অনুবাদ- আবুল হুছেইন।

সুচীপত্র
বিদ্রোহী
আজি সৃষ্টি সুখৰ উল্লাসে-
পথহাৰা-
অবেলাৰ মাত-
অভিশাপ—
পশ্চাদ্ মাত
কবি-ৰাণী-
পুহ–
বিজয়িনী-
কমল-কাঁইট
চ’তৰ হাৱা-
শৰবিদ্ধ পখী—
পলাতকা
চিৰশিশু-
বিদায়-বেলাত-
দূৰৰ বন্ধু–
সান্ধ্যতৰা-
ব্যথা-নিশীথ-
আশা-
আপোন-পিয়াসী-
অকৰ্মাৰ গান-
কাণ্ডাৰী হুঁচিয়াৰ-
ছাত্রদলৰ গান-
আই (বিৰজা সুন্দৰী)ৰ
সৰ্বহাৰা–
সাম্যবাদী-
ঈশ্বৰ-
মানুহ-
পাপ-
বাৰাঙ্গনা-
নাৰী-
কুলী-মজদুৰ-
ফৰিয়াদ-
মোৰ কৈফিয়ৎ-
দ্বীপান্তৰৰ বাসিনী-
বিদ্রোহী
কোৱা বীৰ
কোৱা উন্নত মোৰ শিৰ
শিৰ নিহাৰি মোৰে, নত শিৰ সৌ শিখৰ হিমাদ্রিৰ ।
কোৱা বীৰ
কোৱা মহাবিশ্বৰ মহাকাশ ফালি
চন্দ্ৰ সূৰ্য গ্রহ তৰা এৰি
ভূলোক দ্যুলোক গোলক ভেদি
খোদাৰ আসন আকাশ ছেদি
উঠিছোঁ চিৰ বিস্ময় মই বিশ্ব-বিধাত্ৰীৰ !
মম কপালত ৰুদ্ৰ ভগবান জ্বলে ৰাজ-ৰাজটীকা দীপ্ত জয়শ্ৰীৰ!
কোৱা বীৰ
মই চিৰ-উন্নত শিৰ !
মই চিৰ দুৰ্দ্দম, দুর্বিনীত, নৃশংস,
মহা প্রলয়ৰ মই নটৰাজ, মই চাইক্লোন, মই ধ্বংস
মই মহাভয়, মই অভিশাপ পৃথ্বীৰ !
মই দুৰ্বাৰ
মই ভাঙি কৰো চূৰমাৰ !
মই অনিয়ম উচ্ছৃংখল,
মই গচকি যাওঁ যত বন্ধন, যত নিয়ম কানুন শৃংখল!
মই নামানোঁ কোনো আইন,
মই ভৰা-তৰী কৰোঁ ভৰা-ডুবি, মই টর্পেডো, মই ভীম,
ভাসমান মাইন !
মই ধূৰ্জ্জটি, মই আনোঁ খোলা চুলিৰ ধুমুহা অকাল বহাগীৰ !
মই বিদ্রোহী মই বিদ্রোহী সূত বিশ্ব-বিধাত্ৰীৰ !
কোৱা বীৰ
চিৰ উন্নত মোৰ শিৰ ৷
মই ঝঞ্জা, মই ঘূর্ণি,
মই পথ-সন্মুখত যি পাওঁ যাওঁ চূর্ণি !
মই নৃত্য-পগলা ছন্দ,
মই নিজৰ তালত নাচি যাওঁ, মই মুক্ত জীৱনানন্দ।
মই হাম্বীৰ, মই ছায়ানট, মই হিন্দোল
মই চল-চঞ্চল, ঠমকি ছমকি’
বাটত যাওঁতে হঠাৎ চমকি’
ফিং দি দিওঁ তিন দোল
মই চপলা চপল হিন্দোল !
মই সেয়া কৰোঁ ভাই যেতিয়া বিচাৰে মনে যি
কৰোঁ শত্ৰুৰ লগত কৰোঁ গলা-গলি, ধৰোঁ মৃত্যুৰ স’তে পাঞ্জা,
মই উন্মাদ, মই ঝঞ্জা ৷
মই মহামাৰী, মই ভীতি এই ধৰিত্ৰীৰ !
মই শাসন-ত্রাসন, সংহাৰ, মই উষ্ণ চিৰ-অধীৰ ।
কোৱা বীৰ—
মই চিৰ উন্নত শিৰ ৷
মই চিৰ-দুৰন্ত দুর্মদ,
মই দুৰ্দ্দম, মোৰ প্ৰাণৰ পিয়ালা হৰদম হ্যায় হৰদম, ভৰপূৰ মদ ৷
মই হোম-শিখা, মই সাগ্নিক, জমদগ্নি,
মই যজ্ঞ, মই পুৰোহিত, মই অগ্নি !
মই সৃষ্টি, মই ধ্বংস, মই লোকালয়, মই শ্মশান,
মই অৱসান, নিশাৱসান ।
মই উত্থান, মই পতন, মই অচেতন-চিত্তত চেতন,
মই ইন্দ্ৰাণী-সূত হাতত চন্দ্ৰ কপালত সূর্য,
মই এহাতত বেঁকা বাঁহৰ বাঁহী, আনখন হাতত ৰণ-তূর্য।
মই কৃষ্ণ-কণ্ঠ, মন্থন বিহু পিয়া ব্যথা বাৰিধিৰ
মই ব্যোমকেশ, ধৰোঁ বন্ধন-হীন ধাৰা গঙ্গোত্ৰীৰ
কোৱা বীৰ
চিৰ উন্নত মোৰ শিৰ !
মই সন্ন্যাসী, সুৰ সৈনিক,
মই যুৱৰাজ, মোৰ ৰাজবেশ ম্লান গৈৰিক !
মই বেদুঈন, মই চেঙ্গিচ,
মই নিজৰ বাহিৰে নকৰোঁ কাকো কুচি !
মই বজ্ৰ, মই ঈশান-বিষাণত ওঙ্কাৰ,
মই ইস্রাফিলৰ শিঙাৰ মহা-হুংকাৰ,
মই পিনাক-পাণিৰ ডম্বৰু ত্ৰিশূল, ধৰ্মৰাজৰ দণ্ড,
মই চক্ৰ আৰু মহাশঙ্খ, মই প্ৰণৱ-নাদ-প্রচণ্ড !
মই উন্মাদ দুর্বাসা-বিশ্বমিত্র-শিষ্য,
মই দাবানল-দাহ, দহন কৰিম বিশ্ব
মই প্রাণ-খোলা হাঁহি-উল্লাস, — মই সৃষ্টি-বৈৰী মহাত্রাস,
মই মহা-প্রলয়ৰ দ্বাদশ ৰবিৰ ৰাহু-গ্রাস !
মই কেতিয়াবা প্রশান্ত,- কেতিয়াবা অশান্ত প্রচণ্ড স্বেচ্ছাচাৰী
মই অৰুণ খুনৰ তৰুণ, মই বিধিৰ দৰ্পহাৰী!
মই প্ৰভঞ্জনৰ উচ্ছ্বাস, মই বাৰিধিৰ মহা কল্লোল
মই উজ্জ্বল, মই প্ৰোজ্জ্বল,
মই উচ্ছল জল-ছল-ছল, চলমান উৰ্মিৰ হিন্দোল দোল!
মই বন্ধানহাৰা কুমাৰীৰ বেণী, তন্বী-নয়নত বহ্নি,
মই ষোড়শীৰ হৃদয়-সৰসিজ প্ৰেম উদ্দাম, মই ধন্য!
মই উন্মন মন উদাসীৰ,
মই বিধৱাৰ বুকুত ক্ৰন্দন-শ্বাস, হা-হুতাশ মই হুতাশীৰ।
মই বঞ্চিত ব্যথা বাটৰুৱা চিৰ-গৃহহাৰা যত পথিকৰ
মই অবমানিতৰ মনন-বেদনা, বিষ-জ্বালা, প্ৰিয়-লাঞ্ছিত বুকুত গতি ফেৰ!
মই অভিমানী চিৰ-ক্ষুব্ধ হিয়াৰ কাতৰতা, ব্যথা সুনিবিড়,
চিত- চুম্বন-চোৰ-কম্পন মই থৰ-থৰ প্ৰথম পৰশ কুমাৰীৰ!
মই গোপন প্ৰিয়াৰ চকিত চাৱনি, ছল কৰি দেখা অনুক্ষণ,
মই চপল কুমাৰীৰ ভালপোৱা, তাৰ কাঁকৈ চুৰীৰ জুনজুন্
মই চিৰ-শিশু, চিৰ-কিশোৰ,
মই যৌৱন-ভীতু পল্লীবালাৰ আঁচল কাঁচুলি নিচোৰ!
মই উত্তৰ-বায়ু, মলয়-অনিল, উদাস পূৰৱী হাৱা,
মই বাটৰুৱা-কবিৰ গভীৰ ৰাগিণী, বেনু-বীণে গান গোৱা।
মই আকুল নিদাঘ-পিপাসা, মই ৰৌদ্ৰ-ৰুদ্ৰ ৰবি,
মই মৰু-নিৰ্ঝৰ ঝৰ-ঝৰ, মই শ্যামলিমা ছায়া-ছবি!
মই তুৰীয়ানন্দে দৌৰি ফুৰোঁ, এয়া কি উন্মাদ, মই উন্মাদ!
মই হঠাৎ মোক চিনিছোঁ, মোৰ সুলকি গৈছে বান্ধ!
মই উত্থান, মই পতন, মই অচেতন-চিত্তত চেতন,
মই বিশ্ব তোৰণত বৈজয়ন্তী, মানব-বিজয়-নিচান !
চেঁকুৰো ধুমুহাৰ দৰে কৰতালি দি
স্বৰ্গ-মৰ্ত্ত কৰপুটে
ঘোড়া বোৰৰাক্ আৰু উচ্চৈস্বৰ বাহন মোৰ
হিম্মত হ্রেস্বা চিঞৰি ছুটে !
মই বসুধা-বুকুত আগ্নেয়গিৰি, বাড়ৱ-বহ্নি, কালানল
মই পাতালে মাতাল অগ্নি-সাগৰ-কলৰোল-কল-কোলাহল !
মই তড়িৎ উঠি উৰি যাওঁ জোৰে তালি দি, দি লাফ,!
মই ত্রাস সঞ্চাৰি ভুৱনে হঠাৎ সঞ্চাৰি ভূমিকম্প!
ধৰোঁ বাসুকিৰ ফণা জাপটি,-
ধৰোঁ স্বৰ্গীয় দূত জিব্রাইলৰ জুইৰ ডেউকা সাৱটি !
মই দেৱ-শিশু, মই চঞ্চল,
মই ধৃষ্ট মই দাঁতৰে চিঙো বিশ্ব-মাতৃৰ অঞ্চল !
মই আৰ্ফিয়াচৰ বাঁহী
মহা- সিন্ধু গুম্ গুম্
ঘুমটি চুমা দি কৰোঁ নিখিল বিশ্ব নিজম
মোৰ বাঁহীৰ তানত পাহৰি
মই শ্যামৰ হাতৰ বাঁশৰী।
মই ৰোষি উঠি যেই দৌৰোঁ মহাকাশ ব্যাপী,
ভয়ত সপ্ত নৰক হাবিয়া দোজখ নুমাই যায় কঁপি !
মই বিদ্রোহ-বাহী নিখিল অখিল ব্যাপী !
মই শাৱণ প্লাৱন-বন্যা,
কভু ধৰণীক কৰোঁ বৰণীয়া, ক্ষণে বিপুল ধ্বংস-ধন্যা-
মই আঁজুৰি আনিম বিষ্ণু-বক্ষৰ পৰা যুগল কন্যা !
মই অন্যায়, মই উল্কা, মই শনি,
মই ধূমকেতু-জ্বালা, বিষধৰ কাল ফণি!
মই ছিন্নমস্তা চণ্ডী, মই ৰণমত্তা সৰ্বনাশী,
মই জাহন্নামৰ জুইত বহি হাঁহো পুষ্পৰ হাঁহি !
মই মৃন্ময়, মই চিন্ময়,
,
মই অজৰ অমৰ অক্ষয়, মই অব্যয় !
মই মানব দানব দেৱতাৰ ভয়,
বিশ্বৰ মই চিৰ দুৰ্জ্জয়,
জগদীশ্বৰ-ঈশ্বৰ মই পুৰুষোত্তম সত্য,
মই তাথৈ তাথৈ দলি ফুৰোঁ এই স্বৰ্গ-পাতাল-মৰ্ত্ত
মই উন্মাদ, মই উন্মাদ!!
মই চিনিছোঁ নিজক, আজি মোৰ খুলি গৈছে সকলো বান্ধ!!
মই পৰশুৰামৰ কঠোৰ কুঠাৰ,
নিঃক্ষত্ৰীয় কৰিম বিশ্ব, আনিম শান্তি উদাৰ!
মই হাল বলৰাম স্কন্ধত,
মই উভালি পেলাম অধীন বিশ্ব অনায়াসে নৱ সৃষ্টিৰ মহানন্দত ।
মহা- বিদ্ৰোহী ৰণ-ক্লান্ত
মই সিদিনা হ’ম শান্ত,
যিদিনা উৎপীড়িতৰ ক্ৰন্দন-ৰোল আকাশে বতাহে নধ্বনিব
অত্যাচাৰীৰ খড়্গ কৃপাণ ৰণ-ভূমিত নৰণিব-
বিদ্ৰোহী ৰণ-ক্লান্ত
মই সিদিনা হ’ম শান্ত!
মই বিদ্রোহী ভৃগু, ভগবান-বুকুত আঁকি দিওঁ পদ-চিহ্ন,
মই স্রষ্টা-হন্তা শোক-তাপ-হানা খেয়ালী বিধিৰ বুকু কৰিম বিদীর্ণ !
মই বিদ্রোহী ভৃগু, ভগবান-বুকুত আঁকি দিওঁ পদ-চিহ্ন।
মই খেয়ালী বিধিৰ বুকু কৰিম বিদীর্ণ !
মই চিৰ-বিদ্রোহী বীৰ-
মই বিশ্ব চেৰাই উঠিছোঁ অকলে চিৰ-উন্নত শিৰ! * (অগ্নিবীণা)
আজি সৃষ্টি-সুখৰ উল্লাসে
আজি সৃষ্টি সুখৰ উল্লাসে-
মোৰ মুখ হাঁহে মোৰ চকু হাঁহে মোৰ টগবগাই তেজ হাঁহে
আজি সৃষ্টি-সুখৰ উল্লাসে !
আজি মোৰ ৰুদ্ধ প্ৰাণৰ অতলত
বান ওফন্দি সৌ জাগিল জোৱাৰ দুৱাৰ-ভঙা কল্লোলত !
আহিল হাঁহি, আহিল কান্দোন,
মুক্তি আহিল, আহিল বান্ধোন,
মুখ ফুটে আজি বুকু ফাটে মোৰ তিক্ত দুখৰ সুখ আহে !
আজি সৃষ্টি-সুখৰ উল্লাসে !
আহিল উদাস, আহিল হুতাশ
সৃষ্টিহীন বুকু-ভঙা শ্বাস,
ওফন্দিল সাগৰ দুলিল আকাশ বলিল মৰুৎ,
গগণ ফালি চক্ৰ দৌৰে, পিনাকী-পাণিৰ শূল আহে !
সৌ ধূমকেতু আৰু উল্কাই
খোজে সৃষ্টিটোক ওলোটাবলই
আজি তাক দেখোঁ আৰু বুকুত মোৰ লক্ষ বাগ’ৰ ফুল হাঁহে
আজি সৃষ্টি-সুখৰ উল্লাসে।
আজি হাঁহিল অগনি, ফুলিল ফাগুন,
মদন মাৰে তেজ-মখা তৃণ
পলাশ আশোক শিমলু ঘাইল
ফাকু লাগে সৌ দিবসনত
সৌ দিক্বালিকাৰ পীতবসনত
আজি ৰংগণ আহিল ৰক্ত প্ৰাণৰ অঙ্গনে মোৰ চৌপাশে
আজি সৃষ্টি-সুখৰ উল্লাসে!
আজি কপট কোপৰ তূণ ধৰি
সৌ আহিল যত সুন্দৰী
কাৰোবাৰ ভৰিত বুকু-ঘঁহা তেজ, কোনোবা অগনি
কোনোবা মানিনী চকুৰ পানীত বুকু ভাহে !
সিহঁতৰ প্ৰাণৰ ‘বুকু-ফাটে-তেও-মুখ-নুফুটে’ বাণীৰ বীণা মোৰ কাষে,
সৌ সিহঁতৰ কথা শুনাও সিহঁতক
মোৰ চকুত পানী আহে।
আজি সৃষ্টি-সুখৰ উল্লাসে !
আজি আহিল ঊষা, সন্ধ্যা, দুপৰ,
আহিল সমীপ, আহিল সুদূৰ,
আহিল বাধা-বন্ধন-হীন ছন্দ-মাতাল
বলিয়া-গাজনি উচ্ছাসে !
সৌ আহিল আহিন, শেৱালি শিথিল
হাঁহিল শিশিৰ দুবুৰি ঘাঁহে ৷
আজি সৃষ্টি-সুখৰ উল্লাসে !
