
সূচীপত্র
অদ্ভুত ছোৱালী
নৰক
টাড়াবন্দী
এটি অভিশাপৰ মৃত্যু
বেকীৰ বান
সংযোগ বিভ্রাট
তিল্লুকী বাই
অদ্ভুত ছোৱালী
চঞ্চলা গাভৰুৰ দৰে পাহাৰীয়া জুৰিটি নাচি-বাগি বৈ আছিল। পানীৰ মাজে মাজে ওলাই থকা শিলাখণ্ডবোৰত ঠেকা খাই পানীয়ে ৰচিছিল সংগীতৰ মূৰ্চ্ছনা। কোনোবা শিল্পীৰ দৰদী হাতৰ পৰশত যেন তুলিছিল বীণাৰ ঝংকাৰ। জুৰিৰ পাৰৰে এডোখৰ শিলত বহি মই উপভোগ কৰি আছিলো প্ৰকৃতিৰ সেই অপৰূপ সৌন্দর্য সম্ভাৰ।
হঠাৎ এক আৰ্ত চিঞৰ মোৰ কাণত পৰিল। কাণ পোণাই চিঞৰটো কোন দিশৰ পৰা আহিছে জানিবলৈ যত্নপৰ হ’লো।কোনো শব্দ মোৰ কাণত নপৰিল। কেউফালে নিজম নিস্তব্ধ। কাঁহ পৰি জীণ যোৱা অৱস্থা। বহাৰ পৰা উঠি মই পিচফালে ঘূৰি চালো।
মোৰ পৰা পঁচিছ-ত্ৰিছ হাতমান আঁতৰত মই দুজন মানুহ থিয় দি থকা দেখিলোঁ। সিহঁতৰ সন্মুখত পৰি আছে এজন মানুহ। মানুহজন জীৱিত, নে মৃত থিৰাং কৰিব নোৱাৰিলো। থিয় দি থকা মানুহ দুজনে পৰি থকা মানুহজনক দুফালৰ পৰা দুহাতত ধৰি মোৰ ফাললৈকে চোঁচৰাই আনিবলৈ ধৰিলে। খন্তেক আগতে শুনা আৰ্ত চিঞৰলৈ মোৰ মনত পৰিল। হয়তো চিঞৰটো মাৰিছিল চোঁচৰাই অনা এই মানুহজনেই। মই সজাগ হ’লো। মোৰ ষষ্ঠ ইন্দ্ৰিয়ই সজাগ কৰি দিলে যে, নিশ্চয় কিবা অঘটনঘটিছে! হয়তো মানুহজনক হত্যা কৰি এইফালে লুকোৱাবলৈ চোঁচৰাই অনা হৈছে। মই জোপোহা এটাৰ আঁৰলৈ বহি পৰিলো, যাতে মানুহ দুজনে মোক দেখা নাপায়।
জোপোহাৰ আঁৰত বহি মই সিহঁতৰ আলেখ-লেখ প্রত্যক্ষ কৰিবলৈ যত্নপৰ হ’লো।
পাহাৰীয়া নিৰ্জন ঠাই। মানুহ-দুনুহৰ বিশেষ আহ-যাহ নাই। ঠাইডোখৰ সৰু-বৰ জোপোহানিৰে ভৰা। মোৰ পৰা কেই হাতমান আঁতৰেদি বৈ থকা জুৰিটোলৈ কেতিয়াবা কাচিৎহে দুপৰীয়া দুই চাৰিৰ্জন মানুহ গা ধুবলৈ আহে। বেলেগ সময়ত মানুহ নাহে বুলিলেই হয় । এতিয়া বেলি মাৰ যাবলৈ কেইটামান মুহূর্তহে বাকী আছে। গতিকে বর্তমান এইফালে বিশেষ কাৰণ নোহোৱাকৈ কোনো মানুহ অহাৰ সম্ভাৱনা নাই। মোৰ পৰা পাঁচ-ছয় হাতমান আঁতৰেদি মানুহ দুজনে মানুহজনক চোঁচৰাই নিবলৈ ধৰিলে। মই জোপোহাৰ আঁৰ লৈ বহি থকা কাৰণে সিহঁতে মোক দেখা নাপালে। প্রত্যক্ষ কৰিলো, চোঁচৰাই নিয়া মানুহজন তেজেৰে লুতুৰি-পুতুৰি। মূৰৰ বাঁওকাষ একেবাৰে থেতেলা। নিশ্চয় কিবা গধুৰ বস্তুৰে মূৰত আঘাত কৰা হৈছে। মই নিঃসন্দেহ হ’লো, যে মানুহজন মৃত। উশাহ-নিশাহ বন্ধ কৰি মই মানুহ দুজনৰ আলেখ-লেখ প্রত্যক্ষ কৰিবলৈ ধৰিলো। মোৰ হাত-ভৰিবোৰ জঠৰ হৈ আহিবলৈ ধৰিলে।
মোৰ পৰা কেইহাতমান আঁতৰত থকা আন এটা জোপোহানিৰ আঁৰত মানুহ দুজন অদৃশ্য হৈ পৰিল। জোপোহানিৰ সিপ্ৰান্তত কি হৈছে চাবলৈ চেষ্টা কৰিও মই বিফল হ’লো। সেয়ে কাণ পোণাই ঘটনাৰ বুজ ল’বলৈ যত্নপৰ হ’লো। কেইমুহুৰ্তমান পাছত এজন মানুহে কোৱা শুনিলো- থাক্, চালা ইয়াতে এই জোপোহানিৰ মাজত পৰি থাক। আমাক সোণৰ কণী পৰা হাঁহ পাইছিলি! বেটাৰ ইমান টকাৰ খক, নপলায়হে নপলায়। পুলিচৰ চাকৰি কৰ, মাহে মাহে দৰমহা পাৱ, তথাপি ঘোচৰ টকা লাগে। এতিয়া এই জোপোহানিৰ মাজত পৰি টকা গণি থাক, বাপেকে।
বচ, আমি ইয়াত বেছি পৰ ৰৈ থকাটো উচিত নহ’ব।
আনজনৰ মাত- এৰা, ব’লা, আমি ইয়াৰ পৰা সোনকালে আঁতৰি যাওঁগৈ।
ব’লক, প্ৰথমজনে ক’লে বিৰক্তি ভৰা কণ্ঠত- ৰাস্তাত বা আকৌ কিমান লাফৰা ৰৈ আছে কোনে জানে! বেটাৰ ডেডি উদ্ধাৰ হোৱাৰ আগতেই আমি অসম এৰিব লাগিব। হত্যাৰ কথাটো জনা-জনি হ’লেই থানাই থানাই ফোন কৰি দিব। ছালাং পাৰ হোৱাৰ পাছতেই আমি ট্রাকৰ নম্বৰ-প্লেট সলনি কৰিব লাগিব।
নাই নাই বচ, এই হত্যাৰ কথাটো দুই এদিনত কোনেও গম নাপায়। লাচটো পচি দুর্গন্ধ ওলালেহে মানুহে গম পাব। চিভিলত আহিছিল। থানাত নিশ্চয় ডায়েৰী কৰি থৈ অহা নাই। দ্বিতীয়জনে নিৰ্ভয় দি দৃঢ়তাৰে ক’লে।
এইদৰে কথা পাতি পাতি মানুহ দুজন মোৰ কাষেদিয়ে পাৰ হৈ গ’ল। মই আগৰ দৰেই জোপোহানিৰ আঁৰত বহি নিঃশব্দে সিহঁতক নিৰীক্ষণ কৰিবলৈ ধৰিলো। কিছু আঁতৰতে ট্রাক এখন থিয় কৰাই থোৱা আছিল। মই ইয়ালৈ আহোঁতে ট্ৰাকখনৰ কাযেদিয়ে পাৰ হৈ আহিছো। সিহঁত ট্রাকখনৰ ফালে যাবলৈ ধৰিলে।
সিহঁতক মই ভালদৰে লক্ষ্য কৰিলো। এজন প্ৰায় ছফুট ওখ আৰু আনজন পাঁচ ফুটৰ ওচৰা-উচৰি। চাপৰজন ওখজনৰ তুলনাত তেনেই বাওনা যেন লাগিল। উভয়ৰ পিন্ধোনত লংপেণ্ট আৰু দীঘল কোট। ওখজনৰ মুৰত পাগুৰি আৰু চাপৰজনৰ মূৰত মাংকি কেপ। গতিকে মুখমণ্ডল ভালদৰে মণিব নোৱাৰিলোঁ।
সিহঁত গৈ ট্রাক পাওঁ পাওঁ হওঁতেই নিজৰাৰ সিপাৰৰ পৰা গাভৰু ছোৱালী এজনী আহি থকা দেখিলো। তাইৰ পিন্ধোনত স্কার্ফ। ববকটা চুলি। বয়স একৈছ বাইছৰ ভিতৰত। গাৰ বৰণ বগা। ছোৱালীজনী যে স্থানীয় নহয় তাইৰ আকৃতি চাই এই বিষয়ে মই নিশ্চিত হ’লো। কাৰণ ইয়াৰে স্থানীয় মানুহখিনি মংগোলীয় গঢ়ৰ। ছোৱালীজনী ককেচীয় গঢ়ৰ। বৰ্তমান অৱশ্যে ভৈয়ামৰ বহু মানুহ চালাঙলৈ আহি দোকান-পোহাৰ কৰি আছে। সিহঁতৰ প্ৰায়ভাগে ব্যৱসায়ী মানুহ। দুই এজনে পৰিয়াললৈয়ো থাকে। সিহঁতৰে কাৰোবাৰ ছোৱালী হ’ব পাৰে হয়তো। ছোৱালীজনী হয়তো আবেলিৰ জুৰিটোৰ সৌন্দর্য উপভোগ কৰিবলৈ আহিছে। যেনেকৈ মই আহিছো।
ছোৱালীজনীয়ে আঁঠুলৈকে কাপোৰ দাঙি জুৰিটো পাৰ হ’ল। নিৰ্জন ঠাই। ক’তো মানুহৰ চিন-মোকাম নাই। গাভৰু ছোৱালী। ইফালে দুটা খুনী বদমাচ মানুহ। যেন বাঘৰ সন্মুখত হৰিণী। বদমাচ দুটাৰ চকুত পৰিলে সিহঁতে নিশ্চয় তাইক সুদাই নেৰে! মোৰ চকুৰ আগত কাল্পনিক দৃশ্য এটা ভাহি উঠিল। ছোৱালীজনীৰ সাম্ভাৱ্য বিপদৰ কথা ভাবি মই আতংকিত হৈ উঠিলো। এতিয়ালৈকে হয়তো তাই বদমাচ দুটাৰ চকুত পৰা নাই। সিহঁতৰ চকুত পৰিলে হয়তো তাইক ৰক্ষা কৰা টান হ’ব! সিহঁতৰ চকুত পৰাৰ আগতেই কিবা এটা কৰিব লাগিব। কিন্তু কেনেকৈ? চিঞৰি মাতিবলৈ গ’লে বদমাচ দুটাই মোৰ উপস্থিতি গম পাই যাব আৰু অলপ আগতে হোৱা হত্যাকাণ্ডটোৰ একমাত্ৰ সাক্ষী হিচাপে হয়তো মোক জীয়াই নাৰাখিব!
জুৰিটো পাৰ হৈ ছোৱালীজনী বদমাচ দুটাৰ ফালে আগুৱাই যাবলৈ ধৰিলে। তাই হয়তো বদমাচ্ দুটাক তেতিয়াও দেখা নাছিল। হৰিণী এজনী আপোন ভাৱত বিভোৰা হৈ ঘাঁহ খাই থাকোঁতে যেনেকৈ ভোকাতুৰ বাঘে তাইৰ ওপৰত জঁপিয়াই পৰে;ঠিক তেনেকৈ বদমাচ্ দুটাই তাইৰ ওপৰত যিকোনা মুহূৰ্তত জঁপিয়াই পৰিব পাৰে ! উত্তেজনাত মোৰ সিৰা-উপসিৰাবোৰ ফুলি উঠিবলৈ ধৰিলে। মই নিজে ক’ব নোৱাৰাকৈয়ে হঠাৎ মোৰ মুখৰ পৰা ওলাই গ’ল- হে’ৰা ভণ্টি, সিফালে নাযাব, দৌৰি পলাওঁক।
মোৰ মুখৰ মাত শেষ হ’বলৈ নৌপাওঁতেই মোৰ মূৰৰ ওপৰেদি কিবা এটা সোঁ-সোঁৱাই উৰি গ’ল। সিহঁতে নিশ্চয় মোৰ উপস্থিতিৰ উমান পাই মোলৈ গুলী কৰিছে! প্ৰথমটো গুলীৰ সোঁ-সোঁৱনি মাৰ নৌযাওঁতেই দ্বিতীয়টো গুলী আহি মোৰ সোঁকাষৰ মাটিত লাগিল। মাটি উফৰি আহি মোৰ গাত লাগিল। মই মাটিত লিপিট খাই শুই পৰিলোঁ।
খন্তেক পাছতে গুৰু-গম্ভীৰ কণ্ঠত আদেশৰ সুৰ ভাহি আহিল- কোন তাত? সেইখিনিত কোন লুকাই আছা? হাত মূৰৰ ওপৰত তুলি ওলাই আহা। নহ’লে গুলীৰে থকা-সৰকা কৰি দিম।
আদেশ পালন কৰাৰ বাহিৰে বেলেগ উপায় নেদেখি মূৰৰ ওপৰলৈ হাত দাঙি মই বহাৰ পৰা উঠি থিয় দিলো। ঘটনাৰ আকস্মিকতাত ছোৱালীজনীক ৰৈ যোৱা দেখি বদমাচ দুটাৰ ওখজনে তাইক উদ্দেশ্য কৰি ক’লে- তেনেকৈ থিয় দি কি চাই আছা। এইফালে আহা। এইদৰে ছোৱালীজনীক নির্দেশ দি মোলৈ উদ্দেশ্য কৰি ক’লে- তুমিও আহা।
ছোৱালীজনীয়ে এবাৰ মোৰ ফালে আকৌ এবাৰ বদমাচ দুটাৰ ফালে চাই সিহঁতৰ ফালে খোজ ল’লে। আমি দুয়োজনে প্রায় একে সময়তে বদমাচ দুটাৰ কাষ পালোঁহি।
তাত কি কৰি আছিলি? এইদৰে প্ৰশ্নটো সুধিয়ে ওখটোৱে ক’লে- তহঁত নিশ্চয় লায়লা-মজনু! ঘৰৰ পৰা পলাই আহি লুকাই-চুৰকৈ ‘প্রেম প্রেম’ খেলি আছিলি? ঐ লায়লা, হয়নে নহয়? এইদৰে কৈয়ে সি ছোৱালীজনীৰ গালত টিপি দিলে।
ছোৱালীজনীয়ে সন্মতিসূচক মূৰ দুপিয়ালে। এনেতে বাওনাজনে ক’লে- বচ, আমি ইয়াৰপৰা সোনকালে যাব লাগে।
যাম। নিশ্চয় যাম। ওখজনে ক’লে- তাৰ আগতে……ওখজনে অর্থপূর্ণ হাঁহি মাৰিলে।
নাই নাই বচ। বাওনাটোৱে ক’লে- এতিয়া সেইবোৰ কৰিবলৈ নাযাব। পলম হৈ যাব। পলমে বিপদ মাতিব পাৰে!
ওখজনে খন্তেক ভাবি নির্দেশ দিলে- যোৱা, ট্রাকৰ পৰা ৰচী লৈ আনাগৈ নিৰ্দেশ অনুসৰি বাওনাটোৱে ট্রাকৰ পৰা ৰচী আনিলে। ওখজনে মোৰ ফালে আঙুলিয়াই ক’লে- এওঁক পিঠমূৰীয়াকৈ বান্ধি পেলোৱা।
ওখজনৰ নিৰ্দেশমতে বাওনাজন মোৰ ফালে আগুৱাই আহিল। মোৰ কাষ পোৱাৰ লগে লগে মই নভবা-নিচিন্তাকৈ বাওনাটোক লাথি মাৰিলো। অপ্রত্যাশিত লাথি খাই সি লুটি খাই মাটিত বাগৰি পৰিল। তেতিয়া ওখজনে তাচ্ছিল্যৰ সুৰত ক’লে- মজনু দেখিছো বেচ বাহাদুৰ৷ বেছি বাহাদুৰি দেখুৱাবলৈ গ’লে গুলী খাই মৰিবি। চুপ-চাপ থিয় দি থাকা।
ইতিমধ্যে বাওনাটো মাটিৰ পৰা উঠি থিয় হৈছিল। ওখটোৰ নিৰ্দেশমতে সি পুনৰ মোৰ ফালে আগুৱাই আহিল।
ইমান সময় ছোৱালীজনী মাটিৰ মূৰ্তিৰ দৰে নিশ্চল হৈ আমাৰ কাণ্ড-কাৰখানা প্রত্যক্ষ কৰি আছিল। বাওনাটো মোৰ ফালে আগুৱাই অহা দেখি তাই নীৰৱতা ভংগ কৰি ক’লে- তোমালোকৰ যি মন যায় মোক কৰা। এওঁক এৰি দিয়া। ছোৱালীজনীয়ে শেষৰ কথাফাকি মোৰ ফালে আঙুলিয়াই ক’লে।
মই ছোৱালীজনীৰ ফালে কৃতজ্ঞতাপূৰ্ণ দৃষ্টিৰে চালো। তাইৰ মুখমণ্ডলত দৃঢ়তাৰ অভিব্যক্তি বিৰাজমান। মই উপলব্ধি কৰিব নোৱাৰিলো, তাইৰ এই উদাৰ্তাৰ কাৰণ কি?
ছোৱালীজনীৰ কথা শুনি ওখজনে ঢেক্ ঢেককৈ হাঁহি মাৰি ক’লে- মজনুৰ প্ৰতি লায়লাৰ দেখিছোঁ বেচ মৰম। এই মৰমৰ অকনমান আমাৰ কাৰণে খৰচ কৰিলেই দুয়ো বাচি যাবা।
মই তোমালোকৰ সকলো কথা মানিবলৈ ৰাজি আছো। মাথোঁ এওঁক এৰি দিয়া। ছোৱালীজনীয়ে পুনৰ দৃঢ়তাৰে ক’লে।
সম্ভৱ নহয়! ওখজনে দৃঢ়ভাবে ক’লে- মজনুক এৰি দিলে এতিয়াই লায়লাৰ কাৰণে দিওয়ানা হৈ থানা পাবগৈ। তেতিয়া আমাৰ অৱস্থা কি হ’ব নিশ্চয় অনুমান কৰিব পাৰিছা?
ছোৱালীজনীয়ে প্ৰত্যুত্তৰত একো নক’লে। মাথোন সহানুভূতিৰ দৃষ্টিৰে মোৰ ফালে চালে। মই ছোৱালীজনীক উদ্দেশ্য কৰি ক’লো- এওঁলোকৰ পৰা সহানুভূতি আশা কৰি লাভ নাই। এওঁলোকৰ যি ইচ্ছা কৰিবলৈ দিয়ক। এওঁলোকৰ দৰে কাপুৰুষে হত্যাৰ বাহিৰে আন একো কৰিব নোৱাৰে।
বচ, পলম হৈ আছে। বাওনাটোৱে সময় সম্পর্কে সচেতন কৰি দিলে।
মই পিস্তল টোঁৱাই আছো। তই বান্ধি পেলা। ওখটোৱে বাওনাটোক এইদৰে নিৰ্দেশ দি মোলৈ উদ্দেশ্য কৰি ক’লে- বাধা দিলেই কিন্তু গুলী কৰিম। চুপ-চাপ থিয় দি থাকা।
বাওনাটোৱে মোক পিঠমূৰীয়াকৈ বান্ধিলে। বাধা দিয়াটো নিৰৰ্থক বুলি ভাবি মই এইবাৰ বাধা নিদিলো। ভাবিলোঁ, এইবোৰ শেনৰ এজাত ! বাধা দিলেই গুলী কৰিব। কাৰণ বদমাচ দুটাৰ স্বৰূপ মই ইতিমধ্যে প্রত্যক্ষ কৰিছোঁ।
সিহঁতে মোৰ হাত দুখন বান্ধি ট্রাকৰ ওপৰত তুলি পুনৰ ভৰি দুটা বান্ধিলে। তাৰ পাছত গামোচা এখনেৰে মুখখন বান্ধিলে। যাতে চিঞৰ-বাখৰ কৰি মই মানুহ মাতিব নোৱাৰো তাৰ বাবেই এই সতর্কতা।
মুখখন বান্ধি ওখটোৱে ক’লে- ইয়াত নিশ্চিন্ত মনে পৰি থাক। ভয় নাই। তোৰ লায়লাক অকনমান মৰম কৰি মেঘালয়ৰ বৰ্ডাৰ পাৰ হৈ তহঁতক এৰি দিম।
এইদৰে কৈ বদমাচ দুটা ট্রাকৰ পৰা নামি গ’ল। মই নিষ্ফল আক্ৰোশত ছট্ফটাবলৈ ধৰিলো।
খন্তেক পাছত গাড়ী ষ্টাৰ্ট হ’ল। মই নিজতকৈ ছোৱালীজনীৰ কথাকে বেছিকৈ ভাবিবলৈ ধৰিলো। ছোৱালীজনীৰ আপত্তি সত্ত্বেও পিস্তলৰ ভয় দেখুৱাই ইতিমধ্যে সিহঁতে ছোৱালীজনীক ট্রাক্ত তুলি লৈছে। ঘটনাটো স্বচক্ষে নেদেখিলেও সিহঁতৰ কথা-বতৰাৰ পৰাই মই কথাটো অনুমান কৰিব পাৰিছোঁ। ছোৱালীজনীক গাড়ীত তোলাৰ সময়ত কিছু বাক্-বিতণ্ডাও হৈছে। গতিকে কাণ পোণাই কেবিনত কি হৈ আছে জানিবলৈ যত্নপৰ হ’লোঁ। কিন্তু গাড়ীৰ শব্দৰ বাহিৰে বেলেগ শব্দ মোৰ কৰ্ণগোচৰ নহ’ল। গতিকে মই ব্যৰ্থ মনোৰ্থ হৈ নিজক অনিশ্চিত ভৱিষ্যতৰ হাতত এৰি দিলোঁ।
পল্লৱে দুই বছৰমান আগতে ছালাঙত ফার্মাচি এখন খুলিছে। পল্লৱ মোৰ খুড়াৰ ল’ৰা। মোতকৈ বয়সত ডাঙৰ। সি ঘৰলৈ গ’লেই মোক ফুৰিবলৈ আহিবলৈ কয়। কিন্তু নানানটা অসুবিধাত মোৰ অহা নহয়। এইবাৰ বি, এ পাৰ্ট ওয়ানৰ পৰীক্ষা দি উঠি ছালাঙলৈ আহিবলৈ সিদ্ধান্ত লৈছিলোঁ। ছালাঙলৈ অহাৰো আজি তিনি দিন হ’ল। পাহাৰীয়া ঠাই। সৰু-বৰ গছ-গছনিৰে ভৰা সেউজৰ সমাহাৰ। দেখিলে দেহ-মন শাঁত পৰি যায়। কয়লা কটা দিন মজদুৰ আৰু বিভিন্ন ধৰণৰ ব্যৱসায়ী মানুহৰে ভৰা ঠাইখন বেচ ভালেই লাগি আছিল।
জাৰকালি ঠাইখন বেচ সৰ-গৰম হৈ উঠে। বৰ্তমান জাৰৰ দিন কাৰণে মানুহৰ বেচ ভিৰ। চহৰৰ কোলাহলৰ পৰা মুক্ত ঠাইডোখৰত ফুৰি-চাকি বেেচ ভালেই লাগিছিল। পল্লৱ ককাইদেৱে অৱশ্যে যধে-মধে ফুৰা-চকা কৰিবলৈ নিষেধ কৰিছিল। পাহাৰীয়া ঠাই। ক’ত কি বিপদ ৰৈ আছে কোনে জানে! হিংস্ৰ জীৱ-জন্তু, বিষাক্ত সৰীসৃপৰ অবাধ বিচৰণ স্থলী। কিন্তু মই পল্লৱ ককাইৰ সঁকীয়নিক আওকাণ কৰি ঠাইডোখৰৰ সৌন্দৰ্যত মুগ্ধ হৈ দিহিঙে-দিপাঙে মনৰ আনন্দত যোৱা দুদিন খুব ঘুৰি ফুৰিছো। পল্লৱ ককাইৰ সঁকীয়নিক আও-কাণ কৰাৰ কাৰণেই আজি মোৰ এই দুর্ভোগ। এতিয়া পা মজাটো ! সময়মতে ঘৰলৈ নগ’লে বেচেৰাই মোক বিচাৰি মিছাতে হয়ৰাণ হ’ব লাগিব। বদমাচ দুটাই বা আকৌ মোক ক’লৈ লৈ যায় ! ৰাজস্থান, দিল্লীলৈকো লৈ যাব পাৰে ! পুনৰ ছোৱালীজনীৰ ছবি মোৰ চকুৰ আগত ভাঁহি উঠিল। তাইক হয়তো দিল্লীলৈ নি বদমাচ দুটাই বিক্ৰী কৰি দিব! আজি-কালি কাকতে-পত্ৰে সদায় ছোৱালী বিক্ৰীৰ কথা ছপা হয়। এটা বিষয়ত মই নিশ্চিত যে, সিহঁতে মোক মাৰি নেপেলায়। মাৰিলে তাতেই মাৰিলেহেঁতেন।
এটা সময়ত গাড়ীৰ তীব্ৰ জোকাৰণিত মোৰ চিন্তাৰ আঁত চিঙি গ’ল। মই বাস্তৱলৈ ঘূৰি আহিলো। হাত-ভৰিবোৰ টানকৈ বন্ধা হৈছিল। সময় বাগৰাৰ লগে লগে মই বিষ অনুভৱ কৰিবলৈ ধৰিলোঁ। গাড়ীত কয়লা ভর্তি। কয়লাৰ ওপৰত আদাৰ দৰে কিবা বস্তু বক্তাত ভৰোৱা আছিল। মই বস্তাৰ ওপৰত পৰি আছিলো। বস্তাৰ ভিতৰৰ বস্তুবোৰে মোৰ পিঠিত বিন্ধি আছিল। মই বৰকৈ অস্বস্তি অনুভৱ কৰিবলৈ ধৰিলোঁ।
ট্রাক কোনফালে গৈ আছে অনুমান কৰিবলৈ যত্নপৰ হ’লো। কিন্তু কোনো উৱাদিহ নাপালো। সূর্য কেতিয়াবাই মাৰ গৈছে। ফলত নিশাৰ আন্ধাৰে পৃথিবীখন আৱৰি ধৰিছিল। ওপৰত তৰাখচিত নীলিম আকাশ আৰু তলত চলন্ত গাড়ী। মাজে মাজে ব্ৰেক মাৰাৰ শব্দ শুনি মই নিশ্চিত হ’লো যে গাড়ীখন নামনিৰ ফালে গৈ আছে। গাড়ীত উঠা প্ৰায় এঘণ্টাই পাৰ হ’ল। ছালাঙ বজাৰ কেতিয়াবাই পাৰ হৈ আহিছো। ছোৱালীজনীৰ কথা ভাবি মোৰ মনটো বিষাদেৰে ভৰি পৰিল। কিন্তু মোৰ কৰিবলৈ একো নাছিল নিষ্ফল আক্রোশত গুজৰি-গুমৰি থকাৰ বাহিৰে।
কিছু সময় দুশ্চিন্তাত পাৰ হ’ল। কৰিবলৈ কোনো কাম নথকাৰ কাৰণে হাত-ভৰিৰ বান্ধবোৰ ঢিলা কৰিবলৈ কছৰ কৰিবলৈ ধৰিলো। হাতৰ বান্ধ অকনমান ঢিলা হোৱাত বন্ধা অৱস্থাতে হাত দুখন সন্মুখৰ ফালে আনিবলৈ চেষ্টা চলালো। দেহটো যিমানদূৰ সম্ভৱ কোঁচাই আনিলোঁ। কান্ধৰ ফালে হাত দুখন চিঙি যোৱা যেন অনুমান হ’বলৈ ধৰিলে। কেইবাৰমান চেষ্টা চলোৱাৰ পাছত কিছু সময় নিথৰ হৈ পৰি থাকিলোঁ। কেইমুহূৰ্তমান পাছত পুনৰ চেষ্টা চলাবলৈ ধৰিলোঁ। এটা সময়ত হাতদুখন সন্মুখৰ ফালে আনিবলৈ সক্ষম হ’লো। হেজাৰ বিষাদৰ মাজতো মুখত বিজয়ৰ হাঁহি ফুটি ওলাল। দাঁতেৰে কামুৰি হাতৰ বান্ধ খুলি পেলালো। পাছত ভৰিৰ বান্ধ খুলিলো। বান্ধোন মুক্ত হৈ মনটো অলপ ফৰকাল লাগিবলৈ ধৰিলে। থিয় হৈ কেউফালে চাই পঠিয়ালো।
ঘোপমৰা এন্ধাৰ নিশা। ট্রাকখন যেন এটি সুৰংগৰ মাজেৰে গৈ আছে এনেকুৱা অনুমান হ’ল। কিন্তু ওপৰৰ তৰা খচিত আকাশখনে সোঁৱৰাই দিলে যে, সুৰংগ নহয়, খোলা ৰাস্তাহে। দুয়োকাষে পাহাৰৰ থিয় গঁৰা আৰু গছ-গছনিৰ মাজেৰে ট্ৰাকখন গৈ আছে। কেবিনৰ কাষলৈ গৈ কেবিনত কি হৈছে চাবলৈ চেষ্টা চলালো; কিন্তু একো দেখা নাপালো। কোনো ধৰণৰ শব্দও কৰ্ণগোচৰ নহ’ল। গাড়ীৰ হেড লাইটে সন্মুখৰ ফাল পোহৰাই ৰাখিছে। সেই পোহৰত থিয় গঁৰা আৰু পিচ দিয়া একা-বেঁকা ৰাস্তাৰ বাহিৰে আন একো দৃষ্টিগোচৰ নহ’ল।
বস্তাবোৰত কি আছে টিপি-টিপি চাই এটা বস্তাৰ মুঠা খুলি পেলালো। বস্তাত আদা ভৰোৱা আছিল। বস্তাৰ ভিতৰত প্ৰকৃততে কি আছে তাকে চাবলৈ ভিতৰত হাত সুমুৱাই দিলো। হাতত কিবা এটা টান বস্তুৰ স্পৰ্শ অনুভৱ হ’ল। বস্তুটো টানি উলিয়াই আনিলো। চকা-মকা পোহৰত এটি বগা বস্তু দেখা পালো। ভালদৰে নিৰাক্ষণ কৰাৰ পাছত দেখিলো, বস্তুটো আন একো নহয়, এটি হাতী-দাঁতহে। হাতৰে দাঙি অনুমান কৰিলো, ওজন কমেও পাঁচ-ছয় কিলোগ্রামমান হ’ব।
আদাৰ বস্তাৰ ভিতৰত হাতী-দাঁত? মই নিজকে নিজে প্রশ্ন কৰিলো। মেঘালয়ৰপৰা হাতী-দাঁতৰ চোৰাং চালান হয় বুলি মই পল্লৱ ককাইদেউৰ মুখতে এদিন শুনিছিলো। পল্লৱ ককাইদেৱে নিজেই বোলে এবাৰ লেপৰ ভিতৰত ভৰাই দুই কিলো ওজনৰ হাতী-দাঁত এটা আনি ভাটিৰ ফালে ক’ৰবাত বিক্ৰী কৰিছিল। মেঘালয়ত হাতী-দাঁত সস্তা হ’লেও ভাটিৰ ফালে ভাল দাম পোৱা যায় হেনো।
এওঁলোকে তেনেহ’লে কয়লাৰ লগতে হাতী-দাঁতৰ চোৰাং ব্যৱসায়ো কৰে ! আৰু দুটামান বস্তা খুলি চালো ৷ সেইবোৰতো আদাৰ মাজত হাতী-দাঁত দেখা পালোঁ। মই খৰ-ধৰ কৰি বস্তাৰ মুঠাবোৰ বান্ধিবলৈ ধৰিলো। মুঠাবোৰ বান্ধি অঁতাইছোহে মাত্র এনেতে হঠাৎ ট্রাকখন ৰৈ গ’ল৷ ট্ৰাক ৰৈ যোৱা দেখি ভাবিলো, এই ছেগতে ট্রাকৰ পৰা নামি পলাই যাওঁ ! কিন্তু অচিনা-অজানা ঠাই– হিংস্ৰ জীৱ-জন্তুৰ অবাধ বিচৰণস্থলী। পলাই যাম ক’লৈ? ছোৱালীজনীৰ কি হৈছে তাকো জানিবলৈ আগ্ৰহী হৈ উঠিলো। গতিকে পলোৱাৰ চিন্তা মনৰ পৰা ৷ পেলাই কেবিনৰ কাষলৈ গৈ কেবিনৰ ভিতৰত কি হৈছে জানিবলৈ জুমি চালো। কিন্তু একো দেখা নাপালো। কেবিনৰ ভিতৰত আন্ধাৰ। গাড়ীৰ হেড-লাইট নুমোৱা। একেবাৰে নীৰৱ-নিস্তব্ধ। বদমাচ দুটা আৰু ছোৱালীজনীৰো কোনো সাৰ-সুৰ নাই। নিশ্চয় বদমাচ দুটাই ছোৱালীজনীকলৈয়ে ব্যস্ত হৈ আছে। মোৰ মূৰটো গৰম হৈ উঠিল। কেইমুহূৰ্তমান পাছতে বদমাচ দুটাৰ এটাক বড়িৰ ওপৰলৈ উঠি অহা দেখা পালো। ওখটো, নে বাওনাটো আন্ধাৰত মণিব নোৱাৰিলো। মই সাউৎ কৰে বস্তাৰ ওপৰত শুই পৰিলো।
হেৰি, কি কৰি আছে? ছোৱালীজনীৰ কণ্ঠস্বৰ।
ছোৱালীজনীৰ কণ্ঠস্বৰ শুনি মই হুৰমূৰকৈ উঠি বহিলো।
ছোৱালীজনী মোৰ কাষলৈ আহি ক’লে- মই আপোনাৰ বান্ধবোৰ মোকলাই দিও, ৰ’ব। এইদৰে কৈ ছোৱালীজনী আঁঠুকাঢ়ি মোৰ কাষত বহিল।
আপুনি মানে..! মই একো বুজিব নোৱাৰি সেমেনা-সেমেনি কৰি সুধিলো-বদমাচ দুটা ক’ত?
