ত সিদ্ধান্ত ল’লোঁ— যেনেকৈয়ে হওঁক, মই কাইলৈ অকলেই বৰপেটালৈ যামহি।
স্বাধীনতা দিৱসৰ দিনা কাকো একো নোকোৱাকৈ মই অকলেই খোজকাঢ়ি বৰপেটালৈ ৰাওনা হ’লোঁ। গড়ালা, দীঘিৰপাম হৈ মই মন্দিয়ালৈ আহিলোঁ। আশা কৰিছিলোঁ মন্দিয়াৰ পৰা বাছত উঠিম। কিন্তু বাছ নাছিল। এজন মানুহে ক’লে যে, ভাড়াৰ নাওত বৰপেটালৈ যাব পাৰিম। ভাড়াৰ নাও ক’ত পাম সেই কথাও তেওঁ মোক বুজাই দিলে।
মানুহজনৰ কথামতে গৈ দেখিলোঁ, ভেলেঙী নদীত বহুতো নাও ৰৈ আছে। তাৰ পৰাই এখন নাওত উঠি বৰপেটালৈ আহিলোঁ। ঠিক বৰপেটাত নহয়, ভাড়াৰ নৌকাই আমাক বৰপেটাৰ পৰা প্ৰায় দেড় দুই কিলোমিটাৰমান দক্ষিণ দিশত অৱস্থিত ভকতপাৰাত নমাই দিলে। তাৰ পৰা অন্যান্য মানুহৰ লগত পিচদিয়া ৰাস্তাৰে খোজকাঢ়ি বৰপেটাৰ বৰবজাৰলৈ আহি মোৰ বহুদিনৰ ইস্পিত ট্ৰাংকটো কিনিলোঁ। তাৰ পাছত এখন দোকানত খোৰমাৰে চাহ খাই নৌকা বাইচ চাবলৈ আহিলোঁ।
থানাৰ সন্মুখত চাউলখোৱা নদীত নৌকা বাইচ চলি আছিল। আমি টিনৰ নাওৰ বাইচ চোৱাত অভ্যস্ত আছিলোঁ। কিন্তু সিদিনা চাউলখোয়াত যিবোৰ নাওৰ বাইচ হৈছিল, সেইবোৰ আছিল কাঠৰ ডোঙা নাও। অৱশ্যে নাওবোৰ অতি দীঘল দীঘল আৰু ৰঙচঙীয়া আছিল। নদীৰ পাৰ মানুহেৰে লোকাৰণ্য হৈ আছিল। ভিৰ দি বাট নোপোৱা অৱস্থা। মই ভিৰ ঠেলি আগবাঢ়িবলগীয়া হৈছিল।
কিন্তু তেতিয়া মোৰ নৌকা বাইচ চোৱাৰ মন বা মানসিকতা কোনোটো নাছিল। কেনেকৈ ঘৰলৈ উভতি যাম— সেই চিন্তাই মোক অস্থিৰ কৰি তুলিছিল। মই ৰাস্তা-ঘাট ভালদৰে চিনি নাপাওঁ। বাট ভুল হৈ যাব পাৰে— এই আশংকাও মনত ক্ৰিয়া কৰি আছিল। সেয়ে নৌকা বাইচ নোচোৱাকৈ যিটো ৰাস্তাৰে আহিছিলোঁ, ঠিক সিটো ৰাস্তাৰেই ভাড়াৰ নাওৰ পৰা য’ত নমাই দিছিল তালৈকে আহিলো।
তাত কে’বাটাও নাও ৰৈ আছিল। তাৰে এখন নাওত উঠি মই পুনৰ মন্দিয়ালৈ আহিলোঁ। তেতিয়া বেলি মাৰ যাবলৈ বৰ বেছি সময় নাছিল। দৌৰি গ’লেও ঘৰ পাবলৈ এপৰ ৰাতি হৈ যাব।কিন্তু মোৰ বাবে ৰাতি অকলে খোজকাঢ়ি যোৱাটো সম্ভৱ নহ’ব। সেয়ে কি কৰোঁ, কি নকৰোঁ বুলি ভাবি থাকোঁতেই হঠাৎ হোছেন মামাই মোক দেখি আগবাঢ়ি আহি ক’লে—
— “আৰে, আবুল তুমি? তুমি ক’ৰ পৰা আহিলা? কাৰ লগত আহিছা?”
হোছেন মামা আমাৰ মামাহঁতৰ পেহীৰ পুতেক। তেওঁৰ ঘৰ আগমন্দিয়াত। তেওঁ কাপোৰৰ ব্যৱসায়ী ৰহিমুদ্দিন মামাৰ সৰু ভায়েক। যিজন ৰহিমুদ্দিন মামাৰ ঘোঁৰা আনিবলৈ যাওঁতে এবাৰ মোৰ পিঠিৰ ছাল ছিগি গৈছিল।
মই উত্তৰত ক’লোঁ— “মই অকলেই আহিছোঁ। বৰপেটালৈ গৈছিলোঁ।”
মোৰ কথা শুনি হোছেন মামা যেন আকাশৰ পৰা পৰিল। তেওঁ ক’লে— “অকলেই আহিছা মানে! ঘৰত কৈ আহিছা নেকি?”
মই ক’লোঁ— “নাই, কৈ অহা নাই।”
— “কৈ অহা নাই মানে! এতিয়া কি কৰিবা? বলা, আমাৰ ঘৰলৈ। কাইলৈ ৰাতিপুৱা মই তোমাক ঘৰলৈ লৈ যামহি।”
হোছেন মামাৰ লগত মই তেওঁলোকৰ ঘৰলৈ গ’লোঁ। তাত সেই নিশাটো কটোৱাৰ পাছত পিছদিনা হোছেন মামাই মোক লগত লৈ আলীগাঁৱলৈ আহিল। নক’লেও হ’ব যে, সিদিনা মই ঘৰৰ আটাইৰে ককৰ্থনা শুনিবলগা হৈছিল।
এতিয়া আহোঁ নৌকা বাইচৰ কথালৈ। আমাৰ বংগীয় মূলৰ লোকসকলে সাধাৰণতে টিনপাতেৰে নিৰ্মিত নাওৰে নৌকা বাইচ অনুষ্ঠিত কৰিছিল। কিন্তু বৰপেটাৰ থলুৱা অসমীয়াসকলে কাঠৰ ডোঙা নাওৰে নৌকা বাইচ অনুষ্ঠিত কৰিছিল। সেই কাঠৰ ডোঙা নৌকা বাইচ চাবলৈও প্ৰচুৰ লোকৰ সমাগম হৈছিল।
বৰ্তমান বৰপেটাত সেই নৌকা বাইচ অনুষ্ঠিত নহয়। এজন প্ৰত্যক্ষদৰ্শীৰ মুখত শুনা মতে, ১৯৭১ চনত নৌকা বাইচৰ সময়ত হেনো কিবা কথালৈ বাইচাসকলৰ মাজত মাৰামাৰি হৈছিল। সেই মাৰামাৰিৰ পাছৰ পৰাই নৌকা বাইচ বন্ধ কৰি দিয়া হৈছে বুলি শেহতীয়াকৈ মোৰ এজন বন্ধুৰ মুখত মই শুনিবলৈ পাইছোঁ। কথাটো কিমানদূৰ সঁচা, সেই বিষয়ে বন্ধুজনে হয়তো অধিক ভালদৰে ক’ব পাৰিব। নৌকা বাইচ বন্ধ হোৱাৰ আন এটা কাৰণো থাকিব পাৰে। কাৰণ বৰ্তমান নোকা বাইচ অনুষ্ঠিত কৰিব পৰাকৈ চাউলখোয়া নদীত পানী নাই। পানীৰ অপৰ্যাপ্ততাও নোকা বাইচ বন্ধ হোৱাৰ আন এটা কাৰণ হ’ব পাৰে।
আগতে কাছাৰীৰ কাষৰ চাউলখোৱা নদীৰ ওপৰত কাঠৰ দলং আছিল। বৰ্তমান কাঠৰ দলঙৰ ঠাইত পকী দলং হৈছে। ২০২৪ চনত জজক’ৰ্টটো চাউলখোৱা নদীৰ উত্তৰপাৰে আইন মহাবিদ্যালয়ৰ পশ্চিম প্ৰান্তলৈ স্থানান্তৰ কৰা হৈছে।
পূৰ্বতে জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় আৰু জিলা পৰিবহণ বিভাগৰ কাৰ্যালয় বৰপেটাৰ বিভিন্ন ঠাইত ভাড়াঘৰত কাৰ্যক্ষম হৈ আছিল। বৰ্তমান এই দুয়োটা কাৰ্যালয়ৰ বাবে বৰ্তমানৰ জজক’ৰ্টৰ পশ্চিম প্ৰান্তত চাউলখোৱা নদীৰ পাৰত নিজা ভৱন নিৰ্মাণ কৰি তালৈ স্থানান্তৰ কৰা হৈছে।
বৰপেটা-হাউলী সংযোগী পথত চাউলখোৱা নদীৰ ওপৰত থকা পূৰ্বৰ লোৰ দলঙৰ পৰিৱৰ্তে বৰ্তমান পকী দলং নিৰ্মাণ কৰা হৈছে।
বৰপেটাৰ ৰাস্তা-ঘাট, ঘৰ-দুৱাৰৰ কথা লিখিবলৈ গ’লে বহু কথা লিখিব লাগিব। কিন্তু ইয়াৰ বিশেষ প্ৰয়োজন নাই বুলি ভাবি মই সেইবোৰ বহলাই নিলিখিলোঁ। কাৰণ ৰাস্তা-ঘাট প্ৰায় সকলো ঠাইতে উন্নত হৈছে। যিবোৰ ঠাইত আগতে খেয়া নাৱেৰে বা সাঁতুৰি নদী পাৰ হ’বলগীয়া হৈছিল, সেইবোৰ ঠাইত সম্প্ৰতি কংক্ৰিটৰ দলং নিৰ্মাণ কৰা হৈছে। যিবোৰ ঠাইত মানুহে আগতে খেৰি ঘৰত বাস কৰিছিল, সেইবোৰ ঠাইৰ বহু ঘৰ এতিয়া পকীঘৰলৈ পৰিণত হৈছে। যিবোৰ ঠাইত আগতে গো-হালট বা খেতিৰ আলিয়েই একমাত্ৰ যাতায়াতৰ ব্যৱস্থা আছিল, সেইবোৰ ঠাইত এতিয়া বহল বহল পকী ৰাস্তা নিৰ্মাণ কৰা হৈছে।
আমাৰ জাহানাৰপাৰৰ ঘৰখন অতি অনুন্নত এলেকাত অৱস্থিত আছিল। বৰপেটালৈ আহিবলৈ হ’লে এসপ্তাহ আগৰ পৰাই চিন্তা-চৰ্চা কৰিব লগা হৈছিল। তেতিয়া বৰপেটালৈ আহিলে দিনৰ দুই বাজি গ’লে, হয় হোটেলত আশ্ৰয় ল’ব লাগিছিল, নহ’লে কোনো আত্মীয়ৰ ঘৰলৈ গৈ ৰাতিটোৰ কাৰণে আলহী হ’ব লাগিছিল।
মাথোন আমাৰ বাঘবৰ অঞ্চলৰ কথাই বা কিয় ক’ম? মই বৰ্তমান যি যতিগাঁৱত বসবাস কৰি আছোঁ, সেই যতিগাঁৱৰ অৱস্থাও এটা সময়ত খুবেই শোচনীয় আছিল। নদীভাঙনৰ ফলত ১৯৯৮ চনত মই যতিগাঁৱলৈ উঠি আহিছিলোঁ। যতিগাঁও বৰপেটাৰ একেবাৰে ওচৰতে অৱস্থিত এখন গাঁও। আমাৰ যতিগাঁৱৰ পৰা মাধৱ চৌধুৰী মহাবিদ্যালয় মাত্ৰ দুই কিলোমিটাৰ দূৰত অৱস্থিত। যতিগাঁৱতেই বৰপেটা মেডিকেল কলেজ এণ্ড হস্পিটেল অবস্থিত। আগতে বৰপেটা মেডিকেল কলেজখনৰ নাম আছিল ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হস্পিটেল। ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্তত চৰকাৰে মেডিকেল কলেজখনৰ নাম পৰিবর্তন কৰি বৰপেটা মেডিকেল কলেজ ৰাখিছে।
মই যেতিয়া প্ৰথমবাৰৰ বাবে যতিগাঁৱত ঘৰ সাজিছিলোঁ, তেতিয়া যতিগাঁৱত নাছিল কোনো ৰাস্তা, নাছিল কোনো ঘাট। যতিগাঁও আৰু ভেৰাগাঁৱৰ বহু লোকেই সেই সময়ত বৰপেটালৈ গৈ ৰিক্সা আৰু ঠেলা চলাইছিল। দুখীয়া পৰিয়ালৰ বোৱাৰীসকলেও বৰপেটালৈ গৈ অসমীয়া মহাজনসকলৰ ঘৰত আৰু চাহৰ দোকানত হাজিৰা কৰিছিল।
তেতিয়া যতিগাঁৱত কোনো পকী ৰাস্তা নাছিল। আছিল কেৱল গো-হালট। সেই গো-হালটো আকৌ খেতিৰ মাটিৰ তুলনাত বহু চাপৰ আছিল। খৰালি কালত যেনে-তেনে চলি গৈছিল, কিন্তু বাৰিষাৰ সময়ত সেই পথত এককাল পৰ্যন্ত পানী জমা হৈ থাকিছিল। তেতিয়া সকলোৱে গামোচা পিন্ধি বৰপেটালৈ গৈছিল আৰু তিনি-চাৰি বজাৰ ভিতৰতে ঘৰলৈ উভতি আহিছিল। ময়ো নিজে এনেদৰেই অহা-যোৱা কৰিছোঁ।
এতিয়া ব্লক দিয়া ৰাস্তা হৈছে। অৱশ্যে ৰাস্তাবোৰ এতিয়াও সিমান উন্নত নহয়; তথাপি গোটেই নিশা গাড়ী-মটৰ চলাচল কৰে। তিনি-চাৰি মহলীয়া অট্টালিকা নিৰ্মাণ হৈছে। বহুতে ঘৰ ভাড়ালৈ দিয়াৰ ব্যৱসায়ো আৰম্ভ কৰিছে। ২০০৯ চনৰ আগলৈকে ইয়াত বিদ্যুতৰ ব্যৱস্থাও নাছিল। এতিয়া ঘৰে ঘৰে এচি চলে। শীতকালত গিজাৰ (Geyser) ব্যৱহাৰ কৰি পানী গৰম কৰি গা ধোৱা হয়। বিদ্যুতৰ জৰিয়তে ভাত ৰন্ধাও হয়।
বৰ্তমান বাঘবৰ অঞ্চলৰ মানুহে ৰাতি দহ বজালৈকে বৰপেটাত আড্ডা মাৰি ঘৰলৈ উভতি যাব পাৰে। এতিয়া আমাৰ ঘৰলৈ বাঘবৰ অঞ্চলৰ কোনো লোক আহিলে ৰাতি দহটা বাজিলেও ঘৰলৈ উভতি যাব পাৰে। আগতে যিমান চাইকেল নাছিল, এতিয়া তাতকৈ অধিক মটৰচাইকেল হৈছে। য’ত এসময়ত কেৱল আলি-পথ আছিল, তাত এতিয়া বহল পকী ৰাস্তা হৈছে। ৰাস্তাৰ লগতে ঘৰে ঘৰে বিদ্যুতৰ ব্যৱস্থাও হৈছে। যোগাযোগ ব্যৱস্থাৰ উন্নতিৰ লগে লগে মানুহৰ জীৱন-যাত্ৰাৰ মানদণ্ডও উন্নত হৈছে। উন্নয়নৰ পূৰ্বচৰ্ত যে উন্নত যোগাযোগ ব্যৱস্থা—এই কথাত হয়তো কাৰো দ্বিমত নাই।
আমি যেনেদৰে বহু নতুন সুবিধা লাভ কৰিছোঁ, তেনেদৰে বহু পুৰণি বস্তু আৰু পৰম্পৰাও হেৰুৱাইছোঁ। যেনে—এতিয়া মানুহৰ হাতত ঘড়ী নাথাকে; মোবাইল ফোনতেই ঘড়ী আছে। টৰ্চ লাইট নাথাকে; মোবাইলতেই টৰ্চ আছে। চিনেমা হলবোৰ বন্ধ হৈ গৈছে। এতিয়া মোবাইল ফোনতেই চিনেমা চাব পাৰি। আগতে ভাল চিনেমা আহিলে মাৰামাৰি কৰি চিনেমাৰ টিকট কাটিব লাগিছিল। এতিয়া বিছনাত শুই থাকিয়েই চিনেমা চাব পাৰি।
আগতে প্ৰভাতত ঢেঁকীৰ ‘ঢেকুচ-ঢেকুচ’ শব্দ শুনিবলৈ পোৱা গৈছিল। এতিয়া ঢেঁকী নাই, মৰিচ বটাৰ পাটাও নাই। আগতে চিজাৰিয়ান কৰি সন্তান জন্ম দিয়াৰ কথা প্ৰায় শুনাই নাছিলোঁ। এতিয়া যেন চিজাৰিয়ান নকৰাকৈ সন্তান প্ৰসৱ কৰাটো কঠিন হৈ পৰিছে। ঢেঁকী আৰু মৰিচ বটাৰ পাটা নথকাৰ বাবেই এতিয়া চিজাৰিয়ান কৰিবলগীয়া হয় বুলি ধাৰণা কৰা হয়। অৱশ্যে মোৰ মতে কথাটো মিছাও নহয়।
