
চৰিত্ৰ সূচী
ওছমান- ছাত্ৰৰ অভিভাৱক
আমিনা-সাফিউৰৰ মাক
সাফিউৰ– ক্লাছ টেনৰ ছাত্ৰ
প্ৰিন্সিপাল–
ছফিকূল- হোস্টেলৰ ওয়াৰ্ডেন
পুলিচ এছ, আই
পুলিচ
প্ৰথম দৃশ্যসময় সন্ধিয়া-
আগে আগে সাফিউৰ আৰু পিছে পিছে আমিনাৰ প্ৰৱেশ-
আমিনা- আৰে আৰে, মোবাইল লৈ নাযাবি। মোবাইলটো দি যা। অফিচৰ পৰা সদায় ইটো সিটো মেছেজ আহি থাকে। সময় মতে মেছেজৰ উত্তৰ দিব নোৱাৰিলে মোৰ চাকৰি লৈ টনাটনি লাগি যাব।
সাফিউৰ- মই সেইবোৰ নাজানো। তোমাৰ চাকৰি থাকিলে থাকিব, নাথাকিলে নাই। যি চাকৰি কৰি সন্তানক এটা মোবাইল কিনি দিব নোৱাৰা, সেই চাকৰি থকাতকৈ নথকাই ভাল।
আমিনা-তাৰমানে, তই কি কব খুজিছ?
সাফিউৰ- ক’ব খুজিছোঁ, অঙ্গনৱাদী কৰ্মীক আকৌ কোনোবাই চাকৰি কয় নেকি! কণ কণ শিশুৰ লগত দৌৰ জাঁপ কৰা পাঁচ ছহাজাৰ টকা দৰমহাৰ চাকৰি! বাৰু, তুমি যি কৰা কৰি থাকা, সেইলৈ মোৰ কোনো আপত্তি নাই। যিয়ে নুকোৱা কিয়, মোক কিন্তু মোবাইল লাগিবই। মোবাইল নিদিলে মই কেৰালালৈ গুচি যাম।
আমিনা- কেৰালালৈ যাবি মানে! তালৈ গৈ কি কৰিবি?
সাফিউৰ– হাজিৰা কৰিম।
আমিনা- তোৰ লিখাপঢ়া!
সাফিউৰ- নকৰোঁ।
আমিনা- লিখা-পঢ়া নকৰ মানে?
সাফিউৰ- নকৰোঁ মানে নকৰোঁ।
আমিনা- লিখা-পঢ়া এৰি কেৰালালৈ গৈ কি কৰিবি?
সাফিউৰ- হাজিৰা কৰিম। লিখা-পঢ়া কৰি কি হ’ব। দেউতাই বিএ পাছ কৰি টিউচনী কৰে। তুমি বি, এ পাছ কৰি পাঁচ হেজাৰ টকীয়া অঙ্গনৱাদী কৰ্মী। ময়ো বি,এ বা এম,এ পাছ কৰাৰ পাছত কেৰালালৈ গৈ হাজিৰাই কৰি খাব লাগিব। গতিকে লিখা-পঢ়া কৰি কি লাভ!
আমিনা- লাভ-লোকচানৰ কথা পাছত। তই লিখা-পঢ়া নকৰিলে কাৰো একো লোকচান নহ’ব! লোকচান হ’ব তোৰ নিজৰে। এতিয়া অৱশ্যে তই সেইবোৰ নুবুজিবি। যেতিয়া বুজিব পাৰিবি, তেতিয়া বুজিও একো লাভ নহব। মাথোন আফচোচহে কৰিব পাৰিবি।
সাফিউৰ– মই সেইবোৰ নাজানো। মোৰ খাটাং কথা মোবাইল দিলে দিবা, নহলে মই কাইলৈয়ে কেৰালালৈ গুচি যাম।
ওছমানৰ প্ৰৱেশ
ওছমান- মাক-পুতেকে কি লৈ তৰ্কাতৰ্কি কৰি আছা!