কেবিনলৈকে গ’লেই সকলো গম পাব। আগতে আপোনাৰ হাত-ভৰিৰ বান্ধবোৰ মোকলাই দিও, ৰ’ব। ছোৱালীজনীয়ে নির্বিকাৰভাবে ক’লে।
বদমাচ দুটাৰ নিশ্চয় কিবা হৈছে নহ’লে ছোৱালীজনীয়ে ইমান স্বচ্ছন্দ্যভাবে মোৰ লগত কথা পাতিব নোৱাৰিলেহেঁতেন। ফলত বদমাচ দুটাৰ প্ৰতি থকা মোৰ ভয় ভাব আঁতৰি গ’ল। মই হাতদুখন সন্মুখৰ ফালে আনি ক’লো- আপোনাৰ হাত-ভৰি বান্ধ মোকলোৱাৰ প্ৰয়োজন নাই। মই নিজেই কেতিয়াবাই মোকলাই লৈছোঁ।
হয় নেকি? তেনেহ’লে সোনকালে ইয়াৰপৰা ব’লক। পলম কৰিলে বিপদ হ’ব পাৰে। ছোৱালীজনীয়ে এইদৰে কৈ মোক কোনো কথা ক’বলৈ সুযোগ নিদি ট্রাকৰপৰা নামি গ’ল। ময়ো তাইৰ পিছে পিছে নামি আহিলো। ছোৱালীজনী কেবিনলৈ উঠি গৈ লাইট জ্বলাই মাতিলে- আহক. ওপৰলৈ উঠি আহক।
মই কেবিনলৈ উঠি আহিলো। বাওনাটো অচেতন হৈ ছিটৰ ওপৰপত পৰি আছিল। তাৰ বুকুখন মাথোন উঠা-নমা কৰি আছে। দৃশ্যটো দেখি মই ভেবা লাগি ছোৱালীজনীৰ ফালে চালো।
ছোৱালীজনীয়ে মোৰ মনৰ ভাব উপলব্ধি কৰিব পাৰি ক’লে- আচলতে কি হৈছে মই সকলো আপোনাক বুজাই ক’ম। এইদৰে কৈ তাই ৰচী এডাল মোৰ ফালে আগবঢ়াই ক’লে- এই ৰচীডালেৰে বদমাচটোৰ হাত-ভৰি বান্ধি পেলাওঁক। ভয় নকৰিব অচেতন হৈ পৰি আছে- মৰা নাই। সাত-আঠ ঘণ্টাৰ আগত চেতনা ঘূৰাই পোৱাৰ আশা নাই।
মই সেমেনা-সেমেনি কৰি সুধিলো- ওখটো ক’ত? ড্ৰাইভাৰৰ ছিটত সিও অচেতন হৈ পৰি আছে। ছোৱালীজনীয়ে গৰ্বেৰে সৈতে ক’লে।
কাণ্ড দেখি মই অবাক! সাধাৰণ এজনী ছোৱালীয়ে বদমাচ দুটাৰ এই অৱস্থা কৰিলে কেনেকৈ! মই কৌতুহলেৰেছোৱালীজনীৰ ফালে চালো।
মোৰ মনৰ ভাব উপলব্ধি কৰিব পাৰি তাই ক’লে- এয়া মোৰ কৃতিত্ব নহয়, ঔষধৰহে কৃতিত্ব। পাহাৰীয়া ঠাইত ফুৰিবলৈ হ’লে ছোৱালী এজনীৰ কাৰণে এনেকুৱা বিপদ অহাটো একো আচৰিত কথা নহয়। গতিকে মানুহ অজ্ঞান কৰিব পৰা ঔষধ সদায় লগত ৰাখো। বিপদৰ সময়ত নাকত অকনমান ধৰিব পাৰিলেই কাম হৈ যায়। এইবাৰ ছোৱালীজনীয়ে প্ৰসংগ সলনি কৰি ক’লে- ব’লক, আমি ইয়াৰ পৰা সোনকালে যাব লাগিব। পুলিচ আহিলে বিপদ হ’ব। এতিয়া যিমান সোনকালে সম্ভৱ এই বদমাচ দুটাৰ হাত-ভৰি বান্ধি ট্রাকৰ পৰা নমাই থৈ ইয়াৰ পৰা আঁতৰি যোৱাই আমাৰ কাৰণে মংগলজনক হ’ব।
ছোৱলীজনীৰ নিৰ্দেশ অনুসৰি মই বদমাচ দুটাৰ হাত-ভৰি বান্ধি ট্রাকৰ পৰা নমাই ৰাস্তাৰ দাঁতিলৈকে চোঁচৰাইনি জোপোহানি এজোপাৰ আঁৰত থৈ দিলো। ছোৱালীজনীয়ে মোক এই কামত পাৰ্মোনে সহায় কৰিলে। ছোৱালীজনীৰ অলক্ষিতে মই ওখ বদমাচটোৰ পকেটৰ পৰা পিস্তলটো উলিয়াই মোৰ পকেটত ভৰাই ল’লো। তাৰ পাছত ছোৱালীজনীৰ পিছে পিছে খোজ ল’লো।
আপুনি গাড়ী চলাব জানে নেকি? ছোৱালীজনীয়ে সুধিলে।
‘নাজানো’ মই চমু উত্তৰ দিলো।
একো অসুবিধা নাই। ছোৱালীজনীয়ে ক’লে- মই জানো।
মই আচৰিত ! কি সাংঘাতিক ছোৱালী!! ছোৱালীজনীয়ে ট্রাক চলাব জানে! মানুহ অজ্ঞান কৰিব পৰা ঔষধ লগত ৰাখে !
আমি দুয়ো গৈ ট্রাকত উঠি বহিলো। নীয়ে গাড়ী ষ্টার্ট দিলে। একা-বেঁকা ৰাস্তাৰে সৰ্পিল গতিত ট্রাকখন আগবাঢ়িবলৈ ধৰিলে। একা-বেঁকা ৰাস্তাৰ সমান্তৰালভাবে মোৰ চিন্তাৰ গতিও একা-বেঁকা বাটত ব’বলৈ ধৰিলে।
কিছুদূৰ অহাৰ পাছত মই সুধিলো- যাব ক’লৈ?
মনে মনে থাকক। য’লৈকে যাব লাগে তালৈকে যাম। ছোৱালীজনীয়ে সন্মুখৰ ফালে দৃষ্টি নিৱন্ধ কৰি ক’লে।
গাড়ীত কি আছে আপুনি জানে নেকি? মই সুধিলো।
ছোৱালীজনীয়ে এইবাৰ মোৰ ফালে কৌতুহলেৰে চাই ক’লে- কয়লা আছে।
-কয়লাৰ লগত হাতী-দাঁতো আছে।
-কেনেকৈ জানিলে?
-বস্তা খুলি চাইছো।
-হয় নেকি? আপুনিও কম মানুহ নহয় দে! ইমান বিপদৰ মাজতো আপুনি বস্তাৰ ভিতৰত কি আছে তাৰো খবৰ লৈছে!
এইদৰে কথাপাতি আহি আছো। বকো পাবলৈ তিনি কিলোমিটাৰমান থাকোঁতে ৰাস্তাৰ দাঁতিত তিনিজন মানুহ থিয় দি থকা দেখিলো। ছোৱালীজনীয়ে মূৰ দাঙি সিহঁতৰ ফালে চাই তিনিবাৰ্মান লাইট জ্বলোৱা-নুমোৱা কৰিলে। তাৰ পাছত ‘গিয়াৰ চেঞ্জ’ কৰি ট্রাক ৰখোৱাৰ আয়োজন কৰিলে।
ছোৱালীজনীয়ে মোৰ ফালে চাই ক’লে- কিবা অসুবিধা হ’ব বুলি ভাবিছে নেকি? একো অসুববিধা নহয়। সিহঁত আমাৰ দলৰে মানুহ।
মই সজাগ হৈ উঠিলো। তাৰ মানে ছোৱালীজনী সাধাৰণ ছোৱালী নহয়।! কোনোবা অসৎ চক্ৰৰ সদস্যা। ট্রাকখন ব্লেক্মেল কৰি আনিছে। মানুহ কেইজনৰ লগত মিলি মোক হত্যা কৰি পেলাই থৈ গাড়ী লৈ গুচি যাব!
মোৰ ভাল কাম এটা কৰিবলৈ মন গ’ল। মই পকেটৰ পৰা পিস্তলটো উলিয়াই ছোৱালীজনীৰ মূৰত ধৰি ক’লো- ইয়াত গাড়ী ৰখালেই গুলী কৰিম। চিধাই আগবাঢ়ক।
ছোৱালীজনীয়ে বৃথা আক্ৰোশত মোৰ ফালে চালে। তাই কিবা কোৱাৰ আগতেই মই পুনৰ ক’লো- স্পীড বঢ়াই দিয়ক। গাড়ী ৰখালেই কিন্তু মই গুলী কৰিম। অবলা বুলি ভাবি আপোনাৰ প্ৰতি যি সহানুভূতি আছিল, আপোনাৰ কাণ্ড-কাৰখানা প্রত্যক্ষ কৰি এতিয়া সেই সহানুভূতিৰ ঠাইত ঘৃণা উপজিছে। আপোনাক গুলী কৰিবলৈ মোৰ হাতখন অকনো নকপিব।
অনিচ্ছাসত্ত্বেও ছোৱালীজনীয়ে ট্রাকৰ গতি বঢ়াই দিলে। নিমিষৰ ভিতৰতে আমি মানুহ কেইজন পাৰ হৈ আহিলো। ছোৱালীজনীয়ে এখন হাত বাহিৰলৈ উলিয়াই কিবা ইংগিত কৰিলে মানুহ কেইজনক উদ্দেশ্য কৰি।
গাড়ী হাইৱেত উঠিল। মই ক’লো- চিধাই থানালৈ ব’লক।
ছোৱালীজনীয়ে ভয়-বিহ্বল সুৰত ক’লে- থানালৈ কিয়? মই কথা দিছো এই মালৰ অংশ আপোনাকো দিয়া হ’ব।
মই ছোৱালীজনীৰ প্ৰস্তাৱ প্ৰত্যাখান কৰি দৃঢ়তাৰে ক’লো- আপোনাৰ সুন্দৰ দেহত যি কুৎসিত মনৰ পৰিচয় পাইছো, ইয়াৰ পাছতো আপোনাক মোৰ পক্ষে বিশ্বাস কৰা সম্ভৱ নহয়। তদুপৰি চোৰৰ শপতত মই বিশ্বাস নকৰোঁ। তাতকৈ ডাঙৰ কথা হ’ল, য’ত বেছি লাভ তাত এই শ্ৰীমান কল্যাণ দুৱৰা নাই।
এইদৰে কৈ মই ছোৱালীজনীৰ মুৰত পিস্তলেৰে খুন্দা মাৰিলো।
নিৰুপায় হৈ ছোৱালীজনীয়ে ট্রাকখন থানাৰ ফালে চলাই দিলে।◆
নৰক
সৰ্গ আৰু নৰক। বহুতেই কয়, সৰ্গ আৰু নৰক বোলা কোনো বস্তু নাই। ই মানুহৰ কল্পনাৰ সৃষ্টি। সৰগ-নৰক যদি আছে এই মাটিৰ পৃথিবীতেই আছে। মহিম মাষ্টৰে কিন্তু এই কথাষাৰ কোনোদিনে বিশ্বাস কৰা নাছিল। কাৰণ তেওঁ থিয়’লজিত বিশ্বাসী মানুহ। মাইথ’লজিত তাৰ বিশ্বাস থাকিলেও ধৰ্মৰ ক্ষেত্ৰত তেওঁ এই বিষয়ে আপোচ কৰিবলৈ দ্বিধাবোধ কৰিছিল। মাইথ’লজি যুক্তি-তর্কৰ ওপৰত প্রতিষ্ঠিত; কিন্তু থিয়’লজি যুক্তি-তৰ্কৰ উৰ্দ্ধত। থিয়’লজি এপাহি পবিত্র ফুল। যুক্তি-তর্কেৰে ফুলৰ চুপহি, পাহি, গৰ্ভকেশৰ, পুং-কেশৰ আদিৰ সৌন্দৰ্য বিশ্লেষণ কৰিবলৈ গ’লে হয়তো বহু তথ্য-তত্ত্ব পোৱা যাব; কিন্তু ফুলৰ সৌন্দৰ্য নাথাকিব। সকলোবোৰ মিলি যি ফুল সেয়াই সত্য। কিন্তু আজি তেওঁ মর্মে মর্মে উপলব্ধি কৰিলে যে, বহুতে কোৱা ধৰণে সৰ্গ-নৰক এই মাটিৰ পৃথিবীতেই আছে।
মাষ্টৰে আৰু এযাৰ কথা বিশ্বাস কৰিবলৈ বাধ্য হ’ল যে, ভালপোৱা আৰু ভাললগাও চিৰস্থায়ী নহয়– ‘ডাইনামিক’ অর্থাৎ পৰিৱৰ্তনশীল। এদিন যিজনক দেখিলে বা যাৰ কথা শুনিলে ভাল লাগে আনদিনা হয়তো সেইজনক দেখিলে ঘৃণাও উপজিব পাৰে। অৱশ্যে এই কথাৰ প্ৰমাণ মহিম মাষ্টৰে বহুদিন আগতেই পাই থৈছে। এদিন কেইজনমান মানুহে এখন চাহৰ দোকানত বহি ইটো-সিটো কথা আলোচনা কৰি আছিল। যাক ক’ব পৰা যায় বেবেৰিবাং আলোচনা। সেই অঞ্চলৰে এজন বিখ্যাত মানুহ দীনেশ চৌধুৰী। কথাৰ মাজতে এজনে হঠাৎ ক’লে- চৌধুৰীৰ দৰে মানুহ নহয়– এজন দেৱতুল্য মানুহ।
লগে লগে আন এজনে ক’লে- চৌধুৰীৰ লগত আপোনাৰ কিমান দিনৰ চিনাকি?
মানুহজনে খন্তেক ভাবি ক’লে- এই ধৰক, দুবছৰমান হ’ব।
তেনেহ’লে আৰু দুই বছৰমান পাছত কথাটো ক’ব লাগিছিল। আমি হয়তো এইখন চাহৰ দোকানত বহিয়ে আপোনাৰ পৰা শুনিবলৈ পাম যে, চৌধুৰী মানুহ নহয়, সি এজন অমানুহ- মস্ত ফাঁকিবাজ।
কথাটোৰ কাৰণে দু বছৰ অপেক্ষা কৰিব লগা হোৱা নাছিল। এবছৰ নৌহওঁতেই চৌধুৰীক প্রশংসা কৰা সেই মানুহজনেই কৈছিল- চৌধুৰী এজন অমানুহ। তাৰ মনুষ্যত্ব বোলা কোনো কাণ্ডজ্ঞান নাই। সি নিজৰ স্বাৰ্থৰ বাহিৰে কোনো কাম নকৰে।
মহিম মাষ্টৰৰ আজি হাড়ে-হিমজুৱে কথাটো বিশ্বস হ’ল। কাৰণ যিজন পুতেকে এগ্রি বিএছচিত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ সোণৰ পদক লাভ কৰাৰ পাছত বুকুখন গৌৰৱত ফুলি উঠিছিল– মানুহৰ আগত পুতেকৰ সুখ্যাতিৰ প্ৰশংসা কৰি গৌৰৱ অনুভৱ কৰিছিল; সেইজন পুতেকৰ প্ৰতিয়ে তেওঁ বিতৃষ্ণাৰ ভাব এটা লৈ উভতিব লগা হ’ল যোৰহাটৰ পৰা।
মহিম মাষ্টৰ বিশেষ শিক্ষিত মানুহ নহয়- এম, ই পাছ। যাঠিৰ দহকত অসমত প্রাথমিক শিক্ষা প্ৰাসৰৰ বাবে রেঁনেচাচ আৰম্ভ হৈছিল। তেতিয়া শিক্ষক নিযুক্তিৰ বাবে টি, টি পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছিল। টি, টিক বহুতে তেতিয়া টানি-টুনি পাছ বুলি উপলুঙা কৰিছিল। এতিয়াও বহুতে টি, টি পাছ শিক্ষকসকলক টানি-টুনি পাছ শিক্ষক বুলি উপহাস কৰে। মহিম মাষ্টৰে তেতিয়াই টি,টি পাছ কৰি শিক্ষকতা জীৱনৰ পাতনি মেলিছিল। চাৰি বছৰ আগতে তেওঁ চাকৰিৰ পৰা অৱসৰ লৈছে। মহিম মাষ্টৰ এম, ই পাছ আছিল যদিও ভাল শিক্ষক বুলি তেওঁৰ অঞ্চলটোত বিশেষ সুনাম আছিল। বহুতেই এতিয়াও কয়, মহিম মাষ্টৰ এম, ই পাছ হ’লে কি হ’ব, এতিয়াৰ বহু বি, এ পাছ শিক্ষকো মহিম মাষ্টৰৰ তুলনাত সূৰ্যৰ আগত জোনটোহে।
নিজে ডিগ্ৰী ল’ব নোৱাৰাৰ দুখটো মহিম মাষ্টৰৰ চিৰদিন থাকি গ’ল। ছাত্ৰ হিচাপে তেওঁ বেয়া নাছিল; কিন্তু তেতিয়াৰ দিনৰ শিক্ষা গ্ৰহণৰ অসুবিধা আৰু আয়াসতে শিক্ষকৰ চাকৰিটো পাই যোৱাৰ কাৰণে মাষ্টৰৰ উচ্চ শিক্ষা লোৱা নহ’ল। উচ্চ শিক্ষা আহৰণ কৰিব নোৱাৰাৰ কাৰণে কেতিয়াবা আক্ষেপ কৰি কয়- ডিগ্ৰী নাথাকিলে মানুহে জ্ঞানৰ মূল্য দিব নিবিচাৰে। জ্ঞানৰ মূল্য আজি-কালি জোখা হয় ডিগ্ৰী আৰু ধনেৰেহে।
সেয়েহে মাষ্টৰে দৈ’ৰ সোৱাদ ঘোলেৰে মিটাবলৈ নিজৰ ল’ৰা-ছোৱালীকেইটাক বিশেষভাবে শিক্ষিত কৰি তুলিবলৈ যত্নবান হৈছিল। নিজে ৰজা হোৱাতকৈ ৰজাৰ বাপেক হোৱাই ভাল। নিজে নামৰ পাছত ডিগ্ৰী বহুৱাব নোৱাৰিলেও ল’ৰা- ছোৱালী কেইটাই যাতে নামৰ পাছত ডিগ্ৰী বহুৱাব পাৰে তাৰ কাৰণে মাষ্টৰে পেটত গামোচা বান্ধি উঠি-পৰি লাগিছিল। মন থাকিলে চন মিলে। মহিম মাষ্টৰৰ আশা ক’বলৈ গ’লে ফলৱৰ্তী হৈছে। এজন পুতেক অধ্যাপক, এজন ফার্মাচিষ্ট আৰু এজনে এবছৰমান আগতে এগ্ৰি বিএছচিত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ সোণৰ পদক লাভ কৰিছে। ধানৰ বিষয়ে গৱেষণা কৰি সি কনিষ্ঠ বিজ্ঞানীৰ সন্মানো বুটলিবলৈ সক্ষম হৈছে কিছুদিন আগতে।
মহিম মাষ্টৰৰ উৰুখা পঁজাৰে পানী সৰে। মাটি বুলিবলৈ মাথোন ভেটিটো। পুতেকহঁতৰ অধ্যয়নৰ খৰচ গোটাবলৈ তেওঁ কেতিয়াবা লঘোনো দিব লগা হৈছিল। কোনো কোনো মাহত চাৰিটা-পাঁচটা অমাৱস্যা নামি আহিছিল মাষ্টৰৰ সংসাৰলৈ। এইবোৰ খবৰ ওচৰ-চুবুৰীয়া, বন্ধু-বান্ধবৰ কাণতো পৰিছিল। সংসাৰৰ এই দৈন্যতা দেখি বহুতে ঠাট্টা কৰি কৈছিল- কি কৰিলা চাকৰি কৰি? একো দেখোন কৰিব নোৱাৰিলা। নাই ভাল এটা ঘৰ, নাই ভাল এযোৰ কাপোৰ ! ওৰেটো জীৱন দেখোন ধাৰ- ধোপাৰৰ ওপৰতে চলিলা ? মাষ্টৰে তেতিয়া ল’ৰা-ছোৱালীকেইজনৰ ফালে আঙুলিয়াই কৈছিল-ল’ৰা-ছোৱালীকেইটাই মোৰ সম্পত্তি। আৰুনো বেলেগ কি সম্পত্তি লাগে?
মাষ্টৰৰ কথাৰ যথাৰ্থতা এতিয়া বহুতেই উপলব্ধি কৰে। আটায়ে এতিয়া মাষ্টৰৰ প্ৰশংসাত পঞ্চমুখ। দুই এজনে যে বিৰূপ মন্তব্য নকৰে সেয়াও নহয়। কাৰণ ভাল মানুহৰো শত্রু থাকে। অৱশ্যে চকু চৰহাবোৰে বিৰূপ মন্তব্য কৰিবলৈ হ’লে কেউফালে দৃষ্টি বোলাইহে কৰে।
বাদল যেতিয়া হায়াৰ চেকেণ্ডাৰীত পঢ়িছিল, তেতিয়া বাদলৰ এখন চিঠি মহিম মাষ্টৰে বহুতকে পঢ়ি শুনাইছিল। বাদলে হায়াৰ চেকেণ্ডাৰীৰ বাচনি পৰীক্ষাত বাসত্তৰ শতাংশ নম্বৰ পাইছে। ফাইনেলত আৰু অধিক পোৱাৰ সম্ভাৱনা আছে। যি মূলা বাঢ়ে, তাৰ দুপাততে চিহ্ন। মেট্রিকত বাদলে পাঁচটা বিষয়ত লেটাৰ মার্কসহ প্রথম বিভাগত উত্তীৰ্ণ হৈছিল। যথা সময়ত বাদলে ষ্টাৰ মাৰ্কসহ হায়াৰ চেকেণ্ডাৰীৰ ফাইনেল পৰীক্ষাত উত্তীৰ্ণ হ’ল। বাদলৰ অৱশ্যে ডাক্তৰী পঢ়াৰ ইচ্ছা আছিল; কিন্তু লাগি-ভাগি দিয়াৰ মানুহ নথকাৰ কাৰণে তাৰ সেই আশা ফলৱতী নহ’ল। তেতিয়া বাদলে আক্ষেপ কৰি কৈছিল- মোতকৈ কম নম্বৰ পোৱা বহুতেই ডাক্তৰীত ছিট পালে, লাগি-ভাগি দিয়া মানুহৰ অভাৱতহে মই ছিট নাপালো।
বাদলৰ এগ্রিবিএছচিৰ ফলাফল প্ৰকাশৰ পাছত মাষ্টৰৰ হাতত টকা নথকাৰ পাছতো ধাৰ কৰি বন্ধু-বান্ধব, ওচৰ-চুবুৰীয়াক এশ টকাৰ মিঠৈ কিনি খুৱাইছিল। হাতত টকা নথকাৰ কাৰণো অৱশ্যে আছিল। আগৰ দুজন পুতেকে চাকৰি পাই কৰ্মস্থলীত আছেহি। সিহঁতে বিয়া-বাৰুও কৰাইছে। সিহঁতৰ সংসাৰ হৈছে। ফলত ঘৰলৈ টকা পঠাব নোৱাৰে। ইফালে দৰমহাও সময়মতে নাপায়। প্ল্যানৰ চাকৰি। কেতিয়াবা চাৰি-পাঁচ মাহলৈ দৰমহা বন্ধ হৈ থাকে। গতিকে মাষ্টৰে সিহঁতৰ টকাৰ ওপৰত ভৰসা কৰিব নোৱাৰে। দুবছৰমান আগতে তেওঁ নিজেও পেন্সন পাইছে। ফলত পেন্সনৰ টকাৰেই সংসাৰখন চলাব লগা হয়। তদুপৰি সংসাৰ চলোৱাৰ উপৰিও বাদলক মাহে মাহে টকা পঠাব লগা হয়। গতিকে এশ এবুৰি কাৰণত পেন্সনৰ টকাকেইটা পোৱাৰ পাছদিনাই পকেট শূন্য হৈ পৰে।
বাদলে কনিষ্ঠ বিজ্ঞানীৰ সন্মান পোৱাৰ পাছত সি ঘৰলৈ আহিব বুলি মহিম মাষ্টৰে অধীৰ অপেক্ষাত বাট চাই আছিল। এমাহ দুমাহকৈ ছমাহ পাৰ হোৱাৰ পাছতো বাদল ঘৰলৈ নাহিল। এদিন এখন চিঠি পালে, বাদলে বৈজ্ঞানিক সন্মিলনত যোগদান কৰিবলৈ হোনো পাটনালৈ গৈছে। তিনি চাৰি মাহমান পাছত পুনৰ খবৰ আহিল- বাদল তেওঁৰেই জ্যেষ্ঠ বিজ্ঞানী এগৰাকীৰ ছোৱালীক বিয়া কৰাইছে।
বিয়াৰ খবৰ শুনি বাদলৰ মাকে হা-হুতাশ কৰা দেখি মাষ্টৰে ক’লে- মিছাতে দুখ কৰিছা কিয়? আমি জানো ইমান ডাঙৰ বিজ্ঞানী এগৰাকীৰ ছোৱালীক বোৱাৰী কৰি আনিব পাৰিলোহেঁতেন? ভালেই হ’ল দিয়া, সি নিজে কইনা চাই বিয়া কৰাইছে যেতিয়া আমাৰ দায়িত্ব কমিল। ইয়াকে লৈ আক্ষেপ নকৰিবা।
ঘৈণীয়েকক সান্ত্বনা দিয়াৰ কাৰণে কথাকেইটা মুখত তেনেকৈ ক’লেও বুকুখন ভাগি যোৱা যেন লাগিছিল মাষ্টৰৰ। আগৰ দুজনেও নিজে কইনা চাই বিয়া কৰাইছে। সিহঁতে এতিয়া মাক-বাপেকৰ খবৰ নোলোৱা হৈছে। মাষ্টৰৰ আশা আছিল, বাদলৰ কাৰণে তেওঁ নিজে কইনা চাই বোৱাৰী কৰি আনিব; কিন্তু নহ’ল। বাদলেও আগৰ দুজনৰ পথকে ল’লে। কথাতেই আছে নহয়, কপালেই গোপাল ! কপালত নাই যেতিয়া দুখ কৰি কিনো লাভ হ’ব ! তদুপৰি আগৰ হাল যিফালে যায়, পিছৰ হালো সেইফালে যায় বুলি কথা এষাৰ আছে নহয় !
বিয়াৰ তিনিমাহ পাছতো যেতিয়া বাদল ঘৰলৈ নাহিল, তেতিয়া মাষ্টৰে নিজে বোৱাৰীয়েকক ঘৰলৈ আনিবলৈ যোৰহাটলৈ বুলি ওলাল। মাষ্টৰৰ অৱশ্যে সিমান ইচ্ছা নাছিল, যিজন ল’ৰাই মাক-বাপেকৰ কথা ভবা নাই, তাৰ কথা ভাবিনো কি লাভ? কিন্তু বাদলৰ মাকৰ কন্দা-কটা দেখিহে আহিবলৈ বাধ্য হৈছে। অহাৰ সময়ত বাদলৰ মাকে বোৱাৰীয়েকৰ বাবে নিজৰ বাৰীৰ আম আৰু জাম কেইটামান পলিথিনৰ মোনাত ভৰাই এটাচিত ভৰাই দিছে। আম-জাম কেইটা পালে বোৱাৰীয়েকে ভাল পাব বুলি ভাবি মাষ্টৰে কোনো হকা-বধা কৰা নাই। এটাচিটো হাতত লৈ ঈশ্বৰক চিন্তি ঘৰৰ পৰা ওলাই আহিছে।
যোৰহাটলৈ আহি সুধি-মেলি মাষ্টৰে বাদলৰ কোৱাৰ্টাৰ পালেহি। গে’ৰ্টত চকিদাৰ এজন ৰৈ আছিল। অৱশ্যে সি কিছু দূৰত বহি টোপনিয়াই আছিল। নিজৰ পুতেকৰ ঘৰত প্ৰৱেশ কৰিব! গতিকে তেওঁ চকিদাৰ্জনৰ অনুমতি নুলোৱাকৈয়ে গেটৰ ভিতৰত প্ৰৱেশ কৰিবলৈ উদ্যত হ’ল।
মাষ্টৰে গেটৰ ভিতৰত প্ৰৱেশ কৰিবলৈ উদ্যত হওঁতেই চকিদাৰ্জন সজাগ হৈ উঠিল। সি গেটৰ ওচৰলৈ আহি মাষ্টৰক বাধা দিলে । চকিদাৰৰ ব্যৱহাৰত মাষ্টৰৰ ভীষণ খং উঠিল। মাষ্টৰে খঙতে ক’লে- মোৰ নিজৰ ঘৰত নিজে সোমাম, তুমি বাধা দিবলৈ কোনহে? যোৱা, তোমাৰ চাহাবক তাৰ দেউতাৰা আহিছে বুলি কোৱাগৈ!
চাহাবৰ দেউতাক বুলি শুনি চকিদাৰ্জনে তৎক্ষণাৎ কথাটো মেম চাহাবক জনাবলৈ বঙলাৰ ভিতৰলৈ সোমাই গ’ল। কিছু সময় পাছত উভতি আহি মাষ্টৰক ড্ৰয়িংৰোমত বহিবলৈ দিলে। ড্রয়িংৰোমৰ চাক্চিক্য আৰু চোফাচেটৰ প্ৰাচুৰ্য দেখি মাষ্টৰৰ বুকু গর্বত ফুলি উঠিল। তেওঁ চোফা এখনত আৰামকৈ বহি বোৱাৰীয়েকৰ কাৰণে অপেক্ষা কৰিবলৈ ধৰিলে। আধা ঘণ্টামান বহাৰ পাছতো যেতিয়া বোৱাৰীয়েক নাহিল, তেতিয়া বিৰক্ত হৈ মাষ্টৰে ‘বোৱাৰী, অ’ বোৱাৰী’ বুলি মাতিবলৈ ধৰিলে। কেইবাৰমান মাতাৰ পাছত চৰ-উনৈছ বছৰীয়া ছোৱালী এজনী সুমাই আহি ক’লে- ইমানকৈ ৰিছে কিয়? কি লাগে আপোনাক?
ইমান সময়ে মাষ্টৰৰ খং চুলিৰ আগ পাইছিলহি। তেওঁ ছোৱালীজনীৰ ফালে চকু পকাই চাই ক’লে- কি লাগে বুলি সুধিছা ? যোৱা, বোৱাৰীক পঠিয়াই দিয়াগৈ।
কথাষাৰ শুনি ছোৱালীজনীয়ে মাষ্টৰৰ ফালে এনেকৈ চালে, যেন মাষ্টৰে কিবা নোহোৱা-নোপোজা কথাহে কৈ পেলাইছে। তাই ভাবিলে, এই ক্ষীণ-মিন শোটোৰা ছালৰ মানুহজন কেনেকৈ চাহাবৰ দেউতাক হ’ব! কিন্তু তাই এই বিষয়ে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি ভিতৰলৈ সোমাই যাবলৈ উদ্যত হ’ল। তেতিয়া মাষ্টৰে আম, জামৰ টোপোলাটো ছোৱালীজনীৰ ফালে আগবঢ়াই ক’লে- লোৱা, এইবোৰ বাদলৰ মাকে পঠিয়াই দিয়া বুলি ক’বা। আম আৰু জাম আছে। নিজৰ বাৰীৰ। খাবলৈকো বৰ সোৱাদ।
টোপোলাটো লৈ ছোৱালীজনী ভিতৰলৈ সোমাই গ’ল। ভিতৰৰ পৰা কি সঁহাৰি আহে মাষ্টৰে ছোফাত আঁউজি বহি চকু মুদি তাৰ কাৰণে অপেক্ষা কৰিবলৈ ধৰিলে। খন্তেক পাছতে ছোৱালীজনীয়ে টোপোলাটো ঘূৰাই আনি মাষ্টৰৰ সন্মুখত নমাই থৈ ক’লে- মেম চাহাবে এইবোৰ লেতেৰা বস্তু নাখায় বোলে। ঘূৰাই পঠাইছে।
মাষ্টৰ আহত হ’ল। কিন্তু তেওঁ কোনো প্রতিক্রিয়া প্ৰকাশ নকৰিলে। তেওঁ হুমুনিয়াহ কাঢ়ি শান্ত সমাহিত কণ্ঠত ক’লে- বাৰু, তুমি তোমাৰ মেম চাহাবক পঠিয়াই দিয়াগৈ৷ ইমান দূৰৰ পৰা আহিছো। দেখা নকৰাকৈ যাওঁ কেনেকৈ!
ছোৱালীজনীয়ে নির্দয়ভাবে ক’লে- মেম চাহাব এতিয়া শুই আছে। মাতিবলৈ মানা কৰিছে। তদুপৰি চাহাব আহিলেহে দেখা কৰিব পাৰিব। চাহাবৰ অনুমতি নোহোৱাকৈ বেলেগ মানুহৰ লগত দেখা কৰাৰ পাৰ্মিচন নাই।
মাষ্টৰে আগতকৈও কোমল সুৰত ক’লে- তুমি কোৱাগৈচোন, বেলেগ মানুহ নহয়। বাদল মোৰ পুতেক। মই তাইৰ শহুৰ । শহুৰৰ লগত দেখা কৰিবলৈ পাৰ্মিচনৰ দৰ্কাৰ নহয়। যোৱা, তুমি কথাটো তাইক বুজাই কোৱাগৈ।
ছোৱালীজনী পুনৰ ভিতৰলৈ সোমাই গ’ল। পোন্ধৰ মিনিটমান অপেক্ষা কৰাৰ পাছতো বোৱাৰীয়েক নাহিল। মাষ্টৰৰ কল্পনাৰ সৌধ কাঁচ-ঘৰৰ দৰে ভাগি পৰাৰ উপক্রম হ’ল। এবাৰ ভাবিলে, গুচি যোৱাই ভাল; কিন্তু আকৌ এবাৰ ভাবিলে, ইমান দূৰৰ পৰা আহিছে দেখা নকৰাকৈ যায় কেনেকৈ? অৱশেষত তেওঁ পুতেক নহালৈকে বাট চাবলৈ সিদ্ধান্ত লৈ আমন-জিমনকৈ বহি থাকিল। এটা সময়ত মাষ্টৰৰ অপেক্ষাৰ অন্ত পৰিল। কেইজনমান বন্ধু-বান্ধব লৈ বাদল হৈ-চৈ কৰি ড্ৰয়িংৰোমলৈ সোমাই আহিল; কিন্তু ড্রয়িংৰোমত প্ৰৱেশ কৰিয়ে যেন তাৰ উৎসাহত চেঁচা পানী পৰিল। তাৰ মুখমণ্ডল শেঁতা পৰি গ’ল। তেওঁ সেপ ঢুকি গহীনভাবে মাষ্টৰৰ ফালে চাই ক’লে- তুমি কেতিয়া আহিলা? আমাৰ কিবা এটা আলোচনা আছে। তুমি খন্তেক বাহিৰত বাৰাণ্ডাত বহাগৈ। তোমাৰ লগত পাছত কথা হ’ম।
পুতেকৰ ব্যৱহাৰত মাষ্টৰ আহত হ’ল যদিও মুখ ফুটাই একো নক’লে। কাৰণ কথা কোৱাৰ ভাষা তেওঁ বোৱাৰীয়েকৰ ব্যৱহাৰত আগতেই হেৰুৱাই পেলাইছিল। পুতেকৰ কাৰণে যি অকন আশা আছিল, সেয়াও কৰ্পূৰৰ দৰে উৰি গ’ল। তেওঁ থৰক-বৰক খোজেৰে বাহিৰলৈ ওলাই আহিল।
বাদলৰ বন্ধু এজনে সুধিলে- কোন এই বৃদ্ধজন?