আগতে খেতি-বাতিৰ বাবে গৰু পুহিব লাগিছিল। অৱস্থাপন্ন গৃহস্থসকলে গৰু পোহাৰ বাবে মাহেকীয়া বন্দবস্তিত কামলা ৰাখিব লাগিছিল। শীতকালৰ পুৱাবেলা কৃষকৰ হাক-ডাক শুনিবলৈ পোৱা গৈছিল। শীতৰ মাজত হাল বাবলৈ গৈ ভৰিৰ আঙুলিৰ গোৰ ফাটি গৈছিল। এতিয়া গৰু পুহিব নালাগে, হালো বাব নালাগে। কাৰণ এতিয়া ট্ৰেক্টৰ আছে। মৈ দিব নালাগে; ট্ৰেক্টৰেই মৈ দি দিয়ে। গৰুগাড়ী আৰু ম’হগাড়ীৰ স্থান এতিয়া ট্ৰেক্টৰে লৈছে। এতিয়া গৰুৰে ধান মৰণা দিয়াৰ প্ৰয়োজনো নাই। ধান মৰণা দিয়াৰ বাবে ধান মৰণা দিয়া মেচিন, অৰ্থাৎ থ্ৰেছাৰ (Thresher), মেচিন আছে।
এতিয়া চ’ত, বহাগ আৰু জেঠ মাহত দলবদ্ধভাৱে দোৱা গান গোৱা শুনিবলৈ পোৱা নাযায়। কাৰণ এতিয়া দলবদ্ধভাৱে পথাৰত ঘাঁহ-বন- নিকোৱাৰ প্ৰয়োজনেই নহয়; ঘাঁহ-বন নাশ কৰাৰ বাবে ঔষধ আছে।
এটা গল্প কওঁ শুনক। গল্পটো কিমানদূৰ সত্য, নাজানো। বহুদিন আগতে গল্পটো শুনিছিলোঁ। এবাৰ বোলে পৰীক্ষাত ধানখেতৰ বিষয়ে এখন ৰচনা লিখিবলৈ দিছিল। তেতিয়া কোনোদিন গাঁৱৰ মুখ নেদেখা এজন ছাত্ৰই বোলে এনেদৰে লিখিছিল—‘ধানগছ বটগছৰ সমান ডাঙৰ হয়। ধানগছৰ বহু ডাল-পাত আছে।’ এনে ধৰণৰ আৰু বহু কিবাকিবি কথা লিখিছিল হেনো।
মোৰ ধাৰণা হয়, এদিন আমাৰ ল’ৰা-ছোৱালীয়ে লাঙল, যুঁৱলি, ঢেঁকী আদি কি বস্তু সেয়া চিনিব নোৱাৰিব। তেতিয়া তেওঁলোকক সংগ্ৰহালয়লৈ লৈ গৈ এইবোৰ বস্তু দেখুৱাব লাগিব।
পূৰ্বৰ আমোদ-প্ৰমোদৰ মাধ্যম
পূৰ্বতে আমোদ-প্ৰমোদৰ তেনে কোনো বিশেষ মাধ্যম নাছিল। আজিকালিৰ দৰে ঘৰে ঘৰে টিভি নাছিল। ক’বলৈ গ’লে ষাঠি-সত্তৰৰ দশকত আমি টিভিৰ নামেই শুনা নাছিলোঁ। ৰেডিঅ’ অৱশ্যে আছিল, কিন্তু অতি কম— এখন-দুখন ঘৰতহে।
আলীগাঁৱৰ প্ৰত্যন্ত অঞ্চলত কেৱল আলিৰপাম বজাৰৰ নিত্যানন্দ সাহা আৰু সূৰ্য সাহাৰ ঘৰত ৰেডিঅ’ আছিল। ডাঙৰ ৰেডিঅ’—কাঠৰ বাকচ থকা। তেওঁলোকে ৰেডিঅ’টো দোকান ঘৰত ৰাখিছিল। সন্ধিয়াৰ সময়ত দোকান ঘৰৰ সন্মুখত চট পাৰি দিছিল। সেই চটত বহি আমি কোনো কোনো দিন সন্ধিয়া সময়ত বাতৰি শুনিছিলোঁ।
১৯৬২ চনৰ চীন-ভাৰত যুদ্ধৰ সময়ত আমি নিত্যানন্দ সাহাৰ দোকানৰ সন্মুখত চটত বহি প্ৰায় নিয়মীয়াকৈ যুদ্ধৰ বাতৰি শুনিছিলোঁ। তেতিয়া মই নানা ধনাই হাজীৰ ঘৰত থাকি আলীগাঁও প্ৰাথমিক বিদ্যালয়ত পঢ়ি আছিলোঁ। বজাৰখন নানাহঁতৰ ঘৰৰ পৰা আনুমানিক প্ৰায় পোয়া কিলোমিটাৰ নিলগত আছিল। ঘৰৰ পৰা কিছু দূৰ হ’লেও মই প্ৰায় নিয়মীয়াকৈ ৰেডিঅ’ৰ বাতৰি শুনিবলৈ বজাৰলৈ আহিছিলোঁ।
জলিল হাজী চাহাবৰ ঘৰত অৱশ্যে এখন প’ৰ্টেবল ৰেডিঅ’ আছিল। কিন্তু ৰেডিঅ’টো তেওঁলোকে ঘৰৰ ভিতৰত ৰাখিছিল বাবে আমি কোনেও সেই ৰেডিঅ’ শুনিবলৈ আগ্ৰহ নকৰিছিলোঁ। তদুপৰি ৰেডিঅ’টোৰ শব্দও বৰ বেছি নাছিল। সেয়ে শুনি তেনেকৈ মজা পোৱা নাছিলোঁ। অৱশ্যে মই সেই ৰেডিঅ’ত মাজে-সময়ে বৰদলৈ ট্ৰফীৰ খেলৰ ধাৰাবিৱৰণী শুনিছিলোঁ।
জলিল হাজী চাহাবৰ ঘৰৰ সন্মুখত এটা কমিউনিটি হল আছিল। জলিল হাজী চাহাবৰ ডাঙৰ পুতেক বাবৰ আলীয়ে মাজে-সময়ে আবেলি সেই কমিউনিটি হলত বহি ৰেডিঅ’ শুনিছিল। সেই সুযোগতে ময়ো মাজে-সময়ে খেলৰ ধাৰাবিৱৰণী শুনিছিলোঁ। স্কুল বন্ধ থাকিলে কেতিয়াবা ৰাতিপুৱা সেইটো ৰেডিঅ’ত ‘গীতিমালিকা’ অনুষ্ঠান শুনিছিলোঁ।
ষাঠিৰ দশকৰ প্ৰথম ভাগত আমোদ-প্ৰমোদৰ আন এটা মাধ্যম আছিল কলৰ গান (গ্ৰামোফোন)। অৱশ্যে সকলো অঞ্চলতে কলৰ গান নাছিল। অতি সৌখিন দুই-এজন মানুহেহে কলৰ গান ৰাখিছিল। ফেঙুৱাত মধু আৰু যদু নামৰ দুজন ককায়েক-ভায়েক আছিল। মই জানামতে, তেওঁলোকৰ ঘৰত কলৰ গান আছিল। যদু-মধুহঁতৰ ঘৰ ফেঙুৱাৰ সাধু মিয়াৰ ঘৰৰ ওচৰত আছিল। সাধু মিয়াৰ সৈতে থকা খাতিৰৰ বাবেই এবাৰ মধুই তেওঁৰ কলৰ গানটো লৈ আমাৰ ঘৰলৈ আহিছিল। তেতিয়াই মই প্ৰথমবাৰৰ বাবে কলৰ গান দেখিছিলোঁ।
তেতিয়া ডাঙৰ ডাঙৰ ডিস্কত গান ৰেকৰ্ড কৰি থোৱা হৈছিল। কলৰ মেচিনত সেই ডিস্কটো সংস্থাপন কৰি ঘূৰাই গান বজোৱা হৈছিল। সেই সময়ত কলৰ গানত আব্বাছ উদ্দিনৰ লোকগীতেই বেছিকৈ বজোৱা হৈছিল।
গ্ৰামোফোনৰ ডিস্কটো গোলাকাৰ এখন প্লেটৰ ওপৰত স্থাপন কৰা হৈছিল। মূলতঃ শেলাক (Shellac) নামৰ এবিধ প্ৰাকৃতিক ৰেজিনৰ সৈতে কপাহ, কাঠৰ গুড়ি, চিয়াঁহী আদি মিহলাই এই ডিস্ক তৈয়াৰ কৰা হৈছিল। পৰৱৰ্তী সময়ত ভিনাইল (Vinyl/PVC) ব্যৱহাৰ কৰিবলৈ লোৱা হয়। ভিনাইলৰ ডিস্ক তুলনামূলকভাৱে নমনীয়, পাতল আৰু কম ভংগুৰ আছিল।
প্লেটখনৰ তলত থকা মটৰ বা স্প্ৰিং-চালিত যন্ত্ৰই ডিস্কখনক নিৰ্দিষ্ট গতিত ঘূৰাইছিল। ডিস্কৰ ওপৰত সৰু সৰু খাঁজ (grooves) থাকে। এই খাঁজবোৰৰ মাজত শব্দৰ কম্পনৰ আকাৰ সংৰক্ষিত হৈ থাকে। সুঁই (পিনকাঁটা)(needle/stylus) খাঁজৰ ওপৰত বহুৱাই দিলে ডিস্ক ঘূৰাৰ সময়ত সুঁইডালে খাঁজৰ উঠা-নমা অনুসৰণ কৰে। ফলত সৰু সৰু কম্পনৰ সৃষ্টি হয়। সেই কম্পন ডায়াফ্ৰামলৈ যায় আৰু ডায়াফ্ৰামটোৱে বতাহত কম্পনৰ সৃষ্টি কৰে। পুৰণি গ্ৰামোফোনত সেই কম্পনৰ শব্দ শিঙাৰ আকৃতিৰ হৰ্ণ (horn)-ৰ জৰিয়তে অধিক জোৰেৰে বাহিৰলৈ ওলাই আহিছিল।
পঞ্চাশৰ দশকতে দিল্লীত প্ৰথম টেলিভিছন আহিছিল যদিও আমি টেলিভিছনৰ সৈতে পৰিচিত হৈছিলোঁ নব্বৈৰ দশকৰ শেষৰফালে। সেই সময়ত ক্ৰিকেট খেল চাবলৈ আমি দল বান্ধি মন্দিয়ালৈ আহিছিলোঁ। ১৯৮৭ চনৰ ক্ৰিকেট বিশ্বকাপৰ ফাইনেল খেলখনো আমি মন্দিয়াতে উপভোগ কৰিছিলোঁ। পৰৱৰ্তী সময়ত সত্ৰ কনৰাৰ ইমান আলী মাষ্টৰ আৰু ৰাণীৰপামর ইজ্জত আলী মাষ্টৰৰ পুত্ৰ ময়নাল হক(মনু মেকাৰ)ৰ ঘৰত টেলিভিছন আছিল। ইমান আলী মাষ্টৰে টেলিভিছন বিদ্যুৎ সংযোগৰ জৰিয়তে চলাইছিল আৰু মনু মেকাৰে বেটাৰীৰ সহায়ত চলাইছিল। ময়নাল হকৰ টেলিভিছনত মই বাবৰি মছজিদ ধ্বংসৰ দৃশ্য প্ৰত্যক্ষ কৰিছিলোঁ। সেই সময়ত বহু লোকৰেই টেলিভিছন কিনাৰ ইচ্ছা আছিল যদিও বিদ্যুৎ সংযোগ নথকাৰ বাবে বহুতে টেলিভিছন কিনি চলাব পৰা নাছিল।
সেই সময়ত শীতকালৰ আমোদ-প্ৰমোদৰ অন্যতম প্ৰধান আকৰ্ষণ আছিল গীতিনাট্য আৰু নাটক। শিক্ষিত লোকসকলে নাটক মঞ্চস্থ কৰিছিল আৰু কিছুমান অৰ্দ্ধশিক্ষিত ও শিক্ষিত লোকে মিলি গীতিনাট্যও মঞ্চস্থ কৰিছিল। মই নিজে নাটক মঞ্চস্থ কৰিছিলোঁ। সাধাৰণতে বিদ্যালয় বা ক্লাবৰ অধিৱেশনত নাটকবোৰ মঞ্চস্থ কৰা হৈছিল। ইয়াৰ উপৰি নতুনকৈ বহা হাট উপলক্ষে বা বিয়া-সবাহতো বিশেষভাৱে নাটক মঞ্চস্থ কৰা হৈছিল। নাটকৰ সৈতে জড়িত সেই সময়ৰ বাঘবৰৰ কিছুমান স্মৃতি আৰু তথ্য তলত উল্লেখ কৰা হ’ল।
বাঘবৰ অঞ্চলত নাটক, গীতিনাট্য আৰু পুতলা নাচ
এটা সময়ত বাঘবৰ অঞ্চল মানে আলীগাঁও, সাৰগাঁও, পালাৰপাম, মাণিকপুৰ সাতমুখী, মৰাবাজ, জাহানাৰপাৰ, বাঘবৰ আদি অঞ্চলত বহুতো ভাল ভাল অভিনেতা আছিল। এই অভিনেতাসকলৰ কে’বাজনো অভিনেতা খুবেই উচ্চ পৰ্যায়ৰ আছিল। সুযোগ-সুবিধা পালে এওঁলোকৰ কে’বাজনো অভিনেতাই চলচ্চিত্ৰতো অভিনয় কৰি সুনাম অৰ্জন কৰিব পাৰিলেহেঁতেন। এই অভিনেতাসকলৰ ভিতৰত প্ৰথমে নাম ল’ব লাগিব আলীগাঁৱৰ ফয়জল হকৰ। ফয়জল হক আলীগাঁও অঞ্চলত হক চাহাব নামেৰে পৰিচিত আছিল। তেওঁৰ অভিনয় প্ৰতিভা খুবেই উচ্চপৰ্যায়ৰ আছিল। ষাঠিৰ দহকত আলীগাঁও অঞ্চলৰ আলীৰপাম বজাৰত এটি চখৰ নাট্যদল আছিল। সেই নাট্যদলত তাৰাপদ সাহা, নাৰায়ণ বসাক, ৰাধাবল্লভ সাহা, বিশ্বনাথ সাহা, ফজল বৈৰাগী, পৰেশ সাহা, কানাইলাল সাহা গুনীন্দ্ৰ সাহা(টেনু সাহা), হৰিপদ সাহা, পতিতপাৱন কৰ্মকাৰ, মোহনলাল বাকালি আদিয়ে সুখ্যাতিৰে অভিনয় কৰিছিল। কালাইলাল সাহা আৰু গুণীন্দ্ৰ সাহাই স্ত্ৰী চৰিত্ৰত অভিনয় কৰি সুখ্যাতি অৰ্জন কৰিছিল।
সত্তৰ দহকৰ প্ৰথম পৰ্যায়ত আলীৰপাম বজাৰ গৰাখহনীয়াৰ কৱলত পৰাত বজাৰ আলীগাঁৱলৈ স্থানান্তৰ কৰা হয়। তেতিয়া উপৰোক্ত অভিনেতা সকলৰ লগত সন্ধ্যাৰাণী সাহা, টগৰী বসাক,বাসনা সাহা, মালতী শীল, অঞ্জলি সাহা প্ৰভৃতি ছোৱালীসকলে বিভিন্ন নাটকত অভিনয় কৰি ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। পালাৰপামৰ অখিল সূত্ৰধৰ, নাৰায়ণ ঘোষ, মাণিকপুৰৰ আজাহাৰ আলী, ইদ্ৰিছ আলী, ছামছুল হক প্ৰভৃতিয়ে বিভিন্ন নাটকত অভিনয় কৰি সুনাম অৰ্জন কৰিছিল। মাণিকপুৰৰ আমজাদ আলী, বাঘবৰৰ হোছেন আলী আদিয়ে গীতিনাট্যত সুখ্যাতিৰে অভিনয় কৰিছিল। বৰ্তমান পালাৰপামৰ আলিমুদ্দিনে এটি পুতলা নাচ দল পৰিচালনা কৰি আছে। উক্ত পুতলা নাচ দলত হোছেন আলী, মোবাৰক দৰ্জী, আলিমুদ্দিন, কলিমুদ্দিন, হাকিম আলী, ৰমজান আলী, ছত্তৰ আলী, অঞ্জলি আদি অভিনেতা-অভিনেত্ৰীসকলে সুখ্যাতিৰে অভিনয় কৰি আছে।
পুৰণি আলীৰপাম বজাৰত এটি চখৰ নাট্যদল আছিল। উক্ত নাট্যদলে ৰাজা হৰিশ্চন্দ্ৰ, ৰক্ত তৰ্পন, ৰাজা দেবিদাসকে আদি কৰি বিভিন্ন নাটক মঞ্চস্থ কৰিছিল। উক্ত নাটকত তাৰাপদ সাহা, নাৰায়ণ বসাক, ৰাধাবল্লভ সাহা, বিশ্বনাথ সাহা, ফজল বৈৰাগী, পৰেশ সাহা, কানাইলাল সাহা গুনীন্দ্ৰ সাহা(টেনু সাহা), হৰিপদ সাহা, পতিতপাৱন কৰ্মকাৰ, মোহনলাল বাকালি আদিয়ে সুখ্যাতিৰে অভিনয় কৰিছিল। ব্ৰহ্মপুত্ৰ নদৰ গৰাখহনীয়াৰ ফলত আলীৰপাম বজাৰ আলীগাঁৱলৈ স্থানান্তৰ কৰা পাছতো বিশ্বনাথ সাহা, ৰাধাবল্লভ সাহা, খোকা বাকালী, মোহনলাল বাকালি আৰু ছোৱালীৰ ভিতৰত সন্ধ্যাৰাণী সাহা, টগৰী বসাক,বাসনা সাহা, মালতী শীল, অঞ্জলি সাহা আদিয়ে বিভিন্ন নাটকত অভিনয় কৰিছিল।
