এক মিনিটৰ গল্প

সাম্প্ৰতিক কালত ব্যস্ত পৃথিৱীত মানুহৰ সময়ৰ অভাৱ। ফলত মানুহৰ দীঘলীয়া প্ৰৱন্ধ, গল্প, উপন্যাস আদি পঢ়াৰ সময় নাই। সেয়ে এক মিনিটৰ ৪৮ টা গল্পৰে গ্ৰন্থখন সজাই তোলা হৈছে। প্ৰায়বোৰ গল্প ইতিমধ্যে ফেচবুকত প্ৰকাশ কৰা হৈছে আৰু পঢ়ুৱৈৰ সমাদৰ বুটলিবলৈও সক্ষম হৈছে। সেয়ে গল্পবোৰ গ্ৰন্থাকাৰে প্ৰকাশ কৰা হ’ল। গল্পবোৰ সমাজ জীৱন আৰু পাৰিবাৰিক জীৱনৰ বিভিন্ন সমস্যাৰ আধাৰত ৰচনা কৰা হৈছে। গল্পবোৰ পঢ়ুৱৈ সমাজে আদৰি ল’লে মোৰ পৰিশ্ৰম সাৰ্থক হোৱা বুলি ভাবিম। গল্পবোৰত ৰৈ যোৱা ভুল-ত্ৰুটিৰ বাবে মই পঢ়ুৱৈ সমাজৰ ওচৰত আন্তৰিকতাৰে ক্ষমাপ্ৰাৰ্থী।ইতি

                                                 লেখক-

সূচীপত্ৰ

সপোনক ডেউকা দিবা/ ড্ৰাগছ ভাইৰাছ/ মাকৰ মৰম/ দুখীয়াৰ ঈদ/   ৰিক্সাৱালা/ ককায়েকৰ মৰম/ সমাজসেৱক শিক্ষক/ সন্দেহ/ সুখী পৰিয়ালৰ অশান্তি/ অভাগা ৰাহুল/ সেউজীয়া পৃথিৱী/ দুষ্ট বোৱাৰী/মানৱতা/ দুষ্ট ল’ৰাৰ শিক্ষা/ স্বাৰ্থপৰ বোৱাৰী/ বৃদ্ধাশ্ৰমত থকা মাক/ শিক্ষিত যুৱকৰ ছাগলী পালন/ ড্ৰাগছ সেৱনৰ শেষ পৰিণতি/ বৃদ্ধাশ্ৰমলৈ পঠিওৱা দেউতাক/ আব্দুল ককাই/ অনাথ জীয়ৰীৰ ত্যাগ/ আচল মানুহ/ ককায়েক-ভায়েক/     মানৱতা সকলোতকৈ ডাঙৰ গুণ/ ৰাস্তাত ধান শুকুৱাৰ পৰিণতি/ শত্ৰুতাতকৈ উপকাৰৰ শক্তি বেছি/ উপকাৰীক অজগৰে খায়/ দাৰিদ্ৰতা আৰু চৰিত্ৰ/ মূল্যবোধেহে চৰিত্ৰ নিৰ্ধাৰণ কৰে/ ৰহিমৰ মহানতা/ নতুন ধনীৰ অহংকাৰ/ ভালপোৱাৰ অন্য নাম বিশ্বাস/ এম্বুলেন্স চালকৰ মহানতা/ আশী বছৰতো অটুট প্ৰেম/ ভুল সিদ্ধান্তৰ মূল্য/ সংগ্ৰামৰ ফল/ লোভৰ শাস্তি/ চৰাইৰ বাবে ৰফিকৰ লিচু/ ৰহিমৰ যোগাভ্যাস আৰম্ভণী/ কাইলৈৰ ভৰসা নাই/ ভুল সিদ্ধান্তৰ ফল/ নবৌৰ ব্যৱহাৰ/ গৰু-ছাগলী আৰু ধানখেৰৰ বাবে হোৱা দুৰ্ঘটনা/   দুখৰ মূল্য/ অন্তৰৰ জুই/ মানৱতাৰ সোৱাদ/ ধাৰৰ মূল্য/সঁচা বন্ধুত্ব/ মাক-দেউতাকৰ মূল্য/   এজন সৰু ল’ৰাৰ মানৱতা/ আত্মসন্মানৰ মূল্য/ প্ৰকৃত পৰিচয়/ অভাৱৰ মূল্য/  মাক-দেউতাকৰ লগত খং কৰাৰ মাচুল/ সহানুভূতিৰ মূল্য/ মানৱতাৰ ইফতাৰ/ অভিজ্ঞ ৰাজমিস্ত্ৰী/ হাস্পতালৰ কৰিম/ ট্ৰাক চালক/ মানুহৰ প্ৰকৃত পৰিচয় হ’ল আচৰণ/   ধৰ্ম উপাৰ্জনৰ বাটৰ হেঙাৰ নহয়/ বাৰ্ধক্যৰ চকুলো/ বানপানী/ মাটিৰ দামত পিতৃৰ জীৱন/ কঠীয়াৰ কান্দোন/ মৰমৰ মূল্য/ ত্যাগৰ নামেই প্ৰেম/ বিশ্বাসেই সমাজৰ ডাঙৰ সম্পদ

সপোনক ডেউকা দিবা

গাঁওখনৰ নাম সোণতলী। গাঁৱখনত মৌচুমী নামৰ এজনী ১৩ বছৰীয়া ছোৱালী আছিল। তাইৰ সপোন আছিল প্ৰতিদিনে স্কুললৈ গৈ বন্ধু-বান্ধৱীৰ লগত হাঁহি-ধেমালি কৰি সময় কটোৱাৰ- ডাঙৰ হৈ শিক্ষিকা হোৱাৰ।

     কিন্তু তাই এদিন শুনিলে—তাইৰ বিয়াৰ কথা চলিছে। পিত-মাতৃয়ে তাইক বিয়া দি তাইৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ কথা ভাবিছে।  কথাটো শুনি মৌচুমীৰ বুকুখন কঁপি উঠিল। তাই কান্দি কান্দি ক’লে-মই এতিয়াই বিয়া হব নুখোজোঁ- মই পঢ়িব বিচাৰোঁ।

     স্কুলৰ শিক্ষয়িত্ৰী মালতী বাইদেৱে এই কথা জানিব পাৰি এদিন মৌচুমীহঁতৰ ঘৰলৈ আহি মৌচুমীৰ মাক-দেউতাকক বুজাই ক’লে- “বাল্য বিবাহে শিশুৰ সপোন শেষ কৰি দিয়ে। শিক্ষিতা হ’লে ছোৱালীয়ে নিজেই নিজৰ জীৱন গঢ়িব পাৰিব। তেতিয়া আপোনালোকে তাইৰ বিষয়ে বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নহ’ব। আনহাতে বাল্য বিবাহে এজনী শিশুৰ সপোন ধ্বংস কৰে আৰু আইনেও ইয়াক অপৰাধ বুলি গণ্য কৰে।

     এইদৰে বুজোৱাৰ পাছত মৌচুমীৰ পিতৃ-মাতৃয়ে বিয়াখন বন্ধ কৰিলে। ফলত মৌচুমীয়ে পুনৰ বিদ্যালয়লৈ যাব ধৰিলে। কিছু বছৰ পাছত মৌচুমী নিজৰ গাঁৱখনৰ স্কুলত শিক্ষিকা হৈ আহিল।

     প্ৰথমদিনা শ্ৰেণীকোঠাাত প্ৰৱেশ কৰি তাই ল’ৰা-ছোৱালীক উদ্দেশ্য কৰি ক’লে- সপোনক বিয়া নিদিবা, সপোনক ডেউকা দিবা।

ড্ৰাগছ ভাইৰাছ

কদমতল এথন সৰু গাঁও। গাঁৱখনত ৰাহুল নামৰ এজন মেধাৱী ল’ৰা আছিল। লিখা-পঢ়াত খুবেই ভাল আছিল আৰু গাঁওখনৰ আটায়ে তাক মৰম পাইছিল। কিন্তু এটা সময়ত কিছুমান বেয়া লগৰীয়াৰ পাল্লাত পৰি সি ধীৰে ধীৰে ড্ৰাগছৰ প্ৰতি আসক্ত হৈ পৰিল।

প্ৰথমে সি ভাবিছিল— “এয়া কেৱল সাময়িক আনন্দৰ বাবেহে। বন্ধু-বান্ধৱৰ লগত স্ফূৰ্তি কৰিছে, মন গলেই সি এইবোৰ এৰি স্বাভাৱিক জীৱন যাপন কৰিব পাৰিব।” কিন্তু এটা সময়ত সি ড্ৰাগছৰ প্ৰতি ইমানেই আসক্ত হৈ পৰিল যে, ইচ্ছা কৰিও সি ড্ৰাগছ এৰিব নোৱাৰা হ’ল। কিছুদিনৰ ভিতৰতে সি ড্ৰাগছ আসক্ত বুলি গাঁৱখন তথা স্কুলখনত জনাজাত হৈ পৰিল। ফলত তাক স্কুলৰ পৰা বহিষ্কাৰ কৰিলে। এটা সময়ত লগ-সমনীয়া তথা গাঁওখনৰ মানুহেও তাক এৰাই চলিবলৈ ধৰিলে। ড্ৰাগছ খোৱাৰ কাৰণে পইচা নাপালে সি নিজৰ ঘৰখনৰ পৰাই টকা-পইচা চুৰি কৰিবলৈ ধৰিলে। কেতিয়াবা টকাৰ কাৰণে সি মাক-দেউতাকৰ লগত বেয়া আচৰণো কৰিবলৈ ধৰিলে। ফলত সি মাক-দেউতাকৰ বিশ্বাস হেৰুৱালে। তাৰ অধঃপতন দেখি মাক-দেউতাকৰ চকুৰ টোপনি নোহোৱা হল।

এদিন সি ড্ৰাগছ খাই পথাৰৰ কাষত অচেতন হৈ পৰি আছিল। তাৰ সৰু ভনীয়েকে তাক তেনেকৈ পৰি থকা দেখি কান্দি কান্দি ক’লে- “দাদা, তুমি ঘৰখনৰ ডাঙৰ ল’ৰা, এটা সময়ত তুমিয়ে ঘৰখনৰ দায়িত্ব চম্ভালিব লাগিব। তোমাৰ ওপৰত আমাৰ কিমান আশা। তুমি ভাল হোৱা দাদা। তুমি বেয়া বস্তুবোৰ এৰি স্বাভাৱিক জীৱনলৈ উভতি আহা।“ এই  কথাই ৰাহুলৰ হৃদয় কঁপাই তুলিলে।

তাৰ পাছত সি চিকিৎসা ল’লে, বেয়া সংগ ত্যাগ কৰিলে আৰু নতুনকৈ জীৱন আৰম্ভ কৰিলে। কিছুদিন পাছত সি গাঁৱৰ আন যুৱকসকলক ড্ৰাগছৰ অপকাৰিতা বিষয়ে সজাগ কৰিবলৈ ধৰিলে।

এই কাহিনীয়ে আমাক শিকায়—ড্ৰাগছ সমাজৰ কাৰণে ভাইৰাছ স্বৰূপ। ড্ৰাগছ নামৰ ভাইৰাছে মাথোন নিজৰ জীৱনে নহয়, পৰিয়ালৰ জীৱনো ধ্বংস কৰে, কিন্তু সঠিক সিদ্ধান্ত আৰু ইচ্ছাশক্তি থাকিলে পুনৰ নতুন জীৱন আৰম্ভ কৰিব পৰা যায়।

মাকৰ মৰম

পদুমণি গাঁৱত ৰাজীৱ নামৰ এজন ল’ৰা আছিল। তাৰ দেউতাক দিনমজুৰ আছিল আৰু মাকে লোকৰ ঘৰত কাম কৰিছিল। দৰিদ্ৰতা থাকিলেও মাকে কেতিয়াও পুতেকক দুখ অনুভৱ কৰিবলৈ নিদিছিল।

এদিন স্কুললৈ যাওঁতে ৰাজীৱৰ জোতাযোৰ ফাটি গ’ল। সি দুখেৰে মনেৰে ঘৰলৈ আহি মাকক ক’লে,-“মা, মোৰ জোতাযোৰ ফাটিল। আজি যেনেতেনে জোতা নোহোৱাকৈ ক্লাছ কৰি আহিলো। কাইলৈ জোতা নোহোৱাকৈ মই স্কুললৈ যাব নোৱাৰিম।”

মাকে হাঁহি মুখে ক’লে,-“চিন্তা নকৰিবি বাপা, কাইলৈ তোৰ নতুন জোতা হ’ব।”

কিন্তু জোতা কিনাৰ বাবে ঘৰত টকা নাছিল। কেইদিনমান পাছতে বিহু। বিহুত মেখেলা এযোৰ ল\ব বুলি মাকে কিছু টকা সাঁচি থৈছিল। তাই ভাবিলে, নিজৰ মেখেলাতকৈ পুতেকৰ জোতাযোৰ বেছি প্ৰয়োজন। মেখেলা নোহোৱাকৈ তাই বিহু পাৰ কৰিব পাৰিব। কিন্তু জোতা নোহোৱাকৈ পুতেকে স্কুল লৈ যাব নোৱাৰিব। সেয়ে তাই সাঁচি থোৱা সামান্য টকাখিনি লৈ বজাৰলৈ গৈ পুতেকৰ বাবে এযোৰ জোতা কিনি আনিলে।

নতুন জোতা পাই ৰাজীৱে মনত বৰ সন্তোষ পালে আৰু পিছদিনা সি নতুন জোতা পিন্ধি ৰং মনেৰে স্কুল লৈ গ’ল।

কেইদিনমান পাছত বিহু আহিল। মায়ে পুৰণি মেখেলাযোৰেৰেই বিহু পাৰ কৰিলে। পুৰণি মেখেলাযোৰ পিন্ধা দেখি ৰাজীৱে বুজিব পাৰিলে যে, মাকে নিজে মেখেলাৰ কিনাৰ বাবে সাঁচি থোৱা টকাৰে মেখেলা নিকিনি তাৰ বাবে জোতাযোৰ কিনি দিছিল।

মাকৰ তাৰ প্ৰতি মৰম দেখি ৰাজীৱৰ চকুত পানী আহিল। সি মাকক সাৱটি ধৰি ক’লে,-“মা, তোমাৰ মৰমৰ ঋণ মই কেতিয়াও শোধ কৰিব নোৱাৰোঁ।”

মাকে ৰাজীৱৰ মূৰত হাত বুলাই ক’লে,- “সন্তানৰ সুখেই মাকহঁতৰ বাবে আটাইতকৈ ডাঙৰ সুখ বাপা।”

ৰাজীৱে বুজি পালে, মাকৰ মৰম নিঃস্বাৰ্থ আৰু পৃথিৱীৰ আটাইতকৈ পৱিত্ৰ মৰম।

দুখীয়াৰ ঈদ

ৰহিম এজন ৰিক্সা চালক। মাটি-সম্পত্তি নদীৰ পেটত। সেয়ে চহৰৰ ভাড়াঘৰত থাকি সি ৰিক্সা চলায়। ৰিক্সাখনে তাৰ উপাৰ্জনৰ একমাত্ৰ উৎস।

চাৰিজন সদস্যৰ এটি সৰু পৰিয়াল সিহঁতৰ। ঘৈণীয়েক, দুটা সৰু সৰু সন্তান—জুনাইদ আৰু মৰিয়ম আৰু সি নিজে। দুখীয়াৰ সংসাৰ হ’লেও কিছুদিন আগলৈকো ক’বলৈ গ’লে সুখী পৰিয়াল আছিল সিহঁতৰ। কিন্তু ই-ৰিক্সা অহাৰ পৰা ৰিক্সাৰ উপাৰ্জন কমিছে। আগতে ৰিক্সা চলাই দিনে চাৰি পাঁচশ টকাকৈ উপাৰ্জন হৈছিল। বৰ্তমান দুই তিনিশ টকাৰ বেছি উপাৰ্জান কৰিব নোৱাৰে। এই ব্যস্ত পৃথিৱীত বৰ্তমান আটায়ে সময় হিচাব কৰি চলে। সেয়ে আজি-কালি মানুহে ৰিক্সাত উঠিবই নোখোজে।

কেইদিনমানৰ পৰা ৰহিমৰ জ্বৰ। সেয়ে প্ৰায় এসপ্তাহ ধৰি সি ৰিক্সা লৈ ওলাব পৰা নাই। কালিৰ পৰা জ্বৰ অহা নাই যদিও গাটো বৰ্তমানেও দুৰ্বল হৈ আছে। অহা কালি ঈদ। ঈদৰ বজাৰ বুলিবলৈ ঘৰত চাউল চেনি একো নাই। তাৰ নিজৰো পাঞ্জাবী এটাৰ প্ৰয়োজন।আগৰ পাঞ্জাৱীটো উৱলি গৈছে। পিন্ধাৰ উপযোগী হৈ থকা নাই। যোৱাটো ঈদত লৰা-ছোৱলালীহালক নতুন কাপোৰ দিয়া হোৱা নাই। সেয়ে সিদিনা সি দুৰ্বল গাৰেই ঘৈণীয়েকৰ বাধা সত্ত্বেও ৰাতিপুৱা অলপ সোনকালেই ৰিক্সা লৈ ওলাল। তাক ৰিক্সা লৈ ওলোৱা দেখি ছোৱালী মৰিয়মে দৌৰি আহি ক’লে- “আব্বা, যোৱাটো ঈদত নতুন কাপোৰ নিদিলা। এইবাৰ ঈদত নতুন কাপোৰ দিবা নেকি?”

ৰহিমে হাঁহি মাৰি ক’লে-, “ইনশ্বাল্লাহ, নিশ্চয় পাবা।”

ওৰেটো দিন ৰিক্সা চলাই ৰহিমে পাঁচশ টকা পালে যদিও সন্ধিয়া তাৰ গাত তীৰকঁপে জ্বৰ উঠিল। তথাপিও সি নৰীয়া গাৰেই দুটামান ভাড়া মাৰি আৰু এশ টকা পালে। টকাখিনি মুঠিত টানকৈ ধৰি সি বজাৰলৈ আহিল।

কিন্তু বজাৰলৈ আহি সি দেখিলে—কাপোৰৰ জুই-ছাই দাম। বহু সময় ভাবি চিন্তি শেষত সি নিজৰ কাৰণে একো নিকিনি, সন্তান দুটাৰ বাবে সস্তীয়া হলেও নতুন কাপোৰ কিনিলে। লগত অলপ চেনি, চাউল আৰু সেমাইও আনিলে।

ঈদৰ দিনা পুৱাতে দুখীয়াৰ ঘৰখন হাঁহিৰে ভৰি পৰিল। সন্তান দুটাই নতুন কাপোৰ পিন্ধি আনন্দত নাচিবলৈ ধৰিলে। পত্নীয়ে সেমাই ৰান্ধিলে। টেবুলত ডাঙৰ ভোজ নাছিল, যদিও আছিল মৰম, শান্তি আৰু সুখ।

সন্তানৰ হাঁহি দেখি ৰহিমৰ মন আনন্দত নাচি উঠিল। সি মনে মনে ভাবিলে—
“দুখীয়া হ’লেও আজি  কিন্তু মই পৃথিবীৰ আটাইতকৈ ধনী মানুহ।”

ৰিক্সাৱালা

গুৱাহাটী চহৰৰ ব্যস্ত ৰাজপথত কৰিম নামৰ এজন দৰিদ্ৰ ৰিক্সাৱালাই ৰিক্সা চলাইছিল। ৰ’দ-বৰষুণৰ মাজত ৰিক্সা চলাই যিমান টকা পাইছিল, তাৰেই সি ঘৰখন চলাইছিল। দৰিদ্ৰ হ’লেও সি বহল মনৰ গৰাকী আছিল।

এদিন বৰষুণত তিতি-বুৰি এজনী বৃদ্ধা মহিলা পথৰ কাষত থিয় হৈ ঠাণ্ডাত ঠকঠককৈ কঁপি আছিল। তাইৰ কাষেৰে বহু গাড়ী পাৰ হৈ গ’ল, কিন্তু কোনেও তাইক সহায় নকৰিলে। কৰিমে নিজৰ ৰিক্সাখন বৃদ্ধাৰ কাষত ৰখাই ক’লে,-“আই, যাব ক’লৈ?  উঠক মোৰ ৰিক্সাত। মই আপোনাক ঘৰ পোৱাই দিমহি।”

বৃদ্ধাই লাজে লাজে ক’লে- “বাবা, মোৰ হাতত ভাড়াৰ টকা নাই।”

কৰিমে মিচিকিয়াই হাঁহি ক’লে- আই, আপুনি মোক ভাড়া দিব নালাগে। ঠাণ্ডাত কেনেকৈ কঁপি আছে! সোনকালে উঠক। বেছিকৈ ঠাণ্ডা লাগিলে আপোনাৰ জ্বৰ হ’ব।

বৃদ্ধাই সেমেনা-সেমেনি কৰি ক\লে- আমাৰ ঘৰ ইয়াৰ পৰা বহু দূৰত। পঞ্চাছ টকা ভাড়া লয়। তোমাৰ দেখোন বহুত লোকচান হ’ব।

কৰিমে কলে- হওঁক লোকচান। সকলো কাম লাভ-লোকচানৰ কথা হিচাপ কৰি কৰিব নোৱাৰি নহয়। আপোনাৰ আশীৰ্বাদে মোৰ কাৰণে আজি ডাঙৰ উপাৰ্জন হ’ব।”

কৰিমে বৃদ্ধাক ঘৰ পোৱাই দিলে। ঘৰ পোৱাৰ পাছত বৃদ্ধাই চকুলো মচি ক’লে,-“বাবা, আজিও পৃথিৱীত ভাল মানুহ আছে বাবেই পৃথিৱীখন ইমান সুন্দৰ।”

সেইদিনা কৰিমে বেছি টকা উপাৰ্জন কৰিব নোৱাৰিলে, যদিও তাৰ মনটো আনন্দ আৰু শান্তিৰে ভৰি পৰিল।

ককায়েকৰ মৰম

এখন নৈপৰীয়া গাঁও। গাঁওখনত ৰাহুল আৰু তাৰ সৰু ভায়েক ৰিজুয়ে মাকৰ সৈতে বাস কৰিছিল। দেউতাকে বহুদিন আগতেই মৃত্যুবৰণ কৰিছিল। ৰাহুল তেতিয়া নৱম শ্ৰেণীৰ ছাত্ৰ আছিল। লিখা-পঢ়াত সি যথেষ্ট ভাল আছিল। দেউতাকে ঘৰখনৰ একমাত্ৰ উপাৰ্জনক্ষম সদস্য আছিল। সেয়ে দেউতাকৰ মৃত্যুৰ পাছত ঘৰখনৰ উপাৰ্জনৰ উৎস নোহোৱা হ’ল। ফলত ঘৰখনত অভাৱ-অনাটন গা কৰি উঠিল। সেয়ে ঘৰখনৰ ডাঙৰ পুতেক হিচাপে ৰাহুলে লিখা-পঢ়া  বাদ দি গাঁৱৰে দোকান এখনত কাম কৰি সংসাৰখন চলাই আছিল। ইফালে ৰিজুও লিখা-পঢ়াত ভাল আছিল। সেয়ে হেজাৰটা অভাৱ অনাটনৰ মাজতো সি ৰিজুক পঢ়ুৱাইছিল। সময়ত ৰিজুই ষ্টাৰ মাৰ্ক লৈ মেট্ৰিক পাছ কৰিলে। ‘নিজে ৰজা হোৱাতকৈ ৰজাৰ বাপেক হোৱা ভাল’ এই মনোভাৱেৰে ৰাহুলে তাক চহৰৰ নামী-দামী ব্যক্তিগত খণ্ডৰ কলেজ এখনত নাম লগাই দিলে।

মাজতে মাকৰ গলব্লাডাৰ অপাৰেশম্বন কৰিব লগা হোৱাত ৰিজুৰ দুমাহৰ কলেজৰ ফী বাকী পৰিল। এদিন ৰিজুই ফোন কৰি কলে- দাদা, এই মাহত হোষ্টেল আৰু কলেজৰ ফী নিদিলে মোক হোষ্টেলৰ পৰা উলিয়াই দিব। গতিকে যিমান সোনকালে সম্ভৱ ফী জমা কৰি দিয়া।

হাতত টকা নাছিল যদিও ৰাহুলে ভায়েকক আশ্বাস দিলে- চিন্তা কৰিব নালাগে। মই দুই এদিনৰ ভিতৰতে ফী জমা কৰি দিম।

সিদিনাই ৰাহুলে নিজৰ প্ৰিয় মোবাইলটো বিক্ৰী কৰি কলেজৰ যাৱতীয় ফী জমা কৰি দিলে। পাছদিনা ৰিজুই জানিব পাৰিলে যে, তাৰ কলেজৰ ফীচৰ কাৰণে দাদাই নিজৰ প্ৰিয় মোবাইলটো বিক্ৰী কৰিছে।

কথাটো জানিব পাৰি ৰিজুৰ চকুত পানী আহিল। সি সিদিনাই ঘৰলৈ আহি ৰাহুলক জোৰেৰে সাৱটি ধৰি ক’লে- “দাদা, মই ডাঙৰ হৈ তোমাৰ সকলো কষ্ট দূৰ কৰিম।”

ৰাহুলে মাথোঁ ৰিজুৰ মূৰত হাত ফুৰাই ক’লে- তই ভাল মানুহ হ’। তই ভাল মানুহ হ’লে সেয়াই হ’ব মোৰ কাৰণে ডাঙৰ প্ৰাপ্তি।

এইদৰে এজন ককায়েকৰ নিঃস্বাৰ্থ প্ৰেমে ভায়ে্কক আৱেগিক কৰি তুলিলে।

 সমাজসেৱক শিক্ষক

সোণাপুৰ নামৰ এখন সৰু গাঁও। গাঁওখনত ৰমেন বৰা নামৰ এজন শিক্ষক আছিল। তেওঁ গাঁৱখনত ৰমেন ছাৰ নামেৰে পৰিচিত আছিল। তেওঁ গাঁৱখনৰ বিদ্যালয়তে শিক্ষকতা কৰিছিল। বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক পঢ়োৱাৰ লগতে তেওঁ সমাজৰ উন্নতিৰ বাবেও সদায় চিন্তা কৰিছিল।

এদিন তেওঁ লক্ষ্য কৰিলে যে গাঁওখনৰ বহু দৰিদ্ৰ শিশুৱে টকাৰ অভাৱত বিদ্যালয়লৈ অহা বন্ধ কৰিছে। ইয়াৰে কিছুমান শিশুৱে দিনত কাম কৰি পৰিয়াল চলাবলৈ বাধ্য হৈছে। এই দৃশ্য দেখি ৰমেন ছাৰে মনত খুব দুখ পালে।

গাঁৱখনৰ এই সমস্যা দূৰ কৰাৰ কাৰণে তেওঁ গাঁওবাসীক মাতি এখন সভা পাতিলে। সভাত তেওঁ সকলোকে বুজালে—“শিক্ষাইহে এখন সমাজক আগবঢ়াই নিয়ে। আজিৰ শিশুসকলেই কাইলৈ দেশৰ ভৱিষ্যৎ। আপোনালোক আটায়ে নিজৰ নিজৰ ল’ৰা-ছোৱালীক বিদ্যালয় লৈ পঠাব। মই জানো, অভাৱৰ কাৰণে আপোনালোকৰ বহুতৰে ল’ৰা-ছোৱালী বিভিন্ন কামত নিয়োজিত হৈ আছে। দিনত কাম কৰা সেইবোৰ ল’ৰা-ছোৱালীক মই সন্ধিয়া বিনামূলীয়াকৈ পাঠদান কৰিম। কাইলৈৰ পৰা সন্ধিয়া আপোনালোকৰ ল’ৰা-ছোৱালীক মোৰ নিশাৰ শিক্ষাকেন্দ্ৰলৈ পঠাব।”

প্ৰতিশ্ৰুতি মতেই তেওঁ গাঁৱখনত “নিশাৰ শিক্ষা কেন্দ্ৰ” খুলি দিনত কাম কৰা ল’ৰা-ছোৱালীক সন্ধিয়া বিনামূলীয়াকৈ পাঠদান কৰিবলৈ ধৰিলে। কেৱল পঢ়াই নহয়, ধনী মানুহৰ পৰা সহায় সংগ্ৰহ কৰি তেওঁ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত কিতাপ, খাতা আৰু কাপোৰো যোগান ধৰিবলৈ ধৰিলে। ।

ধীৰে ধীৰে গাঁৱখন সলনি হ’বলৈ ধৰিলে। বহু শিশুৱে পুনৰ বিদ্যালয়লৈ যাবলৈ আৰম্ভ কৰিলে। কিছু বছৰৰ পাছত গাঁৱখনৰ বহু ছাত্ৰ-ছাত্ৰী উচ্চ শিক্ষাৰে শিক্ষিত হ’ল। দুজন মানে ডাক্তৰীও পাছ কৰিলে।

এদিন তাৰে্ এজন সফল চিকিৎসকে ৰমেন ছাৰৰ ওচৰলৈ আহি ক’লে—“ছাৰ, যদি আপুনি তেতিয়া মোক সহায় নকৰিলেহেঁতেন, তেন্তে মই ডাক্তৰ হোৱাতো দূৰৰে কথা আজিও অশিক্ষিত হৈ থাকিলোঁহেঁতেন। আপোনাৰ ঋণ মই জীৱনতো পৰিশোধ কৰিব নোৱাৰিম।”

ছাত্ৰজনৰ কথা শুনি ৰমেন ছাৰৰ চকু আনন্দৰ চকুপানীৰে ভৰি পৰিল। তেওঁ অনুভৱ কৰিলে— শিক্ষকসকলে মাথোন বিদ্যালয়ৰ চাৰিদেৱালৰ মাজতে নিজৰ কৰ্তব্য সীমাবদ্ধ নাৰাখি এজন প্ৰকৃত শিক্ষকে ইচ্ছা কৰিলে সমাজ গঢ়াৰ ক্ষেত্ৰতো মহান ভূমিকা পালন কৰিব পাৰে।

সন্দেহ

হৰেন দত্ত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক। কিছু বছৰ আগতে অৱসৰ লৈছে। দুজন পুত্ৰ, বোৱাৰী আৰু নাতি-নাতিনীৰ সৈতে হৰেন দত্তৰ এটি সুখী পৰিয়াল। ঘৰখনত সদায় হাঁহি-ধেমালি আৰু মিলাপ্ৰীতিৰ পৰিৱেশ আছিল।

