
সুচীপত্র
ৰে’লত এদিন
স্বেচ্ছামৃত্যু
অবিশ্বাস্য
অদ্ভুত বৃদ্ধ
মধু
আর্তনাদ
সন্দেহ
উপহাৰ
দায়িত্ববোধ
অনন্য অনুভূতি
বিঃ দ্রঃ- গল্পবোৰ বিভিন্ন বাতৰি কাকতত প্ৰকাশিত
যেনে কুকুৰ তেনে টাঙোন
ভাড়া দিয়াৰ সময়ত অপৰাজিতাই কণ্ডাক্টৰক ক’লে- বাছখন শিৱ মন্দিৰৰ ওচৰত ৰখাই দিবা। অপৰাজিতা ব্যক্তিগত খণ্ডৰ বিদ্যালয় এখনত শিক্ষয়িত্ৰী। বিদ্যালয়খন অপৰাজিতাহঁতৰ ঘৰৰপৰা চাৰি-পাঁচ কিলোমিটাৰ আঁতৰত। সেয়ে তাই নিতৌ বাছেৰে অহা-যোৱা কৰে। নিতৌ অহা-যোৱা কৰাৰ ফলত প্ৰায়বোৰ বাছৰ হেণ্ডিমেন-কণ্ডাক্টৰে চিনি তাইক পায়। শিৱ মন্দিৰ পাৰ হৈ প্রায় এক কিলোমিটাৰ্মান যোৱাৰ পাছতহে পোৱা যায় অপৰাজিতাই শিক্ষকতা কৰা বিদ্যালয়খন। বিদ্যালয়খনো চিনি পায় কণ্ডাক্টৰ আৰু হেণ্ডিমেনজনে। সেয়ে বাছখন শিৱ মন্দিৰৰ ওচৰত ৰখাবলৈ কোৱাত কণ্ডাক্টৰজনে কৌতুহলবশতঃ সুধিলে- আজি স্কুললৈ নাযায় নেকি, বাইদেউ?
নাই নাযাও । শিৱ মন্দিৰতে নামিম আজি। বিশেষ সকাম আছে।
শিৱ মন্দিৰত আজি কিবা উৎসৱ আছে নেকি, বাইদেউ?
নাই নাই, কোনো উৎসৱ নাই। মোৰ ব্যক্তিগত সকাম আছে।
কণ্ডাক্টৰজনে এইবাৰ কোনো প্রশ্ন নুসুধিলে। সি বেলেগ যাত্ৰীৰপৰা ভাড়া আদায় কৰিবলৈ আগুৱাই গ’ল।
বাছখন যাত্ৰীৰে ঠাহ খাই আছিল। বহা যাত্ৰীতকৈ থিয় দি থকা যাত্ৰীৰ সংখ্যাই অধিক আছিল।
অপৰাজিতাও থিয় দি আছিল। ৰাস্তাৰপৰা উঠিব লাগে কাৰণে প্রায় প্রতিদিনেই তাই থিয় দি যাব লগা হয়। কাচিৎহে বহি যোৱাৰ সৌভাগ্য হয় তাইৰ। থিয় দি যোৱা যাত্ৰীৰ দুর্ভোগৰ সীমা নাই। পিছফালৰ পৰা ক’ব আগবাঢ়ি যাওঁক আৰু আগফালৰ পৰা ক’ব পিছফালে যাওঁক। সেয়ে আগবাঢ়িলেও বিপদ আৰু পিছুৱালেও বিপদ। তদুপিৰ আছে ঠেলা-হেঁচা। ভূতৰ ওপৰত দানহ পৰাদি মহিলা যাত্ৰীৰ ওপৰত আছে পুৰুষ যাত্ৰীৰ আতিশয্য। তথাপি তাই এইবোৰ অসুবিধা আওকাণ কৰি সামান্য তিনিহাজাৰ টকাৰ কাৰণে চাৰি পাঁচ কিলোমিটাৰ ৰাস্তা প্রতিদিনে অহা-যোৱা কৰিব লগা হয়।
অপৰাজিতাৰ দেউতাক চিৰৰোগী। হাপানী। তায়ে ঘৰখনৰ ডাঙৰ ছোৱালী। কোনো ককায়েক-ভায়েক নাই। তাইৰ তলত দুজনী ভনীয়েক। তাৰে ডাঙৰজনী কলেজত আৰু সৰুজনী হাইস্কুলত দশম মানত পঢ়ে। খেতিৰ মাটি যি অলপ-অচৰপ আছিল দেউতাকৰ চিকিৎসাৰ কাৰণে সেয়া বিক্ৰী কৰিব লগা হৈছে। এতিয়া তাইৰ উপাৰ্জনৰ টকাৰে কেলঢোপ কেলঢোপকৈ সংসাৰখন চলে ৷ সিহঁতৰ গাঁৱতো এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছে। আগতে মাহিলী দুহেজাৰ টকা দৰমহাত গাঁৱৰ বিদ্যালয়খনতে শিক্ষকতা কৰিছিল। কিন্তু আয় সীমিত, অভাৱ অসীম। সেয়ে এহেজাৰ টকা বেছিকৈ পোৱাত ঘৰৰপৰা চাৰি পাঁচ কিলোমিটাৰ আঁতৰৰ বিদ্যালয়খনত শিক্ষকতা কৰিব লগা হৈছে। ইয়াৰ উপৰিও আছে ৰাতিপুৱা আৰু আবেলি দুটাকৈ টিউচন।
বাছখন শিৱ মন্দিৰ পোৱাৰ লগে লগে ৰৈ গ’ল। কণ্ডাক্টৰে চিঞৰি মাতিলে- বাইদেউ, শিৱ মন্দিৰ পালো। নামি লওঁক।
অ’ নামিম ৰ’বা । এইদৰে কণ্ডাক্টৰৰ মাতত সঁহাৰি দি অপৰাজিতাই তাইৰ পিছফালে থিয় দি থকা যাত্রীজনক উদ্দেশ্য কৰি ক’লে-ব’লক, আমি ইয়াতে নামিম।
যাত্ৰীজনৰ বয়স ত্ৰিছ পঁয়ত্ৰিছৰ ভিতৰত। স্বাস্থ্যপাতি ভাল৷ পিন্ধোনত দামী চার্ট লংপেণ্ট। দেখাত ভদ্র যেনেই অনুমান হয়। সি অপৰাজিতাৰ আহ্বানৰ অৰ্থ বুজিব নোৱাৰি সেমেনা-সেমেনি কৰি ক’লে- কাক কৈছে? মোক?
অপৰাজিতাই নির্বিকাৰভাবে ক’লে- হয়, আপোনাকে কৈছো। নামক।
মোক কৈছে! যাত্ৰীজনে বিস্মিত কণ্ঠেৰে ক’লে- মোক কৈছে মানে? মই দেখোন আপোনাক চিনিকে নাপাও। মোক নামিবলৈ কৈছে কিয়?
কথা নবঢ়াব। অপৰাজিতাই আগৰ দৰেই নির্বিকাৰভাবে ক’লে- নামিব কৈছো, নামক।
সিহঁতৰ কথা কটা-কটিৰ ফলত বাছখন যোৱাত পলম হৈ আছিল। সেয়ে যাত্ৰীসকলৰ মাজৰপৰা এজনে বিৰক্তি ভরা কণ্ঠেৰে ক’লে- নামিব কৈছে, নামকনা। আমাৰ পলম হৈ আছে।
যাত্ৰীজানে কৈফিয়তৰ সুৰত ক’লে- মই দেখোন এওঁক চিনিকে নাপাও ! নামিবলৈ ক’লেই নামো কেনেকৈ?
অপৰাজিতাই এইবাৰ কিছু উষ্মা মিহলি সুৰত ক’লে- আপুনি মোক চিনি নাপায় বুলি ক’লেই হ’ব নেকি? চাৰি কিলোমিটাৰ ৰাস্তা আপুনি মোৰ পিছফালে থিয় দি আহিছে। মই আপোনাৰপৰা যিমানে গা বচাবলৈ আগবাঢ়িছো, আপুনি সিমানে মোৰ গাত গা লগাই থিয় হৈ হেঁচি আহিছে। সেয়ে বেছিদিনৰ চিনাকি নহ’লেও বিছ মিনিটৰ চিনাকি নথকা বুলি আপুনি নিশ্চয় ক’ব নোৱাৰে।
এয়া আপোনৰ অন্যায় অভিযোগ। মই ইচ্ছা কৰি আপোনাৰ গাত গা লগাই থিয় দিয়া নাই। মোক পিছফালৰপৰা হেঁচি দিয়াতহে মই আপোনৰ গাত হেঁচা মাৰিবলৈ বাধ্য হৈছো।
অপৰাজিতাই বিদ্রূপৰ সুৰত ক’লে- ইচ্ছাকৃত হেঁচা আৰু অনিচ্ছাকৃত হেঁচা বুজাৰ বয়স মোৰ এতিয়া নিশ্চয় হৈছে। নামিব কৈছো নামক। পলম নকৰিব। বাছৰ যাত্ৰীবিলাক বিৰক্ত হৈ আছে।
যাত্ৰীজনে উষ্মা প্রকাশ কৰি ক’লে- আপুনি নামিবলৈ ক’লেই মই নামিব নেকি? এয়া অন্যায়, ঘোৰ অন্যায়।
অন্যায় মই কৰা নাই। অপৰাজিতাই ক’লে- অন্যায় কৰিছে আপুনিহে। নাৰীয়ে কলংকৰ ভয়ত আপোনালোকৰ দৰে পুৰুষে কৰা এইবোৰ অন্যায় মুখ বুজি সহ্য কৰে আৰু তাৰে সুযোগ লৈ আপোনালোকৰ দৰে মানুহবোৰে নাৰীক হাৰাশাস্তি কৰাৰ বাবে উৎসাহিত হয়। গতিকে আজি আপুনি কৰা অন্যায়ৰ বিশেষ ধৰণে প্ৰতিকাৰ কৰিব খুজিছো।
কাষৰ ছিটত বহি থকা ডেকা এজন জাঁপ মাৰি থিয় হৈ যাত্ৰীজনৰ গালত ঠাট্কৈ চৰ এটা শোধাই ক’লে-বদমাচ, ঠিক মতে ধূলাই কৰি আজি তোক পুলিচৰ হাতত গতাই দিম। এইদেৰ কৈ ডেকাজনে পুনৰ চৰ শোধাবলৈ অগ্ৰসৰ হ’ল ।
অপৰাজিতাই ডেকাজনক বাধা দি ক’লে- নাই নাই, নামাৰিব। এওঁক পুলিচৰ হাতত গতোৱাৰো প্ৰয়োজন নাই। পুলিচৰ হাতত গতালে আজিয়ে জামিনত মুকলি হৈ আহি পুনৰ বেলেগ এজনী ছোৱালীক হাৰাশাস্তি কৰিব। গতিকে মই এওঁক বেলেগ ধৰণে শাস্তি প্রদান কৰিব খুজিছো। এওঁ কোন মই নাজানো; কিন্তু এওঁ মোৰ পাছত যেনেকৈ লাগি আছিল তাৰ পৰা এষাৰ কথা অনুমান কৰিব পাৰিছো যে, এওঁৰ নিশ্চয় মোৰ শৰীৰটো পছন্দ হৈছে। অর্থাৎ সহজ ভাষাত ক’বলৈ গ’লে, মোক দেখি এওঁৰ দেহত কামনাৰ জুই জ্বলি উঠিছে। গতিকে এওঁক মই মোৰ শৰীৰটো ভোগ কৰাৰ অধিকাৰ প্ৰদান কৰিব খুজিছো। কিন্তু আমাৰ দেশৰ পৰম্পৰা অনুসৰি এজনী নাৰীৰ দেহ ভোগ কৰিবলৈ হ’লে সামাজিক স্বীকৃতি লাগে। এই স্বীকৃতিৰ নামেই হ’ল বিয়া। গতিকে এওঁক মই বিয়া কৰাই মোৰ দেহটো ভোগ কৰাৰ অধিকাৰ প্ৰদান কৰিব খুজিছো।
যাত্ৰীসকলৰ মাজত মৃদু গুঞ্জন উঠিল। ডেকা এজনে কৈ উঠিল- যেনে কুকুৰ তেনে টাঙোন। চিনা নাই, জনা নাই, ধুনীয়া ছোৱালী দেখিলেই জিভাৰ পানী ওলায়। এতিয়া পাওঁক মজাটো!
যাত্রীজনে আত্মপক্ষ সমর্থন কৰি ক’লে- এনেকৈ বিয়া হোৱাটো সম্ভৱ নেকি?
আদহীয়া মানুহ এজনে ক’লে-সম্ভৱ নহ’ব কিয়? যোৱা, নামি গৈ বিয়া পাতাগৈ। এই বিয়া এক অভিনৱ বিয়া হ’ব আৰু কাইলৈয়ে বিয়াৰ খবৰ বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাব। লাগিলে মই বৰযাত্ৰী হ’বলৈ প্ৰস্তুত আছো।
চাৰি পাঁচজনমান ডেকা আগবাঢ়ি আহি যাত্রীজনক বেৰি-কুৰি থিয় দি ক’লে-ব’লা, নামা। আমিয়ে বিয়াৰ বৰযাত্ৰী হ’ম। এইদৰে কৈ ডেকা এজেনে যাত্ৰীজনৰ হাতত ধৰি টানিলে।
যাত্ৰীজনে বাধা দি ক’লে- এয়া কিন্তু খাম-খেয়ালি। প্রয়োজন হ’লে মই আইনৰ আশ্ৰয় ল’ম।
তই আইন বুজি পাৱ নেকি? ডেকাকেইজনৰ মাজৰপৰা এজনে ইতিকিঙৰ সুৰত কৈ উঠিল-বাছত উঠি গাভৰু এজনীক আইনৰ কোন ধাৰাত হাৰাশাস্তি কৰিছা?
তিনিজনমান ডেকাই যাত্ৰীজনক বলপূর্বক নমাবলৈ গ’ল। বাৰ যাত্ৰীজনে ভয় খালে। সি অপৰাজিতাক উদ্দেশ্য কৰি ক’লে- চোৱা, তুমি মোৰ ভনীৰ দৰে। মোৰ ভুল হৈছে, ক্ষমা কৰি দিয়া।
ক্ষমা খুজিলেই ক্ষমা পোৱা যায় নেকি? ভনীৰ দৰে গাভৰু এজনীক হাৰাশাস্তি কৰাৰ সময়ত মনত নাছিল নেকি কথাটো? এইদৰে কৈয়ে ডেকাজনে যাত্রীজনক ঠেলা মাৰিলে। ঠেলা খাই যাত্ৰীজন অপৰাজিতাৰ ভৰিত উবুৰি খাই পৰিল।
যাত্ৰীজনে অপৰাজিতাৰ ভৰিত ধৰি ক’লে- মোক ক্ষমা কৰি দিয়ক।
অপৰাজিতাই দুখোজমান পিছুৱাই আহি ক’লে- বাৰু, ক্ষমা খুজিছে যেতিয়া ক্ষমা কৰি দিব পাৰো, কিন্তু তাৰ আগতে কোনো ছোৱালীক এইদৰে হাৰাশাস্তি নকৰে বুলি প্ৰতিজ্ঞা কৰিব লাগিব।
কোনোদিন মই এনেকুৱা কাম নকৰো। এই কথা চিৰদিন মোৰ মনত থাকিব। যাত্রীজন আগবাঢ়ি গৈ পুনৰ অপৰাজিতাৰ ভৰিত ধৰি ক’লে।
ময়ো তাকেই কামনা কৰো। অপৰাজিতাই উপদেশৰ সুৰত ক’লে- আই-ভনী সকলোৰে আছে। গতিকে আই-ভনীক সন্মান কৰিবলৈ শিকক। বাৰু, মই ক্ষমা কৰি দিলো। এতিয়া বাছৰ যাত্ৰীবোৰৰ ওচৰত ক্ষমা খোজক।
যাত্রীজনে আঁঠুকাঢ়ি বহি হাতযোৰ কৰি ক’লে- ৰাইজসকল, মোক ক্ষমা কৰি দিয়ক৷ মই জীৱনত এনেকুৱা ভুল পুনৰ্বাৰ নকৰো৷ যাত্ৰীজনে ক্ষমা খোজাৰ পাছত বাছখনে পুনৰ যাত্ৰা আৰম্ভ কৰিলে।
(এদিনৰ সংবাদ-১৫-আগষ্ট/২০১০)
ৰে’লত এদিন
ৰে’লখন এৰি দিয়াৰ পাছতহে গম পালো, সেইখন অৰুণাচল এক্সপ্ৰেছ নহয়, কামৰূপ এক্সপ্ৰেছহে। মই ইণ্টাৰভিউ দিয়াৰ কাৰণে উত্তৰ লক্ষ্মীমপুৰলৈ যাম। গতিকে উত্তৰ লক্ষ্মীমপুৰৰ টিকট কাটিছিলো। কিন্তু ভুলবশতঃ উঠি পৰিছো কামৰূপ এক্সপ্ৰেছত। দুয়োখন ৰে’লৰ মাজত সময়ৰ ব্যৱধান আছিল মাথোন পোন্ধৰ মিনিট। কামৰূপ এক্সপ্ৰেছ পোন্ধৰ মিনিট আগত আৰু অৰুণাচল এক্সপ্ৰেছ পোন্ধৰ মিনিট পাছত। ৰে’লৰ সময়সূচী সম্পর্কে জ্ঞান নথকাতহে এই ভুলটো হ’বলৈ পাইছে। তথাপি মই অকলে হ’লে কথা নাছিল, মোৰ লগত আছে এগৰাকী ভদ্র মহিলা আৰু তাইৰ দহ বছৰীয়া পুতেক। সাজ-পাৰ, কথা-বতৰালৈ লক্ষ্য কৰি মহিলাগৰাকী সম্ভ্ৰান্ত ঘৰৰ বুলি মই প্রথম দর্শনতে অনুমান কৰিব পাৰিছো।
মহিলাগৰাকীৰ লগত অৱশ্যে মোৰ আগৰপৰা কোনো ধৰণৰ চা-চিনাকি নাই। টিকট কটাৰ সময়তহে লগ পাইছো মহিলাগৰাকীক। অকলে অহাৰ কাৰণে তাই মোক টিকট কাটি দিবলৈ খাটনি ধৰিছিল। অনুৰোধ এৰাব নোৱাৰি মই মোৰ টিকটৰ লগত তাইৰ টিকট কাটি দিছোঁ। টিকট কাাটি দিয়া সুত্ৰেই তাই মোৰ লগত একেটা দবাত উঠিছে। তাই যাব মিছামাৰীত থকা তাইৰ পুতেকৰ ওচৰলৈ। পুতেকে মিছামাৰীত থাকি ব্যৱসায় কৰে হেনো। গতিকে ভুল ৰে’লত উঠাৰ কাৰণে লাজৰ লগতে এক অপৰাধবোধে মোক আমনি কৰিবলৈ ধৰিলে। কাৰণ মই ভুল ৰে’লত উঠাৰ কাৰণেহে মহিলাগৰাকীয়ে মোৰ ওপৰত ভৰসা কৰি ভুল ৰে’লত উঠিব লগা হৈছে।
লাজ-মান কাতি কৰি থৈ মই ভুল ৰে’লত উঠাৰ কথাটো মহিলাগৰাকীক জনালো- খুড়ী, আমি ভুলতে কামৰূপ এক্সপ্রেছতে উঠিছোঁ, আচলতে আমি অৰুণাচল এক্সপ্ৰেছতে উঠিব লাগিছিল।
মোৰ কথা শুনি মহিলাগৰাকীয়ে চিন্তা প্রকট কৰি ক’লে- এতিয়া উপায়?
মই নিজেও নাজানো উপায় কি! তথাপি মহিলাগৰাকীক সান্ত্বনা দিয়াৰ কাৰণে ক’লো- চিন্তা নকৰিব, কিবা এটা উপায় নিশ্চয় ওলাব। এইদৰে কৈয়ে মই ‘টি,টি’(টিকট টেকাৰ) বিচাৰি ওলালোঁ। কিন্তু ‘টি টি’ক লগ পোৱাৰ আগতেই লগ পালো সদায় ৰেলেৰে অহা-যোৱা কৰা ভদ্রলোক এগৰাকীক। ৰে’লৰ সময়সূচী সম্পৰ্কে ভদ্ৰলোকজনৰ যথেষ্ট জ্ঞান আছে। তেওঁ মোক উদ্দেশ্য কৰি ক’লে- আমাৰ ট্ৰেইনখন বৰপেটা ৰোডত ৰাখিব যদিও অৰুণাচল এক্সপ্ৰেছ নাৰাখে। গতিকে আপোনালোকে বৰপেটাৰোডত ট্রেইন সলনি কৰাটো সম্ভৱ নহ’ব। এইদৰে কৈয়ে তেওঁ পৰামৰ্শ আগবঢ়ালে- আপোনালোকে ৰঙিয়াত অৰুণাচল এক্লপ্ৰেছত উঠিব পাৰিব। কাৰণ ৰঙিয়ালৈ গৈ অৰুণাচল এক্সপ্ৰেছ জনতা হৈ নৰ্থ লক্ষ্মীমপুৰলৈ যাব। গতিকে ট্ৰেইনখন ৰঙিয়াত প্রায় আধা ঘণ্টামান ৰ’ব। এইদৰে কথা পাতি আহি থাকোঁতে আমি বৰপেটাৰোড পালোঁহি। আমি বৰপেটা ৰোডত থাকোঁতেই ভদ্রলোকগৰাকীয়ে কোৱামতেই অৰুণাচল এক্সপ্ৰেছখন বৰপেটাৰোড ষ্টেচন পাৰ হৈ গ’ল। মই চিন্তিত কণ্ঠত ক’লো- অৰুণাচল এক্সপ্ৰেছ দেখোন আমাৰ আগতেই পাৰ হৈ গ’ল। আমি ট্ৰেইনখন লগ পাম কেনেকৈ?
চিন্তা নকৰিব। ভদ্রলোকগৰাকীয়ে ক’লে- অৰুণাচল এক্সপ্ৰেছ আমাতকৈ আধাঘণ্টা আগতে গৈ ৰঙিয়া পাবহি। আমাৰ ট্ৰেইনখন ৰঙিয়া গৈ পোৱাৰ পাছতহে সেইখন পুনৰ এৰিব। আমাৰ ট্ৰেইনখন ৰঙিয়ালৈ গৈ ৰোৱাৰ লগে লগে আপোনালোকে লৰালৰিকৈ গৈ সেইখন ট্ৰেইনত উঠিব লাগিব। গতিকে আমাৰ ট্ৰেইনখন ৰঙিয়া গৈ পোৱাৰ আগতেই আপোনালোকে দুৱাৰমুখলৈ গৈ নমাৰ কাৰণে সাজু হৈ থাকিব লাগিব।
সঁচাকৈয়ে ভদ্রলোকগৰাকীয়ে কোৱামতেই আমি ৰঙিয়া গৈ পোৱাৰ পাছত আমাৰ নিৰ্দ্ধাৰিত অৰুণাচল এক্সপ্ৰেছখন ষ্টেচনত ৰৈ থকা দেখিলো । আমি লৰালৰিকৈ গৈ আমাৰ নিৰ্দ্দিষ্ট ট্ৰেইনত উঠিলোঁ। ভদ্রলোকগৰাকীয়ে আমাক ট্রেইনত উঠাত সহায় কৰিলে অযাচিতভাবে।
মই ভদ্রলোকগৰাকীক ধন্যবাদ জনাই ৰে’লত উঠি বহিলোঁ। আমাৰ নিৰ্দ্ধাৰিত ৰে’লত উঠি বহাৰ পাছতহে মই স্বস্তিৰ নিশ্বাস পেলালো।
ৰে’লখন নিৰ্দ্ধাৰিত সময়ত আহি মিছামাৰী ষ্টেচন পালে। ধন্যবাদ জনাই মহিলাগৰাকী ৰে’লৰপৰা নামি গ’ল। কিছু সময় পাছতে ৰে’লখনে পুনৰ উত্তৰ লক্ষ্মীপুৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিলে। মহিলাগৰাকীক সসন্মানে যথাস্থানত নমাই দিয়াৰ পাছত মই চিন্তামুক্ত হৈ আত্মতৃপ্তিত চাদৰ উৰি বাংকত শুই পৰিলোঁ। কিছু সময় পাছতে মোক টোপনিয়ে হেঁচি ধৰিলে।
সাৰ পালো টি, টিৰ মাতত। মই টোপনিৰপৰা সাৰ পাই খক্মক্কৈ উঠি বহি টি, টিৰ ফালে প্রশ্নবোধক দৃষ্টিৰে চালো। টি, টিয়ে টিকট বিচাৰিলে- টিকট দিয়ক।
মই লংপেণ্টৰ বেক পকেটত টিকট থৈছিলো। সেয়ে মই নির্বিকাৰ্ভাবে বেক পকেটত হাত দিলো। কিন্তু টিকট নাই! বেক পকেটত টিকট থোৱা কথাটো মোৰ স্পষ্টভাবে মনত আছে। সেয়ে মই পুনৰ বেক পকেটত হাত ভৰালো। কিন্তু সকলো বৃথা। এইবাৰো টিকট নাপালো। শেষত বলিয়াৰ দৰে লংপেণ্টৰ আটাইকেইটা পকেট খেপিয়াই চালো; কিন্তু ক’তো টিকট নাপলোঁ। ভুলতে চোলাৰ পকেটত থ’ব পাৰোঁ বুলি ভাবি অৱশেষত চোলাৰ পকেটতো বিচাৰিবলৈ ধৰিলোঁ। তাতো হতাশ হ’লো। টিকট নাপাই মই হতাশভাবে টি, টিৰ ফালে চালোঁ।
টি, টিয়ে ইমান সময় মোৰ ব্যস্ততা মনে মনে উপভোগ কৰি আছিল। মই তেওঁৰ ফালে চোৱাৰ লগে লগে পুনৰ তাগিদা দিলে- ক’ত, টিকট দিয়ক।
মই বিব্ৰত কণ্ঠত কৈফিয়তৰ সুৰত ক’লো- টিকট বেক পকেটত থৈছিলোঁ, বিচাৰি পোৱা নাই।
টি, টিয়ে বিদ্রুপ মিহলি সুৰত ক’লে- বেক পকেটত থৈছিল, নে কটাই নাছিল ?
নাই নাই, টিকট কাটিছিলো। এইদৰে কৈয়ে মই কিমান টকাৰ টিকট আৰু নৰ্থ লক্ষ্মীমপুৰলৈ কিমান কিলোমিটাৰ ৰাস্তা বিৱৰি ক’লো। কাৰণ টিকট হাতত লৈয়ে মই সৰভোগৰপৰা উত্তৰ লক্ষ্মীমপুৰৰ দূৰত্ব কিমান চাইছিলো।
টি, টিয়ে মোৰ ভৰিৰপৰা মূৰলৈ লক্ষ্য কৰি বিদ্রূপৰ সুৰত ক’লে- আপোনাৰ চেহেৰাপাতি চাইতো আপোনাক ভদ্রলোক যেনেই লাগিছে। ইয়াৰ আগতে আপুনি এনেকৈ কেইবাৰ গৈছে নৰ্থলক্ষ্মীমপুৰলৈ ?
