
সপোনক বিয়া নিদিবা, ডেউকা দিবা(একাংকিকা)
বিষয়: বাল্যবিবাহৰ বিৰুদ্ধে সজাগতা আৰু নাৰী শিক্ষাৰ গুৰুত্ব।
স্থান: সোণতলী গাঁও।
সময়: প্ৰায় ২০ মিনিট।
দৃশ্যৰ সংখ্যা: ৫টা।
চৰিত্ৰসমূহ
১। মৌচুমী (সৰু) – ১৩ বছৰীয়া ছাত্ৰী, পঢ়া-শুনাত আগ্ৰহী আৰু শিক্ষয়িত্ৰী হোৱাৰ সপোন দেখা ছোৱালী।
২। মৌচুমী (ডাঙৰ) – কেইবছৰমান পিছত শিক্ষয়িত্ৰী হোৱা মৌচুমী।
৩। ৰহিমা – মৌচুমীৰ মাতৃ।
৪। কৰিম – মৌচুমীৰ পিতৃ।
৫। মালতী বাইদেউ – বিদ্যালয়ৰ এগৰাকী আদৰ্শ শিক্ষয়িত্ৰী।
৬। ৰীণা – মৌচুমীৰ বান্ধৱী।
৭। গোপাল – বিয়াৰ সম্বন্ধ লৈ অহা মধ্যস্থতাকাৰী।
প্ৰথম দৃশ্য
স্থান: সোণতলী গাঁৱৰ এখন বিদ্যালয়ৰ শ্ৰেণীকোঠা।
(মঞ্চত এখন বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ পৰিৱেশ। কেইখনমান বেঞ্চ, এখন ব্লেকবৰ্ড আৰু এখন টেবুল। মৌচুমী আৰু ৰীণা একেলগে বহি কিতাপ পঢ়ি আছে।)
ৰীণা: মৌচুমী, তুমি ডাঙৰ হ’লে কি হ’ব বিচৰা?
মৌচুমী: মই এগৰাকী শিক্ষয়িত্ৰী হ’ব বিচাৰোঁ।
ৰীণা: শিক্ষয়িত্ৰী! বৰ ভাল কথা। কিন্তু কিয়?
মৌচুমী: কাৰণ শিক্ষয়িত্ৰীসকলে শিশুসকলক পঢ়াই-শুনাই মানুহ হিচাপে গঢ়ি তোলে। মইও এদিন আমাৰ গাঁৱৰ ল’ৰা-ছোৱালীক শিক্ষিত কৰিব বিচাৰোঁ।
ৰীণা: তোমাৰ উদ্দেশ্য কিন্তু খুবেই ভাল মহৎ। মইও তোমাৰ লগত একেলগে পঢ়ি আগবাঢ়িব বিচাৰোঁ।
(এনেতে মালতী বাইদেউ শ্ৰেণীকোঠাত প্ৰৱেশ কৰে।)
মালতী বাইদেউ: কি কথা পাতি আছা তোমালোকে?
মৌচুমী: বাইদেউ, আমি ভৱিষ্যতে কি হ’ম, সেই বিষয়ে কথা পাতি আছিলোঁ।
মালতী বাইদেউ: বৰ ভাল। পিচে মনত ৰাখিবা, সপোন দেখিবলৈ কোনো বাধা নাই। কিন্তু সপোন বাস্তৱ কৰিবলৈ পৰিশ্ৰম, অধ্যৱসায় আৰু শিক্ষাৰ প্ৰয়োজন।
ৰীণা: বাইদেউ, মৌচুমী শিক্ষয়িত্ৰী হ’ব বিচাৰে।
মালতী বাইদেউ: (হাঁহি) ভালদৰে পঢ়া-শুনা কৰিলে নিশ্চয় হ’ব পাৰিব। তোমালোকে মনপুতি পঢ়া। ছোৱালী বুলি কেতিয়াও নিজকে দুৰ্বল বুলি নাভাবিবা।
মৌচুমী: বাইদেউ, মই এদিন আপোনাৰ দৰে শিক্ষয়িত্ৰী হ’ম।
মালতী বাইদেউ: মোৰ আশীৰ্বাদ সদায় তোমাৰ লগত থাকিব।
(বিদ্যালয়ৰ ঘণ্টা বাজে। সকলোৱে ঘৰলৈ যাবলৈ ওলায়।)
দ্বিতীয় দৃশ্য
স্থান: মৌচুমীহঁতৰ ঘৰৰ চোতাল।
(মৌচুমীৰ পিতৃ কৰিম আৰু মাতৃ ৰহিমা ঘৰত বহি আছে। গোপাল নামৰ মধ্যস্থতাকাৰীজন প্ৰৱেশ কৰে।)
গোপাল: কৰিম ভাই, আপোনাৰ ছোৱালী মৌচুমীৰ বাবে এটা ভাল সম্বন্ধ লৈ আহিছোঁ।
কৰিম: হয় নেকি? কেনেকুৱা সম্বন্ধ?