আমিনা- কি লৈ আৰু তৰ্ক কৰিম। মোবাইল নাপালে বোলে আপোনাৰ গুণধৰ ল’ৰাই লিখা-পঢ়া নকৰে। কেৰেলালৈ গৈ হাজিৰা কৰিব।
ওছমান- হয় নেকি? মেট্ৰিক পাছ কৰাৰ পাছত মোবাইল দিম বুলি সিদিনা ক’লো দেখোন।
সাফিউৰ- নাই নাই. মেট্ৰিক পাছ কৰাৰ পাছত নহয়, মোৰ এতিয়াই মোবাইল লাগিব। আমাৰ লগৰ আটাইৰে মোবাইল আছে, একমাত্ৰ মোৰহে মোবাইল নাই।
ওছমান- মেট্ৰিকৰ বছৰ! মোবাইল পালে মোবাইলে চলাবি নে, স্কুলৰ পঢ়াই পঢ়িবি। আগতে মেট্ৰিকটো পাছ কৰ। মেট্ৰিক পাছ মোবাইল নিশ্চয় পাবি। তোক মই কথা দিলোঁ। এতিয়া বলিয়ালিখন নকৰিবি। ৰাতি ন বাজিছে। এতিয়া ভাত-পানী খাই শুই থাকগৈ যা।
সাফিউৰ- আজি ঘৰত নাথাকো। এতিয়াই মই হোস্টেললৈ যাম।
আমিনা- এই ৰাতিখন অকলে হোস্টেলত যাব নালাগে। আজি ৰাতিটো ঘৰতে শুই থাক। ৰাতিপুৱা গুচি যাবিহি।
সাফিউৰ- নাই নাই, ৰাতিয়ে হোস্টেলত যাম বুলি মই ওয়াৰ্ডেনক কথা দি আহিছোঁ। টকা দিয়া।
ওছমান- টকা! তিনদিন আগতেই দেখোন তোক পাঁচশ টকা দিলো। আজি আৰু কিহৰ টকা লাগে তোক?
সাফিউৰ- পায়জামা পাঞ্জাবি বনাম। আটায়ে বনাইছে।
ওছমান-পায়জামা পাঞ্জাবী! পায়জামা পাঞ্জ়াবী দি কি কৰিবি?
সাফিউৰ- শুক্ৰবাৰ দিনা মছজিদত যোৱাৰ কাৰণে। আটায়ে বনাইছে। একমাত্ৰ মইহে বনোৱা নাই এতিয়ালৈকে।
ওছমান- হয় নেকি? মছজিদত যোৱাটোতো ভাল কথা। নামাজ পঢ়িলে মনটো উৎফুল্ল হয়। কিন্তু মোৰ হাতত যে আজি এটকাও নাই। টকা যোগাৰ কৰি অহাকালিয়ে তোক মই হোস্টেলত গৈ দি আহিমহি।
সাফিউৰ- নাই নাই, কাইলৈ নহয়, মোক আজিয়ে টকা লাগিব। পৰহি দিনা শুক্ৰবাৰ। আজি পায়জামা পাঞ্জাবী বনাবলৈ নিদিলে শুক্ৰবাৰ দিনা মছজিদত যাব নোৱাৰিম। মোৰ কাৰণে ৰূমমেট এজন বজাৰত ৰৈ আছেহি। তাক লগধৰি পায়জামা পাঞ্জাবি বনাবলৈ দিহে মই হোস্টেললৈ যাম।
ওছমান- বৰ চিন্তাত পেলালা দেখোন তুমি! (আমিনাক উদ্দেশ্য কৰি) তোমাৰ ওচৰত আছে নেকি? থাকিলে দি দিয়া, কাইলৈ মই তোমাক দি দিম।
আমিনা- কাইলৈয়ে দিব লাগিব কিন্তু। লৰা-ছোৱালীক কাইলৈ কণী খোৱাব লাগিব। কণী কিনাৰ কাৰণে মাথোন পাঁচশ টকাই আছে মোৰ হাতত।(সাফিউৰক উদ্দেশ্য কৰি) বল, ভাতপানী খাই যাবিহি। –(আমিনাৰ প্ৰস্থান)
সাফিউৰ- দেউতা,মোবাইলৰ কথা কিন্তু পাহৰি নাযাবা। মেট্ৰিক পৰীক্ষাৰ আগতেই মোক মোবাইল লাগিব। (প্ৰস্থান)