ষাঠিৰ দহকত আলীগাঁৱত ৰজনী প্ৰভাত নামৰে এটি পুথিভড়াল প্ৰতিষ্ঠা কৰা হৈছিল। উক্ত পুথিভড়ালৰ সৌজন্যত তেতিয়াৰ আলীগাঁৱৰ ছাত্ৰসকলৰ লগতে মাণিকপুৰৰ ছাত্ৰসকলে মিলি ৰজনী প্ৰভাত নামেৰে এটি নাট্যদল পৰিচালনা কৰিছিল। উক্ত নাট্যদলৰ জৰিয়তে বন্দিৰ ছেলে, ৰক্ত তৰ্পন প্ৰভৃতি নাটক মঞ্চস্থ কৰিছিল। উক্ত নাটকত আজাহাৰ আলী, সিৰাজুল হক, ফয়জল হক, কৰিম মেকাৰ, মহিৰ উদ্দিন, ৰজব আলী, আক্কাছ গাঁওবুঢ়া, পালহাজীৰ এলহাম খান মাষ্টৰ আদি অভিনেতাসকলে সুখ্যাতিৰে অভিনয় কৰিছিল। আৰু বহুতো অভিনেতা আৰু কলা-কুশলী আছিল যদিও তেওঁলোকৰ তথ্য উদ্ধাৰ কৰা সম্ভৱ হোৱা নাই। তেতিয়া আলীগাঁও অঞ্চলত দুজন গ্ৰামসেৱক আছিল।উক্ত গ্ৰামসেৱক দুজনেও বিভিন্ন নাটকত অভিনয় কৰিছিল যদিও তেওঁলোকৰ নাম উদ্ধাৰ কৰা সম্ভৱ নহ’ল।
পৰৱৰ্তী পৰ্যায়তো আলিগাঁও অঞ্চলত বহু প্ৰতিভাৱান অভিনেতা আছিল। এওঁলোকে প্ৰথম পৰ্যায়ত মিলন অপেৰা নামেৰে এটি চখৰ যাত্ৰাদল গঠন কৰি বিভিন্ন ঠাইত সোহৰাব-ৰুস্তম,ৰাজা হৰিশ্চন্দ্ৰ, অশ্ৰু নদীৰ তীৰে’কে ধৰি কে’বাটাও নাটক মঞ্চস্থ কৰিছিল। উক্ত নাটকত ফয়জল হক, অখিল সূত্ৰধৰ, নাৰায়ণ ঘোষ, বাহাৰুল ইছলাম, ছামচুল হক, গোপাল সাহা, ইদ্ৰিছ আলী, বাবুল বসাক, গোপাল বসাক, নিৰঞ্জন বসাক, বাদল সাহা, নাৰায়ণ সাহা(নাৰু), মণিন্দ্ৰ সৰকাৰ, বাছেৰ আলী, আফাজ উদ্দিন আদিয়ে সুখ্যাতিৰে অভিনয় কৰিছিল।এইসমূহ নাটকত নুৰুল ইছলাম মাষ্টাৰে প্ৰমোট মাষ্টাৰ হিচাবে সহযোগ কৰিছিল। নুৰুল ইছলামে এটা সময়ত নাটকত স্ত্ৰী চৰিত্ৰত অভিনয় কৰিছল।
পাছৰ পৰ্যায়ত নিউ মিলন যুবক সংঘ ক্লাৱ এণ্ড লাইব্ৰেৰী নামকৰণেৰে এটি ক্লাৱ গঠন কৰি সেই ক্লাৱৰ জৰিয়তে কে’বাটাও নাটক যেনে- সোৰাব-ৰুস্তম, বাঙালীৰ শেষ নামাজ, দেবিদাস, সোণাৰ সংসাৰ, নিমাই সন্যাস, দোখজেৰ জল্লাদ আদি নাটক মঞ্চস্থ কৰিছিল। উক্ত নাটকবোৰত ফয়জল হক, নাৰায়ণ ঘোষ, মোবাৰক দৰ্জী, আবুল হুছেইন মাষ্টাৰ, গোপাল সাহা, বাহাৰুল ইছলাম, বাবুল বসাক, ৰজব আলী, ইন্নছ দৰ্জী, মণ্টু সৰকাৰ, সীতানাথ দাস, হৰেণ দাস আদিয়ে অভিনয় কৰিছিল।
আলীগাঁও বজাৰ গৰাখহনীয়াৰ কবলত পৰাত বজাৰখন উত্তৰ দিশৰ শিলুচি গাঁৱলৈ স্নানান্তৰ কৰা হয়। উক্ত বজাৰত মানুষ কেন কাঁদে নাটকখন ম়ঞ্চস্থ কৰা হৈছিল। উক্ত নাটকত ফয়জল হক, আবুল হুছেইন মাষ্টাৰ, মোবাৰক আলী দৰ্জী, গোপাল সাহা, বাহাৰুল ইছলাম, মোছলেম উদ্দিন, ছিৰাজুল হক, লাল মিঞা আদিয়ে নাটকত অভিনয় কৰিছিল।
আলীগাঁও অঞ্চলত এটি গীতিনাট্য দলো আছিল। উক্ত নাট্যদলে ৰহিম-ৰূপভান, সাগৰ ভাসা, কমলাৰ বনবাস, ভাওয়াল সন্যাস, অভয়-দুলাল,অৰুণ-শান্তি আদি গীতিনাট্য মঞ্চস্থ কৰিছিল। উক্ত গীতিনাট্যত মোবাৰক দৰ্জী, গোপাল সাহা, জাকিৰ হুছেইন (জোনাব আলী), বাহাৰুল ইছলাম, হুছেইন আলী, হামেদ আলী, আব্দুৰ ৰহমান, ৰজব আলী, ছামচুল হক, হালিম আলী, জমিৰ আলী, ওহাব আলী, বিজয় চন্দ্ৰ দাস আদিয়ে সুখ্যাতিৰে অভিনয় কৰিছিল। গীতিনাট্য দলৰ পৰিচালক আছিল আমিৰ আলী। প্ৰমোট মাষ্টাৰ আছিল আব্দুল লতিফ। লালচান আৰু নীলচান আলীয়ে ঢোল-খোল সংগত কৰিছিল।
সত্তৰ দহকত সাৰগাঁৱত এটি গীতিনাট্য দল আছিল। উক্ত দল পৰিচালনা কৰিছিল মাজু বেপাৰীয়ে। তেওঁলোকে ৰাজুবালা নামৰ এটি গীতিনাট্য মঞ্চস্থ কৰিছিল।ৰাজুবালা গীতিনাট্যত মহম্মদ আলী সৰকাৰে অভিনয় কৰিছিল। উক্ত গীতিনাট্যত অভিনয় কৰা অন্যান্য অভিনেতা আৰু কলা-কুশলীসকলৰ তথ্য উদ্ধাৰ কৰা সম্ভৱ হোৱা নাই।
মাণিকপুৰত নৱৰত্ন যাত্ৰদল নামৰ এটি গীতিনাট্য দল আছিল। তেওঁলোকে কাজল ৰেখা,ইসমাইলেৰ কোৰবানী, দুঃখেৰ দৰিয়া, সাগৰ ভাসা, কমলাৰ বনবাস,অৰুণ-শান্তি, ৰহিম-ৰূপভান, ভাই-ভাবীৰ ভালোবাসা,অভয়-দুলাল, আলোমতি প্ৰেম কুমাৰ, সূৰ্যেৰ কিৰণ, শ্বহীদ কাৰবালা আদি নাটক মঞ্চস্থ কৰিছিল। উক্ত নাটকসমূহত ইমান আলী, জব্বৰ খান, আমজাদ আলী আহমেদ,সামচুল হক, ওহাব আলী আহমেদ, নুৰুল ইছলাম খান, হায়দৰ আলী, জালাল মোল্লাহ, হাকিম আলী,একাব্বৰ আলী, জাহাঙ্গীৰ আলী আহমেদ, আয়নাল হক, ৰাজীৱ আহমেদ, হাবিল উদ্দিন, আমিৰ আলী, হানিফ আলী, শিৰাজ আলী(শিৰু), ৰহিম উদ্দিন, কদম আলী, আলি হুছেইন, আকবৰ আলী, অহেদ আলী, মহৰ আলী আদি অভিনেতাসকলে অভিনয় কৰিছিল। উক্ত যাত্ৰাদলৰ পৰিচালক আছিল জছিমুদ্দিন খান। বাদ্যযন্ত্ৰ আৰু অন্যান্য কলা-কুশলীসকলৰ ভিতৰত আছিল আব্দুল বাৰেক, নাছিৰ উদ্দিন খান, আব্দুছ চামাদ, মহৰ আলী(১),মহৰ আলী(২) মুকছেদ আলী, মজিবৰ ৰহমান আৰু ৰমজান আলী আহমেদ। নাটকৰ নিৰ্দেশনাত আছিল-ফজল হক, আমজাদ আলী আহমেদ আৰু ছামচুল হক।
ষাঠি-সত্তৰৰ দহকত আলীগাঁও বজাৰত কৃষ্ণলীলা গীতিনাট্য দল আছিল। তেওঁলোকে শুক-শাৰী, নিমাই সন্যাস আদি গীতিনাট্য মঞ্চস্থ কৰিছিল। উক্ত গীতিনাট্যত প্ৰফুল্ল শীল, ৰাধেশ্যাম সৰকাৰ, গুণীন্দ্ৰ সাহা, মাখন সাহা(মণ্টু সাহা), আৰতি সাহা, কানন বালা সাহা, ছবিৰাণী সাহা, আদুৰি শীল প্ৰভৃতি অভিনেতা-অভিনেত্ৰীসকলে সুখ্যাতিৰে অভিনয় কৰিছিল। কৃষ্ণলীলাত খোল সংগত কৰিছিল হীৰু শীল আৰু বাসুদেৱ সাহা। প্ৰমোট মাষ্টাৰ আছিল নিবাৰণ ফৌজদাৰ।
বাঘবৰৰ বালাজানতো এটি চখৰ নাট্যদল আছিল। উক্ত নাট্যদলে গৰীবেৰ মেয়ে, বিদায় সেলাম, কহিনুৰ, নিহত গোলাম, সোৰাব-ৰুষ্টম, আলমগীৰ, পানীপত আদি নাটক মঞ্চস্থ কৰিছিল। উক্ত নাটকসমূহত বিল্লাল হোছেইন মাষ্টাৰ, আবুল হুছেইন মাষ্টাৰ, ময়ছেৰ আলী মাষ্টাৰ, আমজাদ হুছেইন, আব্দুল হালিম মাষ্টাৰ, ইউছুফ আলী চেক্ৰেটাৰী, আব্বাছ দাৰ্জী, ময়নুল হক, ছাইফুল ইছলাম, আতাউল্যা, ছুৰত আলী, ভক্ত পাল, বিষ্ণু দে, আতোৱাৰ ৰহমান,কদ্দুছ আলী, ওৱাৰেছ মাষ্টাৰ, চান মিয়া, নৈমুদ্দিন আদিয়ে অভিনয় কৰিছিল। আৰু বহুতে অভিনয় কৰিছিল যদিও এতিয়া তেওঁলোকৰ নাম মই উদ্ধাৰ কৰিব পৰা নাই।
বাঘবৰতো এটি গীতি নাট্যদল আছিল। উক্ত নাট্যদলে ৰহিম-ৰূপভান, অভয়-দুলাল, অৰুণ-শান্তি, ভাওযাল সন্যাস প্ৰভৃতি গীতিনাট্য সফলতাৰে কে’বা বছৰো মঞ্চস্থ কৰিছিল। উক্ত গীতিনাট্যসমূহত হোছেন আলী, জেলহক আলী, বিশ্বকেতু, ছোহৰাব আলী, ছামাদ আলী, আবু বক্কাৰ ছিদ্দিক, ফয়জল হক(স্ত্ৰী চৰিত্ৰত), মজিবৰ ৰহমান(স্ত্ৰী চৰিত্ৰত), বাহেজ উদ্দিন, আমজাদ আলী প্ৰভৃতি অভিনেতাসকলে অভিনয় কৰিছিল। উক্ত গীতিনাট্যদলৰ পৰিচালক আছিল দিদাৰ আলী।
সত্তৰৰ দহকত বাঘবৰৰ জাহানাৰপাৰত এটি গীতিনাট্য দল আছিল। তেওঁলোকে অভয়-দুলাল, ভাওয়াল সন্ন্যাস আদি গীতিনাট্য অভিনয় কৰিছিল। উক্ত গীতিনাট্যত নিয়েত আলী, নালু মিয়া, ওয়াজুদ্দিন, ফজল হক আদিয়ে অভিনয় কৰিছিল।
বৰপেটাৰ চহৰৰ নিচেই কাষৰীয়া গাঁও ভেৰাগাঁও-ৰঙাপানীতো এটি গীতিনাট্য দল সৌসিদিনালৈকে সক্ৰিয় হৈ আছিল। তেওঁলোকে কমলাৰ বনবাস, নিজাম খুনী, ৰহিম-ৰূপভান, আলোমতি প্ৰেমকুমাৰ, সাগৰ ভাসা, নূৰ জাহান মালা প্ৰভৃতি গীতিনাট্য সফলতাৰে মঞ্চস্থ কৰিছে। উক্ত গীতিনাট্যসমূহত জালিম উদ্দিন, মজিবৰ ৰহমান(স্ত্ৰী চৰিত্ৰ), শহিদুল ইছলাম, মদন আলী, হামিদ আলী, তজু মিয়া, ওমৰ আলী, ছাদেক আলী, এছাক আলী, ওমৰ আলী(২), ফজল আলী, কোৰপান আলী, ৰশিদ আলী, জাকিৰ হোছেইন, ইউছুব আলী, মাণিক আলী, আফছেৰ আলী প্ৰভৃতি অভিনেতাসকলে অভিনয় কৰিছিল।
আলীগাঁও অঞ্চলৰ শিলোচি গাঁৱত মিলনজ্যোতি পুতলা থিয়েটাৰ নামেৰে এটি পুতলা নাচ থিয়েটাৰ দল বৰ্তমানেও সক্ৰিয় হৈ আছে। উক্ত পুতলা নাচ দলে ৰাজা হৰিশ্চন্দ্ৰ, কবৰেৰ ফুল, ৰহিম-ৰূপভান, সতী বেহুলা, বেদেৰ মেয়ে জ্যোস্না আদি গীতিনাট্য মঞ্চস্থ কৰে। উক্ত পুতুলা নাচ দলত হোছেন আলী(বাঘবৰ), মোবাৰক দৰ্জী, আলিমুদ্দিন, কলিমুদ্দিন, হাকিম আলী, ৰমজান আলী, ছত্তৰ আলী, অঞ্জলি আদি অভিনেতা-অভিনেত্ৰীসকলে অভিনয় অব্যাহত ৰাখিছে।
মিলনজ্যোতি পুতলা থিয়েটাৰ নামেৰে মেধিৰটাৰীত আন এটি পুতুলা নাচ থিয়েটাৰ দল সক্ৰিয় হৈ আছে। উক্ত দলে ৰাজা হৰিশ্চন্দ্ৰ, কবৰেৰ ফুল, ৰহিম-ৰূপভান, সতী বেহুলা আদি গীতিনাট্য অভিনয় কৰে। উক্ত দলত হোছেন আলী(বাঘবৰ), আক্কাছ আলী, কদ্দুছ আলী, ছিদ্দিক আলী, ৰমজান আলী, ছবুৰ উদ্দিন, অঞ্জলি আদি অভিনেতা-অভিনেত্ৰীসকলে অভিনয় কৰে।
যিখিনি তথ্য মই উদ্ধাৰ কৰিব পাৰিছোঁ, সেইখিনি সদ্যহতে এই প্ৰতিবেদনত সন্নিৱিষ্ট কৰা হ’ল। প্ৰতিবেদনত তথ্যবিভ্ৰাট দৃষ্টিগোচৰ হ’লে সদাশয় পাঠকে আঙুলিয়াই দিলে মই কৃতাৰ্থ হ’ম। এইখিনিতে ভুল-ত্ৰুটিৰ বাবে ক্ষমা ভিক্ষা মাগি ক্ষুদ্ৰ প্ৰতিবেদনৰ সামৰণি মাৰিছোঁ।
গীতিনাট্য আৰু নাটকৰ সমান্তৰালভাৱে ষাঠি, সত্তৰ আৰু আশীৰ দশকত গ্ৰাম্যাঞ্চলত কবিগানৰো যথেষ্ট প্ৰচলন আছিল। হাট-বজাৰ আৰু বিভিন্ন উৎসৱ-পাৰ্বণত কবিগানৰ আসৰ বহিছিল। ছনপুৰাৰ মাছন বয়াতি আৰু মাছম বয়াতিৰ শিষ্য ছামচুল হক এগৰাকী প্ৰখ্যাত কবিয়াল আছিল। কান্দাপাৰাৰ মোকছেদ আলী আৰু বাঘবৰৰ জাহানাৰপাৰৰ সুনীল চৰকাৰো প্ৰখ্যাত কবিয়াল আছিল। বাঘবৰ অঞ্চলত বিশেষভাৱে জনপ্ৰিয় আছিল নৃপেন চৰকাৰ। তেওঁ অন্ধ আছিল। সেইবাবেই তেওঁ ‘কানা বয়াতি’ নামেৰে পৰিচিত আছিল।