আজি জাগিল সাগৰ, হাঁহিল মৰু,
কঁপিলে ভূ-ধৰ, কানন-তৰু,
বিশ্ব-ডুবোৱা আহিল তুফান, উচ্ছলে উজান
ভৈৰৱীহঁতৰ গীত ভাহে,
মোৰ সোঁহাতে শিশু সদ্যোজাত জৰাত মৃত বাও কাষে
মন ঢেঁকুৰেচোন আজি বল্গাহীন অশ্ব যেন পগলা সিযে !
আজি সৃষ্টি-সুখৰ উল্লাসে!
আজি সৃষ্টি-সুখৰ উল্লাসে ! *
(দোলন চাঁপা)
পথহাৰা
বেলা শেষত উদাস পথিক ভাবে
সি যেন যাব কোনোবা অনেক দূৰলে
উদাস পথিক ভাবে।
‘ঘৰলে’ আহা’ সন্ধ্যা সৱক মাতে
‘নহয় তোক নহয়’ কয় অকলে তাকে
পথৰ পথিক পথতে বহি থাকে,
কোনে তাক বিচাৰিব সি নাজানে ৷
উদাস পথিক ভাবে।
বনৰ ছায়া গভীৰ মৰমে
এন্ধাৰ সানে দিগবধূহঁতৰ কেশে,
মাতিবলে’ হয়তো শ্যামল মেঘৰ দেশে
শৈলমূলে শৈলবালা নামে
উদাস পথিক ভাবে।
বাতি আনে ৰাতি অনাৰ প্ৰীতি,
,বধূৰ বুকুত গোপন সুখৰ ভীতি,
বিজন ঘৰে এথোন যে গায় গীতি,
অকলে থকাৰ গানফেৰা গাঁৱে—
উদাস পথিক ভাবে ?
হঠাৎ তাৰ পথৰ ৰেখা হেৰায়
গহন দ্বিধাৰ এন্ধাৰ বন্ধ কাৰায়,
পথ-চোৱা তাৰ কান্দে তৰাই তৰাই
আৰু কি পূবৰ পথৰ দেখা পাব
উদাস পথিক ভাবে। *
(দোলন চাঁপা)
অবেলাৰ মাত
অনেক কৰি মৰম কৰিব পৰা নাই মা তেতিয়া যাকে
আজি অবেলাত তাকেই মনত পৰিছে কিয় বাৰে বোৰে ! !
আজি ভাব হয় প্রতি নিশা সি টোপনিয়াবলে’নয়ন চুমে,
চুমাৰ পাছত চুমা দি পুনৰ হানিছিল আঘাত ভোৰৰ ঘুমে ।
ভাবিছিলোঁ তেতিয়া এয়া কোন বালাই !
কৰিছিল এই প্ৰাণ পলাও পলাও !
আজি সেই কথা মনত পৰি ভাহোঁ অবিৰত নয়ন-ধাৰে
অভাগিনীৰ সেই গৰৱ আজি ধূলিত লোটায় ব্যথাৰ ভাৰে!!
তৰুণ তাৰ ভৰা বুকুৰ উপচি পৰা আদৰ সোহাগ
হেলাত দুভৰিত গচকিছো মা, আজি কিয় হায় তাৰ অনুৰাগ ?
এই চৰণ সি বুকুত থাপি
চুমিছে, আৰু দুচকু ব্যাপী
লোতক সৰিছে, তেতিয়াও মা কোৱা নাই কথা অহঙ্কাৰে,
এনুৱা দাৰুণ হতাদৰে কৰিছোঁ মা বিদায় তাকে!!
দেখিছিলো বুকু-ভৰা তাৰ অনাদৰৰ আঘাত-কাঁটা,
দ্বাৰৰ পৰা দ্বাৰত খাই সৱেৰ লাথি শোটা ।
ভাবিছিলো মোৰ কাষে
তাৰ দৰদৰ শান্তি আছে,
মইওচোন মা ফিৰ দিলোঁ চিনিব নোৱাৰি দেবতাৰে ।
ভিক্ষু সাজি আহিছিল ৰাজাধিৰাজ দাসীৰ দ্বাৰে!!
বাট পাহৰি সি আহিছিল সেই মোৰ সাধৰ ৰাজ-ভিখাৰী,
মা মই ভিখাৰিণী, মই জানো তাক পাব পাৰোঁ চিনি?
সেয়ে মা মোৰ পূজাৰ ডালা
লোৱা নাই, লোৱা নাই মণিৰ মালা
দেৱতা-মোৰ নিজে মোক পূজিলে ষোড়শ-উপচাৰে !
পূজাৰীক নিচিনিলোঁ মা পূজা-ধূমৰ অন্ধকাৰে !!
মোৰ খোজাই শেষ-খোজা তেওঁৰ মা মই কি সেয়া জানো?
ৰাজ-অতিথিৰ বিদায় বাণী ৰই থাকিল ধৰাত মাথোঁ ।
হে’ৰা মোৰ চেনেহ বেথা
ক’ত বান্ধিছিলি বাহা
যেতিয়া ৰজা আহি থিয় দিছিল এই দুৱাৰত ?
নিশ্বাসি উঠিছে ধৰা, ‘নাই অ’নাই খুজিছা কাক !
সি যে পথৰ চিৰপথিক, তাৰ কি সহে ঘৰৰ মায়া ?
দূৰৰ পৰা দূৰান্তৰে মাতে তাক পথৰ ছায়া !
পথাৰ-কাষে বনৰ মাজে
চপল তাৰ নূপুৰ বাজে,
ফুলৰ লগত ফুলি ফুৰে, মেঘৰ লগত যায় পাহাৰে,
ধৰা দিও নিদিয়ে ধৰা নাজানো সি কাক খোজে ?
আই অ’ মোৰ শক্তি ক’ত বাট আগচি ধৰি ৰখাৰ ?
তাৰ বাবে নহয় ভালপোৱা সান্ধ্য-প্ৰদীপ ঘৰলে’ মাতাৰ ৷
সেয়ে মা মোৰ বুকুৰ কপাট
খুলিব নোৱাৰিলে তাৰ কৰাঘাত,
এই মন তেতিয়া কেনেকৈ যেন পাইছিল ভাল আন কাৰোবাক
ময়েই দূৰলে’ ঠেলি দিলোঁ অভিমানী ঘৰ-হেৰুৱাক!!
স্নেহত সি ধৰিবলে’গৈছিল নিবিড় কৰি বুকুত চেপি,
হত-ভাগী পলাইছিলোঁ ভয়ত এই বুকু উঠিছিল কঁপি ।
ৰাজ-ভিখাৰীৰ চকুৰ কাজল
দূৰৰ পৰাই লাগিছিল ভাল,
আহিলে কাষত ক্ষুধিত তাৰ দীঘল চাৱনিৰ অশ্ৰু-ভাৰত,
ব্যথাত কেনেবা ম্লান পৰিছিলোঁ, সুৰ হেৰাইছিলোঁ মনৰ তাঁৰত !!
আজি কিয় তেওঁৰ দৰেই মোৰো এই বুকুৰ ক্ষুধা
বিচাৰে মাথোঁ সেই হেলাত হেৰুৱা আৰু আদৰ মৰম পৰশ-সুধা।
আজি ভাব হয় তাৰ সেই বুকুত
এই মুখ চেপি নিবিড় সুখত
গভীৰ দুখৰ কান্দোন কান্দি শেষ কৰি দিও এই মোৰে !
নাযায়নে মা মোৰ কান্দোন তাৰ দেশৰ কানন-পাৰে ?
আজি বুজিছোঁ এই জনমৰ মোৰ নিখিল শান্তি আৰাম
চুৰি কৰি পলাই গৈছে চোৰৰ ৰজা সেই প্রাণাৰাম ৷
হে বসন্তৰ ৰজা মোৰ !
নিয়া আহি মোৰ হাৰ-মনা-হাৰ !
আজিচোন মোৰ বুকু ফাটি যায় আৰ্তনাদৰ হাহাকাৰে,
চাই যোৱা আজি সেই পাষাণী কেনেকে’ কান্দিব পাৰে !
তোমাৰ কথা সঁচা হ’ল পাষাণ ফাটি তেজ বয়
দাবানলৰ দাৰুণ দাহ তুষাৰ-গিৰি আজি দাহয় ৷
জাগিল বুকুত ভীষণ জোৱাৰ,
ভাঙিল ডাং ভাঙিল দুৱাৰ,
মূকৰ বুকুত দেৱতা আহিল মুখৰ মুখে ভীম পথাৰে !
বুকু ফাটিছে মুখ ফুটিছে— আই অ’মানা কৰিছা কাকে ?
স্বৰ্গ মোৰ গৈছে পৰি সি যোৱাৰ সৈতে,
এতিয়া মোৰ অকলে বাসৰ দোসৰহীন এই দুঃখ নিশীথে !
ঘুম ভঙাবলে’ নাহিব সিযে
ভোৰ নৌহওঁতেই শিতান কাষে
নাহিব আৰু গভীৰ নিশা চুমা চুৰিৰ অভিসাৰে,
কান্দি ফুৰে তাৰ লগৰী ঝঞ্জাৰ ৰাতি বনৰ পাৰে!!
আজি পালে তাক লুটি খাই পৰিলোহেঁতেন আই অ’যুগল পদত
কুত সাৱটি পদ-কোকনদ স্নান কৰালোহেঁতেন আঁখিৰ হ্ৰদত ৷
বহিবলে’ দিলোহেঁতেন অর্ধেক আঁচল
সজল চকুৰ চকু-ভৰা জল,
তিতা কাজল মচিলোহেঁতেন তাৰ চকু-মুখ অধৰ ধাৰে,
মুক্ত কেশে মচিলোহেঁতেন ভৰি বান্ধি বাহুৰ কাৰাগাৰে!!
দেখিলাহেঁতেন মা তেতিয়া তোমাৰ ৰাক্ষসী এই সর্বনাশী
মুখ থই তাৰ উদাৰ বুকুত ক’লেহেঁতেন, ‘ভালপাও বুলি ! ‘
ক’বলে’ গই সুখ-লাজত
ৰঙা হই গাল উঠিলহেঁতেন ঘামত,
বুকুৰ পৰা মুখ আহিলহেঁতেন নামি লুটি খাই কোলা-কিনাৰে,
চালোহেঁতেন মা তেতিয়া কেনেকে’ মান কৰি তেওঁ থাকিব পাৰে !!
এনেকে’এতিয়া কত আশা ভালপোৱাৰ তৃষ্ণা জাগে
তাৰ ওপৰত মা অভিমানে, ব্যথা, ৰাগে, অনুৰাগে !
চকুৰ পানীত ঋণী কৰি
গৈছে কোন দ্বীপান্তৰলে সি?
সি জানো মা সাত সমুদ্দৰ ৰে নদীৰ সুদূৰ পাৰে ?
ঝঞ্জাৰ হাৱা সিও মা সেই দূৰ-দেশত যাব নোৱাৰে !
তাক মই ভালপাওঁ সি যদি সেই পায় মা খবৰ,
চৌচিৰ হই যাব ফাটি আনন্দে মা তাৰ কবৰ ৷
চিৎকাৰ কৰি উঠিব কঁপি
ধৰাৰ সাগৰ-অশ্ৰু ছাপি,
উঠিব খেপি অগ্নি-গিৰি সেই পগলাৰ হুহুংকাৰে,
ভূধৰ সাগৰ আকশ পাতাল ঘূর্ণি নাচি ঘেৰিব তাকে ! !
ছি মা ! তুমি ফেঁকুৰি কিয় উঠিছা কান্দি এনেকে’?
তাতকে’ মা তেওঁৰে কোনো শুনা কথা শুনোৱা মোকে !
শুনি শুনি তোমাৰ কোলে
শুই পৰোঁ । এয়া কোনে খোলে
দুৱাৰ সি মা? ঝঞ্জা নেকি মা তাৰ দৰে ধাক্কা মাৰে ?
ঝঞ্জা হাৱা ! ঝঞ্জা হাৱা ! বন্ধু তোমাৰ সাগৰ-পাৰে !
সি কি ইয়াত আহিব পাৰে মই ইয়াত আছো বাচি,
যি দেশত নাই মোৰ ছায়া এইবাৰ সেই দেশত গৈছে সি !
তেও কিয় ৰই ৰই
ইচ্ছা কৰি মাতোঁ তাকেই !
যি কথা মোৰ নহ’ল কোৱা হায় সেই কথা শুনাও কাক?
আই অ’ মোৰ প্ৰাণৰ কান্দোন গুমৰি মৰে বুকুৰ দ্বাৰত !
যাওঁ তেন্তে মা দেখা হ’লে মোৰ কথা ক’বা তাৰে
ৰজাৰ পূজা- সেয়া কি কেতিয়াও ভিখাৰিণী ঠেলিব পাৰে ?
আই অ’ মই জানো জানো
আহিব আকৌ অভিমানী
খুজিবলে’মোক গভীৰ নিশা এই আমাৰ কুটীৰ-দ্বাৰত,
ক’বা তেতিয়া খুজিবলে’ তাকে হেৰাই গৈছো অন্ধকাৰত ! * (দোলন-চাঁপা)
অভিশাপ
যিদিনা মই হেৰাই যাম, বুজিবা সিদিনা বুজিবা !
অস্তপাৰৰ সন্ধ্যা তৰাক মোৰ খবৰ সুধিবা
বুজিবা সিদিনা বুজিবা !
ছবি মোৰ বুকুত বান্ধি
পগলা হই কান্দি কান্দি
ঘূৰিবা মৰু কানন গিৰি
সাগৰ আকাশ বতাহ ছিৰি
যিদিনা মোক খুজিবা—-
বুজিবা সিদিনা বুজিবা !
সপোন ভাঙি নিশীথ ৰাতি জাগিবা হঠাৎ চমকি,
কাৰোবাৰ চিনা স্পৰ্শত উঠিব সেই বুকু ছমকি,
হঠাৎ জাগিবা চমকি!
ভাবিবা হয়তো ময়েই আহি
বহিছোঁ বুকুৰ কোলা চেপি
ধৰিবলে’ গই চাবা যেই–
শূন্য শয্যা! মিথা সপোন !
বেদনাত চকু মুদিবা-
বুজিবা সিদিনা বুজিবা !
গাবলে’ গই কণ্ঠ ভেদি আহিব যেই কান্দোন,
ক’ব সৱে—-— সেই যে পথিক তাৰ শিকোৱা গানচোন ? ‘
আহিব ভাঙি কান্দোন !
পৰিব মনত মোৰ সোহাগ,
কণ্ঠত তোমাৰ কান্দিব বেহাগ !
পৰিব মনত অনেক ফাঁকি
অশ্রুহীন কঠিন আঁখি
ঘন ঘন মচিবা
বুজিবা সিদিনা বুজিবা !
আকৌ যিদিনা শেৱালি ফুলি ভৰিব তোমাৰ অঙ্গন
বুটলোঁতে সেই ফুল গাথোঁতে মালা কঁপিব তোমাৰ কঙ্কণ……….
শেৱালি ঢকা মোৰ সমাধি
পৰিব মনত উঠিবা কান্দি !
বুকুৰ মালা কৰিব জ্বালা,
চকুৰ পানীত সিদিনা বালা
মুখৰ হাঁহি গুচিব–
বুজিবা সিদিনা বুজিবা !
আহিব আকৌ আহিন-হাৱা, নিয়ৰ-ভিজা ৰাত্ৰি,
থাকিব সৱে নাথাকিব এই মৰণ-পথৰ যাত্ৰী !
থাকিব কাষত বন্ধু-স্বজন,
থাকিব ৰাতি বাহুৰ বন্ধন,
বধুৰ বুকুৰ পৰশনত
মোৰ পৰশ পৰিব মনত…….
বিষাই সেই-বুকু উঠিব……..
বুজিবা সিদিনা বুজিবা !
আহিব পুনৰ শীতৰ ৰাতি নাহিব আৰু সিযে–
তোমাৰ সুখত পৰিলেহেঁতেন বাধা থাকিলে সিজন কাষে,
নাহিব আৰু সিযে !
পৰিব মনত, মোৰ বাহুত মুৰ থই যেদিনা শুবা,
মুখ ঘূৰাই থাকিলাহেঁতেম ঘৃণাত !–
সেই স্মৃতি দিনৌ সেই বিছনাত
কাঁইট হৈ বিন্ধিব—
বুজিবা সিদিনা বুজিবা !
আকৌ নদীত আহিব জোৱাৰ, দুলিব তৰী ৰঙত,
সেই তীত হয়তো কেও থাকিব তোমাৰ লগত—
দুলিব তৰী ৰঙত !
পৰিব মনত, সেয়া কোন নিশাত
এক তীত আছিলা লগত,
এনেকৈ নদীত আছিল জোৱাৰ,
নদীৰ দুপাৰ এনেকৈ আন্ধাৰ,
তেতিয়া তী ছুটিব–
বুজিবা সিদিনা বুজিবা ।
তোমাৰ সখাৰ আহিব যিদিনা এনেকে’কাৰা-বন্ধ,
মোৰ দৰে কান্দি কান্দি হয়তো হ’বা অন্ধ—
সখাৰ কাৰা-বন্ধ !