ওছমান- কিযে কৰোঁ লৰাটোক লৈ। একমাত্ৰ লৰা, সেইকাৰণে সিমান শাসনো কৰিব নোৱাৰো।ইফালে শাসন নকৰিলেও ন’হব। বহুদিনৰ পৰা মোবাইলৰ কাৰণে আকোৰগোঁজকৈ লাগি আছে। মোবাইল নিদিলেও বিপদ আৰু ইফালে দিলেও বিপদ। তাৰ টকাৰ চাহিদাও দিনে দিনে বাঢ়ি গৈ আছে। এদিন সময় উলিয়াই স্কুলত গৈ তাৰ খবৰ কৰিব লাগিব। টকা দি সি কি কৰে সেয়া জনাটো প্ৰয়োজন– প্ৰস্থান
দ্বিতীয় দৃশ্য
(স্কুল। প্ৰিন্সিপাল অকলেই বহি থাকিব কমন ৰূমত)
ওছমানৰ প্ৰৱেশ
ওছমান- নমস্কাৰ, ছাৰ।
প্ৰিন্সিপাল – নমস্কাৰ, নমস্কাৰ। আহক, বহক। পিছে কি মনত কৰিনো? বহুদিনৰ মূৰত আহিল দেখোন।
ওছমান–টিউচনী কৰোঁ। সেয়ে সময়ে উলিয়াব নোৱাৰোঁ।
প্ৰিন্সিপাল – আমাৰ স্কুলখনতে কাম কৰিবলৈ ক’লো, কিন্তু আপুনি নকৰিলে। স্কুলত কাম কৰিলে টিউচনো বেছিকৈ পালেহেঁতেন।
ওছমান- এনেয়েও টিউচনৰ অভাৱ নহয়। খেতিৰ মাটি অলপ আছে। তাতে ইৰকে আদি কৰি শাক-পাচলিৰ খেতি কৰোঁ। স্কুলত জইন কৰিলে সেয়া কৰা সম্ভৱ নহ’ব কাৰণে স্কুলত জইন নকৰিলোঁ।
প্ৰিন্সিপাল – পিছে, আজি কি মনত কৰিনো?
ওছমান- ল’ৰাটোৰ খবৰ ল’বলৈ আহিলো। ল’ৰাটো বহুতদিন ঘৰত যোৱা নাই।
প্ৰিন্সিপাল – শুনি আছোঁ, সাফিউৰে হেনো খুব ক্লাছ ক্ষতি কৰি আছে। নানানটা অজুহাতত। এই ধৰক, এদিন কয় মূৰৰ বিষ, এদিন আকৌ কয়, পেটৰ অসুখ। এইদৰে নানানটা অজুহাত দি সি হেনো হোস্টেলতে শুই থাকে। তাৰ পেটৰ বেমাৰৰ কথা শুনি এদিন মই হোস্টেলত গৈ তাক লগ কৰিলোঁ। দেখিলোঁ, সি বিছনাত শুই আছে। ডাক্তৰ মাতাৰ কথা কোৱাত সি ক’লে বোলে তাৰ অসুখ কমিছে। ডাক্তৰ মাতাৰ প্ৰয়োজন নহ’ব।
ওছমান-এই বিষয়ে দেখোন সি আমাক একোৱে জনোৱা নাই! কিমান দিনৰ পৰা তাৰ এই অসুখ চলি আছে, ছাৰ?
প্ৰিন্সিপাল – এই ধৰক, প্ৰায় এমাহৰ পৰা।
ওছমান- আমাক দেখোন সি অসুখৰ বিষযে একো জনোৱা নাই।
প্ৰিন্সিপাল – হয় নেকি? আপোনালোক ব্যতিব্যস্ত হ’ব বুলি জনোৱা নাই কিজানি।
ওচমান- কথা অৱশ্যে সেয়া নহয়, আচলতে সি এইবাৰ ঘৰৰ পৰা খং কৰি আহিছে।
প্ৰিন্সিপাল – খং কৰি আহিছে মানে! কি লৈ খং কৰি আহিছে?
ওছমান- তাৰ মোবাইল লাগে। মোবাইল কিনি নিদিয়াৰ কাৰণেই সি এমাহ আগতে খং কৰি গুচি আহিছে। মোবাইল কিনি নিদিলে সি ঘৰত নাযায় বুলিও তাৰ মাৰাৰ আগত কৈ আহিছে।
প্ৰিন্সিপাল – অ’ হয় নেকি? তেনেহ’লে তাৰ মূৰৰ বিষ, পেটৰ অসুখৰ কাৰণ মোবাইল! কিন্তু সি মোবাইল দি কি কৰিব? হোস্টেলত দেখোন মোবাইল Allow নাই। মোবাইল কিনি দিলেও দেখোন সি হোস্টেলত মোবাইল ব্যৱহাৰ নোৱাৰিব।
ওছমান- সি কোৱামতে, বহুতে বোলে হোস্টেলত মোবাইল ব্যৱহাৰ কৰে।
প্ৰিন্সিপাল – হোস্টেলত মোবাইল ব্যৱহাৰ কৰে মানে? কোনে ক’লে আপোনাক এই কথা?
