
বন্ধুত্বৰ ঋণ(একাংকিকা)
সময়: প্ৰায় ২০ মিনিট
অংক: ৫টা
চৰিত্ৰসমূহ
১. কমল: দয়ালু, উদাৰ মনৰ ব্যক্তি। আৰ্থিকভাৱে স্বচ্ছল পৰিয়ালৰ সন্তান যদিও চাকৰি নাপালে।
২. দীপক: দুখীয়া পৰিয়ালৰ সন্তান। মেধাৱী আৰু পৰিশ্ৰমী। পিছলৈ চৰকাৰী চাকৰি লাভ কৰে।
৩. ৰমেন: কমল আৰু দীপকৰ কলেজীয়া বন্ধু।
৪. মালতী: দীপকৰ পত্নী। বুজাবুজি থকা, সহানুভূতিশীল আৰু উদাৰ মনৰ মহিলা।
৫. সুমিতা: কমলৰ পত্নী। স্বামীৰ দুখ-কষ্টত চিন্তিত আৰু পৰিয়ালৰ প্ৰতি দায়িত্বশীল মহিলা।
প্ৰথম অংক
দৃশ্য: কলেজৰ শ্ৰেণীকোঠা। কমল, দীপক আৰু ৰমেন একেখন বেঞ্চতে বহি আছে।
দীপক: কমল, আজি কলেজলৈ আহোঁতে কিতাপখন আনিব নোৱাৰিলোঁ। ঘৰত পইচা নাছিল। দেউতাই কিছুদিন পাছত কিনি দিব বুলি কৈছে।
কমল: সেইটো কোনো কথা নহয়। মোৰ কিতাপখন আছে। প্ৰয়োজন হ’লে আমি দুয়ো একেলগে পঢ়িম।
ৰমেন: তোমালোক দুয়ো বৰ ভাল বন্ধু দেই!সেই প্ৰাইমাৰীৰ পৰা একেলগে আছা। তোমালোকৰ মাজত কোনোদিন মনোমালিন্য হোৱা নেদেখিলোঁ।সদায় ইজনে সিজনৰ সহায় হৈ চলি আছা।
কমল: বন্ধুত্ব মানে কেৱল একেলগে খেলা-ধূলা কৰাই নহয়। বিপদত ইজনে সিজনক সহায় কৰাটোৱেই হৈছে প্ৰকৃত বন্ধুত্ব।
দীপক: কমল, তোমাৰ এই উপকাৰ মই কেতিয়াও পাহৰিব নোৱাৰোঁ।
কমল: উপকাৰৰ কথা কিয় কৈছা? আমি দুয়ো বন্ধু। তোমাৰ দুখ মানে মোৰো দুখ।
(পৰ্দা নামিব।)
দ্বিতীয় অংক:
(দৃশ্য: কলেজৰ শেষ বৰ্ষ। পৰীক্ষাৰ ফৰ্ম ফিলআপৰ শেষ তাৰিখ ওচৰ চাপিছে। দীপক চিন্তিত হৈ বহি আছে।)
কমল: কি হ’ল দীপক? আজি তোক বৰ চিন্তিত যেন লাগিছে।
দীপক: ফৰ্ম ফিলআপৰ সময় শেষ হৈ আহিছে। কিন্তু মোৰ হাতত টকা নাই। দেউতাৰ অসুখ, ঘৰৰ অৱস্থাও বেয়া। এইবাৰ পৰীক্ষা দিব নোৱাৰিম যেন লাগিছে।
কমল: কিমান টকা লাগিব?