বাদলে বিশেষ একো নভবা-নিচিন্তাকৈ উত্তৰ দিলে- আমাৰ ঘৰৰে লগুৱা। আতাহঁতৰ দিনৰে পৰা আছে। মোক বৰ ভাল পায়। সেই কাৰণেই হয়তো দেখা কৰিবলৈ আহিছে।
কথাষাৰ মাষ্টৰেও শুনিলে । কথা নহয় যেন প্ৰতিটো শব্দই একো একোপাত ঢোকা অস্ত্র। প্ৰতিটো শব্দই শেলৰ দৰে আহি তেওঁৰ কলিজাত লাগি কলিজা থকা-সৰকা কৰি পেলালে। তেওঁৰ চকুৰ আগত পৃথিবীখন কুমাৰৰ চাকৰ দৰে ভোঁ-ভোঁকৈ চক্রাকাৰে ঘুৰিবলৈ ধৰিলে। দুহাতেৰে মূৰটো হেঁচি ধৰি মাষ্টৰে লেপেটা কাঢ়ি মজিয়াত বহি পৰিল আৰু কেইমুহূৰ্তমান পাছতে তেওঁ মজিয়াত ঢলি পৰিল। ঢলি পৰাৰ মুহূৰ্তত তেওঁ মাথোন এষাৰ কথাই ভাবিলে, এয়াই বোধকৰো ‘নৰক’।◆
টাডাবন্দী
টাডাবন্দী জীৱন যাপন কৰিব লাগিব বুলি প্রভাতে কোনোদিনে কল্পনা কৰা নাছিল। উলৰ লগত বগৰী পোৰাৰ দৰেই তাৰ অৱস্থা। মদনে কোৱা অনুসৰি সিহঁতৰ বিৰুদ্ধে বোলে তিনিটা ব’মব্লাষ্ট আৰু তিনিটাকৈ হত্যাৰ অভিযোগ আৰোপ কৰা হৈছে। হত্যা মানে নৰহত্যা! প্রভাতৰ কাৰণে নৰহত্যা কৰাটো একেবাৰে অভাৱনীয় কথা। আচলতে প্রভাতে মাখি এটা মাৰিবলৈও টান পায়। সৰু সৰু ল’ৰা-ছোৱালীবোৰে জিঞা, পখিলা আদিলৈ খেলিলেও, পখিলাৰ নাগুৰ-নাগুতি দেখি তাৰ কোমল হৃদয়
কান্দি উঠে। সম্ভৱ হ’লে ল’ৰা-ছোৱালীক ফুচুলাই জিঞ্জ, পখিলা আদি এৰি দিয়ে। মানুহতো বাদেই কোনো জীৱ-জন্তুৰ সাধাৰণ কষ্ট দেখিলেও তাৰ অন্তৰ বিষাদেৰে ভৰি পৰে হৃদয়ৰ কোনোবা ঠাইত বেদনা অনুভৱ কৰে। এই হেন প্রভাত আজি টাড়াবন্দী! বোমা বিস্ফোৰণ, নৰহত্যাৰ দৰে অভিযোগত অভিযুক্ত আচামী।
হাজোতত থকা আজিলৈ দহ দিনেই হ’ল। কিমান দিন পাছত যে হাজোতৰ পৰা ওলাই যাব পাৰিব তাৰো কোনো নিশ্চয়তা নাই। টাডাবন্দীসকলৰ জামিন হোৱাটো স্বাভাৱিকতে টান, তদুপৰি তাৰ জামিনৰ ব্যৱস্থা কৰিব পৰা তেনে কোনো মানুহ নাই ঘৰখনত।
মাক প্রমীলা, ভায়েক-ভনীয়েকহাল আৰু প্ৰভাতক লৈ চাৰিটা প্ৰাণীৰ সৰু সংসাৰ। মাক প্ৰমীলা দৰিদ্ৰতাৰ লগত যুঁজি যুঁজি অকালতে বুঢ়ী। ভায়েক কল্যাণ অষ্টম মানৰ ছাত্ৰ আৰু ভনীয়েক ববিতা নৱম মানৰ ছাত্ৰী। জামিন মানেই উকিল মহৰীৰকথা। টকা নহ’লে উক্লিসকলে মুখৰ ফালে চাই কথা ক’বলৈকো টান পায়। প্রভাতৰ দেউতাক প্রাইভেট কোম্পানী এটাত চাকৰি কৰিছিল। এদিন অফিচৰ পৰা ঘৰলৈ অহাৰ বাটত জলকীয়া কিনিবলৈ বজাৰলৈ গৈছিল। তাতেই বোমা বিস্ফোৰণত তাৰ মৃত্যু হৈছে। ব’মটো হেনো জলকীয়াৰ বস্তাৰ ভিতৰত আছিল।
প্রভাত তেতিয়া নৱম মানৰ ছাত্র। দেউতাকৰ মৃত্যুৰ পাছত চৰকাৰৰ পৰা সাহায্য পোৱাৰ আশাত সি মাকৰ লগত কে’বাদিনো কাছাৰীলৈ যাব লগা হৈছিল। তেতিয়া সি প্রত্যক্ষ কৰিছে উকিল, মহৰীসকলৰ কাণ্ড-কাৰখানা। এতিয়া কৰি দিব বুলি কৈ পকেটত টকা ভৰাব পাৰিলে এমাহতো সেই কাম হৈ নুঠে। এই অভিজ্ঞতা প্রভাতৰ তেতিয়াই হৈছে।
মদনৰ কথা সুকীয়া। সি নিষিদ্ধ সংগঠন এটাৰ সদস্য। বোমা বিস্ফোৰণ আৰু নৰহত্যা সংঘটিত কৰাটোৱে হৈছে তাৰ কাম। সি কোৱামতে এইবোৰ কামৰ বাবেই হেনো সি প্রশিক্ষণ লৈছে। জে’ল-হাজোতলৈ তাৰ মুঠেই ভয় নাই। হাজোত বাস কৰাটো যেন তাৰ কাৰণে সাধাৰণ কথা। সি সকলোৰে লগত হাঁহি-মাতি কথা পাতে- তামচা-স্ফূৰ্তি কৰে। সি যেন আলহী খাবলৈহে আহিছে!
প্রভাতেই বৰ্তমান ঘৰখনৰ একমাত্র উপার্জনক্ষম সদস্য। দেউতাকৰ মৃত্যুৰ পাছত প্ৰভাতেই টিউচন কৰি কোনোমতে সংসাৰখন চলাই আছে। পাঁচ বছৰ আগতে সি বি, এ পাছ কৰিছে। এম, এ পঢ়াৰ যোগ্যতাও আছিল তাৰ; কিন্তু আর্থিক দৈন্যতাৰ কাৰণেই সি উচ্চশিক্ষা ল’ব নোৱাৰিলে। কল্যাণ আৰু ববিতাও লিখা-পঢ়াত ভাল । উপযুক্ত সা-সুবিধা পালে সিহঁতেও পৰীক্ষাত ভাল ফলাফল কৰিব পাৰিলেহেঁতেন। কিন্তু আৰ্থিক দৈন্যতাৰ কাৰণে নুন্যতম সুবিধাখিনিও সিহঁতক দিব পৰা নাই। এনেকি সময়মতে পেট পূৰাই ভাতো দিব নোৱাৰে। বিকাশৰ সুবিধা নাপালে হয়তো সিহঁতৰ প্ৰতিভা অকালতে মৰহি যাবহি !
মৃত্যুৰ সময়ত দেউতাকে দুই কঠা মাটিৰ বাহিৰে একো এৰি থৈ যাব পৰা নাই প্রভাতহঁতৰ কাৰণে। দেউতাকে ভাল কোম্পানী এটাত চাকৰি কৰিছিল। দৰমহা পাতিও মোটা-মুটি ভালেই আছিল। সিহঁতৰ যৌথ পৰিয়াল আছিল । দুজন ভায়েকৰ লগতে তিনিজনী ভনীয়েক আছিল। চাকৰি পোৱাৰ পাছত সংসাৰৰ সকলো দায়িত্ব তেওঁৰ ওপৰতে ন্যস্ত হৈছিল। দুজন ভায়েকৰ লিখা-পঢ়া আৰু তিনিজনী ভনীয়েকক বিয়া দি উলিয়াই দিব লগা হোৱাত তেওঁ বিশেষ একো সম্পত্তি কৰিব পৰা নাছিল। দেউতাকৰ একমাত্র সান্ত্বনা আছিল– পৰিয়ালৰ প্ৰথমটো সন্তান হিচাপে সিযে ভায়েক দুজনক লিখা-পঢ়া শিকোৱাৰ লগতে ভনীয়েক কেইজনীক বিয়া দি উলিয়াই দিব পাৰিছে, সেয়াই তেওঁৰ কাৰণে যথেষ্ট আছিল। দুজন ভায়েকেই ভাল চাকৰি কৰে। সিহঁতৰ অৱস্থা পাতিও বেচ ভাল। কিন্তু ভায়েক দুজনে চাকৰি পোৱাৰ পাছতেই বিয়া-বাৰু কৰাই বেলেগ হৈ গৈছে। এই বিষয়ে প্রভাতৰ মাক প্ৰমীলাই কিবা অভিযোগ দিবলৈ চেষ্টা কৰিলেই তেওঁ সান্ত্বনা দিবলৈ কৈছিল- মোৰ দায়িত্ব মই পালন কৰিলোঁ, সিহঁতে যদি সিহঁতৰ দায়িত্ব পালন নকৰে মই কি কৰিম কোৱাচোন? চিন্তা নকৰিবা, এতিয়াতো আমি মোটা-মুটি চলিয়ে আছোঁ। কিবা টানত পৰিলে সিহঁতে নিশ্চয় আমাক সহায় নকৰাকৈ থাকিব নোৱাৰে।
কিন্তু দেউতাকৰ সেই ধাৰণা ভ্রান্ত আছিল, কাৰণ দেউতাকৰ মৃত্যুৰ পাছত দুয়োজন ভায়েকে আহি দাহ-সংস্কাৰ কৰি সেইযে গ’ল, তাৰ পাছত ভুলতো প্রভাতহঁতৰ খবৰ ল’বলৈ অহা নাই। মাকেও স্পষ্টভাবে জনাই দিছে, সিহঁতে যদি তহঁতৰ খবৰ ল’বলৈ নাহে, তহঁত উপযাচি সিহঁতৰ ওচৰলৈ যাব নালাগে। ভগবানে যেনেকৈ চলাই আছে, তেনেকৈয়ে চলি থাকিম। তহঁতে নিজৰ হ’বলৈ চেষ্টা কৰ। পৰত আশ, বনত বাস।
প্রমীলাৰ এইফাকি কথাত আছিল, ক্ষোভ আৰু অভিমানৰ সুৰ। তাই বিয়া হৈ এইখন ঘৰলৈ অহাৰ সময়ত দুয়োজন ভায়েকেই সৰু আছিল । শহুৰেক-শাহুয়েক সিহঁত দুজন সৰু থাকোঁতেই ঢুকাইছিল। ছোৱালী তিনিজনীৰ এজনীৰো বিয়া হোৱা নাছিল। ছজন ককায়েক-ভায়েকৰ মাজত ভায়েক দুজনেই আছিল নুমলীয়া । প্রমীলাই নিজেই সিহঁতক মাতৃ-স্নেহেৰে তুলি- তালি ডাঙৰ-দীঘল কৰিছে। নিজে নাখাই সিহঁতক খুৱাইছে। কিন্তু লিখা-পঢ়া শিকি চাকৰি পোৱাৰ পাছত বিয়া-বাৰু কৰাই
দুয়ো বেলেগ হৈ গৈছে। সিহঁত এইদৰে বেলেগ হৈ যোৱাৰ কাৰণে তাই খুবেই দুখ পাইছিল। সেই দুখেই এটা সময়ত ক্ষোভ আৰু অভিমানৰ ৰূপ লৈছিল।
অৱশ্যে মাকক নজনোৱাকৈ প্ৰভাত মাজে-সময়ে খুড়াকহঁতৰ ঘৰলৈ যায়। টকা-পইচা নিদিলেও পৰিচয় ৰখাৰোতো প্ৰয়োজন আছে। এই সংসাৰত চলিবলৈ হ’লে, ক’বলৈ গ’লে পৰিচয়ো মূলধন। দুয়োজন খুড়াকেই ভাল চাকৰি কৰে। ইয়াকে লৈ অন্ততঃ সি বন্ধু-বান্ধৱৰ আগত গৌৰৱতো অনুভৱ কৰিব পাৰে! প্রভাতে কোনোদিন বন্ধু-বান্ধৱৰ আগত নিজৰ দৈন্যতা প্ৰকাশ নকৰে। তাৰ আত্মসন্মানে বাধা দিয়ে।
দেউতাকৰ দিনত দুটা খোঁটালি ভাড়াত দিছিল। মেৰামতিৰ অভাৱত খোঁটালি দুটা জহি-খহি গৈছে। মামৰ লাগি টিন- পাত ঠায়ে ঠায়ে ফুটা হৈ গৈছে। বৰষুণ দিলে পানী সৰে। গতিকে যি দুই ঘৰ ভাড়াতীয়া আছিল সিহঁত বেলেগ ঠাইলৈ উঠি গৈছে। টকা ভৰিনো কোনে উৰুখা পঁজাত তৰা লেখি থাকিব! সি টিউচন কৰি পোৱা টকাকেইটাই বর্তমান ঘৰখনৰ একমাত্ৰ সম্বল।
চাকৰিৰ কাৰণে প্রভাতে কম চেষ্টা কৰা নাই। উচ্চ মাধ্যমিক পৰীক্ষা দি উঠাৰ পাছৰ পৰা প্ৰভাতে চাকৰিৰ কাৰণে লাগি আছে। ইণ্টাৰভিউ যে কিমান বাৰ দিছে সি এতিয়া হয়তো নিজেই তাৰ সঠিক হিচাপ দিব নোৰাৰিব। ইণ্টাৰভিউত সদায় সি ভালেই কৰে; কিন্তু ইণ্টাৰভিউৰ ভাল ৰিজাল্টেই যে চাকৰিৰ অৰ্হতা নহয়, এই কথা এতিয়া সি ভালদৰেই উপলব্ধি কৰিব পাৰিছে। ইণ্টাৰভিউ দিলেই আজি-কালি চাকৰি পোৱা নাযায়- চাকৰি কিনিবহে লাগে। যাৰ টকা আছে, তাৰ চাকৰি আছে। যাৰ টকা নাই, তাৰ চাকৰিও নাই। চাকৰিৰ যোগ্যতা জোখা হয় ধনেৰেহে, পাৰদৰ্শিতাৰে নহয়। টকা থাকিলে পাৰদৰ্শিতাৰ প্ৰয়োজন নহয় । তাৰ প্ৰমাণ সজল। এটা শ্ৰেণীত দুই তিনিবাৰকৈ ৰৈ-ৰৈ নকল কৰি কোনোমতে বি, এ পাছ কৰাৰ পাছতেই সিমার্কেটিং ইন্সপেক্টৰৰ চাকৰিটো পাই গৈছে।
সিদিনা ইণ্টাৰভিউ এটা দি ঘৰলৈ ওভতাৰ বাটতে প্রভাতে হঠাৎ লগ পাই গৈছিল সজলক। প্রভাতে ফুটপাথ এটাৰে খোজ কাঢ়ি আহি আছিল। তাৰ ঠিক পিছফালে হঠাৎ বাইকৰ কৰ্কশ ব্রেক মাৰাৰ শব্দ শুনি সি পিছফালে ঘূৰি চাই দেখিলে সজলক। প্রথমতে সজলেই মাত লগালে- আৰে, প্ৰভাত দেখোন! তোক বহুদিনৰ মুৰত লগ পালো, ভাই। ক’লৈ গৈছিলি?
প্রভাতে প্রথমাৱস্থাত সজলক চিনিব পৰা নাছিল যদিও পাছত চিনিব পাৰি ক’লে- অ’ সজল! মই আকৌ আন কোনোবা বুলিহে ভাবিছিলো। পিছে, তই ক’ৰ পৰা?
অফিচৰ পৰা আহি আছো।
অফিচৰ পৰা মানে? তই বোলে গৌৰীপুৰত আছ?
তাৰ পৰা ট্রেন্সফাৰ ল’লো। এপযেকমান আগতে ইয়াত জইন কৰিছো। এইদৰে কৈ সজলে কথাৰ প্ৰসংগ সলনি কৰি ক’লে- উঠ, বাইকত উঠ। ফুট-পাথত ৰৈ কথা পতাতকৈ ব’ল চাহ দোকান এখনত বহোঁগৈ।
চাহ দোকানৰ কথা শুনি প্ৰভাতৰ বুকু চিৰিংকৈ উঠিল। তাৰ পকেটত মাথোন দুটা টকাহে আছে। সিয়ো চিটিবাছ ভাড়াৰ কাৰণে। এই অৱস্থাত সি চাহৰ দোকানলৈ যায় কেনেকৈ! টকা অৱশ্যে সজলেই দিব বুলি সি জানে। তথাপিতো সৌজন্যতা বুলি কথা এযাৰ আছে! পকেটৰ পৰা টকা উলিয়াই যাচিবতো লাগিব।
প্রভাতে সেমেনা-সেমেনি কৰা দেখি সজলে তাৰ হাতত ধৰি টান মাৰি ফুট-পথৰ পৰা নমাই আনি ক’লে- ব’ল, কি ভাবি আছ?
নিৰুপায় হৈ প্ৰভাত বাইকৰ পাছত উঠি বহিল।
চাহ খোৱাৰ মাজতে সজলে ক’লে- তোৰ চাকৰি হোৱা নাই নেকি?
প্রভাতে সেপ ঢুকি ক’লে- নাই, ক’ত আৰু হ’ল ! ইণ্টাৰভিউ দি আছো। চাওঁ, কি হয় !
প্রভাতৰ ভৰিৰ পৰা মূৰলৈ লক্ষ্য কৰি সজলে ক’লে- তই কাম এটা কৰ। আমাৰ অফিচৰ এল, ডি এজনে টি,বি লিভ ল’ব। মই তোক সেই ছুটীৰ পোষ্টত সুমুৱাই । পাৰিম। বর্তমান টেম্প’ । হ’লেও পাছত কিবা এটা সুবিধা কৰিব পৰা যাব দে’চোন। আন একো নহ’লেও অভিজ্ঞতাতো হ’ব! তই পৰহি পাঁচ হাজাৰ্মান টকা লৈ যাবি। বেলেগৰ হ’লেতো বেছিয়ে লাগিলহেঁতেন! তোৰ কথা সুকীয়া। মই লাগি-ভাগি তোক চাকৰিটো পোৱাই দিম।
পাঁচ হাজাৰ টকাত চাকৰি ! এয়া যেন প্রভাতৰ কাৰণে হাতত সৰগ ঢুকি পোৱাৰ লেখীয়া কথা। ঘৰত টকা নাই বুলি সি জানে। কিন্তু চাকৰি এটাৰ কাৰণে পাঁচ হাজাৰ টকা যোগাৰ কৰাটো টান কাম নহ’ব বুলি সি ভাবিলে। সেয়ে আগ-পাছ নাভাবি টকা যোগাৰ কৰি অতি সোনকালে সজলৰ লগত দেখা কৰিবলৈ যাব বুলি কথা দি দিলে।
প্রভাতে টকা বিচাৰি প্ৰথমে গ’ল ডাঙৰ খুড়াকৰ তালৈ। সি কথাটো খুড়াকক ভাঙি-পাতি কৈ টকা বিচাৰিলে। খুড়াকে তাৰ কথা শুনি ক’লে, তোমাৰ চাকৰি এটাৰ প্ৰয়োজন বুলি মই জানো। চাকৰি এটাৰ কাৰণে পাঁচ হাজাৰ টকা তেনেই সামান্য কথা। তোমাৰ এই বিপদত পাঁচ হাজাৰ টকা দি সহায় কৰিব পাৰিলে মই ভালেই পালোহেঁতেন! কিন্তু বর্তমান মোৰ পক্ষে ইমান টকা দিয়াটো সম্ভৱ নহ’ব। তোমাৰ খুডীয়েৰাৰ চিকিৎসাত বহু টকা খৰচ হ’ল। কেইদিনমান আগতে ভেলোৰৰ পৰা আহিলো। ঘৰ এটাও বান্ধি আছো। টকাৰ কাৰণে ঘৰৰ কামো সদ্যহতে বন্ধ ৰাখিব লগা হৈছে।
ডাঙৰ খুড়াকৰ পৰা নিৰাশ হৈ প্ৰভাত সৰু খুড়াকৰ তালৈ গ’ল। সৰু খুড়াকে দিব খুজিছিল যদিও খুড়ীয়েকে ক’লে- টকা দিব ক’ৰ পৰা? বাইদেউৰ ল’ৰাই এ,এচ, এছ ইণ্টাৰভিউ দিছে। ইণ্টাৰভিউ হেনো ভাল হৈছে। সাত-আঠ লাখমান টকা দিলেই হেনো চাকৰিটো হ’ব। বাইদেউৰ হাতত হেনো বর্তমান সিমান টকা নাই। সেয়ে আমাৰ পৰা এক লাখমান খুজিছে। ময়ো দিম বুলি কথা দিছো। সিহঁতেতো আমাৰ টানে-আপদে কম সহায় কৰা নাই!
খুড়ীয়েকৰ কথা শুনি প্রভাতে ভাবিলে, ইয়াকেই কয়- কোনোবাই মৰে হাড়ে হাড়ে, আকৌ কোনোবাই মৰে মঙহৰ ভাৰে। কিন্তু উপায় নাই! এজনৰ থাকিলেও যদি নিদিয়ে জোৰ কৰিতো আৰু ল’ব নোৱাৰি !
খুড়াকৰ পৰা নিৰাশ হৈ প্ৰভাতে টকা দিব পৰা আন আত্মীয়-স্বজনৰ দুৱাৰে দুৱাৰে নিজৰ দুৰৱস্থাৰ কথা কৈ টকা বিচাৰি ফুৰিবলৈ ধৰিলে। কিন্তু আটাইৰে একেটাই কথা- তোমাৰ এই অৱস্থাত টকা দিব পাৰিলে ভালেই পালোহেঁতেন; কিন্তু উপায় নাই– হাতত বৰ্তমান টকা নাই।
আত্মীয়-স্বজনৰ পৰা নিৰাশ হৈ অৱশেষত প্ৰভাতে টকা দিব পৰা বন্ধু-বান্ধৱৰ কথা চিন্তা কৰিবলৈ ধৰিলে। তাৰ বন্ধু- বান্ধৱৰ সংখ্যাও তেনেই সীমিত। আজি-কালি হোটেল-ৰেস্তোঁৰাত খোৱাব নোৱাৰিলে বন্ধু-বান্ধৱ নাথাকে। তথাপিও যি দুই- চাৰিজন আছে সিহঁতৰ অৱস্থাও প্রায় তাৰ দৰেই। বেকাৰ। ঘৰৰ অৱস্থা ভাল নহয়। একমাত্র ব্যতিক্ৰম হ’ল অৰিন্দম। অৰিন্দমৰ অৱস্থা ভাল। কিন্তু সি অৰ্দ্দিমক নাকচ কৰিলে। কাৰণ বি, এ পৰীক্ষাৰ সময়ত ফৰ্ম-ফিলআপৰ কাৰণে তাৰ মাত্ৰ পঁচিছটামান টকা কম পৰিছিল। চেষ্টা কৰিও সি টকা কেইটা যোগাৰ কৰিব পৰা নাছিল। শেষত নিৰুপায় হৈ সি অৰিন্দমৰ ওচৰত টকা খুজিছিল। তেতিয়া অৰিন্দমে কৈছিল- নাই ভাই, বেয়া নাপাবি। টকা দিব পাৰিলে ভালেই পালোহেঁতেন! কিন্তু হাতত টকা
নাই। দেউতাৰ পৰা বিচাৰিম তাৰো উপায় নাই। দেউতাই চাৰি চকীয়া এখন ল’ব। মোৰ হাতত যি অলপ-অচৰপ আছিল, সেয়া দিয়াও সম্ভৱ নহ’ব। কাৰণ মই পৰহিলৈ দিল্লীলৈ ফুৰিবলৈ গৈ আছো। বেয়া নাপাবি।
শেষত ফর্ম ফিলআপৰ কাৰণে টকা দিছিল মদনে। যাৰ লগত সি বর্তমান হাজোত খাটি আছে।
প্রভাতে সকলোৰে পৰা নিৰাশ হৈ পাৰ্কলৈ গৈ বহিল। সি চকু মুদি টকা দিব পৰা আন আন সাম্ভাৱ্য মানুহৰ কথা চিন্তা কৰিবলৈ ধৰিলে। হঠাৎ তাৰ বিউটিৰ কথা মনত পৰি গ’ল। ঘোপমৰা আন্ধাৰৰ মাজত ক্ষীণ পোহৰৰ ৰেঙনি এটা তাৰ চকুত পৰিল।
বিউটি এইখন চহৰৰে ধনী পৰিয়ালৰ ছোৱালী। দেউতাক অভিযন্তা। খুজ়াক ডাক্তৰ। পাঁচ হাজাৰ কিয়, ইচ্ছা কৰিলে পঞ্চাছ হাজাৰো দিব পৰা ক্ষমতাও আছে সিহঁতৰ। কিন্তু দিব জানো! বিউটিৰ লগত তাৰ পৰিচয় হৈছিল চিনেমাৰ হিৰ’ হিৰ’ইনৰ দৰে আকস্মিভাবে।
প্রভাত তেতিয়া কলেজৰ ছাত্ৰ। এদিন কলেজলৈ যোৱাৰ বাটতে এটা দুৰ্ঘটনাৰপৰা উদ্ধাৰ কৰাৰ পাছত বিউটিৰ লগত তাৰ পৰিচয় হৈছিল। বিউটি আৰু সি একেখন কলেজতে পঢ়িছিল যদিও দুৰ্ঘটনাটো সংঘটিত হোৱাৰ আগলৈকে সিহঁতৰ মাজত কোনো ধৰণৰ কথা-বতৰা হোৱা নাছিল।
সিদিনা প্রভাতে কলেজলৈ যোৱাৰ বাটতে এটা ঠেক ৰাস্তাৰে গৈ আছিল। ট্রাক এখনে মাৰুতি এখনক ছাইড দিবলৈ গৈ একেবাৰে ৰাস্তাৰ দাঁতিলৈকে আহিছিল। ৰাস্তাৰ কাষত এটা নলা। নলাটো প্ৰায় এটা খালৰ দৰে বহল আছিল। প্ৰভাত আৰু অন্যান্য পথচাৰী ৰাস্তাৰ নলাত কথমপিহে নলাত নপৰাকৈ থিয় দি আছিল। ব্ৰেক মাৰাৰ শব্দ শুনি প্রভাতে পিছফালে ঘূৰি চাই দেখিলে, ছোৱালী এজনী নলাত পৰি যাব ধৰিছে। সি আগ-পাছ নাভাবি ছোৱালীজনীক থাপ মাৰি ধৰি কোনোমতে তাইক নলাত পৰি যোৱাৰ পৰা ৰক্ষা কৰিলে। ছোৱালীজনী আন কোনো নাছিল- বিউটি আছিল। ইতিমধ্যে ট্রাকখন পাৰ হৈ গৈছিল। বিউটিৰ ঠিক পিছফালে ৰৈ আছিল ‘স্কুটি’ এখন। সকলো দোষ স্কুটি আৰোহীজনৰ ওপৰত জাপি দি পথচাৰীসকলে স্কুটি আৰোহীজনক বেঢ়ি-কুৰি ধৰিলে। আটাইৰে ধাৰণা, স্কুটি আৰোহীজনে পিছফালৰ পৰা খুন্দা মাৰাৰ ফলতহে বিউটি নলাত পৰি যোৱাৰ উপক্ৰম হৈছিল।
স্কুটি চলাবলৈ আহিছে! স্কুটিত উঠিলে ৰজা-মহাৰৰ্জা বনি যায়। উচিত শিক্ষা দিব লাগে এইসকল মহাৰাজক। ভিৰৰ মাজৰ পৰা ডেকা এজনে কৈ উঠিল।
উত্তম-মাধ্যম দি স্কুটি নলাত পেলাই দিলেহে এওঁলোকৰ শিক্ষা হ’ব। আন এজন গৰজি উঠিল।
স্কুটি আৰোহীজন এজন আদহীয়া মানুহ। বয়স পঞ্চাছৰ উচৰা-ওচৰি। লাজ অপমানত তাৰ মুখমণ্ডল শেঁতা হৈ পৰি গ’ল। সি সেমেনা-সেমেনি কৰি ক’লে- আচলতে মই খুন্দা মাৰা নাই। তথাপি ছোৱালীজনীয়ে যদি দুখ পাইছে, মই এওঁৰ চিকিৎসাৰ খৰচ বহন কৰিবলৈ সাজু আছো।
নাই নাই, মই দুখ পোৱা নাই। বিউটিয়ে ক’লে- তদুপৰি মই ধাৰণা কৰা মতে মোৰ গাত স্কুটিৰ খুন্দা লগা নাই। কোনো পথচাৰীৰ ঠেলাহে অনুভৱ কৰিছিলো।
প্রভাতে ইমান পৰে পথচাৰীসকলৰ কথা-বতৰা শুনি আছিল। সি ভিৰ ঠেলি আগবাঢ়ি আহি স্কুটি আৰোহীজনক ক’লে- খুড়া, আপুনি যাওঁকগৈ।
প্রভাতৰ অনুমতি পাই স্কুটি আৰোহীজন তাৰ পৰা আঁতৰি গ’ল।
জোকৰ মুখত চূণ পৰাত পথচাৰীসকলৰ দুই এজনে কুৎসিত মন্তব্য কৰি আঁতৰি গ’ল। প্রভাতে সেইবোৰ কথালৈ কাণসাৰ নকৰি বিউটিৰ ওচৰলৈ আহি ক’লে- মানুহজনক তেনেকৈ যাবলৈ দিয়াত আপুনি বেয়া পালে নেকি?
আৰোহীজনক তেনেকৈ যাবলৈ দিয়াত বিউটিয়ে আচলতে ভালেই পাইছিল। সেয়ে তাই ক’লে- নাই নাই, বেয়া পোৱা নাই, ভালহে পাইছো। মানুহজনক অপমান তথা মাৰ-ধৰ কৰিলেহে বেয়া পালোহেঁতেন! এইদৰে মন্তব্য কৰি তাই প্রভাতক উদ্দেশ্য কৰি ক’লে- কলেজলৈ যাব নেকি? ব’লক, একেলগে যাওঁগৈ।
সিদিনাৰ সেই ঘটনাৰ পাছৰপৰা উভয়ৰ মাজত ভাল সম্পর্ক এটা গঢ় লৈ উঠিছে। অৱশ্যে ইয়াক ভালপোৱা বুলি ক’ব নোৱাৰি। ভাল বন্ধুত্ব বুলিহে ক’ব পাৰি।
প্রভাত তই?
টোপনিৰ পৰা সাৰ পাই উঠাৰ দৰে চক্ খাই উঠি প্রভাত আগন্তুকৰ ফালে মূৰ তুলি চালে। তাৰ সন্মুখত থিয় দি আছিল মদন। দুই বছৰ ধৰি মদনৰ কোনো খা-খবৰ নাই। সেয়ে মদনক দেখি প্রভাত উৎফুল্লিত হৈ উঠিল। ক’লে- আৰে, মদন তই? ইমানদিনৰ মূৰত হঠাৎ ক’ৰ পৰা ওলালি? বৰ্তমান আছ ক’ত? কি কৰি আছ?
মদনে ইফালে-সিফালে চকু ফুৰাই প্রভাতৰ কাষত বহি ক’লে- তোৰ আগত আৰু কি লুকাম! বৰ্তমান মই নিষিদ্ধ সংগঠন এটাৰ সদস্য। কি কৰিবি! বি, এ পাছ কৰাৰ পাছত ইণ্টাৰভিউতো আৰু কম দিয়া নাই! চাকৰি নহ’ল। মা, ভাই-ভনীহালৰ মুখলৈ চালে বুকুখন হম্হমাই উঠে। নিৰুপায়ত পৰি নিষিদ্ধ সংগঠন এটাত যোগদান কৰিলোঁ। বিশেষ একো কৰিব নোৱাৰিলেও এতিয়া ভাই-ভনীহালৰ মুখত সুদা ভাত মুঠি দিব পাৰিছো।
সেই বুলি তোৰ দৰে শিক্ষিত ডেকা এজনে…প্রভাতে ইচ্ছা কৰি বাক্যটো আধৰুৱাকৈ এৰিলে।
মদন প্ৰতিবাদ মুখৰ হৈ উঠিল। অভিযোগৰ সুৰত ক’লে সি- শিক্ষা! যি শিক্ষাই পেটৰ ভাতমুঠিৰ সন্ধান দিব নোৱাৰে, সেই শিক্ষাৰ মৰ্যদা দি লাভ নাই, বুজিছ! এইদৰে ক্ষোভ উজাৰি মদনে কথাৰ প্ৰসংগ সলনি কৰি ক’লে- পিছে, তোৰ খা-খবৰ ক’। চাকৰি হ’ল জানো?