কিন্তু সৰুটো পুতেকৰ বিয়াৰ পাছৰ পৰা ঘৰখনত অশান্তিৰ পৰিৱেশ গা কৰি উঠিল। নতুন বোৱাৰী নমিতাই ঘৰখনৰ সকলো কথা সন্দেহৰ চকুৰে চাবলৈ আৰম্ভ কৰিলে। ডাঙৰ বোৱাৰীক বেছি মৰম আৰু সন্মান কৰা হয় বুলি ভাবি তাই স্বামীৰ কাণ ভৰাবলৈ ধৰিলে। সৰু-সৰু কথাকো ডাঙৰ কৰি শহুৰ-শাহুৱেকৰ বিৰুদ্ধে সৰুটো পুতেকক অভিযোগ দিবলৈ ধৰিলে।

ধীৰে ধীৰে ভাই-ভাইৰ মাজত দূৰত্ব বাঢ়িল। পৰিয়ালৰ মাজত বিচ্ছিন্নতাবাদী মনোভাৱ গা কৰি উঠিল। একেলগে ভাত খোৱা পৰিয়ালটোৱে পৃথকে বহিবলৈ আৰম্ভ কৰিলে। হাঁহিৰ সলনি ঘৰখনত তৰ্ক-বিতৰ্কই ঠাই ল’লে। যিখন ঘৰ এসময়ত হাঁহিৰে মুখৰিত আছিল, সেয়া অশান্তিৰে ভৰি পৰিল। ফলত পৰিয়ালৰ অন্যান্য সদস্যৰ লগতে বৃদ্ধ মাক-দেউতাকেও মানসিকভাৱে কষ্ট পাবলৈ ধৰিলে।

এদিন গাঁৱৰ এজন জ্যেষ্ঠ জ্ঞানীলোক তেওঁলোকৰ ঘৰলৈ আহিল। ঘৰখনৰ অশান্তিৰ মূল কাৰণ অৱগত হৈ তেওঁ সৰুজনী বোৱাৰী নমিতাক মাতি আনি বুজাই ক’লে-, “এখন ঘৰ ভাঙিবলৈ বেছি সময় নালাগে, কিন্তু গঢ়িবলৈ বহু বছৰ লাগে। সন্দেহ হ’ল মানসিক বেমাৰ। ক’বলৈ গ’লে সন্দেহ এট’ম ব’মৰ দৰে মাৰাত্মক। সন্দেহে এখন সুখী সংসাৰ তিলে তিলে ধ্বংস কৰিব পাৰে। গতিকে পৰিয়ালৰ কোনো সদস্যৰ প্ৰতি কোনো বিষয়ত সন্দেহ হ’লে মনে মনে হিংসা পোষণ নকৰি লগে লগে আলোচনাৰ জৰিয়তে সন্দেহ আঁতৰ কৰিব লাগে।” এইদৰে কোৱাৰ পাছত তেওঁ নমিতাক প্ৰত্যক্ষভাবে ক’লে- আচলতে তুমি ভৱাৰ দৰে ডাঙৰ বোৱাৰীক কোনেও বেছি মৰম আৰু সন্মান নকৰে। ডাঙৰ বোৱাৰীক যিমান মৰম কৰে, তোমাকো আটায়ে সিমানে মৰম কৰে। এইখন ঘৰত ডাঙৰ বোৱাৰীৰ যিমান অধিকাৰ আছে, তোমাৰো সিমানে অধিকাৰ আছে। সন্দেহ, ঈৰ্ষা আৰু কাণভৰোৱা কথাই এখন সুখী পৰিয়ালৰ শান্তি বিনষ্ট কৰে। গতিকে মনৰ পৰা সন্দেহ নামৰ ভাইৰাছবিধ আঁতৰাই তুমি সকলোৰে লগত মিলাপ্ৰীতিৰে চলিলে ঘৰখনত পুনৰ সুখ-শান্তি ঘূৰি আহিব।

মানুহজনৰ বুজনিত নমিতাই নিজৰ ভুল বুজিব পাৰি সকলোৰে ওচৰত ক্ষমা খুজিলে। ফলত ঘৰখনত পুনৰ মৰম, বিশ্বাস আৰু সুখ-শান্তি ঘূৰি আহিল।

লখিমপুৰৰ এখন গাঁৱত হৰেন কাকাৰ এটা সুখী পৰিয়াল আছিল। তেওঁৰ দুই পুত্ৰ, বোৱাৰী আৰু নাতি-নাতিনীৰে ঘৰখন সদায় হাঁহি-ধেমালিৰে ভৰি থাকিছিল। পৰিয়ালৰ সকলো সদস্যই একেলগে বহি খোৱা-বোৱা কৰিছিল। সুখ-দুখ ভাগ-বতৰা কৰি জীৱন কটাইছিল।

সুখী পৰিয়ালৰ অশান্তি

ডাঙৰ পুত্ৰৰ বিয়াৰ পিছত ঘৰলৈ নতুন বোৱাৰী মীনা আহিল। আৰম্ভণিতে সকলো ঠিকেই আছিল। কিন্তু কিছুদিন পিছত মীনাই স্বামীৰ কাণত সদায় মাক-দেউতাক আৰু ভাই-ভনীৰ বিপক্ষে কথা ক’বলৈ ধৰিলে। সৰু-সুৰা ঘটনাকো ডাঙৰ কৰি দেখুৱাই ক’লে, “তোমাৰ পৰিয়ালৰ মানুহে মোক সন্মান নিদিয়ে।”

স্বামীও ধীৰে ধীৰে সেই কথাবোৰ বিশ্বাস কৰিবলৈ ধৰিলে। সি পৰিয়ালৰ সদস্যসকলৰ লগত কম কথা পাতিবলৈ ধৰিলে। ঘৰত সন্দেহ, ভুল বুজাবুজি আৰু কাজিয়াৰ সৃষ্টি হ’ল। যি ঘৰখন এসময়ত হাঁহিৰে মুখৰিত আছিল, সেয়া অশান্তিৰে ভৰি পৰিল।

এদিন হৰেন কাকাই সকলোকে একেলগে বহুৱাই ক’লে, “পৰিয়াল ধ্বংস কৰে মিছা কথা, অহংকাৰ আৰু অবিশ্বাসে। যদি আমি ইজনে সিজনক বুজিবলৈ চেষ্টা নকৰোঁ, তেন্তে ঘৰখন কেতিয়াও সুখী হ’ব নোৱাৰে।”

সিদিনা মীনাই নিজৰ ভুল উপলব্ধি কৰিব পাৰিলে। সি সকলোৰে ওচৰত ক্ষমা খুজিলে আৰু পুনৰ মিলি-জুলি থাকিবলৈ চেষ্টা কৰিলে। ধীৰে ধীৰে ঘৰখনত পুনৰ শান্তি আৰু সুখ ঘূৰি আহিল।

শিক্ষা: পৰিয়ালক ধ্বংস কৰে কু-চিন্তা, পৰনিন্দা আৰু অবিশ্বাসে; আনহাতে মৰম, সন্মান আৰু পাৰস্পৰিক বুজাবুজিয়ে পৰিয়ালক সুখী আৰু শক্তিশালী কৰি ৰাখে।

 অভাগা ৰাহুল

এখন সৰু গাঁৱত ৰাহুল নামৰ এজন দহ বছৰীয়া ল’ৰা বাস কৰিছিল। সি সৰু থাকোঁতেই এটা দুৰ্ঘটনাত তাৰ মাক-দেউতাকক হেৰুৱাইছিল। তাৰ পাছত সি বৃদ্ধ আইতাকৰ লগত থাকি ডাঙৰ-দীঘল হৈছিল। দৰিদ্ৰতা আৰু অভাৱৰ মাজতো সি ভৱিষ্যতে ডাঙৰ মানুহ হোৱাৰ সপোন দেখিছিল।। সেয়ে সি নিয়মিতভাৱে বিদ্যালয় লৈ গৈছিল।

ঘৰখনত অভাৱ-অভিযোগ লাগিয়ে আছিল। সেয়ে প্ৰতিদিনে বিদ্যালয়লৈ যোৱাৰ আগতে সি মানুহৰ ঘৰত সৰু-সুৰা কাম কৰি আইতাকক সহায় কৰিছিল। বহুদিন সি পেট ভৰাই খাবলৈও নাপাইছিল। তথাপি সি পঢ়া-শুনা এৰা নাছিল। তাৰ পৰিশ্ৰম আৰু লিখা-পঢ়াৰ প্ৰতি আগ্ৰহ দেখি শিক্ষকসকলে তাক বহী-কিতাপৰ ব্যৱস্থা কৰি দিছিল।

লিখা-পঢ়াৰ সমান্তৰালভবে ৰাহুলে খেল-ধেমালি, কবিতা আবৃতি আৰু বক্তৃতা প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিছিল। এবাৰ বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশনত অনুষ্ঠিত হোৱা বক্তৃতা প্ৰতিযোগিতাত ৰাহুলে প্ৰথম স্থান লাভ কৰিলে। মঞ্চত উঠি সি ক’লে- “মোৰ মাক-দেউতা নাই, কিন্তু তেওঁলোকৰ সপোন মোৰ লগত আছে। মই পঢ়ি-শুনি ডাঙৰ মানুহ হ’ব বিচাৰোঁ। সেয়ে মই আমাৰ অঞ্চলৰ আটাইৰে সহযোগিতা কামনা কৰিছোঁ।”

তাৰ কথা শুনি সমৱেত সকলোৰে চকু সেমেকি উঠিল। ফলত গাঁওবাসীয়ে তাৰ সহায়ৰ বাবে আগবাঢ়ি আহিল। গাঁওবাসীৰ মৰম-চেনেহ দেখি ৰাহুলে বুজিলে যে, গাঁওবাসীয়ে মাক-দেউতাকৰ অভাৱ পূৰণ কৰিব নোৱাৰিলেও তেওঁলোকৰ মৰম আৰু নিজৰ আগ্ৰহ, একাগ্ৰতা, পৰিশ্ৰম আৰু অধ্যৱসায়ে সফলতাৰ দুৱাৰ মুকলি কৰে।

সেউজীয়া পৃথিৱী

আজি ৫ জুন। বিশ্ব পৰিৱেশ দিৱস। বিদ্যালয়ত এই দিৱস উদযাপনৰ বাবে সকলো ছাত্ৰ-ছাত্ৰী একত্ৰিত হৈছিল। শিক্ষকগৰাকীয়ে ছাত্ৰ-ছাত্ৰীক পৰিৱেশ সংৰক্ষণৰ গুৰুত্ব বুজাই ক’লে- “এটা গছ ৰোপণ কৰা মানে ভৱিষ্যতৰ বাবে জীৱন ৰোপণ কৰা। কাৰণ গছে আমাক অক্সিজেন যোগান ধৰে। অক্সিজেন অবিহনে প্ৰাণীজগত জীয়াই থকা সম্ভৱ নহয়। সেয়ে আটায়ে গছ ৰোপণ কৰাৰ প্ৰতি গুৰুত্ব দিব লাগে। লগতে এডাল গছ কটাৰ আগতে দুটা গছপুলি ৰোপণ কৰা উচিত।গছে মাথোন আমাক অক্সিজেনে নিদিয়ে, ফল-ফুল আৰু প্ৰয়োজনীয় কাঠো দিয়ে।”

শিক্ষকগৰাকীৰ এই কথাই দহ বছৰীয়া বিমানৰ ওপৰত গভীৰ প্ৰভাৱ পেলালে।। সি ঘৰলৈ আহি দেউতাৰক এটা আমগছৰ পুলি আনি দিবলৈ ক’লে। তাৰ কথামতে দেউতাকে পাছদিনা এটা আমগছৰ পুলি আনি দিলে। পুলিটো সি ঘৰখনৰ সন্মুখত ৰোপণ কৰিলে আৰু প্ৰতিদিনে পানী দি যত্ন ল’বলৈ ধৰিলে।

বছৰবোৰ পাৰ হৈ গ’ল। সৰু পুলিটো এদিন ডাঙৰ গছ হৈ উঠিল। গছজোপাই ফল দিবলৈ আৰম্ভ কৰিলে, ছাঁ দিলে আৰু বহু চৰাইৰ আশ্ৰয়স্থলী হ’ল। এদিন বিমানে গছজোপাৰ তলত বহি ভাবিলে—“মই সৰুতে ৰোপণ কৰা এই গছজোপাই আজি কিমান জীৱক উপকাৰ কৰিছে!”

সিদিনা সি উপলব্ধি কৰিলে যে, পৰিৱেশ ৰক্ষা কৰিবলৈ ডাঙৰ কামৰ প্ৰয়োজন নাই; প্ৰতিজন মানুহে যদি এটাকৈ গছপুলি ৰোপণ কৰি তাৰ যত্ন লয়, তেন্তে পৃথিৱীখন পুনৰ সেউজীয়া আৰু সুন্দৰ হৈ উঠিব। সেয়ে গছ ৰোপণ আৰু পৰিৱেশ সংৰক্ষণ কৰাটো আমাৰ সকলোৰে দায়িত্ব।

দুষ্ট বোৱাৰী

সোণাপুৰ গাঁৱত হৰিদাস নামৰ এজন বৃদ্ধ কৃষক বাস কৰিছিল। তেওঁৰ দুজন পুতেক আছিল। ডাঙৰ পুতেকৰ পত্নী মীনা অতি দুষ্ট আৰু স্বাৰ্থপৰ প্ৰকৃতিৰ আছিল। তাই ঘৰখনত ইটো-সিটো বিষয় লৈ সদায় কাজিয়া কৰাৰ কাৰণে চেলু বিচাৰি ফুৰিছিল।

বৃদ্ধ হৰিদাস আৰু তেওঁৰ পত্নীয়ে বহু কষ্ট কৰি ঘৰখন গঢ়ি তুলিছিল। কিন্তু মীনাই সদায় তেওঁলোকক তুচ্ছ-তাচ্ছিল্য আৰু অপমান কৰিছিল। বয়সৰ বাবে বৃদ্ধ দম্পতীয়ে কাম কৰিব নোৱাৰাত মীনাই তেওঁলোকক সময়মতে খাবলৈও নিদিছিল। আনকি স্বামীকো মাক-দেউতাকৰ বিপক্ষে উচটনি দিছিল। ফলত ঘৰখনত সদায় অশান্তি লাগিয়ে থাকিছিল।

এদিন হৰিদাস হঠাতে অসুস্থ হৈ পৰিল। গাঁৱৰ মানুহে তেওঁক চিকিৎসালয়লৈ লৈ গ’ল। কিন্তু ডাঙৰ বোৱাৰী মীনা উদাসীন হৈ থাকিল। শহুৰেকৰ খবৰ লোৱাটো দূৰৰে কথা তাই মনে মনে তাৰ মৃত্যুহে কামনা কৰিলে। যিয়ে হওঁক, শহুৰেক নমৰিল। কিছুদিন চিকিৎসাৰ পাছত সি সুস্থ হৈ ঘৰলৈ আহিল।

শহুৰেক আৰোগ্য হৈ ঘৰলৈ অহাৰ কিছুদিন পাছত মীনা দুৰ্ঘটনাত পতিত হৈ ঘোৰতৰভাবে আঘাতপ্ৰাপ্ত হ’ল। তাইক চিকিৎসালয়লৈ লৈ যোৱা হ’ল। তেতিয়া বৃদ্ধ হৰিদাস আৰু তেওঁৰ পত্নীয়ে দিন-ৰাতি সেৱা-শুশ্ৰূষা কৰি তাইক সুস্থ কৰি তুলিলে।

এই দৃশ্য দেখি মীনাৰ মন সলনি হ’ল। তাই বুজিব পাৰিলে যে, পিতৃ-মাতৃ ঘৰ এখনৰ বটবৃক্ষ স্বৰূপ। গতিকে তেওঁলোকক সন্মান আৰু মৰম কৰা প্ৰতিজন মানুহৰ কৰ্তব্য। তেওঁলোকৰ প্ৰতি অন্যায় আচৰণ কৰিলে ঘৰ এখনত অশান্তি বাঢ়ে আৰু নিজৰ নীচতা প্ৰকাশ পায়।

মীনাই এইদৰে নিজৰ ভুল উপলব্ধি কৰিব পাৰিলে আৰু তাই কান্দি কান্দি শাহু-শহুৰেকৰ ওচৰত ক্ষমা খুজিলে। বৃদ্ধ দম্পতীয়েও তাইক ক্ষমা কৰিলে। ফলত ঘৰখনত পুনৰ সুখ-শান্তি বিৰাজ কৰিবলৈ ধৰিলে।

 মানৱতা

সিদিনা সন্ধিয়া গুৱাহাটীত হঠাৎ এজাক বৰষুণ আহিল। বৰষুণৰ পৰা হাত সাৰিবলৈ মানুহবোৰে আশ্ৰয় বিচাৰি লৰা-ঢপৰা কৰি আছিল। লৰালৰিৰ সময়ত হঠাৎ এজন বৃদ্ধলোক পিছলি পৰি আহত হ’ল। বহু মানুহে তেওঁক দেখিলে যদিও ব্যস্ততাৰ অজুহাতত দেখিও নেদেখাৰ ভাওজুৰি কোনেও সহায় নকৰিলে।

হঠাতে এজন ৰিক্সাচালক দৰিদ্ৰ যুৱক  ৰহিম  তাত উপস্থিত হ’ল। সি নিজৰ যাত্ৰীক ৰিক্সাৰ পৰা নমাই দি বৃদ্ধজনৰ ওচৰলৈ আহিল। সি বৃদ্ধজনক ৰিক্সাত উঠাই ততাতৈয়াকৈ নিকটৱৰ্তী চিকিৎসালয়লৈ লৈ আহিল আৰু সিদিনা ভাড়া মাৰি পোৱা টকাৰে প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা কৰিলে।

ৰহিমৰ সেৱাত বৃদ্ধজনৰ চকু সেমেকি উঠিল। বৃদ্ধজনে বাষ্পৰুদ্ধ কণ্ঠত ক’লে-, “বাবা, তুমি মোৰ আত্মীয় নহয়, তথাপিও ইমান সহায় কৰিলা কিয়?”

ৰহিমে মিচিকিয়াই হাঁহি উত্তৰ দিলে- “মানুহ হিচাপে মানুহক সহায় কৰাটো মোৰ দায়িত্ব। মাথোন ময়ে নহয়, বিপদত পৰা মানুহক সহায় কৰাটো প্ৰত্যেকৰে কৰ্তব্য। সেৱাই হ’ল প্ৰকৃত মানৱতা। চন্দ্ৰকুমাৰ আগৰৱালাই তেওঁৰ ‘মানৱ বন্দনা’ নামৰ কবিতাত কৈ গৈছে- মানুহেই দেৱ মানুহেই সেৱ, মানুহ বিনে নাই কেৱ, কৰাঁ পূজা অৰ্ঘ্য পাদোদক লৈ- জয় জয় মানৱ দেৱ।‘ বিপদত পৰা মানুহক সহায় কৰিলে যিমান সুখ পোৱা যায়, ইমান সুখ আন ক’তো পোৱা নাযায়।”

ৰহিমৰ সেৱাৰ মনোভাৱ দেখি বৃদ্ধজনে বুজিব পাৰিলে যে, মানৱতা হৈছে মানুহৰ সৰ্বশ্ৰেষ্ঠ গুণ; বিপদত পৰা মানুহক সহায় কৰাটোৱেই হৈছে প্ৰকৃত ধৰ্ম। ধন-সম্পত্তিৰে নহয়, মানুহৰ হৃদয়ৰ মহানুভৱতাই মানুহক সুন্দৰ কৰি তোলে।.

দুষ্ট ল’ৰাৰ শিক্ষা

এখন সৰু গাঁৱত কিছুমান দুষ্ট ল’ৰা আছিল। সিহঁতৰ ভিতৰত ৰবি, মন্টু আৰু জিতু আটাইতকৈ বেছি দুষ্ট আছিল। সিহঁতে বাটেদি যোৱা বৃদ্ধ লোকক ঠাট্টা-মস্কৰা কৰিছিল, সৰু ল’ৰা-ছোৱালীক ভয় দেখুৱাই কন্দুৱাইছিল, স্কুললৈ যোৱা ছোৱালীবোৰক জোকাইছিল আৰু জীৱ-জন্তুকো কষ্ট দিছিল।

এদিন গাঁৱৰ এজন বৃদ্ধ কৃষক বজাৰৰ পৰা উভতি আহি আছিল। তেওঁৰ মূৰত ধানৰ বস্তা আছিল। দুষ্ট ল’ৰাকেইজনে তেওঁক দেখি হাঁহিবলৈ ধৰিলে। এজনে হঠাৎ পিছফালৰ পৰা শিল দলিয়াই বৃদ্ধজনক আঘাত কৰিলে। শিলৰ আঘাত পাই বৃদ্ধজন বাটৰ দাঁতিত বাগৰি পৰিল।

সেই সময়তে স্থানীয় বিদ্যালয়ৰ শিক্ষকগৰাকী তাতে উপস্থিত হ’ল। তেওঁ ল’ৰাকেইজনক বুজাই ক’লে- তোমালোকে এই বৃদ্ধ লোকজনক এইদৰে আঘাত কৰি বৰ বেয়া কাম কৰিছা। এনেকোৱা আচৰণৰ ফলত ইতিমধ্যে তোমালোক গাঁৱখনত দুষ্ট ল’ৰা বুলি পৰিচিতি লাভ কৰিছা। তোমালোকৰ পৰিয়ালৰো দুৰ্নাম হৈছে। নিষ্ঠুৰতা আৰু দুষ্টামিয়ে মানুহক অপযশ দিয়ে; দয়া আৰু সদাচৰণেহে মানুহক মহান কৰি তোলে।

শিক্ষকগৰাকীৰ বুজনিত ল’ৰাকেইজনে নিজৰ নিষ্ঠুৰ আচৰণৰ বাবে লাজ পালে আৰু সিহঁতে বৃদ্ধ কৃষকৰ ওচৰত ক্ষমা বিচাৰিলে। সিহঁতে বৃদ্ধ কৃষকৰ চিকিৎসাৰ ব্যৱস্থাও কৰিলে।

সিহঁতে কাকো কষ্ট নিদিবলৈ প্ৰতিজ্ঞা কৰিলে। দুষ্টামিৰ সলনি সিহঁতে সিদিনাৰ পৰা মানুহক সহায় কৰিবলৈ আৰম্ভ কৰিলে।

   স্বাৰ্থপৰ বোৱাৰী

এখন সৰু গাঁৱত ৰমেশে  তেওঁৰ বৃদ্ধ মাক-দেউতাক আৰু পত্নী মীনাৰ সৈতে বাস কৰিছিল। ৰমেশৰ মাক-দেউতাকে বহু কষ্ট কৰি তেওঁক ডাঙৰ-দীঘল কৰিছিল। কিন্তু মীনা আছিল অত্যন্ত স্বাৰ্থপৰ।তাই সদায় ভাবিছিল যে, ঘৰৰ সকলো সম্পদ আৰু সুবিধা কেৱল সিহঁত দম্পতিহালৰ বাবেই হ’ব লাগে।

বৃদ্ধ মাক-দেউতাক অসুস্থ হ’লেও মীনাই তেওঁলোকৰ যত্ন ল’বলৈ ইচ্ছা নকৰিছিল। বৰঞ্চ তাই ৰমেশক মাক-দেউতাকৰ পাছত টকা খৰচ নকৰি সিহঁতৰ ভৱিষ্যতৰ বাবে সাঁচি ৰাখিবলৈ পৰামৰ্শ দিছিল। ফলত ঘৰখনত একপ্ৰকাৰ প্ৰচ্ছন্ন অশান্তি লাগিয়ে থাকিছিল।

এদিন ৰমেশে দেখিলে যে তেওঁৰ মাকে জ্বৰত কষ্ট পাই আছে আৰু মীনা নিৰ্বিকাৰভাৱে নিজৰ কামত ব্যস্ত হৈ আছে। দৃশ্যটো প্ৰত্যক্ষ কৰি ৰমেশে উপলব্ধি কৰিলে যে, স্বাৰ্থপৰতা মানুহৰ আটাইতকৈ ডাঙৰ দোষ। তেওঁ মীনাক বুজাই ক’লে যে, যি পিতৃ-মাতৃয়ে এটা সময়ত সন্তানৰ বাবে জীৱনৰ সৰ্বস্ব উৎসৰ্গা কৰে, তেওঁলোকক অৱহেলা কৰাটো মহাপাপ। সিহঁততো এদিন বৃদ্ধ হ’ব, তেতিয়া সিহঁতৰ ল’ৰা-ছোৱালীয়েও সিহঁতক এনেকোৱা অৱহেলা কৰিলে সিহঁতৰ কেনে লাগিব! এষাৰ কথা মনত ৰাখিবা, যি ৰোপণ কৰিবা, ঠিক তেনেকোৱা ফলে পাবা। স্বাৰ্থপৰতাই পৰিয়ালত অশান্তি সৃষ্টি কৰে, আনহাতে মৰম, সন্মান আৰু সহানুভূতিয়ে সুখ-শান্তি-সমৃদ্ধি কঢ়িয়াই আনে।

ৰমেশৰ বুজনিত মীনাৰ চকু মুকলি হ’ল। তাই নিজৰ ভুল উপলব্ধি কৰিব পাৰিলে আৰু বৃদ্ধ শহুৰ-শাহুৱেকৰ ওচৰত ক্ষমা খুজিলে। সিদিনাৰ পৰা তাই আন্তৰিকতাৰে শহুৰ-শাহুৱেকৰ সেৱা-যত্ন কৰিবলৈ আৰম্ভ কৰিলে। ফলত ঘৰখনত পুনৰ সুখ শান্তি ঘূৰি আহিল।

গুৱাহাটীৰ এখন প্ৰতিষ্ঠিত পৰিয়ালৰ গৃহিণী আছিল শ্ৰীমতী নিৰ্মলা দেৱী। স্বামী এজন সফল ব্যৱসায়ী আছিল আৰু দুজন পুতেক উচ্চ শিক্ষাৰে শিক্ষিত আছিল। নিজৰ সুখ-স্বাচ্ছন্দ্য ত্যাগ কৰি ব্যৱসায়ী পিতৃয়ে সন্তানৰ উজ্জ্বল ভৱিষ্যৎ গঢ়াৰ কাৰণে আত্মিনয়োগ কৰিছিল।

বৃদ্ধাশ্ৰমত থকা মাক

সময়ৰ লগে লগে ব্যৱসায়ী স্বামীৰ মৃত্যু হ’ল। নিৰ্মলা দেৱীয়ে ভাবিছিল, স্বামীৰ মৃত্যু হ’ল যেতিয়া এতিয়া তাই সন্তানৰ মৰম আৰু নাতি-নাতিনীৰ হাঁহি-ধেমালিৰ মাজতে জীৱনৰ বাকী সময় পাৰ কৰিব। কিন্তু বাস্তৱতা সেয়া নহ’ল। দুয়োজন পুতেকে ভাল চাকৰি পাই নিজা নিজা কৰ্মক্ষেত্ৰত ব্যস্ত হৈ পৰিল। বোৱাৰী আৰু পুতেকসকল ব্যস্ত জীৱনৰ অজুহাতত মাকৰ বাবে সময় উলিয়াব নোৱাৰা হ’ল। ফলত পুতেকহঁতে মাকক এৰাই চলিবলৈ ধৰিলে। ইফালে পুত্ৰ বোৱাৰীহঁতেও সৰু-সুৰা কথাতে শাহুৱেকক বোজা বুলি অনুভৱ কৰিবলৈ ধৰিলে।

পুতেক আৰু পুত্ৰ বোৱাৰীহঁতৰ এই অৱহেলাত অপমানিত বোধ কৰি এদিন নিৰ্মলা দেৱীয়ে নিজেই বৃদ্ধাশ্ৰমলৈ যোৱাৰ সিদ্ধান্ত ল’লে। এদিন তাই কাকো নজনোৱাকৈ বৃদ্ধাশ্ৰমলৈ গুচি আহিল। বৃদ্ধাশ্ৰমলৈ আহিলেও তাইৰ মনত সন্তানৰ বাবে থকা মৰম কম ন’হল। এদিন তাইৰ ডাঙৰ পুতেকে মাকৰ খবৰ ল’বলৈ বৃদ্ধাশ্ৰমলৈ আহিল। তেওঁ মাকক সুধিলে- “মা, তুমি আমাৰ লগত নাথাকি কিয় বৃদ্ধাশ্ৰমত আছা? আমি কিবা দোষ কৰিলোঁ নেকি?”