আমাৰ গ্ৰাম্যাঞ্চলত আন এক পৰম্পৰাও প্ৰচলিত আছিল। আমোদ-প্ৰমোদৰ বিশেষ কোনো ব্যৱস্থা নথকাৰ বাবে সন্ধিয়া ভাত-পানী খোৱাৰ পিছত বহুতে চুবুৰিৰ আত্মীয়-স্বজনৰ ঘৰলৈ গৈ গল্প-গুজৱ কৰি সময় অতিবাহিত কৰিছিল। ইয়াৰ ফলত ভ্ৰাতত্বৰ বন্ধন সুদৃঢ় হৈছিল।
আগতে ল’ৰা-ছোৱালীয়ে কেনেকৈ লিখা-পঢ়া শিকিছিল
আমাৰ দিনত, অৰ্থাৎ আগৰ দিনত এতিয়াৰ দৰে ঠায়ে ঠায়ে স্কুল-কলেজ নাছিল। চাৰি-পাঁচখন গাঁও মিলিহে এখন প্ৰাথমিক বিদ্যালয় আছিল। কোনো কোনো অঞ্চলত আকৌ এখনো বিদ্যালয় নাছিল। মই দেখিছোঁ, পঢ়া-শুনাৰ প্ৰতি অতি আগ্ৰহী বহুতো ল’ৰাই তেতিয়া আন গাঁৱত লজিং থাকি লিখা-পঢ়া শিকিছিল। উদাহৰণস্বৰূপে বাঘবৰ অঞ্চলৰ ৩৭১ নম্বৰ আলিগাঁও প্ৰাথমিক বিদ্যালয়খনৰ কথা ক’ব পাৰি। আলিগাঁও প্ৰাথমিক বিদ্যালয়ত মোৱামাৰিৰ হানিফ আলী, চান্দু মিয়া আৰু কালু মিয়াই লজিং থাকি পঢ়া-শুনা কৰিছিল। হানিফ আলী আৰু কালু মিয়া আমাৰ নানা ধনাই হাজীৰ ঘৰত লজিং আছিল আৰু চান্দু মিয়া লজিং থাকিছিল ঘুতু দেওৱানীৰ ঘৰত।
ময়ো নিজে নানাহঁতৰ ঘৰত লজিং থাকি লিখা-পঢ়া শিকিছিলোঁ। জাহানাৰপাৰ গাঁৱত আমাৰ দক্ষিণপাৰাত দেউলদী প্ৰাথমিক বিদ্যালয়খন আছিল যদিও বাৰিষা যাতায়াতৰ অসুবিধাৰ কাৰণে নানাহঁতৰ ঘৰত লজিং থাকিয়ে লিখা-পঢ়া শিকিছিলোঁ। কাৰণ বাৰিষাৰ প্ৰায় চাৰি-পাঁচ মাহ আমাৰ গাঁওখন পানীৰ তলত ডুব গৈ থাকিছিল। এই কথা মই আন ঠাইতো উল্লেখ কৰিছোঁ। সেয়ে পুনৰাবৃত্তিৰ দোষৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিছোঁ।
এতিয়া স্কুল এখন স্থাপনৰ ক্ষেত্ৰত শিক্ষকসকলেই আগভাগ লয়। কিন্তু আগতে অঞ্চলটোৰ সাধাৰণ ৰাইজে মিলি স্কুল স্থাপন কৰিছিল। আলিগাঁও বিদ্যালয়খন স্থাপনৰ ক্ষেত্ৰত অঞ্চলটোৰ বহুতো গণ্যমান্য ব্যক্তি জড়িত আছিল। বিদ্যালয়খন স্থাপনৰ ক্ষেত্ৰত ধনাই হাজীয়ে মুখ্য ভূমিকা পালন কৰিছিল যদিও তেওঁৰ লগত সহযোগিতা কৰিছিল পাকু বেপাৰী, কয়েদ আলী ফকীৰ, পোচাই দেওয়ানী, বাজু মল্লিক, নজৰ দেওয়ানী, বসিৰ খান, নিজাম খান(আলিগাঁও), বিনোদ দেওয়ানী, মোকছেদ আলী, আশ্ৰফ আলী, মাজম গাঁওবুঢ়া, ইমাৰত খান, সমশেৰ বয়াতী, ঘুতু দেওয়ানী (আলীৰ পাম), জলিল হাজী, মানিক দেওয়ানী, আৰিফ মুন্সী, নায়েব আলী মোল্লা, ফিকিৰ দেওয়ানী, আলম খান, কালু খান, ফালু দেওয়ানী, নালু দেওয়ানী আৰু মেছেৰ আলী (আলীগাঁও পথাৰ) আদি ব্যক্তিসকলে।
এখন প্ৰাথমিক বিদ্যালয় স্থাপনৰ ক্ষেত্ৰত বৰ্তমান সময়ত ইমান সংখ্যক লোকৰ সহযোগিতাৰ কথা কল্পনাই কৰিব নোৱাৰি। এতিয়া এখন বিদ্যালয় স্থাপন কৰাটো ভাতৰ লগত পানী খোৱাৰ দৰে সহজ হৈ পৰিছে। এতিয়া ইচ্ছা কৰিলে দুই-চাৰিজন লোকে মিলি এদিন-দুদিনৰ ভিতৰতে এখন বিদ্যালয় স্থাপন কৰিব পাৰে।
আলিগাঁও অঞ্চলত আলিগাঁও প্ৰাথমিক বিদ্যালয়খনৰ বাহিৰে স্বাধীনতাৰ পূৰ্বলৈকে আন কোনো বিদ্যালয় নাছিল বুলিয়েই মোৰ ধাৰণা। তেতিয়া বাঘবৰ গাঁৱত মাথোন এখনহে প্ৰাথমিক বিদ্যালয় আছিল; কোনো এম.ই. স্কুল নাছিল। বিংশ শতিকাৰ প্ৰথম দশকৰ পৰাই আমাৰ বৰপেটা জিলাৰ বংগীয়মূলৰ মুছলমান অধ্যুষিত অঞ্চলসমূহত প্ৰাথমিক বিদ্যালয় স্থাপনৰ শুভাৰম্ভ হৈছিল যদিও এম.ই. আৰু হাইস্কুল বহু পাছতহে স্থাপিত হৈছিল। মোৰ জ্ঞান-বিশ্বাস মতে, পঞ্চাশৰ দশকৰ প্ৰথমাৰ্ধৰ পৰাহে এম.ই. আৰু হাইস্কুল স্থাপনৰ কাম আৰম্ভ হৈছিল। কাৰণ বৰপেটা অঞ্চলৰ প্ৰায়বোৰ এম.ই. আৰু হাইস্কুল ১৯৫৫ চনৰ পাছতহে স্থাপিত হোৱা দেখা যায়। ইয়াৰ একমাত্ৰ ব্যতিক্ৰম আছিল কাদং মাইনাৰ স্কুল। কাদং মাইনৰ স্কুলখন ১৯৪৫ চনত স্থাপিত হৈছিল।
এম.ই. আৰু হাইস্কুলৰ অভাৱৰ বাবে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰাৰ পাছত বহুতে লিখা-পঢ়া এৰি দিবলগীয়া হৈছিল। বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়খন ১৮৭১ চনতে স্থাপিত হৈছিল। সেয়ে ধনী পৰিয়ালৰ পঢ়া-শুনাৰ প্ৰতি অতি আগ্ৰহী দুই-এজন ছাত্ৰই বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰিছিল।
১৯৪৫ চনত কাদং মাইনাৰ স্কুল স্থাপিত হোৱাৰ পাছত উচ্চ-প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত এক নতুন জাগৰণৰ সৃষ্টি হয়। মাইনৰ স্কুলৰ শেষ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত বহুতে দেউৰীকুছি, ডঙৰকুছি, দত্তকুছি, কৰেৰতল, বৰপাল্লী, ভেৰাগাঁও আদি গাঁৱত লজিং থাকি বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰিছিল। আমাৰ মামা জুলহাস আলীয়ে কাদঙৰ পৰা মাইনৰ স্কুলৰ শেষ পৰীক্ষাত উত্তীৰ্ণ হৈ বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰিছিল বুলি নানা-নানীৰ মুখত শুনিছোঁ।
তেতিয়া বহু লোকৰে নিজ নিজ অঞ্চলত স্কুল স্থাপন কৰাৰ সদিচ্ছা আছিল যদিও শিক্ষকৰ অভাৱত সেই প্ৰচেষ্টা সফল কৰিব পৰা নাছিল। মই নিজেও দেখিছোঁ, আলিগাঁৱত ষাঠিৰ দহকৰ প্ৰথম ভাগত এখন এম.ই. স্কুল স্থাপনৰ বাবে প্ৰচেষ্টা হাতত লৈছিল যদিও, একমাত্ৰ শিক্ষক নোপোৱাৰ বাবে সেই প্ৰচেষ্টাত সফল হ’ব পৰা নাছিল।
ক’বলৈ গ’লে, কাদং মাইনাৰ স্কুল স্থাপনৰ পাছত পঞ্চাশৰ দশকৰ মাজভাগৰ পৰা আমাৰ বৰপেটা অঞ্চলৰ বংগীয়মূলৰ মুছলমানসকলৰ শিক্ষাৰ ক্ষেত্রত এক নতুন অধ্যায়ৰ সূচনা হৈছিল। পঞ্চাশৰ দশকৰ মাজভাগৰ পৰা তাৰাবাৰী, কাদং, বামুণদংৰা, মন্দিয়া, জনীয়া, গুনিয়ালগুৰি, বালাগাঁও, ময়নবড়ী, হাউলীৰ ঢাকলীয়াপাৰা আদি অঞ্চলত প্ৰথমে এম.ই. স্কুল আৰু পাছলৈ এম, ই স্কুলৰ লগত পৰ্যায়ক্ৰমে হাইস্কুলো স্থাপন কৰা হয়। গড়লা, বাঘবৰ, কয়াকুছি, বাগোদী, বালিকুৰি, কলগাছিয়াৰ কৃষ্ণকান্ত পাঠক আদি হাইস্কুল ষাঠিৰ দশকৰ প্ৰথমাৰ্ধত স্থাপিত হৈছিল।
এই সময়ছোৱাতে ১৯৬০ চনত গড়লা-চাচৰা এম.ই. মাদ্ৰাছা স্থাপিত হৈছিল। মই নিজেও গড়লা-চাচৰা এম.ই. মাদ্ৰাছাত নানাহঁতৰ ঘৰৰ পৰা খোজকাঢ়ি আহি লিখা-পঢ়া শিকিছিলোঁ। আলীগাঁৱৰ পৰা গড়লাৰ দূৰত্ব কমেও চাৰি-পাঁচ কিলোমিটাৰ আছিল। মই সেই চাৰি-পাঁচ কিলোমিটাৰ বাট খোজকাঢ়িয়েই স্কুললৈ অহা-যোৱা কৰিছিলোঁ। বাৰিষাৰ দিনত কেতিয়াবা গামোচা পিন্ধি খাল সাঁতুৰি পাৰ হৈও স্কুললৈ গৈছিলোঁ।
সেই সময়ৰ তুলনামূলকভাৱে অনুন্নত আলিগাঁও অঞ্চলৰ ছাত্ৰ শিৰাজুল হক, তমছেৰ আলী, ফয়জল হক, মহিৰ উদ্দিন, এলাহী বক্স, ছিদ্দিক আলী, সামছুল হক আদি ছাত্ৰই লজিং থাকি বামুণদংৰা, কাদং, ভেল্লা, তাৰাবাৰী আদি হাইস্কুলত অধ্যয়ন কৰিছিল। বাঘবৰৰ দলাগাঁৱৰ আফছাৰ আলীয়ে লজিং থাকি বামুণদংৰা হাইস্কুলত অধ্যয়ন কৰিছিল।
তেওঁলোকৰ পাছৰ পৰ্যায়ত ময়ো কাদঙৰ ৰূপাকুছিত লজিং থাকি কাদং হাইস্কুলত অধ্যয়ন কৰিছিলোঁ। মোৰ দৰে নগাঁও অঞ্চলৰ হেলচাপামৰ ছাদেক আলী, শমছেৰ আলী, সাহেব আলী, কায়েম উদ্দিন; বাঘমাৰা চৰৰ আয়নাল হক, তাজ উদ্দিন; বাঘবৰ অঞ্চলৰ ইউছুফ আলী, আব্দুল বাৰেক, মোক্তাৰ আলী, আছান উদ্দিন; মৰাভাজৰ নৈমুদ্দিন, আব্দুৰ ৰছিদ, ছাহেদ আলী, আব্দুল কাদেৰ আদি ছাত্ৰই কাদং, ৰূপাকুছি, মহম্মদপুৰ, ৰছুলপুৰ, কান্দাপাৰা আদি অঞ্চলত লজিং থাকি কাদং হাইস্কুলত অধ্যয়ন কৰিছিল।
আমাৰ আগৰ পৰ্যায়ত গোৱালপাৰাৰ জীৱন আলী শেখ, আমিৰ হুছেইন, বছিৰ উদ্দিন আদি ছাত্ৰই কাদং অঞ্চলত লজিং থাকি কাদং মাইনৰ স্কুলত অধ্যয়ন কৰিছিল। আন বহু ছাত্ৰও বিভিন্ন অঞ্চলৰ পৰা আহি কাদং মাইনৰ স্কুল আৰু হাইস্কুলত অধ্যয়ন কৰিছিল। কিন্তু তথ্যৰ অভাৱত তেওঁলোকৰ সকলোৰে নাম লিপিবদ্ধ কৰা সম্ভৱ নহ’ল।
ক’বলৈ গ’লে, লজিং সংস্কৃতিয়েই বংগীয়মূলৰ মুছলমান ছাত্ৰ-ছাত্ৰীৰ লিখা-পঢ়াৰ গতি বহু পৰিমাণে সহজ আৰু ত্বৰান্বিত কৰিছিল।
তেতিয়া বৰপেটা মহকুমাত উচ্চশিক্ষাৰ একমাত্ৰ অনুষ্ঠান আছিল মাধৱ চৌধুৰী মহাবিদ্যালয়। সেয়ে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত দুই-চাৰিজনেহে মাধৱ চৌধুৰী মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল। অধিকাংশই লিখা-পঢ়া সমাপ্ত কৰি নিজ নিজ অঞ্চললৈ উভতি গৈ প্ৰাথমিক আৰু মাজলীয়া বিদ্যালয় স্থাপন কৰি শিক্ষা বিস্তাৰৰ কামত আত্মনিয়োগ কৰিছিল।
কলেজত পঢ়া ছাত্ৰসকলৰ প্ৰায় সকলোৱেই কৰেৰতল, বৰপাল্লী, ভেৰাগাঁও, দনাকুছি, দত্তকুছি, দেউৰীকুছি আদি অঞ্চলত লজিং থাকি অধ্যয়ন অব্যাহত ৰাখিছিল। দুই-চাৰিজন ছাত্ৰই আকৌ ধুবুৰীৰ বি.এন. কলেজতো অধ্যয়ন কৰিছিল।
তেতিয়া লজিং ৰখাৰ ক্ষেত্ৰতো একপ্ৰকাৰৰ প্ৰতিযোগিতা চলিছিল। অৱস্থাপন্ন গৃহস্থসকলৰ প্ৰায় সকলোৱেই লজিং ৰাখিবলৈ আগ্ৰহী আছিল। কোনো কোনো গৃহস্থই আকৌ দুই-তিনিজনকৈ ছাত্ৰক লজিং ৰাখিছিল। সেই সময়ৰ মানুহৰ এনে মানসিকতা এতিয়া কল্পনা কৰাও কঠিন। ক’বলৈ গ’লে, সেই কলেজীয়া ছাত্ৰসকলেই পাছলৈ স্নাতক ডিগ্ৰী লাভ কৰি হাইস্কুল স্থাপন কৰিছিল আৰু শিক্ষা বিস্তাৰৰ ক্ষেত্ৰত এক নতুন জাগৰণৰ সৃষ্টি কৰিছিল।
এইধৰণৰ শিক্ষকৰ কথা ক’বলৈ গ’লে, মই জনাত, জনীয়া হাইস্কুলৰ আব্দুল হালিম, কাদং হাইস্কুলৰ মণিৰ উদ্দিন আহমেদ, মন্দিয়া হাইস্কুলৰ আব্দুল হামিদ খান, বামুণদংৰা হাইস্কুলৰ মণিৰ উদ্দিন আহমেদ আদি শিক্ষকৰ নাম বিশেষভাৱে উল্লেখযোগ্য।