ইয়াৰ আগতে মই কোনোদিনে লক্ষ্মীমপুৰলৈ গৈ পোৱা নাই। এয়াই প্ৰথম। ইণ্টাৰভিউ এটা দিবলৈ গৈ আছো। এইদৰে কৈয়ে মই এটাচি খুলি মোৰ চাৰ্টিফিকেট, মার্কছিট আদি দেখুৱালোঁ।
টি, টিয়ে চার্টিফিকেট, মাৰ্কৰ্ছিট আদি লাৰি-চাৰি চাই ক’লৈ- বাৰু, মানিলোঁ আপুনি ইণ্টাৰভিউ দিবলৈ গৈ আছে আৰু সৰভোগৰপৰাই আহিছে। ট্ৰেইনৰ এটা নিয়ম আছে, টিকটবিহীন যাত্ৰী ধৰা পৰিলে য’ৰপৰা ট্ৰেইনখনে প্রথম যাত্ৰা আৰম্ভ কৰিছে তাৰে পৰা ভাড়া দিব লাগে। কিন্তু আপুনি ইণ্টাৰভিউ দিবলৈ গৈ আছে যেতিয়া য’ৰ পৰা আহিছে তাৰে পৰা অৰ্থাৎ সৰভোগৰপৰা ইয়ালৈ ভাড়া দিয়ক।
মই অনুৰোধৰ সুৰত ক’লো- চাওঁক, মই বি, এছ চি পাছ কৰি ওলাইছোঁহি মাত্র। আয়ৰ কোনো উৎসৰ ব্যৱস্থা এতিয়ালৈকে কৰিব পৰা নাই। সেয়ে এতিয়ালৈকে অভিভাৱকৰ ওপৰতে নিৰ্ভৰ কৰি চালিব লগা হৈছে। অভিভাৱকে হিচাপ কৰি ভাড়া দি পঠাইছে। এতিয়া যদি পুনৰ ভাড়া দিব লগা হয়, তেনেহ’লে মোৰ ইণ্টাৰভিউ দিয়াই নহ’ব। ইয়াতে নামি পুনৰ গৃহাভিমুখে যাত্ৰা কৰিব লাগিব। গতিকে ভাড়ালৈ মোক ইয়াতে নমাই দিয়ক।
টি, টিয়ে মোৰ মুখৰ ফালে একেথৰে কিছু সময় চাই থকাৰ পাছত ধীৰ-শান্ত কণ্ঠত ক’লে- এজন শিক্ষিত মানুহ হিচপে আপোনাক নমাই দিয়াই উচিত। কিন্তু কি কৰোঁ কওঁকচোন! বি, এছ চি পাছ কৰিয়ে প্রথম ইণ্টাৰভিউ দিবলৈ গৈ আছে। ইণ্টাৰভিউটো দিব নোৱাৰিলে ওৰেটো জীৱন মোক জগৰীয়া কৰি থাকিব। এইদৰে কৈয়ে টি, টি গৰাকীয়ে ক’লে-আহক, মোৰ লগত।
টি, টি গৰাকী দবাৰপৰা নামি গ’ল। ময়ো টি, টিগৰাকীৰ পিছে পিছে দবাৰপৰা নামিলোঁ। ষ্টেচনত বেলেগ দুগৰাকী টি, টি থিয় দি আছিল। টি, টিগৰাকী সিহঁতৰ ওচৰলৈ গৈ মোৰ ফালে আঙুলিয়াই মোৰ টিকট হেৰুৱাৰ কথা বিৱৰি কৈ ক’লে- এখেতক লালুক ষ্টেচনত নমাই দিব। নৰ্থলক্ষ্মীমপুৰলৈ গৈ ধৰা পৰিলে এখেতৰ ইণ্টাৰভিউই দিয়া নহ’ব।
টি, টি দুগৰাকীয়ে সন্মতিসূচক মূৰ দুপিয়াই ক’লে- হ’ব, ছাৰ।
টি, টি দুগৰাকীৰ পৰা সন্মতি পাই প্রথম লগ পোৱা টি, টিগৰাকীয়ে মোলৈ উদ্দেশ্য কৰি ক’লে- লালুকৰ পৰা বাছেৰে নৰ্থলক্ষ্মীমপুৰলৈ যাব পাৰিব। নৰ্থলক্ষ্মীমপুৰলৈ গ’লে অসুবিধা হ’ব পাৰে বুলিহে মই এই ব্যৱস্থা কৰিলো। ইয়াৰ কাৰণে বেয়া নাপাব। এইদৰে কৈফিয়তৰ সুৰত কথাকেইটা কৈ তেওঁ পুনৰ পৰামৰ্শৰ সুৰত ক’লে- এনেকুৱা ভুল জীৱনত নকৰিব। ৰে’লত উঠিলে টকাতকৈ ৰে’লৰ টিকটহে অধিক সযতনে ৰাখিব। কাৰণ টিকটৰ লগত জড়িত হৈ থাকে মান-সন্মানৰ প্ৰশ্ন। টকা হেৰালে, টকা পুনৰ উপাৰ্জন কৰিব পাৰিব; কিন্তু মান-সন্মান হেৰুৱালে লাখ টকা খৰচ কৰিলেও সেই হেৰুৱা মান-সন্মান পুনৰ ওভতাই নাপাব। এইদৰে কৈয়ে টি টিয়ে নিজৰ নাম ঠিকনা সম্বলিত কার্ড এখন মোলৈ আগবঢ়াই ক’লে- কাৰ্ডত মোৰ নাম-ঠিকনাৰ লগতে ফোন নম্বৰ আছে। চাকৰিটো হ’লে মোক ফোন কৰি জনাব। ‘আই উইছ ইয়’ৰ গুড লাক’।
টি, টিগৰাকী ৰে’লৰপৰা নামি গ’ল। শিল পৰা কপৌৰ দৰে থৰ হৈ মই টি, টিগৰাকীয়ে কোৱা কথাবোৰ মনতে জুকিয়াই চাবলৈ ধৰিলোঁ ।
(এদিনৰ দেওবাৰ-২৭ ফেব্ৰুৱাৰী/২০১১)
স্বেচ্ছামৃত্যু
মৃত্যু বহুৰূপী। কেতিয়াবা আহে ৰোগ হৈ, কেতিয়াবা আকৌ আহে দুর্ঘটনা হৈ। সাধাৰণতে মৃত্যু দুই ধৰণে হয়। এবিধ হ’ল সাধাৰণ মৃত্যু আৰু আনবিধ হ’ল অকাল মৃত্যু। নাতি-নাতিনীৰে ভৰা সংসাৰ সন্মুখত লৈ সপোন দেখাৰ বয়স পাৰ কৰি বাৰ্ধক্যজনিত কাৰণত হোৱা মৃত্যুক সাধাৰণ মৃত্যু আৰু বৃদ্ধ হোৱাৰ আগতেই দুৰ্ঘটনাজনিত কাৰণ অথবা কোনো দুৰাৰোগ্য ব্যাধিত আক্ৰান্ত হৈ হোৱা মৃত্যুক অকাল মৃত্যুক বুলি ক’ব পাৰি।
এই গল্পৰ নায়ক ইলাহী বক্সৰ মৃত্যু অকাল মৃত্যু যদিও স্বেচ্ছামৃত্যু বুলি কোৱাটোহে বেছি সমীচীন হ’ব। কাৰণ তেওঁ জানি-বুজিয়ে মৃত্যুৰ মুখলৈ আগুৱাই গৈছিল। তেওঁৰ সপোন দেখাৰ বয়সো পাৰ হোৱাৱ নাছিল। পঞ্চাশৰ দেওনা পাৰ হৈছিলহে মাথোন।
ল’ৰালিৰে পৰাই মই ইলাহী বক্সক জানো। বয়সত তেওঁ মোতকৈ বিছ বছৰমানৰ ডাঙৰ আছিল। কৈশোৰৰ পৰাই মানুহজন অলপ জেদী প্ৰকৃতিৰ আৰু যুক্তিবাদী আছিল। মাক-দেউতাকে তেওঁক বিদ্যালয়লৈ পঢ়িবলৈ পঠাইছিল। লেখা-পঢ়াতো সি ভাল আছিল। শ্ৰেণীত সদায় প্রথম হৈছিল। কিন্তু জেদী স্বভাৱৰ কাৰণে সি অকালতে লেখা-পঢ়াৰ পাট সামৰিব লগা হৈছিল।
তেতিয়াৰ দিনত ছাত্র-ছাত্রীয়ে পাখি-কলমেৰে লেখিছিল। ফলত প্রত্যেকেই চৰাইৰ পাখিৰ লগতে চিয়াঁহীৰ দোৱাত লৈ বিদ্যালয়লৈ গৈছিল।
সিদিনা ইলাহী বক্সে বিদ্যালয়ৰ শ্ৰেণীকোঠাত বহি অংক কৰি আছিল আৰু চিয়াঁহীৰ দোৱাত তাৰ বহীৰ কাষতে আছিল। সহপাঠী এজন দৌৰি আহি হঠাৎ তাৰ গাত ঠেলা মাৰি দিয়াৰ ফলত চিয়াঁহীৰ দোৱাতটো বহীৰ ওপৰত পৰি গোটেই বহীটোৱেই চিয়াঁহীৰে ভৰি পৰিছিল। সহপাঠীজনে ইচ্ছাকৃভাবে ঠেলা মাৰি চিয়াঁহীৰ দোৱাতটো তেনেকৈ পেলাই দিয়া বুলি ভাবি সি সহপাঠীজনক চৰ এটা মাৰিছিল। সহপাঠীজনো কম নাছিল ! সি ওলোটাই ইলাহী বক্সক এটা চৰ মাৰিছিল। ফলত দুয়োৰে মাজত জোঁটা-পুটি লাগি মৰা-মৰি হৈছিল আৰু প্ৰথমে চৰ মৰাৰ অপৰাধত শিক্ষকে ইলাহী বক্সক দোষী সাৱ্যস্ত কৰি বেতেৰে চাৰিটামান কোব মাৰিছিল। বেতৰ কোব খাই কিতাপ-ফলি লৈ সি ঘৰলৈ আহে আৰু পুনৰ স্কুললৈ নাযায় বুলি জেদ ধৰে। শিক্ষকে তাক ভালৰ কাৰণেহে মাৰিছে বুলি মাক-দেউতাক আৰু ওচৰ-চুবুৰীয়াই বুজোৱাৰ পাছতো অবিবেচক শিক্ষকৰ ওচৰত নপঢ়ে বুলি সি আঁকোৰ-গোজ হৈ থাকে আৰু ওচৰত বেলেগ কোনো বিদ্যালয় নথকাত সিমানতে তাৰ শিক্ষা জীৱন অন্ত পৰে।
যৌৱন কালত ইলাহী বক্সৰ দহ বছৰৰ জে’ল হৈছিল। মাটিৰ সীমা লৈ খুড়াকহঁতৰ লগত সিহঁতৰ কাজিয়া হৈছিল। সেই কাজিয়াত সি লাঠিৰে কোবাই খুড়াকৰ পুতেক এজনৰ এখন ভৰি ভাঙি দিছিল৷ ফলত সেই কেছত তাৰ দহ বছৰ জে’ল হৈছিল।
জে’লত সি এজন ভাল কবিৰাজৰ লগত একেটা ছেলত আছিল আৰু কবিৰাজৰপৰা সি জৰা-ফুকাকে আদি কৰি কিছু দৰৱ পাতিৰ জ্ঞান আয়ত্ব কৰিছিল। জে’লৰ ম্যাদ শেষ কৰি ঘৰলৈ আহি সি কবিৰাজী আৰম্ভ কৰে। চিকিৎসক হিচাপে তাৰ গুৰু বৃহস্পতিত আছিল। তাৰ চিকিৎসাৰ ফলত বহুতো ৰোগী আৰোগ্য লাভ কৰিছিল। ফলত সি অঞ্চলটোত ভাল কবিৰাজ হিচাপে জনাজাত হৈ পৰে। এটা সময়ত সি বেয়া নিচাত ধৰে, অৰ্থাৎ গাঁজা খাবলৈ আৰম্ভ কৰে। গাঁজা খোৱাৰ ফলত এটা সময়ত তাৰ হাওঁফাওঁ নষ্ট হৈ যায় আৰু শেষলৈ গৈ যক্ষ্মা ধৰা পৰে। নিজে যি জানে, সেইবোৰ ঔষধ-পথ্য ব্যৱহাৰ কৰাৰ পাছতো ৰোগ উপশম নোহোৱাত সি ডাক্তৰৰ শৰণাপন্ন হ’বলৈ বাধ্য হয়।
সিদিনা ইলাহী বক্স ডাক্তৰৰ অপেক্ষাত ডাক্তৰৰ চেম্বাৰৰ বাহিৰত থকা বেঞ্চ এখনত অন্যান্য ৰোগীসকলৰ লগত বহি আছিল। কিছু সময় অপেক্ষা কৰাৰ পাছত ডাক্তৰ আহিল। চেম্বৰলৈ যোৱাৰ বাটত ডাক্তৰে কৌতুহলবশতঃ ৰোগীসকলৰ ফালে চাই যাওঁতে দাঢ়ি- গোঁফেৰে ভোবোকাৰ আৰু জীৰ্ণ-শীৰ্ণ চেহেৰাৰ ইলাহী বক্সক দেখি থমকি ৰৈ ক’লে- গাঁজা খাই লিভাৰ পচাই এতিয়া ডাক্তৰৰ ওচৰলৈ আহিছে! এতিয়া চিকিৎসা কৰাই লাভ নাই। তথাপি যদি চিকিৎসা কৰাব খোজেও তেনেহ’লে গাঁজা এৰিব লাগিব। পাৰিব জানো? এইদৰে কৈ ডাক্তৰে ইলাহী বক্সৰ উত্তৰলৈ অপেক্ষা নকৰি চেম্বাৰৰ ভিতৰলৈ সোমাই গৈছিল ৷
ডাক্তৰ চেম্বাৰৰ ভিতৰলৈ সোমাই যোৱাৰ পাছত ইলাহী বক্সে তাৰ কাষত বহি থকা মহিলা এজনীক সুধিলে- আপুনি ডাক্তৰৰ ওচৰলৈ কিয় আহিছে?
মহিলীজনীয়ে ক’লে- ডাক্তৰৰ ওচৰলৈ কিয় আহে আপুনি নাজানে নেকি? মোৰ যক্ষ্মা হৈছে।
ইলাহী বক্সে আচৰিত হোৱাৰ ভাও জুৰি ক’লে- যক্ষ্মা হৈছে! আপুনি গাঁজা খায় নেকি?
মহিলাগৰাকী এইবাৰ কিছু বিব্ৰত হ’ল। ক’লে- মই কিয় গাঁজা খাবলৈ যাম? গাঁজাৰ গোন্ধই মই সহ্য কৰিব নোৱাৰো, গাঁজা খোৱাতো দূৰৰে কথা। তদুপৰি মহিলাসকলে গাঁজা খোৱা আপুনি ক’ত দেখিছে?
বেয়া নাপাব ৷ ইলাহী বক্সে এইবাৰ কথাটো বুজাই ক’লে- ডাক্তৰে যে ক’লে গাঁজা খোৱাৰ কাৰণে মোৰ যক্ষ্মা হৈছে, সেই কাৰণে ক’লো। আচলতে একমাত্র গাঁজা খালেই যক্ষ্মা নহয়, বেলেগ কাৰণতো হ’ব পাৰে। আপোনাৰ যক্ষ্মাই তাকে প্ৰমাণ কৰিছে।
এনেকুৱা স্পষ্ট আৰু যুক্তিবাদী আছিল ইলাহী বক্স।
ডাক্তৰক দেখুৱাই ইলাহী বক্স ঘৰলৈ আহিল। ডাক্তৰৰ পৰামৰ্শ অনুসৰি সি কেইদিনমান গাঁজা খাবলৈও এৰিলে।
ডাক্তৰৰ ওচৰৰপৰা অহাৰ কেইদিনমান পাছত মই ইলাহী বক্সৰ খা-খবৰ ল’বলৈ গ’লো। ইলাহী বক্সে মোক উষ্ম অভ্যর্থনা জনালে-আহা
মাষ্টৰ, আহা। বহাহি। এইদৰে অভ্যর্থনা জনাই সি মোলৈ পীৰা এখন আগবঢ়াই ক’লৈ- আজিলৈ তিনিদিন মই গাঁজা খোৱা নাই। কিন্তু গাঁজা নোখোৱাৰ ফলতো অসুখ কমা নাই। বৰং অসুখ বেছি হোৱা যেনহে ভাব হৈছে। গাঁজা নোখোৱাৰ কাৰণে বৰ কষ্ট অনুভৱ কৰি আছোঁ, মাষ্টৰ।
গাঁজা খালে এই বেমাৰৰ পৰা আৰোগ্য হোৱাটো কোনোপধ্যেই সম্ভৱ নহ’ব। মই পৰামৰ্শৰ সুৰত ক’লো- ঔষধ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছেহে মাথোন, আৰু দুই চাৰিদিন ব্যৱহাৰ কৰিলে নিশ্চয় সুফল পাব। গাঁজা এক প্ৰকাৰ বিহ। বিহ খাই থাকিলে ঔষধে কোনো কামেই নকৰিব।
তেতিয়া ইলাহী বক্সে মোক এটি কাহিনী শুনালে-
ইলাহী বক্সৰ দেউতাক হাজী মানুহ আছিল। চৰিয়তৰ পৰিপন্থী মদ, গাঁজা খোৱাটো তেওঁ মুঠেই সহ্য কৰিব নোৱাৰিছিল। এবাৰ হাজী চাহাবৰ ওচৰলৈ দাঢ়ি-চুলিৰে ভোবোকাৰ সংসাৰ ত্যাগী ফকিৰ এজন আহিছিল। ফকিৰজনে গাঁজা খায় বুলি গম পাই হাজী চাহাবে নিজ হাতেৰে তাৰ দাঢ়ি-চুলি কাটি দিছিল। ফকিজনে তেতিয়া গাঁজাৰ টোপোলা আৰু কল্কি হাজী চাহাবৰ আগত থৈ অভিমান কৰি কৈছিল- বাৰু হাজী চাহাব, আপোনাৰ কাৰ্যত মই বেয়া পোৱা নাই। আজিৰপৰা মই গাঁজা খাবলৈ এৰিলো; কিন্তু গাঁজা আৰু কল্কিটো আপোনাক দি গ’লো। এইদৰে কৈ ফকিৰজন গুচি গৈছিল।
পাছদিনাৰ পৰাই হাজী চাহাবৰ পেটৰ বিষ আৰম্ভ হ’ল। পাৰেমানে ঔষধ-পথ্য খালে যদিও বিষ উপশম হোৱাৰ কোনো লক্ষ্মণ দেখা নগ’ল। দিন যোৱাৰ লগে লগে বিষ বেছি হৈ আহিবলৈ ধৰিলে। বিষৰ প্ৰকোপত হাজী চাহাব এটা সময়ত অস্থিৰ হৈ উঠিল। তেতিয়া এজন মানুহে পৰামৰ্শ আগবঢ়ালে- ফকিৰজনে দিয়া অভিশাপৰ ফলতে হয়তো আপোনাৰ পেটৰ বিষ আৰম্ভ হৈছে। আপুনি গাঁজা এচিলিম খাই চাব পাৰে।
প্ৰস্তাৱটো হাজী চাহাবে একে আষাৰতে নাকচ কৰি ক’লে- অসম্ভৱ, মই মৰি গ’লেও এনে কাম নকৰোঁ।
তেতিয়া মানুহজনে যুক্তি দর্শালে- ঔষধ হিচাপে খালে নিশ্চয় দোষণীয় নহ’ব। শুনামতে কোনো কোনো ঔষধত হেনো গাঁজা-ভাঙৰ সামান্য অংশ থাকেই।
মানুহজনৰ পৰামৰ্শ তেতিয়া নুশুনিলেও কোনো ঔষধ-পথ্যই কাম নিদিয়াত ফক্ৰিজনৰ অভিশাপৰ ফলতেই পেটৰ বিষ হোৱা বুলি হাজী চাহাবেও ভাবিবলৈ বাধ্য হ’ল। শেষত তেওঁ বিষৰপৰা পৰিত্ৰাণ পাবলৈ গাঁজা এচিলিম খালে। অবিশ্বাস্য যেন লাগিলেও গাঁজা খোৱাৰ পাছতে হাজী চাহাবৰ পেটৰ বিষ নোহোৱা হ’ল। পাছত এনেকুৱা পৰিস্থিতি উদ্ভৱ হ’ল যে, গাঁজা খালে বিষ কমে আৰু গাঁজা নাখালেই পুনৰ বিষ আৰম্ভ হয়। ফলত হাজী চাহাবে নিয়মিতভাবেই গাঁজা খাবলৈ আৰম্ভ কৰিলে।
ইলাহী বক্সে কাহিনীটো কৈ মন্তব্য কৰিলে- তেতিয়াৰ পৰাই আমাৰ পৰিয়ালৰ প্ৰতিজন পুৰুষ সদস্যই গাঁজা খাই আহিছে। এইদৰে মন্তব্য কৰি সি প্ৰসংগ সলনি কৰি ক’লে- আজিলৈ তিনিদিন গাঁজা খোৱা নাই। গাঁজা নাখালেই যেন মৰিম, বৰ্তমান মোৰ এনেকুৱা অনুমান হৈ আছে। জন্মিলে মৃত্যু আছেই। এদিনতো মৰিব লাগিবই।
মই ক’লো- তথাপি জানি-বুজি মৃত্যুৰ মুখলৈ আগুৱাই যোৱাটো জানো মূৰ্খামী নহ’ব? সকলো ভুলৰে শুধৰণি আছে। এবাৰ ভুল কৰিছে বুলি সেই ভুলকে চিৰদিন কৰি থাকিব লাগিব, সেয়াতো হ’ব নোৱাৰে।
যি ভুল যৌৱন কালত কৰিছো, সেয়া সংশোধন কৰা সম্ভৱ নহ’ব, মাষ্টৰ। ইলাহী বক্সে আঁকোৰগোজভাবে ক’লে- গাঁজা নাখালেও এদিন মৰিব লাগিব যেতিয়া, গাঁজা খায়ে মৰিম।
সাতদিনমান পাছত খবৰ পালো, ইলাহী বক্স আৰু ইহ জগতত নাই। গাঁজাৰ কল্কি হাতত লৈয়ে সি মৃত্যুৰ কোলাত ঢলি পৰিছে।
(এদিনৰ দেওবাৰ-১৮ অক্টোবৰ/২০০৯)
অবিশ্বাস্য
ফহাদৰ লগত জি, এছ ৰোড কাণ্ড সম্পর্কে আলোচনা কৰি আছিলো। হঠাৎ ফৰহাদে ক’লে- জি এছ ৰোজ কাণ্ডতকৈও অধিক জঘন্য আৰু মৰ্মান্তিক কাণ্ড আমাৰ সমাজত অহৰহ সংঘটিত হৈ আছে। যিবোৰ ঘটনা আমি নিজ চকুৰে দেখাৰ পাছতো বিশ্বাস কৰিবলৈ টান হৈ পৰে।
অৱশ্যে। মই ক’লো- কিন্তু এষাৰ কথা মই বুজিব পৰা নাই যে, এনেকুৱা ঘটনা সংঘটিত কৰাৰ সময়ত পাষণ্ডহঁতৰ মনত নপৰে নেকি যে সিহঁতৰো আই-ভনী আছে, সিহঁতো কোনোবা এগৰাকী নাৰীৰ গৰ্ভৰপৰাই জন্মলাভ কৰিছে!
আচলতে প্ৰতিজন মানুহৰ মনতে এক পাশৱিক শক্তিয়ে ক্ৰিয়া কৰি থাকে। যিসকলে এই পাশৱিক শক্তিৰ ওচৰত হাৰ মানে সিহঁতে এনেকুৱা অসামাজিক ঘটনা সংঘটিত কৰে। আমাৰ মাহীহঁতৰ ঘৰতে দুবছৰমান আগতে এনেকুৱা এটি জঘন্য ঘটনা সংঘটিত হৈ গৈছে। ঘটনাটো ইমানেই জঘন্য আছিল যে আজিলৈকে মই ঘটনাটো বিশ্বাসত ল’ব পৰা নাই। এইদৰে কৈ ফৰহাদে এটি কাহিনী কৈ গ’ল-
ফৰহাদৰ মাহীয়েকৰ ছোৱালী ছামচুন নেহাৰ। তাই জন্মৰে পৰাই অৱশ্যে মানসিকভাবে অসুস্থ নাছিল। আন দহোটা ল’ৰা-ছোৱালীৰ দৰেই তাইৰ মানসিক আৰু শাৰীৰিক বিকাশ হৈছিল। পাঁচ বছৰমান বয়সত তাইৰ সন্নিপাত জ্বৰ হয় আৰু তেতিয়াৰ পৰা তাই মানসিকভাবে কিছু অসুস্থ হৈ পৰে। স্বাভাৱিকতে তাই বৰ বেছি কথা নকৈছিল আৰু মন মাৰি বহি থাকিছিল। কিন্তু কেতিয়াবা সাধাৰণ কথাতে হিংস্ৰ হৈ উঠিছিল আৰু তেতিয়া তাইক শান্ত কৰা টান হৈ পৰিছিল। তাইক স্কুললৈকো পঠোৱা হৈছিল। লেখা-পঢ়াতো তাই মোটা-মুটি ভালেই আছিল। নৱম শ্রেণী পোৱাৰ পাছত তাইৰ মানসিক অৱস্থাৰ অধিক অৱনতি ঘটে আৰু তাই অধিক হিংস্ৰ হৈ উঠে। তাই সহপাঠীসকলৰ লগত সাধাৰণ কথাতে কাজিয়া কৰিবলৈ আৰম্ভ কৰে। কেতিয়াবা কেতিয়াবা তাই সিহঁতক মাধৰো কৰিছিল। এদিন সহপাঠী এজনীৰ লগত কাজিয়া কৰি তাইক বেয়াকৈ মাৰ্ধৰ কৰে। ফলত ছাত্ৰীগৰাকী চিকিৎসাধীন হ’ব লগা হয় আৰু চিকিৎসাৰ সকলো খৰচ মহাকে বহন কৰিব লগা হয়। এই ঘটনাৰ পাছতো তাই আৰু দুদিন দুজনী ছাত্ৰীৰ লগত কাজিয়া কৰে। শিক্ষকসকলে এই বিষয়ে তাইক শাসন কৰাত এদিন তাই এজন শিক্ষকক আক্রমণ কৰে। তাইৰ এই হিংস্ৰ স্বভাৱৰ কাৰণে অৱশেষত তাইক বিদ্যালয়ৰ পৰা উলিয়াই দিয়া হয়।
ছামচুন নেহাৰ দেখিবলৈ ধুনীয়া আছিল আৰু সাজি-কাচি থাকিবলৈ ভাল পাইছিল। পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতিও তাই সচেতন আছিল। সেয়ে প্রথম দৃষ্টিত দেখিলে তাইক বলিয়া যেন নালাগিছিল। কোনো কোনো সময়ত সুস্থ মানুহৰ দৰেই আচৰণ কৰিছিল। ৰন্ধা-বঢ়াৰ লগতে তাই মাকক বিভিন্ন কামত সহায়ো কৰিছিল৷ সেয়ে বিয়া দি উলিয়াই দিলে সুস্থ হ’ব পাৰে বুলি হিতাকাংক্ষী দুই-এজনে পৰামৰ্শ আগবঢ়াইছিল। সিহঁতৰ পৰামৰ্শ অনুসৰি দেউতাকে তাইৰ বিয়াৰ বাবে চেষ্টাও কৰিছিল। মানসিকভাবে অসুস্থ কাৰণে দেউতাকে বুজন পৰিমাণৰ যৌতুক দিয়াৰ কথাও ঘোষণা কৰিছিল। ধনৰ লোভত প্ৰথমাৱস্থাত দুই-চাৰ্জিন আগবাঢ়ি আহিছিল যদিও তাইৰ হিংস্ৰ স্বভাৱৰ বিষয়ে জানিব পাৰি শেষ মুহূৰ্তত সিহঁত পিছুৱাই গৈছিল। সেয়ে মাক-দেউতাকৰ আন্তৰিক চেষ্টাৰ পাছতো তাইক বিয়া দি উলিয়াই দিয়া সম্ভৱ হোৱা নাছিল।
স্বাভাৱিকতে তাই সাজি-কাচি ঘৰৰ ভিতৰতে বহি থাকিছিল। তাৰ মাজতে তাই কেতিয়াবা কাকো নজনোৱাকৈ হঠাৎ ঘৰৰ পৰা ওলাই গৈছিল আৰু সন্ধিয়াৰ আগে আগে ঘৰলৈ উভতি আহিছিল৷ এনেদৰে হঠাৎ ঘৰৰ পৰা ওলাই যোৱাৰ ঘটনা মাহেকত-পষেকত দুই-এবাৰহে ঘটিছিল। সেয়ে তাইৰ এই আকস্মিক অন্তৰ্দ্ধাৰ্নৰ বিষয়টোক লৈ কোনেও চিন্তিত হোৱা নাছিল ৷ তদুপৰি ছত্তৰ মিয়াই সততে ছামচুন নেহাৰৰ প্ৰতি সতর্ক দৃষ্টি ৰাখিছিল। কোনোবা দিনা ঘৰলৈ অহাত পলম হ’লে সি নিজে গৈ তাইক বিচাৰি আনিছিল।
ছত্তৰ মিয়াৰ লগত মহাকৰ তেজৰ সম্পৰ্ক নাছিল। পোন্ধৰ বছৰমান আগতে মহাকে তাক গুৱাহাটীৰপৰা লৈ আহিছিল। সোতৰ বছৰমান আগতে প্রবল বানপানী হৈছিল। সেই বানৰ সময়ত ছত্তৰ মিয়াহঁতৰ চৰত খহনীয়াৰ তাণ্ডৱ আৰম্ভ হৈছিল আৰু এটা নিশাৰ ভিতৰতে সিহঁতৰ চৰ সম্পূৰ্ণৰূপে ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ গৈছিল। বহু ঘৰ-দুৱাৰ উটি গৈছিল সেই বানপানী আৰু খহনীয়াৰ তাণ্ডৱত। বহুতো মানুহ মৃত্যুমুখত পৰিছিল। ছত্তৰ মিয়াৰ পৰিয়ালৰ আটাইকেইজন সদস্য সেই খহনীয়া আৰু বানৰ তাণ্ডৱত মৃত্যুক সাৱটি ল’ব লগা হৈছিল।
ছত্তৰ মিয়া সিদিনা বেলেগ এটি চৰত নিমন্ত্ৰণ খাবলৈ গৈছিল। সেয়ে সিদিনা তাৰ প্ৰাণ ৰক্ষা পৰিছিল। কিন্তু পৰিয়ালৰ আটাইকেইজন সদস্য মৃত্যুমুখত পৰাত সি বলিয়াৰ দৰে হৈ পৰিছিল। শেষত সি সম্পূৰ্ণৰূপে মানসিক ভাৰসাম্য হেৰাই পেলায় আৰু অনাই-বনাই ঘূৰি গুৱাহাটীত গৈ উপস্থিত হয়। মহাকে এদিন তাক এখন হোটেলৰ সন্মুখত লগ পাই তাৰ লগত কথা পাতি উপলব্ধি কৰিব পাৰে যে, মানুহজন শিক্ষিত আৰু উপযুক্ত চিকিৎসা আৰু যত্ন ল’লে সি মানসিকভাবে সুস্থ হৈ উঠাৰ পূৰ্ণ সম্ভাৱনা আছে। সেয়ে মহাকে দয়াপৰৱশ হৈ তাক নিজৰ ঘৰলৈ লৈ আহে আৰু কিছুদিন চিকিৎসা কৰোৱাৰ পাছতে সি সুস্থ হৈ উঠে।
মানসিকভাবে সুস্থ হৈ উঠাৰ পাছত ছত্তৰ মিয়াই মহাকহঁতৰ খেতি-বাতি চোৱা-চিতা কৰাৰ লগতে গাঁৱৰ দুখীয়া ল’ৰা-ছোৱালীক পঢ়ুৱাবলৈ আৰম্ভ কৰে। তাৰবাবে সি কোনো ধৰণৰ টকা-পইচা লোৱা নাছিল। সেয়ে গাঁৱখনত তাৰ সমাদৰ বাঢ়ে আৰু গাঁৱখনৰ আটায়ে তাক শ্রদ্ধা-ভক্তি কৰিবলৈ আৰম্ভ কৰে।
ছত্তৰ মিয়া বয়সত মহাতকৈ দুই-তিনি বছৰৰ ডাঙৰ আছিল। সেয়ে মহাকে তাক নিজৰ ককায়েকৰ দৰে শ্ৰদ্ধা-ভক্তি কৰিছিল । পৰিয়ালৰ আন আন সদস্যসকলেও তাক শ্রদ্ধা-ভক্তি কৰিছিল। ছত্তৰ মিয়ায়ো পৰয়ালটোক নিজৰ পৰিয়ালৰ দৰে মৰম-চেনেহ কৰিছিল। ছামচুন নেহাৰকো সি খুবেই মৰম কৰিছিল আৰু তাইৰ ওপৰত সততে সতর্ক দৃষ্টি ৰাখিছিল। তাই ঘৰৰপৰা ওলাই গ’লে সি বিচাৰ-খোঁচাৰ কৰি ঘৰলৈ লৈ আহিছিল। ছত্তৰ মিয়াই ছামচুন নেহাৰ প্ৰতি দৃষ্টি ৰখাত পৰিয়ালৰ অন্যান্য সদস্যসকল তাইৰ প্ৰতি উদাসীন আছিল। ছত্তৰ মিয়া আছে যেতিয়া চিন্তাৰ কোনো কাৰণ নাই, এনেকুৱা মনোভাৱ আটায়ে পোষণ কৰিছিল।
এদিনাখন সন্ধিয়া ভাত-পানী খাই উঠাৰ পাছত ছামচুন নেহাৰে মুখ ভৰি বমি কৰিলে। বমিৰ লক্ষণলৈ চাই মাহীয়েক চিন্তিত হৈ পৰিল।তাই ছামচুনক সুধিলে- তুমি কাৰোবাক ভাল পোৱা নেকি?