মাকে চকুপানী মচি ক’লে- “নাই নাই বাবা, তহঁতে কোনো দোষ কৰা নাই। কাৰো প্ৰতি মোৰ অভিযোগো নাই। সকলো দোষ মোৰ কপালৰ।  তহঁতৰ লগত মই অকলশৰীয়া অনুভৱ কৰি আছিলোঁ। অকলশৰীয়া জীৱনৰ পৰা পৰিত্ৰাণ পাবলৈহে মই বৃদ্ধাশ্ৰমত আশ্ৰয় লৈছো। কৰ্ম ব্যস্ততাৰ কাৰণে তহঁতৰ মোৰ খবৰ লোৱাৰ আহৰি নাছিল। ইফালে বোৱাৰীহঁতেও মোক বোজা বুলি জ্ঞান কৰিবলৈ লৈছিল। সেয়ে মই বৃদ্ধাশ্ৰ্মলৈ গুচি আহিছোঁ।ইয়াত অন্ততঃ কোনেও মোক বোজা বুলি অনুভৱ নকৰে। মৰম আৰু সন্মানৰেই মই জায়াই আছোঁ ইয়াত।”

মাকৰ এই কথাই পুতেকৰ হৃদয় কঁপাই তুলিলে। কৰ্মব্যস্ততাৰ অজুহাতত সঁচাকৈয়ে তেওঁলোকে মাকৰ প্ৰতি অন্যায় কৰিছে। তেওঁ উপলব্ধি কৰিব পাৰিলে যে, ধন-সম্পদে নহয়, পিতৃ-মাতৃৰ প্ৰতি প্ৰদৰ্শন কৰা সন্মান আৰু যত্নইহে প্ৰকৃতাৰ্থত এখন পৰিয়ালক মহান কৰি তোলে। সি নিজৰ ভুল বুজিব পাৰি মাকৰ ওচৰত ক্ষমা খুজিলে- মা, ব্যস্ত জীৱনৰ দোহাই দি আমি সঁচাকৈয়ে তোমাৰ প্ৰতি অন্যায় কৰিছোঁ। তুমি আমাক ক্ষমা কৰি দিয়া। তুমি মোৰ লগত ঘৰলৈ ব’লা। আজিৰ পৰা কোনেও তোমাক অৱহেলা নকৰে। তুমি বিহীন ঘৰখন একেবাৰে উকা উকা লাগি আছে। ঘৰখনৰ আটায়ে বৰ্তমান তোমাৰ অভাৱ অনুভৱ কৰি আছে।

ডাঙৰ পুতেকে মাকক ঘৰলৈ লৈ আহিল। সিদিনাৰ পৰা পৰিয়ালটোৱে পুনৰ মাকৰ মৰম আৰু আশীৰ্বাদেৰে সুখ-শান্তিৰে জীৱন কটাবলৈ ধৰিলে।

শিক্ষিত যুৱকৰ ছাগলী পালন

নগাঁও জিলাৰ এখন সৰু গাঁৱত ৰাহুল নামৰ এজন উচ্চশিক্ষিত যুৱক আছিল। সি স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত বহু বছৰ চৰকাৰী চাকৰিৰ বাবে চেষ্টা কৰিছিল। কিন্তু বাৰে বাৰে পৰীক্ষাত বহিও সি চাকৰি লাভ কৰিবলৈ সক্ষম নহ’ল।

           সেয়ে সি চাকৰিৰ আশাত সময় নষ্ট নকৰি নিজে কিবা এটা উদ্যোগ আৰম্ভ কৰাৰ কথা ভাবিলে। বহুতে তাক গাই গৰু পোহাৰ পৰামৰ্শ দিলে। কিন্তু গৰু কিনাৰ বাবে তাৰ হাতত পৰ্যাপ্ত টকা নাছিল। ঘৰখনৰ অৱস্থাও সিমান ভাল নাছিল যে সি ঘৰখনৰ পৰা সহায় ল’ব। সেয়ে
সি বেংকৰ পৰা ঋণ লৈ গৰু কিনাৰ কথা ভাবিলে। বেংকৰ লগত যোগাযোগ কৰি সি মাথোন পঞ্চাশ হাজাৰ টকা ঋণ পালে। পঁঞ্চাশ হাজাৰ টকাৰে উন্নত জাতৰ গাই কিনা সম্ভৱ নহয় বুলি সি তিনিটা উন্নত জাতৰ ছাগলীৰে ছাগলী পালন আৰম্ভ কৰিলে। ছাগলী কিনা দেখি আৰম্ভণিতে বহুতে তাক উপহাসো কৰিলে। কিন্তু ৰাহুলে মানুহৰ ঠাট্টা উপহাসলৈ কাণসাৰ নিদি আধুনিক পদ্ধতিৰে ছাগলীবোৰৰ যত্ন ল’বলৈ ধৰিলে।

তিনি চাৰি বছৰৰ ভিতৰতে তাৰ ফাৰ্মত শতাধিক ছাগলী হ’ল। বজাৰত ছাগলীৰ চাহিদা বেছি হোৱাত তাৰ ভাল লাভ হ’বলৈ ধৰিলে। ঋণ পৰিশোধ কৰাৰ লগতে সি নিজৰ ঘৰৰ আৰ্থিক অৱস্থাও উন্নত কৰিলে। পাছত সি আন কে’বাজনো নিবনুৱা যুৱকক তাৰ ফাৰ্মত কাম কৰাৰ
সুবিধাও কৰি দিলে।

বৰ্তমান ৰাহুল এজন সফল উদ্যোগপতি হিচাপে অঞ্চলটোত পৰিচিত। তাৰ কাহিনীয়ে প্ৰমাণ কৰে যে সফলতাৰ বাবে কেৱল চৰকাৰী চাকৰিয়েই একমাত্ৰ পথ নহয়; পৰিশ্ৰম, আত্মবিশ্বাস আৰু সঠিক পৰিকল্পনা থাকিলে যিকোনো কামতে সফলতা লাভ কৰিব পাৰি।

ড্ৰাগছ সেৱনৰ শেষ পৰিণতি

ৰঞ্জন নামৰ ল’ৰাটো স্কুলত সদায় প্ৰথম হৈছিল আৰু মেট্ৰিকত ষ্টাৰ মাৰ্ক পাই সকলোৰে চকুৰ মণি হৈ পৰিছিল। কিন্তু কলেজত পঢ়িবলৈ চহৰলৈ গৈ সি বেয়া সংগত পৰি প্ৰথমে চিগাৰেট, তাৰ পাছত ড্ৰাগছৰ ফান্দত পৰিল। প্ৰথমাৱ্স্থাত স্ফূৰ্তি পাইছিল যদিও পাছত তাৰ শৰীৰ ভাগিল। লিখা-পঢ়াত অমনোযোগী হ’ল। ফলত পঢ়া বাদ পৰিল; কিন্তু ড্ৰাগছৰ নিচা বাদ নপৰিল। ড্ৰাগছৰ নিচাত সি ইমানেই অভ্যস্ত হৈ পৰিল যে, টকাৰ বাবে ঘৰত চুৰি কৰিবলৈ ধৰিলে। মাকৰ গহনা, দেউতাকৰ পেঞ্চনৰ টকা—একে একে চব শেষ হ’ল।

এবাৰ নিচাৰ টকা যোগাৰ কৰিব নোৱাৰি সি ডকাইতি কৰিবলৈ গৈ পুলিচৰ হাতত ধৰা পৰিল। দেউতাকে পুলিচৰ পৰা জামিনত আনি মাটি বিক্ৰী কৰি নিচা মুক্তি কেন্দ্ৰত থৈ তাক চিকিৎসা কৰালে। পুতেকৰ মঙ্গলৰ কাৰণে মাকে দিনে-নিশা ভগৱানক খাটিলে।

ছমাহ নিচা মুক্তি কেন্দ্ৰত থৈ ঘৰলৈ আনিলে যদিও সি নিচা এৰিব নোৱাৰিলে। ঘৰলৈ অনাৰ কিছুদিন পাছত সি পুনৰ ড্ৰাগছ খাবলৈ আৰম্ভ কৰিলে। পুতেকৰ চিন্তাত মানসিকভাবে ভাগি পৰি দেউতাক এদিন হঠাৎ হৃদক্ৰিয়া বন্ধ হৈ ঢুকাই থাকিল।

দেউতাক ঢুকোৱাৰ কিছুদিন পাছত এদিন ৰাতি পুৰণি ৰে’ল ষ্টেচনৰ দাঁতিত মানুহে তাক নিথৰ অৱ্স্থাত পৰি থকা দেখা পালে। তাৰ হাতত চিৰিঞ্জ আছিল আৰু চকু দুটা মুদ খাই আছে। মানুহে তাক ততাতৈয়াকৈ হাস্পতাললৈ লৈ আহিল। ডাক্তৰে নাড়ী টিপি চাই ক’লে-” ছৰি! ই জীয়াই থকা নাই। কেতিয়াবাই মৰিল।” 

ঘৰলৈ যেতিয়া তাৰ মৃত্যুৰ খবৰ আহিল, তেতিয়া মাকে মাটিত বাগৰি বাগৰি বুকুত চপৰিয়াই কান্দিলে-” মাথোন এবাৰৰ কাৰণে আই বুলি মাত বোপা- মাথোন এবাৰৰ কাৰণে আই বুলি মাত।“

এটা ভুল সিদ্ধান্তই ৰঞ্জনৰ সপোন, দেউতাকৰ জীৱন আৰু মাকৰ হাঁহি— সকলো শেষ কৰি দিলে। বাকী ৰ’ল মাথোঁ এটা ফটো আৰু মাকৰ চকুপানী।

বৃদ্ধাশ্ৰমলৈ পঠিওৱা দেউতাক

ৰমেশ বাবু এজন অৱসৰপ্ৰাপ্ত শিক্ষক। পত্নীৰ মৃত্যুৰ পাছত তেওঁ একমাত্ৰ পুতেক অমিতৰ সৈতে বাস কৰিছিল। অমিতৰ বিয়াৰ পাছত নতুন বোৱাৰী নীলিমা ঘৰলৈ আহিল। প্ৰথমতে নীলিমাই সকলোৰে লগত ভাল ব্যৱহাৰ কৰিছিল, যদিও কিছুদিনৰ পাছত তাই শহুৰেকক বোজা বুলি ভাবিবলৈ ধৰিলে।

নীলিমাই প্ৰায়ে স্বামীৰ আগত অভিযোগ কৰিবলৈ কৰিলে- “আপোনাৰ দেউতাকৰ বাবে মোৰ স্বাধীনতা নাই। সৰু ঘৰখনত মই স্বাধীনভাবে চলা-ফুৰা কৰিব নোৱাৰোঁ। দেউতাৰ বন্ধু-বান্ধৱ সদায় আহিয়ে থাকে। ফলত সৰু ঘৰখনত সদায় মই চুচুক-চামাককৈ থাকিব লগা হয়। তদুপৰি তেওঁলোকক সদায় চাহ-পানী যোগান ধৰিব লাগে। ইফালে দেউতাৰ আবদাৰৰ অন্ত নাই। গৰম পানী নোহোৱাকৈ গা ধুব নোৱাৰে। কাপোৰ-কানি সময়মতে ধুই দিব নোৱাৰিলে বিৰক্তি প্রকাশ কৰে। ঘড়ী ধৰি ঔষধ খোৱাই দিব লাগে। মাৰ লগত ফোনত কথা পাতিলেও কেটকেটাই থাকে। এনেকৈ চলিলে মই এটা সময়ত পাগল হৈ যাম।”

পত্নীৰ এইবোৰ কথাত অমিতে প্ৰথামাৱস্থাত সিমান মন-কাণ কৰা নাছিল যদিও বাৰে বাৰে একেটা অভিযোগ দি থকাৰ ফলত এটা সময়ত সি ধীৰে ধীৰে পত্নীৰ কথাত প্ৰভাৱিত হ’ল। এদিন পত্নীৰ চাপত সি দেউতাকক বৃদ্ধাশ্ৰমত থৈ আহিল।

বৃদ্ধাশ্ৰমলৈ যোৱাৰ সময়ত ৰমেশ বাবুৱে চকুলো টুকি ক’লে- “বাবা, চাইচিতি থাকিবি।  বোৱাৰীক গালি-শপনি নাপাৰিবি। স্বাস্থ্যৰ প্ৰতি যত্ন ল’বি। সময় মতে খোৱা-বোৱা কৰিবি।”

কেই বছৰমান পাছত দেউতাক বৃদ্ধাশ্ৰমতে ঢুকাল। দেউতাক ঢুকোৱাৰ বহু বছৰ পাছত অমিত বুঢ়া হ’ল। তেতিয়া তেওঁৰ নিজৰ পুত্ৰবোৱাৰীয়েও তাৰ লগত একেই ব্যৱহাৰ কৰিবলৈ ধৰিলে। ফলত সিও বৃদ্ধাশ্ৰমলৈ যাব লগা হ’ল।বৃদ্ধাশ্ৰমলৈ যোৱাৰ সময়ত অমিতে উপলব্ধি কৰিব পাৰিলে, বৃদ্ধাশ্ৰমলৈ যোৱাৰ সময়ত দেউতাকে অন্তৰত কিমান আঘাত পাইছিল।

সিদিনা সি অনুতাপৰে ক’লে- “যি বীজ সিঁচা হয়, এদিন তাৰেই ফল ভোগ কৰিব লগা হয়। বয়োজ্যেষ্ঠসকলক সন্মান আৰু মৰম কৰা সন্তানৰ নৈতিক দায়িত্ব। তেওঁলোকক অৱহেলা কৰিলে এদিন তাৰ ফল নিজেও ভোগ কৰিব লগা হয়।”

আব্দুল ককাই

গুৱাহাটীৰ এটা ব্যস্ত গলিত বৃদ্ধ আব্দুল ককাই ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰিছিল। এসময়ত তেওঁ এজন পৰিশ্ৰমী মিস্ত্ৰী আছিল, কিন্তু বয়স আৰু অসুস্থতাই তেওঁক এটা সময়ত কৰ্মক্ষমতাহীন কৰি পেলালে। ল’ৰা দুজন আছে যদিও সিহঁতৰ অৱস্থাও ভাল নহয়। সিহঁতেও দিন মজুৰি কৰি কোনোমতে নিজৰ নিজৰ সংসাৰ পোহপাল দিয়ে। ঘৈণীয়েক অচিৰণ বহুদিন আগতেই  কেন্সাৰ হৈ ঢুকাইছিল। সেয়ে আব্দুল ককাই কাৰো বোজা নহৈ ভিক্ষা কৰি কোনোমতে পেট প্ৰৱৰ্তাইছিল।

এদিন বিদ্যালয়লৈ যোৱা ৰাহুল নামৰ এজন ছাত্ৰই ককাইক ৰাস্তাৰ কাষত বহি থকা দেখিলে। ককাইৰ চকুত বিষাদৰ ছাঁ দেখি সি তেওঁৰ ওচৰলৈ আহিল। পৰম্পৰাগতভাবে পোনপটীয়াকৈ টকা দিয়াৰ সলনি সি ককাইৰ সৈতে কিছু সময় কথা পাতিলে আৰু ওচৰৰ হোটেলৰ পৰা এপ্লেট ভাত আনি খুৱালে।

ৰাহুলৰ ব্যৱহাৰত ককাইৰ চকুত পানী আহিল। তেওঁ ক’লে- “বাবা, বহুতে টকা দিয়ে, কিন্তু মোৰ খবৰ খুব কম মানুহেই লয়। তুমি মোৰ খবৰ ল’লা, মোক ভাত খুৱালা। এইদৰে কৈ আব্দুল ককাই ৰাহুলৰ মূৰত হাত থৈ ক’লে- আল্লাহই তোমাৰ মংগল কৰিব, বাবা। মই আশীৰ্বাদ কৰিছোঁ, তুমি জীৱনত বহুত উন্নতি কৰিবা।”

সিদিনা ৰাহুলে উপলব্ধি কৰিব পাৰিলে যে, মাথোন দান কৰিলেই প্ৰকৃত মানৱতা প্ৰকাশ নাপায়, সহায়-সম্বলহীন মানুহৰ দুখ বুজি তেওঁলোকৰ কাষত থিয় দিয়াতহে প্ৰকৃত মানৱতা প্ৰকাশ পায়। তাৰ অনুভৱ হ’ল, সি যেন পৃথিৱীৰ আটাইতকৈ মূল্যবান সম্পদ আব্দুল ককাইৰ পৰা আশীৰ্বাদ স্বৰূপে উপহাৰ পালে।যি আশীৰ্বাদ টকাৰ বিনিময়ত পোৱা নাযায়, মানুহৰ মন জয় কৰিব পাৰিলেহে পোৱা যায়।

 অনাথ জীয়ৰীৰত্যাগ

ৰুবিনা এজনী ঘাট-মাউৰী ছোৱালী। তাইৰ বৰ্তমান বয়স মাথোন ওঠৰ বছৰ। পাঁচ বছৰ আগতে দুৰ্ঘটনাত তাইৰ পিতৃ-মাতৃৰ মৃত্যু হৈছে। তাইৰ বাহিৰেও ঘৰখনত দুজন সৰু ভায়েক আৰু এজনী সৰু ভনীয়েক। ৰুবিনাই ঘৰখনৰ ডাঙৰ ছোৱালী। সেয়ে পিতৃ-মাতৃৰ পাছত ঘৰখনৰ ডাঙৰ ছোৱালী হিচাপে সংসাৰৰ সকলো দায়িত্ব তাইৰ কান্ধত পৰিছিল।

ৰুবিনা ছাত্ৰী হিচাপে অত্যন্ত চোকা আছিল। কিন্তু ঘৰখনৰ দায়িত্ব চম্ভলিব লগা হোৱাত তাই স্কুলৰ পঢ়া আধাতে এৰি ওচৰৰ এখন হোটেলত কাম কৰিবলৈ লৈছিল। পুৱা সোনকালে উঠি ঘৰৰ কাম শেষ কৰি হোটেললৈ যায়। দিনটো হোটেলত মানুহক খাদ্য পৰিবেশন কৰি যি সামান্য টকা পায়, তাৰেই ঘৰ ভাড়া, খাদ্য আৰু ভায়েক-ভনীয়েকৰ পঢ়াৰ খৰচ চলায়।

খৰচ বহুত, কিন্তু আয় সীমিত। সেয়ে বহু সময়ত নিজৰ বাবে নতুন কাপোৰ এযোৰ কিনিবলৈও তাইৰ সামৰ্থ্য নাথাকে। কিন্তু হেজাৰটা অভাৱ-অভিযোগৰ মাজতো ভায়েক-ভনীয়েকৰ মুখত হাঁহি দেখিলে তাই সকলো কষ্ট পাহৰি যায়।

এবাৰ তাইৰ ডাঙৰ ভায়েকজনে বিদ্যালয়ত প্ৰথম স্থান লাভ কৰিলে। সেয়ে বিদ্যালয়ৰ বাৰ্ষিক অধিবেশনত বিদ্যালয় কৰ্তৃপক্ষৰ পৰা তাক কিতাপৰ টোপলা উপহাৰ দিলে। পুৰস্কাৰ লৈ ঘৰলৈ আহি ভায়েকজনে কিতাপৰ টোপলা বায়েকলৈ আগবঢ়াই ক’লে- “বাইদেউ, তোমাৰ ত্যাগৰ বাবেই আজি মই পুৰস্কাৰ পাবলৈ সক্ষম হৈছোঁ। মোৰ পুৰস্কাৰ লাভৰ সকলো কৃতিত্ত্ব তোমাৰ।”

ভায়েকৰ কথাত ৰুবিনাৰ চকুত আনন্দৰ চকুপানী ওলাল। তাই অনুভৱ কৰিলে যে, কষ্ট আৰু ত্যাগ কেতিয়াও বিফলে নাযায়। প্ৰকৃত ভালপোৱা আৰু দায়িত্ববোধে মানুহক যিকোনো কঠিন পথ অতিক্ৰম কৰিবলৈ শক্তি দিয়ে।তাই নিজে লিখা-পঢ়া শিকিব নোৱাৰিলেও তাইৰ ত্যাগ আৰু কষ্টই যে ভায়েকৰ মুখত হাঁহি বিৰিঙাব পাৰিছে সেয়া জানো তাইৰ কাৰণে কম কৃতিত্ব! নিজে ৰজা হোৱাতকৈ ৰজাৰ বাপেক হ’ব পৰাটোতো যে আনন্দ আছে এই কথা সিদিনা ৰুবিনাই ভালদৰে উপলব্ধি কৰিব পাৰিলে।

আচল মানুহ

বিকাশৰ ঘৰ গাঁৱত। উচ্চ শিক্ষিত। তেওঁ ডাঙৰ চহৰত ডাঙৰ চাকৰি কৰে। সিবাৰ পূজাৰ বন্ধত তেওঁ গাঁৱৰ ঘৰ লৈ আহিছিল। ঘৰলৈ আহোঁতে তেওঁ বাটত দেখিলে বৃদ্ধ ৰহিম ককাই গৰুগাড়ীখন ঠেলি ঠেলি হায়ৰাণ হৈ গৈছে। চকাটো বোকাত লাগি ধৰিছে। পাৰেমানে চেষ্টা কৰিও তেওঁ চকাটো বোকাৰ পৰা টানি তুলিব পৰা নাই।

দৃশ্যটো দেখি বিকাশ ৰৈ গ’ল। ৰহিম ককাই তেওঁৰ চিনাকি। ঘৰ তেওঁলোকৰ কাষৰ গাঁৱখনত। বিকাশে সৰুৰে পৰা দেখি আহিছে ৰহিম ককাইক। ৰহিম ককাইৰ বৰ্তমান যথেষ্ট বয়স হৈছে। সত্তৰ দেওনা পাৰ হৈছে কেতিয়াবাই। ডেকা বয়সৰ পৰাই ৰহিম ককাই গৰুগাড়ী চলায়। স্কুলত পঢ়ি থাকোঁতে বিকাশে কে’বাদিনো ৰহিম ককাইৰ গৰুগাড়ীত উঠি স্কুললৈকো গৈছিল। ৰহিম ককাইৰ ল’ৰা নাই। ছোৱালী তিনিজনী আছিল। ছোৱালীকেইজনীক কেতিয়াবাই বিয়া দি উলিয়াই দিছে। সেয়ে এতিয়া ঘৰখনত বুঢ়া-বুঢ়ীৰ বাহিৰে কোনো নাই। ল’ৰা সন্তান নথকাৰ কাৰণেই ৰহিম ককাই এই বৃদ্ধ বয়সতো গৰুগাড়ী চলাব লগা হৈছে।

পৰিশ্ৰমৰ ফলত ৰহিম ককাইৰ শৰীৰেদি ঘামৰ সোঁত বৈছে। গাৰ গেঞ্জিটো ঘামত তিতি গৈছে। মুখমণ্ডলত বিৰক্তিৰ লগতে কষ্টকৰ অভিব্যক্তি ফুটি উঠিছে। কষ্ট দেখি ৰহিম ককাইৰ প্ৰতি বিকাশৰ সহানুভূতিও উপজিল। ল’ৰালিৰ কথা মনত পৰাত এবাৰ তেওঁ বৃদ্ধৰ লগত হাত উজান দিয়াৰ কথাও ভাবিলে, কিন্তু পাছমুহূৰ্ততে তেওঁ ভাবিলে, “মই ইমান পঢ়া-শুনা কৰা মানুহ, ইমান ডাঙৰ চাকৰি কৰোঁ, মই এই সাধাৰণ কাম কৰিমনে?”  

এইদৰে মনতে ভাবি তেওঁ গাড়ীখন পাৰ হৈ যাব খুজিছিলেই, তেতিয়াই অষ্টম শ্ৰেণীলৈকে পঢ়া মিণ্টু তালৈ আহিল। সি নভবা-নিচিন্তাকৈ কিতাপৰ বেগটো বাটৰ দাঁতিত নমাই থৈ ৰহিম ককাইৰ লগত গাড়ীখন ঠেলি দিলে। গাড়ীখন বোকাৰ পৰা উঠি গ’ল। ফলত ৰহিম ককাইৰ মুথমণ্ডলত হাঁহিৰ ৰেখা বিৰিঙি উঠিল।

তেওঁ কপালৰ ঘাম মচি হাঁহি মাৰি ক’লে- “বোপাই, ডিগ্ৰীয়ে মানুহক মানুহ নকৰে। মনুষ্যত্বইহে মানুহক মানুহ কৰে। যিজনে মানুহৰ বিপদত থিয় হয়, সেইজনহে আচল মানুহ।

বৃদ্ধৰ কথাত সিদিনা বিকাশে উপলব্ধি কৰিব পাৰিলে, কিতাপে মানুহক শিক্ষিত কৰে ঠিকেই, কিন্তু হৃদয়ৰ উপলব্ধিয়েহে মানুহক প্ৰকৃত মানুহ কৰে।

 ককায়েক-ভায়েক

এখন গাঁৱত দুজন ককায়েক-ভায়েক আছিল— ৰমেন আৰু কমল। উভয় ককায়েক-ভায়েক হোজা প্ৰকৃতিৰ আছিল। দুয়ো একেলগে খেতি-বাতি কৰিছিল আৰু দুয়োৰে মাজত খুব মিলাপ্ৰীতি আছিল। গাঁৱৰ চকু-চৰহা কিছুমান মানুহে তেওঁলোকৰ এই মিলাপ্ৰীতি সহ্য কৰিব নোৱাৰিছিল। সেয়ে সিহঁতে মনে মনে উভয়ৰ প্ৰতি হিংসা পোষণ কৰিছিল।

সময়ত বিয়া-বাৰু কৰাই উভয় ককায়েক-ভায়েক সংসাৰী হ’ল। এটা সময়ত সংসাৰৰ নিয়ম মানি সিহঁত পৃথকো হ’ল। পৃথক হোৱাৰ পাছত এদিন সেই চকু-চৰহা লোককেইজনৰ এজনে ৰমেনক ক’লে-, “তোৰ ভায়েৰাই তোক ঠগিছে। ভাল ভাল খেতিৰ মাটি সি নিজে নি তোক বেয়া নিৰস মাটিখিনি দিছে।”

কথাটো শুনি ৰমেনৰ কপাল কোঁচ খাই গ’ল। কথাটো অবশ্যে মিছা কোৱা নাই লোকজনে। সঁছাকৈয়ে কমলৰ ভাগৰ মাটিখিনি সৰস। তাৰ গোটেইখিনি মাটি শালিখেতি কৰাৰ বাবে উপযোগী। পক্ষান্তৰে তাৰ ভালেখিনি মাটিত শালি খেতি নহয়। তাৰ শালি খেতিৰ মাটি নাই বুলিলেই হয়। তাৰ বেছিভাগ মাটিয়ে বাগান কৰাৰ বাবে উপযোগী। আন এদিন সেই লোকজনে কমলকো একে ধৰণৰ কথাকে ক’লে। সি ক’লে যে, ৰমেনে বাগানৰ বাবে উপযোগী মাটি নি তাক শালি খেতিৰ উপযোগী মাটিখিনি দিছে। আজি-কালি শালি খেতিৰ উপযোগী মাটিতকৈ বাগানৰ বাবে উপযোগী মাটিৰ চাহিদা বেছি। এবাৰ বাগান কৰি ল’ব পাৰিলে বছৰ বছৰলৈ বহি খাব পাৰি।

এইদৰে লোকজনে এজনৰ মনত আনজনৰ প্ৰতি হিংসাৰ বীজ ৰোপণ কৰিলে। ফলত উভয়ৰ মনত হিংসাৰ উদ্ৰেক হ’ল। ইজনে সিজনক সন্দেহৰ চকুৰে চাবলৈ ধৰিলে। এটা সময়ত এজনে আনজনক চকু পাৰি দেখিব নোৱাৰা হ’ল। সৰু-সুৰা কথালৈ উভয়ৰ মাজত মাজে সময়ে কাজিয়াও লাগিবলৈ ধৰিলে। এটা সময়ত সম্পৰ্ক ইমানেই বেয়া হ’ল যে, সিহঁতৰ মাজত মাত-বোল বন্ধ হ’ল।  

তেওঁলোকৰ এই পৰিৱৰ্তন গাঁৱৰ মানুহৰ চকুত ধৰা পৰিল। এদিন গাঁৱৰ এজন বয়োজ্যেষ্ঠ মানুহে উভয়ক একেলগে মাতি ক’লে- “তোমালোকে নিজে সত্য নাজানি লোকৰ কথাত বিশ্বাস কৰি নিজৰ সম্পৰ্ক নষ্ট কৰা উচিত হোৱা নাই। তোমালোক কোনেও কাৰো শত্ৰু নহয়। দুয়ো একে মাকৰ গৰ্ভৰ পৰা জন্মগ্ৰহণ কৰিছা। মাটি-সম্পত্তি ভাগ কৰাৰ সময়ত অলপ ইফাল সিফাল হ’ব পাৰে। তাৰ কাৰণে সম্পৰ্ক নষ্ট কৰিবা নেকি? ভাগৰ কিবা হেৰফেৰ হৈছে যদি সেয়া উভয়ে আলোচনাৰ মাজেৰে সমাধান কৰি ল’বা। প্ৰথমে ইজনে সিজনৰ লগত কথা পাতিবা, তেতিয়াহে প্ৰকৃত সত্য ওলাই পৰিব। লোকৰ কথাত বিশ্বাস কৰি ককাই-ভাইয়ে কাজিয়া কৰাটো উচিত হোৱা নাই; সত্যতা যাচাই কৰি উভয়ে মিল-মহব্বত বজাই ৰাখি চলাটোহে বুদ্ধিমত্তাৰ কাম হ’ ব।”

তেতিয়া ৰমেন আৰু কমলে খোলা-খুলিভাবে কথা পাতি বুজিলে যে, সকলো কথাই মিছা আছিল। কাৰো ভাগত একো কম-বেছি হোৱা নাই। সকলো ঠিকেই আছে। উভয়ৰ সন্মতিতে মাটি-সম্পত্তি ভাগ কৰা হৈছে। তেওঁলোকৰ মাজত কাজিয়া লগাবলৈহে অমুকে এইবোৰ উচটনিমূলক কথা কৈছে।

তেওঁলোক দুয়ো পুনৰ মিলি গ’ল আৰু সিদ্ধান্ত ল’লে যে আগলৈ লোকৰ কথাত তেওঁলোকে কেতিয়াও কাজিয়া নকৰিব।      

মানৱতা সকলোতকৈ ডাঙৰ গুণ

এদিন দুপৰীয়া প্ৰখৰ ৰ’দৰ মাজত এজন সৰু ল’ৰাই ফেৰি কৰি ঠাণ্ডা পানী বিক্ৰী কৰি আছিল।

 ৰাস্তাত এজন ভদ্ৰলোকক দেখি সি বিনয়েৰে ক’লে,— “দাদা, এটা পানীৰ বটল লওঁক। এইমাত্ৰ ফ্ৰীজৰ পৰা উলিয়াই আনিছোঁ। এতিয়াও ঠাণ্ডা হৈয়ে আছে।”

তেতিয়া ভদ্ৰলোকজনে বিৰক্ত হৈ ক’লে— “যা, মোক পানী নালাগে।

ল’ৰাজনে পুনৰ ক’লে- লওঁক দাদা, এটা বটল লওঁক। আজি মুঠেই বিক্ৰী বাট্টা হোৱা নাই।  ভদ্ৰলোকজনে পুনৰ বিৰক্তি প্ৰকাশ কৰি ক’লে- যা, বিৰক্ত নকৰিবি! মোৰ পানীৰ প্ৰয়োজন নাই বুলি কৈছোঁ নহয়।”

ইয়াতে শেষ নহ’ল। ল’ৰাজনে পুনৰ পানীৰ বটল ল’বলৈ তাগিদা দিয়াত মানুহজনে খং কৰি ল’ৰাজনক ঠেলা মাৰি দিলে। ঠেলা খাই ল’ৰাজন মাটিত পৰি গ’ল। সি মাটিৰ পৰা উঠি কোনো ধৰণৰ বিৰক্তি প্ৰকাশ বা প্ৰতিবাদ নকৰি বেজাৰ মনেৰে বেলেগ ফালে গুচি গল।

খন্তেক পাছত সেই ভদ্ৰলোকজনে এখন দোকানৰ সন্মুখত থিয় হৈ চিপচ খাবলৈ ধৰিলে। হঠাতে চিপচৰ টুকুৰা এটা গলত লাগি ধৰাত তেওঁ উশাহ ল’ব নোৱাৰা হ’ল। তেওঁৰ অৱস্থা দেখি দুই চাৰিজন মানুহ আগবাঢ়ি আহিল যদিও তেওঁলোকে কি কৰিব, কি নকৰিব, একো বুজি উঠিব নোৱাৰিলে।

সৰু ল’ৰাজন অনতিদূৰতে থিয় হৈ পানীৰ বটল বিক্ৰী কৰি আছিল। সি মানুহজনৰ অৱস্থা দেখি দৌৰি আহিল আৰু নিজৰ বটলৰ পৰা মানুহজনক পানী খোৱালে। ভদ্ৰলোকজনৰ গলত লাগি ধৰা চিপচ অলপ পাছতে নামি গ’ল আৰু তেওঁ সুস্থ হ’ল।

তেতিয়া ভদ্ৰলোকজনে লাজ পাই ক’লে—ভাইটি, মই তোমাৰ লগত বেয়া ব্যৱহাৰ কৰিছিলোঁ, অথচ তুমি পানী খোৱাই মোৰ জীৱন ৰক্ষা কৰিলা।  তুমি মোক ক্ষমা কৰি দিবা।