আমাৰ সময়ত আমি শিক্ষকসকলক সকলোৰে ঊৰ্ধ্বত স্থান দিছিলোঁ। তেওঁলোকৰ আদেশ-উপদেশ বেদবাক্যৰ দৰে পালন কৰিবলৈ চেষ্টা কৰিছিলোঁ। শিক্ষকসকলৰ পাছতেই আমি আমাৰ জ্যেষ্ঠ ছাত্ৰসকলক সন্মান কৰিছিলোঁ। তেওঁলোকৰ সন্মুখত যাতে আমাৰ কোনো ত্ৰুটি-বিচ্যুতি প্ৰকাশ নাপায়, তাৰ বাবে আমি সাধ্যানুসাৰে তেওঁলোকৰ পৰা আঁতৰি চলিবলৈ চেষ্টা কৰিছিলোঁ।
সেই সময়ত চাইকেলৰ ব্যৱহাৰো অতি কম আছিল। ধনী পৰিয়ালৰ দুই-চাৰিজনেহে চাইকেল ব্যৱহাৰ কৰিছিল। সেয়ে আমি প্ৰায় তিনি-চাৰি কিলোমিটাৰ বাট খোজকাঢ়ি স্কুললৈ অহা-যোৱা কৰিছিলোঁ। অৱশ্যে শিক্ষকসকলৰ প্ৰায়ভাগে চাইকেল লৈ অহা-যোৱা কৰিছিল। একমাত্ৰ প্ৰধান শিক্ষক মণিৰ উদ্দিন আহমেদ আৰু আব্দুল মান্নান ছাৰে খোজকাঢ়ি স্কুললৈ যাতায়াত কৰিছিল। একমাত্ৰ গৰেমাৰীৰ মিজানুৰ ৰহমান আৰু গাগলমাৰীৰ আতোয়াৰ ৰহমানে চাইকেল লৈ স্কুললৈ অহা-যোৱা কৰিছিল। দুয়োজনে ৰেলি চাইকেল চলাইছিল।
আজিকালিৰ দৰে তেতিয়া লং পেণ্টৰো বিশেষ প্ৰচলন নাছিল। বিশেষকৈ গাঁৱৰ শিক্ষকসকলেও পায়জামা-পাঞ্জাবী পিন্ধিয়েই স্কুললৈ আহিছিল। অৱশ্যে দুই-এজন শিক্ষকে মাজে-সময়ে লং পেণ্ট পৰিধান কৰিছিল। সেই সময়ত আমাৰ কাদং হাইস্কুলত লং পেণ্ট পিন্ধা শিক্ষকসকলৰ ভিতৰত তাৰিক হুছেইন, আব্দুল হক আৰু আবুল কাশেম ছাৰৰ নাম বিশেষভাবে উল্লেখযোগ্য।
আমি ছাত্ৰসকলে পায়জামা আৰু চাইনিজ চাৰ্ট পিন্ধিছিলোঁ, আৰু ছোৱালীসকলে সাধাৰণতে শাৰী পিন্ধিছিল। বাঙালী হিন্দু সম্প্ৰদায়ৰ ছোৱালীসকলে ফ্ৰক পিন্ধিছিল। আজিকালিৰ দৰে ছুৱেটাৰ বা জোতা পিন্ধাৰ কথা আমি তেতিয়া কল্পনাই কৰিব নোৱাৰিছিলোঁ। সাধাৰণতে আমি হাৱাই চেণ্ডেল ব্যৱহাৰ কৰিছিলোঁ। অৱশ্যে সেই চেণ্ডেল স্কুললৈ যোৱাৰ বাবে নহয়, টাউন চহৰলৈ যোৱাৰ বাবেহে ব্যৱহাৰ কৰিছিলোঁ। কাৰণ চেণ্ডেল পিন্ধি স্কুললৈ যোৱাটো তেতিয়া আমি একপ্ৰকাৰৰ অপৰাধ বুলিয়েই ভাবিছিলোঁ।
ঘৰত আমি খৰম ব্যৱহাৰ কৰিছিলোঁ। এতিয়াৰ দৰে জোতা আৰু লং পেণ্ট পিন্ধি স্কুললৈ যোৱাৰ কথা তেতিয়া আমি কল্পনাই কৰিব পৰা নাছিলোঁ।
তেতিয়া ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অতি কম আছিল। আমাৰ বংগমূলীয় মুছলমান অধ্যুষিত অঞ্চলৰ প্ৰাথমিক বিদ্যালয়সমূহৰ ভিতৰত অতি কমসংখ্যক বিদ্যালয়তহে এশজনৰ অধিক ছাত্ৰ-ছাত্ৰী আছিল। মই দেখা কোনো এখন বিদ্যালয়তে তেতিয়া দুজনতকৈ অধিক শিক্ষক নাছিল। আমাৰ দিনত প্ৰাথমিক বিদ্যালয়ত পাঁচটা শ্ৰেণী আছিল—ক-মান, খ-মান, প্ৰথম মান, দ্বিতীয় মান আৰু তৃতীয় মান।
ছাত্ৰৰ তুলনাত ছাত্ৰীৰ সংখ্যা আছিল অতি নগণ্য আছিল। মই ১৯৬০ চনত প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰিছিলোঁ। আমাৰ শ্ৰেণীত মুঠতে ষোল্ল-সোতৰজনমান ছাত্ৰ আছিল। তাৰ ভিতৰত ছাত্ৰী আছিল মাত্ৰ তিনিগৰাকী। তেওঁলোক আছিল—ৰমজান দেওৱানীৰ জীয়ৰী তাৰাবানু, জয়নাল আব্দিনৰ জীয়ৰী সামৰ্ত বানু (মোৰ মামাত ভনী) আৰু আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক ফজৰ আলী ছাৰৰ জীয়ৰী সাজেদা খাতুন।
১৯৬৪ চনত মই গড়লা-চাচৰা এম. ই. মাদ্ৰাছাত নামভৰ্তি কৰিছিলোঁ। আমাৰ শ্ৰেণীত তেতিয়া তেত্ৰিশজন ছাত্ৰৰ মাজত এগৰাকী ছাত্ৰীও নাছিল। অৱশ্যে পিছৰ বছৰ, অৰ্থাৎ ১৯৬৫ চনত, চতুৰ্থ শ্ৰেণীত চাৰিগৰাকী ছাত্ৰী নামভৰ্তি কৰিছিল। তেওঁলোকৰ ভিতৰত আছিল—চাচৰাৰ লালবানু, উম্মে কুলচুম, কাহিবাৰীৰ জৰুনা খাতুন আৰু আলীগাঁৱৰ সামৰ্ত বানু।
লালবানুই গড়লা এছ. কে. হাইস্কুলৰ পৰা আৰবী বিষয়ত প্ৰথম লেটাৰ মাৰ্ক লাভ কৰি মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল। পৰৱৰ্তী সময়ত তাই প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি অৱসৰ গ্ৰহণ কৰাৰ পাছত মৃত্যুবৰণ কৰিছে। তেওঁৰ পুত্ৰ ৰেজাউল হামিদ এগৰাকী সুপৰিচিত মনোবিজ্ঞানী। জৰুনা খাতুনৰ বিবাহ হৈছিল গড়লা এছ. কে. হাইস্কুলৰ সহকাৰী শিক্ষক ইদ্ৰিছ আলীৰ সৈতে। ইদ্ৰিছ আলী ছাৰৰ ঘৰ কয়াকুছিত। উম্মে কুলচুমৰ বিবাহ হৈছিল মানিকপুৰৰ প্ৰখ্যাত ব্যক্তি ওমৰ আলী দেওৱানীৰ পুত্ৰ আমিৰ আলীৰ লগত। সামৰ্ত বানুৰ অকাল মৃত্যু হৈছিল।
১৯৬৭ চনত মই কাদং হাইস্কুলত সপ্তম শ্ৰেণীত নামভৰ্তি কৰিছিলোঁ। আমাৰ শ্ৰেণীত মাথোন দুগৰাকী ছাত্ৰী আছিল—নূৰজাহান আৰু লক্ষ্মী ঘোষ। অষ্টম শ্ৰেণীলৈ উত্তীৰ্ণ হোৱাৰ পাছতেই নূৰজাহানৰ বিবাহ হৈ গৈছিল মন্দিয়া হাইস্কুলৰ এজন কেৰাণীৰ লগত। কেৱল লক্ষ্মী ঘোষেহে আমাৰ লগত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল। সেই বছৰ কাদং হাইস্কুলৰ পৰা মুঠ ২১ জন ছাত্ৰ-ছাত্ৰী মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিলোঁ আৰু তাৰে মাথোন ১৬ জন ছাত্ৰ উত্তীৰ্ণ হৈছিলোঁ। বোধকৰোঁ, লক্ষী ঘোষ সিবাৰ উত্তীৰ্ণ হ’ব পৰা নাছিল।
হাইস্কুল শিক্ষান্ত পৰীক্ষা : তেতিয়া আৰু এতিয়া
বৰ্তমানৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, পৰীক্ষাৰ্থীৰ সংখ্যা আৰু ফলাফললৈ চালে এক নষ্টালজিক ভাবনাই মনটো গভীৰভাৱে আলোড়িত কৰ তোলে। ১৯৭১ আৰু ২০১৭ চন বাচি লোৱাৰ কাৰণ হ’ল, মই ১৯৭১ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এজন পৰীক্ষাৰ্থী আছিলোঁ। সেই বছৰতে টিহু হাইস্কুলৰ পৰা খগেন শৰ্মাই প্ৰথম স্থান অধিকাৰ কৰিছিল। আৰু এইবাৰ ৪৬ বছৰৰ পাছত, পুনৰ টিহুৰ পৰাই পাৰ্থপ্ৰতীম ভূঞাই প্ৰথম স্থান অধিকাৰ কৰিছে।
পাৰ্থক্যটো হ’ল—তেতিয়া খগেন শৰ্মাই এখন চৰকাৰী বিদ্যালয়ৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈ এই গৌৰৱ অৰ্জন কৰিছিল; আনহাতে, ২০১৭ চনত পাৰ্থপ্ৰতীম ভূঞাই টিহুৰ জাতীয় বিদ্যালয়ৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈ এই কৃতিত্ব অৰ্জন কৰিছিল।
খগেন শৰ্মাই তেতিয়া ৮০০ নম্বৰৰ ভিতৰত ৬৯৬ নম্বৰ অৰ্থাৎ ৮৭ শতাংশ নম্বৰ লাভ কৰিছিল। আজিৰ নম্বৰৰ মানদণ্ডৰে বিচাৰ কৰিলে এতিয়া এই নম্বৰেৰে খগেন শৰ্মাই ডিষ্টিংচনো লাভ নকৰিলেহেঁতেন। আনহাতে, ২০১৭ চনত পাৰ্থপ্ৰতীম ভূঞাই ৬০০ নম্বৰৰ ভিতৰত ৫৮৯ নম্বৰ অৰ্থাৎ ৯৮.১৭ শতাংশ নম্বৰ লাভ কৰিছিল। এই ৪৬ বছৰৰ ব্যৱধানত শতকৰা নম্বৰৰ পাৰ্থক্য ১১.১৭ শতাংশলৈ বৃদ্ধি পাইছে। অৰ্থাৎ আগৰ তুলনাত শতকৰা নম্বৰ ১১.১৭ শতাংশ বৃদ্ধি পাইছে।
বৰ্তমান মুঠ ৬০০ নম্বৰৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগে। কিন্তু তেতিয়া মুঠ ৮০০ নম্বৰৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিছিল। ইয়াৰ উপৰি ইচ্ছুক পৰীক্ষাৰ্থীয়ে অতিৰিক্ত বিষয় হিচাপে ঐচ্ছিক গণিত অথবা বিজ্ঞান বিষয়ত ১০০ নম্বৰৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিছিল। অতি মেধাৱী আৰু ভাল ছাত্ৰ-ছাত্ৰীসকলেই সাধাৰণতে এই অতিৰিক্ত বিষয়ৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। সেই অতিৰিক্ত বিষয়ত লাভ কৰা নম্বৰৰ পৰা ৭০ নম্বৰ বাদ দি বাকী ৩০ নম্বৰ মূল নম্বৰৰ লগত যোগ কৰা হৈছিল। এই অতিৰিক্ত নম্বৰে ছাত্ৰ-ছাত্ৰীৰ মুঠ নম্বৰৰ শতকৰা হাৰ বৃদ্ধি কৰাত সহায় কৰিছিল।
মোৰ যিমানদূৰ মনত আছে—স্মৃতিয়ে যদি মোক প্ৰতাৰণা কৰা নাই—খগেন শৰ্মাই আঠটা বিষয়ৰ ভিতৰত ছয়টা বিষয়ত লেটাৰ মাৰ্ক লাভ কৰিছিল। সম্ভৱতঃ ইংৰাজী আৰু অসমীয়া—এই দুটা বিষয়ত তেওঁ লেটাৰ মাৰ্ক পোৱা নাছিল। কিন্তু বৰ্তমান এনে কোনো বিষয় নাই, য’ত লেটাৰ মাৰ্ক লাভ কৰাৰ সুযোগ নাই। অসমীয়া আৰু ইংৰাজী বিষয়তো এতিয়া বহু ছাত্ৰ-ছাত্ৰীয়ে লেটাৰ মাৰ্ক লাভ কৰে।
২০১৭ চনৰ পৰীক্ষাত প্ৰথম দহটা স্থানৰ তালিকাত ২৯জন ছাত্ৰ-ছাত্ৰীৰ নাম আছিল। অথচ খগেন শৰ্মাৰ সময়ত প্ৰথম দহটা স্থানৰ তালিকাত মাত্ৰ দহজন ছাত্ৰ-ছাত্ৰীৰ নাম আছিল। ২০১৭ চনৰ পৰীক্ষাত দশম স্থান অধিকাৰ কৰা ছাত্ৰ-ছাত্ৰীসকলেও ৯৬.৬৭ শতাংশ নম্বৰ লাভ কৰিছিল। অৰ্থাৎ, খগেন শৰ্মাই যদি ২০১৭ চনত পৰীক্ষাত অৱতীৰ্ণ হ’লহেঁতেন, তেন্তে প্ৰথম স্থান অধিকাৰ কৰাটো দূৰৰ কথা, স্থানাধিকাৰীসকলৰ তালিকাতো তেওঁৰ নাম নাথাকিলহেঁতেন।
কিন্তু সঁচাকৈয়ে খগেন শৰ্মা আজিৰ স্থানাধিকাৰীসকলৰ তুলনাত দুৰ্বল ছাত্ৰ আছিলনে? মুঠেই নহয়।
কাৰণ, তেতিয়াৰ শিক্ষা ব্যৱস্থা আৰু বৰ্তমানৰ শিক্ষা ব্যৱস্থাৰ মাজত আছিল আকাশ-পাতাল প্ৰভেদ। সেই সময়ত অধিকাংশ শিক্ষকেই আছিল অপ্ৰশিক্ষিত। তেতিয়া দ্বিতীয় বা তৃতীয় বিভাগত উত্তীৰ্ণ হোৱা বহু লোকেও শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত নিয়োজিত হৈছিল। তদুপৰি, বিদ্যালয়সমূহৰ আন্তঃগাঁথনিও আজিৰ তুলনাত অত্যন্ত নিম্নমানৰ আছিল।
আজিৰ দৰে তেতিয়া বস্তুনিষ্ঠ প্ৰশ্ন নাছিল; প্ৰশ্নসমূহ মূলতঃ বৰ্ণনামূলক আছিল। ষোল্ল নম্বৰৰ এটা প্ৰশ্নৰ উত্তৰ লিখিবলৈ কমেও দুই পৃষ্ঠা লিখিব লাগিছিল। বৰ্তমান বহু প্ৰশ্নৰ উত্তৰত এটা বা দুটা বাক্য লিখিলেই এক বা দুই নম্বৰ লাভ কৰিব পাৰি। কিন্তু তেতিয়া কোনো প্ৰশ্নৰ উত্তৰৰ বাবে এনেদৰে এক বা দুই নম্বৰ নিৰ্দিষ্ট কৰি দিয়া নাছিল।
বহু বিষয়ত তেতিয়া ১৬ নম্বৰকৈ পাঁচটা প্ৰশ্নৰ উত্তৰ লিখিব লাগিছিল। ইয়াৰ ভিতৰত এটা প্ৰশ্ন আছিল ২০ নম্বৰৰ। সেই ২০ নম্বৰৰ প্ৰশ্নটোত পাঁচ নম্বৰকৈ চাৰিটা উপ-প্ৰশ্নৰ উত্তৰ লিখিব লাগিছিল। সেইটোৱেই আছিল একমাত্ৰ সংক্ষিপ্ত প্ৰশ্ন। সেই সংক্ষিপ্ত প্ৰশ্নৰ উত্তৰ লিখিবলৈও কমেও আধা পৃষ্ঠা লাগিছিল। প্ৰশ্ন লৈ কথা, কোনো কোনো প্ৰশ্নৰ উত্তৰ লিখিবলৈ এক পৃষ্ঠাতকৈও বেছি লাগিছিল।