দীপক: ফৰ্ম ফিলআপ কৰিবলৈ দুহাজাৰ টকা লাগিব।
কমল: চিন্তা নকৰিবা। মই কিবা এটা ব্যৱস্থা কৰিম।
দীপক-কিবা এটা ব্যৱস্থা কৰিব পাৰিলে মোৰ বৰ উপকাৰ হ’ব। বাৰু, মই কেৰাণীক কথাটো কৈ আহোঁগৈ ৰ’। ( প্ৰস্থান)
কমল: (নিজৰ ঘড়ীটোলৈ চাই) এই ঘড়ীটো দেউতাই মোক উপহাৰ দিছিল। কিন্তু বন্ধুৰ ভৱিষ্যতৰ তুলনাত ইয়াৰ মূল্য কম। দীপকৰ পঢ়া বন্ধ হ’বলৈ দিব নোৱাৰি। মই ঘড়ীটো বিক্ৰী কৰিয়ে দীপকক ফৰ্ম ফিলআপৰ টকা দিব লাগিব।
(প্ৰস্থান)
(পিছদিনা কলেজলৈ আহি কমলে ঘড়ীটো বিক্ৰী কৰি পোৱা টকা দীপকক দিয়ে।)
দীপক: টকা! ক’ৰ পৰা পালি ইমান টকা?
কমল: মোৰ ঘড়ীটো বিক্ৰী কৰিলোঁ।
দীপক: কি! তোৰ দেউতাৰাই দিয়া মৰমৰ ঘড়ীটো বিক্ৰী কৰিলি মোৰ বাবে?
কমল: ঘড়ী আকৌ কিনিব পাৰিম। কিন্তু তোৰ এবছৰৰ পঢ়া নষ্ট হ’লে সেই সময় ঘূৰাই পাবি জানো?
দীপক: কমল, তোৰ এই ঋণ মই জীৱনতো পৰিশোধ কৰিব নোৱাৰিম।
কমল: বন্ধুত্বত ঋণ নাথাকে বুজিলি। তই ভালদৰে পঢ়া-শুনা কৰি মানুহ হ। সেইটোৱেই মোৰ আনন্দ।
(দীপকে চকুলো টুকি কমলক সাৱটি ধৰে।)
তৃতীয় অংক
(দৃশ্য: কেইবাবছৰৰ পিছত। দীপকৰ ঘৰ। দীপক, মালতী আৰু ৰমেনৰ মাজত কথা-বতৰা চলিছে।)
ৰমেন: দীপক, অভিনন্দন! তোমাৰ চৰকাৰী চাকৰিটো হ’ল বুলি শুনিলোঁ।
দীপক: হয় ৰমেন। ভগৱানৰ কৃপাত চাকৰিটো পালোঁ।
মালতী: আপোনাৰ পৰিশ্ৰমৰ ফল পাইছে। এতিয়া আমাৰ পৰিয়ালৰ অৱস্থাও কিছু ভাল হ’ব।
ৰমেন: কমলৰ খবৰ জানানে? সি এতিয়াও চাকৰি পোৱা নাই। বহুত চেষ্টা কৰিছে, কিন্তু সফল হোৱা নাই।
দীপক: কমল, মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সহায়কাৰীজন। আজি মই যি হৈছোঁ, তাৰ আঁৰত তাৰ যথেষ্ট অৱদান আছে।
মালতী: আপুনি আগতেও কমলৰ কথা কৈছিল। তেওঁ আপোনাৰ পঢ়া-শুনাৰ সময়ত বহুত সহায় কৰিছিল, নহয়নে?
দীপক: কেৱল সহায়েই নহয়। মোৰ ফাইনেল ইয়াৰৰ ফৰ্ম ফিলআপৰ টকা দিবলৈ তেওঁ নিজৰ দেউতাকে উপহাৰ দিয়া ঘড়ীটোও বিক্ৰী কৰিছিল।
মালতী: এনে বন্ধুক কেতিয়াও পাহৰিব নালাগে।
দীপক: মই তেওঁক কেতিয়াও পাহৰা নাই। বেচেৰাৰ চাকৰিটো হোৱা নাই। তাৰবাবে বৰ দুখ লাগিছে। সুযোগ পালে তাৰ বাবে মই নিশ্চয় কিবা এটা কৰিম।
ৰমেন: বন্ধুত্বৰ মূল্য ধন-সম্পত্তিৰে জুখিব নোৱাৰি। কমলৰ দৰে বন্ধু ভাগ্যৰ কথা।
(তিনিও কিছু সময় নীৰৱ হৈ থাকে। আঁৰ কাপেৰ পৰে)
চতুৰ্থ অংক
(দৃশ্য: কমলৰ ঘৰ। কমল অসুস্থ। সুমিতা তেওঁৰ কাষত বহি আছে। চিকিৎসকে হাৰ্টৰ
অপাৰেচন কৰিবলৈ পৰামৰ্শ দিছে বুলি আলোচনা কৰিছে।)
সুমিতা: কি হ’ল আপোনাৰ? আজি আকৌ বুকুৰ বিষ অনুভৱ কৰিছে নেকি?