ল’ৰাজনে হাঁহি মাৰি ক’লে— কোনো কথা নাই, দাদা। বিপদৰ সময়ত মানুহক সহায় কৰাটোহে ডাঙৰ কথা।পানীৰ প্ৰয়োজন নাছিল বুলি আপুনি পানী লোৱা নাছিল। আচলতে এবাৰ ‘না’ কৰাৰ পাছত পুনৰ আপোনাক পানী লোৱাৰ বাবে তাগিদা দিয়াটো মোৰ উচিত হোৱা নাছিল।কিন্তু কি কৰিম দাদা, পংগু দেউতা আৰু ৰুগীয়া মাকৰ ওষধপথ্যৰ কথা চিন্তা কৰি কেতিয়াবা নকৰিব লগা কামো কৰিব লগা হয়।”

ল’ৰাজনৰ কথা শুনি ভদ্ৰলোকজনৰ চকুত পানী আহিল। তেওঁ ল’ৰাজনক সাৱটি ধৰি ক’লে- মানুহৰ ডাঙৰ-সৰু ধন-সম্পত্তিৰে নহয়, হৃদয়ৰ মহানতাৰেহে জোখা হয়। ইমানদিনে মই ধনৰ অহংকাৰত অন্ধ হৈ আছিলোঁ। তুমি আজি মোৰ চকু মুকলি কৰি দিলা। আজি মই উপলব্ধি কৰিব পাৰিলোঁ, ধনী-দুখীয়ালৈ চাই মানুহৰ লগত ব্যৱহাৰ কৰা উচিত নহয়, কিয়নো মাথোন ধনীৰে নহয়, দুখীয়াৰো হৃদয় আছে। ইয়াকো উপলব্ধি কৰিব পাৰিলোঁ যে, মানুহৰ মহানতা ধনেৰে জোখা নহয়, মানৱতাৰেহে জোখা হয়।

ৰাস্তাত ধান শুকুৱাৰ পৰিণতি

গাঁৱৰ ব্যস্ত ৰাস্তা। ৰাস্তাটোত গাড়ী, বাইক আদি নিয়মিতভাবে চলে। কিন্তু বাৰিষা আহিলেই গাঁৱৰ মানুহে আধা ৰাস্তা দখল কৰি ধান শুকায়। ৰাস্তাত ধান শুকোৱা উচিত নহয় বুলি দুই এজনে সতৰ্ক কৰি দিয়ে যদিও মানুহবিলাকে বিশেষ গুৰুত্ব নিদিয়ে। পাৰিলে সতৰ্ক কৰা মানুহজনকে দুই কথা শুনাই দিয়ে।

সিদিনা দুপৰীয়া ৰাস্তাটোত কিছুমান লোকে ধান শুকাবলৈ দিছিল। চাৰিচকীয়া বাহন, বাইক আদি নিয়মিতভাবে চলাচল কৰি আছিল ৰাস্তাটোত। এবাৰ এজন যুৱকে বাইকেৰে চাৰি চকীয়া বাহন এখন ওভাৰটেক কৰিবলৈ যোৱাত বাইকৰ চকা ধানৰ ওপৰত উঠি গ’ল। ধান গুটিবোৰ পিছল হোৱাৰ বাবে বাইকখন নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাৰ দাঁতিত বাগৰি পৰিল। যুৱকজন কথমপি চাৰি চকীয়াৰ তলত নপৰিল যদিও গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হ’ল। পথচাৰীয়ে দৌৰি আহি যুৱকজনক উদ্ধাৰ কৰি হাস্পতাললৈ লৈ গ’ল।

ঘটনাটো দেখি ধান শুকুৱাই থকা লোকসকলৰ বোধোদয় হ’ল। তেওঁলোকে বুজিলে যে, নিজৰ সুবিধাৰ বাবে ব্যস্ত ৰাস্তাত ধান শুকুৱালৈ দিয়াটো উচিত হোৱা নাই। দেখাত কামটো সিমান বিপদজনক যেন নালাগিলেও, আচলতে কামটো খুবেই বিপদজনক। তেওঁলোকে ইয়াকো বুজিব পাৰিলে যে, সামান্য অসাৱধানতাই ডাঙৰ দুৰ্ঘটনাৰ সৃষ্টি কৰিব পাৰে। জনসাধাৰণৰ সুৰক্ষাৰ কথা ভাবি মানুহে সদায় দায়িত্বশীল আচৰণ কৰা উচিত।নিজৰ ক্ষুদ্ৰ স্বাৰ্থৰ বাবে বৃহত্তৰ স্বাৰ্থক আওকাণ কৰা উচিত নহয়।

 ৰাস্তাত পুনৰ ধান শুকাবলৈ নিদিয়ে বুলি সিদিনাৰ পৰা তেওঁলোকে সামূহিকভাবে বুলি প্ৰতিজ্ঞা কৰিলে।

  শত্ৰুতাতকৈউপকাৰৰ শক্তিবেছি

সোণতলী গাঁৱত ৰমেন নামৰ এজন পৰোপকাৰী মানুহ আছিল। গাঁৱৰ যিকোনো মানুহ বিপদত পৰিলে তেওঁ সিহঁতক সহায় কৰিবলৈ আগবাঢ়ি গৈছিল। কিন্তু সিহঁতৰ গাঁৱৰ মোহন নামৰ এজন মানুহে ৰমেনক চকু পাৰি দেখিব নোৱাৰিছিল। সি ৰমেনক হিংসা কৰিছিল। ৰমেনৰ ভাল কামকো সি সদায় সমালোচনা কৰিছিল আৰু ৰমেনৰ দোষ খুচৰি ফুৰিছিল। ৰমেনৰ বিৰুদ্ধে মিছা কথা প্ৰচাৰ কৰি সি শত্ৰুতা বঢ়াই ৰাখিছিল।

গাঁৱখনৰ সোঁমাজত এটা সৰু খাল আছিল। খৰালি খালটো শুকাই থাকিছিল যদিও বাৰিষা কালি খালটো পানীৰে উপচি পৰিছিল। সেয়ে বাৰিষা খালটো পাৰাপাৰ হোৱাৰ কাৰণে বাঁহৰ সাঁকো আছিল। সিবাৰ বাৰিষা কালি প্ৰবল বানপানী হোৱাৰ ফলত খালটো পানীৰে উপচি পৰিছিল। ফলত প্ৰচণ্ড সোঁত সৃষ্টি হৈছিল খালটোত। এদিন বৰষুণৰ সময়ত খালটো পাৰ হওঁতে মোহন ভৰি পিছলি পানীত পৰি গ’ল। সোঁত তীব্ৰ আছিল আৰু মোহনে সাঁতুৰিব নাজানিছিল। সেয়ে পানীৰ কোবাল সোঁতে তাক উটুৱাই নিবলৈ ধৰিলে। পাৰত থিয় দি থকা মানুহে হুৱাদুৱা লগালে যদিও কোনেও তাক ৰক্ষা কৰিবলৈ সাহস গোটাই আগবাঢ়ি নগ’ল। তেতিয়া ৰমেনে দৌৰি আহি নিজৰ জীৱনক বিপদৰ মুখত ঠেলি দি মোহনক পানীৰ পৰা উদ্ধাৰ কৰিলে।

সুস্থ হৈ উঠাৰ পাছত মোহনে লাজত ৰমেনৰ ফালে মূৰ তুলি চাব নোৱাৰা হ’ল। সি লাজ মিহলি কণ্ঠত ৰমেনক ক’লে- মই সদায় তোমাৰ অমংগল কামনা কৰিছিলোঁ, অথচ তুমি নিজৰ জীৱন বিপন্ন কৰি মোৰ জীৱন বচালা। তোমাৰ এই উপকাৰৰ কথা মই জীৱনতো পাহৰিব নোৱাৰিম।

ৰমেনে তেতিয়া হাঁহি ক’লে- মানুহৰ বিপদত আগবাঢ়ি যোৱাটো মানুহৰ কৰ্তব্য।মই মাথোন মোৰ কৰ্তব্যহে পালন কৰিছোঁ। আমি সমাজৰ মানুহে ইজনে সিজনৰ লগত শত্ৰুতা ৰাখি চলিলে সমাজ আগবাঢ়িব কেনেকৈ? হিংসা, বিদ্বেষ আৰু শত্ৰুতাই সমাজৰ মংগল নকৰে, বৰং সমাজৰ ক্ষতিহে কৰে।”

সিদিনাৰ পৰা মোহনৰ মন সলনি হ’ল। সি বুজি পালে যে ভালপোৱা আৰু উপকাৰৰ শক্তি শত্ৰুতাতকৈ বহু গুণে বেছি।.

 উপকাৰীক অজগৰে খায়

এখন সৰু গাঁৱত ৰমেন নামৰ এজন দয়ালু কৃষক বাস কৰিছিল। এদিন তেওঁ পথাৰৰ কাষেৰে গৈ থাকোঁতে এটা ডাঙৰ অজগৰক এটা পিঞ্জৰাত আবদ্ধ হৈ কষ্ট পাই থকা দেখিলে। অজগৰটোৱে কাকুতি-মিনতি কৰি ক’লে- “মোক বচাওঁক, মই জীৱনকালত আপোনাৰ কোনো ক্ষতি নকৰোঁ।”

দয়ালু ৰমেনে দয়া কৰি পিঞ্জৰা খুলি অজগৰটোক মুক্ত কৰি দিলে। কিন্তু মুক্ত হোৱাৰ লগে লগে অজগৰটোৱে ফোঁচফোঁচাই ক’লে- মই বহুদিন ধৰি ভোকাতুৰ। এতিয়া তোমাক মই খাম।

ৰমেনে আচৰিত হৈ ক’লে- “মই তোমাৰ উপকাৰ কৰিলোঁ, আৰু তুমি মোকেই খাব খুজিছা?”

অজগৰটোৱে ক’লে- এই পৃথিৱীত বহু সময়ত উপকাৰীৰ প্ৰতিদান অপকাৰেৰেই দিয়া হয়। ঠিক আছে কোনোবাই যদি কয় যে, উপকাৰৰ প্ৰতিদান অপকাৰেৰে দিয়া নহয়, তেনেহ’লে মই তোমাক এৰি দিব পাৰোঁ।

অজগৰৰ প্ৰস্তাৱত একমত হৈ এটা গৰু আৰু এটা বটগছৰ ওচৰলৈ আহি সিহঁতে এই বিষয়ে সমিধান বিচাৰিলে। তেতিয়া দুয়োটাই ক’লে- মানুহে আমাৰ পৰা উপকাৰ লৈ পাছত আমাৰ অপকাৰ আৰু অৱহেলা কৰে। সেয়ে অজগৰে যি কৈছে, সেয়া ঠিকেই কৈছে।

শেষত তেওঁলোকে এটা শিয়ালৰ ওচৰলৈ গ’ল। শিয়ালটোৱে ক’লে- ঘটনাটো বুজি পোৱা নাই। অজগৰটো কেনেকৈ পিঞ্জৰাত আবদ্ধ হৈছিল,  মই এবাৰ দেখিব পাৰিলেহে ইয়াৰ সমিধান দিব পাৰিম।

অজগৰটো পুনৰ পিঞ্জৰাৰ ভিতৰত সোমাল। লগে লগে শিয়ালটোৱে ৰমেনক ক’লে- এতিয়া পিঞ্জৰাটো বন্ধ কৰি দিয়া।

ৰমেনে লগে লগে পিঞ্জৰাটো বন্ধ কৰি দিলে।

তেতিয়া অজগৰে কলে- মোক এনেকৈ পুনৰ পিঞ্জৰাত বন্ধ কৰিলা কিয়?

তেতিয়া শিয়ালটোৱে হাঁহি মাৰি ক’লে- যিয়ে উপকাৰীৰ উপকাৰৰ বাবে কৃতজ্ঞতা  স্বীকাৰ নকৰি ক্ষতি কৰিব খোজে, সি মুক্তিৰ যোগ্য নহয়। সি পিঞ্জৰাত আৱদ্ধ থকাই উচিত।

ৰমেনে বুজি পালে যে সকলোকে অন্ধভাৱে বিশ্বাস কৰা উচিত নহয়। কেতিয়াবা কিছুমান অকৃতজ্ঞ লোকে উপকাৰৰ প্ৰতিদান অপকাৰৰে দিয়ে;  সেয়ে তেনেকোৱা অকৃতজ্ঞ মানুহক প্ৰতিহত কৰাৰ কাৰণে কেতিয়াবা বুদ্ধিও প্ৰয়োগ কৰিব লাগে।

                                   দাৰিদ্ৰতা আৰু চৰিত্ৰ

এখন গাঁৱত দুগৰাকী ছোৱালী আছিল। এজনীৰ নাম ৰিমি আৰু আনজনীৰ নাম মেঘা। ৰিমি দুখীয়া ঘৰৰ আৰু মেঘা ধনী ঘৰৰ ছোৱালী আছিল। গাঁৱৰ বহুতে ভাবিছিল, ৰিমি যেহেতু দুখীয়া ঘৰৰ ছোৱালী, তাইৰ স্বভাৱ চৰিত্ৰ নিশ্চয় ভাল হ’ব। কিন্তু বাস্তৱতা সেয়া নাছিল- বেলেগহে আছিল।

ৰিমিয়ে টকাৰ লোভত মানুহক মিছা কথা কৈছিল। দোকানৰ পৰা বাকীত বস্তু লৈ টকা নিদিছিল। আনকি নিজৰ লাভৰ বাবে বন্ধুকো ঠগিবলৈ কুণ্ঠাবোধ নকৰিছিল।

আনহাতে, মেঘা ধনী ঘৰৰ ছোৱালী হোৱাৰ পাছতো অতি নম্ৰ আৰু সৎ আছিল। বিদ্যালয়ত দুখীয়া ছাত্ৰ-ছাত্ৰীক সহায় কৰিছিল, বৃদ্ধ লোকক ৰাস্তা পাৰ হোৱাত সহায় কৰিছিল আৰু কেতিয়াও কাৰো ক্ষতি কৰাৰ কথা চিন্তা নকৰিছিল।

এদিন গাঁৱৰ এখন সমিতিয়ে সৎ আৰু আদৰ্শ যুৱক-যুৱতীক সন্মান জনোৱাৰ সিদ্ধান্ত লৈ এখন প্ৰতিযোগিতা অনুষ্ঠিত কৰিলে। গাঁৱৰ বহুতো যুৱক-যুৱতীৰ লগতে ৰিমি আৰু মেঘাও উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে। তদন্তত ৰিমিৰ বহু অসৎ কাম পোহৰলৈ আহিল। বিপৰীতে পক্ষে, গাঁৱৰ আটায়ে মেঘাৰ ভাল কামৰ কথা এক মুখে স্বীকাৰ কৰিলে।

সিদিনা গাঁৱৰ বুঢ়া শিক্ষকজনে ক’লে- চৰিত্ৰ মানুহৰ ধন-দৌলত বা দাৰিদ্ৰতাই নিৰ্ধাৰণ নকৰে। ভাল চৰিত্ৰ আহে সৎ শিক্ষা, ভাল মূল্যবোধ আৰু নিজৰ আচৰণৰ পৰা। দৰিদ্ৰ ঘৰৰ ছোৱালী হলেই ছোৱালীজনীৰ চৰিত্ৰ ভাল হ আৰু ধনী ঘৰৰ হলেই বেয়া হ, এনে কোনো কথা নাই। মানুহৰ প্রকৃত পৰিচয় তেওঁৰ কৰ্ম আৰু আচৰণতহে প্ৰকাশ পায়।

মূল্যবোধেহেচৰিত্ৰ নিৰ্ধাৰণ কৰে

ৰমেন ককাই নিজৰ পুত্ৰৰ বাবে বোৱাৰী বিচাৰি আছিল। বহুতে পৰামৰ্শ দিলে- ধনী ঘৰৰ ছোৱালী বিয়া কৰাই অনাতকৈ দুখীয়া ঘৰৰ ছোৱালী বিয়া কৰাই আনক। কাৰণ ধনী ঘৰৰ বহুতো ছোৱালী অহংকাৰী হয়। দুখীয়া ঘৰৰ ছোৱালী নিশ্চয় নম্ৰ আৰু ভদ্ৰ হ’ব। মানুহৰ পৰামৰ্শ অনুসৰি তেওঁ সঁচাকৈয়ে এটা দুখীয়া পৰিয়ালৰ ছোৱালীক বোৱাৰী কৰি আনিলে।

বিয়াৰ পাছত কেইমাহমান সকলো ঠিকেই আছিল। কিন্তু লাহে লাহে বোৱাৰীগৰাকীৰ আচৰণ সলনি হ’বলৈ ধৰিলে। তাই ঘৰৰ ডাঙৰ-সৰু কাকো সন্মান নকৰা হ’ল, সামান্য কথাতে খং উঠি কাজিয়া কৰা হ’ল। শাশুৱেক-শহুৰেকৰ কথা নুশুনা হ’ল। আনকি এটা সময়ত নিজৰ স্বামীকো হেয়জ্ঞান কৰিবলৈ ধৰিলে। ওচৰ-চুবুৰীয়াৰ লগতো বেয়া ব্যৱহাৰ কৰিবলৈ ধৰিলে।

ফলত ঘৰখনত প্ৰতিদিনে অশান্তি বাঢ়ি গ’ল। এদিন ৰমেন ককাই দুখেৰে ক’লে- আমি ভাবিছিলোঁ, দুখীয়া ঘৰৰ ছোৱালী হ’লে নিশ্চয় ব্যৱহাৰপাতি ভাল হ’ব। কিন্তু হ’ল তাৰ ওলোটাটোহে। বুজিলোঁ, মানুহৰ ভাল-বেয়া দৰিদ্ৰতা বা ধন-সম্পত্তিৰ ওপৰত নিৰ্ভৰ নকৰে, ই নিৰ্ভৰ কৰে শিক্ষা, মূল্যবোধ আৰু চৰিত্ৰৰ ওপৰতহে।”

বোৱাৰীৰ আচৰণৰ পৰা ঘৰখনৰ সকলোৰে এটা শিক্ষা হ’ল যে, কেৱল দুখীয়া বা ধনীলৈ চাই কাৰো চৰিত্ৰ বিচাৰ কৰা উচিত নহয়। আচলতে আচৰণ আৰু মূল্যবোধহে মানুহৰ চৰিত্ৰ নিৰ্ধাৰণ কৰে। 

ৰহিমৰ মহানতা

মাথোন আঠ বছৰ বয়সতে ৰহিমৰ মাক-দেউতাক দুয়ো দুৰ্ঘটনাত পতিত হৈ মৃত্যুমুখত পৰিছিল। ফলত মুহূৰ্ততে সি অনাথ হৈ পৰিছিল আৰু তাৰ নিজৰ ঘৰ, মাকৰ মৰম আৰু দেউতাকৰ স্নেহ সকলো এক নিমিষতে হেৰাই গৈছিল।

দেউতাক-মাকৰ মৃত্যুৰ পাছত ৰহিমক তাৰ খুড়াকে নিজৰ ঘৰলৈ লৈ আহিল। খুড়াক মানুহজন ভাল আছিল, যদিও খুড়ীয়েক মানুহজনী সিমান ভাল নাছিল। তাই হিংসাকুৰীয়া স্বভাৱৰ আছিল আৰু ঘৰখনৰ সকলো দায়িত্ব তাই চম্ভালিছিল। খুড়াকে ৰহিমক নিজৰ সন্তানৰ দৰে জ্ঞান কৰিছিল যদিও খুড়ীয়েকে ৰহিমক চকু পাৰি দেখিব নোৱাৰিছিল। ফলত ৰহিমে খুড়ায়েকহঁতৰ ঘৰত থাকিবলৈ লোৱাৰ পাছৰে পৰা খুড়ীয়েকৰ অত্যাচাৰ আৰু নিৰ্যাতনৰ সন্মুখীন হ’ব লগা হৈছিল।

ৰহিমে সকলোৰে আগতে উঠি পানী আনিব লাগিছিল, ঘৰ-দুৱাৰ চাফা কৰিব লাগিছিল আৰু গৰু-ছাগলীক খাদ্য যোগান ধৰিব লাগিছিল। তথাপিও সামান্য ভুল-ত্ৰুটি হ’লেই খুড়ীয়েকে তাক গালি-শপনি পাৰিছিল আৰু কেতিয়াবা মাৰধৰো কৰিছিল। বহু সময়ত পেট ভৰাই খাবলৈও নিদিছিল। খোৱা-লোৱাৰ সময়তো বৈষম্য কৰিছিল। খুড়ীয়েকে নিজৰ ল’ৰা-ছোৱালীক মাছ-মঙহ সৰহকৈ দিছিল যদিও ৰহিমক কমকৈ দিছিল। কেতিয়াবা তাৰ ভাগত মাছ-মঙহ নপৰিছিলেই। সি সুদা ভাতকে খাব লগা হৈছিল।

কিন্তু ৰহিমে কেতিয়াও আশা এৰা নাছিল। সি জানিছিল যে একমাত্ৰ শিক্ষাইহে তাৰ জীৱন সলনি কৰিব পাৰিব। সেয়ে দিনত ঘৰৰ কাম কৰিছিল আৰু ৰাতি উজাগৰে জাগি চাকিৰ পোহৰত পঢ়াশুনা কৰিছিল। কাৰণ ঘৰত বিদ্যুৎ নাছিল। কেতিয়াবা টোপনিয়ে হেঁচা মাৰি ধৰিলেও, সি নিজৰ সপোনৰ কথা মনত পেলাই কিতাপ মেলি বহিছিল।

এদিন বিদ্যালয়ৰ এগৰাকী শিক্ষকে ৰহিমৰ অৱস্থাৰ কথা গম পালে। শিক্ষকজনে তাৰ মেধা আৰু পঢ়াৰ প্ৰতি ধাউতি দেখি তাক উৎসাহিত কৰিলে। তেওঁ ৰহিমক বিনামূলীয়াকৈ পঢ়ুৱাবলৈ ধৰিলে আৰু বিভিন্ন বৃত্তিৰ বাবে আবেদন কৰাত সহায় কৰিলে। ৰহিমেও সুযোগৰ সদ্ব্যৱহাৰ কৰি সকলো বাধা-বিঘিনি নেওচি অধ্যয়নৰ প্ৰতি গভীৰভাবে মনোনিৱেশ কৰিলে। ফলত বিদ্যালয়ৰ পৰীক্ষাসমূহত সদায় সি ভাল ফলাফল প্ৰদৰ্শন কৰি এটা সময়ত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ’ল।

উচ্চ মাধ্যমিক পৰীক্ষাত ষ্টাৰ মাৰ্কলৈ উত্তীৰ্ণ হোৱাৰ পাছত ৰহিমে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞানশাখাৰ চূড়ান্ত পৰীক্ষাত ডিষ্টিংশ্বন মাৰ্ক লৈ উত্তীৰ্ণ হ’ল। নানা আলৈ-আহুকালৰ মাজেদি কিতাপ-পত্ৰ যোগাৰ কৰি সি নীট পৰীক্ষাত অৱতীৰ্ণ হ’ল। নীট পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ সি চিকিৎসা বিজ্ঞান পঢ়িবলৈ সুযোগ পালে। মেডিকেল কলেজত ভৰ্তি হোৱাটো তাৰ কাৰণে সহজ নাছিল। কাৰণ তাৰ ধনৰ অভাৱ আছিল। ইফালে খুড়ায়েকৰ অৱস্থাও সিমান ভাল নাছিল। সেয়ে খুড়াকে ৰহিমৰ ভাগৰ মাটি বিক্ৰী তাৰ পঢ়াৰ খৰচ যোগান ধৰাৰ কথা ভাবিছিল যদিও খুড়ীয়েকে তাৰ পঢ়া বন্ধ কৰাৰ কাৰণে নানা অজুহাত দেখুৱাই মাটি বিক্ৰী কৰিবলৈ নিদিলে।  কিন্তু খুড়ীয়েকৰ সকলো চেষ্টা ব্যৰ্থ হল।।  সি বৃত্তি আৰু কিছু শুভাকাঙ্ক্ষীৰ সহায়ত মেডিকেল কলেজত ভৰ্তি হৈ শিক্ষা অব্যাহত ৰাখিলে।

কঠোৰ সাধনা, ত্যাগ আৰু অধ্যৱসায়ৰ অন্তত ৰহিম পাঁচ বছৰ পাছত ডাক্তৰ হৈ ওলাই আহিল।। চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰি ৰহিমে প্ৰমাণ কৰি দেখুৱালে, জীৱনত যিমানেই বাধা-বিঘিনি নাহক কিয়, অধ্যৱসায়, ধৈৰ্য আৰু আত্মবিশ্বাসে মানুহক সফলতাৰ উচ্চ শিখৰত উপনীত কৰিব পাৰে।

ডাক্তৰ হোৱাৰ পাছত ৰহিমে কেৱল ধন উপাৰ্জনৰ কথাই চিন্তা নকৰিলে। সি নিজৰ গাঁওখনলৈ উভতি আহি দৰিদ্ৰ আৰু অসহায় মানুহৰ চিকিৎসা কৰিবলৈ আৰম্ভ কৰিলে। বিশেষকৈ অনাথ শিশু আৰু দুখীয়া পৰিয়ালৰ বাবে সি বিনামূলীয়াকৈ চিকিৎসা আগবঢ়াবলৈ ধৰিলে।

এদিন খুড়ীয়েক গুৰুতৰভাৱে অসুস্থ হৈ পৰিল। চিকিৎসাৰ বাবে তাইক ৰহিমৰ ওচৰলৈ অনা হ’ল। ৰহিমক দেখি খুড়ীয়েকে লাজ আৰু অনুশোচনাত তল মূৰ কৰিলে। কিন্তু ৰহিমে অতীতৰ সকলো অন্যায়-অত্যাচৰৰ কথা পাহৰি আন্তৰিকতাৰে চিকিৎসা কৰি খুড়ীয়েকক সুস্থ কৰি তুলিলে।

ৰোগমুক্ত হোৱাৰ পাছত খুড়ীয়েকে কান্দি কান্দি ক’লে- মই তোমাৰ লগত বহু অন্যায় কৰিছোঁ। তোমাৰ পঢ়া বন্ধ কৰাৰ কাৰণেও মই নানা ধৰণে চেষ্টা কৰিছিলো। হিংসা পৰৱশ হৈ মই তোমাৰ নিজৰ ভাগৰ মাটিও বিক্ৰী কৰিবলৈ দিয়া নাছিলোঁ। অথচ তুমি সেইবোৰ অন্যায় অত্যাচাৰৰ কথা পাহৰি চিকিৎসা কৰি মোক সুস্থা কৰি তুলিলা। তুমি মোক ক্ষমা কৰি দিয়া। এইদেৰ কৈ খুড়ীয়েকে ৰহিমৰ ভৰিত ধৰিবলৈ গ’ল।

তেতিয়া ৰহিমে বাধা দি ক’লে- এয়া আপুনি কি কৰিছে খুড়ী! আপুনি কিয় মোক পাপৰ ভাগী কৰিব খুজিছে?  আপুনি মোৰ মাতৃতুল্য। সন্তানৰ স্থান সদায় মাতৃৰ পদতলত। আপোনাৰ পদধূলি মোৰ কাৰণে আশীৰ্বাদ স্বৰূপ। এইদৰে কৈ ৰহিমে খুড়ীয়েকৰ পদধূলি লৈ ক’লে- মানুহে ভুল কৰে, খুড়ী। কিন্তু মানুহে যেতিয়া নিজৰ ভুল উপলব্ধি কৰিব পাৰি অনুশোচনা কৰে তেতিয়া সেই অনুশোচনাই মানুহক মহান কৰে। আপুনি ভুল বুজি মোৰ লগত যি বেয়া আচৰণ কৰিছিল সেয়া মই কেতিয়াবাই পাহৰি গৈছোঁ। আপুনি মোৰ গুৰুজন। আপুনি মোক আশীৰ্বাদ কৰিব যাতে চিকিৎসক হিচাপে মই জীৱনত সফল হ’ব পাৰোঁ।

সিদিনা খুড়ীয়েকে বুজিব পাৰিলে যে, সঁচা মহানতা প্ৰতিশোধত নহয়, বৰঞ্চ ক্ষমা আৰু মানৱতাতহে নিহিত হৈ থাকে।

নতুন ধনীৰ অহংকাৰ

বিহপুৰীয়া গাঁৱৰ ৰমেন আগতে এজন সাধাৰণ কৃষক আছিল। দিনটো খেতিত কাম কৰি কোনোমতে সংসাৰ চলাইছিল। কিন্তু এদিন হঠাৎ তাৰ ভাগ্য পৰিৱৰ্তন হ’ল। ভাৰতৰ এটি ডাঙৰ কোম্পানী আৰু চৰকাৰে প্ৰয়োজনতকৈ অধিক টকা দি তাৰ মাটি ক্ৰয় কৰি কাৰখানা খুলিলে। ফলত ৰমেনে একেলগে বহু টকা লাভ কৰিলে।

টকা পোৱাৰ পাছত ৰমেনৰ জীৱন একেবাৰে সলনি হৈ গ’ল। তেওঁ ডাঙৰকৈ ঘৰ বনালে, দামী গাড়ী কিনিলে আৰু সদায় বিলাসী পোছাক পিন্ধিবলৈ ধৰিলে। আগতে গাঁৱৰ যিসকল লোকে তেওঁৰ সৈতে একেলগে কাম কৰিছিল, এতিয়া তেওঁ সিহঁতক তুচ্ছজ্ঞান কৰিবলৈ ধৰিলে। এনেকি গাঁৱৰ বয়োজ্যেষ্ঠ লোকসকলকো তেওঁ সন্মান নকৰা হ’ল।

এদিন গাঁৱৰ বৃদ্ধ শিক্ষক হৰিদেৱ বৰুৱাই ৰমেনক মাতি ক’লে- বাবা, ধন-সম্পদ জীৱনত আহিব পাৰে আৰু যাবও পাৰে। সেয়ে ধনৰ অহংকাৰ কৰা উচিত নহয়। মানুহৰ লগত সদায় ভাল ব্যৱহাৰ কৰি চলা উচিত। ধন-সম্পদ জোৱাৰৰ পানীৰ দৰে- যেনেকৈ আহে তেনেকৈ আকৌ যাবও পাৰে। এষাৰ কথা মনত ৰাখিবা, জ্ঞানীলোকে কেতিয়াও ধনৰ অহংকাৰ নকৰে, মূৰ্খইহে ধনৰ অহংকাৰ কৰে।

ৰমেনে হাঁহি মাৰি ক’লে- ছাৰ, এতিয়া সেই দিন গ’ল। এতিয়া মোৰ টকাৰ অভাৱ নাই। মই যি বিচাৰোঁ তাকেই কৰিব পাৰোঁ এতিয়া।