ফলত এগৰাকী অতি মেধাৱী ছাত্ৰই ১৬ নম্বৰৰ এটা প্ৰশ্নৰ উত্তৰত ১৩ বা ১৪ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিল। ভাল ছাত্ৰসকলে ১৬ৰ ভিতৰত ১০ৰ পৰা ১২ নম্বৰ লাভ কৰিছিল। আনহাতে, মধ্যমীয়া মানৰ ছাত্ৰ-ছাত্ৰীয়ে পাঁচৰ পৰা আঠ নম্বৰৰ ভিতৰত লাভ কৰিছিল। সেয়ে গণিত বিষয়ৰ বাহিৰে আন কোনো বিষয়ত ৯০ শতাংশতকৈ অধিক নম্বৰ লাভ কৰাটো প্ৰায় অসম্ভৱ আছিল।
তেতিয়া আৰু এটা ডাঙৰ অসুবিধা আছিল। এতিয়া মুঠ ৬০০ নম্বৰৰ পৰীক্ষাত অৱতীৰ্ণ হ’লেই হয়। কিন্তু তেতিয়া মুঠ ৮০০ নম্বৰৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিছিল। অতি মেধাৱী আৰু ভাল ছাত্ৰ-ছাত্ৰীসকলে আকৌ ৯০০ নম্বৰৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিছিল।
তদুপৰি, বৰ্তমান এটা শিক্ষাবৰ্ষত যি পাঠ্যক্ৰম পঢ়োৱা হয়, সাধাৰণতে তাৰ পৰাই পৰীক্ষাৰ প্ৰশ্ন আহে। কিন্তু তেতিয়া প্ৰায় চাৰি বছৰৰ পাঠ্যক্ৰমৰ পৰা প্ৰশ্ন আহিছিল। এইবোৰ কাৰণতে বহু মেধাৱী ছাত্ৰ-ছাত্ৰীয়েও ভাল নম্বৰ লাভ কৰাৰ পৰা বঞ্চিত হৈছিল।
বৰ্তমান তিনিটা বিষয়ত ২০ নম্বৰকৈ ব্যৱহাৰিক পৰীক্ষাৰ নম্বৰ দিয়াৰ ব্যৱস্থা আছে। তেতিয়া এই সুবিধা নাছিল। বৰ্তমান বানান ভুল হ’লেও সাধাৰণতে নম্বৰ কটা নহয়; কিন্তু তেতিয়া বানান ভুল হ’লে নম্বৰ কটা হৈছিল। আনকি প্ৰশ্নৰ নম্বৰ ভুলকৈ লিখিলেও বৰ্তমান নম্বৰ দিয়া হয়, কিন্তু তেতিয়া প্ৰশ্নৰ নম্বৰ ভুল হ’লে নম্বৰ দিয়াৰ ব্যৱস্থা নাছিল।
২০১৭ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা আছিল ৩,৭২,৭৪০জন। ইয়াৰে উত্তীৰ্ণ হৈছিল ১,৭৮,৬৫৬জন। অৰ্থাৎ উত্তীৰ্ণৰ হাৰ আছিল ৪৭.৯৪ শতাংশ।
খগেন শৰ্মাই যি বছৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল, অৰ্থাৎ ১৯৭১ চনত, মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা আছিল মাত্ৰ ৭৮,০০৭জন। ইয়াৰে নিয়মীয়া পৰীক্ষাৰ্থী আছিল মাত্ৰ ২২,৭৩৩ জন আৰু ব্যক্তিগত(প্ৰাইভেট) পৰীক্ষাৰ্থী আছিল ৫৫,২৭৪জন। অৰ্থাৎ নিয়মীয়া পৰীক্ষাৰ্থীতকৈ ব্যক্তিগত পৰীক্ষাৰ্থীৰ সংখ্যাই অধিক আছিল। নিয়মীয়া পৰীক্ষাৰ্থীৰ উত্তীৰ্ণৰ হাৰ আছিল ৫৮.২৫ শতাংশ, আনহাতে ব্যক্তিগত পৰীক্ষাৰ্থীৰ উত্তীৰ্ণৰ হাৰ আছিল মাত্ৰ ২৩.৪১ শতাংশ। সেই সময়ত ব্যক্তিগত পৰীক্ষাৰ্থীৰ অধিক সংখ্যাৰ বাবেই সামগ্ৰিক উত্তীৰ্ণৰ হাৰ বহু সময়ত নিম্নগামী হৈছিল।
অসম মাধ্যমিক শিক্ষা আইন, ১৯৬১ৰ অধীনত ১৯৬২ চনৰ ২৯ জানুৱাৰীত তদানীন্তন ডি.পি.আই. এছ. চি. ৰাজখোৱাক অধ্যক্ষ আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শক মহম্মদ এন. ইছলামক সম্পাদক হিচাপে মনোনীত কৰি অসম মাধ্যমিক শিক্ষা পৰিষদ গঠন কৰা হৈছিল। ১৯৬২ চনৰ ১৪ মাৰ্চৰ পৰা অসম মাধ্যমিক শিক্ষা পৰিষদে হাইস্কুল শিক্ষান্ত পৰীক্ষা পৰিচালনা কৰি আহিছে।
প্ৰথম পৰ্যায়ত পৰিষদখনক বৃহৎ সংখ্যক ব্যক্তিগত পৰীক্ষাৰ্থীৰ দায়িত্ব বহন কৰিবলগীয়া হৈছিল। তদুপৰি, আজিৰ দৰে সেই সময়ত উন্নত আন্তঃগাঁথনিৰ সুবিধাও নাছিল। আনহাতে, প্ৰতি বছৰে নিয়মীয়া পৰীক্ষাৰ্থীৰ তুলনাত ব্যক্তিগত পৰীক্ষাৰ্থীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাই গৈ আছিল। ফলত পৰিষদখনে বহু সময়ত সন্তোষজনক ফলাফল প্ৰদৰ্শন কৰাত ব্যৰ্থ হৈছিল।
অৱশ্যে এটা কথা নিশ্চিত যে, আজিৰ দৰে সেই সময়ত মাৰ্কশ্বীটৰ বিসংগতি, প্ৰশ্নকাকতৰ ভুল-ত্ৰুটি অথবা পৰীক্ষা পৰিচালনাৰ সৈতে জড়িত অন্যান্য সমস্যাৰ কথা শুনিবলৈ পোৱা নাছিল।
১৯৬৪ চনৰ পৰা ১৯৭৩ চনলৈ এই দহটা বছৰত নিয়মীয়া আৰু ব্যক্তিগত পৰীক্ষাৰ্থীৰ সংখ্যা, তেওঁলোকৰ উত্তীৰ্ণৰ হাৰ আৰু বহিষ্কৃত পৰীক্ষাৰ্থীৰ সংখ্যা তলত উল্লেখিত ধৰণে আছিল-
| বছৰ | নিয়মীয়া পৰীক্ষাৰ্থী | ব্যক্তিগত পৰীক্ষাৰ্থী | নিয়মীয়াকৈ উত্তীৰ্ণ | উত্তীৰ্ণৰ হাৰ | ব্যক্তিগতভাৱে উত্তীৰ্ণ | উত্তীৰ্ণৰ হাৰ | বহিষ্কৃত |
| ১৯৬৪ | ২২,৪৩৬ | ১৫,২৫২ | ১০,০৮২ | ৪০.৫% | ৩,৩৩৬ | ২২.৩% | ৯৮ |
| ১৯৬৫ | ২৪,০০৮ | ১৯,১১৫ | ১০,৩৫০ | ৪৩.১% | ৪,২৯৭ | ২২.৫% | ৯৮ |
| ১৯৬৬ | ২৪,২৫৮ | ২৪,১৮৯ | ১১,৮৫২ | ৪৮.৮৫% | ৬,৪২১ | ২৬.৫৪% | ১১১ |
| ১৯৬৭ | ২৪,৪১০ | ৩২,০১৬ | ১০,৪১০ | ৪২.৫% | ৪,৮৬৬ | ১৫.২% | ১১৩ |
| ১৯৬৮ | ২০,৯২০ | ৪৩,২৬৩ | ৮,৬২৬ | ৪১.৩% | ৯,৬৫৬ | ১৪.৪% | ৮৯ |
| ১৯৬৯ | ১৮,৯৩১ | ৫১,৫৮০ | ৯,৯৯২ | ৫২.৬% | ১০,০০০ | ১৯.৩% | ১৫৪ |
| ১৯৭০ | ২১,০৬৮ | ৫৫,২৭৪ | ১০,৪১০ | ৪৯.৪৩% | ৯,৭৬৮ | ১৭.২% | ১৪ |
| ১৯৭১ | ২২,৭৩৩ | ৫৫,২৭৪ | ১৩,২৪০ | ৫৮.২৫% | ১৪,৩২০ | ২৩.৪১% | ১২ |
| ১৯৭২ | ২৪,৯৯৫ | ৫৮,৫৭০ | ১৫,৬৫০ | ৬২.৬% | ১৪,৭৭০ | ২৫.২% | ২২ |
| ১৯৭৩ | ২৮,৬৬৩ | ৫৩,৫৬০ | ১৭,২০০ | ৬০% | ১১,৫৭০ | ২১.৬% | ১৩০ |
ওপৰৰ তালিকাখনৰ পৰা দেখা যায় যে নিয়মীয়া পৰীক্ষাৰ্থীসকলৰ উত্তীৰ্ণৰ হাৰ ক্ৰমাৎ বৃদ্ধি পাইছিল।আনহাতে, ব্যক্তিগত পৰীক্ষাৰ্থীসকলৰ উত্তীৰ্ণৰ হাৰত মাজে-সময়ে উঠা-নমা কৰি থাকিলেও শেষত ই প্ৰায় একে পৰ্যায়তে থাকি গৈছিল।
সেই সময়ত উত্তীৰ্ণৰ হাৰ কম হোৱাৰ অন্যতম প্ৰধান কাৰণ আছিল দুৰ্বল আন্তঃগাঁথনি। কাৰণ, তেতিয়া শিক্ষা খণ্ডত বাজেট আবণ্টন অতি কম আছিল। এটা তথ্য অনুসৰি, ১৯৪৭ চনত শিক্ষা খণ্ডৰ বাজেটৰ পৰিমাণ আছিল ৭৬ লাখ টকা। ১৯৬৯–৭০ চনত সেই পৰিমাণ ২১ কোটি টকাকৰা হয় আৰু ১৯৭৯–৮০ চনত ৭৪.৪৮ কোটি টকালৈ উন্নীত কৰা হয়।
ফলত বিদ্যালয়সমূহৰ আন্তঃগাঁথনি আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাহিলি পাৰিশ্ৰমিকৰ অৱস্থা অতি শোচনীয় আছিল। কিন্তু পৰ্যাপ্ত আন্তঃগাঁথনি নথকাৰ পাছতো সেই সময়ৰ পৰীক্ষা ব্যৱস্থা আছিল যথেষ্ট পৰিষ্কাৰ আৰু স্বচ্ছ। সেই সময়ৰ উত্তীৰ্ণৰ হাৰো মুটা-মুটি সন্তোষজনক আছিল বুলি ক’ব পাৰি।
এডমিট কাৰ্ডৰ বিসংগতি, মাৰ্কশ্বীটৰ ভুল-ত্ৰুটি, প্ৰশ্নকাকতৰ ভুল—এইবোৰৰ কথা সেই সময়ত শুনিছিলোঁ বুলি মোৰ মনত নপৰে। নকলৰ প্ৰচলনো তেতিয়া প্ৰায় নাছিল বুলিয়েই ক’ব পাৰি। ওপৰৰ তালিকাত বহিষ্কৃত পৰীক্ষাৰ্থীৰ সংখ্যালৈ চালেই বিষয়টো কিছু পৰিমাণে স্পষ্ট হৈ পৰে।
কিন্তু বৰ্তমান প্ৰায় প্ৰতিখন বিদ্যালয়তে পৰ্যাপ্ত আন্তঃগাঁথনি থকাৰ পিছতো নকলৰ প্ৰৱণতা এনেদৰে বৃদ্ধি পাইছে যে, শেষ মুহূৰ্তত পৰীক্ষাকেন্দ্ৰসমূহত চিচিটিভি কেমেৰা স্থাপন কৰিবলগীয়া হৈছে। আনকি বৰ্তমান তিনিটা বিষয়ত ‘গ্ৰেছ’ নম্বৰ প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ বৃদ্ধি কৰাৰ দৰে লজ্জাজনক পদক্ষেপো গ্ৰহণ কৰিবলগীয়া হৈছে।
অপ্ৰশিক্ষিত শিক্ষক-শিক্ষয়িত্ৰীৰ দ্বাৰা পৰিচালিত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ ওচৰত চৰকাৰী বিদ্যালয়ৰ প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰীসকলে সম্প্ৰতি মূৰ নত কৰিবলগা হৈছে। আমাৰ চৰকাৰী শিক্ষাব্যৱস্থাৰ বাবে এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা।
শিক্ষা বিভাগে যদি এই পৰিস্থিতিৰ পৰা চৰকাৰী শিক্ষাব্যৱস্থাক উদ্ধাৰ কৰিব নোৱাৰে, তেন্তে অদূৰ ভৱিষ্যতে অভিভাৱকসকলৰ চৰকাৰী বিদ্যালয়ৰ প্ৰতি যে মোহভংগ হ’ব, তাত কোনো সন্দেহ নাই।
বৰ্তমান ২০১৭ চনৰ পৰা ২০২৬ চনলৈ এই দহটা বছৰত HSLC পৰীক্ষাত অৱতীৰ্ণ আৰু উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা তলত দিয়া ধৰণৰ আছিল—
২০১৭–২০২৬: HSLC পৰীক্ষাৰ ফলাফল
| বছৰ | অৱতীৰ্ণ পৰীক্ষাৰ্থী | উত্তীৰ্ণ পৰীক্ষাৰ্থী | উত্তীৰ্ণৰ হাৰ |
| ২০১৭ | ৩,৭২,৬৪০ | ১,৭৮,৬৫৬ | ৪৭.৯% |
| ২০১৮ | ৩,৩৭,৫৭০ | ১,৮৯,১৯১ | ৫৬.০% |
| ২০১৯ | ৩,৩৬,২০৩ | ২,০২,৫০৮ | ৬০.২% |
| ২০২০ | ৩,৪২,২২৪ | ২,২১,৭৫৬ | ৬৪.৮% |
| ২০২১ | ৪,২৬,৫৫৩ | ৩,৯৭,১৩২ | ৯৩.১% |
| ২০২২ | ৪,০৫,৫৮২ | ২,২৯,১৩১ | ৫৬.৪% |
| ২০২৩ | ৪,১৫,৩২৩ | ৩,০১,৮৭৯ | ৭২.৬% |
| ২০২৪ | ৪,১৯,০৭৮ | ৩,১৭,২৪২ | ৭৫.৭% |
| ২০২৫ | ৪,২২,৭৩৭ | ২,৭৯,৩৭৬ | ৬৩.৯৮% |
| ২০২৬ | ৪,২৯,২৪৯ | ২,৮১,৭০১ | ৬৫.৬২% |
ওপৰৰ সংখ্যাসমূহৰ ভিতৰত ২০২৬ চনৰ তথ্য Assam State School Education Board (Division-I)-ৰ Results Gazetteৰ পৰা পোনপটীয়াকৈ লোৱা হৈছে। উক্ত চৰকাৰী গেজেটত ২০১৭ চনৰ পৰা ২০২৬ চনলৈ সমগ্ৰ দহটা বছৰৰ ফলাফল একেলগে প্ৰকাশ কৰা হৈছে।
বিশেষকৈ ২০২৬ চনত মুঠ ৪,২৯,২৪৯ জন পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু ইয়াৰে ২,৮১,৭০১ জন পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়। ইয়াৰে প্ৰথম বিভাগত ৮৫,১৮৯ জন, দ্বিতীয় বিভাগত ১,৫০,১৬৭ জন আৰু তৃতীয় বিভাগত ৪৬,৩৪৫ জন উত্তীৰ্ণ হয়।