গোপাল: ল’ৰাজনৰ পৰিয়াল ভাল। আৰ্থিক অৱস্থাও যথেষ্ট টনকিয়াল। ল’ৰাজনে দোকান কৰে।ইনকাম-পাতি যথেষ্ট ভাল। আপোনালোকে ছোৱালীজনীৰ বিয়াৰ কথা চিন্তা কৰিলে মই সম্বন্ধটো কৰি দিব পাৰিম।
ৰহিমা: কিন্তু তাইৰ বয়স দেখোন মাত্ৰ তেৰ বছৰ।
গোপাল: বয়সৰ কথা ইমান চিন্তা কৰিব নালাগে। ভাল সম্বন্ধ সদায় নাহে। বিয়াখন দি দিলে তাইৰ ভৱিষ্যৎ সুৰক্ষিত হ’ব।
কৰিম: কথাটো অৱশ্যে চিন্তা কৰিবলগীয়া। ময়ো ছোৱালীজনীৰ ভৱিষ্যৎ সুৰক্ষিত হোৱাটো বিচাৰোঁ।
ৰহিমা: কিন্তু তাইৰ পঢ়া-শুনা?
গোপাল: বিয়াৰ পিছতো পঢ়িব পাৰিব। এতিয়া সম্বন্ধটো হাতৰ পৰা যাবলৈ নিদিব। বাৰু, মই এতিয়া আহোঁ। আলোচনা কৰি পাছত মোক কথাটো জনাব।
(গোপালে বিয়াৰ কথা পাতি বিদায় লয়।)
কৰিম:হেৰা মৌচুমীৰ মাক, আমাৰ আৰ্থিক অৱস্থাও সিমান ভাল নহয়। ছোৱালীজনীৰ বিয়াখন হৈ গ’লে আমাৰ এটা দায়িত্ব কমিব দিয়াচোন।
ৰহিমা: কথাটো অৱশ্যে হয়, কিন্তু তাইৰ দেখোন বয়স হোৱা নাই। ইফালে তাই পঢ়া-শুনাত ভাল। মনৰ কথা শুনিহে সিদ্ধান্ত ল’ব লাগিব।
(এনেতে মৌচুমী স্কুলৰ পৰা ঘৰলৈ আহে।)
মৌচুমী: মা, আজি বাইদেৱে আমাক এটি ধুনীয়া কবিতা শিকালে।
ৰহিমা: হয় নেকি? কবিতাটো এদিন মোক গাই শুনাবিচোন। পিচে মৌচুমী, তোৰ লগত আমাৰ এটা কথা আছে।
মৌচুমী: কি কথা মা?
কৰিম: তোৰ বিয়াৰ কথা ভাবিছোঁ। এটা ভাল সম্বন্ধ আহিছে।
(মৌচুমী আচৰিত হয়। তাইৰ হাতৰ কিতাপখন মাটিত পৰি যায়।)
মৌচুমী: বিয়া! মোৰ? কিন্তু দেউতা, মোৰ বয়স দেখোন মাত্ৰ তেৰ বছৰ!
কৰিম: তোৰ ভালৰ বাবেই আমি এই সিদ্ধান্ত লৈছোঁ।
মৌচুমী: (কান্দি কান্দি) দেউতা, মই এতিয়াই বিয়া হ’ব নিবিচাৰোঁ। মই পঢ়িব বিচাৰোঁ। মই শিক্ষয়িত্ৰী হ’ব বিচাৰোঁ। মোৰ সপোনবোৰ কিয় ভাঙি দিব বিচাৰিছা তোমালোকে?
ৰহিমা: (আবেগিকভাৱে) বিয়াৰ কথা শুনি কান্দিছ কিয় আইজনী?