বন্ধুই তোমাক কৰিব হেলা,
ভাঙিব তোমাৰ সুখৰ মেলা;
দীর্ঘ বেলি নাযাব মাৰ,
ব’বলে’ মনৰ শ্ৰান্ত এই ভাৰ
মৰণৰ স’তে যুঁজিবা—
বুজিবা সিদিনা বুজিবা !
ফুলিব আকৌ দোলন-চম্পা চ’তৰ নিশাৰ জোৎস্না
আকাশ ব্যাপী তৰায় তৰায় ধ্বনিব মোৰ কন্দা-
চ’তৰ নিশাৰ জোৎস্না।
ঋতুৰ পাছত আহিব ঋতু,
সিদিনা- হে মোৰ চেনেহ-ভীতু!
চাবা কান্দি নীলা নভঃৰ গা’য়
মোৰ দৰে চকু ভৰি চায়
যি তাত, তাক খুজিবা –
বুজিবা সিদিনা বুজিবা !
আহিব ঝঞ্জা, নাচিব তুফান, চিঙিব সৱ বন্ধন,
কঁপিব কুটীৰ সিদিনা ত্ৰাসত, জাগিব বুকুত ক্রন্দন-
চিঙিব সৱ বন্ধন !
পৰিব মনত নাই লগত সি
বাজিব বুকুত দুখৰ ৰাতি। —
নিজেই গালত যাচিবা চুম্বন
খুজিবা আদৰ, খুজিবা পৰশন,
নিজেই যাচি চুমিবা—
বুজিবা সিদিনা বুজিবা !
মোৰ বুকুৰ যি কাঁটা ঘাতে তোমাক আঘাত হানিছিল
সেই আঘাতেই যাচিবা পুনৰ হয়তো হই শান্ত-
আহিব তেতিয়া পান্থ !
হয়তো তেতিয়া মোৰ কোলাত
আদৰ-লাভে পৰিবা ঢলি,
নিজেই সিদিনা যাচি কান্দি
সাৱটিব বুকুত বাহুত বান্ধি,
চৰণ চুমি পুঁজিবা
বুজিবা সিদিনা বুজিবা ! * (দোলন-চাঁপা)
পশ্চাদ্-মাত
সখী! নতুন ঘৰলৈ গৈ মোক পৰিব জানো মনত ?
তাত তোমাৰ নতুন পূজা নতুন আয়োজনত ?
প্রথম দেখা তোমাৰ মোৰ
যি গৃহ-ছাঁত যি চোতালত,
তাত প্ৰতি ধূলি-কণাত
লতা-পাতৰ স’তে
দিনৌ চিনাৰ বিত্ত ৰাজে চিত্ত-আৰাধনত
পুণ্য সেই ঘৰ শূন্য আজি কঁপিছে নিৰ্জনত !!
তাত তুমি যেতিয়া পাহৰিছিলা মোক, আহিছিল বহু কেও
তেতিয়া মোৰ হই অভিমানে কান্দিছিল সেই গৃহ !
যিফালেই চাইছিলা তাত
বাজিছিল মোৰ স্মৃতিৰ দুখ,
সেই গ্লানি আজি পাহৰিবা ইয়াত
নতুন আলাপনত !
মোৰ ইমান দিনৰ দূৰ নাছিল প্ৰকৃতাৰ্থৰ দূৰ,
হে’ৰা মোৰ সুদূৰ কৰিছিল সমীপ সেই পুৰাতনপুৰ !
এতিয়া তোমাৰ নতুন বান্ধোন,
নতুন হাঁহি, নতুন কান্দোন
নতুন সাধন, নতুন উদ্দীপন
নতুন আৱাহনত !
মোৰ সুৰ হেৰাই গ’ল সুদূৰ পুৰাতনত !!
সখী ! মোৰ আশাই দূৰাশা আজি, তোমাৰ বিধিৰ বৰ,
আজি ! মোৰ সমাধিৰ বুকুত তোমাৰ উঠিব বাসৰ ঘৰ ৷
শূন্য ভৰত শুনিবলে’ পালো
ধেনু চৰোৱা বনৰ বেনু—
হেৰাই গ’লো হেৰাই গ’লো
অস্ত-দিগবলয়ত!
বিদায় সখী, খেলা-শেষ এই বেলা-শেষৰ ক্ষণত! এ
তিয়া তুমি নতুন মানুহ নতুন গৃহকোণত !! * (দোলন-চাঁপা)
কবি-ৰাণী
তুমি মোক ভালপোৱা সেয়েতো মই কবি !
মোৰ এই ৰূপ,—-সেয়া তোমাৰ ভালপোৱাৰ ছবি !!
আপোনজনে বঢ়ালে হাত
আকাশ বতাহ আলোক-প্রভাত,
বিদায়-বেলা সান্ধ্য-তৰা
পুবৰ অৰুণ ৰবি,—
তুমি ভালপোৱা বুলিয়ে ভালপায় সৱই!!
মোৰ মই লুকাইছিলোঁ তোমাৰ ভালপোৱাত
মোৰ আশা বাহিৰলে’ আহিল তুমি হঠাৎ অহাত ।
তুমি মোৰ মাজলে’ আহি
অসিত মোৰ বজোৱা বাঁহী
মোৰ পূজাৰ যি আয়োজন
তোমাৰ প্ৰাণৰ হ’বি
মোৰ বাণী জয়মাল্য, ৰাণী ! তোমাৰ সৱই !!
তুমি মোক ভালপোৱা সেয়েতো মই কবি ।
মোৰ এই ৰূপ,——সেয়া যে তোমাৰ ভালপোৱাৰ ছবি !! * (দোলন-চাঁপা)
পুহ
পুহ আহিল হে’ৰা
পুহ আহিল অশ্রু-পথাৰ হিম-পাৰাবাৰ পাৰ হই !
সৌযে আহিল হে’ৰা–
কুজ্ঝটিকাৰ ওৰণি-টানি দিগন্তৰে থিয় হই!!
সি আহিল আৰু পাতে পাতে হায়
বিদায়-ব্যথা যায় হে’ৰা কান্দি যায়
অস্ত-বধূ (আ-হা) মলিন চকুত চাই!
পথ-চোৱা দীপ হেৰায় সান্ধ্য তৰাই!!
পুহ আহিল হে’ৰা–
এক বছৰৰ শান্তি পথৰ, কালৰ আয়ু-ক্ষয়,
পকা ধানৰ বিদায় ঋতু, নতুন অহাৰ ভয় !
পুহ আহিল হেৰা ! পুহ আহিল–
শুকান নিশ্বাস, কান্দোন-ভাৰাতুৰ
বিদায় ক্ষণৰ (আ-হা) ভগ্ন কণ্ঠ-সুৰ- ‘
উঠা পথিক! যাবা বহু দূৰ
ক’লা চকুৰ কৰুণ চাৱনি এৰাই!! * (দোলন-চাঁপা)
বিজয়িনী
হে মোৰ ৰাণী ! তোমাৰ ওচৰত হাৰ মানি আজি শেষত ।
মোৰ বিজয়-কেতন বাগৰে আহি তোমাৰ চৰণ-তলত৷
মোৰ সমৰ-জয়ী অমৰ হেংদান
দিনে দিনে ক্লান্তি আনে, হই উঠে ভাৰ,
এতিয়া এই ভাৰ মোৰ তোমাক দি হৰুৱাও
এই হাৰ-মনা-হাৰ পিন্ধাও তোমাৰ কেশত !!
হে’ৰা জীৱন-দেৱী !
মোক দেখি কেতিয়া তুমি সৰালা চকুৰ জল,
আজি বিশ্ব-জয়ীৰ বিপুল দেউল তাতেই টলমল !
আজি বিদ্ৰোহীৰ এই ৰক্ত-ৰথৰ চূড়ে,
বিজয়িনী!নীলাম্বৰীৰ আঁচল তোমাৰ উৰে,
যত তূণ মোৰ আজি তোমাৰ মালাই পূৰে,
মই বিজয়ী আজি ভাহি নয়ন-জলত!! * (ছায়ানট)
কমল-কাঁইট
আজি দেখিছোঁ হিংসা-মদৰ মত্ত ৰাৱণ-ৰণে
জাগিছে মাথোঁ মৃণাল-কাঁইট মোৰ কমল-বনে!!
উঠিল কেতিয়া ভীম কোলাহল,
মোৰ বুকুৰ ৰক্ত-কমল
কোনে চিঙিলে–বান্ধ-ভৰা জল
সোধে ক্ষণে ক্ষণে।
ঢউৰ দোলাত মৰাল-তৰী নাচিব উন্ননে !!
কাঁইটো মোৰ নগ’ল কিয় কমল গ’ল যদি !
স্নান-বধূৰ শাপ মাথোঁ আজি বুটলোঁ নিৰৱধি ।
আহিব জানো পথিক-বালা ?
পিন্ধিবনে মোৰ মৃণাল-মালা ?
মোৰ জলজ-কাঁইটৰ জ্বালা
জ্বলিব মোৰে মনে ?
ফুল নাপাই কমল-কাঁইট বান্ধিব কোনে কঙ্কণে ? * (ছায়ানট)
চ’তৰ হাৱা
(১)
হেৰাই গৈছা অন্ধকাৰে—পোৱা নাই খুজি পুনৰ্বাৰ,
আজি তোমাৰ মোৰ মাজত সপ্ত পাৰাবাৰ !
আজি তোমাৰ জন্মদিন–
স্মৰণ-বেলাত নিদ্ৰাহীন
খেপিয়াই ফুৰোঁ হেৰাই-যোৱাৰ অকূল অন্ধকাৰ !
এয়া ইয়াতেই হেৰাই গৈছা বুটলি পোৱা হাৰ !
(২)
শূন্য আছিল অতল বিলৰ শীতল ক’লা জল,
কোন তুমি ফুলিলা তাত ব্যথাৰ নীলোৎপল?
আন্ধাৰ বিলৰ ৰঙালে মুখ,
নিটোল ঢউৰ ভাঙিলে বুক, (বুকু)
কোন পূজাৰী নিলে চিঙি ? ছিন্ন তোমাৰ দল
মাতিছে আজি কোন দেৱতাৰ কোন সেই পাষাণ-তল ?
(৩)
অস্ত-ঘাটৰ হেৰুৱা মাণিক বোজাই কৰা নাও
আহিছে নিতৌ ফিৰাই দিয়াৰ উদয়-পাৰৰ গাঁও
ঘাটত মই থাকোঁ বহি
মোৰ মাণিক ক’তনো সি ?
পাৰাপাৰৰ ঢউ-খুন্দাই হানিছে বুকুত ঘাও !
মই খুজিছোঁ ভিৰৰ মাজত চিনাকি কমল-পাও !
(8)
বইছে আকৌ চ’তৰ হাৱা, গুমৰি উঠে মন,
পাইছিলো এনুৱা হাৱাত তোমাৰ পৰশন ৷
তেনেকৈ আকৌ মহুৱা-মউ
মৌমাখিহঁতৰ কৃষ্ণা বৌ
পান কৰি সৌ দুলিছে নিচাত দুলিছে মহুৱা-বন!
ফুল-চৌখীন দক্ষিণা-হাৱাত কানন উচাটন!
(৫)
পৰিছে মনত তগৰ চম্পা বেলি চামেলি যুঁই (যুতি)
মধুপ্ দেখি সিহঁতৰ শাখা নিজেই গৈছিল দোঁই
হাঁহিছিলা তুমি জোকাৰি ডাল
গোলাপ হই ফুলিছিল গাল !
স্থলকমল আঁৰলে’গৈছিল তপ্ত সেই গাল ছুই!
বকুল শাখা ব্যাকুল হৈছিল টলমলাইছিল ভূঁই!
(৬)
চ’তৰ নিশা গাইছিল গজল বুলবুলিৰ বৰ
দুপুৰ বেলা চোতালত বিনাইছিল পাৰ!
ভুঁই-তাৰকা সুন্দৰী
সজিনা ফুলৰ দল সৰি
থোপা-থোপে লাজ সৰাইছিল দোলন-খোপাৰ ওপৰ
কোবাল হাৱাত বাজিছিল উদাস মাছৰোকাৰ স্বৰ!
(৭)
পিয়াল বনত পলাশ ফুলৰ গিলাচ ভৰা মধু
পথাৰ বধুৰ সাৱটি ডিঙি সাওঁতালীয়াৰ বধু
দেখিছিলা তুমি সেয়া লুকাই,
ক’ব খোজো মই তেনেকই !
খোপাত দিছিলোঁ চম্পা গুজি, মৌ দিছিলোঁ ওঁঠত!
হিজল শাখাত মাতিছিল পখি ‘বৌ কাকা ক’ত!’
(৮)
মাতিছিল ডাউক চাকৈ-চকোৱা, নাচিছিল ভৰা পিটনি,
যোৰ ভ্ৰূ যেন উৰে আকাশত গংগা-চিলনী!
হঠাৎ পানীত থ’লে ভৰি
কজলা পুখুৰীৰ গা শিয়ঁৰি
কাঁটা দি উঠিছিল মৃণাল ফুলিছিল কমল-জলাহ
বহল চকুত লাগিছিল তোমাৰ সাগৰ-দিঘীৰ নীলা!
(৯)
উদাস দুপৰ কেতিয়া গৈছে, এতিয়া আবেলি যায়,
নিদ্ৰা আচ্ছন্ন নিদ্রিত নদীৰ ঘুগুৰা পিন্ধা পায় !
শংখ বাজে মন্দিৰে
বন ব্যাপী সন্ধ্যা নামে
জাঁউৰ শাখাত ভিজা আন্ধাৰ কোনে ধুনিছে, হায় !
প্ৰান্তৰৰ বাঁহী মন উদাসী ভীমপলাচীৰ গা-য় !
(১০)
মুকুল আজি বাউল হ’ল, আমি দূৰতে
আম-মুকুলৰ গোঁজ-কাঠি গোঁজানে খোপাতে?
ডাবৰ শীতল পানীৰে
মুখ মাজা জানো প্রিয়ে
প্রজাপতিৰ ডেউকা-সৰা সোণৰ পাগুৰিতে
ভঙা ভ্রূ দিয়া জানো যোৰা ৰাতুল শোভাবলে’?
(১১)
আম-মুকুল সৰি আজি লাগিছে থোপা-থোপে আম,
ৰসৰ পীড়াত ভৰপূৰ-বুকু সৰিছে গোলাপ জাম ।
কৰ্দৈ ৰঙা হ’ল আকৌ
পীড়ন পাবলে’ মুখৰ সৌ
স্মৰণ কৰি খুঁতৰি তোমাৰ, বুকুৰ তোমাৰ ধাম
জামৰুলৰ ৰস ফাটি পৰে, হায়, কোনে দিব তাৰ দাম !
(১২)
কৰিছিলোঁ চাৱনি চয়ন নয়নৰ পৰা তোৰ,
ভাবিছিলোঁ গাঁথিম মালা—নাপাও খুজি ডোঁৰ !
সেই চাৱনি নীলা-কমল
ভৰিল মোৰ মানস-জল
কমল-কাঁইটৰ ঘা লাগিছে মৰ্ম-মূলে মোৰ !
বুকুত মোৰ দুলে আঁখিৰ সাতসৰী-হাৰ চকুলোৰ !
(১৩)
তৰী মোৰ কোন কিনাৰাত নাপাওঁ খুজি কূল, স্ম
ৰণ-পাৰৰ গন্ধ পঠায় কমলা নেমুৰ ফুল !
পাহাতলীৰ শালবনত
বিষৰ দৰে নীলা ঘনীভূত
সন্ধ্যা নামিছে সৌ দ্বিতীয়াৰ-জোন ইহুদি-দোল!
আই ঐ, মোৰ ভিন্ গাঁৱত আজি পথ হৈছে ভুল !
(১৪)
ক’ত তুমি ক’ত মই চ’তত দেখা সেই
কান্দি উভতি যায় যে চ’ত–তোমাৰ দেখা নাই !
কণ্ঠত কান্দে এটি স্বৰ-
ক’ত তুমি বান্ধিলা ঘৰ ?
তেনেকৈ জানো জাগিছা ৰাতি মোৰ আশাতেই?
বুটলি পোৱাৰ বেলাত খুজোঁ হেৰাই যোৱা লয় !
(১৫)
পাৰাপাৰৰ ঘাটত প্ৰিয়া থাকোঁ বান্ধি নাও,
এই তৰীতে হয়তো তোমাৰ পৰিব ৰঙা পাও !
আকৌ তোমাৰ সুখ-পৰশত
আকুল দোলা লাগিব নাওত,
একে তীত যাব দুজন পুনৰ নেহেৰুৱা গাঁও,
পাৰাপাৰৰ ঘাটত প্ৰিয়া থাকোঁ বান্ধি নাও । * (ছায়ানট)
শৰ বিদ্ধ পখী
হে’ৰৌ নীড়-হাৰা, কচি বুকুত শৰ-বিদ্ধ পখী !
কেনেকৈ ক’ত তোক ৰাখোঁ আবুৰ কৰি?
ক’তনো তোৰ ক’ত ব্যথা বাজে?