ওছমান- সাফিউৰেই নিজেই কৈছে।
প্ৰিন্সিপাল – হয় নেকি? ওয়াৰ্ডেনে দেখোন মোক এই বিষয়ে একো জনোৱা নাই। আচৰিত কথা, আমাৰ হোস্টেলৰ নিয়ম ভংগ কৰি ছাত্ৰই মোবাইল ব্যৱহাৰ কৰি আছে। অথচ মই এই বিষয়ে একোকে গম নাপাওঁ।(প্ৰিন্সিপাল ফালে আগুৱাই গৈ) হাছমত, হেৰা হাছমত, ওযাৰ্ডেনক আহিবলৈ দিয়াচোন। এতিয়াই আহিবলৈ ক’বা। (ওছমানক উদ্দেশ্যে কৰি) আপুনিঅলপ বহক, ওয়াৰ্ডেন আহিলেই সকলো পৰিস্কাৰ হৈ যাব। মোবাইলে আমাৰ সমাজথন ধ্বংস কৰিহে এৰিব। বহুত ল’ৰা-ছোৱালীয়ে বোলে মোবাইল নহ’লে ভাতে নাখায় আজি-কালি। কি যে হ’ব? ল’ৰা-ছোৱালীৰ কাৰণে এতিয়া মাক-বাপেকেই মোবাইল ব্যৱহাৰ কৰা বাদ দিব লাগিব। সাৱধান, যিমানে আকোঁৰগোজ নহওঁক কিয়, ল’ৰা-ছোৱালীক কিন্তু মোবাইল কিনি নিদিব।
ওয়াৰ্ডেন ছফিকুলৰ প্ৰৱেশ
ছফিকূল- মোক নেকি মাতিছে, ছাৰ!
প্ৰিন্সিপাল – হয় মাতিছোঁ। আপুনি হোস্টেলৰ খবৰ ৰাখে, নে নাৰাখে!
ছফিকূল- কিয়, কি হল, ছাৰ?
প্ৰিন্সিপাল – কি হোৱা নাই তাকে কওঁক। ছাত্ৰই হোস্টেলত বোলে মোবাইল ব্যৱহাৰ কৰে?
ছফিকূল- তেনেকৈ শুনি আছোঁ, ছাৰ। হাতে-লোটে ধৰাৰ কাৰণে চেষ্টাও কৰি আছোঁ। কিন্তু এতিয়ালৈকে ধৰিব পৰা নাই। দুপৰ নিশা কম্বলৰ তলত নি হেডফোন লগাই মোবাইল চায় হেনো।
প্ৰিন্সিপাল – কিমান দিনৰ পৰা এনেকুৱা হৈ আছে?
ছফিকূল- বেছিদিন হোৱা নাই। মই এমাহমান আগতে কথাটো জানিব পাৰিছোঁ। তেতিয়াৰ পৰাই মই হাতেলোটে ধৰাৰ কৰাণে চেষ্টা কৰি আছো। কিন্তু সফল হোৱা নাই।
ওছমান- সাফিউৰৰ বিষযে আপুনি কিবা জানে নেকি? সি লিখা-পঢ়া কৰে, নে বন্ধুসকলৰ লগত আড্ডা মাৰি থাকে?