প্রভাতে হুমুনিয়াহ কাঢ়ি ক’লে- নাই, ক’ত আৰু হ’ল ! টকা, লাগি-ভাগি দিয়া মানুহ নাই। টকা আৰু লাগি-ভাগি দিয়া মানুহ নাথাকিলে জানো আজি-কালি চাকৰি হয় ?
তই ইচ্ছা কৰিলে আমাৰ সংগঠনত যোগদান কৰিব পাৰিবি। মই ব্যৱস্থা কৰি দিম। তোৰ সুখ নহ’লেও পৰিয়ালটো অন্ততঃ সুখত থাকিব পাৰিব।
নাই নাই, ভাই। মোৰ দ্বাৰা সম্ভৱ নহ’ব। আদর্শ বোলাতো কথা এষাৰ আছে!
আদৰ্শ! বাদ দে তোৰ আদৰ্শ! আদৰ্শ আছে নেকি? আদর্শ আছে মাথোন কিতাপৰ পাতত। প্ৰকৃততে আদর্শ বোলা কোনো বস্তু নাই। কার্যসিদ্ধিৰ বাবে মানুহে আদৰ্শৰ বুলি আওৰায়৷ কাৰ্যসিদ্ধি হ’লেই ধোঁৱা-চাঙত তুলি থয়– আদৰ্শৰ নামকে নলয়। তোৰ-মোৰ দৰে ডেকাসকলক কামধেনু গাইৰ দৰে ব্যৱহাৰ কৰাৰ কাৰণেই আদৰ্শৰ কথাবোৰ কিতাপৰ পাতত সুন্দৰকৈ সজাই থৈছে।
তথাপি মোৰ দ্বাৰা সম্ভৱ নহ’ব। নিৰীহ মানুহ হত্যা কৰি পেটৰ ভাত যোগাৰ কৰা মোৰ পক্ষে সম্ভৱ নহয়। তদুপৰি……… প্রভাতে আৰু কিবা ক’ব খুজিছিল। কিন্তু তাৰ কোৱা নহ’ল। সিহঁতৰ পিছফালৰ পৰা গুৰুগম্ভীৰ কণ্ঠত আদেশৰ সুৰ ভাহি আহিল- হেণ্ডচ্ আপ! নহ’লে গুলী চলিব।
প্রভাতে মূৰ তুলি চাই দেখিলে, সিহঁতক ঘেৰি থিয় দি আছে চিআৰপিএফৰ জোৱান কিছুমান। মদনে কেউফালে চকু ফুৰাই পলোৱাৰ সুৰুঙা বিচাৰিলে। কিন্তু পলোৱাৰ কোনো সুৰুঙা নেদেখি সি মূৰৰ ওপৰলৈ হাত দাঙি থিয় হ’ল। কিছু সময় সেমেনা-সেমেনি কৰি প্ৰভাতেও মদনৰ পথকে অনুসৰণ কৰিলে।◆
এটি অভিশাপৰ মৃত্যু।
জালালক দেখি কাৰাগাৰৰ দুৱাৰ ৰখীয়াজন আগবাঢ়ি আহি সুধিলে- কি হ’ল? এপষেক ছুটী লৈ গৈ দিনে দিনেই উভতি আহিলা দেখোন?
জালালে নির্বিকাভাবে ক’লে- অ’ আহিলো।
ঘৈণীয়েৰাক লগ পালা জানো?
পালো- বুলি জালালে সন্মতিসূচক মূৰ দুপিয়ালে।
ল’ৰা-ছোৱালীহালৰ খবৰ কি?
ভাল। জালালে চমু উত্তৰ দিলে।
ঘৈণীয়েৰাৰ লগত কিবা কাজিয়া-পেচাল কৰি আহিলা নেকি?
জালালে চিপাহীজনৰ প্ৰশ্নৰ উত্তৰ নিদি নির্বিকাভাবে ক’লে- গেট খুলি দিয়ক। ভিতৰলৈ সোমাই যি ক’ব লগা আছে পাছত ক’ম।
গেট ৰখীয়া চিপাহীজনে পুনৰ কোনো ধৰণৰ প্ৰশ্ন নুসোধাকৈ তলা খুলি লোৰ গেটখন খুলি দিলে। জালালে নির্বিকাৰভাবে কাৰাগাৰৰ ভিতৰলৈ সোমাই গ’ল।
দুদিন পাছতে জনা গ’ল এপষেকৰ ছুটী লৈ দিনে দিনেই উভতি অহাৰ আঁৰৰ ৰহস্য। এই ৰহস্যৰ আঁত ধৰিবলৈ হ’লে, জালালৰ অতীত জীৱনৰ কিছু কথা জনাটো প্রয়োজন হ’ব। তাৰ অতীত কাহিনী আছিল এনেকুৱা-
মধুপুৰৰ পৰা যিটো ৰাস্তা দক্ষিণমুৱা হৈ গৈ পাহাৰপুৰৰ পৰা পশ্চিমলৈ ঘূৰি অকাই-পকাই আগুৱাই গৈছে সেইটো ৰাস্তাৰে সাত কিলোমিটাৰমান গ’লেই পোৱা যায় কণকচাঁপা। কণকচাঁপাৰ পৰা তিনি কিলোমিটাৰমান দক্ষিণ-পশ্চিমলৈ আগুৱাই গ’লেই পাব এটা মথাউৰি। মথাউৰিৰ দাঁতিতে এখন এৰাবাৰী। কেই বছৰমান আগতো তাত মানুহৰ বসতি আছিল। তাত বাস কৰা মানুহবিলাকৰ আছিল আশা, আছিল আকাংক্ষা– চকুত আছিল ভৱিষ্যতৰ সোণোৱালী সপোন। কিন্তু এটা ভুলৰ বাবেই সকলো থানবান হৈ গ’ল। ঘৰ গুচি বাঁহতল হ’ল। এতিয়া মাথোন অতীতৰ সাক্ষী হৈ আছে এৰাবাৰীখন। এৰাবাৰীখনলৈ দৃষ্টি বুলালে ভাহি উঠে এখন মুখৰ প্ৰতিচ্ছবি। সেয়া জালাল ডকাইতৰ মুখৰ প্ৰতিচ্ছবি। জালাল বৰ্তমান জে’লৰ কয়েদী। যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত এজন কুখ্যাত কয়েদী।
জালাল ডকাইতৰ নাম নজনা মানুহ সেইটো অঞ্চলত খুব কম আছে। আটায়ে জানে জালাল ডকাইতক। জালালৰ ঘৰ আগত সেইখিনিত নাছিল। তাৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ দক্ষিণ ফালৰ এখন গাঁৱত আছিল। গাঁৱখন ধনে-ধানে উভৈনদী আছিল। মানুহবিলাকৰ মাজত আছিল সদ্ভাৱ-সম্প্ৰীতি। কিন্তু সেইবোৰ এতিয়া অতীত হৈ গ’ল। গাঁৱখন এতিয়া ব্ৰহ্মপুত্ৰৰ অতল তলিত। কোনো চিন-মোকাম নাই গাঁৱখনৰ।
জালালৰ দেউতাক গফুৰ মিয়া তেতিয়াৰ অভিভক্ত ভাৰতবৰ্ষৰ পূৰ্ববংগৰ পৰা অসমলৈ উঠি আহিছিল। আহোঁ বুলি অহা নাছিল। আহিছিল তাৰ নিষ্পেষণত হৈ। তেতিয়া পূৰ্ববংগৰ য’ত শতকৰা নব্বৈজন মুছলমান আছিল, তাত নব্বৈ ভাগ মাটি আছিল হিন্দুৰ। অৰ্থাৎ নাঙল আছিল মুছলমানৰ আৰু মাটি আছিল হিন্দুৰ। মুছলমানসকলে হিন্দুৰ মাটি আধি-ঠিকালৈ চহ কৰি কোনোমতে পেটৰ ভাতমুঠি মোকলাই আছিল। কিন্তু হিন্দুসকল যেতিয়া শিক্ষা-দীক্ষাত আগবাঢ়ি গৈ অফিচ-আদালতৰ চকী দখল কৰিবলৈ ব্যস্ত হৈ পৰিল, তেতিয়া মুছলমানসকল ব্যস্ত হৈ পৰিল হিন্দুৰ মাটি দখল কৰিবলৈ। এই মাটি দখলৰ প্ৰতিযোগিতাত আর্থিকভাবে অস্বচ্ছল শ্ৰেণীটো পিছ পৰি গ’ল। সিহঁত হৈ পৰিল মাটি থকা শ্ৰেণীটোৰ দিন মজুৰ। গফুৰ মিয়াও সেই প্রতিযোগিতাত পিছ পৰি দিন মজুৰ হ’ব লগা হৈছিল। কিন্তু পৰিয়ালৰ সংখ্যা সীমিত নথকাৰ ফলত এটা সময়ত লোকৰ মাটি আধি-ঠিকা লৈ বা দিন-মজুৰি কৰি সংসাৰ চলোৱা টান হৈ পৰিল। অভাৱ-অনাটনে জামৰি ধৰিলে সংসাৰখন। চৌদিশে গোট খালে ঘিটমিটিয়া অন্ধকাৰ। কুল কিনাৰাবিহীন সংসাৰ সমুদ্ৰত পৰি সি ককাবলৈ ধৰিলে। সিহঁতৰ গাঁৱৰে বছিৰ মিয়াই এদিন তাক লগ ধৰি ক’লে- গফুৰ কাই, মই এটা সিদ্ধান্ত ল’লো, নাখাই-নবৈ আৰু কিমান দিন চলিম। মই অসমলৈ যাম বুলি ভাবিছো। বহুতেই গৈ আছে। অসমত বোলে মাটিৰ অভাৱ নাই!
বছিৰৰ কথা শুনি গফুৰ মিয়াই উৎসাহিত হৈ ক’লে- মোকো তোমালোকৰ লগত নিবা নেকি? ভাতৰ কষ্ট আৰু সহ্য কৰিব নোৱাৰা হৈছো। ভাত-কাপোৰৰ কষ্টতকৈ অসহ্যকৰ কষ্ট আৰু নাই। শত্ৰুৰো যেন ভাত-কাপোৰৰ কষ্ট নহয়! ল’ৰা- ছোৱালীকেইটাৰ মুখৰ ফালে চাব নোৱাৰি। গাত মাথোন হাড়কেইডালহে অৱশিষ্ট আছে। সিহঁতৰ অৱস্থা দেখিলে বুকু হয্হমাই যায়।
যি শুনি আছো তালৈ গ’লে অন্ততঃ ভাতমুঠিৰ কষ্ট নাথাকে। যদি যাবলৈ মন আছে, আমাৰ লগত ব’লা।
অসম দেশখন কোন দিশত?
বছিৰে পূবফালে আঙুলিয়াই ক’লে- সৌৱা, সৌযে পূব ফালে শাৰী-শাৰী পাহাৰ দেখা গৈছে, সেইখনেই অসম দেশ।
গফুৰ মিয়াই পূব ফালে চাই পঠিয়ালে। তাৰ চকুত পৰিল ৰিনিকি ৰিনিকিকৈ দেখা দূসৰ বৰণীয়া পাহাৰবোৰ। সি লোকৰ মুখত শুনিছে, পাহাৰ-পৰ্বতেৰে ভৰা অসম দেশ হেনো বাঘ-ভালুকৰ বিচৰণ স্থলী। সেয়ে সি ক’লে- সেইখন দেশ বোলে বাঘ-ভালুকৰ দেশ?
তোমাক কোনে ক’লে এইবোৰ কথা? তাতো আমাৰ দৰেই হাজাৰ হাজাৰ মানুহ বাস কৰে। সিহঁতৰ ব্যৱহাৰ পাতিও ভাল৷ মানুহবিলাক সহজ-সৰল। অতিথি পৰায়ণ। বাঘ-ভালুক অৱশ্যে কিছু আছে; মানুহৰ বসতি স্থাপন হ’লে সেইবোৰে পলাই ফাট্ মেলিব।
কিন্তু লোকৰ দেশত আমাক জানো থাকিবলৈ দিব?
লোকৰ দেশ মানে? সেইখনতো আমাৰ ভাৰতবৰ্ষৰে এখন দেশ।
তাত বোলে হিন্দু মানুহ বাস কৰে?
হওঁক হিন্দু! তাত আমাৰ অসুবিধা কি? ধৰ্মত আমি বেলেগ হ’লেও জাতি হিচাপেতো আমি একে ভাৰতীয় জাতি। তদুপৰি আমাৰ পূৰ্বপুৰুষসকলো এটা সময়ত হিন্দুই আছিল দেখোন!
এৰা, গফুৰ মিয়াই এদিন নিজেও কথাটো শুনিছে। কৈছে জগদীশ মাষ্টৰে। মাষ্টৰ বহুত লিখা-পঢ়া জনা মানুহ। সদায় কিতাপ লৈ ব্যস্ত হৈ থাকে। সেইবোৰ কিতাপৰ পাততে হেনো এইবোৰ কথা লিখা আছে। মাষ্টৰে কোৱা মতে, সিহঁত বোলে এক ভাৰতীয় জাতিয়ে হয়। ধর্মতো হেনো সিহঁত এটা সময়ত একেই আছিল। হিন্দু। নিন্মবৰ্ণৰ হিন্দু। উচ্চবৰ্ণৰ হিন্দুসকলৰ অৱজ্ঞা আৰু শোষণৰ ফলতে হেনো সিহঁতৰ পূৰ্বপুৰুষসকল হিন্দু ধৰ্মৰ পৰা ধৰ্মান্তৰিত হৈ মুছলমান হৈছে!
গফুৰ মিয়া অসমলৈ উঠি আহি ব্ৰহ্মপুত্ৰৰ পাৰৰ এডোখৰ ঠাইৰ হাবি কাটি মাটি মোকলাই ল’লে। কোৰ মাৰিলে, দেহৰ ঘাম সৰালে। মাটি চহাই ধান সিঁচিলে। মাটিৰ মিঠা গোন্ধৰ পৰশত সপোন ৰচিলে। লহ-পহ্কৈ ধান গছবোৰ বাঢ়িবলৈ ধৰিলে। আশাৰ ঢৌৱে খলকনি তুলিলে। সময়ত হাতে হাতে কাঁচি লৈ পকা ধানবোৰ চপাই আনি ভঁড়ালত তুলিলে। ভাতৰ চিন্তা আঁতৰ হ’ল। তাৰ সপোন সার্থক হ’ল।
ইতিমধ্যে ব্ৰিটিছক খেদি দেশ স্বাধীন হ’ল। ব্ৰিটিছসকল গুচি গ’ল নিজ দেশলৈ। বেচ্ সুখেৰেই দিনবোৰ পাৰ হ’বলৈ ধৰিলে। কিন্তু হঠাৎ প্রকৃতি বিৰূপ হ’ল। ব্রহ্মপুত্র নদে উগ্ৰ মূৰ্তি ধাৰণ কৰিলে।
সেয়া সত্তৰ দহকৰ আগভাগৰ কথা। ব্ৰহ্মপুত্ৰৰ প্ৰবল সোঁতে নৈৰ পাৰৰ মাটি খহাই নিবলৈ ধৰিলে। দুই-তিনি বছৰৰ ভিতৰত পাঁচ-ছয়খন গাঁও নদৰ বুকুত জাহ গ’ল। জালালহঁতৰ মাটি-বাৰীও নদৰ বুকুত জাহ গ’ল। জালালৰ বয়স তেতিয়া আঠ বা ন বছৰ। গাঁৱৰে নতুনকৈ স্থাপন কৰা দ্যালয়ত [খ-মানত পঢ়ি আছিল। মাটি নদৰ বুকুত জাহ যোৱাৰ ফলত সি অনিচ্ছাসত্ত্বেও লিখা-পঢ়া এৰিবলৈ বাধ্য হ’ল। ফলত লিখা-পঢ়া এৰি সি দেউতাকৰ লগত হালৰ মুঠিত ধৰিলে। বয়স বঢ়াৰ লগে লগে সি কু-সংগত পৰি তাচপাত হাতত ল’লে। প্ৰথমাৱস্থাত সি ‘টুৱেণ্টি নাইন’ খেলিছিল। স্থানীয় ভাষাত ‘টুৱেণ্টি নাইন’ খেলক মেৰিজ বুলি কৈছিল। ‘টুৱেণ্টি নাইন’ৰ পৰা বিড়ি বাজি ধৰি সি ‘ৰামী’ খেলিবলৈ ধৰিলে ৷ এদিন তেনেকৈ ৰামী খেলি থাকোঁতে গাঁৱৰে শিক্ষক এজনে সেই ফালেদি যাওঁতে সুধিছিল- কি খেলি আছা?
তেতিয়া জালালে তাচ-পাত ভৰিৰ তলত লুকোৱাই থৈ কৈছিল- নাই নাই ছাৰ, এনেয়ে বিড়ি বাজি ধৰি ৰামী খেলি আছো।
শিক্ষকজনে তেতিয়া উপদেশৰ সুৰত কৈছিল- এইবোৰ বৰ বেয়া নিচা। এবাৰ ধৰিলে সতকাই এৰা টান। তাচ-পাতে কিমান মনুহক সর্বস্বান্ত কৰিছে তাৰ লেখ-জোখ নাই। আজি খেলিছা বিড়ি বাজি ধৰি, কাইলৈ খেলিবা পইচা বাজি ধৰি, পৰহিলৈ খেলিবা টকা বাজি ধৰি। নিচা ধৰি গ’লে, তেতিয়া আৰু উভতি আহিব নোৱাৰিবা। মদ ভাঙতকৈও তাচ-পাতৰ নিচা বেছি ভয়ংকৰ। এই তাচ-পাতে অৰ্থৰ লগতে সময়ৰো ক্ষতি কৰে।
সিদিনা শিক্ষকজনে কোৱা কথাবোৰ আজিও জালালৰ স্পষ্টকৈ মনত আছে। সিদিনা যদি শিক্ষকগৰাকীৰ উপদেশত কাণ
দিলেহেঁতেন, হয়তো আজি তাৰ এই অৱস্থা নহ’লহেঁতেন। শিক্ষকগৰাকীয়ে কোৱা ধৰণে সঁচাকৈয়ে সি বিড়িৰ পৰা পইচা আৰু পইচাৰ পৰা টকাত ধৰিছিল। কেইদনমানৰ ভিতৰতে সি এজন জুৱাৰী হিচাপে অঞ্চলটোত পৰিচিত হৈ পৰিছিল। জালাল জুৱাৰি বুলি ক’লে আটায়ে তাক চিনি পাইছিল। জুৱা খেলেই শেষলৈ তাৰ জীৱিকাৰ উপায় হৈ পৰিছিল।
দিন যায়, সময় বাগৰে। জালালে বিয়া কৰালে। এটা সময়ত সি এজন ল’ৰা আৰু দুজনী ছোৱালীৰ বাপেক হ’ল। তাৰ প্ৰথমটো সন্তান মোক্তাৰৰ জন্ম কাহিনী যেনেকুৱা দুঃখজনক আছিল, ঠিক তেনেকুৱা হাস্যপদো আছিল। সেই সময়ত অসমত জুই জ্বলিছিল। বিদেশী বহিষ্কাৰৰ জুই। মৰা-মৰি, কটা-কটি, ধৰ্ষণে দেশৰ বায়ু বিষাক্ত কৰি তুলিছিল। এটা সময়ত সেই জুই আংশিকভাবে নুমাল যদিও আহিল শুনানী। হিয়াৰিং। ভোটাৰৰ বৈধতা প্ৰমাণৰ শুনানী। গণতন্ত্ৰৰ নামত চলা অমানৱিক নির্যাতন। জালালৰ ঘৈণীয়েক হাফিজাৰ নামতো শুনানীৰ জাননী আহিল। হাফিজা তেতিয়া অন্তঃসত্ত্বা। প্ৰসৱৰ দিন চমু চাপি আহিছিল ৷ কেতিয়া প্ৰসৱ হয় তাৰ একো ঠিকনা নাই। যিকোনো মুহূর্তত সন্তান ভূমিষ্ঠ হ’ব পাৰে। জালালে কথাটো গাঁওবুঢ়াক জালালে- গাঁওবুঢ়া কাই, আমাৰতো আজি শুনানীৰ তাৰিখ ! ইফালে তাইৰো কেতিয়া কি হয় ক’ব নোৱাৰি ! এনেকুৱা অৱস্থাত হিয়াৰিঙলৈ নগ’লে নহ’ব নেকি?
জালালৰ প্ৰশ্নৰ উত্তৰত গাঁওবুঢ়াই ক’লে-হিয়াৰিঙত উপস্থিত নহ’লেতো ভোট নহ’ব! ভোট নহ’লে বা আকৌ কি লেঠা লাগে ! ট্রিবুনেলতো কেছ দিব পাৰে! দেখিছাইতো দেশৰ অৱস্থা। অকনমান অসুবিধা হ’লেও যোৱাটোৱে ভাল হ’ব। চৰকাৰী নিয়ম মানি চলাটো উচিত।
জুৱাখেলেই তেতিয়া তাৰ একমাত্ৰ জীৱিকাৰ উপায়। গতিকে টিবুনেল কেছৰ কথা শুনি ভয় খাই সি হিয়াৰিঙলৈ গ’ল। কাৰণ ট্ৰিবুউবুনেল মানেই উকিল মহৰীৰ কথা। উকিল মহৰীৰ মুখৰ এষাৰ মাত শুনিবলৈও লাগে এগাল টকা। যিয়েই নহওঁক শুনানি ভালে ভালেই হৈ গ’ল। লেঠা লাগিল ঘৰলৈ উভতি অহাৰ সময়ত। বাটতে হাফিজাৰ প্ৰসৱ বেদনা আৰম্ভ হ’ল। কথা বিসংগতি দেখি জালালে হাফিজাক ধৰি-মেলি ওচৰতে থকা এঘৰ মানুহৰ তালৈ লৈ গ’ল আৰু তাতে হাফিজাই সন্তান প্ৰসৱ কৰিলে। সন্তান প্ৰসৱ হোৱাৰ পাছত সি ঠেলা এখন ভাড়া কৰি ঘৈণীয়েকক লৈ ঘৰলৈ আহিব লগা হ’ল। ইয়াৰ পাছত এজনী এজনীকৈ তিনিজনী ছোৱালীৰ জন্ম হ’ল। ফলত দুজনৰ পৰা পৰিয়ালটো পাঁচজনলৈ বৃদ্ধি হ’ল।
পৰিয়ালৰ সদস্য সংখ্যা বঢ়াৰ লগে লগে সংসাৰৰ খৰচো বাঢ়িবলৈ ধৰিলে। জুৱা খেলি পোৱা টকাৰে সংসাৰখন চলাব পৰা অৱস্থা এটা সময়ত নাথাকিল। ইফালে খেতি-পথাৰত কাম কৰাৰ অভ্যাসো তাৰ বহুদিনৰ পৰা নাই। তাৰ বেয়া অভ্যাসৰ কাৰণে দেউতাকে তাক বহুদিন আগতেই পৃথক কৰি দিছিল। গতিকে নিৰুপায় হৈ সি চুৰি বিদ্যাত হাত পকাবলৈ ধৰিলে। চুৰি কৰিবলৈ গৈ সি তিনি চাৰিবাৰ ধৰাও পৰিল। ফলত জালাল জুৱাৰীৰ পৰা সি জালাল চোৰ হিচাপে অঞ্চলটোত পৰিচিত হৈ পৰিল।
সিহঁতৰ গাঁৱৰে হাফিজুল্লাহ বেচ ধনী মানুহ। অঞ্চলটোত তাৰ যথেষ্ট প্রতিপত্তি আছিল। সকলোৱে তাক সমীহ কৰি চলে। থানাৰ লগতো সম্বন্ধ ভাল। মামলা-মোকদমাতো ওস্তাদ। তাৰ যথেষ্ট বয়সো হৈছে। ডেকা বয়সত বোলে সি ডকাইতৰ চৰ্দাৰ আছিল । বৰ্তমান সি নিজে ডকাইতি নকৰে যদিও ডকাইতৰ ‘লিডাৰ’ হিচাপে সকলোৰে ওচৰত পৰিচিত। ডকাইতবোৰে তাক তোষামোদ কৰি চলে। ভাৰ-ভেটিও নিয়মিতভাবে দি থাকে ডকাইত সকলে। এবাৰ কণকচাঁপাত এটা ডকাইতিৰ ঘটনা ঘটিল। ডকাইতিৰ লগত মাৰ্ডাৰো হ’ল দুটা। পুলিচ বিভাগ সক্ৰিয় হৈ উঠিল। কিন্তু পুলিচে এজন ডকাইতো কৰায়ত্ত কৰিবলৈ সক্ষম নহ’ল। বাতৰি কাকতত পুলিচৰ অকর্মণ্যতাৰ বিষয়ে খবৰ ছপা হ’বলৈ ধৰিলে। ফলত ওপৰ মহলাৰ পৰা তলৰ মহলালৈ ডকাইত ধৰাৰ কাৰণে চাপ সৃষ্টি কৰিলে। গতিকে স্থানীয় থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই হাফিজুল্লাহক মাতি আনি ক’লে- হাফিজ চাহাব, বাতৰি কাকতবোৰ আমাৰ বিৰুদ্ধে বৰকৈ লাগি আছে। এতিয়া চাকৰি ৰখাই টান হৈ পৰিছে। আপুনি পুলিচ বিভাগৰ সন্মান ৰক্ষা কৰিব লাগিব। আপুনি কেইজনমান ডকাইত ধৰি দিয়ক। আপোনৰ সহায় নাপালে আমাৰ পক্ষে ডকাইত কৰায়ত্ত কৰাটো সম্ভৱ নহ’ব। মই জনামতে আটাইকেইজন ডকাইতে আপোনাৰ দলৰ মানুহ।
অ’চিৰ কথাত হাফিজুল্লাহ বিমোৰত পৰিল। সি জানে কোনে ডকাইতি কৰিছে। তাৰ প্ৰাপ্যখিনিও সি যথাযথ পাইছে। কিন্তু সি কাকনো ধৰাই দিয়ে ! আচল ডকাইতবোৰক ধৰাই দিলে ডকাইতবোৰৰ ৰোষত পৰাৰ ভয়। যাক ধৰাই দিব সিয়ে তাৰ শত্ৰু হ’ব। সুযোগ পালেই তাৰ ক্ষতি কৰিব! গতিকে সি সাপো মৰক আৰু লাঠিও নাভাঙক বুলি ভাবি কেইজমান চোৰক পুলিচৰ হাতত গতাই দিলে। কাৰণ চোৰকেইজনে তাৰ কোনো ক্ষতি কৰিব নোৱাৰে বুলি সি জানে। সেই চোৰৰ মাজত জালালো আছিল।
আৰক্ষীয়ে জালালহঁতক ধৰি আদালতত হাজিৰ কৰিলে। হাজোতলৈ গৈ জালালহঁতে প্রকৃত ৰহস্য উপলব্ধি কৰিব পাৰি হাফিজুল্লাহৰ ওপৰত বিদ্রোহী হৈ উঠিল। সিহঁতে হাজোতত বহিয়ে এটা দল গঠন কৰিলে। জালাল সেই দলৰ দলপতি নির্বাচিত হ’ল। তিনিমাহ পাছত সিহঁত জামিনত হাজোতৰ পৰা ওলাই আহি এদিন ছেগ বুজি হাফিজুল্লাহক হত্যা কৰিলে। হাফিজুল্লাহক হত্যাৰ অপৰাধত জালাল পুনৰ হাজোতলৈ যাব লগা হ’ল। হাজোতৰ পৰা জামিনত ওলাই অহাৰ পাছত জালাল চোৰ গুচি জলাল ডকাইত নামেৰে অঞ্চলটোত পৰিচিত হৈ পৰিল। হাফিজুল্লাহ আছিল এজন দুর্দান্ত মানুহ। তেনেকুৱা এজন মানুহক হত্যা কৰাৰ কাৰণে অঞ্চলটোৰ আটায়ে তাক সমীহ কৰি চলিবলৈ ধৰিলে। তাৰ নাম শুনিলে বাঘে-ছাগে একেটা ঘাটত পানী খোৱা হ’ল। সি চুৰি কৰিবলৈ এৰি ডকাইতি কৰিবলৈ আৰম্ভ কৰিলে। হাফিজুল্লাহৰ অধীনত কাম কৰা ডকাইত কিছুমান আহি তাৰ লগত লগ লাগিল। ডকাইতি কৰি পোৱা ধনেৰে সি কেইবছৰমানৰ ভিতৰতে ধনী হৈ উঠিল।
দুখীয়া মানুহ হঠাৎ ধনী হ’লে বহুতৰে চৰিত্ৰৰ স্খলন হয়। জালাল দুষ্ট প্ৰকৃতিৰ লোক হ’লেও সি উদণ্ড স্বভাৱৰ নাছিল। তিৰোতা মানুহৰ লগত সি কেতিয়াও বেয়া ব্যৱহাৰ কৰা নাছিল। কিন্তু অতিৰিক্ত ধন-সম্পত্তিয়ে তাৰ চৰিত্ৰ সলনি কৰিলে। তিৰোতা মানুহৰ প্ৰতি সি দুৰ্বল হৈ পৰিল। সিহঁতৰ গাঁৱৰে হামিদা নামৰ এজনী তিৰোতাৰ প্ৰতি সি আকৃষ্ট হ’ল। হামিদাৰ স্বভাৱ-চৰিত্ৰ ভাল নাছিল। গাঁৱৰে কেইজনমান ডেকাৰ লগত তাইৰ অবৈধ সম্বন্ধ আছিল। তাইৰ স্বভাৱৰ কথা অঞ্চলটোৰ আটায়ে জানিছিল। ফলত দেখিবলৈ ধুনীয়া হ’লেও কোনেও তাইক বিয়া কৰাবলৈ আগবাঢ়ি অহা নাছিল। গতিকে তাই জালাল ডকাইতক ৰূপ-যৌবনেৰে আকৃষ্ট কৰি তাৰ লগত বিয়াত সোমাল।
হামিদাৰ মাথোন চৰিত্ৰই বেয়া নাছিল, স্বভাৱতো তাই খুবেই হিংস্ৰ আছিল। জালালৰ লগত বিয়াত সোমোৱাৰ দুই-তিনি বছৰ পাছত তাই জালালৰ প্ৰথমা স্ত্রী হাফিজাক বিতাড়নৰ কাৰণে উঠি-পৰি লাগিল। তাই হাফিজাৰ বিৰুদ্ধে বদনাম গাই জালালৰ চকুৰ কুটা দাঁতৰ হুল কৰি তুলিলে। হাফিজাৰ ৰূপ-যৌবন পৰি অহাত জালালৰ স্বভাৱিকতে হাফিজাৰ প্ৰতি মোহ ভংগ হৈছিল। গতিকে সি হামিদাৰ উচটনিত পৰি হকে-বিহকে হাফিজাক মাৰ-ধৰ কৰিবলৈ ধৰিলে। জালালৰ অত্যাচাৰত অতিষ্ঠ হৈ হাফিজা ল’ৰা-ছোৱালীকেইটা লৈ মাক-দেউতাকৰ সংসাৰলৈ গুচি গ’ল।
যৌবনৰ প্ৰথমাৱস্থাত হামিদাৰ নুৰুল হক নামৰ এজন ডেকাৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল। নুৰুলে তাইক মনে- প্রাণে ভাল পাইছিল । বিয়া কৰোৱাৰ কথাও ভাবিছিল। কিন্তু নুৰুলৰ লগত প্ৰেমৰ সম্পৰ্ক থকা অৱস্থাতে তাই গাঁৱৰ আন এজন ডেকাৰ লগত দৈহিক সম্পর্ক গঢ়ি তুলিছিল। নুৰুলে কথাটো গম পাই তাইক প্রত্যাখান কৰি আন এজনী ছোৱালীক বিয়া কৰাইছিল। ফলত হামিদাই নুৰুলৰ প্ৰতি মনে মনে শত্রুতা মনোভাব পোষণ কৰি আছিল আৰু প্ৰতিশোধ লোৱাৰ কাৰণে ছেগ চাই আছিল। হাফিজা মাক-দেউতাকৰ ঘৰলৈ গুচি যোৱাৰ পাছত তাইৰ সেই প্রতিশোধ স্পৃহা তীব্ৰ হৈ উঠিল।
এদিন তাই জালালৰ ওচৰত নুৰুলৰ বিৰুদ্ধে মিছাকৈ অপবাদ দিলে- কথা এষাৰ ক’ম বুলি ভাবি আছো; কিন্তু কথাটো ক’বলৈহে ভৰসা পোৱা নাই!
জালালে ক’লে- ভৰসা পোৱা নাই মানে? আজি দেখোন তুমি বেলেগ ধৰণে কথা ক’বলৈ আৰম্ভ কৰিছা ! আচল কথানো কি তাকে নোকোৱা কিয়। তোমাৰ কথাৰ জানো কেতিয়াবা বিৰোধিতা কৰিছো ?
হামিদাই চকুত আবেগৰ কাজল সানি ক’লে- নাই নাই, আপুনি মোক ভুল নুবুজিব। কথাটো অলপ বেলেগ ধৰণৰ,
সেয়েহে ক’বলৈ সংকোচ কৰিছো। কথা হ’ল, আপুনিতো নুৰুলক জানেই। সি বিয়াৰ আগৰে পৰাই মোৰ পিছত লাগি আছিল । কিন্তু মই তাক কোনোদিনেই পাত্তা দিয়া নাই। আপোনাৰ লগত বিয়া হোৱাৰ পাছতো সি কে’বাদিনো বেয়া প্ৰস্তাৱ আগবঢ়াইছে। সিদিনা আপুনি ঘৰত নথকাৰ সুযোগ লৈ……
খঙত জালালৰ চকুযোৰ জবাফুলৰ দৰে ৰঙা হৈ উঠিল। সি হামিদাক বাধা দি ক’লে- হ’ব হ’ব, আৰু ক’ব নালাগে। মই সকলো বুজিব পাৰিছো। তুমি চিন্তা নকৰিবা। মই আজিয়ে তাক উচিত শিক্ষা দিম।
হামিদাই জালালৰ সুৰত সুৰ মিলাই ক’লে- ময়ো তাকেই বিচাৰো। এনেকুৱা শিক্ষা দিয়ক, যাতে সি কোনোদিন মোক বিৰক্ত কৰিবলৈ সাহস গোটাব নোৱাৰে।
জালালে ক’লে- মই আজিয়ে তাক…মোৰ পিস্তল ক’ত? এইদৰে কৈ সি গাৰুৰ তলৰ পৰা পিস্তলটো উলিয়াই ক’লে- মই বজাৰলৈ গৈ আছো। তাক পালে আজিয়ে শেষ কৰিম।
হামিদাই বাধা দি ক’লে- ধৈর্য ধৰক। দিন দুপৰত হত্যা কৰিলে জে’ল হাজোতৰ প্ৰশ্ন আহিব! সাক্ষী-প্রমাণ নথকাতহে হাফিজুল্লাহৰ কেছৰ পৰা খালাচ পাইছে। গতিকে মই এষাৰ কথা ভাবিছো। মোৰ কথা মতে কাম কৰিলে, সাপো মৰিব, কিন্তু লাঠিও নাভাঙিব।
জালাল উৎসাহিত হৈ উঠিল। সুধিলে- কেনেকৈ?
