বাঘবৰ অঞ্চলত নাটক, গীতিনাট্য আৰু পুতুলা নাচ

বাঘবৰ অঞ্চলত নাটক, গীতিনাট্য আৰু পুতলা নাচ

এটা সময়ত বাঘবৰ অঞ্চল মানে আলীগাঁও, সাৰগাঁও, পালাৰপাম, মাণিকপুৰ সাতমুখী, মৰাবাজ, জাহানাৰপাৰ, বাঘবৰ আদি অঞ্চলত বহুতো ভাল ভাল অভিনেতা আছিল। এই অভিনেতাসকলৰ কে’বাজনো অভিনেতা খুবেই উচ্চ পৰ্যায়ৰ আছিল। সুযোগ-সুবিধা পালে এওঁলোকৰ কে’বাজনো অভিনেতাই চলচ্চিত্ৰতো অভিনয় কৰি সুনাম অৰ্জন কৰিব পাৰিলেহেঁতেন। এই অভিনেতাসকলৰ ভিতৰত প্ৰথমে নাম ল’ব লাগিব আলীগাঁৱৰ ফয়জল হকৰ। ফয়জল হক আলীগাঁও অঞ্চলত হক চাহাব নামেৰে পৰিচিত আছিল। তেওঁৰ অভিনয় প্ৰতিভা খুবেই উচ্চপৰ্যায়ৰ আছিল। ষাঠিৰ দহকত আলীগাঁও অঞ্চলৰ আলীৰপামত বজাৰত এটি চখৰ নাট্যদল আছিল। সেই নাট্যদলত তাৰাপদ সাহা, নাৰায়ণ বসাক, ৰাধাবল্লভ সাহা, বিশ্বনাথ সাহা, ফজল বৈৰাগী, পৰেশ সাহা, কানাইলাল সাহা গুনীন্দ্ৰ সাহা(টেনু সাহা), হৰিপদ সাহা, পতিতপাৱন কৰ্মকাৰ, মোহনলাল বাকালি আদিয়ে সুখ্যাতিৰে অভিনয় কৰিছিল। কালাইলাল সাহা আৰু গুণীন্দ্ৰ সাহাই স্ত্ৰী চৰিত্ৰত অভিনয় কৰি সুখ্যাতি অৰ্জন কৰিছিল।

সত্তৰ দহকৰ প্ৰথম পৰ্যায়ত আলীৰপাম বজাৰ গৰাখহনীয়াৰ কৱলত পৰাত বজাৰ আলীগাঁৱলৈ স্থানান্তৰ কৰা হয়। তেতিয়া উপৰোক্ত অভিনেতা সকলৰ লগত সন্ধ্যাৰাণী সাহা, টগৰী বসাক,বাসনা সাহা, মালতী শীল, অঞ্জলি সাহা প্ৰভৃতি ছোৱালীসকলে বিভিন্ন নাটকত অভিনয় কৰি ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। পালাৰপামৰ অখিল সূত্ৰধৰ, নাৰায়ণ ঘোষ, মাণিকপুৰৰ আজাহাৰ আলী, ইদ্ৰিছ আলী, ছামছুল হক প্ৰভৃতিয়ে বিভিন্ন নাটকত অভিনয় কৰি সুনাম অৰ্জন কৰিছিল। মাণিকপুৰৰ আমজাদ আলী, বাঘবৰৰ হোছেন আলী আদিয়ে গীতিনাট্যত সুখ্যাতিৰে অভিনয় কৰিছিল। বৰ্তমান পালাৰপামৰ আলিমুদ্দিনে এটি পুতলা নাচ দল পৰিচালনা কৰি আছে। উক্ত পুতলা নাচ দলত হোছেন আলী, মোবাৰক দৰ্জী, আলিমুদ্দিন, কলিমুদ্দিন, হাকিম আলী, ৰমজান আলী, ছত্তৰ আলী, অঞ্জলি আদি অভিনেতা-অভিনেত্ৰীসকলে সুখ্যাতিৰে অভিনয় কৰি আছে।