ছফিকূল- আগতে অৱশ্যে ঠিকেই আছিল। কিন্তু আজি-কালি তাৰ মতিগতি সিমান ভাল দেখা নাই। আগতে সি খুবেই তজবজীয়া আছিল। সদায় কিতাপ লৈয়ে বহি থকা দেখিছিলো।কিন্তু আজি-কালি সি মন মাৰি বহি থকা হৈছে। কিতাপৰ লগত তাৰ সম্পৰ্ক কমি যোৱা যেন অনুমান হৈছে।
ওছমান- তাৰ প্ৰতি অলপ বিশেষভাবে চকু ৰাখিব।
প্ৰিন্সিপাল – সিদিনা মই হোস্টেলৰ পিছফালে গৈছিলোঁ। তাত সেই শিখৰ নে চিখৰ তাৰ লেবেল আৰু পিক পৰি থকা দেখিলোঁ।
ছফিকূল- সাফিউৰেও হয়তো শিখৰ খায়। তাৰ দাঁতকেইটা চাই মোৰ তেনেকৈয়ে অনুমান হৈছে।
ওছমান- আজিকালি তাৰ টকাৰ চাহিদাও আগতকৈ বহুত বাঢ়িছে। আগতে হাত খৰচৰ কাৰণে মাহেকত পঞ্চাছ টকামান দিলেই হৈছিল। আজি-কালি মাহেকত পাঁচশ টকাকৈ দিব লগা হৈছে।
প্ৰিন্সিপাল – পাঁচশ টকা! হোস্টেলত থাকি পাঁচশ টকা সি ক’ত খৰচ কৰিব। ৰাতিপুৱাৰ জলপানৰ পৰা আৰম্ভ কৰি সকলো খৰচ হোস্টেলৰ পৰাই যোগান ধৰা হয়। আপুনি ভুল কৰিছে। ইমান টকা দিব নালাগিছিল। অধিক টকা পালেও ল’ৰা-ছোৱালী বিপদগামী হয়। লৰা’-ছোৱালীক কেতিয়াও প্ৰয়োজনতকৈ বেছি টকা দিব নালাগে। বেছি টকা হ’লে, বন্ধু বাঢ়ে। সেই বন্ধুৰ মাজত কিছু অসৎ চৰিত্ৰৰ বন্ধুও থাকে। অসৎ চৰিত্ৰৰ বন্ধুৰ পাল্লাত পৰিলে ল’ৰা-ছোৱালী বিপদগামী হবলৈ সময় নালাগে।
ওছমান- বহী, কিতাপ কিনাৰ কথা ক’লে কেনেকৈ টকা নিদিয়াকৈ থাকো কওঁকচোন।
প্ৰিন্সিপাল – বহী, কাগজ কিনাৰ কাৰণে অৱশ্যে টকা লাগে। কিন্তু ইমান টকাতো লগাৰ কথা নহয়। সেই কাৰণে বহী কিতাপ অভিভাবকে নিজে কিনি দিয়া উচিত।(ছফিকূলক উদ্দেশ্য কৰি) এতিয়াৰ পৰা আপুনি হোস্টেলত কোনে কি কৰিছে সকলো খবৰ ৰাখিব। কোনে কোনে শিখৰ খায় তাৰ এটা লিষ্ট বনাই মোক দিব। (ওছমানক উদ্দেশ্য কৰি) বাৰু, আপুনি যাওঁকগৈ, এতিয়াৰ পৰা মই নিজে চকু ৰাখিম সাফিউৰৰ ওপৰত।
ওছমান- সাফিউৰ আমাৰ একমাত্ৰ ল’ৰা। সেয়ে আমি নিজে নাখাই তাৰ সকলো চাহিদা পূৰণ কৰাৰ কাৰণে চেষ্টা কৰি আছো। সি অসৎ পাল্লাত পৰি যদি বেয়া হৈ যায়, মই সহ্য কৰলেও তাৰ মাৰাই সহ্য কৰিব নোৱাৰিব।
ছফিকূল– একমাত্ৰ ল’ৰাই বেছিকৈ বিপদগামী হয়। কথাতে আছে নহয়, অতি লোভে তাঁতী নষ্ট আৰু অতি আদৰে সন্তান নষ্ট। ল’ৰা-ছোৱালীক আদৰ কৰিব লাগিব, কিন্তু সদায় নহয়, একমাত্ৰ খোৱাৰ সময়তহে। বাৰু, আপুনি চিন্তা নকৰিব আজিৰ পৰা মই সাফিউৰৰ ওপৰত চকু ৰাখিম। বেয়া কিবা দেখিলে মই লগে লগে আপোনাক ফোন কৰি জনাই দিম। (আঁৰ কাপোৰ পৰে)।
তৃতীয় দৃশ্য
সময় সন্ধিয়া
সাফিউৰ আৰু আমিনাৰ প্ৰৱেশ
আমিনা- দুদিন আগতেই দেখোন তোক টকা দিলো। আজি আৰু কিহৰ টকা লাগে তোক?
সাফিউৰ- আমাৰ ক্লাছৰ আটায়ে গোৱালপাৰালৈ পিকনিক খাবলৈ যাব। ময়ো যাম সিহঁতৰ লগত।
আমিনা-বৰ্তমান মোৰ হাতত এটকাও নাই। ক’ৰ পৰা দিম তোক ৫০০ টকা?
সাফিউৰ– মই সেইবোৰ নাজানো। ক’ৰ পৰা দিবা, সেয়া তোমালোকৰ কথা। সেইবোৰ মোক কৈ লাভ নাই। মোক আজি টকা লাগিবই। টকা নাই যদি তোমাৰ কাণৰ দুলযোৰ বিক্ৰী হলেও মোক টকা দিব লাগিব। দুলযোৰ বিক্ৰী কৰিলে বহু টকা পোৱা যাব।
আমিনা- মই পিন্ধা দুলযোৰ তই সোণৰ বুলি ভাবিছ নেকি? এয়া কেমিকেলৰ দুল। কোনে কিনিব তোৰ কেমিকেলৰ দুল?