বৃদ্ধ শিক্ষকগৰাকীয়ে একো নক’লে, মাত্ৰ মিচিকিয়াই হাঁহিলে।

কেইমাহমান পাছত ৰমেনে এটা নতুন ব্যৱসায় আৰম্ভ কৰিলে। কিন্তু অভিজ্ঞতাৰ অভাৱ আৰু ভুল সিদ্ধান্তৰ বাবে ব্যৱসায়টো লোকচানত পৰিল। ঋণ বাঢ়ি গ’ল, আৰু ধনৰ পৰিমাণ দিনে দিনে কমিবলৈ ধৰিলে। শেষত তেওঁ গাড়ী বিক্ৰী কৰিবলগীয়া হ’ল আৰু ঘৰো বন্ধকত থ’ব লগা হ’ল।

যিসকল মানুহক আগতে তেওঁ অপমান কৰিছিল, এটা সময়ত তেওঁলোকৰ ওচৰলৈ সহায় বিচাৰি যাবলগীয়া অৱস্থা হ’ল তেওঁৰ। আশ্চৰ্যৰ কথা, গাঁৱৰ সেই সাধাৰণ মানুহেই তেওঁক পাৰেমানে সহায় কৰিলে। বৃদ্ধ শিক্ষক হৰিদেৱ বৰুৱাইও তেওঁক সাহস দিলে।

লাজত মূৰ দাঙি থাকিব নোৱাৰি ৰমেনে শিক্ষকগৰাকীক ক’লে- ছাৰ, মই ভুল কৰিছিলোঁ। ধনে মোক অন্ধ কৰি পেলাইছিল।”

শিক্ষকগৰাকীয়ে মৰমেৰে ক’লে- ভুল বুজি পোৱাটোৱেই সৰ্বশ্ৰেষ্ঠ শিক্ষা। মনত ৰাখিবা, ধনে মানুহক ডাঙৰ নকৰে; মানুহৰ ব্যৱহাৰেহে মানুহক ডাঙৰ কৰে।

সিদিনাৰ পৰা ৰমেন পুনৰ নম্ৰ আৰু সহায়কাৰী মানুহ হিচাপে জীৱন যাপন কৰিবলৈ ধৰিলে। তেওঁ বুজি পালে যে অহংকাৰৰ কোনো মূল্য নাই- নম্ৰতা আৰু সদাচাৰেৰেহে মানুহৰ হৃদয় জয় কৰিব পাৰি। অযাচিতভাবে ধন পালে বা সফলতা লাভ কৰিলে মানুহে অহংকাৰ কৰা উচিত নহয়। নম্ৰতা আৰু ভাল ব্যৱহাৰহে মানুহৰ প্ৰকৃত সম্পদ।

 ভালপোৱাৰ অন্য নাম বিশ্বাস

এখন সৰু গাঁও। গাঁৱখনত অমল আৰু মীৰা নামৰ এহাল দম্পতী বাস কৰিছিল। সিহঁতৰ অৱস্থা স্বচ্ছল নাছিল যদিও সংসাৰখন সুখেৰেই চলি আছিল। অমল এজন সাধাৰণ দোকানী আছিল আৰু মীৰাই ঘৰখন সুন্দৰকৈ চম্ভালি ৰাখিছিল।

এদিন অমল ব্যৱসায়ৰ কামত কে’বাদিনৰ বাবে চহৰলৈ যাবলগীয়া হ’ল। যাত্ৰাৰ আগতে তেওঁ নিজৰ সাঁচি থোৱা টকাখিনি এটা বাকচত ভৰাই মীৰাৰ হাতত দি ক’লে- এই টকাখিনি আমাৰ ভৱিষ্যতৰ বাবে সাঁচি ৰাখিছোঁ। টকাখিনি তোমাক দি গ’লো। দিনকাল ভাল নহয়। টকাখিনি ভালদৰে ৰাখিবা। মোৰ অহাত কেইদিনমান পলম হ’ব পাৰে।

মীৰাই হাঁহি মাৰি ক’লে- তোমাৰ বিশ্বাসেই মোৰ আটাইতকৈ ডাঙৰ সম্পদ। তোমাৰ বিশ্বাস মই কেতিয়াও ভংগ নকৰোঁ।

অমল চহৰলৈ গ’ল। দুদিনমান পাছত গাঁৱখনত হঠাতে বানপানী আহিল। বহু লোকৰ ঘৰ-বাৰী পানীত ডুব গ’ল। ভূতৰ ওপৰত দানহ পৰাদি বানপানীৰ মাজতে ওচৰৰে বিধৱা মহিলা এজনীৰ ল’ৰাজন হঠাৎ অসুস্থ হৈ পৰিল। চিকিৎসাৰ বাবে বিধৱাজনীৰ হাতত টকা নাছিল। সেয়ে তাই মীৰাৰ শৰণাপন্ন হ’ল। বিধৱাজনীৰ বিপদ দেখি মীৰাৰ দয়া উপজিল। অমলক ফোন কৰি টকা দিয়াৰ ক’লে যদি তেওঁ টকা দিবলৈ অস্বীকাৰ কৰে তেতিয়া ল’ৰাজনৰ জীৱন বিপন্ন হ’ব। সেয়ে ফোন কৰি অমলৰ পৰা অনুমতি নুলোৱাকৈ তাই বাকচৰ পৰা কিছু টকা উলিয়াই বিধৱাজনীক দি দিলে।

চাৰি পাঁচদিনমান পাছত অমল ঘৰলৈ উভতি আহিল। বাকচ খুলি তেওঁ টকা কম দেখি আচৰিত হ’ল। মীৰাই টকা কি কৰিলে! তাই মোৰ অনুমতি নুলোৱাকৈ কাৰোবাক টকা দিলে নেকি? নে কোনোবাই চুৰ কৰি নিলে! এইদৰে অমলৰ মনত হেজাৰটা প্ৰশ্ন উদয় হ’ল যদিও তেওঁ কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি শান্তভাৱে মীৰাক সুধিলে- টকা কম কিয়? টকা ক’লৈ গ’ল?

মীৰাই তেতিয়া সকলো ঘটনা ভাঙিপাতি ক’লে। তাই ভয় কৰিছিল যে হয়তো বিধৱাজনীক টকা দিয়াৰ কথা শুনিলে অমলে খং কৰিব। কিন্তু অমলে খং নকৰিলে। তেওঁ হাঁহি মাৰি ক’লে- তুমি যি কৰিছা, সেয়া ঠিকেই কৰিছা। মই জানো, তুমি টকা কোনো অপ্ৰয়োজনীয় কামত খৰচ কৰা নাই। নিশ্চয় কিবা ডাঙৰ প্ৰয়োজনতে খৰচ কৰিছা। তোমাৰ প্ৰতি মোৰ বিশ্বাস আছে। তথাপি তুমি ফোন কৰি মোৰ পৰা অনুমতি ল’ব পাৰিলাহেঁতেন।

তেতিয়া মীৰাই সেমেনা-সেমেনি কৰি ক’লে- বিধৱাজনীৰ টকাৰ খুবেই প্ৰয়োজন আছিল। টকা নহ’লে তাইৰ পুতেকৰ জীৱন বিপন্ন হ’লহেতেঁন। ফোন কৰি সুধিলে যদি তুমি না কৰা সেই ভয়তে মই তোমাক ফোন কৰা নাছিলোঁ।

অমলে শান্তভাবে ক’লে- মই তোমাক ভাল পাওঁ মীৰা। ভালপোৱাৰ অন্য নামেই হৈছে বিশ্বাস। বিশ্বাস নাথাকিলে ভালপোৱা টিকি নাথাকে। তোমাৰ প্ৰতি মোৰ বিশ্বাস আৰু আস্থা দুয়ো আছে। তুমি কাৰোবাক সহায় কৰিব খুজিলে মই না কৰাৰ প্ৰশ্নই নুঠে। কাৰণ এই সংসাৰখন আমাৰ- আমাৰ উভয়ৰ।

অমলৰ কথাত মীৰাৰ চকুত আনন্দৰ চকুপানী জিলিকি উঠিল। সিদিনা দুয়োয়ে বুজি পালে যে ভালপোৱাৰ ভেটি মাথোন মিঠা কথা নহয়; ভালপোৱাৰ ভেটি হৈছে বিশ্বাস। য’ত বিশ্বাস থাকে, তাতেই প্ৰকৃত ভালপোৱা জীয়াই থাকে।.

                                                 ( বিশ্ব তেজদান দিৱস উপলক্ষ্যে)

এম্বুলেন্স চালকৰ মহানতা

এদিন সোণতলী গাঁৱৰ দুখীয়া খেতিয়ক আব্দুল হক হঠাত জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হ’ব লগা হ’ল। পৰীক্ষা-নিৰীক্ষাৰ পাছত চিকিৎসকে অস্ত্ৰোপচাৰ কৰিব লাগিব বুলি সমিধান দিলে। ৰোগী খুবেই দুৰ্বল আছিল। সেয়ে অস্ত্ৰোপচাৰৰ আগত ৰোগীক তেজ দিব লাগিব বুলি জনাই দি চিকিৎসকে তৎক্ষণাত তেজ যোগাৰ কৰিবলৈ পৰামৰ্শ দিলে। lচিকিৎসকে ইয়াকো ক’লে যে, তৎক্ষণাত তেজ নিদিলে ৰোগীৰ জীৱন বচোৱা কঠিন হ’ব।

অসুখৰ খবৰ পাই আত্মীয়-স্বজনৰ বহুতে চিকিৎসালয়লৈ আহিছিল যদিও কোনেও তেজ দিবলৈ আগবাঢ়ি নাহিল। কোনোৱে ক’লে শৰীৰ বেয়া, কোনোৱে ক’লে মোৰ ডায়বেটিচ, কোনোৱে ক’লে সময় নাই, এইদৰে নানান জনে নানানটা  অজুহাত দেখুৱাই হাস্পতাল এৰি গুচি গ’ল। তেতিয়া অসহায় পৰিয়ালটোৱে কান্দি-কাটি নানা জনৰ হাতে-ভৰিয়ে ধৰি সহায় বিচাৰিবলৈ ধৰিলে।

তেতিয়া ৰোগীজনক চিকিৎসালয়লৈ অনা এম্বুলেন্স চালক ৰমেনে ঘটনাটো জানিব পাৰিলে। তেওঁ দৰিদ্ৰ পৰিয়ালটোৰ অসহায় অৱস্থা দেখি ক’লে- চিন্তা নকৰিব, মোৰ তেজৰ গ্ৰুপ মিলিলে মই নিজেই তেজ দিম।

পৰীক্ষাৰ পাছত দেখা গ’ল যে ৰমেনৰ তেজৰ গ্ৰুপ ৰোগীজনৰ লগত মিলি গৈছে। এক মুহূৰ্তও নষ্ট নকৰি ৰমেনে তেজ দান কৰিলে। সেই তেজ পাই চিকিৎসকে অস্ত্ৰোপচাৰ কৰিলে। অস্ত্ৰোপচাৰ সফল হ’ল আৰু আব্দুল হকৰ জীৱন ৰক্ষা পৰিল।

কেইদিনমান পাছত সুস্থ হৈ আব্দুল হকে ৰমেনৰ হাতত ধৰি ক’লে- যিসকল মোৰ আপোন মানুহ আছিল, তেজৰ কথা শুনি আটায়ে আঁতৰি গৈছিল। অথচ আপুনি এজন অচিনাকি হিন্দু মানুহ হৈয়ো তেজ দি মোৰ জীৱন ৰক্ষা কৰিলে। আপোনাৰ এই বদান্যতাৰ ঋণ মই জীৱনতো পৰিশোধ কৰিব নোৱাৰিম।

ৰমেনে তেতিয়া মিচিকিয়া হাঁহি মাৰি ক’লে- মানুহৰ বিপদত সহায় কৰাটোৱে হৈছে শ্ৰেষ্ঠ ধৰ্ম। ইয়াত আপোন-পৰ, হিন্দু-মুছলমানৰ প্ৰশ্ন আহিব নোৱাৰে। আনহাতে আত্মীয়তা কেৱল ৰক্তৰ সম্পৰ্কত নহয়, বিপদৰ সময়ত আগবাঢ়ি অহা মানুহজনেই হ’ল প্ৰকৃত আত্মীয়। হিন্দু আৰু মুছলমানৰ তেজৰ মাজতো কোনো পাৰ্থক্য নাই। সকলোৰে তেজৰ ৰং ৰঙা। পাৰ্থক্য মাথোন আমাৰ মানসিকতাতহে।

আশী বছৰতো অটুট প্ৰেম

গাঁওখনৰ শেষ প্ৰান্তত থকা এটা সৰু ঘৰত আশী বছৰীয়া হৰেন ককা আৰু তেওঁৰ পত্নী মালতী আইতাই বাস কৰে। তেওঁলোকৰ দুজন ল’ৰা আৰু দুজনী ছোৱালী আছে যদিও ছোৱালী দুজনীক কেতিয়াবাই বিয়া দি উলিয়াই দিছে আৰু ল’ৰা দুজন কৰ্মসূত্ৰে চহৰত থাকে। ফলত বৃদ্ধ দম্পতিহাল গাঁৱৰ ঘৰখনত অকলেই থাকে। উভয়ৰ দাম্পত্য জীৱনৰ পঞ্চাছ বছৰৰো অধিক সময় পাৰ হৈ গৈছে। তথাপিও আজিলৈকে তেওঁলোকৰ প্ৰেম আৰু সন্মান আগৰ দৰেই অটুট আছে।

এদিন পুৱা মালতী আইতা হঠাৎ অসুস্থ হৈ পৰিল। খোজ কাঢ়াতো দূৰৰে কথা তাই উঠি বহিবও নোৱাৰা হ’ল। সেয়ে হৰেন ককাই নিজে ৰন্ধা-বঢ়া কৰিলে,  বৃদ্ধাক ঔষধপথ্য খোৱালে আৰু কাৰেণ্ট নথকাৰ কাৰণে বৃদ্ধাৰ কাষত বহি বিচনীৰে বিচিবলৈ ধৰিলে।

বৃদ্ধাক তেনেকৈ বিচি থকা দেখি চুবুৰিৰ সম্পৰ্কীয় নাতি এজনে আচৰিত হৈ সুধিলে- ককা, আইতাৰ কি হৈছে? তুমি এনেকৈ বিচি আছা কিয়?

বৃদ্ধই কলে- তোৰ আইতাৰাৰ জ্বৰ। কাৰেণ্ট নাই। সেয়ে বিচনীৰে বিচি আছোঁ।

নাতি ল’ৰাজনে ক’লে- আচৰিত, এই বয়সতো আপুনি আইতাৰ ইমান যত্ন লয়?”

হৰেন ককাই হাঁহি মাৰি ক’লে- যেতিয়া আমি দুয়ো শক্তিশালী আছিলোঁ, তেতিয়া আইতাৰাই মোৰ বাবে সকলো কৰিছিল। আজি আইতাৰা দুৰ্বল হৈছে, এতিয়া তাইৰ কাষত থিয় দিয়াটো মোৰ দায়িত্ব আৰু কৰ্তব্য।

কেইদিনমান পাছত হৰেন ককাও অসুস্থ হৈ পৰিল। তেতিয়া মালতী আইতাই নিজে লাঠি লৈ লাহে লাহে খোজ কাঢ়ি ককাৰ বাবে ভাত ৰান্ধিলে আৰু ঔষধপথ্য খোৱালে।

সিদিনাও গাঁৱৰ সম্পৰ্কীয় নাতি ল’ৰাজনে দৃশ্যটো দেখি সুধিলে- আইতা, আপোনালোকৰ প্ৰেম ইমান বছৰৰ পাছতো কেনেকৈ অটুট আছে?”

মালতী আইতাই মিচিকিয়া হাঁহি মাৰি ক’লে- প্ৰেম মানে কেৱল মিঠা কথা নহয়। প্ৰেম মানে হৈছে সুখ-দুখ, সুস্থতা-অসুস্থতা সকলো সময়তে এজনে আনজনৰ কাষত থিয় দিয়া।

নাতি ল’ৰাজনে সিদিনা উপলব্ধি কৰিব পাৰিলে যে, প্ৰকৃত প্ৰেম সৌন্দৰ্য, ধন-সম্পত্তি বা যৌৱনৰ ওপৰত নিৰ্ভৰ নকৰে; ই বিশ্বাস, সন্মান আৰু পৰস্পৰৰ প্ৰতি থকা দায়বদ্ধতাৰ ওপৰতহে নিৰ্ভৰ কৰে। প্ৰকৃত ভালপোৱা সময়ৰ লগে লগে কমি নাযায়; বৰঞ্চ বয়স বঢ়াৰ লগে লগে অধিক গভীৰ আৰু শক্তিশালী হৈ উঠে।

ভুল সিদ্ধান্তৰ মূল্য

হাজৰিকা পৰিয়ালৰ একমাত্ৰ জীয়েক নীলিমা। বিয়াৰ বয়স হোৱাত মাক-দেউতাকে তৎপৰ হৈ কাষৰ গাঁৱৰে এজন ধনী যুৱক, ৰাকেশৰ লগত বিয়া দি উলিয়াই দিলে। বহুতে কৈছিল যে ৰাকেশে মদ খায় আৰু তেওঁৰ স্বাভাৱ-চৰিত্ৰও ভাল নহয়। কিন্তু ধন-সম্পত্তি দেখি নীলিমাৰ পৰিয়ালে মানুহৰ সেই কথাবোৰত গুৰুত্ব নিদিলে।

বিয়াৰ কিছুদিন পাছতেই নীলিমাই স্বামীৰ আচল ৰূপ দেখিবলৈ পালে। মদ খাই আহি ৰাকেশে ঘৰত কাজিয়া কৰা হ’ল, সাধাৰণ কথাতে নীলিমাক মাৰধৰ কৰা হ’ল। সেয়ে সংসাৰত সদায় অশান্তি লাগি থকা হ’ল। সুখৰ সপোন দেখি বিয়া হোৱা নীলিমাৰ জীৱন দুখ-কষ্টেৰে ভৰি পৰিল।

এদিন নীলিমাৰ দেউতাকে জীয়েকৰ অৱস্থা দেখি মৰ্মাহত হৈ পৰিল। অনুশোচনাত তেওঁৰ হৃদয় দগ্ধ হ’বলৈ ধৰিলে। তেওঁ ওচৰ-চুবৰীয়াৰ আগত অনুশোচনা কৰি ক’লে- তেতিয়া আপোনালোকৰ কথাত গুৰুত্ব নিদিয়াৰ ফল হাতে হাতে পালো। ধন-সম্পত্তি থকা ল’ৰাৰ লগত বিয়া দি উলিয়াই দিলে নীলিমা সুখী হ’ব বুলি ভাবি আপোনালোকৰ কথা তেতিয়া নুশুনিলোঁ। আপোনালোকৰ কথাত গুৰুত্ব দি ধন-সম্পত্তিৰ সলনি যদি ল’ৰাজনৰ চৰিত্ৰ আৰু স্বভাৱ বিচাৰিলোহেঁতেন,  তেনেহ’লে আজি এই দিন চাব লগা নহ’লহেঁতেন।”

তেতিয়া গাঁৱৰে বয়োবৃদ্ধ এগৰাকী লোকে ক’লে- বিয়াৰ ক্ষেত্ৰত ধন-সম্পত্তি বা বাহ্যিক চাকচিক্যতকৈ মানুহৰ চৰিত্ৰ, অভ্যাস আৰু ব্যৱহাৰ অধিক গুৰুত্বপূৰ্ণ। ভুল মানুহক জীৱনসংগী হিচাপে বাছনি কৰিলে তাৰ বেয়া পৰিণাম বহু সময়ত গোটেই জীৱন ভুগিবলগীয়া হয়।

সংগ্ৰামৰ ফল

শওপুৰ বৰপেটাৰ এখন সৰু গাঁও। শওপুৰত ৰফিক নামৰ এজন শ্ৰমিকৰ ল’ৰা আছিল। মাক-দেউতাক দুয়োজনেই কৰ্মসূত্ৰে চহৰত থাকিবলগীয়া হৈছিল। ফলত ৰফিকে ঘৰখনত অকলে থাকি পঢ়া-শুনা চলাই গৈছিল।

মাত্ৰ তেৰ বছৰ বয়সতে ৰফিকে নিজেই ঘৰখনৰ সকলো কাম-কাজ নিজে চম্ভালাৰ লগতে ৰন্ধা-বঢ়া কৰি খাব লগা হৈছিল। তথাপি সি কোনো পৰিস্থিততে স্কুল খতি নকৰিছিল আৰু সময়মতে স্কুললৈ গৈছিল। বহুতে ৰফিকৰ অৱস্থা দেখি দুখ প্ৰকাশ কৰিছিল যদিও সি কেতিয়াও নিজৰ দুখ-কষ্টক অজুহাত বনোৱা নাছিল।

সৰুৰে পৰাই তাৰ সপোন আছিল ভাৰতীয় সেনাত যোগদান কৰাৰ। সেইবাবে লিখা-পঢ়াৰ উপৰিও সি প্ৰতিদিনে ৰাতিপুৱা সোনকালে উঠি দৌৰ, ব্যায়াম আৰু বিভিন্ন অনুশীলন কৰিছিল। গৰম হওক বা বৰষুণ, সি কেতিয়াও অনুশীলন এৰা নাছিল।

বছৰ পাৰ হ’ল। কঠোৰ পৰিশ্ৰম, আত্মবিশ্বাস আৰু ধৈৰ্যৰ বলত অৱশেষত সি সেনা নিয়োগ পৰীক্ষাত সফল হ’ল। ভাৰতীয় সেনাত যোগদানৰ খবৰ পাই মাক-দেউতাকৰ চকুত আনন্দৰ চকুপানী ওলাই আহিল।

সিদিনা গাঁৱৰ সকলোৱে বুজি পালে— জীৱনত সফল হ’বলৈ ধন-সম্পত্তিতকৈ বেছি প্ৰয়োজন কঠোৰ পৰিশ্ৰম, শৃংখলা আৰু নিজৰ সপোনৰ প্ৰতি অটল বিশ্বাস।  .

লোভৰ শাস্তি

সুমি নামৰ এজনী শান্ত-ভদ্ৰ ছোৱালীজনীৰ ওচৰৰে এখন গাঁৱত বিয়া হৈছিল। বিয়াৰ সময়ত সুমিৰ দেউতাকে নিজৰ সামৰ্থ্য অনুসৰি বহু সামগ্ৰী জোঁৱাই ঘৰক উপহাৰ হিচাপে আগবঢ়াছিল। কিন্তু বিয়াৰ কিছুদিন পাছৰ পৰা স্বামীৰ ঘৰখনে অধিক টকা আৰু এখন মটৰচাইকেল যৌতুক হিচাপে দাবী কৰিবলৈ ধৰিলে।

সুমিৰ দেউতাকৰ অৱস্থা সিমান ভাল নাছিল। কৃষক মানুহ। কোনোমতে জোৰা-তাপলি মাৰি সংসাৰখন চলাইছিল। সেয়ে সুমিৰ স্বামীৰ পৰিয়ালৰ দাবী পূৰণ কৰাটো তৰ কাৰণে সম্ভৱ হোৱা নাছিল। ফলত এটা সময়ত স্বামীৰ পৰিয়ালে সুমিৰ ওপৰত মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলাবলৈ ধৰিলে। সৰু-সুৰা কথালৈয়ে তাইক গালি-শপনি পাৰিবলৈ ধৰিলে। তথাপিও সুমিয়ে সকলো নিৰ্যাতন ধৈৰ্য ধৰি সহ্য কৰি আছিল।

অৱশেষত সুমিৰ ধৈৰ্ষৰ বান্ধ ছিগিল। লাহে লাহে অত্যাচাৰৰ মাত্ৰা বাঢ়ি যোৱাত তাই গাঁৱৰে এগৰাকী অধিবক্তাৰ শৰণাপন্ন হ’ল।অধিবক্তা গৰাকীয়ে ক’লে যে- যৌতুক সমাজৰ এক কু-প্ৰথা। যৌতুক দাবী কৰা আৰু তাৰ বাবে নিৰ্যাতন চলোৱা কেৱল অনৈতিকেই নহয়, ই আইনগতভাৱেও দণ্ডনীয় অপৰাধ। সেয়ে তুমি আইনৰ সহায় লোৱা। তুমি নিশ্চয় জয়ী হ’বা।

অৱশেষত অধিবক্তাগৰাকীৰ পৰামৰ্শ মতে সুমিয়ে আইনৰ সহায় ল’লে। তদন্তৰ অন্তত সত্য পোহৰলৈ আহিল। সাক্ষী-প্ৰমাণৰ ভিত্তিত আইনে দোষীসকলক শাস্তি প্ৰদান কৰিলে।

সিদিনা সুমিয়ে উপলব্ধি কৰিব পাৰিলে যে, অন্যায়ৰ আগত মূৰ দোঁৱাই থকাতকৈ সাহসেৰে তাৰ প্ৰতিবাদ কৰা উচিত। কাৰণ হলাগছ পালে আটায়ে বাগি কুঠাৰ মাৰে।

চৰাইৰ বাবে ৰফিকৰ লিচু

ৰফিক এজন দুখীয়া খেতিয়ক। খেতি-বাতি কৰি তেওঁ কোনো মতে পৰিয়ালটো পোহপাল দিয়ে। তেওঁৰ ঘৰৰ চোতালত কে’বাটাও লিচু গছ আছিল। গ্ৰীষ্মকাল আহিলেই গছবোৰ পকা পকা লিচুৰে ভৰি পৰিছিল।

গাঁৱৰ আন খেতিয়কসকলে নিজৰ লিচু বাদুলি আৰু চৰাইৰ পৰা বচাবলৈ গছত জাল লগাই দিয়ে। কিন্তু ৰফিকে কেতিয়াও তেনে নকৰিছিল। প্ৰতিদিনে পুৱাতে চৰাই, শালিকা, বুলবুলি আৰু আন বহুতো পখীয়ে গছত বহি মিঠা লিচু খাই থকা দেখি তেওঁ তৃপ্তি লাভ কৰিছিল।

এদিন এজন ওচৰ-চুবুৰীয়াই সুধিলে- ৰফিক ভাই, প্ৰতি বছৰ দেখা পাও তোমাৰ লিচু গছ ভৰি লিচু লাগে।  তুমি দুখীয়া মানুহ। লিচু বিক্ৰী কৰিলে তুমি বহুত টকা  পাবা। গছত জাল নিদিয়া কিয়? চৰাইবোৰে তোমাৰ বহু লিচু খাই পেলায় দেখোন!”