উত্তীৰ্ণৰ হাৰ আগৰ তুলনাত বৰ বিশেষ উন্নত হৈছে বুলি ক’ব নোৱাৰি। অৱশ্যে শতকৰা হিচাপত অধিক নম্বৰ লাভ কৰা, ডিষ্টিংচন, ষ্টাৰ মাৰ্ক আৰু প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা আগৰ তুলনাত যথেষ্ট বৃদ্ধি পাইছে—এই কথা স্বীকাৰ কৰিবই লাগিব। কিন্তু শিক্ষাৰ গুণগত মান আগৰ তুলনাত বিশেষ উন্নত হৈছে বুলি ক’ব নোৱাৰি। বিদ্যালয়ৰ আগৰ আন্তঃগাঁথনি আৰু বৰ্তমানৰ আন্তঃগাঁথনিৰ তুলনা কৰিলে বিশেষ উন্নতি হোৱা বুলিও ক’ব নোৱাৰি। আগতে পৰীক্ষাৰ ফলাফল দৈনিক বাতৰি কাকতত প্ৰকাশ কৰা হৈছিল। বৰ্তমান পৰীক্ষাৰ্থীৰ সংখ্যা বহুগুণে বৃদ্ধি পোৱাৰ বাবে পৰীক্ষাৰ ফলাফল পুস্তিকা আকাৰে প্ৰকাশ কৰা হয়।
ষাঠি আৰু সত্তৰৰ দশকৰ বঙ্গীয়মূলৰ মুছলমান সমাজ: এক তুলনামূলক বিৱৰণ
ষাঠি আৰু সত্তৰৰ দশক গ্ৰাম্য আৰু মফচলীয়া বাঙালীভাষী মুছলমান সমাজৰ কাৰণে এক বিশেষ সময় আছিল। সেই সময়ৰ সমাজব্যৱস্থা আজিৰ দৰে দ্ৰুতগতিত পৰিৱৰ্তনশীল নাছিল। মানুহৰ জীৱনযাত্ৰা তুলনামূলকভাৱে সৰল আছিল, পাৰিবাৰিক বন্ধন আছিল দৃঢ় আৰু ওচৰ-চুবুৰীয়া তথা আত্মীয়তাৰ সম্পৰ্ক সামাজিক জীৱনৰ অন্যতম প্ৰধান ভেটি আছিল। অৰ্থনৈতিক সীমাবদ্ধতা থাকিলেও পাৰস্পৰিক সহযোগিতা, সামাজিক দায়িত্ববোধ আৰু মানৱীয় সম্পৰ্কৰ মূল্য যথেষ্ট গভীৰ আছিল।
পৰিয়াল আৰু পাৰিবাৰিক সম্পৰ্ক
তাহানিৰ মুছলমান সমাজত যৌথ পৰিয়ালৰ প্ৰচলন যথেষ্ট বেছি আছিল। একেটা ঘৰতেই পিতৃ-মাতৃ, ভাই-ভনী, খুৰা-খুৰী, ককা-আইতা তথা অন্যান্য আত্মীয়-স্বজন একেলগে বাস কৰিছিল। পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ মতামতক বিশেষ গুৰুত্ব দিয়া হৈছিল। পিতৃ আছিল পৰিয়ালৰ মুৰব্বী আৰু তেওঁৰ সিদ্ধান্ত সাধাৰণতে পৰিয়ালৰ আন সদস্যসকলে মানি চলিছিল।
ডাঙৰ ভাই-ভনীসকলৰ প্ৰতিও সৰুসকলে যথেষ্ট সন্মান প্ৰদৰ্শন কৰিছিল। পৰিয়ালৰ কোনো সদস্য অসুস্থ হ’লে বা বিপদত পৰিলে আন সদস্যসকলে নিজৰ মাজত দায়িত্ব ভগাই লৈছিল। আত্মীয়তাৰ সম্পৰ্ক কেৱল তেজৰ সম্পৰ্কতে সীমাবদ্ধ নাছিল; সুখে-দুখে ইজনে সিজনৰ কাষত থিয় দিয়াটো সামাজিক দায়িত্বৰ অংশ হিচাপে গণ্য কৰা হৈছিল।
বৰ্তমান যৌথ পৰিয়ালৰ পৰিৱৰ্তে একক পৰিয়ালৰ সংখ্যা বহু বৃদ্ধি পাইছে। কৰ্মসংস্থান, শিক্ষা, নগৰমুখী জীৱন আৰু ব্যক্তিস্বাধীনতাৰ প্ৰসাৰৰ ফলত পৰিয়ালৰ সদস্যসকল ভৌগোলিকভাৱে ইজনে সিজনৰ পৰা আঁতৰি আহিছে। ফলত ব্যক্তিগত স্বাধীনতা বৃদ্ধি পাইছে যদিও আগৰ দিনৰ দৰে দৈনন্দিন ঘনিষ্ঠতা বহু ক্ষেত্ৰত হ্ৰাস পাইছে।
ওচৰ-চুবুৰীয়াৰ সম্পৰ্ক
ষাঠি-সত্তৰৰ দশকত ওচৰ-চুবুৰীয়াৰ সৈতে সম্পৰ্ক আছিল অতি ঘনিষ্ঠ। কাৰোবাৰ ঘৰত বিয়া-বাৰু হ’লে চুবুৰীয়াসকলে স্বতঃস্ফূৰ্তভাৱে কাম-কাজত হাত উজান দিছিল। কাৰোবাৰ মৃত্যু হ’লে ধৰ্ম-বৰ্ণ নিৰ্বিশেষে চুবুৰীয়াই শোকসন্তপ্ত পৰিয়ালটোৰ কাষত থিয় দিছিল। ঘৰ নিৰ্মাণ, ধান কটা, শস্য চপোৱা, বানপানী বা আন কোনো দুৰ্যোগৰ সময়তো পাৰস্পৰিক সহযোগিতা কৰাটো আছিল এক স্বাভাৱিক সামাজিক পৰম্পৰা।
এটা চুবুৰীক বহু সময়ত এক বৃহত্তৰ পৰিয়ালৰ দৰে গণ্য কৰা হৈছিল। কাৰোবাৰ ঘৰত ৰন্ধা-বঢ়া নহ’লে ওচৰৰ ঘৰৰ পৰা খাদ্য পঠিওৱা হৈছিল। কাৰোবাৰ সন্তান অসুস্থ হ’লে চুবুৰীয়াসকলে খা-খবৰ লৈছিল। চুবুৰীৰ আন লোকৰ ল’ৰা-ছোৱালীকো নিজৰ সন্তানৰ দৰে মৰম-চেনেহেৰে চোৱা-চিতা কৰা হৈছিল।
আগতে ফাগুন মাহৰ পৰা জেঠ মাহলৈকে যথেষ্ট ধুমুহা-বৰষুণ হৈছিল। ধুমুহা-বৰষুণ হৈ যোৱাৰ পাছত ইজনে সিজনক মাতি চুবুৰীয়াৰ খা-খবৰ লোৱা হৈছিল। কোনো বিপদ-আপদ হ’লে সহায় কৰিবলৈ চুবুৰীয়াসকল তৎক্ষণাত দৌৰি আহিছিল। সামাজিক নিৰাপত্তাৰ এক বৃহৎ অংশই তেতিয়া এই পাৰস্পৰিক নিৰ্ভৰশীলতা আৰু সহযোগিতাৰ ওপৰত নিৰ্ভৰ কৰিছিল।
আগতে বিনোদনৰ সামগ্ৰী—বিশেষকৈ ৰেডিঅ’ বা টেলিভিছন—সকলোৰে ঘৰত নাছিল। সেয়েহে সন্ধিয়া ভাত-পানী খোৱাৰ পাছত ইজনে সিজনৰ ঘৰত ফুৰিবলৈ যোৱাটো এক সাধাৰণ অভ্যাস আছিল। ইয়াৰ ফলত পৰিয়ালসমূহৰ মাজত সৌহাৰ্দ্য আৰু সামাজিক ঘনিষ্ঠতা বৃদ্ধি পাইছিল।
আজিৰ দিনত যোগাযোগৰ মাধ্যম বহুগুণে বৃদ্ধি পাইছে যদিও ওচৰ-চুবুৰীয়াৰ সম্পৰ্কৰ স্বৰূপ সলনি হৈছে। একেটা ঘৰ বা একেটা চুবুৰীতে বাস কৰিও বহু মানুহে ইজনে সিজনৰ ব্যক্তিগত জীৱনৰ বিষয়ে অতি কম জানে। সামাজিক যোগাযোগ মাধ্যমত যোগাযোগ বৃদ্ধি পাইছে যদিও প্ৰত্যক্ষ মানৱীয় যোগাযোগ বহু ক্ষেত্ৰত হ্ৰাস পাইছে।
বিবাহ আৰু সামাজিক অনুষ্ঠান
সেই সময়ত বিবাহ কেৱল দুজন ব্যক্তিৰ মাজৰ সম্পৰ্ক নাছিল; ই আছিল দুটা পৰিয়াল আৰু বহু ক্ষেত্ৰত দুটা আত্মীয়গোষ্ঠীৰ মাজৰ এক মিলন। বিবাহৰ সিদ্ধান্ত গ্ৰহণত পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ আছিল। পাত্ৰ-পাত্ৰীৰ পছন্দৰ লগতে পৰিয়ালৰ সামাজিক অৱস্থান, চৰিত্ৰ, বংশ-পৰিচয় আৰু পাৰিবাৰিক স্থিতিও বিবেচনা কৰা হৈছিল।
বিবাহ অনুষ্ঠান সাধাৰণতে তুলনামূলকভাৱে সৰল আছিল। আত্মীয়-স্বজন আৰু চুবুৰীয়াসকলেই বিয়াৰ অধিকাংশ আয়োজনৰ দায়িত্ব গ্ৰহণ কৰিছিল। ৰন্ধা-বঢ়াৰ পৰা আৰম্ভ কৰি অতিথি আপ্যায়নলৈকে সকলো কামতে সমাজৰ লোকসকলে অংশগ্ৰহণ কৰিছিল। আজিৰ দৰে বিপুল ব্যয়, আলোকসজ্জা, আড়ম্বৰ বা বিভিন্ন আনুষ্ঠানিকতাৰ চাপ তুলনামূলকভাৱে কম আছিল; ক’বলৈ গ’লে প্ৰায় নাছিলেই। বিয়াৰ অনুষ্ঠান একেবাৰে সৰলভাৱে সম্পন্ন কৰা হৈছিল।
মুছলমান সমাজত সাধাৰণতে সিন্দূৰ ব্যৱহাৰৰ প্ৰথা নাই। কিন্তু কোনো কোনো অঞ্চলত সিন্দূৰ অবিহনে বিয়া সম্পন্ন নোহোৱাৰ দৰে এক পৰম্পৰাও দেখা গৈছিল। অৱশ্যে বৰ্তমান এই প্ৰথা প্ৰায় সম্পূৰ্ণৰূপে বিলুপ্ত হৈছে।
তথাপি সেই সময়ৰ সামাজিক ব্যৱস্থাৰ সকলো দিশ ইতিবাচক নাছিল। বহু ক্ষেত্ৰত ছোৱালীৰ মতামতক যথেষ্ট গুৰুত্ব দিয়া হোৱা নাছিল আৰু কম বয়সতে বিয়া দিয়াৰ প্ৰৱণতাও অধিক আছিল। শিক্ষাৰ প্ৰসাৰ আৰু নাৰীৰ সামাজিক অৱস্থানৰ উন্নতিৰ ফলত শেহতীয়া সময়ত এই পৰিস্থিতিৰ যথেষ্ট পৰিৱৰ্তন ঘটিছে।
নাৰীৰ অৱস্থান
ষাঠি-সত্তৰৰ দশকৰ বঙ্গীয়মূলৰ গ্ৰাম্য মুছলমান পৰিয়ালত নাৰীৰ প্ৰধান দায়িত্ব আছিল সংসাৰ পৰিচালনা, সন্তান লালন-পালন আৰু পৰিয়ালৰ যত্ন লোৱা। বহু নাৰী কৃষিকাৰ্য, পশুপালন আৰু ঘৰুৱা কাম-কাজৰ উপৰিও বিভিন্ন উৎপাদনমূলক কামতো জড়িত আছিল। অৱশ্যে তেওঁলোকৰ এই শ্ৰমৰ আৰ্থিক মূল্য পৃথকভাৱে স্বীকৃতি বা মূল্যায়ন কৰা হোৱা নাছিল।
ছোৱালীৰ উচ্চশিক্ষাৰ সুযোগ যথেষ্ট সীমিত আছিল। বহু পৰিয়ালত ল’ৰাৰ শিক্ষাক অগ্ৰাধিকাৰ দিয়া হৈছিল আৰু ছোৱালীৰ শিক্ষাক সেই একে ধৰণে গুৰুত্ব দিয়া হোৱা নাছিল। সেয়েহে কৰ্মজীৱী নাৰীৰ সংখ্যাও তুলনামূলকভাৱে অতি তাকৰ আছিল।
বৰ্তমান ছোৱালীৰ শিক্ষাৰ সুযোগ বহুগুণে বৃদ্ধি পাইছে। নাৰীসকলে শিক্ষকতা, চিকিৎসা, প্ৰশাসন, ব্যৱসায়, ৰাজনীতি, সাংবাদিকতা আদি বিভিন্ন ক্ষেত্ৰত জড়িত হৈছে। ফলত পৰিয়ালৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰতো নাৰীৰ ভূমিকা আগৰ তুলনাত যথেষ্ট শক্তিশালী হৈছে।
শিক্ষা
সেই সময়ত শিক্ষাৰ সুযোগ-সুবিধা আজিৰ তুলনাত যথেষ্ট সীমিত আছিল। গাঁৱৰ বহু পৰিয়ালত মাধ্যমিক পৰ্যায়ৰ পাছত ল’ৰা-ছোৱালীৰ পঢ়া-শুনা অব্যাহত ৰখাটো কঠিন হৈ পৰিছিল। ইয়াৰ অন্যতম কাৰণ আছিল আৰ্থিক অসচ্ছলতা, শিক্ষানুষ্ঠানৰ দূৰত্ব আৰু সামাজিক মানসিকতা। তদুপৰি, সেই সময়ত কলেজ পৰ্যায়ৰ শিক্ষানুষ্ঠানৰ সংখ্যাও যথেষ্ট তাকৰ আছিল।
তথাপি শিক্ষাক সমাজত সন্মানৰ বিষয় হিচাপে গণ্য কৰা হৈছিল। এজন শিক্ষিত ব্যক্তিয়ে পৰিয়াল আৰু সমাজত বিশেষ মৰ্যাদা লাভ কৰিছিল। শিক্ষক-শিক্ষয়িত্ৰীসকলৰ প্ৰতিও ছাত্ৰ-ছাত্ৰীসকলৰ গভীৰ শ্ৰদ্ধা আছিল।
বৰ্তমান বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু বিভিন্ন প্ৰযুক্তিনিৰ্ভৰ শিক্ষাৰ সুযোগ-সুবিধা ব্যাপকভাৱে বৃদ্ধি পাইছে। মোবাইল ফোন আৰু ইণ্টাৰনেটৰ ফলত জ্ঞান আহৰণৰ পৰিসৰো বহুগুণে বিস্তৃত হৈছে। কিন্তু ইয়াৰ সমান্তৰালভাৱে প্ৰতিযোগিতা, পৰীক্ষাৰ চাপ আৰু শিক্ষাক চাকৰিৰ সৈতে অত্যধিকভাৱে সংযুক্ত কৰাৰ প্ৰৱণতাও বৃদ্ধি পাইছে।
ধৰ্মীয় আৰু সামাজিক জীৱন
মছজিদ কেৱল নামাজ পঢ়াৰ স্থানেই নাছিল; ই সামাজিক যোগাযোগৰো এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ আছিল। জুমাৰ নামাজ, ঈদ, ৰমজান, মিলাদ, ধৰ্মীয় আলোচনা আদি উপলক্ষে মানুহ একত্ৰিত হৈছিল। ধৰ্মীয় উৎসৱসমূহ সামাজিক সম্প্ৰীতি বৃদ্ধি কৰাৰো মাধ্যম আছিল। মাজে-সময়ে ধৰ্মসভা অনুষ্ঠিত কৰি মানুহক ধৰ্মীয় শিক্ষা দিয়াৰো চেষ্টা কৰা হৈছিল।
ঈদৰ সময়ত নতুন কাপোৰ পিন্ধা, চেমাই-পিঠা প্ৰস্তুত কৰা, আত্মীয়-স্বজনৰ ঘৰলৈ যোৱা আৰু সৰুক ছালামী দিয়াটো আনন্দৰ এক অবিচ্ছেদ্য অংশ আছিল। নিজৰ সামৰ্থ্য অনুসৰি সকলোৱে উৎসৱত অংশগ্ৰহণ কৰিছিল।
আজিও ধৰ্মীয় উৎসৱৰ গুৰুত্ব অটুট আছে। অৱশ্যে উৎসৱ পালনৰ ধৰণ সলনি হৈছে। যোগাযোগ আৰু যাতায়াত ব্যৱস্থা সহজ হোৱাৰ ফলত দূৰৈত থকা আত্মীয়-স্বজনৰ সৈতে যোগাযোগ কৰাটো সহজ হৈ পৰিছে। একে সময়তে সামাজিক যোগাযোগমাধ্যমতো শুভেচ্ছা বিনিময়ৰ এক নতুন সংস্কৃতি গঢ় লৈ উঠিছে।
পোছাক আৰু জীৱন-যাপন
ষাঠি-সত্তৰৰ দশকত পুৰুষসকলৰ মাজত লুঙি, পাঞ্জাবী, ফতুৱা, ধুতি, সাধাৰণ পায়জামা-পাঞ্জাবী আৰু তিনিটা পকেট থকা চাৰ্টৰ ব্যৱহাৰ প্ৰচলিত আছিল। মহিলাসকলে সাধাৰণতে শাৰী পৰিধান কৰিছিল আৰু পোছাক-পৰিচ্ছদত সৰলতাই প্ৰাধান্য পাইছিল।