সাফিউৰ– মই তোমাৰ কাণৰ যোৰৰ কথা কোৱা নাই। শ্বু-কেছৰ দুলৰ কথা কৈছোঁ।
আমিনা- শ্বু-কেছৰ দুল মানে? আজি-কালি তই শ্বু-কেছো চেক কৰিবলৈ আৰম্ভ কৰিছ নেকি? দুলযোৰ তোৰ নানাই আমাৰ বিয়াৰ সময়ত দিছিল। মই মৰি গ’লেও সেই দুল বিক্ৰী নকৰোঁ। মাকৰ কাণৰ দুল বিক্ৰী কৰি পিকনিক! এই কথা ক’বলৈ তোৰ লাজ লাগিব লাগিছিল। আজি তোৰ কথা শুনি মোৰ এটা কথা সন্দেহ হৈছে। তোৰ দেউতাৰৰ পকেটৰ পৰা তয়ে টকা নিছিলি নেকি?
সাফিউৰ- কেতিয়া?
আমিনা- এসপ্তাহ আগত যে তই ঘৰলৈ আহিছিলি তেতিয়া।
সাফিউৰ- নিজৰ ঘৰৰ পৰা মই টকা চুৰ কৰিম নেকি? মোক ইমানেই নীচ বুলি ভাবিছ নেকি?
আমিনা- ইমানদিনে ভবা নাছিলোঁ। আজি তই ভাবিবলৈ বাধ্য কৰিলি। যিয়ে নিজৰ মাকৰ কাণৰ দুল বিক্ৰী কৰি পিকনিকলৈ যোৱাৰ কথা ক’ব পাৰে, দেউতাকৰ পকেটৰ পৰা টকা নিয়াটোনো কি ডাঙৰ কথা তাৰ কাৰণে! (আন্তৰিক হবলৈ চেষ্টা কৰি) বাৰু, কাণৰ দুল তোক মই দিব পাৰোঁ, কিন্তু তই মোক আজিসঁচা কথা ক’ব লাগিব।
সাফিউৰ- কি সঁচা কথা?
আমিনা- মোৰ সন্দেহ হৈছে, তয়ে দেউতাৰৰ পকেটৰ পৰা টকা লৈছিলি বুলি। মাকৰ আগত মিছা মাতিব নাপায়। ক’, সঁচা কথা ক’,। মই কথা দিলোঁ, তোৰ দেউতাৰক মই কথাটো নকওঁ। সঁচা কথা ক’লে, কাণৰ দুল বিক্ৰী কৰিয়ে তোক পিকনিকৰ কাৰণে টকা দিমহি। কিন্তু সঁচা কথা নক’লে নিদিও। নিদিও মানে নিদিও। আজিতো নিদিওঁয়ে, বেলেগ দিনাও নিদিও। মোৰ পৰা তই কোনোদিনে এটকাও নাপাবি।
সাফিউৰ– দেউতাক নক’বা তো।
আমিনা- নকওঁ।ক’, লৈছিলি নেকি?
সাফিউৰ- লৈছিলোঁ।
আমিনা- এটা সঁচা কথা ক’লি যদি আন এটা সঁচা মই তোৰ পৰা কথা জানিব খুজোঁ। তোৰ পেহীয়েৰাৰ ঘৰৰ পৰাও তয়ে নিশ্চয় টকা চুৰ কৰিছিলি?
সাফিউৰ- হয়, কৰিছিলোঁ। মাথোন পেহীয়েকৰ ঘৰৰ পৰাই নহয়, মোমায়েকৰ পকেটৰ পৰাও এদিন এহেজাৰ টকা লৈছিলো।
আমিনা- সেই টকা দি তই কি কৰিছ? নিশ্চয় শিখৰ কিনি খাইছ, নহ’লে ইমান টকা তই ক’ত খৰচ কৰিছ। মই তোৰ মাক নহয়, মাকৰ আগত মিছা মাতিলে তোক পাপে চুব।কথাটো মনত ৰাখিবি।
সাফিউৰ- হয়, শিখৰ কিনি খাইছোঁ।
আমিনা- কিমান দিনৰ পৰা তই শিখৰ খাবলৈ লৈছ?
সাফিউৰ- ছমাহমান আগৰ পৰা। দিয়া, সঁচা কথা ক’লো এতিয়া টকা দিয়া।
আমিনা- বেলেগ কিবাও খোৱা নেকি?