ছামচুন নেহাৰে কোনোধৰণৰ দ্বিধাবোধ নকৰাকৈ টপৰাই উত্তৰ দিলে-পাওঁ।
কাক ভালপোৱা?
: তোমাক, দেউতাক আৰু বহুতকে মই ভাল পাওঁ।
মই সেই ভালপোৱাৰ কথা সোধা নাই। তুমি কোনোবা ল’ৰাক ভালপোৱা নেকি? তাৰ নাম কোৱা।
ছামচুন নেহাৰে বহুতো ল’ৰাৰ নাম কলে। কিন্তু সেইসকল ল’ৰাৰ প্ৰতি মাহীয়েকৰ কোনোধৰণৰ সন্দেহ নুপজিল। কাৰণ সিহঁতৰ আটায়ে ছামচুনতকৈ বয়সত সৰু। ছামচুনক সিহঁতে বাইদেউ বুলি মাতে। তদুপৰি সেইসকল ল’ৰাক মাহীয়েকে কোনোদিনে সিহঁতৰ ঘৰলৈ অহা দেখা নাই। তথাপি মাহীয়েকে লাজ-মান কাতি কৰি থৈ উৰহীৰ ওৰ বিচাৰিবলৈ সেমেনা-সেমেনি কৰি সুধিলে- এই ল’ৰাবোৰৰ কোনোবাই তোমাক বুকুত সাৱটি ধৰি মৰম কৰিছিল নেকি?
ছামচুন নেহাৰে মাহীয়েকৰ প্ৰশ্নৰ উত্তৰ নিদি মাথোন হাঁহিবলৈ ধৰিলে। বাৰে বাৰে সুধিও প্রকৃত সত্য উদ্ঘাটন কৰিব নোৱাৰি হতাশ হৈ তাই কথাটো মহাকক জনালে- ছামচুনৰ অৱস্থা বিশেষ ভাল দেখা নাই। তাইক ডাক্তৰৰ ওচৰলৈ লৈ যাওঁক। তাইৰ স্বাস্থ্য পৰীক্ষা কৰোৱাব লাগিব।
ৰাতি বমি কৰাৰ কথা মহাকে জানে। সেয়ে সি চিন্তিত হৈ সুধিলে- কিয়, ছামচুনৰ কিবা অসুখ-বিসুখ হৈছে নেকি? কালি নিশা দেখোন বমিও কৰিলে। কি অসুখ হোৱা বুলি ভাবিছা?
কিবা এটা হৈছে দিয়কচোন। পৰীক্ষা কৰাৰ পাছতহে ডাক্তৰে ক’ব পাৰিব। আপুনি আজিয়ে তাইক ডাক্তৰৰ ওচৰলৈ লৈ যাওঁক।
মাহীয়েকৰ কথামতে সিদিনাই আবেলি মহাকে ছামচুনক ডাক্তৰৰ ওচ লৈ গ’ল। ডাক্তৰে পৰীক্ষা-নিৰীক্ষা কৰি ক’লে- নাই নাই, চিন্তাৰ কোনো কাৰণ নাই। সাধাৰণ অসুখ। তাই অন্তঃসত্ত্বা।
ডাক্তৰৰ কথা শুনি মহাকৰ মূৰত যেন সৰগ ভাগি পৰিল। সি চকুৰে ধুঁৱলী-কুঁৱলী দেখিবলৈ ধৰিলে। কোনোমতে সি নিজক চম্ভালি ছামচুন নেহাৰক লৈ ঘৰলৈ আহিল আৰু ঘৰলৈ আহিয়ে বিছনাত দীঘল দি শুই পৰিল। মহাকৰ অৱস্থা দেখি প্রকৃত ঘটনা উপলব্ধি কৰিবলৈ মাহীয়েকৰ অসুবিধা নহ’ল। তাই চিন্তিতভাবে মহাকৰ ওচৰলৈ আহি হুমুনিয়াহ কাঢ়ি নিজক কোৱাদি ক’লে- মোৰ অনুমানেই তেনেহ’লে সঁচা প্রমাণিত হ’ল। পাগলী ছোৱালীজনীৰ লগত কোনজন পাষণ্ডই এই কুকৰ্ম কৰিলে?
তুমি ছামচুনক এই বিষয়ে কিবা সুধিছিলা নেকি?
সুধিছো, কিন্তু বাৰে বাৰে সুধিও তাইৰপৰা কোনো সদুত্তৰ পোৱা নাই। মাহীয়েকে কিছু সময় মনে মনে থাকি পৰামৰ্শৰ সুৰত ক’লে- এতিয়া গৰ্ভপাত কৰোৱাৰ বাহিৰে বেলেগ কোনো উপায় নাই। যিমান সোনকালে সম্ভব গর্ভপাত কৰোৱাব লাগিব।
গৰ্ভপাত ! কিন্তু কেনেকৈ? লুকাই-চুৰকৈ কৰিলেও দেখোন কথাটো জনা-জনি হৈ যাব ! তেতিয়া মানুহৰ আগত মুখ উলিয়াম কেনেকৈ? তাতকৈ বিহ আনি দিওঁ, বিহ খোৱাই মাৰি পেলোৱা।
এনেকুৱা অমংগলীয়া কথাবোৰ নক’বচোন। তাইৰ গাতনো কি দোষ? পাগলী ছোৱালীজনীৰ লগত যিজন পাষণ্ডই এই কুকৰ্ম কৰিছে, আচলতে তাকহে মাৰি পেলোৱা উচিত। মাহীয়েকে বিৰক্তি ভৰা কণ্ঠত ক’লে।
কিন্তু কামটো কৰিবা কেনেকৈ? কৰিব কোনে? মহাকে চিন্তিত কণ্ঠত সুধিলে।
এইবোৰ কামত মর্জিনা পেহী ওস্তাদ। মহীয়েকে পৰামৰ্শ আগবঢ়ালে- আজিয়ে তাইক মাতি আনক। কথাটো আগতেই তাইক ক’ব নালাগে। আমাৰ ঘৰলৈ অহাৰ পাছত জনালেই হ’ব।
অৱশেষত মাহীয়েকৰ প্ৰস্তাৱত মহাক সন্মত হ’ল আৰু গৰ্ভপাত কৰোৱাৰ সিদ্ধান্ত লৈ সিদিনা সন্ধিয়াই মর্জিনা পেহীক মাতি অনা হ’ল। মর্জিনা পেহীয়ে কিবা-কিবি ঔষধ খোৱাই দিলে। আধাঘণ্টামান পাছৰপৰা ৰক্তক্ষৰণ আৰম্ভ হ’ল আৰু আশা কামতেই নিশা বাৰ বজাত গর্ভপাত হ’ল। কিন্তু এটা সমস্যাই দেখা দিলে। নিয়মমতে কিছু সময় পাছতে ৰক্তক্ষৰণ বন্ধ হ’ব লাগিছিল। কিন্তু বহু সময় অপেক্ষা কৰাৰ পাছতো ৰক্তক্ষৰণ বন্ধ নহ’ল। ৰক্তক্ষৰণ বন্ধ কৰাৰ কাৰণে মর্জিনা পেহীয়ে গছ-লতাৰ শিপা পাত পিহি খোৱাই দিলে, কিন্তু ৰক্তক্ষৰণ বন্ধ হোৱাতো দূৰৰে কথা লাহে লাহে বৃদ্ধিহে পাবলৈ ধৰিলে। এটা সময়ত ৰক্তক্ষৰণৰ মাত্ৰা ইমানেই বৃদ্ধি পালে যে, মহাক চিন্তিত হৈ পৰিল ৷ সি হতাশ হৈ মর্জিনা পেহীক উদ্দেশ্য কৰি সুধিলে- ৰক্তক্ষৰণৰ মাত্ৰা লাহে লাহে দেখোন বৃদ্ধিহে হৈ আছে। এতিয়া উপায়?
মর্জিনা পেহীৰ কপালো কোঁচ খাই গ’ল। তাই নিজেও হতাশ হৈ পৰিল। তাই সেমেনা-সেমেনি কৰা ক’লে- মই কৰিব পৰাখিনি কৰিলো। পৰিস্থিতি এতিয়া মোৰ সাধ্যৰ বাহিৰত। এতিয়া ডাক্তৰ মাতাৰ বাহিৰে উপায় নাই।
এই ৰাতিখন কোনজন ডাক্তৰ আহিব! মহাকে এইদৰে কৈ হঠাৎ মনত পৰাৰ দৰে ক’লে- ছত্তৰ কাই এজন বিজ্ঞ মানুহ। সি কিবা কৰিব পাৰে নেকি আগতে সুধি চাওঁ, ৰ’ব। কেনেবাকৈ ৰাতিটো পাৰ কৰিব পাৰিলে ৰাতিপুৱা ডাক্তৰ মাতিবপৰা যাব। এইদৰে কৈ মহাকে মাহীয়েকক উদ্দেশ্য কৰি ক’লে-তুমি যোৱচোন, ছত্তৰ কাইক মই মাতা বুলি কোৱাগৈ।
ছত্তৰ কাই ঘৰত নাই। আপুনি ছামচুনক লৈ ডাক্তৰৰ ওচৰলৈ যোৱাৰ পাছতে সি ওলাই গৈছে। সন্ধিয়ালৈকে সি উভতি অহা নাই।
মর্জিনা পেহীয়ে মাজতে ক’লে- মই তাক সন্ধিয়া ষ্টেচনৰ ফালে যোৱা দেখিছো।
এনেতে ছামচুন নেহাৰে ক’লে- মা পানী, মই পানী খাম।
মাহীয়েকে এগিলাচ পানী আনি দিলে। ছামচুন নেহাৰে একে উশাহে গিলাচৰ পানী শেষ কৰি ক’লে- মই নাবাচোঁ, মা। মোৰ অণ্ঠ-কণ্ঠ শুকাই গৈছে। মই চকুৰে অন্ধকাৰ দেখিছো। মই মৰিম, মা।
এনেকৈ কিয় কৈছা, আই? মাহীয়েকে সান্ত্বনাৰ সুৰত ক’লে-ৰাতিপুৱালেই দেউতাৰাই ডাক্তৰ মাতি আনিব। ডাক্তৰৰ ঔষধ খালেই তই ঠিক হৈ যাবি।
কিন্তু ডাক্তৰ মাতাৰ প্ৰয়োজন নহ’ল। মৃত্যুৰ স’তে যুঁজি যুঁজি ফজৰৰ আজানৰ আগে আগে ছামচুন নেহাৰে শেষ নিশ্বাস ত্যাগ কৰিলে ।
ভাৰাক্ৰান্ত মনেৰে মহাক ফজৰৰ নামাজ পঢ়িবলৈ মছজিদলৈ বুলি ওলাই গ’ল। নামাজ পঢ়ি আহি সি দুজন ল’ৰাক বাৰাণ্ডাত বহি থকা দেখিলে। ল’ৰা দুজন তেওঁৰ চিনাকি। তেওঁৰ প্ৰাক্তন ছাত্র। ষ্টেচনৰ ওচৰতে ঘৰ। ল’ৰা দুজন তেওঁৰ কাৰণেই অপেক্ষা কৰি আছিল। ল’ৰা দুজনৰ মাজৰপৰা এজনে ক’লে- ছাৰ, ছত্তৰ মিয়াই ৰে’লৰ আগত জঁপিয়াই আত্মহত্যা কৰিছে। ‘ডেড বডি’ বর্তমান থানাত আছে। খবৰটো দিয়াৰ কাৰণে আমি আহিছো।
খবৰটো শুনি হাঁহিব, নে কান্দিব থিৰাং কৰিব নোৱাৰি মহাক গুৰিকটা গছৰ দৰে ধুপুচ্কৈ কাষত থকা চকীত বহি পৰিল।
(নিয়মীয়া বাৰ্তাৰ বাঁহী-১১ মে/২০১৪)
অদ্ভুত বৃদ্ধ
বাছখন যাত্ৰীৰ অপেক্ষাত ৰৈ আছিল। বতৰ গোমা আছিল আৰু অসহ্য গৰমত মানুহবিলাক ছট্ফটাই আছিল। দুই-চাৰিজনে বাছখন এৰাৰ কাৰণে কণ্ডাক্টৰক ডাবি-ধমকিও দি আছিল।
এনেতে পাঁচ-ছয়জন যাত্রী হুমূৰকৈ বাছৰ ভিতৰলৈ সোমাই আহিল। আটাইকেইজন ডেকা ল’ৰা। ডেকাকেইজনে খালী আসন বিচাৰি হুলস্থূল কৰি থাকোঁতেই এজন বৃদ্ধ বাছৰ ভিতৰলৈ সোমাই আহিল।
ডেকাকেইজনৰ মাজৰপৰা এজনে ক’লে- ঐ অর্জুন, এইফালে আহ। এই ফালে ছিট খালী আছে।
এনেতে ডেকাকেইজনৰ পিছে পিছে অহা বৃদ্ধজনে ধেমেলীয়া সুৰত ক’লে- কি কথা! নাৰায়ণ থাকোঁতে অৰ্জুনৰ কি কাম! মোৰ নাম নাৰায়ণ । গতিকে নাৰায়ণকহে মাতিব লাগিছিল। এইদৰে কৈয়ে বৃদ্ধজনে হাঃ হাঃকৈ প্ৰাণ খোলা হাঁহি মাৰিলে।
হাঁহিৰ শব্দত যাত্ৰীসকলৰ প্ৰায়ভাগৰে দৃষ্টি বৃদ্ধজনৰ ফালে প্ৰসাৰিত হ’ল। বৃদ্ধজন মই বহা আসনৰ কাষতে থিয় দিছিল। গতিকে ময়ো বৃদ্ধজনৰ ফালে দৃষ্টি প্ৰসাৰিত কৰিলোঁ।
আশীৰ দেওনা পাৰ হোৱা বৃদ্ধ ৷ দাঢ়ি-চুলি বগলী পাখিৰ দৰে বগা। সোলা দাঁত। গাৰ ছাল শোটোৰা-শোটোৰ। পিন্ধনত ধুতী-পাঞ্জাৱী। কাপোৰযোৰ বগা যদিও বিবর্ণ। ৰঙচুৱা বৰণ ধাৰণ কৰিছে। পাঞ্জাবীৰ তলত এঠাইত অপৈণত হাতেৰে টাপলি মৰা।
বৃদ্ধজনে যাত্ৰীসকলৰ কৌতুহলী দৃষ্টিৰ মাজতে ক’ৰবাত খালী আসন আছে নেকি ইফালে সিফালে দৃষ্টি বুলাই সন্ধান বুলালে৷ নাই, ক’তো খালী আসন নাই। আটাইবোৰ আসনতে যাত্রী বহি আছে। আনকি থিয় দিও আছে বহু যাত্রী। বৃদ্ধ জন হতাশ হৈ মোৰ সোঁকাষে বহি থকা যাত্ৰীজনৰ ফালে কৰুণ দৃষ্টিত চালে।
ভিৰৰ মাজত থিয় দি থকাটো বৃদ্ধজনৰ কাৰণে খুবেই কষ্টদায়ক হৈ আছিল। গতিকে ডেকাজন বৃদ্ধজনৰ প্ৰতি সদয় হ’ল। সি বহা আসনৰপৰা থিয় হৈ বৃদ্ধজনক উদ্দেশ্য কৰি ক’লে- আতা, বহক।
বৃদ্ধজনে ডেকাজনক ভৰিৰপৰা মূৰলৈ লক্ষ্য কৰি সেমেনা-সেমেনি কৰি ক’লে- তুমি! তুমি কি কৰিবা? নালগে দিয়া, তুমিয়ে বহা।
ডেকাজনে ক’লে- নাই নাই, মই থিয় দিয়ে যাব পাৰিম। আপুনি বহক।
বৃদ্ধজন বহিবলৈ গৈয়ো নবহিল ৷ মোৰ ফালে চাই গীত জুৰিলে- ‘একবাৰ হৰি বল মন ৰসনা, মানব দেহেৰ গৌৰৱ কইৰনা। মানব দেহ মাটিৰ ভাণ্ড ভাঙিলে হইবে খণ্ড খণ্ড, ভাঙিলে দেহ যোৰা লাগবেনা.……।’ গীতৰ কলিটো দুবাৰ মান উচ্চকণ্ঠত গাই মোৰ সোঁকাষে বহি মোক উদ্দেশ্য কৰি সুধিলে- ক’লৈ যাবা? এইদৰে প্ৰশ্নটো সুধিয়ে মোৰ উত্তৰলৈ অপেক্ষা নকৰি বৃদ্ধজনে একে উশাহে কৈ গ’ল-নাতিৰ বয়সৰ বুলি তুমি বুলি মাতিলোঁ। বেয়া পালা নেকি? মই সৰভোগলৈ যাম। ইয়ালৈ মানুহ এজনক লগ ধৰিবলৈ আহিছিলো। মানুহজন ঘৰত নাই। জীয়েকৰ ঘৰলৈ গৈছে হেনো!
মই সুধিলো- সকাম কি আছিল?
ডি, চিৰ তাত কাম আছে। এইদৰে কৈয়ে বৃদ্ধজনে মহাভাৰত মেলিলে- মই অকলেও ডি, চিৰ ওচৰলৈ যাব পাৰিলোহেঁতেন। কিন্তু কাম নহ’ব। কাৰণ ডি, চিয়ে মোক চিনি নাপায়, মানুহজনকহে চিনি পায়। সেয়ে মানুহজনক লৈ যাব খুজিছিলোঁ। আজিকালি চিনি নাপালে কাম নাই। যিকোনো কাম কৰিবলৈ হ’লেই কৈ-মেলি দিয়াৰ মানুহ লাগে। কৈ-মেলি বা লাগি-ভাগি দিয়া মানুহবোৰক দালাল বুলি ক’ব পাৰা। দালাল নহ’লে আজিকালি কাম নহয় ৷ সকলোতে দুৰ্নীতি বুজিছা। মোৰ বয়স ৯৬ বছৰ হ’ল। বহু দেখিলো, বহু শিকিলো। কিন্তু আগৰ দিনত এনেকুৱা নাছিল। মানুহৰ প্ৰতি মানুহৰ মৰম-চেনেহ, সহানুভূতি আছিল। আজিকালি সেইবোৰ পাবলৈ নাই। মৰম-চেনেহ আজিকালি কিনা- বেচা হয়। এইদৰে কৈ বৃদ্ধই হুমুনিয়াহ কাঢ়ি ক’লে- টকা হ’লে সকলো পায়; কিন্তু মন জানো পায়? সকলোতে পাগলৰ কাৰবাৰ! ‘ব্ৰহ্মা পাগল, বিষ্ণু পাগল, পাগল সদাশিৱ। তিনি পাগলে লগ লাগি গঢ়িলে নৱদ্বীপ।’ আগতে মানুহ পাগল আছিল মৰম-চেনেহৰ কাৰণে, আজিকালি পাগল হ’ল টকাৰ কাৰণে।
এইদৰে মন্তব্য কৰি মোলৈ উদ্দেশ্য কৰি সুধিলে- মানুহবিলাক টকাৰ কাৰণে কিয় পাগল, জানা নেকি?
মই কিবা এটা উত্তৰ দিব পাৰিলোহেঁতেন; কিন্তু নিদিলো। কাৰণ বৃদ্ধজনৰ কথা-বাৰ্তা মোৰ ভাল লাগি আছিল। সেয়ে মই বৃদ্ধজনৰ মুখৰপৰা কথাটো শুনাৰ কাৰণে ক’লো- নাজানো। আপুনিয়ে কওঁক।
বৃদ্ধজনে মোৰ ফালে পর্যবেক্ষণৰ দৃষ্টিত চাই ক’লে- অৱশ্যে তুমি জানা, কিন্তু নক’বা। বাৰু, ময়ে কওঁ শুনা। এইদৰে কৈয়ে বৃদ্ধজনে ক’বলৈ ধৰিলে- টকা হ’লে মাটিৰ ধৰাত সৰগ ৰচিব পাৰি। হোৱটোক নোহোৱা আৰু নোহোৱাটোক হোৱা কৰিব পাৰি। এতিয়াৰ কথাই চিন্তা কৰা, আমি টকা নথকাবোৰে কেনেকৈ গৰালৰ দৰে বাছত সোমাই মুৰ্গীৰ পোৱালিৰ দৰে গাত গা লগাই থিয় হৈ গৰমত ছট্ফটাই মৰিছো, কিন্তু টকা থকাবোৰে আমাৰ দৰে বাছত উঠি ফুৰা নাই। তেওঁলোকে শীত-তাপ নিয়ন্ত্রিত গাড়ীত উঠি ফুৰিছে। আমি টকা নথকাবোৰে উৰুখা পঁজাত তৰা লেখি লেখি ল’ৰা-তিৰোতা লৈ ‘ভাত ভাত’ কৰি মৰিছোঁ আৰু টকা থকাবোৰে তিনি-চাৰি মহলীয়া বিল্ডিং সাজি শীত-তাপ নিয়ন্ত্রিত কোঠালিত বহি ল’ৰা-তিৰোতলৈ আৰামেৰে খাই বই আছে। এয়েই টকাৰ কাৰণে পাগল হোৱাৰ ৰহস্য। মানুহে টকা সাঁচে কিয় জানা নেকি?
মই আগৰ দৰেই চমু উত্তৰ দিলো- নাজানো।
বৃদ্ধজনে পুনৰ আৰম্ভ কৰিলে- মানুহে উত্তৰ পুৰুষৰ কাৰণে টকা সাঁচে। উত্তৰ পুৰুষনো কোন? এতিয়া ইমান ভিৰৰ মাজত নকওঁ দিয়া। মনু সংহিতা পঢ়িলেই কথাটো গম পাবা। আজিকালি বাটে-পথে কংকালৰ মেলা। সেইবোৰ দেখি মানুহৰ মনত প্ৰশ্ন উদয় হয়, সিহঁতৰ উত্তৰ পুৰুষৰ অৱস্থাও যদি তেনেকুৱা হয়? কাৰণ উত্তৰ পুৰুষ মানেতো মানুহবোৰ নিজেই। গতিকে ন্যায়-অন্যায় বিসর্জন দিয়া। মৰম-চেনেহ ধোঁৱাচাঙত তুলি থোৱা। যিমান পাৰা সিমান টকা ঘটা। নিজৰ উত্তৰ পুৰুষৰ ভৱিষ্যত সুৰক্ষিত কৰা। টকাৰ খঁক বৰ ডাঙৰ খঁক। ৰাগিৰ নিচিনা। এবাৰ ধৰিলে সতকাই এৰা টান। টকাই মানুহৰ জীৱন আৰামদায়ক কৰে সঁচা; কিন্তু সুখ দিব নোৱাৰে। সুখ দূৰতে বিদূৰ হয়৷ ধৰাৰ বুকুতে নৰক যন্ত্রণা ভোগ কৰিব লগা হয়। নিশা টোপনি ক্ষতি কৰি টকা ঘটাৰ নতুন নতুন কৌশল ৰচনা কৰিব লগা হয়। যাৰ ৰাতি টোপনি নহয়, সিয়েতো অসুখী, নে কি কোৱা তুমি?
মই কোনো উত্তৰ দিয়াৰ আগতইে কণ্ডাক্টৰজনে ভাড়া খুজি আহি আমাৰ কাষ পালেহি।
কণ্ডাক্টৰজনে বৃদ্ধৰ ওচৰত ভাড়া খুজিলে- ভাড়া দিয়ক।
বৃদ্ধজনে যেন কণ্ডাক্টৰৰ কথা শুনাই নাই এনেকুৱা এটি ভাবত নির্বিকাৰ হৈ বহি থাকিল। কণ্ডাক্টৰজনে বিশেষ জোৰ নিদি বেলেগ যাত্ৰীৰপৰা ভাড়া আদায় কৰিবলৈ আগবাঢ়ি গ’ল।
কণ্ডাক্টৰজন আগবাঢ়ি যোৱাৰ পাছত বৃদ্ধই মোক উদ্দেশ্য কৰি কিঞ্চিত ক্ষোভেৰে সৈতে ক’লে- দেখিলানে ৯৬ বছৰীয়া বৃদ্ধ এজনৰ পৰা কেনেকৈ ভাড়া খুজিলে৷ মোৰ জানো উপাৰ্জন কৰাৰ ক্ষমতা আছে? ক’ৰপৰা দিম ভাড়া? মোৰ ওচৰত ভাড়া খোজাৰ আগতে সি এই কথা চিন্তা কৰিব লাগিছিল। কিন্তু নকৰিলে। তাৰ মানে মৰম-চেনেহ, সহানুভূতি নাই। মই কোৱা কথাবোৰৰ সত্যতা উপলব্ধি কৰিব পাৰিলানে এতিয়া?