চকু-পানীত অন্ধ আঁখি, একোৱে নমনো যে !
হে’ৰৌ মাণিক ! এই অভিমান মোক জানো সাজে–
তোৰ জুৰাও ব্যথা মোৰ ভঙা বক্ষপুটত ঢাকি
কেনেকৈ ক’ত তোক ৰাখো আবুৰ কৰি?
বুকুত বিন্ধে বিহ মিহলি শৰ,
পথ পাহৰা হে’ৰৌ ! লুটিখাই পৰিলি এয়া কাৰ বুকুৰ ওপৰ ?
কোনে চিনালে পথ তোক হায় এই দুঃখিনীৰ ঘৰে ?
তোৰ ব্যথাৰ শান্তি লুকাই আছে মোৰ ঘৰত নেকি ?
হে’ৰৌ মোৰ কোমল-বকুত-কাঁইট-বিদ্ধ পখী !
কেনেকৈ ক’ত তোক ৰাখো আবুৰ কৰি?
ডাকিছে গগন, বলিছে হাৱা, কঁপিছে কুটীৰ মোৰ !
ঝঞ্জা হাৱাত নুমাইছে চাকি, ভাঙিছে মোৰ দ্বাৰ,
দোলে দুঃখ-ৰাতিৰ অসীম ৰোদন বুকুত ৰৈ ৰৈ
হেৰৌ মোৰ কোমল বুকুত-কাঁইট-বিদ্ধ পখী
এনুৱা দিনত ক’ত তোক ৰাখো আবুৰ কৰি?
মৰণ যে বাপ স্মৰণ কৰে তাৰে
মা মা মাতি যি থিয় হয় এই শক্তিহীনাৰ দ্বাৰে!
মাণিক মই পাই মাথোঁ হেৰাও বাবে বাৰে,
হে’ৰৌ সেয়েতো ভয়ত বুকু কঁপে কেতিয়া দিবি ফাঁকি !
হেৰৌ হাৰামণি ! হে’ৰৌ মোৰ পখী !
কেনেকৈ ক’ত তোক ৰাখো আবুৰ কৰি?
হেৰুৱাই পোৱা হে’ৰৌ মোৰ মাণিক !
দেখিয়ে তোক চিনিছোঁ, আয় বুকুত ধৰোঁ ক্ষণিক !
বাণবিদ্ধ বুকু দেখি তোক কোলাত কেৱে নিনিয়ক,
হে’ৰৌ হেৰুৱাৰ ভয়ত পেলাব পাৰে চিৰদিনৰ মাকে নেকি?
হে’ৰৌ মোৰ কোমল বুকুত কাঁইটবিদ্ধ পখী
কেনেকৈ ক’ত তোক ৰাখো আবুৰ কৰি ?
এয়াযে তোৰ চিৰ চিনাকি স্নেহ
তইতো মোৰ নোহোৱা অতিথি অতীত কালৰ কেৱ,
বাৰে বাৰে নাম হেৰুৱাই আহিছ এই গৃহ !
এই মাকৰ বুকুত থাক সোণ তোৰ যতদিন আছে বাকী !
প্ৰাণৰ আঁৰ কৰিব পাৰে সৃজন দিনৰ মাকে নেকি ?
হেৰাই যোৱা? হে’ৰৌ পগলা, সেয়াতো চকুৰ ফাঁকি !! * (ছায়ানট)
পলাতকা
কোন সুদূৰৰ চিনা বাঁহীৰ মাত শুনিছা হে’ৰৌ চাকৈ ?
হে’ৰৌ মোৰ পলাতকা
তোৰ পৰিল মনত কোন ঘৰহাৰা,
সপোন পাৰৰ কোন অলকা ?
হে’ৰৌ মোৰ পলাতকা !
তোৰ পানী উথলিছে চপল চকুত
কোৱা কোন হাৰা মাকে মাতিলে তোক হে’ৰৌ
সৌ গগন সীমাত সন্ধ্যাৰ ছায়াত
হাত বাউলি মাতে নিবিড় মায়াত…..
উতলা পগলা । চিনা জানো তই চিনা জানো তাকে হে’ৰৌ?
যেন বুকু ভৰা সৌ গভীৰ স্নেহত মাতি মাতি যায়, ‘আয়,
হে’ৰৌ আয় আয় আয়,
কোলাত আয় মোৰ দুষ্ট বোপা !
হে’ৰৌ মোৰ পলাতকা ! ‘
দক্ষিণা হাৱাত বনৰ কম্পনে–
দুলাল মোৰ ! হাতৰ ঠাৰে মাকে জানো তোকে
মাতি আছে আজি?
অতদিনে চিনিলি পৰ আৰু আপোন নেকি !
নিশা-ভোৰেই মোৰ ঘৰত সেয়ে নামিল সন্ধ্যা নেকি !
ধানৰ শীহত, শ্যামাৰ শিষত
যদুমণি ! কোৱা সেয়া কেনেকে’হে’ৰৌ,
তই শিয়ঁৰি উঠি চিঙিলি বান্ধোন !
চকু ভৰা তোৰ উথলে কান্দোন হে’ৰৌ
তোক কোনে খুৱালে সেউজ-স্নেহৰ কেঁচা বিহ হে’ৰৌ !
যেন হঠাৎ কোন শশক-শিশু চমকি মাতে হায়,
‘হে’ৰৌ আয় আয় আয়-
আয় হে’ৰৌ বোপা আয়,
বনলে’ ফিৰি আয় বনৰ সখা !
হে’ৰৌ চপল পলাতকা !! * (ছায়ানট)
চিৰশিশু
নাম-হীন তই অবুজ শিশু আহিলি অচিন দেশ চেৰাই
কোন নামৰ আজি পিন্ধিলি কংকণ, বান্ধোন-হাৰাৰ কোন কাৰা ই ! !
আকৌ কৰি মনঃপুত
কোন নামে কোৱা মাতিম তোক
পথ-পাহৰা তই আহিছ ঘৰত
আছিলি হেৰৌ আহিলি হে’ৰৌ
বাৰে বাৰে নাম হেৰুৱাই ! !
হে’ৰৌ সোণ, হে’ৰৌ মাণিক আন্ধাৰ ঘৰৰ ৰতন-মণি !
ক্ষুধিত ঘৰ ভৰালি আনি সৰু হাতৰ সামান্য ননী !
আজি যে মাথোঁ নিবিড় সুখত
কান্দোন সাগৰ উথলে বুকুত
মাতিবলে’ তোকে নতুন নামত
হে’ৰৌ সেয়া কোনে কণ্ঠ ৰোধে
উঠিছে কিয় মন ভৰি ই !
অস্তৰ পৰা আহিলি পথিক উদয়ৰ ফালে ভৰি বঢ়াই !! * (ছায়ানট)
বিদায়-বেলাত
তুমি এনেকৈ হে’ৰৌ বাৰে বাৰে লোতক ভৰা চকুত নাচাবা,
লোতক ভৰা চকুত নাচাবা ।
সৌ কাতৰ কণ্ঠে ৰ’ই ৰ’ই মাথো বিদায়ৰ গান নাগাবা
মাথোঁ বিদায়ৰ গান নাগাবা ! !
হাঁহি দি লুকালা তোমাৰ চিৰ জীৱনৰ বেদনা,
আজিও তেন্তে মাথোঁ হাঁহি যোৱা, আজি বিদায়ৰ দিনত নাকান্দিবা ।
সৌ ব্যথাতুৰ আঁখি কান্দো কান্দো মুখ
চাওঁ আৰু মাথোঁ হু হু কৰে বুক !
যাব লগা তোমাৰ বাকীখিনি পথ
পথিক ! হে’ৰৌ সুদূৰ পথৰ পথিক !
হায় এনেকৈ অকৰুণ গীতত আঁখিৰ সলিলে নভৰিবা
হে’ৰৌ আঁখিৰ সলিলে নভৰিবা ! !
দূৰৰ পথিক! তুমি ভাবা জানো
তোমাৰ ব্যথা কোনেও নুবুজে
তোমাৰ ব্যথাৰ তুমিয়ে দদী অকলে,
বাট চলে যি পথ-হাৰা
কোন গৃহবাসী তাক নিবিচাৰে
কোনোবা বুকুত ক্ষত হৈ জাগে আজিও সেই ব্যথা-লেখা নেকি?
দূৰ বাউলৰ গীতে ব্যথা হানে নেকি মাথোঁ ধূ-ধূ পথাৰে পথিকক
এয়া যে মিছা অভিমানী পৰদেশী! দেখিলে গৃহবাসীৰ ক্ষতি কি?
তথাপি জানা জানো তোমাৰ বিদায় বাণীত
কত বুকু ভাঙে ব্যথাত
আজি কতবোৰ প্ৰাণ কান্দিছে ক’ত
পথিক! হে’ৰৌ অভিমানী দূৰ পথিক!
কেও ভাল নাপালে ভাবি যেন আজিও
মিছা ব্যথা পাই নাযাবা
হে’ৰৌ যোৱা যদি যোৱা, তুমি বুকুত ব্যথালৈ নাযাবা। * (ছায়ানট)
দূৰৰ বন্ধু
বন্ধু মোৰ ! ৰই ৰ’ই কোন সুদূৰৰ নিজান-পুৰে
মাতি যোৱা ব্যথাৰ সুৰে ?
মোৰ বহু দুখৰ পথৰ নীড় বাৰে বাৰে ঝঞ্জাত উৰে
গৃহ-হীন সেয়ে ঘূৰি ফুৰে!!
তোমাৰ বাঁহীৰ উদাস ৰোদন
শিথিল কৰে সকলো বান্ধোন
কাম হ’ল সেয়ে পথিক-সাধন–
খুজি-ফুৰা পথ-বধূকে
ঘূৰি ঘূৰি দূৰে দূৰে !!
হে’ৰা মোৰ প্ৰিয় ! তোমাৰ বুকুত ইমানখিনিতেই হিংসা জাগে,
সেয়েতো বাটত নহয় ৰোৱা—- তোমাৰ ব্যথা বুকুত বাজে !
বান্ধোতে নীড় পথৰ কাষে
তোমাৰ চকুত কান্দোন আহে,
উত্তৰীয়া হাৱাত ভিজা ঘাঁহে
শ্বাস উঠে আৰু লোতক সৰে
বন্ধু তোমাৰ সুৰে সুৰে !! * (ছায়ানট)
সান্ধ্যতৰা
ওৰণি-টনা কাৰ ঘৰৰ বধু তুমি ভাই সন্ধ্যা-তৰা ?
তোমাৰ চকুৰ দৃষ্টিত জাগে হেৰুৱা কোন মুখৰ কায়া ! !
সান্ধ্য প্রদীপ আঁচল টানি
বধূৰ পথত চাইছিল জুমি
চাৱনি কাৰ উঠিছে কঁপি
দিনৌ সন্ধ্যা ভাই এনুৱা ধাৰা !!
কাৰ হেৰুৱা বধূ তুমি অস্তপথত মৌন মুখত
ঘনোৱা সন্ধ্যা ঘৰৰ মায়া গৃহহীনৰ শূন্য বুকুত !
এই যে নিতৌ অহা-যোৱা,
এনুৱা কৰুণ মলিন চোৱা,
কাৰ বাবে হায় আকাশ-বধূ
তুমি কি আজি প্ৰিয়-হাৰা !! * (ছায়ানট)
ব্যথা-নিশীথ
এই নীৰৱ নিশীথ যামে
মাথোঁ লোতক বাগৰে আঁখি-পাতে !
কিয় কি কথা স্মৰণে ৰাজে ?
বুকুত কাৰ হতাদৰ বাজে ?
কোন ক্রন্দন হিয়া-মাজে
উঠে গুমৰি ব্যৰ্থতাতে
আৰু লোতক বাগৰে আঁখি-পাতে!!
মোৰ ব্যর্থ জীৱন বেদনা
এই নিশীথে লুকোৱাব নোৱাৰি !
সেয়ে গোপনে অকলে শয়নে
মাথোঁ নয়নে উথলে বাৰি ৷
আছিল সিদিনাও এনুৱা নিশা
বুকুত জাগিছিল তৃষা,
তাৰে ব্যর্থ নিশ্বাস মিহলি
সৌ শিথিল শেৱালিতে
আৰু পূৰৱীৰ বেদনাতে। * (ছায়ানট)
আশা
হয়তো তোমাক পাম দেখা,
য’ত সৌ নত আকাশে চুমিছে বনৰ সেউজ ৰেখা!!
সৌ সুদূৰৰ গাঁৱৰ পথাৰত
আলি-পথত বিজন ঘাটত
হয়তো আহি মিচিকিয়াই হাঁহি
ধৰিবা মোক অকলে হাতত !!
সৌ নীলাৰ সৌ গহন পাৰত ওৰণি-হীনা তোমাৰ চাৱনিত,
আনিলে খবৰ গোপন দূতী দিগন্ত পাৰৰ সৌ দক্ষিণা হাৱাত !!
বনৰ ফাঁকত দুষ্ট তুমি
লাহেকৈ যাবা নয়ন চুমি
সেই কথাকে লেখিছে তাতে
দিগ্বলয়ৰ অৰুণ-লেখা !! * (ছায়ানট)
আপোন-পিয়াসী
মোৰ আপোনাতকৈ আপোন যিজন
খুজোঁ তাক মই আপোনাত ।
মই শুনো যেন তাৰ চৰণ ধ্বনি
মোৰে পিয়াসী বাসনাত !!
মোৰে মনৰ তৃষিত আকাশত
কান্দে সেই চাতক আকুল পিয়াহত,
কেতিয়া সেই চাকৈ সুধা-চোৰ আহে
নিশীথ সপোন জোনাকত !!
মোৰ মনৰ পিয়াল তমালত নিহাৰি তাৰে স্নেহ-মেঘ-শ্যাম,
অশনি আলোক নিহাৰি তাৰে থিৰ-বিজুলি অভিৰাম ৷
মোৰে ৰচিত কাননত বহি
পিন্ধোৱাও প্ৰিয়াক মালিকা ৰচি
সেই মালা হঠাৎ দেখোঁ জাগি
দোলে হায় নিজৰে ডিঙিত !! * (ছায়ানট)
অকৰ্মাৰ গান
সৌ ঘাঁহৰ ফুলত মটৰ-মাহৰ খেতিত
মোৰ এই মন-মৌমাখি ভাই হৈ উঠিছে আজি মত্ত ! !
ৰ’দ-সুৱাগী পুহ-প্রাতেঃ
অথিৰ প্ৰজাপতিৰ স’তে
ফুৰোঁ মুকুলৰ পাতে পাতে
পুষ্পিত মৌ খেতিতে।
আজি বাওধানৰ বিদায় কান্দোন শুনো পথাৰ ৰেতিত !!
আজি কঁহুৱা-বনে কোনে উশাহ লৈ যায় মৰা নদীৰ কূলত,
তাইৰ হালধীয়া আঁচল ফুৰোঁতে মেৰিয়ায় ৰহৰ-ফুলত!
কোঁটকুৰা ফুলত নাক-ফুলি তাৰ
গাত শাড়ী নীলা অপৰাজিতাৰ
গৈছে সেই অচিনাকীৰ
উদাস পৰশ আশাত ! !
মোক মাতিছে তাই চকু-ঠাৰত যাওঁতে বাটত !!
সৌ ঘাঁহৰ ফুলত মটৰ-মাহৰ খেতিত
মোৰ এই মন-মৌমাখি ভাই হৈ উঠিছে সেয়ে মত্ত !! * (ছায়ানট)
কাণ্ডাৰী হুঁচিয়াৰ
কোৰাচ
(১)
দুর্গম গিৰি, কান্তাৰ-মৰু, দুস্তৰ পাৰাবাৰ
লংঘিব লাগিব ৰাতি নিশীথে, যাত্ৰীহঁত হুঁচিয়াৰ !
দুলি আছে তী, উফন্দিছে পানী, পাহৰিছে মাজী পথ,
চিঙিছে পাল, কোনে ধৰিব হালি, আছে কাৰ হিম্মত ?
কোন আছা জোৱান হোৱা আগুৱান হুংকাৰিছে ভৱিষ্যত ৷
এই তুফান ভাৰি, দিব লাগিব পাৰি, নিব লাগিব তৰী পাৰ !!
(২)
তিমিৰ ৰাত্রি, মাতৃমন্ত্ৰী চন্তৰীহঁত সাৱধান !
যুগ-যুগান্তৰ সঞ্চিত ব্যথা ঘোষিছে অভিযান ।
ফেনাই উঠে বঞ্চিত বুকে পূঞ্জীভূত অভিমান,
এওঁলোকক পথত নিব লাগিব লগত, দিব লাগিব অধিকাৰ ! !
(৩)
অসহায় জাতি মৰিছে ডুবি, নাজানে সন্তৰণ,
কাণ্ডাৰী ! আজি দেখিম তোমাৰ মুক্তিপণ!
‘হিন্দু নহয় সিহঁত মুছলিম’ সেয়া সোধে কোনজন ?