মৌচুমী: মা, মই এতিয়াও পুতলা খেলাৰ বয়সতে আছোঁ। মই সংসাৰৰ দায়িত্ব কেনেকৈ চম্ভালিম? মোক বিয়া নিদিবা, মোক পঢ়িবলৈ দিয়া মা।
(মৌচুমী কান্দি কান্দি ভিতৰলৈ গুচি যায়।)
ৰহিমা: ছোৱালীজনীৰ কথাবোৰ শুনি মোৰ মনটো বৰ বেয়া লাগিছে।
কৰিম: মইতো তাইৰ ভালৰ কথাই ভাবিছিলোঁ। কিন্তু তাইৰ চকুপানী দেখি মোৰ মনটোও সেমেকি উঠিছে।
(পোহৰ লাহে লাহে কমি যায়।)
তৃতীয় দৃশ্য
স্থান: মৌচুমীহঁতৰ ঘৰৰ চোতাল।
(মৌচুমী এচুকত বহি কিতাপখন বুকুত সাৱটি কান্দি আছে। বান্ধৱী ৰীণাই তাইক লগ ধৰিবলৈ আহে।)
ৰীণা: মৌচুমী, কি হৈছে তোৰ? তই দেখোন কেইবাদিনো স্কুললৈ যোৱা নাই।
মৌচুমী: ৰীণা,মা-দেউতাই মোৰ বিয়া ঠিক কৰিছে। সেয়ে মোক স্কুল এৰি দিবলৈ কৈছে।
ৰীণা: কি! তোৰ বিয়া ঠিক কৰিছে! তোৰ বয়স দেখোন মাত্ৰ তেৰ বছৰ। এতিয়াই বিয়া দি উলিয়াই দিলে তই তোৰ সপোন পূৰা কৰিবি কেনেকৈ?
মৌচুমী: মই মা-দেউতাক বহুত বুজালোঁ। কিন্তু তেওঁলোকে মোৰ কথা বুজিব খোজা নাই।
ৰীণা: চিন্তা নকৰিবি। মই মালতী বাইদেউক সকলো কথা ভাঙিপাতি ক’মহি।বাইদেৱে নিশ্চয় কিবা এটা ব্যৱস্থা কৰিব পাৰিব।
(ৰীণা দ্ৰুতগতিত ওলাই যায়। কিছুসময় পিছত মালতী বাইদেউ ৰীণাৰ সৈতে প্ৰৱেশ কৰে।)
মালতী বাইদেউ:ৰীণাৰ মুখত সকলো শুনিলো। চিন্তা নকৰিবা। আমি তোমাৰ পঢ়া-শুনা বন্ধ হ’বলৈ নিদিও।
মৌচুমী: বাইদেউ, মোৰ বিয়া ঠিক কৰিছে। মই পঢ়িব বিচাৰোঁ, কিন্তু মা-দেউতাই মোৰ কথাত গুৰুত্ব দিয়া নাই। আপুনিয়ে কিবা এটা কৰক, বাইদেউ। মোৰ সপোন ভাঙি যাবলৈ নিদিব।
মালতী বাইদেউ: চিন্তা নকৰিবা। মই তোমাৰ মা-দেউতাৰ লগত কথা পাতিম।
(এনেতে কৰিম আৰু ৰহিমা প্ৰৱেশ কৰে।)
মালতী বাইদেউ: নমস্কাৰ। মই আপোনালোকৰ লগত এটা গুৰুত্বপূৰ্ণ কথা পাতিবলৈ আহিছোঁ।
কৰিম: কওক বাইদেউ। কি কথা?
মালতী বাইদেউ: শুনিছোঁ, আপোনালোকে বোলে মৌচুমীৰ বিয়াৰ কথা ভাবিছে।
কৰিম: হয় বাইদেউ। আমি দুখীয়া মানুহ। ভাল সম্বন্ধ আহিছে। সেয়ে তাইৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ বাবেই এই সিদ্ধান্তটো লৈছোঁ।
মালতী বাইদেউ: চাওঁক ডাঙৰীয়া, আপোনালোকে তাইৰ ভৱিষ্যৎ সুৰক্ষিত কৰিব বিচাৰিছে, সেয়া ভাল কথা। কিন্তু তাইৰ বয়স মাথোন তেৰ বছৰ। এজনী কম বয়সীয়া ছোৱালীক বিয়া দিয়াটোৱেই জানো তাইৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ উপায়?