আপুনিতো বৃদ্ধ পেন্সন পাব লাগিছিল। পোৱা নাই জানো? মই সুধিলো৷
বৃদ্ধ পেন্সনৰ কথা কৈছা? বৃদ্ধই পুনৰ আৰম্ভ কৰিলে-চৰকাৰে বৃদ্ধ পেন্সনৰ ব্যৱস্থা কৰাটো ভাল কামেই হৈছে দিয়াচোন। কিন্তু সেইবোৰ কৰিবলৈ হ’লেও লেঠা। বিললৈ গ’লে মাছ পোৱা যায়, কিন্তু মাছ ধৰিবলৈ গ’লে যে কিমান লেঠা সেয়া ভূক্তভোগীয়েহে জানে। বৃদ্ধ পেন্সন পাবলৈ হ’লেও বিললৈ গৈ মাছ ধৰাৰ লেখীয়াই কথা। প্রথমতে প্রমাণপত্র কিছুমান যোগাৰ কৰা। গাঁওবুঢ়াৰ তালৈ যোৱা লাগিব দহ টকা, মৌজাদাৰৰ তালৈ যোৱা লাগিব পঁচিশ টকা। ডাক্তৰৰপৰা প্ৰমাণপত্ৰ আনিবলৈ গ’লে লাগিব পঞ্চাশ টকা। তাৰ পাছত গাঁও পঞ্চায়তৰ মেম্বৰ, সভাপতিৰ হাত বাগৰি ফাইল যেতিয়া অফিচ পাবহি, তেতিয়া আহিল আচল লেঠা। অফিচ নহয়, যেন সাগৰতহে পৰিল। কোনফালৰ পৰা ঢৌ আহি ফাইল কোনফালে লৈ যায় তাৰ উৱাদিহ পাবলৈ নাই। তেতিয়া সেই ফাইল বিচাৰিবলৈ গ’লেও লাগিব টকা। ভাগ্য ভাল হ’লে টকা খৰচ কৰিলে পেন্সন হ’ব আৰু যদি ভাগ্য বেয়া হয়, নহ’ব। গতিকে পেন্সনৰ আশা বাদ দিছোঁ। মাটি-সম্পত্তি কিছু আছে, তাৰেই নাতিৰ সংসাৰত কোনোমতে খাই-বই আছো। তিনিজন ল’ৰা আৰু চাৰিজনী ছোৱালী আছিল। আটাইকেইজন ঢুকাল। গতিকে নাতিৰ সংসাৰতে থাকিব লগা হৈছে।
এনেতে কণ্ডাক্টৰজন পুনৰ বৃদ্ধজনৰ ওচৰলৈ আহি ভাড়া খুজিলে। বৃদ্ধজনে চকু ঘোপা কৰি কণ্ডাক্টৰজনৰ ফাল চাই ক’লে- ৬৫ বছৰ হ’লে ভাড়া মাফ৷ ভাড়া নিদিওঁ। যোৱা, মোৰ বিৰুদ্ধে চৰকাৰক লগোৱাগৈ।
কণ্ডাক্টৰজনে বৃদ্ধক ভৰিৰপৰা মূৰলৈ লক্ষ্য কৰি কিবা ভাবি এইবাৰো ভাড়াৰ কাৰণে বিশেষ জোৰ নিদি আগবাঢ়ি গ’ল।
কণ্ডাক্টৰজন গুচি যোৱাৰ পাছত বৃদ্ধজনে খঙেৰে সৈতে স্বাগতোক্তি কৰিলে- বেটাই মোক বুৰ্বক বুলি ভাবিছে! এইদৰে ক্ষোভ উদ্গীৰণ কৰিয়ে মোক উদ্দেশ্য কৰি ক’লে- সকলোকে কৈ দিবা, ৬৫ বছৰ হ’লে ভাড়া মাফ। চৰকাৰে যদি বৃদ্ধ পেন্সন দিব পাৰে, বাছৰ মালিকে ভাড়া মাফ কৰিব নোৱাৰিব কিয়?
বৃদ্ধজনৰ ওচৰত ভাড়াৰ টকা নাই বুলি ভাবি মই সেমেনা-সেমেনি কৰি ক’লো- আতা, আপোনৰ ওচৰত ভাড়াৰ টকা নাই যদি মই দিলে বেয়া পাব নেকি?
বৃদ্ধজনে মোৰ ফালে চকু ঘোপা কৰি চাই সুধিলে- তুমি মোৰ ভাড়া দিবা কিয়?
নাই নাই, মানে……মই পুনৰ সেমেনা-সেমেনি কৰি ক’লো- দুবাৰ ভাড়া খুজি গ’ল। আকৌ যদি ভাড়া খুজি আহে, আপুনি ভাড়া দিব নোৱাৰিলে কণ্ডাক্টৰে আপোনাক টান কথা শুনাব পাৰে……..
বৃদ্ধজনে মোৰ কথাৰ প্ৰসংগ তল পেলাই বেলেগ প্ৰসংগ অৱতাৰণা কৰিলে- আজি মোক পকেটমাৰে লগ পাইছিল। কথাটো মই কাকো নকওঁ বুলি ভবিছিলো। তোমাক কৈয়ে দিলো কথাটো। কাছাৰীত কেনভাছাৰে ঔষধ বিক্ৰী কৰি আছিল। ওষধৰ গুণাগুণ বখানি লেকছাৰো দি আছিল কেনভাছাৰ্জনে। মানুহবোৰে ভিৰ কৰি সেই লেক্ছাৰ শুনি আছিল। ভিৰ দেখি কৌতুহলবশতঃ ময়ো তালৈ গৈ তাৰ লেকছাৰ মনযোগেৰে শুনি আছিলোঁ। লেক্ছাৰ বন্ধ কৰি সি ঔষধ বিক্ৰী কৰিবলৈ ধৰাত ময়ো এপেকেট ল’লো। পেচাৱৰ ঔষধ। কেইদিনমানৰপৰা ঘন-ঘনকৈ পেচাৱ হৈ আছে। ৰাতি পেচাৱৰ বেগ বেছি হয়। বাৰে বাৰে পেচাৱৰ কাৰণে উঠিব লাগে। ফলত বৰ কষ্ট হয়। গতিকে এপেকেট লৈছিলোঁ। কিন্তু ঔষধৰ মূল্য দিবলৈ গৈ লাগিল লেঠা ! পকেট খেপিয়াই চাই দেখোঁ, পকেটত টকা নাই। চল্লিশ টকা আছিল। এটকাও নাই। অর্থাৎ কোনোবাই পকেট মাৰি নিলে। মোৰ দৰে বৃদ্ধৰ পকেটৰপৰা পকেটমাৰে পকেট মাৰি নিব পাৰে বুলি সপোনতো ভবা নাছিলো মই।
বৰ বেয়া কথা হৈছে। মই এইদৰে সহানুভূতি প্রকাশ কৰি মই মন্তব্য কৰিলোঁ- আজিকালি পকেটমাৰৰ বৰ উৎপাত হৈছে। কেতিয়া কাৰ পকেট মাৰে একো ঠিক নাই!
পকেটমাৰৰ কাম পকেটমাৰে কৰিবই। তুমি বা মই ক’লে বন্ধ নহ’ব। এইদৰে মন্তব্য কৰি বৃদ্ধজনে উপদেশৰ সুৰত ক’লে-গতিকে মানুহ সাৱধান হৈ চলিব লাগে। বাহিৰলৈ ওলাই আহিলে অন্ততঃ দুই-তিনি ঠাইত টকা ৰাখিব লাগে। পকেট মাৰি নিলওে যাতে ভাড়াৰ টকাকেইটা থাকে। ভাড়াৰ টকা মই ধূতীৰ আঁচলত বান্ধি থৈছিলো। গতিকে ভাড়াৰ টকা মোৰ আছে। তুমি দিব নালাগে।
এইদৰে কথা পাতি থাকোঁতেই শিমলাগুৰি পালোঁহি। বৃদ্ধজন বহা আসনৰপৰা থিয় হৈ ক’লে- মই ইয়াতে নামিম। ইয়াৰ পৰাই সৰভোগলৈ যোৱা বাছ ধৰিব লাগিব। বহু কথা ক’লো, বেয়া নাপাবা। এষাৰ কথা মনত ৰাখিবা, মৰম-চেনেহ-মানৱতাহে পৃথিবীত আচল বস্তু। এইবোৰ নাথাকিলে পৃথিবীখন নৰক সদৃশ হ’ব। এইদৰে উপদেশ দিয়াৰ পাছত ব্যস্তভাবে ক’লে- কণ্ডাক্টৰৰ্জন কোনফালে গ’ল দেখিছা নেকি?
কণ্ডাক্টৰক দি আকৌ কি কৰিব? মই সুধিলো।
কিয় ভাড়া দিব নালাগিব জানো ? মই কণ্ডাক্টৰৰ মনটোহে জুকিয়াই চালো। তাৰ কিছু হ’লেও মানৱতা আছে। এইদৰে কৈ বৃদ্ধজনে পুনৰ উপদেশৰ সুৰত ক’লে- পাৰ ঘাট, বাছৰ ভাড়া মাৰিব নাপয়। ৯৬ বছৰে নামাৰিলো যেতিয়া, এতিয়া আৰু নামাৰোঁ। যি দুই-চাৰিদিন জীয়াই আছো, ভগবানে যাতে মোৰ জৰিয়তে কোনো অপকর্ম নকৰায় তাৰ কাৰণে দিনে-নিশা খাটি আছোঁ।
ইতিমধ্যে বাছখন ৰৈ গ’ল। কণ্ডাক্টৰক বিচাৰি বৃদ্ধজন দুৱাৰৰ ফালে আগবাঢ়ি গ’ল। মই শিলপৰা কপৌৰ দৰে বৃদ্ধজনৰ অপসৃয়মান দেহৰ ফালে চাই মাথোঁ ভাবিলো- কি অদ্ভুত বৃদ্ধ !
(এদিনৰ সংবাদ-৬ চেপ্তেম্বৰ/২০০৯)
মধু
কামালে মধুক টেবলেট এটা খুৱাই মুখত এচলু পানী দিলে। মধুই অতি কষ্টেৰে পানীখিনি গিলি কৃতজ্ঞাতাপূৰ্ণ দৃষ্টিৰে কামালৰ ফালে চালে । মধুৰ নিষ্প্রভ চকুযুৰ্তি অবুজ ভাষা ! তাৰ চকুৰপৰা দুটোপাল লোতক বাগৰি মাটিত পৰিল। মধুৰ চকুলো দেখি কামালৰ বুকু হম্হমাই উঠিল।
দুদিনমানৰ পৰা মধুৰ অসুখ। বার্ধক্যজনিত অসুখ। বয়সো কম হোৱা নাই! কুকুৰ সাধাৰণতে বাৰ বছৰ জীয়াই থাকে। কিন্তু মধুৰ বয়স প্রায় তেৰ বছৰ। মধুৰ দুদিন ধৰি উশাহ-নিশাহ লোৱাত কষ্ট হৈ আছে। কামালে কালি ফাৰ্মাচী এখনৰপৰা শ্বাসকষ্টৰ ঔষধ আনিছে। তাকেই দুদিন ধৰি খোৱাই আছে। কিন্তু শ্বাসকষ্ট কমা নাই; বৰং লাহে লাহে বাঢ়িহে গৈ আছে।
মধু কামালৰ শৈশৱৰ লগৰীয়া। কামালৰ বয়স তেতিয়া আঠ কি ন বছৰ। তেতিয়াই সি মধুক তছলিমহঁতৰ ঘৰৰ পৰা আনিছিল। তছলিম কামালৰ মাহীয়েকৰ পুতেক। তছলিমহঁতৰ এজনী মাইকী কুকুৰ আছিল। ভাল জাতৰ কুকুৰ। মহাকে ভূটানৰপৰা আনিছিল। মধু তাইৰে পোৱালি।
কামালৰ দেউতাকে কুকুৰ মুঠেই দেখিব নোৱাৰিছিল। ল’ৰালিত হেনো তাক কুকুৰে কামুৰিছিল। ফলত সদৰলৈ গৈ সি চৈধ্যটা বেজি ল’ব লগা হৈছিল। তেতিয়াৰ পৰাই তাৰ মনত কুকুৰৰ প্ৰতি এক বিদ্বেষৰ ভাব গা কৰি উঠিছিল। সেয়ে পোৱালিটোক ঘৰলৈ অনা দেখি সি জকজকাই উঠিছিল- এয়া আকৌ কি আনিলি? যা যা, য’ৰ বস্তু ত’তেই এৰি থৈ আহগৈ, যা।
কামালৰ মাকে তেতিয়া পাক ঘৰত ব্যস্ত হৈ আছিল। দেউতাকে আপত্তি কৰা দেখি তাই পাক ঘৰৰ পৰাই প্ৰতিবাদ কৰি কৈছিল- আনিছে যেতিয়া থাককচোন। ঘৰখনৰ ৰখীয়া এটা হ’ব। ইমান দূৰ বাটকুৰি বাই আনিছে, থাকিবলৈ দিয়ক। জাতো ভাল। তছলিমহঁতৰ মাইকী কুকুৰজনীৰ পোৱালি।
দেউতাকে তেতিয়া তাচ্ছিল্যৰ সুৰত কৈছিল- কুকুৰৰ আকৌ জাত! ভালেই হওঁক আৰু বেয়াই হওঁক, কামুৰিলে চৈধ্যটা বেজি ল’ব লাগিব।
আপুনি এই সন্ধিয়া পৰত অমংগলীয়া কথাবোৰ নক’বচোন ! মাকে তিৰস্কাৰৰ সুৰত ক’লে- আপুনি সদায় সকলোতে বেয়াটোহে দেখে। কোন কাহানিবা কুকুৰে কামুৰিছিল, তাকে লৈ কুকুৰৰ প্ৰতি বিৰূপ মনোভাব পোষণ কৰি আছে। পোহনীয়া কুকুৰে নাকামুৰে নহয় ৷
বাৰু বাৰু, তোমাৰ কথাই মানিলোঁ।- দেউতাকে আত্মসমৰ্পৰ্ণৰ ভংগীত ক’লে—এই সন্ধিয়া পৰত মিছা-মিছি তৰ্ক কৰি লাভ নাই। পুহিব খুজিছা যদি পোহা। শেষত কিবা হ’লে কিন্তু মোক ক’ব নোৱাৰিবা।
পাছৰ কথা পাছত দেখা যাব ! এতিয়াই মূৰ ঘমোৱাৰ প্ৰয়োজন নাই। মাকে পৰামৰ্শৰ সুৰত ক’লে। এইদৰে সিদিনা প্ৰসংগটো সিমানতে অন্ত পৰিছিল।
পাছত অৱশ্যে দেউতাকে কুকুৰটোক ভাল পাবলৈ আৰম্ভ কৰিছিল আৰু মধু নামটো দেউতাকেই ৰাখিছিল। নামটো ৰখাৰ আঁৰত ৰহস্য আছিল। দেউতাকৰ বৰ দেউতাকৰ নাম হেনো মধু আছিল। । হেনো কুকুৰ খুব ভাল পাইছিল। গতিকে বৰ দেউতাকৰ কুকুৰ প্ৰীতিৰ কথা সুঁৱৰিয়ে হয়তো সি মধু নামটো ৰাখিছিল। কেইদিনমানৰ ভিতৰতে মধু নামটো সকলোৰে মুখস্থ হৈ গৈছিল আৰু আটায়ে কুকুৰ পোৱলিটোক মধু বুলি মাতিবলৈ লৈছিল। মধুই নিজেও তাৰ নাম মধু বুলি বুজিব পাৰিছিল। কাৰণ মধু বুলি মাতিলে সি য’তেই নাথাকক কিয় লৰি আহিছিল। অলপ দিনৰ ভিতৰতে মধু সকলোৰে প্ৰিয়পাত্ৰ হৈ উঠিছিল।
মধুক প্রথম অনাৰ সময়ত শীতকালি আছিল। গতিকে নিশা শীতৰপৰা ৰক্ষা কৰিবলৈ কামালে ধানখেৰ আনি মজিয়াত পাৰি দি মধুক ধানখেৰৰ ওপৰত শুৱাই গামোচা এখনেৰে ঢাকি দিছিল। মধুই কিন্তু ধানখেৰৰ ওপৰত শুৱ নোখোজে। সি ইটো-সিটো শুঙি ফুৰিবলৈ ধৰিলে ৷ দুই-তিনি বাৰ চেষ্টা কৰিও মধুক ধানখেৰৰ ওপৰত শুৱাবলৈ ব্যৰ্থ হৈ শেষত কামালে মধুক কোলাত লৈ পঢ়িবলৈ বহিল।
পঢ়া শেষ কৰি কামালে পুনৰ মধুক ধানখেৰৰ ওপৰত শুৱাই দিলে। এইবাৰ মধুই খেৰৰ ওপৰত কুণ্ডলী পকাই শুই পৰিল। মধু শুই পৰাত সি গমোচাখন মধুৰ ওপৰত জাপি দি নিজেও শুই পৰিল।
কামালে কিমান পৰ শুইছিল ক’ব নোৱাৰে! কুঁ কুঁ শব্দ শুনি হঠাৎ সি সাৰ পাই উঠিল। শব্দটোৰ উৎস বিচাৰি সি কাণ পোণালে। শব্দটো মধুৰ বুলি সি উপলব্ধি কৰিব পাৰিলে। বিছনাৰপৰা নামি সি মধুৰ ওচৰলৈ গ’ল। মধুই কুণ্ডলী পকাই শুই কুঁ কুঁ শব্দ কৰি আছিল। কামালক দেখি সি শোৱাৰপৰা উঠি আহি কামালৰ দুই ভৰিৰ মাজত মূৰ গুজিবলৈ চেষ্টা চলালে। কামালে মধুক আলফুলে কোলাত লৈ বুকুত সাৱটি ধৰিলে । বুকুৰ উম পাই মধু শান্ত হৈ পৰিল। সি মধুক বুকুত সাৱটি ধৰিয়ে বিছনালৈ আহিল। সি মধুক বুকুত সাৱটি ধৰি কিছু সময় বহি থাকিল আৰু পাছত মধুক বুকুত সাৱটি ধৰিয়ে লাহেকৈ বিছনাত শুই পৰিল। ইয়াৰ বাবে পাছদিনা সি মাকৰ গালি শুনিব লগা হৈছিল।
লাহে লাহে দিন বাগৰিবলৈ ধৰিলে। মধুৰো বয়স বাঢ়িবলৈ ধৰিলে। কামালহঁতৰ এটা পোহনীয়া মেকুৰী আছিল। কেইদিনমানৰ ভিতৰতে মেকুৰীটোৰ লগত মধুৰ অন্তৰংগতা গঢ়ি উঠিল। দুয়ো চোতালত লৰা-ঢপৰা কৰি খেলি থাকে আৰু কামালে সেই খেলা চাই তন্ময় হৈ চাই ভাবে, দুটা বেলেগ জাতৰ প্ৰাণী অথচ দুটাৰ মাজত কি মিলা-প্ৰীতি ! মানুহবোৰৰ মাজত এইদৰে মিলা-প্ৰীতি নহয় কিয়? মানুহে কিয় ইজনৰ লগত সিজনে মৰা-মৰি, কটা—কটি কৰে! মানুবোৰ এই অবুজ প্রাণীবোৰতকৈ কম জ্ঞানী নেকি?
ৰাতি ঘৰখন পহৰা দিয়াৰ উপৰিও ধান ৰ’দাবলৈ দিলে কাউৰী, শালিকা আদি খেদোৱা, খেতিত গৰু-ছাগলী সোমালে খেদি পঠিওৱা, নিগনিৰ গাত খান্দি নিগনি মাৰাকে আদি কৰি এশ এবুৰি দায়িত্ব পালন কৰিছিল মধুই। এবাৰ মধুই কামালহঁতৰ চুবুৰীয়া ভতিজাকৰ ল’ৰাটোক নিশ্চিত মৃত্যু মুখৰপৰা ৰক্ষা কৰিছিল। ভতিজা ল’ৰাটো কোনোমতে খোজ কাঢ়িবপৰা হৈছিল। জছিমে মৰম কৰি তাক এটা বল কিনি দিছিল। সিহঁতৰ ঘৰৰ সন্মুখতে পুখুৰীটো। মধু পুখুৰীৰ পাৰত বহি আছিল ৷ সৰু ল’ৰা এটাক পানীত কক্ককাই থকা দেখি মধুই আসন্ন বিপদৰ কথা বুজিব পাৰি ল’ৰাটোক পানীৰপৰা তুলি আনিছিল। তাৰ পাছৰ পৰা মধু জছিমহঁতৰ ঘৰখনৰ আটাইৰে প্ৰিয়পাত্ৰ হৈ উঠিছিল।
এই উপকাৰৰ কথা সুঁৱৰিয়ে হয়তো এবাৰ জছিমে মধুৰ জীৱন ৰক্ষা কৰিছিল। এবাৰ ক’ৰবাৰপৰা বলিয়া কুকুৰ এটা আহি গাঁৱখনৰ সাতজনমান মানুহক কামুৰিছিল। তাৰে তিনিজনে ভেকচিন লৈছিল আৰু চাৰ্জিনে কবিৰাজৰ ঔষধ খাইছিল। কবিৰাজৰ ঔষধ খোৱা আটাইকেইজন চাৰি মাহমানৰ পাছত অলপ আগ-পিছকৈ ঢুকাল। ফলত গাঁৱৰ মানুহ কুকুৰ বিদ্বেষী হৈ উঠিল। চেমনীয়া ল’ৰাবোৰক কুকুৰ নিধন কৰিবলৈ লগাই দিলে। যাঠি-জোং লৈ ল’ৰাবোৰ কুকুৰ নিধন যজ্ঞত নামি পৰিল। ঘৰে ঘৰে গৈ সিহঁতে কুকুৰ নিধন কৰিবলৈ ধৰিলে। ল’ৰাবোৰৰ উগ্ৰ মূৰ্তি দেখি কুকুৰৰ মালিকসকলে কোনো ধৰণৰ বাধা দিবলৈ সাহস গোটাব নোৱাৰিলে। সেয়া এক মর্মান্তিক দৃশ্য ! নিৰীহ প্ৰাণীৰ ওপৰত জীৱশ্ৰেষ্ঠ মানুহৰ বৰ্বৰ তাণ্ডৱ। তিনি দিন ধৰি চলিল সেই কুকুৰ নিধন যজ্ঞ। সিহঁতে মধুকো মাৰিবলৈ আহিছিল। বিপদৰ গোন্ধ পাই কোনেও তৰ্কিব নোৱাৰাকৈ মধুই ভিৰাই লৰ মাৰিলে। ল’ৰাবোৰে মধুক পলায়ন কৰা দেখা পাই তাৰ পিছে পিছে খেদি গ’ল। মধু লৰি গৈ জছিমহ’তৰ ঘৰত উঠিল। জছিম ঘৰতে আছিল। মধুই কাৰোবাক কামুৰিলে চিকিৎসাৰ সকলো খৰচ সি নিজে বহন কৰিব বুলি চুক্তিপত্র এখন লেখি দি সিদিনা জছিমে মধুক আসন্ন মৃত্যু-মুখৰ পৰা ৰক্ষা কৰিছিল।
এবাৰ কামালহঁতৰ গাঁৱৰ এঘৰ মানুহৰ তাত ডকাইত সোমাইছিল। ডকাইতৰ দলে লুট-পাত কৰি আঁতৰি যোৱাৰ সময়ত মধুই কেইটামান
সংগী লগত লৈ লৰা-ঢপৰৰা ফলত দলৰ পৰা বিচ্ছিন্ন হৈ পৰা ডকাইত এজনৰ বাট আগচি ধৰি ভূঁকিবলৈ আৰম্ভ কৰিছিল আৰু সমবেত মানুহবোৰে ডকাইতটোক কৰায়ত্ত কৰি পুলিচৰ হাতত গতাই দিছিল। ধৃত ডকাইতজনৰ স্বীকাৰোক্তিৰ ভিত্তিত বাকী ডকাইত কেইজনো ধৰা পৰিছিল। তেতিয়াৰপৰা মধু গাঁৱখনৰ আটাইৰে প্ৰিয়পাত্ৰ হৈ পৰিছিল।
কুকুৰ প্ৰভু ভক্ত। প্ৰভুৰ প্ৰতি কুকুৰৰ ভক্তি অকৃত্রিম। সেই কাৰণেই হয়তো চাৰি ঠেঙীয়া জন্তুৰ ভিতৰত কুকুৰকেই মানুহ প্রথম সংগী হিচাপে বাচি লৈছিল। মানুহে স্বাৰ্থৰ খাতিৰত ইজনে সিজনক শ্রদ্ধা ভক্তি কৰে। কুকুৰে কিন্তু কোনো প্রতিদান বিচাৰি কাম নকৰে। মানুহৰ দৰেই কুকুৰৰ আবেগ-অনুভূতি আছে। কামালৰ দেউতাকৰ মৃত্যুৰ পাছত তাৰে প্ৰমাণ পোৱা গৈছিল। দেউতাকৰ মৃত্যুৰ পাছত মধুই তিনি দিন কোনো খোৱাবস্তু মুখত দিয়া নাছিল। কবৰৰ কাষত বহি একো নোখোৱাকৈ তিনিটা দিন কটাই দিছিল।
এইদৰে অতীত ৰোমন্থন কৰি কামালে মুঢ়া এখন পাৰি মধুৰ শিতানত বহি টোপনিয়াই টোপনিয়াই সময় পাৰ কৰি আছিল। বেলি উঠাৰ আগে আগে মধুৰ তীব্র শ্বাসকষ্ট আৰম্ভ হ’ল। কামালে আন এপালি ঔষধ খোৱাই দিলে। মধুই কৰুণ দৃষ্টিত কামালৰ ফালে চালে। মধুৰ চকুৰপৰা দুধাৰি চকুলো নিগৰি মাটিত পৰিল। তাৰ পাছত তিনিবাৰ্মান দীঘলকৈ উশাহ টানি মধু চিৰনিদ্ৰাৰ কোলাত ঢলি পৰিল।
লগে লগে মাইকত আজানৰ সুৰ ধ্বনিত হ’ল। কামালে বক্তা এখনেৰে মধুৰ শৱদেহ ঢাকি থৈ বিষণ্ণভাবে মছজিদলৈ বুলি ওলাই গ’ল।
(এদিনৰ সংবাদ-২৩ অক্টোবৰ/২০১১)
আর্তনাদ
গভীৰ ৰাতি। ঘোপ মৰা অন্ধকাৰ। ছাউনীটো অন্ধকাৰৰ মাজত বুৰ গৈ আছিল। আটায়ে গভীৰ টোপনিত লালকাল। বিপদৰ তেনে কোনো আশংকা নাই কাৰণে ছাউনীৰ পহৰাত থকা কেডাৰকেইজনো এঠাইত বহি কল্ল্মটিয়াই আছিল।
শুভজিতৰ চকুত টোপনি নাই। দুদিনমান আগতে সিহঁতৰ দলে সংঘটিত কৰা এলানি বোমা বিস্ফোৰণৰ বিষয়ে সি ভাবি আছিল।
সি বিদ্রোহী সংগঠনটোত যোগদান কৰা বেছিদিন হোৱা নাই। ইচ্ছাকৃতভাবেও সি সংগঠনটোত যোগদান কৰা নাই। পৰিস্থিতিৰ মেৰপাকত পৰিহে সি সংগঠনটোত যোগদান কৰিব লগা হৈছে।
শুভতিজহঁতৰ গাঁৱখন চহৰৰ উপকণ্ঠত অৱস্থিত। সিহঁতৰ গাঁৱখন দৰিদ্ৰৰ কশাঘাতত জৰ্জৰিত এখন নৈপৰীয়া গাঁও। গাঁৱৰ প্ৰায়বোৰ মানুহ কৃষিজীৱী। অথচ ভেটিটোৰ বাহিৰে কাৰো খেতিৰ মাটি নাই। মহাজনৰ মাটিত মূৰৰ ঘাম মাটিত পেলাই ফচল উৎপাদন কৰে আৰু তাৰে সৰহভাগ ফচল চপোৱাৰ পাছত মহাজনৰ ভড়াল লৈ যায়। ইয়াৰ উপৰিও নৈপৰীয়া গাঁও কাৰণে প্রতি বছৰ আছে বানপানীৰ তীগুৱ। দুবেলা দুমুঠি পেট পূৰাই খোৱাৰ আশাত পেটত গামোচা বান্ধি উৎপাদন কৰা শস্য কোনো কোনো বছৰ চপোৱৰ আগতেই বানপানীয়ে মত্ত হাতীৰ দৰে মহতিয়াই যায়। এমুঠি ভাত আৰু লজ্জা নিবাৰণৰ কাৰণে এটুকুৰা কাপোৰৰ বাবে তেতিয়া গাঁৱৰ মানুহবোৰে হাহাকাৰ কৰি ফুৰিব লগা হয়। ফলত বছৰে বছৰে মহাজনৰ ঋণৰ বোজা বাঢ়ে আৰু দৰিদ্ৰতাৰ সুযোগ লৈ মহাজনবোৰে অজগৰৰ দৰে লাহে লাহে মানুহবোৰক ভৰিৰপৰা মূৰলৈকে গিলি পেলায়। ভেটিৰ মাটিও তেতিয়া মহাজনৰ হাতলৈ যায়। তেতিয়া সিহঁত এই একৈছ শতিকাতো মহাজনৰ বহতীয়া প্ৰজা হ’ব লগা হয়।
গাঁওখনৰ চৌদিশে যেতিয়া বিজুলি বাতিৰ পোহৰে উদ্ভাসিত কৰি তোলে, তেতিয়া সিহঁতৰ গাঁওখন দীনতা প্রকট কৰি নিৰন্ধ্ৰ অন্ধকাৰৰ মাজত বুৰ গৈ থাকে। হাতৰ কাষতে অত্যাধুনিক চিকিৎসাৰ সুবিধা থকা সত্ত্বেও অসুখ-বিসুখ হ’লে অৰ্থাভাৱৰ কাৰণে কবিৰাজৰ পানীকটা আৰু বনৌষধিৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। ল’ৰা-ছোৱালীবোৰ যেতিয়া স্কুল লৈ যোৱাৰ কথা, আর্থিক দীনতাৰ কাৰণে তেতিয়া দুপইচা উপাৰ্জনৰ আশাত ল’ৰাবোৰে মহাজনৰ ঘৰ অথবা চাহ দোকান, গেৰেজ আদিত কাম কৰিবলৈ যায়। ছোৱালীবোৰে মহাজনৰ ঘৰত কাপোৰ- কানি, বাচন-বৰ্তন ধুবলৈ যাব লগা হয় আৰু যৌৱনপ্ৰাপ্তা হ’লে কেতিয়াবা মহাজনৰ সন্তান-সন্ততিসকলৰ লালসাৰ বলিও হ’ব লগা হয়।
এনেকুৱা দীনতাৰ মাজতো নিজৰ প্রবল ইচ্ছাশক্তিৰ বলত শুভজিতে বি, এ পাছ কৰিছিল। সিয়ে গাঁওখনৰ প্ৰথম বি, এ পাছ। ইয়াৰ আগতে তিনিজনমানে মাথোন মেট্রিকহে পাছ কৰিছিল। ফলত শুভজিতৰ এই সাফল্যত গাঁওখনৰ মানুহবিলাক উৎফুল্লিত হৈ উঠিছিল। মাক-দেউতাকৰ চকুতো উদ্ভাসিত হৈ উঠিছিল সাতো বৰণীয়া ৰং। চকুত নাচি উঠিছিল সোণোৱালী ভবিষ্যতৰ সপোন।