ৰফিকে হাঁহি মাৰি ক’লে- এই পৃথিৱীখন কেৱল মানুহৰ বাবেই নহয়। এই পখীবোৰৰো জীয়াই থকাৰ অধিকাৰ আছে। আল্লাই মোক যিমান দিছে, তাৰ পৰা অলপ যদি সিহঁতে খায়, তাত মোৰ আপত্তি নাই।

ৰফিকৰ কথা শুনি মানুহজন নীৰৱ হৈ গ’ল। সঁচাকৈয়ে, দৰিদ্ৰ হ’লেও ৰফিকৰ মনটো আছিল অতি ধনী। তেওঁ জানিছিল যে, প্ৰকৃতিৰ সৈতে ভাগ-বতৰা কৰি খোৱাতেই আছে প্ৰকৃত সুখ আৰু মানৱতা।

চুবুৰীয়া মানুহজনে ৰফিকৰ কথা শুনি উপলব্ধি কৰিব পাৰিলে,মানুহৰজীৱ-জন্তু, চৰাই-চিৰিকটিৰ প্ৰতিদয়া আৰু সহানুভূতি থকাটো অতি জৰুৰী।কাৰণ মানুহৰ দৰে আন আন প্ৰাণীৰো এই পৃথিৱীত জীয়াই থকাৰ অধিকাৰ আছে।

ৰহিমৰ যোগাভ্যাস আৰম্ভণী

ৰহিম এজন কষ্টপৰায়ণ যুৱক। দেখাত স্বাস্থ্যবান হ’লেও সি নানা ধৰণৰ বেমাৰত ভূগি আছিল। ফলস্বৰূপে ডেকা বয়সতে তাৰ স্বাস্থ্য দিনে দিনে অৱনতি হৈ আছিল। তাৰ স্বাস্থ্যৰ অৱনতি দেখি গাঁৱৰ মানুহে চিন্তা প্ৰকট কৰি কৈছিল- এই বয়সতে তোমাৰ শৰীৰৰ এই অৱস্থা, বয়স হ’লে তেতিয়া কি কৰিবা। চহৰলৈ গৈ ভাল ডাক্তৰ দেখুৱাই চিকিৎসাৰ ব্যৱস্থা কৰাগৈ।

ৰহিম ডাক্তৰৰ ওচৰলৈ ষোৱাৰ আগতেই এদিন গাঁৱখনলৈ এজন যোগা শিক্ষক আহিল। তেওঁ ৰহিমৰ ভগ্নস্বাস্থ্য আৰু শাৰীৰিক দুৰ্বলতা দেখি ক’লে- তুমি যদি নিয়মিতভাবে যোগা অভ্যাস কৰা, তেন্তে তোমাৰ শৰীৰ আৰু মন দুয়োটাই অধিক সুস্থ আৰু শক্তিশালী হ’ব। তেতিয়া তুমি ডাক্তৰৰ ওচৰলৈ যোৱাৰ প্ৰয়োজনে নহ’ব। এষাৰ কথা সদায় মনত ৰাখিবা, সুস্থ দেহতহে সুস্থ মন থাকে। যোগাই শৰীৰ আৰু মন দুয়োটাকে সুস্থ কৰি ৰাখে।

শিক্ষকজনৰ কথাত ৰহিম উৎসাহিত হ’ল। সৌভাগ্যক্ৰমে সিদিনা আছিল ২১ জুন- আন্তঃৰাষ্ট্ৰীয় যোগা দিৱস। সেই বিশেষ দিনটোতেই ৰহিমে যোগা শিকাৰ সংকল্প ল’লে আৰু শিক্ষকজনৰ পৰা সি প্ৰাণায়াম আৰু বিভিন্ন সহজ যোগাসন শিকিবলৈ আৰম্ভ কৰিলে।

দিন বাগৰাৰ লগে লগে ৰহিমে অনুভৱ কৰিলে যে, যোগাই তাৰ মন শান্ত কৰিছে, একাগ্ৰতা বৃদ্ধি কৰিছে আৰু শৰীৰকো অধিক সবল কৰি তুলিছে। পাছত সি নিজেও গাঁৱৰ আন যুৱক-যুৱতীসকলক যোগা কৰিবলৈ উৎসাহিত কৰিবলৈ ধৰিলে।

এইদৰে ২১ জুনৰ যোগা দিৱসত লোৱা এটা সিদ্ধান্তই ৰহিমৰ জীৱনলৈ সুস্বাস্থ্য, আত্মবিশ্বাস আৰু সুখৰ নতুন পোহৰ কঢ়িয়াই আনিলে।           

কাইলৈৰ ভৰসা নাই

হৰেণ দাস গাঁৱৰ এজন পচাত্তৰ বছৰীয়া বৃদ্ধ। তেওঁ সৎ আৰু সৰল স্বভাৱৰ মানুহ হিচাপে সকলোৰে মাজত পৰিচিত আছিল।

এদিন পুৱাতে তেওঁ গাঁৱৰ চাহ দোকান এখনলৈ গৈ চাহ খালে। চাহ খাই টকা দিবলৈ পকেটত হাত দি তেওঁ আচৰিত হ’ল। পকেটত এটাও টকা নাই। লাজে লাজে তেওঁ দোকানীক ক’লে- বোপা, আজিকালি বয়স হৈছে, টকা আনিবলৈ পাহৰিলোঁ। কাইলৈ আহি তোমাৰ টকা দি যামহি।

দোকানীয়ে বৃদ্ধজনক ভালদৰে চিনিছিল। তেওঁৰ সততাৰ ওপৰত দোকানীৰ সম্পূৰ্ণ বিশ্বাসো আছিল। সেয়ে সি হাঁহি মাৰি ক’লে- কোনো অসুবিধা নাই ককা, আপুনি যেতিয়া সময় পাব তেতিয়াই আহি দি গ’লেই হ’ল।

কিন্তু সিদিনাই আবেলি বৃদ্ধগৰাকী পুনৰ দোকানখনলৈ আহি দোকানীজনক চাহৰ দাম দিলে।

দোকানীয়ে আচৰিত হৈ ক’লে- ককা, আপুনি তো কাইলৈ দিয়াৰ কথা কৈছিল। আজিয়ে কিয় আহিল? কাইলৈ দিলেই হ’লহেঁতেন।”

বৃদ্ধজনে মিচিকিয়াই হাঁহি ক’লে- বোপা, মোৰ বয়স এতিয়া পচাত্তৰ বছৰ। কাইলৈ কি হ’ব কোনে জানে? যদি কাইলৈ মই জীয়াই নাথাকোঁ, তেন্তে তোমাৰ ধাৰটো বাকী থাকি যাব দেখোন। সেইকাৰণে আজিয়ে পৰিশোধ কৰি দিলোঁ।”

বৃদ্ধজনৰ কথা শুনি দোকানীয়ে গভীৰভাৱে ভাবিলে। সঁচাকৈয়ে, জীৱনৰ কোনো নিশ্চয়তা নাই। সৎ মানুহে কেতিয়াও নিজৰ ঋণ বা দায়িত্ব পিছুৱাই নথয়।আজিৰ কাম কাইলৈৰ কাৰণে পেলাই থোৱা উচিত নহয়। কাৰণ কাইলৈ কি হ’ব কোনে জানে!গতিকে সময়ৰ কাম সময়ত কৰা উচিত। জীৱনত সততা আৰু দায়িত্ববোধেই হ’ল মানুহৰ আটাইতকৈ ডাঙৰ সম্পদ।

 ভুল সিদ্ধান্তৰ ফল

নাজমা নামৰ এগৰাকী বিবাহিতা মহিলাই সুখে-শান্তিয়ে স্বামীৰ লগত সংসাৰ কৰি আছিল। স্বামীৰ অৱস্থা ভাল নাছিল। দুখীয়া কাৰণে তাইৰ গিৰিয়েকে গহনা-গাঁঠৰি বনাই দিব পৰা নাছিল। ইফালে তাইৰ গিৰিয়েক দেখিবলৈকো ধুনীয়া নাছিল। পক্ষান্তৰে নাজমা দেখিবলৈ খুবেই ধুনীয়া আছিল। আটায়ে তাইৰ ৰূপৰ প্ৰশংসা কৰিছিল। সেয়ে গাঁৱৰ কোনো অনুষ্ঠানলৈ গ’লে তাই হীনমান্যতাত ভূগিছিল। এই সুযোগত বহু সময়ত গাঁৱৰ কিছুমান মহিলাই তাইৰ কাণ ভৰাই থাকিছিল— তোমাৰ নিচিনা এজনী ধুনীয়া তিৰোতাই কেনেকৈ এই দুখীয়া গিৰিয়েকৰ লগত ঘৰ-সংসাৰ কৰি আছা ভাবিলে আচৰিত লাগে। তোমাক ভাল এপদ গহনা দিব নোৱাৰে। কেমিকেলৰ গহনা পিন্ধি অনুষ্ঠানলৈ আহিব লগীয়া হয়। তাৰ মানে তোমাৰ স্বামীয়ে তোমাক মুঠেই গুৰুত্ব নিদিয়ে।  এনেকোৱা স্বামীৰ সংসাৰ কৰাতকৈ তুমি তালাক লৈ বাপেকৰ ঘৰলৈ গুচি যোৱাই উচিত। তালাক লৈ গুচি গ’লে তোমাৰ কাৰণে ভাল ভাল ঘৰৰ পৰা সম্বন্ধ আহিব। আমিয়ে তোমাৰ বিয়াৰ ব্যৱস্থা কৰি দিব পাৰিম…. ইত্যাদি.. ইত্যাদি।

এটা সময়ত আনৰ কথাত বিশ্বাস কৰি নাজমাই কোনো গুৰুত্বপূৰ্ণ সমস্যা নথকাৰ পাছতো সাধাৰণ কথাত স্বামীৰ লগত কাজিয়া কৰি শেষত তালাক লৈ পিতৃ-মাতৃৰ ঘৰলৈ গুচি আহিল।

আৰম্ভণিতে পিতৃ-মাতৃয়ে তাইক মৰমেৰে ৰাখিছিল যদিও দিন বাগৰাৰ লগে লগে ঘৰখনৰ পৰিস্থিতি সলনি হ’বলৈ ধৰিলে। ভাইৰ নবৌয়েকে তাইক বোজা বুলি ভাবিবলৈ আৰম্ভ কৰিলে। এটা সময়ত ঘৰৰ সৰু-সুৰা সিদ্ধান্ততো তাইৰ মতামতৰ কোনো মূল্য নথকা হ’ল। যিসকল মানুহে তাইক তালাক ল’বলৈ উচটনি দিছিল, বিপদৰ সময়ত তেওঁলোকো তাইৰ কাষ চাপি নাহিল।

এদিন নাজমাই কান্দি কান্দি মাকক ক’লে- আনৰ কথাত বিশ্বাস কৰি মই নিজৰ সুখৰ সংসাৰখন নষ্ট কৰি পেলালোঁ। এতিয়া মই ইকুল-সিকুল দুয়ো কুল হেৰুৱালোঁ।

তেতিয়া মাকে জীয়েকক দুখেৰে ক’লে- জীৱনৰ ডাঙৰ সিদ্ধান্ত কেতিয়াও আনৰ প্ৰৰোচনাত ল’ব নালাগে। নিজৰ বিবেক আৰু বাস্তৱ অৱস্থা বুজি সিদ্ধান্ত ল’ব লাগে।স্বামীৰ ঘৰখনে স্ত্ৰীৰ কাৰণে আটাইতকৈ নিৰাপদ ঠাই। আনৰ উচটনিত তুমি এইদৰে তালাক লৈ গুচি অহাটো মুঠেই উচিত হোৱা নাই। বিবেচনা-বুদ্ধি আৰু বাস্তৱ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰিহে জীৱনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা উচিত।

 নবৌৰ ব্যৱহাৰ

জাহানাৰা দুই সন্তানৰ জননী। তাই সৰুতেই পিতৃ-মাতৃক হেৰুৱাইছিল। ককায়েকে তাইক ওচৰৰে গাঁও এখনত বিয়া দি উলিয়াই দিছিল। স্বামীৰ ঘৰত তাই সুখে-দুখে সংসাৰ কৰি আছিল যদিও মাজে মাজে ককায়েকৰ ঘৰলৈ গৈ মনটোক অলপ সান্ত্বনা দিছিল।

এদিন তাই দুই সন্তানক লগত লৈ কেইদিনমানৰ কাৰণে ককায়েকৰ ঘৰলৈ ফুৰিবলৈ আহিল। তাইক দেখি ককায়েক বৰ আনন্দিত হ’ল যদিও ককায়েকৰ ঘৈণীয়েকে তাইক ভালদৰে আদৰ-সাদৰ কৰাৰ সলনি পাকে-প্ৰকাৰে বেয়া ব্যৱহাৰ কৰিবলৈ ধৰিলে। খোৱাৰ সময়ত অসন্তুষ্টিৰ ভাব প্ৰকাশ কৰিবলৈ ধৰিলে।

সকলো জানি-বুজিও জাহানাৰাই দুদিনমান সকলো কথা নীৰৱে সহ্য কৰি থাকিল। তাই জানে, সোনকালে গুচি আহিলে তাই গিৰিয়েকৰ হেজাৰটা প্ৰশ্নৰ সন্মুীন হ’ব লাগিব। কাৰণ তাই এসপ্তাহমান থকাৰ কথা কৈ আগিছে গিৰিয়েকক।

দুদিনমান থকাৰ পাছত তাই ভাবিলে, ককায়েকৰ সংসাৰত অশান্তি সৃষ্টি কৰাটো উচিত নহ’ব। সেয়ে তাই দুদিন পাছত ঘৰলৈ উভতি আহিল। সোনকালে উভতি অহা দেখি গিৰিয়েকে সন্দেহ প্ৰকাশ কৰি সুধিলে- এসপ্তাহমান থকাৰ কথা কৈ গ’লা আৰু দুদিনমান থাকিয়ে গুচি আহিলা যে! কিবা কাজিয়া-পেচাল কৰি আহিলা নেকি?

কোনো লুকঢাক নকৰাকৈ জাহানাৰাই গিৰিয়েকক সকলো কথা ভাঙিপাতি ক’লে। গিৰিয়েকে তেতিয়া কোনো ধৰণৰ অভিযোগ নকৰি তাইক সান্ত্বনা দি ক’লে- তুমি ঠিকেই কৰিছা। য’ত সন্মান নাথাকে, তাত বেছি দিন থকা উচিত নহয়।   তোমাৰ সন্মান মানে মোৰো সন্মান। তোমাৰ সন্মান আৰু মৰ্যাদাই মোৰ বাবে আটাইতকৈ ডাঙৰ।

স্বামীৰ এই কথাত জাহানাৰাৰ মনটো অলপ ফৰকাল হ’ল। তাই বুজি পালে যে প্ৰকৃতাৰ্থত আপোন মানুহ সেইজনেই, যিজনে দুখৰ সময়ত মৰম আৰু সান্ত্বনা দিয়ে।

গৰু-ছাগলী আৰু ধানখেৰৰ বাবে হোৱা দুৰ্ঘটনা

বৰপথাৰ গাঁৱৰ মাজেৰে যোৱা ব্যস্ত পকী ৰাস্তাটোত প্ৰতিদিনে বহু বাইক, চাৰিচকীয়া গাড়ী আৰু অন্যান্য বাহন চলাচল কৰে। কিন্তু কিছুমান লোকে নিজৰ সুবিধাৰ বাবে ৰাস্তাৰ কাষতে গৰু-ছাগলী এৰাল দিয়ে আৰু ধানখেৰ, মৰাপাট আদি শুকুৱাবলৈ দিয়ে। ফলত ৰাস্তাখন বহু সময়ত বিপজ্জনক হৈ পৰিছিল।

এদিন কলেজলৈ যোৱা ৰাহুল নামৰ এজন যুৱকে বাইক চলাই গৈ থাকোঁতে ৰাস্তাৰ কাষতে এৰাল দি থোৱা ছাগলী এটা হঠাতে ৰাস্তাৰ মাজলৈ দৌৰি আহিল। ছাগলীটোক বচাবলৈ গৈ ৰাহুলৰ বাইকখন নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল। ফলত ৰাহুল গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ’ল আৰু তাক চিকিৎসালয়লৈ নিবলগীয়া হ’ল।

এই ঘটনাৰ পাছত গাঁওবাসীয়ে উপলব্ধি কৰিলে যে সামান্য অসাৱধানতাই আনৰ জীৱন বিপন্ন কৰিব পাৰে। সিদিনাৰ সেই দুৰ্ঘটনাৰ পাছত গাঁৱৰ সকলোৱে উপলব্ধি কৰিব পাৰিলে যে, নিজৰ সুবিধাৰ বাবে ৰাজহুৱা পথ ব্যৱহাৰ কৰি আনৰ জীৱন বিপদত পেলোৱাটো কেতিয়াও উচিত নহয়। পথ সুৰক্ষিত কৰি ৰখাটো সকলো নাগৰিকৰ দায়িত্ব।

সিদিনা তেওঁলোকে প্ৰতিজ্ঞা কৰিলে—ৰাস্তাৰ ওপৰত বা দাঁতিত তেওঁলোকে গৰু-ছাগলী এৰাল নিদিব, ধানখেৰ বা আন কোনো শস্য শুকুৱাবলৈ নিদিব আৰু পথ সুৰক্ষিত কৰি ৰাখিব।

দুখৰ মূল্য

গুৱাহাটী চহৰৰ এটা ৰিক্সা ষ্টেণ্ডত দিনটোৰ কাম শেষ কৰি দুজন ৰিক্সাওৱালা বহি আছিল। এজনৰ নাম কৰিম, আনজনৰ নাম ৰহিম।

কৰিমে দীঘলকৈ নিশ্বাস এৰি ক’লে- ভাই, লক্ষ্য কৰিছানে? দুখ কেতিয়াও বিচাৰিব নালাগে। ই নিজেই অযাচিতভাবে আহি দুৱাৰত থিয় হয়। কিন্তু সুখ? তাক বিচাৰি গোটেই জীৱন দৌৰিলেও বহু সময়ত পোৱা নাযায়।”

ৰহিমে মৃদু হাঁহি মাৰি ক’লে-তুমি একেবাৰে সঁচা কথাকে কৈছা। মই ভাবিছিলোঁ, বেছি উপাৰ্জন কৰিলেই সুখী হ’ম। উপাৰ্জন বাঢ়িল, কিন্তু ঘৈণীয়েক অসুস্থ হ’ল। চিকিৎসাত সকলো টকা শেষ হ’ল। তেতিয়াহে বুজিলোঁ, সুখ টকাত নহয়, সুখ নামৰ বস্তুটো থাকে মনত। হাইস্কুলত পঢ়োঁতে আনন্দ চন্দ্ৰ আগৰৱালাৰ সুখ নামৰ এটি কবিতাত পঢ়িছিলো- সুখৰ দুখৰ মনেই কাৰণ, মনক কৰিবা থিত; ত্যাগত লভিবা পৰম সন্তোষ, সাধিবা লোকৰ হিত।

কৰিমে ক’লে- কবিয়ে একেবাৰে সঁচা কথাকে কৈছে, ভাই।  দিন-ৰাতি কষ্ট কৰোঁ, তথাপিও অভাৱ নাযায়। সুখ নামৰ বস্তুটোৰ পিছে পিছে ঢাপলি ফুৰোঁ, তথাপি সুখৰ সন্ধান নাপাও। কিন্তু আজি এজন বৃদ্ধ মানুহ লগ পাইছিলো। তেওঁৰ ভাড়া নাছিল। বাছত আহোঁতে কোনোবা পকেটমাৰে লুটি নিছিল।  তেওঁ বেমাৰী চাবলৈ জিএমচিলৈ যাব। মোক কথাটো ক’লে। বৃদ্ধ মানুহ বুলি মোৰ তেওঁৰ প্ৰতি দয়া উপজিল। মই তেওঁক জিএমচিত নমাই দিলোঁ। তেতিয়া বৃদ্ধজনে মোক ধন্যবাদ দি ক’লে- তুমি সৎ মানুহ।তোমাৰ নিচিনা মানুহ আজি-কালি পাবলৈ নোহোৱা হ’ল। আজি তুমি মোৰ যি উপকাৰ কৰিলা জীৱনতো মই এই উপকাৰৰ কথা পাহৰিব নোৱাৰিম। আল্লাহই তোমাৰ মংগল কৰিব।

বৃদ্ধৰ এই কেইটা কথাত মোৰ মনত যি শান্তি পালোঁ, লাখ টকা দিলেও মই এনেকোৱা শান্তি নাপালোঁহেঁতন।

তেতিয়া ৰহিমে ক’লে-  সুখ বাহিৰত বিচাৰিলে নাপাবা। নিজৰ সততা, সন্তুষ্টি আৰু মানুহৰ আশীৰ্বাদৰ মাজতহে প্ৰকৃত সুখ লুকাই থাকে।সুখ আৰুদুখ জীৱনৰ অংশ, দুখ অযাচিতভাবেই আহে যদিও প্ৰকৃত সুখ আহে নিজৰ মন, সততা আৰু মানবিক আচৰণৰ পৰাহে।

দুয়োজনে আকৌ ৰিক্সাত উঠি ঘৰমুৱা হ’ল। কষ্ট সিহঁতৰ জীৱনত থাকিল, কিন্তু মনত নতুন উপলব্ধি জাগিল— দুখ নিবিচৰাকৈ আহে, কিন্তু সুখ লাভ কৰিব বিচাৰিলে সৎ কৰ্ম, ধৈৰ্য আৰু সন্তুষ্টিৰ পথ বাছি ল’ব লাগে।

 অন্তৰৰ জুই

এখন সৰু গাঁৱত হেমন্ত নামৰ এজন সৰল-শান্ত মানুহ বাস কৰিছিল। গাঁৱৰ সকলো মানুহে তেওঁক সন্মান কৰিছিল। কিন্তু তেওঁক আটাইতকৈ বেছি আঘাত দিছিল তেওঁৰ নিজৰেই আপোন মানুহে। সৰু-সৰু কথাত অপমান, অৱহেলা আৰু কটূ কথাৰে তেওঁৰ হৃদয়খন প্ৰতিদিনে বিদ্ধ কৰিছিল।

এদিন গাঁৱৰ ওচৰৰ বনত জুই লাগিল। মানুহে দূৰৰ পৰাই সেই জুই দেখা পাই পানী ঢালি নুমুৱাবলৈ দৌৰি গ’ল। হেমন্তই দুখভৰা হাঁহিৰে ক’লে- বনৰ জুই সকলোৱে দেখে, কিন্তু অন্তৰৰ জুই কোনেও নেদেখে।

তেওঁৰ চকুৰ পানী কোনেও লক্ষ্য নকৰিলে। আপোন মানুহে দিয়া দুখ তেওঁ কাকো ক’ব নোৱাৰিলে। অব্যক্ত নীৰৱ যন্ত্ৰণাৰ জুইকুৰা তেওঁৰ বুকুত উমি-উমি আমৃত্যু জ্বলি থাকিল।

বনৰ জুই নুমুৱাব পাৰি, কিন্তু আপোন মানুহে দিয়া অন্তৰৰ জুই সহজে নুমুৱাব নোৱাৰি। সেয়ে আপোন মানুহৰ লগত সদায় সতৰ্ক হৈ চলা উচিত।

 মানৱতাৰ সোৱাদ

এখন ব্যস্ত চহৰৰ ৰাস্তাৰ দাঁতিত সাত বছৰীয়া এজনী ছোৱালী আৰু তাইৰ চাৰি বছৰীয়া সৰু ভায়েক বহি আছিল। কিছুদিন আগতেই এক ভয়ংকৰ দুৰ্ঘটনাত সিহঁতৰ মাক-দেউতাকৰ মৃত্যু হৈছিল। নিজৰ বুলি কোনো অভিভাৱক নাছিল, সেয়ে মানুহৰ ওচৰত খুজি-মাগি খাইয়ে সিহঁতৰ দিন পাৰ হৈছিল।

সিদিনা পুৱাৰ পৰা সিহঁতে একো খাবলৈ পোৱা নাছিল। সৰু ভায়েকটোৱে ভোকত ছটফটাই আছিল। ভায়েকৰ অৱস্থা দেখি ছোৱালীজনী অস্থিৰ হৈ উঠিছিল যদিও তাইৰ কৰিবলৈ একো উপায় নাছিল।

ওচৰতে এখন ভাতৰ হোটেল আছিল। দোকানত এজন মানুহে বিৰিয়ানি খাই আছিল। ভায়েকৰ কাতৰ অৱস্থা সহ্য কৰিব নোৱাৰি ছোৱালীজনীয়ে সাহস গোটাই তেওঁৰ ওচৰলৈ গৈ লাহেকৈ ক’লে- ককাই, মোৰ ভায়েকটোৰ বহুত ভোক লাগিছে, অলপ কিবা খাবলৈ দিয়ক। আমি ৰাতিপুৱাৰে পৰা একো খোৱা নাই। ভায়েকটোৱে ভোকত বৰ কষ্ট পাই আছে।

ছোৱালীজনীৰ কথাত মানুহজনৰ দয়া উপজিল। তেওঁ দুয়ো ভাই-ভনীক ভিতৰলৈ মাতি নি গৰম গৰম বিৰিয়ানি খাবলৈ দিলে। বহুদিনৰ পাছত পেট ভৰাই খাবলৈ পাই ভায়েকটোৰ মুখত হাঁহি বিৰিঙি উঠিল। ছোৱালীজনীয়েও চকুপানীৰে মানুহজনক ধন্যবাদ জনালে।

শিক্ষা: পৃথিৱীত ধন-সম্পত্তিতকৈও ডাঙৰ সম্পদ হ’ল মানৱতা। ক্ষুধাৰ্ত মানুহক অন্নদান কৰাটোৱেই হৈছে আটাইতকৈ মহান দান।

ধাৰৰ মূল্য

বিকাশ আৰু দীপক। উভয়ৰ মাজত প্ৰগাঢ় বন্ধুত্ব আছিল। ল’ৰালিৰ পৰা কলেজলৈ দুয়ো একেলগে, একেখন কাঁহীত বহি ভাত খোৱা বন্ধু। কিন্তু দুয়ো আছিল বেকাৰ। সিহঁতে খেতি-বাতি কৰি জীৱিকা নিৰ্বাহ কৰিছিল।এবাৰ বিকাশৰ পুতেকৰ কাৰণে এটা চাকৰিৰ সুযোগ আহিল। পাঁচ লাখমান টকা লাগে। টকাকেইটা দিলেই নিশ্চিতভাবে চাকৰিটো হ’ব। ঘৰৰ ইটো-সিটো বিক্ৰী বিকাশে চাৰি লাখ টকা যোগাৰ কৰিলে। শেষত এক লাখ টকাৰ কাৰণে সি বন্ধুৰ শৰাণাপন্ন হ’ল।

বন্ধুৰ পুতেকৰ চাকৰিৰ কথা শুনি দীপকে “বন্ধুৰ বিপদ মানে মোৰ বিপদ”, এইদৰে ভাবি একো নভবাকৈ মাটি বন্ধকত থৈ টকাখিনি দিলে।

বিকাশৰ ল’ৰাৰ চাকৰিও হ’ল। কিন্তু টকা ঘূৰাই দিয়াৰ নাম নাই। “আজি দিম, কালি দিম” কৈ বিকাশে ছমাহ পাৰ কৰিলে। দীপকে খুজিলেই বিকাশৰ মুখ ক’লা পৰে। লাহে লাহে সি দীপকক এৰাই চলিবলৈ ধৰিলে। বাটত দেখা হলেও বিকাশে মুখ ঘূৰাই নেদেখাৰ ভাও জুৰি পাৰ হৈ যোৱা হ’ল।

গাঁৱৰ মানুহে ক’লে- ধাৰে সোণৰ আঙঠিকো লোহালৈ ৰূপান্তৰ কৰে। বন্ধুত্ব শত্ৰুতালৈ সলনি হোৱাটো কিমান পৰ লাগে। যি দীপক এটা সময়ত তাৰ প্ৰাণৰ বন্ধু আছিল,  টকা উভতাব লাগিব বুলিয়েই সি আজি বিকাশৰ শত্ৰুত পৰিণত হ’ল। টকাই বন্ধুত্ব কিনিব নোৱাৰে, কিন্তু এটা ধাৰে গোটেই জীৱনৰ বন্ধুত্ব ভাঙি দিব পাৰে।

সঁচা বন্ধুত্ব

ৰতন আৰু কৰিম—দুয়ো ওচৰা-ওচৰি গাঁৱৰ বাসিন্দা। ধৰ্ম বেলেগ হ’লেও প্ৰাইমাৰীত পঢ়ি থকা সময়ৰে পৰা তেওঁলোকৰ মাজত এক গভীৰ বন্ধুত্ব গঢ় লৈ উঠিছিল।  সময়ৰ সোঁতত দুয়ো সত্তৰৰ দেওনা পাৰ কৰিছে যদিও তেওঁলোকৰ মাজৰ বন্ধুত্ব এতিয়াও অটুট আছে। কোনো প্ৰলোভন তথা পৰিস্থিতিতেই তেওঁলোকৰ বন্ধুত্বত ফাট মেলা নাই।

তেওঁলোকে বেছি লিখা-পঢ়া শিকা নাই। সেয়ে দুয়ো জীৱনৰ অধিকাংশ সময় খেতি-বাতি কৰি পৰিয়াল পোহপাল দিছে। যুৱক বয়সৰ পৰা শ্ৰমৰ লগত জড়িত হৈ থকাৰ ফলত দুয়ো বৰ্তমানেও তজবজীয়া হৈ আছে। সেয়ে বয়স বাঢ়িলেও ৰতনে এতিয়াও চাইকেল চলায়।

ৰতনে ওচৰৰ বজাৰলৈ যাবলৈ হ’লে কৰিমৰ ঘৰৰ সন্মুখেদি যাব লাগে। সেয়ে বজাৰলৈ যোৱাৰ সময়ত কৰিমৰ ঘৰৰ সন্মুখ পালেই ৰতনে প্ৰতিবাৰেই চাইকেলখন ৰখাই হাঁহিমুখে মাতি কয়- কৰিম আহ। বজাৰলৈ গৈ আছোঁ।  সোনকালে আহি মোৰ চাইকেলৰ পাছত উঠ। কৰিমে জানে ৰতনে কেতিয়া চাইকেল লৈ আহি মাত দিবহি। সে সি সদায় সাজু হৈ ৰতনৰ অপেক্ষাত ৰৈ থাকে। সেয়ে ৰতনে মাত দিয়া লগে লগে সি হাঁহি হাঁহি আহি ৰতনৰ চাইকেলৰ কেৰিয়াৰত বহে। দুয়ো বজাৰলৈ গৈ প্ৰয়োজনীয় বস্তু কিনি নিৰ্দিষ্ট  চাহৰ দোকানত একেলগে চাহ খায় আৰু আগৰ দিনৰ স্মৃতি ৰোমন্থন তৃপ্তি লাভ কৰে।

গাঁৱৰ মানুহে এই দৃশ্য দেখি কয়- ধৰ্মই মানুহক পৃথক নকৰে, মানুহক পৃথক কৰে ধৰ্মান্ধতাইহে। সঁচা বন্ধুত্বৰ কোনো ধৰ্ম, জাতি বা বয়স নাথাকে। পাৰস্পৰিক সন্মান, বিশ্বাস আৰু মৰমেই বন্ধুত্বক আজীৱন অটুট ৰাখে।

 মাক-দেউতাকৰ মূল্য

এখন সৰু চহৰত এজন উচ্চ শিক্ষিত, সহজ-সৰল আৰু ভদ্ৰ যুৱক বাস কৰিছিল। তেওঁ চাকৰি কৰি নিজৰ পৰিয়াল সুখে-শান্তিৰে পোহপাল দি আছিল। কিন্তু তেওঁৰ ঘৈণীয়েকজনী খুবেই ধুৰন্ধৰ আৰু জেদী স্বভাৱৰ আছিল। বিয়াৰ কিছুদিন পাছৰে পৰা তাই শহুৰেক-শাহুৱেকক এৰাই চলিবলৈ ধৰিলে। ফলত ঘৰখনত এক ধৰণৰ অশান্তিৰ পৰিৱেশ বিৰাজ কৰিবলৈ ধৰিলে।

এদিন তাই সুযোগ বুজি স্বামীক ক’লে- তোমাৰ লগত মই বিয়া হৈ আহিছোঁ। গতিকে তোমাৰ সেৱা-শুশ্ৰূযা কৰাৰ বাবে মই দায়বদ্ধ। কিন্তু তোমাৰ মাক-দেউতাকৰ সেৱা-শুশ্ৰূষা কৰাৰ বাবে মই দায়বদ্ধ নহয়। তোমাৰ মাক-দেউতাকক এইখন ঘৰত ৰাখিলে মই মোৰ মাক-দেউতাকৰ ঘৰলৈ গুচি যামহি। এতিয়া সিদ্ধান্ত লোৱা—তুমি তোমাৰ মাক-দেউতাকক লৈ থাকিবা, নে মোক লৈ থাকিবা।

যুৱকজনে কিছু সময় নীৰৱে থাকি ধীৰ-স্থিৰ, শান্ত কণ্ঠত ক’লে- তুমি মোৰ স্ত্ৰী। সুখে-দুখে চিৰদিন লগত থাকিম বুলি অগ্নি সাক্ষী কৰি তোমাক মই স্ত্ৰীৰ মৰ্যদা দি আমাৰ ঘৰলৈ আনিছোঁ। সেয়ে  মই তোমাক ভালো পাওঁ আৰু সন্মানো কৰোঁ। কিন্তু যি মাক-দেউতাকে মোক জন্ম দি ডাঙৰ-দীঘল কৰিছে, পঢ়া-শুনা কৰাই মানুহ কৰিছে, তেওঁলোকক মই কেতিয়াও এৰি দিব নোৱাৰিম। গতিকে তুমি দিয়া চৰ্ত অনুসৰি মোৰ সিদ্ধান্ত এয়ে যে, মই মাক-দেউতাকৰ লগতেই থাকিম। জীৱনসংগী অতি মূল্যৱান, কিন্তু যি মাক-দেউতাকে নিজৰ সকলো ত্যাগ কৰি সন্তানক ডাঙৰ-দীঘল কৰে, তেওঁলোকক সন্মান কৰা আৰু যত্ন লোৱাটো প্ৰতিজন সন্তানৰ নৈতিক দায়িত্ব। মোৰ সিদ্ধান্ত মই তোমাক জনাই দিলো। এতিয়া তোমাৰ সিদ্ধান্ত তুমি গ্ৰহণ কৰা।

স্বামীৰ এই দৃঢ় উত্তৰ শুনি ঘৈণীয়েকজনী স্তব্ধ হৈ গ’ল। পাছত তাই নিজৰ ভুল উপলব্ধি কৰিব পাৰিলে আৰু ক্ষমা খুজি শহুৰেক-শাহুৱেকক নিজৰ মাক-দেউতাকৰ দৰেই সন্মান কৰিবলৈ আৰম্ভ কৰিলে। ফলত ঘৰখন পুনৰ সুখ-শান্তি আৰু মৰমেৰে ভৰি পৰিল।