ৰহিমা: কিন্তু বাইদেউ, আমাৰ সমাজত বহুতে কম বয়সতে ছোৱালীক বিয়া দিয়ে।
মালতী বাইদেউ: সমাজৰ বহুতে কৰে বুলিয়েই সকলো কাম শুদ্ধ নহয়। বাল্যবিবাহে শিশুৰ শাৰীৰিক, মানসিক আৰু শৈক্ষিক বিকাশত বাধা দিয়ে। ইয়াৰ ফলত ছোৱালী এজনীৰ স্বাস্থ্যৰ ক্ষতি হয়, শিক্ষাৰ অধিকাৰ হেৰাই যায় আৰু তাইৰ স্বাধীনভাৱে জীৱন গঢ়াৰ সুযোগ নোহোৱা হৈ যায়।
কৰিম: কিন্তু বাইদেউ, আমাৰ আৰ্থিক অৱস্থা ভাল নহয়। ছোৱালীজনীৰ শিক্ষাৰ দায়িত্ব কেনেকৈ ল’ম?
মালতী বাইদেউ: আৰ্থিক অসুবিধা থাকিব পাৰে। কিন্তু বিয়াই সমস্যা সমাধান নকৰে। শিক্ষাইহে তাইক আত্মনিৰ্ভৰশীল কৰি তুলিব পাৰে। ইফালে আইনেও বাল্যবিবাহ সমৰ্থন নকৰে।
ৰহিমা: আইনত বাল্যবিবাহৰ বিষয়ে কি কোৱা হৈছে?
মালতী বাইদেউ: ভাৰতৰ বাল্যবিবাহ নিষেধ আইন, ২০০৬ অনুসৰি ছোৱালীৰ ন্যূনতম বিবাহৰ বয়স ১৮ বছৰ আৰু ল’ৰাৰ ২১ বছৰ। ইয়াৰ আগতে বিয়া দিয়াটো আইনবিৰোধী আৰু শাস্তিযোগ্য অপৰাধ। শিশুৰ সুৰক্ষা আৰু অধিকাৰৰ কথাও আমি মনত ৰাখিব লাগিব।
কৰিম: (মূৰ তল কৰি) বাইদেউ, আমি নজনাকৈ ডাঙৰ ভুল কৰিবলৈ ওলাইছিলোঁ।
মালতী বাইদেউ: এতিয়াও সময় আছে। মৌচুমীৰ সপোনবোৰক মৰহি যাবলৈ নিদিব। তাইক পঢ়িবলৈ দিয়ক। মোৰ বিশ্বাস, এদিন তাই আপোনালোকৰ গৌৰৱ হ’ব।
মৌচুমী: (কান্দি কান্দি মাক-দেউতাকৰ ওচৰলৈ আহি) দেউতা, মোক মাত্ৰ পঢ়িবলৈ দিয়া। মই তোমালোকৰ মুখ উজ্জ্বল কৰাৰ কাৰণে চেষ্টা কৰিম।
কৰিম: (মৌচুমীক বুকুত সাৱটি) আইজনী, আমাক ক্ষমা কৰি দে। তোৰ সপোন আমি ধ্বংস হ’বলৈ নিদিওঁ।
ৰহিমা: আজিৰ পৰা তই মনপুতি পড়া-শুনা কৰিবি। তোৰ পঢ়া-শুনাত আমি কেতিয়াও বাধা নিদিওঁ।
মৌচুমী: (আনন্দত) সঁচাকৈ দেউতা?