নিজৰ ভবিষ্যত সুৰক্ষিত আৰু মাক-দেউতাকৰ সপোন ফলৱৰ্তী কৰাৰ কাৰণে শুভজিতে ইণ্টাৰভিউৰ পাছত ইণ্টাৰভিউ দি গৈছিল। কিন্তু ভাল নম্বৰ থকা সত্ত্বেও আর্থিক সংগতি তথা লাগি-ভাগি দিয়াৰ মানুহ নথকাৰ কাৰণে সি কোনো এটা ইণ্টাৰভিউতে সফল হ’ব পৰা নাছিল। সেয়ে সি অৱশেষত নিৰাশ হৈ চাকৰিৰ আশা বাদ দি টিউচন কৰিবলৈ লৈছিল। মেট্ৰিকত সি তিনিটা বিষয়ত লেটাৰ মাৰ্ক লৈ পাছ কৰিছিল। বি, এতো তাৰ ভাল নম্বৰ আছিল। গতিকে কিছুদিনৰ ভিতৰতে তাৰ ছাত্ৰৰ সংখ্যা বাঢ়ি গৈছিল আৰু টিউচনৰ জৰিয়তেই সি ভাল উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল। নিজৰ খৰচৰ উপৰিও সি ঘৰখনকো সকাহ দিবপৰা হৈছিল। তাৰ তলৰ ভায়েক-ভনীয়েক কেইজনকো সি স্কুল লৈ পঠাইছিল। গাঁৱৰ অন্যান্য ল’ৰা-ছোৱালীকো সি স্কুললৈ যাবলৈ উদ্বুদ্ধ কৰিছিল। ফলত গাঁওৰ বহুতো ল’ৰা-ছোৱালী স্কুললৈ যাবলৈ আৰম্ভ কৰিছিল। গাঁৱত আগতে ৰাস্তা-ঘাট নাছিল। শুভজিতে লাগি-মেলি ৰাস্তা-ঘাটৰ ব্যৱস্থাও কৰিছিল। সংঘ এটা গঠন কৰি গাঁৱৰ ডেকাচামক সংঘৱদ্ধ কৰি গাঁওখনত নৱজাগৰণৰ সৃষ্টি কৰিছিল। শেষত সি গাঁওখনত এখন বিদ্যালয়ো স্থাপন কৰিছিল।
কিন্তু এদিনৰ এটি ঘটনাই সকলো ওলট-পালট কৰি দিলে। শুভজিতৰ লগত পঢ়া দীপক সিহঁতৰ ঘৰলৈ আহিছিল। দীপকৰ ঘৰ শুভজিতহঁতৰ কাষৰীয়া গাঁওত। প্রথমিক বিদ্যালয়ৰপৰা আৰম্ভ কৰি কলেজলৈকে উভয়ে একেলগে পঢ়িছিল। সেয়ে সিহঁতৰ মাজত ভাল বন্ধুত্ব আছিল। দীপক মেধাৱী আছিল যদিও লেখা-পঢ়াত সিমান ভাল নাছিল। কাৰণ দীপকৰ লেখা-পঢ়াতকৈ খেল-ধেমালিৰ প্ৰতিহে অধিক আগ্রহ আছিল। নিতৌ দোক-মোকালি উঠি সি কমেও চাৰি-পাঁচ কিলোমিটাৰ দৌৰিছিল। কাৰণ সি ল’ৰালিৰে পৰাই আৰক্ষী হোৱাৰ সপোন দেখিছিল। কঁকালত পিস্তল গুঁজি আধুনিক অস্ত্র-শস্ত্ৰৰে সুসজ্জিত বাহিনী লৈ চোৰ-ডকাইতৰ পিছে পিছে খেদি ফুৰাটো আছিল তাৰ
সপোন। তাৰ শৰীৰ গঠনো আৰক্ষী বিষয়া হোৱাৰ বাবে অনুকুল আছিল। কিন্তু সি দৌৰত সদায় প্রথম হৈও আৰক্ষী বিষয়া হোৱাতো দুৰৰে কথা সাধাৰণ আৰক্ষীও হ’বপৰা নাছিল। সেয়ে অৱশেষত নিৰাশ হৈ সি চাকৰিৰ আশা বাদ দি পাণ-দোকান এখন দিছিল। কিন্তু কেইদিনমান পাছত তাৰ দোকানত তলা ওলমি থকা দেখা গ’ল। কিছুদিন পাছত শুনা গ’ল, সি সন্ত্রাসবাদী সংগঠন এটাৰ সদস্য হৈ ক’ৰবালৈ গুচি গৈছে।
তিনি বছৰমান পাছত হঠাৎ দীপক এদিন শুভজিতহঁতৰ ঘৰলৈ আহিল। বহুদিনৰ মূৰত ল’ৰালিৰ বন্ধুক লগ পাই শুভজিত স্বাভাৱিকতে উৎফুল্লিত হৈ উঠিল। সি আদৰ-সাদৰকৈ মাতি নি দীপকক নিজৰ ৰোমত বহিবলৈ দিলে। সিহঁতৰ মাজত ভাল-বেয়া খা-খবৰ বিনিময় হৈ থাকোঁতে হঠাৎ ক’ৰবাৰপৰা সেনা আহি শুভজিতহঁতৰ ঘৰখন আগুৰি ধৰিলে। দীপকৰ লগত পিস্তল আছিল। সি প্ৰথমতে সেনাৰ লগত যুঁজ দিয়াৰ সিদ্ধান্ত লৈ গুলী চলাবলৈ উদ্যত হৈছিল। কিন্তু হঠাৎ সি সিদ্ধান্ত সলনি কৰি পিস্তল দলিয়াই দি ক’লে- গুলীয়াগুলী কৰি লাভ নহ’ব। মিছাতে তহঁতৰ ক্ষতি হ’ব! পৰিয়ালৰ দুই চাৰিৰ্জন সদস্য মৰিবও পাৰে। তাতকৈ আত্মসমর্পণ কৰাই যুক্তি সংগত হ’ব। এইদৰে নিজকে কোৱাদি কথাকেইটা কৈ শুভজিতে তৰ্কিব নোৱাৰাকৈয়ে দীপক মূৰৰ ওপৰত হাত তুলি কোঠালিৰপৰা ওলাই গ’ল। সি কোঠালিৰপৰা ওলাই যোৱাৰ খন্তেক পাছতে তিনিজন সেনা কোঠালিৰ ভিতৰলৈ সোমাই আহি শুভজিতক বাহিৰলৈ উলিয়াই আনিলে। শুভজিতক আটক কৰা দেখি দীপকে আপত্তি কৰি ক’লে- এওঁক এৰি দিয়ক। এওঁ নির্দোষী। কিন্তু সেনাই দীপকৰ কথালৈ কাণসাৰ নকৰি শুভজিতকো আটক কৰি লৈ গ’ল।
দুবছৰমান পাছত হাজোতৰপৰা ওলাই আহি শুভজিতে দেখিলে, সকলো ওলট-পালট হৈ গৈছে। মাকৰ মৃত্যু হৈছে। পক্ষাঘাত হৈ দেউতাক শয্যাশায়ী। ভায়েক ধনজিতে লেখা-পঢ়া এৰি দি ৰিক্সা চলাই ঘৰখন পোহপাল দি আছে। ভনীয়েক দুজনীয়ে লেখা-পঢ়া এৰি মহাজনৰ ঘৰত কাম কৰিবলৈ গৈছে। মাকৰ মৃত্যুৰ বাতৰিৰ লগতে দেউতাক আৰু ঘৰখনৰ অৱস্থা দেখি শুভজিত বিচলিত হৈ উঠিল ৷ পুনৰ টিউচন পঢ়ুৱাই সি ঘৰখন চম্ভালাৰ কথা ভাবিলে। কিন্তু সন্ত্রাসবাদী দলৰ লগত ঘনিষ্ঠতা থকা বুলি ভাবি আটায়ে তাৰ ওচৰত নিজৰ ল’ৰা- ছোৱালীক পঢ়িবলৈ দিবলৈ টান পালে। বহু চেষ্টা কৰিও সি এটা টিউচনো যোগাৰ কৰিব নোৱাৰিলে। গাঁওৰ মানুহবোৰেও তাক সন্দেহৰ চকুৰে চাবলৈ ধৰিলে। তাৰ লগত সম্পৰ্ক ৰাখিলে পুলিচৰ চকুত পৰিব পাৰে বুলি গাঁৱৰ ডেকাচামেও তাৰ পৰা আঁতৰি ফুৰিবলৈ ধৰিলে। ফলত সি এঘৰীয়া হৈ পৰিল।
ইয়াৰ মাজতে দীপক হাজোৰপৰা ওলাই এদিন শুভজিতৰ লগত দেখা কৰিবলৈ আহিল। শুভজিতে ক্ষোভেৰে সৈতে নিজৰ অৱস্থাৰ কথা দীপকৰ আগত ভাঙি-পাতি ক’লে। তাৰ অৱস্থাৰ কথা শুনি দীপকে ক’লে- তোৰ অৱস্থা দেখি মই বৰ দুখ পালোঁ। মোৰ কাৰণেই তই এনেকৈ নাগুৰ-নাগতিখন হ’ব লগা হৈছ। এনেকুৱা হ’ব বুলি জানিলে, মই কেতিয়াও তোৰ লগত দেখা কৰিবলৈ নাহিলোঁহেঁতেন। বিনা দোষতে তই গুৰুদণ্ড ভূগিব লগা হৈছ। দীপকে এইদৰে কৈ কিছুপৰ মনে মনে থাকি ক’লে- এবাৰ বোকাত নামিলে সতকাই তাৰ পৰা ওলাই টান। প্ৰতিটো কৰ্মৰ পাছতে কাৰণ থাকে। কিন্তু কাৰণতকৈ কৰ্মৰ ওপৰতহে মানুহে অধিক গুৰুত্ব দিয়ে। অর্থাৎ মানুহে দেখিহে লেখে। তোৰ চৰিত্ৰ, তোৰ আদৰ্শৰ প্ৰতি মানুহে গুৰুত্ব নিদিব। তাই হাজোত খাটি আহিছ, মানুহে ইয়াৰ ওপৰতহে গুৰুত্ব দিব। কিন্তু কি পৰিস্থিতিত পৰি হাজোত খাটিব লগা হ’ল এই বিষয়ে কোনেও ভাবি নাচাব। গতিকে যিমানইে চেষ্টা নকৰ কিয়, তোৰ হেৰুৱা মৰ্যদা আৰু বিশ্বাস তই ঘূৰাই আনিব নোৱাৰিবি। পুলিচেও তোক শান্তিৰে থাকিবলৈ নিদিব। ক’ৰবাত কিবা হ’লেই তোক ধৰি নি হাজোতত ভৰাই সিহঁতৰ কৰ্তব্যপৰায়ণতাৰ প্রমাণ দিব। তাতকৈ তই আমাৰ সংগঠনত যোগদান কৰ। তোৰ পৰিয়লৰ সকলো দায়িত্ব আমাৰ সংগঠনে ল’ব। ধনজিতকো লেখা-পঢ়া শিকাব পাৰিবি আৰু ভনীয়েক দুজনীকো ভাল ঘৰত বিয়া দি উলিয়াই দিব পাৰিবি। দেউতকাৰো চিকিৎসা কৰাব পাৰিবি। তোৰ দৰে মানুহ পালে আমাৰ দলে সাদৰে আদৰি ল’ব।
দীপকৰ কথাবোৰ শুভজিতে বিমূঢ়ৰ দৰে শুনি ক’লে- কিন্তু তহঁতৰ সংগঠনৰ উদ্দেশ্য কি?
উদ্দেশ্য মহৎ- দীপকে কলে- কেন্দ্ৰৰ বৈষম্য আৰু আমাৰ দেশৰ নেতাসকলৰ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে সংগ্ৰম কৰি নিকা প্রশাসন প্রবর্তন কৰাৰ লগতে সাধাৰণ জনতাক দৰিদ্ৰতাৰ পৰা মুক্ত কৰাই হ’ল আমাৰ সংগঠনৰ মুখ্য উদ্দেশ্য। দলত যোগদান কৰিলেই তই নিজেই সকলো কথা বুজিব পাৰিবি।
আন সময়ত হ’লে শুভজিতে অৱশ্যে দীপকৰ কথাৰ প্ৰতি গুৰুত্ব নিদিলেহেঁতেন। কিন্তু তেতিয়া সি গাঁওৰ মানুহবোৰৰ আচৰণত অপমানবোধ কৰি বিপর্যস্ত হৈ পৰিছিল। সেয়ে মানুহৰপৰা আঁতৰি থকাৰ সুযোগ পাই বিশেষ চিন্তা-ভাৱনা নকৰাকৈয়ে সি দীপকৰ প্ৰস্তাৱত সন্মতি জনাই সংগঠনটোত যোগদান কৰিলে। কিন্তু সংগঠনটোত যোগদান কৰাৰ কেইদিনমান পাছতে তাৰ সংগঠনটোৰ প্ৰতি সংশয় উপজিল। জোৰ-জুলুম কৰি টকা-পইচা সংগ্ৰহ, অপহৰণ, নির্দোষী মনুহক নির্বিচাৰে হত্যা আদি কাৰ্যক সি সহজভাবে ল’ব নোৱাৰিলে। হত্যা, লুণ্ঠনৰ জৰিয়তে কেনেকৈ দেশৰ মংগল হ’ব পাৰে- এই কথাই তাক ভবাই তুলিলে। এই সম্পৰ্কে সংগঠনৰ নেতৃত্বৰ লগত সি কিছু বিতর্কও কৰিলে। তেতিয়া সংগঠনৰ নেতৃবৃন্দই তাক প্ৰবোধ দিবলৈ ক’লে- সংগঠন এটা জীয়াই ৰাখিবলৈ হ’লে টকা-পইচা লাগিবই আৰু টকা-পইচা সংগ্ৰহ কৰিবলৈ হ’লে ধনদাবী, অপহৰণ আদিও কৰিব লাগিব। লগতে সংগঠনৰ অস্তিত্ব তথা শক্তিৰ প্ৰমাণ দিবলৈ হ’লে কিছু হত্যা লুণ্ঠনৰো প্ৰয়োজন আছে। দুই চাৰিটা হত্যাৰ বিনিময়ত যদি হাজাৰ হাজাৰ বুভুক্ষ জনতাই পেট পূৰাই খাবলৈ পায় আৰু দেশৰ সামগ্ৰিক মংগল হয়, তাৰ কাৰণে আমি কিছু অসুৰিক কাম কৰিবই লাগিব। অর্থাৎ অসুৰৰ লগত আমি আসুৰিক উপায়েৰেই যুঁজিব লাগিব।
বিস্ফোৰণৰ ঘটনা ধাৰাবাহিকভাবে ৰেডিও’যোগে প্ৰচাৰ হৈ আছে। নিহতসকলৰ পৰিয়ালৰ সাক্ষাৎকাৰো মাজে-সময়ে প্ৰচাৰ হৈ আছে।ৰিক্সাচালক এজনৰ সাক্ষাৎকাৰে তাক বাৰুকৈয়ে বিচলিত কৰি তুলিছে। ৰিক্সাচলকজনৰ ভায়েকৰ নাম আছিল পংকজ। পংকজ খুবেই মেধাৱী আছিল। আচাইকেইটা বিষয়ত লেটাৰ মাৰ্ক লৈ সি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল। বোমাৰ আঘাতত তাৰ দেহটো চিনিব নোৱাৰা ধৰণে ছিন্ন-ভিন্ন হৈ গৈছে। তাৰ এখন হাত ওচৰতে থকা গছ এডালত ওলমি আছিল। পৰীক্ষাত ভাল ফলাফল প্ৰদৰ্শন কৰাৰ কাৰণে শিক্ষকসকলে তাক এটা ঘড়ী উপহাৰ দিছিল। হাতৰ সেই ঘড়ীটো চাইহে হেনো হাতখন পংকজৰ বুলি চিনাক্ত কৰিছে পংকজৰ ৰিক্সাচলক ককায়েকজনে।
এনেকৈ যদি নিৰ্বচাৰে দেশৰ মেধাৱী ল’ৰা-ছোৱালীক হত্যা কৰা হয়, তেনেহ’লে দেশৰ অৱস্থা ভৱিষ্যতে কি হ’ব পাৰে? এই বিষয়ে ভাবি শুভজিত খুবেই মর্মাহত হৈ পৰিল। সংগঠনটোৰ প্ৰতি আগৰপৰাই সি কিছু বীতশ্রদ্ধ আছিল। পংকজৰ মৃতুৰ বাতৰিয়ে সংগঠনটোৰ প্রতি তাক অধিক বীতশ্রদ্ধ কৰি তুলিলে আৰু সি দলৰপৰা পলোৱাৰ কথা ভাবিলে। পহৰাত থকা কেডাৰ কেইজন কল্ল্মটিয়াই থকাৰ সুযোগ লৈ সি মনে মনে ছাউনীৰপৰা ওলাই আহিল। ছাউনীৰপৰা ওলোৱাৰ পাছত তাৰ চকুৰ আগত পংকজৰ কল্পিত ৰক্তাক্ত দেহৰ প্ৰতিচ্ছবি ভাহি উঠিল আৰু তাৰ কাণত হাজাৰ হাজাৰ শিশুৰ কৰুণ আর্তনাদ ধ্বনি-প্রতিধ্বনিত হ’বলৈ ধৰিলে। লগে লগে সি সজাগ হৈ উঠিল। দলৰ সদস্যসকলৰ হাতত ধৰা পৰাৰ ভয়ত সি অন্ধকাৰৰ মাজে মাজে উদ্ধশ্বাসে দৌৰিবলৈ ধৰিলে।
(গণ অধিকাৰ-২২ জানুৱাৰী/২০১২)
সন্দেহ
যোৱা কিছুদিনৰপৰা প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱে অহৰহ ক্ষত-বিক্ষত কৰি আছে বিনয় শৰ্মাৰ হৃদয়। ফলত তাৰ কাম-কাজত খেলি-মেলি দেখা দিছে। দৈনন্দিন ৰুটিনৰো বহু পৰিৱৰ্তন হৈছে। আগতে অফিচ ছুটীৰ পাছত সি পোনে পোনে ঘৰলৈ আহিছিল। ৰাস্তাত সি চাহ এটোপাও নাখাইছিল। আনকি বন্ধু-বান্ধৱে জোৰ কৰিলেও। ঘৰলৈ আহি নতুনকৈ বিয়া কৰোৱা পত্নীৰ হাতৰ চাহকাপ নাখালে তাৰ মন উৰুঙা উৰুঙা লাগিছিল৷ যোৱা কিছুদিনৰপৰা সি পত্নীৰ হাতৰ চাহকাপ এৰাই চলিবলৈহে চেষ্টা কৰি আছে। অফিচ ছুটীৰ পাছত পোনে পোনে ঘৰলৈ নাহি ৰাতিৰ আন্ধাৰ নামি নহালৈকে সি অ’ত ত’ত অনাই-বনাই ঘূৰি ফুৰি সময় পাৰ কৰি আছে। হীনমান্যতাৰ লগতে পলায়নবাদী মনোভাবো গা কৰি উঠিছে তাৰ মনত। হীনমান্যতাৰ ভাব এটা অৱশ্যে তাৰ আগৰ পৰাই আছিল।
বিনয় শৰ্মা উপায়ুক্তৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক। আগতে সি নিম্নবর্গ সহায়ক আছিল। দুবছৰমান আগতে জ্যেষ্ঠ সহায়কৰ পদলৈ পদোন্নতি হৈছে। এই চাকৰিটো লোৱাৰ প্ৰাক্মুহূৰ্ততে তাৰ মনত এক হীনমান্যতাৰ ভাব গা কৰি উঠিছিল। সেই ভাব আজিলৈকে তাৰ মনত সজীৱ হৈ আছে।
চাকৰিটো লোৱাৰ সময়ত সি কিছু টকা ভেটি দিব লগা হৈছিল। টকা দিব পাৰিলে চাকৰি হোৱাটো এক প্ৰকাৰ নিশ্চত আছিল। কিন্তু সিহঁতৰ ঘৰৰ অৱস্থা বিশেষ ভাল নাছিল। সেয়ে মাটি বিক্ৰীৰ বাহিৰে বেলেগ কোনো উপায় নাছিল। কিন্তু মাটিও আছিল সীমিত। মাথোন দুবিঘা। সেয়ে মাক-দেউতাকে মাটি বিক্ৰী কৰিবলৈ আপত্তি কৰিছিল। এদিন তাৰ কলেজীয়া বন্ধু এজনে বিয়া কৰাই কইনা ঘৰৰ পৰা যৌতুক লৈ টকাকেইটা যোগাৰ কৰাৰ বাবে পৰামৰ্শ দিছিল। প্রথমাৱস্থাত সি কথাটোত বিশেষ গুৰুত্ব দিয়া নাছিল যদিও বেলেগ উপায়ে টকা যোগাৰ কৰিব নোৱাৰি নিৰুপায় হৈ অৱশেষত বন্ধুৰ পৰামৰ্শকে মানি ল’বলৈ বাধ্য হৈছিল। কইনাও চাইছিল সি। কইনা চাই পছন্দও হৈছিল। কইনা ঘৰে চাকৰিৰ কাৰণে প্ৰয়োজনীয় টকাখিনি দিবলৈ সন্মতো হৈছিল। ফলত কথা-বতৰা বহুদূৰ আগবাঢ়িছিল।
কিন্তু লেঠা লাগিছিল তাৰ গাৰ বৰণ লৈ। তাৰ স্বাস্থ্যপাতি ভাল আছিল। কোনো ধৰণৰ ৰোগ-ব্যাধিও নাছিল। একমাত্ৰ গাৰ বৰণ ক’লা কাৰণে কইনাৰ পেহীয়েকে তাক অপছন্দ কৰিছিল আৰু বিয়াখন ভাঙি গৈছিল। ফলত তেতিয়াই স্বাভাৱিকতে তাৰ মনত হীনমান্যতাৰ ভাব
এটা গা কৰি উঠিছিল আৰু কোনোদিনে বিয়া নকৰায় বুলি সি মনে মনে সিদ্ধান্ত লৈছিল। পৰিয়ালৰ সদস্য, বন্ধু-বান্ধৱ, আত্মীয়-স্বজনৰ তাগিদা সত্ত্বেও সি ইটো-সিটো অজুহাত দেখুৱাই চল্লিশ বছৰ বয়সলৈকে তাৰ সিদ্ধান্তত অটল হৈ আছিল।
কিন্তু ছমাহমান আগতে সি তাৰ সহকর্মী বন্ধু ৰজতৰ লগত সিহঁতৰ গাঁৱলৈ ফুৰিবলৈ গৈছিল। তাতেই সি মৌচুমী শৰ্মা নামৰ এগৰাকী যুৱতীক লগ পায়। মৌচুমী ব্যক্তিগত খণ্ডৰ বিদ্যালয় এখনৰ শিক্ষয়িত্ৰী। তাই আছিল পৰিয়ালটোৰ জ্যেষ্ঠ সন্তান। গতিকে মাক-দেউতাক, ভায়েক-ভনীয়েককেইটাৰ দায়িত্ব ল’ব লগা হোৱাত পঁয়ত্ৰিছ বছৰ বয়সলৈকে তাই আবিয়ৈ হৈ আছিল। সহজ-সৰল নিৰহংকাৰী ছোৱালী। বি, এ পাছ। মৌচুমীৰ লগত কথা পাতি বিনয় শৰ্মাৰ ভাল লাগি গৈছিল।
বিনয় শৰ্মাই তাৰ পছন্দৰ কথাটো ৰজতক জনাইছিল। মৌচুমী ৰজতৰ পেহীয়েকৰ ছোৱালী। সেয়ে বিশেষ তৎপৰ হৈ ৰজতে সিহঁতৰ বিয়াখন পাতি দিছে।
বিয়াৰ পাছত ছমাহমান ভালদৰেই পাৰ হৈছিল। উভয়ৰ মাজত নিবিড় ভালপোৱাৰ সমন্ধও গঢ়ি উঠিছিল। কিন্তু পোন্ধৰ দিনমান আগতে ক’ৰবাৰপৰা হঠাৎ ধুমকেতুৰ দৰে উদয় হৈছে মৌচুমীৰ দূৰ সম্পৰ্কীয় মোমায়েকৰ পুতেক বিকাশ শৰ্মা। মৌচুমী আৰু বিকাশ হেনো একেলগে কলেজত পঢ়িছিল। উভয়ৰ মাজত হেনো ল’ৰােিলৰ পৰাই ভাল বন্ধুত্ব। এইবোৰ কথা মৌচুমীয়েই তাক কৈছে ।
বিকাশ দেখাই-শুনাই চকুত লগা। গাৰ বৰণ বগা। ওখ-পাখ, তজবজীয়া। মৌচুমীৰ সম বয়সীয়া। বিয়া-বাৰু কৰোৱা নাই। ভাল চাকৰি কৰে। সমাজ কল্যাণ বিভাগৰ অ’ডিটৰ। আগতে ধুবুৰীত আছিল৷ এতিয়া ইয়ালৈ বদলি হৈ আহিছে।
বিকাশ প্রথমতে হোটেল এখনত আছিল। সিদিনা মৌচুমীৰ লগত দেখা কৰিবলৈ আহিছিল। হোটেলত থকাৰ কথা শুনি মৌচুমীয়ে অভিমান কৰি কৈছিল- আমি ইয়াত থাকোঁ বুলি নাজানা নেকি? আমি থাকোঁতে হোটেলত থাকিবা, তোমাৰ ঘৰৰ মানুহে জানিলে আমাক কি বুলি ভাবিব? আজিয়ে বস্তু-বাহানি লৈ আমাৰ ইয়ালৈ আহাগৈ।
বিনয় শৰ্মাৰ ঘৰ গাঁওত। চহৰৰ পৰা গাঁওখন কিছু নিলগত যদিও যাতায়তৰ সুবিধাৰ কাৰণে সি বিয়াৰ আগত ঘৰৰ পৰাই অহা-যোৱা কৰিছিল। বিয়াৰ দুমাহমান পাছৰে পৰাহে সি ঘৰ এটা ভাড়া লৈ চহৰতে আছে। ঘৰটোত তিনিটা কোঠালি। এটাত সিহঁত থাকে আৰু এটা পাক ঘৰ হিচাপে ব্যৱহাৰ কৰে। এটা কোঠালি এনেয়ে খালী পৰি থাকে। কোনোবা আত্মীয়-স্বজন আহিলেহে ব্যৱহাৰ হয়। গতিকে সি মৌচুমীৰ সুৰতে সুৰ মিলাইক’লে- ঠিকেইতো কৈছে মৌচুমীয়ে। আমি থাকোঁতে আপুনি হোটেলত থাকিব নালাগে। ঘৰৰ ব্যৱস্থা নোহোৱালৈকে আমাৰ ইয়াতে থাকিব পাৰিব।
বিকাশ শর্মাই বিশেষ আপত্তি নকৰাকৈ বস্তু-বাহানি লৈ আহি সিদিনাৰপৰাই সিহঁতৰ লগত আছে। প্রথম কেইদিন অৱশ্যে ভালদৰে পাৰ হৈছিল। কিন্তু লেঠা লাগিল সিদিনাহে। এসপ্তাহমান আগত সহকৰ্মী এজনৰ মৃত্যুত শোকসভা পতাৰ কাৰণে বিনয় শৰ্মা আনদিনাতকৈ প্রায় দুঘণ্টামান আগতে ঘৰলৈ আহিছিল। বিকাশহঁতৰ অফিচত বিশেষ কাম-কাজ নাই। মাহেকৰ মূৰকত গৈ দৰমহা কেইটা ল’লেই হয়। সেয়ে দিনৰ দিনটো সি ঘৰতে শুই-বহি কটায়।
সিদিনা ঘৰলৈ আহি বিনয় শৰ্মাই দেখিলে, বিকাশ শৰ্মা সিহঁতৰ কোঠালিত তাৰ বিছনাতে শুই আছে আৰু মৌচুমীয়ে চকী এখনত বহি চুয়েটাৰ গুঠি আছে। বিকাশ গভীৰ টোপনিত লালকাল৷
বিনয় শৰ্মাক অহা দেখি মৌচুমীয়ে অপ্রস্তুতভাবে সুধিলে- আজি ইমান সোনকালে আহিল যে? কিবা অসুখ-বিসুখ কৰিছে নেকি? বিকাশক তাৰ বিছনাত শুই থকা দেখি স্বাভাৱিকতে বিনয় শৰ্মাৰ মনত এক অস্বস্তিৰ মনোভাব গা কৰি উঠিছিল। বেলেগ পুৰুষক তাৰ বিছনাত শুৱলৈ দিয়াত মৌচুমীৰ প্ৰতিও সি মনে মনে কিছু ক্ষণ্ণ হৈ উঠিছিল। সেয়ে সি মৌচুমীৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ প্ৰয়োজনবোধ নকৰিলে। কিন্তু উত্তৰ নিদিলে অভদ্ৰতা হ’ব বুলি সি চমুকৈ অহাৰ কাৰণ জনাই কোঠালিৰ পৰা ওলাই আহি বাৰাণ্ডাত বহিল।
ইতিমধ্যে মৌচুমীয়ে বিকাশক জগাই দিছিল ৷ চকু-মুখ মোহাৰি বিকাশ বাহিৰলৈ ওলাই আহি টোপনিত জড়িত কণ্ঠত কৈফিয়তৰ সুৰত ক’লে- আমি দুয়ো কথা পাতি আছিলোঁ, হঠাৎ টোপনিয়ে হেঁচা মাৰি ধৰাত আপোনালোকৰ বিছনাতে শুই পৰিছিলো। এয়া অনধিকাৰ চৰ্চাহৈছে। বেয়া নাপাব।
বিনয় শৰ্মাই ‘একো নহয়’ বুলি শলাগিছিল যদিও তাৰ হৃদয়ত সন্দেহৰ পাতল এচপৰা ক’লা ডাৱৰ সঞ্চাৰিত হৈছিল। কিন্তু সেয়া মনৰ দুর্বলতা বুলি ভাবি সি কথাটোত বিশেষ গুৰুত্ব দিয়া নাছিল।
কিন্তু দুদিনমান পাছত আন এটি ঘটনাই তাক বিশেষভাবে ভবাই তুলিলে। তাৰ মনত সঞ্চাৰিত হৈ থকা সন্দেহৰ পাতল ডাৱৰ চপৰা ঘনীভূত হৈ উঠিল।
সিদিনা অফিচত বিশেষ কাম-কাজ নথকাত সি অলপ সোনকালে ঘৰলৈ আহিছিল। ঘৰলৈ আহি দেখিলে, ঘৰ তলাবন্ধ। ঘৰ তলাবন্ধ দেখি সি স্বাভাৱিকতে কিছু চিন্তিত হৈ পৰিল। কি হ’ল? হঠাৎ মৌচুমী এইদৰে ঘৰ তলাবন্ধ কৰি ক’লৈ গ’ল। কি এনে প্রয়োজন হ’ল যে তাক নজনোৱাকৈ হঠাৎ এইদৰে ঘৰ তলাবন্ধ কৰি যাব লগা হ’ল? আকস্মিক কিবা অসুখ-বিসুখ হ’ল নেকি তাইৰ? সি অফিচলৈ যোৱাৰ সময়ততো সকলো ঠিকেই আছিল। কিবা আকস্মিক কাৰণত যদি বাহিৰলৈ যোৱাৰ প্ৰয়োজন হৈছিল তাক ফোন কৰিওতো তাই জনাব পাৰিলেহেঁতেন কথাটো!