পুৰণি আলীৰপাম বজাৰত এটি চখৰ নাট্যদল আছিল। উক্ত নাট্যদলে ৰাজা হৰিশ্চন্দ্ৰ, ৰক্ত তৰ্পন, ৰাজা দেবিদাসকে আদি কৰি বিভিন্ন নাটক মঞ্চস্থ কৰিছিল। উক্ত নাটকত তাৰাপদ সাহা, নাৰায়ণ বসাক, ৰাধাবল্লভ সাহা, বিশ্বনাথ সাহা, ফজল বৈৰাগী, পৰেশ সাহা, কানাইলাল সাহা গুনীন্দ্ৰ সাহা(টেনু সাহা), হৰিপদ সাহা, পতিতপাৱন কৰ্মকাৰ, মোহনলাল বাকালি আদিয়ে সুখ্যাতিৰে অভিনয় কৰিছিল। ব্ৰহ্মপুত্ৰ নদৰ গৰাখহনীয়াৰ ফলত আলীৰপাম বজাৰ আলীগাঁৱলৈ স্থানান্তৰ কৰা পাছতো বিশ্বনাথ সাহা, ৰাধাবল্লভ সাহা, খোকা বাকালী, মোহনলাল বাকালি আৰু ছোৱালীৰ ভিতৰত সন্ধ্যাৰাণী সাহা, টগৰী বসাক,বাসনা সাহা, মালতী শীল, অঞ্জলি সাহা আদিয়ে বিভিন্ন নাটকত অভিনয় কৰিছিল।

ষাঠিৰ দহকত আলীগাঁৱত ৰজনী প্ৰভাত নামৰে এটি পুথিভড়াল প্ৰতিষ্ঠা কৰা হৈছিল। উক্ত পুথিভড়ালৰ সৌজন্যত তেতিয়াৰ আলীগাঁৱৰ ছাত্ৰসকলৰ লগতে মাণিকপুৰৰ ছাত্ৰসকলে মিলি ৰজনী প্ৰভাত নামেৰে এটি নাট্যদল পৰিচালনা কৰিছিল। উক্ত নাট্যদলৰ জৰিয়তে বন্দিৰ ছেলে, ৰক্ত তৰ্পন প্ৰভৃতি নাটক মঞ্চস্থ কৰিছিল। উক্ত নাটকত আজাহাৰ আলী, সিৰাজুল হক, ফয়জল হক, কৰিম মেকাৰ, মহিৰ উদ্দিন, ৰজব আলী, আক্কাছ গাঁওবুঢ়া, পালহাজীৰ এলহাম খান মাষ্টৰ আদি অভিনেতাসকলে সুখ্যাতিৰে অভিনয় কৰিছিল। আৰু বহুতো অভিনেতা আৰু কলা-কুশলী আছিল যদিও তেওঁলোকৰ তথ্য উদ্ধাৰ কৰা সম্ভৱ হোৱা নাই। তেতিয়া আলীগাঁও অঞ্চলত দুজন গ্ৰামসেৱক আছিল।উক্ত গ্ৰামসেৱক দুজনেও বিভিন্ন নাটকত অভিনয় কৰিছিল যদিও তেওঁলোকৰ নাম উদ্ধাৰ কৰা সম্ভৱ নহ’ল।

পৰৱৰ্তী পৰ্যায়তো আলিগাঁও অঞ্চলত বহু প্ৰতিভাৱান অভিনেতা আছিল। এওঁলোকে প্ৰথম পৰ্যায়ত মিলন অপেৰা নামেৰে এটি চখৰ যাত্ৰাদল গঠন কৰি বিভিন্ন ঠাইত সোহৰাব-ৰুস্তম,ৰাজা হৰিশ্চন্দ্ৰ, অশ্ৰু নদীৰ তীৰে’কে ধৰি কে’বাটাও নাটক মঞ্চস্থ কৰিছিল। উক্ত নাটকত ফয়জল হক, অখিল সূত্ৰধৰ, নাৰায়ণ ঘোষ, বাহাৰুল ইছলাম, ছামচুল হক, গোপাল সাহা, ইদ্ৰিছ আলী, বাবুল বসাক, গোপাল বসাক, নিৰঞ্জন বসাক, বাদল সাহা, নাৰায়ণ সাহা(নাৰু), মণিন্দ্ৰ সৰকাৰ, বাছেৰ আলী, আফাজ উদ্দিন আদিয়ে সুখ্যাতিৰে অভিনয় কৰিছিল।এইসমূহ নাটকত নুৰুল ইছলাম মাষ্টাৰে প্ৰমোট মাষ্টাৰ হিচাবে সহযোগ কৰিছিল। নুৰুল ইছলামে এটা সময়ত নাটকত স্ত্ৰী চৰিত্ৰত অভিনয় কৰিছল।