আপুনি ঘৰত নথকাৰ কথা কৈ আজি ৰাতি তাক মই আমাৰ ঘৰলৈ মাতি পঠিয়াম। সি আহিলে হত্যা কৰি ক’ৰবাত নি পুতি থ’ম। কোনেও গম নাপাব তাৰ কি হ’ল! সহজে কৰিব পৰা কাম বলেৰে কৰি শক্তি অপচয় কৰি লাভ নাই।
কথামতেই কাম। হামিদাই নুৰুলক মাতি পঠিয়ালে। হেজাৰ হ’লেও এটা সময়ত সিহঁতৰ মাজত ভালপোৱাৰ সম্পৰ্ক আছিল। গতিকে কোনো ধৰণৰ আপত্তি নকৰাকৈ মাতি পঠিওৱাৰ কাৰণ জানিবলৈ নুৰুল জালালহঁতৰ ঘৰলৈ আহিল।
জালাল বেলেগ এটা ঘৰত লুকাই আছিল। হামিদাৰ লগত কথা পাতি থাকোঁতে জালাল সাউৎ কৰি ওলাই আহি নুৰুলৰ ডিঙিত গামোচা এখনেৰে মেৰিয়াই ধৰিলে। কিছু সময় পাছতে নুৰুল স্বাসৰূদ্ধ হৈ মৰি থাকিল। সিহঁতে নুৰুলৰ মৃতদেহটো ওচৰতে থকা এৰাবাৰী এখনলৈ নি পুতি থ’লে।
পাপ কেতিয়াও লুকাই নাথাকে। জালাল আৰু হামিদাৰ ক্ষেত্ৰতো সেয়াই হ’ল। এজন নির্দোষী মানুহক হত্যা কৰাৰ ফলত সৃষ্টিকর্তাও হয়তো সিহঁতৰ ওপৰত অপ্ৰসন্ন হৈছিল। সিহঁত পুলিচৰ হাতত ধৰা পৰিল। পুলিচৰ ধমকিত হামিদাই সকলো কথা স্বীকাৰ কৰিলে। গেলি-পচি উৱলি যোৱা মৃতদেহ জালালে পুতি থোৱা ঠাইৰ পৰা খান্দি উলিয়ালে। পুলিচে সিহঁতক কোৰ্টলৈ চালান দিলে।
হামিদাৰ স্বীকাৰোক্তিৰ ভিত্তিত জালালৰ যাৱজ্জীৱন কাৰাদণ্ড হ’ল। হামিদাৰো হ’লহেঁতেন! কিন্তু তাই মুক্তি পালে উকিলৰ প্ৰত্যুৎপন্নমতিতাৰ কাৰণে।
উকিলে যুক্তি দাঙি ধৰিলে- ধৰ্মাৱতাৰ, ইহঁতৰ এহাল ল’ৰা-ছোৱালী একেবাৰে নাবালক। ছোৱালীজনী একেবাৰে পানীকেঁচুৱা। স্বামী-স্ত্রী দুয়ো জে’ললৈ গ’লে সিহঁতক চোৱা-চিতা কৰিব কোনে? গতিকে মানৱতাৰ খাতিৰত শিশু দুটাৰ বাবে আচামী হামিদাক চৰকাৰী সাক্ষী হিচাপে লৈ মুক্তি দিব লাগে।
জজ চাহাবে উকিলৰ যুক্তিৰ প্ৰতি সঁহাৰি জনাই মানৱীয় দৃষ্টিকোণৰ পৰা হামিদাক মুক্তি দিলে। জালাল জে’ললৈ গ’ল। মুক্তি পাই হামিদা ঘৰলৈ আহিল।
হলাগছ পালে আটায়ে বাগি কুঠাৰ মাৰে। এজন নিদোষী মানুহক হত্যা কৰাৰ কাৰণে গাঁৱৰ প্ৰায়বিলাক মানুহ সিহঁতৰ ওপৰত বিৰূপ হৈ উঠিছিল। কিন্তু জালালৰ ভয়ত আটায়ে মুখ বুজি সকলো সহ্য কৰি আছিল। জালালৰ বিৰুদ্ধাচৰণ কৰিবলৈ সাহস গোটাব পৰা নাছিল। জালালৰ কাৰাদণ্ড হৈ যোৱাৰ পাছত আটায়ে হামিদাক লেই লেই ছেই ছেই কৰিবলৈ ধৰিলে। গতিকে হামিদাই ঘৰ-দুৱাৰ এৰি চহৰৰ উপকণ্ঠৰ এখন গাঁৱত আশ্রয় ল’লে। গাঁওখনৰ প্ৰায়বোৰ মানুহ দিন-হাজিৰা কৰি খোৱা মানুহ। হামিদায়ো সিহঁতৰ লগত দিন-হাজিৰা কৰিবলৈ ধৰিলে।
দুটা সন্তানৰ মাতৃ হ’লেও হামিদাৰ ৰূপ-যৌৱন অটুট আছিল ৷ জালালৰ মাহীয়েকৰ পুতেক খলিলৰ প্ৰতি তাই আকৃষ্ট হৈ পৰিল। খলিলহঁতৰ ঘৰো আগতে জালালহঁতৰ ঘৰৰ ওচৰতে আছিল। গৰাখহনীয়াৰ কবলত পৰি খলিলহঁতেও হামিদাই আশ্রয় লোৱা গাঁওখনত আশ্ৰয় লৈ আছিল। খলিলে চহৰত ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰি আছিল। সি বিয়া-বাৰু কৰোৱা নাছিল।
হামিদাই এদিন খলিলক লগ পাই ক’লে- আমাক তুমি পৰ বুলি ভবা নেকি? একেবাৰে দেখোন খা-খবৰ নুলোৱা হ’লা!আজি ৰাতি মোৰ তালৈ যাবাচোন। তোমাৰ লগত মোৰ বিশেষ কথা আছে।
হামিদাৰ আমন্ত্ৰণক্ৰমে খলিল নিশা হামিদাৰ লগত দেখা কৰিবলৈ আহিল। হামিদাই আগদিনা কৰি থোৱা পিঠাকেইটামান খলিলৰ আগত যতনাই দি ক’লে- খোৱা, কালি পিঠা বনাইছিলো। তোমাৰ কাৰণে কেইটামান থৈ দিছিলো।
কোনো ধৰণৰ আপত্তি নকৰাকৈ খলিলে পিঠাকেইটা খোৱাৰ পাছত হামিদাই তামোল যতনাই দিলে। খলিলে তামোল মুখত ভৰাই ক’লে- যাও নবৌ, ৰাতি বহু হ’ল। ইফালে দিন-কালো ভাল নহয়। আলফা বিচাৰি আৰক্ষীয়ে নিশা টহল দিয়ে। আৰক্ষীৰ আগত পৰিলে আটক কৰিও নিব পাৰে!
এৰা, কালি নিশাও আৰক্ষীৰ গাড়ী আহিছিল। হামিদাই ক’লে- দিন-কাল বেয়া যেতিয়া যাব নালাগে। ইয়াতে শুই থাকা। ৰাতিপুৱা যাবাগৈ।
খলিলে হামিদাৰ কথাৰ ইংগিত বুজিব পাৰি কোনো ধৰণৰ আপত্তি নকৰাকৈ সিদিনা নিশা সি হামিদাৰ লগতে থাকি গ’ল ৷
সিদিনাৰ পৰা হামিদাৰ বেলেগ এটা জীৱন আৰম্ভ হ’ল। খলিলৰ পৰা খবৰ পাই গাঁৱৰ আন ডেকা কিছুমানো হামিদাৰ ওচৰলৈ আহিবলৈ ধৰিলে আৰু টকাৰ বিনিময়ত হামিদাই সিহঁতৰ ওচৰত নিজৰ ৰূপ-যৌৱন বিক্ৰী কৰিবলৈ ধৰিলে। ইকাণে- সিকাণে গাঁৱৰ মানুহে কথাটো গম পাই তাইক গাঁৱৰ পৰা খেদি পঠিয়ালে।
গাঁৱৰ পৰা খেদা খাই হামিদাই চহৰৰ গাতে লাগি থকা মথাউৰিটোৰ কাষত জুপুৰি এটা সাজি দেহ ব্যৱসায় আৰম্ভ কৰিলে। তাইৰ লগত আন দুজনীমান ছোৱালী আহি লগ লাগিল। ল’ৰা-ছোৱালী থাকিলে ব্যৱসায়ত অসুবিধা হোৱাৰ কাৰণে তাই ল’ৰাটোক চাহৰ দোকান এখনত থ’লে আৰু ছোৱালীজনীক তোলনীয়া দিলে। ল’ৰা-ছোৱালীহালক আঁতৰাই পঠিওৱাৰ পাছত ৰমৰমীয়া দেহ ব্যৱসায় আৰম্ভ হৈ গ’ল। ডেকাৰ পৰা বুঢ়ালৈকে চগাৰ দৰে তাইৰ ৰূপ-যৌৱনৰ জুইত জাহ যাবলৈ ধৰিলে।
জে’লত থাকিলেও কথাটো জালালৰ কাণত নপৰাকৈ নাথাকিল। জে’লৰ পৰা ছুটী লৈ ঘৰলৈ যোৱা কয়েদী এজনে ঘৰৰ পৰা ঘূৰি আহি তাক জনালে- তোৰ ঘৈণীয়েৰৰ কাণ্ড-কাৰখানা চাই আহিলো। বৰ লাজৰ কথা হৈছে। তাই কিছুমান ছোৱালীৰ লগত লগ লাগি দেহ ব্যৱসায় আৰম্ভ কৰিছে।
তই কেনেকৈ জানিলি? জালালে কথাটো বিশ্বাস কৰিবলৈ টান পাই সুধিলে।
জানো তই বিশ্বাস কৰিবলৈ টান পাবি। কয়েদীজনে ক’লে- আমাৰ গাঁৱৰে ডেকা এজন মাজে-সময়ে তালৈ যায়। তেওঁৰ পৰাই কথাটো জানিব পাৰি মই কালি তোৰ ঘৈণীয়েৰক লগ কৰিবলৈ গৈছিলো। তাত আন দুজনীমান ছোৱালীকো লগ পালো। ওচৰৰ দুই-এঘৰ মানুহৰ পৰা ভূ-লৈ জানিব পাৰিলো কথাটো মিছা নহয়।
জালালৰ কাণ-মূৰ গৰম হৈ উঠিল। সি কোনোমতে সেপ ঢুকি সুধিলে- ল’ৰা-ছোৱালীহালৰ খবৰ কি?
মই শুনামতে ল’ৰাটোক কোনোবা চাহৰ দোকান এখনত থৈছে আৰু ছোৱালীজনীক কোনোবাই তোলনীয়া লৈছে।
কথাষাৰ শুনি খঙে জালালৰ চুলিৰ আগ পালেহি। সি মনৰ ক্ষোভ মনতে সামৰি কেইদিনমান ধৈর্য ধৰি থাকিল। তাৰ পাছত এদিন এপযেকৰ ছুটীলৈ হামিদাক লগ ধৰিবলৈ আহিল। হামিদাক বিচাৰি উলিয়াই দেখিলে, কয়েদীজনে কোৱা কথা মিছা নহয়।
সি হামিদাক উদ্দেশ্য কৰি ক’লে- তোৰ কাৰণেই মই জে’ল খাটিব লগা হৈছে আৰু মোক জে’ললৈ পঠিয়াই তই এইদৰে দেহ ব্যৱসায় চলাই আছ? মোৰ মান সন্মান ক’ত থাকিল? জালালৰ নাম শুনিলে এটা সময়ত বাঘে-ছাগে একেটা ঘাটত পানী খাইছিল। তই মোৰ মান-সন্মান মাটিৰ লগত মিহলি কৰি দিলি! তোৰ অপকৰ্মৰ বাবে এতিয়া জে’লৰ কয়েদীবোৰেও মোক বিদ্রূপৰ চকুৰে চাবলৈ আৰম্ভ কৰিছে।
তোমাক কোনে কৈছে এইবোৰ কথা ! হামিদাই কথাটো অস্বীকাৰ কৰি ক’লে- মই ঠিকেই আছো। মই কোনো অন্যায় কাম কৰা নাই।
অন্যায় কাম কৰা নাই মানে? জালালে ক’লে- মই নিজ চকুৰে যি দেখিলো এইবোৰ মিছা নেকি?
হামিদাই আওপকীয়াভাবে কথাটো স্বীকাৰ কৰি ক’লে-যদি কিবা কৰিছো সেয়া তোমাৰ সন্তানৰ মংগলৰ কাৰণে কৰিছো।
ল’ৰা-ছোৱালীহালৰ মংগলৰ কাৰণে কৰিছা যদি সিহঁতক কিয় লোকৰ ঘৰত থৈছা? সন্তান দুটাৰ কাৰণেইতো জজ চাহাবে তোক মুক্তি দিছিল!
যুক্তি য’ত পৰাজিত হয়, ত’তেই কাজিয়াৰ সূত্ৰপাত হয়। কথাত কথা বাঢ়ি গৈ এটা সময়ত উভয়ৰ মাজত কাজিয়াৰ সূত্ৰপাত হ’ল। কথা কটা-কটিৰ মাজত এবাৰ জালালৰ ধৈৰ্যৰ বান্ধ শিথিল হৈ পৰিল। সি হামিদাৰ ডিঙিত চেপামাৰি ধৰিলে। কেইমুহূর্তমান ছট্ফটাই হামিদা নিথৰ হৈ গ’ল । জালালে হামিদাৰ নাকত হাত দি চালে। উশাহ-নিশাহ বন্ধ। নাড়ী টিপি চালে। নাই, প্ৰাণৰ স্পন্দন নাই হামিদাৰ দেহত।
সি হামিদাক তেনেকৈ পেলাই থৈ ওচৰত থকা মূঢ়াটোত বহিল ৷ সি বিড়ি এডাল জ্বলাই হুপিবলৈ ধৰিলে। তাৰ মানসপটত ভাহি উঠিল ল’ৰা-ছোৱালীহালৰ শেঁতা মুখমণ্ডল ! তাৰ শৰীৰটো অৱশ হৈ আহিবলৈ ধৰিলে। সি মুঢ়াৰ পৰা নামি মাটিত লেপেটা কাঢ়ি বহি পৰিল। তাৰ চকুৰ পৰা ধাৰাসাৰে লোতক বাগৰিবলৈ ধৰিলে। কিন্তু লোতকৰ কাৰণ কি সি উপলব্ধি কৰিব নোৱাৰিলে ৷ এয়া আনন্দাশ্রু নে, অনুশোচনাৰ লোতক! হঠাৎ তাৰ মনত ভাব হ’ল, এয়া অনুশোচনাৰ লোতক নহয়, আনন্দাশ্রুহে। হামিদাক হত্যা কৰি সি ঠিকেই কৰিছে! তাইৰ উচটনিত পৰি নুৰুলক হত্যা কৰি সি যি ভুল কৰিছিল, আজি সি সেই ভুলৰ প্রায়শ্চিত্ত কৰিলে। হামিদাৰ দৰে নাৰীবোৰ সমাজৰ কাৰণে অভিশাপ স্বৰূপ। ইহঁতে সৃষ্টি কৰিব নোৱাৰে, ধ্বংসহে কৰিব
পাৰে। ইহঁতে উঠি অহা উত্তৰ পুৰুষক নিজৰ ৰূপ-যৌৱনেৰে প্রলোভিত কৰি ধ্বংসৰ মুখলৈ ঠেলি দিয়ে। আগতে তাৰ হাতত এজন ভাল মানুহৰ মৃত্যু হৈছিল— কিন্তু আজি এটি অভিশাপৰ মৃত্যু হ’ল। কথাষাৰ ভবাৰ লগে লগে তাৰ ওঁঠত বিৰিঙি উঠিল তৃপ্তিৰ হাঁহি। সি বহাৰ পৰা উঠি হামিদাক তেনেকৈ পেলাই থৈ ঘৰৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহিল। তাৰ পাছত দীঘলকৈ উশাহ টানি দুৱাৰখন লাহেকৈ জপাই দি কাৰাগাৰলৈ বুলি খোজ ল’লে।।◆
বেকীৰ বান
কিচমৎ পগলাক নজনা মানুহ চহৰখনত খুউব কমেই আছে। চহৰৰ অলিয়ে- গলিয়ে, ৰাস্তাই ৰাস্তাই অনাই বনাই ঘূৰি ফুৰাই তাৰ কাম। কেতিয়াবা ৰাস্তাৰ দাঁতিত জুপুকা মাৰি বহি থাকে, কেতিয়াবা আকৌ মাটিত লেপেটা কাঢ়ি বহি কিবা-কিবি লিখি থাকে। লিখাবোৰ কোনোবাই চাব খুজিলে সেইবোৰ হাতেৰে মচি পেলায়। ছোৱালী আৰু মাইকী মানুহ দেখিলে সি ৰ’ লাগি চাই থাকে। যেন কোনোবা চিনাকি মুখ বিচাৰে। সেই বুলি সি কাৰো লগত অভব্য আচৰণ নকৰে।
কেতিয়াবা আকাশৰ ফালে মুৰ তুলি চাই কিবা-কিবি কৈ থাকে। কি কয়, বুজা নাযায়। মাথোন ওঁঠ দুখনহে লৰোৱা দেখা যায়। কোনোবাই খাবলৈ দিলে খায়, নিদিলে লঘোণেই থাকে। কাৰো ওচৰত কোনো বস্তু খুজি নাখায়। গতিকে বহুতে তাক উপযাচিয়ে খাবলৈ দিয়ে। কেইবছৰমান আগলৈকো হেনো সি পগলা নাছিল। মানুহবিলাকে তাৰ পগলা হোৱাৰ বিষয়ে এটি কাহিনী কোৱা শুনা যায়। কাহিনীটো এনেকুৱা
পাঁচ-ছয় বছৰমান আগৰ এটি আবেলি। সিদিনা কিচমৎ আৰু নাজিমে ঠেলা লৈ হাবিৰ মাজৰ লুংলুঙীয়া বাটেৰে গৈ আছিল। গোমা বতৰ। ভাগৰত দুয়ো শ্ৰান্ত-ক্লান্ত। কিচমতে বাঁও হাতেৰে কপালৰ ঘাম মচি জোকাৰি পেলাই নাজিমক উদ্দেশ্য কৰি সুধিলে- আৰু কিমান দূৰ যাব লাগিব?
নাজিমে ঠেলা লৈ কিচমতৰ আগে আগে গৈ আছিল । সি পিছফালে ঘূৰি চাই ক’লে- এক কিলোমিটাৰমান গ’লেই পোৱা যাব। খৰধৰ কৰক, কিচমৎ ভাই। বেলি পাটত বহাৰ আগতেই আমি ঠাইখিনি গৈ পাব লাগিব। হাবিতলীয়া বাট। আন্ধাৰ হ’লে অসুবিধা হ’ব। বাট হেৰুৱাব লাগিলে নিশাটো হাবিৰ মাজতে পাৰ কৰিব লাগিব। হাবিখন হিংস্ৰ জীৱ-জন্তুৰ বিচৰণস্থলী। কেতিয়া কি অঘটন ঘটে একো ঠিক নাই!
তেনেহ’লে উভতি অহাৰ সময়ত আহিম কেনেকৈ? কিচমতে ভয়-বিহ্বল সুৰত ক’লে- ৰাতিয়ে হেনো উভতিব লাগিব। তেতিয়া আমাৰ অসুবিধা নহ’ব জানো?
আচলতে ওলাই অহাত অসুবিধা নহয়। পথ-ঘাট আমাৰ পৰিচিত। দিনৰ ভাগত গৈ নাপালে মাল বিচাৰি উলিওৱাতহে অসুবিধা হ’ব। চোৰাং কাৰবাৰ! সেয়ে সদায় একে ঠাইত মাল নাৰাখে। আজি অ’ত আৰু কাইলৈ ত’ত এনেকৈ মাল ৰাখে। সিদিনা ৰাস্তাৰ পৰা অলপ নিলগতে ৰাখিছিল। আজিবা আকৌ ক’ত ৰাখিছে! আমি দিনৰ পোহৰতে সেইবোৰ বিচাৰি উলিয়াব লাগিব। মাল দেখুৱাই দিয়াৰ কাৰণে মহাজন আমাৰ কাৰণে ৰৈ আছে। আন্ধাৰ হ’লে সি নাথাকে। গতিকে মহাজন থাকোঁতেই আমি গৈ পাব লাগিব।
খোজ কাঢ়ি বৰ ভাগৰ লাগিছে। কিচমতে অনুৰোধৰ সুৰত ক’লে- অকণমান জিৰাই ল’লে কেনে হয়?
নাজিমে বগলীৰ দৰে মূৰ দাঙি বেলিৰ ফালে চাই ক’লে- খৈনীৰ নিচা অৱশ্যে মোৰো হৈছে; কিন্তু এইবোৰ বৰ ‘ৰিক্স’ৰ কাম। জিৰণি লোৱাৰ আহৰি নাই। ঠেলাত মাল বোজাই কৰাৰ পাছততো জিৰণি লোৱাৰ প্ৰশ্নই নুঠে! কিমান সোনকালে নি মহাজনক মাল চমজাই দিব পাৰি তেতিয়া তাৰহে চিন্তা কৰিব লাগে। সিফালে বড়ো মিলিটাণ্টৰ ভয়তো কম নহয়! সিহঁতৰ হাতত পৰিলেতো জীৱনো যাব পাৰে!
পুলিচৰ পৰা কোনো ভয় নাই নেকি? কিচমতে ঠেলাখন একাষৰীয়া কৰি থৈ ক’লে।
পুলিচৰ পৰা অৱশ্যে তেনেকুৱা ভয় নাই। কাৰণ থানাৰ লগত লেন-দেন কৰিহে এইবোৰ কাম চলে । অৱশ্যে টকা-পইচা আদান-প্রদানত কিবা খেলি-মেলি হ’লেহে পুলিচে দিগদাৰি কৰে। ওপৰ মহলৰ চাপতো পুলিচে কেতিয়াবা লোকক দেখুৱাবৰ কাৰণে দুই-চাৰিজনক ধৰি নিয়ে। নাজিমে কথাৰ প্ৰসংগ সলনি কৰি ক’লে- বাদ দিয়া সেইবোৰ ! সময়ত যি হয় দেখা যাব। খৈনী আছে নেকি, কিচমৎ ভাই?
কিচমতে পকেটৰ পৰা খৈনীৰ পেকেট উলিয়াই নাজিমৰ ফালে আগবঢ়ালে। নাজিমে খৈনী মাৰি কিচমৰ ফালে আগবঢ়ালে- লোৱা, ইয়াৰ পাছত আৰু জিৰণি লোৱাৰ কথা নক’বা। গন্তব্যস্থান পালেহে পুনৰ জিৰণি ল’ব পাৰিবা। এইদৰে কৈ নাজিমে খৈনী মুখত ভৰাই নিজৰ ঠেলাৰ কাষলৈ গ’ল। কিচমতেও নিজৰ ঠেলাখন দাঙি ল’লে।
এই কামত অহাটো কিচমৰ কাৰণে এয়াই প্রথম। কেইদিনমান পাছতে ঈদ। ঈদত শাড়ী এখন লাগে বুলি আৰিফাই জেদ ধৰিছে। এতিয়ালৈকে অৱশ্যে ‘মেক্সি’য়ে পিন্ধে। বয়স যোৱা বহাগত বাৰ বছৰ পূৰ্ণ হৈছে। আফিা লিখা-পঢ়াত অৱশ্যে খুবেই ভাল আছিল ৷ প্ৰাইমাৰীত বৃত্তিও পাইছিল। কিন্তু ওচৰে-পাঁজৰে কোনো এম, ইস্কুল নথকাত ইচ্ছা থকা সত্ত্বেও অধিক পঢ়িব নোৱাৰিলে৷ কিচমতহঁতৰ গাঁৱৰ পৰা চহৰৰ দূৰত্ব মাথোন পাঁচ কিলোমিটাৰ। কিন্তু ছোৱালী এজনীৰ কাৰণে পাঁচ কিলোমিটাৰ বাট দিনৌ অহা-যোৱা কৰাটো খুব সহজ কথা নহয় ! গতিকে ইচ্ছা থাকিলেও তাই লিখা-পঢ়া আগবঢ়াই নিয়াটো সম্ভৱ নহ’ল।
মধুপুৰ গাঁওখন তেনেই পিছপৰা এখন গাঁও! চহৰৰ দাঁতি-কাষৰীয়া যদিও চাকিৰ তলৰ এন্ধাৰৰ দৰে গাঁওখন সকলো ফালেদি পিছ পৰি আছে। সিহঁতৰ গাওঁখনৰ চাৰিওফালে যেতিয়া বিজুলি চাকি জ্বলে, মধুপুৰ গাঁওখন তেতিয়া এন্ধাৰৰ মাজত নিমজ্জিত হৈ থাকি নিজৰ দৈন্যতাৰ কথা মানুহবোৰক সোঁৱৰাই থাকে। মধুপুৰ গাঁৱৰ মানুহবিলাকৰো আশা, আকাংক্ষা, সপোন আছে। আশাত বুকু বান্ধি প্ৰতিটো নির্বাচনতে দালালহঁতৰ মিঠা কথাত ভোল গৈ ভোট দিয়ে― চৰকাৰ বনায়। তেতিয়া নাজিম, কিচমতহঁতক আটায়ে চিনি পায়! সিহঁতৰ ওচৰলৈ ভোট বিচাৰি আহে। দালালহঁতৰ মুখৰ পৰা ‘ইটো হ’ব, সিটো হ’ব’ বুলি আশ্বাসৰ বাণী শুনে। কিন্তু নির্বাচন হৈ যোৱাৰ পাছত সিহঁতৰ ফালে ঘূৰি চাবলৈ কাৰো আহৰি নাথাকে।
মধুপুৰ গাঁৱৰ প্ৰায়বিলাক মানুহৰ ঘৰ এটা সময়ত বেঁকী নদীৰ পশ্চিম পাৰত আছিল। গৰা-খহনীয়াৰ কবলত পৰি বাঘে চোং সলোৱাৰ দৰে চোং সলাই আহি আহি বৰ্তমান এটি চৰত আশ্ৰয় লৈ আছে। জীৱিকাৰ উপায় হিচাপে গাঁৱৰ প্ৰায়বিলাক মানুহ চহৰলৈ গৈ ঠেলা-ৰিক্সা আদি চলায়। বহুতে মহাজনৰ গুদামত দিন হাজিৰা কৰে। তিৰোতাসকলে বাবুসকলৰ ঘৰত কাপোৰ, বাচন-বৰ্তন আদি ধোৱা-পখলা কাম কৰে।
গৰা-খহনীয়াৰ আগত কিচমতহঁতৰ অৱস্থা মোটা-মুটি ভালেই আছিল। গোহালিত গৰু, পুখুৰীত মাছ, বাৰীত তামোল- পাণেৰে নদন-বদন আছিল সিহঁতৰ সংসাৰখন। হঠাৎ সকলো ওলট-পালট হৈ গ’ল। বেঁকিয়ে সংহাৰ মূৰ্তি ধাৰণ কৰি পাৰৰ মাটি খহাই নিবলৈ ধৰিলে। এমাহৰ ভিতৰত গোটেইখন গাঁও নদীৰ বুকত জাহ গ’ল। ফলত মানুহবিলাকৰ দুখ-দুর্দশা কুলাই- পাচিয়ে নধৰা হ’ল। সুখ-স্বচ্ছদেৰে খাই-বই থকা মানুহবিলাকে মাটি-বৃত্তি হেৰুৱাই মথাউৰিত আশ্ৰয় লৈ পেটৰ ভাত মুঠিৰ বাবে সংগ্ৰামত ৰত হ’ব লগা হ’ল। কিচমত তেতিয়া নৱম মানত পঢ়ি আছিল।
কিচমতহঁতেও আন দহজন মানুহৰ লগত মথাউৰিত আশ্রয় ল’লে। অভাৱে স্বভাৱ নষ্ট কৰে। কিচমৰ দুজন ককায়েক আছিল। সিহঁতে আগতেই বিয়া-বাৰু কৰাইছিল। সিহঁতৰ কাৰণে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়াটো কঠিন হৈ পৰিল। গতিকে সিহঁতে মাক-দেউতাকক এৰি নিজৰ নিজৰ পৰিয়াল লৈ বেলেগ ঠাইলৈ গুচি গ’ল। সিহঁত গুচি যোৱাৰ পাছত মাক-দেউতাকৰ ভৰণ-পোষণৰ দায়িত্ব কিচমত্ৰ ওপৰত পৰিল।
গৰা-খহনীয়াৰ পাছতো কিচমতে লিখা-পঢ়া অব্যাহত ৰাখিছিল। মেট্রিক পাছ কৰাৰ পাছত সি কলেজতো নাম লগাইছিল। কিন্তু ককায়েক দুজন গুচি যোৱাৰ পাছত সি লিখা-পঢ়া এৰি চহৰলৈ গৈ ঠেলা-ৰিক্সা চলাই মাক-দেউতাকৰ ভৰণ-পোষণ কৰিবলৈ বাধ্য হৈ পৰিল। সময়ত সি বিয়া-বাৰুও কৰালে। কেইবছৰমানৰ ভিতৰতে সি এজনী ছোৱালী আৰু দুটা ল’ৰাৰ বাপেক হ’ল। ইতিমধ্যে বেঁকি নদীৰ বুকুত চৰ জাগি উঠিল। সি চৰলৈ গৈ ঘৰ বান্ধিলে। কিন্তু খহনীয়াৰ তাণ্ডৱত চৰখন কেইবছৰমান পাছত পুনৰ নদীৰ বুকুত জাহ গ’ল। ইতিমধ্যে তাৰ মাক-দেউতাক উভয় ঢুকাইছিল। সি এইবাৰ বাঁহবাৰীলৈ গৈ এঘৰ মানুহে দিয়া এডোখৰ মাটিত আশ্রয় ল’লে। দুবছৰমান পাছতে বড়ো আন্দোলন আৰম্ভ হ’ল। সেই আন্দোলনেই কাল হ’ল ৷ ল’ৰা দুটা বড়োসকলৰ নৃশংসতাৰ বলি হ’ল। কিচমতে ঘৈণীয়েক হালিমা আৰু ছোৱালী আৰিফাক লৈ কোনোমতে প্ৰাণ লৈ পলাল।
ইতিমধ্যে বেঁকিৰ বুকুত চৰ জাগি উঠিছিল। কিচমতে পুনৰ চৰলৈ আহি আকৌ ঘৰ বান্ধিলে। তেতিয়াৰ পৰা সিহঁত বেঁকিৰ চৰতে আছে।
ল’ৰা দুটাৰ মৃত্যুৰ পাছত হালিমা একেবাৰে উন্মাদপ্রায় হৈ উঠিছিল। তাই বর্তমান একমাত্র জীয়েক আৰিফাক বুকুত সাৱটি কোনোমতে পুত্ৰ শোক পাহৰি আছে। ছোৱালীজনীৰ আবদাৰ পূৰণ কৰিব নোৱাৰিলে হালিমায়ো বৰ দুখ পাব। আগতে সি ৰিক্সা চলাইছিল । এতিয়া সি ৰিক্সা নচলায়। ঠেলাহে চলায়। কিন্তু ঠেলা চলাই বৰ্তমান পেটৰ ভাত মুঠি যোগাৰ কৰাই টান, এনেস্থলত সি শাড়ীৰ টকা যোগাৰ কৰে কেনেকৈ? এইবোৰ কথা গুণা-গঁথা কৰি থাকোঁতেই হঠাৎ তাৰ নাজিমলৈ মনত পৰিল।
নাজিম কিচমৰ সম্বন্ধীয় ভায়েক। খুড়াৰ ল’ৰা। নাজিমহঁতে চোৰাং কাঠ অনা-নিয়া কৰে বুলি সি জানে। গতিকে সি এদিন নাজিমক লগ ধৰি ক’লে- নাজিম, তহঁতে বোলে চোৰাং কাঠ অনা-নিয়া কৰ। টকাও বোলে সৰহকৈ দিয়ে! আৰিফাই শাড়ী এখনৰ কাৰণে জেদ ধৰিছে। দুপইচা সৰহকৈ পালে তাইক শাড়ীখন কিনি দিব পাৰিলোহেঁতেন! মোক তহঁতৰ লগত নিবি নেকি?
নাজিমে আকাশৰ পৰা পৰাদি ক’লে- কিচমৎ ভাই, তুমি এইবোৰ বে-আইনী কাম কৰিব খুজিছা নেকি? নাই নাই, কিচমৎ ভাই, নালাগে তুমি এইবোৰ কাম কৰিব। বৰ ‘ৰিক্স’ৰ কাম! যেনেকৈ চলি আছা তেনেকৈয়ে চলি থাকা। তুমি এজন শিক্ষিত মানুহ। তুমি এইবোৰ কামত নলগাই ভাল। তুমি আমাৰ ঠেলা-সন্থাৰো ছেক্ৰেটাৰী। আটায়ে তোমাক সন্মান কৰে। তোমাক এইবোৰ কামত নিলে আটায়ে মোক গালি পাৰিব। তদুপৰি তোমাৰ দৰে শিক্ষিত, আত্মসন্মান থকা মানুহৰ কাৰণে এইবোৰ কাম নহয়, নহয়!