ফলত দুঃশ্চিন্তাৰ লগতে তাৰ মনত অভিমানো সঞ্চাৰিত হ’ল। তাৰ ওচৰত কোঠালিৰ চাবি নাছিল। মৌচুমী স্বাভাৱিকতে ঘৰতে থাকে।
ফলত আছুতীয়া চাবি ৰখাৰ কোনো প্রয়োজন নাছিল। কিন্তু কি কৰে সি ! সময় পাৰ কৰে কেনেকৈ? তাৰ মনত এটা বুদ্ধি খেলালে। সিহঁতৰ গে’ট্ৰৰপৰা অলপ নিলগত এখন পাণ-দোকান আছিল। সময় পাৰ কৰাৰ কাৰণে সিপাণ-দোকানখনলৈ আহিল।
পাণ-দোকানখন এজন চেমনীয়া ল’ৰাই চলায়। ল’ৰাজনৰ মুখৰপৰা মৌচুমী বাৰ বজাত ঘৰৰপৰা ওলাই যোৱা বুলি জানিব পাৰিলে।
মাথোন সিদিনাই নহয়, যোৱা কিছুদিনৰপৰা বিনয় শর্মা অফিচলৈ ওলাই যোৱাৰ কিছু পাছত দুয়ো বাহিৰলৈ ওলাই যোৱা প্ৰত্যক্ষ কৰিছে ল’ৰাজনে।
কিন্তু মৌচুমীয়ে দেখোন ভুলতো তাক এই কথা কোৱা নাই! মৌচুমীৰ আচৰণৰ পৰাও সি অনুমান কৰিব পৰা নাই কথাটো। তাক নজনোৱাকৈ এইদৰে লুকাই-চুৰকৈ বিকাশৰ লগত ঘূৰি ফুৰাৰ অন্তৰালৰ ৰহস্য কি? ইয়াৰ ৰহস্য মাথোন এটা হ’ব পাৰে…. কথাটো ভাবোঁতেই তাৰ চকুৰ আগত সিদিনা বিকাশ সিহঁতৰ বিছনাত শুই থকাৰ দৃশ্য ভাহি উঠিল আৰু বিৰক্তিত তাৰ মুখমণ্ডল বিকৃত হৈ উঠিল। লগে লগে সিদিনা সঞ্চাৰিত হোৱা সন্দেহৰ পাতল ডাৱৰ ঘনীভূত হৈ উঠিল।
সিদিনা মৌচুমীহঁত সন্ধিয়াৰ আগে আগে ঘৰলৈ আহিছিল আৰু বিকাশে কৈফিয়তৰ সুৰত কৈছিল- মোৰ কিছু বজাৰ কৰিব লগা আছিল। বস্তু-বাহানি কিনাত মই বৰ দুৰ্বল। বস্তু কিনি সদায় ঠগ কাওঁ। সেয়ে মৌচুমীক লগত লৈ গৈছিলোঁ।
বিকাশৰ কথাত বিনয় শৰ্মাৰ ধৈৰ্যচ্যুতি ঘটাৰ উপক্ৰম হৈছিল; কিন্তু সি নিজক চম্ভালি কৈছিল- হয়, এনেকুৱা দুৰ্বলতা বহুতৰে আছে। মোৰো আছে। মৌচুমী আকৌ কিনা-বেচাৰ ক্ষেত্ৰত খুবেই পাকৈত। শেষৰ কথাফাকিত সি ক’ব নোৱাৰাকৈয়ে শ্লেষৰ সুৰ ধ্বনিত উঠিছিল।
সিদিনা সি আনদিনাৰ দৰে মৌচুমীৰ লগত সহজ হ’ব পৰা নাছিল। ভাত খাবলৈ বহিও সি ভাত খাব পৰা নাছিল। কেইগৰাহমান খায়ে ভাতত পানী ঢালি উঠি গৈছিল। ৰাতি সি মৌচুমীৰ লগত একেখন বিছনাত শুইছিল যদিও কিবা যেন এক অস্বস্তিৰ ভাবে তাক আচ্ছন্ন কৰি ৰাখিছিল। ওৰেটো নিশা সি প্রায় উজাগৰিয়ে কটাই দিছিল। পাছদিনা সি অফিচলৈ গৈছিল যদিও কামত মন বহাব পৰা নাছিল। সেয়ে সি গা বেয়াৰ অজুহাত দেখুৱাই তিনিদিনৰ নৈমিত্তিক ছুটী লৈ ঘৰলৈ আহিছিল।
তিনিদিন ছুটীত থকাৰ পাছত আজি সি অফিচলৈ গৈছিল যদিও আনদিনাৰ দৰে কামত মন বহুৱাব নোৱাৰিলে। সন্দেহ নামৰ দুঃশ্চিন্তাই তাক থকা-সৰকা কৰিবলৈ ধৰিলে। বিকাশৰ লগত মৌচুমীৰ ভাল বন্ধুত্ব আছিল বুলি মৌচুমীয়ে এই কথা নিজেই স্বীকাৰ কৰিছে। ভাল বন্ধুত্ব মানে সিহঁতৰ মাজত আগৰে পৰাই প্ৰেমৰ সমন্ধ আছিল নেকি? এতিয়া সেই পুৰণি প্ৰেম পুনৰ উক্ দি উঠিছে নেকি বাৰু? নহ’লে বিকাশৰ লগত মৌচুমীৰ ইমান হলি-গলি কিয় ? সি ঘৰত নথকাৰ সুযোগ লৈ কিয় তাই বিকাশৰ লগত ঘূৰি ফুৰিছে? এইদৰে মনতে ভাবি সি এটা সময়ত বিকাশৰ লগত নিজক তুলনা কৰিও চালে। বিকাশ তেওঁতকৈ দেখাই শুনাই ভাল ৷ চাকৰিও তেওঁতকৈ ভাল। এইদৰে এশ এবুৰি প্রশ্নই তাৰ মনত তোলপাৰ লগালে। সেয়ে গা বেয়াৰ অজুহাত দেখুৱাই সি ছুটী লৈ অফিচৰপৰা ওলাই আহি ৰিক্সা এখনত উঠি বহিল।
ৰিক্সাৰপৰা নামি সি গে’ট খুলি চৌহদৰ ভিতৰলৈ সোমাই আহিল। ঘৰখন নীৰৱ নিস্তব্ধ। কোনো জনপ্ৰাণীৰ সাৰ-সুৰ নাই। এক অস্বাভাৱিক নিস্তব্ধতা বিৰাজ কৰি আছিল ঘৰখনত। সিহঁতৰ শোৱনি কোঠালিৰ দুৱাৰখন জপাই থোৱা আছিল। বিকাশ থকা কোঠালিটোৰো দুৱাৰ জপোৱা। অৱশ্যে কোনোটোতে তলা ওলমি থকা নাই। তাৰ মানে সিহঁত ঘৰতে আছে! গেটখন বন্ধ কৰিবলৈ গৈ সি থমকি ৰৈ গ’ল। তাৰ মনত কেইটামান প্রশ্ন উদয় হ’ল। এই দিন দুপৰতে সিহঁতে দুৱাৰ বন্ধ কৰি কি কৰিছে? সিহঁত অভিসাৰত লিপ্ত হৈছে নেকি? তাৰ চকুৰ আগত কিছুমান কল্পিত দৃশ্য ভাহি উঠিল। ফলত সি ক্ষোভ অপমানত অস্থিৰ হৈ উঠিল। লাজ, মান, অপমানত তাৰ সৰ্বশৰীৰ ঠঠক্কৈ কঁপিবলৈ ধৰিলে। ঘৰৰ ভিতৰলৈ সোমাই যাব, নে নাযায় ইয়াকে ভাবি সি কিংকর্তব্যবিমূঢ় হৈ কেইটামান নীৰৱ মুহূর্ত পাৰ কৰিলে। অপ্ৰিয় দৃশ্যৰ সন্মুখীন হ’বলৈ সাহস গোটাব নোৱৰি সি শেষমুহূৰ্তত কোঠালিৰ ভিতৰলৈ নোসোমোৱাৰ সিদ্ধান্ত লৈ ওচৰতে থকা পাণ-দোকানখনলৈ আহিল।
সি চিগাৰেট এটা জ্বলালে। অৱশ্যে সি ‘স্মোকাৰ’ নহয়। কেতিয়াবা উত্তেজিত হ’লেহে চিগাৰ্টে হুপে। চিগাৰ্টে হুপি হুপি সি অস্বস্তিকৰ পৰিস্থিতিৰপৰা পৰিত্ৰাণ পোৱাৰ উপায় চিন্তা কৰিবলৈ ধৰিলে। মাজতে দুবাৰ ফোনকল আহিল। কোনে ফোন কৰিছে নেদেখাকৈয়ে সি মোবাইলৰ ছুইচ অফ কৰি থ’লে। হঠাৎ তাৰ মনত এটা বুদ্ধি খেলালে। মাকৰ বাতৰ বিষ। দুদিনমান আগতে মাকৰ বাতৰ বিষ বেছি হোৱা বুলি ভায়েকে তাক ফোন কৰি জনাইছে। সি ছুটী লৈ ঘৰলৈ যোৱাৰ কথা ভাবিছিল যদিও একেলেঠাৰিয়ে তিনিদিন ছুটীত কটোৱাৰ কাৰণে সি পুনৰ ছুটী ল’বলৈ ভসা পোৱা নাই। ইফালে মৌচুমীকো সি অকলে থৈ যাবলৈ ভৰসা পোৱা নাই। যদিও গতিকে মাকৰ বাতৰ বিষৰ অজুহাত দেখুৱাই সি মৌচুমীক গাঁৱৰ ঘৰলৈ পঠোৱাৰ কথা ভাবিলে।
আধা ঘণ্টামান পাছত সি সাহস গোটাই গে’ট খুলি পুনৰ চৌহদৰ ভিতৰলৈ সোমাই আহিল।তেতিয়াও দুয়োটা কোঠালিৰ দুৱাৰ আগৰ দৰেই জপোৱা। মৌচুমীক সংযত হোৱাৰ কাৰণে সুযোগ দিয়াৰ কাৰণে সি প্ৰয়োজনতকৈ অধিক জোৰে গলখেকাৰ মাৰিলে। মৌচুমী দুৱাৰ খুলি ব্যস্তভাবে বাহিৰলৈ ওলাই আহিল।
বাহিৰলৈ ওলায়ে তাই ব্যস্তভাবে ক’লে- বহু সময় ধৰি আপোনাক ফোন কৰি আছোঁ; কিন্তু ছুইচ অফ বুলি কৈ আছে। আহকচোন, বিকাশৰ অৱস্থা বৰ ভাল নহয়। তিনিবাৰ্মান বমি কৰিছে। এতিয়া নিতাল মাৰি শুই আছে। হাস্পতাললৈ নিব লাগিব।
বিকাশৰ অসুখৰ কথা শুনি যিমানখিনি গুৰুত্ব দিব লাগিছিল সিমানখিনি গুৰুত্ব দিব নোৱৰিলে বিনয় শৰ্মাই। তথাপি সি ভদ্ৰতাৰ খাতিৰত ক’লে- কি হ’ল হঠাৎ?
হঠাৎ নহয়- মৌচুমীয়ে ব্যস্তভাবে ক’লে- আপোনাক অৱশ্যে কোৱা হোৱা নাই কথাটো। বিকাশৰ ‘ব্লাড কেন্সাৰ’। তিনিমাহৰ মূৰে মূৰে ‘ব্লাড চেঞ্জ’ কৰিব লাগে। ‘ব্লাড চেঞ্জ’ কৰোঁতে বহু টকাৰ প্ৰয়োজন হয়। তাৰ দৰমহাৰ টকাৰে নাটে। সেয়ে ঘৰৰ পৰা টকা আনিব লাগে। এসপ্তাহমান আগতে ঘৰৰপৰা টকা পঠোৱাৰ কথা আছিল। সিফালে মামীৰো অসুখ। হঠাৎ অসুখ বেছি হোৱাত তিনিদিন আগতে তাইৰ অপাৰেশ্বন কৰাব লগা হ’ল। গতিকে টকা পঠাব পৰা নাই। যিকোনো সময়ত মৃত্যুক আঁকোৱালি ল’ব পাৰে বুলি মানুহে বিকাশক টকা ধাৰে দিবলৈও টান পায়। ইফালে সি ইয়ালৈ নতুন কৈ আহিছে। সেয়ে তাৰ লগত তেনে কোনো মানুহৰ চিনা পৰিচয় নাই। কথাটো মই আপোনাক ক’ব
খুজিছিলো, কিন্তু বিকাশে ক’বলৈ দিয়া নাই। অর্থাৎ আপোনাক সি ব্যতিব্যস্ত কৰিব বিচৰা নাই। সেয়ে ময়ে মহাজনৰপৰা টকা বন্দৱক্ত কৰিব লগা হৈছে। কাইলৈ দিয়াৰ কথা। কিন্তু দুপৰীয়া বাৰ বজাৰপৰা সি বমি কৰি আছে। এই মুহূর্তে হাস্পতাললৈ নিব নোৱাৰিলে তাৰ জীৱনলৈ সংশয় নামি আহিব পাৰে।
বিকাশৰ ব্লাড কেন্সাৰৰ লগতে মৌচুমী ঘৰৰ পৰা অদৃশ্য হোৱাৰ কাৰণ জানিব পাৰি ইমানদিনে বিনয় শৰ্মাৰ মনত সঞ্চাৰিত হৈ থকা ক্ষোভ-অভিমান নিমিষতে কৰ্পূৰৰ দৰে উৰি গ’ল। সি কোঠালিৰ ভিতৰলৈ সোমাই আহি দেখিলে, বিকাশ অচেতনভাবে বিছনাত পৰি আছে। বিকাশৰ অৱস্থা প্রত্যক্ষ কৰি বিনয় শৰ্মাৰ মনত অপৰাধবোধ জাগি উঠিল। মৃত্যুপথ যাত্রী মানুহ এজনৰ প্ৰতি সন্দেহৰ মনোভাব পোষণ কৰাৰ লগতে মৌচুমীৰ প্ৰতি কৰা সন্দেহৰ কাৰণে তাৰ মনত অনুশোচনা হ’বলৈ ধৰিলে। মৌচুমীৰ মুখৰ ফালে চোৱাৰ সাহস নোহোৱা হ’ল তাৰ। সেয়ে কোনো ধৰণৰ মন্তব্য নকৰি সি ব্যস্তভাবে এম্বুলেঞ্চ মাতিবলৈ ফোন কৰিলে।
(এদিনৰ সংবাদ-১৭ ফেব্ৰুৱাৰী/২০১২)
উপহাৰ
অপর্ণা নিৰ্দিষ্ট ৰেস্তোৰাঁখনৰ নিৰ্দিষ্ট কেবিনলৈ আহি বহিল ৷ আজি ৰাতিপুৱাও তাই এইখন ৰেস্তোৰাঁৰ এইখন কেবিনতে ভূপেনৰ লগত বহিছিল। পংকজে কিয় তাইক এইখন কেবিনতে বহিবলৈ মাতি পঠালে? এয়া মাথোন সংযোগ, নে ইয়াৰ আঁৰত কিবা ৰহস্য আছে? এইদৰে নিজকে নিজে প্রশ্ন কৰি তাই হাত ঘড়ীটোলৈ চালে। তিনি বাজিবলৈ দহ মিনিট আছে, অর্থাৎ তাই নির্দিষ্ট সময়তকৈ দহ মিনিট আগতেই আহি পাইছে। পংকজে ফোনত তাই তিনি বজাতে আহিবলৈ কৈছিল। পংকজ তাইৰ ভাবী স্বামী। ৰাহি-যোৰা ইতিমধ্যে চোৱা হৈ গৈছে। আঙঠি পিন্ধোৱাৰ দিন-বাৰো ঠিক হৈ আছে। আজিৰপৰা পাঁচদিন পাছত আঙঠি পিন্ধোৱাৰ কথা। আঙঠি পিন্ধোৱৰ দিনাই বিয়াৰ দিনো ধার্য কৰা হ’ব। এনেকুৱাই চূড়ান্ত হৈ আছে। নাই নাই, অপর্ণাৰ লগত পংকজৰ কোনো প্ৰেমৰ সম্বন্ধ নাই। এৰেঞ্জ মেৰিজ। যিদিনা পংকজে তাইক প্রথম দেখিবলৈ আহিছিল সিদিনাহে তাই প্রথম দেখিছে পংকজক।
পংকজ এটা ব্যক্তিগত খণ্ডৰ কোম্পানীৰ এছিষ্টেণ্ট মেনেজাৰ। এম, বি, এ পাছ কৰি ছয় মাহমান আগতে চাকৰিত সোমাইছে। দৰ্মহা- পাতি ভাল। চাল-চলনত স্মার্ট। চেহেৰা-পাতিও ভাল। দেখনিয়াৰ। স্বচ্ছল সংসাৰ। পংকজৰ দেউতাকো হেনো চৰকাৰী চাকৰিয়াল। চৰকাৰী বিষয়া হ’লেও দেউতাক হেনো অলপ বেলেগ প্ৰকৃতিৰ- অৰ্থাৎ সুযোগ থকা সত্ত্বেও অন্যান্য বিষয়াৰ দৰে উপৰি পাওনাৰ ধান্দা নকৰে। দৰমহা যি পায় তাতেই সন্তুষ্ট। পংকজৰ চৰিত্ৰও হেনো ভাল। চাকৰিৰ লগতে কিছু লেখা-মেলাও কৰে। বাতৰি কাকত, আলোচনী আদিত মাজে-সময়ে গল্প-কবিতা ওলায়। এইবোৰ কথা অৱশ্যে অপর্ণাই নিজে নাজানে- মাক-দেউতাকৰ মুখত শুনিছে।
মাক-দেউতাকে এইদৰে পংকজ বা পংকজৰ দেউতাকৰ গুণ বখনাৰ কাৰণো অৱশ্যে নথকা নহয়। কাৰণ তাই ভূপেনক ভাল পাইছিল। অৱশ্যে পাইছিল বুলি কোৱাটো ভুল হ’ব, মানে এতিয়াও পায়। ভূপেনৰ ঘৰ গাঁৱত। কলেজৰ পঢ়া-শুনা শেষ কৰি বৰ্তমান মেছত থাকি ব্যক্তিগত খণ্ডৰ বিদ্যালয় এখনত শিক্ষকতা কৰাৰ সমান্তৰালভাবে কম্পিউটাৰ শিকি আছে। ভূপেনৰ লগত তাইৰ প্ৰথম সাক্ষাৎ হৈছিল কলেজত পঢ়ি থকাৰ সময়ত। লিখা-পঢ়াৰ লগতে ভুপেনে খেলা-ধূলাও কৰিছিল। ফুটবল ভূপেনৰ প্ৰিয় খেল। সি নিজ জিলাৰ হৈ আন্তঃজিলা ফুটবল খেলত প্রতিনিধিত্বও কৰিছে।
অপর্ণাৰো খেলা-ধূলাৰ প্ৰতি ৰাপ আছিল। কলেজত পঢ়ি থকাৰ সময়ত তাই টেবুল টেনিছ খেলিছিল। ফুটবল প্রিয় খেল হ’লেও ভূপেনে মাজ-সময়ে টেনিছ খেলিছিল। খেলৰ গইনালৈয়ে সিহঁতৰ মাজত বন্ধুত্ব গঢ়ি উঠিছিল আৰু বন্ধুত্বই শেষলৈ গৈ প্ৰেমৰ ৰূপ লৈছিল। যুগ্ম জীৱনৰ সপোনো দেখিছিল সিহঁতে। মাক-দেউতাকেও জানিছিল সিহঁতৰ এই ভালপোৱাৰ কথা।
প্রথমাৱস্থাত ভূপেন মাক-দেউতাকৰো অপছন্দৰ নাছিল। লিখা-পঢ়াত ভাল। দেখাই-শুনাই বেয়া নহয়। কথা-বতৰা, চাল-চলনতো ভদ্র, অমায়িক। মাক-দেউতাকে বিচৰা দুই-এটা গুণৰ বাহিৰে আটাইবোৰ গুণেই আছে ভূপেনৰ। নথকা গুণবোৰ হ’ল চাকৰি আৰু অৰ্থ। ভূপেনৰ চৰকাৰী চাকৰি নাই। ঘৰৰ অৱস্থাও ভাল নহয়। মাটি সম্পত্তি বিশেষ নাই। তদুপৰি তাৰ ওপৰতে চাৰিটা প্রাণী নিৰ্ভৰশীল। মাক-বাপেক আৰু দুজনী ভনীয়েক৷ ডাঙৰজনী ভনীয়েকৰ বিয়াৰ বয়স পাৰ হওঁ হওঁ অৱস্থা। টকাৰ অভাৱত বিয়া দি উলিয়াই দিব পৰা নাই।
ভূপেনৰ ঘৰৰ অৱস্থা জনাৰ পাছতে মাক-দেউতাকে তাক অপছন্দ কৰিবলৈ আৰম্ভ কৰিছিল আৰু অপর্ণাৰ দৰা বিচাৰি এক অভিযান আৰম্ভ কৰিছিল। ঠিক তেতিয়াই পংকজৰ নিচিনা দৰা পাই যায়। পংকজৰ নিচিনা দৰা পাই মাক-দেউতাকে যেন হাতত সৰগ ঢুকি পাইছে।
অপর্ণাৰ দেউতাক কলেজৰ প্ৰফেছৰ। দেউতাকে সিদিনা সন্ধিয়া কলেজৰপৰা আহি জনালে- অপু, পৰহিলৈ তোমাক চাবলৈ মানুহ আহিব। ল’ৰাজনো আহিব মাক-দেউতাকৰ লগত। গতিকে সিদিনা ক’লৈকো নাযাবা। ঘৰতে থাকিবা। ল’ৰাজন ভাল। এম. বি, এ পাছ কৰি ছমাহমান আগতে চাকৰিত সোমাইছে। ভাগ্যৰ বলতহে এনেকুৱা এজন ল’ৰা পোৱা গৈছে। পোৱা গৈছে মানে নিজে আহি ধৰা দিছে। ল’ৰাজনৰ দেউতাক আৰু মই একেলগে কলেজত পঢ়িছিলোঁ। ভাল বন্ধুত্বও আছিল আমাৰ মাজত। বন্ধুত্বৰ দাবীলৈয়ে তোমাক বোৱাৰী কৰি নিব খুজিছে। দেউতাকে একে উশাহে কথাকেইটা কৈ কপাললৈকে হাত তুলি অদৃশ্য ভগবানক সেৱা জনাই ক’লে- কৃষ্ণ, কৃষ্ণ। ভালে ভালে শুভ কাম সম্পন্ন কৰিবলৈ দিবা, প্রভু।
তাইক চাবলৈ অহাৰ কথা শুনি অপর্ণাৰ মূৰত যেন সৰগহে ভাগি পৰিছিল। কোনাবাই যেন অদৃশ্য হাতেৰে কৰতহে চলাইছিল তাইৰ বুকুত- এনেকুৱা উপলব্ধি হৈছিল তাইৰ। ভূপেনক হেৰুৱাবলৈ উপক্ৰম কৰাৰ বেদনাই দেই-পুৰি নিছিল তাইৰ হৃদয়। কিন্তু তাই মুখেৰে এটা শব্দও উচ্চাৰণ কৰা নাছিল। কথাবোৰ কৈ দেউতাক ভিতৰলৈ সোমাই যোৱাৰ পাছত তাই গাত শৰ লগা পহুৰ দৰে কিছু সময় থৰ হৈ থাকি এটা সময়ত নিজৰ শোৱনি কোঠালিলৈ আহি গাৰুত মুখ গুঁজি কান্দিবলৈ আৰম্ভ কৰিছিল।
কিমান সময় বিছনাত পৰি আছিল অপর্ণাই ক’ব নোৱাৰে। মাকে ভাত খাবলৈ মতাতহে তাই সম্বিৎ ঘূৰাই পাইছিল। কিন্তু তাই মাকৰ মাতত সঁহাৰি দিয়া নাাাছিল। ফলত মাকে কোঠালিৰ ভিতৰলৈ সোমাই আহি তাইৰ গাত হাত দি চাই কৈছিল- কি হ’ল অপু? গা ভাল লগা নাই নেকি? অথনিৰেপৰা ভাত খাবলৈ মাতি আছো, শুনা নাই নেকি তই?