পাছৰ পৰ্যায়ত নিউ মিলন যুবক সংঘ ক্লাৱ এণ্ড লাইব্ৰেৰী নামকৰণেৰে এটি ক্লাৱ গঠন কৰি সেই ক্লাৱৰ জৰিয়তে কে’বাটাও নাটক যেনে- সোৰাব-ৰুস্তম, বাঙালীৰ শেষ নামাজ, দেবিদাস, সোণাৰ সংসাৰ, নিমাই সন্যাস, দোখজেৰ জল্লাদ আদি নাটক মঞ্চস্থ কৰিছিল। উক্ত নাটকবোৰত ফয়জল হক, নাৰায়ণ ঘোষ, মোবাৰক দৰ্জী, আবুল হুছেইন মাষ্টাৰ, গোপাল সাহা, বাহাৰুল ইছলাম, বাবুল বসাক, ৰজব আলী, ইন্নছ দৰ্জী, মণ্টু সৰকাৰ, সীতানাথ দাস, হৰেণ দাস আদিয়ে অভিনয় কৰিছিল।

আলীগাঁও বজাৰ গৰাখহনীয়াৰ কবলত পৰাত বজাৰখন উত্তৰ দিশৰ শিলুচি গাঁৱলৈ স্নানান্তৰ কৰা হয়। উক্ত বজাৰত মানুষ কেন কাঁদে নাটকখন ম়ঞ্চস্থ কৰা হৈছিল। উক্ত নাটকত ফয়জল হক, আবুল হুছেইন মাষ্টাৰ, মোবাৰক আলী দৰ্জী, গোপাল সাহা, বাহাৰুল ইছলাম, মোছলেম উদ্দিন, ছিৰাজুল হক, লাল মিঞা আদিয়ে নাটকত অভিনয় কৰিছিল।

আলীগাঁও অঞ্চলত এটি গীতিনাট্য দলো আছিল। উক্ত নাট্যদলে ৰহিম-ৰূপভান, সাগৰ ভাসা, কমলাৰ বনবাস, ভাওয়াল সন্যাস, অভয়-দুলাল,অৰুণ-শান্তি আদি গীতিনাট্য মঞ্চস্থ কৰিছিল। উক্ত গীতিনাট্যত মোবাৰক দৰ্জী, গোপাল সাহা, জাকিৰ হুছেইন (জোনাব আলী), বাহাৰুল ইছলাম, হুছেইন আলী, হামেদ আলী, আব্দুৰ ৰহমান, ৰজব আলী, ছামচুল হক, হালিম আলী, জমিৰ আলী, ওহাব আলী, বিজয় চন্দ্ৰ দাস আদিয়ে সুখ্যাতিৰে অভিনয় কৰিছিল। গীতিনাট্য দলৰ পৰিচালক আছিল আমিৰ আলী। প্ৰমোট মাষ্টাৰ আছিল আব্দুল লতিফ। লালচান আৰু নীলচান আলীয়ে ঢোল-খোল সংগত কৰিছিল।

সত্তৰ দহকত সাৰগাঁৱত এটি গীতিনাট্য দল আছিল। উক্ত দল পৰিচালনা কৰিছিল মাজু বেপাৰীয়ে। তেওঁলোকে ৰাজুবালা নামৰ এটি গীতিনাট্য মঞ্চস্থ কৰিছিল।ৰাজুবালা গীতিনাট্যত মহম্মদ আলী সৰকাৰে অভিনয় কৰিছিল। উক্ত গীতিনাট্যত অভিনয় কৰা অন্যান্য অভিনেতা আৰু কলা-কুশলীসকলৰ তথ্য উদ্ধাৰ কৰা সম্ভৱ হোৱা নাই।