এজন সৰু ল’ৰাৰ মানৱতা

এদিন ৰাতিপুৱা ৰাহুল নামৰ এজন সৰু ল’ৰাই স্কুললৈ গৈ আছিল। চহৰৰ এটা সৰু গলিৰ দাঁতিত বহি এজনী আধবয়সীয়া দুখীয়া তিৰোতাই নিজৰ দুটা সৰু ল’ৰা-ছোৱালীক লগতলৈ ভিক্ষা খুজি আছিল। তাইৰ চকুত দুখৰ ছাঁ বিৰাজ কৰি আছিল আৰু কাষেদি মানুহ পাৰ হৈ যোৱা মানুহৰ ওচৰত  হাত পাতি তাই  সহায় বিচাৰি আছিল।

তিৰোতাজনীৰ গিৰিয়েক ৰাজমিস্ত্ৰিৰ যোগালি হিচাপে কাম কৰিছিল। এবছৰমান আগতে  তেওঁ এটা বিল্ডিঙৰ পৰা পৰি মৃত্যুমুখত পতিত হৈছে। ফলত সংসাৰৰ সকলো বোজা বৰ্তমান তিৰোতাজনীৰ কান্ধত। আয়ৰ বেলেগ কোনো উৎস নথকাৰ কাৰণে পেটৰ দায়ত অৱশেষত তাই এতিয়া ভিক্ষা খুজিবলৈ বাধ্য হৈছে।

তাইৰ পাঁচ বছৰীয়া ছোৱালীজনী ভোকত অস্থিৰ হৈ কান্দি কান্দি মাকক কৈ আছিল- মা, মোক কিবা এটা খাবলৈ দিয়া। মোৰ বৰ ভোক লাগিছে।

এই দৃশ্য দেখি ৰাহুলৰ মন পমি গ’ল। সি একো নাভাবি নিজৰ টিফিনৰ বাবে মাকে দিয়া ৰুটী উলিয়াই ছোৱালীজনীৰ হাতত দিলে। ভোকাতুৰ ছোৱালীজনীয়ে হাঁহিমুখে সেই খাদ্য খাবলৈ ধৰিলে। ল’ৰাজনৰ উদাৰতা দেখি মাকৰ চকুৰ পৰা কৃতজ্ঞতাৰ অশ্ৰু ওলাই আহিল। তাই হিয়া উজাৰি ৰাহুলক আশীৰ্বাদ দিলে- বোপা, আশীৰ্বাদ কৰিছোঁ, তুমি ডাঙৰ হৈ নিশ্চয় এদিন ডাঙৰ মানুহ হ’বা।

সিদিনা ৰাহুলে হয়তো নিজে টিফিন খাবলৈ নাখালে, কিন্তু এজন ক্ষুধাৰ্ত শিশুৰ মুখত হাঁহি বিৰিঙাই সি টিফিন খোৱাতকৈ বেছি তৃপ্তি পালে।

আত্মসন্মানৰ মূল্য

বিশেষভাবে সক্ষম বিকাশে চহৰৰ এখন ফুটপাথত প্ৰতিদিনে চানাচুৰ বিক্ৰী কৰে। সৰুতে তাৰ পলি’ও হৈছিল। যাৰবাবে তেওঁৰ এখন সৰুৰে পৰা ভৰি পংগু। লাঠি নোহোৱাকৈ তেওঁ খোজ কাঢ়িব নোৱাৰে। তথাপি তেওঁ কেতিয়াও নিজৰ ভাগ্যক দোষাৰূপ নকৰিছিল। ল’ৰালিৰে পৰাই তেওঁ আন দহজন সক্ষম মানুহৰ দৰে নিজৰ কাম নিজে কৰি ভাল পাইছিল। ছয় বছৰমান আগতে তেওঁ যৌৱনৰ ধৰ্ম মানি বিয়া কৰাইছে। বৰ্তমান তেওঁ দুটা সন্তানৰ পিতৃ। ভিক্ষা কৰাৰ পৰিৱৰ্তে তেওঁ চানাচুৰ বিক্ৰী কৰি পৰিয়ালটো পোহপাল দি আছে।

এদিন এজন লোকে তেওঁক ক’লে-  তুমি ইমান কষ্ট কৰি চানাচুৰ বিক্ৰী কৰাতকৈ ভিক্ষা মাগিলে দেখোন ইয়াতকৈ বহুত বেছি টকা উপাৰ্জন কৰিব পাৰিলাহেঁতেন।

বিকাশে তেতিয়া মিচিকিয়া হাঁহি মাৰি  ক’লে- হয়তো বেছি টকা উপাৰ্জন কৰিব পাৰিলোহেঁতেন! কিন্তু মই নিজে পৰিশ্ৰম কৰি সৎভাবে আমাৰ পৰিয়ালটো পোহপাল দিব বিচাৰোঁ। যাতে আমাৰ সন্তানক কোনেও ভিখাৰীৰ সন্তান বুলি উপলুঙা কৰিব নোৱাৰে। কষ্টৰ উপাৰ্জন কম হ’লেও সেই উপাৰ্জনৰ মূল্য ভিক্ষা কৰি পোৱা ধনতকৈ বহুত বেছি। মই প্ৰমাণ কৰিব বিচাৰোঁ, শাৰীৰিক অক্ষমতা মানুহৰ দুৰ্বলতা নহয়। প্ৰকৃতাৰ্থত মানুহৰ প্ৰকৃত শক্তি লুকাই থাকে পৰিশ্ৰম, আত্মসন্মান আৰু সৎ উপাৰ্জনৰ মাজতহে।  

তেওঁৰ কথাখিনি শুনি ওচৰত থিয় হৈ থকা মানুহবোৰ নীৰৱ হৈ গ’ল। বহুতে তেওঁৰ পৰা চানাচুৰ কিনিলে আৰু তেওঁৰ আত্মমৰ্যাদাৰ প্ৰতি সন্মান জনাই তেওঁক প্ৰশংসা কৰিলে।

দুষ্ট বোৱাৰীৰ শিক্ষা

ৰমেন এগৰাকী চৰকাৰী চাকৰিয়াল। ক্ৰৰ্মসূত্ৰে তেওঁ চহৰত থাকিছিল। ঘৰত আছিল তেওঁৰ বৃদ্ধা মাক আৰু পত্নী মীনা। ৰমেন ঘৰত নথকাৰ সুযোগ লৈ মীনাই শাহুৱেকৰ দ্বাৰা ৰন্ধা-বঢ়া, বাচন-বৰ্তন ধোৱালৈকে সকলো কাম কৰাইছিল। কাম কৰিবলৈ কষ্ট হ’লেও ঘৰখনত অশান্তি হ’ব বুলি বৃদ্ধাই সকলো কাম নীৰৱে কৰি গৈছিল।

এদিন ৰমেনে চুবুৰীয়া এজনী তিৰোতাৰ পৰা কথাটো গম পালে। নিজৰ পত্নীক এসেকা দিবলৈ তেওঁ ছুটী লৈ ঘৰলৈ আহি কাকো একো নকৈ এদিন মীনাৰ মাকক মানে শাহুৱেকক ঘৰলৈ মাতি আনিলে। তেওঁ মীনাৰ সন্মুখতে বৃদ্ধা শাহুৱেকক হাঁহি হাঁহি ক’লে- আই, বহুদিন হ’ল মই আপোনাৰ হাতৰ ৰন্ধা খোৱা নাই। গতিকে আজি মোক আপুনি ৰান্ধি খোৱাব লাগিব। মাথোন ৰন্ধাই নহয়, আমাৰ ঘৰত থকা দিনকেইটাত আপুনি ৰন্ধা-বঢ়াৰ লগতে  ঘৰ মোচা, বাচন ধোৱা— সকলো কাম কৰিব। কাৰণ মই চাব খুজোঁ, বৃদ্ধা মানুহে ঘৰৰ কাম কৰিলে দেখিবলৈ কেনেকোৱা লাগে।

এই কথা শুনি মীনাই খঙেৰে ক’লে-  মাৰ এতিয়া বয়স হৈছে। মাই এই বয়সত এতিয়া ইমানসোপা কাম কেনেকৈ কৰিব? মাৰ কষ্ট নহ’ব জানো?

ৰমেনে শান্তভাৱে উত্তৰ দিলে- যদি তোমাৰ মাৰাই এইবোৰ কাম কৰিবলৈ কষ্ট পায়, তেন্তে মোৰ বৃদ্ধা মাই এইবোৰ কাম কৰিবলৈ কষ্ট নাপায় নেকি? তুমি ক’বা, মাক দি তুমি এইবোৰ কাম নকৰোৱা।কিন্তু মিছা মাতিলে লাভ নহ’ব। কাৰণ এই বিষয়ে মোৰ হাতত যথেষ্ট প্ৰমাণ আছে।

মীনাৰ মাকে লগে লগে নিজৰ ছোৱালীক ধমক দি ক’লে- জোঁৱায়ে কোৱা কথাবোৰ সঁচা নেকি? যদি সঁচা হয়, তই শাহুৱেকৰ প্ৰতি খুবেই অন্যায় কৰিছ। এষাৰ কথা মনত ৰাখিবি, শাহুআইও কাৰোবাৰ মাক। তই যি ব্যৱহাৰ আনৰ মাকৰ লগত কৰিছ, সেই একেই ব্যৱহাৰ মোৰ লগত কৰিবলৈ খোজাত এতিয়া আপত্তি কৰিছ কিয়?  জ্যেষ্ঠজনক সন্মান কৰিবলৈ শিক। জ্যেষ্ঠজনৰ আশীৰ্বাদৰ মাজত কল্যাণ নিহিত হৈ থাকে। যদি পুনৰ তই শাহুৱেৰক দি কাম কৰোৱাৰ কথা শুনোঁ, তেনেহ’লে মনত ৰাখিবি, মই দুনাই কোনোদিন তহঁতৰ ঘৰলৈ নাহোঁ।

মাকৰ কথাত মীনাৰ চেতনা উদয় হ’ল। তাই নিজৰ ভুল উপলব্ধি কৰিব পাৰি লাজ পাই শাহুৱেকৰ ভৰিত ধৰি ওচৰত ক্ষমা খুজিলে আৰু কোনোদিনে শাহুৱেকক কামৰ কথা নকয় বুলি প্ৰতিজ্ঞা কৰিলে। সেইদিনাৰ পৰা তাই শাহুৱেকক নিজৰ মাতৃৰ দৰে মৰম আৰু সন্মান কৰিবলৈ আৰম্ভ কৰিলে। ফলত ঘৰখনত শান্তি বিৰাজ কৰিবলৈ ধৰিলে।

 প্ৰকৃত পৰিচয়

এদিন স্কুললৈ গৈ থকা অৱস্থাত সাত-আঠ বছৰীয়া এজন ল’ৰাই এখন জানৰ ওপৰত থকা বাঁহৰ সাঁকো পাৰ হওঁতে হঠাতে ভৰি পিছলি পানীত পৰি গ’ল। জানটো দ আছিল আৰু বাঢ়নি পানীৰে পৰিপূৰ্ণ আছিল। ভূতৰ ওপৰত দানহ পৰাদি ল’ৰাজনে সাঁতুৰিব নাজানিছিল। ফলত পানীত পৰি ল’ৰাজনে ককবকাবলৈ ধৰিলে।

ল’ৰাজনৰ অৱস্থা দেখি পাৰৰ মানুহে হুৱাদুৱা লগালে যদিও কোনেও সাহস গোটাই পানীত নামি ল’ৰাজনক উদ্ধাৰ কৰিবলৈ আগবাঢ়ি নগ’ল।

ঠিক তেতিয়াই কোনেও বিশেষ গুৰুত্ব নিদিয়া তেইছ চব্বিছ বছৰীয়া এজন সাধাৰণ যুৱকে এক মুহূৰ্তও নাভাবি পানীত জঁপিয়াই পৰিল। নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি তেওঁ সোঁতৰ লগত যুঁজি ল’ৰাজনক সাৱধানে ধৰি পাৰলৈ তুলি আনিলে। ল’ৰাজনক পাৰলৈ তুলি অনাত উপস্থিত সকলো মানুহে স্বস্তিৰ নিশ্বাস পেলালে আৰু যুৱকজনৰ সাহসক ভূয়সী প্ৰশংসা কৰিলে।

মানুহৰ সঁচা পৰিচয় ধন-সম্পদ, খ্যাতি বা পদবীত নহয়; বিপদৰ সময়ত আনৰ জীৱন বচাবলৈ আগবাঢ়ি যোৱা সাহস আৰু মানৱতাৰ মাজতহে মানুহৰ প্ৰকৃত পৰিচয় লুকাই থাকে।

 অভাৱৰ মূল্য

ধনী ঘৰৰ ল’ৰা ৰাহুলে কেতিয়াও অভাৱ কি, সেয়া বুজা নাছিল। এদিন সি এজন বন্ধুৰ ঘৰলৈ গ’ল। বন্ধুৰ মাকে মাত্ৰ এডাল ৰুটি আৰু অলপ দাইল তিনিজনে ভাগ-বতৰা কৰি খাইছিল। ঘৰখনত চাউল নাছিল, পকেটত এটকাও নাছিল। তথাপিও তেওঁলোকে হাঁহিমুখে অতিথিক আদৰ কৰিছিল।

সেই দৃশ্য দেখি ৰাহুলৰ বুকু কঁপি উঠিল। সি প্ৰথমবাৰৰ বাবে অনুভৱ কৰিলে—খাদ্যৰ অভাৱ মানে কেৱল খালী পেট নহয়; সেয়া লাজ, চিন্তা, অসহায়তা আৰু নীৰৱ কান্দোন। টকা-পইচাৰ অভাৱ মানুহৰ সপোন সৰু কৰি দিয়ে, কিন্তু মৰম আৰু মানৱতা কেতিয়াও সৰু কৰিব নোৱাৰে।

সেইদিনাৰ পাছৰ পৰা ৰাহুলে অপচয় কৰিবলৈ এৰি দিলে আৰু দুখীয়া মানুহক সহায় কৰিবলৈ আৰম্ভ কৰিলে। কিয়নো, যিয়ে অভাৱ বুজে, সিয়েই আনৰ কষ্ট সঁচাকৈ অনুভৱ কৰিব পাৰে।

মাক-দেউতাকৰ লগত খং কৰাৰ মাচুল

ৰাজু এজন কলেজীয়া ছাত্ৰ। এদিন সি দেউতাকৰ লগত সামান্য কথাত খং কৰি কাম বিচাৰি মুম্বাইলৈ গৈ তাত কে’বাদিনো থাকিব লগা হৈছিল। ঘৰৰ পৰা গৈ সি প্ৰথমতে এখন হোটেলত উঠিছিল। ঘৰৰ পৰা যি টকা-পইচা লৈ গৈছিল ৰে’লৰ ভাড়া, হোটেলৰ বিল আৰু খাদ্য খাওঁতে সেই টকা কেইদিনমানৰ ভিতৰতে শেষ হৈ গ’ল। সেয়ে সি হোটেল এৰি দি ৰে’ল ষ্টেচনত থাকিবলৈ ল’লে। হোটেল এৰাৰ সময়ত তাৰ পকেটত মাথোন কেইটামান টকাহে অৱশিষ্ট আছিল। সেয়ে সি ভাতৰ সলনি দুদিনমান বড়াপাও খাই কটালে। দুদিনমান পাছত তাৰ বড়াপাও খোৱাৰ পইচাও নোহোৱা হ’ল। ফলত দুদিনমান ভোকে-লঘোণে থাকি সি অস্থিৰ হৈ উঠিল।

ভোকৰ তাড়নাত অস্থিৰ হৈ সি এদিন এডোখৰ ৰুটীৰ কাৰণে এজন সাধাৰণ চাহ দোকানীৰ শৰণাপন্ন হ’ল। চাহ দোকানীৰ ওচৰত সি ঘৰৰ পৰা খং কৰি অহাৰ পৰা সকলো ঘটনা ভাঙি-পাতি ক’লে। তাৰ কথা শুনি চাহ দোকানীজন তাৰ প্ৰতি সদয় হৈ তাক ভাত খোৱালে।

তাৰ পাছত ৰাজুই দহদিন মান কোনো টকা-পইচা নোলোৱাকৈ চাহ দোকানখনতে বাচন ধোৱা কাম কৰিলে। বাচন ধোৱা কামৰ বাবদ চাহ দোকানীয়ে তাক ৰে’লৰ টিকেট কাটি দি ক’লে- ঘৰৰ পৰা খং কৰি আহে মূৰ্খইহে। যি মাক-দেউতাকে অশেষ কষ্ট কৰি পোহপাল দি ডাঙৰ দীঘল কৰে, সেই মাক-দেউতাকৰ লগত কেতিয়াও খং কৰা উচিত নহয়। তেওঁলোকে কেতিয়াবা কিবা টান কথা ক’ব পাৰে, তথাপিও সেয়া সন্তানৰ মংগলৰ কাৰণেহে কয়। গতিকে খং কৰি কেতিয়াও ঘৰৰ পৰা গুচি অহা উচিত নহয়। যোৱা, ঘৰলৈ গৈ ভালদৰে লিখা-পঢ়া কৰি ভাল মানুহ হোৱাৰ চেষ্টা কৰাগৈ।

চাহ দোকানীৰ কথা শুনি ৰাজুৰ চকুত চকু পানী ওলাই আহিল। ঘৰলৈ উভতি অহাৰ পাছত সি মাক-দেউতাকৰ ওচৰত ক্ষমা খুজিলে আৰু কেতিয়াও মাক-দেউতাকৰ অবাধ্য নহয় বুলি প্ৰতিজ্ঞা কৰিলে।

সহানুভূতিৰ মূল্য

ৰমেন এজন অতি দুখীয়া কৃষক। নিজৰ খেতিৰ মাটি নাই। আনৰ মাটি ঠিকা-ঠুকলি লৈ দিন-ৰাতি কষ্ট কৰি খেতি কৰে। কিন্তু এবাৰ আগতীয়া বানপানীয়ে তেওঁৰ সকলো শস্য ধ্বংস কৰি পেলালে। ফলত ঘৰখনত অভাৱ-অনাটনে দেখা দিলে।

এদিন পুৱা ঘৈণীয়েকে বিষণ্ণ মুখে ক’লে- ঘৰত এমুঠি চাউলো নাই। ল’ৰা-ছোৱালীক কি খাবলৈ দিম?

ঘৈণীয়েকৰ কথা শুনি ৰমেনে চুবুৰীয়াৰ দুৱাৰে দুৱাৰে গৈ ধাৰে চাউল বিচাৰিলে, কিন্তু সকলোৰে অৱস্থা প্ৰায় তেওঁৰ দৰেই বেয়া। সেয়ে তেওঁ ক’তো ধাৰত চাউল নাপালে। পাছত তেওঁ বজাৰলৈ গৈ বাকীত চাউল বিচাৰিলেও যদিও তাতো তেওঁ হতাশ হৈ ঘৰলৈ উভতি আহিল।

অৱশেষত উপায়হীন হৈ তেওঁ বাটৰ দাঁতিত গজা কেইটামান কচু উভালি বজাৰলৈ বিক্ৰী কৰিবলৈ লৈ গ’ল। কিন্তু মানুহে ক’লে- আজি-কালি বজাৰত ইমান উন্নত জাতৰ কচু থাকোঁতে বাটৰ কচু কোনে কিনে? এইদৰে কৈ সকলো গ্ৰাহক ফালৰি কাটি গ’ল।

তথাপি কোনোবা গ্ৰাহকে ল’ব বুলি আশা পালি ৰমেনে কচু লৈ বহি থাকিল। কিন্তু বহু সময় বহি থকাৰ পাছতো এজনো ক্ৰেতা নাহিল। এটা সময়ত সন্ধিয়া লাগি-ভাগি গ’ল। বজাৰত মানুহৰ উপস্থিতি সেৰেঙা হৈ পৰিল। তথাপি ৰমেনে আমন-জিমনকৈ বহিয়ে থাকিল।

ৰমেনক সেইদৰে আমন-জিমনকৈ বহি থকা দেখি এটা সময়ত এজন মানুহ আগবাঢ়ি আহিল। মানুহজনে ৰমেনৰ অসহায় অৱস্থাৰ কথা জানিব পাৰি দয়া পৰৱশ হৈ প্ৰকৃত মূল্যতকৈও বেছি টকা দি কচুবোৰ কিনি ল’লে।

সেই টকাৰে ৰমেনে চাউল, দাইল আৰু প্ৰয়োজনীয় সামগ্ৰী কিনি ঘৰলৈ উভতিল। সিদিনাই তেওঁ উপলব্ধি কৰিলে—মানুহৰ জীৱনত সম্পদতকৈও দয়া আৰু সহানুভূতিৰ মূল্য বহত বেছি। 

মানৱতাৰ ইফতাৰ

দীঘলীয়া ভ্ৰমণৰ পাছত এজন ৰোজাদাৰ মানুহ সন্ধিয়াৰ ঠিক আগমুহূৰ্তত এটি হিন্দু এলেকাত থকা এখন সৰু হোটেলত সোমাল। তেওঁ লাজে-ভয়ে ক’লে- “ভাই, ইফতাৰৰ সময় হৈছে। অলপ পানী পাম নেকি?”

ৰোজাদাৰ বুলি জানিব পাৰি দোকানীজনে কেৱল পানী দিয়েই ক্ষান্ত নাথাকিল। সন্মানৰে বহুৱাই খেজুৰ,কল আদিৰে ৰোজাদাৰ ব্যক্তিজনক ইফতাৰ কৰালে। ওচৰে-পাঁজৰে মছজিদ নথকাত দোকানীজনে ইফতাৰৰ পাছত মানুহজনক দোকানৰ এচুকত নামাজ পঢ়িবলৈও সুবিধা কৰি দিলে। নামাজ শেষ হোৱাৰ পাছত দোকানীজনে কিছু খাদ্য সুন্দৰকৈ পেকেট কৰি ৰোজাদাৰৰ হাতত তুলি দি ক’লে-  এইখিনি লৈ যাওক, ৰাতি খাব পাৰিব।

এই অকৃত্ৰিম মৰমত ৰোজাদাৰজনৰ চকু সেমেকি উঠিল। তেওঁ দোকানীজনৰ হাতত ধৰি ক’লে- “আল্লাহই আপোনাৰ মংগল কৰক। আপুনি ধৰ্ম নহয়, আজি মানুহক সন্মান কৰিলে।”

সিদিনাখন দুয়োজনেই বুজি পালে যে, মানুহৰ আচল পৰিচয় ধৰ্ম নহয়,  আচল পৰিচয় হ’ল মানৱতা

 অভিজ্ঞ ৰাজমিস্ত্ৰী

গোবিন্দপুৰ গাঁৱৰ ৰহিম এজন অভিজ্ঞ ৰাজমিস্ত্ৰী। গাঁৱৰ মানুহে কৈছিল- ৰহিমে ঘৰ বনালে মচলাৰ এক মুঠিও অপচয় নহয়। আন বহুতে ইটা-চিমেণ্ট মিহলাই কামৰ শেষত অযথা বহু মচলা পেলাই দিয়ে। ইটা গাঁথনিৰ সময়তো সঠিকভাবে মচলা ব্যৱহাৰ নকৰাৰ ফলত বহু মচলা অপচয় হয়। কিন্তু ৰহিমে প্ৰয়োজনমতে মচলা তৈয়াৰ কৰি লয় আৰু সেই মচলা সযতনে ব্যৱহাৰ কৰে।ফলত মচলা অপচয় নহয়। কাম শেষ হোৱাৰ পাছতো যদি অলপ মচলা ৰৈও যায়, তেন্তে সেয়া ঘৰৰ সৰু-সুৰা ফাঁক পূৰণত ব্যৱহাৰ কৰে।

এবাৰ এজন কৃষকৰ গৃহ নিৰ্মাণ পাছত কৃষকজনে ৰহিমৰ কামত সন্তুষ্ট হৈ ক’লে- ৰহিমৰ কাৰণে বাজেটতকৈও কম খৰচতে মোৰ গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে। ভাল ৰাজমিস্ত্ৰীয়ে কেৱল সুন্দৰ ঘৰেই নিৰ্মাণ নকৰে, গৃহস্থৰ কষ্টৰ ধনো ৰক্ষা কৰে। দায়িত্বশীলতা আৰু সততাই নিজৰ সুনাম বৃদ্ধি কৰাৰ লগতে আনৰো লাভ আৰু উপকাৰ সাধন কৰে।

হাস্পতালৰ কৰিম

কৰিমৰ বয়স মাত্ৰ বাৰ বছৰ। কিন্তু বয়সতকৈ বহু বেছি কষ্টত সি ডাঙৰ-দীঘল হৈছে। সি দিনটো হাস্পতালৰ চৌহদত অনাই-বনাই ঘূৰি ফুৰে। কোনোবাই ঔষধ আনিবলৈ কলে ঔষধ আনি দিয়ে, কোনোবাই পানী আনিবলৈ ক’লে পানী আনি দিয়ে— এইবোৰ সকলো কাম কৰিমে হাঁহিমুখে কৰি দিয়ে। বিনিময়ত কেতিয়াবা দুটকা-পাঁচটকা পায়, কেতিয়াবা এপেকেট বিস্কুট বা এমুঠি ভাত খাবলৈ পায়।

চাৰি বছৰ আগতে এই একেই হাস্পতালত কৰিমৰ মাকৰ মৃত্যু হৈছিল। মাকৰ মৃত্যুৰ পাছত দেউতাকে পুনৰ বিয়া কৰালে। প্ৰথমতে সতীয়া মাকে মৰম-চেনেহ কৰিছিল, যদিও তাইৰ নিজৰ সন্তান জন্ম হোৱাৰ পাছত কৰিম তাইৰ বাবে বোজা হৈ পৰে। তাক সময়মতে খাবলৈ নিদিয়াৰ লগতে গালি-গালাজ আৰু মাৰপিট কৰিবলৈ ধৰে। মাৰপিট আৰু ভোকৰ তাণ্ডৱ সহ্য কৰিব নোৱাৰি এদিন কৰিম ঘৰ এৰি আহি এইখন হাস্পতালতে আশ্ৰয় গ্ৰহণ কৰে।

মাজে-সময়ে হাস্পতাললৈ আহি থকা এজন বৃদ্ধ ৰোগীয়ে কৰিমক সুধিলে- বোপাই, সদায় তোক এইখন হাস্পতালতে দেখা পাও। তোৰ মা-দেউতাৰ নাই নেকি?

কৰিমে তেতিয়া মানুহজনৰ ওচৰত নিজৰ দুৰৱস্থাৰ কথা ভাঙি-পাতি ক’লে।  মানুহজনে কৰিমৰ দুঃখৰ কথা শুনি দুঃখ প্ৰকাশ কৰি ক’লে- কি কৰিবি বোপাই, সকলো ওপৰৱালাৰ লীলা।   পিচে বোপাই, এনেকৈতো চিৰদিন নচলে! ওপৰৱালাৰ কৃপাত নিশ্চয় তই এদিন ডাঙৰ হ’বি! ডাঙৰ হৈ তই কি হ’ব বিচাৰ?

কৰিমে ম্লান হাঁহি মাৰি ক’লে- ডাঙৰ হৈ মই ডাক্তৰ, ইঞ্জিনিয়াৰ নহ’লেও হ’ব। কিন্তু মই এনে মানুহ হ’ব বিচাৰোঁ, যিয়ে কোনো শিশুক ভোকত থাকিবলৈ নিদিয়ে।

কৰিমৰ কথা শুনি বৃদ্ধজনৰ চকু সেমেকি উঠিল। তেওঁ অনুভৱ কৰিলে—পৃথিৱীৰ আটাইতকৈ ডাঙৰ দুখ হ’ল ভোক আৰু অনাদৰ। এই পৃথিৱীৰ আটাইতকৈ ডাঙৰ সম্পদ ধন নহয়, ডাঙৰ সম্পদ হ’ল মানুহৰ মৰম।

সিদিনাৰ পৰা বৃদ্ধজনে কৰিমৰ পঢ়াৰ দায়িত্ব ল’লে  আৰু কৰিমে বৃদ্ধগৰাকীৰ তত্ত্বাৱধানত থাকি নিজৰ সুৰক্ষিত ভৱিষ্যত গঢ়াৰ কাৰণে আত্মনিয়োগ কৰিলে।

 ট্ৰাক চালক

এজন এম.এ. উত্তীৰ্ণ যুৱকে বহু সপোন লৈ এখন ভেঞ্চাৰ হাইস্কুলত শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। কিন্তু চৰকাৰে স্কুলখন প্ৰাদেশিকৰণ নকৰাৰ ফলত তেওঁৰ সপোনবোৰ ধীৰে ধীৰে ম্লান হৈ পৰিল। সেয়ে উপাৰ্জনৰ কোনো উপায় নেদেখি তেওঁ বেংগালুৰুলৈ গৈ এখন ব্যক্তিগত খণ্ডৰ কোম্পানীত মাহে ১৭ হাজাৰ টকা দৰমহাত চাকৰি কৰিবলৈ ল’লে। কিন্তু সেই চাকৰিত তেওঁ ভৱিষ্যতৰ নিৰাপত্তা নেদেখিলে। কাৰণ তেওঁ যিখিনি টকা উপাৰ্জন কৰে তাৰে সৰহখিনি টকা ঘৰভাড়া খোৱা খৰচতে প্ৰায় শেয হৈ যায়। ঘৰত মাক-দেউতাক আ্ৰৰু দুজনী বিবাহ যোগ্যা ভনীয়েক আছে। ভনীয়েক দুজনীৰ বিয়াৰ লগতে তাৰ নিজৰো বিয়া-বাৰু কৰাব লগা আছে। যুৱকজনে দেখিলে কোম্পানীৰ চাকৰি কৰি তেওঁ এইবোৰ সমস্যা কেতিয়াও সমাধান কৰিব নোৱাৰে।

সেয়ে নানা কথা চিন্তা কৰি অৱশেষত তেওঁ এটা সাহসী সিদ্ধান্ত ল’লে। চাকৰি এৰি আন্তঃৰাজ্য ট্ৰাক চলোৱা আৰম্ভ কৰিলে। বৰ্তমান তেওঁৰ মাহিলী উপাৰ্জন ২০ৰ পৰা ২৫ হাজাৰ টকাৰ ভিতৰত।খোৱা-বোৱাৰ খৰচো ট্ৰাকৰ মালিকেই বহন কৰে। ইয়াৰ উপৰিও তেওঁ ট্ৰাক চলোৱাৰ সুবাদত বিনা খৰচতে ভাৰতৰ বিভিন্ন ৰাজ্য ঘূৰি ফুৰাৰ সুযোগ পাই ভ্ৰমণৰ আনন্দও উপভোগ কৰে।

তেওঁৰ জীৱনৰ শিক্ষা এয়াই যে, সন্মানজনক জীৱন কেৱল ডিগ্ৰী বা পেছাৰ ওপৰত নিৰ্ভৰ নকৰে; সৎ পৰিশ্ৰম, আত্মবিশ্বাস আৰু সময়মতে সঠিক সিদ্ধান্ত লোৱাৰ সাহসেই মানুহক সফলতাৰ পথৰ সন্ধান দিয়ে।

 মানুহৰ প্ৰকৃত পৰিচয়হ’ল আচৰণ

ৰহিম আৰু কৰিম দুজন নলে-গলে লগা বন্ধু। এদিন দুয়ো প্ৰচণ্ড গৰমত ঘামি-জামি চহৰৰ এখন ৰাস্তাৰে খোজ কাঢ়ি গৈ আছিল। ওচৰতে এডাল বট গছ দেখা পাই তেওঁলোকে গৰমৰ পৰা সকাহ পাবলৈ গছজোপাৰ তলত জিৰণি ল’বলৈ বহিল।

গাটো অলপ শাঁত পৰাত কৰিমে নিজৰ বেগৰ পৰা পানীৰ বটলটো উলিয়াই দেখিলে বটলটোত পানী নাই। সেয়ে তেওঁ ৰহিমক উদ্দেশ্য কৰি ক’লে- এটোপাল পানীও নাই দেখোন বলটোত। ইফালে পিয়াহত অণ্ঠ-কণ্ঠ একেবাৰে শুকাই গৈছে। পানী নাখালে মৰি যাম যেন লাগিছে। এতিয়া পানী ক’ত পাও ক’চোন?