কিচমতে আকোঁৰগোজভাবে ক’লে- চা, কেইদিনমান পাছতে ঈদ। আৰিফাই ঈদত এখন শাড়ী খুজিছে। জানাইতো ঠেলা-চালকৰ অৱস্থা ! এদিন যদি এশ-দুশ-টকা ইনকাম হয়, দুদিন বহি খাব লাগে। গতিকে ঠেলা চলাই তাইক শাড়ী কিনি দিয়াটো মোৰ পক্ষে সম্ভৱ নহ’ব। মাথোন এটা বাৰৰ কাৰণে যাম।
কিন্তু থানা পুলিচৰ কথা আছে। আছে মহাজনৰ নিৰ্দয় ব্যৱহাৰৰ কথা! নাজিমে অসুবিধাৰ কথা জনালে৷
কিচমতে ক’লে- চা নাজিম, এজনী মাত্ৰ ছোৱালী। তাইৰ সাধাৰণ এটা আবদাৰ পূৰ্ণ কৰিব নোৱাৰিলে তাই বৰ দুখ পাব। আৰিফাৰ কাৰণে মই সকলো অপমান সহ্য কৰিবলৈ সাজু আছো।
কিচমতৰ আকোঁৰগোজ মনোভাৱৰ ওচৰত হাৰ মানি শেষত নাজিমে তাক লগত আনিবলৈ বাধ্য হৈছে।
বেলি পাটত বহাৰ আগে আগে আহি সিহঁত মহল পালেহি। সিহঁতৰ দৰে আৰু পাঁচজন ঠেলাৱালা আগৰ পৰাই তাত ৰৈ আছিল। সিহঁত গৈ পোৱাৰ লগে লগে তিনিজনমান ঠেলাৱালা আগবাঢ়ি আহিল। আটাই কেইজনেই নাজিমৰ চিনাকি। সিহঁতে কিচমতকো চিনি পায়। ঠেলাৱালা কেইজনৰ মাজৰ পৰা এজনে কিচমতক উদ্দেশ্য কৰি ক’লে- কিচমত ভাই, আপুনি ! আপুনি এইবোৰ কামত কিয় আহিল ?
কিচমতে কিবা উত্তৰ দিয়াৰ আগতেই নাজিমে ক’লে- ময়ো মানা কৰিছিলো, কিন্তু নামানিলে! জেদ ধৰাৰ কাৰণেহে আনিবলৈ বাধ্য হৈছো। মাথোন এটা বাৰৰ কাৰণে আহিছে। আৰু কোনোদিন নাহে। এই কথা কাকো ক’ব নালাগে। নাজিমে এইদৰে সাৱধান কৰি দি খন্তেক ৰৈ সুধিলে- মহাজন ক’ত?
ঠেলাৱালাজনে ক’লে- মাল চাবলৈ গৈছে। খালৰ সিপাৰওে বোলে মাল আছে! উজনিত বৰষুণ হোৱাৰ কাৰণে খাল ফেনে-ফুটুকাৰে ভৰি পৰিছে। গতিকে সিপাৰৰ মাল নিয়াটো সম্ভৱ নহ’ব হয়তো! গতিকে কথাটো মালৰ মালিকক অৱগত কৰিবলৈ গৈছে। ইপাৰৰ পৰাই মাল বোজাই কৰিব লাগিব।
উজনিত বৰষুণ হোৱাৰ কথা শুনি কিচমতে ভূটানৰ ফালে চাই পঠিয়ালে। পাহাৰৰ ওপৰত চপৰা-চপৰ ক’লা মেঘ ওপঙি আছে। বৰষুণ দিয়াৰ পূর্ব লক্ষণ! এনেকৈ মেঘ জমিলে পাহাৰত ধাৰাষাৰে বৰষুণ হয়। সেই বৰষুণৰ পানী নামি আহি বেঁকি বুকু ফেনে-ফুটুকাৰে উঠে। কেতিয়াবা বাঢ়নি পানীৰ সোঁতে খেতি পথাৰ নষ্ট কৰে ঘৰ-দুৱাৰ উটুৱাই নিয়ে। কেতিয়াবা আকৌ গৰাৰ মাটি খহাই মানুহবিলাকক গৃহহীন কৰে।
আধা ঘণ্টামান অপেক্ষা কৰাৰ পাছত দুজনমান মানুহৰ সৈতে মহাজন আহি পালেহি। মহাজনে প্রশ্নবোধক দৃষ্টিৰে ঠেলাৱালা কেইজনৰ ফালে চালে। হয়তো কোনো সন্দেহজনক মানুহ আছে নেকি তাৰ উমান ল’লে। কিচমতৰ ওপৰত চকু পৰাৰ লগে লগে সি ক’লে- নতুন মানুহ দেখিছো! কাৰ লগত আহিল?
নাজিমে আগবাঢ় গৈ ক’লে- মোৰ লগত আহিছে। একো অসুবিধা নহয়! আমাৰ লগৰে মানুহ।
অসুবিধা নহয় বুলি মই নিজেও বুজিব পাৰিছো। তথাপি নতুন মানুহ এইবোৰ কামত ননাই ভাল। কেতিয়া কি বিপদ হয় একো ঠিক নাই! পুলিচৰ উপৰিও আছে বড়ো মিলিটাণ্ট! বাৰু, আনিছা যেতিয়া সকলো কথা শিকাই-বুজাই দিবা। আজি খালৰ সিপাৰৰ মাল নিয়াটো সম্ভৱ নহ’ব। ইয়াত যিখিনি আছে, সেইখিনি বোজাই দি লৈ যাবা। বাটত কিবা অসুবিধা দেখিলে, ঠেলা পেলাই থৈ গুচি যাবা। পুলিচৰ হাতত ধৰা নিদিবা।
ইয়াৰ পাছত প্ৰয়োজনীয় নির্দেশ দি মহাজন গুচি গ’ল।
ঠেলাৱালাকেইজনে অ’ত ত’ত লুকাই থোৱা কাঠৰ টুকুৰাবোৰ বিচাৰি আনি ঠেলাত বোজাই কৰিবলৈ ধৰিলে। কাঠ বোজাই কৰোঁতে ৰাতি এপৰ হ’ল। ইয়াৰ পাছত ওভতনি যাত্ৰা আৰম্ভ হ’ল। দুই কিলোমিটাৰমান অহাৰ পাছতে তৰাখচিত আকাশখন হঠাৎ ক’লা ডাৱৰে ছানি ধৰিলে। খন্তেক পাছতে ডাঙৰ ডাঙৰ টোপাল কেইটামান পেলাই মুষলধাৰে বৰষুণ দিবলৈ ধৰিলে। এন্ধাৰ ঘন হৈ আহিল। কোনেও কাকো চকুৰে মণিব নোৱাৰা হ’ল। বাট-পথ একেবাৰে নেদেখা হৈ পৰিল।
প্রথমে নাজিমে মাত লগালে- এই এন্ধাৰৰ মাজত ঠেলা টানি লৈ যোৱাটো একেবাৰে অসম্ভৱ। আমি বৰষুণ কমালৈ বাট চাব লাগিব।
নাজিমৰ কথামতেই যিজনে য’ত যেনেকৈ আছিল তেনেকৈ ঠেলাবোৰ পেলাই থৈ ঠেলাৱালাকেইজনে এডৰা ওখ ঠাইত থকা এজোপা গছৰ তললৈ আহি বহি পৰিল। প্রায় তিনি ঘণ্টামান পাছত বৰষুণৰ বেগ অলপ কমিল। সিহঁতে পুনৰ যাত্ৰা আৰম্ভ কৰিলে। বেঁকিৰ পাৰে পাৰে আহি থাকোঁতে সিহঁতৰ কাণত পৰিল ক্রুদ্ধ গর্জন। গুলীৱিদ্ধ বাঘৰ দৰেই ভয়াৱহ আছিল সেই গর্জন। কিচমতৰ বুকুখন সেই গৰ্জনৰ তাণ্ডৱত ঢপ্ঢপাবলৈ ধৰিলে। বেঁকিৰ এই গৰ্জন কিচমতৰ অতি পৰিচিত। এইগর্জন মানেই বেঁকিত বান অহাৰ লক্ষণ। বেঁকিত বান আহিলে কেতিয়া কি অঘটন হৈ যায় তাৰ একো ঠিকনা নাই। কিচমৰ বাৰে বাৰে ঘৰখনলৈ মনত পৰিবলৈ ধৰিলে। তাৰ ঘৰখন প্রায় বেঁকিৰ পাৰতে। যদি কেনেবাকৈ খহনীয়া আৰম্ভ হৈ যায় চকুৰ পচাৰতে বেঁকিৰ অতল তলিত জাহ যাব তাৰ মৰমৰ ঘৰখন। আৰিফা আৰু হালিমাৰ বাহিৰে ঘৰখনত তৃতীয় প্রাণী নাই। কিবা অঘটন হ’লে এই দুৰ্যোগৰ মাজত কাৰোবাৰ সহায় পোৱাৰো কোনো আশা নাই।
এইদৰে নানা দুশ্চিন্তাৰ বোজা মূৰত লৈ সি কপালৰ ঘাম মচি মচি ঠেলা টানিবলৈ ধৰিলে। কেঁচা ৰাস্তা। সেয়ে অত্যধিক বৰষুণ দিয়াৰ ফলত মাটি ঢিলা হৈ পৰিছিল। ফলত ঠেলাৰ চকা মাজে-সময়ে বোকাত পোত যাবলৈ ধৰিলে। কেতিয়াবা নিজেই টানি তোলে। কেতিয়াবা নাজিমে ঠেলা টানি তোলাত সহায় কৰি দিয়ে। এক কিলোমিটাৰমান গ’লেই পকী ৰাস্তা পাব। পকী ৰাস্তা পাৰ হৈ দুই কিলোমিটাৰমান গ’লেই সিহঁতে গন্তব্যস্থান পাবগৈ। সিহঁতে ইজনৰ পাছত সিজন এনেকৈ শাৰী পাতি গৈ আছিল। অনভ্যস্ত কাৰণে কিচমত একেবাৰে পিছত আছিল।
পকী ৰাস্তা পোৱাৰ পাছত এজন এজনকৈ ছজনে ৰাস্তা পাৰ হৈ গ’ল। কিচমত পকী ৰাস্তাত উঠিছিলহে মাথোন এনেতে এখন ট্রাক আহি তাৰ সন্মুখত ৰৈ গ’ল। কাঠ কঢ়িওৱা ট্রাক বুলি ভাবি সি ট্রাকখনৰ ফালে চাই পঠিয়ালে। ট্রাকৰ পৰা নামি আহিল খাকী পোচাক পৰিহিত আৰক্ষী কিছুমান।ট্রাকৰ পৰা নামিয়ে সিহঁতে কিচমতৰ ফালে বন্দুক টোঁৱাই ক’লে- এখোজো আগ নাবাঢ়িবি, নহ’লে গুলী চলিব।
ঠেলা টানিবলৈ এৰি কিচমত ভেবা লাগি ৰাস্তাৰ মাজত থিয় দি থাকিল। ট্রাকৰ হেড্ লাইটৰ পোহৰত সি দুজনমান পুলিচ তাৰ ফালে আগুৱাই অহা দেখা পালে আৰু কেইজনমানক নাজিমহ’তৰ ফালে দৌৰি যোৱা দেখিলে। তাৰ কাষলৈ আহিয়ে আৰক্ষী দুজনৰ এজনে তাক বন্দুকৰ কুন্দাৰে ঠেলা মাৰি মাটিত বগৰাই পেলাই দিলে। তাৰ পাছত তাক টানি চোঁচৰাই ট্ৰাকৰ ওচৰলৈ লৈ আহিল। ট্ৰাকৰ কাষত থিয় দি থকা অফিচাৰজনে ডাবি মাৰি সুধিলে- কেইজন আছিলি?
কিচমতে কোনো ধৰণৰ লুক-ঢাক নকৰাকৈ ক’লে- মোৰে সৈতে সাতজন, ছাৰ!
এনেতে আন এজন চিপাহীয়ে উত্তম-মাধ্যম কিল-চাপৰ শোধাই নাজিমক তালৈ লৈ আহিল। চিপাহীজনে নাজিমক ঠেলা মাৰি মাটিত বগৰাই পেলাই ক’লে- বাকী কেইজন আন্ধাৰৰ সুযোগ লৈ পলাল, ছাৰ! আমাৰ চিপাহীবোৰে সিহঁ খেদি গৈছে।
অফিচাৰজনে নাজিমৰ মুখমণ্ডলৰ ওপৰত টৰ্চৰ পোহৰ পেলাই ক’লে- অ’ তই! তই ধৰা পৰাটো দেখোন কিবা গছত গৰু উঠা কথা হ’ল!
নাজিমে নির্বিকাভাবে ক’লে- আজিও ধৰিব নোৱাৰিলেহেঁতেন, ছাৰ! কিচমত্কাইৰ কাৰণে স্বইচ্ছাই ধৰা দিলোঁ।
নাজিমে মিছা কথা কোৱা নাই। সি পলাই সাৰিছিলেই! কিন্তু যেতিয়া সি দেখিলে কিচমৎ আৰক্ষীৰ হাতত ধৰা পৰিছে, সি পলাবলৈ এৰি স্বইচ্ছাই আৰক্ষীৰ হাতত ধৰা দিছে। কাৰণ কিচমত এজন সহজ-সৰল মানুহ। আৰক্ষীৰ ধমকিত কিবা নক’ব লগা কথা কৈ কেচটো অধিক জটিল কৰি তুলিব পাৰে ! তদুপৰি কিচমৰ প্ৰতি তাৰ শ্ৰদ্ধাও আছে। কিচমতক সি ভালো পায়। গতিকে সি বিপদৰ সময়ত কিচমতক অকলে এৰি থৈ যাবলৈ ভৰসা পোৱা নাই।
অফিচাৰজনে নাজিমক উদ্দেশ্য কৰি সুধিলে- বাৰু, ক’চোন আৰু কিমানজন আছিল?
নাজানো, ছাৰ। নাজিমে মিছা মাতিলে।
নাজান! থানালৈ গ’লেই চব জানিবি। অফিচাৰজনে নাজিমৰ ভৰিৰ পৰা মূৰলৈ দৃষ্টি বোলাই মিচিকিয়াই হাঁহিলে।
ছাৰ, কওঁকচোন ঠেলাৱালা কেইজনক ধৰি চৰ-চাপৰ মাৰি লকআপত ভৰালে কি লাভ হয়? যিসকলে কাঠ কটাইছে, চোৰাং কাৰবাৰ কৰি দুই তিনি মহলীয়া বিল্ডিং সাজিছে, পাৰে যদি সিহঁতক ধৰকগৈ, লাভ হ’ব। আমি পেটৰ দায়ত ঠেলা চলাওঁ, এইবোৰ কাঠ অনা-নিয়া কৰিলে কিছু টকা সৰহকৈ পাওঁ। তেতিয়া আলু পিটিকাৰ লগতে বজাৰৰ পৰা কিনি নিয়া গেলা মাছ দুটামান ল’ৰা-ছোৱালীৰ পাতত দিব পাৰো। আমাৰ দৰে নিৰীহক ধৰি লাভ নাই, ছাৰ !
অফিচাৰজনে ধমকিৰ সুৰত ক’লে- চুপ্ থাক! তোৰ এইবোৰ সাৰুৱা কথা কোৰ্টলৈ চালান দিয়াৰ পাছত হাকিমৰ আগত ক’বিগৈ৷ এতিয়া কৈ লাভ নাই।
সঁচা কথা সদায় তিতাই লাগে! নাজিমে ভোৰ্ভোৰালে।
এনেতে বাকী ঠেলাৱালাকেইনক খেদি যোৱা চিপাহীকেইজন খালী হাতত উভতি আহি ক’লে- আটাইকেইজন আন্ধাৰৰ সুযোগ লৈ পলাল, ছাৰ !
হ’ব বাৰু ! দুজনক ধৰিব পাৰিছো এয়াই যথেষ্ট! এতিয়া ইহঁত দুটাক থানালৈ লৈ যোৱা যাওঁক।
নিশা তিনিমান বজাত কিচমতহঁতক লকআপত ভৰাই অফিছাৰজন গুচি গ’ল।
নাজিমে কম্বল এখন পাৰি শোৱাৰ আয়োজন কৰি ক’লে- কিচমৎ ভাই, চিন্তা কৰি লাভ নাই। এতিয়া আমাৰ হাতত একো
নাই। কম্বল পাৰি শুই পৰা। কাইলৈ নিশা দহোটাৰ আগত আৰু শোৱাৰ সুযোগ নাপাবা। কপালত যি আছে সেয়ে হ’ব দিয়কচোন। পোন্ধৰ দিনৰ আগত ঘৰলৈ যোৱাৰ আশাও দেখা নাই।
নাজিমৰ কথা শুনি চক্ খাই উঠি কিচমতে ক’লে- পোন্ধৰ দিন! এই কেইদিন ঘৰ কোনে চলাব? অহাৰ সময়ত ঘৰত খুদ্ধকণ এটাও থৈ আহিব পৰা নাই।
কিবা এটা হ’ব দিয়কচোন। চিন্তা কৰিলেতো আৰু খুকণ যোগাৰ নহ’ব। গতিকে চিন্তা বাদ দিয়া। মই যি কৈছো সেইমতে কাম কৰা। মহাজন আহিলে কিবা এটা ব্যৱস্থা হ’ব পাৰে। অৱশ্যে কিছু টকা খৰচ হ’ব।
টকা ! কিচমতে ক’লে- টকা দিম ক’ৰ পৰা?
চিন্তা নকৰিবা। নাজিমে ক’লে- টকা মহাজনে দিব। আমি পাছত পৰিশোধ কৰিব লাগিব। এতিয়া মনে মনে শুই থাকা। এইদৰে কৈ খন্তেক ৰৈ নাজিমে পুনৰ ক’লে- এইবোৰ লাফৰা থকা কাৰণেই তোমাক মই আহিবলৈ মানা কৰিছিলো; কিন্তু তুমি নুশুনিলা। তোমাৰ কাৰণেই ময়ো আজি ধৰা দিব লগা হ’ল।
ইফালে ধাৰাষাৰ বৰষুণ দিয়াৰ ফলত বেঁকীত বান আহিল। বাঢ়নি পানীয়ে পাৰৰ মাটি চপৰা-চপৰে খহাই নিবলৈ ধৰিলে। দুই ঘণ্টামানৰ ভিতৰতে গোটেইখন চৰ পানীৰ তলত বুৰ গ’ল। চাৰিওফালে হুৱা-দুৱা লাগি গ’ল। কিচমতহঁতৰ ভেঁটিৰ
ওপৰতো পানী উঠিল। পানী বাঢ়ি আহি প্রথমে চোতাল আৰু চোতালৰ পৰা পানী ভেটিৰ ওপৰত উঠিল। ঘৰৰ ভিতৰতো একাঁঠু পানী হ’ল। আৰিফাক লৈ হামিদাই ঘৰৰ চাঙত আশ্ৰয় ল’লে। এটা সময়ত চাঙৰ ওপৰতো পানী উঠিল। ফলত সিহঁতে ঘৰৰ ভিতৰৰ পৰা ওলাই ঘৰৰ চালৰ ওপৰত আশ্রয় ল’লে। বৰষুণত তিতি বুৰি সিহঁতে ৰাতি পুৱালৈ অপেক্ষা কৰিবলৈ ধৰিলে।
মা, দেউতা কেতিয়া আহিব? আৰিফাই জাৰত কঁপি সুধিলে।
আকাশৰ যি অৱস্থা! এই অৱস্থাত কেনেকৈ আহিব? ৰাতি পুৱালেহে আহিব পাৰিব। হালিমাই জীয়েকক সান্ত্বনা দিলে।
দেউতা থাকিলে ইমানপৰে নিশ্চয় কিবা ব্যৱস্থা কৰিলেহেঁতেন। দেউতাই হয়তো আমাৰ কথা ভাবি ভাবি অস্থিৰ হৈ উঠিছে! দেউতাই আমাক খুব ভাল পায়, নহয়নে মা?
এৰা, কিচমতে নিজৰ জীউটোতকৈও বেছি ভাল পায় আৰিফাক।
হালিমাৰ চকুৰ আগত ভাহি উঠিল পাঁচ বছৰ আগৰ এটি ঘটনা। এবাৰ সিহঁত থকা চৰটো গৰাখহনীয়াৰ কবলত পৰি সম্পূৰ্ণৰূপে বেঁকিৰ অতল তলীত জাহ গৈছিল। ফলত সিহঁতে বাঁহবাৰীত এঘৰ মানুহৰ তাত আশ্ৰয় লৈ আছিল। এদিন সিহঁত থকা গাঁওখনৰ উত্তৰ দিশত জুই জ্বলিছিল। হাতে হাতে বন্দুক লাঠি জোং লৈ বড়োসকলে ইখনৰ পাছত সিখন গাঁও জ্বলাই গৈ আছিল। লগতে লুট-পাতৰ তাণ্ডৱ চলাইছিল। বড়োসকল সিদিনা যেন তেজৰ কাৰণে বলিয়া হৈ উঠিছিল। যাক য’ত যেনেকৈ পাইছিল ত’তেই গুলীয়াই নহ’লে দাৰে ঘপিয়াই হত্যা কৰিছিল।
ক’ৰবাৰ পৰা লৰি আহি কিচমতে সুধিছিল- আৰিফা ক’ত? জামাল-কামাল ক’ত? সিহঁতক মাতা। আমি এতিয়াই ইয়াৰ পৰা পলাব লাগিব। বড়োসকল আমাৰ গাঁওৰ ফালেও আহি আছে।
আপুনি এতিয়া আহিল ক’ৰ পৰা? হামিদাই ক’লে- জামাল-কামালক আপোনাৰ পিছে পিছে যোৱা দেখিছিলোঁ।
কিচমতে সিহঁতৰ উত্তৰফালে থকা এখন গাঁৱৰ ফালে আঙুলিয়াই ক’লে—মই জুই দেখি সিখন গাঁওলৈ গৈছিলো। তাৰ পৰা কোনোমতে প্রাণ লৈ পলাই আহিলো। তালৈ গৈ যি অভাৱনীয় দৃশ্য দেখিলো সেয়া মর্মান্তিক! ঘৰে ঘৰে জুই লগাই দিছে। মানুহবিলাকক নির্বিচাৰে হত্যা কৰিছে। সৰু সৰু ল’ৰা-ছোৱালীক জুইৰ মাজলৈ দলিয়াই দিছে। ব’লা, আমি ৰৈ থাকিলে আমাৰো সেই একেই দশা হ’ব। তোমালোকে যি পাৰা খাদ্য-বস্তু লৈ ওলাই যোৱা। মই জামাল-কামালক বিচাৰি যাওঁ।
কিচমতে বলিয়াৰ দৰে দৌৰি জামাল-কামালক বিচাৰি গৈছিল; কিন্তু উভতি আহিছিল সি অকলে। আহিয়ে মাটিত লেপেটা কাঢ়ি বহি বুকুত চপৰিয়াই তিৰোতা মানুহৰ দৰে কান্দি কান্দি কৈছিল- নোৱাৰিলো আৰিফাৰ মাক, জামাল কামালক বচাব নোৱাৰিলো। দুবৃত্তহঁতে সিহঁতক দাৰে ঘপিয়াই মোৰ চকুৰ সন্মুখতে জুইৰ মাজলৈ দলিয়াই দিলে। মই বাপেকটো হৈ সেই দৃশ্য চাই থাকিলো, কিন্তু সিহঁতক বচাব নোৱাৰিলো। সিহঁতে মোক দেখা পাই ‘দেউতা’ বুলি মোৰ ফালে দৌৰি অহাৰ বাটতে….উঃ–!
বুকুত খামুচি ধৰি কিচমত অজ্ঞান হৈ গৈছিল। তাৰ পাছত সেয়া বহু কাহিনী! ত্ৰাণ শিৱিৰ। ত্রাণ শিৱিৰৰ পৰা পুনৰ এইখন চৰ।
এটা সময়ত কোবাল সোঁতৰ হেঁচাত আৰিফাহঁত উঠি থকা ঘৰটো হঠাৎ পানীৰ ওপৰত ভাগি পৰিল। বাঁহৰ খুঁটা। সোঁতৰ হেঁচা সহ্য কৰিব নোৱাৰিয়ে হয়তো মুখ থেকেচা খাই তেনেকৈ পানীৰ ওপৰত হাওলি পৰিছিল। তেতিয়াও বেলি উঠা নাছিল। মাক-জীয়েক দুয়ো পানীৰ সোঁতৰ টানত উটি যাবলৈ ধৰিলে। সহায়ৰ কাৰণে সিহঁতে পাৰেমানে চিঞৰিবলৈ ধৰিলে। কিন্তু সহায় কৰিবলৈ কোনেও আগবাঢ়ি নাহিল। এটা সময়ত এডাল গছত লাগি ঘৰটো দুডোখৰ হৈ গ’ল ৷ মাক-জীয়েক দুয়োউফৰি পানীত চিটিকি পৰিল। উভয়ে সাঁতুৰিবলৈ জানিছিল যদিও কোবাল সোঁতত সাঁতুৰিব কিমান পৰ! মাক-জীয়েক উভয়ৰে সলিল সমাধি হ’ল।
পোন্ধৰ দিন পাছত হাজোতৰ পৰা জামিনত ওলাই কিচমতে ঘৰলৈ বুলি খোজ ল’লে। গাঁওখন পোৱাৰ লগে লগে আটায়ে তাৰ ফালে পুতৌৰ দৃষ্টিৰে চাবলৈ ধৰিলে। কিচমতে নিজৰ ঘৰখন নেদেখি মানুহবিলাকক সুধিলে- মোৰ ঘৰ ক’ত? আৰিফাহঁত ক’ত?
এজন বৃদ্ধ আগবাঢ়ি আহি ক’লে- অধৈর্য নহ’বা। ধৈর্য ধৰা। সকলো ওপৰৱালাৰ মহিমা! তুমি সিদিনা ঘৰত থাকিলে তোমাৰো সেই একেই দশা হ’লহেঁতেন!
কিচমতে ব্যস্তভাৱে সুধিলে- আচল কথা কি তাকে কওঁক?
বৃদ্ধই হুমুনিয়াহ কাঢ়ি ক’লে- যিদিনা তোমাক পুলিচে ধৰি নিছিল, সিদিনা নিশা এইখন চৰলৈ বলিয়া বান আহিছিল৷ সেই বানে মাক-জীয়েক উভয়ক উটুৱাই নিলে। সিহঁতৰ চিঞৰ-বাখৰ বহুতেই শুনিছিল; কিন্তু সহায় কৰাৰ কোনো উপায় নাছিল।
তাৰ মানে সিহঁতৰ…..কিচমতে বাক্যটো শেষ কৰিব নোৱাৰিলে।
বৃদ্ধই ক’লে- সলিল সমাধি হ’ল।
কথাটো শুনাৰ লগে লগে ‘আৰিফা’ বুলি চিঞৰি চমত অজ্ঞান হৈ ঢলি পৰিল।আলপৈচান ধৰাৰ পাছত জ্ঞান ঘূৰাই পালে যদিও স্মৃতিশক্তি চিৰদিনৰ বাবে লোপ পালে। অর্থাৎ কিচমত বলিয়া হৈ গ’ল।◆
সংযোগ বিভ্রাট
খবৰটো বনজুইৰ দৰে অঞ্চলটোত বিয়পি পৰিল। নানান জনৰ নানা ৰহণ সনা কথাই খবৰটো অধিক মুখ-ৰোচক কৰি তুলিলে।
কামাল আৰু সাজেদা দুয়ো একেখন কলেজত পঢ়ে। লিখা-পঢ়াতো দুয়ো ভাল। স্বভাৱ-চৰিত্ৰ ভাল বুলি গাঁৱখনত সিহঁতৰ এটা সুনামো আছে। আছে মানে দুদিনমান আগলৈকো আছিল। কিন্তু আজি সিহঁতৰ সেই সুনাম নাই। সুনামৰ ঠাইত গাঁৱখনত সিহঁতৰ দুৰ্নাম গাই ফুৰিছে দুজন মানুহ একেলগ হ’লেই। আটায়ে সিহঁতৰ ঘৰখনৰ দোষ-গুণ খুচৰি ফুৰিছে। সিহঁতৰ পৰিয়ালৰ কোনে কেতিয়া কি কৰিছিল সেইবোৰ এজনে আনজনৰ ওচৰত কৈ আমোদৰ খোৰাক যোগাইছে।
অ-কথা কু-কথাবোৰ পোহৰৰ গতিত চলে। এজনে আনজনৰ ওচৰত কৈ আমোদ উপভোগ কৰে। জৰী এডাল ঘঁহিলে মিহি হয়; কিন্তু কথা ঘঁহিলে মোটাহে হয়। এজনে খবৰটো জানিও নজনাৰ ভাও জুৰি আনজনৰ ওচৰত মাথোন আনন্দ কৌতুকৰ কাৰণে সুধিবলৈ ধৰিলে- হয়নে, কথাটো সঁচানে? সিহঁতহাল বোলে পলাল?
সিজনে আকৌ এখোপ চৰাকৈ উত্তৰ দিলে- সঁচা নহৈ আকৌ মিছা হ’ব নেকি? দুই এদিনত কেঁচুৱা কোলাত ল’বৰ হ’বই! তুমি সুধিব আহিছা কথাটো সঁচানে মিছা !
য’তেই দুজন মানুহ গোট খালে ত’তেই খবৰটো তিলটোকে তালটো কৰি সমালোচনা কৰিবলৈ ধৰিলে।
খবৰটো প্ৰথমতে আনিছিল ফৰিদে। ফৰিদৰ পৰা খবৰটো কাণ বাগৰি আহি আহি বৰ্তমান গাঁৱখনৰ চোকে-কোণে সিঁচৰতি হৈ পৰিছে।
প্রত্যেক মানুহৰে শত্ৰু থাকে! বেয়াতকৈ ভালৰহে বোলে বেছি শত্ৰু থাকে। কাৰণ বেয়াবোৰে কিবা বেয়া কাম কৰিবলৈ গ’লেই প্ৰথমতে ভালবোৰৰ পৰা বাধা পায়। গতিকে বেয়াবোৰে তলে তলে ভাল মানুহৰ বিৰুদ্ধে শত্রুতাৰ মনোভাৱ পোষণ কৰি থাকে আৰু সুযোগ বিচাৰি ফুৰে ক্ষতি কৰাৰ কাৰণে। কামাল আৰু সাজেদাহঁতৰ পৰিয়ালৰ গাঁৱখনত ভাল বুলি সুনাম আছে। অৱস্থাও স্বচ্ছল। সিহঁতৰ ভয়ত বহুতেই কোনো অন্যায় কাম কৰিবলৈ সাহস গোটাব নোৱাৰে। গতিকে পৰিয়াল দুটাক ভাল নোপোৱা মানুহবোৰেই খবৰটো বেছিকৈ প্ৰচাৰ কৰি ফুৰিবলৈ ধৰিলে।
কায়ুমহঁতৰ পৰিয়ালৰ লগত কামালহঁতৰ পৰিয়ালৰ বহুদিন আগৰ পৰাই আক্রোশ ভাব এটা আছে। কামালৰ দেউতাকে বোলে কোনোবা দিনা কায়ুমৰ দেউতাকক বেয়াকৈ দুই কথা শুনাইছিল।
কামালহঁতৰ গাঁৱখন চহৰৰ উপকণ্ঠৰ এখন গাঁও। গাঁৱখনৰ সৰহভাগ মানুহৰে মাটি সম্পত্তি কম। নাঙল মুছলমানৰ আছিল যদিও মাটি আছিল হিন্দু মহাজনৰ। সেই মাটি গাঁৱৰ সৰহভাগ মানুহে আধি-ঠিকালৈ খেতি-বাতি কৰি জীৱন নিৰ্বাহ কৰিছিল। গাঁৱখনৰ ওচৰত মেডিকেল কলেজ এখন স্থাপন হোৱাৰ কথা চলিছিল। গতিকে বিভিন্ন অঞ্চলৰ পৰা সুযোগ সন্ধানী মানুহ আহি বসতি স্থাপন কৰিবলৈ আৰম্ভ কৰিছিল। ফলত মাটিৰ মূল্য অস্বাভাৱিক হাৰে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছিল।
কায়ুমৰ দেউতাকে সেই সুযোগ গ্রহণ কৰি দুপইচা সৰহকৈ উপাৰ্জনৰ আশাত গাঁৱখনত দালালি আৰম্ভ কৰিছিল। মাটিৰ দালালি। মহাজনৰ পৰা কম মূল্যত মাটি কিনি আনি কায়ুমৰ দেউতাকে সেই মাটি অধিক মূল্যত বিক্ৰী কৰিছিল। ফলত যুগ যুগ ধৰি আধি-ঠিকালৈ জীৱন নিৰ্বাহ কৰি থকা মানুহবিলাক সেই মাটিৰ পৰা বঞ্চিত হ’ব লগা হৈছিল। কামালৰ দেউতাকে কায়ুমৰ দেউতাকৰ সেই কামত বাধাৰোপ কৰিয়ে কথা শুনাইছিল। ফলত কায়ুমৰ দেউতাকৰ দালালি বন্ধ হৈ গৈছিল। যাৰ দখলত যি মাটি আছিল সেই মাটি সিহঁতেই বিক্ৰী কৰিছিল আৰু দুই পইচা লাভ কৰি খাইছিল। ফিঙতিৰ পৰা খাণ্ডবদাহ হোৱাৰ দৰেই তেতিয়াৰ পৰাই দুয়োটা পৰিয়ালৰ মাজত মাতবোল বন্ধ। গতিকে আমোদ উপভোগ কৰাৰ কাৰণে খবৰটো কিমানদূৰ সত্য তাৰে বুজ ল’বলৈ কায়ুম ফৰিদৰ ওচৰলৈ আহিল।
কায়ুমে সুধিলে- হয়নে ফৰিদ, খবৰটো তেনেহ’লে সঁচা?