অপর্ণাই মুখ ঘূৰাই ৰিহাৰ আঁচলৰে চকু-পানী মচি কৈছিল- ভোক লগা নাই। মই নাখাওঁ। তুমিয়ে খোৱাগৈ, যোৱা। অপর্ণাই ভাত নোখোৱাৰ আঁৰৰ ৰহস্য মাকে কিছু পৰিমাণে উপলব্ধি কৰিব পাৰিলে। দেউতাকে সন্ধিয়া কোৱা কথাৰ কাৰণেই যে তাই ভাত খাব বিচৰা নাই এই কথা উপলব্ধি কৰিবলৈ তাইৰ অসুবিধা নহ’ল। কিন্তু সকলো বুজিও তাই নুবুজাৰ ভাও জুৰি ক’লে- ভাত নাখাৱ মানে? কি হ’ল? গা বেয়া কৰিছে নেকি? দুদিন পাছত তোক চাবলৈ আহিব। নোখোৱাকৈ থাকিলে স্বাস্থ্য পৰি যাব। ৰাতি লঘোন দিলে হাতীও কাহিল হয়। ব’ল, ভাতকেইটা খাই আহি শুই থাকিবিহি।
অপর্ণাই বিৰক্তিভৰা কণ্ঠত ক’লে- নাখাওঁ বুলি কৈছো, নাখাওঁ। তুমি খোৱাগৈ যোৱা।
তোক চাবলৈ অহাৰ কথা শুনি মন বেয়া লাগিছে নেকি? মাকে অপর্ণাৰ উত্তৰলৈ অপেক্ষা নকৰি ক’লে- এয়া আনন্দৰহে কথা। ছোৱালী হৈ জন্মিলে পৰৰ ঘৰলৈ যোৱাটো সমাজৰ নিয়ম। ইয়াকে লৈ মন বেয়া কৰি লাভ নাই। এইদৰে কৈ মাকে অপর্ণাৰ হাতত ধৰি টানিলে-ব’ল, ভাত কেইটা খাই আহি শুই থাকিবিহি।
অপর্ণাই আলফুলে মাকৰ হাতৰপৰা নিজৰ হাতখন এৰুৱাই অভিমান ভৰা কণ্ঠত ক’লে- মোৰ বিয়াৰ বাবে ইমান ব্যস্ত হৈছা কিয়? মই কিবা তোমালোকৰ মূৰৰ বোজা হৈ আছোঁ নেকি?
মূৰৰ বোজা নহয়, বুকুৰহে বোজা হৈ আছ। ছোৱালীৰ বিয়াৰ বয়স হ’লে মাক-বাপেকৰ চকুৰ টোপনি হৰে। বুকুত জুইৰ উত্তাপ অনুভৱ কৰে। ভাল দৰা। দৰা ঘৰো ভাল৷ অৱস্থা পাতিও ভাল। সমাজতো ভাল চিনাকি আছে। এনেকুৱা দৰা ভাগ্যৰ বলতহে মিলে।
ভাল দৰা, ভাল দৰা! দেউতাই দৰা আৰু দৰাঘৰৰ গুণ বখানি গ’ল আৰু তুমিও বখানিবলৈ ল’লা। যোৱা, নহওঁ মই বিয়া!
বিয়া নহোৱা মানে? মাকে এইবাৰ আচল প্ৰসংগলৈ আহিল- অ’, তাৰ মানে ভূপেনে তোৰ মূৰটো খাইছে! কি আছে ভূপেনৰ? পংকজ নখৰ লায়কো নহয় সি!
কিয়, ভূপেন কোনখিনিত তোমালোকৰ পছন্দৰ দৰাতকৈ হীন?
: তাৰ চাকৰি নাই। ঘৰৰ অৱস্থাও ভাল নহয়। বিয়া কৰাই তোক খোৱাব কি?
অ’, তাৰমানে তোমালোকৰ ওচৰত গুণৰ কোনো মূল্য নাই! গুণতকৈ ধনহে ডাঙৰ তোমালোকৰ ওচৰত!
অ’তো, বর্তমান সমাজত যাৰ ধন নাই, তাৰ মানো নাই। গুণেৰে মন ভৰে সঁচা; কিন্তু মুখ নভৰে, বুজিলি। মিছা-মিছি তৰ্ক কৰি লাভ নাই। ব’ল, ভাত খাই আহি শুই থাকহি।
ভাতখোৱাৰ ইচ্ছা নাথাকিলেও কথাত কথা বাঢ়ি গৈ থাকিব বুলি তাই পাক ঘৰলৈ গৈ দুগৰাহমান ভাত মুখত দিয়েই বিছনালৈ আহি দীঘল দি শুই পৰিছিল। নানা দুঃশ্চিন্তাৰ মাজেৰে উজাগৰি নিশা পাৰ কৰি পাছদিনা পুৱা তাই ভূপেনক লগ ধৰিবলৈ গৈছিল। কিন্তু ভূপেন মেছত নাছিল। সি গাঁৱৰ ঘৰলৈ গৈছিল। ফোনত যোগাযোগ কৰিবলৈ চেষ্টা কৰিও তাই বিফল হৈছে। কাৰণ গাঁওখন অতি ভিতৰুৱা। মোবাইলৰ নেটৱৰ্কে নাপায়। সেয়ে তাই এই কেইদিন ভূপেন অহালৈ অপেক্ষা কৰি আছিল।
ইয়াৰ মাজতে দেউতাকে কোৱামতে দুদিন পাছত মাক-দেউতাকৰ লগত পংকজে তাইক চাবলৈ আহিছিল। পংকজহঁতে তাইক পছন্দও কৰি গৈছে। কালি দেউতাক পংকজহঁতৰ ঘৰলৈ গৈ আঙঠি পিন্ধোৱাৰ দিন-বাৰো ঠিক কৰি আহিছে। আঙঠি পিন্ধোৱাৰ আগতে কিবা এটা কৰাৰ বাবে আজি ৰাতিপুৱা অপর্ণা ভূপেনক লগ কৰিবলৈ ভূপেনহঁতৰ মেছলৈ গৈছিল। ভূপেন মেছতে আছিল। সিহঁত আহি এইখন ৰেস্তোৰাঁৰ এইখন কেবিনতে আহি বহিছিল।
অপর্ণাই ভূপেনৰ ওচৰত পংকজহঁতে তাইক চাই যোৱাৰ কথা বিৱৰি কৈ কৈছিল- আঙঠি পিন্ধোৱাৰ আগতে কিবা এটা কৰা, নহ’লে মই নিগমে মৰিম।
ভূপেনে উদাস দৃষ্টিত অপর্ণালৈ চাই হুমুনিয়াহ কাঢ়ি কৈছিল- কি কৰিম, কোৱা? আমাৰ ঘৰখনৰ অৱস্থা তুমি জানাই দেখোন। শিক্ষকতা
কৰি পোৱা টকাকেইটাৰে মই চলাৰ উপৰিও কোনোমতে আঁজুৰি-পিজুৰি ঘৰখন চলাই আছো। কম্পিউটাৰ শিকা শেষ হ’লে কোনোবা কোম্পানীত চাকৰি এটাৰ ব্যৱস্থা কৰি বিয়াৰ কথা পাতিম বুলি ভাবি আছিলোঁ। কোৰ্ছ শেষ হ’বলৈ এতিয়াও দুমাহ বাকী। কোনো উপায়ে দেখা নাই মই সদ্যহতে।
তাৰ মানে তুমি মোক ভাল নোেেপাৱা? ভালপোৱাৰ অভিনয়হে কৰি আছিলা ইমান দিনে? উষ্মা মিহলি অভিমান ভৰা কণ্ঠত অপর্ণাই
কথাকেইটা কৈ বহাৰ পৰা জাঁপ মাৰি থিয় হৈ কৈছিল- মই যাওঁ। যদি ইয়াৰ মাজতে কিবা এটা ব্যৱস্থা নকৰা, তেনেহ’লে আজিৰপৰা পাঁচদিন পাছত মোৰ মৰা মুখ চাবলৈ যাবলৈ নাপাহৰিবা কিন্তু……
এইদৰে কৈয়ে অপর্ণা খঙতে কেবিনৰপৰা ওলাই গৈছিল। ভূপেনে তাইক পিছফলাৰপৰা মাতি ৰ’বলৈ কৈছিল যদিও তাই সেই মাতত সঁহাৰি নজনোৱাকৈ গুচি গৈছিল।
অপর্ণাই এইবোৰ কথা ৰোমন্থন কৰি থাকোঁতেই পংকজ কেবিনৰ পৰ্দা ঠেলি ভিতৰলৈ সোমাই আহি ক’লে-‘মোৰ কাৰণে অপেক্ষা কৰি কৰি হয়তো আপুনি আমনিয়ে পাইছে। আচলতে মই সঠিক সময়তে আহিছো। আপুনিহে নিৰ্ধাৰিত সময়তকৈ আগতে আহিছে।’ পংকজক কেবিনৰ ভিতৰলৈ সোমাই অহা দেখিয়ে অপর্ণা বহাৰপৰা উঠি থিয় হৈছিল। সেয়ে পংকজে ক’লে-বহক। থিয় দি আছে কিয়?
অপর্ণাই আপত্তি নকৰাকৈ বহি ক’লে- পাঁচদিন পাছত আঙঠি পিন্ধোৱাৰ কথা। আজি হঠাৎ এইদৰে মাতি পঠোৱাৰ কাৰণ?
বিনা কাৰণত নিশ্চয় নহয়। পংকজে ৰহস্যময় ভংগীত ক’লে- আঙঠি পিন্ধোৱাৰ আগতে মই আপোনাক এটা উপহাৰ দিব খুজিছোঁ। আশা কৰোঁ, উপহাৰটো আপুনি সানন্দে গ্ৰহণ কৰিব।
উপহাৰ! কি উপহাৰ দিব খুজিছে পংকজে? এইদৰে মনতে ভাবি অপর্ণাই প্রশ্নবোধক দৃষ্টিত পংকজৰ ফালে চালে।
পংকজে অপর্ণাৰ ভৰিৰপৰা মূৰলৈ লক্ষ্য কৰি ক’লে- উপহাৰ গ্ৰহণ কৰাৰ আগতে আপুনি মোৰ আগত এষাৰ সঁচা কথা ক’ব লাগিব।
সঁচা কথা! কি সঁচা কথা জানিব বিচাৰিছে পংকজে? ভূপেনৰ লগত তাইৰ প্ৰেমৰ সম্পৰ্ক থকাৰ কথা গম পোৱা নাইতো পংকজে! অপর্ণাই সেপ ঢুকি কোনোমতে নিজক চম্ভালি লৈ ক’লে- কওঁক, কি জানিব বিচাৰিছে?
পংকজে পোনপটীয়াভাবে সুধিলে- আপুনি কাৰোবাক ভাল পায় নেকি?
পংকজৰ ফালে অপর্ণাই বিৰক্তিভৰা দৃষ্টিৰে চাই উত্তৰ দিয়াৰ পৰিৱৰ্তে ওলোটাই সুধিলে- আপুনি মোক সন্দেহ কৰিছে নেকি?
সন্দেহ নহয়, কৌতুহল বুলিব পাৰে। প্ৰথম দিনা আপোনালোকৰ ঘৰলৈ যাওঁতে মই আপোনাৰ চকুত এক ধৰণৰ উদাস দৃষ্টি লক্ষ্য কৰিছিলোঁ। সেই দৃষ্টিৰ অন্তৰালত যেন মোৰ প্ৰতি এক ধৰণৰ বিষাদ মিহলি ঘৃণাও প্ৰচ্ছন্ন হৈ আছিল। গতিকে মই সেই দৃষ্টিৰ প্ৰকৃত ৰহস্য জানিব বিচাৰিছোঁ।
অপর্ণাই কিঞ্চিত উষ্মা মিশ্রিত সুৰত ক’লে- সেয়া আপোনাৰ দৃষ্টিৰ ভ্ৰমতো হ’ব পাৰে। এইদৰে কৈ পংকজৰ মন্তব্যলৈ অপেক্ষা নকৰি তাই উপলুঙাৰ সুৰত ক’লে- যদি মই কাৰোবাক ভাল পায়ো থাকোঁ, সেই ভালপোৱাৰ কাৰণে নিশ্চয় তিৰস্কাৰৰ বাহিৰে আপোনাৰপৰা পুৰস্কাৰ আশা কৰিব নোৱাৰোঁ?
পুৰস্কাৰ নহয়, উপহৰা বুলি কওঁক। বাৰু, আপুনি বহক। মই অকনমান বাহিৰৰ পৰা আহি আছোঁ। যাম আৰু আহিম। এইদৰে কৈ পংকজে অপর্ণাৰ অনুমতিলৈ অপেক্ষা নকৰি কেবিনৰপৰা ওলাই গ’ল।
খন্তেক পাছতে সি ভূপেনক লৈ কেবিনৰ ভিতৰলৈ সোমাই আহি ৰহস্যময় ভংগীত ভূপেনৰ ফালে আঙুলিয়াই সুধিলে- চাওঁকচোন, এওঁক চিনিব পাৰে নেকি?
অপর্ণা হতভম্ব! পংকজে এইদৰে ভূপেনক ক’ৰপৰা লৈ আহিল? ভূপেনক আগৰেপৰাই চিনি পায় নেকি পংকজে? অপর্ণাই এইবোৰ কথা মনতে পাগুলি থাকোঁতেই পংকজে ক’লে- ‘আচৰিত নহ’ব। আপুনি ভবা ধৰণে নহয়। এওঁৰ লগত মোৰ আগৰপৰা কোনো ধৰণৰ চিনা-পৰিচয় নাই। আজি ৰাতিপুৱা আপুনি কেবিনৰপৰা ওলাই যোৱাৰ পাছতে মই এওঁৰ লগত চিনা-পৰিচয় হৈছোঁ।’ এইবাৰ পংকজে ভূপেনৰ লগত চিনাকি হোৱাৰ ৰহস্য ভাঙি-পাতি ক’লে- আজি পুৱা আপোনালোকে এইখন কেবিনত বহি কথা পাতি থকাৰ সময়ত মই বেৰৰ সিটো প্ৰান্তত থকা কেবিনত বহি আপোনালোকৰ কথা-বতৰা মানে প্ৰতিটো কথা শুনি আছিলো। অৱশ্যে সেয়া মোৰ অনধিকাৰ চৰ্চা হৈছে। কিন্তু তাৰ বাবে মই মুঠেই দুঃখিত নহয়। কাৰণ সেই অনধিকাৰ চৰ্চাৰ কাৰণেই মই খলনায়ক হোৱাৰপৰা কোনোমতে হাত সাৰিবলৈ সক্ষম হৈছো।
খলনায়ক ! মানে? অপর্ণাই প্রশ্নবোধক দৃষ্টিত পংকজৰ ফালে চালে।
একেবাৰে ভাতৰ লগত পানী খোৱাৰ লেখীয়া সহজ কথা।- পংকজে কথাটো বুজাই ক’লে- মোৰ কাৰণেই আপোনালোকৰ প্ৰেম ব্যর্থ হোৱাৰ উপক্ৰম হৈছিল আৰু প্ৰেম ব্যৰ্থ হ’লে মই চিৰদিন আপোনালোকৰ ওচৰত খলনায়ক হৈ নাথাকিলোহেঁতেন জানো? গতিকে আপোনালোকৰ কথা বতৰা শুনাৰ পাছতে মই এটি সিদ্ধান্তত উপনীত হৈছিলো আৰু আপুনি খং কৰি ওলাই যোৱাৰ পাছত মই ভূপেনক লগ ধৰি মোৰ সিদ্ধান্তৰ কথা জনাইছো। ভূপেনে মোৰ কথাত সন্মতি জনাইছে। এতিয়া আপোনাৰ সন্মতি পালেই মই মোৰ উপহাৰৰ কথা ঘোষণা কৰিম।
অপর্ণাই অনুমান কৰিব পাৰিলে, পংকজে কি উপহাৰ দিব বিচাৰিছে। তথাপি তাই নুবুজাৰ ভাও জুৰি ক’লে- আপোনাৰ কথা মই বুজা নাই।
নুবুজাৰ কোনো কাৰণ মই দেখা নাই। পংকজে ক’লে।
: তথাপি কওঁকচোন, কি সেই উপহাৰ ?
টোপনিত থকা মানুহক জগাব পাৰি; কিন্তু টোপনিৰ ভাও ধৰা মানুহক জগাব নোৱাৰি। এইদৰে কৈ পংকজে ভূপেনৰ ফালে আঙুলিয়াই ক’লে- এয়াই মোৰ উপহাৰ……….
(এদিনৰ সংবাদ-২৫ এপ্রিল/২০১০)
দায়িত্ববোধ
ইকবালক লৈ মহাসমস্যাত পৰিল আৱাসিক সেতুবন্ধন কেন্দ্ৰৰ পৰিচালকসকল। ছয়ৰ পৰা চৈধ্য বছৰ বয়সৰ সকলো শিশু প্রাথমিক শিক্ষা নিশিচতকৰণ পদক্ষে হিচাপে কেইদনিমান আগতে সৰ্বশিক্ষাৰ তৰফৰপৰা আৱাসিক সেতুবন্ধন কেন্দ্ৰটো স্থাপন কৰা হৈছে সৰু চহৰখনত। কেন্দ্ৰটো স্থাপন হোৱাৰ পাছত হোটেল, চাহ দোকান আৰু অ’লি-গলিত বিভিন্ন বৃত্তিত নিয়োজিত আঠৰপৰা চৈধ্য বছৰ বয়সৰ বিদ্যালয়লৈ নোযোৱা শিশু শ্ৰমিকসকলক ধৰি আনি কেন্দ্ৰটোত নামভৰ্তি কৰি থকা-মেলা,খোৱা-বোৱাৰ পৰা সকলো সুবিধা দি শিক্ষাদান কার্য চলাই আছে। সেই শিশুসকলৰ লগত ইকবালকো ধৰি আনিছে কর্ম-কর্তাসকলে। সি বাছ আস্থানত সৰু বাকচ এটা কান্ধত ওলোমাই তামোল-পাণ বিক্ৰী কৰি আছিল।
ইকবালৰ বয়স এঘাৰৰ পৰা তেৰ বছৰৰ ভিতৰত। কেন্দ্ৰটো নাম ভৰ্তি কৰা আন ল’ৰাবিলাকতকৈ ইকবাল অলপ বেলেগ প্ৰকৃতিৰ। শান্ত-
শিষ্ট, অমায়িকষ লেখা-পঢ়াৰ প্ৰতিও ধাউতি আছে। পৰিচালকসকলে কোৱা প্ৰতিটো কথা সি মনযোগেৰে শুনে আৰু তেওঁলোকে কৰিবলৈ দিয়া প্ৰতিটো নির্দেশেই নির্বিবাদে পালন কৰে।
কোনো পালেদি ইকবালক লৈ পৰিচালকসকলৰ কোনো সমস্যা নাই, একমাত্র খোৱাৰ সময়ৰ বাহিৰে। খোৱাৰ সময় সি খাব নিবিচাৰে। ভাতৰ কাঁহী সন্মুখত লৈ উদাসভাবে বহি থাকে। কিবা সুধিলেও কোনো উত্তৰ নিদিয়ে। তেয়িা মৰম কৰি কিবা ক’বলৈ গ’লে দুচকুৰে লোতক ববলৈ ধৰে। ডাবি-ধমকি দিলে ভাতৰ পাতত বহে যদিও দুই এগৰাহ ভাত মুখত দিয়ে উঠি যায়। তেয়িা কাৰো হকা-বধা নামানে। টানি ধৰিলে লেপেটা কাঢ়ি বহি দুই আঁঠুৰ মাজত মুখ লুকাই ফেঁকুৰি ফেঁকুৰি কান্দিবলৈ ধৰে।
মৰমেৰে ডাবি-ধমকিৰে এই ৰহস্যৰ তলা-নলা উলিয়াবলৈ অসমৰ্থ হৈ পৰিচালকসকলে জিলা কর্তৃপক্ষৰ শৰণাপন্ন হ’ল। সেতুবন্ধন কেন্দ্রৰ জিলা আঁচনি বিষয়া বিবেক পাঠক মানুহজন ভাল। সমাজৰ কাৰণে ভাল কিবা এটা কৰাৰ মানসিকতা আছে তেওঁৰ। খবৰ পাই তেওঁ কেন্দ্ৰটো লৈ আহি পৰিচলক এজন হতুৱাই ইকবালক মতাই অনালে। ইকবাল কোঠালিটোৰ ভিতৰলৈ সোমাই অহাৰ পাছত তেওঁ পোনপটীয়াভাবে আচল প্ৰসংগলৈ নগৈ ইকবালৰ লগত ঘণিষ্টতা গঢ়ি তুলিবলৈ মৰমেৰে সুধিলে- তোমাৰ নাম কি?
ইকবাল তলমূৰ হৈ থিয় দি আছিল । সি মূৰ দাঙি বিবেক পাঠকৰ ফালে চাই চমু উত্তৰ দিলে- ইকবাল।
বৰ ভাল নাম! ইকবাল নামৰ এগৰাকী মহান কবি আছিল আমাৰ দেশত। লেখা-পঢ়া শিকিলে তেওঁৰ বিষয়ে বহু কথা জানিব পাৰিবা। ‘চাৰে জাঁহা যে আচ্ছে, হিন্দুস্থাঁ হামাৰা’ শীৰ্ষক গীতটোৰ তেওঁ ৰচক। এইদৰে ভুমিকাৰে আৰম্ভ কৰি তেওঁ আচল প্ৰসংগলৈ আহিল- বাৰু, ইকবাল, তুমি লেখা-পঢ়াতো ভাল। আগতে হেনো চতুর্থ শ্ৰেণীলৈ পঢ়িছিলাও। সকলো বিষয়তে ভাল বুলি ছাৰসকলে তোমাৰ প্ৰশংসাও কৰিছে। কিন্তু তুমি বোলে খাবলৈ ইচ্ছা নকৰা? তোমাৰ কিবা অসুখ-বিসুখ আছে নেকি? থাকিলে খোলাখুলিকৈ কোৱা। প্রয়োজন হ’লে আমি তোমাৰ চিকিৎসাৰ ব্যৱস্থা কৰিম।
ইকবাল বিবেক পাখৰ প্ৰশ্নৰপৰা ফালৰি কাটি অনুৰোধৰ সুৰত ক’লে- মোক ঘৰলৈ যাবলৈ দিয়ক, ছাৰ।
ঘৰলৈ যাব খুজিছা কিয়? ইয়াত তোমাৰ কিবা অসুবিধা হৈছে নেকি? হ’লে কোৱা, আমি তাৰ প্ৰতিকাৰৰ ব্যৱস্থা কৰিম। ছাৰসকলে তোমাৰ লগত ভাল ব্যৱহাৰ নকৰে নেকি?
নাই নাই ছাৰ। ইকবালে ছাৰসকলৰ প্ৰশংসা কৰি ক’লে- ছাৰসকলে আমাক খুব মৰম কৰে। আমাৰ সা-সুবিধাৰ প্ৰতিও তেওঁলোকে চকু দিয়ে ৷
তেনেহ’লে তুমি ঘৰলৈ যাব খুজিছা কিয়? ঘৰত তোমাৰ কোন কোন আছে?
মা, এজন ভাইটি আৰু দুজনী ভনী।
কিয়, তোমাৰ দেউতাৰা নাই নেকি?
নাই ছাৰ,দেউতা ঢুকাল।
ঢুকাল মানে! কিবা অসুখ হৈছিল নেকি?
: নাই ছাৰ বিল্ডিঙৰ পৰা পৰি মৰিছে।
ইয়াৰ পাছত ইকবালে কৈ গ’ল এক কৰুণ কাহিনী। সেই কাহিনীৰ মাজত দুখৰ অনুভৱৰ লগতে নিহিত হৈ আছিল এজন কিশোৰৰ দায়িত্বশীল মনৰ এক সুস্পষ্ট প্রতিচ্ছবি।
ইকবালহঁতৰ ঘৰ স্থানীয় চহৰখনৰ পৰা তিনি কিলোমিটাৰ আঁতৰৰ এখন গাঁৱত। ইকবালৰ দেউতাক ৰাজমিস্ত্ৰিৰি যোগালি আছিল। বিল্ডিং এটা সাজিবলৈ গৈ দুমহলীয়াৰ পৰা পৰি তিনি বছৰমান আগতে ঢুকাইছে। আগতে ইকবালহঁতৰ অৱস্থা মোটা-মুটি ভালেই আছিল। সাত আঠ বিঘা খেতিৰ মাটি আছিল সিহঁতৰ। ইকবাল সৰু থাকোঁতেই সেই ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে। মাটি হেৰুৱাই ইকবালৰ দেউতাকে মথাউৰিৰ দাঁতিত জুপুৰী সাজি চহৰত ৰাজমিস্ত্ৰিৰ যোগালি কৰি পৰিয়ালটো পোহপাল দি আছিল। ইকবালকো স্কুলত পঢ়িবলৈ দিছিল। ইকবাল তৃতীয় শ্রেণীত পঢ়ি থাকোঁতে এদিন সিহঁতৰ গাঁৱৰে তিনিজন মানুহে দেউতাকৰ মৃতদেহ এম্বুলেঞ্চ এখন ভৰাই ঘৰলৈ লৈ আহিছিল। সেই দৃশ্য আজিলৈকে সজীৱ হৈ আছে ইকবালৰ মনত। দেউতাকৰ মৃত্যুত ঘৰখনত যেন শোকৰ ধল নামিছিল। মাকে আউলি-বাউলি হৈ বুকুত চপৰিয়াই কান্দিছিল। ইকবাল আৰু ভায়েক-ভনীয়েক কেইজনেও হুৰাওৰাৱে কান্দিছিল।
দেউতাকৰ মৃত্যুৰ পাছত অভাৱ নামৰ দৈত্যৰ তাণ্ডৱ আৰম্ভ হৈছিল ঘৰখনত। জীৱিকাৰ কোনো উপায় নথকাত মাকে তিনি কিলোমিটাৰ বাট অহা-যোৱা কৰি চহৰত দিন হাজিৰা কৰি কোনোমতে ঘৰখন চলাই আছিল। ইকবালকো পঢ়ুৱাই আছিল। লেখা-পঢ়াতো সি ভালেই আছিল। বৃত্তি দিয়াৰ বাবেও প্রস্তুতি চলাই আছিল। কিন্তু সি লেখা-পঢ়া শিকাটো ঈশ্বৰৰ অভিপ্রেত নাছিল।
এবাৰ তাৰ মাকৰ মেলেৰিয়া হ’ল। উপযুক্ত ঔষধ-পথ্য আৰু চিকিৎসাৰ অভাৱত মেলেৰিয়াৰ পৰা শেষলৈ গৈ টাইফয়েড হ’ল। এমাহমান ৰোগত ভোগাৰ পাছত জ্বৰ ভাল হ’ল যদিও সেই জ্বৰতে তাই চিৰদিন বাবে দৃষ্টিশক্তি হেৰুৱালে৷ ফলত মাক কামলৈ যাব নোৱাৰা হ’ল। সেয়েহে ঘৰখনত পুনৰ ভোকৰ তাণ্ডৱ আৰম্ভ হ’ল। এদিন এনেকুৱা এক পৰিস্থিতিৰ সৃষ্টি হ’ল যে ঘৰখনত খুদকণ এটাও নাই। ভায়েক-ভনীয়েক কেইজনে ভোকত ছট্ফটাবলৈ ধৰিলে। ল’ৰা-ছোৱালীকেইটাৰ অৱস্থা দেখি মাক অস্থিৰ হৈ উঠিল। তাই ধাৰলৈ চাউল আনিবলৈ ইকবালক দোকানলৈ পঠালে। কিন্তু দোকানীয়ে ধাৰে চাউল দিবলৈ অস্বীকাৰ কৰিলে। কাৰণ মাকৰ অসুখৰ সময়ত ধাৰে বস্তু খোৱাৰ ফলত ইতিমধ্যেই বহু টকা বাকী হৈছিল। গতিকে আগৰ বাকী পৰিশোধ নকৰালৈকে দোকানীয়ে পুনৰ নতুন বাকী নিদিয়ে বুলি স্পষ্টভাবে জনাই দিলে।
বিফল মনোৰ্থ হৈ ইকবাল ঘৰলৈ আহি মাকক কথাটো জনালে। উপায় নেদেখি মাকে বাচৰ দাঁতিৰ কচু খান্দি আনি সিজাই খাবলৈ পৰামৰ্শ দিলে। মাকৰ পৰামৰ্শ মতেই ইকবালে কচু খান্দি আনি মাক-ভায়েক-ভনীয়েকহঁতৰ লগত সিজাই খালে। কচু খোৱাৰ ফলত ভায়েক- ভনীয়েকহঁতৰ লগত ইকবালৰ মুখ ফুলি উঠিল। সিদিনা ৰাতিয়ে ইকবালে মনে মনে বুদ্ধি পাঙিলে। সি চহৰলৈ আহি তামোল-পাণ বিক্ৰী কৰি পৰিয়ালটো পোহপাল দিয়াৰ কথা ভাবিলে। কাৰণ মাকৰ পাছত সিয়েতো ঘৰখনৰ মুৰব্বী! ভবামতেই ইকবালে ৰাতিপুৱা ঘৰৰ চুক- কোণৰপৰা তক্তাৰ কেইটামান টুকুৰা বিচাৰি আনি সেইবোৰ জেৰা-তাপলি মাৰি কাঠৰ সৰু বাকচ সাজি উলিয়ালে। কাৰণ সি তেনেকৈ সৰু বাকচ ডিঙিত ওলোমাই তামোল-পাণ বিক্ৰী কৰা দেখিছে। বাকচ সাজি সি বাকচটো আৰু কিতাপ-বহী কেইটামান লৈ চহৰলৈ আহিল। বহী আৰু কিতাপ বিক্ৰী কৰি সি দহ টকা পালে ৷ সেই টকাৰে সি তামোল-পাণ কিনি বাছ আস্থানত ঘূৰি ঘূৰি তামোল-পাণ বিক্ৰী কৰিবলৈ ধৰিলে। দিনৰ শেষত তাৰ চল্লিছ টকা লাভ হ’ল। সেই টকাৰে সি এক কিলো চাউল আৰু কিছু নিমখ কিনি ঘৰলৈ আহিল আৰু দুদিন অনাহাৰে থকাৰ পাছত মাকহঁতৰ লগত পেট পূৰাই খালে । সিদিনাৰ পৰাই সি নিয়মিতভাবে তিনি কিলোমিটাৰ বাট অহা-যোৱা কৰি তামোল-পাণ বিক্ৰী কৰি সংসাৰ চলাই আছিল। ভায়েক-ভনীয়েক কেইটাকো সি স্কুলত পঢ়িবলৈ দিছে।
কাহিনীটো শেষ কৰি ইকবালে ক’লে- তামোল-পাণ বিক্ৰী কৰি কোনোমতে ঘৰখন চলাই আছিলো, ছাৰ। মোক ইয়ালৈ অন্তাৰ পাছৰপৰা মাকহঁত লঘোণে আছে, ছাৰ। এইদৰে কৈয়ে ইকবালে বিবেক পাঠকৰ ভৰিত সাৱটি ধৰি কান্দি কান্দি ক’লে- পাৰিলে ভাইটিক পঢ়ুৱাওক, ছাৰ।সিও লেখা-পঢ়াত ভাল। দ্বিতীয় শ্রেণীত পঢ়ে। মোৰ পৰিৱৰ্তে আপোনালোকে তাক পঢ়ুৱাওক, ছাৰ।মোৰ লগত সিও তামোল-পাণ বিক্ৰী কৰিবলৈ আহিব খুজিছিল। ময়ে তাক আহিবলৈ দিয়া নাই। তামোল-পাণ বিক্ৰী কৰিয়ে মই তাক পঢ়ুৱাম, ছাৰ। দয়া কৰক, ছাৰ। মোক ঘৰলৈ যাবলৈ দিয়ক। মই খাবলৈ বহিলে মাহঁতৰ লঘোণ দিয়া মুখবোৰ মোৰ চকুৰ আগত ভাহি উঠে। তেতিয়া মই কেনেকৈ খাও, ছাৰ। মোক ঘৰলৈ যাবলৈ দিয়ক।
বিবেক পাঠক ইকবালৰ দায়িত্ববোধ দেখি বাকৰুদ্ধ হৈ পৰিল। তেওঁৰ চকুৰপৰা লোতক বাগৰি পৰাৰ উপক্ৰম হ’ল। পকেটৰপৰা ৰুমাল উলিয়াই চকুপানী মচি তেওঁ ইকবালক সাৱটি ধৰি ক’লে- এই বয়সত ভগবানে যে তোমাক ইমানখিনি দায়িত্ববোধ দিছে তাৰ বাবে মই অভিভূত। তোমাৰ দুখত আমিও দুখী, ইকবাল। বাৰু ইকবাল কাইলৈ তুমি ঘৰলৈ গৈ তোমাৰ ভায়েৰকো ইয়ালৈ লৈ আহাগৈ। ইয়াত থাকি সিও পঢ়িব।
কিন্তু মা আৰু ভনী দুজনীৰ কি হ’ব, ছাৰ?