সাফিউৰ- বেলেগ কিবা মানে? বেলেগ কি খাম? বেলেগ একো নাখাও। মই মাথোন শিখৰে খাও।
আমিনা- তোৰ ৰূমমেটৰ কোনোবাই হেনো ড্ৰাগছ খায়। সেয়া কিবা নিচাযুক্ত টেবলেট। মিছা নামাতিবি কিন্তু। মই কথাটো বিশ্বস্তসূত্ৰে জানিব পাৰিছোঁ।
সাফিউৰ- মোৰ বন্ধু দুজনমানে খায়।
আমিনা- তয়ো খোৱা নেকি? নহলে ইমান টকা দি কি কৰা? (সাফিউৰ নীৰৱ)কথা নুকোৱা কিয়? খালে ক। একো নহয়। মই কাকো নকওঁ।
সাফিউৰ- নাই,নাই মই নাখাওঁ। দুদিনমান অৱশ্যে খাবলৈ লগ ধৰিছিল। কিন্তু মই খোৱা নাই।
আমিনা- সাৱধান, জোৰ কৰিলেও নাখাবি। সেইবোৰ বৰ মাৰাত্মক বস্তু। বেছিদিন খোৱাৰ প্ৰয়োজন নহয়। এবাৰ জিভাত লাগিলে সতকাই নিচা এৰা টান। ড্ৰাগছ খোৱাৰ ফলত আজি-কালি বহুতো ল’ৰা-ছোৱালী অকালতে মৰহি গৈ আছে।
(ওছমান, প্ৰিন্সিপাল, এজন পুলিচ এছ,আই আৰু এজন কণিষ্টবলৰ প্ৰৱেশ)
ওছমান- (পুলিচক উদ্দেশ্য কৰি)এইজনে মোৰ ল’ৰা সাফিউৰ, ছাৰ।
পুলিচ এছ, আই- হয়, নেকি।(পুলিচক আদেশ কৰে)চিপাহী, এওঁক এৰেষ্ট কৰক।
(কণিষ্টলে সাফিউৰৰ হাত পিছফালে নি হাত কেৰায়া লগায়)
আমিনা- সাফিউৰক এইদৰে হাতকেৰায়া লগাইছে কিয়? সি কি কৰিছে?
প্ৰিন্সিপাল – কি কৰা নাই তাকে কওঁক। সাফিউৰ আৰু তাৰ বন্ধু দুজনমানে লগ হৈ সিদিনা বাটত আগচি ধৰি এজন মানুহৰ পৰা পাঁচ হাজাৰ টকা ডকাইতি কৰিছে। তাৰ লগৰ বন্ধু দুজন ইতিমধ্যে পুলিচৰ হাতত আটক হৈছে। সাফিউৰো সিহঁতৰ লগত আছিল বুলি সিহঁতে স্বীকাৰ কৰিছে।মাথোন সেয়াই নহয়, এওঁলোক ড্ৰাগছ আসক্তও।ছমাহৰ পৰাই সাফিউৰে ড্ৰাগছ খাই আছে।
আমিনা-(সাফিউৰৰ ওচৰলৈ গৈ) ছাৰে কোৱা কথাবেৰ সঁচা নেকি? তই ড্ৰাগছ খোৱা নেকি?