কাণ্ডাৰী! কোৱা ডুবিছে মানুহ, সন্তান মোৰ মাকৰ
(8)
গিৰি-সংকট, ভীৰু যাত্ৰীহঁত, গুৰু বাজ গৰজে
পশ্চাৎপদ যাত্ৰীৰ মনত সন্দেহ আজি জাগে
কাণ্ডাৰী! তুমি পাহৰিবা নেকি পথ? ত্যজিবা নেকি পথ-মাজে ?
কৰে হানাহানি, তথাপিও ব’লা টানি, লৈছা যে মহাভাৰ !
(৫)
কাণ্ডাৰী ! তৱ সন্মুখত সৌ পলাচীৰ প্ৰান্তৰ,
বাঙালীৰ খুনে ৰঙা হ’ল তাত ক্লাইভৰ খঞ্জৰ!
সৌ গংগাত ডুবিছে হায়, ভাৰতৰ দিবাকৰ!
উদিব সেই ৰবি আমাৰ খুনে ৰঙা হৈ পুনৰ্বাৰ!
(৬)
ফাঁচিৰ মঞ্চত গাই গ’ল যিসকলে জীৱনৰ গান,
আহি অলক্ষ্যে থিয় দিছে সিহঁত, দিব কোনে বলিদান?
আজি পৰীক্ষা জাতিৰ অথবা জাতিক কৰিব ত্ৰাণ ?
দোলি আছে তী, উফন্দিছে জল, কাণ্ডাৰী হুঁচিয়াৰ ! * (সৰ্বহাৰা)
ছাত্রদলৰ গান
আমি শক্তি আমি বল
আমি ছাত্রদল ৷
আমাৰ ভৰিৰ তলত মূৰ্চ্ছা যায় তুফান
উর্দ্ধে বিমান ঝঞ্জা বাদল
আমি ছাত্রদল !!
আমাৰ আন্ধাৰ ৰাতি বাধাৰ পথত
যাত্রা খালী পাওত,
আমি কঠিন মাটি তেজত ৰঙাও
ভীষণ গতিৰ ঘাত !
যুগে যুগে তেজত আমাৰ
সিক্ত হ’ল পৃথ্বীতল
আমি ছাত্রদল !!
আমাৰ কক্ষচ্যুত ধুমকেতু প্রায়
লক্ষ্যহীন প্রাণ,
আমাৰ ভাগ্যদেৱীৰ যজ্ঞবেদীৰ
নিত্য বলিদান ৷
যেই লক্ষ্মীদেৱী স্বৰ্গত উঠে
আমি পৌছাও নীলা অতল !
আমি ছাত্রদল !!
সৱেই যেতিয়া বুদ্ধি যোগায়
আমি কৰোঁ ভুল !
সাৱধানীহঁতে বান্ধ বান্ধে সৱ
আমি ভাঙো কূল !
দাৰুণ নিশা আমি তৰুণ
তেজেৰে কৰোঁ পথ পিছল !
আমি ছাত্রদল !!
আমাৰ চকুত জ্বলে জ্ঞানৰ শলিতা
বুকুত ভৰা বাক্,
কণ্ঠত আমাৰ কুণ্ঠাবিহীন
নিত্যকালৰ ডাক ৷
আমি কেঁচা খুনে ৰঙা কৰিছোঁ
সৰস্বতীৰ শ্বেত কমল ।
আমি ছাত্রদল !!
সৌ দাৰুণ উপপ্লৱৰ দিনত
আমি দান কৰোঁ শিৰ
আমাৰ মাজত মুক্তি কান্দে
বিংশ শতাব্দীৰ !
আমি গৌৰবেৰী কান্দোন দি
ভৰিছোঁ মা’ৰ সেউজ আঁচল !
আমি ছাত্রদল !!
আমি ৰচোঁ ভালপোৱাৰ
আশাৰ ভৱিষ্যত,
আমাক স্বৰ্গ-পথৰ আভাস দেখুৱায়
আকাশ ছায়াপথ !
আমাৰ চকুত বিশ্ববাসীৰ
সপোন দেখা হওঁক সফল।
আমি ছাত্রদল !! * ( সৰ্বহাৰা )
আই (বিৰজাসুন্দৰী)ৰ শ্ৰীচৰণাৰবিন্দে
সৰ্বসহা সৰ্বহাৰা জননী আমাৰ !
তুমি কোনোদিন কাৰো কৰা নাই বিচাৰ,
কাকো দিয়া নাই দোষ!ব্যথা-বাৰিধিৰ
কূলত বহি কন্দা মৌনা কন্যা ধৰণীৰ
অকলশৰীয়া ! যেন কোনো পথ পাহৰি অহা
ভিন্ গাঁৱৰ ভীৰু কন্যা ! মাথোন জিজ্ঞাসা
কই আছা নিজক, ‘এয়া মই ক’ত হায় ?’ দূ
ৰণিৰপৰা তাৰকাই মাতে, ‘আয় আয়’!
তুমি যেন সিহঁতৰ পলাতকা ছোৱালী
পাহৰি আহিছা ইয়াত ছায়া-পথ চুঁচৰি!
বিধি আৰু অবিধি মিলি মাৰিছে তুমা –
মা মোৰ–কত যে ! চকু-মুখত তুমা
তথাপি যেন মাথোঁ এক ব্যথিত জিঞ্জাসা
কিয় মাৰে? ইহঁত কোন ! ক’ৰ পৰা অহা
এই দুখ ব্যথা শোক?— ইহঁততো তোমাৰ
নহয় পৰিচিত মা, কন্যা অলকাৰ ! সে
য়ে সৱ সহি যোৱা নিৰ্বাক নিশ্চুপ
ধূপক পোৰে অগ্নি— নাজানে সেয়া ধূপ !…
দূৰ-দূৰান্তৰৰ পৰা আহে ল’ৰা-ছোৱালী
পাহৰি যায় খেলা সিহঁতে তৱ মুখ নিহাৰি!
কয়, ‘তুমি মা হ’বা আমাৰ ?’কি যেন ভাবি !
তুমি বুকুত চেপি ধৰা, চকু উঠে তিতি
জননীৰ কৰুণাত ! ভাব হয় যেন
সৱকে চিনা তুমি সৱৰে চিনাকী !
তোমাৰে দেশৰ যেন ইহঁত ঘৰ-এৰা
ফুৰিবলে’ আহিছে এই ধৰণীৰ পাৰা
প্ৰৱাসী শিশুৰ দল ! যাব সিহঁত গুচি
ডিঙিত সাৱটি দুটা কথা — মা মোৰ বুলি !’…
হয়তো পাহৰিছা মা, কোনোবা এদিন
এনেকৈ গৈছিল বাটত মৰু-বেদুইন-
শিশু এক আহিছিল, শান্ত কণ্ঠত তাৰ
কৈছিল ডিঙিত সাৱটি ‘মা হ’বানে মোৰ ?
হয়তো আহিছিল, যদি পৰে মনত,
অথবা সি অহা নাই—নাহিল স্মৰণত
যি দুৰন্ত গৈছে গুচি নাহিব পুনৰ্বাৰ,
হয়তো তোমাৰ বুকুত গোৰস্থান তাৰ
জাগি আছে আজিও মৌন, অথবা সি নাই !
এনেকৈতো কত পাও–কত তাক হেৰাও ।….
সৰ্বসহা কন্যা মোৰ! সৰ্বহাৰা মাতা !
শূন্য কভূ নাথাকে মাতা আৰু বিধাতা!
শূন্য বুকুত আজি ফিৰিছে যিহঁত তুমা—
হয়তো সিহঁতৰে স্মৃতি এই সৰ্বহাৰা ! * (সৰ্বহাৰা)
সৰ্বহাৰা
(১)
ব্যথাৰ সাঁতোৰ পানী-ঘেৰা
চোৰাবালিৰ চৰ,
হে’ৰৌ বলিয়া ! কোনে বান্ধিছা
, সেই চৰত তোৰ ঘৰ ?
শূন্যত তড়িৎ দিয়ে ইচাৰা
হাট তুলি দি সৰ্বহাৰা,
মেঘ-জননীৰ অশ্রুধাৰা
সৰিছে মূৰৰ ওপৰ
থিয় দি দূৰত মাতিছে মাটি
জোকাৰি তৰু-কৰ।
(৩)
কন্যাহঁতে তোৰ বন্যাধাৰাত
কান্দিছে উতলা,
মাতি আছে সিহঁতক আজি
সাগৰ মাকৰ কোলা !
নাওৰ মাজী! নাওৰ মাজী
পাল তুলি দে তই আজি
তুৰংগ সৌ তুফান-তেজী
তৰংগত খায় দোল !
নাওৰ মাজী! আৰু কিয় ভাই?
মায়াৰ লঙ্গৰ তোল্ !
(৩)
ভাঙোন-ভৰা চোতালত তোৰ
যায় হে’ৰা বেলি যায় ।
মাজী হে’ৰা ! চোৱা কুৰংগ তোৰ
কূলৰ ফালে চায় ।
যায় গুচি সৌ লগৰ লগৰী,
ঘনায় গহন শাওণ ৰাতি,
মাদুৰ ভৰা ৰোদন পাৰি
নুঘুমাবি আৰু, হায় !
সৌ ৰোদনৰ বান্ধোন চিঙা
ইমানেই নে হে’ৰা দায় ?
(8)
হীৰা-মাণিক খোজা নাই তই
খোজা নাই সাত ক্রোড়
এটি ক্ষুদ্র মৃৎপাত্র—
ভৰা অভাৱ তোৰ,
খুজিলি হে’ৰা ঘুমটি শান্তি-হৰা
এটি ছিন্ন মাদুৰ ভৰা,
এটি প্রদীপ আলোক-কৰা
সামান্য কুটীৰ দ্বাৰ!
আহিল মৃত্যু, আহিল জৰা,
আহিল সিন্দি-চোৰ !
(৫)
মাজী হে’ৰা তোৰ নাও ভহোৱাই
মাটিৰ বুকুত চল্ !
শক্ত মাটিৰ আঘাতে হওঁক
ৰক্ত পদতল !
প্রলয় পথিক যাবি ফিৰি
গৰজিছে বাদল ঘেৰি
নাচিছে সিন্ধুজল
ব’লা হে’ৰা পানীৰ যাত্ৰী এইবাৰ
মাটিৰ বুকুত চল ! * (সৰ্বহাৰা)
সাম্যবাদী
গাওঁ সাম্যৰ গান—
য’ত আহি একাকাৰ হৈছে সৱ বাধা-ব্যৱধান
য’ত মিলিছে হিন্দু-বৌদ্ধ-মুছলিম-ক্রীশ্চান
গাওঁ সাম্যৰ গান—
কোন তুমি?—পাৰ্চী? জৈন? ইহুদি ? চাওঁতাল, ভীল, গাৰো ?
কনফুচিয়াচ? চার্বাক-চেলা? কই যোৱা, কোৱা আৰু !
বন্ধু, যোৱা খুচি হোৱা,
পেটে-পিঠে, কান্ধে-মগজুৱে যি খুচি পুথি আৰু কিতাপ বোৱা,
কোৰাণ-পুৰাণ-বেদ-বেদান্ত-বাইবেল-ত্রিপিটক—
জেন্দাবেস্তা-গ্রন্থচাহেব পঢ়ি যোৱা যিমান চখ,—
কিন্তু, কিয় এই পণ্ডশ্রম, মগজুত হানিছে শূল?
দোকানৰ কিয় এই দৰাদৰি? ———বাটত ফুলে তাজা ফুল ।
তোমাতে ৰৈ আছে সকলো কিতাপ সকলো কালৰ জ্ঞান,
সকলো শাস্ত্ৰ বিচাৰি পাবা সখা খুলি চোৱা নিজ প্ৰাণ !
তোমাতে ৰৈ আছে সকলো ধৰ্ম, সৰ্ব যুগাৱতাৰ,
তোমাৰ হৃদয় বিশ্ব-দেউল সকলো দেৱতাৰ
কিয় খুজি ফুৰা দেৱতা-ঠাকুৰ মৃত-পুথি-কংকালত
হাঁহিছে তেওঁ অমৃত-হিয়াৰ নিভৃত অন্তৰালত।
বন্ধু, কোৱা নাই ঝুট
ইয়াতে আহি লুটি খাই পৰে সকলো ৰাজমুকুট।
এই হৃদয়ে সেই নীলাচল, কাশী, মথুৰা বৃন্দাবন,
বুদ্ধ-গয়া ই, জেৰুজালেম ই, মদিনা, কাবা-ভৱন,
মছজিদ এয়া, মন্দিৰ এয়া, গীর্জা এই হৃদয়,
ইয়াতে বহি ইছা মুছা পালে সত্যৰ পৰিচয় ।
এই ৰণ-ভূমে বাঁহীৰ কিশোৰ গালে মহা-গীতা,
এই স্থানত হ’ল মেষৰ ৰখোঁতা নবীহঁত খোদাৰ মিতা ৷
এই হৃদয়ৰ ধ্যান-গুহা মাজত বহি শাক্যমুনি
ত্যাজ্যিলে ৰাজ্য মানৱৰ মহা-বেদনাৰ মাত শুনি।
এই কন্দৰত আৰব-দুলাল শুনিছিল আহ্বান
ইয়াতে বহি গালে তেওঁ কোৰাণৰ সাম্য-গান !
মিছা শুনা নাই ভাই,
এই হৃদয়তকৈ ডাঙৰ কোনো মন্দিৰ-কাবা নাই ! (সাম্যবাদী)
ঈশ্বৰ
কোন তুমি খুজিছা জগদীশক আকাশ-পাতাল ব্যাপী ভাই?
কোন তুমি ফুৰিছা বনে-জংগলে, কোন তুমি পাহাৰ চূড়ায় ?
হায় ঋষি-দৰবেশ,
বুকুৰ মাণিকক বুকুত সাৱটি তুমি খোজা তেওঁক দেশ দেশ ৷
সৃষ্টি আছে তোমাৰ ফালে চাই তুমি আছা চকু মুদি,
স্রষ্টাক খোজা–নিজকে তুমি ফুৰিছা খুজি !
ইচ্ছা-অন্ধ ! আঁখি খোলা, চোৱা দৰ্পনত নিজ কায়া,
দেখিবা, তোমাৰে সৱ অৱয়বে পৰিছে তেওঁৰ ছায়া ৷
শিয়ঁৰি নুঠিবা, শাস্ত্ৰবিদক নকৰিবা হে’ৰা বীৰ, ভয়,
সিহঁত খোদাৰ খোদ ‘প্রাইভেট ছেক্ৰেটাৰী’ নহয় !
সকলোৰে মাজত প্ৰকাশ তেওঁৰ, সকলোৰে মাজত তেওঁ !
মোক দেখি মোৰ অ-দেখা জন্মদাতাক চিনোঁ !
ৰত্ন লৈ বেচা-কিনা কৰে বণিক সিন্ধু-তীৰত——
ৰত্নাকৰৰ খবৰ সেই বুলি নুসুধিবা সিহঁতক ভুলত !
ৰত্ন-বণিক সিহঁত,
ৰত্ন চিনি ভাবে ৰত্নাকৰকো চিনে সিহঁত !
ডুবা নাই সিহঁত অতল গভীৰ ৰত্ন-সিন্ধু তলত,
শাস্ত্ৰ চলাথি ডুব দিয়া সখা, সত্য-সিন্ধু-জলত। * (সাম্যবাদী)
মানুহ
গাওঁ সাম্যৰ গান—
মানুহতকৈ ডাঙৰ বন্ধু কোনো নাই, নহয় একো মহীয়ান !
নাই দেশ-কাল-পাত্ৰৰ ভেদ, অ-ভেদ ধৰ্ম জাতি,
সৱ দেশত, সৱ কালত, ঘৰে ঘৰে তেওঁ মানুহৰ জ্ঞাতি!—
‘পূজাৰী দুৱাৰ খোল,
ক্ষুধাৰ ঠাকুৰ থিয় দিছে দুৱাৰত পূজাৰ সময় হ’ল!’
সপোন দেখি আকুল পূজাৰী খুলিলে ভজনালয়,
দেৱতাৰ বৰত আজি ৰজা-টজা হৈ যাব নিশ্চয় !–
জীর্ণ-বস্ত্র শীর্ণ গাত্র, ভোকত কণ্ঠ ক্ষীণ—
মাতিলে পান্থ, ‘দ্বাৰ খোলা বাবা, খোৱা নাই হে’ৰা সাতদিন !’
হঠাৎ বন্ধ হ’ল মন্দিৰ, ভোকাতুৰ উভতি গ’লে,
তিমিৰ নিশা, পথ ব্যাপী তাৰ ক্ষুধাৰ মাণিক জ্বলে ৷
ভোকাতুৰ চিঞৰি কয়,
‘সৌ মন্দিৰ পূজাৰীৰ, হায় দেৱতা তোমাৰ নহয় !
মছজিদত কালি ‘শিন্নি’ আছিল,—প্ৰচুৰ গোস্ত-ৰুটী
ৰৈ গৈছে, মোল্লা চাহাব সেয়ে হাঁহি লোটা-লুটি।
এনুৱা সময়ত আহিল মুছাফিৰ গা’ত আজাৰৰ চিন,
কয়,‘বাবা ভোকে-দুখে আছোঁ আজিলৈ সাতদিন !’