কায়ুমৰ প্ৰশ্নত ফৰিদ উৎসাহিত হৈ উঠিল। সি কথাটো বুজাই ক’লে- সঁচা নহৈ আকৌ মিছা হ’ব নেকি? মই নিজ চকুৰে কামাল আৰু সাজেদাক উজনিমুৱা বাছত উঠা দেখা পাইছো। এনেয়ে সিহঁত কিন্তু একেবাৰে ভিজা মেকুৰী, ভজা মাছটোও ওলোটাই খাব নাজানে। আচলতে সিহঁতৰ মাজত প্রেম-পিৰিতিৰ গোপন খেলা বহুদিনৰ পৰাই চলি আছিল। কলেজলৈ যোৱাৰ বাটত দুয়োটাকে মই ফুচ্ফুচাই মেল মাৰি থকা দেখা পাও। কিন্তু কাকো একো নকওঁ! ক’লে বা আকৌ কি জগৰ লাগে! পৰহিহে সিহঁতৰ আচল ৰূপটো মোৰ চকুত ধৰা পৰিল।
ক’লৈ যাব পাৰে বুলি ভবিছা? কায়ুমে সুধিলে।
ফৰিদে ভেকাহি মাৰি ক’লে- জানো ক’লৈ গৈছে! দূৰলৈকে ক’ৰবালৈ গৈছে হয়তো! দুয়োৰে হাতত এটাচি দেখা পালো।
তাৰ মানে সিহঁতে প্লেন-প্রোগ্রাম কৰিয়ে গৈছে! গাঁৱৰ কোনো এজনেওতো সিহঁতে এনেকুৱা কৰিব পাৰে বুলি সপোনতো কল্পনা কৰা নাছিল! কায়ুমে মন্তব্য কৰিলে।
সিহঁতৰ সেই কথা-বতৰাৰ মাজতে আহি পালে বাঘে খোৱাৰ পুতেক ইউছুফ। ইউছুফৰ আতাক কলিমুদ্দিনৰ গাত হাতীৰ বল আছিল। কলিমুদ্দিনৰ পুতেক হ’ল নাজিম আৰু নাজিমৰ পুতেক ইউছুফ। এবাৰ কলিমুদ্দিন আৰু নাজিমে পথাৰত ধান ধাই আছিল। তেতিয়া জনবসতি খুবেই সেৰেঙা আছিল। বন-জংঘল কাটি হাবিৰ মাজে মাজে গাঁও পাতি মানুহবিলাকে বসবাস কৰিছিল। সিহঁতৰ পিছফালে আছিল নল-খাগৰিৰে ভৰা এখন হাবি। সেই হাবিৰ মাজৰ পৰা বাঘ এটা মনে মনে ওলাই আহি কোনেও তৰ্কিব নোৱাৰাকৈ নাজিমৰ সোঁৱাহুত কামোৰ মাৰি ধৰিছিল। চকুৰ আগতে পুতেকক বাঘে ধৰা দেখি কলিমুদ্দিন থিৰেৰে থাকিব নোৱাৰিলে। আগ-পাছ নাভাবি সি হাতত লৈ থকা কাঁচিটোৰে বাঘটোক আক্রমণ কৰিলে। বলিয়াৰ দৰে উধাই-মুধাই সি বাঘটোক ঘপিয়াবলৈ ধৰিলে। ঘাপৰ প্ৰচণ্ডতাত তত নাপাই নাজিমক এৰি দি বাঘটো পলাল। কিন্তু বাঘে কামোৰা ঠাইডোখৰত দকৈ ঘাঁ হ’ল। বেজ-কবিৰাজৰ ঔষধ-পথ্য খাই ঘাঁ-ডোখৰ শুকাল যদিও চিৰদিনৰ বাবে দাগটো থাকি গ’ল। তেতিয়াৰ পৰাই নাজিমৰ উপনামটো হ’ল বাঘে-খোৱা নাজিম। সেই বাঘে খোৱা উপনামটোৰেই এতিয়ালৈকে সিহঁতৰ পৰিয়ালটোক চিনাক্ত কৰা হয় !
ইউছুফ আহিয়ে কোনো ধৰণৰ ভূমিকা নকৰাকৈ ক’লে- ফৰিদ, তই কোৱা কথাটো ঠিকেই! সাজেদা বোলে মাহীয়েকৰ ঘৰলৈ যোৱা নাই। এইমাত্র কালামে খবৰটো লৈ আহিল। সি সাজেদাক বিচাৰি তাইৰ মাহীয়েকৰ তালৈ গৈছিল।
কিযে হ’ল পৃথিবীখনত ! কায়ুমে বিজ্ঞৰ দৰে ক’বলৈ ধৰিলে- কলেজত পঢ়ি আছ, ভাল কথা, পঢ়ি থাক। গাঁৱখনৰো এটা সুনাম দে’চোন! বয়স হ’লে মাক-দেউতাকে বাৰু বিয়া নপতাকৈ থাকিব নেকি? পলাই গৈ বিয়া পাতিবলৈ সিহঁতক কিহে পালে, ক’চোন! বৰ দুৰ্নামৰ কথা! কামালৰ কথা সুকীয়া দে’চোন! সি পুৰুষ মানুহ। সি কিবা এটা কৰিব পাৰে। সেই বুলি সাজেদা? তাই কোন সতেৰে মাক-বাপেকৰ নাক-কাণ কাটি এইদৰে পলাল?
আজি-কালি কোনেনো প্রেম-পিৰিতি নকৰাকৈ থাকে। পিৰিতি কৰিলেই যে এইদৰে পলাব লাগিব সেইটো আকৌ কেনেকুৱা কথা ! সিহঁত দুটাই সিদিনা নৈৰ পাৰত মেল মাৰি আছিল। ময়ো ঠিক তেতিয়াই দমৰাটো বিচাৰি সেইখিনি পাইছিলোঁহি। মোক দেখি সিহঁত দুজন দুফালে গুচি গ’ল৷ কিবা এটা হ’ব বুলি মই তেতিয়াই অনুমান কৰিব পাৰিছিলো। ইউছুফে নিজৰ অভিজ্ঞতাৰ কথা বর্ণনা কৰিলে।
সিহঁতৰ ঘৰখনে এই বিয়া মানি ল’ব জানো? কায়ুমে নিজকে নিজে প্রশ্ন কৰাৰ দৰে প্ৰশ্নটো কৰিলে।
মানি নলৈনো আকৌ কি কৰিব! অৱশ্যে লোকক দেখুৱাবলৈ দুই চাৰিদিন তর্জন-গর্জন কৰিব, পাছত সকলো ঠিক হৈ যাব। ফৰিদে মন্তব্য কৰিলে।
সাজেদাৰ মাকে কথাটো চাগে আগৰ পৰাই জানিব পাৰিছিল। ইউছুফে নিজৰ অভিজ্ঞতাৰ জোলোঙা খোচৰি ক’লে- শুনিছো, ছোৱালীবোৰে হেনো মাকক নজনোৱাকৈ কোনো কাম নকৰে! কথাটো কিমানদূৰ সঁচা সেয়া মই অৱশ্যে নাজানো।
আজি-কালি সেইবোৰ দিন নাই। সেইবোৰ আগৰ দিনৰ মানুহৰ কথা। ফৰিদে মন্তব্য কৰিলে।
ইউছুফে প্ৰসংগ সলনি কৰি ফদিক উদ্দেশ্য কৰি সুধিলে- তয়োতো কেইদিনমান সাজেদাৰ পাছত লাগি আছিলি পটাব নোৱাৰিলি নেকি?
ইউছুফ জিকাৰ খাই উঠিল- থ’ থ’, তেনেকুৱা এজনীৰ পাছত লাগিবলৈ মোৰ গৰজ পৰিছে! মই মানুহ চিনি নাপাও বুলি ভাবিছ নেকি?
ফৰিদে মুখত তেনেকৈ ক’লেও সি সাজেদাৰ পাছত লাগি থকাটো সঁচা। একপক্ষীয়ভাবে এতিয়াও সি সাজেদাক ভাল পায়। তাৰ এই ভালপোৱাৰ কথা সি পাকে-প্ৰকাৰে সাজেদাক জনাই বিফল হৈছে। গতিকে সি সাজেদাৰ প্ৰতি মনে মনে বিদ্বেষ ভাব এটা পুহি ৰাখিছে। কথাটো ইউছুফেও জানে। সেয়ে সি কটা ঘাঁত নিমখ ছটিয়াবলৈ ক’লে- ঢুকি নাপালে আঙুৰ টেঙাই হয়!
অপ্রিয় সত্য কথা ক’লে আটায়েৰে খং ঠ। ফৰিদৰো উঠিল। সি খঙেৰে সৈতে ক’লে- অ’ই ইউছুফ, বৰ বৰ কথা নক বিচোন। তয়ো জানো হালিমাৰ পাছত লাগি নাছিলি? তাই তোক চুক-চুকোৱা নাই বুলিহে !
ফৰিদে কোৱা কথাষাৰ সঁচা। ইউছুফ কেইদিনমান কামালৰ ভনীয়েক হালিমাৰ পাছত লাগি আছিল। কথাটো গম পাই কামালে তাক চুই কিলাইহে মাৰা নাই! মুখত কিন্তু তুলা-ধুনা কৰিছে।
গতিকে ইউছুফে দুর্বলভাবে ফৰিদৰ কথাৰ প্ৰতিবাদ কৰি ক’লে- তাইৰ লগত প্রেম-পিৰিতি কৰাৰ মোৰ মুঠেই ইচ্ছা নাছিল। তাইৰ মনটোহে জুকিয়াই চাইছিলো।
দাঙিব নোৱাৰা শিলক পৰি নমস্কাৰ কৰাৰ বাহিৰে উপায় আছে জানো! ফৰিদে ফকৰা এফাকি গাই শুনালে।
কায়ুমে ইমান পৰে সিহঁতৰ কথা-বতৰা শুনি আছিল; কিন্তু কোনো ধৰণৰ মন্তব্য কৰা নাছিল। যেতিয়া সি দেখিলে ইজনে সিজনৰ গাত বোকা ছটিয়াবলৈ আৰম্ভ কৰিছে, তেতিয়া সি বাক-বিতণ্ডা সিমানতে অন্ত পেলাবলৈ ক’লে- তহঁতে এতিয়া কেঁচু খান্দিবলৈ গৈ সাপহে খান্দি উলিয়াবি। বাদ দে সেইবোৰ। কাপোৰৰ তলত আচলতে আটায়ে নাঙঠ। এতিয়া পাৰ যদি সিহঁতহাল ক’ত লুকাই আছে, তাৰ খবৰ কৰ।
এনেতে তালৈ আহি ওলালহি ফিদুছ। ফিদুছৰ মাক বাতাসী টুটুকীয়া স্বভাৱৰ তিৰোতা বুলি অঞ্চলটোৰ আটায়ে জানে। ফিদুছেও মাকৰ স্বভাৱ পাইছে উত্তৰাধিকাৰ সূত্ৰে। ক’ৰবাত কিবা এটা শুনিলে আনৰ আগত নোকোৱালৈকে তাৰ পেটৰ ভাত হজম নহয়। সি আহিছিল চাইকেলত উঠি। সি চাইকেলখন ষ্টেণ্ড কৰি থৈ কায়ুমহঁতৰ ওচৰলৈ আহি কোনো ধৰণৰ ভূমিকা নকৰাকৈ আৰম্ভ কৰিলে- কামালৰ খবৰ শুনিছ, নে নাই? সি বোলে তাৰ ভিনিয়েৰৰ তালৈ যোৱা নাই।
এইটো আকৌ এটা খবৰ হ’ল নেকি? ইউছুফে ভেকাহি মাৰি ক’লে- এই খবৰ আমি বহু আগতেই পাইছো। ই আহিছে মাকৰ আগত মোমায়েৰৰ খবৰ ক’বলৈ! বাহী খবৰ।
ফিৰদুছো সেও মনা বিধৰ পাত্ৰ নহয়। ইউছুফৰ ভেকাহিয়ে তাক সেও মনাব নোৱাৰিলে। সি অধিক উৎসাহেৰে ক’লে- এই মাত্ৰ মই মাৰ মুখৰ পৰা কামালৰ পেহীয়েকৰ বিষয়ে এষাৰ কথা শুনি আহিলো। বৰ আমোদজনক। শুনিব বিচাৰিলে ক’ব পাৰো!
কথাটো শুনি আটায়ে লৰি-চৰি বহিল।
কামালৰ পেহীয়েকৰ কথা শুনি কায়ূম অধিক উৎসাহিত হৈ উঠিল। সি কথাটোৰ বুজ ল’বলৈ ক’লে- কি আমোদজনক কথা অ’! ক’চোন শুনো।
আমোদজনক মানে বৰ আমোদজনক। শুনিলে শুনি থাকিবৰে মন যায়। লাইলী-মজনুৰ প্রেম কাহিনীকো চেৰ পেলোৱা বিধৰ প্রেম কাহিনী। মই এইমাত্ৰ মাৰ মুখৰ পৰা শুনি আহিলো। একেবাৰে শ্ৰোতব্যঃ প্রেম কাহিনী। অবিশ্বাস্য।
ভূমিকা বাদ দি আচল কথা কি তাকে ক’চোন। ফৰিদে অধৈৰ্য হৈ ক’লে।
কাহিনী এটা ক’বলৈ গ’লে ভূমিকা অলপ লাগেই দে’চোন। বাৰু শুন তেনেহ’লে। ফিদুছে আৰম্ভ কৰিলে–
প্রায় ত্ৰিছ বছৰমান আগৰ কথা। কামালৰ পেহীয়েক জামিলাৰ ভালপোৱা গঢ়ি উঠিছিল গাঁৱৰে ছলিমুদ্দিন নামৰ ডেকা এজনৰ লগত। ছলিমহঁতৰ আৰ্থিক অৱস্থা বেয়া। দিন হাজিৰা কৰি খোৱা মানুহ। গতিকে জমিলাৰ দেউতাকে সেই প্ৰেমৰ বাটত হেঙাৰ হৈ থিয় দিলে। জমিলাৰ আপত্তি সত্ত্বেও আন এখন গাঁৱৰ ডেকা এজনৰ লগত তাইক বিয়া দি উলিয়াই দিলে। আৰ্থিক অৱস্থা বেয়া কাৰণে ছলিমে কোনো ধৰণৰ প্ৰতিবাদ কৰিব নোৱাৰিলে। মনৰ দুখ মনতে সামৰি দাঙিব নোৱাৰা শিলক পৰি নমস্কাৰ কৰাৰ দৰে সি মনে মনে থাকিল। জমিলাই কিন্তু ছলিমক পাহৰিব নোৱাৰিলে। এবাৰ তাই মাক-দেউতাকৰ ঘৰলৈ আহি ছলিমক লগ ধৰি অভিমান কৰি ক’লে- তুমি মোক একেবাৰে পাহৰি গ’লা নেকি, ছলিম ভাই? তুমি ইমান নিষ্ঠুৰ ! বিয়া হ’ল বুলি মোৰ খবৰ এটাও নোলোৱা হ’লা!
ছলিমে হুমুনিয়াহ কাঢ়ি ক’লে- পাহৰা নাই! সেইবোৰ কথা জানো পাহৰিব পৰা যায়! কিন্তু কি কৰিবা, যি হ’বৰ আছিল সেয়াতো হয়ে গ’ল। এতিয়া কথা খুচৰি জ্বলা জুইত ঘিউ ঢালিলে কি লাভ হ’ব?
জমিলাই ওচৰ চাপি আহি ৰহস্যময় ভংগীত ক’লে- আমি কিবা এটা কৰিব নোৱাৰো নেকি, ছলিম ভাই?
ছলিম কৌতুহলী হৈ উঠিল। সুধিলে- কি কৰিব খুজিছা?
– ব’লা, আমি দুয়ো ক’ৰবালৈ পলাই যাওঁগৈ।
পলাই যাবা ! ক’লৈ ?
দূৰণিৰ ক’ৰবালৈ ! নগালেণ্ড অথবা লক্ষ্মীমপুৰলৈ। তালৈ গ’লে কোনেও আমাক বিচাৰি নাপাব। তালৈ গৈ আমি সংসাৰ পাতিম। মই বহু ভাবি-চিন্তি দেখিছো, তোমাৰ বাহিৰে মই আন কাকো ভাল পাব নোৱাৰিম।
ময়ো তোক পাহৰিব নোৱাৰিম, জমিলা ! তোৰ কথা ভাবি মোৰ নিশা টোপনি নহয়। সদায় তোৰ কথা মনত পৰি থাকে। কিন্তু কি কৰিম? তোৰ মা-দেউতাৰে আমাৰ প্ৰেমৰ কথা জানি-শুনিও মোলৈ বিয়া নিদিলে! তোক বেলেগত বিয়া দি উলিয়াই দিলে। এতিয়া তোৰ গিৰিয়েৰে তোক এৰি দিব জানো? সিহঁতে জানো মামলা-মোকদমা নকৰিব?
– নকৰে, তোমাৰ মোৰ প্ৰেমৰ কথা সিয়ো জানি গৈছে। এতিয়া সি মোক চকু পাৰি দেখিব নোৱাৰে। আমি পলাই গ’লে সি ভালহে পাব কিজানি!
এনেয়ে বুঢ়ী নাচনী, তাতে আকৌ নাতিনীয়েকৰ বিয়া। ছলিমে জামিলাৰ প্ৰস্তাৱত সন্মতি জনালে । তাৰ পাছত কেতিয়া কেনেকৈ পলাব সেই বিষয়ে আলোচনা কৰি দুয়ো ঘৰা-ঘৰি গ’ল।
পাছদিনা ৰাতি দুয়ো পলাল। কামালহঁতৰ ঘৰ তেতিয়া বাঘবৰৰ ওচৰৰ এখন গাঁৱত আছিল। তেতিয়া আছিল বাৰিষা কালি। নাও এখন লৈ সিহঁতে ব্ৰহ্মপুত্ৰৰ পাৰত থকা মথাউৰিত উঠিল। তেতিয়া এপৰ ৰাতি । সেই ৰাতিখন সিহঁত যায় ক’লৈ ? ৰাতি এহাল ডেকা-গাভৰু! গতিকে ধৰা পৰাৰো ভয়। সেয়ে সিহঁতে ৰাতিপুৱালৈ অপেক্ষা কৰি দোক-মোকালিত যোৱাৰ সিদ্ধান্ত লৈ মথাউৰিৰ ওপৰত থকা এটি পৰিত্যক্ত জুপুৰিত আশ্রয় ল’লে। নানা সুখ-দুখৰ কথাৰ মাজেৰে সিহঁতে ৰাতিপুৱালৈ অপেক্ষা কৰিবলৈ ধৰিলে।
ইটো-সিটো কথাৰ মাজতে ছলিমে এবাৰ ক’লে- তোৰ গিৰিয়েৰাই মুখত তেনেকৈ ক’লেও মামলা-মোকদমা নকৰাকৈ নাথাকে কিজানি ! মান-সন্মানৰ কথা আছে। আছে তোৰ ভৱিষ্যতৰ কথাও। তদুপৰি বাছ ধৰিবলৈ গ’লেও ছয়-সাত কিলোমিটাৰ
বাট খোজ কাঢ়িব লাগিব। বাটত ধৰা পৰিলে কথা বিষম হ’ব! তোক তোৰ গিৰিয়েৰাই লৈ যাব আৰু মই যাব লাগিব জে’ললৈ। তাতকৈ কাম এটা কৰোঁ। আমি দুয়ো নৈত জাঁপ দি আত্মহত্যা কৰোঁগৈ। মামলা-মোকদমাও নহ’ব আৰু আমাৰ প্রেম কাহিনীও অমৰ হৈ থাকিব!
মনৰ আবেগত ঘৰৰ পৰা ওলাই আহিলেও জমিলাই ছলিমৰ কথাত ভয় খালে। যদি ধৰা পৰি পুনৰ তাই আগৰ গিৰিয়েকৰ লগত ঘৰ-সংসাৰ কৰিব লগা হয় তেনেহ’লে তাইৰ আলাই-আথানিৰ সীমা নাথাকিব। মা, দেউতা, ভাই-ককাই, গাঁৱৰ জীয়ৰী- বোৱাৰীৰ আগত তাই মুখ উলিয়াব নোৱাৰিব। গতিকে ছলিমৰ প্ৰস্তাৱটো তাইৰ বেয়া নালাগিল। তাই ছলিমৰ প্ৰস্তাৱত সন্মতি জনাই ক’লে- তুমি কোৱা কথাই ঠিক। ধৰা পৰি আলাই-আথানি হোৱাতকৈ আমাৰ কাৰণে মৰাই উত্তম হ’ব। ক’ত জাঁপ দি মৰিবা, তালৈ ব’লা।
দুয়ো ব্ৰহ্মপুত্ৰৰ পাৰত থকা পাহাৰৰ পাদদেশলৈ গ’ল। নদখন পাহাৰৰ গা চুই বৈ আছিল। ডাঙৰ আকাৰৰ এডোখৰ শিল পানীৰ মাজত মূৰ দাঙি থিয় দি আছিল। দুয়ো গৈ শিলডোখৰত বহিল। ব্ৰহ্মপুত্ৰ নদৰ কোবাল সোঁত শিলডোখৰত ঠেকা খাই পোৱালি হেৰুৱা বাঘৰ দৰে গুজৰি-গুমৰি আছিল। বুকু কঁপি যোৱা ধৰণৰ আছিল সেই গুজৰণিৰ শব্দ! শিলডোখৰত বাধা পাই তাত এটি ডাঙৰ আকাৰৰো চাকনৈয়া সৃষ্টি হৈছিল। সেই চাকনৈয়াত পৰি কেইদিনমান আগত নাও এখন বুৰ যোৱাৰ ফলত নাওত থকা সাতজন মানুহৰ সলিল সমাধি হৈছে। ছলিমে কথাটো জানে। জমিলায়ো শুনিছে কথাটো লোকমুখে।
ছলিমে চাকনৈয়াটোলৈ আঙুলিয়াই থোকা-থুকি মাতেৰে ক’লে- আমি ইয়াতেই জাঁপ দি মৰিম।
পানীৰ গুজৰণি শুনি ভয়ত জমিলাৰ বুকু কঁপি উঠিছিল যদিও তাই সাহস গোটাই ক’লে- তুমি যি ভাল দেখা তাকে কৰা। তোমাৰ লগত মৰিব পাৰিলেও মই নিজকে ধন্য মানিম।
তেনেহ’লে তই আগতে জাঁপ মাৰ, তই জাঁপ মাৰাৰ লগে লগে ময়ো জাঁপ মাৰিম। ছলিমে পৰামৰ্শ আগবঢ়ালে।
জমিলাই কাণ পাতি পানীৰ শব্দ শুনি ক’লে- মই অকলে জাঁপ দিব নোৱাৰিম। ব’লা দুয়ো একেলগে জাঁপ দিওঁ।
মৰিবলৈ আহি ভয় কৰিলে মৰিবা কেনেকৈ? ছলিমে জামিলাক উৎসাহিত কৰিবলৈ ক’লে- এদিনতো মৰিবই লাগিব।
ভয় কৰিলেই জানো চিৰদিন জীয়াই থাকিব পাৰিবা! ভয় নাই। তুমি জাঁপ মাৰাৰ লগে লগেই মই জাঁপ মাৰিম।
ছলিমৰ কথামতেই জমিলাই জাঁপ মাৰিলে। পানীৰ নিন্মচাপে তাইক একেবাৰে মাটি পোৱালেহি। খন্তেক পাছতে তাই পুনৰ পানীৰ ওপৰলৈ ভাহি উঠিল। পানীৰ কোবাল সোঁতে তাইক ভটিয়াই নিবলৈ ধৰিলে। তাই সাঁতুৰিব জানিছিল। তাই সাঁতুৰি সাঁতুৰি সোঁতৰ অনুকূলে ভটিয়াই যাবলৈ ধৰিলে। এটা সময়ত পানীৰ কোবাল সোঁতে ঠেলা মাৰি তাইক পাৰলৈ লৈ আহিল। তাই পাৰৰ মাটি খামুচি ধৰি ছলিমৰ কাৰণে অপেক্ষা কৰিবলৈ ধৰিলে। তাইৰ বিশ্বাস, দুয়ো অলপ আগা-পিছাকৈ জাঁপ দিছে, গতিকে ছলিমকো নিশ্চয় পানীৰ সোঁতে তাইৰ দৰেই ঠেলি ইখিনি পোৱাবহি। কিন্তু আধা ঘণ্টামান পাছতো যেতিয়া ছলিম নাহিল তেতিয়া তাই পাৰলৈ উঠি আহিল। ছলিমে জাঁপ দিছে, নে নাই তাকে চাবলৈ তাই পুনৰ শিলডোখৰলৈ আহিল। কিন্তু ছলিম তাত নাই! তাইৰ মনত সন্দেহ উপজিল। ছলিমে হয়তো জাঁপ দিয়া নাই। তাই জাঁপ দিয়াৰ পাছত আপদ আঁতৰিল বুলি ভাবি হয়তো সি তাইক ফাঁকি দি ঘৰলৈ গুচি গৈছে। সন্দেহ নিৰসন কৰিবলৈ তাই লৰি গ’ল নাওখন থৈ অহা ঠাইডোখৰলৈ; তাত নাওখন নাই। তাইৰ বুজিবলৈ বাকী নাথাকিল যে ছলিমে তাইক ঠগিছে। ছলিমৰ প্ৰতি ঘৃণাত তাইৰ অন্তৰখন ভৰি পৰিল। তাই বেলেগ এখন নাও লৈ ঘৰলৈ যোৱাৰ সিদ্ধান্ত ল’লে। ভবা মতেই কাম। তাই নাও বিচাৰি ওলাল।
এঠাইত তাত বহু কেইখন নাও বন্ধা আছিলন যদিও নাওবোৰত তলা মৰা আছিল। চোৰৰ ভয়ত হয়তো তেনেকৈ তলা মাৰি থৈছে। নিৰুপায় হৈ তাই এখন নাওৰ তলা ভাঙিবলৈ চেষ্টা কৰি থাকোঁতে চোৰ ভাবি নাওৰ গৃহস্থ মনে মনে আহি তাইৰ পিছফালে থিয় দি সুধিলে- কোন তুমি? কি কৰি আছা ইয়াত?
জমিলাই নিজৰ পৰিচয় দি মানুহজনৰ আগত ঘটনাৰ আঁতিগুৰি ভাঙি-পাতি ক’লে।
মানুহজন জ্ঞানী আছিল। তেওঁৰ জমিলাৰ দেউতাকৰ লগতো চিনাকি আছিল। গতিকে ঘৰ এখন নাভাঙক বুলি ভাবি তেওঁ সেই ৰাতিয়ে জমিলাক লৈ আহি সকলো ঘটনা ভাঙি-পাতি কৈ তাইক দেউতাকৰ হাতত গতাই দিলে। দেউতাকেও দুৰ্নামৰ ভয়ত জমিলা বা ছলিমক একো নক’লে। ঘটনাটো সিমানতে অন্ত পৰিছিল যদিও কেইদিনমান আগতে কামালৰ মাকে সুখ-দুখৰ বখলা মেলোঁতে ফিদুছৰ মাকক কেনেবাকৈ কথাটো কৈ পেলাইছে।
ফিৰদুছ ৰৈ যোৱাত তিনিওজনে একেলগে সুধিলে- ছলিমে পানীত জাঁপ দিয়া নাছিল নেকি?
নাই, নাছিল। ছলিমে যেতিয়া দেখিলে, জমিলাই জাঁপ দিছে, তেতিয়া সি আপদ আঁতৰিল বুলি ভাবি নিজে জাঁপ নিদি ঘৰলৈ নাওলৈ গুচি আহিছিল।
বেইমান! কায়ুমৰ মুখৰ পৰা আপোনা-আপুনি ওলাই গ’ল শব্দটো।
কোন? ফিদুছে ভয়ে ভয়ে সুধিলে।
ছলিম। কায়ুমে চমুকৈ উত্তৰ দিলে।
সিহঁতৰ মাজত এইদৰে আলোচনা চলি থাকোঁতে সাজেদাৰ দেউতাক দল-বল লৈ আহি সেইখিনি পালেহি। আটাইকেইজনে উৎকণ্ঠাৰে সিহঁতৰ ফালে চালে। সাজেদাৰ দেউতাকে ফদিক উদ্দেশ্য কৰি ক’লে- তোমাকে বিচাৰি আহিছো। ব’লা. তুমি আমাৰ লগত থানালৈ যাব লাগিব।
থানাৰ কথা শুনি ফৰিদ্ৰ মুখমণ্ডল ভয়ত শেঁতা পৰি গ’ল। সি সেমেনা-সেমেনি কৰিবলৈ ধৰিলে।
সাজেদাৰ দেউতাকে তাক অভয় দি ক’লে- ভয় কৰিব লগীয়া একো নাই। তিনি দিন বাট চালো। সাজেদাৰ কোনো খা-খবৰ পোৱা নাই। আজি থানাত কেচ দিয়াৰ কথা ভাবিছো। তুমি সাক্ষী হ’ব লাগিব। তুমিয়েতো সিহঁতক বাছত উঠা দেখা পাইছিলা? গতিকে তুমি আমাৰ লগত ব’লা। থানাত তুমি কথাটো ভাঙি-পাতি ক’বাহি।
তেনেতে আন এটা দল লৈ সেইখিনি আহি পালেহি কামালৰ দেউতাক। তাৰ লগত আহিছিল নবি উল্লাহ গাঁওবুঢ়া। নবি উল্লাহ গাঁওবুঢ়া এজন জ্ঞানী আৰু প্ৰতিপত্তি থকা মানুহ। তেওঁ কোনো ধৰণৰ ভূমিকা নকৰাকৈ সাজেদাৰ দেউতাকক উদ্দেশ্য কৰি ক’লে- শুনিলো, আপোনালোক থানালৈ যাবলৈ ওলাই আহিছে। আজি থানালৈ যাব নালাগে। আজিৰ দিনটো বাট চাওঁক। কামালক বিচাৰিবলৈ মানুহ পঠোৱা হৈছে। মানুহজন আগতে উভতি আহক, পাছে পৰে যি কৰে কৰিব।
গাঁওবুঢ়াৰ কথা শুনি সাজেদাৰ দেউতাক জিকাৰ খাই উঠিল-নাই নাই, তিনি দিন বাট চালো। ক’তো সিহঁতৰ কোনো খা- খবৰ পোৱা নাই। আজি আৰু বহি নাথাকো। আইন মতে থানাত কেচ দিম। পাছত যি হয় হ’ব! খুজি নিলে মোৰ কোনো
আপত্তি নাছিল। জোৰ-জুলুম কৰি………নাই নাই, এই ক্ষেত্ৰত মোক বাধা নিদিব। আপোনাক মই যথেষ্ট সন্মান কৰো। আপোনাৰ হাজাৰটা কথা মই মানিবলৈ ৰাজি আছো; কিন্তু এই বিষয়ে মই আপোনাৰ কোনো কথা নামানো।
এনেতে অনতিদূৰত এটা বাইক আহি থকা দেখা গ’ল। বাইকৰ প্ৰতি আটাইৰে দৃষ্টি আকৰ্ষিত হ’ল। খন্তেক পাছতে বাইকখন আহি সিহঁতৰ কাষ পাই ৰৈ গ’ল। বাইকৰ পাছত বহি আছিল কামাল। কামালক দেখি আটায়ে সজাগ হ’ল। পৰিৱেশ থমথমীয়া হৈ উঠিল। কাৰো মুখত মাত-বোল নাই। আটায়ে নির্বাক-নিস্পন্দ। যেন ধুমুহা অহাৰ পূৰ্বলক্ষণ!
কামালক লৈ অহা ডেকাজনে প্ৰথমতে আৰম্ভ কৰিলে- খবৰটো পায়ে আমি তৎক্ষণাৎ গুচি আহিলো। কামালক মই আমাৰ ঘৰলৈ লৈ গৈছিলো।
লগত আৰু কোন আছিল ? ভিৰৰ মাজৰ পৰা সাজেদাৰ দেউতাকৰ পক্ষৰ এজন মানুহে কৈ উঠিল।
কোন আছিল মানে? ডেকাজনে ক’লে- কোনো নাছিল। কামাল অকলেই আছিল। ঘটনাটো অৱশ্যে আমিও শুনিছো। আচলতে তেনেকুৱা কোনো ঘটনাই ঘটা নাই। আপোনালোকৰ বুজাত ক’ৰবাত কিবা গণ্ডগোল হৈছে।
এনেতে তালৈ আন এখন চাইকেল আহি পালে। চাইকেলৰ পিছফালে কেৰিয়াত বহি আহিছিল সাজেদা। তাই চাইকেলৰ পৰা নামি মানুহবিলাকৰ ফালে চাই তলমূৰ কৰিলে। তাইক লৈ গাঁওখনত কি পৰিৱেশ সৃষ্টি হৈছে, এই কথা তাই কদ্দুছৰ মুখৰ পৰা সকলো জানিব পাৰিছে। গতিকে তাই মানুহৰ জুমটোৰ ফালে চাই ক্ষোভ-অপমানত ম্রিয়মান হৈ পৰিল।
সাজেদাক চাইকেলত তুলি আনিছিল তাইৰ মাহীয়েকৰ ল’ৰা কদ্দুছে। চাইকলৰ পৰা নামি আগবাঢ়ি ভিৰৰ ওচৰলৈ আহি কদ্দুছে ক’লে- সাজেদা মাৰ লগত বঙাইগাঁওলৈ গৈছিল। পেহীৰ অসুখৰ কথা শুনি মা বঙাইগাঁওলৈ যাবলৈ অকলে ওলাই আহিছিল। টাউনত সাজেদাক লগ পাই, মা অকলে যাব লাগে বুলি সাজেদাক লগত লৈ গৈছিল। খবৰটো আমাৰ গাঁৱৰে এজন মানুহক কৈ গৈছিল; কিন্তু মানুহজনে খবৰটো ক’বলৈ পাহৰিলে।
আটায়ে উৰহীৰ ওৰ বিচাৰি পালে। আচলতে ঘটনাটো ঘটিছিল এনেদৰে-
সাজেদা আৰু কামালৰ ঘৰ একেখন গাঁৱত। দুয়ো কলেজত পঢ়ে। কেতিয়াবা সংযোগবশতঃ দুয়ো একেলগে কলেজলৈ যায়। সেই বুলি সিহঁতৰ মাজত তেনেকৈ বিশেষ ধৰণৰ কোনো কথা-বতৰা নহয়। কোনো প্ৰেমৰ সম্পৰ্কও নাই সিহঁতৰ মাজত। সিদিনা সাজেদা মাহীয়েকৰ ঘৰলৈ বুলি ওলাই গৈছিল। বাছষ্টেণ্ডত হঠাৎ মাহীয়েকক লগ পাইছিল। মাহীয়েকে তাইক বঙাইগাঁওলৈ লৈ গৈছিল।
সিফালে কামাল ঘৰৰ পৰা ওলাই গৈছিল পাঠশালাত থকা ভিনিহিয়েকৰ ঘৰলৈ বুলি। সি গৈ সাজেদাহঁত উঠি যোৱা বাছখনতে উঠিছিল। ছিটো পাইছিল সাজেদাৰ ওচৰতে। সি হাউলি পাই বাছৰ পৰা নমাৰ লগে লগে কলেজীয়া বন্ধু এজনক লগ পাইছিল। বন্ধুজনে জোৰ কৰি তাক নিজৰ ঘৰলৈ লৈ গৈছিল।
ইফালে ফৰিদো কলেজত পঢ়ে। সি সাজেদাৰ প্ৰতি মনে মনে দুৰ্বল আছিল। বাৰে বাৰে তাইৰ মন পাবলৈ চেষ্টা কৰি সি বিফল হৈছে। গতিকে সাজেদাৰ প্ৰতি তাৰ বিৰূপ মনোভাব এটা আছিল। প্ৰেমৰ প্ৰতিদ্বন্ধীক কোনেও সহ্য কৰিব নোৱাৰে। ফৰিদৰ ক্ষেত্ৰতো সেয়াই হ’ল। সাজেদা আৰু কামালক একেলগে বাছত বহি থকা দেখি সিহঁতহাল পলাই গৈছে বুলি ভাবি সি কথাটো গাওঁখনত প্ৰচাৰ কৰি দিলে। এনেকৈয়ে সংযোগ-বিভ্রাট ঘটি গাঁওখনত তিনি দিন তিনি ৰাতি নানা মুখৰোচক কথাৰ সমল যোগালে। ◆
তিল্লুকী বাই
আৱৰ্ত ভৱনৰ সন্মুখত লোকে লোকাৰণ্য। বিৰ দি বাট নোপোৱা অৱস্থা। লোকাৰণ্য নহ’বই বা কিয়? এজন নহয়, দুজন নহয় চৰকাৰৰ চাৰি বছৰীয়া বর্ষপূর্তি উপলক্ষ্যে অনুষ্ঠিত অনুষ্ঠানত যোগদানৰ বাবে আজি পাঁচজনকৈ মন্ত্ৰী বিধায়কৰ শুভাগমন হৈছে আৱৰ্ত ভৱনত। দূৰৰ গংগা ওচৰতে পাই মানুহবিলাকে নানান জনে নানানটা আৰ্জি লৈ আহিছে মন্ত্ৰী বিধায়কসকলৰ ওচৰত। কোনোবাই আহিছে ৰাস্তাৰ বাবে, কোনোবাই আহিছে চৰকাৰী বিষয়া, ঠিকাদাৰৰ বিৰুদ্ধে অভিযোগ দিয়াৰ বাবে। অমুক ৰাস্তাত এচপৰা মাটি নেপেলোৱাকৈয়ে চৰকাৰী বিষয়াক মেনেজ কৰি ঠিকাদাৰে টকা মোকলাই নিছে, প্রধান মন্ত্ৰী আৱাস যোজনাৰ ঘৰ নাপাব লগা জনে পাইছে। এনেকুৱা নানানটা অভিযোগ। দুই চাৰিজনে আহিছে চাকৰি বিচাৰি।বহুতে আকৌ কৌতূহলবশতঃ শেন মেলি ৰং চোৱাৰ উদ্দেশ্যে আহি ভিৰ কৰিছে আৰু মানুহবিলাকৰ ব্যস্ততা দেখি মনে মনে হাঁহিছে।
সেই ভিৰৰ মাজত মকিবো আছিল। সি চাকৰি প্রত্যাশী। সি বি, এ পাছ কৰিবৰ পোন্ধৰ বছৰ হ’ল। চাকৰিৰ বয়স পাৰ হওঁ হওঁ অৱস্থা। যোৱাটো নিৰ্বাচনত সি বিধায়ক মহোদয়ৰ হৈ খুউব খাটিছে। বিধায়ক মহোদয়ে তাক চাকৰি এটা দিব বুলি কথাও দিছিল; কিন্তু চাৰি বছৰ পাৰ হোৱাৰ পাছতো তাৰ চাকৰি হোৱা নাই। সেয়ে সি এইবাৰ শেষ চেষ্টা কৰি চোৱাৰ কাৰণে আহিছে।
ভিৰ বেছি হৈ অহাৰ লগে লগে ঠেলা-হেঁচা বাঢ়িল। আৰক্ষী, চি আৰ পি এফৰ জোৱানকেইজন সক্ৰিয় হৈ উঠিল। এটা সময়ত ঠেলা-হেঁচা চৰম পৰ্যায় পালেহি। ফলত চি আৰ পি এফৰ দুজনমান জোৱান লাঠি দাঙি আগবাঢ়ি আহিল। লাঠিৰ কোবৰ পৰা ৰক্ষা পোৱাৰ কাৰণে মানুহবিলাকে যিয়ে যেনেকৈ পাৰে পিছহোঁহকি যাবলৈ ধৰিলে। ভিৰৰ মাজৰপৰা হঠাৎ এজনী তিৰোতা মানুহৰ আৰ্ত চিঞৰ শুনা গ’ল- আই ঐ, মৰিলো ঐ !