সাফিউৰ-(নিৰুত্তৰ)
ওছমান- এতিয়াহে বুজিব পাৰিলোঁ, নানান অজুহাত দেখুৱাই আমাৰ পৰা সি কিয় সৰহকৈ টকা দাবী কৰিছিল।
আমিনা-সিদিনা আপোনাৰ পকেটৰ পৰা ইয়ে টকা চোৰ কৰিছিল। তাৰ মোমায়েকৰ টকাও হেনো ইয়ে চোৰ কৰিছিল।আজি মোৰ ওচৰত সি নিজ মুখে স্বীকাৰ কৰিছে।
প্ৰিন্সিপাল – মাক-বাপেকে সন্তানৰ কাৰণে কিমান ত্যাগ স্বীকাৰ কৰে সন্তানক মানুহ কৰাৰ কাৰণে, কিন্তু বেয়া সংগত পৰি সন্তানে মাক-বাপেকৰ সেই আশাত বহু সময়ত চেঁচাপানী ঢালে। প্ৰমাণিত যে, হাত-ভৰিৰ হাড় ভাঙিলে ৩৭ ইউনিট বেদনা অনুভূত হয়, আনহাতে এজন মাকে ৫৭ ইউনিট বেদনা সহ্য কৰি এজন সন্তান জন্ম দিয়ে। এজন দেউতাকে ৰদ-বৰষুণ কাতি কৰি সন্তানৰ কাৰণে পৰিশ্ৰম কৰে। সময়ত সেই সন্তানেই কেতিয়াবা মাক-দেউতাকৰ বিৰুদ্ধাচৰণ কৰে। মাক-দেউতাকক ভাত-কাপোৰ নিদিয়ে। এষাৰ কথা মনত ৰাখিব, এই ভোগবাদী সমাজ ব্যৱস্থাত সন্তান বিপদগামী হোৱাৰ মূলতে হৈছে অধিক টকা। ধনী হওঁক, দুখীয়া হওঁক, কোনো মাক-দেউতাকেই সন্তানক প্ৰয়োজনতকৈ অধিক টকা দিব নালাগে। অধিক টকা দিলে বন্ধু বাঢ়ে। তেতিয়া সেই বন্ধুৰ মাজত কিছু অসৎ বন্ধুও লগ লাগে। ছাত্ৰাৱস্থাত সন্তানক মোবাইল কিনি দিয়াটো দূৰৰে কথা, পাৰ্যমানে মোবাইলৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিব লাগে।
পুলিচ এছ আই- বৰ্তমান এওঁক থানালৈ লৈ যাম। থানাৰ পৰা এওঁক তাৰ বন্ধুকেইজনৰ সৈতে কোৰ্টত চালান দিম। বয়স কম কাৰণে কোৰ্টে এওঁলোকক ৰিহাব চেণ্টাৰক গতাই দিম।
আমিনা- কোনখন ৰিহাব চেণ্টাৰক গতাই দিব?
পুলিচ এছ আই– সেয়া আমি আপোনালোকক পাছত জনাই দিম।
ওছমান- ৰিহাব চেণ্টাৰত ৰাখিলে বোলে টকা দিব লাগে। আমিও টকা কিবা দিব লাগিব নেকি, ছাৰ?
পুলিচ এছ, আই- লাগিবতো।মাহিলি বাৰ তেৰ হাজাৰকৈ টকা দিব লাগিব আৰু তিনিমাহৰ আগত দেখা কৰিব নোৱাৰিব।
আমিনা- আমি এওঁক শাসন কৰিম, ছাৰ। এইবাৰৰ কাৰণে এওঁক ক্ষমা কৰি দিয়ক, ছাৰ।(সাফিউৰক উদ্দেশ্য কৰি) ছাৰৰ ওৰচত ক্ষমা খোজ। কোনোদিন ড্ৰাগছ নুখোৱা বুলি ছাৰৰ ভৰিত ধৰি শপত খা।
সাফিউৰ- (এছ,আইৰ ভৰিত ধৰি) ছাৰ, মোৰ ভুল হৈছে। এনেকুৱা কাম আৰু নকৰোঁ। মই আৰু ড্ৰগছো নাখাওঁ, ছাৰ।
পুলিচ এছ, আই-এতিয়া আৰু এৰি দিয়া সম্ভৱ নহয়।মাথোন ড্ৰাগছ খালে বেলেগ কথা আছিল। এওঁলোকে ডকাইতিও কৰিছে। গতিকে এওঁলোকক কোৰ্টত চালান দিবই লাগিব। কোৰ্টৰ পৰা এওঁলোকক আকৌ ৰিহাব চেণ্টাৰত পঠাই দিব। চিন্তা নকৰিব। স্বভাৱ ভাল হ’লে ছমাহ পাছত ওলাই আহিব পাৰিব। ৰাইজ- সাৱধান হওঁক, আজি-কালি যি সৰু-সুৰা চুৰি হৈ আছে, ইয়াৰ মূলতে হৈছে ড্ৰাগছ।
প্ৰিন্সিপাল – ড্ৰাগছ নিৰ্মূলৰ কাৰণে চৰকাৰে নানা ধৰণৰ পদক্ষেপ হাতত লৈছে। গতিকে ৰাইজ, চৰকাৰৰ লগত সহযোগ কৰি ড্ৰাগছ নিৰ্মূলৰ কাৰণে যত্নপৰ হওঁক। ল’ৰা-ছোৱালীক স্কুলত পঠাই হাত সাৱটি বহি নাথাকিব। লৰা-ছোৱালীয়ে কি কৰিছে, তাৰো খবৰ ৰাখিব।
পুলিচ এছ আই- বৰা, এওঁক লৈ বলক।