উগ্রভাবে চিঞৰিলে মোল্লা- ভাল হ’ল দেখোঁ লেঠা,
ভোকাতুৰ আছা মৰ গো-ভাগাড়ত গৈ ! নামাজ পঢ়নে বেটা?
ভোকাতুৰে ক’লে- ‘নহয় বাবা’ মোল্লা চিঞৰিলে,- “তেন্তে চালা,
চিধা পথ দেখা!’ গোস্ত ৰুটী লৈ মছজিদত লগালে তলা !
ভোকাতুৰ উভতি যায়,
যাওঁতে যাওঁতে কয়—
আশী বছৰ পাৰ হৈ গ’ল, মাতা নাই তোমাক কভূ,
মোৰ ক্ষুধাৰ অন্ন সেই বুলি বন্ধ কৰা নাই প্ৰভু !
তৱ মছজিদ-মন্দিৰত প্ৰভু নাই মানুহৰ দাবী!
মোল্লা-পুৰোহিতে লগাইছে তাৰ সকলো দুৱাৰত চাবি !”
ক’ত চেঙ্গিচ, গজনী-মামুদ, ক’ত কালাপাহাৰ
49ভাঙি পেলোৱা সৌ ভজনালয়ৰ যত তলা দিয়া দ্বাৰ !
খোদাৰ ঘৰত কোনে কপাট লগায়, কোনে লগায় তাত তলা ?
সকলো দ্বাৰ ইয়াৰ খোলা থাকিব, মাৰ হাতুৰী চিপৰাং চলা !
হায় হে’ৰা ভজনালয়,
তোমাৰ মিনাৰত উঠি ভণ্ড গায় স্বাৰ্থৰ জয় !
মানুহক কৰি ঘৃণা
সিহঁত কোনে কোৰাণ, বেদ, বাইবেল চুমিছে মৰোঁ আহাহা !
সেই মুখৰ পৰা কিতাপ গ্ৰন্থ নিয়া জোৰ কৰি কাঢ়ি
যিসকলে আনিলে গ্রন্থ-কিতাপ সেই মানুহক মাৰি ৷
পূজিছে গ্রন্থ ভণ্ডৰ দল ! মূর্খহঁতে সৱ শুনা,
মানুহে আনিছে গ্রন্থ;, অনা নাই স্রষ্টাই জানা !
আদম দাউদ ঈচা মুছা ইব্রাহীম মোহাম্মদ
কৃষ্ণ বুদ্ধ নানক কবীৰ,– বিশ্বৰ সম্পদ,
আমাৰ এওঁলোক পিতা-পিতামহ, এই আমাৰ মাজতে
তেৰা সৱৰ তেজ কম-বেছি কৰি ৰাজে প্রতি ধমনীতে!
আমি তেৰা সৱৰ সন্তান, জ্ঞাতি, তেৰা সৱৰ দৰে গা’ও,
কোনে জানে কেতিয়াবা আমিও তেনে হৈ যাব পাৰোঁ কেও !
নাহাঁহিবা বন্ধু ! আমাৰ আমি সেয়া কত অতল অসীম,
আমিয়ে কি জানো কোনে জানে, কোন আছে আমাতে মহামহিম !
হয়তো আমাতে আহিছে কল্কি তোমাতে মেহেদী ঈছা,
কোনে জানে কাৰ অন্ত আৰু আদি কোনে পায় কাৰ দিশা?
কাক কৰিছা ঘৃণা তুমি ভাই, কাক মাৰিছা লাথি ?
হয়তো তাৰেই বুকুতে ভগবান জাগিছে দিবা-ৰাতি !
অথবা হয়তো একোৱে নহয় সি, মহান উচ্চ নহয়,
আছে ক্লেদাক্ত ক্ষত-বিক্ষত হৈ দুঃখ দহয়,
তথাপি জগতৰ যত পবিত্র গ্রন্থ ভজনালয়
সৌ এটি ক্ষুদ্ৰ দেহৰ সমান পবিত্ৰ নহয় !
হয়তো তাৰে ঔৰষত ভাই তাৰে কুটীৰ-ঘৰত
জন্মিছে কেও– তুলনা নাই যাৰ ইতিহাসত !
যি বাণী আজিও শুনা জগত, যি মহাশক্তিধৰে
আজিও বিশ্ব দেখা নাই,— হয়তো আহিছে তেওঁ এওঁৰে ঘৰে !
সৌৱা কোন? চণ্ডাল ? চমকিছা কিয়? নহয় ই ঘৃণ্য জীৱ !
সিয়ে হ’ব পাৰে হৰিশ্চন্দ্ৰ, সৌ শ্মশানৰ শিৱ ।
আজি চণ্ডাল, কাইলৈ হ’ব পাৰে মহাযোগী-সম্রাট,
তুমি কাইলৈ তাক অৰ্ঘ্য দানিবা, কৰিবা নান্দী-পাঠ !
গৰখীয়া ভাবি কাক কৰা হেলা, সেই হেলা কাক ৰাজে
হয়তো গোপনে ব্ৰজৰ গোপাল আহিছে গৰখীয়া সাজে !
চহা বুলি কৰা ঘৃণা !
চোৱা চহা-ৰূপে লুকাই জনক বলৰাম আহিল নেকি নাজানা !
যত নবী আছিল মেষৰ ৰখীয়া, তেওঁলোকেও ধৰিলে হাল,
তেওঁলোকেই আনিলে অমৰ বাণী- যি আছে থাকিব চিৰকাল ৷
দ্বাৰত গালি খাই ফিৰি যায় নিতে ভিখাৰিণী-ভিকহু
তাৰ মাজতে কোনদিন আহিল ভোলা-নাথ গিৰিজায়া, সেয়া জানো জানো !
তোমাৰ ভোগৰ ভাগ হ্রাস পাব পাৰে ভিক্ষা-মুঠি দিলে,
দ্বাৰী দি সেয়ে মাৰি তুমি দেৱতাক খেদালে ?
সেই মাৰ থাকিল জমা-
কোনে জানে তোমাক লাঞ্ছিত দেবী কৰিছে নেকি ক্ষমা !
বন্ধু, তোমাৰ বুকু-ভৰা লোভ দুচকুত স্বার্থ-ঠুলী
নহ’লে দেখিলাহেঁতেন, তোমাক সেৱিবলে’ দেৱতা হৈছে কুলি ।
মানুহৰ বুকুত যিখিনি দেৱতা, বেদনা-মথিত-সুধা,
সেয়ে লুটি তুমি খাবা পশু? তুমি তাকে দি মিটাবা ক্ষুধা ?
তোমাৰ ক্ষুধাৰ আহাৰ তোমাৰ মন্দোদৰীয়ে জানে
তোমাৰ মৃত্যুবাণ আছে তৱ প্রাসাদৰ কোন স্থানে !
তোমাৰে কামনা-ৰাণী
যুগে যুগে পশু, পেলাইছে তোমাক মৃত্যু-গহ্বৰত টানি।।* (সাম্যবাদী)
পাপ
গাওঁ সাম্যৰ গান!—-
যত পাপী-তাপী সৱ মোৰ ভনী, সৱ মোৰ ভাই ।
এই পাপ-মুলুকত পাপ কৰা নাই কোন হে’ৰা পুৰুষ-নাৰী ?
আমিতো তুচ্ছ:— পাপ পংকিল পাপীহঁতৰ কাণ্ডাৰী !
তেত্ৰিছ কোটী দেৱতাৰ পাপে স্বৰ্গ সি টলমল,
দেৱতাৰ পাপ-পথ দি প্ৰৱেশে স্বৰ্গত অসুৰ দল!
আদম সৈতে আৰম্ভ কৰি এই নজৰুললৈকে সৱে
কম-বেছি পৰিমাণে পাপৰ ছুৰীৰে পূণ্য কৰিছে জবেহ !
বিশ্ব পাপস্থান—-
অর্ধেক ইয়াৰ ভগবান, আৰু অর্ধেক চয়তান !
ধর্মান্ধহঁত শুনা,
বেলেগৰ পাপ গণাৰ আগতে নিজৰ পাপ গণা !
পাপৰ পংকত পূণ্য-পদ্ম, ফুলে ফলে তাত পাপ !
51সুন্দৰ এই ধৰা ভৰা মাথোঁ বঞ্চনা অভিশাপ ৷
ইহঁতক এৰুৱাব নোৱাৰি যত অৱতাৰ আদি কেও
পূণ্যক দিলে আত্মা আৰু প্ৰাণ, পাপক দিলে গা’ও !
বন্ধু, কোৱা নাই মিছা,
ব্ৰহ্মা, বিষ্ণু শিৱকে ধৰি ক্ৰমে ক্ৰমে নামি আহা—
মানুহৰ কথা এৰি দিয়া, যত ধ্যানী মুনি ঋষি যোগী
আত্মা সিহঁতৰ ত্যাগী তপস্বী, দেহ সিহঁতৰ ভোগী !
এই পৃথিবী পাপশালা,
ধৰ্ম-গাধৰ পিঠিত ইয়াতশূন্য পূণ্য-থৈলা!
ইয়াত সৱে সম-পাপী
নিজৰ পাপৰ তুলাচনী দি বেলেগৰ পাপ মাপি !
জবাবদিহিৰ কিয় ইমান আড়ম্বৰ যদি দেৱতাই হোৱা
টুপী পিন্ধি টিকি ৰাখি সদা কোৱা যেন তুমি পাপী নোহোৱা!
পাপী নোহোৱা যদি কিয় এই ঢং, ট্রেডমার্কাৰ ধুম ?
পুলিচৰ পোচাক পিন্ধি হৈছা পাপৰ আচামী গুম !
বন্ধু, এটি মজাৰ গল্প শুনা,
এবাৰ নিষ্পাপ ফেৰেস্তা সৱে স্বৰ্গ সভাত কোনো
এই আলোচনা কৰি আছিল দুষি বিধি নিয়মক –
দিন-ৰাতি নাই ইমান পূজা কৰোঁ ইমান কৰি তুষ্টো তাক
তথাপি তেওঁ যেন খুচি নহয়—- তেওঁৰ যত স্নেহ দয়া সৰে
পাপ-আসক্ত বোকা আৰু মাটিৰ মানুহ জাতিৰে ওপৰে !
শুনিলে সকলো অন্তর্যামী, হাঁহি সৱকে কয়,
মলিন ধূলিৰ সন্তান সিহঁত খুব দুর্বল হৃদয়,
ফুলে ফুলে তাত ভুলৰ বেদনা–নয়নে অধৰে শাপ,
চন্দনত তাত কামনাৰ জ্বালা, চন্দ্ৰত চুম্বন-তাপ!
তাত কামিনীৰ নয়নত কাজল, শ্রোণিত চন্দ্ৰহাৰ
চৰণত লাক্ষা, ওঁঠত তামোল দেখি মৰি আছে মাৰ !
প্ৰহৰী তাত চোকা চকু লই সুন্দৰ চয়তান,
বুকুৱে বুকুৱে তাত বেঁকা ফুল-ধনু, চকুৱে চকুৱে ফুল-বাণ !
দেৱদূত সৱে কয়, ‘প্ৰভু, আমি দেখিম কেনুৱা ধৰা,
কেনেকৈ তাত ফুল ফুলে যাৰ শিতানত মৃত্যু-জৰা !’
ক’লে বিভু—— তোমালোকৰ মাজত শ্রেষ্ঠ যি দুইজন
যাওঁক পৃথিবলে’ দেখক কি ঘোৰ ধৰণীৰ প্রলোভন!
‘হাৰুত’‘মাৰুত’ ফেৰেস্তাৰ গৌৰৱ ৰবি-শশী
ধৰাৰ ধূলিৰ অংশ হ’ল মানৱৰ গৃহত প্ৰৱেশী।—
কায়ায় কায়ায় মায়া ৰং তাত ছায়ায় ছায়ায় ফান্দ
কমল-পুখুৰীত সাতশ হৈছে এটি আকাশৰ চান্দ !
শব্দ গোন্ধ বর্ণ তাত পাতিছে অৰূপ ফাঁচি,
ঘাটে ঘাটে তাত ঘট-ভৰা হাঁহি, পথাৰে পথাৰে কান্দে বাঁহী !
দুদিনতে আতচী ফেৰেস্তা-প্ৰাণ তিতিল মাটিৰ ৰসে
চফৰী-চকুৰ চঞ্চল চতুৰালি বুকুত দাগ কাটি বহে ।
ঘাগৰি জিলিকি গাগৰী চল্কি নাগৰী জোহৰা যায়
স্বৰ্গৰ দূত মজিল সেই ৰূপত, বেচা গ’ল ৰঙা পায় !
অধৰ বেদানা ৰসত ডুবি গ’ল দোজখৰ অগ্নি-ভীতি
মাটিৰ চুৰাহী দেওয়ানা হ’ল আঙ্গুৰী খুনত তিতি !
ক’লৈ ভাহি গ’ল সংযম বান্ধ ৰাৱণৰ বেৰা টুটি
প্ৰাণ ভৰি পি মাটিৰ মদিৰা ওষ্ঠ-পুষ্প-পাতি!
বেহেস্তত সৱ ফেৰেস্তাৰ বিধাতা কয় হাঁহি-
‘হাৰুত মাৰুত কি কৰিছে চোৱা ধৰণী সৰ্বনাশী!’
নয়না তাত জাদু জানে সখা, এক আঁখি ইচাৰায়
লক্ষ যুগৰ মহা-তপস্যা ক’ৰবাত উৰি যায় ! সুন্দৰ বসুমতী
চিৰযৌৱনা, দেৱতা ইয়াৰ শিৱ নহয়– কাম-ৰতি! * (সাম্যবাদী)
বাৰাঙ্গনা
কোনে তোমাক কয় বাৰাঙ্গনা মা, কোনে দিয়ে গাত থুই?
হয়তো তোমাক খুৱাইছে স্তন্য, সীতা-সম সতী মাই !
নাইবা হ’লে সতী তেও তোমালোক মাতা-ভগ্নীৰে জাতি;
তোমালোকৰ ল’ৰা আমাৰেই দৰে, সিহঁত আমাৰে জ্ঞাতি;
আমাৰেই কোনো বন্ধু স্বজন আত্মীয় বাবা জেঠা
সিহঁতৰ পিতা, সিহঁতৰ মুখত আমাৰে চিহ্ন আঁকা !
আমাৰ দৰে খ্যাতি যশ-মান সিহঁতে লভিব পাৰে,
সিহঁতৰো সাধনা হানা দিব পাৰে সদৰ স্বৰ্গ-দ্বাৰে!—
স্বৰ্গ-বেশ্যা ঘৃতাচী-পুত্ৰ হ’ল মহাবীৰ দ্ৰোণ,
কুমাৰীৰ পুত্ৰ বিশ্ব-পূজ্য কৃষ্ণ দ্বৈপায়ন,
কানীন-পুত্ৰ কৰ্ণ হ’ল দান-বীৰ মহাৰথী,
ৰ্গৰ পৰা পতিতা গংগা শিৱক পালে পতি,
শান্তনু ৰজা নিবেদিলে প্রেম পুনঃ সেই গংগায় —
তেওঁলোকৰে পুত্ৰ অমৰ ভীষ্ম, কৃষ্ণ প্ৰণমে যায় !
মুনি হ’ল শুনোঁ সত্যকাম সি জাজ জবালা-শিশু,
বিস্ময়কৰ জন্ম যাৰ —- মহা প্রেমিক সেই যীশু!-
কোনোৱে নহয় ইয়াত পাপ-পংকিল, কোনোৱে ঘৃণ্য নোহে,
ফুলিছে অযুত বিমল কমল কামনা কালীয়-দহে !
শুনা মানুহৰ বাণী,
জন্মৰ পাছত মানৱ জাতিৰ নাথাকে হে’ৰা কোনো গ্লানি !
পাপ কৰিছে বুলি জানো নাই পূণ্যৰো অধিকাৰ ?
শত পাপ কৰি হোৱা নাই ক্ষুণ্ণ দেৱত্ব দেৱতাৰ !
অহল্যা যদি মুক্তি লভে মা, মেৰী হ’ব পাৰে দেৱী,
তোমোলোকো কিয় নহ’বা পূজ্যা বিমল সত্য সেৱি ?
তুমা সন্তানক জাৰ্জ বুলি কোন গোড়া পাৰে গালি ?
সিহঁতক মই এই দুষাৰ কথা সোধো কৰোঁ খালী-
দেৱতাক জিজ্ঞাসি——
দেড়শতকোটি সন্তান এই বিশ্বৰ অধিবাসী—-
কেইজন পিতা-মাতা ইহঁতৰ হৈ নিষ্কাম ব্ৰতী
পুত্রকন্যা কামনা কৰিছে? কেইজন সৎ-সতী?
কেইজনে কৰিলে তপস্যা ভাই সন্তান-লাভ তৰে ?
কাৰ পাপত কোটি পানী-কেচুৱা সূতিকাগৃহত মৰে ?
মাথোন পশুৰ ক্ষুধা লৈ ইয়াত মিলে নৰনাৰী যত,
সেই কামনাৰ সন্তান আমি! তথাপি গৰ্ব কত !