উৎসৱৰ কাপোৰ সাধাৰণতে বিশেষ যতনেৰে সংৰক্ষণ কৰি ৰখা হৈছিল। মহিলাসকলে ঘৰত থাকোঁতে সাধাৰণতে ব্লাউজ ব্যৱহাৰ নকৰিছিলেই বুলিব পাৰি। কোনো আত্মীয়ৰ ঘৰলৈ বা অনুষ্ঠানলৈ গ’লে তেতিয়াহে ব্লাউজ পিন্ধিছিল। সৰু সৰু ছোৱালীয়ে এবিধ হাফপেণ্টজাতীয় পোছাক পিন্ধিছিল। কোনো কোনো অঞ্চলত গাগৰাও পৰিধান কৰা হৈছিল।
আজিৰ দৰে সেই সময়ত দৰিদ্ৰ পৰিয়ালৰ মহিলাসকলে চাদৰ বা ছুৱেটাৰ আদি নিয়মীয়াকৈ ব্যৱহাৰ নকৰিছিল। শীতৰ দিনত পিন্ধা কাপোৰ ভাঁজ কৰি চাদৰৰ দৰে কৰি শৰীৰত মেৰিয়াই শীত নিবাৰণ কৰিছিল। পুৰুষসকলৰ কোনো কোনোৱে চাদৰ ব্যৱহাৰ কৰিছিল আৰু কোনো কোনোৱে লুঙি ভাঁজ কৰি গাত মেৰিয়াই শীতৰ পৰা ৰক্ষা পাইছিল।
গহনা-গাঁঠৰিৰ ভিতৰত তাৰাখুঁটি, কঁকালৰ বিছা, পায়েল, সিঁথিপাটি, ডিঙিৰ ৰূপৰ হাৰ, কাণৰ দুল আৰু নাকৰ তৰা বা এছ আদি প্ৰচলিত আছিল। বিছাসমূহ সাধাৰণতে দুই-তিনি ভৰি ওজনৰ আছিল। নাকৰ তৰা বা এছৰ বাহিৰে প্ৰায় সকলো গহনাই ৰূপৰ আছিল। ডিঙিত সোণৰ হাৰ পিন্ধাৰ প্ৰচলন প্ৰায় নাছিল বুলিয়েই ক’ব পাৰি।
গৃহস্থালিৰ জীৱনো সেই সময়ত যথেষ্ট শ্ৰমনিৰ্ভৰ আছিল। কাঠ, খেৰ বা অন্যান্য ইন্ধন ব্যৱহাৰ কৰি ৰন্ধা-বঢ়া কৰা হৈছিল। বহু পৰিয়ালে পানীৰ বাবে কুঁৱা, পুখুৰী অথবা দূৰৈৰ পানীৰ উৎসৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল। ধান বানিবলৈ ঢেঁকী আৰু জলকীয়া, মৰিচ-মচলা আদি বটিবলৈ পাটা-পুতা ব্যৱহাৰ কৰা হৈছিল। বিদ্যুৎ আৰু আধুনিক গৃহস্থালিৰ সা-সঁজুলিৰ অভাৱৰ বাবে দৈনন্দিন জীৱন যথেষ্ট কষ্টসাধ্য আছিল।
বৰ্তমান বিদ্যুৎ, গেছ, ফ্ৰিজ, টেলিভিছন, মোবাইল ফোন, ইণ্টাৰনেট আৰু বিভিন্ন বৈদ্যুতিক সা-সঁজুলিয়ে মানুহৰ জীৱন বহুখিনি সহজ কৰি তুলিছে। জীৱন-যাপনৰ মান উন্নত হৈছে যদিও ইয়াৰ সমান্তৰালভাৱে ভোগবাদী মানসিকতা আৰু অৰ্থনৈতিক প্ৰতিযোগিতাও বৃদ্ধি পাইছে।
জীৱিকা আৰু অৰ্থনৈতিক ব্যৱস্থা
সেই সময়ত বঙ্গীয়মূলৰ মুছলমান সমাজৰ বৃহৎ অংশই কৃষি, ক্ষুদ্ৰ ব্যৱসায়, হস্তশিল্প, মৎস্য চিকাৰ, দিনমজুৰি আৰু বিভিন্ন স্থানীয় বৃত্তিৰ ওপৰত নিৰ্ভৰশীল আছিল। অৱস্থাপন্ন গৃহস্থৰ ঘৰত ৰাখাল ৰখাৰ প্ৰথাও প্ৰচলিত আছিল। সেই সময়ত ৰাখালৰ মাহিলী মজুৰি পঁয়ত্ৰিশৰ পৰা পঞ্চাশ টকাৰ ভিতৰত আছিল। আনহাতে, কামলাৰ দৈনিক মজুৰি আছিল প্ৰায় ১.৫০ টকাৰ পৰা ২.৫০ টকা। এতিয়া সেই সময়ৰ কথা ভাবিলেও আচৰিত লাগে।
কৃষক পৰিয়ালত ফচল ভাল হ’লে সমগ্ৰ পৰিয়ালৰ মুখত হাঁহি বিৰিঙি উঠিছিল; আনহাতে ফচল নষ্ট হ’লে তাৰ প্ৰভাৱ সমগ্ৰ পৰিয়াল তথা সামাজিক জীৱনতো পৰিছিল। আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ কাষত বহু সময়ত আত্মীয়-স্বজন আৰু ওচৰ-চুবুৰীয়াই থিয় দিছিল।
বৰ্তমান কৃষিৰ লগতে চাকৰি, ব্যৱসায়, পৰিবহণ, নিৰ্মাণ, বিদেশত কৰ্মসংস্থান আৰু বিভিন্ন আধুনিক পেছাও অৰ্থনীতিৰ গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে। অৰ্থনৈতিক সুযোগ-সুবিধা বৃদ্ধি পাইছে যদিও ব্যক্তিগত আৰ্থিক প্ৰতিযোগিতাও অধিক তীব্ৰ হৈছে।
সামাজিক শৃংখলা আৰু মূল্যবোধ
সেই সময়ত সমাজত বয়োজ্যেষ্ঠসকলৰ প্ৰতি শ্ৰদ্ধা, অতিথিৰ প্ৰতি সন্মান, ওচৰ-চুবুৰীয়াৰ প্ৰতি দায়িত্ববোধ আৰু সামাজিক ৰীতি-নীতিৰ প্ৰতি গভীৰ আনুগত্য আছিল। কোনো ব্যক্তিৰ আচৰণ সামাজিকভাৱে গ্ৰহণযোগ্য নোহোৱা বুলি বিবেচিত হ’লে পৰিয়াল আৰু সমাজৰ বয়োজ্যেষ্ঠসকলে তেওঁক শাসন কৰিছিল বা পৰামৰ্শ দিছিল। অভিযুক্ত ব্যক্তিয়েও সাধাৰণতে সেই আদেশ বা পৰামৰ্শ নিৰ্বিবাদে মানি লৈছিল। ইয়াৰ ফলত সামাজিক নিয়ন্ত্ৰণ যথেষ্ট শক্তিশালী আছিল।
অৱশ্যে এই ব্যৱস্থাৰ নেতিবাচক দিশো আছিল। ব্যক্তিগত স্বাধীনতা বহু ক্ষেত্ৰত সীমিত হৈ পৰিছিল। প্ৰচলিত সামাজিক ৰীতি-নীতিৰ বিৰুদ্ধে মত প্ৰকাশ কৰাটো আগৰ দিনত সহজ নাছিল।
আজিৰ সমাজত ব্যক্তিস্বাধীনতা, ব্যক্তিগত পছন্দ আৰু মানৱাধিকাৰৰ ধাৰণা অধিক সুপ্ৰতিষ্ঠিত হৈছে। কিন্তু ইয়াৰ ফলত পৰিয়াল আৰু সমাজৰ পৰম্পৰাগত নিয়ন্ত্ৰণ কিছু পৰিমাণে শিথিল হৈছে। আগৰ দিনৰ সামাজিক সংহতিৰ ঠাইত বৰ্তমান বহু ক্ষেত্ৰত ব্যক্তিকেন্দ্ৰিক জীৱন-যাপন প্ৰচলিত হৈছে।
যোগাযোগ আৰু বিনোদন
ষাঠি-সত্তৰৰ দশকত যোগাযোগ ব্যৱস্থা আছিল যথেষ্ট সীমিত। চিঠি, পোষ্টকাৰ্ড, ডাকঘৰ অথবা পোনপটীয়া সাক্ষাৎ আছিল যোগাযোগৰ প্ৰধান মাধ্যম। কোনো মানুহৰ মৃত্যু হলে শাৰীৰিকভাবে লগ ধৰিহে মৃত্যুৰ খবৰ দিব পৰা গৈছিল। ফলত দূৰৰ আত্মীয়ই মৃত্যুৰ বাতৰি পলমকৈ পাইছিল। কেতিয়াবা এক দুই মাহ পাছতো খবৰ পাইছিল। ৰেডিঅ’ আছিল তাহানিৰ অন্যতম প্ৰধান বিনোদন আৰু সংবাদ মাধ্যম। গাঁৱৰ কোনো এটা ঘৰত ৰেডিঅ’ থাকিলে ওচৰ-চুবুৰীয়াৰ বহু মানুহ তাত একত্ৰিত হৈ খবৰ, গান বা বিভিন্ন অনুষ্ঠান উপভোগ কৰিছিল।
বৰ্তমান মোবাইল ফোন, ইণ্টাৰনেট আৰু সামাজিক যোগাযোগমাধ্যমে মুহূৰ্তৰ ভিতৰতে মানুহে পৃথিৱীৰ যিকোনো প্ৰান্তৰ সৈতে সংযোগ স্থাপন কৰিব পাৰিছে। ফলত তথ্য লাভ কৰাটো অতি সহজ হৈছে। কিন্তু ইয়াৰ সমান্তৰালভাৱে মুখামুখিকৈ বহি কথা পতা, গল্প কৰা আৰু সামাজিকভাৱে সময় কটোৱাৰ পুৰণি সংস্কৃতি বহু পৰিমাণে হ্ৰাস পাইছে।
সামগ্ৰিক তুলনা
ষাঠি-সত্তৰৰ দশকৰ সমাজ আৰু বৰ্তমানৰ সমাজৰ মাজত পাৰ্থক্য যথেষ্ট গভীৰ। আগৰ সমাজত সুযোগ-সুবিধা সীমিত আছিল, কিন্তু মানুহৰ জীৱন আছিল তুলনামূলকভাৱে সৰল, পৰস্পৰনিৰ্ভৰ আৰু সামাজিক সম্পৰ্ককেন্দ্ৰিক। বৰ্তমান বিজ্ঞান, প্ৰযুক্তি, শিক্ষা, যোগাযোগ আৰু অৰ্থনৈতিক ক্ষেত্ৰত অভূতপূৰ্ব উন্নতি ঘটিছে। মানুহৰ জীৱন অধিক সুবিধাজনক আৰু গতিশীল হৈছে।
অৱশ্যে উন্নয়নৰ সৈতে নতুন কিছুমান প্ৰত্যাহ্বানৰো সৃষ্টি হৈছে। আগৰ দিনৰ সামাজিক সংহতি, পাৰস্পৰিক সহায়-সহযোগিতা আৰু আত্মীয়তা বৰ্তমান বহু ক্ষেত্ৰত কমি আহিছে; আনহাতে ব্যক্তিস্বাধীনতা, শিক্ষাৰ সুযোগ, তথ্যৰ সহজলভ্যতা আৰু জীৱন-যাপনৰ সুবিধা বহুগুণে বৃদ্ধি পাইছে।
সেয়ে অতীত আৰু বৰ্তমানক কেৱল ভাল-বেয়া হিচাপে তুলনা কৰাৰ পৰিৱৰ্তে দুয়োটা সময়ৰ বৈশিষ্ট্যক নিজ নিজ সামাজিক আৰু ঐতিহাসিক পৰিপ্ৰেক্ষিতত বিচাৰ কৰাটোৱেই অধিক যুক্তিসংগত। অতীতৰ সৰলতা, সামাজিক সংহতি আৰু পাৰস্পৰিক সহায়-সহযোগিতাৰ মূল্যবোধৰ সৈতে বৰ্তমানৰ শিক্ষা, বিজ্ঞান, প্ৰযুক্তি আৰু ব্যক্তিস্বাধীনতাৰ সুযোগ-সুবিধাৰ সমন্বয় ঘটাব পাৰিলেই এখন অধিক সুস্থ আৰু মানৱিক সমাজ গঢ়ি তোলা সম্ভৱ।
ষাঠি-সত্তৰৰ দশকৰ বংগীয়মূলৰ মুছলমান সমাজখন আছিল মূলতঃ সম্পৰ্কনিৰ্ভৰ সমাজ। ইয়াৰ বিপৰীতে বৰ্তমানৰ সমাজখন ক্ৰমে প্ৰযুক্তিনিৰ্ভৰ আৰু ব্যক্তিকেন্দ্ৰিক সমাজলৈ ৰূপান্তৰিত হৈছে। সেই সময়ত মানুহৰ আৰ্থিক সামৰ্থ্য তুলনামূলকভাৱে কম আছিল যদিও পৰস্পৰৰ ওপৰত নিৰ্ভৰশীলতা অধিক আছিল। বৰ্তমান আৰ্থিক সামৰ্থ্য আৰু প্ৰযুক্তিগত সুবিধা বহু পৰিমাণে বৃদ্ধি পাইছে, কিন্তু বহু ক্ষেত্ৰত সামাজিক দূৰত্বও বৃদ্ধি পাইছে।
সেই সময়ত কোনো এটা পৰিয়ালৰ সুখ-দুখত পাৰা-প্ৰতিবেশী আৰু আত্মীয়-স্বজনে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিছিল। কাৰোবাৰ ঘৰত আনন্দৰ অনুষ্ঠান হওক বা বিপদ-আপদেই হওক, ওচৰ-চুবুৰীয়া আৰু আত্মীয়সকলে নিজৰ দায়িত্ব বুলি ভাবি আগবাঢ়ি আহিছিল। বৰ্তমান একে ধৰণৰ বহু দায়িত্ব প্ৰতিষ্ঠান, বজাৰ, পেছাদাৰী সেৱা অথবা ডিজিটেল যোগাযোগৰ জৰিয়তে সম্পন্ন কৰা হয়।
অৱশ্যে অতীতক কেৱল আদৰ্শ আৰু বৰ্তমানক কেৱল অৱক্ষয় হিচাপে চোৱাটোও উচিত নহয়। অতীতৰ সমাজত যেনেদৰে আন্তৰিকতা, সহযোগিতা আৰু পাৰিবাৰিক বন্ধন শক্তিশালী আছিল, তেনেদৰে শিক্ষাৰ সীমাবদ্ধতা, নাৰীৰ অসম অধিকাৰ, কম বয়সতে বিবাহ আৰু ব্যক্তিস্বাধীনতাৰ অভাৱো আছিল। আনহাতে, বৰ্তমানৰ সমাজত শিক্ষা, স্বাস্থ্য, যোগাযোগ, নাৰী সৱলীকৰণ আৰু ব্যক্তিস্বাধীনতাৰ যথেষ্ট বিস্তাৰ ঘটিছে। কিন্তু ইয়াৰ সমান্তৰালভাৱে কোনো কোনো ক্ষেত্ৰত পাৰিবাৰিক বিচ্ছিন্নতা আৰু সামাজিক দূৰত্বও বৃদ্ধি পাইছে।
উপসংহাৰ
ষাঠি আৰু সত্তৰৰ দশকৰ বংগীয়মূলৰ মুছলমান সমাজখনক স্মৰণ কৰিলে সেয়ে কেৱল পুৰণি দিনৰনষ্টালজিয়াই নহয়, বৰং এটা পৰিৱৰ্তনশীল সমাজৰ ইতিহাসো আমাৰ চকুৰ আগত ভাহি উঠে। সেই সময়ৰ সমাজখনৰ আটাইতকৈ ডাঙৰ সম্পদ আছিল মানুহৰ সৈতে মানুহৰ নিবিড় সম্পৰ্ক—আত্মীয়তা, প্ৰতিবেশিত্ব, পাৰস্পৰিক সহযোগিতা আৰু সামাজিক দায়বদ্ধতা।
আধুনিক সমাজে আমাক শিক্ষা, বিজ্ঞান, প্ৰযুক্তি, উন্নত যোগাযোগ ব্যৱস্থা আৰু জীৱনৰ বিভিন্ন ক্ষেত্ৰত অধিক সুযোগ-সুবিধা প্ৰদান কৰিছে। কিন্তু ইয়াৰ মাজতে কেতিয়াবা সামাজিক দায়বদ্ধতা আৰু পাৰস্পৰিক সম্পৰ্কৰ উম কমি অহাও পৰিলক্ষিত হৈছে।
হয়তো অতীতৰ সেই সৰলতা হুবহু ঘূৰাই অনা সম্ভৱ নহয়; কিন্তু অতীতৰ মানৱীয়তা, আন্তৰিকতা আৰু সামাজিক বন্ধনৰ সৈতে বৰ্তমানৰ শিক্ষা, বিজ্ঞান, প্ৰযুক্তি, নাৰী-পুৰুষৰ সমতা আৰু ব্যক্তিস্বাধীনতাৰ সুসমন্বয় ঘটোৱাটো নিশ্চয় সম্ভৱ। অতীতৰ ভাল দিশসমূহৰ পৰা শিক্ষা লৈ আৰু বৰ্তমানৰ অগ্ৰগতিৰ সুযোগসমূহক গ্ৰহণ কৰি আগবাঢ়িব পাৰিলে, পৰিৱৰ্তনৰ মাজতো এখন অধিক মানৱীয়, সুস্থ, সমতাপূৰ্ণ আৰু সংহত সমাজ গঢ়ি তোলা সম্ভৱ হ’ব।
সমাপ্ত