কমল: হয়, বিষটো বাঢ়ি আহিছে। চিকিৎসকে কৈছে সোনকালে হাৰ্টৰ অপাৰেচন কৰিব লাগিব।
সুমিতা: তেন্তে পলম কৰাটো উচিত নহ’ব। চিকিৎসকৰ পৰামৰ্শমতে যিমান সোনকালে সম্ভৱ অপাৰেচন কৰাব লাগিব।
কমল: অপাৰেচনৰ বাবে বহুত টকা লাগিব। মোৰ হাতত বৰ্তমান ইমান টকা নাই। চাকৰিও নাপালোঁ। সাঁচতীয়া ধনো প্ৰায় শেষ।
সুমিতা: প্ৰয়োজন হ’লে মাটি অলপ বিক্ৰী কৰিব লাগিব।
কমল: তাকেই ভাবিছোঁ। মাটি বিক্ৰী নকৰিলে অপাৰেচনৰ খৰচ উলিওৱা সম্ভৱ নহ’ব।
(কমলে মাটি বিক্ৰীৰ কথা ভাবি চিন্তিত হৈ পৰে। ঠিক তেতিয়াই ৰমেন আহি উপস্থিত হয়।)
ৰমেন: কমল, তোমাৰ অসুখৰ কথা শুনি বৰ দুখ লাগিছে। চিকিৎসকে কি কৈছে?
কমল: হাৰ্টৰ অপাৰেচন কৰিব লাগিব বুলি কৈছে। কিন্তু টকাৰ অভাৱৰ কাৰণে অসুবিধাত পৰিছোঁ।
ৰমেন: দীপকক খবৰ দিছানে?
কমল: নাই দিয়া। সি তো এতিয়া ব্যস্ত মানুহ। চাকৰি কৰে, নিজৰ সংসাৰ আছে। তাক কিয়নো অসুবিধাত পেলাম?
ৰমেন:এটা সময়ত তুমি তাক সহায় কৰিছিলা, এতিয়া সি তোমাক সহায় কৰিব নোৱাৰিবনে?
কমল: মই তাক সহায় কৰিছিলোঁ বন্ধুত্বৰ কাৰণে, বিনিময়ৰ আশাত নহয়।
সুমিতা: তথাপি দীপকক এবাৰ খবৰটো দিয়ক। আপোনাৰ বিপদৰ কথা জনাৰ অধিকাৰ তাৰো আছে।
কমল- মই ফোন কৰি তাক ব্যতিব্যস্ত কৰিব নোৱাৰিম।
ৰমেন- তই কৰিব নালাগে। ময়ে কৰিম বাৰু।
(ৰমেনে দীপকক ফোন কৰাৰ সিদ্ধান্ত লয়।)
পঞ্চম অংক:
দৃশ্য: দীপকৰ ঘৰ। দীপক আৰু মালতী বহি আছে। ৰমেনৰ ফোন আহে।
ৰমেন: হেল্ল’ দীপক! তোমাৰ লগত এটা জৰুৰী কথা আছিল।
দীপক: কোৱা ৰমেন, কি ইমান জৰুৰী কথা হ’ল?
ৰমেন: কমলৰ হাৰ্টৰ অপাৰেচন কৰাব লাগিব। কিন্তু টকাৰ অভাৱত সি নিজৰ মাটি বিক্ৰী কৰিবলৈ ওলাইছে।
দীপক: কি কৈছা! কমলৰ ইমান ডাঙৰ বিপদ আৰু মোক খবৰেই দিয়া নাই?