চি আৰ পি এফ জোৱানৰ খেদা খাই মকিবো পিছুৱাই গৈ আছিল। চিঞৰটো আহিছিল তাৰ পিছফালৰ পৰা। কৌতূহলবশতঃ সি পিছফালে ঘুৰি চাই দেখিলে, তাৰ ঠিক পিছফালে এগৰাকী বৃদ্ধা মাটিত লেপেটা কাঢ়ি বহি আছে আৰু এজন মানুহে তাইৰ এটা ভৰিত গচকি থিয় দি আছে। মানুহজনৰ ভৰিত জোতা। হয়তো মানুহজনে পিছুৱাবলৈ গৈ নেদেখাকৈ তেনেকৈ বৃদ্ধাগৰাকীৰ ভৰিত গচক মাৰিছে। মানুহজনক ভালদৰে ঠাৱৰ কৰাৰ আগতেই মানুহজন ভিৰৰ চাপত আঁতৰি গ’ল। অর্থাৎ ভিৰে তাক ঠেলি লৈ গ’ল।
মকিবে হাওলি বৃদ্ধাগৰাকীক মাটিৰপৰা টানি তুলিলে। বৃদ্ধাৰ হাতত লাখুঁটি। অলৰ-অথৰ্ব। মকিবে তাইৰ হাতত ধৰি ভিৰ ঠেলি এডোখৰ মুকলি ঠাইলৈ লৈ আহিল।
দুখ পাইছা নেকি, আইতা? বয়সলৈ চাই মকিবে বৃদ্ধাগৰাকীক আইতা বুলি সম্বোধন কৰিলে।
অ’ বোপা, বৰ দুখ পাইছো। উঃ.. উঃ! বৃদ্ধাগৰাকীয়ে সোঁ-ভৰিৰ এডোখৰ ঠাইত হাত বুলাই ক’লে- ইয়াতে গচকটো মাৰিছিল।
কিছু নিলগৰপৰা মানুহ এজনে মন্তব্য কৰা শুনা গ’ল- ভালেই হৈছে! এই বয়সত কি প্ৰয়োজনত ইয়ালৈ মৰিবলৈ আহিছে! এটা ভৰি দেখোন গাঁতত সোমাই আছে।
আহিছে কিবা কাৰণত। আন এজনে মন্তব্য কৰিলে- কোনো দালালে নিৰ্বাচনৰ সময়ত কিবা দিয়াৰ আশ্বাস দিছিল হয়তো! আইতা তোমাৰ ঘৰ ক’ত? মকিবে সুধিলে।
বহু দূৰত। চৰত। মটৰেৰে গৈ ভুটভূটিত যাব লাগে। বৃদ্ধাগৰাকীয়ে ক’লে- এমেলেক লগ ধৰাৰ কাৰণে বহুদিনৰ পৰা বাট চাই আছোঁ। ভোটৰ সময়ত এমেলেই নিজে কথা দিছিল, ভোটত জিকিলে সি মোৰ লগত দেখা কৰিবলৈ যাব বুলি । কিন্তু এই চাৰি বছৰতো নগ’ল। আমাৰ গাঁৱৰ বৰকতে ক’লে, আজি মই ভোট দিয়া এমেলেজন হেনো ইয়ালৈ আহিব। গতিকে দেখা কৰি কথাটো মনত পেলাই দিবলৈ আহিছো।
কিবা দিয়াৰ আশ্বাস দিছিল নেকি, আইতা?
মোক ঘৰ এটা দিব বুলি কৈছিল।
ঘৰ! কিহৰ ঘৰ?
সেই যে কিবা ঘৰ দুখীয়াক দিয়ে !
ইন্দিৰা আৱাস যোজনাৰ কথা কৈছে বুলি মকিবে বুজিব পাৰিলে৷
বিধায়কে ঘৰ দিব বুলি নিজেই কৈছিল নেকি, আইতা? মকিবে সুধিলে।
হয়, নিজেইতো কৈছিল। সি ভোটৰ সময়ত আমাৰ গাঁৱলৈ গৈছিল। মই মোৰ ঘৰৰ সন্মুখত ৰাস্তাৰ দাঁতিত বহি আছিলো। এজাক মানুহ আহি মোৰ সন্মুখত ৰৈ গ’ল। সেই মানুহজাকৰ মাজৰপৰা এজন মানুহ মোৰ ওচৰলৈ আহি ভৰিত ধৰি সেৱা জনাই ক’লে- আইতা, আশীর্বাদ কৰিবা। মই ভোটত উঠিছোঁ। মোৰ প্ৰতীক চিহ্ন নাঙল।
আমাৰ গাঁৱৰ বৰকতো আছিল সিহঁতৰ লগত। বৰকতে ক’লে- বৰ দুখীয়া, ছাৰ। বহু আছিল যদিও বর্তমান একো নাই। ব্ৰহ্মপুত্ৰৰ খহনীয়াত সর্বস্বান্ত হৈছে। সৌযে বাঁহজোপাৰ তলত জুপুৰীটো দেখিছে, সৌটোৱে আইতাৰ ঘৰ। আগতে ভিক্ষা মাগি খাইছিল; কিন্তু এতিয়া ভিক্ষা মাগিবলৈও যাব নোৱাৰে। পাৰে যদি এওঁক ইন্দিৰা আৱাস যোজনাৰ ঘৰ এটা দিব, ছাৰ।
ভোটপ্ৰাৰ্থী আহমেদ ছাৰে বাঁহজোপাৰ ফালে চাই পঠিয়ালে। বাঁহজোপাৰ তলতে হাঁহৰ গঁৰালৰ দৰে খেৰৰ জুপুৰী। ছাউনী, বেৰ নাই। কঁহুৱাৰ মুঠা থিয় কৰাই বেৰৰ কাম চলাইছে।
বৃদ্ধগৰাকীৰ দৈন্যতা দেখি ভোটপ্রার্থী আহমেদ ছাৰে আশ্বাস দিলে- বাৰু আইতা! মোৰ ছবি নাঙলত ভোট দিবা। ভোটত জিকিলে মই নিজে আহি তোমাৰ ঘৰৰ ব্যৱস্থা কৰি দি যামহি।
ভোটপ্রার্থী আহমেদ ছাৰৰ আশ্বাসত সিদিনা তিল্লুকী বাইৰ গা সাতখন আঠখন হৈ নাচি উঠিছিল। কিন্তু ভোটদানৰ চাৰি বছৰ পাছতো ঘৰটো নোহোৱাত তাই আজি নিজেই আহিছে শেষ চেষ্টা কৰি চোৱাৰ কাৰণে।
বৃদ্ধাৰ জীৱন-কাহিনী বৰ কৰুণ !
বৃদ্ধাৰ প্ৰকৃত নাম কোনেও নাজানে। তাইৰ সোঁগালত এটা ডাঙৰ তিল চিহ্ন আছে। সেয়ে তাইক আটায়ে তিল্লুকী বাই বুলি মাতে।
এটা সময়ত তিল্লুকী বাইৰ সমাদৰো আছিল গাঁওখনত। জীয়াৰী-বোৱাৰীৰ টানে-আপদে সকলোৰে আগত গৈ থিয় দিছিল তাই। মানুহৰ সুখ-দুখৰ বুজ লৈ ইঘৰ সিঘৰ কৰি ঘূৰি ফুৰিছিল। জীয়াৰী-বোৱাৰীৰ হাতৰ কাম কাঢ়ি নি কৰিছিল। কোনোবাই হয়তো চাউল কাঁৰী আছে- তিল্লুকী বাই তাত উপস্থিত হৈ কৈছিল- দিয়াচোন বোৱাৰী, মই কাঁৰী দিছো। তুমি পোনাকণক পিয়াহ খোৱাই শাঁত কৰাগৈ। কোনোবাই জ্বৰ হৈ বিছনাত পৰি ছট্ফটাই আছে-তিল্লুকী বায়ে গাঁও চলাথ কৰি হ’লেও ডাব এটা বিচাৰি আনি ৰোগীক খুওৱাৰ ব্যৱস্থা কৰিব। মূৰত জলপটী দিব। তিৰোতা মানুহৰ অসুখ-বিসুখত সকলোৰে আগত গৈ থিয় দিছিল তিল্লুকী বায়ে। তিল্লুকী বায়ে হাত দাঙি দিয়াৰ আগতে কোনেও বেজ-কবিৰাজৰ ওচৰলৈ যোৱাৰ কথা ভবা নাছিল। এইদৰে নানানটা বিষয়ত তিল্লুকী বায়ে উপযাচিয়ে সহায়-সাৰথি কৰিছিল গাঁৱৰ জীয়ৰী-বোৱাৰীক।
তিল্লুকী বাইৰ সংসাৰখন নদন-বদন নহ’লেও এটা সময়ত চলিব পৰা বিধৰ আছিল। গিৰিয়েক কছিমুদ্দিন এজন দক্ষ খেতিয়ক আছিল। মাটিও আছিল সাত-আঠ বিঘামান। কছিমুদ্দিনে নিজে হাল-কোৰ মাৰি মাটি চহাইছিল। তিল্লুকী বায়ে উক্ত কামত তাক পামোনে সহায় সহযোগিতা কৰিছিল। ফলত যি পৰিমাণৰ শস্য ভড়াল লৈ আহিছিল, তাৰে দুটা প্ৰাণী ভালদৰেই খাই-বৈ জীয়াই আছিল।
তিল্লুকী দম্পতী নিঃসন্তান আছিল। বিয়াৰ ত্ৰিছ বছৰ পাৰ হোৱাৰ পাছতো সিহঁতৰ সন্তানৰ মুখ দেখাৰ সৌভাগ্য নহ’ল। চিকিৎসাপাতিও কৰাইছিল। পানী কটা, জৰা-ফুকা, মাদুলি, ঔষধ-পথ্য যিয়ে যি কৈছিল তাকেই কৰিছিল। কিন্তু চিকিৎসাই ফল নিদিলে। অর্থাৎ বিধাতাই মুখ তুলি নাচালে। তিল্লুকী বাইৰ মাতৃ হোৱাৰ সপোন পূৰ্ণ নহ’ল। কিন্তু এটা লাভ হ’ল। নিজৰ চিকিৎসা কৰোৱাবলৈ গৈ এটা সময়ত তাই নিজেই ভাল চিকিৎসক হৈ উঠিল। বহুতো নিঃসন্তান দম্পত্তিয়ে তাইৰ ঔষধ-পথ্য খাই সন্তান লাভ কৰিলে; কিন্তু তাই নিঃসন্তান হৈয়ে থাকিল।
এদিন তিল্লুকী বায়ে গিৰিয়েক কছিমুদ্দিনক ক’লে- আমাৰতো আৰু সন্তান লাভৰ আশা নাই। বৃদ্ধ বয়সত আমাক চোৱা- চিতা কৰাৰ লগতে মৰিলে কবৰত মাটি এচপৰা দিয়াৰ কাৰণে মানুহ এজনৰ খুবেই প্রয়োজন। গতিকে তোলনীয়া সন্তানৰ ব্যৱস্থা কৰিলে কেনে হয়?
কছিমুদ্দিন এজন সৰল-সহজ মানুহ। তিল্লুকী বাইৰ কথাৰ ওপৰত কোনো দিনে মাত নামাতে। লগতে সন্তান নোহোৱাৰ কাৰণে সি তিল্লুকী বাইক দোষী নাভাবে। সি নিজকে দোষী বুলি ভাবে। তাৰ ধাৰণা, তাৰ অক্ষমতাৰ কাৰণেই হয়তো তাই সন্তান জন্ম দিব পৰা নাই। সেয়ে তিল্লুকী বাইৰ মুখৰ ফালে চালে তাৰ বুকুখন হম্হমাই উঠে। গতিকে তোলনীয়া লোৱাৰ কথা সি নিজেও বহুদিনৰপৰা ভাবি আছিল; কিন্তু তিল্লুকী বাইক সি কথাটো ক’বলৈ ভৰসা পোৱা নাই। জানোচা তাই বেয়াই পায়!
গতিকে তিল্লুকী বাইৰ পৰা প্ৰস্তাৱটো পাই কছিমুদ্দিন উৎসাহিত হৈ উঠিল। ক’লে- ময়ো কথাটো বহুদিনৰপৰা ভাবি আছোঁ। ক’বলৈহে ভৰসা পোৱা নাই। তুমি বা আকৌ কেনে ধৰণে লোৱা কথাটো!
তিল্লুকী বায়ে অতীত ৰোমন্থন কৰি ক’লে- আমাৰ বিয়া হ’বৰ ত্ৰিছ বছৰ পাৰ হ’ল। যিটো বছৰ ডাঙৰ বানপানী হৈছিল, ঘোলা পানীৰ লগত কাঠ ভাহি আহিছিল ভূটানৰ পৰা। সেই বছৰতে আমাৰ বিয়া হোৱা নাছিল জানো?
কছিমুদ্দিন নিজেও ভাবুক হৈ উঠিল। ক’লে- সেয়া আৰু মনত নথকাৰ কথা নেকি! মই দিনৰ দিনটো নাও লৈ গৈ কাঠ ধৰি আনো আৰু তুমি মাৰ লগত লাগি-মেলি কাঠবোৰ নাওঁৰ পৰা নমোৱা। তেনেকৈ কাঠ নমাওতে এদিন তোমাৰ ভৰিত জোক এটা লাগিছিল ! সেয়া কিযে তোমাৰ চিঞৰ আৰু লাফ-জাঁপ। মই লৰি গৈ ভৰিৰ পৰা জোক এৰুৱাৰ পাছতহে তুমি জঁপিয়াবলৈ এৰিছিলা। মা কাষতে আছিল। সেয়ে জোকটো এৰুৱাৰ পাছত তুমি লাজত একেবাৰে ৰঙা-চিঙা পৰি গৈছিলা, সেয়া তোমাৰ মনত নাই জানো?
সেইবোৰ আৰু পাহৰিব পৰা কথা নেকি? যেন সিদিনাৰ কথাহে। শিলিগুৰিত বোলে সিবাৰ সেই বানত বহু মানুহ মৰিছিল । মাণিক গাঁওবুঢ়াৰ ৰেডিওত খবৰ আহিছিল। তুমি দিনৌ সন্ধিয়া গৈ ৰেডিওত খবৰ শুনিছিলা। তেতিয়া মাণিক গাঁওবুঢ়াৰ বাহিৰে কাৰো ঘৰত ৰেডিও নাছিল। এতিয়াতো ঘৰে ঘৰে টিভি। এইদৰে কৈ তিল্লুকী বায়ে হুমুনিয়াহ কাঢ়ি ক’লে- সেইবোৰ এতিয়া অতীত হৈ গ’ল। ধৰাচোন, আমাৰ সন্তান হ’লে এতিয়া নাতি-পুতিৰ মুখকে দেখিলোহেঁতেন! মফিজৰ মাকৰ বিয়া আমাৰ বিয়াৰ দুই বছৰ পাছত হোৱা নাছিল জানো? এতিয়া দেখোন মফিজৰ মাকৰ দুহাল নাতি-নাতিনী! সিদিনা মফিজৰ মাকে মোৰ ওচৰলৈ বোৱাৰীয়েকৰ কাৰণে ঔষধ বিচাৰি আহিছিল। আকৌ বোলে গা ভাঁৰী হৈছে। গর্ভপাত কৰোৱাব খোজে। বোৱাৰীয়েকৰ স্বাস্থ্য একেবাৰে ভাগি পৰিছে। অধিক সন্তান হ’লে স্বাস্থ্য নাভাঙি কি হ’ব!
কোনোবাই মৰে হাড়ে হাড়ে, কোনোবাই মৰে মঙহৰ ভাৰে। কোনোবাই বিচাৰিও নাপায়,কোনোবাই আকৌ অযাচিতভাবে পায়। কছিমুদ্দিনে আক্ষেপৰ সুৰত কথাকেইটা কৈ হঠাৎ মনত পৰাৰ দৰে ক’লে- আজি-কালি হেনো ডাক্তৰী চিকিৎসা কৰাইও বহুতে সন্তান লাভ কৰি আছে। আমি ডাক্তৰৰ তালৈ গ’লে কেনে হয়?
কোনো লাভ নহ’ব। তিল্লুকী বায়ে কথাটোত আপত্তি জনাই ক’লে- তদুপৰি এই বয়সত সন্তান পেটত লৈ ফুৰিব নোৱাৰিম। তাতকৈ তোনলীয়া সন্তানৰে ব্যৱস্থা কৰা। ল’ৰা সন্তান হ’লৈ ভাল হয়। আমাৰ মৃত্যুৰ পাছত যাতে সম্পত্তি ভোগ-দখল কৰি খাব পাৰে। তোলনীয়া সন্তান হ’লেও ধৰাচোন মা-দেউতা বুলিতো মাতিব! কোনোবাই দেউতাকৰ নাম সুধিলে তোমাৰ নামকে ক’ব। তোলনীয়া সন্তান নোলোৱাকৈ মৰিলে আত্মীয়-স্বজনে সম্পত্তি ভাগা-ভাগি কৰি খাব ঠিকেই, ভুলতো তোমাৰ নাম নল’ব।
ভবামতেই কাম ৷ এমাহমান পাছতে সিহঁতে তোলনীয়া ল’লে। এবছৰৰ কেঁচুৱা। ল’ৰা সন্তান। মাক মেলেৰীয়াত ঢুকাইছিল । বাপেকৰ অৱস্থা-পাতি ভাল নাছিল। গতিকে কেঁচুৱা সন্তানটো লালন-পালন কৰাটো তাৰ কাৰণে দুৰূহ হৈ পৰিছিল। সন্তানটো ঘৰলৈ আনি তিল্লুকী বাইৰ নামৰ অদ্যাক্ষৰ ‘ত’ৰ লগত মিলাই নাম ৰাখিছিল তছি– তছি উদ্দিন। তিল্লুকী বায়ে বুকুৰ উমেৰে কেঁচুৱাটোক তুলি-তালি ডাঙৰ-দীঘল কৰিলে।
কছিমুদ্দিনৰ আগৰে পৰাই শিক্ষাৰ প্ৰতি আগ্ৰহ এটা আছিল। ওচৰে-পাঁজৰে বিদ্যালয় নথকাৰ কাৰণে সি নিজে লিখা-পঢ়া শিকিব পৰা নাছিল । গতিকে সন্তান হ’লে সি তাক লিখা-পঢ়া শিকাব বুলি আগৰে পৰাই মনত পাঙি আছিল। কিন্তু কণা বিধাতাই মুখ তুলি নাচালে । ত্ৰিছ বছৰীয়া দাম্পত্য জীৱনত সন্তানৰ মুখ দেখাৰ সৌভাগ্য নহ’ল। গতিকে দৈৰ সোৱাদ ঘোলেৰে মিটোৱাৰ কাৰণে সি সন্তানটো তোলনীয়া লোৱাৰ পাছৰেপৰা লিখা-পঢ়া শিকোৱাৰ কথা ভাবি আছিল। ভবামতেই ছয় বছৰ বয়সত ভৰি দিয়াৰ লগে লগে সি তছিৰ উদ্দিনক স্থানীয় বিদ্যালয়ত নাম লগাই দিছিল।
কিন্তু সিহঁতৰ সন্তান ভাগ্য মুঠেই ভাল নাছিল। সাত বছৰ বয়সত তোলনীয়া সন্তানটো মেলেৰিয়া হৈ ঢুকাল। শিশু সন্তানটো ঢুকোৱাৰ দুবছৰ পাছত সিহঁত আন এক বিপৰ্যয়ৰ সন্মুখীন হ’ল। সিহঁতৰ গাঁৱত গৰাখহনীয়াৰ তাণ্ডৱ আৰম্ভ হ’ল। সেই গৰাখহনীয়াত সিহঁতৰ সকলো মাটি-সম্পত্তি নদীৰ বুকুত জাহ গ’ল। মাটি-সম্পত্তি হেৰুৱাই সিহঁতে গাঁৱৰ অন্যান্য মানুহৰ লগত মথাউৰিত আশ্রয় ল’লে।
মাটিয়ে কৃষকৰ সম্বল। উপাৰ্জনৰ উৎস। মাটি নৈৰ বুকুত জাহ যোৱাৰ ফলত কছিমুদ্দিনৰ আয়ৰ উৎস নোহোৱা হ’ল। কিন্তু ভোকে আচাৰ নামানে। যুৱা-বৃদ্ধৰ বাচ-বিচাৰ নকৰে। দুবেলা দুমুঠি পেটত নিদিলে হাড়-মঙহ খুলি খুলি খায়। সেয়ে আয়ৰ উৎস নোহোৱা হোৱাত বৃদ্ধ বয়সত কছিমুদ্দিনে গাঁৱৰ আন দুজন মানুহৰ লগত কয়লাৰ খনিত কাম কৰিবলৈ গ’ল। তাত নিউমোনিয়া হৈ কছিমুদ্দিন ঢুকাই থাকিল আৰু তিল্লুকী বাই অকলশৰীয়া হৈ পৰিল। তিনি বছৰ আগতে তাই সত্তৰৰ দেওনা পাৰ কৰিছে।
চৰকাৰৰ পৰা তোমাৰ দৰে দুখীয়া মানুহক ইন্দিৰা আৱাস যোজনাৰ ঘৰ দিয়াৰ ব্যৱস্থা আছে। তুমি পোৱা নাই নেকি, আইতা? মকিবে সুধিলে।
নাই পোৱা। তিল্লুকী বায়ে ক’লে- প্রত্যেক বছৰে চৰকাৰী ঘৰ আহে বুলি শুনো। মোৰ ঘৰ হ’ব বুলি আশা পালি থাকো; কিন্তু মোৰ ঘৰ নহয়। যোৱা বছৰ মোৰ নামত হেনো ঘৰ এটা আহিছিল। আমাৰ মেম্বৰে হেনো মোৰ নাম দিছিল। কিন্তু মোৰ নাম কাটি ঘৰটো নিলে মাণিক গাঁওবুঢ়াৰ পুতেকে। মাণিক গাঁওবুঢ়া চাৰি বছৰ আগত ঢুকাইছে। তাৰ বিধৱা পত্নীৰ নামত বোলে মোৰ নামৰ ঘৰটো কাটি নিছে। ঘৰটো মই সিদিনা গৈ চাই আহিছো। এনেয়ে পৰি আছে। মানুহ নাথাকে। কুকুৰ আৰু ছাগলীকেইটাহে থাকে। ইফালে মই চাল বেৰ নথকা ঘৰত বৰষুণৰ পানী খাই জাৰত ঠক্ঠক্কৈ কঁপি থাকো। সেয়ে এইবাৰ ভাবিছোঁ, এমেলেৰ কাৰণে আৰু বাট চাই নাথাকো। সি হয়তো কামৰ হেঁচাত মোৰ কথা পাহৰিয়ে গৈছে! সেয়ে আজি কথাটো মনত পেলাই দিয়াৰ কাৰণে আহিছো।
এতিয়া এম এল এ চাহাবে জানো তোমাক চিনি পাব? মকিবে সন্দেহ প্রকাশ কৰিলে।
নাপাব কিয়? আমি তাৰ কথা মতেই নাঙলৰ ছবিত ভোট দিছো। এতিয়া চিনি নাপালে কেনেকৈ হ’ব! ভোটৰ সময়ত চিনি পাইছিল যেতিয়া এতিয়াও নিশ্চয় পাব।
মকিবে ক’লে- তেতিয়া ভোটৰ প্ৰয়োজন আছিল, গতিকে চিনি পাইছিল। এতিয়াতো আৰু ভোটৰ প্ৰয়োজন নাই। তুমি সহজ-সৰল মানুহ গতিকে তুমি এইবোৰ কথা গম নোপোৱা। এইবোৰ ৰাজনীতিৰ কথা! তুমি নুবুজিবা। মোৰ বিশ্বাস, এতিয়া তোমাক চিনি নাপাব। চিনি পালেও কাম নহ’ব। কাৰণ ঘৰ পাবলৈ হ’লে মেম্বৰ প্ৰেচিডেণ্টক টকা দিব লাগে। তুমি টকা দিব পাৰিবা জানো?
টকা ! তিল্লুকী বায়ে হতাশাৰ সুৰত ক’লে- এটা মাত্ৰ বাঁহৰ জোপা। বৰ্তমান সেই বাঁহ বিক্ৰী কৰি কোনোমতে চলি আছো। মই টকা দিম ক’ৰপৰা?
মকিবৰ বেয়া লাগিল বৃদ্ধাৰ অৱস্থা দেখি! বেচেৰীক চাৰি বছৰ আগত বিধায়কে ঘৰ দিয়াৰ আশ্বাস দিছিল আৰু বৃদ্ধাই সেই আশ্বাসকে সৰল বিশ্বাসত লৈ ঘৰ এটা হ’ব বুলি আশা পালি ৰৈ আছে। তাৰ ক’বলৈ মন গৈছিল, বিধায়কে এতিয়া তোমাক চিনি নাপাব, আইতা। ভোটৰ সময়ত তেনেকৈ কিমানজনক আশ্বাস দিছিল সেয়া হয়তো তেওঁ মনতে পেলাব নোৱাৰিব। তুমি ঘৰলৈ গৈ তোমালোকৰ স্থানীয় মেম্বৰক লগ ধৰি ঘৰৰ কাৰণে চেষ্টা কৰাগৈ। কিন্তু নক’লৈ। মাথোন ক’লে- বাৰু, ইমান কষ্ট কৰি আহিছা যেতিয়া এম এল এক কৈ চোৱা। তেওঁৰ দয়া হ’লে হ’বও পাৰে!
তিল্লুকী বায়ে অনুনয়ৰ সুৰত ক’লে- বোপা, এমেলে ক’ত বহিছে মোক তালৈ লৈ ব’লা।
মকিব বিমোৰত পৰিল। আগবাঢ়ি গ’লে চি আৰ পি এফ জোৱানৰ লাঠিৰ কোবৰ ভয় আৰু নগ’লেও বৃদ্ধা হতাশ হ’ব! এইদৰে মনতে গুণাগঁথা কৰি শেষমুহূৰ্তত সি বৃদ্ধাৰ হাতত ধৰি আগুৱাই যাবলৈ ধৰিলে। মন্ত্ৰী-বিধায়ক বহা কোঠালিৰ সন্মুখলৈ গৈ সি ক’লে- এয়া এইখন কোঠালিতে মন্ত্রীসকল বহিছে। এম এল এও কিজানি তাতেই আছে। মই আৰু যাব নোৱাৰিম। গ’লে, পুলিচে মাৰিব।
তিল্লুকী বায়ে লাখুঁটিত ভৰ দি হেলাই-হেপাই আগুৱাই গ’ল। চি আৰ পি এফৰ জোৱান এজনে তাইক আগভেটি ধৰি সুধিলে- ঐ বুঢ়ী, ক’লৈ যাৱ?
তিল্লুকী বায়ে কোনো ধৰণৰ লুক-ঢাক নকৰাকৈ পোনপটীয়াভাবে ক’লে- আমাৰ এমেলৰ লগত দেখা কৰিবলৈ যাম। মোক ঘৰ দিয়াৰ কথা আছে।
চি আৰ পি এফৰ জোৱানজনে তিল্লুকী বাইক ভৰিৰ পৰা মূৰলৈ লক্ষ্য কৰিলে। তাৰ পাছত মন্ত্রী, বিধায়কসকল বহি থকা কোঠালিৰ ফালে চাই ক’লে- তুমি তোমালোকৰ এম এল এক চিনি পোৱা নেকি?
পাওঁ। এমেলেই চাৰি বছৰ আগত মোক ঘৰ এটা দিব বুলি কথা দি আহিছিল। আমাৰ এমেলে কোনটো কোঠালিত আছে মোক দেখুৱাই দিয়াচোন। বাপৰে, ইমান মানুহ! মই একো উমগামে ধৰিব পৰা নাই।
চি আৰ পি এফৰ জোৱানজন বিমোৰত পৰিল। ভিতৰত মিটিং চলি আছে। ইফালে অলৰ বৃদ্ধা ! যাবলৈ দিলে বা কেনে হয় আৰু নিদিলেই বা কেনে হয় ! এইদৰে ভাবি থাকোঁতেই মন্ত্ৰী আৰু বিধায়ককেইজন বাহিৰলৈ ওলাই আহিল। জোৱানজনে ক’লে- সৌৱা তেওঁলোক ওলাই আহিছে। ইয়াৰ মাজত কোনজন তোমালোকৰ বিধায়ক? ধৰিব পাৰিছা নেকি?
তিল্লুকী বায়ে কপাললৈকে হাত তুলি পোন হৈ থিয় হোৱাৰ কাৰণে ব্যৰ্থ প্ৰয়াস কৰি ক’লে- হয়, ধৰিব পাৰিছো। সৌৱা, সৌজনেই মোক নাঙলৰ ছবিত ভোট দিবলৈ কৈছিল। আজি পাইছো যেতিয়া চিন্তা নাই। উৰুখা পঁজাত আৰু পানী খাব নালাগে।
এইদৰে কৈ তিল্লুকী বাই সিহঁতৰ বিধায়কজনৰ ফালে আগবাঢ়িল। আৰক্ষী দুজনমান লৰি আহি বৃদ্ধাৰ বাটভেটি থিয় দি ক’লে- ঐ বুঢ়ী ক’লৈ যাৱ। ছাৰে এতিয়া দেখা নকৰে। বেলেগ ঠাইত মিটিং আছে। তালৈ গৈ আছে।
বিধায়কজন তিল্লুকী বাইৰ কাষেদিয়ে পাৰ হৈ গ’ল। তাই পিছফালৰপৰা মাতি ক’লে- অ’ বোপা, মোক চিনিব পৰা নাই! মই তিল্লুকী বাই। ভোটত জিকিলে তুমি মোক ঘৰ এটা দিবা বুলি কথা দিছিলা। চাৰি বছৰ পাৰ হ’ল, কিন্তু ঘৰ নিদিলা। উৰুখা পঁজা। বৰষুণ দিলেই পানী সৰে। বৰ কষ্ট বোপা! বৰ কষ্ট! মোক ঘৰ এটা দিয়া বোপ.….………
তিল্লুকী বাইৰ কাতৰ অনুৰোধ শুনিও নুশুনাৰ ভাওজুৰি বিধায়কজন গৈ গাড়ীত উঠি বহিল।
হতাশভাবে তিল্লুকী বাই গাড়ীৰ ফালে চাই থাকিল। আশাহত হোৱাৰ বেদনাত হঠাৎ তাইৰ বুকু ভেদ কৰি এবুকু হুমুনিয়াহ ওলাই আহিল। ◆