শুনা ধৰ্মৰ চাঁই—
জাৰজ কামজ সন্তানত দেখোঁ কোনো সেই প্রভেদ নাই!
অসতী মাকৰ সন্তান সি যদি জাজ-পুত্ৰ হয়,
অসৎ পিতাৰ সন্তানো তেন্তে জাজ নিশ্চয়! * (সাম্যবাদী)
নাৰী
সাম্যৰ গান গাওঁ
মোৰ চকুত পুৰুষ-ৰমণী কোনো ভেদাভেদ নাপাওঁ !
বিশ্বৰ যিসমূহ মহান সৃষ্টি চিৰ-কল্যাণকৰ
অর্ধেক তাৰ কৰিছে নাৰী, অর্ধেক তাৰ নৰ
বিশ্বত যিসমূহ আহিল পাপ তাপ বেদনা অশ্রু বাৰি
অর্ধেক তাৰ আনিছে নৰ, অর্ধেক তাৰ নাৰী !
নৰক কুণ্ড বুলি কোনে তোমাক কৰে নাৰী হেয় জ্ঞান ?
তাক কোৱা, আদি পাপ নাৰী নোহে, সি যে নৰ-চয়তান ৷
অথবা পাপ যি চয়তান যি নৰ নহয় নাৰী নহয়,
ক্লীৱ সি, সেয়ে সি নৰ আৰু নাৰীত সমানে মিলি ৰয় !
এই বিশ্বত যত ফুলিছে ফুল, ফলিছে যত ফল,
নাৰী দিলে তাক ৰূপ-ৰস-মধু-গোন্ধ সুনির্মল।
তাজমহলৰ পাথৰ দেখিছা, দেখিছা তাৰ প্ৰাণ ?
অন্তৰত তাৰ মমতাজ নাৰী, বাহিৰত ছাহ-জাহান !
54জ্ঞানৰ লক্ষ্মী, গানৰ লক্ষ্মী, শস্য-লক্ষী নাৰী,
সুষমা-লক্ষ্মী নাৰীয়ে ফুৰিছে ৰূপে ৰূপে সঞ্চাৰি৷
পুৰুষ আনিছে দিৱসৰ জ্বালা তপ্ত ৰৌদ্ৰদাহ,
কামিনী আনিছে যামিনী শান্তি, সমীৰণ, বাৰিবাহ!
দিৱসত দিছে শক্তি-সাহস, নিশীথত হৈছে বধু,
পুৰুষ আহিছে মৰুতৃষা লই,– নাৰী যোগাইছে মধু !
শস্যক্ষেত্ৰ উৰ্বৰ হ’ল, পুৰুষ চলালে হাল,
নাৰী সেই খেতিত শস্য ৰুই কৰিলে সুশ্যামল।
নৰ বায় হাল, নাৰী বয় জল, সেই জল-মাটি মিলি
ফচল হৈ ফুলি উঠিল সোণালী ধানৰ শলি ।
স্বৰ্ণ-ৰৌপ্যভাৰ,
নাৰীৰ অংগ-পৰশ লভি হৈছে অলংকাৰ !
নাৰীৰ বিৰহে, নাৰীৰ মিলনে, নৰ পালে কবি-প্ৰাণ,
যত কথা তাৰ হ’ল কবিতা, শব্দ হ’ল গান ।
,নৰ দিলে ক্ষুধা, নাৰী দিলে সুধা, সুধাই ক্ষুধাই মিলি
জন্ম লভিছে মহামানৱৰ মহাশিশু তিল তিল কৰি!
জগতৰ যত বৰ বৰ জয়, বৰ বৰ অভিযান,
মাতা ভগ্নী আৰু বধূৰ ত্যাগতে হৈছে মহীয়ান।
কোন ৰণত কত খুন দিলে নৰ, লেখা আছে ইতিহাসত,
কত নাৰী দিলে সিঁথিৰ সেন্দুৰ, লেখা নাই তাৰ কাষত !
কত মাতা দিলে হৃদয় উভালি, কত ভনী দিলে সেৱা,
বীৰৰ স্মৃতি-স্তম্ভৰ গাত লেখি ৰাখিছে জানো কোনোবা ?
কোনো কালে অকলে হোৱা নাই হে’ৰা জয়ী পুৰুষৰ তৰবাৰী,
প্ৰেৰণা দিছে, শক্তি দিছে বিজয়-লক্ষ্মী নাৰী !
ৰজা কৰিছে ৰাজ্য শাসন, ৰজাক শাসিছে ৰাণী,
ৰাণীৰ দৰদে ধুই গৈছে ৰাজ্যৰ যত গ্লানি !
পুৰুষ হৃদয়হীন,
মানুহ কৰিবলে’নাৰী দিলে তাক অর্ধেক হৃদয় ঋণ ।
ধৰাত যিসৱৰ যশ নধৰে হে’ৰা অমৰ মহামানৱ,
বছৰি বছৰি যিসকলৰ স্মৰণত পাতোঁ আমি উৎসৱ,
খেয়ালবশতঃ তোসৱক জন্ম দিছে বিলাসী পিতা-
লৱ-কুশক বনত ত্যাজ্যিছে ৰাম, পালন কৰিছে সীতা !
নাৰীয়ে শিকালে শিশু-পুৰুষক স্নেহ প্রেম দয়া-মায়া,
দীপ্ত নয়নত সানিলে কাজল বেদনাৰ ঘন ছায়া ৷
অদ্ভুতৰূপে পুৰুষ কৰিলে সেই ঋণ পৰিশোধ,
বুকুত সাৱটি চুমিলে যিজনে, তাকে কৰিলে অৱৰোধ !
তেওঁ নৰ-দেৱতাৰ —
পিতাৰ আদেশে জননীক যিজনে কাটে হানি কুঠাৰ!
কাষ সলাই শুইছে আজি অৰ্ধনাৰীশ্বৰ-
নাৰী চেপা আছিল অতদিন, আজি চেপা পৰিছে নৰ !
সেই যুগ হৈছে বাহী,
যি যুগত পুৰুষ দাস নাছিল হে’ৰা, নাৰী আছিল দাসী!
বেদনাৰ যুগ, মানুহৰ যুগ, সাম্যৰ যুগ আজি,
কোনো নাথাকিব বন্দী কাৰোৰে, উঠিছে ডংকা বাজি !
নৰ যদি ৰাখে নাৰীক বন্দী, তেন্তে ইয়াৰ পাছৰ যুগত
পুৰুষ মৰিব ভুগি নিজৰে ৰচা সেই কাৰাগাৰত !
যুগৰ ধৰ্ম এয়াই
পীড়ন কৰিলে সেই পীড়া আহি পীড়া দিব তোমাকেই!
শুনা মৰ্ত্যৰ জীৱ!
বেলেগক যত কৰিবা পীড়ন, নিজেই হ’বা তত ক্লীৱ !
স্বৰ্ণ-ৰৌপ্য অংলকাৰৰ যক্ষপুৰীত নাৰী
কৰিলে তোমাক বন্দিনী, কোৱা, কোন সেই অত্যাচাৰী ?
নিজক আজি প্ৰকাশৰ তোমাৰ নাই সেই ব্যাকুলতা,
আজি তুমি ভীৰু অন্তৰালত থাকি নেপথ্যে কোৱা কথা!
চকুত চকু থৈ আজি চাব নোৱাৰা, হাতত চুৰী, ভৰিত নেপূৰ
মূৰত ওৰণি, চিঙি পেলোৱা নাৰী, ভাঙি পেলোৱা সেই জিঞ্জিৰ!
যি ঘোমটাই তোমাক কৰিছে ভীৰু, উৰুৱা সেই আৱৰণ!
আঁতৰাই দিয়া দাসীৰ চিহ্ন, সৌ যত আভৰণ !
ধৰাৰ দুলালী পুত্ৰী !
নুফুৰিবা আৰু গিৰি-গুহা বনে শাখী-স’তে গাই গীতি !
কেতিয়া আহিল ‘প্লুটো’ যমৰাজ নিশীথ পাখিত উৰি,
ধৰি তোমাক ভালে তাৰ আন্ধাৰ বিৱৰ-পুৰী!
সৌ সেই আদিম বন্ধন তুমা, তাহানিৰ পৰা আছা মৰি
মৰণ-পুৰীত, নামিল ধৰাত সিদিনা বিভাৱৰী। ভাঙি
যমপুৰী নাগিনীৰ দৰে আহানা মা পাতাল ফুটি!
এন্ধাৰে তোমাক পথ দেখুৱাব মা তোমাৰে ভগ্ন চুড়ি !
পুৰুষ যমৰ ক্ষুধাৰ কুকুৰ মুক্ত সেই পদাঘাতে
লুটি খাই পৰিব সেই চৰণ-তলে দলিত যমৰ স’তে!
অতদিন মাথোঁ বিলালা অমৃত, আজি প্রয়োজন যদি
যি হাতে পিয়ালা অমৃত সেই হাতে কূট বিহ দি !
সেই দিন সুদূৰ নহয়-
যিদিনা ধৰণী পুৰুষৰ সৈতে গাব নাৰীৰো জয়! * (সাম্যবাদী)
কুলী-মজদুৰ
দেখিলোঁ সিদিনা ৰে’লত
কুলি বুলি এক বাবু চাহাব তাক ঠেলি পেলালে তলত !
চকু ফাটি ওলাল জল,
এনেকৈ জানো জগত ব্যাপী মাৰ খাব দুৰ্বল?
যি দধীচিৰ হাড় দি সৌ বাষ্প-শকট চলে,
বাবু চাহাব আহি উঠিল তাতে, কুলিহঁত পৰিল তলে !
বেতন দিছে? — চুপ্ থাক যত মিছলীয়াৰ জাক !
কত পাই দি কুলিহঁতক তই কত ক্ৰোৰ পালি ক’।
ৰাজ-পথত তুমা চলিছে মটৰ, সাগৰত জাহাজ চলে,
ৰে’লপথে চলে বাষ্প-শকট, দেশ ছানি গ’ল কলে,
কোৱাচোন এইবোৰ কাৰ দান ! তোমাৰ অট্টালিকা
কাৰ খুনে ৰঙা?— ঠিলা খুলি চোৱা, প্ৰতিটো ইটাত আছে লেখা !
তুমি নাজানা হে’ৰা, কিন্তু পথৰ প্ৰতিটো ধূলিকণা জানে,
সৌ পথ, সৌ জাহাজ, শকট, অট্টালিকাৰ মানে !
আহি আছে শুভদিন,
দিনে দিনে বহু বাঢ়িছে দেনা, শোধাব লাগিব ঋণ !
হাতুৰী বটালী গাঁতীয়া চলাই ভাঙিলে যিসৱে পাহাৰ,
পাহাৰ-কটা সেই পথৰ দুকাষে পৰি আছে যিসৱৰ হাড়,
তোমাক সেৱিবলে’হ’ল যিসৱে মজদুৰ, মুটিয়া আৰু কুলী
তোমাক ব’বলে’ যিসৱে পবিত্ৰ অংগত সানিলে ধূলি
সিহঁতে মানুহ, সিহঁতে দেৱতা, গাওঁ সিহঁতৰ গান,
সিহঁতৰ ব্যথিত বুকুতে ভৰি থৈ আহে নৱ উত্থান!
তুমি শুই থাকিবা তেতলাৰ ওপৰ, তলত থাকিম আমি,
অথচ তোমাক দেৱতা বুলিম, সেই ভৰসা মিছা আজি!
সিক্ত যিসৱৰ সমগ্ৰ দেহ-মন মাটিৰ মমতা-ৰসে
এই ধৰণীৰ তৰণিৰ হালি ৰ’ব সিহঁতৰ বশে!
সিহঁতৰে পদ-ধূলি অঞ্জলি কৰি ল’ম মূৰত তুলি,
সকলোৰে লগত পথ চলি যাৰ ভৰিত লাগিছে ধূলি!
আজি নিখিলৰ বেদনা-আর্ত পীড়িত সানি খুন,
ৰঙে ৰঙা হৈ উদিছে নবীন প্রভাতৰ নৱাৰুণ!
আজি হৃদয়ৰ মৰিচা ধৰা যত দুৱাৰ ভাঙি দিয়া,
ৰং কৰা সৌ চামড়াৰ যত আৱৰণ খুলি নিয়া !
আকাশৰ আজি যত বায়ু আছে হৈ জমাট নীল,
মাতলামি কৰি সুমাওক এই বুকুত, খুলি দিয়া যত খিল !
সমস্ত আকাশ ভাঙি পৰক আমাৰ এই ঘৰত
চন্দ্ৰ-সূৰ্য তৰা পৰক সৰি আমাৰ মূৰত!
সৰ্বকালৰ সকলো দেশৰ সকলো মানুহ আহি,
এক মোহনাত থিয় দি শুনা এক মিলনৰ বাঁহী ।
এজনক দিলে ব্যথা
সমান হৈ বাজে সেই বেদনা সৱৰে বুকুত যথা!
এজনৰ অসন্মান
নিখিল মানব-জাতিৰ লাজ— সকলোৰে অপমান!
মহা-মানবৰ মহা-বেদনাৰ আজি মহা-উত্থান,
উর্ধে হাঁহিছে ভগবান, তলত কঁপিছে চয়তান! * (সাম্যবাদী)
ফৰিয়াদ
(১)
এই ধৰণীৰ ধূলি-সনা তযু অসহায় সন্তান
মাগে প্ৰতিকাৰ, উত্তৰ দিয়া আদি-পিতা ভগবান !
মোৰ আঁখিৰ দুখ-দীপ সাৱটি
ফুৰোঁ তোমাৰ সৃষ্টি ব্যাপী,
যত কিছু দেখোঁ বিস্ময়ত মৰোঁ ভৰি উঠে সমগ্ৰ প্ৰাণ !
অত ভাল তুমি? অত ভালপোৱা? অত তুমি মহীয়ান ?
ভগবান ! ভগবান !
(২)
তোমাৰ সৃষ্টি কত সুন্দৰ, কত সি মহৎ, পিতা !
সৃষ্টি-শিতানত বহি কান্দা তেও জননীৰ দৰে ভীতা।
নাই অৱসৰ, নাই যেন সুখ,
ভাঙি গঢ়া, গঢ়ি ভাঙা, উৎসুক—
আকাশ সজাইছা মৰকতে– পাছে আঁখি হয় ৰ’দত ম্লান !
তোমাৰ পৱন দোলাইছে চামৰ জুৰাবলে’ দগ্ধ প্ৰাণ !
ভগবান ! ভগবান !
(৩)
ৰবি-শশী-তৰা প্ৰভাত সন্ধ্যা তোমাৰ আদেশ কয়—
‘এই দিবা-নিশি আকাশ-বতাহ নহয় কাৰো এজনৰ নহয় !
এই ধৰণীৰ যি সম্বল,-
সুবাসে-ভৰা ফুল, ৰসে-ভৰা ফল,
সু-স্নিগ্ধ মাটি, সুধাসম জল, পখীৰ কণ্ঠত গান,
সকলোৰে ইয়াত সম অধিকাৰ, এই তেওঁৰ ‘ফমান’!
ভগবান ! ভগবান !
(8)
শ্বেত, পীত, ক’লা কৰি স্ৰজিলা মানবক, সেয়া তযু সাধ !
আমি যে ক’লা সেয়া তুমি ভালদৰে জানা, নহয় সেয়া অপৰাধ !
তুমি কোৱা নাই, মাথোঁ শ্বেতদ্বীপে
বিলাব আলোক ৰবি-শশী-দীপে,
গৌৰ থাকিব সকলোৰে টেটু চেপি, এয়া নহয় তযু বিধান ।
সন্তান তোমাৰ কৰি আছে আজি তোমাৰ অসন্মান !
ভগবান ! ভগবান !
(৫)
তযু কনিষ্ঠা কন্যা ধৰণীক দিলা দান ধূলি-মাটি,
তাকে দি তাইৰ সন্তানৰ মুখত ধৰে তাই দুগ্ধ-বাটি !
ময়ূৰৰ দৰে পেখম মেলি
তাইৰ আনন্দ ফুৰে খেলি !
সন্তান তাইৰ সুখী নহয়, সিহঁত লোভী, সিহঁত চয়তান !
ঈৰ্ষাত মাতি কৰে কটা-কটি, ৰচে নিতে ব্যৱধান !
ভগবান! ভগবান !
(৬)
তোমাক ঠেলি তোমাৰ আসনত বহিছে আজি লোভী,
ৰসনা তাৰ শ্যামল ধৰাত কৰিছে চাহাৰা গোবী !
মাটিৰ ঢিপিত দুদিন বহি
ৰজা সাজি কৰে পেষণ কশি !
সেই পেষণত তাৰ আসন খহি ৰচিছে গোৰস্থান !
ভাইৰ মুখৰ গ্ৰাস কাঢ়ি খাই পায় বীৰৰ আখ্যান !
ভগবাৱ ! ভগবান !
(৭)
জনগণে যিসৱে জোক সম শোহে তাকে মহাজন কয়,
সন্তান সম পোহে মাটি যিসৱে মাটি সিহঁতৰ নহয় ৷
মাটিত যিসৱৰ নপৰে চৰণ,
মাটিৰ মালিক সিহঁতেই হয় !