কৰিম: হয় আইজনী। আজিৰ পৰা তোৰ বিয়াৰ চিন্তা আমি বাদ দিলোঁ। তই যিমানদূৰ পঢ়িব খুজিবি, পঢ়িব পাৰিবি। তই পঢ়ি-শুনি ডাঙৰ মানুহ হ, আজিৰ পৰা এয়াই আমাৰ সপোন।
মালতী বাইদেউ: এয়া মাথোন আপোনালোকৰে সিদ্ধান্ত নহয়, এয়াই হওক প্ৰতিটো পৰিয়ালৰ সিদ্ধান্ত। আটায়ে ভাৱক, ছোৱালী সন্তান পৰিয়ালৰ বোজা নহয়, সম্পদ।
(সকলোৱে আনন্দ প্ৰকাশ কৰে।)
চতুৰ্থ দৃশ্য
স্থান: বিদ্যালয়ৰ চৌহদ।
(মঞ্চত বিদ্যালয়ৰ পৰিৱেশ। মৌচুমী আৰু ৰীণা একেলগে বহি কিতাপ পঢ়ি আছে। মালতী বাইদেউ আহে।)
মালতী বাইদেউ: মৌচুমী, আজি দেখোন তোমাক বহুত আনন্দিত দেখা গৈছে।
মৌচুমী: হয় বাইদেউ। এতিয়া মই নিয়মীয়াকৈ স্কুললৈ আহিব পাৰিছোঁ। মোৰ মনত নতুন আশা জাগিছে।
ৰীণা: বাইদেউ, মৌচুমীয়ে এতিয়া আগতকৈও বেছি মনোযোগেৰে পঢ়িবলৈ লৈছে।
মালতী বাইদেউ: এয়াই লাগে। মনত ৰাখিবা, জীৱনত বাধা আহিব পাৰে, কিন্তু দৃঢ় মনোবলেৰে সেই বাধা অতিক্ৰম কৰিব লাগিব।
মৌচুমী: বাইদেউ, মই এদিন আপোনাৰ দৰে শিক্ষক হ’ম আৰু মোৰ দৰে সপোন দেখা ছোৱালীবোৰকো মই আগবঢ়াই নিবলৈ চেষ্টা কৰিম।
মালতী বাইদেউ: নিশ্চয় পাৰিবা। শিক্ষা হৈছে মানুহৰ জীৱনৰ আটাইতকৈ ডাঙৰ সম্পদ।শিক্ষাই মানুহৰ চিন্তাৰ পৰিধি বৃদ্ধি কৰে। পৃথিৱীখনক চিনিবলৈ সহায় কৰে।
(পোহৰ লাহে লাহে ম্লান হয়। মঞ্চৰ পিছফালে সময়ৰ গতি বুজাবলৈ কেইবছৰ পাৰ হোৱাৰ সংকেত দিয়া হয়।)
পঞ্চম দৃশ্য
স্থান: সোণতলী গাঁৱৰ বিদ্যালয়ৰ শ্ৰেণীকোঠা। কেইবছৰ পিছত।
(মঞ্চত এখন শ্ৰেণীকোঠা। ছাত্ৰ-ছাত্ৰী বহি আছে। এগৰাকী নতুন শিক্ষয়িত্ৰী শ্ৰেণীকোঠাত প্ৰৱেশ কৰে। তেওঁ হৈছে শিক্ষয়িত্ৰী মৌচুমী।)
মৌচুমী (ডাঙৰ): সুপ্ৰভাত, মৰমৰ ছাত্ৰ-ছাত্ৰীসকল।
সকলোৱে: সুপ্ৰভাত বাইদেউ।
মৌচুমী: তোমালোকে মোক চিনি পাইছানে? মই এই সোণতলী গাঁৱৰ ছোৱালী। এসময়ত ময়ো এইখন বিদ্যালয়তে পঢ়িছিলোঁ।
(এনেতে মালতী বাইদেউ আহি শ্ৰেণীকোঠাৰ দুৱাৰমুখত আহি থিয় হয়হি।)
মালতী বাইদেউ: মৌচুমী! আজি তোমাক এইখন বিদ্যালয়ৰ শিক্ষয়িত্ৰী হিচাপে দেখি মোৰ বুকুখন গৌৰৱেৰে উফন্দি উঠিছে।
মৌচুমী: বাইদেউ, আপোনাৰ বাবেই আজি মই মোৰ সপোন বাস্তৱত ৰূপায়ন কৰিব পাৰিছোঁ। আপুনি সেইদিনা আমাৰ ঘৰলৈ গৈ মোৰ পঢ়া-শুনা বন্ধ হোৱাৰ পৰা ৰক্ষা নকৰা হ’লে আজি মই ইয়াত থিয় হ’ব নোৱাৰিলোঁহেঁতেন।
মালতী বাইদেউ: মই মাত্ৰ মোৰ দায়িত্ব পালন কৰিছিলোঁ। প্ৰকৃত কৃতিত্ব তোমাৰ সাহস আৰু তোমাৰ পিতৃ-মাতৃয়ে সময়মতে লোৱা সিদ্ধান্তৰ।
(এনেতে ৰহিমা আৰু কৰিম শ্ৰেণীকোঠাৰ দুৱাৰমুখত আহি থিয় হয়।)
কৰিম: আইজনী, আজি তোক শিক্ষয়িত্ৰী হিচাপে দেখি মোৰ বুকুখন গৌৰৱেৰে ভৰি পৰিছে।
ৰহিমা: তই আমাৰ সপোন পূৰণ কৰিলি আইজনী। সৃষ্টিকৰ্তাই তোক দীৰ্ঘজীৱী কৰক। এয়া তোৰ অধ্ৱসায় আৰু দৃঢ় সংকল্পৰ জয়।
মৌচুমী: নহয় মা, এয়া কেৱল মোৰ জয় নহয়। এয়া প্ৰতিগৰাকী ছোৱালীৰ সপোনৰ জয়।
(মৌচুমীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ ফালে চাই কয়।)
মৌচুমী: মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ডাঙৰ হৈ কোনে কি হ’ব বিচৰা?