তেওঁলোকে জিৰণি ল’বলৈ বহা ঠাইডোখৰৰ ওচৰতে চহৰৰ চাফাই কৰ্মীসকলৰ কল’নি আছিল।  ৰহিমে চাফাই কৰ্মীসকলৰ কল’নিলৈ আঙুলিয়াই ক’লে- “ব’ল, ওচৰৰ সৌখন কল’নিলৈ গৈ পানী খাই আহোঁগৈ।”

কৰিমে অলপ সংকোচেৰে ক’লে- সেয়া দেখোন চাফাই কৰ্মীসকলৰ কল’নি। তেওঁলোকৰ হাতৰ পানী খাবি নেকি?

ৰহিমে হাঁহি মাৰি উত্তৰ দিলে- চাফাই কৰ্মী হ’লেও তেওঁলোকৰ প্ৰথম পৰিচয় মানুহ। মানুহক কামৰ ভিত্তিত সৰু-ডাঙৰ, ভাল-বেয়া বুলি ভবা উচিত নহয়। জাত-পাত বা ধৰ্মতকৈ আচৰণ আৰু মানৱতাই হৈছে বেছি ডাঙৰ। ইয়াৰ আগত মই সেইখন কল’নিৰ এঘৰত এবাৰ পানী খাই পাইছোঁহি। চাফাই কৰ্মী হ’লেও তেওঁলোকে মোক একেবাৰে পৰিষ্কাৰ-পৰিচ্ছন্ন পাত্ৰত পানী খাবলৈ দিছিল।

দুয়ো কল’নিৰে এখন ঘৰলৈ গ’ল। ঘৰখনৰ গৃহিণীগৰাকীয়ে তেওঁলোকক সাদৰে বহুৱাই পৰিষ্কাৰ-পৰিচ্ছন্ন পাত্ৰত ঠাণ্ডা পানী আগবঢ়ালে। পানী খাই দুয়োৰে প্ৰাণ জুৰ পৰিল।

কৰিমে তেতিয়া লাজ পাই ক’লে- আজি বুজিলোঁ, মানুহক কেতিয়াও তেওঁৰ পেছা, জাত-পাত বা ধৰ্মেৰে নহয়, ব্যৱহাৰিক আচৰণৰ জৰিয়তেহে মূল্যায়ন কৰা উচিত। আচৰণেই হ’ল মানুহৰ প্ৰকৃত পৰিচয়।  এষাৰ কথা আছে নহয়- চণ্ডালো চণ্ডাল নহয়, যদি কৃষ্ণ ভজে;
                              ব্ৰাহ্মণো ব্ৰাহ্মণ নহয়, যদি কৃষ্ণ ত্যজে।                     

ধৰ্ম উপাৰ্জনৰ বাটৰ হেঙাৰ নহয়

দুটি সন্তান জন্মৰ পাছতে ৰুকাইয়াই স্বামীক হেৰুৱাই বৈধৱ্যৰ কঠিন বাস্তৱতাৰ সন্মুখীন হ’ল । স্বামীৰ মৃত্যুৰ পাছত স্বামীগৃহে তাইক অৱহেলাৰ চকুৰে চোৱাৰ লগতে নানা ধৰণে শাৰীৰিক আৰু মানসিক নিৰ্যাতিন চলাবলৈ ধৰিলে। শেষত নিৰুপায় হৈ তাই সন্তান দুটি লৈ মাক-দেউতাকৰ ঘৰত আশ্ৰয় ল’ব লগা হ’ল। কিন্তু মাক-দেউতাকৰ ঘৰতো তাইৰ জীৱন সুখৰ নহ’ল। ভাই বোৱাৰীৰ অপমান, অনাদৰ আৰু কটূ কথাই তাইৰ জীৱন অতিষ্ট কৰি তুলিলে।

সেয়ে অৱশেষত সন্তান দুটিৰ সুৰক্ষিত ভৱিষ্যতৰ কথা চিন্তা কৰি তাই দৰ্জি কাম শিকিবলৈ সিদ্ধান্ত ল’লে।  কথাটো পিতৃৰ কৰ্ণগোচৰ হোৱাত তেওঁ উপদেশৰ সুৰত ক’লে- আমাৰ ধৰ্মমতে মহিলাই এইদৰে বাহিৰলৈ গৈ কাম শিকাটো ঠিক নহয়। বাহিৰত কাম শিকিবলৈ গ’লে মানুহে মোক কি বুলি ক’ব?  সমাজত মোৰ সুনাম আছে। সেই সুনাম দেখোন নিমিষতে ধূলিসাৎ হৈ যাব।

ৰুকাইয়াই শান্ত কণ্ঠে উত্তৰ দিলে- আব্বা, ধৰ্মই কেতিয়াও সন্তানক অনাহাৰে ৰাখিবলৈ কোৱা নাই। সৎ উপায়েৰে উপাৰ্জন কৰাটোও একপ্ৰকাৰ ইবাদত। মই কাৰো ওচৰত হাত নেপাতি নিজৰ সন্তান দুটাক সন্মানৰে সৈতে ডাঙৰ কৰিব বিচাৰোঁ।

পিতৃয়ে ক’লে- আমিতো এতিয়াও মৰি যোৱা নাই। আমি থাকোঁতে তোৰ কাম কৰাৰ কি প্ৰয়োজন?

ৰুকাইয়াই পুনৰ শান্ত কণ্ঠত ক’লে- আপোনালোক থকা দিনকেইটা চিন্তা নাই সঁচা। কিন্তু আপোনালোকতো চিৰদিন জীয়াই নাথাকে। আপোনালোকৰ অবৰ্তমানত তেতিয়া মই কি কৰিম?

এই কথা শুনি পিতৃ নীৰৱ হৈ গ’ল। সেই নীৰৱতাই যেন বহুদিনৰ ভুল ধাৰণাক প্ৰশ্ন কৰিলে। পিতৃয়ে উপলব্ধি কৰিব পাৰিলে, ধৰ্মৰ নাম লৈ নাৰীৰ আত্মনিৰ্ভৰশীলতাৰ পথ বন্ধ কৰাটো উচিত নহয়। ধৰ্মই কেতিয়াও মানুহক কৰ্মৰ পৰা আঁতৰাই ৰাখিবলৈ কোৱা নাই; মানুহেই বৰং বহু সময়ত নিজৰ সংকীৰ্ণ ধাৰণাক ধৰ্মৰ নাম দি আনৰ জীৱনৰ উপাৰ্জনৰ দুৱাৰ বন্ধ কৰি দিয়ে।কিন্তু ধৰ্ম কেতিয়াও সৎ উপাৰ্জনৰ বাটৰ হেঙাৰ হোৱা উচিত নহয়।

বাৰ্ধক্যৰ চকুলো

পচাত্তৰ বছৰীয়া আব্দুল কাকাৰ জীৱনত এসময়ত সুখৰ অভাৱ নাছিল। দুজন পুতেক আৰু দুজনী ছোৱালীক ডাঙৰ-দীঘল কৰি বিয়া-বাৰু দি তেওঁ নিজ কৰ্তব্য সম্পূৰ্ণ কৰিছিল। কিন্তু দুবছৰ আগতে পত্নীৰ মৃত্যুৰ পাছতেই তেওঁৰ জীৱন সলনি হৈ গ’ল। সৰু পুতেকৰ ঘৰত থাকিলেও বোৱাৰীয়ে সময়মতে তেওঁক ভাত নিদিছিল, সৰু-সৰু কথাতে তেওঁকলৈ পুতেকৰ লগত অশান্তি কৰিছিল। নিজৰ বাবে পুতেকৰ সংসাৰত অশান্তি হোৱাটো সহ্য কৰিব নোৱাৰি এদিন আব্দুল কাকা নীৰৱে ঘৰ এৰি চহৰলৈ গুচি আহিল।

এতিয়া তেওঁ এটা মাজাৰত আশ্ৰয় লৈ ৰঘুমলাৰ দৰে পৰৰ ওপৰত নিৰ্ভৰশীল হৈ জীয়াই আছে। মানুহে দয়া পৰৱশ হৈ খাবলৈ দিলে খায়, নহ’লে ভোকে-লঘোনে দিন পাৰ কৰে। কেতিয়াবা তেওঁ চকুলো টুকি হুমুনিয়াহ কাঢ়ি কয়- “সন্তানক মানুহ কৰিলোঁ, কিন্তু বাৰ্ধক্যত এষাৰ মৰমৰ মাতো নাপালোঁ। কিমান যে দুৰ্ভগীয়া মই।

এদিন এজন সদাশয় যুৱকে তেওঁৰ দুখৰ কাহিনী শুনি তেওঁক নিজৰ ঘৰলৈ লৈ আহিল। কিছুদিন পাছত যুৱকজনে বৃদ্ধৰ পুতেকসকলৰ সৈতে যোগাযোগ কৰি ক’লে- বৃদ্ধ পিতৃ-মাতৃ আমাৰ বোজা নহয়, তেওঁলোক আমাৰ জীৱনৰ বাবে আশীৰ্বাদ।তেওঁলোকক সন্মান আৰু মৰম দিয়াটো সন্তানৰ আটাইতকৈ ডাঙৰ কৰ্তব্য।

এইদৰে বুজোৱাৰ পাছত নিজৰ ভুল বুজিব পাৰি পুতেকসকলে দেউতাকক ঘৰলৈ উভতাই নিলে। ফলত বৃদ্ধৰ চকুত দুখৰ চকুলোৰ সলনি আনন্দৰ চকুলো ওলাই আহিল।

 বানপানী

উজনি অসমত প্ৰচণ্ড বানপানী। চাৰিওফালে কেৱল পানী আৰু পানী। ঘৰৰ চালখনো আধা ডুব গৈছে পানীত। আকাশত বৰষুণ, খেতি-পথাৰ, ঘৰ-দুৱাৰত পানী। বুকুত আতংক।

মধ্যবয়সীয়া পিতৃ ৰমেনে এহাতে পাঁচ বছৰীয়া জীয়েকক বুকুত সাৱটি ল’লে আৰু সাত বছৰীয়া পুতেকক কান্ধত তুলি তেওঁ এবুকু পানী ভাঙি নিৰাপদ আশ্ৰয়ৰ সন্ধানত আগবাঢ়িল। প্ৰবল সোঁতৰ ফলত খোজ পেলোৱাই কঠিন, তথাপিও তেওঁ থমকি নৰ’ল।

জীয়েকে সুধিলে- দেউতা, আমি বাচিম নেকি?

ৰমেনে হাঁহিবলৈ চেষ্টা কৰি ক’লে- নিশ্চয় বাচিম। তুমি কেৱল মোক টানকৈ ধৰি থাকিবা।

মাক কেতিয়া কেতিয়া আনিবলৈ যাবা, দেউতা? পুতেকে সুধিলে।

ঘৈণীয়েকজনীয়ে সাঁতুৰিব নাজানিছিল। সেয়ে মানুহজনে আশ্ৰয় শিৱিৰৰ পৰা নাওলৈ গৈ তাইক উদ্ধাৰ কৰি অনাৰ আশ্বাস দি ঘৰৰ চালৰ ওপৰত বহাই থৈ আহিছিল। সেয়ে তেওঁ জীয়েকক আশ্বাস দিলে- মই তোমালোকক নিৰাপদ স্থানত নমাই থৈ আশ্ৰয় শিৱিৰৰ পৰা নাও এখন লৈ গৈ মাৰক উদ্ধাৰ কৰি লৈ আহিমহি। তোমালোকে চিন্তা নকৰিবা।

দীঘলীয়া সংগ্ৰামৰ পাছত দূৰৈৰ এখন বিদ্যালয়ত বানাক্ৰান্তসকলৰ বাবে নিৰ্মাণ কৰা আশ্ৰয় শিবিৰ পালেহি। আশ্ৰয় শিৱিৰ দেখি সন্তান দুটাই আনন্দত চিঞৰি উঠি ক’লে- আমি ইয়াত থাকিম নেকি, দেউতা?

দেউতাকে ক’লে- এৰা, আমি এইখন আশ্ৰয় শিৱিৰতে থাকিব লাগিব। আমাৰ নিচিনা বানাক্ৰান্তৰ কাৰণেই এইখন আশ্ৰয় শিৱিৰ গঢ়ি তোলা হৈছে। ইয়াত চৰকাৰে আমাৰ কাৰণে খোৱা-লোৱাৰো ব্যৱস্থা কৰিব।

পুতেকে সুধিলে- ইয়াত আমি কিমান দিন থাকিব লাগিব, দেউতা?

দেউতাকে ক’লে-পানী নুশুকোৱালৈকে আমি ইয়াতে থাকিব লাগিব।

পুতেক আৰু জীয়েকক আশ্ৰয় শিৱিৰত থৈ দেউতাকে আশ্ৰয় শিৱিৰৰ পৰা নাও এখন লৈ ঘৈণীয়েকক উদ্ধাৰ কৰিবলৈ ওলাই গ’ল।

সেই মুহূৰ্তত ৰমেনে উপলব্ধি কৰিলে— সাহস মানে ভয় নথকা নহয়; সন্তানৰ জীৱন বচাবলৈ ভয়কো জয় কৰাৰ নামেই সাহস। বানপানীয়ে ঘৰ উটুৱাই নিব পাৰে, কিন্তু এজন পিতৃৰ দায়িত্ববোধ, মমতা আৰু আশাক কেতিয়াও উটুৱাই নিব নোৱাৰে।

মাটিৰ দামত পিতৃৰ জীৱন

হৰিদাস এজন সাধাৰণ কৃষক। তেওঁ দুজন ল’ৰা আৰু দুজনী ছোৱালীৰ পিতৃ। নিজৰ ঘামৰ মূল্যৰ বিনিময়ত তেওঁ সন্তানকেইজনক ডাঙৰ-দীঘল কৰি উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি তুলিছে।  একমাত্ৰ সৰু ছোৱালীজনীৰ বাহিৰে আটাইকেইজন সন্তান চৰকাৰি চাকৰিয়াল।  সময়ত ছোৱালী দুজনীক বিয়া দি উলিয়াই দিছে আ্ৰৰু ল’ৰা দুজনেও বিয়া-বাৰু কৰাই সংসাৰী হৈছে।

এবাৰ হৰিদাস ডাঙৰ বেমাৰত আক্ৰান্ত হ’ল। তেওঁৰ চিকিৎসাৰ বাবে প্ৰায় ৫০ লাখ টকাৰ প্ৰয়োজন হ’ল। তিনিজন সন্তান চাকৰিয়াল। সেয়ে সকলোৱে আশা কৰিছিল, চাকৰিয়াল সন্তানকেইজনেই দেউতাকৰ চিকিৎসাৰ খৰচ বহন কৰিব। কিন্তু দুখৰ বিষয়, আটায়ে নানা অজুহাত দেখুৱাই দেউতাকৰ চিকিৎসাৰ খৰচ বহন কৰিবলৈ অসন্মতি প্ৰকাশ কৰিলে। তেতিয়া নিৰুপায় হৈ হৰিদাসে মাটি বিক্ৰী কৰিবলৈ সিদ্ধান্ত ল’লে।

কিন্তু চাকৰিয়াল পুতেক আৰু ছোৱালীজনীয়ে মাটি বিক্ৰী কৰাত বাধা প্ৰদান কৰিলে। তেওঁলোকে যুক্তি দৰ্শালে যে, দেউতাকৰ অবৰ্তমানত মাটি তেওঁলোকৰ। অৱসৰ গ্ৰহণ কৰাৰ পাছত তেওঁলোক আকৌ গাঁৱলৈকে ঘূৰি আ্হিব লাগিব। ইফালে দেউতাকৰ যথেষ্ট বয়স হৈছে।ৰোগমুক্ত হ’লেওনো আৰু কেইদিন জীয়াই থাকিব! গতিকে মাটি বিক্ৰী কৰি চিকিৎসা কৰাৰ প্ৰয়োজন আছে বুলি আমি নাভাবোঁ!

শেষত সম্পত্তি ভাগ-বতৰা কৰা হ’ল। চাকৰিয়াল সন্তান কেইজনে নিজৰ নিজৰ ভাগৰ মাটি চমজি ল’লে। কিন্তু সৰু ছোৱালীজনীয়ে নিজৰ ভাগত পোৱা মাটি বিক্ৰী কৰি সেই টকাৰে দেউতাকৰ চিকিৎসা কৰালে। দীৰ্ঘদিন চিকিৎসাৰ পাছত হৰিদাস সুস্থ হৈ ঘৰলৈ উভতি আহিল।

ঘৰলৈ অহাৰ পাছত হৰিদাসে ক’লে- আটায়ে মোৰ জীৱনতকৈ মাটি-সম্পত্তিৰ মূল্য বেছি দিলে। একমাত্ৰ সৰু ছোৱালীজনীয়েহে মাটি-সম্পত্তিতকৈ  মোৰ জীৱনৰ মূল্য বেছি দিলে। সেয়ে মোৰ ভাগৰ মাটিখিনি মই সৰু ছোৱালীজনীৰ নামত লিখি দি যাম। সিদ্ধান্ত মতেই হৰিদাসে সৰু ছোৱালীজনীৰ নামত তেওঁৰ ভাগৰ সমুদায় মাটি লিখি দিলে।

নীতিশিক্ষা: সন্তানৰ প্ৰকৃত পৰিচয় পিতৃ-মাতৃৰ দুখৰ সময়তহে পোৱা যায়।

কঠীয়াৰ কান্দোন

কৰিম এজন দৰিদ্ৰ কৃষক। লোকৰ মাটি আধি ঠিকা লৈ খেতি কৰি কোনোমতে পৰিয়াল পোহপাল দিয়ে। এবাৰ বহুত আশা কৰি সি  তিনি বিঘা মাটিত ধান ৰোপণ কৰাৰ বাবে কঠীয়া পাৰিছিল।

এদিন ওচৰৰে এঘৰ ধনী মানুহৰ গৰুৱে কৰিমৰ কঠীয়া খাই নষ্ট কৰাত খঙত সি গৰুটো খোৱাৰত দিলে। কথাটোত অপমানিত বোধ কৰি দুদিনমান পাছত নিশা আন্ধাৰৰ সুযোগ লৈ গৰুৰ মালিকে কৰিমৰ পথাৰত সোমাই সকলো কঠীয়া কাটি তহিলং কৰিলে।

পাছদিনা ৰাতিপুৱা কৰিমে পথাৰলৈ গৈ কঠীয়াবোৰ কঠীয়াতলীত সিঁচৰতি হৈ পৰি থকা দেখি শোকত ম্ৰিয়মান হৈ পৰিল। সি হুমুনিয়াহ কাঢ়ি ক’লে- আল্লাহ, ৰাতি আন্ধাৰৰ সুযোগ লৈ যিজনে এই কৰ্ম কৰিছে, তুমি নিশ্চয় তাৰ বিচাৰ কৰিবা।

কৰিমৰ পত্নীও তেওঁৰ লগত আছিল। কঠীয়াৰ অৱস্থা দেখি পত্নীয়ে মূৰে-কপালে হাত দি ক’লে- এতিয়া কি কৰিবা? আমি ৰুবলৈ কঠীয়া ক’ত পাম?

কৰিমে আকাশৰ ফালে চাই হুমুনিয়াহ কাঢ়ি ক’লে—মাটিখন আমাৰ নহয়, কিন্তু শ্ৰমখিনি আমাৰ আছিল। কোনোবাই আমাক কষ্ট দিব পাৰিব সঁচা, কিন্তু আমাৰ ভৱিষ্যত ধ্বংস কৰিব নোৱাৰিব। আল্লাহৰ ওপৰত ভৰসা ৰাখা, নিশ্চয় কিবা উপায় ওলাব।

খবৰটো শুনি গাঁৱৰ বহু মানুহ আহি কঠীয়াতলীত সমৱেত হ’ল। কঠীয়াৰ অৱস্থা দেখি আটায়ে হতবাক হৈ পৰিল। তেওঁলোকে কৰিমৰ অৱস্থা দেখি তাৰ কাষত থিয় দিয়াৰ কথা ভাবিলে আৰু আটায়ে মিলি কৰিমৰ কাৰণে নতুনকৈ কঠীয়া পাৰি দিলে।

এজনে অন্যায় কৰি আন এজন মানুহৰ শস্য নষ্ট কৰিব পাৰে, কিন্তু ঐক আৰু মানৱতাই ভূক্তভোগীৰ আশা পুনৰ জীয়াই তুলিব পাৰে।

মৰমৰ মূল্য

মৌচুমী এগৰাকী বিবাহিতা মহিলা। তাইৰ মাক-দেউতাক বহুদিন আগতেই ঢুকাইছে। তাইৰ দুজন ভায়েক। ডাঙৰজন ধনী আৰু সৰুজন দুখীয়া। উভয়ে বিয়া-বাৰু কৰাই কেতিয়াবাই সংসাৰী হৈছে।

এদিন মৌচুমীয়ে তাইৰ সাত বছৰীয়া সন্তানটিক লগত লৈ ভায়েকহঁতৰ ঘৰলৈ বুলি ওলাই আহিল। বাটত তাই দুখীয়া ভায়েকজনক লগ পালে। ভায়েকজনে তাইক ঘৰলৈ যাবলৈ অনুৰোধ কৰিলে,যদিও দৰিদ্ৰ হোৱা কাৰণে তাই তেওঁক অৱজ্ঞা কৰি ধনী ভায়েকজনৰ ঘৰলৈ গুচি আহিল।

তাই ভাবিছিল, ধনী ভায়েকজনৰ ঘৰত তাই অধিক মৰম পাব। কিন্তু হ’ল ওলোটাটোহে। ভাই-বোৱাৰীয়ে তাইক কোনো গুৰুত্বই নিদিলে। এনেকি তাইক বহিবলৈও নক’লে। গতিকে তাই অপমানিত বোধ কৰি সন্তানটিক লৈ বেজাৰ মনেৰে ঘৰলৈ উভতি যাবলৈ ধৰিলে।

দুখীয়া ভাই-বোৱাৰীয়ে তাইক বাটত দেখা পাই দৌৰি আহি ক’লে- বাইদেউ, তুমি এনেকৈ কিয় গুচি গৈছা? আমাৰ ঘৰলৈ ব’লা।  ল’ৰা-ছোবালীকেইটাই তোমাক দেখা পালে বৰ ভাল পাব। সিহঁতে সদায় তোমাৰ কথা কৈ থাকে। তুমি এইদৰে গুচি গ’লে তোমাৰ ভায়েৰাই বৰ দুখ পাব। তুমিতো এটা সময়ত এইখন ঘৰৰে ৰাজকুমাৰী আছিলা। ব’লা, তোমাৰ নিজৰ ঘৰলৈ ব’লা।  

খুবেই আদৰ-সাদৰ কৰি ভাই-বোৱাৰীয়ে তাইৰ হাতত ধৰি ঘৰলৈ লৈ আহিল। ল’ৰা-ছোৱালী দুটাই তাই দেখি উৰুলিকৃত হৈ দোৰি আহিল। কিছু সময় পাছত ভায়েকে ঘৰলৈ আহি মৌচুমীক দেখি আনন্দত আত্মহাৰা হৈ পৰিল। সি বজাৰলৈ গৈ নিজৰ সামৰ্থ অনুযায়ী বজাৰ কৰি আনিলে।  

দুখীয়া ভাই-বোৱাৰীয়ে আদৰ-সাদৰ কৰি সিহঁতক ভাত ৰান্ধি-বাঢ়ি খুৱালে।

 সিহঁতৰ আদৰ-আপ্যায়নত মৌচুমীৰ চকু সেমেকি উঠিল। তাই বুজিলে— ধনী ভায়েকৰ ঘৰখনত সম্পদ আছিল, কিন্তু তাত মৰম নাছিল। পক্ষান্তৰে দুখীয়া ভায়েকৰ ঘৰখনত সম্পদ নাথাকিলেও, তাত মৰম আছে- প্ৰকৃত আপোনত্ব আছে। ধনসম্পত্তিয়ে মানুহক ধনৰ ধনী কৰে ঠিকেই, কিন্তু মৰম আৰু আত্মীয়তাইহে মানুহৰ হৃদয়ক ধনী কৰে। টকা-পইচাতকৈও মৰমৰ মূল্য বহু বেছি।

ত্যাগৰ নামেই প্ৰেম

এহাল দুখীয়া দম্পতি। হঠাতে স্বামীৰ এক দুৰাৰোগ্য ব্যাধি হ’ল। বহু চিকিৎসা কৰাৰ পাছতো ৰোগ ভাল নহ’ল। ইফালে স্বামীৰ চিকিৎসাৰ নামত তেওঁলোকৰ যি অলপ মাটি-সম্পত্তি আছিল, সকলো বিক্ৰী হৈ গ’ল।  

শেষত উপায়হীন হৈ ঘৈণীয়েকে স্বামীক ঠেলাগাড়ীত তুলি লৈ স্বামীৰ চিকিৎসাৰ বাবে মানুহৰ দুৱাৰে দুৱাৰে ভিক্ষা মাগি ফুৰিবলৈ ধৰিলে। কোনোবাই সহায় কৰিলে, কোনোবাই আকৌ একাষৰীয়াকৈ মাতি নি ক’লে— তোমাৰ এতিয়ালৈকে সন্তান-সন্ততি হোৱা নাই। ইফালে তোমাৰ স্বামীয়েৰাৰ যি বেমাৰ হৈছে সেয়া ভাল হোৱাৰ আশা খুবেই ক্ষীণ।  গতিকে তুমি কিয় এই অসুস্থ মানুহজনৰ বাবে নিজৰ জীৱনটো নষ্ট কৰিছা? তেওঁক এৰি থৈ তুমি নিজৰ জীৱনটো নতুনকৈ আৰম্ভ নকৰা কিয়!

ঘৈণীয়েকে তেতিয়া চকুপানী মচি দৃঢ়কণ্ঠত ক’লে—তেওঁ সুস্থ হৈ থাকোঁতে তেওঁৰ সৈতে সুখ-দুখ ভাগ কৰিছিলোঁ। আজি তেওঁ অসুস্থ বুলি মই তেওঁক কেনেকৈ এৰি যাওঁ? তেওঁ জীয়াই থকালৈকে মই তেওঁৰ কাষতে থাকিম। প্ৰয়োজন হ’লে চিৰদিন তেওঁক ভিক্ষা কৰি খুৱাম, কিন্তু অসুস্থ স্বামীক কেতিয়াও ত্যাগ কৰি গুচি নাযাও।”

কথাটো শুনি ঠেলাগাড়ীত শুই থকা স্বামীৰ চকুৰে চকুপানী বৈ আহিল। তেওঁ উপলব্ধি কৰিলে, সঁচা প্ৰেম মাথোন সুখৰ দিনৰে সংগী নহয়; দুখৰ দিনতো যি  প্ৰেমে হাতখন এৰি নিদিয়ে, সেয়াই হৈছে সঁচা প্ৰেম। ভোগৰ নামেই হ’ল কামনা আৰু ত্যাগৰ নামেই হ’ল আচল প্ৰেম।

বিশ্বাসেই সমাজৰ ডাঙৰ সম্পদ

এদিন ৰাতিপুৱা ৰমেন গাঁৱৰে এখন সৰু দোকানলৈ গ’ল। দোকানখনৰ পৰা তেওঁ ঘৰত জৰুৰীভাৱে প্ৰয়োজন হোৱা কেইপদমান বস্তু কিনিলে। কিন্তু সকলো বস্তুৰ দাম দিব পৰাকৈ তেওঁৰ হাতত টকা নাছিল।

সেয়ে তেওঁ লাজেৰে ক’লে-ভাই, টকা অলপ কম পৰিব। টকাকেইটা কাইলৈ দিলে হ’বনে?

দোকানদাৰজনে হাঁহি মাৰি ক’লে- টকাৰ কাৰণে চিন্তা কৰিব নালাগে।বস্তুখিনি লৈ যাওঁক। হাতত টকা হ’লে দি যাবহি।

 দোকানদাৰৰ কথাত ৰমেনৰ চকু সেমেকি উঠিল। তেওঁ ক’লে- মোৰ প্ৰতি আপোনাৰ এই বিশ্বাসৰ কথা মই কেতিয়াও পাহৰিব নোৱাৰিম।

ৰমেনে বস্তুবোৰ লৈ সিদিনাৰ কাৰণে ঘৰলৈ আহিল। পাছদিনা তেওঁ দোকানখনলৈ গৈ বাকী থকা টকাখিনি পৰিশোধ কৰি দি ক’লে- ভাই, আপোনাক অশেষ ধন্যবাদ মোৰ প্ৰতি বিশ্বাস ৰখাৰ কাৰণে।

 তেতিয়া দোকানদাৰজনে হাঁহি মাৰি ক’লে-আপোনাকো ধন্যবাদ, আপোনাৰ প্ৰতি মোৰ বিশ্বাস অটুট ৰখাৰ কৰাণে। আচলতে  টকা পৰিশোধ কৰাটো ডাঙৰ কথা নহয়; বিশ্বাসটো অটুট ৰখাটোহে ডাঙৰ কথা।

সিদিনা ৰমেনে উপলব্ধি কৰিলে, টকাৰে বহু বস্তু কিনিব পাৰি, কিন্তু কাৰোবাৰ বিশ্বাস কিনিব নোৱাৰি। আমাৰ সমাজৰ আটাইতকৈ ডাঙৰ সম্পদ ধন-সম্পত্তি নহয়—পৰস্পৰৰ প্ৰতি বিশ্বাস, মৰম আৰু সদ্ভাৱেই হ’ল আটাইতকৈ ডাঙৰ সম্পত্তি।

  সমাপ্ত

Scroll to Top