মাণিকপুৰত নৱৰত্ন যাত্ৰদল নামৰ এটি গীতিনাট্য দল আছিল। তেওঁলোকে কাজল ৰেখা,ইসমাইলেৰ কোৰবানী, দুঃখেৰ দৰিয়া, সাগৰ ভাসা, কমলাৰ বনবাস,অৰুণ-শান্তি, ৰহিম-ৰূপভান, ভাই-ভাবীৰ ভালোবাসা,অভয়-দুলাল, আলোমতি প্ৰেম কুমাৰ, সূৰ্যেৰ কিৰণ, শ্বহীদ কাৰবালা আদি নাটক মঞ্চস্থ কৰিছিল। উক্ত নাটকসমূহত ইমান আলী, জব্বৰ খান, আমজাদ আলী আহমেদ,সামচুল হক, ওহাব আলী আহমেদ, নুৰুল ইছলাম খান, হায়দৰ আলী, জালাল মোল্লাহ, হাকিম আলী,একাব্বৰ আলী, জাহাঙ্গীৰ আলী আহমেদ, আয়নাল হক, ৰাজীৱ আহমেদ, হাবিল উদ্দিন, আমিৰ আলী, হানিফ আলী, শিৰাজ আলী(শিৰু), ৰহিম উদ্দিন, কদম আলী, আলি হুছেইন, আকবৰ আলী, অহেদ আলী, মহৰ আলী আদি অভিনেতাসকলে অভিনয় কৰিছিল। উক্ত যাত্ৰাদলৰ পৰিচালক আছিল জছিমুদ্দিন খান। বাদ্যযন্ত্ৰ আৰু অন্যান্য কলা-কুশলীসকলৰ ভিতৰত আছিল আব্দুল বাৰেক, নাছিৰ উদ্দিন খান, আব্দুছ চামাদ, মহৰ আলী(১),মহৰ আলী(২) মুকছেদ আলী, মজিবৰ ৰহমান আৰু ৰমজান আলী আহমেদ। নাটকৰ নিৰ্দেশনাত আছিল-ফজল হক, আমজাদ আলী আহমেদ আৰু ছামচুল হক।  

ষাঠি-সত্তৰৰ দহকত আলীগাঁও বজাৰত কৃষ্ণলীলা গীতিনাট্য দল আছিল। তেওঁলোকে শুক-শাৰী, নিমাই সন্যাস আদি গীতিনাট্য মঞ্চস্থ কৰিছিল। উক্ত গীতিনাট্যত প্ৰফুল্ল শীল, ৰাধেশ্যাম সৰকাৰ, গুণীন্দ্ৰ সাহা, মাখন সাহা(মণ্টু সাহা), আৰতি সাহা, কানন বালা সাহা, ছবিৰাণী সাহা, আদুৰি শীল প্ৰভৃতি অভিনেতা-অভিনেত্ৰীসকলে সুখ্যাতিৰে অভিনয় কৰিছিল। কৃষ্ণলীলাত খোল সংগত কৰিছিল হীৰু শীল আৰু বাসুদেৱ সাহা। প্ৰমোট মাষ্টাৰ আছিল নিবাৰণ ফৌজদাৰ।

বাঘবৰৰ বালাজানতো এটি চখৰ নাট্যদল আছিল। উক্ত নাট্যদলে গৰীবেৰ মেয়ে, বিদায় সেলাম, কহিনুৰ, নিহত গোলাম, সোৰাব-ৰুষ্টম, আলমগীৰ, পানীপত আদি নাটক মঞ্চস্থ কৰিছিল। উক্ত নাটকসমূহত বিল্লাল হোছেইন মাষ্টাৰ, আবুল হুছেইন মাষ্টাৰ, ময়ছেৰ আলী মাষ্টাৰ, আমজাদ হুছেইন, আব্দুল হালিম মাষ্টাৰ, ইউছুফ আলী চেক্ৰেটাৰী, আব্বাছ দাৰ্জী, ময়নুল হক, ছাইফুল ইছলাম, আতাউল্যা, ছুৰত আলী, ভক্ত পাল, বিষ্ণু দে, আতোৱাৰ ৰহমান,কদ্দুছ আলী, ওৱাৰেছ মাষ্টাৰ, চান মিয়া, নৈমুদ্দিন আদিয়ে অভিনয় কৰিছিল। আৰু বহুতে অভিনয় কৰিছিল যদিও এতিয়া তেওঁলোকৰ নাম মই উদ্ধাৰ কৰিব পৰা নাই।

বাঘবৰতো এটি গীতি নাট্যদল আছিল। উক্ত নাট্যদলে ৰহিম-ৰূপভান, অভয়-দুলাল, অৰুণ-শান্তি, ভাওযাল সন্যাস প্ৰভৃতি গীতিনাট্য সফলতাৰে কে’বা বছৰো মঞ্চস্থ কৰিছিল। উক্ত গীতিনাট্যসমূহত হোছেন আলী, জেলহক আলী, বিশ্বকেতু, ছোহৰাব আলী, ছামাদ আলী, আবু বক্কাৰ ছিদ্দিক, ফয়জল হক(স্ত্ৰী চৰিত্ৰত), মজিবৰ ৰহমান(স্ত্ৰী চৰিত্ৰত), বাহেজ উদ্দিন, আমজাদ আলী প্ৰভৃতি অভিনেতাসকলে অভিনয় কৰিছিল। উক্ত গীতিনাট্যদলৰ পৰিচালক আছিল দিদাৰ আলী।