ৰমেন: সি তোমাক অসুবিধাত পেলাব বিচৰা নাই।
দীপক: মই এতিয়াই তাৰ ওচৰলৈ আহি আছোঁ ৰ’।
(ফোন থৈ দীপকে মালতীৰ ফালে চায়।)
দীপক: মালতী, কমলৰ অৱস্থা বৰ বেয়া। তাৰ হাৰ্টৰ অপাৰেচন কৰাব লাগিব। কিন্তু তাৰ বোলে হাতত টকা নাই। সি মাটি বিক্ৰী কৰিবলৈ ওলাইছে।
মালতী: আপুনি কি ভাবিছে?
দীপক: মোৰ জীৱনৰ এটা ডাঙৰ সত্য তোমাক কওঁ। কলেজত পঢ়ি থাকোঁতে ফৰ্ম ফিলআপৰ টকা নথকাৰ বাবে মই পৰীক্ষা দিব নোৱাৰা অৱস্থা হৈছিলোঁ। তেতিয়া কমলে নিজৰ ঘড়ীটো বিক্ৰী কৰি মোক টকা দিছিল। তাৰ সেই ত্যাগৰ বাবেই মই পঢ়া সম্পূৰ্ণ কৰিব পাৰিছোঁ। আজি মই চাকৰি কৰি যি উপাৰ্জন কৰিছোঁ, তাৰ আঁৰত কমলৰ যথেষ্ট অৱদান আছে।
মালতী: তেন্তে আৰু চিন্তা কিহৰ? মানুহৰ জীৱনত এনে বন্ধু বাৰে বাৰে নাহে। আপুনি তেওঁৰ অপাৰেচনৰ সম্পূৰ্ণ খৰচ বহন কৰক। টকা আকৌ উপাৰ্জন কৰিব পাৰিব, কিন্তু এজন প্ৰকৃত বন্ধুৰ জীৱনৰ মূল্য টকাৰে জুখিব নোৱাৰি।
দীপক: তুমি সঁচাকৈয়ে মোৰ মনৰ কথা বুজিলা। আজি মই মোৰ বন্ধুৰ বাবে যিমান পাৰোঁ কৰিম।
(কমল বিছনাত বহি থাকে। সুমিতা কমলৰ কাষত বহি থাকে। দীপক আৰু মালতী সোমাই আহে।)
দীপক: কমল! তুমি মোক খবৰ নিদিয়াকৈ মাটি বিক্ৰীৰ ইমান ডাঙৰ সিদ্ধান্ত কিয় ল’লা?
কমল: দীপক! তোমাৰ নিজৰ সংসাৰ আছে। মই তোমাক কিয়নো বিপদত পেলাম?
দীপক: তুমি পাহৰিলা নেকি, এবাৰ মোৰ ফৰ্ম ফিলআপৰ টকা নথকাৰ সময়ত নিজৰ ঘড়ীটো বিক্ৰী কৰি মোক সহায় কৰিছিলা? সেইদিনা তুমি মোৰ ভৱিষ্যৎ ৰক্ষা কৰিছিলা। আজি মোৰ পাল- তোমাৰ ভৱিষ্যৎ ৰক্ষা কৰাৰ পাল।
কমল: সেইবোৰ বহু পুৰণি কথা। তেতিয়া মই সেইবোৰ বন্ধুত্বৰ খাতিৰত কৰিছিলোঁ। বিনিময়ৰ আশাত নহয়।
দীপক: মোৰ বাবে সেইবোৰ পুৰণি কথা নহয়। সেই ঘড়ীটোৰ মূল্য টকাৰ হিচাপত কম হ’ব পাৰে, কিন্তু মোৰ জীৱনত তাৰ মূল্য অপৰিসীম।
মালতী: কমলদা, আপুনি চিন্তা নকৰিব। আমি আপোনাৰ লগত আছোঁ। আপোনাৰ মাটি বিক্ৰী কৰাৰ কোনো প্ৰয়োজন নাই।
সুমিতা: তোমালোকৰ দৰে বন্ধু আৰু পৰিয়াল পোৱাটো আমাৰ বাবে সৌভাগ্যৰ কথা।
দীপক: কমল, তোমাৰ অপাৰেচনৰ সমস্ত খৰচ মই বহন কৰিম। তুমি এতিয়া কেৱল সুস্থ হোৱাৰ কথা চিন্তা কৰা।
কমল: দীপক, তোমাৰ এই মৰমৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ ৰ’ম।
দীপক: কৃতজ্ঞতাৰ কথা নক’বা বন্ধু। তুমি মোক এদিন জীৱন গঢ়াৰ সুযোগ দিছিলা। আজি মই তোমাৰ জীৱন ৰক্ষাৰ সুযোগ পাইছোঁ। এইটোৱেই মোৰ পৰম সৌভাগ্য।
(কেইদিনমানৰ পিছত। অপাৰেচন সফল হয়। কমল সুস্থ হৈ হাস্পতালৰ বিচনাত বহি আছে। দীপক, মালতী, সুমিতা আৰু ৰমেন উপস্থিত।)
ৰমেন: কমল, এতিয়া কেনে অনুভৱ কৰিছা?