সেই ব্যৱস্থাও মই কৰিম। বিবেক পাঠকে সমিধান দিলে- তুমি দিনত তামোল-পাণ আগৰ দৰেই বিক্ৰী কৰিবা আৰু ৰাতি ইয়াত থাকি পঢ়িবা। তোমাৰ ভাইটি আৰু তোমাৰ খোৱা-বোৱাকে আদি কৰি সকলো খৰচ সেতুবন্ধন কেন্দ্ৰৰ পৰাই বহন কৰা হ’ব আৰু তুমি তামোল- পাণ বিক্ৰী কৰি পোৱা টকাৰে মাকহঁত চলিব। এতিয়া হ’বনে?
ইকবালে বিবেক পাঠকৰ ভৰি চুই সেৱা জনাই ক’লে- আপুনি মানুহ নহয়, ছাৰ–আপুনি দেৱতা!
বিবেক পাঠকে ইকবালৰ দুবাহুত ধৰি আলফুলে দাঙি ক’লে- দেৱতা মই নহওঁ, ইকবাল— দেৱতা তুমিহে। তোমাৰ দায়িত্ববোধে তোমক দেৱত্ব গুণ প্ৰদান কৰিছে। ইমানদিনে যি দেৱ শিশুৰ কথা শুনিছিলো, তুমিয়ে সেই দেৱশিশু। তোমাৰ দৰে দায়িত্বশীল মানুহ যেতিয়া প্ৰতিটো পৰিয়ালত জন্মগ্রহণ কৰিব তেতিয়া এই পৃথিবীখনেই সৰ্গ হ’ব।
(এদিনৰ সংবাদ- ৮ নৱেম্বৰ/২০০৯)
অনন্য অনুভূতি
আজিৰ দিনটো হামিদাৰ কাৰণে এটি বিশেষ দিন। ছমাহমান আগতে তাইৰ হৃদয়ত যি মাতৃত্বৰ পুলক জাগি উঠিছিল, সেয়া আজি পূৰ্ণৰূপত বিকশিত হোৱাৰ দিন।
হামিদাৰ গিৰিয়েক ৰফিক হাইস্কুলৰ শিক্ষক। তাই নিজেও প্রাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী। পৰিয়ালৰ সদস্য সংখ্যা সীমিত। শাহুৱেক, গিৰিয়েক আৰু তাইৰ সৈতে তিনিটা প্ৰাণীৰ সৰু সংসাৰ। টকা-পইচা, ঘৰ-দুৱাৰ, মাটি-সম্পত্তিকোনো বস্তুৰে অভাৱ নাই সংসাৰত। অভাৱ মাথোন এটি সন্তানৰ। সেই অভাবো আজি পূৰণ হ’ব। কেই ঘণ্টামান পাছতে ঘৰখনলৈ নতুন অতিথিৰ আগমন হ’ব, অনাবিল প্ৰেমেৰে ঘৰখন ভৰি পৰিব। তাইৰ শুকান মৰু সদৃশ হৃদয়ত প্ৰৱাহিত হ’ব অপত্য চেনেহৰ ফল্গুধাৰা।
কথাবোৰ ভাবোঁতেই হামিদাৰ হৃদয় পুলকিত হৈ উঠিল। পুলকিত নহ’বনো কিয়! কি কৰা নাছিল তাই এটি সন্তানৰ কাৰণে? বিয়াৰ পাছত দুটা বছৰ তাই নিশ্চিন্ত মনেৰেই কটাইছিল । বিয়াৰ তিনি বছৰ পাছতো সন্তানৰ মুখ দেখাৰ সৌভাগ্য নোহোৱাত ওচৰ-চুবুৰীয়া, বন্ধু- বান্ধৱীৰ নানানটা প্ৰশ্নৰ সন্মুখীন হ’ব লগা হৈছিল তাই। জন্ম নিয়ন্ত্ৰণৰ কাৰণে কিবা উপায় অৱলম্বন কৰিছে নেকি? মাহেকীয়া ঠিকমতে হয়, নে নহয় ? কিবা অসুখ-বিসুখ আছে নেকি? দুই-চাৰিজনে ৰফিকৰ ফালেও আঙুলি টোঁৱাইছিল। ৰফিকৰ কিবা দুর্বলতা আছে নেকি? দাম্পত্য জীৱনত সিহঁত সুখী হয়, নে নহয়? এইদৰে এশ এবুৰি প্রশ্ন। কিন্তু তাই সেইফালে বিশেষ গুৰুত্ব দিয়া নাছিল। বিয়া হৈছে যেতিয়া সন্তান এদিন নিশ্চয় হ’ব। বহুতৰেতো বিয়াৰ পাছত চাৰি-পাঁচ বছৰলৈ সন্তান নহয়। তাইৰ ক্ষেত্ৰতো সেয়াই হৈছে হয়তো! কিন্তু চাৰি বছৰ পাছতো যেতিয়া সন্তানৰ মুখ দেখাৰ সৌভাগ্য নহ’ল,তেতিয়া তাই নিজেও কিছু পৰিমাণে চিন্তিত হৈ পৰিল। তাইৰ সন্তান উৎপাদনৰ ক্ষমতা আছে, নে নাই এই বিষয়ে তাইৰ মনতো প্রশ্ন উদয় হ’বলৈ ধৰিলে। ফলত তাইৰ স্বভাৱৰো কিছু পৰিৱৰ্তন হ’ল। আজৰি পৰত মন মাৰি থকা হ’ল তাই। হাঁহি-তামচা ভাল নলগা হ’ল। স্বভাৱো কিছু পৰিমাণে খিংখিঙীয়া হৈ উঠিল। সাধাৰণ কথাতে খং উঠা হ’ল।
বিলম্বিত সন্তানে যে এই স্বভাৱ পৰিৱৰ্তনৰ কাৰণ এই কথা শাহুৱেকে কিছু পৰিমাণে উপলব্ধি কৰি পাৰিলে। বিয়াৰ চাৰি বছৰ পাছতো নাতি-নাতিনীৰ মুখ দেখাৰ সৌভাগ্য নোহোৱাত শাহুৱেক স্বাভাৱিকতে কিছু হতাশাত ভুগি আছিল । শিক্ষিতা বোৱাৰী কাৰণে মুখ খুলি একো ক’ব পৰা নাছিল। কিন্তু বোৱাৰীয়েকৰ স্বভাৱ পৰিৱৰ্তন হোৱালৈ লক্ষ্য কৰি এদিন তাই সুধিয়ে পেলালে- বোৱাৰী, আজি-কালিতো বহুতেই পিল-ছিল খায়, তুমিও খাই আছা নেকি? এই ধৰা, কিবা বোলে….
হামিদাই শাহুৱেকৰ ইংগিত বুজিব পাৰিলে যদিও অবাক হৈ ক’লে- পিল! নাই নাই, পিল-ছিল একো খোৱা নাই। কিয় বা সুধিলে?
শাহুৱেকে হামিদাৰ প্ৰশ্নৰ উত্তৰ নিদি সন্ধানী দৃষ্টিৰে হামিদাক পর্যবেক্ষণ কৰি নিজকে কোৱাদি ক’লে- তেনেহলে কিয় এনেকুৱা হৈছে?
হামিদাই কথাটোৰ অৰ্থ বুজিব পাৰিও নুবুজাৰ ভাও জুৰি ক’লে- কি হৈছে, আই?
শাহুৱেকে এইবাৰো হামিদাৰ প্ৰশ্নৰ উত্তৰ নিদি ক’লে- কাইলৈ শুক্ৰবাৰ। সন্ধিয়া মছজিদলৈ গৈ মমবাতি আৰু ধূপকাঠি জ্বলাই দি আহিবা।
মছজিদত মমবাতি জ্বলোৱাৰ কথা শুনি হামিদাই কথাটোৰ অৰ্থ বুজিব পাৰিছিল আৰু শাহুৱেকে কোৱামতেই মমবাতি আৰু ধূপকাঠি জ্বলাই সন্তান কামনা কৰি আহিছিল। কিন্তু তাতো একো ফল নধৰাত শাহুৱেকৰ পৰামৰ্শমতে তাই বেজ-কবিৰাজৰ শৰণাপন্ন হৈছিল।
ৰফিকে অৱশ্যে ডাক্তৰৰ ওচৰলৈ যোৱাৰ কথাহে ভাবিছিল। সেয়ে সি এদিন মাকৰ সিদ্ধান্তৰ প্ৰতিবাদ কৰি কৈছিল- বেজ-কবিৰাজে ইয়াৰ কি কৰিব? ডাক্তৰৰ ওচৰলৈ যোৱাটোহে যুক্তিসংগত হ’ব!
মাকে তেতিয়া কৈছিল- ডাক্তৰে ইয়াৰ কি চিকিৎসা কৰিব? এইবোৰ বেজ-কবিৰাজৰহে কাম ! কিমান বাঁজী তিৰোতাৰ সন্তান হ’ল বেজ-
কবিৰাজৰ চিকিৎসাত। এইবোৰ তিৰোতা মানুহৰ কথা কথা। তই এইবোৰ নুবুজিবি। এই বিষয়ে তই মাত মাতিব নালাগে, যি কৰিব লাগে ময়ে কৰিম।
ৰফিক শান্তিপ্রিয় মানুহ। মাকে বেয়া পাব বুলি সি মনে মনে থাকিল। হামিদ্ৰো ডাক্তৰৰ ওচৰলৈ যোৱাৰ ইচ্ছা আছিল; কিন্তু শাহুৱেকে বেয়া পাব বুলি তায়ো মনে মনে থাকিল। অর্থাৎ শাহুৱেকৰ সিদ্ধান্ত মানি ল’লে।
পানীকটা, মাদুলি, নানা বনৌষধি, সিদ্ধ খোৱাকে আদি কৰি চিকিৎসাৰ নামত আৰম্ভ হৈছিল নানা আতিশয্য। এমাহ তাই মাটিতো বিছনা পাৰি শুইছিল বেজৰ পৰামৰ্শৰ্মতে। এনেকৈ বেজ-কবিৰাজৰ চিকিৎসাৰ ওপৰত ভৰসা কৰি পাৰ হৈছিল এটা বছৰ। কিন্তু সন্তানৰ মুখ দেখাৰ সৌভাগ্য হোৱা নাছিল তাইৰ। শেষত ৰফিকে এদিন তাইক ডাক্তৰৰ ওচৰলৈ লৈ গৈছিল। ডাক্তৰে পৰীক্ষা-নিৰীক্ষা কৰি বিধে বিধে ঔষধ- পথ্য খাবলৈ দিছিল। কিন্তু ডাক্তৰৰ ঔষধেও কাম নিদিলে। নিঃসন্তান হৈয়ে থাকিল তাই। শেষত শাহুৱেকে ৰফিক দ্বিতীয় বিবাহ কৰোৱাৰ কাৰণে পৰামৰ্শ দিলে; কিন্তু ৰফিকে সেই পৰামৰ্শ গ্ৰহণ নকৰিলে।
হামিদাই নিজেই এদিন ৰফিকক ক’লে- চিকিৎসা-পাতি ভালেখিনি লোৱা হ’ল। তথাপি একো ফল নধৰিলে। গতিকে আপুনি আয়ে কোৱামতে দ্বিতীয় বিবাহ কৰাওঁক। এই ক্ষেত্ৰত মোৰ ফালৰপৰা কোনো আপত্তি নাই।
ৰফিকে আপত্তি জনাই ক’লে- নাই নাই। এয়া কেনেকৈ অসম্ভৱ হ’ব? মই নোৱাৰিম।
: তেনেহ’লে বংশ ৰক্ষা হ’ব কেনেকৈ?
দ্বিতীয় বিবাহ কৰালেই যে বংশ ৰক্ষা হ’ব তাৰ কি নিশ্চয়তা আছে? ডাক্তৰে দেখোন তোমাৰ গাত কোনো দোষ নাই বুলি স্পষ্টভাবে জনাই দিছে। মোৰ গাতে যদি কিবা দোষ আছে!
কথাটো অৱশ্যে হামিদাইও নভবা নহয়। কিন্তু তাই মুখ খুলি কথাটো ক’বলৈহে ভৰসা পোৱা নাছিল। তাইৰ গাত যে কোনো দোষ নাই এই বিষয়ে ডাক্তৰ নিশ্চিত। গতিকে ৰফিকৰ গাত দোষ থকাটো একো আচৰিত কথা নহয়। কিন্তু বেয়া পাব বুলিহে তাই কথাটো ৰফিকক কোৱাটো নাই। সেয়ে ৰফিকে প্ৰসংগটো উত্থাপন কৰাত তাই ভসা পাই ক’লে-বাৰু, আপুনি ডাক্তৰৰ ওচৰলৈ গৈ কথাটো আগতে নিশ্চিত হৈ লওঁক৷ আপোনাৰ গাত যদি দোষ নাথাকে, তেনেহ’লে দ্বিতীয় বিবাহ কৰোৱাৰ ক্ষেত্ৰত আপুনি আপত্তি কৰিব নালাগে।
পাছদিনাই ৰফিক ডাক্তৰৰ ওচৰলৈ গৈছিল আৰু ডাক্তৰে পৰীক্ষা-নিৰীক্ষা কৰি তেওঁৰ সন্তান উৎপাদনৰ ক্ষমতা নাই বুলি সমিধান দিছিল।
ৰফিক ঘৰলৈ আহি কথাটো জনোৱাত শাহুৱেকে কথাটো বিশ্বাস কৰিবলৈকে টান পালে। তাই এই বিষয়ে হামিদাকে জগৰীয়া কৰি ক’লে- নাই নাই, কথাটো মোৰ মুঠেই বিশ্বাস হোৱা নাই। ৰফিকৰ গাত কোনো দোষ নাই। দোষ আচলতে বোৱাৰীৰ গাতে আছে।
তেতিয়া ৰফিকে মাকৰ অভিযোগ খণ্ডন কৰি কৈছিল- মিছাতে তুমি হামিদাক জগৰীয়া কৰিছা, আই। ডাক্তৰে হামিদাৰ গাত কোনো দোষে পোৱা নাই, দোষ পাইছে মোৰ গাতহে। সুস্থ মানুহ এজনক ডাক্তৰে অসুস্থ বুলি সমিধান দিব নেকি? আচলতে তোমালোক মাকহঁতৰ স্বভাৱেই এনেকুৱা। পুতেকৰ গাত কোনো ধৰণৰ দোষেই নেদেখা তোমালোক মাকহঁতে। বিয়াৰ তিনি-চাৰি বছৰ পাছত সন্তান জন্ম দিব নোৱাৰিলেই সকলো দোষ বোৱাৰীয়েকহঁতৰ ওপৰত জাপিবলৈ চেষ্টা কৰা তোমালোক মাকহঁতে।
ৰফিকৰ মন্তব্যত হতাশ হৈ মাকে আত্মসমর্পণৰ ভংগীত কৈছিল- বাৰু, তোৰ কথাই মানিলো। কিন্তু ডাক্তৰৰ ভুলতো হ’ব পাৰে! তই বেলেগ এজন ডাক্তৰৰ ওচৰলৈ যা। পাৰিলে কাইলৈয়ে যাবি।
ডাক্তৰক দেখুৱাই কোনো লাভ নাই বুলি জানিও মাকক সন্তুষ্ট কৰিবলৈ ৰফিক পাছদিনাই বেলেগ এজন ডাক্তৰৰ ওচৰলৈ গৈছিল। হামিদাও গৈছিল তেওঁৰ লগত। ডাক্তৰক দেখুৱাই সিহঁত ৰিপ’ৰ্টৰ কাৰণে ওৱেটিং ৰোমত অপেক্ষা কৰি আছিল। তাতেই আচমা নামৰ এজনী মহিলাৰ লগত হামিদাৰ পৰিচয় হৈছিল।
আচমাহঁতৰ ঘৰ চহৰৰ উপকণ্ঠৰ এখন গাঁৱত। আচমাৰ গিৰিয়েক ভেঞ্চাৰ হাইস্কুল এখনৰ শিক্ষক। আচমাও শিক্ষিতা। বি, এ পাছ। মাটি- সম্পত্তি বিশেষ নাই। স্বামী-স্ত্রী উভয়ে টিউচনী কৰে। টিউচনীৰ টকাৰে সিহঁতৰ সংসাৰ চলে। ইতিমধ্যেই সিহঁতৰ তিনিজনী ছোৱালী আছে। এটা ল’ৰাৰ আশাত পৰিয়ালৰ সদস্য সংখ্যা ক্রমান্বয়ে বাঢ়ি গৈ আছে। আচমা পুনৰ গা-ভাৰী হৈছে। চতুৰ্থ সন্তানো যদি ছোৱালী হয়, এই ভয়তে কালি আচমাই গৰ্ভস্থ সন্তানৰ লিংগ পৰীক্ষা কৰিবলৈ ডাক্তৰৰ ওচৰলৈ আহিছিল। সিদিনা আহিছিল ৰিপ’ৰ্টৰ কাৰণে। গৰ্ভস্থ সন্তানৰ লিংগ কন্যাসন্তান ধৰা পৰিলে গর্ভপাত কৰোৱাব। এনেকুৱাই সিদ্ধান্ত লৈ থৈছে সিহঁতে।
আচমাৰ কথা শুনি হামিদাৰ মনত এটা বুদ্ধি খেলালে। আচমাৰ গৰ্ভস্থ সন্তানৰ লিংগ পৰীক্ষা কৰি কন্যাসন্তান ধৰা পৰিলে তাইক গর্ভপাত কৰোৱাৰপৰা বিৰত কৰি তাইৰ সন্তানটো তোলনীয়া লোৱাৰ কথা ভাবিলে হামিদাই।
বহা আসনৰ অপর্যাপ্ততাৰ কাৰণে ৰফিক বাহিৰত থিয় দি আছিল। হামিদা বাহিৰলৈ ওলাই আহি ৰফিকক লগ ধৰি আচমাৰ বিষয়ে ভাঙি-পাতি কৈ নিজৰ ইচ্ছাৰ কথা জনালে।
সিহঁতৰ সন্তান নহয় বুলি ৰফিক দৃঢ় নিশ্চিত আছিল। সেয়ে তেওঁ নিজেও তোলনীয়া সন্তান লোৱাৰ কথা ভাবি আছিল। কিন্তু কন্যাসন্তানৰ
কথা শুনি তেওঁ কিছু পৰিমাণে হতাশ হ’ল। ক’লে তেওঁ- ল’ৰা হ’লে ভাল আছিল নেকি?
হামিদাই ক’লে- আজিৰ যুগতো ল’ৰা-ছোৱালীৰ মাজত পাৰ্থক্য কৰিব খোজে নেকি আপুনি? ল’ৰা বা ছোৱালী কিবা এটা হ’লেই হল। মোৰ মতে ছোৱালীয়ে ভাল হব। ল’ৰাবোৰৰ কাণ্ড-কাৰখানা দেখি মোৰ ল’ৰা সন্তানৰ প্ৰতি মোহ ভংগ হৈছে।
তথাপি সিহঁতৰতো মতামতৰ প্ৰয়োজন আছে। ৰফিকে সন্দেহ প্ৰকাশ কৰি ক’লে- সিহঁত সন্মত হ’ব জানো?
আপুনি অনুমতি দিলে কথা পাতি চাব পাৰোঁ। মোৰ ধাৰণা, সিহঁতক নিশ্চয় সন্মত কৰাব পাৰিম। দুয়ো শিক্ষিত। গতিকে আমাৰ সমস্যাৰ কথা সিহঁতে নিশ্চয় উপলব্ধি কৰিব পাৰিব।
বাৰু, আগতে কথা পাতি চোৱাচোন, কি হয! তদুপৰি কন্যাসন্তান হ’লেহে গৰ্ভপাত কৰোৱাব।! ল’ৰাসন্তান হ’লেতো নকৰায় !
এইদৰে আলোচনা কৰি সিহঁত আচমাৰ ওচৰলৈ আহিল। ইতিমধ্যে আচমাৰ ৰিপ’ৰ্ট আহি গৈছিল। ৰিপ’ৰ্ট অনুসৰি গৰ্ভস্থ সন্তানটো কন্যাসন্তানেই আছিল। হামিদাই আচমাৰ আগত সিহঁতৰ সমস্যাৰ কথা ভাঙি-পাতি কৈ কন্যাসন্তান তোলনীয়া লোৱাৰ বাবে প্ৰস্তাৱ আগবঢ়ালে।
আচমাই কথাটোত বিশেষ আপত্তিৰ কাৰণ নেদেখি ক’লে- বাৰু, আপোনালোকৰ নাম-ঠিকনা দি যাওঁক। মই কথাটো ঘৰত আলোচনা কৰি আপোনালোকৰ ঘৰলৈ গৈ আমাৰ সিদ্ধান্তৰ কথা আপোনালোকক জনামহি।
আচমাৰ কথামতেই হামিদাই নাম-ঠিকনা দি আহিছিল আৰু দুদিন পাছত আচমা গিৰেয়েকৰ সৈতে হামিদাহঁতৰ ঘৰলৈ আহি হামিদাৰ প্ৰস্তাৱত সন্মতি জনাইছিল। সন্তান ভূমিষ্ঠ নোহোৱালৈকে আচমাৰ সকলো খৰচ বহন কৰাৰ দায়িত্বও লৈছিল হামিদাহঁতে।
এয়া আছিল ছমাহ আগৰ কথা।
তিনিদিন আগত আচমাই নাৰ্চিহোমত এটি কন্যাসন্তান জন্ম দিছে। কালি ৰফিক আৰু হামিদা গৈ সন্তানটো চাই আহিছে। সন্তানটো সুস্থ অৱস্থাতে আছে। আজি সন্তানটো ঘৰলৈ অনাৰ কথা। সিদ্ধান্তমৰ্মে আজি উভয় দম্পতিৰ মাজত নাচি’হোমতে এখন চুক্তি স্বাক্ষৰিত হ’ব। হামিদা পোনে পোনে নাৰ্ছিংহোমলৈ যাব আৰু ৰফিকে উকিল এজন লগত লৈ দহ বজাত যাব।
হামিদাই ৰফিক উকিলৰ তালৈ পঠাই তাই নিৰ্ধাৰিত সময়তকৈ বহু আগতেই নাৰ্চিহোমলৈ আহিল।
আচমাই নৱজাত শিশুটোক পিয়াহ খোৱাই আছিল। হামিদাক দেখি আচমাই ক’লে- আপুনি অকলেই আহিছে নেকি। ভাইজানক দেখোন দেখা নাই।
তেওঁ মোৰ লগত অহা নাই। হামিদাই ক’লে- তেওঁ উকিলৰ তালৈ গৈছে। উকিল লৈ দহ বজাতে পোনে পোনে ইয়ালৈ আহিব।
ভাইজানৰ লগত মোবাইল আছে নেকি? আচমাই সুধিলে।
আছে।- হামিদাই ক’লে- কিয়নো সুধিলে? কিবা কথা আছে নেকি?
আচলতে বাইদেউ!- হামিদাই সেমেনা-সেমেনি কৰি ক’লে- ভাইজানক উকিল লৈ আহিবলৈ মানা কৰক। ক্ষমা কৰিব, বাইদেউ। মই সন্তানটোক তোলনীয়া দিব নোৱাৰিম। যিমানইে কষ্ট নহওঁক কিয়, সন্তানটোক মই নিজেই লালন-পালন কৰিম। কথা ৰাখিব নোৱাৰাৰ বাবে মোক ক্ষমা কৰিব। মোৰ কাৰণে খৰচ কৰা সমুদায় টকা মই ঘূৰাই দিম। মানসিক আঘাত দিয়াৰ কাৰণে মই আপোনাৰ ওচৰত ক্ষমা ভিক্ষা মাগিছো। এইদৰে কৈ আচমাৰ হাতত ধৰি ক’লে- মোক ক্ষমা কৰক, বাইদেউ। কথা ৰাখিব নোৱাৰাৰ কাৰণে মোক বেয়া নাপাব।
আচমাৰ সিদ্ধান্তৰ কথা শুনি হামিদা মর্মাহত হ’ল। তাইৰ হৃদয়ত যি মাতৃত্বৰ পুলক জাগি উঠিছিল, সেয়া খৰালিৰ নৈৰ দৰে স্তিমিত হৈ পৰিল। ইয়াৰ মাজতে এষাৰ কথা ভাবি তাই আনন্দিতও হ’ল। এটি শিশুক যে তাই অকাল মৃত্যুৰ পৰা বচাব পাৰিলে, এয়া জানো তাইৰ কাৰণে কম আনন্দৰ কথা!
নৱজাত শিশুটিক হামিদাই কোলাত লৈ চুমা খাই ক’লে- নাই নাই, বেয়া নাপাওঁ। আপোনাৰ হৃদয়ত যে মই মাতৃস্নেহ জগাই তুলিব পাৰিছো, তাৰ বাবে মই নিজক ধন্য মানিছো। এইদৰে কৈ হামিদাই কেঁচুৱাটোৰ কাৰণে অনা কপোৰ-কানি বিছনাৰ ওপৰত থৈ ক’লে- কেঁচুৱাটোৰ কাৰণে আনিছিলোঁ। আপুনি এইবোৰ লৈ যাব। সন্তানটোৰ বাবদ আপোনাৰ কাৰণে খৰচ কৰা টকাও আপুনি ঘূৰাই দিব নালাগে। ইয়াৰ উপৰিও কেঁচুৱাটোৰ কাৰণে কিবা প্ৰয়োজন হ’লে মোক জনাবলৈ লাজ নকৰিব।
নকৰোঁ, বাইদেউ। আচমাই অকপটভাবে কৃতজ্ঞতা স্বীকাৰ কৰি ক’লে- মই সন্তানটোৰ জন্মদাত্রী ঠিকেই, কিন্তু আপুনিয়েতো ইয়াৰ প্ৰকৃত মাতৃ।
হামিদাই কেঁচুৱাটোক বুকুৰ মাজত আলফুলে হেঁচি ধৰি চকু মুদিলে। অপত্য স্নেহৰ লগতে দুখ-বেজাৰ, আনন্দৰ এক অনন্য অনুভূতিয়ে তাইৰ হৃদয় আলোড়িত কৰি তুলিলে। সমাপ্ত
(এদিনৰ সংবাদ-৩ জুলাই/২০১১)