সত্তৰৰ দহকত বাঘবৰৰ জাহানাৰপাৰত এটি গীতিনাট্য দল আছিল। তেওঁলোকে অভয়-দুলাল, ভাওয়াল সন্ন্যাস আদি গীতিনাট্য অভিনয় কৰিছিল। উক্ত গীতিনাট্যত নিয়েত আলী, নালু মিয়া, ওয়াজুদ্দিন, ফজল হক আদিয়ে অভিনয় কৰিছিল।

বৰপেটাৰ চহৰৰ নিচেই কাষৰীয়া গাঁও ভেৰাগাঁও-ৰঙাপানীতো এটি গীতিনাট্য দল সৌসিদিনালৈকে সক্ৰিয় হৈ আছিল। তেওঁলোকে কমলাৰ বনবাস, নিজাম খুনী, ৰহিম-ৰূপভান, আলোমতি প্ৰেমকুমাৰ, সাগৰ ভাসা, নূৰ জাহান মালা প্ৰভৃতি গীতিনাট্য সফলতাৰে মঞ্চস্থ কৰিছে। উক্ত গীতিনাট্যসমূহত জালিম উদ্দিন, মজিবৰ ৰহমান(স্ত্ৰী চৰিত্ৰ), শহিদুল ইছলাম, মদন আলী, হামিদ আলী, তজু মিয়া, ওমৰ আলী, ছাদেক আলী, এছাক আলী, ওমৰ আলী(২), ফজল আলী, কোৰপান আলী, ৰশিদ আলী, জাকিৰ হোছেইন, ইউছুব আলী, মাণিক আলী, আফছেৰ আলী প্ৰভৃতি অভিনেতাসকলে অভিনয় কৰিছিল।

আলীগাঁও অঞ্চলৰ শিলোচি গাঁৱত মিলনজ্যোতি পুতলা থিয়েটাৰ নামেৰে এটি পুতলা নাচ থিয়েটাৰ দল বৰ্তমানেও সক্ৰিয় হৈ আছে। উক্ত পুতলা নাচ দলে ৰাজা হৰিশ্চন্দ্ৰ, কবৰেৰ ফুল, ৰহিম-ৰূপভান, সতী বেহুলা, বেদেৰ মেয়ে জ্যোস্না আদি গীতিনাট্য মঞ্চস্থ কৰে। উক্ত পুতুলা নাচ দলত হোছেন আলী(বাঘবৰ), মোবাৰক দৰ্জী, আলিমুদ্দিন, কলিমুদ্দিন, হাকিম আলী, ৰমজান আলী, ছত্তৰ আলী, অঞ্জলি আদি অভিনেতা-অভিনেত্ৰীসকলে অভিনয় অব্যাহত ৰাখিছে।

মিলনজ্যোতি পুতলা থিয়েটাৰ নামেৰে মেধিৰটাৰীত আন এটি পুতুলা নাচ থিয়েটাৰ দল সক্ৰিয় হৈ আছে। উক্ত দলে ৰাজা হৰিশ্চন্দ্ৰ, কবৰেৰ ফুল, ৰহিম-ৰূপভান, সতী বেহুলা আদি গীতিনাট্য অভিনয় কৰে। উক্ত দলত হোছেন আলী(বাঘবৰ), আক্কাছ আলী, কদ্দুছ আলী, ছিদ্দিক আলী, ৰমজান আলী, ছবুৰ উদ্দিন, অঞ্জলি আদি অভিনেতা-অভিনেত্ৰীসকলে অভিনয় কৰে।

যিখিনি তথ্য মই উদ্ধাৰ কৰিব পাৰিছোঁ, সেইখিনি সদ্যহতে এই প্ৰতিবেদনত সন্নিৱিষ্ট কৰা হ’ল। প্ৰতিবেদনত তথ্যবিভ্ৰাট দৃষ্টিগোচৰ হ’লে সদাশয় পাঠকে আঙুলিয়াই দিলে মই কৃতাৰ্থ হ’ম। এইখিনিতে ভুল-ত্ৰুটিৰ বাবে ক্ষমা ভিক্ষা মাগি ক্ষুদ্ৰ প্ৰতিবেদনৰ সামৰণি মাৰিছোঁ। ইতি-

                               আবুল হুছেইন,

                              সাং-যতিগাঁও, বৰপেটা।

                              মোবাইল নম্বৰ-৭০০২১-১২০১২

Scroll to Top