কমল: আগতকৈ বহুত ভাল। সকলোৰে মৰম আৰু আশীৰ্বাদত মই নতুন জীৱন পালোঁ।
দীপক: এতিয়াৰ পৰা তুমি নিজৰ স্বাস্থ্যৰ যত্ন ল’বা। বন্ধুত্ব কেৱল সুখৰ দিনৰ সংগী নহয়, দুখৰ দিনতো কাষত থিয় দিয়াটোৱে হৈছে বন্ধুত্ব।
কমল: আজি মোৰ এটা কথাই বাৰে বাৰে মনত পৰিছে—মানুহৰ জীৱনত ধন-সম্পত্তিতকৈ ভাল মানুহ আৰু প্ৰকৃত বন্ধুৰ মূল্য বহুত বেছি।
মালতী: মানুহে মানুহৰ বাবে জীয়াই থাকিলেহে পৃথিৱীখন সুন্দৰ হ’ব।
সুমিতা: বিপদৰ সময়ত যিয়ে কাষত থিয় দিয়ে, তেওঁহে প্ৰকৃত আপোনজন।
ৰমেন: বন্ধুত্বৰ কোনো বজাৰ নাই, কোনো মূল্য নিৰ্ধাৰণ কৰিব নোৱাৰি। বন্ধুত্ব হ’ল হৃদয়ৰ সম্পৰ্ক।
(দীপক আৰু কমলে পৰস্পৰক সাৱটি ধৰে। সকলোৰে মুখত হাঁহি।)
সকলোৱে একেলগে: প্ৰকৃত বন্ধুত্ব কেতিয়াও পুৰণি নহয়, সময়ৰ লগে লগে ই অধিক গভীৰহে হয়।
(আঁৰ কাপোৰ পৰে।)
নাটকখনৰ মূল শিক্ষা–
১. প্ৰকৃত বন্ধুত্ব ধন-সম্পত্তিৰ ওপৰত নিৰ্ভৰ নকৰে।
২. বিপদৰ সময়ত সহায় কৰাটোৱেই প্ৰকৃত মানৱীয়তা।
৩. উপকাৰৰ কথা কেতিয়াও পাহৰিব নালাগে।
৪. পৰিয়াল আৰু বন্ধুত্বৰ সহযোগিতাই মহান কাম কৰিবলৈ সাহস দিয়ে।
৫. মানুহৰ জীৱনত ধনতকৈ সম্পৰ্ক, মৰম আৰু কৃতজ্ঞতাৰ মূল্য অধিক।
নাটকৰ সামৰণি বাণী:
“যি বন্ধুৱে দুখৰ দিনত নিজৰ সুখ বিসৰ্জন দি আনৰ জীৱন পোহৰাই তোলে, সময়ৰ সোঁতেও সেই বন্ধুত্বৰ স্মৃতি মচিব নোৱাৰে।”