যিজন যত ভণ্ড দগাবাজ আজি সিজনেই তত বলবান !
নিতে নৱ ছুৰী গঢ়ি কচাই কয় জ্ঞান-বিজ্ঞান!
ভগবান! ভগবান !
(৮)
অন্যায় ৰণত যিহঁতে যত দৃঢ় সিহঁত তত বৰ জাতি,
সাত মহাৰথী শিশুক বধি মেলে নিলাজ ছাতি !
তোমাৰ চক্ৰ ৰুধিছে আজি,
বণিয়াৰ ৰৌপ্য-চকাত, কি লাজ !
অত অনাচাৰ সহি যোৱা তুমি, তুমি মহা-মহীয়ান !
পীড়িত মানব নোৱাৰে আৰু, নসহে এই অপমান !
ভগবান ! ভগবান !
(৯)
সৌ দিশে দিশে বাজিছে ডংকা, শংকা নাই আৰু !
মৰিয়াৰ মুখত মাৰণৰ বাণী উঠিছে ‘মাৰ মাৰ !
’ তেজ যি আছিল কৰিছা শোষণ,
নিস্তেজ দেহত হাড়েৰে ৰণ !
শত শতাব্দী ভঙা নাই যি হাড়, সেই হাড়ত উঠে গান,— ‘
জয় নিপীড়িত জনগণ জয় ! জয় নৱ উত্থান !
জয় জয় ভগবান !
(১০)
তোমাৰ দিয়া এই বিপুল পৃথ্বী আটায়ে কৰিব ভোগ,
এই পৃথিবীৰ নাড়ীৰ সৈতে আছে সৃজন-দিনৰ যোগ ।
তাজা ফুল-ফলে অঞ্জলি পূৰি
ফুৰে ধৰণীৰ প্ৰতি ঘৰে ঘুৰি,
কোন আছা এনে ডাকু যিয়ে হৰিবা আমাৰ গোলাৰ ধান ?
আমাৰ ক্ষুধাৰ অন্নত পাইছোঁ আমাৰ প্ৰাণৰ ঘ্রাণ-
অতদিনে ভগবান !
(১১)
যি আকাশৰ পৰা সৰে তযু দান আলোক আৰু বৃষ্টি-ধাৰা
সেই আকাশৰ পৰা বেলুন উৰুৱাই গুলীয়া-গুলী হানে কোন বা ?
উদাৰ আকাশ বতাহত কোনেনো
গঢ়ি তুলিছে ভীতিৰ মৰু ?
তোমাৰ অসীম ঘেৰি পহৰা দি আছে কাৰ কামান ?
নহ’বনে সঁচাকে’ দৈত্য-মুক্ত? নহ’বনে প্রতিবিধান ?
ভগবান! ভগবান !
(১২)
তোমাৰ দত্ত হাতেৰে কোনে হানে কাৰ নিপীড়ন-ছুৰী ?
আমাৰ স্বাধীন বিচৰণ ৰোধে কাৰ আইনৰ শিকলি ?
ক্ষুধা তৃষ্ণা আছে, আছে মোৰ প্ৰাণ,
আমিও মানুহ, আমিও মহান !
মোৰ অধীন এই মোৰ ৰসনা, এই থিয় গর্দান !
মনৰ শিকলি চিঙিছোঁ, পৰিছে হাতৰ শিকলিত টান—
ভগবান! ভগবান !
(১৩)
চিৰ অৱনত তুলিছে আজি গগণে উচ্চ শিৰ ।
60বান্দা আজি বন্ধন চিঙি ভাঙিছে কাৰা-প্ৰাচীৰ ।
অতদিনে তাৰ লাগিছে সন্তোষ–
আকাশ বতাহ বাহিৰত আলোক,
এইবাৰ বন্দী বুজিছে, মধুৰ প্ৰাণৰ খুজিব ত্ৰাণ !
মুক্ত-কণ্ঠে স্বাধীন বিশ্বে উঠি আছে ঐকতান-
জয় নিপীড়িত প্ৰাণ !
জয় নৱ অভিযান!
জয় নৱ উত্থান! * (সৰ্বহাৰা )
মোৰ কৈফিয়ৎ
(১)
বৰ্তমানৰ কবি মই ভাই, ভাবীকালৰ নহয় নবী !
কবি আৰু অকবি যি কোৱা মোক মুখ বুজি যাওঁ সহি !
কেৱে কয়, তুমি ভৱিষ্যতে যে
ঠাই পাবা কবি জেদীৰ লগতে !
যিদৰে ওলায় ৰবিৰ হাতে সেই চিৰন্তন বাণী ক’ত কবি? দু
ষিছে সৱে, মই তথাপি গাওঁ মাথোঁ প্রভাতৰ ভৈৰৱী !
(২)
কবি-বন্ধুহঁতে হতাশ হই মোৰ লেখা পঢ়ি শ্বাস পেলায় !
কয়, কৰ্মা ক্ৰমে হৈছে অকৰ্মা পলিটিক্সৰ ভস্ম আঁতৰাই!
নপঢ়ে হে’ৰা কিতাপ, সিটো গোল্লাত গৈছে,
কোনোবাই কয়, পত্নীয়ে গোটে গিলিছে!’
কেও কয়, ‘মাটি হ’ল হৈ মোটা জে’লত বহি মাথোঁ তাচ খেলি ! ‘
কেও কয়, তই জে’লত আছিলি ভালে, আকৌ যেন তই যোৱা জে’ললে’!
(৩)
গুৰু কিয় তই কৰিছ আৰম্ভ তৰোৱাল দি দাঢ়ি চাঁচা !
প্রতি শনিবাৰৰ চিঠিত প্রেয়সী গালি, তুমি হাড়িচাঁচা !’
মই কওঁ, ‘প্ৰিয়া হাটত ভাঙো হাড়ি !
তেতিয়াই বন্ধ চিঠি তাৰাতাৰি!
সৱ এৰি দি কৰিলোঁ বিয়া, হিন্দুহঁতে কয়, ধামা-চাচা !
যৱন নে মই কাফেৰ ভাবি খোজে টিকি দাঢ়ি নাড়ী কাচা !
(8)
মৌ-লোভী যত মৌলবী আৰু মোল্লাসৱে কয় হাত জোকাৰি
দেব-দেবী নাম মুখত লয়, সৱে দিয়া দুষ্টটোৰ জাত মাৰি !
ফতোৱা দিলোঁ কাফে কাজী সি,
যদিও ছহিদ হ’বলে’ ৰাজি সি !
আমপাৰা পঢ়া মইবৰ আমি এতিয়াও ফুৰোঁ ভাত মাৰি!’
হিন্দুসৱে ভাবে,‘পাৰ্চী কবিতা লেখে, সি ভৰি জোকাৰি!
(৫)
নতুন যত নভায়োলেন্ট নন্কো’ৰ দলো নহয় খুচি !
‘ভায়োলেন্সৰ ভায়োলিন’মই নেকি বিপ্লৱীক ফুৰোঁ তুষি ! ‘
এইটো অহিংস’ বিপ্লৱী ভাব,
‘নহ’লে চৰকাৰ গান কিয় গাব ?
গোড়া ৰাম ভাবে নাস্তিক মই, পাতি ৰাম ভাবে কনফুচি!
স্বৰাজীহঁতে ভাবে নাৰাজী, নাৰাজী ভাবে সিহঁতৰ অঙ্কুশী!
(৬)
নৰ ভাবে, মই বৰ নাৰী-সেৰুৱা ! নাৰী ভাবে, নাৰী বিদ্বেষী!
বিলাত যোৱা নাই? প্রবাসী বন্ধু কয়, ‘এয়াই নেকি তোৰ বিদ্যা ছিঃ’!
ভক্তহঁতে কয়, ‘নৱযুগ ৰবি !
যুগৰ নহওঁ হুজুগৰ কবি
মৈদা দি দাদা, মই মনত ভাবোঁ আৰু টানি কৰোঁ হৃদ-পেশী ।
দুকাণত চমা পিন্ধি ঘুমাও, উত্তম হৈছে ঘুম বেছি !
(৭)
কি যে লেখোঁ ছাই মাথা আৰু মুণ্ড ময়ে জানো বুজোঁ কিছু ?
হাত ওখ আৰু নহ’ল হে’ৰা ভাই, সেয়ে মূৰ তল কৰি লেখোঁ !
বন্ধু! তোমালোকে নিদিলা হে’ৰা দাম,
ৰাজ-চৰকাৰ ৰাখিছে মান !
যি কিছু লেখোঁ অমূল্য বুলি অ-মূল্যে লয় !
আৰু কিছু শুনিছানে, ফুৰিছে ৰজাৰ প্ৰহৰী সদায় কাৰ পিছে, হুঁ হুঁ ?
(৮)
বন্ধু! তুমিতো দেখিছা মোৰ মন মন্দিৰত মোক
হাড় ক’লা হ’ল, শাসিব নোৱাৰোঁ তেও পোৰা মন-বন্দীক!
যতবাৰ বান্ধো চিঙে সেই শিকলি,
কৰোঁ বিকল তাক মাৰি মাৰি,
তেও যদি কথা মানে সেই পগলা ! নামানিলে ৰবি গান্ধী!
হঠাৎ জাগি উঠি বাঘ খুজি ফুৰে নিশাৰ আন্ধাৰত বন চলাথি !
(৯)
মই কওঁ, হে’ৰৌ কথা শুন্ পগলা, উত্তম আছা খোচ-হালে !
প্ৰায় ‘হাফ’নেতা হৈ উঠিছা, এইবাৰ এই সুযোগ গ’লে
‘ফুল’ নেতা আৰু নহ’বিযে, হায় !
বক্তৃতা দি কান্দিবলে’সভায়
গুড়ি কৰি মৰিচ পকেটত বুৰ্বক এই বেলি ভৰোৱা! সেই সুযোগত
নিবি তোৰ ফুটা ঘৰটোও ছাই, নহ’লে পস্তাবি শেহান্তৰত !
(১০)
নুবুজে হে’ৰৌ সি চাৰণৰ বেশে ফুৰে দেশে দেশে গান গাই,
গান শুনি সৱে ভাবে, ভাবনা কি? দিন যাব এথোন পান খাই!
নৰ’ব হেৰৌ মেলেৰিয়া মহামাৰি,
স্বৰাজ আহিছে উঠি জোৰা-গাড়ী,
চান্দা খুজোঁ, তাৰ ভোকৰ অন্ন আনি দিয়ে, কান্দে ল’ৰা-ছোৱালী !
মাকে কয়, হে’ৰৌ, চুপ হতভাগা, স্বৰাজ আহে যে চোৱা চকুমেলি !
(১১)
ভোকাতুৰ শিশু নিবিচাৰে স্বৰাজ, খোজে দুমুঠি ভাত সামান্য লোণ !
বেলি বই যায়, খোৱা নাই হে’ৰা বাছা, কচি পেটত তাৰ জ্বলিছে জুইচোন!
কান্দি দৌৰি আহোঁ বলিয়া প্ৰায়,
স্বৰাজৰ নিচা ক’ত টুটি যায় !
কান্দি কওঁ, হে’ৰা ভগবান তুমি আজিও আছা নেকি ? কালি আৰু চূণ
কিয় নুঠে হে’ৰৌ সিহঁতৰ গালত, যিসৱে খায় এই শিশুহঁতৰ খুন?
(১২)
আমিতো জানো, স্বৰাজ আনিবলে’ পোৰা বাৰ্তা আনিছো খাচ !
কত শ কোটি ভোকাতুৰ শিশুৰ ভোক নিগাৰি কাঢ়ি গ্রাস!
আহিল কোটি টকা, নাহিল স্বৰাজ !
টকা দিব নোৱাৰে ভোকাতুৰ সমাজ !
মাকৰ বুকুৰ পৰা ল’ৰা কাঢ়ি খায়, আমি কওঁ, বাঘ খোৱা হে’ৰা ঘাঁহ!
দেখোঁ জননী মাগিছে ভিক্ষা ঢাকি ৰাখি তাইৰ ল’ৰাৰ লাচ!
(১৩)
বন্ধু হে’ৰা আৰু ক’ব নোৱাৰোঁ, বৰ বিষ-জ্বালা এই বুকুত !
দেখি শুনি উন্মত্ত হৈছোঁ, সেয়ে যি আহে সেয়া কওঁ মুখত!
তেজ সৰাব নোৱাৰোঁ অকলে হে’ৰা,
সেয়ে লেখি যাওঁ ৰক্ত-লেখা,
বৰ কথা বৰ ভাব নাহে হে’ৰৌ মূৰত, বন্ধু, বৰ দুখত !
এনুৱা কাব্য তোমালোকে লেখিবা, বন্ধু, যিসকলে আছা সুখত !
(১৪)
পৰোৱা নকৰোঁ, বাচোঁ বা নাবাচোঁ যুগৰ হুজুগ কাটি গ’লে,
মূৰৰ ওপৰত জ্বলিছে ৰবি, ৰৈ আছে সোণৰ ল’ৰাহঁতে!
প্ৰাৰ্থনা কৰোঁ–যিসৱে কাঢ়ি খায় তেত্ৰিছ কোটি দেৱতাৰ মুখৰ গ্ৰাস,
যেন লেখা হয় মোৰ ৰক্ত-লেখাত সিহঁতৰ সৰ্বনাশ।* (সৰ্বহাৰা )
দ্বীপান্তৰৰ বন্দিনী
অহা নাই ফিৰি ভাৰত-ভাৰতী ?
মা’ৰ কত দিন দ্বীপান্তৰ ? পু
ণ্যবেদীৰ শূন্যত ধ্বনিলে
ৰোদন….. ডেৰ শত বছৰ !’
সপ্ত সিন্ধু তেৰ নদী পাৰ
দ্বীপান্তৰৰ আন্দামান,
ৰূপৰ কমল ৰূপৰ কাঠিৰ
কঠিন স্পর্শে যত ম্লান,
শতদল যত শতধা ভিন্ন
শস্ত্ৰ-পাণিৰ অস্ত্ৰ ঘায়,
যন্ত্ৰী যত শাস্ত্ৰী বহুৱাই
বীণাৰ তন্ত্ৰী কাটিছে হায়,
তাৰপৰা জানো বেতাৰ-চেতাৰত
আহিছে মুক্ত-বন্ধ সুৰ ?
মুক্ত জানো আজি বন্দিনী বাণী?
ধ্বংস হ’ল জানো ৰক্ষ-পুৰ?
যক্ষপুৰীৰ ৰৌপ্য-পঙ্কত
ফুলিল জানো তেন্তে ৰূপ কমল ?
কামান গুলীৰ শীহ স্তূপত জানো
উঠিছে বাণীৰ শিশ-মহল ?
শান্তি-শুচিত শুভ্ৰ হ’ল নেকি
ৰক্ত হৰিৎ খুন-খাৰাব ?
তেন্তে এয়া কিহৰ আৰ্ত আৰতি
কিহৰ বাবে এই শংখৰৱ ?
সাত সমুদ্র তেৰ নদী পাৰ
দ্বীপান্তৰৰ আন্দামান,
বাণী য’ত ঘানী টানে দিবানিশি
বন্দী সত্য বানিছে ধান,
জীৱন-নিগৰা সেই ঘানীৰপৰা
আৰতিৰ তেল আনিছা নেকি ?
হোমানলত দিবলে’ বাণীৰ ৰক্ষী
বীৰ ল’ৰাহঁতৰ ঘিউ চর্বি ?
হায় চৌখীন পূজাৰী বৃথাই
দেবীৰ শংখত দিছা ফু,
পুণ্যবেদীৰ শূন্য ভেদি
ৰোদন উঠিছে মাথোঁ !
পূজাৰী কাক দিয়া অঞ্জলি ?
ভাৰতত ক’ত মুক্ত ভাৰতী ?
আইন য’ত ন্যায়ৰ শাসক
সঁচা ক’লে হওঁ বন্দী,
অত্যাচৰিত হওঁ যত
ক’ব নোৱাৰোঁ অত্যাচাৰ,
য’ত বন্দিনী সীতা-সম বাণী
সহিছে বিচাৰ-চেঁচুৰ মাৰ,
বাণীৰ মুক্ত শতদল য’ত
আখ্যা লভিলে বিদ্রোহী,
পূজাৰী, তালৈ আহিছা নেকি তুমি
বাণী-পূজাৰ উপচাৰ বাহী ?
সিংহক ভয়ত ৰাখে পিঞ্জৰাত,
ব্যাঘ্রক হানে অগ্নি-শেল,
কোনে জানিছিল কালে বীণা খাব গোলি,
বাণীৰ কমল খটোৱাই জেল!
তেনেহ’লে কি বিধিৰ বেতাৰ-মন্ত্ৰ
আজি বাণীৰ চেতাৰ বাজে,
পদ্মত ৰাখিছে চৰণ-পদ্ম
যুগান্তৰৰ ধৰ্মৰাজে?
তেন্তে সেয়ে হওঁক ! ঢালা অঞ্জলি,
বজোৱা পাঞ্চজন্য শংখ !
দ্বীপান্তৰ ঘানীত লাগিছে
যুগান্তৰৰ ঘূর্ণিপাক! * ( ফণি-মনসা )