এজন ছাত্ৰ: বাইদেউ, মই চিকিৎসক হ’ব বিচাৰোঁ।
মৌচুমী: বৰ ভাল। আৰু তুমি?
এজনী ছাত্ৰী- মই বিজ্ঞানী হ’ব বিচাৰোঁ, বাইদেউ।
মৌচুমী: বৰ সুন্দৰ! মনত ৰাখিবা, তোমালোকৰ সপোনবোৰক কেতিয়াও আনৰ সিদ্ধান্তৰ ওচৰত হাৰ মানিবলৈ নিদিবা। বিশেষকৈ ছোৱালীবিলাকে মনত ৰাখিবা, ল’ৰাৰ দৰে ছোৱালীসকলৰো শিক্ষা, স্বাধীনতা আৰু সপোন দেখাৰ অধিকাৰ আছে।
(সকলোৱে হাত চাপৰি দিয়ে।)
মৌচুমী: মোৰ জীৱনেও মোক এটা শিক্ষা দিছে। সেইবাবে মই আজি তোমালোকক ক’ব বিচাৰোঁ—
“সপোনক বিয়া নিদিবা, সপোনক ডেউকা দিবা।
ছোৱালীক বোজা বুলি নাভাবিবা, শিক্ষাৰে জীৱন গঢ়িবলৈ সুযোগ দিবা।”
(সকলোৱে একেলগে থিয় হৈ কয়।)
সকলোৱে: বাল্যবিবাহ বন্ধ কৰক! ছোৱালীৰ শিক্ষা নিশ্চিত কৰক! প্ৰতিটো শিশুৰ সপোনক সন্মান কৰক!
মৌচুমী: আহক, আমি সকলোৱে প্ৰতিজ্ঞা কৰোঁ—বাল্যবিবাহৰ বিৰুদ্ধে মাত মাতিম আৰু প্ৰতিটো শিশুৰ শিক্ষাৰ অধিকাৰ সুৰক্ষিত কৰিম।
(সকলোৱে হাত ওপৰলৈ তুলি প্ৰতিজ্ঞা কৰে। মঞ্চত পোহৰ উজ্জ্বল হয়। আঁৰ কাপোৰ পৰে।)
সমাপ্তি বাৰ্তা–
“বাল্যবিবাহে সপোনৰ সমাধি ৰচে, শিক্ষাই সপোনৰ দুৱাৰ মুকলি কৰে। ছোৱালীক বিয়া নহয়, প্ৰথমে শিক্ষা দিয়ক।”
মঞ্চ পৰিচালনাৰ বাবে বিশেষ পৰামৰ্শ:
- প্ৰথম দৃশ্যত বিদ্যালয়ৰ ঘণ্টা আৰু শ্ৰেণীকোঠাৰ পৰিৱেশ ব্যৱহাৰ কৰিব।
- দ্বিতীয় দৃশ্যত ঘৰুৱা পৰিৱেশ আৰু আবেগিক সংগীত ৰাখিব।
- তৃতীয় দৃশ্যত মালতী বাইদেউৰ যুক্তিপূৰ্ণ বক্তব্যক নাটকৰ মূল অংশ হিচাপে উপস্থাপন কৰিব।
- চতুৰ্থ দৃশ্যত সময় পাৰ হোৱাৰ সংকেত দিব।
- পঞ্চম দৃশ্যত মৌচুমীৰ শিক্ষয়িত্ৰী ৰূপৰ প্ৰৱেশ গৌৰৱময় আৰু আৱেগিক কৰিব।
বিশেষ লক্ষ্য: নাটকখনৰ মূল শিক্ষা হৈছে—এজনী ছোৱালীৰ ভৱিষ্যৎ বিয়াৰ জৰিয়তে নহয়, শিক্ষা, আত্মবিশ্বাস আৰু আত্মনিৰ্ভৰশীলতাৰ জৰিয়তেহে সুৰক্ষিত হয়।
